Showing posts with label অনুগল্প. Show all posts
Showing posts with label অনুগল্প. Show all posts

Sunday, July 02, 2023

এণ্টাকটিকা দীঘলীপুখুৰী

 অনুগল্প

এণ্টাকটিকা দীঘলীপুখুৰী




আন দিনাৰ দৰে ৰাজে ৰাতিপুৱা শুই উঠি হকাৰে দি থৈ যোৱা  বাতৰি কাকতবোৰৰ  শীৰ্ষ শিৰোনামা সমূহত চকু ফুৰাব লওঁতে নিয়মীয়া বাতৰি কাকত এখনৰ এটি শিৰোনামাত তাৰ চকু স্তব্ধ হৈ পৰিল।তাত ডাঙৰ ডাঙৰ আখৰে লিখা আছিল-" গুজৰাটী বণিয়াৰ হাতত ঐতিহাসিক দীঘলীপুখুৰী।পোন্ধৰ বছৰৰ বাবে লীজত দিলে পৰ্যটন বিভাগে।"

    খবৰটো অসমৰ চাৰিওকাষে জনাজাত হবলৈ বেছি সময় নালাগিল।দল-সংগঠন সমূহে দীঘলীপুখুৰী পাৰত শ্লোগান দি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ চেষ্টা কৰা দেখা গল।পৰ্যটন বিভাগৰ পৰা স্পষ্টীকৰণত জনোৱা হল যে দীঘলীপুখুৰীৰ চোৱাচিতা দায়িত্ব পৰ্যটন বিভাগে কৰিব।কিন্তু জনসাধাৰণৰ মনত এটি প্ৰশ্নই আমনি কৰি থাকিল-টিকটত দীঘলী পুখুৰীৰ ঠাইত কিয় এণ্টাকটিকা দীঘলীপুখুৰী কৰা লগতে মূল্য বৃদ্ধি কৰা হ'ল! নে ইয়াত কিবা চৰকাৰৰ অভিসন্ধি লুকাই আছে?



ৰাহুল চেতিয়া,চিলাপথাৰ,৬০০৩০৯৮২৩৩

Tuesday, May 02, 2023

দ্বিতীয় বছৰ, মে মাহ,প্ৰথম সংখ্যা

 দ্বিতীয় বছৰ, মে মাহ,প্ৰথম সংখ্যা

                   বিতা শিতান

_______________________________________


🟤শ্ৰমিক বন্ধুৰ প্ৰতি


কিমাননো আৰু কামকে কৰি নাথাকা
আঁহা অলপ জিৰনি লোৱা
বুকুৰ কামিহাড় কেইডাললৈ এবাৰ চোৱা
ৰ' দৰ তাপত শিলৰ ৰঙ লোৱা পিঠিটো
এবাৰ মুহাৰি চোৱা
কিমান ভৰ সহিব পাৰে সি ।
পেতটো নথকা হ'লে
পিঠিটো নিমজ হ'ল হেতেন
উৱঁলি নগল হেঁতেন বনিয়নটো ।
দুহাতৰ কঠিন আঙুলি বোৰে
সন্ধিয়া যেতিয়া কেঁচুৱাটো চুৱে
কেঁচুৱা টোৱে কান্দে
সিটো নাজানে
কঠিন আঙুলিৰ খহতা স্পৰ্শ ই
তাক কেনেকৈ নিৰাপত্তাৰ আভৰণ দিছে ।
কিমান নো আৰু কামকে নকৰা
আহা অলপ জিৰণি লোৱা ।
তোমাক দেখিলে
যন্ত্ৰ ই বোলে লাজ পাই
মালিকৰ খং নকমে ।
পাৰিশ্ৰমিক দিবৰ বেলা
অজুহাত ।
কেতিয়াও ডাং নাখাইনে
তোমাৰ কঠিন হাত ?
কিমান নো কামকে নকৰা
আহা অলপ জিৰণি লোৱা ।


ৰাতুল চেতিয়া ফুকন
চৰাইদেউ।

_______________________________________




🔴শ্ৰমিক দিৱস





নহওঁ আমি শ্ৰমিক
নালাগে আমনি
ন ন সৃষ্টি কিম্বা
কাঠৰ পুতলা সাজি,
নতুবা লোৰ গাত হাতুৰি মাৰি আমি গঢ়োঁ
একো একোটা সম্পদ
আমাৰ ত্যাগ আৰু পৰিশ্ৰম
সকলোৰে সুখৰ ফচল।
জীৱনৰ কাঁইটীয়া বাটৰ
অক্লান্ত সংগ্ৰামী সত্ত্বা,
নহওঁ কাহানিও ভাগৰুৱা।
সপোনক বাস্তৱত ৰূপ দিয়াৰ
অঘোষিত আখৰাৰে
জীৱন জয়ৰ অংগীকাৰ।
কপালৰ কেঁচা ঘাম মাটিত পেলাই
জীৱন সংগ্ৰামত ব্ৰতী
নতুন প্ৰভাতৰ ঠিকনা বিচাৰি
কৰ্মপ্ৰেৰণাৰে দি যাওঁ
নিজৰ কৰ্তব্যৰ পৰিচয়।

প্ৰগতি গগৈ চাংমাই

________________________________________



🟣“নিঃসঙ্গতা”





নিঃসঙ্গতাই দিছে মোক
সেই সুখৰ পৰিচয়,
যি সুখ থাকে দূৰৰ মাজতেওঁ
হৈ এক বিস্ময়।

নিঃসঙ্গতাই শিকাইছে মোক
কষ্টৰ মাজত ভালেই থাকা,
কান্দোন ও অশ্ৰুবোৰক
হাঁহিৰ অন্তৰালত ঢাকি ৰখা।

নিঃসঙ্গতাই শিকাইছে মোক
কোনটো প্ৰকৃত ভালপোৱা,
ও কোনটো কেৱল আবেগ,
মিছা অভিনয়, মিছা আশা।

নিঃসঙ্গতাই শিকাইছে মোক
এই জীৱনৰ মানেটো কি!
হাজাৰ মানুহৰ ভিৰত
সেয়ে আজিও মই নিঃসঙ্গ।

               ✍️ আশ্বিকুৰ ৰহমান শিকদাৰ।
                      জুৰীয়া, নগাঁও (অসম)
_________________________________________



🟡এবাৰ আহিবাচোন বৰপেটালৈ

             



 
বন্ধু,
এবাৰ আহিবাচোন বৰপেটালৈ
মৃত বেঁকী-মানাহৰ পাৰত অৱস্থিত
মোৰ এই বিনন্দীয়া চহৰৰ লগত
দিম তোমাক চিনাকি কৰাই
হাউলী পাটবাউসী সৰ্থেবাৰী
আৰু বৰপেটা সত্ৰখন।

এবাৰ আহিবাচোন বৰপেটালৈ
বিভিন্ন ঠাইৰ পৰ্যটকসকল
ঐতিহাসিক হাজোৰ পোৱা মক্কা
আৰু হয়গ্ৰীৱ-মাধৱ মন্দিৰলৈ
আহে হাজাৰ হাজাৰ দৰ্শনাৰ্থী
হিন্দু-মুছলমানৰ ই পবিত্র মিলন ভূমি।

চাই যোৱা বন্ধু, ই বৈকুণ্ঠধাম
সত্ৰনগৰী বৰপেটা চহৰ
বিভিন্ন সত্ৰৰ সমাগম
বৰপেটাৰ হোলী আৰু হাউলীৰ ৰাসমেলা
বিশ্ব বিখ্যাত মহামিলনৰ পৱিত্ৰ স্থলী
হিন্দু-মুছলমান শিখ-জৈন-খ্ৰীষ্টান
একতাৰ নিদৰ্শন বৰপেটা চহৰখন।

এবাৰ চাই যাবা
বৰপেটাৰ হাতী দাঁত আৰু বাঁহ বেত
সৰ্থেবাৰী কাঁহ-পিতলৰ উদ্যোগ
ঐতিহাসিক হাজো চহৰখন
ল'বাহি ইয়াৰ বিশুদ্ধ বায়ু-পানী
অতিকে আপোন।


এছ ইছলাম শিক্ষক
              পঃমইনবৰী বৰপেটা

_________________________________________



🟡এক অন্তহীন যুদ্ধৰ অংগীকাৰ




  
এতিয়া নীৰৱ নিস্তব্ধ ৰাতি
শান্তিৰ কোলাত শুই পৰিছে ধৰিত্ৰী।                
কিন্তু,                                                                 
   মোৰ আৰম্ভ হৈছে এক অন্তহীন যুদ্ধৰ অংগীকাৰ !
দুচকুত দপ্ দপ্ কৈ জ্বলি উঠিছে প্ৰতিহিংসাৰ জুই!
মোৰ বজ্ৰমুষ্ঠি হাতত চিকমিক কৈ উঠিল চোকা দা

এৰা , মই অনামিকা কলিতাই কৈছোঁ ---
"আপুনিয়েই কওঁকচোন ,ডাঙৰীয়া
যেতিয়া ৰঙীন স্বপ্ন দুঃস্বপ্নত পৰিণত হয় নিমিষতে
পৰম শান্তিৰে বুকুত সাৱটি লোৱা কোমল ফুলপাহ
এক বিষাক্ত সাপ হৈ দংশন কৰে অনবৰত ;
কলিজাৰ কেঁচা তেজ চুহি চুহি খায় !"

