Tuesday, May 30, 2023

জোনাকী অসমীয়া সাপ্তাহিক ই আলোচনী দ্বিতীয় বছৰ মে মাহ চতুৰ্থ সংখ্যা

 জোনাকী অসমীয়া সাপ্তাহিক আলোচনী

দ্বিতীয় বছৰ■মে মাহ■চতুৰ্থ সংখ্যা


        বিতা শিতান.


Jonaki weekly web megazine
দ্বিতীয় বছৰ■মে মাহ■চতুৰ্থ সংখ্যা(জোনাকী অসমীয়া সাপ্তাহিক ই আলোচনী)



◼️মই বিহীন:ৰাহুল চেতিয়া





মই যেতিয়া এই সংসাৰ
এৰি গুচি যাম
হয়তো কোনেও 
মোৰ অনুপস্থিতি অনুভৱ নকৰিব ,
আহিছে মানুহ গৈছে মানুহ 
কোনে হিচাব ৰাখিব ?
মই নাথাকিলেই 
কোনো ক্ষতি নহ'ব 
জীৱন যাত্ৰাৰ গতিপথ
শিথিল হৈ নপৰিব ।

মই নাথাকিলেও দিন ৰাতি হ’ব 
জোন বেলি তৰা ওলাই থাকিব , 
বৃষ্টি হ'ব , গছে পাত সলাব ,
ঋতু , বছৰ সলনি হ'ব 
ঠঙাল গছবোৰত
কুমলীয়া পাত ধৰিব ,
গছত বহি চৰাইয়ে গীত জুৰিব
আৰু কত যে !
আহিছিলোঁ নিৰ্বস্ত্ৰ হৈ
যামগৈ নিৰ্বস্ত্ৰ হৈ
থাকি যাব মাথোঁ কিছু কৰ্ম-কীৰ্তি...
হয়তো কোনোৱে ভাল বুলিব
কোনোৱে বদনাম কৰিব
শত্ৰুবোৰে মৃত্যুত জয়গান গাব
এইবোৰ শুনিবলৈ মোৰ সময় নাথাকিব ।।



🔴প্ৰেমিক চৰাই মই (ছিৰিজ ২০৯)


✍️  হাইছ উদ্দিন আহমেদ, নগাঁও 



শুকান ডাল পাতত লাগি থকা কৃষ্ণচূড়াৰ ফুল হৈ পৰাজয় কৰিম।

গজি উঠিছে বাট পথত নৱ প্ৰজন্মৰ বাহু হৈ প্ৰতিবাদ কৰিম।

ৰুধ কৰিব নোৱাৰিলেও কলমৰ কেঁচা নীলা ৰঙেৰে ৰঙীন আকাশ কৰিম ।

হালধীয়া পথাৰত সেউজীয়া সপোন হৈ অন্তিম যুঁজ কৰিম।
সুস্থ গাঁও,চহৰ গঢ়িবলৈ যুৱক-যুৱতীক উৎসাহিত কৰিম।

শিক্ষাৰ লগত জ্ঞানৰ দৰকাৰ 
সকলোকে আঙুলিয়াই কৈ দিম।

সমালোচনা আৰু পৰ্যালোচনা এইবোৰৰ
মাজৰ পৰাই আগবাঢ়িব লাগিব ।
এজন এজনকৈ সকলোকে কৈ দিম ।




--------------------•••---------------------






◼️ভাগৰি নপৰিবা বন্ধু

✍️ঋতুৰাজ বৰগোঁহাই




ভাগৰি নপৰিবা বন্ধু
কাল অমানিশা অন্ধকাৰৰ
জোনাকী ও হব মৃত্ৰ
আগুৱাই যোৱা বন্ধু ।
নাচাবা ৰৈ
থাকিবা গৈ
তেহে পাবা ন মৈ,
এটি দুটি জীৱনৰ বাট
তাতে থাকে আঘাতৰ হাত
তথাপিও ভাগৰি নপৰিবা বন্ধু ।।
অন্ধকাৰৰ ৰাতি
অন্ধকাৰ ভেদি
হয় জোনাক ৰাতি
তেন্তে বন্ধু
তুমি কিয় নোৱাৰিবা উজ্জ্বলিব ।
এদিন দুদিন কৰি
দুখবোৰ সুখত হব পৰিণতি,
সুখ - দুখ জীৱন লগৰি
যি হয় ভালৰ বাবেই হয়
সেই ভাবি
তুমি যোৱা আগবাঢ়ি ।।ভাগৰি নপৰিবা বন্ধু
কাল অমানিশা অন্ধকাৰৰ
জোনাকী ও হব মৃত্ৰ
আগুৱাই যোৱা বন্ধু ।
নাচাবা ৰৈ
থাকিবা গৈ
তেহে পাবা ন ম
এটি দুটি জীৱনৰ বাট
তাতে থাকে আঘাতৰ হাত
তথাপিও ভাগৰি নপৰিবা বন্ধু ।।
অন্ধকাৰৰ ৰাতি
অন্ধকাৰ ভেদি
হয় জোনাক ৰাতি
তেন্তে বন্ধু
তুমি কিয় নোৱাৰিবা উজ্জ্বলিব ।
এদিন দুদিন কৰি
দুখবোৰ সুখত হব পৰিণতি,
সুখ - দুখ জীৱন লগৰি
যি হয় ভালৰ বাবেই হয়
সেই ভাবি
তুমি যোৱা আগবাঢ়ি ।।





⚫️তুমি আৰু মই
             সুৰজ বৰগোহাঁই, ধেমাজি, মৰিঢল 
                                 




এই যে বেলি লহিয়াৰ পিছত
আকাশত কাঁচি জোনটিৰ ওচৰতে 
তৰা এটি ৰৈ আছে
কিয় জানে ?
তৰাটিৰ জোনৰ ওচৰত 
ঠাই অকণ পাবলে'
আজিও বৰকৈ মন আছে...
ওচৰতে থকা যেন লাগিলেও
আজিলৈকে কাহানিও ওচৰ পোৱাহি‌ নাই
কিয় জানে ?
সিহঁতৰ যে বহু যুগৰ আগতে বিছিন্ন হৈছিল
উভতি যাবলৈও এতিয়া বহু সময় বাকী!
এৰা  দিয়া - "কিছুমান বস্তু দূৰৰ পৰাই চাই ভাল লাগে... "
বৰ্ষাৰ এই সময়ত আকাশখন বৰ ফৰকাল হয়‌
তৰাবোৰে আকাশত জিলমিল জোনাকৰ ফুল তোলে
কিমান যে হেপাহঁ ন তৰাবোৰৰ..!!
তথাপি নদী সদায় পৃথিৱীৰ বাবেই
আকাশৰ বাবে নহয়,
নৈৰ পানীত আকাশেদি নিৰৱে
 বিহগী উৰি যোৱা দেখিলেও 
 বিহগীটি সদায় পৃথিৱীৰ গছৰ ডালত,
 পাতৰ মাজত ফুলৰ সুবাসত ,
 আকাশে যে বোৱাই দিয়ে বৰষা
 তাতেই জীপাল হয় পৃথিৱী ....
 জোন - তৰাৰ দৰে নদী আৰু আকাশ
 সদা এটা নিবিড় সম্পৰ্ক...... 
 তুমি আৰু মইও....






ৰিমজিম বৰষুণ! ৰিমজিম বৰষুণ!!


নাছিৰ আহমেদ, শিমলাবাৰী গোৱালপাৰা।




ৰিমজিম বৰষুণ! ৰিমজিম বৰষুণ!
ঢোল বাজে, বাজে পেঁপা , বাজে মৃদংখোল ;
জিৰ জিৰ বতাহ জাকে
                                        চেঁচা আলিঙ্গন যাঁচে ।
ভজো মন , ভজো প্ৰাণ
শ্ৰী মতী ৰাধেৰ শাৰীৰ আঁচল কঁপে !
অ' মেঘ কাজল-সনা মেঘ
নয়ন-যুগলত সানি দিয়া ক'লা মেঘ ,
মেঘে ঢাকা আকাশত তৰা ধিমিক-ধামাক জ্বলে !

                                  ৰিমজিম বৰষুণ! ৰিমজিম বৰষুণ !
দুৰৈৰ পৰা ভাঁহি আহে ঝুমুৰ নৃত্যৰ মাদলৰ মাত!!
 কদম গছত বহি শ্যাম কাণু বজায় মোহন বাঁহী
                                    "  যমুনা নদীৰ পানী যেনে নীলা
                                        মোৰ কালাৰ  আঁখি দুটি তেনে  "

ৰিমজিম ৰিমজিম ৰিমজিম বৰষুণ ------------
সুৰে- সুৰে , ছন্দে-ছন্দে সংগীতৰ লহৰ তোলে ;
 ফল- ফুল-পত্ৰে পত্ৰে অংকিত হয়
শ্বিৰী-ফৰহাদ, ইউচফ-জুলেখা , লায়লা-মজনু
ডান্টে-বিয়েট্ৰিচ আৰু  সত্যবান - সাবিত্ৰীৰ নাম।
                                           ভজো মন, ভজো প্ৰাণ
সৰ্ব্ব শৰীৰেদি বৈ যাওক ৰিমজিম ৰিমজিম বৰষুণ।





⬛️ মাজনিশাৰ চকুলো




নিঃসঙ্গতাৰ নিস্তব্দ নিশাবোৰ

চকুপানীৰে পাৰ হয়,

এচটা শিলে বুকুত খুন্দিয়াই

দুধাৰি চকুলো

দুগালেৰে বৈ যাই।

সময়ৰ বালিচৰত

সপোন বোৰ পোত খায়,

নিগৰি পৰা জোনাকৰ শুভ্ৰতা

এটুকুৰা ডাৱৰত

এন্ধাৰ হৈ যায়।।


শুকান কলিজাৰ স্মৃতি বোৰে

আজি বৰকৈ আমনি কৰিছে,

হৃদয়ৰ বিষাদ ভাষাবোৰ

জঠৰ হৈ পৰিছে,

ভাবনাবোৰো আজি

বিলুপ্তি ঘটিছে,

তুমি বিহীন জীৱনত

বৰ্ষা ঋতুয়ে বৰকৈ 

আমনি কৰিছে ।।


✍️ এহিয়া আহমেদ।

বৰথল কছাৰী গাওঁ, মৈৰাবাৰী, মৰিগাঁও

ফোন নং- ৮৮৭৬১২৩১২৪


--------------------•••-------------------------



◼️ক'ত আজি ?

                    ✍🏻ৰুম্পী দাস

                         ভালুকমাৰী 

            ৰাণীপুখুৰী , হোজাই 




ক'ত আজি 

তোমাৰ ভালপোৱাৰ ছলনা ,

হেৰাই গ'ল নে ...

মুক্ত আকাশৰ নিবিৰতাত ?

এদিন এন্ধাৰৰ বাট উজলাই 

আগুৱাই আহিছিলা ,

আৰু মোৰ কাষলৈ আহি 

মোক সুখৰ সন্ধানৰ 

হেঁপাহ জগাইছিলা ।

মোৰ ৰ্নিজীৱ প্ৰাণত

শান্তিৰ পৰশ ,

দুচকুত আঁকি দিছিলা ।

আজি সকলো আবেগ 

বিবেকৰ কাষত হাৰ মানিও

মই তোমাক পাহৰা নাই ,

হৃদয়ত অতি সম্মানেৰে 

সজীব ৰাখিছোঁ ।

   


--------------------•••----------------------------



         

🔴সীমাহীন বিষাদ




মোৰ উকা আকাশখনৰ‌ তুমি এটুকুৰা ডাৱৰীয়া মেঘ আছিলা।।

তোমাৰ নামৰেই উশাহ ‌ল'ব আৰম্ভ কৰিছিলোঁ,

ক্ৰমে উশাহ বোৰ কমি আহিব ধৰিলে

তুমি সুখী হোৱাৰ জোখাৰে কিছু মৰম দিছিলো,

তুমিচোন তাতেই সন্তুষ্ট নহয়।।


তোমাৰ জোনাকী দিনবোৰ আজুৰি আনি

নিজৰ কৰি ল'ব খুজিছিলো;

সৌ যে অসীম বিস্তৃত মোৰ উকা আকাশখন নিবিড়!


