Tuesday, September 19, 2023

দ্বিতীয় বছৰ■ছেপ্টেম্বৰ মাহ ১৯-২৬ সংখ্যা

 জোনাকী

              সাপ্তাহিক ই-আলোচনী

দ্বিতীয় বছৰ■ছেপ্টেম্বৰ মাহ ১৯-২৬ সংখ্যা

                   এই সংখ্যাৰ শিতানত:

ৰাতুল চেতিয়া ফুকন,নমিতা মণ্ডল,আৰতি শৰ্মা,প্ৰৱীণ ৰাজবংশী,এছ ইছলাম শিক্ষক,লখিমী শৰ্মা,নিৰৱপ্ৰিয়া (দৃলীনা দাস),মাৰ্জিনা বেগম,জোনমণি ৰয়,Kanupriya Deka,অবিনাশ বৰা, নাজমিনা মজিদ,আয়নাল হক, 

শান্তা দাস,জেফলিন চুলতানা,বাহাৰুল ইছলাম (শিক্ষক),ডo ইকবাল হোচেইন খান,নাছিৰ আহমেদ,ৰাজদ্বীপ মৰাং,দিপশিখা (অভিমানী পিউ),প্ৰজেছ দাস,সূৰজ বৰগোহাঁই,অনন্ত কুমাৰ ভূঞা,ৰুম্পী দাস,চুমিয়া আকতাৰা,মেঘালী বৰা, হিয়া তালুকদাৰ,Sabbir Ahmed,সবিতা বেগম।

গল্প শিতানত:

ৰিচা বৰা,অনিতা গগৈ ৷ নগাঁও (জুৰীয়া)

প্ৰবন্ধ:শ্ৰী সুৰজিৎ ভূঞা

বেটুপাত




◼️আবেলিৰ অনুভৱ
ৰাতুল চেতিয়া ফুকন
চৰাইদেউ।

এটা ম্যাদ উকলা শৰীৰ
এজোৰ নতুন পোছাকেৰে
নতুন কৰাৰ প্ৰয়াস,
হে নিষ্ঠুৰ সময়
কেনেকৈ কাঢ়ি নিলা
সোনালী সূতাৰে বন্ধা
জীৱনৰ সেউজ নিশ্বাস।
এতিয়া আগলি বতাহত কঁপে
লেৰেলা আঙুলি
শব্দই উজুটি খায়
জীভাৰ আগত ,
নিসঙ্গতাই আবৰি ধৰে
এলাগী সময়
পাৰ হোৱা জীৱনৰ
আবেলি পৰত ।
________________________________



◼️" প্ৰেৰণা " 
নমিতা মণ্ডল



এটা দিন আৰু এক
নতুন সূৰ্যোদয়ৰ অপেক্ষা,
প্ৰতিটো পুৱাই দিয়ে এক
মুক্ত পোহৰৰ চাকি।
এন্ধাৰক আঁতৰাই দিয়ে
প্ৰতিটো খোজৰ
  সপোনৰ বাট মুকলাই ।
  মুক্ত আকাশৰ কোমল
  বতাহৰ উৰণীয়া সেঁতুত
  কহুৱা বনৰ দলিচাত আৰু
  কুঁহি ৰ স্পৰ্শ ই আনে
  সময়ৰ সুন্দৰ সুবাস।
  এই সুৱাসে দিয়ে
  অগণন তৰাৰ দৰে
  বোৱটি সময়ৰ অজশ্ৰ
  দিঠকৰ সপোনৰ যাত্ৰা।
________________________________



◼️"মোৰ মাতৃভূমি, মোৰ হৃদয়ৰ  বাসস্থান "
          ✍️ আৰতি শৰ্মা।
      বাইহাটা চাৰিআলি।
            

অ'মোৰ জন্ম ভূমি, অ'মোৰ মাতৃভূমি,
য'ত হৃদয়ে সান্ত্বনা পায়, একত্ৰিত আৰু অবান্ধি।
উচ্চ পৰ্বতৰ মাজেৰে তোমাৰ আত্মাই
আলসুৱাকৈ প্ৰতিধ্বনিত হয়।
জীৱনৰ সৈতে তোমাৰ অৰণ্যবোৰে
মিলাপ্ৰীতিৰে উশাহ লয় ।

তুমি পূৰ্ব্বপুৰুষৰ সম্পৰ্কৰ দোলনা,
কেতিয়াও শেঁতা নপৰা সংস্কৃতিৰ এক যৌৱনা।

তোমাৰ শিৰাত বৈচিত্ৰ্যই ফুলি উঠা   ;
তুমি কণ্ঠৰ কোৰাছ আৰু অন্তৰা।

সূৰ্য্য উদয়ৰ সোণালী ৰঙৰ পৰা
সূৰ্য্যাস্তৰ জিলিকনি'লৈকে,
তোমাৰ সৌন্দৰ্য্যৰ সোণৰ পথাৰত
বীজ সিঁচে  শ্ৰমিকে পুৱা -গধুলি লৈকে ।

ওখ মহিমাময় পৰ্ব্বতৰ বৰফৰ শৃংগবোৰৰ পৰা,
সাগৰে হুমুনিয়াহ কাঢ়ি থকা সোণালী বালিবোৰলৈ,
ইমান ঐশ্বৰিক ৰঙেৰে অংকন কৰা
য'ত সপোন বোৱা হয় আৰু কাহিনী কোৱা হয়,
তোমাৰ প্ৰাকৃতিক সৌন্দৰ্য্যৰ দৃশ্যবোৰৰ পৰা  ।

প্ৰাচীন পৰম্পৰাৰ পৰা আধুনিক অগ্ৰগতিলৈকে,
পুৰণি আৰু নতুনৰ সংমিশ্ৰণ, য’ত আশাৰ বাসস্থান।
জনম ভূমি, য’ত বৈচিত্ৰ্যই নিজৰ ঘৰ বিচাৰি পায়,
মুক্তভাৱে বিচৰণ কৰা সংস্কৃতিৰ এক সুষম মিশ্ৰণ,
ঐক্য উদযাপন, এই বহুমূলীয়া পৃথিৱীত।

তোমাৰ ভাষা, ইমান চহকী,
দূৰ-দূৰণিৰ উপত্যকাৰ মাজেৰে গুঞ্জৰিত হোৱা,
মোৰ হৃদয়ৰ প্ৰতিটো স্পন্দনত
বতাহ ভৰাই তোলা গীত আৰু কবিতা।

অ’ মোৰ মাতৃভূমি, মোৰ হৃদয়ৰ বাসস্থান,
প্ৰেম আৰু ভক্তিৰে,তোমালৈ ধৰি ৰাখিছোঁ প্ৰমাণ।
তোমাৰ সত্তা হেৰুৱাব নোৱাৰোঁ।
মই লোৱা প্ৰতিটো খোজতে, য’তেই ঘূৰি ফুৰোঁ,
তোমাৰ প্ৰতি যি মৰম তাকেই সহ্য কৰোঁ ।
________________________________



◼️“তোমালৈ এটি অশ্ৰু ভৰা কবিতা”

                             প্ৰৱীণ ৰাজবংশী
                                   জাজৰি(মৰিগাঁও)
অনুভৱ তোমাৰ
শব্দবোৰ তোমাৰ
আলফুলে সজাই ৰাখিছোঁ
মন দাপোনৰ এচুকত ৰাখিছোঁ সাচি
তোমালৈএটি অশ্ৰু ভৰা  কবিতা ৷

লিখিছোঁ কঁহুৱা ফুলা বতৰ
লিখিছোঁ সঁচা মানৱতাৰ কবিতা
সময় এটিয়া জীৱন গঢ়াৰ
সময় এটিয়া মাথোঁ নিঃশব্দ
নীৰৱতাৰ নাই কোনো সীমাবদ্ধ
তোমালৈ এটি অশ্ৰু ভৰা  কবিতা ৷

অশ্ৰু ভৰা আবেগৰ শিহৰণ
আছে বহুটো সহনশীলতা
আছে নিঃসঙ্গ কিছু বেদনা
নাই কোনো বিসংবাদৰ ভাষা
লিখিছোঁ মানৱতাৰ মানৱীয় ঝংকাৰ
তোমালৈ  এটি অশ্ৰু ভৰা কবিতা ৷

জীপাল হৈ পৰক সময়
সপোন যেন লগা অনুভৱ
বাকি দিয়া বাকি দিয়া
আবেগ নিস্তব্ধতা,নিস্বাৰ্থ
কিছু সঁচা সহনশীলতাৰ
নিভাঁজ মানৱতাৰ জীৱনৰ শব্দৰ
তোমালৈ এটি অশ্ৰু ভৰা কবিতা(ৰাজ)৷৷
============================