"আপুনিতো ভালকৈ বুজি পায়,ডাঙৰীয়া -
নাৰীয়ে পৃথিৱীৰ সকলো যন্ত্ৰণা উপেক্ষা কৰে ;
কিন্তু, প্ৰেমৰ প্ৰতিদ্বন্দিতা কৰা প্ৰতিদ্বন্দ্বীক ?
ভণ্ড স্বামীৰ যেতিয়া মুখৰ আঁৰৰ মুখা খোল খায় ?"
সেয়ে,  পুষ্পৰ দৰে সুকোমল হৃদয় মোৰ
নাৰীত্বক বিসৰ্জন দি বজ্ৰৰ দৰে কঠিন হৈ পৰিল
আৰু মই হৈ পৰিলোঁ এক বিষধৰ নাগিনী !

এতিয়া নীৰৱ নিস্তব্ধ ৰাতি
শান্তিৰ কোলাত শুই পৰিছে ধৰিত্ৰী।
কিন্তু,
মোৰ আৰম্ভ হৈছে এক অন্তহীন যুদ্ধৰ অংগীকাৰ !
কেঁচা মঙহৰ গোন্ধত মতলীয়া                                               
  দুজন চৰিত্ৰহীন কামুকৰ দুৰ্বলতাৰ সুযোগ লৈ
আৰম্ভ হ'ল মোৰ ব্লু-ষ্টাৰ অপাৰেশ্বন  (Blue -star operation)
হাতৰ চোকা দাৰ নাচোনত দুটি দেহ দ্বিখণ্ডিত হ'ল।

এতিয়া এইখন পুৰুষ -প্ৰধান সমাজৰ চকুত
মই এজনী মায়াৱিনী, ৰহস্যময়ী,কলঙ্কিনী ,
অপৰাধী, দ্বিশ্চৰিত্ৰা হত্যাকাৰী নিষ্ঠুৰ নাৰী !

অথচ, অবিৰতভাবে  চলি আছে মোৰ
এক অন্তহীন যুদ্ধৰ অংগীকাৰ !!


✍️নাছিৰ আহমেদ ,শিমলাবাৰী, গোৱালপাৰা


==================================



🔵তুমি নাভাবিবা




মই মনে মনে থাকোঁ বুলি নাভাবিবা মোৰ অভিমান নাই বুলি।
মোৰ অভিমানতকৈ তোমালৈ ভালপোৱা বেছি।
মই বাৰে বাৰে আগতে মেচেজ কৰি থাকোঁ বুলি নাভাবিবা মোৰ আত্মসন্মান নাই বুলি।
মোৰ ভালপোৱাক প্ৰতিযোগিতা বুলি নাভাবিবা।
কোন আগত ,কোন পিছত মোৰ  ভালপোৱাত এইবোৰ অৰ্থহীন।
মোৰ চকুপানী দেখা নাই বুলি নাভাবিবা।
মোৰ অন্তৰখন কঠিন বুলিহে তুমি দিয়া তিতাখিনি মিঠা বুলি গ্ৰহণ কৰোঁ।
চকুপানীবোৰ উশাহত তোমাৰ নামত শান্তি হৈ নিগৰে।
গুচি যাওঁ বুলি কোৱাৰ পিচতো বাৰে বাৰে ওভটাই আনো তোমাক মোৰ কাষলৈ।
নাভাবিবা মই বৰ অকলশৰীয়া বুলি।
আনৰ দৰে মৰমৰ শব্দ লগাই মৰম দিব নোৱাৰা বাবে নাভাবিবা তোমালৈ মৰম নাই বুলি।
মোৰ মৰমবোৰ অন্তৰত থাকে শব্দ নহয়।


=================================



🔵মনত পৰিছে তোমাক






কাইলৈ পৰিবহি বহাগ,
আজি বৰকৈ
মনত পৰিছে তোমাক ।
যোৱা বছৰৰ দৰে,
নাই যে তুমি
মোৰ কাষৰত ।
কাঁচিয়লি ৰ'দৰ তলত,
চম্পাৱতী নদীৰ কাষত,
তুমি দিছিলা এখনি
ফুলান গামোচা,
আছে নে তোমাৰ মনত ।
কিন্তু.....
আজি তুমি নাই
মোৰ কাষত ।
বৰকৈ পৰিছে ও
তোমাক মনত ।।

                 ✍️ মানসজ্যোতি ৰায় ।
                        চিৰাং (অসম)
           

==================================


নিঃসঙ্গতা




নিঃসঙ্গতাই দিছে মোক
সেই সুখৰ পৰিচয়,
যি সুখ থাকে দূৰৰ মাজতেওঁ
হৈ এক বিস্ময়।

নিঃসঙ্গতাই শিকাইছে মোক
কষ্টৰ মাজত ভালেই থাকা,
কান্দোন ও অশ্ৰুবোৰক
হাঁহিৰ অন্তৰালত ঢাকি ৰখা।

নিঃসঙ্গতাই শিকাইছে মোক
কোনটো প্ৰকৃত ভালপোৱা,
ও কোনটো কেৱল আবেগ,
মিছা অভিনয়, মিছা আশা।

নিঃসঙ্গতাই শিকাইছে মোক
এই জীৱনৰ মানেটো কি!
হাজাৰ মানুহৰ ভিৰত
সেয়ে আজিও মই নিঃসঙ্গ।

        ✍️ আশ্বিকুৰ ৰহমান শিকদাৰ।
             জুৰীয়া, নগাঁও (অসম)


===========================



🔵তোমাৰ অন্তৰলৈ

               



তোমাৰ অন্তৰলৈ ,
মোৰ অনুভূতিৰ
পৰিচয় শূন্য ।
তোমাক আঁকোৱালি
মোৰ অকলশৰীয়া জীৱন ,
বহু পৰিপূৰ্ণ ।
তথাপি মোৰ প্ৰতি ,
বিন্দুময় ভালপোৱাৰ
মনোভাৱ নাই তোমাৰ ।
আছে কেৱল ,
ঘৃণা ভৰা
বিৰক্তিৰ সন্ধান ।

                          ✍🏻ৰুম্পী দাস                          
                            ভালুকমাৰী
              ৰাণীপুখুৰী ,  হোজাই


=================================


🟣মোৰ প্ৰতিপল






আজি মোৰ প্ৰতিপল
তোমাকেই মাথোঁ ভাবে,
তুমি অবিহনে যেন
একোৱেই ভাল নালাগে।
সুখ-দুখৰ প্ৰতিটো কথা
ক'বলৈ মন যায়,
হৃদয়ৰ কোমল স্পন্দনে
তোমাকে ভাবি ঢেউ উঠে।
পৰ পৰ তুমি জন
হ'লা অতিকৈ আপোন,
প্ৰতি নিদ্ৰাত তোমাকলৈ
দেখো বহু সপোন।
প্ৰতিপলৰ লগৰী তুমি
সাক্ষী আছে হৃদয়,
মোৰ প্ৰতিটো ভাবনাত
জিলিকি আছা সদায়।

                              ✍️ শিল্পী দাস
     ভালুকমাৰী ৰাণীপুখুৰী, নগাঁও
   বাণিজ্য শাখাৰ চতুৰ্থ ষান্মাসিক
                      লংকা মহাবিদ্যালয়
                
==================================



🟢জীৱনৰ লক্ষ্য






জীৱনৰ যুঁজত
লক্ষ্য স্হিৰ কৰি ল'লে
লোৰ শিকলিয়েও বাধা দিব নোৱাৰে।
শৰীৰৰ পৰা বৈ যোৱা তেজেও
লক্ষ্যৰ পথেৰেই গতি কৰে।

লক্ষ্যহীন জীৱন
বৈঠা নথকা
নাওঁৰ দৰে।
লক্ষ্যই মানুহক
সাফল্যমণ্ডিত কৰে।

যুঁজিব পাৰিলে
এগৰাকী পংগুয়েও
পাহাৰ বগাব পাৰে।
প্ৰতিবাদী মনে সদায়
ইতিহাস ৰচিব পাৰে।

পাৰিম বুলি মগজুত বহাই ল'লে
কৰিম বুলি মন বান্ধি ল'লে
বিষাদেও হাৰ মানিবলৈ বাধ্য হয়।
জীৱনৰ অৰ্থ বুজি পালে
জীৱন সাৰ্থক হয়।



✍️চুমিয়া আকতাৰা
উদমাৰী, নগাঁও
ফোন নং: 9395341929




=================================


              🟤 "শিশু শ্ৰমিক"





পখিলা খেদি ফুৰা বয়সত
শিশুৱে পঢ়িব লাগে পাঠশালাত
অন্ন বস্ত্ৰৰ দৰিদ্রতাই কোঙা কৰা
পেটৰ ক্ষুধা নিবাৰণৰ অসহ্য যন্ত্ৰণাত
শূন্যত বিলীন হয় শিক্ষাৰ অধিকাৰ
কোমল হাত দুখন হয় শ্ৰমৰ হাথিয়াৰ,
তথাকথিত উচ্চ ধনবিতৰ আলয়ত ।

মালিকৰ ঘৰত দোকানত পথাৰত
কল-কাৰখানাত গেৰেজত হোটেলত,.
পুৱাৰ পৰা নিশা দ্বি প্ৰহৰলৈকে
হাড় ভঙা নিয়ম বিহীন শ্ৰম কৰে,
শৈশৱৰ ৰংবোৰ দৈন্যতাই কাঢ়ে--!

