জোনাকী
সাপ্তাহিক ই-আলোচনী,
দ্বিতীয়বছৰ■প্ৰথম সংখ্যা■মঙ্গল বাৰ■১২-১৯ ছেপ্টেম্বৰ
মুখ্য সম্পাদক:ৰাহুল চেতিয়া,নিলখ পূৰ,চিলাপথাৰ
এই সংখ্যাৰ কবি সকল:
◼️বস্ত্ৰ দিবলৈ কৃষ্ণ কোনোদিন নাহে
শ্ৰীপবিত্ৰী ভৰালী(মণি)
নগাওঁ(ধিং)
নাৰী কোনো খেলৰ সামগ্ৰী নহয়
বুলি কও যদিও
এচাম নাৰীয়ে নিজৰ
দেহাটো খেলৰ সামগ্ৰী বনাইছে
দেহৰ এখন,এখন বস্ত্ৰ খুলি
সামাজিক মাধ্যমত
দেহৰ এটা,এটা অংগ দেখোৱাই
সামাজ খন নষ্ট কৰিছে আৰু
নৱ প্ৰজন্মক ধংসৰ পথলৈ আগঢ়াই নিছে
এনেবোৰ নাৰীক আপুনি বা মই কি
বুলি কম?
মানসিক বিকাৰগ্ৰস্ত নে বেশ্যা বুলি
বেশ্যাটো এটা বৃত্তি
কিছুমানে পেটৰ ভোকত কিছুৱে স্বভাবৰ দুখত এই পথ বাচি লৈছে আৰু
কিছুৱে দুষ্ট চক্ৰৰ পাকত পৰি কব নোৱাৰাকে সোমাই পৰিছে
আকৌ এচামে বিলাসি জীৱন যাপন কৰিবলৈ
এই পৃথিৱীত এতিয়াও
সৎ চৰিত্ৰ নাৰী শেষ হোৱা নাই
অসৎ চৰিত্ৰ নাৰীৰ বাবে
সৎ নাৰীও বদনামৰ ভাগি হৈছে
এগৰাকী নাৰী উলংগ মানে
পৃথিৱীৰ সমস্ত নাৰী উলংগ
সেই কথাটো ভাবিব কোনে
কাৰ ইমান সময় আছে
মণিপুৰৰ সেই দুগৰাকী নাৰীয়ে ৰাজপথত উলংগ হোৱা নাই
সমস্ত নাৰী জাতি উলংগ হৈছে
সেই দুগৰাকীও কাৰোবাৰ কন্যা কাৰোবাৰ ভগ্নী আৰু কাৰোবাৰ মাতৃ
দেশৰ ৰজাজন সদায় প্ৰজাবৎসল
হব লাগে
সেই দেশ সুৰক্ষিতে থাকে
যিখন ঘৰত বা সমাজত বা দেশত নাৰীক সন্মান কৰা নহয়
সেই ঘৰ , সমাজ বা দেশৰ
ধংস অনিবাৰ্য্য
এতিয়া এনে লাগিছে আমি যেন ধৃতৰাষ্ট্ৰ দেশত বাস কৰিছোঁ
এতিয়া সেই
দ্ৰোপদীও নাই বস্ত্ৰ হৰণ হ'লে কৃষ্ণ আৰু বস্ত্ৰ দিবলৈ কোনো দিন নাহে
মাথোঁ ৰং চাব মানৱ নামৰ দানৱ বোৰে
এনেবোৰ দানবৰ মুখত আমি সকলোৱে থু থু কৰোঁ আহক
থু থু কৰোঁ আহক।
==========◆=========
◼️তুমি গংগা”
প্ৰৱীণ ৰাজবংশী
জাজৰি(মৰিগাঁও)
তুমি মাতৃ তুমি গংগা
তুমি সাহস তুমি প্ৰেৰণা
গংগা মাথো মোৰ প্ৰিয়
তেওঁৰ ব্যক্তিত্ব, সত্যৰ
বুদ্ধিমত্তা আৰু সৌন্দৰ্যই
আজিও লক্ষ্য শতিকা
জুৰি সমগ্ৰ বিশ্বক
মুহিত কৰি ৰাখিছে ৷
তুমি গংগা
তুমি সমগ্ৰ মানৱ জাতিৰ
পূজ্য নাৰী তুমি
বিশ্বৰ কোনো নাৰী
তেওঁতকৈ অধিক বুদ্ধিমত্তা
সৌন্দৰ্যৰ অধিকাৰী হব
নোৱাৰে কোনোদিন কাহানিও ৷
তুমি আই দৰে
দুখৰ চকুলো মচি দিয়া
তুমি মাতৃ হৈ সন্তানক
সাহস প্ৰেৰণা দিয়া
তুমি মা’ তুমি দেৱী
তুমিয়েই ধৰিত্ৰীৰ আই
তোমাক শতকোটি প্ৰণাম ৷
আকৌ আহা এবাৰ
অনুভৱ শব্দ হৈ
মোৰ বিষাদৰ
চকুলো মচি দিবলৈ
কেতিয়াবা দুখৰ
কেতিয়াবা সুখৰ
তুমি গংগা তুমি মাতৃ
তুমি জগতৰে পৱিত্ৰ
অসীম প্ৰেৰণাৰ উৎসাহ
তোমাক শতকোটি প্ৰণাম ৷৷
==========◆=========
◼️এটা হেৰুৱা বাটৰ ইতিকথা ।
এটা পুৰণি বাট
যিটো বাটেৰে অতদিন
মানুহ বোৰ অহা যোৱা কৰিছিল
বাটটো হেৰাল ।
সকলোৱে এতিয়া নিজৰ বাটেৰে যায়
অগা দেৱা কৰে পৰস্পৰে।
সম্প্ৰতিৰ এটা সেন্দুৰীয়া বাট
ক'ত যে হেৰুৱালো ।
যি বাটত আছিল মিলনৰ সাঁকো
চেনেহৰ দলং ।
কোনে কৰিব
সেই বিলুপ্ত বাটৰ পুনৰ নিৰ্মাণ ।
আহাঁ আমি
সাজি দিওঁ দলং
পাৰি দিওঁ সাঁকো।
একেটা বাটেৰে খোজ লওঁ
নতুন দিনলে ।
*****
ৰাতুল চেতিয়া ফুকন
চৰাইদেউ
==========◆==========
◼️" চন্দ্ৰযান - ৩ "
লখিমী শৰ্মা,যোৰহাট
গৰ্বিত আজি সকলো
চন্দ্ৰযান - ৩ ৰ সফল
অৱতৰণৰ প্ৰাকক্ষণত
ধন্য আজি দেশ
ধন্য আজি সাহসৰ শিকলি বান্ধি
যুঁজ দিবলৈ যোৱা মহাকাশ যাত্ৰীসকললৈ
নিজৰ জীৱনটোক নেওচি
সৎ সাহসত আগবাঢ়ি যোৱা
সকললৈ শত সহস্ৰ প্ৰণাম
ISRO ৰ প্ৰতিগৰাকী
শ্ৰদ্ধাৰ বৈজ্ঞানিক সকললৈ
শত কোটি প্ৰণাম
ভগৱন্তই ৰাখক কৃপাদৃষ্টি
তেখেতসকললৈ প্ৰতি ,
ইতিহাস সৃষ্টিৰে চন্দ্ৰৰ দক্ষিণ মেৰুত
অৱতৰণ কৰা বিশ্বৰ প্ৰথমখন
দেশ হিচাপে অভিলেখ সৃষ্টি কৰাত
সকলো আজি গৌৰৱান্বিত
আগৰ বাৰত বিফল হোৱাত
থমকি নৰ'ল সাহসী মহাকাশযাত্ৰীসকল
পুনৰ উদ্যমেৰে আগবাঢ়ি দেখুওৱাই দিলে
ভাৰত একোতে কম যে নহয়
চল্লিশ দিনীয়া কাৰ্যসূচীৰে
আনিলে কঢ়িয়াই ভাৰতৰ নাম
অসমক গৌৰৱান্বিত কৰি
দেশ মাতৃৰ সেৱাত অসম সন্তান
জোনবাইৰ দেশত জিলিকি ৰ'ল
জাতীয় পতাকাৰগান ,
ইতিহাসৰ পাতত
সোণালী আখৰেৰে
লিখা গ'ল আৰু এক অধ্যায়
বৈজ্ঞানিক সকলৰ প্ৰচেষ্টাৰ বাবেই
" ভাৰতবৰ্ষ " আজি জিলিকি ৰ'ল
এক গৌৰৱময় স্বৰ্ণিল পৰিক্ৰমাৰ
ঐতিহাসিক ক্ষণৰ আজি
ঘটিল পৰিসমাপ্তি ।
==========◆=========
◼️ " প্ৰণম্ "
আৰতি শৰ্মা
প্ৰথমে স্ৰজিলোঁ তোমাকে আই !!