◼️তোমাৰ বাবেই আছোঁ জীয়াই

                       এছ ইছলাম শিক্ষক
                      পঃমইনবৰী বৰপেটা

মেঘাচ্ছন্ন আকাশ        নাই ৰবিৰ দেখা
         মাৰে বিজুলী-ঢেৰেকনি,
এক বিষাদময়                বেদনাই মোৰ
          খুলি খায় হৃদয় খনি।

তথাপি তোমাক              নোৱাৰোঁ ক'ব
             ভাল পাওঁ বুলি মই,
এই ধৰণীত                  তোমাৰ বাবেই
            আছোঁ মাথোঁ জীয়াই।

নীলিম আকাশ            মেঘাচ্ছন্ন বতৰ      
             নামে বাৰিষাৰ ঢল,
জিৰি জিৰিকৈ            বৈ যায় সাগৰলৈ 
              প্ৰেম যমুনাৰ জল।

মেঘাচ্ছন্ন আকাশৰ         মেঘ আঁতৰাই
              তুমি দিবানে দেখা,
মোৰ হৃদয়ত              সূৰুযৰ সাতৰঙী
             ভৰাই কিৰণ ৰেখা ?              
           
আহিবানে তুমি             মোৰ জীৱনলৈ
              এটি ন সূৰুয হৈ
জীৱনৰ এটি              ৰঙীন প্রভাতলৈ
           থাকিম তোমালৈ ৰৈ ?
________________________________





◼️" শৰৎ "
লখিমী শৰ্মা
যোৰহাট

লখিমী শৰ্মা
যোৰহাট

        শৰৎৰ আগমনে মন প্ৰাণ ভৰাই তোলে
            চাৰিওদিশে শেৱালিৰ সুবাসত ,
          শাৰদী ৰাণী অহাৰ সংকেত দিয়ে
             দশোদিশ সুগন্ধৰে ভৰি পৰে
                 শেৱালি ফুলৰ সুগন্ধত ,
                 শেৱালিৰ সুবাসে
               কাণে - কাণে কৈ যায়
                 তুমি আহিলা বুলি ,
         বতাহে দি যায় সেই ফুলৰ সুগন্ধত
     ধৰিত্ৰীলৈ আইমাতৃ অহাৰ আগলি বতৰা ।
             তোমাক সম্ভাষণ জনাই
                   শুকুলা কহুৱাই ,
                     হালি - জালি
           আনন্দত হয় আত্মবিভোৰ ,
           বৰ্ষাৰ পৰশত ধৰাৰ বুকুত
              দেখা দিয়া পৰিৱেশে ,
          তোমাৰ আগমনত লাজত
             লুকুৱাইছে নিজৰ মুখ ।
               নাই জাৰ নাই জহ 
                নাই দিন - ৰাতি
                 সময়ৰ প্ৰভেদ
           প্ৰকৃতিৰ শান্ত পৰিৱেশ
              কি যে মনোমোহা  ।।।।।
________________________________


◼️ব্ৰহ্মপুত্ৰৰ বিননি
নিৰৱপ্ৰিয়া (দৃলীনা দাস)
  ছৈখোৱা,তিনিচুকীয়া



হে জীৱ শ্ৰেষ্ঠ মানৱ সমাজ
কিয় ইমান নিষ্ঠুৰ
সৌন্দৰ্যৰে জীপাল,
ব্ৰহ্মাৰ পুত্ৰক কৰিব
লৈছা ধ্বংস ।
কিয় কৰিছা প্ৰকৃতিৰ
নিয়ম উলংঘন
কৰি আছা অত্যাচাৰ
কিয় শুনিও নিমাত তুমি।
যাৰ বুকুৰ মাজত
ঠাই দিছোঁ পৃথিৱীৰ
বৃহত্তম নদীদ্বীপ মাজুলীক
আনকি নীৰৱে ৰৈ
আছে উমানন্দৰ সংস্কৃতি।
প্ৰকৃতিৰ বুকুলৈ জলধাৰাক
বোৱাই কৰি আছো যুগে যুগে
মানৱ জাতিক উদ্ধাৰ।
কিন্তু আজি সেই মানৱেই
কৰি আছে অত্যাচাৰ ।
কেউফালৰ পৰা কৰিব
ধৰিছে আক্ৰমণ,
বুকুত পেলাইছে
বিষাক্ত পদাৰ্থ
কেনেকৈ সহিম বাৰু
মই ইমান কষ্ট ।
________________________________

◼️আমাৰ  বিদ্যালয়


অজ্ঞান আন্ধাৰ নাশ কৰি
পোহৰাই তোলা তুমি শিক্ষাৰে ,
অলেখ ছাত্ৰৰ জীৱন গঢ়া
জ্ঞান আৰু সভ্যতাৰে।

তোমাৰ কোলাতেই আহি পঢ়ে
মানৱ ৰূপী বন্তি জ্বলে
মানুহ হোৱাৰ প্ৰয়াস
বহুজনে আহি তোমাতেই কৰে।

এখনি সমাজ হোৱা তুমি
ছাত্র- ছাত্ৰী জীৱনৰ,
গুৰু শিষ্য মিলনৰ তুমি
মনিকাঞ্চন সংযোগৰ ক্ষেত্র।

মাথো নহয় তুমি এখনি ঠাই,
মন্দিৰৰ হয় তুমি সমতুল্য,
জনাওঁ তোমাৰ শতকোটি প্রণাম।।  


অবিনাশ বৰা, শ্ৰেণী- দশম, কাছমাৰী উচ্চ মাধ্যমিক বিদ্যালয়।
গাওঁ- চৰাই মাৰী ন-মাটি, গোলাঘাট।।

________________________________

◼️হেঙুলী পথাৰ

প্ৰথমজাক বৰষুণৰ আনন্দ
এফালে অংকুৰিত শস্য
পাতল সেউজীয়া পথাৰত
খেতিয়কৰ মহা আনন্দ
কপালৰ ঘাম পেলাই মাটিত
কষ্ট কৰে দিনে ৰাতি
আমাৰ খেতিয়কে
বোকাত লুতুৰী পুতুৰী
হৈ বায় হাল
যাতে মানুহৰ
নহয় কষ্ট খোৱাত
থাকে গোটেই বছৰ
ভৰালত ধান,
আঘোণৰ পথাৰ
যেন হেঙুলী আকাশ
দেখি লাগে ভাল
কাতিত কঙালী
মাঘত ভোগালী
বহাগত ৰঙালীৰ দান
আমাৰ খেতিয়কে
কৰে ইমান কষ্ট আমাৰ কাৰনে
তথাপিও নাই খেতিয়কৰ কদৰ
অন্ন অপচয় কৰো দিনভৰ।

Kanupriya Deka ( MA in Assamese),

________________________________

◼️পূৰ্ণিমাৰ জোন

হেৰা তুমি পূৰ্ণিমাৰ  ৰাতিৰ জোন তোমাৰ যে, কি মাদকতা।
কি,যে তোমাৰ প্ৰস্ফুলিত উজ্জ্বলতা।
যাক নেকি দেখি ৰাতিৰ আকাশৰ মেঘবোৰেও পাগল হৈ যায় ।
কিয়নো নাযাব?
তুমি যে সিদিনা এক বিশেষতম ৰূপ ধৰাহি আকাশত।
পূৰ্ণিমাৰ জোনটোৰ পোহৰৰ প্ৰেমত পৰি,
হয়তো মেঘবোৰেও জোনৰ সৈতে লুকা ভাকুৰ খেলা খেলি
আনন্দত যেন দিশহাৰা হৈ নাচি ফুৰে ।
হয় তুমিয়েই সেই পূৰ্ণিমাৰ  জোন।।

নাম- জোনমণি ৰয়,
গাঁও -তিত্কা  তাজে
________________________________


◼️দুৰ্জেয় বীৰ

হে পৰম শ্ৰদ্ধাৰ শিক্ষা গুৰু
আলোক পথৰ অভিযাত্ৰী!
আন্ধাৰ মাৰ্গত আগুৱাইছো আমি
তোমাৰ নিৰ্দেশিকা অনুসৰণ কৰি  ।