এটি বিকৃত নামে চিনাকি- 'পোৱালি '
হীন-দেৰি দায় দোষৰ অকাৰণত
অনবৰত মালিক পক্ষৰ ক্ৰোধৰ বলি
চৰ ভুকু কিল শ্ৰমৰ বৰ্বৰ উপহাৰ
দৈহিক মানসিক অসহিষ্ণু অত্যাচাৰ
লগত থাকে শ্ৰতিকটু অশ্লীল গালি  ।

শিশু শ্ৰমিকৰ কোমল নিষ্কুলুষ মনে
মালিক পক্ষৰ পৰা মাথোঁ বিচাৰে
এধানিমান মৰম আৰু দৰদী মাত
সহানুভূতি উদাৰতা-কিছু সহায়ৰ হাত
কৰ্ম্মৰ ফাকে ফাকে ক্ষন্তেক বিনোদন,
শ্ৰমৰ মৰ্য্যাদাৰ বিনিময়ৰ প্ৰাপ্য ধন
কিন্তু বিনিময়ত উপলব্ধ হয়  কি?
হতাশা কলঙ্ক মজুৰি কৰ্তন হীনমন্যতা
হেৰুৱাই পেলায় জীৱনৰো নিৰাপত্তা
শেষ পৰিণতি নিৰুদ্দেশ বা আত্ম-হনন-!
হায়! শিশু শ্ৰমিকৰ কদর্যময় জীৱন..
মানৱৰ মানৱতাৰ হৈছে নেকি পতন--?


✍️আমিৰ হুছেইন আহমেদ ।
বকো, বামুণবড়ী ।


=================================


  🔴 "প্ৰেম"



       

তোমাৰ চকুলে চালে,
নামি আহে প্ৰেমৰ বৰষা।
কাজলসনা নয়নজুৰিত
জিলিকে ভালপোৱাৰ চন্দ্ৰমা।
তোমাৰ দীঘল চুলি প্ৰত্যক্ষ মোৰ,
যেন মিলনৰ ডোল।
মোৰ ফালে চাই দিয়া
তোমাৰ মিচিকিয়া হাঁহিটিতে
মৰমৰ নিজৰাখনি বয়।
চকুয়ে কথা কয়
তুমি হেনো মোৰ।
তোমাৰ খোজত,
লাহি-পাহি দেহৰ ভাজত
মোৰ হিয়া হয় প্ৰফুল্ল।


কবিঃ সমুজ্জ্বল ডেকা, ৰঙিয়া


==================================




🟠অনুসংগ

চালেও চকু বিষাই
নদী হ'লে বৈ যায় ,

নীৰৱতা সহ্য কৰি
নিঠৰ হৃদয় ৰৈ যায়
হঠাতে,গীত গোৱা চৰাই ,
আকাশৰ বাওলী বতাহ জাকি হেৰাই যায়
হেঁপাহত আকুৱালি ল'লে
কিয় যানো দূৰলৈ উৰা মাৰে ?
ভাল পোৱাৰ মূল্য নুবুজি...

বৰষুণ হ'লে ভিজা হৃদয়
মৰম নহ'লে মিছা প্ৰণয়!!
এটি আশা কিয়নো জাগে
নেদেখিলেই  হিয়া ভাগে।।


                          --- সূৰজ বৰগোহাঁই, মৰিঢল 



=================================



🟡অহংকাৰ





পূৱাৰ বেলি সকলোৰে
ছালাম লৈ উদয় হয়,
লগে- লগেই
পোহৰ বিলাই,,
ছাঁ দিয়ে কেতিয়াবা
ৱতৰ দাওৰীয়া হয় ।
আকৌ কেতিয়াবা
ৰ'দ দিয়ে!
সলনি হয় ৱতৰৌ--
একেটাই আছমান
একেই জমিন---
কৰোঁৱত আছে পানী।
কিন্তু আমিবোৰ কি
প্ৰাণী মানৱ নহয়--
বিধাতাৰ লগতো
কৰোঁ ঠাটামি!!

✍️ জাকিৰ হুছেইন
  গাওঁ -মাহগুৰি(টাইবেল)
জিলা_নগাওঁ(অসম)
যোগা _+918139862693




===============================



⚪বৰষুণৰ বাবে অপেক্ষা


মই বৰষুণৰ বাবে অপেক্ষা কৰি আছোঁ।
বৰষুণত মই তিতি যাম

কোনেও ৰৈ নাথাকিব,
কোনেও ছাতি ধৰিব নোৱাৰিব,
কোনো সঙ্গীও নাথাকিব,,,, মই অকলে তিতিম!

সেইদিনা চকুত চকুলো নাথাকিব,
ঘৰৰ স্মৃতিবোৰ ৰৈ নাথাকিব।
সেইদিনা মই হাঁহিম...
এই ভ্ৰমহীন চহৰৰ পৰা মুক্তি পায় সুখী!!

হৃদয়খন খুলি শান্তিৰে হাঁহিম!
যি দিনা মই মুক্তি লাভ কৰিম, সেই দিনা সুখ পাম!

এনে সুখ, যি হেৰুৱাবলৈ ভয় নকৰোঁ...
তাক বোলে .... চিৰন্তন সুখ!
                 
যিটো মোৰ ইচ্ছা! মই তিতি যাম!!!
বাধা নিদিয়াকৈ তিতি যাম
হেজাৰ হেজাৰ মৃতদেহৰ ভিৰ..
এটা শ্বশান ও কবৰস্থানত!


✍🏻 মোঃ নুৰ ইছলাম ক্বাদৰী।
           চিৰাং, অসম
      

===============================





🟣তুমি জানো সঁচাই সুখী নে ?




সময়ে সকিয়াই যায়
দুদিনীয়া জীৱনৰ  প্ৰকাশ ভঙ্গী
বুজালে বুজি পাব লাগে
অচিনাকী হৈ আঁতৰি নাযায়
মিলাপ্ৰীতিৰ এক চিহ্ন যাত্ৰাৰে
জীৱন পথত সদায় এখোজ আগবাঢ়ি
চিন হৈ ৰ'ব  দুভৰি খোজ ।

জোনাকীৰ এধানি আশাত
অনাকাংক্ষিত বিষাদ ছাঁ
মৌন ওঠৰ হাঁহিৰ স্পৰ্শ
মহানদী হৈ বাগৰে
বুকুয়েদি সমুদ্ৰাভিমুখে   হবানে
তুমি জানো    সঁচাই সুখী নে
মই বিহীন জীৱনৰ  অচিন মৰম ।

আনে সুধিলে তোমাৰে বতৰা
বুকুৰ ভিতৰৰ   ভাৱ প্ৰৱণতাৰ ব্যথা
ক'ৰবাত ঢৌৱে ঢৌৱে সুললিত শব্দৰে
পাৰ্থিৱ প্ৰেমেৰে আকুলতাৰ বন্ধন
মধু যাত্ৰাৰ অনাবিল আশা   ।



                ✍️ যমুনা দুলু বৈশ্য 
                      শুৱালকুছি


=================================



🔴বসন্তই সানে খেতিয়কলৈ সেউজী সুগন্ধ





বসন্তই সানে খেতিয়কৰ হৃদয়ত
প্ৰশান্তিৰ সেউজী সেউজী সুগন্ধ |

ফাগুন অহা মানে বসন্তৰ আগমণ
খেতিয়কৰ পথাৰত
সোণগুটি শইচ সিঁচাৰ বতৰ ,
এই বসন্ততে ঠন ধৰি উঠে
খেতিয়কৰ আশাভৰা সপোনবোৰ  |

এজাক বৰষুণৰ বতৰা লৈ আনে
খেতিয়কলৈ বুলি বসন্ত ককায়ে
এই বৰষুণে দিয়ে
খেতিয়ক মনলৈ সুখৰ আনন্দ |

বসন্ত মানে যেন
আলু,কচু,হালধি,ধান কঠীয়া সিঁচাৰ সময় |

নাঙলৰ  শিঁৰলুত লুকাই থাকে
খেতিয়কৰ কপালৰ ঘাম,
বসুন্ধৰাৰ উৰ্বৰা যৌৱনত
খেতিয়কৰ ওঁঠত বিৰিঙি উঠে
আশাভৰা সপোনৰ
সেউজী সেউজী প্ৰশান্তিৰ সুগন্ধ |

ব'হাগৰ বতৰত ৰ'দ বৰষুণ নেওচি
গৃহিনীয়ে বন নিৰায় ,
দুচকুত সোণগুটি ভঁৰালৰ
অযুত আশা লৈ
লখিমীক অাদৰাৰ প্ৰস্তুতি চলায় |

