Tuesday, December 27, 2022

মানপত্ৰ:প্ৰগতি গগৈ চাংমাই

 মানপত্ৰ (অণুগল্প)


প্ৰগতি গগৈ চাংমাই

       ফেচবুকৰ গোটসমূহত কবিতা, গল্প আদি লিখি পোৱা মানপত্ৰসমূহেৰে মনালিছাৰ মোবাইলটো ভৰি আছে। এইবোৰেই তাইক জীয়াই ৰাখিছে। উদাসীন মানুহজনেও তাইক বুজি নাপায়। মানপত্ৰবোৰ মানুহজনক তাই অতি উৎসাহেৰে দেখুৱাবলৈ যাওঁতে তাইৰ ফালে ঘূৰিও নাচালে। মনটোত খন্তেকৰ বাবে দুখ লাগিল। তথাপিও এই মানপত্ৰবোৰ চায়েই তাই শান্তি লাভ কৰে।

মানৱ জাতি সজাগ হ'ব হ'ল:মিন্টু গোৱলা

 মানৱ জাতি সজাগ হ'ব হ'ল 

             মিন্টু গোৱলা, লখিমপুৰ, কদম


বৰ্তমান পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি মনত বাৰে বাৰে প্ৰশ্ন উঠিছে । মানৱজাতি সচাঁকৈ জীৱ শ্ৰেষ্ঠ নে ?ইয়াৰ উওৰ সৈতো বহুতেই ক'ব নিশ্চয় জীৱ শ্ৰেষ্ঠ । কিন্তু জীৱ শ্ৰেষ্ঠ হৈ আমি কিয় ইমান প্ৰকৃতিৰ ওপৰত অত্যাচাৰ কৰিছোঁ।জীৱ শ্ৰেষ্ঠ হিচাবে আমি আমাৰ দায়িত্ব বোৰ কিয় পালন কৰিব পৰা নাই ? এই পৃথিৱীত যদি মানৱ জাতি বা জীৱ শ্ৰেষ্ঠ হিচাবে জীয়াই থাকিব বিচাৰিলে, আমি আমাৰ অকল নিজৰ কথাবোৰ ওপৰত গুৰুত্ব দিলে নহ'ব ।আমি আমাৰ পৰিবেশ আৰু প্ৰকৃতিৰ ওপৰতো অলপ নজৰ দিয়া আমাৰ কৰ্তব্য। কাৰণ প্ৰকৃতিৰ বাবে আমি জীয়াই আছোঁ। প্ৰকৃতিৰ নহ'লে আমি এই পৃথিৱীত জীয়াই থকা টনা । প্ৰকৃতিৰ ওপৰত অত্যাচাৰ কৰিলে আমাৰ ক্ষয়-ক্ষতি হয়, কিন্তু আমি বুজি নাপাওঁ কিয় ?তেনেদৰে আমি আমাৰ প্ৰকৃতিৰ ওপৰত অত্যাচাৰ কৰিলে  ,  এটা সময়ত পৃথিৱীত অক্সিজেন শেষ হ'ব, আৰু আমাৰ মানৱ সভ্যতা ধ্বংস হ'ব ।যিদৰে এই পৃথিৱীৰ পৰা ড্ৰাইনেশ্বৰ শেষ হয় গ'ল , ঠিক তেনেদৰে আমি ও শেষ হয় যাম। আমি প্ৰকৃতিৰ ওপৰত কৰা অত্যাচাৰৰ বাবে আমি আজিও বিভিন্ন ধৰণৰ প্ৰাকৃতিক দুৰ্যোগত সন্মুখীন হ'ব লগা হয় । বৰ্তমান অৱস্থাৰ কথা ক'বলৈ গ'লে ।গছ -গছনি কম হোৱাৰ বাবে গৰমত অধিক গৰম হোৱা দেখা যায় ।ঠাণ্ডাত অধিক ঠাণ্ডা হোৱা পৰিলক্ষিত হয়।কাৰণ প্ৰকৃতিৰ ওপৰত কৰা অত্যাচাৰৰ বলি হ'ব লগা হৈছে, আজিৰ মানৱ সভ্যতাই ।

বৰ্তমান প্ৰকৃতিৰ পৰিস্থিতিৰ ওপৰত ক'ব গ'লে ।

আৱতৰিয়া ভাৱে কিছুমান ঠাইত অধিক ঠাণ্ডা হোৱা দেখা গৈছে।পানী বৰফ হৈ পৃথিৱীত পৰিছে ।এই লক্ষণবোৰে কৈ যায় মানৱ সভ্যতা আৰু বেছি দিন নাই শেষ হ'বলৈ ।সকলো আমাৰ ভুলৰ বাবে আমিও এদিন এই পৃথিৱীৰ পৰা নাই কিয়া হʼম ।আমি সজাগ হ'বলৈ হ'ল আৰু প্ৰকৃতিক সংৰক্ষিত কৰি ৰখাৰ দায়িত্ব আমাৰ । বৰ্তমান প্ৰকৃতিৰ পৰিস্থিতি বৰ জটিল হৈ উঠিছে।

কোনো দিন নোহোৱা ঘটনা আজি শুনিব পাইছোঁ।বৰফ পৰাৰ কথা শুনিছোঁ আৰু দেখিছোঁ। কিন্তু গোটেই অঞ্চলত বৰফ পৰি শুভ্ৰ হোৱা শুনা বা দেখা  নাই ।যেন বৰ্তমান প্ৰকৃতিৰ পৰিস্থিতি ইমানেই বেয়ালৈ গৈছে,অসমখনো কাশ্মীৰত পৰিণত হৈছে ।এয়া আমাৰ ভুলৰ বাবে মৰাণত হঠাৎ কাশ্মীৰৰ দৰে পৰিস্থিতি হ'ব লগা হৈছে।এই পৰিস্থিতিয়ে মানৱজাতিৰ ওপৰত ভাবুকি আনিছে ।

বৰ্তমান মানৱজাতিৰ অন্তিম সময় আহি পৰিছে ।আমি যদি সজাগ নহওঁ , তেন্তে এই পৃথিৱীৰ পৰা আমিও লুপ্ত হৈ যাম।

    আমাৰ ওপৰত ভাবুকি আহি পৰিছে ।আমি সজাগ হওঁ আহক । প্ৰকৃতিক সংৰক্ষিত কৰোঁ, গছ- গছনি ৰোপন কৰোঁ, প্ৰকৃতিক সেউজীয়া কৰি তুলো। তেতিয়া হে আমাৰ সপোন বোৰ সেউজীয়া হৈ থাকিব ।


ফাগুনৰ এছাতি পছোৱা:নৱজিৎ নাথ

ফাগুনৰ এছাতি পছোৱা


ফাগুন,

এছাতি পছোৱা বতাহৰ 

এক উৰুঙা উৰুঙা মন । 

তল সৰা পাতৰ বিননি, আৰু 

 বতাহৰ ৰিনিকি ৰিনিকি শব্দ মাথোঁ।।

 

 ফাগুন মানেই ,

 ধুলিয়ৰি বাটৰ উদং 

 পথাৰৰ পলাশ ,শিমলু আৰু

  ৰঙাচুৱা মদাৰ ফুলৰ

   নানা বৰনীয়া ৰঙৰ মেলা মাথোঁ।।           

   

উতলা ফাগুনৰ ৰঙত 

মনে নাচে উলাহত।

দেহত ফাকুৱা ৰঙৰ বোল আৰু

 মনত প্ৰেমৰ উতনুৱা 

 এচাতি বতাহে জাকে  

 মোৰ কানে কানে কয়...?

  মই ফাগুন ।।          

 

ফাগুনৰ বলিয়া বতাহত

 হেজাৰ জনতাৰ মন প্ৰানত,

   ফাগুনে প্ৰতিবাৰে আনে । 

 প্ৰতি জন‌ অসমীয়াৰ মাজত 

   নতুনত্বৰ এক পৰস।।

 


মৌ সনা হৃদয়ত

 ফাগুনে প্ৰতিবাৰে আহি 

  জাকি মাৰি উৰা মাৰে । 

  অসমীয়াৰ অন্তৰত।।

 

ফাগুনৰ ধুলিয়ৰি বাটক  

এজাক বৰষুণে আহি

 ধুই নিয়ক,আকৌ 

সজীৱ হৈ উঠক, 

 শীতৰ লঠঙা লঠঙা 

 গছ -বিৰিখ বোৰ।। 

 

আকৌ ,এজাক বৰষুণৰ 

অপেক্ষাৰ অন্তত ফাগুনৰ

 উৰুঙা উৰুঙা মনত 

 আনি দিয়ক  বসন্তৰ 

 আগজাননী মধুৰ বতৰা।।  


  নাম: নৱজিৎ নাথ।। 

  ছিপাঝাৰ,(দৰং)  ।।

অবদমন:নিজৰা বৰ্মন ডেকা

 অণুগল্প

       অবদমন 



  স্বপ্নালীৰ আজি মনত দুখ নাই যদিও তাই স্কুলৰ পৰা বনভোজলৈ যোৱা দলটোৰ লগত যাব নোৱাৰিলে । মাকে মহাজনৰ পৰা এহেজাৰ টকা অগ্ৰিম ধন আনি তাইক বনভোজলৈ যোৱাৰ বাবে দিলে , কিন্তু কোমলবয়সীয়া স্বপ্নালীয়ে  মাকক ক'লে 

:থাওক দিয়া মা টকাটো তোমাৰ হাতত । মই বনভোজলৈ নাযাওঁ, পৰীক্ষা সম্মুখত , ঠাণ্ডা খাই অসুখ হ'লে পৰীক্ষা বে‌য়া হ'ব ।

:"কিয় নেযাবা মাজনী , তোমাৰ বান্ধৱী হঁত যাব , তুমিও যোৱা আকৌ 

:নালাগে মা, মহাজনৰ পৰা অনা সেই এহেজাৰ টকা হেজাৰ ঘূৰাই দি আহিবা । নহ'লে টকাৰ ধাৰ মাৰিবলৈ পুহ মহীয়া ঠাণ্ডাত বেছি সময় কাম কৰি তোমাৰ অসুখ মাতিবা । মাকে তাইৰ মুখলৈ  একেথৰে চাই থাকিল , সৌ সিদিনা আঙুলিত ধৰি খোজকাঢ়ি থকা ছোৱালী জনী কেতিয়া বাৰু ইমান ডাঙৰ হ'ল । আনন্দ আৰু দুখৰ সমাহাৰত মাকৰ দুগালে  দুধাৰি অশ্ৰু নিগৰি আহিল ।