শিকাইছিলা তুমি আঙুলি বুলাই ,
তুমি মোৰ প্ৰথম শিক্ষাগুৰু আই ।
তোমাৰ চৰণত মনকে ধিয়াই
একৰ এক গলে এক, নেওঁতা'ৰ লেখ,
অ আ ক খ শিকোৱাৰ ,
বৰ্ণমালা'ৰ প্ৰলেপ।
আই তুমি শিকালে
শিকোঁ আমি আগ্রহ 'ৰে
শিক্ষক, এডাল মমবাতিৰ দৰে ।
যিয়ে নিজে জ্বলি আনক পোঁহৰ দিয়ে,
জ্ঞানমূলক শিক্ষাদানে
আমাৰ জীৱন পোঁহৰ কৰি তোলে ।
পূঁজনীয় শিক্ষাগুৰুলৈ
আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ শ্ৰদ্ধাৰে ।
পঢ়াশালিৰ বাট 'চৰাতে,
শিকি শিকি যাওঁ ,
ভেজাল নোহোৱা জ্ঞানৰ বেটুপাত ;
শুভ্ৰ শিক্ষকৰ আভাসে দিয়ে
আলোক পোঁহৰৰ জনাজাত।
"তুমিয়ে কোৱা মানুহ হোৱা "
মানুহ গঢ়াৰ কৌশল শিকি লোৱা !!
আদৰ্শ সানি লোৱা প্ৰদৰ্শক হৱ খোজা ।
সহিষ্ণুতা আৰু আত্মবিশ্বাস লৈ ,
নিঃস্বাৰ্থ ভূমিকাত মিলিত হোৱা ;
আঁহা সতীৰ্থ আহা !!
মিলিজুলি কৰোঁ আহা
শিশুা গুৰুক সন্মান ।
জ্ঞান উজাৰি ছাত্ৰ দেশৰ ধৰণীত ;
কৰি তোলোঁ একেলগে অম্লান
এজোৰ শুভ্ৰ পোছাক পিন্ধা শিক্ষকক ;
দিওঁ আহা আমাৰ হাতেৰে
জ্ঞানৰ পৰীক্ষাৰ উৰ্ত্তীৰ্ণ উপাদান ।
==========◆========
◼️"আহিনৰ এটি মিঠা আবেলি "
ছেলিমা বেগম।
আহিনৰ এটি মিঠা আবেলি পৰত,
নৈসৰ্গিক দৃশ্য দেখি মন মুগ্ধ হৈ পৰে
শৰতৰ আবেলি যেন কঁহুৱাৰ লগত
আপোন মনে কথা পাতি আছে।
আহিনৰ আবেলি টি চৌদিশে বিস্তাৰ হৈ আছে
হাঁহি হাঁহি শৰৎ ঋতুক স্বাগতম জনাই আছে
আবেলিৰ বেলি টি কঁহুৱাৰ লগত ধেমালি কৰে
কঁহুৱাৰ নৃত্য দেখি বেলি টি সেন্দুৰ হানি দিয়ে।
আহিনৰ আবেলি টি মৃদু বতাহৰ লগত
আলিঙ্গন কৰে চাই থাকে নৈৰ পাৰৰ
কঁহুৱাবোৰ নিভাঁজ প্ৰেমৰ মিঠা হাঁহিত
নৈ খন সাক্ষী হৈ থাকিব আহিনৰ আবেলিত ।
আহিনৰ আবেলিত নৈৰ পাৰত
কবি সকলে কবিতা লিখিবলৈ
মন প্ৰাণ ব্যাকুল হৈ পৰে এটি মিঠা
হাঁহি লৈ অন্তৰখন খুন্দিয়াই থাকে।
আহিনৰ আবেলিত শেৱালীক
বাদ দিব নোৱাৰি আগফালে
চোতালত সু সুঘ্নাণ বিয়পি
এটি মিঠা হাঁহি মাৰি ৰৈ থাকে ।
আ: কি যে মিঠা আহিনৰ আবেলি
দুবৰি বনত বিচাৰি পাওঁ মনি মুকুতা
আহিনৰ আবেলি অতি মনোৰম
শৰতৰ আবেলি টি অতি বিতোপন !
==========◆==========
◼️মাৰ্গ কৰিলে ৰুদ্ধ হ'বই যুদ্ধ
প্ৰণৱৰঞ্জন শইকীয়া
মোৰ মাৰ্গ কৰিলে ৰুদ্ধ হ'বই যুদ্ধ
বিধ্বস্ত হ'বলৈ নিদিও স্বকীয় স্বৰ্ণালী অস্তিত্ব
মুক মৌনতাৰে নিজক নকৰো ৰুদ্ধ নহওঁ স্তব্ধ
বিপ্লৱ বিদ্ৰোহ মোৰ আজন্ম অভ্যাসগত চৰিত্ৰ
নীৰৱচ্ছিন্ন চিন্ময় দৰ্শনদীপ্ততাৰে প্ৰদীপ্ত
মোৰ দৰ্শন কোনোকাৰণতেই নহয় কক্ষচ্যুত
চিৰন্তন স্বতন্ত্ৰ মই অক্লান্ত সৈনিক দুৰ্দান্ত
সহ্য নকৰো কাৰো অতপালিঅন্বিত দম্ভ
মোৰ তীক্ষ্ণ প্ৰতিবাদী সত্যনিষ্ঠ শানিত অস্ত্ৰ
নিত্য সজাগ সতৰ্ক ক্ষীপ্ৰ শান্ত শিষ্ট উন্মুক্ত
ৰিক্ত হ'লেও সতীৰ্থ হ'লেও বাস্তৱ বিপৰ্য্যস্ত
অকলেই কৰিম যুদ্ধ মোৰ লক্ষ্য অবিকল্প
দৃষ্টিত মোৰ জ্বলন্ত সূৰ্য্য নিবিচাৰো কাৰো সঙ্গ
মাৰ্গ নহ'লেও প্ৰশস্ত গতি মোৰ অনিৰুদ্ধ
নেমানো হাৰ নহওঁ পৰাস্ত নহও ক্ষান্ত
ৰুদ্ধ কৰিলে মোৰ মাৰ্গ যুদ্ধ অনিবাৰ্য
নহ'লেও সূৰ্য্য দীপ্ত বিশুদ্ধ সত্য চিৰন্তন সত্য
তাৰ সমূজ্জ্বল সাম্যৰ্থ কোনোদিন নহয় বিধ্বস্ত
অবিনাশী সত্যৰ ধৰ্ম ধৈৰ্য শৌৰ্য বীৰ্য্য
সুন্দৰ সৌন্দৰ্যমণ্ডিত ব্ৰহ্মনাদ দীক্ষিত
ৰুদ্ধ কৰিলে মাৰ্গ নকৰো কাকো সহ্য।
==========◆=========
◼️ভদীয়া বান
----এছ ইছলাম, শিক্ষক
পঃমইনবৰী,বৰপেটা
আকৌ আহিল ধাৰাসাৰে বৰষুণ
হৈ গ'ল ভদীয়া বান
ডুব গ'ল বহুতৰ ধান
আঘাত প্ৰাপ্ত হ'ল চহাৰ সৰল প্ৰাণ।
মহাবাহু ব্ৰহ্মপুত্ৰৰ উপনৈ
বলিয়া ৰূপ ধাৰণ কৰিছে ঐ
আই-মানাহ বেকী-ভেলেঙ্গী
পৰিবৰ্তন কৰিলে ভূচিত্ৰাৱলী।
বহুতো পকী পকী ঘৰ
কবলত পৰিলে গৰাখহনীয়াৰ
পকী আলিবাট হৈ গ'ল নিথৰ
স্থায়ী বসতি হৈ গ'ল সাগৰ।
জলকীয়া, বেঙেনা আৰু মাটিমাহ
লাউ ,জিকা ,ভোল আৰু লেচেৰা
মূলা ,কবি ,উৰহী আৰু মটৰমাহ
ধ্বংস কৰিলে শাক-পাচলি বাৰেবৰণীয়া।
শাৰদীয় বতৰত পূজাৰ সময়ত
পানীৰে উপচি পৰিল খেতি পথাৰত
জীৱৰ প্ৰতি যেন প্ৰকৃতি হৈছে মহাৰূষ্ট
জীৱ জগতৰ বাবে হৈছে অশেষ কষ্ট।
*************শেষ************
◼️হে মোৰ গুৰুজনা
চুমিয়া আকতাৰা
হে মোৰ গুৰুজনা!
কিদৰে কৰোঁ তোমাৰ বৰ্ণনা..!