বসন্তৰ সেউজবুলীয়া ৰঙত
প্ৰকৃতি মনোমোহা হৈ পৰে,
খেতিয়কে নিজক পাহৰি
গছ-লতিকা ,চৰাই-চিৰিকতিৰ সৈতে
মিতিৰালি কৰি আত্মহাৰাত
থৌকি বাথৌ হৈ নাচে |

বসন্তৰ বতৰত কমোৱা তুলাৰ দৰে
উৰি যায় খেতিয়কৰ মন
ব'হাগত কুলিৰ মাতত ৰ'ব নোৱাৰি
দেহ- মন ৰজনজনাই যায় ,
ঢোল-পেঁপা-গগনাৰ গুমগুমনিত
খেতি-পথাৰ এৰি ক্ষন্তেকৰ বাবে নাচে
বসন্তৰ  পৰশ পায় ||



✍🏻বিজুলতা পায়েং,গোগামুখ

        

============================


🟤আইৰ বিননি :-

 



চৌদিশে অনিয়মৰ ত্ৰাস
হিংসাই দহিছে সমাজ,
হাজাৰজনৰ ৰক্ত প্লাৱন কৰি
কেনেকৈ জীয়াই থাকো ?
এয়াই আজি সমাজৰ মূলসূত্ৰ ।
চাৰিওফালে কেৱল দেখো ...
লোভ , মোহ , হিংসা আৰু অহংকাৰেৰে ভৰা
এক জঞ্জাল পৃথিৱী ।

ৰাজনীতি ৰুঢ় বাস্তৱ - কদৰ্য আৰু ভয়ানক
চৌদিশে স্বাধীনতা, স্ব - অধিকাৰ ৰক্ষাৰ দাবীত
উত্তাল ৰাজপথ , ৰক্তপাত , লুণ্ঠন
ধৰ্ষণ আৰু বিস্ফোৰণত আতঙ্কিত নি : কিনজন।
চৌদিশে দেখিছোঁ মৰিশালী ...
মানুহৰ দেখোন অস্তিত্বই নাই ।

চোৱা সকলোৱে...
সন্তানৰ কু - কৰ্মৰ চিৰসাক্ষী প্ৰকৃতি আইয়ে
আজি নীৰৱে চকুলো টুকিছে ।
আৰু...
আমিয়েই দিছো আমাৰ আইৰ চকুত চকুপানী।
এই সেউজীয়া গছ - গছনিসমূহ
আমাৰ ভাই-ভগ্নী
আৰু...
আমিয়েই আমাৰ ভাই - ভগ্নীৰ হত্যাকাৰী।
ধিক , প্ৰকৃতিৰ এনে সন্তান!

কিমান ৰাতি আৰু উজাগৰে প্ৰকৃতি আয়ে
উচুপি থাকিব?
যদি সঁচা অৰ্থত আমি অসমীয়া হয়,
সঁচাই যদি গঢ় দিব বিচাৰো
সুন্দৰ সেউজীয়া পৃথিৱী
ওলাই আহা সকলো
বৰলুইতৰ পাৰত বাহুৰ উদ্যমেৰে গঢ়ো
নতুন  অসম !!
শেষ হওঁক দুৰ্নীতি, কপটতাৰে ভৰা
বিশৃঙ্খল সমাজৰ অনিয়ম ,
হৈ পৰক সেউজীয়া প্ৰকৃতিৰ সেউজীয়া মন
প্ৰকৃতি আয়ে অশ্ৰু মোহাৰি
প্ৰশান্তিৰ হাঁহি মাৰক!!



নাম: শ্ৰী পৰিস্মৃতা দত্ত।



============================


🟠আমি পোহৰ বিচাৰি যাওঁ

          





'আমি পোহৰ বিচাৰি যাওঁ
আন্ধাৰৰ কাল যৱনিকা ভেদি
সিপাৰে কি আছে চাওঁ '
হে ভাষাৰ ওজা তুমি
দৃষ্টিহীনক দিলা জ্ঞান চকু দান
ভাষাক  কৰিলা বিশ্বজনীন
হেমকোষ থকালৈকে বিশ্বত
জিলিকি থাকিব তোমাৰ নাম।
বিশ্বৰ বুকুত বিন্দুৰ ৰূপত
জিলিকিল ভাষা জননী
গঢ়িছে বিশ্ব অভিলেখ ।
বিৰাষী কিলো আঠশ গ্ৰাম ওজনেৰে
একৈশ টা খণ্ড ছটা উপখণ্ডেৰে
ওপচাই দিলা
ভাষাত চহকী হ'ল জননী
দহ হেজাৰৰো অধিক পৃষ্ঠাৰ
নবৈ হেজাৰৰো অধিক শব্দ থকা
গোটেই বিশ্বতে বিৰল অভিধান ।
আজি দৃষ্টিহীনৰ উঠিছে আনন্দৰ জোৱাৰ
আইৰ মুখৰ ভাষাৰ আলোকময়ী যাত্ৰাত
ৰাজ্যত উঠিছে উচাহৰ ধল  ।
হে ভাষাৰ ওজা তোমাৰ উত্তৰ পুৰুষে
পাঁচ বছৰৰ নিৰলস সাধনাৰে গঢ়িলে বিশ্ব অভিলেখ ।
এক মে ৰ দিনা আনুষ্ঠানিক পত্ৰ প্ৰদান কৰি গীনিছ বুকে দিব তাৰে উৎকৃষ্ট প্ৰতিদান ।
চেষ্টাৰ অসাধ্য একো নাই
তোমাৰ উত্তৰ পুৰুষে
তাৰেই কৰিলে প্ৰমাণ ।
দৃষ্টিহীনৰ প্ৰতি ৰচিলে
উৎকৃষ্ট অৱদান ।
ভাষাৰ মুৰ্মূষু সময়ত
বিশ্ব দৰবাৰত তোমাৰ
চিন্তা চেতনা  অনবদ্য বৰঙণিৰে
আৰু এখোজ আগুৱাই গ'ল
পুনঃ জিলিকি উঠিল তোমাৰ নাম ।




      মেঘালী বৰা
        গুৱাহাটী, হেঙেৰাবাৰী



================================



⚫এক অন্তহীন যুদ্ধৰ অংগীকাৰ






  
এতিয়া নীৰৱ নিস্তব্ধ ৰাতি
শান্তিৰ কোলাত শুই পৰিছে ধৰিত্ৰী।                
কিন্তু,                                                                 
 মোৰ আৰম্ভ হৈছে এক অন্তহীন যুদ্ধৰ অংগীকাৰ !
দুচকুত দপ্ দপ্ কৈ জ্বলি উঠিছে প্ৰতিহিংসাৰ জুই!
মোৰ বজ্ৰমুষ্ঠি হাতত চিকমিক কৈ উঠিল চোকা দা

এৰা , মই অনামিকা কলিতাই কৈছোঁ ---
"আপুনিয়েই কওঁকচোন ,ডাঙৰীয়া
যেতিয়া ৰঙীন স্বপ্ন দুঃস্বপ্নত পৰিণত হয় নিমিষতে
পৰম শান্তিৰে বুকুত সাৱটি লোৱা কোমল ফুলপাহ
এক বিষাক্ত সাপ হৈ দংশন কৰে অনবৰত ;
কলিজাৰ কেঁচা তেজ চুহি চুহি খায় !"

"আপুনিতো ভালকৈ বুজি পায়,ডাঙৰীয়া -
নাৰীয়ে পৃথিৱীৰ সকলো যন্ত্ৰণা উপেক্ষা কৰে ;
কিন্তু, প্ৰেমৰ প্ৰতিদ্বন্দিতা কৰা প্ৰতিদ্বন্দ্বীক ?
ভণ্ড স্বামীৰ যেতিয়া মুখৰ আঁৰৰ মুখা খোল খায় ?"
সেয়ে,  পুষ্পৰ দৰে সুকোমল হৃদয় মোৰ
নাৰীত্বক বিসৰ্জন দি বজ্ৰৰ দৰে কঠিন হৈ পৰিল
আৰু মই হৈ পৰিলোঁ এক বিষধৰ নাগিনী !

এতিয়া নীৰৱ নিস্তব্ধ ৰাতি
শান্তিৰ কোলাত শুই পৰিছে ধৰিত্ৰী।
কিন্তু,
মোৰ আৰম্ভ হৈছে এক অন্তহীন যুদ্ধৰ অংগীকাৰ !
কেঁচা মঙহৰ গোন্ধত মতলীয়া                                  দুজন চৰিত্ৰহীন কামুকৰ দুৰ্বলতাৰ সুযোগ লৈ
আৰম্ভ হ'ল মোৰ ব্লু-ষ্টাৰ অপাৰেশ্বন  (Blue -star operation)
হাতৰ চোকা দাৰ নাচোনত দুটি দেহ দ্বিখণ্ডিত হ'ল।

এতিয়া এইখন পুৰুষ -প্ৰধান সমাজৰ চকুত
মই এজনী মায়াৱিনী, ৰহস্যময়ী,কলঙ্কিনী ,
অপৰাধী, দ্বিশ্চৰিত্ৰা হত্যাকাৰী নিষ্ঠুৰ নাৰী !

