Showing posts with label কবিতা. Show all posts
Showing posts with label কবিতা. Show all posts

Friday, February 13, 2026

প্ৰকাশ পালে কবি ৰাহুল চেতিয়া চিলাপথাৰ প্ৰথম খন কাব্য গ্ৰন্থ "মায়াবিনী আউসীৰ এটি জোনাকী"

 কবিৰ চমু পৰিচয়:


কবিৰ জন্ম ১৯৯৬ চনৰ ১৩ মাৰ্চত ফাগুনৰ ৬ তাৰিখে ধেমাজি জিলাৰ নিলখ পূৰ গাওঁত। কবিৰ পিতৃ স্বৰ্গীয় দিলীপ চেতিয়া আৰু মাতৃদ্বয়ৰ নাম মুহিলা চেতিয়া আৰু মণি চেতিয়া। ২০১২ চনত নিলখ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল প্রবেশিক্ষা পৰীক্ষাত অসমীয়া, সমাজ বিজ্ঞান বিষয়ত লেটাৰ সহ প্ৰথম বিভাগত উত্তীর্ণ হৈ মৰিঢল মহাবিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত দ্বিতীয় বিভাগত উত্তীর্ণ হয়। পাছত আর্থিক অৱস্থা শোচনীয় হোৱা বাবে ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ৰ পৰা DODL ৰ অধীনত সমাজতত্ত্ব বিভাগৰ পৰা প্ৰথম বিভাগত স্নাতক ডিগ্রী লাভ কৰে। কবিয়ে কলেজীয়া  দিনৰে পৰা সামাজিক মাধ্যম ফেচবুকৰ জনপ্রিয় বিভিন্ন সাহিত্য চৰ্চাৰ গোট, জনপ্ৰিয় আলোচনী ৰহস্য,মায়া,বিস্ময়,অসম বাণী,ৰামধেনু অসম, ৰণাংগণ,হৃদয়,বৰ্ণিল অসম, জাপি, জোনাকী পষেকীয়া ই আলোচনী, সাপ্তাহিক অনুৰাগিণী, দৈনিক-সপ্তাহিক যেনে-দৈনন্দিন বাৰ্তা, গণ অধিকাৰ,নিয়মীয়া বাৰ্তা,সাপ্তাহিক নামনি অসম, নতুন স্বদেশ,গণ বাৰ্তা, সাপ্তাহিক জানেলিষ্ট বাতৰি কাকত আৰু অন্যান্য  মাহেকীয়া বার্তালোচনীত নিয়মিতভাৱে কবিতা, গল্প, প্রবন্ধ, স্তৱক আৰু অণুগল্প লেখা মেলা কৰি আহিছে। বৰ্তমান কবিৰ সম্পাদনাত জোনাকী নামেৰে এখন সপ্তাহিক ই আলোচনী (পাছলৈ পষেকীয়া) ধেমাজিৰ পৰা নিয়মিত ভাৱে প্ৰকাশ পাই আহিছে। লেখকে গ্ৰন্থবৰ্ষ ২০২৫ বর্ষৰ অসম চৰকাৰ আৰু অসম প্ৰকাশন পৰিষদৰ তৰফৰ পৰা যুৱ লেখক সন্মান ২০২৫ বঁটা লাভ কৰিছে।লেখকৰ প্ৰথম খন কাব্য গ্ৰন্থ "মায়াবিনী আউসীৰ এটি জোনাকী" ২০২৫ চনত নগাঁও জিলাৰ আনন্দ প্ৰকাশৰ পৰা প্ৰকাশিত হৈছে। দ্বিতীয় খন  কাব্য সংকলন-দীঘলী পুখুৰীৰ কান্দোন (2026)প্ৰকাশৰ পথত।

Monday, June 10, 2024

এটি নিস্তব্ধ নিশা by আতিক আহমেদ

 ⛔️এটি নিস্তব্ধ নিশা।              

 আতিক আহমেদ

  নিশাৰ কলা মেঘৰ আৰে আৰে

পূৰ্ণিমাৰ জোনটিয়েও লুকা ভাকু খেলে

হয়তো এনেকৈয়ে গঢ়িছো আমি জীৱন।

কেতিয়াবা লুকাই কেতিয়াবা দেখা দি

 জীৱনটোৰ আগত ধৰা দিওঁ,

      তথাপি দেখোন জীৱনৰ

আশা আৰু সপোনবোৰে লগ এৰা নিদিয়ে।

    এটি নিস্তব্ধ নিশাই সংগোপনে আহি

 মোক জীৱনৰ কথাবোৰ কৈ যায়

আৰু কৈ যায় বিশাল আকাশ

সীমাহীন হৈ বিয়পি থকা সাগৰখনৰ কথা।

   সপোন বিভোৰত মত্ত নাথাকি

কৰ্মৰ মাজেৰে জগত জিনিবলৈ

এটি নিস্তব্ধ নিশাই মোক বাৰে বাৰে কৈ যায়।

তথাপিও কিয়জানো ভয় লাগে

নোৱাৰি নেকি সংকেত আহে

হতাশা আৰু ভয়ে যে লগ নেৰে

নিশাই মোক দুপৰ নিশালৈকে জগাই ৰাখে

বিছনাত ইকাতি সিকাতি কৰি

ভাৱনাই মোক সাৰে ৰাখে

এটি নিস্তব্ধ নিশাই মোক বহু কথাই আনি দিয়ে

নিস্তব্ধ নিশাই নিস্তব্ধ হিয়াত ঢৌৱে ঢৌৱাই নিয়ে।

Tuesday, April 30, 2024

কবিৰ কবিতা:ৰাহুল চেতিয়া

 কবিৰ কবিতা 
- ৰাহুল চেতিয়া



কবিতা কবিতা লগা কথাবোৰ 

আজি কালি  দেখোন ভাল নলগা হল।

কিয় জানো?

আজি কালি অনুভৱ এটি 

লিখোঁ বুলি ভাবিলেও

বাৰে বাৰে হাতৰ পৰা সৰি পৰে কলমটি!

আজি মই বৰ বিষণ্ণ কবি,

হৃদয়ৰ একোণত সঞ্চিত হৈ থকা

অপযশ, শেঁতাপৰা বেদনাবোৰ লৈ 

বৰ ক্লান্ত,অৱসাদগষ্ট !


আগতে কিবা এটি 

অনুভৱ লিখোঁ বুলি ভাবিলেই

শব্দবোৰ হৃদয়ৰ পৰা

এটি এটি কৈ ওলাই আহিছিল!

এতিয়া লিখোঁ বুলিয়েই লিখিব নোৱাৰোঁ,

হয়তো অন্তৰত 

সঞ্চিত হৈ থকা শব্দবোৰ

বৰ ভাগৰুৱা, ক্লান্ত হৈ পৰিছে!!

কবিতাৰ প্ৰেয়সীয়ে প্ৰাণ ভৰি ভালপোৱাৰ বিনিময়ত

দি থৈ যোৱা  এবোজা যন্ত্ৰণাৰ বাবেই

আজি মই নষ্ট কবি!!


কিমাননো আৰু 

প্ৰাপ্তি-অপ্ৰাপ্তিৰ 

হিচাপ-নিকাচ কৰি

 হিয়া খন নষ্ট কৰি,

এগালমান নষ্ট স্মৃতি লৈ 

কবিতা লিখিবলৈ চেষ্টা কৰিম

নষ্ট অনুভূতিৰে, নষ্ট কবিৰ ভাষাৰে !

চাল্লা, গায়কৰ দৰে কিয় নহয় জীৱনটো?

দুই এটা গান লিখি জনপ্রিয় হৈ যাম!

তাৰ পাছত টকাই টকা!

সভা অনুষ্ঠানে মান-সন্মান পোৱাৰ লগতে

টকাৰ বৰষুণ পৰিব!

ধেইট চাল্লা, আমি বোৰ  ননচেন্স কবি!

বেকাৰ বাহুৱলী দৰে দিনে নিশাই কবিতা লিখিম

দুই এখন বাতৰি-কাকত, আলোচনীত প্ৰকাশ পাব,

স্কিন শ্বট মাৰি ডিজিটেল মেডিয়াত ষ্টেটাছ লগাই

আকৌ চাল্লা ননচেন্স কবি হৈ যাম।।

আমি বোৰ সমাজৰ বাবে একো একোজন গুৰুত্বহীন কবি!!

সভা, সমিতিয়ে গ্ৰন্থ প্ৰকাশ কৰিব!

লেখা আহ্বান কৰিব, লেখা প্ৰকাশ পাব

বিনিময়ত আমাৰ কষ্টৰ মাননি এটা প্ৰকাণ্ড শূণ্য(০) পাব।।

সজাগ হোৱা কবি সকল, 

কিমান আৰু ফেচবুক গোট খুলি খুলি 

টকাৰ বিনিময়ত বঁটা প্ৰদান কৰিবা,

পাৰিলে নিজৰ ব্যক্তিগত স্বাৰ্থ পৰিহাৰ কৰি

সকলোৰে বাবে একগোট হৈ কাম কৰা!

নহলে এদিন শিল্পী বোৰে 

আমি লিখা কবিতা বোৰক গান বনাই

মুহূৰ্ততে জনপ্রিয় হৈ মান-সন্মানৰ গৰাকী হব,

আৰু আমি বোৰে ফেচবুকত টেঁটুফালি 

চিঞৰি থাকিলেও একো ডাল নহব।।

সজাগ হোৱা, একগোট হোৱা,

নিজৰ প্ৰাপ্য বিচাৰি 

সকলোৱে হাতে হাত ধৰি আগুৱাই যোৱাৰ পণ লওঁ,

গায়ক-শিল্পী সকলৰ দৰে আমিও সন্মানৰ গৰাকী হওঁ।।




Monday, February 05, 2024

মোৰ প্ৰিয় শিক্ষয়িত্ৰী:আলিফা বেগম

 মোৰ প্ৰিয় শিক্ষয়িত্ৰী




মই সুখী যে আপুনি মোৰ শিক্ষয়িত্ৰী,

আপুনি শিকোৱা প্ৰতিটো পাঠ বৰ ভাল লাগে।

মোৰ আদৰ্শ হিচাপে আপুনি মোক অনুপ্ৰাণিত কৰে,

সপোন দেখিবলৈ আৰু কাম কৰিবলৈ আৰু উপনীত হ'বলৈ।

আপোনাৰ দয়াৰে আপুনি এটা বীজ ৰোপণ কৰি আছে,

কৌতুহল জগাবলৈ,প্ৰেৰণা দিবলৈ আৰু সফল হ'বলৈ।

আপুনি মোক মোৰ সম্ভাৱনা পূৰণ কৰাত সহায় কৰে,

আপুনি যিমানখিনি কৰিছে তাৰ বাবে মই চিৰ কৃতজ্ঞ।

মই প্ৰতিদিনে আপোনাক প্ৰশংসা কৰোঁ,

 মাত্ৰ ক'ব বিচাৰোঁ শিক্ষয়িত্ৰী হিচাপে আপুনি এক নম্বৰ।


নাম: আলিফা বেগম

শ্ৰেণী: একাদশ

ঠিকনা:আজাদ নগৰ (নগাঁও)

ফোন নং:৯৩৯৫৬৫৮৫৩২

বিদ্যালয়:ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ ছিনিয়ৰ ছেকেণ্ডৰী স্কুল

Sunday, December 17, 2023

জোনাকীৰ জয় যাত্ৰা:গীতাশ্ৰী বড়া

জোনাকীৰ জয় যাত্ৰা....
✍🏻গীতাশ্ৰী বড়া ।
             যোৰহাট।


জোনাকী,
তোমাৰ আলোকময় জ্যোতিয়ে,
উদ্ভাষিত কৰিছে নতুন প্ৰজন্মক ।
শুভাষিত বিকশিত তোমাৰ সুগন্ধ
শিক্ষাৰ ছন্দ তোমাৰ বিমল আনন্দ।
 প্ৰগতিশীল লক্ষ্য তোমাৰ যাউতি যুগীয়া ,
তোমাৰ পথেৰে পথ আমাৰ চিৰযুগমীয়া ।
   জ্ঞানৰ কাণ্ডাৰী তুমি শিক্ষাৰ পূজাৰী ,
আমিয়ে নৈবেদ্য তোমাৰ 
 নৱ আলোক সন্ধানী ।
তুমি ধন্য জোনাকী তুমি যুগজয়ী ।।