তুমিয়েই সমাজৰ পথ প্ৰদৰ্শক।
মানিব লাগিব তোমাৰ আদৰ্শক।।
তোমাৰ ত্যাগৰ বিনিময়ত আমি
আখৰ চিনি পোৱা হ'লো।
তোমাৰ হাতৰ পৰসতেই আমি
কলম ধৰিব শিকিলোঁ।।
তুমিয়েই শিশুৰ ভবিষ্যত।
তুমিয়েই জ্ঞানৰ ভাণ্ডাৰ।
তুমিয়েই শিল্পী মানৱ গঢ়াৰ।
তুমিয়েই আশা সফলতাৰ।।
আজিৰ এই শুভক্ষণত
তোমাক সহস্ৰ ছালাম কৰোঁ।
পূৰ্ণ হওঁক তোমাৰ বাসনা
তাৰেই কামনা কৰোঁ।।
আশীৰ্বাদ কৰা হে পৰম গুৰু
তোমাৰ কষ্টৰ ফল যাতে দিব পাৰোঁ।
তোমাৰ শিক্ষাৰে শিক্ষিত হৈ
তোমাৰ নাম যাতে উজলাব পাৰোঁ।।
==========◆==========
◼️ জ্ঞানৰ পোহৰ বিলোৱা সন্ন্যাসী শিক্ষক
শ্ৰী পৰাগ জ্যোতি দাস, দ্বাদশ শ্ৰেণী , ঢকুৱাখনা,লখিমপুৰ
হে মহান চিৰনমস্য
মোৰ পৰম আৰাধ্য শিক্ষাগুৰু,
তুমি যে জ্ঞানৰ সঞ্চাৰ কৰোৱা এদাল শলিতা
তোমাৰ পোহৰৰ সুবাসত আগবাঢ়িছোঁ।
জ্ঞানৰ শক্তিৰে জীৱনটো গঢ়াৰ স্বাৰ্থত
তুমি মহান
তুমিয়ে শিকাইছিলা অ,আ,ক,খ, সম্ভাৰ
এক ধ্যানে এক মনে স্থিত হৈছোঁ
তোমাৰ দ্বীপ্তমান তেজাল পোহৰত।
অগণন শিশুৰ তুমি ভৱিষ্যত
তুমি যেন শিশুৰ জ্ঞানৰ আৰু শিক্ষাৰ বীজ,
তুমি সত্য আৰু পোহৰৰ এক নি:স্বাৰ্থ প্ৰেমিক
নাই তোমাৰ মনত উচ্চ-নীচৰ ভাৱ।
এখন নিকা হৃদয়ৰ প্ৰতিচ্ছবি তুমি ,
হে মোৰ পৰম আৰাধ্য শিক্ষাগুৰু তুমি মহান
জ্ঞানৰ সাগৰৰ কৰুণাময় হে শিক্ষাগুৰু
তুমি পৰমেশ্বৰ ,তুমি ধন্য।
তোমাৰ শলিতাৰ পোহৰত আগবাঢ়িম
সদায় নিজৰ লক্ষ্যত
নুমাবলৈ নিদিবা এই পোহৰ।
ধন্য হে মহান
জ্ঞানৰ পোহৰ বিলোৱা সন্ন্যাসী শিক্ষক ।
----------------------------------------------
◼️হে গুৰু আপোনাক কৰো প্ৰণাম
কবি:-কংকন ডেকা
বৰুৱাজানী ,কামৰূপ
হে গুৰু আপোনাক কৰো প্ৰণাম।
আপোনাৰ জ্ঞানৰ জ্যোতিৰে আলোকিত আজি ত্ৰিভূৱন।
আপোনাৰ জ্ঞানৰে শিক্ষিত হৈ আজি আমি মহান।
হে গুৰু আপোনাক কৰো প্ৰণাম।
আপোনাৰ জ্ঞানৰ ভড়ালৰ পৰা অমৃত বাণী আজি বিলাই ,জগতক পোহৰাই তুলিলা।
হে গুৰু পিতৃ-মাতৃৰ সমতুল্য আপুনি, আপোনাৰ অমৃত বাণীৰে মোহৰিত পৃথিৱী।
হে গুৰু আপোনাক কৰো প্ৰণাম।
জীৱনত সৎ মানুহ হ'বলৈ, দেখুৱালে পথ আপুনি, জীৱন সংগ্ৰামী হ'বলৈও শিকিলো আজি গুৰু আপোনাৰ পৰাই ...
হে গুৰু আপোনাক কৰো প্ৰণাম।
হে মোৰ পৰম পুজনীয় গুৰু আপুনি হ'ল মহান, জ্ঞানৰ সাগৰ আপুনি ,
হে গুৰু আপোনাক কৰো প্ৰণাম।
==========◆=========
◼️ভাস্কৰ্য তুমি
আয়নাল হক, ধুবুৰী
তুমিতো নোহোৱা দুঃস্বপ্ন !
মোৰ অনন্ত উশাহৰ দ্ৰুতি
কঠিন শিলত কটা
ভাস্কৰ্য তুমি !
হয়তো অজন্তা ইলোৰাৰ
ইতিহাস প্ৰসিদ্ধ--।
জুলিয়ট তুমি
মজনুৰৰ লাইলা--
যাৰ বাবে লিখিব পাৰোঁ
অন্য এখন ডিভাইন কমেদি--!
হ'বা নেকি হাস্নাহানা
বেবিলন বাগৰ ?
নে ফুলি ৰ'বা খৰিকা জাঁই হৈ
মোৰ হৃদয় কাননৰ ?
তুমি এটি সুৰ
মোৰ জীৱন বীণাৰ ---
যাৰ ঝঙ্কাৰত সৃষ্টি হয়
ন ন সপোন--
অসীম হেঁপাহৰ...।
==========◆========
◼️কবি তুমি স্ৰষ্টা প্ৰাপ্তিৰ
ভাবি ভাবি হওঁ অবাক
কিযে কোমলতা
কবিতাময় হৃদয় ।
কি আছে কবিৰ হৃদয়ত
কবিক দেখিলেই হওঁ মোহিত
মোৰ দৰেই শত-সহস্ৰজন হয় মোহিত
ভক্তিৰে ভৰি পৰে কোমল হৃদয়
শেষ হয় সংকীৰ্ণতা
পূজিবলৈ উদগ্ৰীৱ হয় বিশালতাৰ আকাশ ।
হে কবি ,কেৱল তোমাকেই জনাওঁ স্বাগতম
তুমিয়েই অগ্ৰদূত চিন্তা-চেতনাৰ
যুগে যুগে তুমি হৈ থাকিবা
পথ স্ৰষ্টা নতুনৰ
আলোকিত কৰিলা পোহৰ
উভতি আহিল সুদিন
নোহোৱা হ'ল হুমুনিয়াহ
তোমাৰ এটি কবিতাৰ বাবেই
সেইবাবেই কবি তুমি মানুহৰ
তোমাৰ কবিতাৰে যেন সঁচাই হয়
প্ৰতিষ্ঠিত শিলসাঁকোৰ মানুহৰ প্ৰাপ্তি
তুমিয়েই কবি মানুহৰ
জয় হৈ থাকক মানৱতাৰ ।
ড০ ইকবাল হোচেইন খান
খন্দকাৰ পাৰা ,বৰপেটা।।
◼️“আকৌ আহিবানে তুমি?”
আকৌ কি জন্ম লৈ আহিবা তুমি?
অসম সন্তান সুৰৰ সম্ৰাট তুমি,
তোমাৰ কণ্ঠত সৰস্বতীৰ আবাস
সৰস্বতীৰ তোমাৰ ঘৰতে বাস।
অসমীয়া জাতিৰ বাবে অমৰ তুমি
তোমাৰ চৰণত প্ৰণমী আমি,
তুমি গুচি গ'লা এৰি আমাক
তোমাৰ কণ্ঠ জীয়াই আছে
আজিও আমাৰ মাজত ।
কুকীলৰূপী কণ্ঠই গাইছিলা
লুইতৰ পাৰৰে গান,
অসমীয়া জাতিৰ সাৰ পাইছিল প্ৰাণ
তোমাৰ দেহ আমাৰ মাজত নাথাকিলেও
তোমাৰ কণ্ঠ আজিও সুৰক্ষিত।
ভূপেন হাজৰিকা তোমাৰ নাম
বিশ্বৰ পৰা কাঢ়ি আনিছা আমাৰ সন্মান।
--------------------------------------------------
আশ্বিকুৰ ৰহমান শিকদাৰ।
জুৰীয়া, নগাঁও (অসম)
==========◆=========
◼️অভিমান সামৰি
দিপশিখা (অভিমানী পিউ)!
কেতিয়াবা আশাবোৰ আধাতে মৰহি যায়
সপোনবোৰ পাহি মেলিব লওতেই
টুকুৰা টুকুৰ হৈ নিমিষতে ভাঙি চুৰমাৰ হৈ যায়
পাৰ ভাঙি গুছি যায় হৃদয়ৰ সংযমতা
থাকি যায় মাথোঁ হতাশা নিৰাশা আৰু বিষাদ।
এদিন দুদিনকৈ দিনবোৰ বাগৰি যায়
তেনেকৈয়ে সময়ো থমকি ৰয়
কুঁৱলীৰ ফাকেৰে জুমি চাও
নিয়ৰত ভিজা তোমাৰ মৰিশালিটো।
এনে লাগে যেন তুমি মোৰ
নিশাৰ নিঃস্তব্ধতা আঁতৰাই
হাঁহি বুলাবলৈ কাষলৈ আহিবা
উভতি নাহে বুলি জানিও
সেই দিনবোৰ বাৰে বাৰে অভিমান কৰোঁ
চিঞৰি চিঞৰি তোমাক
কাষলৈ মাতো দেউতা বুলি।
পুৱাৰ কুমলীয়া ৰ'দত
তুমি যেন উজ্বলি থাকা
নিশাৰ অমানিশাত তুমি যেন
আন্ধাৰত লীন হৈ যোৱা
আৰু মই অভিমানী হৃদয়ত
অভিমান সামৰি উচুপি থাকোঁ।
==========◆==========
◼️প্ৰেমিক চৰাই মই ( ছিৰিজ ২১৬)
✍️ হাইছ উদ্দিন আহমেদ
নগাঁও
তোমাৰ দুচকুৰ দুধাৰি পানী দুহাতেৰে মচি দিব খোজোঁ।
ময়ো সপোন দেখিছোঁ দিন ৰাতি
নদীৰ পাৰত গৈ কঢ়িয়াই আনি
প্ৰেমৰ ঢৌ দেখিব খোজোঁ ।
সুখী হোৱাৰ ইচ্ছা নাই
তোমাক হেৰুৱায় কান্দিব নাই
দুখেই হওঁক লাগিলে তুমি আহিলে
মোৰ কোনো আক্ষেপ নাই।
জীৱনটোক উপভোগ কৰিব বিচাৰিছোঁ
জীৱনৰ শেষ মূহুৰ্তলৈকে যুজি থাকিব খুজিছোঁ।
তোমাক হেৰুৱায় আকৌ
তোমাক বিচাৰি হাবাথুৰি খাইছোঁ
প্ৰেম সমুদ্ৰত পাখি দুখনেই কবিতা হ'ল
উৰি উৰি ভাগৰি গ'ল।
আলোক ক'ত পাম বিচাৰি
সপোন দেখি
==========◆======
◼️দুৰ্ভাগ্যৰ খনিকৰ
অনন্ত কুমাৰ ভূঞা
প্ৰখৰ উত্তাপত উতলিছে মন
ভোকে দহিছে শৰীৰ
সন্তাপত গেলিছে স্বভাৱ
দেইপুৰি শেষ হ'ল ৰূপ
অম্লপিত্তই ঘোটালিছে পেট
ভীষণ দুৰ্বল
ভিক্ষাৰ জোলোঙা লৈ
আহিছোঁ ওলায় ।
ভ্ৰুকোঁচাই চাইছোঁ তোমাক
কিবা খাবলৈ দিবানে মোক ?