জীৱনৰ আদিপাঠ মেলাৰ পৰা
জ্ঞানৰ আম্বেষণত আজিও,
লৈছোঁ আশ্ৰয় তোমাৰ ছত্ৰছায়াত
বিলাই দিয়া তুমি জ্ঞানৰ অমৃত বাণী।

জাতিৰ বাবে কল্যাণকৰ
আদৰ্শবান শিক্ষক তুমি ,
মহান নৈতিকতাৰ ৰক্ষাৰ্থে 
ভাগৰুৱা পন্থাত জাগ্ৰত প্ৰহৰী।

ব্যস্ততাৰ পোছাকত জিলিকে
তোমাৰ ধৃতিৰ হিৰণ্ময় আভা,
আনৰ বাবে উছৰ্গিত হৈ তুমি
জ্ঞান-বিজ্ঞানত কৰিলা সাধনা।

পৰিৱৰ্তিত শিক্ষাৰ পথাৰত
কতনা বলি হ'লা তুমি বৈষম্যৰ ,
তথাপি দিয়া নিতৌ নতুন শিক্ষা
এয়ে পৰিচয় কঠোৰ  কৰ্তব্য নিষ্ঠাৰ ।

সমৃদ্ধিশালী সমাজ গঢ়াৰ
সপোন এটি মোনাত বান্ধি ,
ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰা
হে মহান গুৰু তুমি দুৰ্জেয় বীৰ।।

                                --মাৰ্জিনা বেগম,
                                        বৰপেটা।

________________________________

◼️মই তোমাক বিচাৰোঁ

                                                  
তোমাক ৰাখিব বিচাৰোঁ,
মোৰ হৃদয়ৰ আলোক মন্দিৰত।
তোমাক লৈ  বান্ধিব বিচাৰোঁ,
সুখ-দুখৰ এক নতুন সংসাৰ।
মোৰ হৃদয়ৰ দেৱালত আঁকিব বিচাৰোঁ,
তোমাৰ আৰু মোৰ ভালপোৱাৰ এক নাম।
তোমাৰ স্মৃতিবোৰক একত্ৰিত কৰি গঢ়িব বিচাৰোঁ,
ভালপোৱাৰ এক মধুৰ বৃন্দাবন।
কিন্তু, নাজানো ইশ্বৰে কি বিচাৰে,
মিলন নে বিচ্ছেদ তোমাৰ আৰু মোৰ।
তথাপি মই বিচাৰোঁ তোমাক যেন পাওঁ,
জন্মে-জন্মে সাত জন্মে।
তোমাৰ কোলাত মূৰখন থৈ পাহৰিব বিচাৰোঁ,
সহস্ৰ যন্ত্ৰণা সহ্য কৰি পাৰ কৰা সেই দিনবোৰ।
পাহৰি যাব বিচাৰোঁ মোৰ মনৰ দুখবোৰ,
তোমাক কেতিয়াও নাপাওঁ বুলি যে হৈছিল।
তোমাক ৰাখিব বিচৰোঁ মোৰ চকুৰ সন্মুখতে
যাতে তোমাক কোনেও মোৰ পৰা লৈ যাব নোৱাৰে।
মই জানো তুমি মোক এৰি থৈ,
কেতিয়াও ক'তো যাব নোৱাৰা।
তথাপি তোমাক হেৰুৱাৰ এটা ভয় যে,
মোৰ কোমল মনে কেতিয়াও এৰিব নোৱাৰে।
তোমাক ৰাখিব বিচাৰোঁ মোৰ আনন্দৰ চহৰখনত আৰু পাতিব বিচাৰোঁ বহু কথা।
আৰু শেহত কব বিচাৰোঁ,
"শেষ হৈ নাযায় তো"
তোমাৰ আৰু মোৰ,
ভালপোৱাৰ এই স্মৃতিবোৰ।

শান্তা দাস
লংকা, হোজাই ,অসম
________________________________



◼️দেউতাৰ ভঙা চাইকেল
আয়নাল হক, ধুবুৰী


এইয়া দেউতাৰ সম্পত্তি--
এখন ভঙা চাইকেল
কেৰ্ কেৰ্ মেৰ্ মেৰ্
বেঁকা বেঁকী ৰিম,
মাড-গাৰ্ড ফুটা ওলোৱা
তথাপি ই ভাৰ লয় দেউতাৰ।
টিলিঙাটোৰ বাদে
শব্দ কৰি সকলো পাৰ্টচে
দেউতা অহাৰ ইঙ্গিত দিয়ে।
মাজে মাজে চেইন পৰি
অলপ আমনি দিলেও
চাইকেলখন বৰ মৰমৰ দেউতাৰ।
আইয়ে ঘৰখন চলাবলৈ
বিচৰা সকলোখিনি
চাইকেলখনে সগৌৰৱেৰে
ঘৰলৈ কঢ়িয়াই আনে।
দেউতাৰ সম্পত্তি--
হওক ভগা-ছিঙা
দেউতাৰ ক্লান্ত শৰীৰটোৰ
ভাৰ লৈ অহা চাইকেলখনৰ যেন
ভাগৰ নাই কোনোদিনে।
ভঙা শৰীৰটোৰেৰে চাইকেলখনে
মালিকক পাৰে মানে সহায় কৰে।
পিছে ৰঙটো ক'লা নে বগা
হ'ল চিন নাইকিয়া,
পুৱাৰ পৰা গধূলিলৈকে
দেউতাৰ সাৰথি হৈ থকা চাইকেলখনে
সোঁৱৰাই মোৰ শৈশৱ কৈশোৰ,
চাইকেলৰ ঢামত বহি স্কুললৈ যোৱা
প্ৰথম চলাবলৈ শিকা ইত্যাদি ইত্যাদি।
ৰাখিছোঁ চাইকেলখন বৰ যতনেৰে
কাৰণ এইখন দেউতাৰ সম্পত্তি--
বহুত হেঁপাহৰ--বহুত বিশ্বাসৰ...।
________________________________

◼️শৰৎ                                  
নাজমিনা মজিদ,


শৰতৰ আগমনত শেৱালিয়ে                                  
শাৰদীয় পোছাক পিন্ধি 
আনন্দত আত্মহাৰা                                            
আকাশত মেঘে বগা চাদৰ লৈ                            
লৰা ঢপাৰাকৈ শৰৎ                                      
অহাৰবতৰা দিয়ে                                                        
শেৱালিয়ে আৱেগৰ উত্তাল                                
জোৱাৰত ব্যক্ত কৰে                                              
অপেক্ষাৰ যে মাদকতা কিমান. . !
সমানে কঁহুৱা বনে শৰতক
আদৰিবলৈ লাহী কঁকালৰ নাচোন                          
শৰতৰ কোলাত জীয়াই থকাৰ                            
হেঁপাহ বিচাৰি ফুৰা সকললৈ                                 
সেমেকা সন্ধিয়াত শেৱালিয়ে দিয়ে                        
আমোল-মোল গোন্ধ উপহাৰ                                 
মাজৰাতি টুপ টুপ শব্দৰে                                     
জগাই তুমি দূৱৰি বনৰ সতে
নিয়ৰে আলিংগন কৰে  ।                                       
মিচিকিয়া হাঁহিৰে শেৱালি পাহিয়ে                        
লাজত মুখ লুকায় ।                                            
উৎসৱ আনন্দৰ তালে তালে                                                                                 মনৰ আনন্দ দ্বিগুণে বাঢ়ে                                    
অপৰূপ-গুণৰ আধিকাৰী                                   
শৰতৰ পৰশত সকলোৱে  
সৌন্দৰ্যৰ সংজ্ঞা দিয়ে ।
________________________________



◼️সম্পৰ্কবোৰ
জেফলিন চুলতানা

সাপ্ৰতিক সময়ত প্ৰায়বোৰ সম্পৰ্কই যেন
জলন্ত চিগাৰেটৰ কুণ্ডলী...!!
পকাই পকাই হেৰাই যোৱা ধূৱাৰ দৰেই ...!!

সম্পৰ্কৰ স্বাৰ্থত এখোজ আগবাঢ়িলে
মানুহবোৰ দৌৰি দুখোজ দূৰ হয় ।
আধুনিকতাৰ নামত কেৱল যান্ত্ৰিকতা
এয়া কেনেধৰণৰ আধুনিকতা ?