✍️নিজৰা বৰ্মন ডেকা

নৱবৰ্ষ:শ্ৰী ৰূপেশ্বৰ ফুকন

নৱবৰ্ষ



      নৱ নৱ  বৰ্ষৰ আদৰণি

                 নৱ স্পৰ্ষৰ শুভকাংশী

                    নৱ বৰ্ষৰ এপাহি হেপাহৰ

                          ফুলা ফুলৰ যেন পাপৰি

                               নৱ  বৰ্ষৰ আদৰণি

      নৱ নৱ  বৰ্ষৰ আদৰণি 

                    নৱ শুভেচ্ছাৰ শুভবানী

                          নৱ বৰ্ষৰে এচাতি মলয়া

                       জাতি উপজাতি ৰ স্মৃতিৰে

                                 নৱ বৰ্ষৰ আদৰণি  

       নৱ নৱ  বৰ্ষৰ আদৰণি            

                    নৱ নৱ নন্দিনিৰ স্তপ্দৰ হিয়া

                            নৱ বৰ্ষৰে জিলিকনিৰ

                         সেউজী ধৰাৰ ঐশৰ্য্যৰ  

                  শোভা হওক নৱ বৰ্ষৰ                                               আদৰণি ৷৷



লিখক :- শ্ৰী ৰূপেশ্বৰ ফুকন

               দুলিয়াজান, বাম হুকুতা 

                জিলা ডিব্ৰুগড়

                 ম. ৯৪৩৫৩৯২৯২৮

                  পিন- ৭৮৬৬০২

ঢেঁকী:ৰাজ ৰাহুল

 ঢেঁকী

                ✍️ ৰাজ ৰাহুল 

                                



ঢেঁকী--

আপুৰুগীয়া সম্পদ অসমীয়াৰ

গ্ৰামীণ জীৱনৰ  অহংকাৰ--!

যাৰ  ঘৰত কাহিলীপুৱাতেই

মাত শুনা যায় ঢেঁকীৰ

সেই ঘৰতে থাকে হেনো লখিমী বোৱাৰী--!

বিহু  আহিলে  কথাই নাই

ঢেঁকীৰ মাতত গাঁওবোৰ ৰজন্ জনায়।

চিৰা, পিঠাৰ আয়োজনত

জীয়ৰী-বোৱাৰীহঁতৰ

তৰণি  নোহোৱা হয় গাত।

ঢেঁকীত উলিওৱা চাউলেৰে ৰন্ধা ভাতৰ তৃপ্তি

কোনে  বুজি পায় ?

মাথোঁ বুজি পায় চহা অসমীয়াই--!


আচৰিত লাগে--

কোনে বাৰু প্ৰথম সাজি উলিয়ালে

এনে প্ৰয়োজনীয় সৰল সঁজুলি ?

হয়তো কোনো কৃষকেই ইয়াৰ জন্মদাতা

যি উপলব্ধি কৰিছিল ইয়াৰ আৱশ্যকতা।


আৰম্ভ হ'ল নগৰীকৰণ

শাৰীৰিক পৰিশ্ৰম লঘু কৰাৰ চিন্তাই

ধুই পেলালে মানুহৰ মন-মগজু--!

মেচিনত খুন্দা হ'ল ধান,চিৰা পিঠা

গৃহিণীৰ শ্ৰম লঘু হ'ল

ঢেঁকীৰ প্ৰয়োজনীয়তা কমি গ'ল

ভুল হ'লেও নধৰিবা জগৰ

সঁচাকৈ কৈছোঁ--

গাঁৱৰ মহিলাৰ চৰ্বী বাঢ়ি গ'ল

পুৱা-গধূলি খোজ কাঢ়িও

ৰক্ষা নোপোৱা হ'ল--!


এৰা,

গাঁৱত  এতিয়া

ঢেঁকীৰ মাত আপুৰুগীয়া হ'ল

ছবি হৈ ৰ'ব  ঢেঁকী

উত্তৰ পুৰুষে সুধিব ঢেঁকী মানে কি...।


              

কন্যা সন্তান জন্ম হোৱাত দোষ মহিলাৰ নে?

🔴কন্যা সন্তান জন্ম হোৱাত দোষ মহিলাৰ নে?



বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ ক্ষীপ্ৰ উন্নতিৰ লগে লগে বিজ্ঞানে দাঙি ধৰিছে সময়ৰ অগ্ৰগতিত আমাক বিবিধ বিবিধ তথ্য।যিমানেই বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ উন্নতি নহওঁক কিয় এতিয়াও জানো কিছুমান কু-সংস্কাৰ আমাৰ মাজত প্ৰচলিত নহয়? সময়ৰ অগ্ৰগতিত মানুহৰ বৈজ্ঞানিক মানসিকতা বৃদ্ধি পাইছে হয়, কিন্তু কিছুমান অন্ধবিশ্বাস তথা কু-সংস্কাৰৰ কৱলত পৰি এতিয়াও আমাৰ সমাজখন সম্পূৰ্ণৰূপে নিকা হোৱা নাই। আজিৰ বিজ্ঞানৰ যুগত অন্ধবিশ্বাসে এচাম লোকক তল পেলোৱাতো আমাৰ বাবে অতি দুখৰ বিষয়। এইটো সঁচা কথা, বিজ্ঞানৰ যুক্তিৰ বলত আমি নানা তত্ত্ব উদ্ঘাটন কৰি আমাৰ জীৱন মাৰ্গ মসৃণ কৰি তুলিছোঁ।
কিন্তু আমি সকলোৱে জানো অন্ধবিশ্বাসৰ কাঁইটয়া বান্ধোনৰ পৰা মুক্তি লাভ কৰিব পাৰিছোঁ? ইয়েই আমাৰ সমাজখন খুলি খুলি খাইছে।মহিলাসকলে লাঞ্চনা,গৰিহণা খাই সকলোবোৰ নিৰৱে মূৰ পাতিছে।
       আমি কেৱল কাৰোবাৰ ওপৰত দোষ জাপিবহে জানো। কিছুমান কথাৰ সত্য উদ্ঘাটন কৰি আমি কেইজনে সমাজৰ পৰা এনেধৰণৰ নেতিবাচক চিন্তাধাৰা আঁতৰাব চেষ্টা কৰিছোঁ? তাৰ বিপৰীতাৰ্থে আমি নেতিবাচক চিন্তাধাৰাতেই সমৰ্থন জনাই কাৰোবাৰ হৃদয়ত দিছোঁ আমি প্ৰচণ্ড আঘাত।
        বৰ্তমান বিজ্ঞানৰ যুগ বুলি আমি চিঞৰি থাকিলে নহʼব। বৈজ্ঞানিক মানসিকতাৰে নিজে শুদ্ধ হোৱাৰ লগতে আন দহজনৰো চকু মুকলি কৰিব পাৰিব লাগিব।
      এই যে আমাৰ বিশেষকৈ গাঁৱলীয়া সমাজত কাৰোবাৰ ছোৱালী সন্তান জন্ম হʼলে মাতৃগৰাকীকে দোষী সজাই নানা গৰিহণা দিব ধৰে।
"আজিলৈকে দুটা/তিনিটা সন্তান জন্ম দিলে, অথচ লʼৰা এটা জন্ম দিব নোৱাৰিলে।"
শুনিবলৈ নীচ যদিও এনেধৰণৰ কথোপকথন আমাৰ সমাজত বহুলভাৱে প্ৰচলিত।কেৱল মাতৃগৰাকীৰ ওপৰতে দোষ জাপি মাতৃগৰাকীৰ হৃদয়ত বুজাব নোৱাৰা দোষ জাপি দিয়ে।চাইছে জানো তেওঁলোকে প্ৰকৃত কথাবোৰ বৈজ্ঞানিক দৃষ্টিভঙ্গীৰে চালি-জাৰি? যদি কেনেবাকৈ জানোও মানুহবোৰক বুজনি দিয়াৰ সলনি মহিলাগৰাকীয়ে দোষাৰোপ কৰাত নিজেও যোগ দিছোঁ। সমাজখনৰ উন্নতি হʼব জানো এনেকৈ? 
           মানুহৰ শৰীৰত ২৩ যোৰ ক্ৰমজʼম থাকে।তাৰে ২২ যোৰে আমাৰ মানৱ দেহ গঠন কৰে আৰু ১ যোৰ হৈছে লিংগ নিৰ্ণায়ক ক্ৰমজʼম। পুৰুষ আৰু মহিলা উভয়ৰ ক্ষেত্ৰতে ২২ যোৰ ক্ৰমজʼম একেই থাকে কিন্তু লিংগ নিৰ্ণায়ক ক্ৰমজʼমযোৰ ভিন্ন হয়। মহিলাৰ ক্ষেত্ৰত লিংগ নিৰ্ণায়ক ক্ৰমজʼম XX যোৰা পাতি থাকে আৰু পুৰুষৰ ক্ষেত্ৰত XY ক্ৰমজʼম যোৰা পাতি নাথাকে।কাৰণ পুৰুষৰ ক্ষেত্ৰত X ক্ৰমজʼমডাল দীঘল আৰু Y ক্ৰমজʼমডাল ছুটি হয়। যদিহে যোজন কোষত পিতৃৰ X ক্ৰমজʼম আৰু মাতৃৰ X ক্ৰমজʼমৰ মিলন হয় , তেন্তে সেই সন্তান ছোৱালী হয় । অন্যথা পিতৃৰ Y ক্ৰমজʼম আৰু মাতৃৰ X ক্ৰমজʼমৰ মিলন হয়, তেন্তে সন্তানটি লʼৰা হয়। 
সন্তান লʼৰা বা ছোৱালী হোৱাতো মাতৃৰ ওপৰত নিৰ্ভৰ নকৰে। নিৰ্ভৰ কৰে পিতৃৰ Y ক্ৰমজʼম আৰু মাতৃৰ X ক্ৰমজʼমৰ লগত মিলন হোৱাৰ ওপৰত।  
       যদি মাতৃৰ ওপৰত নিৰ্ভৰ নকৰেই , তেন্তে কিয় একাংশ মাতৃ গৰিহণাৰ বলি হʼবলগীয়া হৈছে ? বৰ্তমান সময়ত বিজ্ঞানৰ অৱদানৰ ফলত বহুতৰ চকু মুকলি হৈছে হয় কিন্তু একাংশ আজিও আছে এইবোৰ কথাৰ অজ্ঞাত হৈ। সেয়ে তেওঁলোকে মাতৃগৰাকীকে দোষ দি সমাজখন কলূষিত কৰি আহিছে।প্ৰকৃততে আমি সকলোবোৰ কথাই যুক্তিৰে বিবেচনা কৰি চোৱা উচিত। তদুপৰি আজিৰ যুগত লʼৰা আৰু ছোৱালী সকলো সম। ছোৱালী জন্ম হʼল বুলিয়েই দোষ কৰিবলগা একো নাই। আজিৰ যুগত মহিলায়ো সমানেই পুৰষৰ লগে লগে আগুৱাই যাব পাৰিছে।
        যি কি নহওঁক।আমি সকলোৱেই প্ৰতিটো কথা যুক্তিৰে বিবেচনা কৰা উচিত।কন্যা সন্তান জন্ম হʼলে মাতৃগৰাকীৰ ওপৰতে দোষ জাপি দিয়াতো এক অতি অযুক্তিকৰ কথা।আমি সকলোৱেই এনেবোৰ নেতিবাচক চিন্তাধাৰাৰ বিৰোধিতা কৰি সমাজখন সত্য আৰু শুদ্ধ নিকা পথেৰে আগুৱাই লৈ যাবলৈ চেষ্টা কৰা উচিত।

                                    ✍️কল্পনা বৰা 
                             -- দ্বাদশ শ্ৰেণী, বিজ্ঞান শাখা
             --দেৱৰাজ ৰয় মহাবিদ্যালয়, গোলাঘাট 

নীলিম আকাশ:পৰাগ জ্যোতি দাস

 নীলিম আকাশ 



আকাশ 

তুমি ইমান সুবিশাল কিয়?