থৰক-বৰক খোজ
কষ্ট মোৰ উশাহ লোৱাত ,
কোন তুমি
দুখনি কোমল হাতেৰে
যাঁচি দিছা টকা কেইটামান !
হাতপাতি লৈছোঁ
নিঃস্বাৰ্থ ভাৱৰ এই উপহাৰ ,
ইতস্ততঃ কৰি থাকোতে
দোধোৰ-মোধোৰ মন
ভাগ্যক দোষাৰোপ কৰি
সৌভাগ্যক আদৰিলোঁ মই ।
==================
◼️বন্দীত্ব
মাৰ্জিনা বেগম (বৰপেটা)
এজাক বৰষুণে
প্ৰাণ চঞ্চল কৰে
পৰ্বত -পাহাৰ,
নৈ,জান-জুৰিৰ বুকু,
আৰু মই .........
ৰুক্ষতাৰ আচ্ছাদনত
বন্ধ কোঠাত বন্দী থাকো!
যিদৰে হাঁহিৰ আৱৰণত
বন্দী কৰি ৰাখিছোঁ
যন্ত্ৰণা কাতৰ মন.........
তথাপি ভাল পাওঁ
বিচাৰোঁ এজাক বৰষুণ,
ভাল পাওঁ সেউজ টিলাবোৰ
বোৱঁতী নৈ, জান-জুৰিৰ সুৰ।
==========◆=======
◼️হেঙাৰৰ দপদপনি
বাহাৰুল ইছলাম (শিক্ষক)
বালিজান, মৰিগাঁও
ম'বাইল- 9101130649
এটি বনজুয়ে মোক ঘেৰি ধৰিলে
দিকবিদিক্ হেৰাই দৌৰিবলৈ আৰম্ভ কৰিলোঁ
কিছু শান্ত হ'ল
কিছু আশা কিছু সপোন দেখিলোঁ
কেই খোজমান আগুৱাই গ'লো।
উৱাদিহ নোপোৱা হ'লো পুনৰ
এইবাৰ বলীয়া পৱন
বৰকৈ জাৰি গ'ল
নপৰাকৈ কোনোমতে ৰ'লো
কপনি উঠিল দেহ-মনত
পৱনৰ পৰশত ।
বক্ৰৰেখাই যেন মোক আগুৰি লৈছে বাৰে বাৰে
সহজ-সৰল বুজনিবোৰ
অবুজ চোতালত পৰি আঘাত প্ৰাপ্ত হ'ল,
ৰাজত্ব কৰিব ধৰিলে হুমুনিয়াহ
মনৰ বাকৰিত ।
চোতালৰ সেই ৰক্তজবাই কাণে কাণে ফুচফুচাই ক'লে
চকুপোৰণি সকলৰ কথা
আগচি ধৰে কেঁকোৰা হৈ
সেয়া কিন্তু চুকে-কোণে গৈছে বৈ।
অচিনাকি বাটেৰে
তৎস্বত্বেও গৈছোঁ আগুৱাই
কিজানিবা হিত হয় দহৰ
বিফল কৰে ঘনে ঘনে
স্বাৰ্থৰ পয়োভৰে।
তয়াময়া ৰণ চৌপাশে
স্বাৰ্থত ঘূৰিছে ভূমণ্ডল
সৱতে বাঢ়িছে কন্দল
ভ্ৰমিছে ইঘৰ-সিঘৰ কৰি
পৰিপূৰ্ণ প্ৰতিপ্ৰান্তে।
এটি ভাৰাক্ৰান্ত মনৰ হাবিয়াস
তলসৰা শেৱালিয়ে বিয়পাব সুগন্ধি
কেতিয়াবা কক্ষচ্যুত কৰিব খোজে
পৰাজয়ৰ গ্লানিয়ে,
কিন্তু, কিন্তু মোৰ তেজে নলয় মানি
গুচাবই লাগিব হৃদয়ৰ পিয়াহ,ৰুগ্নতাৰ আঁচোৰ।
বাধাৰ প্ৰাচীৰ ভাগি কিছুদূৰ গ'লো
ৰিণিকি-ৰিণিকি শুনা গ'ল মৰমৰ একোটি গান
কোনেনো ৰাখিব মনুষ্যৰ মান?
ভগ্ন সপোন, ভগ্ন আশা
নুবুজোঁ জগতৰ ভাষা।
""""""""""""""""""""""""""""""""""""""""""""""""
◼️পাহৰিলা মোক
শান্তা দাস
লংকা, হোজাই, অসম।
শুনিছানে তুমি,
এতিয়া মনত পৰেনে মোৰ কথা?
নে পাহৰিলা মোক!
পাহৰি যাবায়েতো,
এতিয়া যে তোমাৰ বেলেগ এজন হ'ল।
মোলৈ আৰু কিয় মনত পৰিব তোমাৰ?
মই যে বৰ অভিমানী।
বাৰু নতুন জনৰ লগত সুখত থাকিবা,
এতিয়া তোমাৰ পৰা মই বহু দূৰত গুলো দেই।
য'ত সুৰুযৰ কিৰণেও যাব লাজ পায়।
কিন্তু অকলে যোৱা নাই,
তোমাৰ স্মৃতিক লগত লৈ গৈছোঁ।
কিজানি কেতিয়াবা যদি,
তোমাৰ কথা মনলৈ আহে!
হ'ব পাৰো মই বৰ অভিমানী,
কিন্তু অন্তৰ মোৰ গংগাৰ দৰে পৱিত্ৰ।
বিশ্বাস ন'হলে এবাৰ চকু মেলি চাব পাৰা।
আজিও তোমাৰ নাম লিখা আছে তাত,
অথচ তুমি পাহৰিলা মোক।
কিয় বা দোষীম ঈশ্বৰক,
সকলো ভুল যে মোৰ ভাগ্যৰ,
তোমাক পায়ো হেৰুৱালোঁ।
আজিও তোমাৰ কথাই মোক উৎসাহ কৰে,
তোমাৰ মাতে মোক জীয়াই তোলে,
তোমাৰ নূপুৰৰ শব্দত মই বলিয়া হওঁ।
মনে কেতিয়াবা বিচাৰে,
তোমালৈ দৌৰি যাওঁ।
তোমাক বুকুত সাৱটি ধৰোঁ,
আগৰ তুলনাত অধিক, তোমাক মৰম কৰোঁ।
কিন্তু আকৌ দুই খোঁজ পিছলৈ লৈ আনো,
কিয়নো তুমি যে এতিয়া বেলেগৰ।
তোমাৰ ওপৰত মোৰ নো কি অধিকাৰ আছে?
মই যে এতিয়া তোমাৰ বাবে পৰ পুৰুষ।
শুনিছানে তুমি, আজিও মই,
ৰাতিৰ এন্ধাৰত জোনাকীৰ পোহৰ বিচাৰি দৌৰি যাওঁ।
কিন্তু এতিয়া কিয় নাজানো!
জোনাকীয়ে আগৰ দৰে আৰু ধৰা নিদিয়ে,
অথৈ চেষ্টা কৰিও বিফল হৈ যাওঁ।
হয়তো বা তুমি মোৰ কাষত নাই যে,
গতিকে জোনাকীয়ে দৌৰি ফুৰে বহু দূৰলৈ।
বাৰু বহু কথাই লিখিলোঁ চিঠিত,
সময় পালে এবাৰ পঢ়িবা।
আকৌ পেলাই নিদিবা আনৰ ভাবি,
যদি পাৰা এবাৰ উত্তৰ দিবা,
প্ৰশ্ন আছে আৰু কবলৈ.....।
==========◆=========
◼️নিমাতী কন্যা
ঋতুৰাজ বৰগোহাঁই
দূৰভাষ :৬০০২৬১১০৩৪
ধূসৰ ৰ'দত
চকু চাত মৰা বালিৰ জিলিকণি,
মৃদু মৃদু বতাহৰ চেৱে চেৱে
নাচে নিমাতী ঢৌ
ৰিণিকি ৰিণিকী জিলিকে
বৃহৎ নদী দ্বীপ
চলি আছে কত ফেৰী।
মনোমোহা সুৱদি সখী
মনোমোহ মিলন বিচাৰি
উৰা মাৰে মনৰ পক্ষী,
কুলু কুলু, জিৰি জিৰি শব্দ মাজত
মিলন হম তুমি মই।।
নিমাতী বুকুত সপোন চৰে
মিলনৰ জেউতি সুৰভি উৰে,
নিৰিবিলি বুকুতেই ৰচিব
মন যায় ক'ত সপোন
তুমি মই আমি বুলি ।
কোন হে তুমি নিমাতী কন্যা!
