Tuesday, October 25, 2022

চেকেণ্ড টপ:অভিজিত শেনচোৱা

চেকেণ্ড টপ:

জিতুলৰ মাকে আজি স্কুলৰ ছাৰ বাইদেউ সকলক মিঠাইৰে চাহ খুৱাইছে । তাৰ মাকৰ মনত আজি বহুত আনন্দ ! নহবই বা কিয় ? সদায় দৃতীয় বিভাগত উত্তীৰ্ণ হোৱা জিতুল আজি প্ৰথম বিভাগত যিহেতু উত্তীৰ্ণ হৈছে । তাক লৈ মাক দেউতাক আজি গৌৰম্বিত । ইপিনে স্কুল শেষত অনিৰুদ্ধ যেন নিৰূপাই হৈ পৰিছে । আজি ক্লাছ শেষৰ বেলটো ন'বজা হলেই ভাল আছিল তাৰ বাবে । ক্লাছৰুমৰ  পৰা যাওঁ-নাযাওঁকৈ সি ওলাই আহিছে । ঘৰলৈ যাবলৈ তাৰ আজি সাহস হোৱা নাই । গেটৰ ওচৰত ৰৈ আকৌ এবাৰ মাৰ্কছীটখন উলিয়াই সি চালে । হয় ঠিকে লিখা আছে "চেকেণ্ড টপ" ।


© শ্ৰী অভিজিত শেনচোৱা

বি এড প্ৰথম ষাণ্মাসিক, ডিব্ৰুগড় বিশ্ববিদ্যালয় ।

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...