তোমাৰ এই বিশালতাৰ

সুযোগ লৈ মেঘে গিৰ-গিৰাইছে 

আৰু কণমানি পখীবোৰেও উলাহতে গীত জুৰিছে তোমাৰ বুকুত ।

তোমাৰ বুকুতেই

প্ৰকৃতিয়ে ন ৰূপ লৈছে ।আকাশ তুমি ইমান নীলিম কিয়?

নীলিম আকাশখন চুবলৈ যে 

মোৰ যে কিমান হাবিয়াস

তোমাৰ গভীৰতাত পোত গৈ 

থাকে হাজাৰ হাজাৰ  ডাৱৰ 

আৰু হেজাৰজনৰ জীৱন জীয়াৰ স্বপ্ন।

আকাশ তুমি ইমান নীলিম কিয়?


      🖋️ শ্ৰী পৰাগ জ্যোতি দাস 

             একাদশ শ্ৰেণী 

        ঢকুৱাখনা ,লখিমপুৰ

জীৱন:অভিমানী ছোৱালী অনুস্কা

জীৱন       



হেৰাই যোৱাবোৰৰ মাজত আকৌ

নতুনক বিচাৰোঁ,

যত সকলোবোৰ শেষ হয়

তাতেই আকৌ আৰম্ভণি কৰোঁ!

সময় সলনি হোৱাৰ লগে লগে

সকলো সলনি হয় ,

কিন্তু কেতিয়াবা সকলো সলনিয়েই

সময়ক সলনি কৰে।

কেতিয়াবা নিজৰ মাজতে নিজক

বিচাৰি হাহাকাৰ কৰি উঠো,

ক'ত হেৰাই গল মোৰ অস্তিত্ব!

সূৰুযৰ আধানৰ দৰে উজলিব

খোজা মইজনী,

সৰাপাতৰ দৰে কৰবাত 

পৰি থাকিলো।

জীৱনটো বৰ আমনি লগে

মাজে সময়ে,

সকলো শেষ কৰি

নিজকো শেষ কৰিব মন যায়,

তেতিয়াই মনত পৰে

শেষ হলে চোন আকৌ আৰম্ভণি হ'ব!


            ✍️অভিমানী ছোৱালী অনুস্কা

                                    দশম শ্ৰেণী

               নৱজ্যোতি জাতীয় বিদ্যালয়

                               চামতা ( নলবাৰী )

অসম গৌৰৱ চাহ খেতিত এপলক:নৱজ্যোতি তামুলী

 অসম  গৌৰৱ চাহ খেতিত এপলক


                      নৱজ্যোতি তামুলী 

                       বৰডুমচা ,তিনিচুকীয়া

ৰাতিপুৱা শুই উঠিয়েই আমি প্ৰায় সকলোৱেই একাপ চাহৰ কথা মনত পেলাওঁ ,লাগিলে  ব্যক্তিবিশেষে সেই কাপ চাহ গাখীৰ চেনি মিশ্ৰিতও হ'ব পাৰে নাইবা এবাতি ৰঙা চাহো হ'ব পাৰে ,কিন্তু চাহ একাপ লাগিবই | ঠিক তেনেকৈ গধূলিও আমাৰ একোকাপ চাহলৈ মনত পৰে| বহু লোকে আকৌ দিনটোত পাঁচ ছয় বাৰো চাহ খায় |

কিনো থাকে বাৰু এই মায়াবী চাহকাপত ?

এই বস্তুটো আমাৰ মাজলৈ ক'ৰ পৰা কেনেকৈ আহিল অলপ জানিবলৈ চেষ্টা কৰোঁচোন আহক |


ইতিহাসত চাহগছ

---------------

প্ৰকৃতিৰ বিশাল বক্ষৰ পৰা মানুহে চাহ গছক ঠিক কেতিয়া বিচাৰি উলিয়াই ব্যৱহাৰ কৰিবলৈ শিকিলে তাক সঠিককৈ কোৱা টান |

এইক্ষেত্ৰত ভিন্নজনৰ ভিন্ন মত থাকিলেও খ্ৰীষ্টপূৰ্ব ২৭৩৭ ৰ পৰা যে চীন দেশত চাহপাত ব্যৱহাৰ হৈ আহিছে  এতিয়া সেই কথা সকলো পণ্ডিতে মানি লয় | চীন দেশৰ বুৰঞ্জীবিদ সকলে অনুমান কৰে যে  ২৭৩৭  খ্ৰীষ্টপূৰ্বত শ্ব্যেন নুং নামৰ এজন প্ৰসিদ্ধ ৰজাই ৰাজত্ব কৰিছিল আৰু তেৱেঁই প্ৰথম চাহগছ আৱিস্কাৰ কৰিছিল |সম্ৰাটে নিজ চাহ বিষয়ক এখনি গ্ৰন্থ লিখিছিল | গ্ৰন্থখনৰ নাম আছিল --পে'নটচাও (ᴩᴇɴᴛꜱᴀᴏ) |পুথিখনত চাহ গছক এবিধ বনৌষধি বুলি চিনাকি দিছিল আৰু ইয়াৰ ব্যৱহাৰে  বিভিন্ন ধৰণৰ বেমাৰ ভাল হয় বুলি পৰিচয় দিয়া হৈছিল |

কিন্তু কালৰ সোঁতত এই গ্ৰন্থৰ কোনো তথ্য থাকি নগ'ল | 

যিহেতু সেই সময়লৈ অৰ্থাৎ আজিৰ পৰা প্ৰায় চাৰে চাৰিহাজাৰ বছৰৰ আগতেই চীনা সমাজত চাহে এক বিশেষ স্থান দখল কৰিছিলেই গতিকে সেই বিষয়ে বিভিন্ন জনে চাহ বিষয়ক গ্ৰন্থ লিখি উলিয়াইছিল |

চীনা সাধুকথাবোৰতো চাহ বিষয়ক কথাই স্থান পাইছিল |

এইখিনিতে উল্লেখ কৰিব পাৰি যে ভাৰতীয় সংস্কৃত সাহিত্যৰ অপাৰ সমুদ্ৰৰ ক'তো চাহৰ বিষয়ে উল্লেখ নাই |বেদ ,উপনিষদ,ৰামায়ণ ,মহাভাৰত আদিৰ ক'তো চাহখোৱাৰ কথা পঢ়িব লৈ পোৱা নাযায় |সোমৰসৰ কথাহে পোৱা যায় | ইয়াৰ পৰা অনুমান কৰিব পাৰি যে সেই সময়লৈ চীন দেশৰ লগত ভাৰতবৰ্ষৰ  নিশ্চয় কোনো সম্পৰ্ক ঘটা নাছিল !

           বছৰ বাগৰিছিল ,চাহেও মানুহৰ হৃদয় জয় কৰিছিল |  চীনদেশৰ পৰা চাহ গৈ অন্য ঠায়ো পাইছিলগৈ |

           তেতিয়ালৈ  চাহ বিষয়ক বহুকেইখন পুথিও লিখা  হৈছিল যদিও সভ্য সমাজত   ৭৮০ খ্ৰীষ্টাব্দত লিখা " ᴄʜᴀ ᴄʜɪɴɢ "নামৰ গ্ৰন্থখনে  বিশেষ সমাদৰ পাইছিল |গ্ৰন্থখনৰ লেখক আছিল সেই সময়ৰ চাহখেতিৰ বিশেষজ্ঞ লু য়ু ( ʟᴜ ᴇᴜ ) |

   ᴄʜᴀ ᴄʜɪɴɢ গ্ৰন্থত চাহৰ বিষয়ে বৰ্ণনা আছিল এনেদৰে.... " দুই ফুটৰ পৰা পঁচিশ ফুট পৰ্যন্ত এই গছ ওখ হ'ব পাৰে |পাথৰ ভাগি গুৰি হৈ হোৱা মাটিয়েই এই খেতিৰ বাবে উপযোগী |এই গছৰ কুমলীয়া পাত সিজাই খালে মগজু ঠাণ্ডা থাকে  আৰু শৰীৰৰ গাঁঠি আদিত বিষ হ'লে  এই পানী খালে বিষ দূৰ হয় |  এই পানীয়ে তৃষ্ণা দূৰ কৰে আৰু টোপনীৰ ভাৱ নাইকিয়া কৰে |" ইত্যাদি |

   প্ৰায় খ্ৰীষ্টীয় ষষ্ঠ শতিকালৈকে চীনা সকলে চাহপাতক ঔষধি হিচাপে ব্যৱহাৰ কৰিছিল |

   ষষ্ঠ শতিকাৰ শেষৰ ফালৰ পৰাহে চীনাসকলে চাহক পানীয় হিচাপে ব্যৱহাৰ কৰিবলৈ লৈছিল |

সময় বাগৰিল | চাহে  জাপান,তীৰ্ব্বত,ভুটান আনকি সাত সাগৰ তেৰ নদী পাৰ হৈ ইউৰোপৰ দেশ সমূহতো বিয়পি পৰিল |