মোৰ কোমল কলিজাৰ কোণত 

তুমি তুমি হৈ ৰ'লা,জ্বলি‌ যোৱা মৰিচিকা।।


তোমাৰ চহৰৰ নীলা নীলা বেৰৰ সিপাৰে

মোৰ কাজলা বৰণীয়া বিষাদে ডোঙা বান্ধিব ল'লে।।


স্মৃতিৰ বন্যাত তুমি ধুৱঁলী-কুৱঁলী,

এটি সপোন হৈ ৰ'লা।।


সামৰি থ'লো তোমাক

মোৰ হিয়াৰ ডায়েৰীৰ পৃষ্ঠাত।।


হিয়াশ্ৰী শিৱম 

জিলা:দৰং



--------------------•••--------------------------



⭕️নাভাবিবা অসহায় বুলি




তেজৰঙা হৃদয়খন

ঢাকি ৰাখিব নোৱাৰোঁ

তুমি নেদেখাকৈ ।


আৱেগৰ বৰষুণজাক

সঘনাই পৰে--!

তুমি আকৌ নক'বা

মোক দুৰ্বল বুলি

নাভাবিবাও মই অসহায় বুলি।


উ----ম

বাধা দিব নোৱাৰোঁ

অনুভৱৰ গতিক,

গভীৰতা আছে বাবেই

মন সাগৰৰ উত্তাল তৰঙ্গইও

ডুবাব নোৱাৰে মোৰ স্থিতিক।


জানা,

সিক্ত দুচকুত

স্বপ্নৰ অগা-দেৱা

অনাকাঙ্খিত আঘাতত

হৃদয়খন ৰক্তাক্ত হৈ পৰাৰ কথা

তুমি নুসুধিলেও দেখিছা।

ঢাকিও ৰাখিব নোৱাৰি

মনৰ সেউজীয়া বাসনা।


তথাপি

দুৰ্বল বুলি নাভাবিবা

প্ৰচণ্ড জোৱাৰতো

উটি যাব নোৱাৰাকৈ

মই স্থিতপ্ৰজ্ঞ।

সেয়ে মই অসহায় বুলি

কেতিয়াও নাভাবিবা...।


     

                      আয়নাল হক চৌধুৰী 

                        ধুবুৰী , আগমণি 


--------------------•••----------------------------




⚫️এজাৰ ফুলীয়া হাঁহিটি




সততাৰ বোজা বৈও

তাই হেৰুৱা নাছিল

তাইৰ এজাৰ ফুলীয়া হাঁহিটি।


সামাজিক দায়বদ্ধতাক স্বীকাৰ কৰি

শান্তি ৰক্ষাৰ কৱচ পিন্ধা ছোৱালীজনীয়ে

সাহসেৰে আহিছিল আগবাঢ়ি।


তাইৰ নিৰ্ভীক আচৰণে

সিহঁতৰ আন্ধাৰ জগতখনত

তুলিছিল উচ্ছৃঙ্খল খলকনি।


তাইৰ স্বাভিমানক ভৰিৰে মোহাৰিবলৈ

সিহঁতে কৰিলে কু-অভিসন্ধি।


নিশাৰ আঁৰত কৰা অত্যাচাৰবোৰ সহি সহি

হাৰি গ'ল সেই হাঁহিমুখীয়া ছোৱালীজনী।


তাই সিদিনা চিৰ নিদ্ৰাক ল'লে সাৱটি

বৰ্ষণমুখৰ নিশাটিয়ে টুকিছিল চকুপানী...।


                    

                     আয়নাল হক চৌধুৰী 

                          ধুবুৰী ,  আগমণি




--------------------•••-------------------------------



🔴_____সলনি__






নিশাবোৰ চোন একেই আছে

হয়টো সলনি তুমি হলা

এতিয়াও আকাশত তৰা ওলায়

কিন্তু তৰা বোৰে এতিয়া 

তোমাৰ কথা নকয়।

নিশা হলে হুমনিয়াহবোৰ আজিও সৰে

কিন্তু তোমাৰ নামত নহয়,

হয়টো তোমাৰ সলনিয়ে 

মোকো সলনি হবলৈ বাধ্য কৰালে।

নাই, তোমাক বেয়া নাপাও

কিন্তু ভাল পাবও যে নোৱাৰোঁ,

কিয় বুলি নুসুধিবা

মোৰ হাতত উত্তৰ নাই।

হয়টো মইও সলনি হলো

কিন্তু কাৰো বাবে নহয়,

কোনেও মোক সলনি কৰা নাই

পৰিস্থিতিয়ে বাধ্য কৰালে।

এতিয়া মই আগৰজনী নহয়

অকলশৰে থাকি ভাল লাগে

হয়টো নিজৰ মাজতে সুখ পাওঁ

নীৰৱতা প্ৰিয় এতিয়া মোৰ।




                            ✍️ অভিমানী ছোৱালী অনুস্কা 

                                        একাদশ শ্ৰেণী

                                       চামতা, নলবাৰী




--------------------•••-----------------------------




◼️আকাশৰ জোনাকী 

                           তুলিকা খাটনীয়াৰ,, সৰ্থেবাৰী

                                 



মাজ নিশা সাৰ পায়

তেনেই লাগে চোন উৰুঙা

চকুটো নাহে টোপনি

তোমাক কাষত বিচাৰি ,

হাবাথুৰি খায় অবুজন মনটোৱে।


উৰণীয়া পক্ষীৰ দৰে 

দুখন দেউকা থকা হেঁতেন

গলো হেঁতেন উৰি উৰি-------

তোমাৰ কাষলৈ বুলি।


হোৱা হলে সুবাসী বতাহ এছাটি,

ধৰিলো হেঁতেন

তোমাক মেৰিয়াই,,

তোমাৰ ছবিটিকে

আকোঁৱালি লওঁ

বুকুত সাৱটি।


কাৰ জানো অভিশাপত

দুয়ো ৰ'লো দুটা দিশত ,

তুমি যে হৈ গলা

ঠিকনা বিহীন

বিচাৰিওঁ নেপাও কাষত।


ক'ৰ পৰা আহিলে জানো

কলীয়া ডাৱৰ এচপৰা

কৰি লৈ গ'ল তোমাক

মোৰ পৰা নিশ্চিহ্ন।


হয়তো এয়াই নিয়তিৰ

বিচাৰ,,

হয়তো এয়াই নিয়তি 

যিয়ে নেকি সকলোকে

চকু পানী মচিব শিকালে।


হয়তো পৰ জনমত

অপূৰ্ণ বাসনা

পূৰ্ণ কৰিবলৈ প্ৰেমৰ মদিৰা

নিয়তি লৈ যাব তোমাৰ কাষত।




◻️সময় সমাগত

   ✍️ইন্দিৰা কোঁৱৰ




মানৱীয় প্ৰমূল্যবোধৰ অৱক্ষয়  !

দয়া,ক্ষমা,সংযমহীনতাই

মানুহবোৰক অমানুহ কৰিছে

লাহে লাহে পশু আৰু মানুহৰ

পাৰ্থক্য নাইকিয়া হৈ আহিছে।

যৌন ব্যাধিয়ে যেনেকৈ

সমাজত গা -কৰি উঠিছে

গা-কৰি উঠিছে সম্পত্তিৰ লিপ্সাই,

অপৰাধ প্ৰবনতাই আকাশ ছানিছে।

মৃত্যু এতিয়া তেনেই সহজলভ্য !


এইবোৰ উচ্ছৃঙ্খল মানসিকতা নে

জৈৱ-ৰাসায়নিক বৈচিত্ৰতা  ?

দোমোজাত পৰোঁ কেতিয়াবা।


মানুহৰ নৈতিক স্খলনে

কিহৰ ইঙ্গিত বহন কৰিছে ?

বিচাৰ্য বিষয় !

চাব নোৱাৰা হৈছোঁ নিউজবোৰ

উচ্চ ৰক্তচাপে দেখোন

আমনিহে কৰা হৈছে।


বিশ্বাস কোনে কাক কৰিব ?


তথাপি

অমানুহবোৰক উচিত শিক্ষা দিয়াৰ

সময় সমাগত---!

প্ৰয়োজন আজি--

অশ্লীলতা নিয়ন্ত্ৰণ কৰি

যৌন-ব্যাধি নিৰ্মূল কৰাতো,

ক'লা-ধনৰ বেপাৰ বন্ধ কৰি

সম্পত্তিৰ লিপ্সা নিয়ন্ত্ৰণ কৰাতো,

অপৰাধীক দৃষ্টান্তমূলক শাস্তি দিয়াতো...।


      


      

      🔴 সাপ আৰু নেউলৰ সাধু

নাছিৰ আহমেদ শিমলাবাৰী গোৱালপাৰা।






এদিন পূৰ্ণিমাৰ জোনাকৰ ঢল নামিছিল    

 প্ৰতি অসমীয়াৰ বহল চোতালত।         

ৰিব্ ৰিব্ পছোৱা মলয়াজাক প্ৰবাহিত হৈছিল,

কাষেদি ধীৰ গতিত বৈ গৈছিল ৰূপোৱালী নৈখন,

গছৰ ডালত কুলিয়ে মধুৰ সুৰে গীত জুৰিছিল।


জোনাকৰ স্নিগ্ধ পোহৰত আইতাকে শুনাইছিল-- 

সাধুকথাৰ কুকি ,বুঢ়ী আইৰ সাধু, ঈছপৰ সাধু !

পোণাকণহতঁৰ বিস্ফাৰিত নেত্ৰত সীমাহীন জিজ্ঞাসা !


এতিয়া অসমীয়াৰ চোতালখন ঠেক হ'ল ;

তাত নামি নাহে জোনাকৰ শুভ্ৰতা,

 নৈখন মৰি এটি মৰা সুঁতি হ'ল,

আইতাকৰ দুচকুতো এতিয়া ডাঙৰ চামনি !


পুৰণি সাধুবোৰৰ বুকুত ভৰ দি নামি আহিল

নতুন নতুন সাধু, সাপ আৰু নেউলৰ সাধু ;

সমাজৰ ৰন্ধ্ৰে ৰন্ধ্ৰে ক্ৰূৰ সাপৰ অবাধ বিচৰণ --

এই বিষাক্ত সাপবোৰৰ তীব্ৰ দংশনত

নীৰিহ জনতাৰ সৰ্ব্ব শৰীৰত এক দুৰ্বিসহ যন্ত্ৰণা,

সুযোগ পালেই সিহঁতে অবলা নাৰীক কৰে ভক্ষণ,

অবোধ শিশুৰ ওপৰত চলায় অবৰ্ণনীয় নিৰ্যাতন !


এতিয়া নেউলো সলনি কৰিছে দেহৰ ৰং-ৰূপ ;

সলাইছে বাগৰ , সলাইছে স্বভাৱজাত ধৰ্ম -নীতি ;

সাপ আৰু নেউল পৰস্পৰে পৰস্পৰৰ পৰম মিত্ৰ !


এদিন পূৰ্ণিমাৰ জোনাকৰ ঢল নামিছিল

প্ৰতি অসমীয়াৰ বহল চোতালত  ;

এতিয়া অসমীয়াৰ চোতালখন ঠেক হ'ল  ;

তাত নামি নাহে জোনাকৰ শুভ্ৰতা  ;


এতিয়া মাথোঁ সাপ আৰু নেউলৰ ক্ৰূৰ গতিশীলতা!




