Wednesday, November 16, 2022

প্ৰতিশ্ৰুতি:প্ৰসন্ন কুমাৰ বৰা

 প্ৰতিশ্ৰুতি



তুমি চাই আছা

চাই আছোঁ মই

জীৱন নাটকৰ কৰুণ দৃশ্যপট

ৰক্ত কলিজাৰ বিষাক্ত বেদনা

কুমলীয়া হৃদয়ে উচুপি উঠিল

মন বিবেকৰ তয়াময়া ৰণ

বাজি উঠিল বুকুত

বজ্ৰ গাৰ্জনি

নীৰৱ কণ্ঠস্বৰ

নীৰৱতা অশ্ৰু

মাথোঁ চাই আছা তুমি

চাই আছোঁ মই

মই কন্দা নাই

কান্দোঁ বুলি 

হৃদয় উজাৰি কান্দিব পৰা নাই

মাতোঁ বুলি মাতিব পৰা নাই

তোমাৰ প্ৰতিশ্ৰুতিৰ

মজিয়াখনত এপাহি কৰবী হৈ শুই আছা

পুষ্প ৰথৰ জা-যোগাৰ 

তোমাক নিবলৈ

নাযাওঁ মই তোমাক থবলৈ

তোমাক চাবৰ নোৱাৰিম

দপদপীয়া অগ্নিৰ মাজত

নশ্বৰ শৰীৰ দাহ হোৱাৰ

তুমি নাজানা

তুচ্ছ-তাচিল্য সুৰেৰে সকলোৱেই কয়

মই নিষ্ঠুৰ বুলি

মই হেনো তোমাৰ কোনো নহয়

মাথোঁন তুমি মোক চাই আছা

চাই আছোঁ মই

জীৱন নাটকৰ অন্তিমটো দৃশ্যৰ

তোমাৰ প্ৰতিশ্ৰুতিৰে

তুমি দিয়া প্ৰেৰণাই 

বুকুত বান্ধি 

থাকিম জীয়াই

আধৰুৱা সপোন তোমাৰ

ৰাখিম জীয়াই

নিসংগতাত বিছাৰিম সদায়

ছায়াহৈ মোক দিবা জগাই

বিদায় ক্ষণট দুভৰি পৰা আঁতৰিল ধৰিত্ৰী

আকাশ ভাঙী মুৰত পৰিল

তোমাৰ প্ৰতিশ্ৰুতিত…


প্ৰসন্ন কুমাৰ বৰা(মৰিগাঁও)

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

Rahul Chetia Poet Biography

Rahul Chetia Poet Biography | ৰাহুল চেতিয়া - উৰুখা পঁজাৰ জোনাক, মায়াবিনী আঁউসীৰ এটি জোনাকী Rahul Chetia (ৰাহুল চেতিয়া) is a p...