Tuesday, August 08, 2023

বাৰিষাৰ বৰষুণ এজাক:মণিকা গগৈ শইকীয়া

বাৰিষাৰ বৰষুণজাক


বাৰিষাৰ বৰষুণজাক আহিলেই
মোৰ  তোলৈ বৰকৈ
মনত পৰে অ' পিতাই  ,
প্ৰতিজাক  শাওণীয়া বৰষুণত
তইযে  হৈছিলি তিতি বুৰি
 জুৰুলি জুপুৰী ।
 তোৰ  তামোলৰ পিকেৰে বুলোৱা
 ওঠঁদুটিৰ  ফাঁকেৰে  
 বিৰিঙি আহিছিল
 পুৱাৰ  জিলমিলিয়া
 ৰ'দ একাঁচলি  ,
 পিতাই ---
 তোৰ বুকুৰ লুঙ লুঙীয়া 
 গলিটোৱেদি 
 সঘনে নিগৰি আহিছিল 
মুকুতাহেন দেহৰ 
 লুণীয়া ঘামৰ  টোপালবোৰ ।
কেঁকোৰা  নাঙলটোৰে তই
আঁক বাঁক কৰি গৈছিলি 
 দলনি মাটিডৰা এফাল  ,
তাতেই যে ভৰি পৰে
 সোনসেঁৰিয়া সপোনৰ ভড়াল ।
 তোৰ দিনযোৰা শ্ৰমত 
ভৰদুপৰৰ ৰ'দেও মানে হাৰ,
 তোৰেই প্ৰেমত গা ভাৰী হৈছিল
শাওণৰ  সেউজী পথাৰ ।
 খোজৰ ভৰত ভাঙি গৈছিল
 পথাৰৰ কেঁচা আলি  ,
তোৰ  এচাৰিৰ কোবত
গৰু হালেও সলাইছিল
 শামূকীয়া খোজৰ গতি ।
পিতাই  
 তোৰ বনিয়নটোত  লাগি থকা
 কেঁচা ঘামৰ  গোন্ধই
  মোক আজিও বৰকৈ কৰে আমনি ।

মণিকা গগৈ শইকীয়া
 চাবুৱা ।

Tuesday, May 02, 2023

দ্বিতীয় বছৰ, মে মাহ,প্ৰথম সংখ্যা

 দ্বিতীয় বছৰ, মে মাহ,প্ৰথম সংখ্যা

                   বিতা শিতান

_______________________________________


🟤শ্ৰমিক বন্ধুৰ প্ৰতি


কিমাননো আৰু কামকে কৰি নাথাকা
আঁহা অলপ জিৰনি লোৱা
বুকুৰ কামিহাড় কেইডাললৈ এবাৰ চোৱা
ৰ' দৰ তাপত শিলৰ ৰঙ লোৱা পিঠিটো
এবাৰ মুহাৰি চোৱা
কিমান ভৰ সহিব পাৰে সি ।
পেতটো নথকা হ'লে
পিঠিটো নিমজ হ'ল হেতেন
উৱঁলি নগল হেঁতেন বনিয়নটো ।
দুহাতৰ কঠিন আঙুলি বোৰে
সন্ধিয়া যেতিয়া কেঁচুৱাটো চুৱে
কেঁচুৱা টোৱে কান্দে
সিটো নাজানে
কঠিন আঙুলিৰ খহতা স্পৰ্শ ই
তাক কেনেকৈ নিৰাপত্তাৰ আভৰণ দিছে ।
কিমান নো আৰু কামকে নকৰা
আহা অলপ জিৰণি লোৱা ।
তোমাক দেখিলে
যন্ত্ৰ ই বোলে লাজ পাই
মালিকৰ খং নকমে ।
পাৰিশ্ৰমিক দিবৰ বেলা
অজুহাত ।
কেতিয়াও ডাং নাখাইনে
তোমাৰ কঠিন হাত ?
কিমান নো কামকে নকৰা
আহা অলপ জিৰণি লোৱা ।


ৰাতুল চেতিয়া ফুকন
চৰাইদেউ।

_______________________________________




🔴শ্ৰমিক দিৱস





নহওঁ আমি শ্ৰমিক
নালাগে আমনি
ন ন সৃষ্টি কিম্বা
কাঠৰ পুতলা সাজি,
নতুবা লোৰ গাত হাতুৰি মাৰি আমি গঢ়োঁ
একো একোটা সম্পদ
আমাৰ ত্যাগ আৰু পৰিশ্ৰম
সকলোৰে সুখৰ ফচল।
জীৱনৰ কাঁইটীয়া বাটৰ
অক্লান্ত সংগ্ৰামী সত্ত্বা,
নহওঁ কাহানিও ভাগৰুৱা।
সপোনক বাস্তৱত ৰূপ দিয়াৰ
অঘোষিত আখৰাৰে
জীৱন জয়ৰ অংগীকাৰ।
কপালৰ কেঁচা ঘাম মাটিত পেলাই
জীৱন সংগ্ৰামত ব্ৰতী
নতুন প্ৰভাতৰ ঠিকনা বিচাৰি
কৰ্মপ্ৰেৰণাৰে দি যাওঁ
নিজৰ কৰ্তব্যৰ পৰিচয়।

প্ৰগতি গগৈ চাংমাই

________________________________________



🟣“নিঃসঙ্গতা”





নিঃসঙ্গতাই দিছে মোক
সেই সুখৰ পৰিচয়,
যি সুখ থাকে দূৰৰ মাজতেওঁ
হৈ এক বিস্ময়।

নিঃসঙ্গতাই শিকাইছে মোক
কষ্টৰ মাজত ভালেই থাকা,
কান্দোন ও অশ্ৰুবোৰক
হাঁহিৰ অন্তৰালত ঢাকি ৰখা।

নিঃসঙ্গতাই শিকাইছে মোক
কোনটো প্ৰকৃত ভালপোৱা,
ও কোনটো কেৱল আবেগ,
মিছা অভিনয়, মিছা আশা।

নিঃসঙ্গতাই শিকাইছে মোক
এই জীৱনৰ মানেটো কি!
হাজাৰ মানুহৰ ভিৰত
সেয়ে আজিও মই নিঃসঙ্গ।

               ✍️ আশ্বিকুৰ ৰহমান শিকদাৰ।
                      জুৰীয়া, নগাঁও (অসম)
_________________________________________



🟡এবাৰ আহিবাচোন বৰপেটালৈ

             



 
বন্ধু,
এবাৰ আহিবাচোন বৰপেটালৈ
মৃত বেঁকী-মানাহৰ পাৰত অৱস্থিত
মোৰ এই বিনন্দীয়া চহৰৰ লগত
দিম তোমাক চিনাকি কৰাই
হাউলী পাটবাউসী সৰ্থেবাৰী
আৰু বৰপেটা সত্ৰখন।

এবাৰ আহিবাচোন বৰপেটালৈ
বিভিন্ন ঠাইৰ পৰ্যটকসকল
ঐতিহাসিক হাজোৰ পোৱা মক্কা
আৰু হয়গ্ৰীৱ-মাধৱ মন্দিৰলৈ
আহে হাজাৰ হাজাৰ দৰ্শনাৰ্থী
হিন্দু-মুছলমানৰ ই পবিত্র মিলন ভূমি।

চাই যোৱা বন্ধু, ই বৈকুণ্ঠধাম
সত্ৰনগৰী বৰপেটা চহৰ
বিভিন্ন সত্ৰৰ সমাগম
বৰপেটাৰ হোলী আৰু হাউলীৰ ৰাসমেলা
বিশ্ব বিখ্যাত মহামিলনৰ পৱিত্ৰ স্থলী
হিন্দু-মুছলমান শিখ-জৈন-খ্ৰীষ্টান
একতাৰ নিদৰ্শন বৰপেটা চহৰখন।

এবাৰ চাই যাবা
বৰপেটাৰ হাতী দাঁত আৰু বাঁহ বেত
সৰ্থেবাৰী কাঁহ-পিতলৰ উদ্যোগ
ঐতিহাসিক হাজো চহৰখন
ল'বাহি ইয়াৰ বিশুদ্ধ বায়ু-পানী
অতিকে আপোন।


এছ ইছলাম শিক্ষক
              পঃমইনবৰী বৰপেটা

_________________________________________



🟡এক অন্তহীন যুদ্ধৰ অংগীকাৰ




  
এতিয়া নীৰৱ নিস্তব্ধ ৰাতি
শান্তিৰ কোলাত শুই পৰিছে ধৰিত্ৰী।                
কিন্তু,                                                                 
   মোৰ আৰম্ভ হৈছে এক অন্তহীন যুদ্ধৰ অংগীকাৰ !
দুচকুত দপ্ দপ্ কৈ জ্বলি উঠিছে প্ৰতিহিংসাৰ জুই!
মোৰ বজ্ৰমুষ্ঠি হাতত চিকমিক কৈ উঠিল চোকা দা

এৰা , মই অনামিকা কলিতাই কৈছোঁ ---
"আপুনিয়েই কওঁকচোন ,ডাঙৰীয়া
যেতিয়া ৰঙীন স্বপ্ন দুঃস্বপ্নত পৰিণত হয় নিমিষতে
পৰম শান্তিৰে বুকুত সাৱটি লোৱা কোমল ফুলপাহ
এক বিষাক্ত সাপ হৈ দংশন কৰে অনবৰত ;
কলিজাৰ কেঁচা তেজ চুহি চুহি খায় !"

"আপুনিতো ভালকৈ বুজি পায়,ডাঙৰীয়া -
নাৰীয়ে পৃথিৱীৰ সকলো যন্ত্ৰণা উপেক্ষা কৰে ;
কিন্তু, প্ৰেমৰ প্ৰতিদ্বন্দিতা কৰা প্ৰতিদ্বন্দ্বীক ?
ভণ্ড স্বামীৰ যেতিয়া মুখৰ আঁৰৰ মুখা খোল খায় ?"
সেয়ে,  পুষ্পৰ দৰে সুকোমল হৃদয় মোৰ
নাৰীত্বক বিসৰ্জন দি বজ্ৰৰ দৰে কঠিন হৈ পৰিল
আৰু মই হৈ পৰিলোঁ এক বিষধৰ নাগিনী !

এতিয়া নীৰৱ নিস্তব্ধ ৰাতি
শান্তিৰ কোলাত শুই পৰিছে ধৰিত্ৰী।
কিন্তু,
মোৰ আৰম্ভ হৈছে এক অন্তহীন যুদ্ধৰ অংগীকাৰ !
কেঁচা মঙহৰ গোন্ধত মতলীয়া                                               
  দুজন চৰিত্ৰহীন কামুকৰ দুৰ্বলতাৰ সুযোগ লৈ
আৰম্ভ হ'ল মোৰ ব্লু-ষ্টাৰ অপাৰেশ্বন  (Blue -star operation)
হাতৰ চোকা দাৰ নাচোনত দুটি দেহ দ্বিখণ্ডিত হ'ল।

এতিয়া এইখন পুৰুষ -প্ৰধান সমাজৰ চকুত
মই এজনী মায়াৱিনী, ৰহস্যময়ী,কলঙ্কিনী ,
অপৰাধী, দ্বিশ্চৰিত্ৰা হত্যাকাৰী নিষ্ঠুৰ নাৰী !

অথচ, অবিৰতভাবে  চলি আছে মোৰ
এক অন্তহীন যুদ্ধৰ অংগীকাৰ !!