◼️বৰ্জিত হৃদয়ৰ ক্ৰন্দন

অনন্ত কুমাৰ ভূঞা





ক্ৰন্দসী মই বৰ্জিত হৃদয় এখন লৈ

চেকা লগা দুৰ্বিসহ সময় 

পাৰ ভঙা দুখৰ ঢৌৱে ঠেকেচিছে মন 

মোহভংগ স্বপ্নৰ জ্বালামুখী যন্ত্ৰণাই

দেইপুৰি নিছে প্ৰতিক্ষণ 

উজাগৰী নিশাৰ নিৰ্যাতিত সময়ত

উচুপি থাকো

কোনেও খৱৰ নলয়

শান্তনা দিবলৈ কাকো প্ৰশ্ৰয় দিয়া নাই 

বিষন্নতাৰ ভড়ালত অস্থিৰ মন

বাৰে বাৰে বেয়া চিন্তাই খুঁ‌চি থাকে মোক

দুৰ্বলতাই খামুচি ধৰিছে মন

ভীষণ কষ্ট  

কৃষ্ণচূড়া ফুলাৰ বতৰ 

সন্ধিয়াৰ বিমল সময় ভয় লগা হ'ল

কাৰণ স্বপ্ন ভংগ পত্ৰত 

এই সময়তে চহী কৰিছিলোঁ

অপমানত 

প্ৰচণ্ড ক্ষোভত 

ঘৃণাৰে এৰি আহিছিলোঁ ভাল লগা সময়

বিতৃষ্ণা ভাৱৰ জ্বৰে কঁ‌পাইছিল শৰীৰ

কেঁ‌চা তেজ বৈ আহিছিল বুকুত

উত্তৰ দিবলৈ 

উত্তৰ পাবলৈ কোনো নাছিল 

আপোন জন আঁ‌তৰি গৈছিল বহু দূৰলৈ 

গাড়ী খনৰ ষ্টিয়েৰিংত হাত থৈ।

=====================



⛔️গীতিকবিতা




অ' সোনাৰুৰে হালধীয়া ফুল

তই হিয়াত সানিলি বোল

তোৰ প্ৰেমতে বুৰ যাওঁ যদি

কৰা হ'ব নেকি ভুল 

হালধীয়া ফুল ।

পলাশ শিমলু ৰ ৰঙা ৰঙা ফুলে

হাত বাউলী মাতে

পিছে দেখুঁতাক আহত হিয়াৰ

ৰঙা তেজ যেন লাগে ।

গোলাপ গোলাপ এজাৰ জোপাই

ভাঙিব খোজে ভুল

হালধীয়া ফুল ।

অশ্ৰুশিক্ত মেঘহে দেখিলোঁ

আকাশলে চাই

মোৰ বুকুৰ মৰম সোন

দিবলে যে তুমি কাষতে নাই

অ' চেনাই মনত পৰিছেনে নাই

দেখি সোণাৰুৰে ফুল।




ৰাতুল চেতিয়া ফুকন

চৰাইদেউ।




⭕️ইয়াতেই আছিল এখনি আশ্ৰম


                        এছ, ইছলাম  শিক্ষক

                        পঃ মইনবৰী,বৰপেটা


ইয়াতেই আছিল এখনি আশ্ৰম

আছিল এখনি আদৰ্শ গাওঁ

ব্ৰহ্মপুত্ৰৰ প্ৰৱল গৰাখহনীয়াৰ

কৱলত পৰা দেখিবলৈ পাওঁ।


ইয়াতেই আছিল এখনি আশ্ৰম

হিন্দু-মুছলমানৰ একতাৰ বন্ধন

বিভিন্ন জাতিৰ মিলন ভূমি

য'ত জন্মগ্ৰহণ কৰিছিলোঁ আমি।


আশ্ৰমৰ অধিপতি ঋষিজন

আছিল বুদ্ধিমতি আছিল মহান

শ্ৰী শ্ৰী আচাৰ্য গজেন্দ্ৰ নাথ

ৰথ যাত্ৰা পাতিছিল তাত।


ৰথৰ চূড়াত বহি

শুভ্ৰ পোছাক পৰিধান কৰিছিল সি

হিন্দু-মুছলমান যুৱকৰ দলে

ৰথৰ ৰচী ধৰি টানিছিল সবলে।


অপাৰ আনন্দ উপভোগ কৰিছিলোঁ আমি

যেন শ্ৰীকৃষ্ণৰ দ্বাৰকা ভূমি

নাছিল কোনো ভেদ-ভাৱ

নাছিল আমাৰ একো অভাৱ।










◼️কবিতা কেনেকৈ লিখে নাজানোঁ :-

  



কবিতা কেনেকৈ লিখে নাজানোঁ

স্বাভিমানৰো আহুতি দিব নোৱাৰো 

উকমুকাই থকা কথাবোৰ, ভাৱবোৰ 

ৰʼদঘাই পথাৰৰ বকিয়ালৈ ..

সজাই পৰাই উলিয়াই আনো ।

কবিতায়ো নাজানে

কিমান উদঙাব পাৰিলে তাৰ শৰীৰ ভৰে 

অলংকাৰৰ প্ৰাচুৰ্যই কবিতাৰ 

নিলোৰ্ভ ভাস্কৰ্য ঢাকিব নোৱাৰে; 

কলহৰ পানীত জানো সাগৰৰ বিশালতা থাকে?

চকুৰ মণিত তৰা নেদেখা হৃদয়ে জানো

অনুৰাগৰ ছবি আকিব পাৰে? 

কবিতা কেনেকৈ লিখে মই জনা নাই

সেয়ে চাগে আজিলৈকে

 মোৰ শব্দৰ ছন্দ মিলা নাই 

কবিতা কেনেকৈ লিখে? 

কেনেকৈ কবিতাত নিপুণ শব্দশৈলীৰ 

অমৃত জলৰ সৃষ্টি কৰে...

তেজাল অনুভৱৰ শক্তিশালী প্ৰকাশ

নোৱাৰোঁ কৰিব মই

প্ৰেমানুভূতিৰ হৃদয়স্পৰ্শী উপস্থাপন কৰিবলৈ

কʼত বিচাৰো মই শব্দ শয়ন !

কাৰণ মই যে নহওঁ 

কাব্যিক জগতৰ এজন সবল খেতিয়ক...!

নাই মোৰ কবিতাত ...

উৎকৃষ্টতম শব্দপুঞ্জৰ মায়াজাল...

মোৰ ব্যৰ্থতাৰ শুকান মৰুত 

কেনেকৈ সৃষ্টি হʼব কবিতাৰ ...

কাৰণ মই যে নহওঁ কবি..

কাব্যিক জগতৰ এজন অভিঞ্জ মুনি ।।



শ্ৰী পৰিস্মৃতা দত্ত, শিৱসাগৰ


 --------------------------------------------











🔴শিৱসাগৰ কলেজত এভুমুকি :-

   




নীৰৱতাই ছানি ধৰা নিৰিবিলি পৰিৱেশ

নাই মানুহৰ কোলাহল , গাড়ীৰ হৰ্ণ 

আছে মাথোঁ শান্তিৰ সমদল ,  

সন্মুখত বিশাল জয়সাগৰ পুখুৰী

ধীৰ- স্থিৰ শান্ত তাৰ গতি ; 

ৰাজহাঁহ , শৰালিৰ আনন্দৰ খলকনি 

উৎপলো আছে আনন্দতে কিৰিলি পাৰি , 

পাৰে পাৰে কৃষ্ণচূড়া, শিমলু ফুলৰ আনন্দৰ হাঁহি

ৰঙা, গোলপীয়া এই ফুলবোৰে  যেন

আঁতৰৰ পৰাই জনাই 'স্বাগতম.. অতিথি '।।


কেনে মনোৰম চিত্তাকৰ্ষক এই ঠাইখনি 

যেন ইন্দ্ৰৰ স্বৰ্গপুৰী....

মোৰ মন প্ৰাণ সকলো নিয়ে হৰি 

যেন এই ঠাইৰ পৰা কেতিয়াও নাযামেই ঘূৰি।

তাতে আকৌ আবেলিৰ 

ৰঙা বেলিটিৰ কিৰণ পানীত পৰি 

সোণতে সোৱগা চৰাইহি ,

আঁতৰৰ নগা পাহাৰো দেখি ৰিণি ৰিণি

যেন সপোন সপোন লগা এখনি যাদুকৰী ছবি।।


ইয়াতকৈও সৌন্দৰ্যৰে মোহিত কৰা

কলেজ কেম্পাচৰ ভিতৰ চ'ৰা 

নাই কোনো ৰেগিঙৰ বিভীষিকা ,

জয়াৰ তীৰ্থ স্বৰূপ শিৱসাগৰ কলেজ 

বিভিন্ন জাতি, ধৰ্ম , সম্প্ৰদায়ৰ মিলনৰ ক্ষেত্ৰ , 

হোষ্টেল নিবাসী বিদ্যাৰ্থী সকলে 

গঢ়ি তোলে সাম্যৰ সৰগ ,

সকলোৱে ৰচে জীৱনৰ নন্দন বন 

মধুৰ স্বপ্নালীৰ আৱেশেৰে ভৰপূৰ বৈচিত্ৰ্যময়

ৰামধেনুৰ বিচিত্ৰতাৰে বৰ্ণালিময় ;

মুক্ত আকাশৰ তলত,মুক্ত মন,মুক্ত চিন্তা লৈ

অধ্যয়নত আৱেষ্ট বিদ্যাৰ্থী সকল ,

কঠোৰ শাসনৰ বাঘজৰী নাথাকিলেও যেন

স্কুলীয়া ভয়ৰ পৰশ বিজৰিত ,

ৰূপে - ৰসে , গন্ধে - স্পৰ্শে 

সৌৰভ বিয়পি পৰে মানৱ সাগৰত ।


কলেজ সপ্তাহ , সোণালী জয়ন্তী ,

মহাৰজৎ জয়ন্তী আদি বাৰেৰহণীয়া অনুষ্ঠানে 

কলেজখনক দিছে নতুন প্ৰাণৰ ন চকুযুৰিত

দীপিতি ঢালি দিয়াৰ মহান ক্ষেত্ৰ , 

তাতে পুনৰ বিশ্ববিদ্যালয়ৰ স্বীকৃতিয়ে

সকলোলৈ দিয়ে অনাবিল আনন্দ ।

এনে আনন্দৰ চিৰলগৰী হʼবলৈ ময়ো গৈছিলো

কলেজৰ মহাৰজৎ জয়ন্তীৰ দিনা,

আনন্দৰ নাথাকিছিল সীমা

কল্পনাৰ সপোনৰ ৰাজ্যত

বিচৰণ কৰিছিল মোৰ মন 

কেতিয়ানো ইয়াৰ বিদ্যাৰ্থী হʼম !!


