Showing posts with label নিজৰা বৰ্মন ডেকা. Show all posts
Showing posts with label নিজৰা বৰ্মন ডেকা. Show all posts

Tuesday, January 03, 2023

সংগ্ৰাম জীৱনৰ অন্য এটি নাম

🔸 সংগ্ৰাম জীৱনৰ অন্য এটি নাম

জীৱন নামৰ নদীখনিত

সময় নামৰ নাওখনি দিলোঁ মেলি 

প্ৰত্যাশাৰ বঠা বায় দুৰন্ত গতিৰে 

সময় বিগলিত হৈ যায় যুগ-যুগান্তৰলৈ ।

জীৱন জিনাৰ সংগ্ৰাম কৰি কৰি

ঘূৰিছোঁ মাথো সংগ্ৰামৰ পৰিধি বিচাৰি ।

জীৱন নদীৰ খৰস্ৰোতত

গতিশীল নাওখনিও

পলকতে যায় উটি ভাহি

স্মৃতি বোৰ সযতনে বালিচৰত থয় পুতি ।

নদীৰ ঢৌৱে ঢৌৱে অবিৰত যাত্ৰা

সময়ে থৈ যায় জীৱন যাত্ৰাৰ দীঘলীয়া পথত

হিচাপ নিকাচবোৰ খোদিত কৰি

জীৱনৰ উকা দলিলত 

সংগ্ৰাম জীৱনৰ অন্য নাম ।

সময়ৰ গতিত ঘৰ্ষিত হৈ

দিন-ৰাতিবোৰ গলি গলি

মুঠ,কল্প, শতাব্দীৰ গৰিমা লৈ

সময়ে এঙামুৰি দিয়ে 

অনাগত ভৱিষ্যতৰ সুৰঙা বিচাৰি

মাথোঁ জীৱন জিনাৰ সংগ্ৰামৰ হেতু

হেজাৰ ধুমুহা প্ৰতিৰোধ কৰি 

জীৱন নামৰ নদীখনিত বাই যাও বঠাখনি ।

বিগলিত সময়ে সিঁচা জীৱনৰ কাঁইটবোৰ

আঁতৰাই জীয়াই থকাৰ নতুন প্ৰেৰণা

নতুন কৰ্ম আৰু নতুন উদ্যমেৰে যাম আগবাঢ়ি

সংগ্ৰাম জীৱনৰ অন্য নাম কাটি কৰি

আজুৰিম নতুন সুৰুযৰ ন ৰ'দালি ।

সুখ-দুখৰ মাজেৰেই জীৱনৰ গতি

সংগ্ৰাম জীৱনৰ অন্য নাম এটি

সংগ্ৰামে গঢ়ে জীৱনৰ গতি 

সংগ্ৰাম অবিহনে নহয় জীৱনৰ পূৰ্তি ।


✒️নিজৰা বৰ্মন ডেকা

সৰ্থেবাৰী বৰপেটা জিলা

Tuesday, December 27, 2022

অবদমন:নিজৰা বৰ্মন ডেকা

 অণুগল্প

       অবদমন 



  স্বপ্নালীৰ আজি মনত দুখ নাই যদিও তাই স্কুলৰ পৰা বনভোজলৈ যোৱা দলটোৰ লগত যাব নোৱাৰিলে । মাকে মহাজনৰ পৰা এহেজাৰ টকা অগ্ৰিম ধন আনি তাইক বনভোজলৈ যোৱাৰ বাবে দিলে , কিন্তু কোমলবয়সীয়া স্বপ্নালীয়ে  মাকক ক'লে 

:থাওক দিয়া মা টকাটো তোমাৰ হাতত । মই বনভোজলৈ নাযাওঁ, পৰীক্ষা সম্মুখত , ঠাণ্ডা খাই অসুখ হ'লে পৰীক্ষা বে‌য়া হ'ব ।

:"কিয় নেযাবা মাজনী , তোমাৰ বান্ধৱী হঁত যাব , তুমিও যোৱা আকৌ 

:নালাগে মা, মহাজনৰ পৰা অনা সেই এহেজাৰ টকা হেজাৰ ঘূৰাই দি আহিবা । নহ'লে টকাৰ ধাৰ মাৰিবলৈ পুহ মহীয়া ঠাণ্ডাত বেছি সময় কাম কৰি তোমাৰ অসুখ মাতিবা । মাকে তাইৰ মুখলৈ  একেথৰে চাই থাকিল , সৌ সিদিনা আঙুলিত ধৰি খোজকাঢ়ি থকা ছোৱালী জনী কেতিয়া বাৰু ইমান ডাঙৰ হ'ল । আনন্দ আৰু দুখৰ সমাহাৰত মাকৰ দুগালে  দুধাৰি অশ্ৰু নিগৰি আহিল ।


✍️নিজৰা বৰ্মন ডেকা

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

সহযাত্ৰী তৃতীয় খণ্ড ঋতুপর্ণা ইংতিপি

 সহযাত্ৰী  (তৃতীয় খণ্ড)  ✍️ ঋতুপর্ণা ইংতিপি/মৰিগাঁও      গা-পা ধুই আজৰি হোৱা মানে তিনি বাজিলে।তাইৰ ভাগৰো  বহুত লাগিছে। গোটেই দেহটো অৱশ হৈ প...