আপোনালোকৰ এনে আধুনিকতাত
এচাম সহজ-সৰল মানুহে
ডায়েৰীৰ পৃষ্ঠাবোৰ লুটিয়াই
নিশাৰ আন্ধাৰৰ সুযোগ লৈ
নিসংগতাত কিমানে উচুপি কান্দে
এবাৰ উপলব্দি কৰেনে  ?
অধুনিকতাৰ নামত  যান্ত্ৰিকতা বিয়পোৱা মানুহবোৰ ।

ভুল জীৱনৰ এটি পৃষ্ঠা আৰু সম্পৰ্ক
জীৱনৰ এটি কিতাপ ।

আপোনালোকৰ এনে আধুনিকতাৰ নামত ,
যান্ত্ৰিকতা বিয়পোৱাৰ বাবেই
কিমান মানুহে উজাগৰি নিশাত বেবেৰিবাং কবিতা ৰচে ...!!
এবাৰ উপলব্দি কৰেনে ?
ধিক এনে বেবেৰিবাং কবিতা ।
________________________________



◼️মোৰ এটাই মাথো প্ৰশ্ন
নাছিৰ আহমেদ ,শিমলাবাৰী গোৱালপাৰা


মোৰ এটাই মাথো প্ৰশ্ন---
যিহঁতে অলৌকিকতাৰ পাছে পাছে ঘূৰে,
সিহঁতে সচাঁই জানো জীৱনত কিবা পায়?
নে , মৰুভূমিৰ বুকুত মৰীচিকাৰ পাছে পাছে ঘূৰি
শান্তিৰ নীড় বিচাৰি পায় ?

মোৰ এটাই মাথো প্ৰশ্ন ----
যাৰ জীৱন দুখেৰে গঢ়া ;
একবিন্দু সুখ আৰু আনন্দৰ বিচাৰি                        
  যি জনে কেৱল দুখ,বেদনা আৰু দাৰিদ্ৰৰ বন্যাত
গোটেই জীৱন থাকিল ভাঁহি !
তেওঁ জানো সকলো আশা জলাঞ্জলি দি মাথোঁ থাকে 
পৰকালৰ সৌন্দৰ্য্য-ময় ৰূপ অনুধাৱন কৰি?

মোৰ এটাই মাথোঁ প্ৰশ্ন----
জীৱন মাথো পুতুল খেলা নেকি ?
বা নে আমি অভিনেতা-অভিনেত্ৰী?
জীৱন নাটৰ অভিনয় মঞ্চস্থ কৰি কৰি
এদিন কালৰ বুকুত হেৰাই যাওঁ অজান পথত!
সুখ-দুখ মাথোঁ ক্ষন্তেকীয়া !!
ইহকাল-পৰকাল মাথো দুঃস্বপ্ন মাথোঁ মায়া !!!
________________________________



◼️জগত গুৰু।


কি বিলাই দিলা
জগত গুৰু হ'লা
উপহাৰ কি স্ৰষ্টাৰ  !

আমাৰে গুৰু জগত গুৰু
ভাবি ভাবি হওঁ বিভোৰ
জয় কৰিলা মানৱতাৰ জগত
তপ জপ  মানুহৰ
এটি এটি বিশালতাৰ গান
নাই ভেদাভেদ সংকীৰ্ণতাৰ কহৰ
হৃদয়ে হৃদয়ে বিলাই দিয়া কোমলতাৰ পৰশ
সেইবাবেই কি তুমি জগত গুৰু ,আমাৰে গুৰু
মূৰ্ছনা পোহৰৰ ।

শান্তিৰ বাটত মানুহে বিচাৰি পায়
কেৱল তোমাৰে দৰ্শন
এক ঈশ্বৰ
এক মানৱতা
নৱবৈষ্ণৱৰ ধাৰা  ।

■ডo ইকবাল হোচেইন খান,
খন্দকাৰ পাৰা ,বৰপেটা
9101809942

________________________________




◼️শ্ৰীমন্ত শংকৰদেৱ
বাহাৰুল ইছলাম (শিক্ষক),



"এক দেৱ এক সেৱ
একত বিনে নাই কেৱ"
অসমীয়া সাহিত্যৰ বাটকটীয়া
বৈৰীওঁ আপোন হয়
সম্প্রীতিৰ এনাজৰী হয় মজবুত
যাৰ কৰ্মত যাৰ বচনত।

ধৰ্মৰ চলেৰে শিকাইছা ভাওঁনা
নাটকৰ পৰা আৰম্ভ কৰি গীত-মাত, কবিতা
বৰগীত, কীৰ্তন, গুণমালা আৰু কত কি!
অমিয়া বচনেৰে মোহিলা জগত
বনৰ জন্তু কিম্বা পখীও হয় আত্মহাৰা
তোমাৰ কণ্ঠত, তোমাৰ ব্যবহাৰত।

অনন্য মেধাৰে সন্মানিত তুমি
অ, আ, ক, খ তে সৃষ্টি কৰিলা
"কৰতল কমল কমল দল নয়ন"
সৃষ্টি কৰিলা অনেক গ্ৰন্থৰাজি
বিলালা প্ৰতিভা জগতত
অসমীয়াৰ শিৰোমণি হৈ জিলিকি আছা প্ৰতিপল।

চমৎকাৰ বাণীয়ে নাশ কৰে বৈষম্যতা
“ব্ৰাহ্মণৰ চাণ্ডালৰ নিবিচাৰি কুল
দাতাত চোৰত যেন দৃষ্টি একতুল৷”
সমাজক বান্ধিছিলা একতাৰ জৰীৰে
হিন্দু, মুছলিম শিষ্য তোমাৰ
সৱতে দেখোন তোমাৰ জোৱাৰ
সংস্কাৰক হৈ সমাজ কৰিলা নিকা
জগতে লভিলে অনেক শিক্ষা।
________________________________



◼️সেউজীয়া
দিপশিখা (অভিমানী পিউ)।



ৰঙচুৱা বেলিটিয়ে মোৰ দুগালত
অভিমানৰ ৰং সানি উতনুৱা কৰিলে
সেউজীয়াবোৰৰ মাজে মাজে আহি
অচিনাকী চৰাইজাকেও হাঁহি মাৰিলে।
গছৰ পাতৰ আৰে আৰে চৰাইজাকে
গীত জুৰি জুকালে অভিমানী প্ৰিয়া বুলি
ময়ো দুহাত মেলি ৰৈ থাকিলো অপেক্ষা কৰি
সেউজীয়াবোৰৰ মাজতে বিলীন হৈ।
অভিমানী হৃদয়ত আজি তোমালৈ বুলি
গোলাপ ফুল ফুলি বাউলী হৈ বতাহত নাচে
উশাহত বিয়পি থকা তোমাৰ নামে
মোক সেউজীয়াৰ কাষলৈ মাতে
ময়ো হেৰাই যাঁও চৰাইজাকৰ মাজতে ।
________________________________




◼️শংকৰ গুৰু ......
          ৰাজদ্বীপ মৰাং,

          লখিমপুৰ, নাৰায়ণপুৰ।

শংকৰ গুৰু
আকৌ আহা তুমি
বিশৃংখল হৈ থকা কোলাহলখিনিক
মৌন কৰাহি

আহা গুৰু
তোমাৰ বাবে সুন্দৰকৈ শৰাই পাৰি থৈছোঁ
তাতেই বহি
আমাক দিবা আশীৰ্বাদ

শংকৰ গুৰু
এতিয়া তোমাক আমাৰ বৰ প্ৰয়োজন
তুমি দেখোৱাই যোৱা
বিশুদ্ধ কৰ্ম বোৰ
এচামে দেখোন নিচিনা হ'ল...

আহা গুৰু
মুৰ্মুষু মানৱৰ দাম্ভিক অত্যাচাৰক
উচিত শিক্ষা দিয়াহি

তুমি আহা গুৰু
পুণৰ এই ধাম
উদ্ধাৰ কৰাহি
আহা গুৰু
সেই সকল দানৱক একতিত্ব কৰাই
মনোবল দিয়াহি

শংকৰ গুৰু
তুমি এতিয়াও সাৰে আছা
বিচাৰি পাওঁ তোমাক
নামত, বাদ্যত, নৃত্যত, চিত্ৰত...
তুমি আছা মণিকূটত, হৃদয়ত, থাপনাত...

শংকৰ গুৰু
তুমিটো দেখুওৱা নাই
সত্যা, ধৰ্ষণ, লুণ্ঠন, অহংকাৰ, অন্যায়...
তুমিটো দেখুওৱা নাই
জাতি, ধৰ্ম, বৰ্ণ, বিভেদ...
মাথোঁ মানৱ ধৰ্ম প্ৰচাৰি
একতাৰ বান্ধোনৰ শক্তি দিছিলা
কিন্তু আজিৰ সমাজ বাৰু কেনি ধাবমান ?