সপোনৰ মায়াজাল বুকুত বান্ধি

অচিন বেদনা মনলৈ আহিছিল নামি

ঘৰমুৱা হোৱাৰ কৰুণ, আৱেগময় 

অশ্ৰুময় মুহূৰ্ত্তটি ।

কল্পনাৰ সোণৰ প্ৰতিমা গঢ়ি

ময়ো হʼম ইয়াৰ সু - বিদ্যাৰ্থী

আজি দিলো প্ৰতিশ্ৰুতি।। 


শ্ৰী পৰিস্মৃতা দত্ত , শিৱসাগৰ।




--------------------•••----------------------------------






🟪অনুগল্প শিতান



🔹সেন্দূৰ অণুগল্প




   কল্পনাই পিয়ালিতে বহি নবজীৱনৰ পাতনি মেলাৰ দিনাৰ পৰা কথাবোৰ ভাবিছে। বিজুলি বেগেৰে পাৰ হৈ গৈছে মিনিট, ঘণ্টা, দিন, মাহ, বছৰ। ভাৱবোৰ থমকি ৰৈছেগৈ ধাৰাসাৰে বৈ অহা চকুপানীৰ দুধাৰিত।

   তাই ভাবিছে বিয়া হোৱা পিছৰ পৰা আজিলৈকে মানুহটোৱে তাইক অকল সন্দেহ কৰিয়ে থাকিলে। ঘৰৰ মতা মানুহ কেইজনৰ বাহিৰে বেলেগ কোনো মতা মানুহৰ লগত কথা পাতিব নোৱাৰে তাই। ঘৰৰ পৰা কৰবালে ওলাই গলেও মানুজনে কল্পনাক ঘৰৰ ভিতৰত ৰাখি বাহিৰৰ পৰা দূৱাৰ বন্ধ কৰি গৈছিল।

   আজি কল্পনা মানুহজন পূৱাতে blood pressure হৈ মৃত্যু হয়। চিকিৎসালয়লৈ নিছিল যদিও বহু পলম হৈ গ'ল। মেডিকেলৰ পৰা শটো অহা পিছত মৃত মানুহজনক সাবতি তাই চিঞৰি চিঞৰি কান্দি কৈছে "দুজনী ছোৱালী আৰু দুটা ল'ৰাক লৈ মই কেনেকৈ জীৱনটো পাৰ কৰিম। ল'ৰা ছোৱালীকেইটা পঢ়াবলৈ আছে, ডাঙৰ হ'লে দুজনীকৈ ছোৱালী বিয়া দিব আছে মই কি কৰিম এতিয়া।মোক একো এটা কাম কৰিব নিদিলি, অকল সন্দেহ কৰি কৰিয়ে থাকিলি। ক'ৰবালে গলেও তই দূৱাৰখন তলা মাৰি মোক ভিতৰত ভৰাই থৈ যাৱ, এতিয়া কি কৰিবি ?""।

   কল্পনাই মানুহজনৰ ভৰি দুটাত সেৱা এটি কৰি কান্দি কান্দি কলে ! "মোক আৰু সন্দেহ কৰি নাথাকিবি, তই ভালকৈ থাকিবি যা, তই মৰমৰ হাতেৰে দিয়া "সেন্দূৰ"কন এতিয়া ভৰিৰে মোহাৰি থৈ যা, মোৰ সেন্দূৰীয়া কপালখন উকা কৰি থৈ যা।"

    কল্পনাই দুহাতেৰে মানুহ জনৰ ভৰিতো ডাঙিলে অাৰু তলুকাখনত কপালখন লগাই চিঞৰি চিঞৰি কান্দি কান্দি আউলি বাউলি হৈ সেন্দূৰখিনি মোহাৰি পেলালে। সেই দৃশ্য চাই থকা প্ৰতিজন মানুহৰ চকুলো বাগৰি আহিল।


অসীম গগৈ 

ফুটাহোলা ন গাওঁ

জিলা: ডিব্ৰুগড় অসম

পিন: ৭৮৬০১০

ফোন: ৯৫৭৭০৯৩৫২৯




                           

Monday, May 22, 2023

জোনাকী অসমীয়া সাপ্তাহিক ই আলোচনীৰ দ্বিতীয় বছৰ মে মাহ তৃতীয় সংখ্যা

জোনাকী অসমীয়া সাপ্তাহিক ই আলোচনী
দ্বিতীয় বছৰ মে মাহ তৃতীয় সংখ্যা

জোনাকী অসমীয়া সাপ্তাহিক ই আলোচনী



               বিতা শিতান




🔴ভ্ৰান্তি





যাৰ চকু আছে
তেওঁলোকে নেদেখে,
যাৰ কান আছে
তেওঁলোকে নোশুনে
যাৰ মুখ আছে
তেওঁ লোকে নামাতে ।
চকুৰে দেখা সকলে
চছমা পিন্ধে ৰঙীন
কানেৰে শুনা সকলে
কপাহ লগাই কানত ।
আৰু মুখ থকা সকলক
সোপা দিয়ে প্ৰলোভনৰ ।
এতিয়া এনেকৈয়ে চলে,
যিটো নাছিল কোনো কালে ।



ৰাতুল চেতিয়া ফুকন
চৰাইদেউ।



◼️মোকা(Mocha) 




    এছ ইছলাম শিক্ষক 
    পঃমইনবৰী,বৰপেটা

মোকা ও মোকা
ক'ৰ পৰা অহা তুমি
ক'লৈ বাৰু যোৱা 
কিয় তুমি ইমান 
খৰ গতি লোৱা? 

হে ৰণচণ্ডী মোকা
তোমাৰ ইমান শকতি
ৰূদ্ৰমূৰ্তি কৰিলে ধাৰণ
কিমান বসতি কৰিলে হৰণ? 

জীৱ-জন্তু পশু আদি
কত যে মনুষ্য জাতি
ধ্বংস কৰিলে তুমি
প্ৰাচীন 'আদ' বসতি। 

তোমাৰ ৰূদ্ৰমূৰ্তি বেশ
নাথাকে কোনো অৱশেষ
কিমান যে তাণ্ডৱ লীলা
কিমান যে সংহাৰ কৰিলা? 

কিমান যে উদ্ভণ্ডালি নৃত্য
যেনিবা দানৱী ভৃত্য
নোৱাৰোঁ বুজিব পাৰোঁ
ক্ৰুদ্ধ মহিমা তোমাৰ। 

হে পৰম পিতা জগদ্বীশ্বৰ
শত সহস্ৰ প্ৰাৰ্থনা তোমাক
আশিস মাগিছোঁ তোমাৰ 
ৰক্ষা কৰা দুখীয়াৰ পঁজা ঘৰ। 








⭕️ভাল  পাওঁ  তোমাক  মই 





ভবাটো  নাছিলোঁ  
    এনে এটা দিন আহিব বুলি 
যিয়ে সঁচা অন্তৰেৰে 
   মোক আকোৱালি ল'ব বুলি  
সঁচা ভালপোৱা নো কি 
    তেওঁ আজি মোক 
সেই কথা বুজাই দিলেহি 
          মোক নিৰৱে আহি
  অজস্ৰ হেঁপাহেৰে 
মৰমৰ এনাজৰীৰে 
বান্ধি নিলেহি মোক 
      গোপনে আহি 
কাণে কাণে কৈ গ'ল 
    হৃদয়ৰ বেথা 
    মনতে সাৱটি 
হৃদয়ৰ দুৱাৰদলিৰ 
সঁচা প্ৰেম , ভালপোৱা 
শিহৰণ জগাই দিলাহি যে 
তুমি মোক ভালপোৱা 
বহু ৰাতি উজাগৰে 
কান্দি কান্দি 
প্ৰকাশ কৰিছিল 
ভালপোৱাৰ সঁচা 
আবেগ অনুভূতি 
স্বাৰ্থপৰ মইজনীয়ে 
নুবুজিছিলোঁ তেওঁৰ 
মনৰ বেথা 
যদিও কেতিয়াবা 
ক্ষমা কৰাৰ প্ৰয়াসেৰে 
আকোৱালি ল'ব খোজে 
আকৌ নিৰৱে আহি 
দুখমনে ব্যক্ত কৰি 
অবুজন হৈ আকৌ 
আঁতৰিব খোজে 
মোৰ হৃদয়ৰ পৰা 
দিব নোখোজো মই
আঁতৰাই  তেওঁক
মোৰ হৃদয়ৰ পৰা 
কৈ যোৱা কথাক সুৱৰাই 
উচুপি উঠে মাজৰাতি 
অশ্ৰু নিগৰাই 
প্ৰকাশ কৰে 
মূৰ দাঙি
সঁচা হৃদয়ৰ ভালপোৱাৰ
পৰিধি কিমান 
পাৰিবা জানো জুখিব তুমি 
ইয়াক আজি 
তোমাৰ দুচকুৰ অশ্ৰুৰ 
বেদনাত হ'লো 
মই আজি আবেগিক 
ল'লো আকোৱালি 
মই তোমাক 
আজীৱনলৈ বুলি  ।।।।





নাম  :--- লখিমী শৰ্মা
ঠিকনা :--- যোৰহাট




🔴চাকি




শুনিছ, চাকি গছি নুমাও নুমাও হৈছে;
সযতনে ৰাখ।
এয়া যেন চাকি গছিৰ শেষ অৱস্থা,
তেল নাই,দিবলৈ সক্ষমো নহয় মই।

বাহিৰত মেঘে গৰজিছে,
আহিব ধুমুহা,আহিব বতাহ;
লৈ  আহ,লৈ আহ চাকি গছি
ৰাখ তোৰ নিজৰ লগত।

চাকি নুমালেই যেন অন্ধকাৰ হৈ পৰিব এই ঘৰ।
মোৰ এই উৰুঙা পজাঁ যেন হব থান বান।

যোৱা কালি সপোনত মাক দেখিছিলো।
মায়ে মোলৈ ৰান্ধিছে  অমৰাৰে কাৱৈ মাছৰ জোল।
বৰ ইচ্ছা গৈছে ও মাৰ হাতৰ ব্যঞ্জন খাবলৈ।

এতিয়া ৰাতি দুপৰ।
মই শেতেলীত উঠিব হ'ল।
পাৰিলে চাকি গছি জ্বলাই ৰাখিবি।
আৰু যদি নুমাই,
তেন্তে পুখুৰী পাৰৰ মাটিত 
জ্বলাই দিবি এই নিঠৰ দেহ।।

 
✍️তন্ময় কলিতা





⭕নিসংগতাৰ উচুপনি



এটি উৰুখা পঁজাত বিষাদভৰা 
নিসংগতা ,
হৃদয়ৰ অব্যক্ত বেদনা ।
স্বপ্নবোৰ আধৰুৱা হ'ল ,
আকাশ চুবৰ মন আজি স্থবিৰ ।
কিন্তু কিয় ?
কাৰণ মই নিসংগ।
পূৰ্ণত্ব বিচাৰে নিসংগ হৃদয়ে 
কিন্তু নিসংগতাই
এচমকা কলা ডাৱৰহৈ 
হস্তক্ষেপ কৰে সৰ্ব স্বপ্ন।
সময় অবিৰত গতিত আগমণ  
কিন্তু নিসংগতাই যেন এক অভিশাপ হৈ 
নমাইছে  গোপনে জীৱনলৈ
দুখৰ প্লাৱন
ক্ৰমান্বয়ে ঠেলি দিব খোজে
 নিজকেই  মৃত্যুৰ গৰাহলৈ।



শ্ৰী পৰাগ জ্যোতি দাস 
 শ্ৰেণী ÷একাদশ মান
  ঢকুৱাখনা,লখিমপুৰ (অসম)



⭕নাই একো সংজ্ঞা



আছে জানো
প্ৰেমৰ সঁচা সংজ্ঞা--
তোমাক ভালপোৱাৰ চলাহী কথাৰে
সন্মোহিত কৰিবলৈ ?
আছে জানো
বিশ্বাসৰ অমল সংজ্ঞা--
তোমাক সেই ভাষাৰে
প্ৰলোভিত কৰিবলৈ ?
নাই--একো নাই জানা
মাথোঁ মায়া সকলো,
অন্তৰৰ প্ৰবল শক্তিৰে
জুমি চাবা নিজকে লগতে আনকো
পঢ়িবা দুচকুৰ ভাষা
তেতিয়াই বৈ যাব
অনুভৱৰ সুবাসী নৈ
একো নোকোৱাকৈ ;
ফুলিব প্ৰেমৰ হাস্নাহানা
বিলাব বিশ্বাসৰ অমৃত ধাৰা...।

         