৫৯৩ খ্ৰীষ্টাব্দত জাপানত , সপ্তম শতিকাত তিৰ্ব্বতত ,আৰু প্ৰায় সমসাময়িক ভাৱেই চাহ ভূটানতো বিয়পি পৰিছিল |


জাপানী ভাষাত ১১৯১ খ্ৰীষ্টাব্দত চাহ বিষয়ক পুথি প্ৰকাশ পাইছিল |১২০৩ খ্ৰীষ্টাব্দত ডাচ্চ ইষ্ট ইণ্ডিয়া কম্পেনীয়ে চীন দেশৰ লগত বাণিজ্যিক. আৰম্ভ কৰে আৰু চীনৰ চাহপাত নি ইউৰোপৰ দুখনমান  দেশত দিবলৈ ধৰে |

১৬১০ চনৰ আগলৈকে ইউৰোপীয়  বহু দেশে  চাহৰ বিষয়ে কোনো কথা গম পোৱা নাছিল |১৫৮৩ চনত লিংকষ্টেইন নামৰ এজন পতুৰ্গীজে জাপান ভ্ৰমণ কৰি এখনি পুস্তিকা প্ৰকাশ কৰিছিল আৰু সেই ভ্ৰমণ কাহিনীত চাহ যে এক সুস্বাদু পানীয় সেই কথাৰ বৰ্ণনা আছিল | লিংকষ্টেইনৰ ভ্ৰমণ কাহিনী ১৫৯৬ চনত প্ৰকাশ পায় আৰু সেই কাহিনী পঢ়িয়েই পশ্চিমীয়া দেশ বিলাকে  চাহৰ কথা জানিব পাৰিলে | লিংকষ্টেইনৰ ভ্ৰমণ কাহিনী ইউৰোপৰ সকলো ভাষালৈ অনুবাদ হয় আৰু চাহৰ বিষয়ে জানিবলৈ ইউৰোপীয় মানুহ ব্যগ্ৰ হৈ পৰে |

কিতাপখনত চাহৰ বিষয়ে লিখিছে এইদৰে...

"....... চীনা সকলে চাউলৰ পৰা তৈয়াৰী মদ খায় ,তাৰ লগতে মাংসও খায় |ইয়াৰ পিছতে মাটিৰ পাত্ৰত এবিধ গৰম পানীয় খায় |উতলা পানীত এবিধ গছৰ কুমলীয়া শুকান পাত দি সেই পানীয়  তৈয়াৰ কৰে | সেই পানীয়খিনিক তেওঁলোকে হীৰা মুকুতা সদৃশ জ্ঞান কৰে "।

  ইংলণ্ডত১৬৬৪ চনৰ পিছতহে চাহৰ প্ৰবেশ ঘটে | সেই সময়লৈ ᴅᴜᴛᴄʜ ᴇᴀꜱᴛ ɪɴᴅɪᴀ ᴄᴏᴍᴩᴀɴy গঠন হৈছিল আৰু তেওঁলোকেই ইংলেণ্ডলৈ প্ৰথম চাহ কঢ়িয়াই নিছিল |

ইংলেণ্ডলৈ প্ৰথম চাহপাত কেনেদৰে আমদানি হৈছিল তাৰ বিৱৰণ  উইলিয়াম ৰবিন্সনৰ ᴀ ᴅᴇꜱᴄʀɪᴩᴛɪᴠᴇ ᴀᴄᴄᴏᴜɴᴛꜱ ᴏꜰ ᴀꜱꜱᴀᴍ নামৰ গ্ৰন্থত এনেদৰে পোৱা যায়."...ᴛʜᴇ ʟᴇᴀꜰ ᴡᴀꜱ ꜰɪʀꜱᴛ ɪᴍᴩᴏʀᴛᴇᴅ ɪɴ ᴛᴏ ᴇᴜʀᴩᴏᴇ ʙy ᴛʜᴇ ᴅᴜᴛᴄʜ ᴇᴀꜱᴛ ɪɴᴅɪᴀ ᴄᴏᴍᴩᴀɴy ɪɴ ᴛʜᴇ ᴇᴀʀʟy ᴩᴀʀᴛ ᴏꜰ ꜱᴇᴠᴇɴᴛᴇᴇɴ ᴄᴇɴᴛᴜʀy,ʙᴜᴛ ɪᴛ ᴡᴀꜱ ɴᴏᴛ ᴜɴᴛɪʟ ᴛʜᴇ yᴇᴀʀ 1664 ,ᴛʜᴀᴛ ᴀ ꜱᴍᴀʟʟ qᴜᴀɴᴛɪᴛy ᴡᴀꜱ ᴄᴀʀʀɪᴇᴅ ᴛᴏ ᴇɴɢʟᴀɴᴅ........"| 

সেই চাহ খাই ইংলেণ্ডৰ মানুহে ইমানেই ভাল পাইছিল যে ৰূপৰ দেশ বিলাকত বাণিজ্যৰ বাবে মহাৰাণী এলিজাবেথে বাণিজ্যৰ পাতনি মেলে |

   চাহখেতিৰ বিষয়ে জানিবৰ বাবে ছাৰ যোফেচ বেংকে ১৭৯৩ চনত  চীন দেশ ভ্ৰমণ কৰে | 

   ১৮২৩ চনত  ৰবাৰ্ট ব্ৰুচে অসম ভ্ৰমণ কৰি চিংফৌ ৰজা বিচা গামৰ পৰা চাহ( ফালাপ ) খাইছিল আৰু চাহ গছৰ গুটিৰ বাবে চুক্তি কৰিছিল | 

    ১৮২৪ চনত মেজৰ ৰবাৰ্ট ব্ৰুচৰ মৃত্যু হোৱাত ভায়েক আলেকজেণ্ডাৰ ব্ৰুচে আগৰ চুক্তি অনুসৰি বিচাগামৰ পৰা গুটি আৰু পুলি সংগ্ৰহ কৰে |

    ইতিমধ্যে ইংলণ্ডত চাহ এক প্ৰিয় পানীয়লৈ পৰ্যবেশীত হৈছিল আৰু ঘৰে ঘৰে চাহৰ মেলা পৰিছিল | এনেকুৱা এটা সময়ো হৈছিলগৈ যে ঘৰত কাম কৰিবলৈ অহা শ্ৰমিকে দিনটোত কামৰ মাজত চাহ দিব নে নিদিয়ে চুক্তি কৰিহে হেনো কামত ধৰিছিল | তেনেদৰে চাহৰ আমদানি চলাৰ বাবে ১৮৩৩ চনলৈ  ᴅᴜᴛᴄʜ ᴇᴀꜱᴛ ɪɴᴅɪᴀ ᴄᴏᴍᴩᴀɴy য়েই কেৱল ইংলণ্ডলৈকে ৩ কোটি ১৮ লাখৰো অধিক পাউণ্ড চাহপাত যোগান দিবলৈ অৰ্ডাৰ পাইছিল 


ভাৰতবৰ্ষত চাহখেতি 

------------------

চাহৰ বাবে বিখ্যাত চীন দেশ আমাৰ দেশ ভাৰতবৰ্ষৰ  সীমাতে লাগি আছে  যদিও চীন দেশৰ পৰা আহি আমাৰ দেশ পাওঁতে চাহক বহু হাজাৰ বছৰ লাগিল |


এইখিনিতে এটা কথা উল্লেখ কৰিবই লাগিব যে বৰ্তমান সমগ্ৰ পৃথিৱীজুৰি একচ্ছত্ৰী বজাৰ দখল কৰি থকা চাহ অসমৰ চাহ যদিও অসমে চাহৰ খবৰ আৰু বজাৰ বহু দেৰিকৈহে পাইছিল |কিন্তু অসমৰ হাবিত পোৱা চাহ গছেই  এতিয়া খাই থকা চাহৰ কাৰণে সৰ্ব্বোত্তম বুলি বহু পণ্ডিতে ক'ব বিচাৰে |

চাহ গছৰ আদি জন্মস্থানক লৈ বহু পণ্ডিতৰ বহু মত থাকিলেও এই কথা সকলোৱে মানি লৈছে যে চীন দেশতেই প্ৰথমে চাহ আৱিস্কাৰ কৰা হৈছিল |আৰু তাতেই প্ৰথম ইয়াক খোৱাৰ উপযোগী কৰি তোলাৰ উপৰিও ব্যৱসায় হিচাপেও গঢ়ি তুলিছিল |

সেই যে ইংলণ্ডত চাহৰ প্ৰয়োজন বাঢ়ি হৈছিল  সেই অনুপাতে  ডাচ্চ ইষ্ট ইণ্ডিয়া কম্পেনীয়ে যোগান ধৰিব পৰা নাছিল | গতিকে পৰিক্ৰমী জাতি ইংৰাজে চিন্তা কৰিছিল যে ক'ত কেনেকৈ এই খেতি কৰিব পৰা যায় | ভাৰতবৰ্ষত চাহ খেতি আৰম্ভ কৰাৰ অন্য বহু কাৰণ আছিল যদিও এইটোৱেই প্ৰথম কাৰণ আছিল | কাৰণ  ইংৰাজে বিচৰা কিবা বস্তু  হাতত নাপাব ? এইটো কথা কেনেকৈ হ'ব ? হ'বই নোৱাৰ | সমগ্ৰ মেদিনী  চলাথ কৰি হ'লেও ইংৰাজে বিচৰা বস্তু পাবই লাগিব ' সেয়াই আছিল তেওঁলোকৰ নীতি |

গতিকে আমাক প্ৰয়োজন হোৱা চাহ আনে দিব নোৱাৰে নাই আমি নিজে উৎপাদন কৰিম |সেয়াই আছিল ভাৰতত চাহ খেতিৰ প্ৰথম  আঁচনি | সেই সময়ত ভাৰত ইংৰাজৰ অধীনতেই আছিল যদিও অসমৰ শাসন ভাৰ ইংংৰাজৰ হাতলৈ যোৱা নাছিল |গতিকে তেওঁলোকে ভাৰতৰ হাবি বননিত সেই চাহ গছ পায় নেকি তাৰ সন্ধানত লাগিল | সেই উদ্দেশ্যে বিহাৰ ,ৰংপুৰ আৰি কোচবিহাৰেই চাহখেতিৰ বাবে উপযোগী হ'ব বুলি এক আঁচনি লৈছিল |সেই আঁচনি বহু বছৰলৈ কিন্তু আঁচনি হৈয়ে থাকি গ'ল |