শংকৰ গুৰু
তোমাৰ নিমিত্তে আমি নিৰুপায়
তুমি গঢ়ি যোৱা অক্য সম্প্ৰীতিৰ এনাজৰীডাল
চিঙিব খুজা এচামক
শুদ্ধ চিন্তা দিয়াহি

শংকৰ গুৰু
তোমাক বিচাৰি নামকেই ধৰো
তোমাক বিচাৰি কৃৰ্তন পাঠ কৰো
তোমাক বিচাৰি তোমাৰেই
সৃষ্টিৰাজিক শ্ৰদ্ধাৰে স্মৰণ কৰো
অথচ তোমাক বিচাৰি পাওঁ
নিজ আত্মাৰ নিজ অন্তৰতেই...

সংস্কৃতিৰ প্ৰাণস্বৰূপ, পিতৃস্বৰূপ তুমি গুৰু
সৃষ্টি কৰিলা কৃষ্টিৰ কঠিয়া
তুমিয়েই মানৱ ধৰ্ম প্ৰচাৰিলা
যাচিলা সবকে মোহি

হে গুৰু
আকৌ আহা তুমি
আন্ধাৰৰ পথহীন আমাক
পোহৰ দিয়াহি.....
________________________________


◼️এবাৰ কবি হ'ব পৰা হ'লে!
সূৰজ বৰগোহাঁই


এবাৰ তোমাৰ হ'ব পৰাকৈ
কবি হ'ব পৰা হ'লে.....! এই ধৰা সৰু কবি

দুটামান নিশব্দ শব্দৰে
লিখিলোঁ হেতেঁন প্ৰেমৰ কবিতা

মৌনতা .... মৌনতাৰ চকুৰ ভাষাৰে
বৈ গ'ল হেতেঁন
কত যে প্ৰেমৰ বৰষা,
তুমিও শুনিলা হেতেঁন
হৃদয়খনৰ কোমল কোমল বৰষুণৰ টোপালৰ শব্দ ..
অনুভৱ কৰিলা হেতেঁন
মোৰ বাবে তুমি কিমান বিশেষ …?

এবাৰ তোমাৰ হ'ব পৰাকৈ
কবি হ'ব পৰা হ'লে.....! এই ধৰা সৰু কবি।
________________________________



◼️গুৰু তোমাৰ অতুলনীয় সৃষ্টি
প্ৰজেছ দাস,



গুৰু তোমাৰ অতুলনীয় সৃষ্টি
নাট ভাওনা জগতৰ সংস্কৃতি
নৱবৈষ্ণৱ ধৰ্মৰ শলিতা জ্বলাই ,
ধৰ্মীয় কু-সংস্কাৰ অৱসান ঘটাই
জাতীয় জীৱনলৈ আনিলা পৰিবৰ্তন ।
কৃষ্ণ ভক্তি কঠিয়া সিঁচি
জাতি উপজাতিক একত্ৰিত কৰি
ৰছিলা এখন সমাজ ,
গাঁৱে ভূয়ে নামঘৰ সত্ৰ স্থাপন কৰি
সমাজক দিলা আলোকৰ পথ ।
অংকীয়া নাট ৰচিত কৰি
সপ্ত বৈকুণ্ঠৰ চিত্ৰ পট আঁকি
চিহ্ন যাত্ৰাৰে নাট মঞ্চস্থ কৰি
দৰ্শক শ্ৰোতাৰ ভক্তি ভাৱ জগাই
মূল উদ্দেশ্য কৰিলা প্ৰকাশ ।
________________________________



◼️প্ৰবাহমান
অনন্ত কুমাৰ ভূঞা


স্পন্দিত সময়
উগুল থুগুল মন
প্ৰিয়দৰ্শীনিৰ হৰ্ষ বিষাদ 
পোহনীয়া আবেগ বৰ ঠুনুকা ,
আলসুৱা মনৰ অনুভৱ।
দিঠকৰ কথাখিনি
পমি যায় গভীৰ টোপনিত
ডুব যায় কল্পনাৰ মহাসাগৰত
সন্মোহিত প্ৰেমত হৃদয় লুকায় ।
বিচাৰি নাপাওঁ মৰম
ধুঁ‌ৱলী কুঁ‌ৱলী সমুখৰ বাট ,
তেজগোৰা পুৱাৰ বেলি
প্ৰণয়ৰ হেঙুলীয়া আবেলি।
________________________________



◼️মই ছোৱালী
ৰুম্পী দাস
ভালুকমাৰী ৰাণীপুখুৰী,হোজাই



মই ছোৱালী
গৰ্বিত মাকৰ অংশ ,
মোৰ কোমলীয়া হৃদয়খন
অতি স্নেহ-মায়াৰে ভৰা ...
কেতিয়াবা চকুজুৰিও হৈ পৰে
জিলিকিয়া তৰা ;
আকৌ কেতিয়াবা নৈ ।
ঘাত-প্ৰতিঘাতৰ সম্মুখীন হৈ
সদায় কাঁইটীয়া বাটক
আপ্ৰাণ চেষ্টাৰে ...
সহজত ৰূপান্তৰিত কৰোঁ ,
প্ৰতিপল জীয়াই থকাৰ উশাহক
মতলীয়াই সাৱটি ধৰোঁ ।
আইমাতৃৰ অতি প্ৰিয়
মই গৰ্বিত মাকৰ অংশ ,
   মই ছোৱালী ।
________________________________






◼️ফটা জুতা
চুমিয়া আকতাৰা
উদমাৰী, নগাঁও



মোৰ এই ফটা জুতা যোৰ দেখি
মানুহে দেখোন হাঁহিব।
দেউতা মোক এযোৰ নতুন জুতা
কেতিয়া কিনি দিব?
তিনিবছৰ ধৰি ঈদত মই
এই ফটা জুতা যোৰ পিন্ধি যাওঁ।
বৰ লাজ লাগে অ' দেউতা।
এইবাৰ মোক নতুন জুতা নিদিলে
মই ঈদগাহতেই নাযাওঁ।
কিয় আপুনি মোক ফাঁকি দিয়ে?
জুতা কিনি দিব বুলি কৈ
পিছত কিনি নিদিয়ে।
লগৰবোৰে নতুন জুতা পিন্ধি
মোক আহি দেখুৱাই।
আপুনি মোক ঈদ আহিলেই
এই ফটা জুতা যোৰ দিয়ে চিলাই।
________________________________






◼️শৰতৰ আগমন
মেঘালী বৰা
গুৱাহাটী হেঙেৰাবাৰী।




মেটমৰা প্ৰতিশ্ৰুতি লৈ
আহিনৰ বোকোচাত
শৰৎ আকৌ আহিল ।
শৰতৰ আগমনত
শুকুলা মেঘালী জনীয়ে
ডেও দি ডেও দি নাচিছে
এতিয়া যে শৰত অহাৰ বতৰ ।
শাৰদী ৰাণী শৰৎ অহাৰ লগে লগে
আহিনৰ পথাৰখনো
সেউজ বুলিয়া হ'ল।
পথৰুৱা আলিবোৰৰ মাজত
শুকুলা কহুঁৱা বনে উলাহতে
হালিছে জালিছে।
দুবৰিৰ দলিচাত সংগোপনে আহি
নিয়ৰেও  মুকুতা পিন্ধাইছে।
বালীমাহী চৰাইজনীয়ে
নাচিবাগী চোতালে চোতালে
শৰতৰ চিঠি বিলাই জনালেহি
শাৰদীয় দুৰ্গোৎসৱৰ বতৰা ।
আকাশৰ ওপৰে উৰি যোৱা
শৰালীজাকে কৈ গ'ল
সেউজীয়া লখিমী গৰ্ভৱতী হোৱাৰ বতৰা।
পদূলি মুখৰ শেৱালি জোপাই
মনৰ উলাহতে মিচিকি হাঁহিৰে
চৌদিশে বিয়পাই দিলে
আমোলমোল শেৱালিৰ গোন্ধ ।
এয়া হেনো শৰতক আদৰাৰ প্ৰস্তুতি।
শৰৎ মানেই শেৱালি ফুলাৰ বতৰ
হাস্নাহানা ফুলাৰ বতৰ ।
শৰৎ মানেই  মিঠা সুবাস ।
এমুঠি স্নিগ্ধ জোনাক ,
মৃদু মলয়াৰ আগমন ।
মন প্ৰাণ জুৰ পেলোৱা
এছাতি চেঁচা বতাহ ।
________________________________