                     আয়নাল হক চৌধুৰী 
                       ধুবুৰী , আগমণি 
                         

      °°°°°°°°°°°°°°°°°°°°°°°°°



🟪তোমাৰ অনুপস্থিতি

               বিৰাজ বল্লভ নাথ
                    খগা, লখিমপুৰ


ফুলিব খুজিও থমকি ৰʼল আজি
মোৰ পদূলিৰ ৰঙা গোলাপ পাহি,
কোমল হিয়াৰ বিননি শুনি নীৰৱ প্ৰেমৰ কবিতা শুনি
হাস্নাহানাও মৰহি গʼল আজি।
তুমি আহিবা বুলি
মৰহি যোৱা গছৰ পাত সৰি
ফুলিল কুঁহিপাত মোৰ মন পদূলিত ।
তুমি অহাৰ বাতৰিতেই
ৰাঙলী পুৱাৰ বেলিটিয়ে
ভুমুকি মাৰিছিল মেঘ নেওচি ।
কিন্তু, তুমি যে এতিয়া নাই,
বতাহে বতাহে কৈ যায় আজি
তুমি অহা বন্ধ বুলি ।
তোমাৰ অনুপস্থিতিত
জ্বলিছে হৃদয় আজি,
তোমাৰ অনুপস্থিতিত 
অন্ধকাৰ আজি দিনতেই,
জীৱনৰ কি ঘটিল ভুল ?
নুশুনা তুমি,
নুবুজো মই,
নিঃসংগতা যেন শ্ৰেষ্ঠ হয় ।



🟡মোৰ মৰমৰ মা
                ✍🏻ৰুম্পী দাস                            
                     ভালুকমাৰী
        ৰাণীপুখুৰী , হোজাই 


ও মোৰ মৰমৰ মা...
আজি ক'ত আছা মোক এৰি ?
তোমাৰ স্মৃতিবোৰে প্ৰতিটোক্ষণত
মোক ধৰিছে যে বেৰি ।
ন মাহ নিজৰ গৰ্ভত ৰাখি
দিছিলা মোক জন্ম বহুতো কষ্টৰ মূৰত ,
আজি তোমাকলৈ গৌৰৱ কৰোঁ 
মন মেলি সকলোৰ কাষত ।
তোমাৰ কোলাতেই প্ৰথম দুচকু মেলি দেখিছিলোঁ
এই ধুনীয়া মায়াময় পৃথিৱীখন ,
আজি তুমি অবিহনে আৰু
জীয়াই থকাৰ নাই কোনো মন ।
সৰু সৰু তীক্ষ্ণ চকুৰ দৃষ্টিত
মন ভৰি তোমাকেই দেখিছিলোঁ ,
প্ৰথমত তোমাৰই নাম
মা মুখত উচ্চাৰণ কৰিছিলোঁ ।
তুমিইতো কৰিছিলা মোক
অসীম স্বযতনে পালনা ,
কাৰোৰ লগতে কৰিব নোৱাৰো
কেতিয়াও তোমাৰ তুলনা ।
তোমাৰ লগত পাৰ কৰা এটা এটা প'লে
মোৰ বুকুত আছে খুন্দামাৰি ,
মোক বান্ধি ৰাখিছিলা তুমি
দুনয়নত গোটেই পৃথিৱী উজাৰি ।
হঁহা-কন্দা সকলোতে সদায় 
আছিলা তুমি সোমাই ,
আজি লগত নাই তুমি বুলি
শোকত আছোঁ যে বিনাই ।
এদিন দৰিদ্ৰতাৰ মাজতো
মুখত হাঁহি আছিল পৰিপূৰ্ণ ,
আজি যেন তুমি অবিহনে
জীৱন অসম্পূৰ্ণ ।
সিদিনা সকলো দুখৰ মাজত
এই পৃথিৱীৰ পৰা তোমাকেই হেৰাই ,
আজি যে সকলো সুখতো 
দুখত আছোঁ যে খিনাই ।
শোৱাৰ পৰা উঠিয়েই দেখো নাই তুমি 
মোৰ দুচকুত এতিয়া চকু পানী ,
বুকুখন বিষাই উঠে 
খাবলৈ নোহোৱা হ'লো ভাতপানী ।
তোমাৰ জীৱনৰ সকলো জটিলতাৰ মাজতো   
তুমি নিজে কৰি বহু কষ্ট,
মোৰ জীৱনৰ এটি নিভাঁজ কোণত
উজলীয়াই জীৱন দিছিলা সৃষ্ট ।
সদায় মোৰ ভৱিষ্যতৰ চিন্তাত চিন্তিত হোৱাত
এবাৰ তোমাৰ গৈছিল বহু গা ফুলি ,
তুমি সদায় নিজে নাখায় 
মোৰ মুখত দিছিলা অন্ন তুলি ।
চাল-চলন, পিন্ধা-উৰা, থকা-মেলা ,
পৰিষ্কাৰ-পৰিচ্ছন্নতা তুমিইতো শিকাইছিলা ,
সকলো পৰিস্থিতিত সাৱধানে চলাৰ
জীৱনৰ বাট দেখাইছিলা ।
বিচাৰ বুদ্ধি,জ্ঞানৰ বিস্তাৰ
ভাল বেয়া বিচাৰ কৰাৰ শক্তি ,
তুমিইতো দিছিলা
মন উজাৰি এইবোৰ উক্তি ।
তোমাৰ নাছিল কোনোবা
কেতিয়াও কাষৰ আপোন ,
শত শত ঘাত-প্ৰতিঘাত,অভিযোগৰ মাজতো
কৰিছিলা জীৱন-যাপন ।
এদিনা মোৰ এটুপি চকুলোৰ বাবে
তুমি যে কৰিছিলা হাহাকাৰ ,
কি হ'ল আজি তোমাৰ
ধৰিলা যে এনেকুৱা আকাৰ ?
সিদিনা ও চকুলো বৈছিল 
তোমাৰ চিতাৰ কাষত সহস্ৰ বেদনায় ,
আজি তুমি নাই বুলি 
মই আছোঁ যে চেতনায় ।
দিনি-ৰাতি এক কৰি কৰিছিলা 
অপৰিসীম কষ্ট, নিস্বাৰ্থ ত্যাগ,
মোৰ মুখত প্ৰতিক্ষনত 
মা বুলি ডাকিছিলোঁ যাক ।
আজি কেনেকৈ কৰিম
মই তোমাৰ বৰ্ণনা ?
লিখিলেও শেষ নহ'ব
তোমাৰ ৰচনা ।
মহাজননী দেবী,কৰুণাময়ী,স্নেহময়ী
তুমিইতো চিন্তনীয় ,
তুমি নিস্বাৰ্থ,
তুমিইতো অতুলনীয় ।
আজি শূন্য মোৰ বক্ষ হৃদয় ,
শূন্য মোৰ ৰিক্ত হৃদয়
কি কৰিলে এবাৰ তোমাৰ কাষত
মোৰ যোৱা হয় ?
সদায় মুখত বাজি থাকিব
ও মা তোমাৰ ঝংকাৰে,
দুখৰ মাজতো আজিও আছোঁ  
মই তোমাৰ অহংকাৰে ।
জীৱনত অকলে তোমাকে বিচাৰিছিলোঁ
সকলো কামৰ আগত ,
তোমাকেই পাইছিলোঁ মা
লাখৰ ভিতৰত ।
জীবিত কালত তোমাক
একোই নিদিলোঁ ,
আজি মোৰ সুখ-দুখ 
সকলোকে খেদিলোঁ।
তুমিই আছিলা মোৰ
ভাষা প্ৰাণৰ ,
আজি ধন্য হোক 
তোমাৰ মানৰ ।
তোমাৰ নিচিনা কোনে বুজিব
মোৰ এই দুখৰ ভাষা ,
আজি কোনে দিব মোক
আগুৱাই যোৱাৰ আশা ।
এই অনন্ত মায়াময় পৃথিৱীত যুগ-যগান্তৰলৈ
তুমি অমৰ হোৱা ,
পাৰিলে আকৌ এবাৰ আহি
মোৰ লগত দেখা কৰি যোৱা ।
মোক এৰি সিদিনা ক'লৈ
তুমি হঠাতে অকালতে গ'লা ?
মোৰ বুকু উকা কৰি
চিৰদিনৰ বাবে আঁতৰি পৰিলা।
যোৱাৰ পিছতো আজি 
আকৌ আহি দিবা জানো দেখা ,
তোমাৰ ধুনীয়া মুখখন
মোৰ দুচকুতে যেন আঁকা ।
আজিও খুজিলে পাম নে
তোমাৰ মনৰ দেশ ,
কৰিলেও নহ'ব মোৰ
মৃত্যুলৈকে কোনো শেষ ।
মই জীয়াই থকালৈকে
মোৰ মনত তুমি অমৰ  হৈ ৰবা ,
তুমি পাৰিবানে কোৱা না
মই কি কৰিলে আকৌ জিতা হ'বা ?
আজি তোমাক যে হেৰাই 
মনৰ দুখত কি কৰিম হায় ,
তোমাক যেন পাবলৈ 
মোৰ আকৌ মন যায় ।
সকলো তুমিইতো মোক
কৰিছিলা দান ,
তোমাৰ পৰা পোৱা 
অমূল্য প্ৰাণ ।
মই জীয়াই থকালৈকে
সোঁৱৰিম তোমাক ,
মনৰ পৰা আশীৰ্বাদ 
কৰিবা আমাক ।
আজি ভাবিলেও
তোমাকেই ভাবো ভগবান ,
কেতিয়াও তোমাৰ নিচিনা 
নহ'ব কোনো আন ।
পাৰিলে এবাৰ আকৌ
ঘূৰি আহা না ?
তোমাৰ ছোৱালী যে আজি
বহুত অকলশৰীয়া মা ।
যতেই থাকিবা কামনা কৰোঁ
তুমি ভালেই থাকিবা ,
পাৰিলে আকৌ নতুনকৈ 
মনৰ নক্সা আঁকিবা ।
ও মোৰ মৰমৰ মা।।
  
*******************



🔵দূৰলৈ নাযাবা 


                  ✍🏻ৰুম্পী দাস
                       ভালুকমাৰী 
          ৰাণীপুখুৰী , হোজাই 



আজিও ক'বলৈ মন যায় 
সেই স্মৃতিবোৰৰ কথা ,
তোমাক ভালপোৱাৰ কথা ।
তুমি নুবুজা কিয় ...?
সেয়া নাজানো মই ,
মাথোঁ জানো ...
তোমাকেই ভালপোৱা বুলি বিচাৰোঁ ।
দূৰলৈ নাযাবা বুলি 
বহু কাতৰতা প্ৰকাশ কৰোঁ ,
  তোমাৰ চৰণত ।
 মই বহু বিশ্বাসী ,
   অলপ মৰম কৰিবা 
   চেষ্টাৰে সুখৰ ঠাই 
  তোমাক বিচাৰি দিম ।

     
🟡সাহিত্য সৌৰভ

            কবিঃ সমুজ্জ্বল ডেকা, ৰঙিয়া 
                      (নিজ বড়িগোগ)

সাহিত্যৰ সুবাস বিলাই,
নতুনত্বৰ নিজৰা বোৱাই।
সত্যৰ পাহাৰৰ সৃষ্টি,
মোৰ দৃষ্টিত আশাৰ সৃষ্টি।
শব্দাংশৰ গভীৰতাত সোমাই,
জ্ঞানৰ সুগন্ধি বিয়পাই।
চিঠিৰে বন্ধুত্বৰ মিলন,
বৰগীতৰ আকৌ মাধুৰ্য্যৰ কিৰণ।
ছন্দতেই মোৰ আনন্দ,
কৃষ্ণৰ পিতৃ নন্দ।
ব্যাকৰণৰ সহস্ৰ ৰূপ,
জ্বলাই সৌৰভৰ ধূপ।