অথচ, অবিৰতভাবে  চলি আছে মোৰ
এক অন্তহীন যুদ্ধৰ অংগীকাৰ !!



নাছিৰ আহমেদ ,শিমলাবাৰী, গোৱালপাৰা ।



=================================



🔴যাত্ৰা

                             



                  

জীৱনৰ খলা-বমা পথত
এৰি অহা সঁচা কাহিনীবোৰে
কেতিয়াবা প্ৰতিবাদ কৰিব খোজে
অতি সংগোপনে---!

অনুভৱৰ ছন্দোময় ক্ষণবোৰত
বিচৰণ কৰা অন্তৰ আত্মাই
তেতিয়া হাহাকাৰ কৰে
নীৰৱে--আকুলতাৰে।

অপ্ৰকাশ্য জীৱন গাথা
ৰুদ্ধ প্ৰকাশৰ পথ
উক্ মুকাই থকা উত্তেজনাবোৰে
তচ-নচ কৰে হৃদিকক্ষ !

যেন সকলো প্ৰতিবন্ধকতা নেওচি
ল'ম যেন এক অভিনৱ পদক্ষেপ,
শৃংখলমুক্ত হ'ব এটি বিহংগ
যাত্ৰা হ'ব তাৰ দিগন্ত প্ৰসাৰী...।



                               আয়নাল হক চৌধুৰী
                                    ধুবুৰী , আগমণি

                                                  


 _____________________________________




🟤ফাগুনীৰ বিয়া





ফাগুনৰ পুৱাতে খিৰিকীৰ কাষতে  ।
দেখিলোঁ তোমাৰ ছবিখন যে ইয়াতে। ।

মদাৰ ,পলাশ, শিমলু যে স্বাগতম ।
ধৰণীখন জাকজমক যে কৰিম।।

পাখি লগা মন  মতলীয়া  উৰি ফুৰে ।
ফাগুনৰ সৌন্দৰ্য্যত মন  মোৰ উৰে। ।

ফাল্গুণীৰ বিয়া যে পলাশৰ লগত ।
দুয়োৰো বিয়া যে জগতৰ নিয়মত। ।

ৰভা মণ্ডপখন  ধৰণীৰ তলত।
কন্যা  বহিব সৰা পাতৰ ওপৰত ।।

ভোমোৰা আহিব গুণগুণাই  গাবলৈ ।
মৌ মাখি আহিব যে বিয়াৰ মিঠাই লৈ। ।

মদাৰ ফুল আহিব ৰঙা শাৰী পিন্ধি ।
চজিনা ফুল আহিব বগা শাৰী পিন্ধি ।।

পচোৱা বতাহ যে আহিব নাচি নাচি ।
কমোৱা তুলা লৈ যে বিয়াত সাজি -কাঁচি ।।

উত্তৰ পৰা দক্ষিণলৈ বলা পচোৱা ।
উৰুৱাই নিব  যে কন্যা জনীক চোৱা ।।

  বৰদৈচিলা আহিব কন্যাক নিবলৈ ।
সকলো তচনচ কৰি যাব  কন্যা লৈ। ।



✍️ছেলিমা বেগম
জিলা নগাঁও।
গাঁও মেলেকাধিং
ডাকঘৰ বলিকটীয়া
পিন নম্বৰ 782122

________________________________________




         অনুগল্প শিতান


শ্ৰমিক সকলৰ উচিত বিচাৰ লাগে 


মন্ত্ৰী মহোদয় আজি আমি কৃষক সকলে আপোনাৰ ওচৰত আহিছোঁ, আমাৰ হাড় ভঙা কষ্টৰ বিনিময় উচিত মূল্য বিচাৰি। এনেতে মন্ত্ৰী মহোদয়ে খঙতে অগ্নি শৰ্মা, এজন কৃষকে মাত লগালে হেৰৌ মহোদয় এই খন ওপৰ মহলাত বহি বহি পেটত ভাত দিব নোৱাৰিব আমি কৃষক সকলে শস্য কৰি দিলে হে পেটত যাব। কথাটো শুনি মন্ত্ৰী সুৰেশ শৰ্মা লাজ পাই মূখখন হেঁতা পৰিল।



অণুগল্প 

ছেলিমা বেগম।



_______________________________



অণুগল্প



        চুঙা চাই সোপা 



      বহুত দিনৰ মূৰত মনা ৰত্না হঁতৰ ঘৰলৈ আহি বেগটো খুচৰি কেইখনমান ফটো উলিয়াই ৰত্নালৈ আগবঢ়াই দি ক'লে চা এইজনী ছোৱালী আমাৰ মামা হঁতৰ ঘৰৰ ওচৰৰে তোৰ দেওৰলৈ কেনে হ'ব  দেখাই শুনাই পঢ়া  একোতে পেলাব নোৱাৰি ।  দেউতাকে উচগত মাটি একঠা পাচ লেচাও দিব বুলি কৈছে  । এইজনী আকৌ এল আই চি অফিচত চাকৰি কৰে এনেকৈ কেইবাজনী ছোৱালীৰ ফটো দেখুৱাই ক'লে তোৰ যি জনীকে ভাল লাগিছে কথা পাতিব পাৰ ।  আন নহ'লেও ধৰ্ম হ'ব । ৰত্নাই ক'লে সি কোনোমতে চাকৰিটোত সোমাইছেহে এইবোৰ কথা লাহে ধীৰে চিন্তা কৰিলেও হ'ব মনা । জন্ম মৃত্যু বিবাহৰ কথা কোনেও নাজানে এইবোৰ সকলো সময়ত ঠিক হৈ যাব । মনাই   তৎমুহূৰ্ততে কৈ উঠিল ধনঘটা দেওৰেক লগত থাকিলে কোনো নবৌয়েকে বিয়াৰ কথা নাভাবে । ৰত্নাই লাহেকৈ ক'লে দূৰৰ পাহাৰ দূৰৰ পৰাহে ধুনীয়া ।




    মেঘালী বৰা 

    গুৱাহাটী, হেঙেৰাবাৰী ।

   

অনুগল্প শিতান

অনুগল্প শিতান

🟡অনুগল্প

সুখ : 