✍️নাছিৰ আহমেদ ,শিমলাবাৰী, গোৱালপাৰা


==================================



🔵তুমি নাভাবিবা




মই মনে মনে থাকোঁ বুলি নাভাবিবা মোৰ অভিমান নাই বুলি।
মোৰ অভিমানতকৈ তোমালৈ ভালপোৱা বেছি।
মই বাৰে বাৰে আগতে মেচেজ কৰি থাকোঁ বুলি নাভাবিবা মোৰ আত্মসন্মান নাই বুলি।
মোৰ ভালপোৱাক প্ৰতিযোগিতা বুলি নাভাবিবা।
কোন আগত ,কোন পিছত মোৰ  ভালপোৱাত এইবোৰ অৰ্থহীন।
মোৰ চকুপানী দেখা নাই বুলি নাভাবিবা।
মোৰ অন্তৰখন কঠিন বুলিহে তুমি দিয়া তিতাখিনি মিঠা বুলি গ্ৰহণ কৰোঁ।
চকুপানীবোৰ উশাহত তোমাৰ নামত শান্তি হৈ নিগৰে।
গুচি যাওঁ বুলি কোৱাৰ পিচতো বাৰে বাৰে ওভটাই আনো তোমাক মোৰ কাষলৈ।
নাভাবিবা মই বৰ অকলশৰীয়া বুলি।
আনৰ দৰে মৰমৰ শব্দ লগাই মৰম দিব নোৱাৰা বাবে নাভাবিবা তোমালৈ মৰম নাই বুলি।
মোৰ মৰমবোৰ অন্তৰত থাকে শব্দ নহয়।


=================================



🔵মনত পৰিছে তোমাক






কাইলৈ পৰিবহি বহাগ,
আজি বৰকৈ
মনত পৰিছে তোমাক ।
যোৱা বছৰৰ দৰে,
নাই যে তুমি
মোৰ কাষৰত ।
কাঁচিয়লি ৰ'দৰ তলত,
চম্পাৱতী নদীৰ কাষত,
তুমি দিছিলা এখনি
ফুলান গামোচা,
আছে নে তোমাৰ মনত ।
কিন্তু.....
আজি তুমি নাই
মোৰ কাষত ।
বৰকৈ পৰিছে ও
তোমাক মনত ।।

                 ✍️ মানসজ্যোতি ৰায় ।
                        চিৰাং (অসম)
           

==================================


নিঃসঙ্গতা




নিঃসঙ্গতাই দিছে মোক
সেই সুখৰ পৰিচয়,
যি সুখ থাকে দূৰৰ মাজতেওঁ
হৈ এক বিস্ময়।

নিঃসঙ্গতাই শিকাইছে মোক
কষ্টৰ মাজত ভালেই থাকা,
কান্দোন ও অশ্ৰুবোৰক
হাঁহিৰ অন্তৰালত ঢাকি ৰখা।

নিঃসঙ্গতাই শিকাইছে মোক
কোনটো প্ৰকৃত ভালপোৱা,
ও কোনটো কেৱল আবেগ,
মিছা অভিনয়, মিছা আশা।

নিঃসঙ্গতাই শিকাইছে মোক
এই জীৱনৰ মানেটো কি!
হাজাৰ মানুহৰ ভিৰত
সেয়ে আজিও মই নিঃসঙ্গ।

        ✍️ আশ্বিকুৰ ৰহমান শিকদাৰ।
             জুৰীয়া, নগাঁও (অসম)


===========================



🔵তোমাৰ অন্তৰলৈ

               



তোমাৰ অন্তৰলৈ ,
মোৰ অনুভূতিৰ
পৰিচয় শূন্য ।
তোমাক আঁকোৱালি
মোৰ অকলশৰীয়া জীৱন ,
বহু পৰিপূৰ্ণ ।
তথাপি মোৰ প্ৰতি ,
বিন্দুময় ভালপোৱাৰ
মনোভাৱ নাই তোমাৰ ।
আছে কেৱল ,
ঘৃণা ভৰা
বিৰক্তিৰ সন্ধান ।

                          ✍🏻ৰুম্পী দাস                          
                            ভালুকমাৰী
              ৰাণীপুখুৰী ,  হোজাই


=================================


🟣মোৰ প্ৰতিপল






আজি মোৰ প্ৰতিপল
তোমাকেই মাথোঁ ভাবে,
তুমি অবিহনে যেন
একোৱেই ভাল নালাগে।
সুখ-দুখৰ প্ৰতিটো কথা
ক'বলৈ মন যায়,
হৃদয়ৰ কোমল স্পন্দনে
তোমাকে ভাবি ঢেউ উঠে।
পৰ পৰ তুমি জন
হ'লা অতিকৈ আপোন,
প্ৰতি নিদ্ৰাত তোমাকলৈ
দেখো বহু সপোন।
প্ৰতিপলৰ লগৰী তুমি
সাক্ষী আছে হৃদয়,
মোৰ প্ৰতিটো ভাবনাত
জিলিকি আছা সদায়।

                              ✍️ শিল্পী দাস
     ভালুকমাৰী ৰাণীপুখুৰী, নগাঁও
   বাণিজ্য শাখাৰ চতুৰ্থ ষান্মাসিক
                      লংকা মহাবিদ্যালয়
                
==================================



🟢জীৱনৰ লক্ষ্য






জীৱনৰ যুঁজত
লক্ষ্য স্হিৰ কৰি ল'লে
লোৰ শিকলিয়েও বাধা দিব নোৱাৰে।
শৰীৰৰ পৰা বৈ যোৱা তেজেও
লক্ষ্যৰ পথেৰেই গতি কৰে।

লক্ষ্যহীন জীৱন
বৈঠা নথকা
নাওঁৰ দৰে।
লক্ষ্যই মানুহক
সাফল্যমণ্ডিত কৰে।

যুঁজিব পাৰিলে
এগৰাকী পংগুয়েও
পাহাৰ বগাব পাৰে।
প্ৰতিবাদী মনে সদায়
ইতিহাস ৰচিব পাৰে।

পাৰিম বুলি মগজুত বহাই ল'লে
কৰিম বুলি মন বান্ধি ল'লে
বিষাদেও হাৰ মানিবলৈ বাধ্য হয়।
জীৱনৰ অৰ্থ বুজি পালে
জীৱন সাৰ্থক হয়।



✍️চুমিয়া আকতাৰা
উদমাৰী, নগাঁও
ফোন নং: 9395341929




=================================


              🟤 "শিশু শ্ৰমিক"





পখিলা খেদি ফুৰা বয়সত
শিশুৱে পঢ়িব লাগে পাঠশালাত
অন্ন বস্ত্ৰৰ দৰিদ্রতাই কোঙা কৰা
পেটৰ ক্ষুধা নিবাৰণৰ অসহ্য যন্ত্ৰণাত
শূন্যত বিলীন হয় শিক্ষাৰ অধিকাৰ
কোমল হাত দুখন হয় শ্ৰমৰ হাথিয়াৰ,
তথাকথিত উচ্চ ধনবিতৰ আলয়ত ।

মালিকৰ ঘৰত দোকানত পথাৰত
কল-কাৰখানাত গেৰেজত হোটেলত,.
পুৱাৰ পৰা নিশা দ্বি প্ৰহৰলৈকে
হাড় ভঙা নিয়ম বিহীন শ্ৰম কৰে,
শৈশৱৰ ৰংবোৰ দৈন্যতাই কাঢ়ে--!

এটি বিকৃত নামে চিনাকি- 'পোৱালি '
হীন-দেৰি দায় দোষৰ অকাৰণত
অনবৰত মালিক পক্ষৰ ক্ৰোধৰ বলি
চৰ ভুকু কিল শ্ৰমৰ বৰ্বৰ উপহাৰ
দৈহিক মানসিক অসহিষ্ণু অত্যাচাৰ
লগত থাকে শ্ৰতিকটু অশ্লীল গালি  ।

শিশু শ্ৰমিকৰ কোমল নিষ্কুলুষ মনে
মালিক পক্ষৰ পৰা মাথোঁ বিচাৰে
এধানিমান মৰম আৰু দৰদী মাত
সহানুভূতি উদাৰতা-কিছু সহায়ৰ হাত
কৰ্ম্মৰ ফাকে ফাকে ক্ষন্তেক বিনোদন,
শ্ৰমৰ মৰ্য্যাদাৰ বিনিময়ৰ প্ৰাপ্য ধন
কিন্তু বিনিময়ত উপলব্ধ হয়  কি?
হতাশা কলঙ্ক মজুৰি কৰ্তন হীনমন্যতা
হেৰুৱাই পেলায় জীৱনৰো নিৰাপত্তা
শেষ পৰিণতি নিৰুদ্দেশ বা আত্ম-হনন-!
হায়! শিশু শ্ৰমিকৰ কদর্যময় জীৱন..
মানৱৰ মানৱতাৰ হৈছে নেকি পতন--?


✍️আমিৰ হুছেইন আহমেদ ।
বকো, বামুণবড়ী ।


=================================


  🔴 "প্ৰেম"



       

তোমাৰ চকুলে চালে,
নামি আহে প্ৰেমৰ বৰষা।
কাজলসনা নয়নজুৰিত
জিলিকে ভালপোৱাৰ চন্দ্ৰমা।
তোমাৰ দীঘল চুলি প্ৰত্যক্ষ মোৰ,
যেন মিলনৰ ডোল।
মোৰ ফালে চাই দিয়া
তোমাৰ মিচিকিয়া হাঁহিটিতে
মৰমৰ নিজৰাখনি বয়।
চকুয়ে কথা কয়
তুমি হেনো মোৰ।
তোমাৰ খোজত,
লাহি-পাহি দেহৰ ভাজত
মোৰ হিয়া হয় প্ৰফুল্ল।


কবিঃ সমুজ্জ্বল ডেকা, ৰঙিয়া


==================================




🟠অনুসংগ

চালেও চকু বিষাই
নদী হ'লে বৈ যায় ,

নীৰৱতা সহ্য কৰি
নিঠৰ হৃদয় ৰৈ যায়
হঠাতে,গীত গোৱা চৰাই ,
আকাশৰ বাওলী বতাহ জাকি হেৰাই যায়
হেঁপাহত আকুৱালি ল'লে
কিয় যানো দূৰলৈ উৰা মাৰে ?
ভাল পোৱাৰ মূল্য নুবুজি...

বৰষুণ হ'লে ভিজা হৃদয়
মৰম নহ'লে মিছা প্ৰণয়!!
এটি আশা কিয়নো জাগে
নেদেখিলেই  হিয়া ভাগে।।


                          --- সূৰজ বৰগোহাঁই, মৰিঢল 



=================================



🟡অহংকাৰ





পূৱাৰ বেলি সকলোৰে
ছালাম লৈ উদয় হয়,
লগে- লগেই
পোহৰ বিলাই,,
ছাঁ দিয়ে কেতিয়াবা
ৱতৰ দাওৰীয়া হয় ।
আকৌ কেতিয়াবা
ৰ'দ দিয়ে!
সলনি হয় ৱতৰৌ--
একেটাই আছমান
একেই জমিন---
কৰোঁৱত আছে পানী।
কিন্তু আমিবোৰ কি
প্ৰাণী মানৱ নহয়--
বিধাতাৰ লগতো
কৰোঁ ঠাটামি!!

✍️ জাকিৰ হুছেইন
  গাওঁ -মাহগুৰি(টাইবেল)
জিলা_নগাওঁ(অসম)
যোগা _+918139862693




===============================



⚪বৰষুণৰ বাবে অপেক্ষা


মই বৰষুণৰ বাবে অপেক্ষা কৰি আছোঁ।
বৰষুণত মই তিতি যাম

কোনেও ৰৈ নাথাকিব,
কোনেও ছাতি ধৰিব নোৱাৰিব,
কোনো সঙ্গীও নাথাকিব,,,, মই অকলে তিতিম!

সেইদিনা চকুত চকুলো নাথাকিব,
ঘৰৰ স্মৃতিবোৰ ৰৈ নাথাকিব।
সেইদিনা মই হাঁহিম...
এই ভ্ৰমহীন চহৰৰ পৰা মুক্তি পায় সুখী!!

হৃদয়খন খুলি শান্তিৰে হাঁহিম!
যি দিনা মই মুক্তি লাভ কৰিম, সেই দিনা সুখ পাম!

এনে সুখ, যি হেৰুৱাবলৈ ভয় নকৰোঁ...
তাক বোলে .... চিৰন্তন সুখ!
                 
যিটো মোৰ ইচ্ছা! মই তিতি যাম!!!
বাধা নিদিয়াকৈ তিতি যাম
হেজাৰ হেজাৰ মৃতদেহৰ ভিৰ..
এটা শ্বশান ও কবৰস্থানত!


✍🏻 মোঃ নুৰ ইছলাম ক্বাদৰী।
           চিৰাং, অসম
      

===============================





🟣তুমি জানো সঁচাই সুখী নে ?