অৱশ্যে সামাজ্য বিস্তাৰ ,অধিক অৰ্থ সংগ্ৰহৰ নতুন উপায় আদি চিন্তা সমূহেতো কাৰক হিচাপে কাম কৰিছিলেই তাৰোপৰি প্ৰায় ১৮০০চন মানৰ পৰাই চীন দেশৰ লগত তেওঁলোকৰ বিনিময় প্ৰক্ৰিয়াত অলপ খেলি-মেলিয়ে দেখা দিছিল |

ইংলেণ্ডে আগতে চীনক চাহৰ সলনি কানিৰ যোগান ধৰিছিল পিছলৈ চীনে কানিৰ সলনি সোণ বা ৰূপৰ মুদ্ৰাৰে চাহৰ মূল্য দিয়াৰ দাবী জনাইছিল |সেই বাবেই ব্ৰিটিছ চৰকাৰৰ লগত চীনৰ সংঘাত বাঢ়ি আহিছিল |

এই সকলোবোৰ কথা চিন্তা কৰি ব্ৰিটিছ চৰকাৰে ভাৰতত চাহ খেতিৰ পৰিকল্পনা কৰিছিল |

 এই আঁচনি বহু আগৰে পৰা লৈছিল যদিও কাৰ্যকৰী নহৈছিল |১৭৮৮ চনতেই সেই সময়ৰ বিখ্যাত প্ৰকৃতিবিদ আৰু লণ্ডনৰ ৰয়েল বটানিকেল গাৰ্ডেনৰ ডাইৰেক্ট ছাৰ যোচেফ বেঙ্কচে   ইষ্ট ইণ্ডিয়া কম্পেনীক ভাৰতত চাহ ৰোপনৰ বাবে পৰামৰ্শ দিছিল  আৰু তেওঁ বিহাৰ ,কোচবিহাৰ আদি ঠায়ে চাহখেতিৰ বাবে উপযুক্ত ঠাই বুলি মত প্ৰকাশ কৰিছিল |

ঠাই নিৰ্বাচন হ'লেও বিভিন্ন কাৰণত ভাৰতত সেই সময়ত  চাহ খেতি আৰম্ভ হোৱা নাছিল |


       ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিমতে অসমৰ শাসনৰ ক্ষমতা ইংৰাজৰ হাতলৈ যায়  | তেওঁলোকে আগতেই অনুমান কৰিছিল যে অসম ,অৰুণাচলৰ হাবি বননিসমূহ বনজ তথা খনিজ সম্পদেৰে ভৰপূৰ |এতিয়া শাসনৰ ভাৰ নিজৰ হাতত পৰাত যুদ্ধংদেহী গতিৰে সেই কামত উঠি পৰি লাগিল |

   আগতেই কৈ অহা হৈছে যে চীন দেশৰ লগত ব্ৰিটিছ চৰকাৰৰ চাহ সম্পৰ্কীয় ব্যৱসায়িক লেন দেন বৰ এটা ভাল গতিৰে চলি থকা নাছিল সেয়েহে তেওঁলোকে চাহখেতিৰ বাবে উপযুক্ত মাটি বিচাৰি আছিল | সেই উদ্দেশ্যে ১৮২৫ চনত চাৰ্লচ আলেকজেণ্ডাৰ ব্ৰুছ আৰু  পি এন্দ্ৰু চাৰ্লটন নামৰ দুজন সামৰিক বিষয়াৰ ব্যক্তিগত প্ৰচেষ্টাৰে অসমৰ হাবিত চাহগছৰ অনুসন্ধান চলিল |প্ৰথমে তেওঁলোক এবাৰ  আহি ঠাইবোৰ পৰীক্ষা কৰি গুচি গ'ল | পিছত ১৮৩৪ চনত ব্ৰিটিছ চৰকাৰে গঠন কৰি দিয়া টি কমিটি আৰু খনিজ তথা বনজ সম্পদ অনুসন্ধান কৰিবলৈ গঠন কৰি দিয়া  দুজনীয়া  বৈজ্ঞানিক দলৰ  গাইড হৈ আহিল  ছাৰ আলেকজেণ্ডাৰ ব্ৰুচ |

   অদম্য সাহসী পুৰুষ আলেকজেণ্ডাৰ ব্ৰুচে লগত পি ,এন্দ্ৰু, চাৰ্লটন লগত লৈ  সেই দায়িত্ব পালন কৰিবলৈ নামি পৰিল | ৰ'দ ,বৰষুণ ,জাৰ , জহ নেওচি ,জোক জেলুকৰ কামোৰক আকোঁৱালি লৈ অসমৰ অচিন অটব্য অৰণ্যৰ মাজত চাহ গছৰ সন্ধানত নামি পৰিল |অৱশেষত উজনি অসমৰ হাবিত চাহ গছ বিচাৰি পালে | কিন্তু সেই সময়ৰ বহু আগৰে পৰাই উজনি অসমৰ খামতি ,টাইফাকে আদি  জনজাতীয় লোকে চাহ গছৰ পাত ব্যৱহাৰ কৰিছিল ,কিন্তু তেওঁলোকে সেই পাতৰ চাহ বুলি নকৈ তেওঁলোকৰ ভাষাত 'ফালাপ ' বুলি কোৱা হৈছিল | মন কৰিবলগীয়ায়া যে চিংফৌ ,খামতি ,টাই,তাংচা,খামজান আদি ফৈদৰ লোকসকলে এতিয়াও চাহগছৰ ফালাপ বুলিয়ে কয় | টাইসকলে চাহপাতক 'নিংগ ' আৰু চাহ পানীক  'নাম নিংগ 'বুলি কয় | তাংচা সকলে চাহপাতক ' নাগ্য ফালাপ ' বুলি কয় |

   বাৰু যি কি নহওক উনৈশ শতিকাৰ প্ৰথমাৰ্দ্ধতে অৰ্থাৎ ১৮২০ ৰ পৰা ১৮২৫ ভিতৰত আৱিস্কাৰ কৰা অসমৰ চাহক চাৰ্লচ আলেকজেণ্ডাৰ ব্ৰুচেই ভাৰতবৰ্ষৰ মানুহক চিনাকি কৰাই দিলে | ইতিমধ্যে ব্ৰিটিছ চৰকাৰে চাহখেতিৰ বাবে অসমৰ বিভিন্ন ঠাই পৰীক্ষা কৰি প্ৰথমে  বৰ্তমান ডিব্ৰুগড় জিলাৰ চাবুৱা নামৰ ঠাইত চাহখেতি আৰম্ভ কৰিলে |

   জনশ্ৰুতি মতে চাহ বৈ চোৱা (হাল বোৱা )

   কাৰণেই ঠাই টুকুৰাৰ নাম চাবুৱা হ'ল | পিছলৈ অসমৰ উপৰিও নীলগিৰি , তামিলনাডু আদিতো এই খেতিৰ সম্প্ৰসাৰণ কৰিছিল |

    অসমৰ বৰাক , ব্ৰহ্মপুত্ৰৰ উৰ্বৰা সাৰুৱা ভূমিৰ বহু হাজাৰ হেক্টৰ মাটিত ব্ৰিটিছ চৰকাৰে ৰোৱা  চাহ বাগিছা এতিয়াও  আছে |  মাত্ৰ মালিকীস্বত্ব  বদলি হৈছে |

    অসমৰ মনিৰাম দেৱানে ব্ৰিটিছৰ অধীমৰ বাগিচাত দেৱানৰ কাম কৰিছিল আৰু পিছলৈ নিজাকৈ চাহ বাগান হৈছিল | অৰ্থাৎ চিনামৰা আৰু চেংলুং নামৰ চাহ বাগিছা দুখন কিনি লৈছিল |

    মনিৰাম দেৱানেই হ'ল অসমৰ প্ৰথম চাহ খেতিয়ক | ইয়াৰ পিছত আৰু অসমৰ থলুৱা লোক সকল কৈ থকা নাছিল  যদিও ব্ৰিটিছে থলুৱা মানুহক চাহ বাগান খুলিবলৈ দিয়া নাছিল |

    কিন্তু অসমীয়া সকল হাত সাঁচি বহি থকা নাছিল ,তেওঁলোকেও ন উদ্যমেৰে কামত ধৰিছিল |  ইয়াৰ পিছত  অসমৰ দ্বিতীয়জন চাহখেতিয়ক হ'ল ৰোষেশ্বৰ বৰুৱা আৰু  তৃতীয় জন হ'ল  ৰায়বাহাদুৰ  বিষ্টুৰাম বৰুৱা | জগন্নাথাৰ পিছতেই আৰুৱবহু চাহ খেতিয়ক ওলাল | সেই সমূহৰ ভিতৰত  শিৱৰাম বৰা ,সৰ্ব্বানন্দ বৰা  ,যোগেশ্বৰ শৰ্মা ,হৰিবিলাস আগৰৱালা ,হেমেন্দ্ৰ প্ৰসাদ বৰুৱা ,ৰাধাকান্ত সন্দিকৈ ,কৃষ্ণকান্ত বৰুৱা ,দেৱীচৰণ বৰুৱা আদিয়ে প্ৰধান |ভাৰতৰ আন প্ৰদেশৰ আহিও বহুতো ব্যক্তিয়ে চাহ বাগিছা খুলিছিলহি আৰু এতিয়াও সেইবোৰৰ কোনো কোনো খন আছেই |সেইসকলৰ ভিতৰত জালান ,কানৈ ,আদিয়েই প্ৰধান | এইসকলৰ বহু  হাজাৰ হেক্টৰ জোৰা মাটিৰ চাহ বাগান আছিল  কিন্তু আজি আমাৰ  অঞ্চলৰ সকলোৰে গাঁৱে গাঁৱে থকা পাঁচ দহ বিঘা বাগানৰ কথাটো সৌ সিদিনা হে আহিছে |

    দেশ স্বাধীন হোৱাৰ  পিছতো আমাৰ দেশৰ চৰকাৰে অসমৰ বামমাটি থকা খেতিয়ক সকলক সৰু সৰু চাহ বাগিছা পাতিবলৈ দিয়া নাছিল | অৱশেষত ১৯৬৭ চনত গোলাঘাটৰ  সমাজবাদী পাৰ্টীৰ নেতা হিচাপে অসম বিধান সভা লৈ নিৰ্বাচিত হোৱা  নেতা  (প্ৰয়াত বৰ্তমান )মাননীয় সোনেশ্বৰ বৰাদেৱে  প্ৰথম কম কম  মাটিৰ মালিকক চাহখেতি কৰিব পৰাকৈ অনুমতি বিচাৰিছিল আৰু সেই সময়ৰ কংগ্ৰেছ চৰকাৰৰ মুখ্যমন্ত্ৰী গোলাপ বৰবৰাই তেখেতৰ প্ৰস্তাৱ মানি লৈ ক্ষুদ্ৰ খেতিয়ক সকলকো চাহ খেতি কৰিব পাৰিব বুলি অনুমতি প্ৰদান কৰিছিল |