◼️মানৱতা
   হিয়া তালুকদাৰ




ক'ত আছে জানো
     সেই মানৱতা ,
য'ত নেকি মানুহৰ হিংসা হিংসী নাই ।
    য'ত নেকি মানুহে শান্তিৰে এখাজ
          খাই লঘোণে মৰিব লগা নহয় ।
     আজি সেই মানুহও নাই মানুহৰ মানৱতাও নাই ,
               আজিকালি কেৱল মাৰ ধৰ আত্যাচাৰৰ বাহিৰে আন একো নোহোৱা হৈ পৰিছে ।
         চাৰিওফালে কেৱল হাই উৰুমিৰ বাহিৰে বেলেগ নোহোৱা হৈ পৰিছে ,
           যেনিয়ে যাও তেনিয়ে লোকৰ হাই হুলস্থূলৰ বাহিৰে আন যে একোৱে নেদেখো

________________________________





◼️মৃত্যু
সবিতা বেগম
বৰপেটা।




মই দেখিছোঁ মই
বাবে বাবে দেখিছোঁ
আপোন দৃষ্টিত
স্ব ভৰিৰ পোণ হৈ
মূৰ্তিয়মান অৱস্থাত
নীৰৱে নি:শব্দে
নিমিষতে গ্ৰাসিত
গন্তব্য নাপাওঁতে
স্তব্ধ অসংখ্য সূৰুযৰ
মৃত্যু পতিত ভূ:সয্যাত
ৰক্তাক্ত কেঁচা তেজে
নিষ্পত্তি সমস্ত জীৱন
স্বাক্ষৰিত দলিল মৃত্যুৰ।
মিছাতে ৰাজমহল
ৰাজপাট হেংদাং।
________________________________



◼️জুবিন দা
Sabbir Ahmed,


গীতি-সাহিত্যৰ সমাজ এই
মহামহিমৰ,
প্ৰতিভাশালী গায়ক তুমি
জুবিন নামৰ।

জুবিনৰ নামত আহে
অসংখ্য মানৱ ,
ব্যাকুল হৈ পৰে
গীতৰ সুৰত ।

যান্ত্ৰিক যুগৰ তুমি
সোণালী গায়ক,
মানৱ জীৱনৰ
সু-প্ৰতিফলক ।

যাৰ সৃষ্টিৰ সুৰেই সুকীয়া,
মধুময় গীতিকাৰ কন্ঠও সুৰীয়া ।

সংগীত প্ৰেমী মানৱৰ তুমি
মুকুতাৰ মণি,
গীতেৰে দিয়া তুমি
শত্ৰুক সকিয়ণি ।

সংগীত জগতত তুমি
মৰমৰ জুবিন ডা,
সু-গায়কৰ মাজত
উজ্জ্বলি থকা ।।
________________________________



বেশ্যা: গল্প

গল্পকাৰ:ৰিছা বৰা,  লখিমপুৰ



:মানুহ আছে নে? ঘৰত কোন আছে ?


           বহুত সময় এজন বুঢ়া মানুহে দুৱাৰ খনত  টুকুৰীয়াই আছিল। কিন্তু কোনো ঘৰৰ ভিতৰৰ পৰা ওলাই অহা নাই । বাৰে বাৰে মানুহ জনে মাতিছে কিন্তু কাৰোৰে সহাৰি পোৱা নাই। উপাই নাপাই ওচৰৰ ৰস্তাটোতে তেওঁ বহি পৰিল। 

    ৰাস্তাৰে যিমান মানুহ পাৰ হৈ গৈছে সিমানক তেওঁ সুধিছে

: শুনকচোন মই গাৱৰ পৰা আহিছো। মোৰ ছোৱালীয়ে ইয়াতে পঢ়ে কলেজত। তাই এই ঘৰটোতে থাকে। কিন্তু  এতিয়া বহুত বাৰ মাতিছোঁ  কোনো সঁহাৰি পোৱা নাই । তাই কত আছে জানে নেকি?

 

    এনেকৈ প্ৰশ্ন কৰাৰ পাছত প্ৰত্যুত্তৰত তেওঁ শুনিবলৈ পাই

: আপোনাৰ ছোৱালী আমি কেনেকৈ জানিম। আপুনি ঘৰ ভুল কৰিছে চাগৈ বিচাৰি চাওক পাব।


       বহুত সময় তাতে বহি থকাৰ পাছত হঠাৎ সন্মুখৰ ঘৰটোৰ পৰা এগৰাকী মহিলা ওলাই আহিল। বৃদ্ধ জনে মানুহগৰাকি দেখি উচৰ চাপি আহিল আৰু সুধিলে

: মাজনী, মোৰ ছোৱালী জনি এইটো ঘৰতে থাকে । তাইক মাতি দিবা নেকি? বহুত দিন হল তাইৰ খবৰ পোৱা নাই। অনুগ্ৰহ কৰি তাইক মাতি দিয়া ।

  সিফালৰ পৰা মহিলা গৰাকীয়ে উত্তৰ দিয়ে

: কি কৈ আছে এইবোৰ। কোনো নাই মোৰ লগত। আপুনি মোৰ সময় নষ্ট নকৰিব। মোৰ বহুত কাম আছে যাওঁক আপুনি।

    এইবুলি কৈ মহিলা গৰাকীয়ে কাণত ফোনটো লৈ কাৰোবাৰ লগত কথা পতাত ব্যস্ত হৈ পৰিল

: হেল্ল' নাহে নেকি ? কিমান সময় ৰৈ আছোঁ। নাহিলে কৈ দিয়ক আৰু বহুত আছে। 


  বৃদ্ধ জনে একে ঠাইতে ৰৈ আছিল । মহিলা গৰাকীৰ কথা বোৰ বুজি পোৱা নাছিল তেওঁ।

   ফোনটো কাণৰ পৰা আঁতৰাই মহিলা গৰাকীয়ে পুনৰ ক'লে 

: ঐ বুঢ়া তই এতিয়াও ইয়াতে আছ যে। যা ইয়াৰ পৰা 

 চকুলো টুকি টুকি বৃদ্ধ জনে কৈছিল

: আইজনি,  মোৰ মাজনি ইয়াতে আছে। তাইক মাতি দিয়া। এবাৰ চাই যাও।


  মহিলা গৰাকীয়ে পুনৰ বাৰ উত্তৰ দি'লে

: তই যা বুলি কৈছোঁ নহয়। মোৰ মূৰটো গৰম নকৰ 

        এইবুলি কৈ তাই দুৱাৰ খন জপাই দিলে।

     বৃদ্ধ জনে কান্দি কান্দি তাতে বহি পৰিল। 


    অলপ সময়ৰ পাছত পুনৰ দুৱাৰ খুলি এজনী ছোৱালী ওলাই আহিল আৰু ছোৱালী জনিৰ পাছে পাছে এজন পাহুৱাল ডেকা। 

          দুৱাৰখন খোলাৰ লগে লগে  বৃদ্ধজনে  ছোৱালী জনীক দেখি কান্দি কান্দি ক'লে  

: মাজনি তই

   ছোৱালী জনিয়ে উত্তৰ দি'লে

: কোন তই। মোক মাজনি বুলি মাতিবলৈ সাহস ক'ত পালি।

    তাইৰ পৰা এনেকৈ কথা শুনি বৃদ্ধজনে পুনৰ ক'লে

:মই তোৰ দেউতাৰ । মোকো পাহৰিলি নে?