অপৰূপা হাঁহি
উঠিছে তোমাৰ দুটি ওঁঠত ভাঁহি
বাৰে বাৰে কিয় মন মোৰ নিচা কাঢ়ি,
চঞ্চলতা জীৱনৰ উদ্যম আশ্বাস
কল্পনাত ৰতন প্ৰাণৰ ।
==========◆=====
◼️"এয়া শৰৎতৰ আগমণ"
গীতাশ্ৰী বড়া
স্নাঁতক প্ৰথম ষান্মাষিক (অসমীয়া বিভাগ ) যোৰহাট
শৰৎ মানেই শেৱালিৰ সুবাস ,
শৰৎ মানেই যেন নিয়ৰত ভিজা দুবৰিৰ কোমল দলিছা।
শৰৎ মানেই যেন নীল গগনত
বিচৰণ কৰা ,
সকলোৰে দেহ মন পুলকিত কৰা জোনবাইৰ নিগ্ধ জোনাক ।
শুভ্ৰ কহুৱাজাকে নদীৰ পাৰে পাৰে ,
নাচি উঠিল আকাশৰ কোলাহল ।
সেউজীয়া দলিছা বোৰেও হাঁহি উঠিল ,
নৈশ স্বপ্ন হৈ শেৱালীয়ে ক'লে এয়াই শৰৎতৰ আগমণ।।
==========◆======
◼️সেউজীয়া বৰণ
ৰুম্পী দাস,ভালুকমাৰী ৰাণীপুখুৰী , হোজাই
সৌন্দৰ্য্যত মোহিত আমি
তোমাৰ সেউজীয়া বৰণ ,
শান্তি কঢ়িয়াব খোঁজো
তোমাৰ মাজতেই ।
প্ৰকৃতিৰ পৰশে
জীৱন ৰঙীন ,
দেখোন নানা ৰূপৰ সমাহাৰ ।
হাঁহিৰে জীয়াই থকাৰ
উশাহ তুমি ,
তোমাৰ বুকুৰ ভাষাতেই
হেৰাই যাবলৈ ধৰিছে
আমাৰ চঞ্চল মন -প্ৰাণ ।
প্ৰকৃতি কেতিয়াও
বৰণ নসলাবা ,
হেৰাই যাম তোমাৰ মাজত
অন্তিমলৈকে ।
তোমাৰ কান্দোন নুবুজিলেও
হিয়াৰ সুৰ শুনা পাওঁ ,
সেউজীয়াৰ বুকুত
সেউজ ভালপোৱাৰ শিহৰণ জাগে ...
আমিও ভাল পাওঁ
সেউজীয়া তোমাক ।
==========◆=====
◼️ কণমানি ভাইটি
ৰুবি বুঢ়াগোহাঁই,গোলাঘাট
কণমানি ভাইটিৰ দেখোন
ক'তোৱেই নৱহে মন,
বাৰে -বাৰে তাৰ দেখোন
ম'বাইলতহে মন।
ৰাতিপুৱা শুই উঠিয়েই
স্কুল যাবৰ হয়,
স্কুলতো গোটেই দিনটো
মনেই নবহা হয়।
খাওঁতে শোওঁতে উঠোঁতে
বহোঁতে
মনটো ক'ৰবাত থাকে,
সন্ধ্যা মাকে পঢ়াৰ কথা ক'লে
মনত বেজাৰ লাগে।
দিঠকে সপোনে সি কেৱল
ম'বাইলটোকে দেখে,
নহ'লে হেনো তাৰ চাৰিওফালে
অন্ধকাৰযেন লাগে।
পঢ়া-শুনাত মন নাইকিয়া
সকলোৰে গালি শুনে,
তথাপিও লাজ নাইকিয়া
বদ্ অভ্যাস নেৰে।
পঢ়াৰ কথা( সন্ধ্যা) বেছিকৈ ক'লে
টোপনিহে ধৰে।
বেমাৰ -আজাৰ হ'লেও সি
কেৰেপকে নকৰে,
দৰব খাবলৈ পালে সি
গৰ্বহে অনুভৱ কৰে।
খোৱা - বোৱাতো ওজৰ আপত্তি
খাবলৈ লাগে ভাল,
ঘৰৰ খানা বেয়া হেনো
ৰেষ্টুৰেণ্টতহে ভাল।
পল- অনুপল কৰি
এটি- দুটিকৈ ক্ষণ,
গৈ আছে তোমাৰ জীৱন
গম লৈ চোৱা পোনাকণ।
সময়ৰ টিকনি যদি
থোৱা তুমি পিছফালে,
জীৱনত কাহানিও
নহ'বা সফল।
মা- দেউতাৰ মৰমৰ
শুনিছানে তুমি ভাইটি,
আহা আমি সৱে মিলি
সময়ৰ লগতে থাকো গৈ।
==========◆=======।
◼️💚 এপাহ হাঁহি💚
💓 নিৰৱপ্ৰিয়া
ৰ'দৰ পোহৰত পৰি নিয়ৰ
কণাবোৰ জিলিকি উঠিছে
উজ্বল ৰত্ন কণিকাৰ দৰে হৈ পৰিছে
চকুত চাত মাৰি ধৰিছে
যেন এখন দাপোন হে আনি আগতাত
যেন ৰ'দ জাকে অগাদেৱা কৰিছে
ক্ষন্তেকীয়া ৰত্নবোৰে নিমিষতে
হেৰাই যোৱাৰ উপক্ৰম
এজাক পচুৱাই নিমিষতে
হেৰাই যোৱাৰ হাবিয়াস কৰিছে
ধুঁৱলি কুঁৱলী মেঘৰ মাজত
লুকাই থকা জোনবাই টোৰ চাৱনিত
আছে আশাৰ বতৰা
হেৰাই যাব বিচৰা জোনাকী
পৰুৱা বোৰৰ আশা
বতাহ জাক নাহিবি
সকলো শেষ কৰি নিনিবি ।
==========◆=========
◼️ইটো সিটো বহুতো
কুকী মহন্ত
(১)
চাইকেল চলাই বজাৰ কৰিয়ে
সি আজি হ'ল ধনী।
এতিয়া আকৌ আনক উপদেশ দিয়ে
চাইকেল বোলে মানুহৰ বাবে শনি।
(২)
মানুহ আজি আধুনিক হ'ল
যুগৰো বোলে পৰিৱৰ্তন হ'ল,
পিছে কাৰ ঘৰলৈ কোন আহিছে
জুমি চোৱা খুৰীৰ
স্বভাৱ হ'লে একেই ৰ'ল।
(৩)
সি বোলে তামোল এখনো নাখাই
মাকে মানুহৰ আগত কয়,
চাৰিআলিৰ দোকানীয়ে
গুটকাৰ পেকেট হেনো
তাৰ বাবেই বেছিকৈ আনি থয়।
(৪)
পিয়াজ হেনো ৰাগিয়াল বস্তু
মুখত নিদিয়ে তেওঁ,
কিন্তু টেবুলত মদৰ গিলাচ
নুগুচে কেতিয়াও।
(৫)
"নাৰীক সন্মান কৰিব লাগে"
ভাষণত তেওঁ কয়,
ৰাস্তাত তেওঁক দেখিলে
ছোৱালীবোৰে অন্য পথহে লয়।।
==========◆=========
◼️ভাগৰুৱা দেহ
শান্তনু হাজৰিকা
ভাগৰুৱা দেহটোৱে আজি জিৰণি বিচাৰে...
এইযে নোপোৱাৰ বেদনা, হেৰুওঁৱাৰ দুখ
অলপ শান্তি বিচাৰি দুচকু মোহাৰে..!!
মৌণ মনটোৰ মাজতো থাকি যায়
কিছুমান অব্যক্ত গোপন কাহিনী..,
নিথৰুৱা হৃদয়ৰ মাজতো পৰি ৰয়
ভাগৰুৱা জীৱনৰ ৰাগহীন বিননি ।
সংজ্ঞা বিছাৰি আজি হাবাথুৰি খাওঁ...
জীৱন বাটৰ শেষনো বাৰু ক'ত !!!
মনৰ শান্তিয়েই যদি অন্তিম সুখ হয়
স্বাৰ্থপৰ পৃথিৱীত ইয়াৰ অস্তিত্ব ক'ত ???
==========◆=====
◼️নালাগে এই জীৱন
শিল্পী দাস,ভালুকমাৰী,ৰাণীপুখুৰী(হোজাই)
নালাগে এই জীৱন
য'ত স্বাধীনতা নাই,
নালাগে এই শিক্ষা
য'ত সত্যতা নাই।
নালাগে এই বাট
য'ত গুৰুত্ব নাই,
নালাগে এই পৰিচয়
য'ত আত্মসন্মান নাই ।
নালাগে এই ঘৰ
য'ত শান্তি নাই,
নালাগে এই টকা
য'ত খোৱাৰ ইচ্ছা নাই।
নালাগে এই মানৱজাতি
য'ত বিশ্বাস নাই,
নালাগে এই শৰীৰ
য'ত চৰিত্ৰ ঠিক নাই।
নালাগে এই প্ৰাণ
য'ত সুখেই নাই,
নালাগে এই অহংকাৰ
য'ত মূল্য নাই।
লাগে মাথোঁ ক্ষন্তেক পল
য'ত শান্তিৰে চকুযোৰ মুদি...