ধনেৰে প্ৰেম জোখা তৃষাই সুবাসৰ দৰে এটা সহজ- সৰল, অমায়িক লʼৰা এটাৰ প্ৰেমক প্ৰশ্ৰয় দি , নিৰ্বাণ নামে ধনী ব্যৱসায়ী বৰুৱা পৰিয়ালৰ বোৱাৰী হৈ আভিজাত্যৰ টেগ মাৰ্কটো  লগাই ওঠৰ বাধ্যতামূলক হাহিঁটো ওলোমাই যেতিয়া বিলাসী গাড়ীত উঠি সুবাসৰ ঘৰৰ সন্মুখেদি মাকৰ ঘৰলৈ যায়, তেতিয়া তাই নজনা কৈয়ে বুকুৰ দুখবোৰ চকুলো হৈ ওলাই আহে। টকাৰে সুখ কিনাৰ বাসনাই অনবৰতে খেদি ফুৰিছিল, যাৰ বাবে আজি তাইৰ অজস্ৰ টকা থাকিও , বিলাসীতাৰ সকলো বস্তু থাকিও যেন কিঞ্চিৎ সুখৰ বাবে, নিৰ্বাণৰ পৰা অলপ মৰমৰ বাবে হাহাকাৰ কৰি থাকিব লগা হৈছে। বৰ্তমানৰ এই জীৱন তাই নিজেও বিচৰা নাছিল। সেই কাৰণে তাইৰ মন অনুসূচনাত দগ্ধ হৈ পৰে। তাই সংকুচিত হৈ পৰে। মনত এটা অভাৱ অনবৰতে প্ৰকট হৈ উঠে। ঘিৰ্ণনীত হৈ পৰে নিজৰ লোভনীয় মনটোক লৈ । কিয়নো তাই যিদিনা গম পাইছিল নিৰ্বাণে তাইক তাইৰ দেহৰ সুন্দৰতাৰ বাবে, অৰ্থাৎ ৰূপৰ বাবেহে বিবাহ কৰাইছিল বুলি। কিন্তু এতিয়া তাইৰ দেহৰ সেই ৰূপ - লাৱণ্যৰ মৰহা ফুলৰ দৰে মৰহি গʼল অত্যাধিক মেকাপৰ বাবে গালৰ আগৰ প্ৰাকৃতিক আৱৰণ আঁতৰি মুখখন কʼলা কʼলা দাগেৰে পৰিপূৰ্ণ হৈ তাইৰ মুখৰ সুন্দৰতা আঁতৰি গʼল । নিৰ্বানৰ বাবে তাই এতিয়া গুৰুত্বহীন হৈ পৰিল । নিজৰ সহকৰ্মীৰ লগত চিনাকি কৰাই দিবলৈ, তাইক লগত লৈ ফুৰিবলৈ যাবলৈও যেন লাজ কৰা হʼল । নিৰ্বাণৰ পৰা সুখ বিচাৰি তাই পালে কেৱল অৱহেলা । 
           অতীতত তাই সূৰ্য্যৰ পোহৰ বিচাৰিছিল। কিন্তু তাই বিচৰা নাছিল। সেয়া নিৰ্বাণৰ ক্ষন্তেকীয়া অস্তমিত ৰবি হওঁক। 
             কিন্তু তাই যি সুবাসৰ চাকৰি নথকাৰ বাবে, তাৰ দৰিদ্ৰতাৰ বাবে তাৰ ভালপোৱাক প্ৰত্যাখ্যান কৰি নিৰ্বাণৰ দৰে এজন ধনাধ্য ব্যক্তিৰ পাণি গ্ৰহণ কৰিলে, সেই সুবাসৰ পুত্ৰ - পত্নীসহ সুখৰ সংসাৰখন দেখি তাইৰ বুকুৰ কোনোবা নিজান কোণত যেন উমি উমি একুৰা জুই জ্বলি উঠিল । সুবাসৰ সঁচা প্ৰেমত জিকমিকাই থকা শেৱালিয়ে যেতিয়া সুবাসৰ দিনহাজিৰা কৰা পইচাৰে দুবেলা দুমুঠি ভালকৈ যোগাৰ কৰি তাইৰ স্বামী আৰু পুত্ৰ বকুলক সন্তোষেৰে খোৱাই তুলিব পাৰে তাইৰ সুখেৰে ভৰা মুখখন যেন পূৰ্ণিমাৰ জোনটিত কৈও উজ্বল হৈ জিলিকি উঠে। 
           গতিকে তৃষাই আজি অনুভৱ কৰিছে দুখৰ সাগৰ সাতুৰিলেহে সুযোগৰ সুখৰ পাৰ পোৱা যায়। সুবাসৰ সংসাৰখন প্ৰকৃত সুখৰ সংসাৰ। যʼত কোনো লাভালাভৰ প্ৰশ্ন নাই । দুখন সঁচা অন্তৰ একাত্মক হৈ, শেৱালিৰ সুবাসেৰে সুবাসিত হৈ , তাতে আকৌ বকুলৰ আগমনত সুবাসৰ জীৱনত ৰঙৰ পাহাৰ গঢ়ি উঠিছে। 
         উপলব্ধিয়ে এতিয়া তৃষাৰ জীৱনৰ পথৃকৃৎ। ক্ষন্তেকীয়া উন্মাদনাই প্ৰশস্ত কৰি তোলা তাইৰ নীৰৱ সত্বা ক্ৰমে হৈ উঠে মনুষ্যত্বৰ অনুভূতি ৰক্ষা কৰিব নোৱাৰা একো একোটা জকা । সময়ৰ অৱবাহিকাত প্ৰেমৰ সুৰটিও সুদীৰ্ঘ সময়ৰ স্মৃতি হৈ গ'ল। কোটি কোটি টকাৰ বিনিময়টো এতিয়া তাই সুবাসক লাভ কৰিব নোৱাৰে । তাই পুনৰ উভতি যাব লাগিব জীৱনৰ বাকী কালছোৱা পাৰ কৰিবলৈ নিৰ্মলৰ সেই স্বাধীনতাহীন বন্ধ সদৃশ খোটালিলৈ । গভীৰ প্ৰত্যয় আৰু দৃঢ়তাৰে সুবাসৰ ভালপোৱাৰ স্মৃতি বুকুত গোপন কৰি , শূন্যতাক আকোঁৱালি তাই বাচি থাকিব। 
            
নাম: শ্ৰী পৰিস্মৃতা দত্ত
জিলা: শিৱসাগৰ



--------------------------------------------------------------------

🟣অনুগল্প

                বিবাহ


 হেল্ল,ৰূপম মাজনী ফোনটো ৰিচিভ কৰা নাই যে কিবা কৰি আছে চাগৈ....বেয়া নোপোৱা যদি তুমি মাতি দিব পাৰিবা নেকি?
    মাজনী বিয়া হৈ যোৱা এসপ্তাহ হৈছে,প্ৰত্যেক দিনাই পুৱাই মাকলৈ এটা কল কৰিবলৈ এদিনো পাহৰা নাই, কিন্তু আজি...,আজি আক্ কি হ'ল  তাই ! ৰাতিপুৱাও ফোন এটাও কৰা নাই এতিয়া সন্ধিয়াই হ'ল হি দেখোন,ম‌ইয়ো কেইবাবাৰো কৰিছোঁ, কিন্তু একো উত্তৰ দিয়া নাই।
      চিন্তাটো লাগিবই, নতুন মানুহ ,নতুন পৰিবেশ,কি বা কৰিছে তাই,কেনেকৈ বা আছে তাই ,ঘৰত সকলো সময়তে মা আমুকটো মা তামুকটো,ম‌ই নহ'লে একোকে কৰিব নোৱাৰে-এনধৰণৰ নানা চিন্তা মনলৈ অহাত বিবোধিত পৰি আকৌ এবাৰ মাজনীলৈ ফোন লগালে।নাই এইবাৰো একো একো উত্তৰ নাই ফোনটো বাজি বাজি কাট খাই গৈছে।
 মাজনী বিয়া ঠিক হোৱা দিনাই হ'ব লগীয়া জোঁৱাইয়েকৰ নাম্বাটো মʼবাইলত ছেভ কৰা আছিল অৱশেষত সেই নাম্বাৰটোতে ফোন লগালে।প্ৰথম বাৰত ৰিচিভ নকৰিলে যদিও দুবাৰত সিফালৰ পৰা হেল্ল বুলি ৰূপমৰ মাত ভাহি আহিল যদিও ৰূপম এতিয়াও ঘৰৰ বাহিৰতে আছে,ঘৰত গৈ ফোন কৰিম বুলি ফোনটো কাটি দিলে। 
   মা দেউতাৰ সন্মান ৰাখিবলৈকে ম‌ই এই বিয়াত বহিম বুলি মাজনীয়ে স্বীকাৰ কৰিছিল যদিও তাই এইবিয়াত মনৰ পৰা মত নাছিল।
 দুদিনৰ পাছত ৰূপমৰ মাক দেউতাকো গাঁৱৰ ঘৰলৈ উভতি যোৱাত ৰূপমে মাজনীক শাৰীৰিক আৰু মানসিক অত্যাচাৰ কৰিবলৈ ল'লে।
   পুৱাই পুলিচে আহি খবৰ দিলে যে যোৱানিশা মাজনীক তেওঁলোকৰ বেড ৰুমতে  এখন কাগজৰ সৈতে তাইৰ নিথৰ দেহ উদ্ধাৰ কৰা হৈছে।

      ✍️ৰিম্পী বড়া, চৰাইদেউ।
Sapekhati College

--------------------------------------------------------------------

🟣অণুগল্প 
                   মাতৃৰ মমতা 


          ই ৰিক্সাখনত মানুহ গৰাকী ভালকৈ বহি ললে ।  কাষৰ গৰাকীলৈ চাই এমোকোৰা হাঁহি মাৰি ক'লে হেৰি শুনিছে নে আজি ল'ৰাহঁতৰ দেউতাকে পুৱাই জালত এটা ডাঙৰ চিতল মাছ পালে । কাটি-কুটি দুচকল বাপেকলৈ ৰান্ধি থৈ  ওলাই আহোঁতে দেৰিয়ে হ'ল ।  ল'ৰা দুটা ইয়াতে কালি মন্দিৰৰ ওচৰতে থাকে  সিহঁতলৈয়ো দুচকল মান আনিছোঁ । চিনি পায় নে দিপক আৰু মনোজ  । সেই যে ওৱেলডিংৰ কাম কৰে ।  এহ  .. সকলোৱে চিনি পাই ........সিহঁতক  । আনন্দ মনেৰে মানুহ গৰাকীয়ে কথা খিনি কৈ গ'ল । 
     বেচেৰীজনী বুলি কাষৰ গৰাকীয়ে মনতে ভাবিলে এই ব্যস্ত চহৰত কোনে কাক চিনি পায়  ! 