সময়ে সকিয়াই যায়
দুদিনীয়া জীৱনৰ  প্ৰকাশ ভঙ্গী
বুজালে বুজি পাব লাগে
অচিনাকী হৈ আঁতৰি নাযায়
মিলাপ্ৰীতিৰ এক চিহ্ন যাত্ৰাৰে
জীৱন পথত সদায় এখোজ আগবাঢ়ি
চিন হৈ ৰ'ব  দুভৰি খোজ ।

জোনাকীৰ এধানি আশাত
অনাকাংক্ষিত বিষাদ ছাঁ
মৌন ওঠৰ হাঁহিৰ স্পৰ্শ
মহানদী হৈ বাগৰে
বুকুয়েদি সমুদ্ৰাভিমুখে   হবানে
তুমি জানো    সঁচাই সুখী নে
মই বিহীন জীৱনৰ  অচিন মৰম ।

আনে সুধিলে তোমাৰে বতৰা
বুকুৰ ভিতৰৰ   ভাৱ প্ৰৱণতাৰ ব্যথা
ক'ৰবাত ঢৌৱে ঢৌৱে সুললিত শব্দৰে
পাৰ্থিৱ প্ৰেমেৰে আকুলতাৰ বন্ধন
মধু যাত্ৰাৰ অনাবিল আশা   ।



                ✍️ যমুনা দুলু বৈশ্য 
                      শুৱালকুছি


=================================



🔴বসন্তই সানে খেতিয়কলৈ সেউজী সুগন্ধ





বসন্তই সানে খেতিয়কৰ হৃদয়ত
প্ৰশান্তিৰ সেউজী সেউজী সুগন্ধ |

ফাগুন অহা মানে বসন্তৰ আগমণ
খেতিয়কৰ পথাৰত
সোণগুটি শইচ সিঁচাৰ বতৰ ,
এই বসন্ততে ঠন ধৰি উঠে
খেতিয়কৰ আশাভৰা সপোনবোৰ  |

এজাক বৰষুণৰ বতৰা লৈ আনে
খেতিয়কলৈ বুলি বসন্ত ককায়ে
এই বৰষুণে দিয়ে
খেতিয়ক মনলৈ সুখৰ আনন্দ |

বসন্ত মানে যেন
আলু,কচু,হালধি,ধান কঠীয়া সিঁচাৰ সময় |

নাঙলৰ  শিঁৰলুত লুকাই থাকে
খেতিয়কৰ কপালৰ ঘাম,
বসুন্ধৰাৰ উৰ্বৰা যৌৱনত
খেতিয়কৰ ওঁঠত বিৰিঙি উঠে
আশাভৰা সপোনৰ
সেউজী সেউজী প্ৰশান্তিৰ সুগন্ধ |

ব'হাগৰ বতৰত ৰ'দ বৰষুণ নেওচি
গৃহিনীয়ে বন নিৰায় ,
দুচকুত সোণগুটি ভঁৰালৰ
অযুত আশা লৈ
লখিমীক অাদৰাৰ প্ৰস্তুতি চলায় |

বসন্তৰ সেউজবুলীয়া ৰঙত
প্ৰকৃতি মনোমোহা হৈ পৰে,
খেতিয়কে নিজক পাহৰি
গছ-লতিকা ,চৰাই-চিৰিকতিৰ সৈতে
মিতিৰালি কৰি আত্মহাৰাত
থৌকি বাথৌ হৈ নাচে |

বসন্তৰ বতৰত কমোৱা তুলাৰ দৰে
উৰি যায় খেতিয়কৰ মন
ব'হাগত কুলিৰ মাতত ৰ'ব নোৱাৰি
দেহ- মন ৰজনজনাই যায় ,
ঢোল-পেঁপা-গগনাৰ গুমগুমনিত
খেতি-পথাৰ এৰি ক্ষন্তেকৰ বাবে নাচে
বসন্তৰ  পৰশ পায় ||



✍🏻বিজুলতা পায়েং,গোগামুখ

        

============================


🟤আইৰ বিননি :-

 



চৌদিশে অনিয়মৰ ত্ৰাস
হিংসাই দহিছে সমাজ,
হাজাৰজনৰ ৰক্ত প্লাৱন কৰি
কেনেকৈ জীয়াই থাকো ?
এয়াই আজি সমাজৰ মূলসূত্ৰ ।
চাৰিওফালে কেৱল দেখো ...
লোভ , মোহ , হিংসা আৰু অহংকাৰেৰে ভৰা
এক জঞ্জাল পৃথিৱী ।

ৰাজনীতি ৰুঢ় বাস্তৱ - কদৰ্য আৰু ভয়ানক
চৌদিশে স্বাধীনতা, স্ব - অধিকাৰ ৰক্ষাৰ দাবীত
উত্তাল ৰাজপথ , ৰক্তপাত , লুণ্ঠন
ধৰ্ষণ আৰু বিস্ফোৰণত আতঙ্কিত নি : কিনজন।
চৌদিশে দেখিছোঁ মৰিশালী ...
মানুহৰ দেখোন অস্তিত্বই নাই ।

চোৱা সকলোৱে...
সন্তানৰ কু - কৰ্মৰ চিৰসাক্ষী প্ৰকৃতি আইয়ে
আজি নীৰৱে চকুলো টুকিছে ।
আৰু...
আমিয়েই দিছো আমাৰ আইৰ চকুত চকুপানী।
এই সেউজীয়া গছ - গছনিসমূহ
আমাৰ ভাই-ভগ্নী
আৰু...
আমিয়েই আমাৰ ভাই - ভগ্নীৰ হত্যাকাৰী।
ধিক , প্ৰকৃতিৰ এনে সন্তান!

কিমান ৰাতি আৰু উজাগৰে প্ৰকৃতি আয়ে
উচুপি থাকিব?
যদি সঁচা অৰ্থত আমি অসমীয়া হয়,
সঁচাই যদি গঢ় দিব বিচাৰো
সুন্দৰ সেউজীয়া পৃথিৱী
ওলাই আহা সকলো
বৰলুইতৰ পাৰত বাহুৰ উদ্যমেৰে গঢ়ো
নতুন  অসম !!
শেষ হওঁক দুৰ্নীতি, কপটতাৰে ভৰা
বিশৃঙ্খল সমাজৰ অনিয়ম ,
হৈ পৰক সেউজীয়া প্ৰকৃতিৰ সেউজীয়া মন
প্ৰকৃতি আয়ে অশ্ৰু মোহাৰি
প্ৰশান্তিৰ হাঁহি মাৰক!!



নাম: শ্ৰী পৰিস্মৃতা দত্ত।



============================


🟠আমি পোহৰ বিচাৰি যাওঁ

          





'আমি পোহৰ বিচাৰি যাওঁ
আন্ধাৰৰ কাল যৱনিকা ভেদি
সিপাৰে কি আছে চাওঁ '
হে ভাষাৰ ওজা তুমি
দৃষ্টিহীনক দিলা জ্ঞান চকু দান
ভাষাক  কৰিলা বিশ্বজনীন
হেমকোষ থকালৈকে বিশ্বত
জিলিকি থাকিব তোমাৰ নাম।
বিশ্বৰ বুকুত বিন্দুৰ ৰূপত
জিলিকিল ভাষা জননী
গঢ়িছে বিশ্ব অভিলেখ ।
বিৰাষী কিলো আঠশ গ্ৰাম ওজনেৰে
একৈশ টা খণ্ড ছটা উপখণ্ডেৰে
ওপচাই দিলা
ভাষাত চহকী হ'ল জননী
দহ হেজাৰৰো অধিক পৃষ্ঠাৰ
নবৈ হেজাৰৰো অধিক শব্দ থকা
গোটেই বিশ্বতে বিৰল অভিধান ।
আজি দৃষ্টিহীনৰ উঠিছে আনন্দৰ জোৱাৰ
আইৰ মুখৰ ভাষাৰ আলোকময়ী যাত্ৰাত
ৰাজ্যত উঠিছে উচাহৰ ধল  ।
হে ভাষাৰ ওজা তোমাৰ উত্তৰ পুৰুষে
পাঁচ বছৰৰ নিৰলস সাধনাৰে গঢ়িলে বিশ্ব অভিলেখ ।
এক মে ৰ দিনা আনুষ্ঠানিক পত্ৰ প্ৰদান কৰি গীনিছ বুকে দিব তাৰে উৎকৃষ্ট প্ৰতিদান ।
চেষ্টাৰ অসাধ্য একো নাই
তোমাৰ উত্তৰ পুৰুষে
তাৰেই কৰিলে প্ৰমাণ ।
দৃষ্টিহীনৰ প্ৰতি ৰচিলে
উৎকৃষ্ট অৱদান ।
ভাষাৰ মুৰ্মূষু সময়ত
বিশ্ব দৰবাৰত তোমাৰ
চিন্তা চেতনা  অনবদ্য বৰঙণিৰে
আৰু এখোজ আগুৱাই গ'ল
পুনঃ জিলিকি উঠিল তোমাৰ নাম ।




      মেঘালী বৰা
        গুৱাহাটী, হেঙেৰাবাৰী



================================



⚫এক অন্তহীন যুদ্ধৰ অংগীকাৰ






  
এতিয়া নীৰৱ নিস্তব্ধ ৰাতি
শান্তিৰ কোলাত শুই পৰিছে ধৰিত্ৰী।                
কিন্তু,                                                                 
 মোৰ আৰম্ভ হৈছে এক অন্তহীন যুদ্ধৰ অংগীকাৰ !
দুচকুত দপ্ দপ্ কৈ জ্বলি উঠিছে প্ৰতিহিংসাৰ জুই!
মোৰ বজ্ৰমুষ্ঠি হাতত চিকমিক কৈ উঠিল চোকা দা

এৰা , মই অনামিকা কলিতাই কৈছোঁ ---
"আপুনিয়েই কওঁকচোন ,ডাঙৰীয়া
যেতিয়া ৰঙীন স্বপ্ন দুঃস্বপ্নত পৰিণত হয় নিমিষতে
পৰম শান্তিৰে বুকুত সাৱটি লোৱা কোমল ফুলপাহ
এক বিষাক্ত সাপ হৈ দংশন কৰে অনবৰত ;
কলিজাৰ কেঁচা তেজ চুহি চুহি খায় !"

"আপুনিতো ভালকৈ বুজি পায়,ডাঙৰীয়া -
নাৰীয়ে পৃথিৱীৰ সকলো যন্ত্ৰণা উপেক্ষা কৰে ;
কিন্তু, প্ৰেমৰ প্ৰতিদ্বন্দিতা কৰা প্ৰতিদ্বন্দ্বীক ?
ভণ্ড স্বামীৰ যেতিয়া মুখৰ আঁৰৰ মুখা খোল খায় ?"
সেয়ে,  পুষ্পৰ দৰে সুকোমল হৃদয় মোৰ
নাৰীত্বক বিসৰ্জন দি বজ্ৰৰ দৰে কঠিন হৈ পৰিল
আৰু মই হৈ পৰিলোঁ এক বিষধৰ নাগিনী !

এতিয়া নীৰৱ নিস্তব্ধ ৰাতি
শান্তিৰ কোলাত শুই পৰিছে ধৰিত্ৰী।
কিন্তু,
মোৰ আৰম্ভ হৈছে এক অন্তহীন যুদ্ধৰ অংগীকাৰ !
কেঁচা মঙহৰ গোন্ধত মতলীয়া                                  দুজন চৰিত্ৰহীন কামুকৰ দুৰ্বলতাৰ সুযোগ লৈ
আৰম্ভ হ'ল মোৰ ব্লু-ষ্টাৰ অপাৰেশ্বন  (Blue -star operation)
হাতৰ চোকা দাৰ নাচোনত দুটি দেহ দ্বিখণ্ডিত হ'ল।

এতিয়া এইখন পুৰুষ -প্ৰধান সমাজৰ চকুত
মই এজনী মায়াৱিনী, ৰহস্যময়ী,কলঙ্কিনী ,
অপৰাধী, দ্বিশ্চৰিত্ৰা হত্যাকাৰী নিষ্ঠুৰ নাৰী !

অথচ, অবিৰতভাবে  চলি আছে মোৰ
এক অন্তহীন যুদ্ধৰ অংগীকাৰ !!



নাছিৰ আহমেদ ,শিমলাবাৰী, গোৱালপাৰা ।



=================================



🔴যাত্ৰা

                             



                  

জীৱনৰ খলা-বমা পথত
এৰি অহা সঁচা কাহিনীবোৰে
কেতিয়াবা প্ৰতিবাদ কৰিব খোজে
অতি সংগোপনে---!

অনুভৱৰ ছন্দোময় ক্ষণবোৰত
বিচৰণ কৰা অন্তৰ আত্মাই
তেতিয়া হাহাকাৰ কৰে
নীৰৱে--আকুলতাৰে।

অপ্ৰকাশ্য জীৱন গাথা
ৰুদ্ধ প্ৰকাশৰ পথ
উক্ মুকাই থকা উত্তেজনাবোৰে
তচ-নচ কৰে হৃদিকক্ষ !