    এইবাৰ ছোৱালীজনীয়ে আৰু অলপ খঙত ক'লে

: মোৰ কোনো দেউতা নাই। কি কথা কবলৈ আহিছ 

     ছোৱালী জনীৰ মূৰত হাত বুলাই বৃদ্ধ জনে ক'লে

: মাজনি, কি হৈছে তোৰ। কিয় এনেকুৱা কৰিছ? মই তোৰ দেউতা। মোকো পাহৰিলি নে  তই । বহুত দিন হল তোৰ খবৰ পোৱা নাই সেই বাবে তোৰ খবৰ লবলৈ আহিলোঁ।কিন্তু তোৰ গাত চহৰীয়া হাৱা লাগিল। নিজৰ মা - দেউতাক পাহৰি গ'লি।


     বৃদ্ধ জনৰ কথা শুনি ছোৱালী জনীৰ চকুলো বৈ আহিল আৰু কান্দি কান্দি উত্তৰ দি'লে


: মোক নিজৰ ছোৱালী বুলি নকব আপুনি। আৰু মই আপোনালোকক পাহৰি যোৱা নাই। পঢ়া শেষ হোৱাৰ পাছৰ পৰা মই কাম বিচাৰি হাহাকাৰ কৰি ফুৰিচো কিন্তু কোনোফালে কাম বিচাৰি পোৱা নাছিলো।  পইচাৰ অভাৱত room ৰ পৰাও ওলাই যাবলৈ ভাবুকি দিলে।কেনেকৈ আপোনালোকৰ আগত মুখ দেখুৱাম এই কথা ভাবি ভাবি চিন্তাত পৰিছিলোঁ। আপোনালোকৰ পৰা কেনেকৈ আৰু পইচা বিচাৰোঁ মোৰ সাহস হেৰাই গৈছিল। সেই বাবে মই একো উপাই বিচাৰি নাপালো। আৰু অলপ আগত যে আহিছিল বা জনি তাই মোক লৈ আহিছিল। 

   

     জীয়েকৰ কথাবোৰ বৃদ্ধ জনে কাণ পাতি শুনিছিল আৰু প্ৰশ্ন কৰিছিল

: তই এতিয়া কি কৰি খাইছ মাজনি?  তই মোক চিনি নাপাও বুলি কিয় কৈছিলি মা?


ছোৱালী জনীয়ে হুক হুকাই কান্দিছিল। আৰু কান্দি কান্দি উত্তৰ দিছিল

: মই কেনেকৈ মাতো আপোনাক। কি বুলি মুখ দেখুৱাও।

     কি হ'ল মাজনি কিয় কান্দিছ? কি হ'ল নকওঁ কিয়? বৃদ্ধ জনে পুনৰ সুধিলে


তাই উত্তৰ দি'লে

: কি বুলি ক'ম মই? কি উত্তৰ দিম ?কেনেকৈ কওঁ আপোনাক মই যে এজনী বেশ্যা।।।।।



========×××==========

গল্প



সময়ে শিকায়

গল্পকাৰ:অনিতা গগৈ ৷ নগাঁও (জুৰীয়া)

৯৯৫৪৫১৩৯৫২৷

         


অজয়ে এদিন পুতেক নিবিৰক ক’লে ,

"সোণ মোক টকা অলপ লাগিছিল ৷"

"তোমাক টকা কিয় লাগে খাবলৈ পাইছা পিন্ধিবলৈ পাইছা টকা আকৌ কিয় লাগে ?"

"মই মোৰ আগৰ বিজনেচটো আৰম্ভ কৰিম বুলি ভাৱিছো ৷"

"কিয় মই ইমান টকা ঘটোতে তুমি বিজনেচ কৰিব লাগে ?"

"মই ঘৰৰ ভিতৰত সোমাই থাকি আমনি পাইছো কিমান আৰু বহি শুই খাই দিন কটাম ৷"

"একেবাৰে নালাগে তুমি কাম কৰি আমাৰ নাক কটাব বিচাৰিছা নেকি ?"

দেউতাকৰ মনত বৰ দুখ লাগিল ৷ দুখৰ সময়ত সদায় বন্ধুৰ মুখখন মনলৈ আহে ৷

এদিন অজয়ে বাল্যকালৰ বন্ধুক লগ কৰি সকলো কথা ক’লে বন্ধুৱেকে তেওঁ কথাবোৰ শুনি মনত বৰ দুখ পালে আৰু অজয়ক উৎসাহ দি অলপ টকা ধাৰলৈ দিলে ৷লগতে ইয়াকো ক’লে যে 

"বন্ধু তুমি বৰ ভুল কৰিলা হাত খালি কৰি কাকো একো দিব নাপায় সেয়া লাগিলে তোমাৰ যিমান আপোনজনেই নওক কিয় এটা কথা সদায় মনত ৰাখিবা লোকৰ খালে লোকৰ শুনিবলৈও সাজু হৈ থাকিব লাগিব ৷ "


"বৰ বিশ্বাস কৰিছিলো সকলো দি দিলো ভাৱিছিলো বুঢ়া বয়সত লাখুটি হব ৷ কিন্তু সেইডাল লাখুটিয়েই যে আমাৰ মুৰত ৰাম টাঙুন সোধাব এবাৰলৈও নাভাৱিলো ৷ বোৱাৰীয়ে বাৰে বাৰে কয় খোৱা পিন্ধাত অকণো কৃপণালি কৰা নাই ঘৰখন এনেয়ে অশান্তি কৰি নাথাকিব ৷মাককো এনেকুৱা কৰে যে সকলো বোৱাৰীৰ মতেই হব লাগিব ৷ মানুহজনীয়ে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে ঘৰুৱা কামখিনিকে কৰি থাকে তথাপি সিহঁতে খেচখেচাই থাকে ৷এসময়ত সেইজনী মানুহেই সংসাৰখন ইমান সুন্দৰকৈ চলালে এতিয়া একোৱেই নাজানা হ’ল ৷"


"কি কৰিবা ল’ৰা ছোৱালীয়ে ভাৱে সিহঁত সদায় ডেকা হৈয়ে থাকিব ৷ সিহঁতো যে এদিন বুঢ়া হব সেই কথা এতিয়া সিহঁতৰ মনলৈ নাহে ৷"


"মই আহো দিয়া বন্ধু ৷তোমাৰ উপকাৰ কথা কেতিয়াও নাপাহৰো তোমাৰ বহুত কৃতজ্ঞতা জনালোঁ ৷"


"বন্ধু বুলি কৈছা আকৌ  কৃতজ্ঞতা জনাইছা ৷তুমি সুখী হৈ থকাতো বিচাৰো মোক কৃতজ্ঞতা নজনালেও হব ৷"


"হেৰা আমি আকৌ নিজৰ ভৰিত থিয় হব পৰা হ’লো ৷"

"মই একো বুজা নাই ?"

"বন্ধুৰ পৰা টকা অলপ ধাৰে লৈ পুৰণা বিজনেচটো আৰম্ভ কৰিছো ৷ দুই এদিনতে আমি ইয়াৰ পৰা যামগৈ ৷"


"দেউতা লাইটৰ বিল খন দি আহিবা ৷"

"সোণ মোৰ কাম আছে মই নোৱাৰিম তুমি নিজে দি আহিবা ৷"

"দিনটো খাই শুই ঘৰতে থাকা এই সামান্য কামটো কৰিব নোৱাৰেনে ?"

"নোৱাৰে আৰু তই কথাই প্ৰতি দেউতাৰক ডাংখাই নাহিবি ৷আমাৰে ভুল তোক ভাল সংস্কাৰ দিব নোৱাৰিলো ৷"


"তুমি অফিচ ওলালা ?"

"ওম দেউতালৈ চোৱাচোন অফিচত লাইটৰ বিলখনো দিব নোৱাৰে বোলে ৷"

"দিনটো বহি শুই খাই থকা মানুহে একো কৰিব নোৱাৰে ৷"

"মায়ে কি কৰিছে ?"

"কেচুৱাৰ কাপোৰ ধুইছে আমি অফিচলৈ যোৱাৰ আগতে কামবোৰ কৰি নললে কেচুৱাই আমনি কৰিব ৷"

 

"মায়ে বিলখন দি আহিব পাৰিলেহেঁতেন ৷"

"মায়ে নোৱাৰে কেচুৱা কোনে ৰাখিব ৷"

"সোণ মাৰে লাইটৰ বিল দিবলৈ নাযায় আৰু কেচুৱা নাৰাখে ৷"


"তোমালোকে আমাৰ ঘটনৰে খাইছা আৰু ঘৰখনৰ কাম এটা কৰিব নোৱাৰা ৷ আনৰ দৰে তোমালোকক আমি বৃদ্ধা আশ্ৰমত ৰখা নাই নহয় ৷"


"তহঁতৰ লগত থকাতকৈ বৃদ্ধা আশ্ৰমত থকাই ভাল আছিল ৷"

"তেনেহলে আমাৰ লগত আছে কিয় বৃদ্ধা আশ্ৰমলৈ গুচি নাযায় কিয় ৷"


"বোৱাৰী তুমি কাক কথা কৈছা জানানে এইজন তোমাৰ শহুৰ হয় ৷তাক পঢ়াই শুনাই ডাঙৰ কৰোতেই আমাৰ সকলো টকা শেষ যাৰ বাবে তোমালোকৰ ইমান কথা শুনিব লগা হৈছে ৷ আমাৰ দৰে কোনো মাক বাপেকে যেন ভুল নকৰে ৷  নিজৰ সন্তান হ’লেও কেতিয়াও সকলো শেষ কৰি দিব নালাগে ৷ দেউতাৰৰ বিজনেচৰ সকলো শেষ কৰি তাক দিয়াৰ বাবে আজি আমি প্ৰস্তাব লগিয়া হৈছে ৷"