শেষ নিশ্বাস ত্যাগ কৰি
যাব পাৰোঁ সকলো মায়া এৰি।
==========◆======
◼️🌹 তুমি মোৰ হোৱাৰ বাবেই🌹
অপৰ্ণা শৰ্মা শিৱসাগৰ
তুমি মোৰ হোৱাৰ বাবেই
উজ্বলি উঠিছে
আজি মোৰ মন আকাশত
এথোপা তৰাৰ জিলিকনি ।
তোমাৰ সান্নিধ্যত
সাৰ পাই উঠিছে
আলফুলীয়া সপোনবোৰ
এক হৈ পৰিছে দুটি মন দুটি প্ৰাণ
ৰজনীগন্ধাৰ সুবাসত ।
তোমাৰ গভীৰ আলিংগনত
মৰমৰ পাপৰি বোৰ
ৰক্ত গোলাপ হৈ ফুলিব ধৰিছে
মনৰ সেউজী বাগিচাত ।
তোমাৰ হৃদয়ৰ বাকৰিত
অনুৰণিত হৈ থকা
মৰমৰ স্পন্দনত
মৰুভূমি হৈ পৰা মনৰ পদুলি
আকৌ হৈ পৰিছে উদুলি - মুদুলি ।
তুমি মোৰ হোৱাৰ বাবেই
প্ৰতি দিন প্ৰতিপল উৎযাপিত কৰিম
প্ৰেমৰ উৎসৱ মোৰ হৃদয়ৰ বেদীত
মাথোঁ তোমাৰ বাবেই।
==========◆======
◼️চিঠি:হিয়া তালুকদাৰ
বতাহে আহি আজি
মোক কাণে কাণে কি ক'লে জানা ,
মোৰ বোলে আজি তোমালৈ বৰকৈ মনত পৰি আছে।
সেইগতিকে মই খিৰীকিৰে জুমি চালো ।
তাত তুমি নাই ,
তুমালৈ ৰৈ থাকিলো ।
কিছুদিন পিছত ............
তুমি আহিলা ।
তাকো আমাৰ ভালদৰে লগ কৰাৰ সাৎক্ষৎা ন'হল ।
আৰু আহিবা বুলি ৰৈ থাকিলো
আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে .........।
==========◆=======
◼️" এজন ভোকাতুৰ আৰ্তনাদ"
নাম ;নৱজিৎ নাথ।
ছিপাঝাৰ ,(দৰং) ...
এখন অচিনাকী পৃথিৱীৰ
এগৰাকী চিনাকী কিন্তু,
বিশাল মনৰ এজন পৃথিক।
তেওঁৰ নাই কোনো চিন্তন,
নাই কোনো বেদনা আৰু
নাই কোনা আৰু কেতিয়াও
সেই দুখ ,যন্তনা আৰু হতাশা।।
এটি বিশাল মনেৰে আৱৰি আছে,
এখনি সুগভীৰ হৃদয়ৰ ভঁৰালটো।।
তেওঁৰ দেহৰ প্ৰতিটো তেজৰ
ৰক্তটোপালৰ কনিকাৰ মাজত ,
তেওঁৰ যত সদায় লুকাই আছে ,
এটি উদাৰতা আৰু মানৱতাৰ
দৰে ভৰপূৰ এটি সুবিশাল মন।।
তেওঁৰ দুটি ওঠত নাই,
কেতিয়াও সেই মিঠা হাঁহিটো।
নাই কোনা চঞ্চলতা সোৱাদ ;
নাই কোনা সেই হাঁহি ধেমালি।
সদায় নিস্তব্দতাৰে বিৰাজমান ।।
পৰিয়ালৰ তথা সন্তানৰ আৰ্থিক
অনাটনৰ অভাৱে জুৰুলা কৰা।
তেওঁ দুখ দুৰ্দশাৰে সদায় বিধস্ত
তেওঁ এজন নিৰক্ষৰতাবিহীন
কিন্তু সুপষ্টবাদী এগৰাকী ব্যক্তি।।
তেওঁ নাই দেহৰ এখন হাত
জন্মগত শাৰিৰীক ভাৱে বিকল ,
পৰিয়াল আৰু সন্তানৰ দায়িত্বত
কপালৰ ঘাম মাটিত পেলাই,
এখোজ দুখোজ খোজৰে,
কেতিয়াবা তেওঁ ৰাষ্টাৰ দাঁতিত।।
আকৌ আন কেতিয়াবা...!
প্ৰতিখন গাড়ীয়ে গাড়ীয়ে
প্ৰতিগৰাকী পদযাত্ৰীৰ ওচৰত
সৰুকৈ কিবা এটি পোৱাৰ
অপেক্ষাত সদায় তেওঁ নিস্তব্দ।।
পথৰ দুৱাৰ দলিৰ আৰত,
অধীৰ হেপাঁহৰে বাট চাই থাকে।।
_____________________________
◼️উকা কাগজ
কি আকোঁ আজি মোৰ মন দেৱালত .....
কি লিখো আজি মোৰ উকা কাগজত.....
প্ৰতিদিনে তোমাৰ নামতে নিগৰে
চিয়াঁহী ,
প্ৰতিদিনে বিয়পে
তোমাৰ অনাদি নিষ্ঠাৰ অশ্ৰু ..,
নিমাত আজিৰ পৃষ্ঠাৰ
শব্দহীন তোমাৰ সুবৰ্ণ গৰিহণাৰ ,
লুকাই থাকক তোমাৰ প্ৰবাল
মুখৰ ৰহস্য ,
বাজি থাকক বুকুত অহৰহ
তোমাৰ নামত অভিযোগ-অনুভূতিৰ সুৰ।
উথলি উঠা বোৱতি প্ৰণয়ৰ
নিষ্ঠুৰ সময়ৰ প্ৰদীপ্ত উপহাৰ
এই পৃষ্ঠাৰ বগা ৰং,
সেমেকা মনৰ সাঁচতীয়া ভাষা
এই উকা পৃষ্ঠা ।
কোনে কৈছে এই পৃষ্ঠাৰ
মূল্য নাই ,
কোনে কৈছে এই পৃষ্ঠাৰ
অৰ্থ নাই ,
এই পৃষ্ঠাই বহন কৰে
উকা কাগজৰ বুকুত
বুজাব নোৱাৰা অলেখ বেথা ...।।
নামঃনাজবিন চুলতানা
গাওঁঃপাটসাঁকো সন্দিকৈ গাওঁ
জিলাঃশিৱসাগৰ
==========◆=========
◼️চন্দ্ৰযান ৩
আমিৰ হুছেইন আহমেদ
দেশব্যাপি হৰ্ষ উল্লাহেৰে পাতিলে
চন্দ্ৰ জয়ৰ আবতৰীয়া দেৱালী
চন্দ্ৰযান ৩ অৱতৰণত জোনবাইৰ
গৃহৰ মুকলি হ'ল দুৱাৰৰ খিলি !
মহাকাশ ইতিহাসৰ পৃষ্ঠাত খোদিত হ'ল
অবিশ্বাস্য অকল্পনীয় গৰ্বৰ এটি নাম-
'ভাৰতবৰ্ষ '-প্ৰাচ্য পাশ্চাত্যই পৰিল তল
বিজ্ঞানীৰ কৃতীত্বই পালে দিব্য দাম !
চন্দ্ৰত যন্ত্ৰৰ খোজ দেশবাসীৰ হাঁহি
হৃদয়ত ৰামধেনুৰ বিচ্চুৰিত বৰ্ণালী,
বিকশিত দেশৰ প্ৰথম শাৰীত বহি
শক্তিৰ উৎস সূৰ্যলৈ মেলিব ঢাপলি !
ভাৰতীয়ৰ সাধনা বিজ্ঞানীৰ গৱেষণা
সূচনা কৰিলে নৱ নৱ দিগন্ত,
ইছৰো'ৰ সূত্ৰ উদ্ভাৱন-দেশৰ প্ৰাৰ্থনা
আশাৰ ক্ষণৰ হ'ল সফল অন্ত !
জোনবাইৰ আলোকিত দক্ষিণ মেৰুত
কোটি কোটি জনতাৰ স্বপ্ন হ'ল স্থাপন,
বিক্ৰম লেণ্ডাৰৰ বুকুতে লুপ্ত ধন 'প্ৰজ্ঞান',
চন্দ্ৰপৃষ্ঠৰ তথ্যৰ কৰিব কায়িক প্ৰমাণ !
_________________________
◼️“মই কোন”?
✍️ আশ্বিকুৰ ৰহমান শিকদাৰ।
জুৰীয়া, নগাঁও (অসম)
ফোন নং:-৭০৮৬৮৮১৩৬৬.
কোন মই, কাৰ মই,
কি মোৰ পৰিচয় !
ক'ৰ পৰা কিয়ই বা
আহিছিলো এই ভুৱণত।
এই ভুৱণত আহি মই
হৈ গ'লো যে ঋণী,
নোৱাৰিলোঁ দিবলে কিছু
নোৱাৰিলোঁ নিবলৈ.....।
মানুহ হৈ জন্ম লৈ
আছে নেকি মানুহৰ প্ৰাণ?
সংসাৰৰ এই মায়াজালত
কিয় হ'লো অজ্ঞান?