যেন সকলো প্ৰতিবন্ধকতা নেওচি
ল'ম যেন এক অভিনৱ পদক্ষেপ,
শৃংখলমুক্ত হ'ব এটি বিহংগ
যাত্ৰা হ'ব তাৰ দিগন্ত প্ৰসাৰী...।



                               আয়নাল হক চৌধুৰী
                                    ধুবুৰী , আগমণি

                                                  


 _____________________________________




🟤ফাগুনীৰ বিয়া





ফাগুনৰ পুৱাতে খিৰিকীৰ কাষতে  ।
দেখিলোঁ তোমাৰ ছবিখন যে ইয়াতে। ।

মদাৰ ,পলাশ, শিমলু যে স্বাগতম ।
ধৰণীখন জাকজমক যে কৰিম।।

পাখি লগা মন  মতলীয়া  উৰি ফুৰে ।
ফাগুনৰ সৌন্দৰ্য্যত মন  মোৰ উৰে। ।

ফাল্গুণীৰ বিয়া যে পলাশৰ লগত ।
দুয়োৰো বিয়া যে জগতৰ নিয়মত। ।

ৰভা মণ্ডপখন  ধৰণীৰ তলত।
কন্যা  বহিব সৰা পাতৰ ওপৰত ।।

ভোমোৰা আহিব গুণগুণাই  গাবলৈ ।
মৌ মাখি আহিব যে বিয়াৰ মিঠাই লৈ। ।

মদাৰ ফুল আহিব ৰঙা শাৰী পিন্ধি ।
চজিনা ফুল আহিব বগা শাৰী পিন্ধি ।।

পচোৱা বতাহ যে আহিব নাচি নাচি ।
কমোৱা তুলা লৈ যে বিয়াত সাজি -কাঁচি ।।

উত্তৰ পৰা দক্ষিণলৈ বলা পচোৱা ।
উৰুৱাই নিব  যে কন্যা জনীক চোৱা ।।

  বৰদৈচিলা আহিব কন্যাক নিবলৈ ।
সকলো তচনচ কৰি যাব  কন্যা লৈ। ।



✍️ছেলিমা বেগম
জিলা নগাঁও।
গাঁও মেলেকাধিং
ডাকঘৰ বলিকটীয়া
পিন নম্বৰ 782122

________________________________________




         অনুগল্প শিতান


শ্ৰমিক সকলৰ উচিত বিচাৰ লাগে 


মন্ত্ৰী মহোদয় আজি আমি কৃষক সকলে আপোনাৰ ওচৰত আহিছোঁ, আমাৰ হাড় ভঙা কষ্টৰ বিনিময় উচিত মূল্য বিচাৰি। এনেতে মন্ত্ৰী মহোদয়ে খঙতে অগ্নি শৰ্মা, এজন কৃষকে মাত লগালে হেৰৌ মহোদয় এই খন ওপৰ মহলাত বহি বহি পেটত ভাত দিব নোৱাৰিব আমি কৃষক সকলে শস্য কৰি দিলে হে পেটত যাব। কথাটো শুনি মন্ত্ৰী সুৰেশ শৰ্মা লাজ পাই মূখখন হেঁতা পৰিল।



অণুগল্প 

ছেলিমা বেগম।



_______________________________



অণুগল্প



        চুঙা চাই সোপা 



      বহুত দিনৰ মূৰত মনা ৰত্না হঁতৰ ঘৰলৈ আহি বেগটো খুচৰি কেইখনমান ফটো উলিয়াই ৰত্নালৈ আগবঢ়াই দি ক'লে চা এইজনী ছোৱালী আমাৰ মামা হঁতৰ ঘৰৰ ওচৰৰে তোৰ দেওৰলৈ কেনে হ'ব  দেখাই শুনাই পঢ়া  একোতে পেলাব নোৱাৰি ।  দেউতাকে উচগত মাটি একঠা পাচ লেচাও দিব বুলি কৈছে  । এইজনী আকৌ এল আই চি অফিচত চাকৰি কৰে এনেকৈ কেইবাজনী ছোৱালীৰ ফটো দেখুৱাই ক'লে তোৰ যি জনীকে ভাল লাগিছে কথা পাতিব পাৰ ।  আন নহ'লেও ধৰ্ম হ'ব । ৰত্নাই ক'লে সি কোনোমতে চাকৰিটোত সোমাইছেহে এইবোৰ কথা লাহে ধীৰে চিন্তা কৰিলেও হ'ব মনা । জন্ম মৃত্যু বিবাহৰ কথা কোনেও নাজানে এইবোৰ সকলো সময়ত ঠিক হৈ যাব । মনাই   তৎমুহূৰ্ততে কৈ উঠিল ধনঘটা দেওৰেক লগত থাকিলে কোনো নবৌয়েকে বিয়াৰ কথা নাভাবে । ৰত্নাই লাহেকৈ ক'লে দূৰৰ পাহাৰ দূৰৰ পৰাহে ধুনীয়া ।




    মেঘালী বৰা 

    গুৱাহাটী, হেঙেৰাবাৰী ।

   

দ্বিতীয় বছৰ, এপ্ৰিল মাহ, দ্বিতীয় সংখ্যা

◼️দ্বিতীয় বছৰ◼️এপ্ৰিল মাহ◼️ দ্বিতীয় সংখ্যা

       কবিতা শিতান


           ⭕️ দুই বন্ধু
(ঈছপৰ সাধুৰ আধাৰত ৰচিত)
         (শিশু কবিতা)

নলে গলে লগা দুই বন্ধুয়ে
চহৰ লৈ বুলি খোজ ল'লে,
গভীৰ অৰণ্যৰ মাজ ভাগতে
ভালুক এটাই বাট ভেটিলে !

ভয়ত থৰহৰি কম্পমান হৈ
প্ৰথম বন্ধুয়ে গছত উঠিল,
দ্বিতীয় বন্ধুয়ে দোৰি গৈ গৈ
মাটিত দীঘল দি শুই পৰিল !

পঙ্গু ভালুকেও মৰা শ' নাখায়
পুথিত পাইছে ভালকৈ জানে,
দ্বিতীয় বন্ধুয়ে  মৰাৰ ভাও লই
দম বন্ধ কৰি ৰ'ল মনে মনে !

ভালুকে আহি পৰীক্ষা কৰিলে
নাকে কাণে মুখে শুঙি চালে ,
দুখ মনেৰে সি মৰা বুলি এৰিলে
হাতত পায়ো বাটত হেৰুৱালে !

গছত উঠা বন্ধুয়ে ভেবা লাগি চাই
খৰখেদাকৈ তল লৈ নামিল,
"বন্ধু! কি ক'লে সেই ভালুক কাই ?
মনত বৰ কৌতুহল জাগিল !"

উত্তৰ দিলে তপৰাই-উপায় নাপাই
"বিপদত পাবা বন্ধুৰ পৰিচয়,
বিশ্বাসহীন ঠগ বন্ধুক নল'বা চপাই
প্ৰকৃত বন্ধু কাষত থাকি যায় !"

আমিৰ হুছেইন আহমেদ |

_________________________________________

⚪️ব্যস্ততা যেতিয়া অজুহাত হয়


হাঁহিলে হাঁহিব, মাতিলে আহিব
এইয়া জীৱন বাটৰ সুৰ।
সুৰৰ জালত আবদ্ধ
মানৱীয়তা আজি সত্য পথৰ অনুসন্ধানত নিৱদ্ধ।

সঁচা কোন,
মিছা কোনো?
প্ৰমাণ ল'বলৈ সকলো বস্তাত আবদ্ধ!

নাই কোনো সত্যতা
নাই কোনো সঠিক নিৰূপণ।
অৰ্থহীন কথাই জুৰুলা কৰা মানৱ আজি ব্যস্ততাত নিৱদ্ধ।

সঠিক পথৰ সন্ধানত
আত্মীয়তা আজি শত্ৰুৰ দিশে ধাৱবান।
আপোন জনৰ সন্ধানত
ব্যস্ততা যেতিয়া অজুহাত হয়
মৰম স্নেহ তেতিয়া কম হয়!

✍️কনমনি নাথ। বি'ব্লক (বাক্সা)

_________________________________________

🔴পিতৃপুৰুষ

✍️প্ৰগতি গগৈ চাংমাই , নাজিৰা

নাঙলুৰ সীৰলুত ধৰি
পথাৰ চহাই
সোণগুটিৰ ভৰত ধুনীয়া ধৰণী
পিতৃপুৰুষৰ বাবেই..
দুহাতেৰে কপি দাখন সাৱটি
দিন হাজিৰা কৰি
পোহপাল দিছিল পিতায়ে..
কঁপি কঁপি ঠাণ্ডাত
ফটা কেঠাখন মোৰ গালৈ উজাই দি
সুখী পিতাই...
অসুখে চুব নোৱাৰাকৈ সুখী তেওঁ
মোক মানুহ কৰাৰ স্বাৰ্থত..
এতিয়া পিতাই মোৰ বুঢ়া হ'ল
হাত ভৰিত বয়সৰ আঁচোৰ
তথাপি পিতাই আগৰণুৱা
মই কওঁ- 'শুনচোন পিতাই,
মই মানুহ হোৱাৰ পথত!
তোৰ কষ্ট অথলে যোৱা নাই ..
ভগৱানে কৃপা কৰিলে
চহৰত চাকৰিতো হ'ব
তোৰো-মোৰো দুখৰ দিন ওৰ পৰিব।

_________________________________________

🔴ঈদ মোবাৰক

সৌ চোৱা আকাশত
জোন উঠিছে;
উছৱৰ বতৰ ঈদৰ খবৰ
জোৱাৰ উঠিছে।

মিঠাই, স্বেমাই, পোলাও, নাস্তা
মায়ে বনাব;
নতুন কাপোৰ পিন্ধি অকণি হ'তে
উদৰ পূৰাই খাব।

ঈদ মানে আনন্দৰ উৎসৱ
মুক্ত হস্তে দান কৰা;
ঈদ মানে শত্ৰুতা পাহৰি
মিলা- প্ৰীতিৰে হাতে হাত ধৰা।

ঈদ মানে আত্মাৰ পৰিশুদ্ধি
সৌহার্দ্য ও সংহতি প্রকাশ কৰা;
ধনী-দুখীয়া, উচ্চ- নিম্ন
ভেদাভেদ পাহৰা।

বছৰ ঘুৰিল ঈদ আহিল
সকলোলৈ শুভেচ্ছা জনালোঁ;
সম্প্ৰীতিৰ এনাজৰীডাল অধিক
মজবুত হোৱাৰ কামনা কৰিলোঁ।।

✍️ এহিয়া আহমেদ।
বৰথল কছাৰী গাওঁ, মৈৰাবাৰী, মৰিগাঁও।
মোবাইল নং- ৮৮৭৬১২৩১২৪

_________________________________________

◼️অবুজ বেদনা

নিশাৰ গভীৰতাৰ লগে লগে
চাৰিওফালে মৰিশালীৰ নিস্তব্ধতা
ভাহি আহিছে কাৰখানাৰ শব্দ
নিদ্ৰা দেবী আজি যেন ৰূষ্ট

ঘড়ীৰ কাঁটা আৰু কেলেণ্ডাৰে
অতীতৰ পিনে ধাৱমান হৈছে
বুকুখন কোনোবা এঠাইত যেন
কিহবাই হেচাঁ মাৰি ধৰিছে,

কিহৰ বাবে নো আছিল যাত্ৰা
এক দীঘলীয়া সময়ৰ বাট...
জীৱনৰ বাট নে বাটৰ নাট
ধৰিবই নোৱাৰা হলো দেখোন,

অতি অভিমানী মন গহনত
হৃদয়ৰ গভীৰতাত ঠেঁহ পাতে
শব্দবোৰ যেতিয়া বেছি হৈ যায়
অৰ্থ হীন হয় সকলো  অনুভৱ,

শৰতৰ নিয়ঁৰ সনা সেমেকা ৰাতি
জীপাল হৈ উঠে কাৰনো প্ৰতিচ্ছবি
অনুভৱী হিয়াৰ  ৰাজকাৰেংত
ৰিঙিয়াই মাতে তপ্ত আখলত।।