    সেই তেতিয়াৰ পৰা  খেতি কৰা চাহখেতি  আহি  আজি আমাৰ পিৰালি পালেহি |

    

চাহ বাগিছাৰ ভিতৰত এভুমুকি

-------------------------

সাধাৰণতে ২৩ ৰ পৰা ৩৬ ডিগ্ৰীৰ উষ্ণতা থকা অঞ্চলৰ পানী জমা নোহোৱা মাটিত চাহখেতি ভাল হয় | অসমৰ বহু জিলাতেই চাহখেতি হয় যদিও ৰাজ্যৰ ভিতৰত উজনি অসমৰ তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাতেই ইয়াৰ উৎপাদন বেছি হোৱা দেখা যায় |

প্ৰথমে গছৰ গুটিৰ পৰাই পুলি প্ৰস্তুত কৰি চাহ পুলি  নিৰ্দিষ্ট  দূৰত্বত শাৰী পাতি পুলি ৰুই বাগান সাজিছিল |আজিকালি ডালৰ পৰা পাত কাটিং কৰিও পুলি প্ৰস্তুত কৰা হয় |আজিকালি বিভিন্ন নামৰ , বিভিন্ন গুণৰ , তথা বিভিন্ন মানৰ চাহ পুলি প্ৰস্তুত কৰি উলিয়াইছে ,যিবোৰৰ বছেৰেকীয়া উৎপাদন 

সাধাৰণ চাহতকৈ বেছি |

এবিধা মাটিত উন্নত মানৰ পুলি লগাই সু পৰিচালনা কৰিলে ২৫০০ কেজিৰ পৰা ৩০০০ কেজি কেঁচা পাত উৎপাদন হয় বুলি খেতিয়ক সকলে জানিবলৈ দিছে | 

বৰ্তমানে  অসমত প্ৰায়  ক্ষুদ্ৰ চাহ খেতিয়কৰ সংখ্যা (১বিঘাৰ পৰা  ১০০ বিঘাৰ বাগিছা থকা ) এক লাখ মান  আছে আৰু অসমৰ মুঠ  আশী লাখ মান মানুহ  এই উদ্যোগটোৰ লগত জড়িত হৈ আছে |



ফেক্টৰীত এপাক মাৰোঁ...

-------------------


বৰ্তমান চাহ এক বৃহৎ উদ্যোগ যদিও ইয়াৰ মূল কেঁচামাল আহে পথাৰৰ পৰা অৰ্থাৎ বাগিছাৰ পৰা |

উদ্যোগটোৰ লগত আওপকীয়াকৈ  আৰু বহুকেইটা উপ উদ্যোগ সোমাই থাকে |

বাগিচাত কাম কৰা শ্ৰমিকৰ  পাত তোলা টোপা ,ছাতিকে আদি কৰি কেঁচা পাত থবলৈ প্লাষ্টিকৰ বেগ ,এপ্ৰন ,আদিৰ বহু উপ উদ্যোগ গঢ় লৈ উঠিছে |

জৈৱ সাৰ ,কেঁচু সাৰ,ৰাসায়নিক সাৰ আদিৰ ফেক্টৰীবোৰো চাহ উদ্যোগৰ লগত বহু পৰিমানে নিৰ্ভৰশীল |

নিশ্চয় দেশৰ অৰ্থনীতিৰ কাৰণে এয়া শুভলক্ষণ | চাহপাত  বাগিছাৰ পৰা আৰম্ভ  কৰি ফেক্টৰী পাবলৈ এক দীৰ্ঘ প্ৰক্ৰিয়াৰ প্ৰয়োজন হয় |তাৰে প্ৰতিটো ঢাপতে গাড়ী ,মটৰ ,বনুৱা আদি জড়িত হৈ থাকি এক বৃহৎ সংখ্যক মানুহ এই উদ্যোগটোৰ লগত সংপৃক্ত হৈ থাকে |

সাধাৰণতে ৰ'দালি বতৰত ছিঙা শুকান কুমলীয়া  ৫ কেজি কেঁচা পাতৰ পৰা ১ কেজি শুকান চাহ পাত (আমি খোৱাৰ চাহপাত) প্ৰস্তুত হয় |ফেক্টৰীত পাতবোৰ শুকুৱা আৰু কটাৰ বিভিন্ন ধৰণৰ ওপৰত নিৰ্ভৰ কৰি চাহৰ নামো বেলেগ বেলেগ দিয়া হয় |


আকাৰ অনুযায়ী চাহৰ ভাগ এনেধৰণৰ 

=================

ʙʟɪꜱᴛᴇʀ. ---,বেছিকৈ লেৰেলালে  সোতোৰা পৰা চাহ

ʙᴀɪᴅ ====আকাৰ ডাঙৰ হ'লে

ʙʀɪɢʜᴛ===গাখীৰ মিহলালে জিলিকা চাহ

ʙʀᴏᴋᴇɴ ===বেছিকৈ টকা চাহ

ᴅᴜꜱᴛy===গুৰি চাহ

ɪʀʀᴇɢᴜʟᴀʀ===বহু আকাৰৰ মিশ্ৰিত চাহ

ꜰɪʙᴇʀ ===বুঢ়া পাতৰ বেছিকৈ আঁহ ওলোৱা চাহ  

ʟᴇɢɢy ===দীঘল ঠাৰিৰে সৈত্যে থকা চাহ

ɴᴇᴀʟ ===সমান আকাৰৰ দানা

ꜱᴀɴᴅy ===বালিমি হলি হৈ থকা চাহ 


সোৱাদ অনুসৰি চাহৰ ভাগ

==================


ʙᴀɢɢy ==বেয়া চ'তি কাপোৰত মেলি দিয়া চাহ

ʙᴀᴋᴇy ===বেছিকৈ তাপ দি শুকুৱাই


ʙᴏᴅy। === সঠিক স্বাদ  থকা 


ʙʀᴀꜱꜱy===সেৰেকা সোৱৰ চাহে 

ʙʀᴜɴᴛ ==পুৰি খোৱা চাহ

ᴄʜᴇᴇꜱy===আঠা জাতীয় পদাৰ্থ থকা চাহ


ᴄʜᴇꜱᴛy === সস্তীয়া কাঠেৰ নিৰ্মিত  চাহ বাকচৰ চাহ |


ᴄᴏᴩᴩᴇʀy =সুগন্ধি চাহ

ᴅᴜʟʟ ===ভুল পদ্ধতিত উৎপাদিত ক'লে চাহ

ᴄᴏʟᴏᴜʀy ===ৰংটো ধুনীয়া কিন্তু সোৱাদ নথকা চাহ


বজাৰত উপলব্ধ বিভিন্ন নাম ==

----------------------


সেউজীয়া চাহ ,সুগন্ধি চাহ ,উলং টি ,ইনষ্টেণ্ট টি ,টেবলেট টি ইত্যাদি |


চাহৰ ৰাসায়নিক যৌগ

++++++++++++++


চাহৰ বিভিন্ন ধৰণ অনুযায়ী ৰাসায়নিক যৌগ বেলেগ বেলেগ হোৱা দেখা যায় |

বিশেষকৈ প্ৰতি ১০০ গ্ৰাম চাহত ১১মি.গ্ৰাম ,পলিফেনল ,থিয়ানিন ,ক্লৰ'ফিল ,মিনাৰেচল আদি থাকে থাকে বুলি গৱেষক সকলে কয় |



উপহংসাৰ

=======

অসমৰ মুখ্য তিনিটা সমস্যাৰ চাহ উদ্যোগে সমাধান কৰিছে |


১) নিবনুৱা সমস্যা কমোৱা|


২) প্ৰদূষণৰ সমস্যা হ্ৰাস কৰা |


৩)বাণিজ্যৰ প্ৰতি অসমীয়ায়া লোকৰ জঠৰতা আঁতৰোৱা  |


 মহাসাগৰ সদৃশ চাহখেতি বা চাহ উদ্যোগৰ বিষয়ে লিখিবলৈ হ'লে ৰামায়ণ ,মহাভাৰতৰ দৰে এখন বৃহৎ কলেৱৰৰ গ্ৰন্থ  হ'বগৈ  |আমি ইয়াত মাথোঁ চাহগছৰ আৱিস্কাৰ পৰা কাৰক দেখি থকা চাহ কাপ লৈ যোৱা দীঘল পথটোৰ কেঁকুৰি কেইটামান মাত্ৰ চিনাকি কৰি দিছোঁ ,আগ্ৰহী সকলে নিজাকৈ বেলেগ বেলেগ গ্ৰন্থ পঢ়ি ,বিভিন্ন বাগিছা বা ফেক্টৰী সমূহলৈ গৈ অধ্যয়ন কৰিব পাৰিব |


 (তলত লেখাটো লিখিবলৈ সহায় লোৱা  গ্ৰন্থপঞ্জীৰ নাম দিয়া হৈছে |)

---------------------


১) দৈনিক জন্মভূমি বাতৰি কাকত 

২) প্ৰান্তিক  আলোচনী

৩)মনিৰাম দেৱান  ----বেণুধৰ শৰ্মা

৪)ᴀ ʜɪꜱᴛᴏʀy ᴏꜰ ɪɴᴅɪᴀɴ ᴛᴇᴀ ɪɴᴅᴜꜱᴛʀy

ʙy --ᴩᴇʀᴄɪᴠᴀʟ ɢʀɪꜰꜰɪᴛʜꜱ

৫) ʜɪꜱᴛᴏʀy ᴏꜰ ᴀꜱꜱᴀᴍ ᴄᴏᴍᴩᴀɴy---ʜ.ᴀᴜᴛʀᴏ

শেষ পাওনা:আমিৰ হুছেইন আহমেদ

শেষ পাওনা

             আমিৰ হুছেইন আহমেদ,



বকো বামুনবড়ী কামৰূপ (গ্ৰাম্য)

মনুষ্য জীৱন মাথোঁ ভঙা-গঢ়া

শ্বাস-প্ৰশ্বাস পৰম সম্পদ,

ডাল-পাতেৰে ভৰা এজোপা গছ

ছিন্নমূল হলে অৱশ্যম্ভাৱী বিপদ!


