Tuesday, December 27, 2022

অবদমন:নিজৰা বৰ্মন ডেকা

 অণুগল্প

       অবদমন 



  স্বপ্নালীৰ আজি মনত দুখ নাই যদিও তাই স্কুলৰ পৰা বনভোজলৈ যোৱা দলটোৰ লগত যাব নোৱাৰিলে । মাকে মহাজনৰ পৰা এহেজাৰ টকা অগ্ৰিম ধন আনি তাইক বনভোজলৈ যোৱাৰ বাবে দিলে , কিন্তু কোমলবয়সীয়া স্বপ্নালীয়ে  মাকক ক'লে 

:থাওক দিয়া মা টকাটো তোমাৰ হাতত । মই বনভোজলৈ নাযাওঁ, পৰীক্ষা সম্মুখত , ঠাণ্ডা খাই অসুখ হ'লে পৰীক্ষা বে‌য়া হ'ব ।

:"কিয় নেযাবা মাজনী , তোমাৰ বান্ধৱী হঁত যাব , তুমিও যোৱা আকৌ 

:নালাগে মা, মহাজনৰ পৰা অনা সেই এহেজাৰ টকা হেজাৰ ঘূৰাই দি আহিবা । নহ'লে টকাৰ ধাৰ মাৰিবলৈ পুহ মহীয়া ঠাণ্ডাত বেছি সময় কাম কৰি তোমাৰ অসুখ মাতিবা । মাকে তাইৰ মুখলৈ  একেথৰে চাই থাকিল , সৌ সিদিনা আঙুলিত ধৰি খোজকাঢ়ি থকা ছোৱালী জনী কেতিয়া বাৰু ইমান ডাঙৰ হ'ল । আনন্দ আৰু দুখৰ সমাহাৰত মাকৰ দুগালে  দুধাৰি অশ্ৰু নিগৰি আহিল ।


✍️নিজৰা বৰ্মন ডেকা

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...