   “সকলো মাক বাপেকৰে এইবোৰ দায়িত্ব আৰু কৰ্তব্য ৷“

“আমি জানো আমাৰ দায়িত্ব আৰু কৰ্তব্য কিন্তু জোখতকৈ বেছি সকলোৱেই বেয়া আমিয়ো জোখতকৈ বেছি ভাৱিলো সন্তানৰ কথা ৷ যাৰ বাবে আজি প্ৰস্তাৱ লগিয়া হৈছে ৷সন্তানৰ মাক দেউতাকৰ প্ৰতি একো দায়িত্ব নাই নেকি ?“


“আমি দায়িত্ব পালন কৰিছোৱেই আনৰ দৰে বৃদ্ধাআশ্ৰমত থোৱা নাই নহয় ৷“


“সোণ তোৰ এই ঘৰত এক মিনিটো নাথাকো আহা আমি এতিয়াই ওলাই যাওঁ৷“


“হেৰা মাহঁত গুচি গ’ল মাইনাক কোনে চাব এতিয়া ৷“

“তুমি চাবা ৷“

“মই নোৱাৰো ইমানবোৰ কৰিব ৷“

“যদি কৰিব নোৱাৰা মাৰ ওচৰত ইমান মুখ চলাইছিলা কিয় ?“

“মই অকলেই কৈছিলোনে তুমিওটো কৈছিলা ৷“

“কৈছিলো যদি কৈছিলো দেউতা নহ’লেও মই সকলো কাম অকলেই কৰিব পাৰিম ৷“


“বেল বাজিছে কোনোবা আহিছে চোৱাচোন 

মই নোৱাৰো কেচুৱা লৈ আছো ৷“

দৰ্জা খুলি পিয়নটো দেখি সি চক খাই উঠিল ৷

পিয়নটোৱে এনভেলপ এটা আগবঢ়াই দি চহীটো লৈ গুচি গ’ল ৷সি এনভেলপটো খুলি কাপজখন পঢ়ি চোফাতে বহি দিলে ৷

“কি হ’ল কোন আহিছিলে ?“

 সি তাইলৈ কাগজখন আগবঢ়াই দিলে৷ এসপ্তাহৰ ভিতৰত ঘৰ খালী কৰিবলৈ দিছে কোম্পানীৰটো বেলেগ ঠাইলৈ চিফ হৈছে ৷

সিহঁতৰ হাহাকাৰ লাগিল মাক দেউতাকলৈ ফোন কৰি সকলো কথা জনালে ৷

দেউতাকে মাকক ক’লে “এনে বয়সত অলপ শান্তি লাগে আকৌ সিহঁতক চপাই অশান্তিত থাকিব নিবিচাৰো ৷“

“হেৰি সিহঁত এই বিপদত ক’লৈ যাব ৷আমাৰ বাদে সিহঁতৰ আছেনো কোন ? কিন্তু আমাৰ ঘৰটোহে সৰু হ’ল ৷“

“হেৰা ঘৰটো সৰু হ’ল কি হ’ল মনতোহে আচল কথা ৷“


সমাপ্ত৷৷

============+=================


প্ৰবন্ধ

উপহাৰ স্বৰূপে কিতাপ 


আচলতে উপহাৰ বুলি ক'লে আমাৰ মনত নানানবিধ সামগ্ৰীয়ে মনতে পাগুলনী যোগাই তোলে । কেতিয়াবা নিৰুপায় হৈ এবিধ অদৰকাৰী সামগ্ৰীও আমি কোনোবা জনক প্ৰদান কৰোঁ উপহাৰ স্বৰূপে । হয়তো কেতিয়াবা আপোনালোকৰ জীৱনটো নিশ্চয় এই ঘটনাটো ঘটিছে ! 


আহকচোন আমি পোনপটীয়াকৈ বৰ্তমান সময়ৰ সমাজখনৰ মাজত সোমাই পৰোঁ । 


শিক্ষিতৰ হাৰ দিনক দিনে বৃদ্ধি পাইছে আমি সকলোৱে জানোঁ । তথাপিও কিন্তু আজিলৈকে বহু সংখ্যক লোকে কোনো এজনক উপহাৰ স্বৰূপে এখনি কিতাপ হয়তো হাতত তুলি দি পোৱা নাই । ইয়াৰ কাৰণ কি ? মনতে নিশ্চয় আপোনাৰো এই প্ৰশ্নটোৱে উদয় হৈছে !


আচলতে আমি শ্ৰেণীকোঠাৰ শিক্ষাৰেহে শিক্ষিত, একপ্ৰকাৰ এখন কাগজত আমাৰ শিক্ষা লিপিবদ্ধ । তাৰ বাহিৰৰ পৰসৰত আমি শিক্ষিত হ'বলৈ আজিলৈকে শিকা নাই ।  নৱপ্ৰজন্মৰ হাতত কেনেকুৱা উপহাৰ তুলি দিলে উপকৃত হ'ব তাকো আমি চিন্তা-চৰ্চা কৰি চোৱা নাই । হয়তো তাৰেই ফলস্বৰূপে আজিলৈকে আমি মানুহক কিতাপ উপহাৰ হিচাপে দিবলৈ টান পাওঁ অথবা হাতত তুলি দি পোৱা নাই । 


কিন্তু মোৰ মনোভাৱ এনেকুৱা যে― এসোপা অলাগতিয়াল উপহাৰ অযথা ধন ব‍্যয় কৰি সেই উপহাৰ দিয়াতকৈ তাতকৈ শ্ৰেষ্ঠ এখনি কিতাপ উপহাৰ স্বৰূপে হাতত তুলি দিয়া আৰু সেই কিতাপখনৰ মূল‍্য এসোপা অলাগতিয়াল অন্য সামগ্ৰীৰ তুলনাত এহাজাৰ গুণে মূল‍্যৱান । কিয়নো সেই কিতাপখন পঢ়ি যিখিনি জীৱনত শিকিবলৈ পাব সেয়াই হয়তো কোনো এজন ব‍্যক্তিৰ জীৱন গঢ়াত অথবা নৱপ্ৰজন্মক বিভিন্ন বেয়া দিশৰ পৰা আঁতৰাই ৰাখি সুস্থ সমাজ এখন গঢ়াত পথ প্ৰদৰ্শক হিচাপে আগবঢ়াই দি জীৱন নিয়াবলৈ অধিক শক্তিশালী আৰু সহায়ক হৈ কাম কৰিব । 

যিটো কাম কোনো অন্য উপহাৰে কৰিব নোৱাৰে অথবা এইখিনিৰ পৰিপূৰক হ'ব নোৱাৰে ।


আহক আমি সকলোৱে হাতে হাত ধৰি প্ৰতিজন নৱপ্ৰজন্মলৈ বিয়পাই দিওঁ গ্ৰন্থৰ সুবাস । সেই সুবাসেই নাশ কৰক সমাজৰ অন‍্যায়-অবিচাৰ,হত্যা-লুণ্ঠন আৰু নিচাযুক্ত দ্ৰব্যৰ পৰা বিৰত ৰাখক উঠি অহা নৱপ্ৰজন্মক । সেই সুবাসেৰে বিয়পাই দিওঁ আহক এখনি সুস্থ সমাজ ।


আহক আমি সকলোৱে এক আন্দোলন গঢ়ি তোলো এখন সুস্থ, সবল দেশ নিৰ্মাণৰ অৰ্থে সকলোৰে হাতত এখনি কিতাপ উপহাৰ স্বৰূপে আগবঢ়াই ।


✍️:- শ্ৰী সুৰজিৎ ভূঞা

ঠিকনা:- মেটুৱাকুছি, শান্তিনগৰ, বৰপেটা ।

যোগাযোগ নং:- ৯৩৬৫৬১৭৪১৯

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

সহযাত্ৰী তৃতীয় খণ্ড ঋতুপর্ণা ইংতিপি

 সহযাত্ৰী  (তৃতীয় খণ্ড)  ✍️ ঋতুপর্ণা ইংতিপি/মৰিগাঁও      গা-পা ধুই আজৰি হোৱা মানে তিনি বাজিলে।তাইৰ ভাগৰো  বহুত লাগিছে। গোটেই দেহটো অৱশ হৈ প...