 দালান পকীঘৰ ক্ষণিকৰ আশ্ৰয়

 জীৱন জিৰণিৰ বেষ্টনী মাত্ৰ

জীৱিকাৰ বাটৰ সৰল সন্ধানেই

শেষ পাওনাৰ আচল সম্পদ !

বেঁকা পথ নৰকৰ ঘাই অস্ত্ৰ

পোন পথত মিলে নন্দন- কানন!


মনুষ্য ৰং বগা ক'লা-তেজ লোহিত

তেন্তে কিয় বৰ্ণ বৈষম্য ভিন্ন স্বভাৱ ?

স্ৰষ্টাই গাঁথি দিয়া এধাৰি মালা

পশুত্ব সুপ্তৰ বাবেই ঐক্যৰ অভাৱ !


একে নাওৰ যাত্ৰী একে কৰ্ম

মৰণ জয় কৰা প্ৰকৃত মনুষ্য ধৰ্ম

তেন্তে মৰণলৈ কিহৰ ভয় ?


ঈশ্বৰৰে আছে যাৰ পুৰ্ণ বিশ্বাস

ইহকাল পৰকালৰ অটুট বন্ধন

প্ৰভুৰ বঁটা-সজাৰ আত্মাৰ ছুটি

কবৰত কোনেও নকৰে সহগমন 

শ্ৰেষ্ঠত্বৰ চুক্তিৰ নাখাটিব যুক্তি !

_____________________________

তোলৈ বৰকৈ মনত পৰিছে:প্ৰগতি গগৈ চাংমাই,

 আই আজি নতুন ঘৰত প্ৰথম দিন

🔴তোলৈ বৰকৈ মনত পৰিছে

প্ৰগতি গগৈ চাংমাই, নাজিৰা


আই আজি তোলৈ বৰকৈ মনত পৰিছে অ'

নতুন ঘৰ, নতুন মানুহ

মোৰ মনত অহৰহ ভয় এটাই খোপনি পুতিছে

তোৰ অবিহনে যে মোৰ কোনো নাই 

পিতাই সিফলীয়া হোৱাৰ পাছৰে পৰাই

তোৰ দুহাতত খামুচি জীৱন জীয়ালোঁ

এতিয়া..….

এতিয়া তোৰ অবিহনে মই 

কেনেকৈ থাকিম এই নতুন ঘৰখনত?

নতুন ঘৰখনৰ মানুহবোৰক বুজি পাবলৈ সময় লাগিব আই

বুকুৰ ৰিক্ত আসনত 

তোৰ ঠাইত শাহু আইক বহাবলৈ

চেষ্টা কৰিছোঁ আই

তই কোৱাৰ দৰেই...

যিমান পাৰোঁ সহজ হ'বলৈ প্ৰয়াস কৰিছোঁ

আজিৰ পৰা এইখনেই  নিজৰ ঘৰ বুলি 

নিজকে পতিয়ন নিয়াইছোঁ।

আই ! 

ভাইটোক চাবি

সিয়েই এতিয়া তোৰ কণাৰ লাখুটি!

দুখ কৰি নাথাকিবি

আশীৰ্বাদ এজোলোকা দিবি 

সুখত থাকিবলৈ!

সিদ্ধান্ত:প্ৰগতি গগৈ চাংমাই

 সিদ্ধান্ত

 ණ প্ৰগতি গগৈ চাংমাই


এচিড লাগি ঘাঁ হোৱা ঠাইকেইটুকুৰা জ্বলা পোৰা কৰি উঠিল৷ বহুত কষ্টৰে তাই বিছনাতে পৰি আছে৷ কি আশা কৰিছিল , কি যে হৈ গ'ল! জীৱনটো খেলিমেলিৰে ভৰি ৰ'ল৷ সপোন দেখিছিল কমল-পদুমীয়ে৷ সিহঁতৰ এখন ঘৰ হ'ব সুখৰ! দুয়োটাই দুয়োটাকে মৰমেৰে উপচাই তুলিব! কিন্তু ভবাবোৰচোন হৈ নুঠিল৷ ভবাতেই থাকি গ'ল৷ ধনৰ দুখীয়া যদিও কমলে তাইক মৰমৰ অনুভৱ কৰিবলৈ দিয়া নাছিল৷ দুয়োটা সৰুৰে পৰা একেলগে ওমলি ডাঙৰ হৈছিল৷ আৰু সেই শৈশৱৰ সময়বোৰে প্ৰেমৰ ৰূপ দিছিল৷ দুয়োটাই ঘৰৰ মত লৈয়ে বিয়াত বহিল৷ সুখী হৈছিল দু়য়োটা মনে বিচৰা ধৰণে৷ কিন্তু সিহঁতৰ সুখকণ নিয়তিৰ সহ্য নহ'ল!

        দিনতে আৰ-তাৰ মুখত শুনিছিলে তাই চাৰিআলিটোত  হোৱা বোমা বিস্ফোৰণৰ কথা৷ কথাটোত তাই সিমান গুৰুত্ব দিয়া নাছিল৷ ৰাতি দেৰি হৈ অহাৰ লগে লগেহে তাই চিন্তাত পৰিল৷ ৰিক্সা চলাবলৈ গৈ কমল ইমানদেৰি কিয় অহা নাই? আনদিনাখন ইমানপৰ নকৰে৷ 

    বাহিৰত হৈ-হাল্লা শুনি তাই দুৱাৰ খুলি চালে৷ কোনোবা এটাক দাংকোলাকৈ মানুহ দুটামানে লৈ আনিছে৷ তাইৰ বুকুখন চিৰিংকৈ গ'ল৷ কোনোবা এটাই চাৰি বেটেৰীয়া টৰ্চ এটা জ্বলাই পোহৰ দেখুৱাই আনিছে৷ তাই উধাতু খাই লৰমাৰি গ'ল৷

      নাই-- তাই চিঞৰি উঠিল৷ এয়াটো কমলেই৷ ৰক্তাক্ত হৈ পৰা তাৰ গাটো দেখি তাই ঠাইতে জথৰ হৈ ৰ'ল৷


বিয়াৰ চাৰিমাহৰ পাছতে তাই বিধৱা হ'বলগা হ'ল৷ তাই দিশহাৰা হৈ পৰিল৷ গাঁৱৰ মানুহবোৰে  লাগি ভাগি কমলৰ কাজ-কৰ্ম কৰি দিলে৷

       খেৰী জুপুৰীটোত তাই তেনেই অকলশৰীয়া হৈ পৰিল৷ তাই তাঁত সুত সুন্দৰকৈ বব জানিছিল৷ তাকেই নিজৰ সম্বল কৰি ল'লে৷ কাপোৰ বিক্ৰী কৰিয়েই তাই চলিব ধৰিলে৷ দুই এটা মানুহে তাইৰ গাটোলৈ বৰ বেয়াকৈ চাই থাকে৷ সিহঁতৰ লোলুপ চাৱনি তাইৰ সহ্য নহয়৷ নিজকে চিৰিয়াখানাৰ কিবা এটা যেন লাগি যায়৷ 

    বিধৱা হ'লেও তাইৰ ৰূপ -যৌৱন কোনোপধ্যেই ম্লান পৰা নাছিল৷  তোলবুলীয়া দুগালেৰে তাইৰ সুন্দৰ মুখাৱয়ব,বৈ পৰা চুলি, দেহাৱয়ব…৷

এবাৰ চালে চকু ঘূৰাবলৈ টান হয়৷ মানুহবোৰে নানান কথা ৰচিবলৈ ধৰিলে তাইক লৈ৷ দিনত যিবোৰ মানুহে আনৰ আগত তাইৰ দোষৰ বৰ্ণনা কৰে ,সেইবোৰেই ৰাতি আহি তাইৰ দুৱাৰত ঠেলা মাৰে৷    বাঁহৰ দুৱাৰখন কেৰ্ মেৰাই উঠিলে তাইৰ বুকুখন শুকাই যায়৷ ভয়ত ঘামি উঠে৷ 

তথাপি তাই মনে মনে অসহায় হৈ বিছনাখনৰ এচুকত বহি ভগৱানকে ধিয়াই৷   


তাই বুজি পাইছিল তাইৰ ৰূপ যৌৱনৰ বাবেই মানুহবোৰে এনেকৈ কুট কথা ৰটনা কৰিছে৷ আৰু মানুহবোৰে কমলৰ মৃত্যুৰ সুবিধা লৈ তাইক ভোগ কৰিব বিচাৰিছে৷ 

        আজি তাই নিজকে শেষ কৰি দিবলৈ সিদ্ধান্ত লৈ পেলাইছিল 

৷ সেয়ে তাই এচিডৰ বটলটো কিনি আনিছিল৷ অলপমান গাত ছিটিকি পৰোঁতেই তাইৰ অন্তৰাত্মাই কৈ উঠিল যেন তাইক জীয়াই থাকিবলৈ সাহসেৰে৷ তাই তৎক্ষণাত বটলটো দলিয়াই পঠিয়ালে আৰু সিদ্ধান্ত ল'লে -তাই জীয়াই থাকিব? সংগ্ৰামেৰে৷

আজি দুপৰীয়া যেন তোমাক ভাবিলোঁ

 🔴আজি দুপৰীয়া যেন তোমাক ভাবিলোঁ

            ©ৰিম্পী দাস



আজি দুপৰীয়া 

মন ভাঙনীৰ প্ৰকাশেৰে -

চাৰি খুটিয়া কেৱল ছাঁদ লগোৱা ,

    ঘৰ খনৰ মেজৰ বহিলোঁ ।

কেনেকুৱা কেনেকৈ ভাঙিছে

      এই মোৰ উত্তপ্ত হৃদয়খন ,

ভালদৰে অনুভৱ কৰিব নোৱাৰিলো ;

নোৱাৰিলো প্ৰকাশ কৰিব ।

প্ৰতিখনেই ভাঙিছে অবিৰত 

      নিঃকন নিঃশব্দে ...

ধৰিবও নোৱাৰিলো খামুচিৰে ,

নোৱাৰিলো বান্ধিব দৰিৰে ।

কৰিবও নোৱাৰিলো মুখেৰে প্ৰকাশ ...

     বেদনা , বেদনা

আশান্ত , আশান্ত

অসীম , অসীম

সীমাহীন যেন যন্ত্ৰনা ।

চাৰিওফালে প্ৰকৃতিৰ কাতৰতা

বেলিৰ পোহৰ সোনালী বৰণ ,

মোকও যেন ৰাখিছে বৰণীয়াই ।

চৰাইবোৰ বাহত জিৰণিত 

মুখলৈ মধুৰীয়া মাত ,

তথাপি শান্ত পৰিবেশ ।

হঠাতে মোৰ কাষত 

আহি বহিছে এটা শালিক চৰাই ...