🔵আইলৈ মনত পৰে

          🔹 মেঘালী বৰা
           গুৱাহাটী।




ফুলৰ পাপৰি মৰহি গ'লেও
 স্মৃতিৰ পাপৰি মৰহি নাযায়।
আজি আইলৈ বৰকৈ মনত পৰিছে
জানানে আই আজি মেট্ৰিকৰ ৰিজাল্ট দিছে।
মেট্ৰিকৰ ৰিজাল্ট দিয়া দিনা
তুমি যে আই ৰেদিঅ"টো
তোমাৰ আখলৰ ওচৰত বহুৱাই লৈছিলা
সেই কথাই আজি বৰকৈ আমনি কৰিছে।
তুমি ভাবিছিলা তোমাৰ সন্তানৰ ৰিজাল্ট
সকলোতকৈ আগতে তুমিয়েই ল'বা।
তোমাৰ আনন্দাশ্ৰু চাবলৈ অধিৰ আগ্ৰহেৰে 
আমি বাটচাই আছিলোঁ।
জানা আই এতিয়া ইন্টাৰনেটৰ যুগ
তোমাৰ ৰেদিঅ' এতিয়া এলাগী হ'ল।
ৰিজাল্ট চাবৰ কাৰণে
কেইবাটাও ওৱেব চাইট খুলিছে
হাতে হাতে এনড্ৰইদ মোবাইল হ'ল।
বুটাম টিপিলেই ৰিজাল্ট, মাৰ্কছিত মুহূৰ্ততে পোৱা হ'ল।
তোমাৰ আচলৰ তলত ডাঙৰ হোৱা
 দুইবছৰীয়া নাতিনী জনী গাভৰু হ'ল।
এইবাৰ  তাই মেট্ৰিক দিছে
 তোমাৰ নাতিনীয়ে সকলো বিষয়তে 
লেটাৰ লৈ ডিছটিংচন পাইছে।
তাইক মৰমৰ চুমাৰে দুগাল ওপচাই দিবলৈ
তুমি যে নাই সেয়ে আজি তোমালৈ বৰকৈ মনত পৰিছে।
নহয় নে আই  ফুলৰ পাপৰি মৰহি গ'লেও
স্মৃতিৰ  পাপৰি মৰহি নাযায়।
তোমাৰ হৃদয়ৰ বিশালতা খিনি 
আজি বৰকৈ উপলব্ধি কৰিছোঁ আই।
তুমি য'তে আছা তাৰপৰাই আশীৰ্বাদ দিয়া
যাতে তাই শিক্ষাৰ  জখলাত
 দোপতদোপে আগুৱাই যাব পাৰে।





                🔵শৃংখলতা

            ✍️ দৃলীনা দাস। তিনিচুকীয়া (ছৈখোৱা)




ভাৰত জননী
তুমি হলা, কোটি কোটি সন্তানৰ মাতৃ স্বৰূপী
কবি, গীতিকাৰ, নাট্যকাৰ, সাহিত্যিক, শিল্পীৰ
ভাবুকৰ মধুৰ কল্পনা
বিশ্বৰ মহা মহা কুটনিতি বিশাৰদৰ
জটিল জল্পনা।
প্ৰাচীন গৰিমাৰ মধুগান
খনিকৰ কবি সেৱকৰ অৱদান
ভৱ মহিমাৰে ভৰা তোমালৈহে কৰে সবে দান।
............ ইমান পুজিতা!
তথাপিও তুমি কিয় বিদেশীৰ শৃংখলতা?
হায়!হায়!
হলা তুমি আজি শোষণ গোষ্ঠীৰ মহা
শোষকৰ থল।
শোষকৰ ৰক্ত দল
জুমে জোমে আহি 
বিকট ভাবেৰে হাঁহি
ভয়ংকৰ ৰাক্ষক দল
কুৰুলি পাৰি 
তোমাৰ ৰঙা তেজ নিয়ে শুহি শুহি 
তাৰ কি হায় পৰিণাম।
তোমাৰ সুন্দৰ দেহা কৰিলা আজি তেজেৰে ৰাঙলী
এই দেহা সাম্ৰাজ্যবাদৰ সৃষ্টি, শাসন পটত অকা
ধনতন্ত্ৰী শাসনৰ ৰহনেৰে লিখা 
জননী অসমী আই
স্বৰ্গাদপী,গৰীয়সী জন্মভূমি
তোমাৰ দশা একেই?
তোমাৰ ধাৰাও সেই শোষণ বোলেৰে
অকা.......
চোৱা চোৱা দল শোষকৰ
শাসনৰ নামত হুহে বিৰাট ৰক্ত
দুখীয়া ৰাইজে ৰল কৰি চট্ ফট্ 
এইয়ে দেশত হল __গণ __ জাগৰণ।।



🟡জন্মদিনৰ উপহাৰ



জন্মদিন বুলি তোৰ
কিনো দিম উপহাৰ,
শুভদিনৰ শুভেচ্ছা জনোৱাৰ
মোৰ আছে জানো অধিকাৰ?
সেই যে হাইস্কুলত
নৱম শ্ৰেণীৰে পৰিচয় আমাৰ,
তোৰ বাৰু মনত পঢ়ে নে
অতীতৰ স্মৃতিৰে ভৰা কথাষাৰ?
সম্পৰ্ক আমাৰ ভাই-ভনী যদিও
বন্ধু-বান্ধৱী স্কুলত আছিলোঁ,
অৱসৰ সময়ত আমি দুয়ো
কিমান যে সুখ-দুখৰ কথা পাতিছিলোঁ।
অবুজন মনেৰে মই তোক
বহু সময়ত গালি দিছিলোঁ,
ভুল বুজাবুজিৰে এদিন আমি দুয়ো
সঁচাকৈ বৰ অভিমান কৰিছিলোঁ।
অভিমানেৰে কথা নপতাকৈ তিনিটা বছৰ
হ'ল বহু কষ্টেৰে পাৰ,
লাহে লাহে বুজিলোঁ
কোন জানো কাৰ?
মোৰ ভাগ্যই চাগে ভাল
তোক পালোঁ আকৌ আপোনত্বৰে,
তিনি বছৰমান ধৰি সঁচাই
অপেক্ষাৰে আছিলোঁ এই আশাৰে।
ভাতৃত্বৰে ভালপাওঁ তোক
পাহৰিব নোৱাৰিম এই জীৱনত,
কিন্তু আজি তোৰ ইচ্ছাৰে
বন্ধুত্বৰে আপোন কৰিলোঁ হৃদয়ত।
পুৰণাত্ব কাহিনী পাহৰি
নতুনকৈ তোক বন্ধু ভাবিলোঁ,
পাৰিলে তই মোক ক্ষমা কৰি দিবি
তোৰ লগত বহু অন্যায় কৰিলোঁ।
ভালে থাক তই
ভালেই হোক জীৱন তোৰ,
প্ৰতিপল তোকলৈ ঈশ্বৰৰ কাষত
এয়ায়েই কামনা মোৰ।
কথা নপতাৰ বহুদিন হ'ল বাবে পাহৰি গৈছিলোঁ
তোৰ আজি জন্মদিন বুলি,
এটা কথা কওঁ,তোৰ হৃদয়
ঠিক যেন কোমল ফুলৰ কলি।
বন্ধুত্ব বা ভনী
সম্পৰ্ক আমাৰ চিৰস্থায়ী,
তোৰ দুখ পোৱাৰ প্ৰতিটো ভাষাত
হ'ব চাগে মইয়ে দায়ী।
জন্মদিন বুলি তোক
বন্ধু নিদিওঁ উপহাৰ,
মাথোঁ হৃদয়ৰ ক্ষুদ্ৰ অনুভূতিৰে
দিলোঁ তোৰ আকাৰ।

                              ✍️ শিল্পী দাস
         শ্ৰেণী- বাণিজ্য শাখাৰ চতুৰ্থ
    ষান্মাসিক , লংকা মহাবিদ্যালয়
  ঠিকনা - ভালুকমাৰী ৰাণীপুখুৰী,
                                           নগাঁও
             





⚫মোৰ মাঁ মোৰ মৰমৰ মাঁ 







মাঁ তুমি মোৰ অতি মৰমৰ, 
তোমাৰ মুখখনি বহু ধুনীয়া। 
তুমি ধর্য্যৰ দেৱী, কৰুণাৰ সাগৰ,
তুমিয়েই মোৰ জীয়াই থকাৰ একমাত্ৰ আধাৰ।
সহস্ৰ কষ্ট আৰু শতাধিক যন্ত্ৰণা সহ্য কৰি, 
তুমি মোক দিলা জনম।
তোমাৰ কোলাতে জন্ম লৈ হলোঁ মই ধন্য,
দেখিলোঁ প্ৰকৃতিৰ বিতোপন সৌন্দৰ্য্য,
বুজিলোঁ মৰম-স্নেহৰ আচল মূল্য। 
তোমাৰ মুখৰ মিঠা মাতেৰে,
যেতিয়াই তুমি মোক "সোণ" বুলি মাতা, 
তেতিয়াই মই পাহৰি যাওঁ, 
সকলো দুখ, কষ্ট আৰু দৰিদ্ৰতাৰ ছাঁয়া। 
মাঁ এতিয়া কোৱাচোন তুমি মোৰ কিমান আপোন! 
দেউতাকে যেতিয়াই পাৰে মোক গালি, 
একমাত্ৰ তুমিহে মোৰ ওচৰতে আহি, 
মৰমতে দিয়া তেতিয়াই স্নেহৰ চুমা এধামি। 
ভাল মানুহ হবলৈ একমাত্ৰ তুমিহে দিয়া সতৰ্কবাণী, 
মাঁ তোমাৰ মুখখনি কিমান যে শুৱনি। 
তোমাৰ আঁচলৰ ছাঁয়া যেন, 
সদায় পাওঁ তাৰ বাবে কৰোঁ মই প্রার্থনা, 
জনাওঁ ভগৱানৰ ওচৰত সহস্ৰ আৰাধনা। 
মাঁ তুমি মোৰ অতি আপোন, 
একমাত্ৰ তুমিহে পূৰণ কৰা মোৰ প্ৰতিটো সপোন।
                            

     ✍️শান্ত দাস 
      লংকা, হোজাই অসম



⚫এজাক বৰষুণ


                         সূৰজ বৰগোহাঁই, ধেমাজি,


বহল পথাৰখন বহি থাকে
 অকলশৰে নিৰৱে...
 তাৰ ওপৰতে অৰ্ধ গোলক এটা হৈ 
 কপাহী আকাশখন ঘুৰি ফুৰে
 বতাহৰ বিপৰীতে বগলি এজাক 
 কিয় বাৰু উৰিব লাগিছে ?
 পশ্চিমৰ আকাশ ৰাঙলী হৈ পৰা কাৰণে নে?
 নে নৱ প্ৰভাতৰ বাবে সিহঁত পূৱলৈ উৰা মাৰিছে?
 লাহে লাহে আন্ধাৰ হয় ,
 জোনে আকাশৰ ডাৱৰ মাজেৰে
 জুমি জুমি চায়
 অকলশৰে শুই থকা বহল পথাৰখন কিমান যে নিৰ্জন!
 তাৰ ঘাঁহ বনবোৰে আকাশলৈ ধিয়াই -
'' এজাক বৰষুণ পোৱা হ'লে''....!
গ্ৰীষ্ম ঋতুত সিহঁত এইবাৰ বৰকৈ শুকাইছিল 
সেয়ে সিহঁতক এতিয়া এজাক নিৰ্মল বতাহ বৰষুণ লাগে
চৰাই বোৰেও বিচাৰে, মাটিৰ তলৰ গোবৰুৱাটিয়েও বিচাৰে
কথাত প্ৰকৃতিৰ সকলো উপাদানেই বিচাৰে এজাক বৰষুণ!
যাৰ পৰসত নতুন প্ৰাণ পাই উঠে পৃথিৱীয়ে.....।
মানুহবোৰ যেন সাৰ পাই উঠক ঘোৰ অমানিশাৰ পৰা।।