      মেঘালী বৰা 
     গুৱাহাটী, হেঙেৰাবাৰী ।
    
----------------------------------------------------------------

⚫অণুগল্প--

মেঘালী বৰা ।
গুৱাহাটী, হেঙেৰাবাৰী ।

                     সিদ্ধান্ত

        বিখ্যাত ব্যৱসায়ী অমৰৰ একমাত্ৰ পুত্ৰ অবিনাশৰ পৰহিলৈ বিয়া । একমাত্ৰ ল'ৰাৰ বিয়া বুলি  মিটিৰ কুটুম্ব বন্ধু- বান্ধৱী, গাঁৱৰ সকলোকে নিমন্ত্ৰণ কৰিছে কোনো বাদ পৰা নাই । জোৰোণৰ  দিনা সকলো  বস্তু আ- অলংকাৰ ,কাপোৰ -কানি  নিয়ম অনুসৰি মাকে পুতেকৰ হাতেৰে চুই দিবলৈ কোৱাত বিনাপ্ৰতিবাদে স্পৰ্শ কৰি  অবিনাশে মাকক ক'লে  " মা মই ৰতনৰ জীয়েককে বিয়া কৰাম " -- মাকে কিন্তু ...........  ইয়াত কোনো কিন্তু নাই মা ।  এয়া মই উচিত সিদ্ধান্তই লৈছোঁ । মা, যি জনী ছোৱালী তোমাৰ নিজ স্বামীৰ  কামনাৰ বলি হৈ  ধৰ্ষিতা হ'ল তাইৰ জীৱনৰ কথাও চিন্তা কৰিবা । ধনী মানুহৰ দৰে দুখীয়া মানুহৰো জীৱনৰ মায়া- মোহ আছে ।
   
--------------------------------------------------------------------

🟣অণুগল্প
ছেলিমা বেগম। 

             মাতৃত্বৰ স্নেহ 

একমাত্ৰ পুত্ৰ ৰাহুলক বিয়া কৰাই মা জেতুকী কিমান যেন আনন্দ। বোৱাৰীক লৈ বহুতো সপোন দেখিছিল, কিন্তু এই সপোন এদিন জেতুকীয়ে পুত্ৰ বোৱাৰীয়ে চূৰমাৰ কৰি দিলে। ৰাহুলক নানা কথাৰ অজুহাত দেখুৱাই মা জেতুকী অসতী বুলি কোৱাত, পুতেকে ঘৈণীয়েকৰ কথা বিশ্বাস কৰি নিজৰ মাকক ঘৰৰ পৰা ওলাই হাবি এখনলৈ গৈ থৈ গুচি অহাৰ সময়ত, হাবিৰ মাজৰ পৰা বাঘ এটা ওলাই আহি পুতেকক আক্ৰমণ কৰিবলৈ লোৱাত মাকে দৌৰি আহি বাঘৰ সমুহত পৰি হাত জোৰ কৰি কলে মোৰ পুত্ৰক এৰি দে মোকে খাই দে। মাকৰ স্নেহ দেখি পুত্ৰ তাতেই অবাক হৈ চাই থাকিল।


--------------------------------------------------------------

Tuesday, March 28, 2023

নিসংগতা,

 অণুগল্প 



      নিসংগতা -----


             এদিন তহঁতক আঙুলিত ধৰি ধৰি ৰ'দ বৰষুণকো নেওচি  ৰাস্তা পাৰ কৰাই এমাইল দূৰৰ স্কুলত থৈ আহিছিলোঁ যাতে তহঁতৰ একো অপায় - অমংগল নহওক । স্কুল ছুটিৰ পিছত সেই একেই কাম মাৰাই কৰিছিল ।  কিন্তু  আজি  ....  পঢ়ি - শুনি শিক্ষিত হৈ চাকৰি বাকৰি কৰাৰ পিছত ঘৰ সংসাৰ  কৰি দিলোঁ । এতিয়া তহঁতে নতুন গাড়ী লৈ সপৰিয়ালে ওলাই গৈছ  ।  ওলাই যোৱাৰ পৰত তহঁতে এবাৰো নেভাবিলি আমাক মাত এষাৰ দি  যোৱাৰ কথা । আমি মাথোঁ  বেলকনিতে বহি নীৰৱে চাই থাকিলোঁ  , যা ৰাতি দুপৰলৈকে নাথাকিবি দিনকাল বৰ বেয়া হৈছে ।


       মেঘালী বৰা 

       হেঙেৰাবাৰী ,গুৱাহাটী ।

   

Tuesday, February 14, 2023

অনুগল্প,প্ৰগতি গগৈ চাংমাই,

 ণুগল্প


প্ৰগতি গগৈ চাংমাই,


১)  

        দৰিদ্ৰতা:-

নিজৰ মাক-দেউতাকক এৰি স্বামীৰ ঘৰখনত প্ৰথম খোজ পেলোৱাৰ পিছতেই কাৰোবাক ফোনত স্বামীয়ে কোৱা শুনিলে - "ছোৱালী জনী ভাল কিন্তু দুখীয়া!"


২)

           ধৈৰ্য:-


ফেইচবুকত দিনটো মূৰ গুঁজি থকা পত্নীক সি একো নকয় যদিও হাতৰ মুঠি দুটা লাহে লাহে টান হৈ আহে৷


৩)

              ভাগ্য:-

শহুৰৰ ঘৰখনে দুখীয়া বুলি হঁহা (আগতে) এতিয়া তাইৰ ওচৰতে হাত পাতিব লাগে তাই চাকৰি পোৱাৰ পাছত৷


৪)

মমতা:-

দিনটো কাম কৰি কৰি ভাগৰি পৰে যদিও কণমানিজনীৰ হাঁহিটোৱে তাইৰ হিয়া শাঁত পেলায়৷


৫)

সহ্য:-


শাহুৱেকে তাইৰ চুলিত ধৰি ৱালত মূৰটো খুন্দা মাৰি দিছিল যদিও তাই গিৰীয়েকৰ মৰমতে গিৰীয়েকক বাথৰুমত পিছলি পৰা বুলিহে ক'লে৷

Tuesday, February 07, 2023

আৱৰ্জনা

 নুগল্প

                   ৱৰ্জনা 



            গিৰীয়েকৰ মৃত্যুৰ পাছত মালতীয়ে বহুত কষ্ট কৰি নবীনক ডাঙৰ-দীঘল কৰি পঢ়াই শুনাই এজন ডাঙৰ অভিযন্তা কৰিবলৈ সক্ষম হ'ল। নবীনে নিজে পচন্দ কৰা অফিচৰ এগৰাকীক নিজৰ জীৱন সংগী কৰিলে । কিন্তু, সৰুৰে পৰা ইমান কষ্টৰে ডাঙৰ দীঘল কৰা মাক মালতী আজি নবীন আৰু তেওঁৰ পত্নীৰ বাবে ঘৰৰ আৱৰ্জনা হৈ পৰিল । 



✍️ সুস্মিতা দাস

জিলা = মৰিগাঁও 

শ্ৰেণী = একাদশ ( বিজ্ঞান শাখা)

ভিক্ষা

🔵 ভিক্ষা 



ৰে'ল লাইনত বহুতো মানুহৰ ভিৰ হৈছিল

সেই ভিৰৰ মাজে মাজে কণমানি ছোৱালী জনীয়ে মানুহৰ ওচৰলৈ গৈছিল । মই ওচৰলৈ গৈ দেখিলোঁ তাইৰ চকুহাল সেমেকি উঠিছিল যেতিয়া মানুহৰ ওচৰত ভিক্ষা খুজিছিল ।


✍️ হীৰক কলিতা 

 স্নাতক প্ৰথম ষান্মাসিক,অসমীয়া বিভাগ

 নলবাৰী মহাবিদ্যালয় ।

Tuesday, January 10, 2023

ভোগালীৰ আনন্দ আমাৰ নাই :ছেলিমা বেগম

 অণুগল্প 

🔸ভোগালীৰ আনন্দ আমাৰ নাই 

ছেলিমা বেগম। 


ভোগালীৰ উৰুকাৰ দিনা পুৱা উঠি জেউতিৰ মনটো একেবাৰে ভাঙি পৰিল। মনমাৰি বাটৰ কাষতে বহি থাকিল। ধণকাই সেই সময়ত বাটেৰে গৈ আছে, জেউতিক দেখি মাত লগালে হেৰৌ মাইনাজনী অকলে অকলে বহি কি কথা ভাবি আছ। জেউতি উপচি উচপি কান্দি কলে, আমি এবেলি মাঘৰ বিহু কেনেকৈ পাতিম। চৰকাৰে যে আমাৰ ঘৰ বাৰী ভাঙি চূৰমাৰ কৰি দিছে উচ্ছেদৰ নামত। পুহমহীয়া ঠাণ্ডাৰ মাজত আমাৰ যে কিমান কষ্টেৰে দিনবোৰ পাৰ কৰি আছোঁ। খাবলৈ নাপাই শুব নোৱাৰি বেমাৰে আক্ৰান্ত হোৱা পৰিয়ালটো কেনেকৈ ভোগালীৰ ভোগ উপভোগ কৰিম। এইবাৰ বিহুত চিৰা, পিঠা, লাৰু উৰুকাৰ নিশা বাতি  ভৰাই চিৰা খাবলৈ যে নাপাম। জেউতিৰ কথা শুনি ধণকাই চকুৰ পানী ধৰি ৰাখিব নোৱাৰিলে। হায়!  এই নিস্পাপ শিশুটি কি ভুল কৰিছে আজি তাইৰ মনত দুখ চেপি ধৰি ৰাখিব লগা হৈছে। উঠি অহা নৱপ্ৰজন্মৰ ভবিষ্যত ক'ত। সিহঁতৰ মনৰ আনন্দ ক'ত এই বুলি কৈ ধণকাই ওঁঠ দুটিত কামুৰি ধৰি ইয়াৰ পৰা গুচি যায়।