✍️ঈশা ৰহমান, উত্তৰ গুৱাহাটী।
মোবাইল নং- ৬০০৩৯২২৭৫২

_________________________________________

🔵উত্তৰ নিমিলা অংক

                   ✍🏻ৰুম্পী দাস                               
                        ভালুকমাৰী
           ৰাণীপুখুৰী , হোজাই

তুমি এটা উত্তৰ নিমিলা অংক ,
              মই যি অংক ...
যোগ , বিয়োগ , হৰণ , পূৰণ কৰিও
     উত্তৰ মিলাব পৰা নাই ।
      গধূৰ কঠিন্যতাৰে ভৰা ,
            অংকৰ ভাৱ ,
  প্ৰাধান্যময় সকলোৰ কাষত
         তুমি হ'ব নিবিচৰা ।
            বহু হেঁপাহেৰে ,
       অংক কৰাৰ চেষ্টাৰে
         আজি মই নিৰুপায় ।
     উতলা যৌৱনৰ আমনিত ,
       বাৰে বাৰে তোমাকেই
            দুচকুত হেৰাওঁ ।
             শিহঁৰণ জাগে
            শান্তিৰ দুৱাৰত ,
               সাৰে আছোঁ
           প্ৰতিক্ষণ তোমাক ...
     হৃদয়েৰে অনুভৱ কৰিবলৈ ।
           ভালপোৱাৰ ভৰাঁল
             সজাই ৰাখিছোঁ ,
        সহস্ৰ ব্যস্ততাৰ মাজতো ।।

              
_________________________________________

🔴দৰা - কইনা

               ✍🏻বিৰাজ বল্লভ নাথ
                    খগা, লখিমপুৰ

দুবাহুৰ কাষত, কইনাৰ সাজত
কেতিয়ানো দেখা পাম তোমাক ?
ৰভাতলি শুৱনি হʼব,
চৌদিশে উলহ - মালহ,
মাজে মাজে আয়তিৰ উৰুলি ।
বুকু ভৰি মৰম থকা
সপোন ৰাজ্যৰ ৰাণীজনী হʼবলৈ
তুমি আগুৱাই আহিবা কইনাৰ সাজত ।
আমি দুয়ো পিন্ধি লʼম,
লাজে লাজে এটি মিঠা হাঁহি ।
দুয়ো বহিম হুমৰ গুৰিত,
অগ্নিক সাক্ষী কৰি সাতপাক ঘূৰিম,
পুষ্প বৰ্ষা হʼব আমাৰ দেহা ।
নীৰৱে দুয়ো কথা পাতিম,
হৃদয়ে - হৃদয়ৰ সৈতে সুখ-দুখৰ ।
অতীতক পাহৰি সপোন ৰচিম
দুয়ো দুয়োৰে সৈতে ভৱিষ্যতৰ ।
ক্ষন্তেকতে দুয়ো মৌন হʼম,
তথাপি মৌনতাই কৈ যাব বহু কথা ।
বিষাদগ্ৰস্ত হৃদয়ে
পুনৰ হাঁহি উঠিব,
মই তোমাৰ দৰা আৰু
তুমি মোৰ কইনা হʼবা,
দুয়োৱে আৰম্ভ কৰিম
নতুন পথেৰে এক নতুন জীৱন ।

_________________________________________

🔴এটি পলৰ অনুভৱ

আকাশ ডাৱৰে ঢকা
নিৰৱ,
এজাকি সেমেকা শীতল বা
বলিব লাগিছে যেন
মোৰ কলিজাৰ শিঁৰে শিঁৰে...

বাগানৰ সেউজীয়া কুঁহি
বাওলী বতাহ ছাটিয়ে যাই চুমি  ।

মই ক'ত আছো?
মই থাকো ক'ত?

নিজকে পাহৰি যাঁও
বহল বুকুৰ পৃথিৱীত হাত ফুৰাই
দিক্ শুন্য হওঁ...

"মই অকলশৰীয়া" ভাৱটো
অজানিতে মনলে আহিলে
তুমালৈ মনত পৰে.…
তথাপি উভতিব নোৱাৰি,
উশাহ.......!!!

শব্দৰে সজা এটি জীৱন
বাক্ হীন বহুপল..….?

         ---সুৰজ বৰগোহাঁই, ধেমাজি, মৰিঢল
_________________________________________

🔴ঈদ মোবাৰক

পৱিত্ৰ মাহৰ           অন্তত আহিল
            কি যে খুচিৰ ঈদ,
কাঁচিজোনটিয়ে        ৰিঙিয়াই মাতে
           সৱৰে হওঁক হিত।

ৰোজা মাহৰ         প্ৰতিটো ক্ষণে
        আনন্দ কঢ়িয়াই আনে,
চেহৰী,ইফতাৰৰ        সময়বোৰ
            সৱে ভালকৈ জানে |

দিৱসৰ উপৱাস       কৰোঁতে আহ-যাহ
          ইফতাৰৰ সময় হয়,
ৰোজাৰ    বাৰেৰহণীয়া ক্ষণে কয়
        মানৱতাৰ সৰ্বদা জয়।

বিশৰ অন্তত            বিযোৰ নিশাৰ
          আছে অনেক গুণ,
ঈদৰ সুবাসত     সেউজী ধৰাই
          কৰে ৰুণ-জুন।

জাকাত-ফিতৰাৰ       অনেক পুণ্য
            ঈদৰ অন্য সুবাস,
ইজনে সিজনক          কৰে আলিংগন
          যেন আনন্দৰ  সভা।

নানান জন             নানান জাতিৰ    
            অনন্য সমাহাৰ,
পৱিত্ৰ ঈদে           কঢ়িয়াই আনক  
        শান্তিৰ বৃষ্টি ধাৰাষাৰ।

বাহাৰুল ইছলাম (শিক্ষক)

_________________________________________

🟣পৰিত্যক্ত প্ৰেমৰ বেদনা
                            ✍️ দৃলীনা দাস ।

তুমি নহা হলেই ভাল আছিল
মোৰ সেউজী ধৰালৈ
মোৰ হৃদয়খন প্ৰেমহীন বিষাদেৰে ভৰাই পেলাবলৈ
তুমি নহা হলেই ভাল আছিল।
মোৰ হৃদয়ৰ নিষ্পাপ মণিকোঠালৈ
মোৰ সেউজীয়া খিনি কলা ডাৱৰে ঢাকি পেলাবলৈ।                            তুমি নহা হলেই ভাল আছিল।
মোৰ নিষ্কলুষ হৃদয়ত প্ৰেমৰ ধৰা বোৱাবলৈ
হিয়া উজাৰি দিয়া ভালপোৱাক প্ৰতাৰনা কৰিবলৈ
তুমি নহা হলেই ভাল আছিল।
মোৰ হৃদয়ত থিতাপি লবলৈ
প্ৰেমৰ কঠিয়া পৰা মোৰ হিয়াত বিষ ঢালিবলৈ
সঁচাই তুমি নহা হলেই ভাল আছিল ।।

_________________________________________

⚫স্মৃতি

তাহানিৰ  নীলাঞ্জনা
তাহানিৰ চেনেহ বান্ধোন
স্কুলীয়া জীৱনৰ সেই স্মৃতি

বʼহাগৰ এটি মিঠা আবেলি 
আৰু এডৰা সেমেকা বননি
বৰষুণ জাক চাগৈ এই মাত্ৰ গ'ল
লগত এজাক প্ৰাণোদ্বীপ্ত লগৰীয়া
হাঁহিৰ খলকনিত পৃথিৱী কঁপে

আকৌ সিদিনাৰ সৰগীয়া এটি গধূলি
হাঁহি আৰু গানৰ  গুণগুণনি
সময়বোৰে একেলগে প্ৰাণ পাই উঠে
বেসুৰা গানৰ  সুৰৰ হাঁহিয়ে তাল  কাটে
সময়বোৰ ধৰি ৰাখিব মন আছিল
স্মৃতিবোৰ আহি মণিকোঠাত জিৰণি লয়
সময়বোৰ ৰেলৰ উকিৰ লগত  উৰি যায়
জীৱনৰ শূণ্যতা খিনি লিখি আছোঁ মনৰ ডায়েৰীত।।

জ্যোৎস্না ৰানী বেগম

_______________________________________

                ⚪   অজুহাত:
                

তগৰ ফুলা বসন্তৰ প্ৰতিটো স্নিগ্ধ সন্ধিয়াত
তোমাৰ সংগ পাই জীপাল হোৱা
মনৰ আকাংক্ষাবোৰ আজি...
বিষাদৰ গ্ৰাসত মৌনতাৰ অজুহাত হৈ পৰিছে।

এটা অজুহাত দেখুৱাই তুমি
কোনোবা হাস্নাহানা ৰাতিত
জালিকটা জোনাকৰ মাজেৰে কাকো নজনোৱাকৈয়ে তুমি গুচি গʼলা ...
হাতত সাৰে ভৰিত সাৰে ..
সচাকৈয়ে যোৱাৰ যদি ইচ্ছা আছিলেই
অজুহাতৰনো কি দৰকাৰ আছিল ?

তুমি নথকাৰ বাবেই আজি
বছৰৰ বিহুটিত মোৰ মন
বিষাদৰ ডাৱৰে ঢাকি ৰাখিছে ।

বিহু বুলি কʼলেই গা সাতখন - আঠখন কৰা
মোৰ ৰাংধালী মন , শৰীৰ আজি
চাৰিবেৰৰ মাজতেই যেন আৱদ্ধ হৈ আছে।
তোমাক দিম বুলি ততাতৈয়াকৈ বোৱা
বিহুৱান খনো শালতে থকাতে আছে।

তুমি জানানে ...     
তোমাৰ অপেক্ষাত মোৰ         
নিদ্ৰাহীন চকুযুৰী ,
এতিয়া, ৰক্তাভ হৈ পৰিছে আৰু সৰি পৰা
প্ৰতি টোপাল চকুপানীত ...
অপেক্ষাৰ এটি এটি পল কমি গৈছে।

সেয়েহে, অভিমানৰ অজুহাত লৈ
মোৰো গুচি যাবৰ মন...
এদিন সন্তপৰ্ণে কাকো নজনোৱাকৈয়ে
কোনো বৰ্ষণমুখৰ ৰাতি অথবা
নিমাও মাও দুপৰীয়া এটিত।

তোমাৰ অবিহনে কেনেবাকৈ যদি
ভিজি উঠে দুচকুৰ পতা
ব্যস্ততাৰে দেখুৱাব পৰিম
বৰষুণত তিতাৰ অজুহাত... !!

: শ্ৰী পৰিস্মৃতা দত্ত
জিলা: শিৱসাগৰ
_________________________________________

🟢মনত স্বাৰ্থ ত্যাগৰ সমাধি

                      ✍🏻ৰুম্পী দাস
                           ভালুকমাৰী
              ৰাণীপুখুৰী , হোজাই

মোৰ ৰঙীন মুখখন ,
চিন্তাত মগ্ন হৈ
গভীৰ স্তম্ভিত ।
মোৰ সুপ্ত দেহৰ
অনুভূতি প্ৰৱল ;
সাউৎকৰে মনৰ কথা
সংৰক্ষণৰ সমাপিলে
সাময়িক শান্তি
অতি সহজলভ্য ।
স্বাৰ্থ ত্যাগৰ সমাধি ,
সৱলীকৰণত সমিধান ।
মোৰ প্ৰেম প্ৰতি
আসক্তি নোহোৱা ,
তথাপি মঞি ভালপাওঁ
আজিও বিৰল ।
ৰূপান্তৰিত হ'ল
বিস্মিত ভাৱমূৰ্তি ,
আৰু মই তাতেই মগ্ন ;
মতানৈক্যৰ বলিদান
নৃশংসভাবে হৈ পৰিল ।
মেঘমল্লাৰ সপোনত ,
আজিও যৌৱনা উন্মাদ ।