যিদিনা আমাৰ আহিব চিঠি
উভতি নহাৰ দেশত যোৱাৰ,
সিদিনা আমাৰ খুলিব চকু
নাথাকিব একো কৰাৰ।
---------------------------------------
◼️মাজনিশা
মাজনিশাৰ পৰিবেশ,,
তেওঁ বৰ ভাল পাইছিল।। মাজনিশাত তেওঁ বহুতো
ধৰণৰ কবিতা লিখি
ভাল পাইছিল।
মাজনিশাটো তেওঁ কাৰণে
প্ৰিয় হৈ পৰিছিল।
মাজ নিশা কবিতা লিখি লিখি ভাগৰ লাগিলে তেওঁ নিজে টেবুলৰ পৰা উঠি একাপ কফি তৈয়াৰ কৰি খাইছিল।
কবিতা লিখি লিখি কেনেকৈ গোটেই নিশাটো
পাৰ হৈ গৈছিল ।
তেওঁ গমেই পোৱা নাছিল।
দেইজী কাৰ্খ বৰদলৈ
==========◆======
◼️স্বীকাৰোক্তি
অস্পষ্ট হাতেৰে
সময়ে লিখিছিল
সময় নোহোৱাৰ কথা,
বৰষুণৰ ভিৰত
মই যেন নীৰৱে হেৰুৱালো
আমাৰ নীৰৱতা....
সৃজা,
তুমি আৰু মোৰ মাজত
গঢ়ি উঠা দূৰত্বই
আজি আকৌ যেন চিঞৰি ক'লে-
তুমি মোৰ সপোন আছিলা
আৰু
মই তোমাৰ বাবে খন্তেকীয়া
প্ৰয়োজন,
আমাৰ মাজত একোৱেই নাছিল
যি আছিল
সেয়া কেৱল মিঠা প্ৰলোভন--
সুন্দৰ লেফাফাৰ আঁৰত
এটি কুৎসিত মন,
আন একোৱেই নাছিল
তোমাৰ মাজত....
এয়াই মোৰ স্বীকাৰোক্তি
তোমাৰ বাবে ধ্বংস কৰা
সময়ৰ ওচৰত !
-----------------
পাপু মজুমদাৰ
নগাঁও, অসম
ফোনঃ ৯৮৬৪২০১৭৭৯
==========◆=======
◼️শৰৎৰ আগমন
মিন্টু গোৱলা, লখিমপুৰ কদম
চোতালৰ শেৱালী জোপাহচোন
ফুৰিবৰ হ'ল।
আগফালৰ চোতালৰ
দুৱৰি বনডোৰত
নিয়ৰ সৰিবৰ হ'ল,
এয়েই শৰৎৰ আগমনী ।
কোমল কোমল অৰুণ জ্যোতিয়ে
চেঁচা পৰা গাঁটোত গৰম ঢালি দিয়ে।
স্নিগ্ধ জোনাকৰ আঁৰে
আঁৰে লুকাই থকা শাৰদীৰ
প্ৰতিচ্ছবি ভাঁহি আহে নিয়ৰকণাত ।
জোনাকী পৰুৱা বোৰ কৈ
যায় , শাৰদী অহাৰ কথা ।
প্ৰকৃতিও কৈ যায় ,
শৰৎ আহিলে শেৱালী ফুলে ।
চোতালৰ বুকল জোপাহচোন ফুলি
উঠে শেৱালীৰ লগত
শেৱালীৰ সুগন্ধিয়ে মন
পৰশাই তুলে শৰৎৰ
প্ৰতিটো পুৱাই ।
নৈৰ পাৰৰ কঁহুৱা বনবোৰ
ফুলিবৰ হ'ল ।
নৈৰ পাৰ সঁজোৱাৰ সময় হ'ল
শুভ্ৰ পোছাকেৰে।
শৰৎ মানেই শেৱালী
শেৱালী মানেই নিয়ৰৰ কণা
স্নিগ্ধ জোনাক মানেই
শাৰদীৰ আগমন
শাৰদীৰ প্ৰতিচ্ছবি ভাঁহি
উঠে নিৰ্মল জলত ।
==========◆=========
◼️"তুমি কাষত নাথাকিলে"
উৰিস্মা নাথ
গৰুখুটি (দৰং)
তুমি কাষত নাথাকিলে
বুকুখন দেখোন উৰুঙা হৈ পৰে,
ইচাত-বিচাত চঞ্চল মনটোও
যেন তোমাৰে ঠিকনা বিচাৰি
মেঘাচ্ছন্ন আকাশৰ পৰা
সৰি থকা শিমলু তুলাৰ দৰে,
দূৰ-দিগন্তলৈ উৰা মাৰে।
আশাবোৰ বাঢ়িব ধৰে,
নাজানো কি পাওঁ?
তোমাৰ কাষত,
এবাৰলৈ ভাবি নাচাওঁ
মাথোঁ সদায় বহুৱাই থব
মন যায় তোমাক,
মোৰ হৃদয়ৰ কোঠালীত।
তোমাৰ উপস্থিতিত মই যে,
নিজে নিজৰ প্ৰেমত পৰো
আকৌ এবাৰ,
প্ৰেমৰ কি যে মাদকতা!
ক্ষন্তেকতে হেৰাই যায় মোৰ
প্ৰতিদিনৰ নিসংগতা।
==========◆=========
◼️অৱলা
এগৰাকী নাৰীক তেওঁৰ আস্থাৰ,,
এনে এজন সংগীৰ প্ৰয়োজন,,
যাক তেওঁ প্ৰেম কৰি থকাৰ সময়তে,,
পূজা কৰিব পাৰে,,
কামনা বা কামনাৰে নহয়,,
ভক্তিৰে,,
যাৰ ভৰিত চুমা খাই,,
যাৰ চকুত চকু থৈয় নিজৰ দাবী বিচাৰিব পাৰে,,
যাৰ মাত্ৰ স্পৰ্শতে প্ৰতিটো মুহূৰ্ত্ত ৰোমাঞ্চিত হয়,,
য’ত কোনো সংকোচ নোহোৱাকৈ,,
এগৰাকী নাৰীয়ে কেৱল নিজৰ শৰীৰেই নহয়,,
নিজৰ মনকো আত্মসমৰ্পণ কৰে।।
সান্নিধ্য শইকীয়া।।
ঠিকনা - শিৱসাগৰ,আমগুৰি।।
পিন নং- ৭৮৫৬৮১,(অসম)।।
দূৰভাষ - ৮৬৩৮৭৮২৮৪৩।।
==========◆=====
◼️হৃদয়ৰ কলাজ
-✍️ মৌচুম গগৈ
ভাল লগাবোৰে আজিও
চোন আমনি কৰিছে,
কিজানি বা
সেই ভালপোৱা বোৰেই
আকৌ বিশাক্ত
ভালপোৱাৰ কবিতা লিখে।।
বাৰিষাৰ প্ৰথম জাক বৰষুণৰ
শেষত নিস্তব্ধতা মাজত,
সোধা নাছিলোঁ জানো
তোমাক বৰষুণ
ভালপোৱাৰ কথা
সেই অচিনাকী জিৰণি চ'ৰাত...!!
অচিনাকী জিৰণি চ'ৰাতে
সাক্ষী হৈ ৰ'ল
মোৰ ভাল লগাবোৰ
মোৰ ভালপোৱা আৰু
বাৰিষাৰ সেই বৰষুণ জাক...।।।
==========◆======
◼️বান্দৰ আৰু শিয়াল
--জাহ্নৱী কাকতি
(বুঢ়ী আইৰ সাধুৰ 'বান্দৰ আৰু শিয়াল' সাধুটোৰ আলমত)
এখন হাবিত আছিল এটা বান্দৰ আৰু শিয়াল,
পেট পূৰাই খাওঁ বুলি দুয়োৰে মনত খেলাল।
কথামতে দুয়ো মিলি আলচ কৰিলে,
হাবিৰ মাজৰ গছৰ আঁৰত লুকাই থাকিলে।
এনেতে কিছুমানুহ সেই বাটেৰে আহিলে,
কল,গাখীৰ,গুড়,কুঁহিয়াৰ বান্দৰ-শিয়ালে দেখিলে।
পাঙি থোৱা বুধিমতে শিয়ালে মাতিলে 'হোৱা',
ভয় দেখাবলৈ বান্দৰে মাতিলে 'খোৱা খোৱা'।
বাঘ-ভালুক ভাৱি মনতে মানুহকেইজন পলাল,
দুয়ো সখী একে জাপে সেই ঠাই আহি ওলাল।
বান্দৰে ক'লে বস্তুখিনি গছৰ ওপৰত থওঁ,
ওপৰলৈ উঠি গৈ মই সমানে ভগাই লওঁ।
মূৰ দুপিয়াই শিয়ালেও হয়ভৰ দিলে,
খাম বুলি কল,গাখীৰ আশাৰে ৰৈ থাকিলে।
কল খাই বাকলিটোহে বান্দৰে দলিয়াই দিলে,
খঙে-বেজাৰে শিয়ালে গছকে কামুৰিলে।
দুখমনে গুজৰি-গুমৰি শিয়ালে আছিল ভাৱি,
এশিকনি দিম তোকো তেতিয়াহে গম পাবি।
এদিন শিয়ালে ৰৈ আছিল কোদো বাহৰ কাষত,
এইটো কিহে সখী বুলি বান্দৰ ওলাল সমুখত।
শিয়ালে ক'লে দবা এইটো ৰজাঘৰীয়া,
বিশ্বাসত মোক ইয়াতে পাতি থৈছে ৰখীয়া।
বজাওঁ বুলি ৰজাৰ দবা কোদো বাহত হাত দিলে গৈ,
কামোৰত সি ৰব নোৱাৰি চিঞৰিলে মৰিলোঁ ঐ।
তাকে দেখি শিয়ালে বৰ ৰং পালে,
কলৰ বাকলি দিয়াৰ ফল হাতে হাতে দি চালে।
কচু এডৰাৰ কাষত এদিন ৰৈ আছিল শিয়াল,
বান্দৰে সুধিলে কি এয়া দেখাতচোন ৰসাল।
শিয়ালে ক'লে এয়া ৰজাৰ ঘৰৰ কুঁহিয়াৰ,
ৰখীয়া পাতি সঁপিছে মোক এই দায়িত্বভাৰ।
শিয়ালক সুধি লৈ কামোৰ দিলে কচুঠাৰিত,
খজুৱতিত মৰিলোঁ বুলি বান্দৰ সোমাল হাবিত।
কুঁৱা এটাৰ পাৰত এদিন আছিল শিয়ালে ৰৈ,
সকলো পাহৰি বান্দৰে সুধিলে এইটো কি ঐ?