Tuesday, January 03, 2023

অভিমান

 🔸অনুগল্প

            অভিমান 

             ©বীণা দেবী মৰিগাওঁ 

মৰণৰ অন্তিম ক্ষনটোত বুঢ়াৰ অভিমানত বুকুখন ভাঙি পৰিল।দুচকুৱে দুধাৰ চকুলো  বৈ আহিল।আজিৰ দিনটোত বুঢ়াৰ আৰু তাৰ বাবে কোনো অপেক্ষা নাছিল।আবেগে বুকুখন  হেঁচা মাৰি ধৰিলে।আজি দহ বছৰে পুত্ৰ  শোকত ধৰফৰাই মৰা বুঢ়াৰ আৰু বৰপুতেকৰ মুখখন চাবলৈ মন নগ'ল।বহুত  কাকুতি  কৰিছিল  এবাৰ চাবলৈ এষাৰ মৰমৰ মাত পাবলৈ।পদুলিত গাড়ীখন আহি ৰখিছিল।বুঢ়াই চিৰদিনৰ কাৰনেই হেপাহৰ  পূত্ৰৰ মুখ নোচোৱাকৈয়ে চকু মুদিছিল।

নৱবৰ্ষ এটি নতুন অধ্যায়:অণুগল্প

🔸অণুগল্প

🔴নৱবৰ্ষ এটি নতুন অধ্যায়


    🖋️লেখকঃ সমুজ্জ্বল ডেকা, ৰঙিয়া


উচ্চশিক্ষা লাভৰ বাবে প্ৰকাশ নামৰ ল'ৰাজনে হোষ্টেলত থাকে। প্ৰকাশে এদিন লগৰ বন্ধু এজনক ফোন কৰি ক'লে  - "হেল্ল' বন্ধু, তোমাৰ ঘৰলৈ অহাবছৰ যাই আছোঁ।" তেতিয়া লগৰ বন্ধুজনে ক'লে-  "বন্ধু, তুমি কাইলৈ আহি যোৱা। অহাবছৰলৈ আৰু কিয় পলম কৰি আহিব লাগে?"

          প্ৰকাশে তেতিয়া হাঁহি হাঁহি উওৰ দিলে- "বন্ধু, মই কালিলৈ যোৱাৰ কথাটোকে তোমাক কৈছোঁ। কাৰণ আজি ৩১ ডিচেম্বৰ আৰু কাইলৈ ১ জানুৱাৰী। যিহেতু ১২বজাৰ লগে লগে একে ৰাতিৰ ভিতৰতে অন্য এক নতুন বছৰ পাম।" বন্ধুজনে প্ৰকাশৰ কথাত আচৰিত হৈ ভাবি থাকোঁতে ৰাতিপুৱাল আৰু জীৱন নামৰ কিতাপখনৰ এটি নতুন অধ্যায় মেল খালে।

Tuesday, December 27, 2022

মানপত্ৰ:প্ৰগতি গগৈ চাংমাই

 মানপত্ৰ (অণুগল্প)


প্ৰগতি গগৈ চাংমাই

       ফেচবুকৰ গোটসমূহত কবিতা, গল্প আদি লিখি পোৱা মানপত্ৰসমূহেৰে মনালিছাৰ মোবাইলটো ভৰি আছে। এইবোৰেই তাইক জীয়াই ৰাখিছে। উদাসীন মানুহজনেও তাইক বুজি নাপায়। মানপত্ৰবোৰ মানুহজনক তাই অতি উৎসাহেৰে দেখুৱাবলৈ যাওঁতে তাইৰ ফালে ঘূৰিও নাচালে। মনটোত খন্তেকৰ বাবে দুখ লাগিল। তথাপিও এই মানপত্ৰবোৰ চায়েই তাই শান্তি লাভ কৰে।

অবদমন:নিজৰা বৰ্মন ডেকা

 অণুগল্প

       অবদমন 



  স্বপ্নালীৰ আজি মনত দুখ নাই যদিও তাই স্কুলৰ পৰা বনভোজলৈ যোৱা দলটোৰ লগত যাব নোৱাৰিলে । মাকে মহাজনৰ পৰা এহেজাৰ টকা অগ্ৰিম ধন আনি তাইক বনভোজলৈ যোৱাৰ বাবে দিলে , কিন্তু কোমলবয়সীয়া স্বপ্নালীয়ে  মাকক ক'লে 

:থাওক দিয়া মা টকাটো তোমাৰ হাতত । মই বনভোজলৈ নাযাওঁ, পৰীক্ষা সম্মুখত , ঠাণ্ডা খাই অসুখ হ'লে পৰীক্ষা বে‌য়া হ'ব ।

:"কিয় নেযাবা মাজনী , তোমাৰ বান্ধৱী হঁত যাব , তুমিও যোৱা আকৌ 

:নালাগে মা, মহাজনৰ পৰা অনা সেই এহেজাৰ টকা হেজাৰ ঘূৰাই দি আহিবা । নহ'লে টকাৰ ধাৰ মাৰিবলৈ পুহ মহীয়া ঠাণ্ডাত বেছি সময় কাম কৰি তোমাৰ অসুখ মাতিবা । মাকে তাইৰ মুখলৈ  একেথৰে চাই থাকিল , সৌ সিদিনা আঙুলিত ধৰি খোজকাঢ়ি থকা ছোৱালী জনী কেতিয়া বাৰু ইমান ডাঙৰ হ'ল । আনন্দ আৰু দুখৰ সমাহাৰত মাকৰ দুগালে  দুধাৰি অশ্ৰু নিগৰি আহিল ।


✍️নিজৰা বৰ্মন ডেকা

Tuesday, December 13, 2022

অনুগল্প:শ্ৰী পৰাগ জ্যোতি দাস

অণুগল্প

        ✍️শ্ৰী পৰাগ জ্যোতি দাস 

                     একাদশ শ্ৰেণী 

                ঢকুৱাখনা,লখিমপুৰ



           ন-চাউলৰ ন-খোৱা 

    

   সোণগুটি ধানেৰে উপচি থকা সোণোৱালী পথাৰ খন এতিয়া উদং হৈ গ'ল।কৃষকৰ শাওণৰ কষ্ট এতিয়া  ভঁৰালত  সোণগু হিচাপে  ধানেৰে উপচি পৰিছে।সকলোৰে ঘৰে-ঘৰে এতিয়া  আঘোণৰ মধুৰ ক্ষণত ন-চাউলেৰে ন-খোৱা প্ৰথা হৈছে । 

         

শুশ্ৰূষা:হীৰামনি লাহন

অনুগল্প
        শুশ্ৰূষা,

আঘোণৰ চোকা ৰ'দৰ তাপত ধান দাই দাই  ধকধকীয়া  বগা ৰুনু জনী একেবাৰে ক'লা হৈ পৰিছে ,নিজৰ দেহাটোৰ কথা ভাবিবলৈ সময় নাইকিয়াই হল ।  মানুুহজন  ঢুকুৱাৰ পিছৰে পৰা লোকৰ ঘৰত কাম  কৰি কৰি  অকলশৰেই ঘৰ খন চলাব লাগে  তাই, বেমাৰী  শাহুৱেকক  প্ৰতিপাল  কৰিব লাগে  ,কলেজত পঢ়ি  থকা  তাইৰ  ছোৱালীজনীৰ  পঢ়াৰ  খৰচ  বিলাক  আছেই   ।  এই বাৰ ধান  দাই পোৱা টকাকেইটাৰে বহুত কল্পনা কৰিছে তাই । তাই ভাবিছে অসুখীয়া শাহুৱেকক এই টকাকেইটা পালেই ডাক্তৰৰ ওচৰলৈ নি চিকিৎসা কৰাব  ।  আৰু এইবাৰ  চোন  আনবাৰতকৈ  ঠাণ্ডা  অলপ  বেছিকৈহে   পৰিছে ।শাহুৱেকৰ  বাবে আৰু এখন ভাল কম্বল কিনি  আনিব  লাগিব   ,নহলে  বুঢ়া মানুহ ঠাণ্ডা পালে  কষ্ট  পাব । নিজৰ আৰু তাইৰ ছোৱালীজনীৰ কথা ভৱাই  নাই, অন্তত বুঢ়া বয়সত শাহুমা গৰাকী জীয়াই থকা দিন  কেইটাত  সুখত থাকক  । কোনো দুখ কষ্ট নোপোৱাকৈ অসুখীয়া শাহুৱেকক  আৰামত ৰখাটোৱেই তাইৰ কত্তৰ্ব্য বুলি ভাৱে ।

কিন্ত, 

কিছুমান কথাই তাইৰ মনত বৰ বেয়াকৈ প্ৰভাৱ পেলাইছিল  । তাইৰ প্ৰায়েই  দেখিবলৈ পাই চুবুৰীয়াৰ  ঘৰৰ  বোৱাৰী আৰু লৰাই ইমান টকা পইচা থকাৰ পিছতো নিজৰ মাকগৰাকীক  অসুস্থ অৱস্থাতো অলপো চোৱা চিতা নকৰে ,চিকিৎসাৰ নামত এটকাও খৰচ নকৰে ,মানুহগৰাকী ইমানেই কষ্টত আছে দেখিলেই বৰ দুখ লাগে । 

তাই ভাবে টকা পইচা থকা কিছুমান ধনী মানুহ এনেকুৱাই নিকি  ? 


হীৰামনি লাহন  ।

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...