     
_________________________________________

🟡  আই তয়ে আহিবিচোন

                      মেঘালী বৰা
                       গুৱাহাটী, হেঙেৰাবাৰী

এইবাৰ মই বিহু পাতিব নোৱাৰিলোঁ
আচলতে বিহু পাতিবলে সময়ে নাপালোঁ
বিহুৰ তিনদিন আগতে প্ৰাতঃ ভ্ৰমণত
ৰাস্তাতে অষ্টাংগে উজুটি খাই  কৰিলোঁ প্ৰণাম
মোৰ আগে পাছে থকা সকলো দৌৰি আহিলে
কোনোৱে ক'লে আপুনি উজুটি খাইছে
এজনে ক'লে আপোনাৰ কপালখন ফুলিছে
অকণমানি এটাই ক'লে আণ্টি
তোমাৰ নাকৰ তলত  তেজ ওলাইছে
লাহে লাহে উভতিলো ঘৰলে
আইনাখন চাই দেখিলোঁ
কাম চৰাই ৰঙা ঠোঁট তাতে দিলে সেন্দুৰ ফোট
কপালত আকি দিলে ৰঙাকৈ তিলক
আঠু দুটা কিনো চাবা তপত তেলত ভজা দুটা ঘিলা পিঠা ।
ভয়ে ভয়ে গৃহস্থক জগালো উঠকচোন উঠক
সিহঁতৰ ঘৰলৈ চাওঁতে
চিট ভলঙা দি পৰিলোঁ বাটত ।
গৃহস্থৰ গালি বৰ্ষণ নাজানা নেকি
মাছৰ চিকুণ মোৱা টোপনিৰ চিকুণ পুৱা ।
উস্ আস্ কৰি গৃহস্থই লগালে মলম সানি
তেতিয়াহে ধোকে ধোকে খালোঁ পানী ।
গাড়ীত উঠি হস্পিতেললৈ বুলি দিলোঁ লৰ
ইমাৰ্জেঞ্চিৰ ডাক্তৰ নাৰ্চে লগালে ধৰফৰ ।
ব্লাড নিলে চুগাৰ চালে পেচাৰো চালে
দ্ৰেচিং কৰিলে বেজী দিলে কপালত লগালে বৰফ ।
প্ৰেছকিপছনত লেখি দিলে স্কেনিং কৰাই ভাল।
স্কেনিং কৰিলোঁ ৰিপৰ্ট দিলে
দিনে দুবাৰকৈ চাৰিটা পিল মুঠতে আঠোটা
মলম লগাওঁ বৰফ লগাওঁ দিনে তিনিবাৰ
দিনৰ দিনটো বিহুৰ বতৰত এয়াই মোৰ কাম ।
এইবোৰত লাগি থাকোঁতে আই
আচলতে বিহু যোগাৰৰ সময়ে নাপালোঁ
সেয়ে কৈছোঁ আই তয়ে আহিবিচোন
ফোনতে দিলোঁ নিমন্ত্ৰণ ।

_________________________________________

🟠বসন্তৰ আগমনত মোৰ উৰণীয়া মন:

শীতৰ নিষ্ঠুৰ পৰশত
নীৰৱ নিস্তদ্ধ হোৱা প্ৰকৃতিৰ সৌন্দৰ্য
পুনৰ বদ্ধন কৰিবলৈয়ে যে
ঋতুৰাজ বসন্তৰ আগমন ,
গছ-বনৰ কোমল কুঁহি পাতৰ
সেউজীয়া মন।

মধু বসন্তৰ শুভাগমনৰ
অগ্ৰদূত কুলি, কেতেকীৰ মধুৰ কাকলিত
মধুলিহৰ মধুৰ গুঞ্জনে মন মতলীয়া
প্ৰাণ মতলীয়া কৰি তোলে।

ডালে - ডালে কপৌ, তগৰ ফুল
চিৰ কুসুমিত হৈ প্ৰকৃতিৰ বুকু ফুলেৰে উপচাই
জাতিষ্কাৰ কৰি তোলে ,
চম্পাৰ সৌৰভে মোৰ মনকুঞ্জত 
যৌৱনৰ লালিমা সানি দিয়ে।

অস্ফুট সংগীতৰ সুৱদি সুৰৰ লালিমাই
প্ৰকৃতিৰ বুকুত তোলে মৃদুল হিল্লোল ,
ঢোল, পেঁপা গগনাৰ
হিয়া উতলা কৰা ঐকতানে
হিয়াত জগাই তোলে উলাহৰ কল্লোল।

বিহু গীতৰ সুৰে-সুৰে, ছন্দে-ছন্দ
মন উৰো - উৰো
নতুন সুৰ, নতুন গানত
জেতুকা পাতৰ ৰঙৰ দৰে
মন ৰঙীন হওঁক
তাৰেই কামনা কৰোঁ।

                                  
নাম: শ্ৰী পৰিস্মৃতা দত্ত
জিলা: শিৱসাগৰ
উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ পৰীক্ষাৰ্থী
_________________________________________

🔵কুলি তুমি আকৌ বিনাবা

কুলি তুমি আকৌ বিনাবা
গছৰ ডালে পাতে ৰৈ ৰৈ
কুউ কুউকৈ
এটি অমিয়া সুৰ দিবলৈ |
প্ৰকৃতিৰ সেউজী পৰশত
যৌৱনময়ী  গাভৰুজনী হৈ
বসন্তক দিবাহি তুমি
ৰঙালীৰ বতৰা,
ৰঙিলী পখিলী হৈ
প্ৰকৃতিয়ে নাচিব
কপৌ,তগৰৰ সুগন্ধিত
গৃহস্তৰ পদুলিত আমোলমোল কৰি |
বিহুৱা নাচনীৰ
ব্যথিত মনত জগাবা আকৌ
বিহুৰ কমোৱা তুলাৰ খবৰ লৈ
ঢোল,পেপা-গগণাৰ
গুম গুমনিৰে কৰিবা
আনন্দৰ পাৰাপাৰ |
সকলো দুখ-সুখ পাহৰি
ক্ষন্তেকৰ বাবে দি যাবা
সকলোকে আনন্দৰ সুৰৰ লহৰ |
কুলি তুমি আকৌ বিনাবা
এটি মিঠা মিঠা সুৰ লৈ
ব'হাগৰ বতৰা দিবলৈ
বসন্তৰ এই মনোমোহা ক্ষণক লৈ
কুলি তুমি আকৌ বিনাবা..... ||

✍🏻বিজুলতা পায়েং
         গোগামুখ
       
_________________________________________

⚪শিশু উপযোগী কবিতা
                  ছেলিমা বেগম
                   জিলা নগাঁও।
আমি স্বাধীন ভাৰতৰ ভবিষ্যতৰ সম্পদ

আমি স্বাধীন ভাৰতৰ      ভবিষ্যতৰ সম্পদ কণমানি,
              দেশৰ উন্নয়ন আমাৰ মনত
আগুৱাই যোৱাটো আমাৰ        কৰ্তব্য আইন মানি ।
              প্ৰতিশ্ৰুতি দিছোঁ দেশবাসীৰ ওচৰত
মই হ'ম নেতাজী সুভাষ          চন্দ্ৰ বসুৰ দেশ ভক্ত,
                মনত বান্ধি আদৰ্শ মানি
দেশৰ কাৰণে তেজ           দিম দেশ কৰিম সক্ত ।
               আইন শৃংখলা মানি
মই হ'ম কনকলতা       মূলাগাভৰুৰ দৰে দেশভক্ত ,
            বন্দুকৰ গুলীত ভয় নকৰি
দেশৰ কাৰণে প্ৰাণ দিম       অসমত শান্তি আনিম  ।
        বিদেশীক আশ্ৰয় নিদিম সাহসকৰি
মই হ'ম বীৰচিলাৰায়ৰ        দৰে প্রতিশ্রুতি দিম ,
               আপোনজনক শিৰচ্ছেদ কৰি
মই হ'ম বাপুজীৰ দৰে       অহিংসা পৰধর্ম জানিম ।
                হিংসা, লুন্ঠন, মুক্ত কৰি
মই হ'ম খুড়া নেহেৰুৰ    দৰে কণ কণ শিশুসকলক,
             ভবিষ্যতৰ সপোন মনত ৰাখি
আমি কণমানি দেশৰ      ভবিষ্যতৰ উজ্জ্বল নক্ষত্ৰ ।
            জিলিকি উঠিম দেশৰ ভিতৰতে
আমাৰ দেশ আমাৰ       স্বাভিমান ভাৰত আমাৰ ,                          
            স্বাধীনতা আমাৰ জন্মসত্ব অধিকাৰ
ত্রিৰঙ্গা পতাকাৰ তলত        আমি মানৰক্ষা কৰি ।
             গায় যাম জণ গণ মন ।

_________________________________________

🟣কপৌ ফুলাৰ প্ৰত্যুষত

    🖋️নিজৰা বৰ্মন ডেকা

নকৈ সজাল ধৰা কোমল কুঁহিপাতত
কপৌফুলে হাঁহি মাৰে বসন্ত কালত ,
উন্মনা ফাগুনে লঠঙা কৰা গছৰ ডালত
বিৰহীনি ভাৱে চিঞৰা কুলিৰ মাতত,
কপৌ ফুলে ছবি আকে নাহৰৰ কোমল পাতত ৷
কপৌ ফুলাৰ প্ৰত্যুষত
পাখিলাহি গাভৰুৰ মনত
ফুলিছে হাচানাহানা বকুলবনত  ৷
পদুলীৰ মূৰত ৰৈ থকা ব'হাগৰ নাচনী জনী
চেনাই দিয়া কপৌফুল পাহি
নেঘেৰি খোপাত লৈ গুজি
বিহু নাচিব এইবেলি টাকুৰি ঘূৰাদি ঘূৰি।
নীৰৱ নিশাৰ এন্ধাৰ ঠেলি
সূৰুযেও চায় ভুমুকি  মাৰি
কেতিয়ানো ফুলিব কপৌ পাহি গছৰ ডাল শুৱনি কৰি ৷

_________________________________________

🟡কলংকীনী ৰাধে

অনিন্দ সুন্দৰী গোৱালৰ জী
ভাৰ তুলি যমুনা ঘাটত ,
দধি দুগ্ধ লৈ যায় মথুৰা হাটলৈ
সোণ বিকি ভগা  নাওঁত  ।

যমুনাৰ পাৰত নাৱৰীয়া  কানাই
যৌৱন চঞ্চলা চাৱনিৰে ,
হৃদয় শাৰীত থিয় হৈ হৰি নিলে
মন বোলোৱা পিৰিতিৰ কথাৰে ।

মোহন বাঁহীৰ সপ্ত সুৰৰ বিন্ধাত
কৃষ্ণময়ী বৰষে অধাৰামৃত ,
বেণুগীত শুনি বাউলি হৈ  ৰাধে
ঢাপলি মেলে কদম্ব তলত ।

গোপন প্ৰেমৰ কৃষ্ণ-লীলা জানি
গকুলত হাঁহিছে গোপীনী,
উতনুৱা মনৰ প্ৰণয়ৰ  তাৰণাত
নাযাওঁ কৈও থাকিব নোৱাৰি ।

ললিত লয়ত অন্তৰত সঞ্চিত
প্ৰগাঢ় প্ৰেমৰ বোৱতী ধাৰাত,
গোপন অভিসাৰ জগতে জানিলে 
নাম পালে  "কলংকীনী ৰাধে" ।

@মাৰ্জিনা বেগম, বৰপেটা ।

_________________________________________

🟢প্ৰকৃতিৰ  ক্ৰোধ  

দিনকদিনে  বাঢ়িছে  
    প্ৰকৃতিৰ তাণ্ডৱ ,,
চৌদিশে  বতাহ - ধুমুহাই
         কৰিছে  সকলো  অনিষ্ট ,,
প্ৰলয়ংকাৰী  বানপানীয়ে
          নিলে  সকলো  উটুৱাই ,,
মানৱজাতিয়ে আজি কয়
               হাই  হাই  হাই   । ।
বিভিন্ন ধৰণৰ  মহামাৰীয়ে  
         নিলে  সকলোকে  কাঢ়ি ,, 
চৌদিশে  কেৱল
       হাঁহাকাৰ  লাগিল 
    প্ৰকৃতিৰ  ক্ৰোধ  দেখি ,,
চিৰসেউজীয়া পৃথিৱীৰ  কথা
       নিচিনো আমি মানৱজাতিয়ে ,,
সেয়েহে আজি
আমি সকলো 
      বিপাঙত  পৰিছোঁ  চাগে   ।। 

নাম  :---  লখিমী শৰ্মা 
ঠিকনা :--- যোৰহাট
_________________________________________

🟤তুমি থাকিবা কাষতে

                                                   আয়নাল হক চৌধুৰী
                                                     আগমণি , ধুবুৰী
                                                      

জীৱনৰ প্ৰতি পদক্ষেপতে
প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ বাবে
সাহসী হৈ উঠিছোঁ ক্ৰমান্বয়ে,
এতিয়া নাই শংকা
নাইবা জটিলতা--!
জীয়াই থাকিবলৈ
লাগে মাথোঁ মনোবল আৰু প্ৰেৰণা।
সাহস তোমাৰ বিশ্বাস
জানো--
তুমি থাকিবা কাষতে
মোৰ বটবৃক্ষ হৈ--
যাৰ ছায়াত জিৰণি লৈ
আগবাঢ়ি আছোঁ আগলৈ...।

    
________________________________________

⭕অনুভৱ যদি গীত হয়

সাগৰ খন কিয় বাৰু
ইমান গভীৰ
      ইমান বিশাল
              ক'বানে
তুমি বাৰু এদিন হ'লেও
           সাগৰৰ দৰে
                বিশাল গভীৰ হ'বানে ।
মইও যদি নদী হৈ
        চঞ্চল গতি লৈ
মিলি যাম সাগৰতে গৈ,
নিজৰ বুলি আদৰিবা
বুকুতে সাবতি ল'বা
জান মোৰে ঐ ।
   সাগৰ খন কিয় বাৰু?