⚫নামহীন





কি নাম দিম এই সম্পৰ্কৰ
প্ৰেম , বন্ধুত্ব , ভালপোৱা নে আন কিবা
হয়তো হ'ব পাৰে ভাললগা
কিন্তু ভালপোৱা ! সেইয়া বাৰু সম্ভৱনে ?
তেন্তে কি নাম দিম এই সম্পৰ্কৰ ?
নামাকৰণ হোৱাৰ পিছতেই যদি
তাৰ পৃষ্ঠাবোৰ লুটিয়াই লুটিয়াই চাই
সমালোচকৰ তীক্ষ্ণ দৃষ্টিত 
থকা - সৰকা হৈ 
জ্বলি হৈ যায় ছাঁই ।
এহ......থাকক দিয়া নামহীন হৈ
হৃদয় নদীত নিৰবধি থাকক বৈ
কুলু কুলু কৰি 
জিৰ্‌ জিৰ্‌ মলয়াৰ সতে মিলি ।



      🖊️ শ্ৰীমতী কাকলি দত্ত ।
      ধেমাজী(মাছখোৱা)।




          ⚫দেউতা:-



দেউতা! তিনিটি আখৰৰ সংমিশ্ৰণৰ
এটি মাথোঁ শব্দ নহয় , 
ই এগৰাকী প্ৰেমিক , যাৰ আঁৰত লুকাই থাকে
হাজাৰ কষ্ট আৰু  ত্যাগ। 

দেউতা মানেই মৰম,ভৰষা,সাহসৰ
 অফুৰন্ত ভাণ্ডাৰ ...
আৱেগৰ এটি পাহাৰ ...
যাৰ নামেৰেই আশাৰ কলি মেলে 
যাৰ পৰিশ্ৰমত হেঁপাহৰ ফুল ফুলে...। 

সুখৰ আন এটি নাম তুমি
দিঠকৰ সঁচা ৰূপ তুমি
তুলনাবিহীন শক্তি তুমি
তুমিয়েই সকলোৰে অৰ্থ 
দেউতা.. তুমি মানেই যে  সত্য।

দেউতা... 
মোৰ স্বপ্নশীল আকাশৰ তুমিয়েইতো জোনাক 
দুখৰ পাহাৰ মূৰত দাঙি
মোৰ সুখৰ পৃথিৱী গঢ়া তুমি মোৰ সাহসৰ সূৰ্য।

তোমাৰ অদম্য সাহসৰ ৰেঙনিয়ে
বুকুত গুজি দিয়ে অজস্ৰ সপোনৰ কুঁহিপাত,
অথচ তোমাক ইয়াৰ বাবে
শলাগ লোৱাৰ কথা মনলৈ চোন অহাই নাই ..
তোমাৰ অসীম ত্যাগৰ ৰশ্মিতেই 
জোনাক হৈ ফুলি উঠে আশাৰ কুসুমবোৰ ,
অথচ তোমাক বিশ্ৰাম লোৱাৰ কথা
এবাৰলৈ সোঁৱৰাই দিয়া হোৱা নাই ..
অথচ পৃথিৱীৰ সবাতোকৈ
প্ৰিয় ব্যক্তি হোৱা স্বত্বেও
সন্মুখত তোমাক ভালপাওঁ বুলি কৈ পোৱা নাই! 

দেউতা...
কাৰোৰে সহযোগিতা নোহোৱাকৈ
কিমান আৰু কঢ়িয়াবা  
তোমাৰ সেই পুৰণা চোলাৰ জেপত 
আমাৰ বাবে বিশ্বাসৰ আহুধানৰ টোপোলা...?

কেতিয়াবা ভয়ো লাগে
 মূল্যায়ন কৰিব নোৱাৰাৰ ভয়ত 
মোৰ সফলতাৰ বাবে তোমাৰ দেহেৰে
নিগৰি ওলোৱা প্ৰতি টোপাল ঘামৰ...! 

নোৱাৰোঁ দেউতা তোমাৰ ব্যক্তিত্বক
মোৰ ঘূণে ধৰা শব্দকেইটিৰে মেৰিয়াবলৈ
তথাপিও অলেখ অযুত শুভকামনা তোমালৈ
জিলিকি থাকা প্ৰতিক্ষণে তমসাৰ মাজতো
সোণোৱালি পৰুৱাটি হৈ।। 

শ্ৰী মতী পৰিস্মৃতা দত্ত, শিৱসাগৰ





🔴 তুমি আহিবানে উভতি 







তুমি আহিবানে উভতি 
মোৰ সেই উকা হৃদয়খনলৈ 
আকৌ পোহৰাই তুলিবলৈ।।

তুমি আহিবানে উভতি 
হেৰাই যোৱা সপোনবোৰ 
আকৌ সজাই তুলিবলৈ।।

তুমি আহিবানে উভতি 
অভিমানত সিচিঁ দিয়া মৰমবোৰ
আকৌ বুটলি ল'বলৈ।।

তুমি আহিবানে উভতি
বুকুত ভাঙি থৈ যোৱা পজাঁটি
আকৌ আলফুলে বান্ধিৱলৈ।।

তুমি আহিবানে উভতি 
মনৰ ফুলনিত হেৰোৱা গোলাপটি 
আকৌ বিচাৰি দিবলৈ।।

তুমি আহিবানে উভতি 
হেৰাই যোৱা ভালপোৱা বোৰ 
আকৌ এবাৰ যাঁচি দিবলৈ।।

                     নিজৰা কলিতা 
                     দিপীলা , দৰং 
           



🔵তোমাক পাম বুলি




তোমাক পাম বুলি মন্দিৰত জ্বলাম এগচি ছাকি,
টিলিঙা মন্দিৰলৈ গৈ 
গছৰ ডালত এটি টিলিঙা অাঁৰি।

সপোনেৰে সজা মনৰ কথাবোৰ 
ক'ম তোমাক অাবেগেৰে খুলি,
থোকা থোকি মাতৰ অযুত অাঁশা
বুজিবা তোমাক ভাল পাাওঁ বুলি।

প্ৰেমৰ ভাষা বুজাম তোমাক প্ৰিয়া
চকুত চকু থৈ।
অাৰু তোমাক ক'ম হিয়াৰ ভাষাৰে 
নাযাবা অাঁতৰ হৈ। 

জীৱনত জীয়াই থকালৈকে
ল'ম তোমাক সাবতি
বহাগৰ বৰদৈচিলাই উৰুৱাই নিব
অামাৰ প্ৰেমৰ বাতৰি।
       
               অসীমগগৈ
  ডিব্ৰুগড়




🟣 " মা "

ছেলিমা বেগম। 





আজি আনন্দৰ দিন ,
সকলো মা লৈ শ্ৰদ্ধা সহকাৰে 
নমস্কাৰ, ছালাম জনাওঁ ।
মা -- মা --মা--- অ' মোৰ 
পূজনীয় মৰমৰ মা  !
তোমাৰ মৰমত শৈশৱ 
পাৰ কৰিলোঁ তোমাৰ স্নেহৰ 
মুখখনলৈ চাই চাই ক'ত যে 
আমনি দিছিলোঁ মা 
তোমাৰ কষ্টৰ বিনিময় 
দিব পাৰিম জানো মা ?
আকাশৰ সমান বিশাল 
হব পাৰে জানো কোনো 
মাৰ সমান মৰম দিব পাৰে 
জানো কোনোবা ?
মা তোমাৰ মৌ হনা মূখ খন 
চাই শিকিছিলো মৌ মিঠা মাত। 
মা তোমাৰ আঙুলিত ধৰি জীৱনৰ 
প্ৰথমটো খোজ দিছিলোঁ মা, 
মা তোমাক কিহেৰে পূজিম মা 
জীৱন দি পূজিম মা। 
মা তোমাৰ চৰণত দিবা নে ঠাই 
মা তোমাৰ চৰণত বিচাৰো স্বৰ্গ 
মা তোমাৰ আৰ্শীবাদ শিৰত লৈ 
জীৱনৰ বাটত আগবাঢ়ি যাম। 
মা আজি সেউজীয়া পৃথিৱী 
দেখিব পাৰিছো তোমাৰ 
ত্যাগৰ বিনিময়ত মা। 
মোৰ কলিজাৰ মা তুমি 
তোমাৰ নামত দোৱা মাগিছো 
পৰম কৰুণাময় দয়ালুৰ ওচৰত ।
যুগ যুগ জীয়াই থাকিব মোৰ মা 
আমিন!




⭕তোমাৰ অপেক্ষাত





মায়াবিনী ৰাতি উজাগৰী নিশা তোমাৰ ভাৱনাই বৰকৈ আমনি কৰে।
অস্তমিত সুৰুযৰ হেঙুলী কিৰণত তুমি আঁতৰি যোৱা সেই ক্ষণটি দুচকুত আজিও ভাহে ।
মোৰ ভগ্ন হৃদয়ৰ উচুপনিত সাৰ পাই যে কলীয়া ডাৱৰবোৰেও অশ্ৰুৰ স্ৰোতস্বিনী বোৱাইছিল !
উগ্ৰ মূৰ্তি ধৰি প্ৰকৃতিদেৱীয়ে তাণ্ডৱ নৃত্য কৰিছিল ।

দুদিনৰ বাবে কিয় আহিছিলা ৰঙীন সপোন আ‌ঁকি,
যদি পূৰণ কৰিব নোৱাৰাই,তেন্তে কিয় দিছিলা মোক মিছা প্ৰতিশ্ৰুতি !
আজিকালি বিষাদবোৰ টোপা টোপে সৰে ,
নিশব্দে,নীৰৱে ।
বেদনাৰ উল্কাবোৰে মোৰ কোমল কলিজাখনিক দহে,
প্ৰতি পল
 -অনুপলে ।

তোমাক লৈয়ে সাজিছিলোঁ মোৰ সপোনৰ বাটচৰা,
কিন্তু তুমি কিয় নুবুজিলা মোৰ ভালপোৱা ?
আজিও অপেক্ষাত আছোঁ তুমি উভতি আহিবা বুলি,
অভিমান সামৰি পুনৰ ল'বা মোক মৰমেৰে আকোঁৱালি।

স্মৃতিৰ মৰহা ফুলৰ সুবাস সানি আজিও অপেক্ষাত আছোঁ সেই বাটতে
য'ত তুমি মোক এৰি থৈ গৈছিলা ।

কেতিয়াবা এনে লাগে যেন মই সপোনৰ পৃথিৱীত হে আছোঁ,
কিন্তু এইয়াই যে নিৰ্মম বাস্তৱ, অপ্ৰিয় সত্য ।

এতিয়া কেৱল নিঃসংগতাৰ সৈতে দিন কটাও
আৰু দিনে নিশাই মোৰ শুকান মৰুভূমিত তোমাৰ হেৰুওৱা মৰমবোৰৰ মৰীচিকাৰ পম খেদি যাওঁ ।

তোমাৰ অবিহনে এতিয়া মোৰ জীৱনৰ ৰঙবোৰ অস্তাচলত বিলীন হোৱাৰ দৰেই ।
 
                 ✍🏻ৰিমাশ্ৰী কোচ-ৰাজবংশী
                                        একাদশ শ্ৰেণী
                                              লক্ষীমপুৰ


       ◼️অনুগল্প আৰু অন্যান্য শিতান:-



স্তৱক 


কি নাম দি মাতিম তোমাক চন্দ্ৰমুখী নে 
সূৰ্য্যমুখী হৃদয়ৰ আঁৰত লিখি থৈছোঁ দিলৰোবা !
কি নাম দিম তোমাকে কোৱা 
কামিনী কিম্বা মন্দাকিনী 
ফুলে পাতে লিখি থৈছোঁ 
তোমাৰ নাম ৰূপেশ্বৰী !