শিয়ালে ক'লে এইখন ৰজাৰ ঘৰৰ দোলা,
মোক পাতিছে ৰখীয়া তুমি কি চাই ৰ'লা?
উঠি চাওঁ বুলি দোলাত বান্দৰে মাৰিলে জাপ,
জাল ফালি কুঁৱাত পৰি চিঞৰিলে বাপ বাপ।
আনক ঠগি নিজে ঠগ খাই শিয়ালৰ অন্ত হ'ল,
সাধু সামৰি পঢ়া টেবুলত বহোগৈ আমি ব'ল।
যোগাযোগৰ ঠিকনাঃ-
নাম- জাহ্নৱী কাকতি
গাওঁ- সানপাৰা
ডাকঘৰ- ঝাৰোবড়ী
জিলা- কামৰূপ (অসম)
পিন- ৭৮১১২২
যোগাযোগ নং- ৯৩৬৫১৬৫২৫২
==========◆======
◼️শাওণ
মণিকা গগৈ
তিনিচুকীয়া,বৰগুৰি
হেঁপাহৰ শাওণে কৃষকৰ
হৃদয়ৰ বাকৰি পলসুৱা কৰি
এমুঠি আশাৰ কঠিয়া সিঁচে,
আঘোণত সোণগুটিৰে উপচি
হৃদয় জীপাল কৰি তোলে।
নাঙলৰ সীৰলুত সৃষ্টিৰ বীজ ৰোপণ কৰি
কেঁচা মাটিৰ গোন্ধত
বিচাৰে সোণোৱালী সপোনৰ ঠিকনা।
ৰোৱনীসকলৰ লাৱণি হাতত
সেউজীয়া হৈ উঠা শাওণৰ পথাৰে
পৰাণ পৰশি যায়
আইতাই আদৰেৰে দিয়া হেঁপাহৰ জলপান
বঁকিয়াত বহি সকলোৱে
হাঁহি ধেমালিৰে মিলিজুলি খায়।
পথাৰৰ ওপচি পৰা পানীত
পুঠি,খলিহনাই আনন্দত মতলীয়া হৈ
জলকেলি কৰে
আঘোণত সোণগুটি ফুলা সপোনে
কৃষকৰ হৃদয়ত আনন্দৰ জোৱাৰ তোলে,
সোণগুটি চপাই
ভৰাঁল শুৱনি কৰা হেঁপাহেৰে
গাৰ ঘাম মাটিত পেলাই
কাম কৰে দুগুণ উচাহেৰে।
==========◆=======
◼️শৱযাত্ৰাৰ মিছিল
নাছিৰ আহমেদ শিমলাবাৰী গোৱালপাৰা।
চাৰিওফালে আৰম্ভ হৈছে শৱযাত্ৰাৰ মিছিল ----
দেশৰ স্বাধীনতাৰ শৱযাত্ৰা,
জাতিৰ সত্তাৰ শৱযাত্ৰা,
ভাষা -সাহিত্য আৰু কলা- কৃষ্টি- সংস্কৃতিৰ শৱযাত্ৰা।
এই শৱযাত্ৰাৰ মিছিলত ময়ো যোগদান কৰিলোঁ।
বৃহৎ বৃহৎ অট্টালিকাৰ অত্যাধুনিক বিলাস কক্ষত
অসংখ্য প্ৰেতাত্মাৰ হিয়াভঙা ক্ৰন্দন !
পাশ্চাত্যৰ উচ্চস্বৰৰ তালে তালে উদ্দাম নগ্ন নৃত্য
বিলাতী মদৰ গোলাপী নিচাত মত্ত
দুৰ্দান্ত প্ৰেমিকৰ হাতত আগ্নেয়াস্ত্ৰ!
মজিয়াত ডোঙা বান্ধিছে তেজৰ চেকুৰা
দমে দমে পৰি আছে অসংখ্য কটা মূৰ ।
চাৰিওফালে আৰম্ভ হৈছে শৱযাত্ৰাৰ মিছিল
ৰেচনৰ দোকানত ভিক্ষাৰ জোলোঙা লৈ ৰৈ আছে
অকৰ্মণ্য ,এলেহুৱা, অ-পৰিণামদৰ্শী ভিক্ষাৰীৰ শৱযাত্ৰা,
নিষিদ্ধ গলিত কেঁচা মঙহ বিক্ৰী কৰা বনিতাৰ শৱযাত্ৰা
বানেধোঁৱা শিবিৰত অসহায় উদ্বাস্তুৰ শৱযাত্ৰা ,
দাৰিদ্ৰ আৰু দুৰ্বিসহ ঋণৰ বোজাত কোঙা হৈ
আত্ম-হনন কৰা কৃষক শ্ৰমিকৰ শৱযাত্ৰা ।
বহুবল্কী ভণ্ড ৰাজনৈতিক নেতাৰ শৱযাত্ৰা ,
প্ৰশংসাত পঞ্চমুখ অন্ধ স্তাৱকদলৰ শৱযাত্ৰা ,
কামুক পুৰুষৰ বাহুবন্ধনত আৱদ্ধ নেতৃৰ শৱযাত্ৰা !
পুনশ্চ :- আত্মসন্মান ৰক্ষাৰ নামত আত্মহত্যা কৰা হে ভদ্ৰ মহিলা, তোমাৰ বাবে আত্মহত্যা বিলাসিতাৰ নামান্তৰ।
চাৰিওফালে আৰম্ভ হৈছে শৱযাত্ৰাৰ মিছিল------
দেশৰ স্বাধীনতাৰ শৱযাত্ৰা ,
জাতিৰ সত্তাৰ শৱযাত্ৰা ,
ভাষা -সাহিত্য আৰু কলা- কৃষ্টি-সংস্কৃতিৰ শৱযাত্ৰা ।
এই শৱযাত্ৰাৰ মিছিলত ময়ো যোগদান কৰিলোঁ।
==========◆=========
◼️এপাহ সৰা ফুল
অজয়লক্ষ্মী কৈৱৰ্ত
নগাঁও
আচলতে সৰাফুল বোৰৰো
নিজৰ একোটা কাহিনী আছে জানা।
হাঁহি হাঁহি...
নিজকে শেষ কৰাৰ কাহিনী
মৰি ও যে...
সৰি পৰিও যে ...
কিবা আধৰুৱা
ইচ্ছা, কিবা আধৰুৱা হেঁপাহৰ পিছে পিছে নিত্য দৌৰি ফুৰিছে ।
সেই আধৰুৱা কিবাৰ সন্ধানত।।
নোপোৱা বোৰক বিচাৰি।
আশা কৰে ..
কিজানি সৰা ফুলে
" মোক কোনোবাই বুটলিব..."
তল সৰা ফুলেৰে মালাও গাঠিব।
হয়তো প্ৰিয়জনকো উপহাৰ দিব।
নোকোৱা কথাবোৰ ফুলবোৰ দি এ কব।
সৰা ফুলে যে অহৰহ চেষ্টা কৰি যায়।
কাৰোবাৰ সুখৰ, কাৰোবাৰ দুখৰ সমভাগি হৈ যায়।
হাঁহি বিৰিঙাই যায় অচিন চিনাকি
জনৰ মুখত।
আৰু সুগন্ধি বিলাই কৈ যায়
" মই যে মৰিও অমৰ"
_____÷_____÷____÷____÷_____
◼️ চিঞাহীৰ ভাষাৰে
সঙ্গীতা ডেকা , ৰঙিয়া
হাঁহি হাঁহি হঠাৎ সেমেকি উঠা দুচকু
টোপ টোপ সেই বৰষুণ
কিন্তু আঁচল পাতি সাৱটিবলে
সুৰক্ষিত দুহাত যে নাই !
তাৰ পিছত যেন এক শূণ্যতা !
শব্দবোৰেও বাগৰ সলাব নোখোজে তাত
কিন্তু , চিঞাহীৰ আৱাহন
আহা না , দুয়ো মিলি আৱেগৰ কাৰেং সাজোঁ
সৌৱা চোৱা , শুকুলা পৃষ্ঠাত !
সজল সজল নয়নত জানা ,
মনে মনে কেতিয়াবা ভাঁহি আহে
হিয়াৰ একোণত ৰুই থোৱা ,
তাহানিৰ জীয়া জীয়া ছবিখন
পিছে ছবিখনে জানো পূৰ্ণতা পালে ?
আজিও সেই একেটি মেৰু !
আজিও সেই নিৰৱতা
আজিও মই---মইতেই আৱদ্ধ !
==========+===========
No comments:
Post a Comment