ৰাতুল চেতিয়া ফুকন
চৰাইদেউ।

_________________________________________

🔴বহাগ

             ✍️ ভাস্কৰ প্ৰিয়ম হাজৰীকা।

হেপাঁহবোৰে যেতিয়া বুকুত খামুচি ধৰে
মোৰ হৃদয়ত বহাগ নামে।
ফাগুনৰ দুখবোৰ বুকুত সামৰি
সৰাপাতৰ উচুপনিক শান্ত কৰা
এইয়া এক সফল পৰিসমাপ্তি।
বহাগ মানে পিতাই হাতত জী উঠা
তৰাবুলীয়া হেপাঁহ।
আইৰ শালত বৈ উঠা
পিতাই ভালপোৱাৰ এফাল।
বহাগ মানে নতুন জীৱনৰ
উদ্ভাসিত এক আলোকৰ যাত্ৰা।

_________________________________________

⚪এটি প্ৰেমৰ কবিতা

ভালে আছানে ?
আছোঁ, যেনে তেনে।
মোলৈ মনত নাই পৰা ?
কিয় সুধিলা ?
এনেই।
পৰিছে, আজি মানুহ বিহু নহয়
যোৱা বেলি তোমাৰ সৈতে বিহু নচা মনত পৰিছে
কিন্তু কি কৰিবা কোৱা ?
ওঁ, নালাগে কৰিব।
কিন্তু তুমি জানো বুজি পাইছা
বিচ্ছেদৰ বেদনা,
শিতানৰ গাৰু তিয়াই উজাগৰে কেতিয়াবা কটাইছা ?
নিশাবোৰ আজি মোৰ নাযায় নুপুৱাই, জানা ?
নক'বা আৰু নক'বা
মই কান্দি পেলাম।
নাকান্দিবা, নাকান্দিবা
তোমাৰ এটোপাল তপত চকুপানীয়ে মোৰ হৃদয়খন
আকৌ গলাবলৈ চেষ্টা কৰিব
কমাৰ শালত লো গলাৰ নিচিনা,
প্লিজ, প্লিজ প্ৰিয়ম্বদা !
তেনেহ'লে কি কৰিবা ?
নাজানো, নুসুধিবা
হয়তোবা এনেকৈয়ে জী থাকিম শেষ পৰ্যন্ত !
কিয় কৈছা তেনেকৈ ?
ময়ো জানোঁ পাৰিম
তোমাৰ অবৰ্তমানত জী থাকিবলৈ !

✍ উৎপল দাস
      পাঠশালা, বজালী

_________________________________________

🟣মলয়া মাধুৰী ব'হাগ

অনন্ত কুমাৰ ভূঞা

ব'হাগ
শব্দহীন বাসনা নহয় 
ছন্দবিহীন চেতনা নহয়
গীতেৰে সজোৱা সময়
কৃষ্টিৰ সৃষ্টি সুমধুৰ
ৰাংঢালী গাভৰু প্ৰভাতৰ
মলয়া মাধুৰী জীৱনৰ
এইয়াই বসন্তৰ ব'হাগ
সাত বিহুৰ ৰঙালী উৎসৱ ।
ঋতুৰাজ বসন্ত আহিছে
কপৌফুল ওলমি ফুলিছে
বতাহ বলিছে  উৎসৱৰ
হিয়া শাঁ‌ত পৰিছে
কুলি কেতেকীৰ সুৰীয়া মাতত ।
অতীতৰ ৰঙালী বিহু হেৰাল
গছে সলাই কুঁ‌হিপাত
বিহুৱে দেখুৱাই সমন্বয়ৰ বাট ।
ম'হৰ শিঙৰ পেঁ‌পা নাবাজে
দ'লনি পথাৰত
ৰঙালী আহিল নতুন ৰূপত
মঞ্চত বিহু ৰজনজনাই
ঢোলৰ ওজা আছিল মঘাই
জ্যেষ্ঠ জনক প্ৰণাম জনাম
কনিষ্ঠক মৰম  বিলাম 
ৰঙালী বিহুৰ প্ৰথম পুৱাই ।
কপৌফুল গুজি লৈ
ৰাংঢালী গাভৰুৱে
প্ৰাণঢালি বিহু নাচে
কিনকিন বৰষুণত
প্ৰণয় জাগে এই উৎসৱত
কঁ‌কালত টঙালি বান্ধি
খমখমীয়া মুগাৰ সাজ পিন্ধি
ঢোল পেঁ‌পা গগণা বজায়
এইয়াই মলয়া মাধুৰী ব'হাগ ।

✍️অনন্ত কুমাৰ ভূঞা
_________________________________________

🟡নষ্টালজিয়া

জোনাক ৰাতি চোতালত বহি
মায়ে কোৱা সাধুকথাবোৰ
অযান্ত্ৰিকতাৰ অকৃত্ৰিম মৰমবোৰ
আজি নষ্টালজিয়া,
কহুঁৱা বনত জিঞাৰ পিঠিত উঠি
চন্দ্ৰযাত্ৰাৰ সপোন ৰচা
মানসপটত সজীৱ হৈ থকা
টুকুৰা টুকুৰ স্মৃতিবোৰ
আজি নষ্টালজিয়া,
শেৱালীৰ মনোমোহা সুবাস
শীতৰ কোমল ৰদালি
শৈশৱৰ স্বপ্ন আৰু কল্পনা বিলাসী
মনটোৰ অনুভৱ বোৰ
আজি নষ্টালজিয়া,
কাহিলি পুৱাতে দুৱৰি বনৰ
মুকুতা গছকি মন-প্ৰাণ সজীৱ কৰা
শৈশৱৰ পবিত্ৰ সময়বোৰ
আজি নষ্টালজিয়া।।

✍️ এহিয়া আহমেদ, মৈৰাবাৰী, মৰিগাঁও
    ফোন নং- ৮৮৭৬১২৩১২৪

_________________________________________

🟣অপেক্ষা

         এছ ইছলাম, শিক্ষক
          পঃ মইনবৰী,বৰপেটা
    

শীতৰ অন্তত
বসন্তৰ আগমন
গছে গছে মেলিছে
নতুন নতুন কুঁহিপাত
আমে মলিয়ালে
কঁঠালে পেলালে মুচি
আই বসুমতী হৈছে শুচি।

শেৱালি ফুলৰ সুবাসত
উতলা যৌৱন জোৱাৰত
কিমান দিনৰ পৰাই
অপেক্ষা মাথোঁ তোমাৰ বাবে
তুমি আহিলে সজীৱ হ'ব মোৰ বুকু।

তোমাক পোৱাৰ আশাত
উথলি উঠিছে প্ৰেম যমুনাত
উক্ মুকনি মোৰ অন্তৰত
জ্বলিছে অগনি হৃদয় কোঠাত।

উঠিছে ধপ্ ধপনি বুকুৰ মাজত
আশাম্বিত আজি মই
তোমাৰ আশা বুকুত লৈ
অপেক্ষাৰত
তুমি অবিহনে মোৰ
নুফুলে ফুল বৃক্ষৰ।

অপেক্ষা মাথোঁ তোমাৰ বাবে
কত যে অপেক্ষা কৰিলোঁ
তুমি অহাৰ প্ৰতিশ্ৰুতিৰে
ৰৈ আছোঁ দিনে ৰাতিয়ে।

ফোন নং ৮৮৩৮৭৫০৭৫২
_________________________________________

🔵বহাগ
            ৰাজ দ্বীপ মৰাং
লখিমপুৰ, নাৰায়ণপুৰ।

প্ৰকৃতিৰ উলহ-মালহ
উদুলি-মুদুলি অসম
প্ৰাণভৰা ৰং বসন্ত
আনন্দৰ বাপুতি সাশুন।

গছে-বনে সলালে পাত
নাহৰ, তগৰ, কপৌ ফুলিল
কুলি-কেটেকিয়েও লগালে মাত।

ঢুলীয়াই নাচনীক জগালে
পেপাটিয়ে ৰিঙিয়াই মাতিলে
বিহু বিহু লাগিল গাত।

কৈ থাকো মানে ওৰকে নপৰে
আমাৰ বহাগীৰ কথা
অতি চেনেহৰ ৰঙালী বিহুতি
নাপাতি কেনেকৈ থাকো।।
         
_________________________________________

⚪কৃষ্ণচূড়াৰ ৰঙত ৰাঙলী ৰাধালৈ,
  
          -শিৱাণী শৰ্মা বশিষ্ঠ

প্ৰিয়ে,
এয়া কেৱল জানো শিহৰণ
এয়াতো প্ৰেমৰ গুণ-গুণ শব্দ
হৃদয়ৰ পৰা হৃদয়লৈ বোৱা।
কৃষ্ণচূড়াৰ নগৰীত তোমাৰ হাতত হাত থৈ
হেঁপাহ বোৰ গাঁঠিব খুজিছিলো তোমাৰ চকুত,
নিশাৰ নিৰ্জনতা ভাল লাগে কানাইৰ
বিৰহী ৰাধাৰ তুলবুলীয়া অধৰত
বাঁহীৰ সুৰৰ মূৰ্ছনা
ক্ষণিক উদ্বাউল কৰিব খোজো
জেতুকা ৰঙী ৰাধাৰ হিয়া।
চতুৰ্দশীৰ জোনৰ আভাত বুকুত
স্পন্দন বাঢ়িছে নহয়নে ৰাধা
প্লিজ,তেনেকৈ নাচাবাচোন
মম হৈ গলি যাব পাৰো
সমাহিত হ'ব পাৰো তোমাৰ
চুলিটাৰীৰ মখমলী সুবাসত।
লিখিছো জানানে,
তোমাৰ বাবে কবিতা
ভালপোৱাৰ সুগন্ধিৰে হাচনাহানাৰ
কাহিনী অঁকা কবিতা
ৰাধা তুমি চাগে ভাল পাবা।
প্ৰি‌য়ে ৰাধা,
তোমাৰ প্ৰেমৰ কবিতাৰ
প্ৰতিটো শব্দত ময়ো বিচাৰিছো
প্ৰেমৰ অশৰীৰি স্পৰ্শ
যাযাবৰী অনুভৱৰ বৰষুনত
তিতি ফুটাই তুলিব খুজিছো
অধৰৰ উষ্ম সহচৰ্য।
প্ৰিয়ে ,
মৌনতাৰ নি:শব্দ পলত
কৃষ্ণচূড়াৰ ৰং দুহাতেৰে সামৰিছো
মায়াময় নিশাৰ নিৰ্জনতাত
পোহ দিছো আখৰহীন প্ৰেমৰ শব্দ..!
ৰাধে,
উদং হ'ব নিদিবা  কৃষ্ণচূড়াৰ নগৰ
অপেক্ষা মাথো কিছু মাতাল ক্ষণৰ
তোমাৰ ওঠঁৰ ভাঁজত ফুটাই তুলিব পাৰিম
উমাল স্পৰ্শৰ উশাহৰ শব্দ..
জীয়া সপোনৰ অলেখ ঢৌত
বৈ যাব দিবানে যমুনাৰ বেদনা,
ৰাধা!
তোমাৰ বিৰহত আজিও মুমূৰ্ষ
হৃদয় বৃন্দাবনৰ কৃষ্ণ..!

ইতি
দেৱদাৰুৰ দেশৰ তোমাৰ কানাই।
             
________________________________________

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...