🔸ছেলিমা বেগব 
জিলা নগাঁও 
ডাকঘৰ বলিকটিয়া 


        --------------------------------------




◼️জকি আৰু জেকীৰ প্রেম 






গোলাপ যিমানেই ধুনীয়া আৰু পবিত্ৰ নহওক কিয় কাঁইট থাকে, প্ৰেম যিমানেই পবিত্ৰ নহওক কিয় বাধা থাকে প্ৰকৃত  প্ৰেমত কোনো 
শক্তিয়ে বাধা দি ৰাখিব নোৱাৰে।
                  জকি :ঐ জেকী বলচোন, বল অলপ সময় নষ্ট কৰি নৈৰ পাৰত ফুৰি আহো অ' বলা  ।
দুয়ো আনন্দ মনেৰে আকাশৰ তলত বহি কথা পাতি লে। জকি আমি দুয়ো এনেদৰে কথা পাতি থাকোতে 
কোনোৱে দেখিলে কি বুলি ভাবিব। 
জেকী: কবলৈ দে চোন, আমাৰ মাজত যদি স্বয়ং ভগৱান আহি বাধা দিব পাৰে অন্য কোনো শক্তিয়ে 
বাধা দিব নোৱাৰিব। আমি দুয়ো এনেদৰে আজীৱন
প্রেম  কৰি থাকিম ।
জকী :জেকি দা দেৎ তুমি যে আৰু কি কথাবোৰ কৈ
থকা। আমাৰ অভিভাৱকৰ কথা আছে নহয়? মই কিন্তু মা, দেউতাক অবিহনে কোনো ক'ব নোৱাৰিম। 
হয় জকী শুনচোন ভগৱানে তেনে নকৰে। 
               এদিন জকী, জেকিৰ প্রেম বিচ্ছেদ হ'ল 
দুয়ো পক্ষৰ পৰা যুঁজৰ আৰাম্ভ হবলৈ ধৰিলে। কোনো পক্ষ থকাটো মানি নললে। এই প্রবিত্র 
প্ৰেমে দুয়োৰে মাজত মানসিক চাপ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। জকি প্ৰেমত ব্যৰ্থ হৈ নিজকে 
পাগল কৰি জেকীৰ কথা নিজৰ মনৰ মাজৰ পৰা হেৰাই যাবলৈ ধৰিলে। ইফালে জেকী নিজৰ জীৱনটো তিল, তিল কৰি ধ্বংস কৰি দিলে। 

        এয়া আছিল দুয়োৰে প্রবিত্র প্রেম ।


    ছেলিমা বেগম 
জিলা নগাঁও
 ডাকঘৰ বলিকটীয়া 

        --------------------------------------





◼️নীতি শিক্ষা (অণুগল্প)




      দত্ত ছাৰৰ খঙটোৱে চুলি অাগ পালেগৈ। ছাৰৰ প্ৰিয় ছাত্ৰ পলাশক চিগাৰেট সুপি থকা দেখিলে ছাৰে। ছাৰৰ খং অাজিকালি পাঠ্য পুথিবোৰত নীতি শিক্ষামূলক পাঠ নাই গতিকে ল'ৰা ছোৱালীবোৰ ক'ৰ পৰা ভাল হ'ব।ডাঙৰক সন্মান কৰিব নাজানে শিষ্টাচাৰ  নাজানে। দুই কি:মি: দূৰৰ স্কুলখনলৈ অকলে যাৱ নোৱাৰে অানৰ সহায় লাগে মাক বা দেউতাকে দামি গাড়িৰে থৈ অাহিব লাগে। ফেছন হৈ পৰিছে গোটেইবোৰ। ল'ৰা ছোৱালীক সৰুৰ পৰাই অাত্মনিভয় হ'ব শিকাব লাগে। শিষ্টাচাৰ কথা শিকাব লাগে ডাঙৰক সন্মান কৰিবা, ডাঙৰ কথাত সৰুৱে ভাগ নলবা, ডাঙৰ মুখে মুখে কথা নকবা ইত্যাদি।
       দত্ত ছাৰৰ এক মত মই বুঢ়া হৈছো তাতে কি হ'ল ইয়াক মই কব লগাখিনি কমেই অাগতে অামি চাইকেলেৰে গৈ থাকিলে শিক্ষা গুৰুক দেখিলে দূৰতে  নামি দিছিলোঁ। অাজিবোৰ লক্ষণ ছোৱা। দত্ত ছাৰে পলাশক চিঞৰি মাতিলে ঐ ল'ৰা এইফালে অাহ। পলাশে চিগাৰেটতো দলিয়াই দি ছাৰৰ ওচৰলৈ অাহিল। ছাৰে তালৈ চাই ক'লে কি খাই অাছিলি ! শুন এটোকোৱা হিৰা বকৰানিত পেলাই দিলেও তাৰ মূল্য কমি নাযায় বৰঞ্চ বেছি উজ্বলহে দেখাব। মোক তঁহতৰ নিছিনাবোৰে অসন্মান কৰিলেও মোৰ কোনো ক্ষতি নহয় তহঁতৰহে নিজৰ অাত্মঅাঘাতত লাগিব। বেয়া ল'ৰাবোৰ বাৰু বেয়া তই ভাল ল'ৰাটো অাকৌ কেতিয়াপৰা বেয়া হলি।
    পলাশে তলমূৰ কৰি কলে Sorry Sir  মই অাপোনাক দেখা নাছিলোঁ। মই অাপোনাক কথা দিলোঁ ছাৰ অাজিৰ পৰা মই কেতিয়াও চিগাৰেট নাখাওঁ।

          অসীম গগৈ
            ডিব্ৰুগড়
      ৯৫৭৭০৯৩৫২৯

        --------------------------------------



◼️অণুগল্প     


   মালিনী শইকীয়া 

                মেৰপাক 




                 কৃষকৰ এবুকু আশা। বাৰিষাৰ সেউজীয়া পথাৰ খন আঘোণৰ সোনালী ৰঙেৰে নাচি থাকিব। কিন্তু ওফন্দি উঠা নৈ খনে কৃষকৰ সেই আশা মূহুৰ্ততে তচ নচ কৰিলে। 
          একেই আশা ৰূপালীৰ মানুহ জন কৰ্মস্থলীৰ পৰা আহিব ঘৰ খনৰ বেৰৰ জলঙাইদি নতুন কিৰণ সোমাব।  সকলোৱে হাঁহিবলৈ সাহস পাব। কিন্তু পশ্চিমৰ পৰা অহা ঘূৰ্ণী বতাহ জাকে আধা বাটতে টাকুৰী ঘূৰোৱাদি ঘূৰাই  শৰীৰৰ অংশ ছিন্ন ভিন্ন হৈ এটা টোপোলা লৈ ৰূপান্তৰিত হ'ল।
             এতিয়া •••••••••। তাকে দেখি সকলোৱে মুখে মুখে , এৰা নিজৰ ঠাইত থকা হ'লে! পিচে থাকিনো লাভ কি? পেটৰ পোৰণি কেনেকৈ নিবাৰণ কৰে! তেনেতে কিৰণে আবেগিক হৈ চিঞৰি চিঞৰি ক'লে, একেখন আকাশৰ তলত, একে জলবায়ু সেৱন কৰি, একেখন সংবিধাৰ ওচৰত নত শিৰ হোৱাৰ পিচতো কিয়নো আমাৰ বোৰৰ নিৰাপত্তা নাই ঐ! 
         অনিমাই ক'লে হওঁতে একেবাৰে হয় কিন্তু এই বোৰ ৰজা ঘৰীয়া মেৰপাকৰ কথা আমাৰ নিচিনা সাধাৰণ লোকে বুজি পোৱাটো তাটোতকৈ তান !





◼️ভাষা





জীৱ শ্ৰেষ্ঠ মানুহৰ শ্ৰেষ্ঠ সম্পদ হৈছে ভাষা। মানুহ মন, বুদ্ধি আৰু বিবেকৰ অধিকাৰী। মনৰ লগত মানুহৰ চিন্তা-ভাৱনা সংশ্লিষ্ট। চিন্তা-ভাৱনাক যেতিয়া কোনো এজন মানুহে আন এজনৰ আগত প্ৰকাশ কৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰে, তেতিয়াই তেওঁৰ আৱশ্যক হয় এটা মাধ্যমৰ। ভাষা হ'ল মানুহৰ চিন্তা-ভাৱনা প্ৰকাশক ধ্বনিময় সংকেত। অৰ্থাৎ মানুহে জীৱন নিৰ্বাহৰ প্ৰয়োজনত পৰস্পৰৰ লগত মনৰ ভাৱ-অনুভূতিৰ বিনিময় কৰবলৈ বাগিন্দ্ৰীয়ৰ সহায়ত উচ্চাৰণ কৰা সুবিন্যস্ত, অৰ্থবহ ধ্বনি প্ৰতীকৰ সমষ্টিয়েই ভাষা।

ভাষাবিজ্ঞানী সকলে ভাষাৰ বৈশিষ্ট্যলৈ লক্ষ্য কৰি যুগে যুগে তাৰ সংজ্ঞা আগবঢ়াই আহিছে। সেইবোৰৰ ভিতৰত কেইটামান সংজ্ঞা তলত  উল্লেখ কৰা হ'ল:
     ড° সুনীতি কুমাৰ চট্টোপাধ্যায়ৰ মতে- "মনৰ ভাৱ প্ৰকাশৰ বাবে, বাগিন্দ্ৰীয়ৰ সহায়ত উচ্চাৰিত ধ্বনিৰ দ্বাৰা নিস্পন্ন, কোনো বিশেষ জন-সমাজত ব্যৱহৃত, স্বতন্ত্ৰভাৱে অৱস্থিত তথা বাক্যত প্ৰযুক্ত শব্দ সমষ্টিকে ভাষা বোলে।"
    ড° উপেন্দ্ৰনাথ গোস্বামীৰ মতে- "উচ্চাৰিত ধ্বনি প্ৰতীকৰ সহায়েৰে ভাৱৰ পূৰ্ণ অভিব্যক্তিৰ নাম ভাষা।"
    ড° গোলোক চন্দ্ৰ গোস্বামীৰ মতে- "ভাষা মানুহৰ মনৰ ভাৱ আদান-প্ৰদানৰ উদ্দেশ্যে বাগিন্দ্ৰীয়ৰে উচ্চাৰণ কৰা সুসংগঠিত, সুপৰিকল্পিত ধ্বন্যাত্মক সংকেত বিশেষ মানুহৰ মনৰ ভাৱ আৰু চিন্তাৰ শ্ৰুয়মান প্ৰতীকেই ভাষা।"
    ভাষা কেতবোৰ বাক্যৰ সমষ্টি। বাক্য হৈছে ভাষাৰ অৰ্থযুক্ত বৃহত্তম একক। একোটা বাক্য বিশ্লেষণ কৰিলে আমি পাওঁ একোটা অৰ্থযুক্ত ক্ষুদ্ৰতম অংশ। ইয়াক ৰূপ বা আকৃতি বোলে। ৰূপক বিশ্লেষণ কৰিলে পাওঁ ধ্বনি। এই ধ্বনিকেই ভাষাৰ মূল বুলি কোৱা হয়। কিন্তু ধ্বনিৰ কোনো সুকীয়া অৰ্থ নাই। গতিকে দেখা গ'ল ভাষাৰ প্ৰধান স্তৰ তিনিটা- ধ্বনি, ৰূপ আৰু বাক্য।




✍️ চুমিয়া আকতাৰা 
('অসমীয়া ভাষাৰ সমাহৰণ'ৰ পৰা সংগ্ৰহ)





    

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

সহযাত্ৰী তৃতীয় খণ্ড ঋতুপর্ণা ইংতিপি

 সহযাত্ৰী  (তৃতীয় খণ্ড)  ✍️ ঋতুপর্ণা ইংতিপি/মৰিগাঁও      গা-পা ধুই আজৰি হোৱা মানে তিনি বাজিলে।তাইৰ ভাগৰো  বহুত লাগিছে। গোটেই দেহটো অৱশ হৈ প...