মনৰ দুখবোৰ যেন

মোক প্ৰকাশ কৰিছে ;

অকলে ভাঙি যোৱা

চুটি দেহাটোলৈ ।

বহু কথা যেন ডাঙিছে ,

বুজিও পাইছো যেন মই ।

চৰাইৰ মনৰ ভাষা

মইও বুজাকৈ মনৰ অনুভূতিৰে ,

ক'লো যেন তাক সাৱটি ।

       কিন্তু কেতিয়াও যে নহয় বন্দী 

কিমান যে অফুৰন্ত 

তাৰ কাষত মোৰ প্ৰকাশ থাকিল ।

   আকৌ হঠাতে উৰি গুচি গ'ল ,

মনৰ অজান্তে ।

গুণগুণাই কিবা যেন ,

ইংগিত ভৰাই থই গ'ল ।

    আকৌ এদিন অহাৰ 

অপেক্ষাত থাকিম 

বহু কথা কম 

হাঁহিম , মৌন হম ।

     দুয়োৰে  একেলগে দুখ-সুখৰ ,

পৰিচয় তুলিম 

আঁকিম বহু নক্সা ।

     কিন্তু আহিবনে ?

কেতিয়াবা .....

হুম্ তোমাৰ অপেক্ষাত থাকিম  ,

আজি দুপৰীয়া তোমাক যেন ভাবিলোঁ ।।

স্বাগতম নৱবর্ষ ২৹২৩

🆕নৱবৰ্ষ 

🔴স্বাগতম নৱবর্ষ ২৹২৩ 

ছেলিমা বেগম। 

জিলা নগাঁও 

ডাকঘৰ বলিকটীয়া 

পিন নম্বৰ 782122


 স্বাগতম’ স্বাগতম’ স্বাগতম দুহাজাৰ তেইশ 

বিগত বছৰটোত কৰা ভুলবোৰ  ৷


শুধৰণি কৰাৰ সময় আহিছে 

সময় আহে আৰু যায় ৷


গুচি যোৱা সময়ক কেতিয়াও

ওভতাই আনিব নোৱাৰি আমি৷


নিৰাশাবোৰ নাইকিয়া হৈ 

আশাবোৰ পূৰণ হওঁক ৷


সাঁচি থোৱা প্ৰতিটো সপোন 

বাস্তৱত পূৰণ হওঁক ৷


বিগত বচৰৰ মধুৰ মূহূৰ্তবোৰ 

স্মৃতিৰ মনিকুঠত ৰাখি ৷


নতুন বছৰৰ নতুন আশাৰে 

হেঁপাহৰে আগবাঢ়ি যাম ৷


নতুন বছৰত খোজ দিওতে 

নতুন সপোনবোৰ মনত বান্ধি ৷


নতুন বছৰত জীৱনৰ লক্ষ্য পূৰণ কৰি 

হাঁহি হাঁহি নতুন বছৰ পাৰ হওক ৷


দুখবোৰ অতীতক যোৱা পাহৰি 

সুখবোৰ নতুনক লোৱা আদৰি ৷


সফলতাৰ ফাকু চটিয়াই হাঁহি

আনন্দৰে ৰঙীন কৰি তোলক ৷


নতুন বছৰতে জাতি ’ ধৰ্ম নিৰবিষেশে

ভেদ ভাৱ’ শত্ৰুতাক নেওচি আহক ৷


আমি সুন্দৰ ভাবে গঢ়িতোলো 

এখন নিকা আৰু সুস্থ সমাজ ৷


©তাকে কামনা কৰি সকলো অসমবাসীক

নতুন বছৰৰ শুভেচ্ছা জনালোঁ ৷

অতীত:জাকিৰ হুছেইন

🔴 অতীত

কেতিয়াবা মন যায় 

জানা তোমাৰ নামলৈ

গীত এটি গাবলৈ কিন্তু  

গান যে মোৰ জীৱন নহয়!

                    এটা সময়ৰ সংগী

                      আছিল গীত,মাত ,প্ৰেম

                               তুমি দিয়া মৰম 

                               কিন্তু এতিয়া                                          নিসতদ্ধ হল!

গাবলৈ খোজু তোমাৰ 

নামৰ গীত, গাবলৈ 

পৰা নাই কণ্ঠ কঁপি উঠে 

সুৰবোৰ বিলীনহৈ কৰোৱাত !!

                   বাৰে বাৰে চেষ্টা কৰিছোঁ

             অতীতৰ সপোনবোৰ মুচিবলৈ

                                       কিন্তু                                        উজাগৰে যে নহয়, 

                                       আধৰুৱা

 হয়েই ৰৈ যায়!!

তোমাৰ স্মৃতি বুকুতলৈ

হাঁহিব বিচাৰে কিন্তু 

মিছাতে অভিনয় যে 

কৰিব চেষ্টাই নকৰোঁ!!

                           আধৰুৱা হৃদয়ে যে 

              হাই হাহাকাৰ কৰি বিচাৰিছে

                        কিন্তু কি কৰিম কোৱা 

                   তুমিয়ে বুজানাই মোক!!!

                    


                  ©জাকিৰ হুছেইন 

        #গাওঁ-মাহগুৰি ট্ৰাইবেল (জুৰীয়া)

         জিলা -নগাঁও (অসম )

   যোগাযোগ =+918139862693

সৰু কালতে বৰশী বাইছিলোঁ:এম.দেৱান ৰাজবংশী

🔴সৰু কালতে বৰশী বাইছিলোঁ 


     🖋️এম.দেৱান ৰাজবংশী । 

       ( কাকৈজানা : বঙাইগাঁও ) 




বাঁহবাৰীৰ আগ মৰা কুমলীয়া ভুলুকা বাঁহৰ পৰা 

বাষ্টপৰ পোক ধৰি বৰশীত আঁৰি লৈ

নাদৰ পানীত পেলাই দিছিলোঁ যিবোৰ নাদত

চেং গৰৈয়ে খেলা কৰি থাকিছিল নিৰ্ভয়ে আপোন মনে ।


তাহানিৰ বাৰিষা কালত  দংঙে দংঙে বৰশী বাই 

মই চেং গৰৈ মাছ ধৰিছিলোঁ

এটি দুটিকৈ হালোচনি ভৰাই ;

কেতিয়াবা এটাও নাপাওঁ ।


সেই মাছ কেইটা মই খেৰৰ জুইত পুৰিছিলোঁ 

মাছৰ পুৰা ক'লা বাকলিবোৰ 

ভালকৈ মচি মচি পিটিকা কৰি খাইছিলোঁ 

জলকীয়া পুৰা আলুত নিমখ দি সন্ধিয়াৰ চোতালত । 


চেং গৰৈ মাছ কেইটা আহু ধান খেৰৰ জুইত পুৰি থাকোঁতে

এটি অদ্ভুদ ছন্দৰ বাক্য শুনিছিলোঁ,

মাছ কেইটাৰ শোক মই বুজি পাইছিলোঁ 

তথাপি আধা গৰম ভাতৰ লগত

মাছৰ পিটিকাৰে আনন্দশ্ৰুৰে খালোঁ ;

সেই বাক্যটিৰ পম খেদি মই হাবাথুৰি খালোঁ ।


জীৱন:নৱজিৎ নাথ

🔴জীৱন

          ©নৱজিৎ নাথ, 

                    ছিপাঝাৰ,(দৰং)

 


জীৱন মানেই, 

এখন যুদ্ধক্ষেত্ৰ,যত থাকে,

  যুদ্ধ এক বিভীষিকা 

আৰু হেজাৰটা সংগ্ৰাম । 

এই সংগ্ৰামক নেওচি 

বীৰৰ্দপে যুঁজি যুঁজি

 জয়ী হৱ পৰা জনে 

জীৱনৰ প্ৰকৃত যোদ্বা।।        


জীৱন মানেই 

এখন যুদ্ধক্ষেত্ৰ, 

 যত থাকে মান,

অভিমানৰ অলেখ টোপোলা ।

আৰু একো একোটা বৰ্ণিল অধ্যায় ,

ৰহনাসনা স্মৃতি আৰু আবেগসনা 

      একোটা মিঠা ক্ষন ।।      


  জীৱন মানেই 

  এখন যুদ্ধক্ষেত্ৰ,

    যত থাকে জীৱনৰ 

 সুখ-দুখ,যত্ননা- বেদনা।

   এক বিশাল সাগৰ।।

 জীৱন সংগ্ৰামৰ সাগৰত ,

 সাঁতুৰি সাঁতুৰি এমুঠি সুখ

 আৰু নতুন আশাৰ সন্ধানত,      

 হাবা-থুবি কৈ পোৱা নানান 

    প্ৰত্যাহ্বান হ'ল জীৱন।। 


                    

নৱবৰ্ষৰ অনুভৱ:হাইছ উদ্দি আহমেদ

নৱবৰ্ষৰ অনুভৱ

                  হাইছ উদ্দি আহমেদ

                    নগাঁও



জীৱনত প্ৰেম নোহোৱাকৈ

জীৱনত ভালপোৱা নোহোৱাকৈ 

তোমাৰ জীৱনত কোন আছে কোৱাচোন,??


মই তোমাক প্ৰেম আৰু ভালপোৱাৰ কথা সুধিলেই চমক খাই উঠা কিয়??


হয়তো তুমি বহুত আঘাত পাইছিলা

নহ'লে তুমি প্ৰেমৰ আৰু ভালপোৱাৰ মহত্ব বুজিয়েই নোপোৱা


মই প্ৰেম অবিহনে জীয়াই থাকিবলৈ নোৱাৰোঁ

 হাঁহিমুখে স্বীকাৰ কৰিছোঁ বহুত বাৰ


তুমি ক'ত??কেতিয়া??

 হঠাতে নাইকীয়া হৈ যোৱা

মই বৰ চিন্তাত পৰি যাও


এতিয়া যোৱা তোমাৰ বাটেৰেই 

ময়ো যাত্ৰা কৰিম

যি বাটেৰে তুমি ভাল পোৱা

সেইটোৱেই মোৰ লক্ষ্য হ'ব বুলি ধৰি লম।


নতুনকৈ জীৱন জীয়াই থাকিবলৈ

আকৌ তোমাক মনে-প্ৰাণে ভাল পাবলৈ 

ক'ত বিচাৰি পাম??

প্ৰথম বছৰ,ডিচেম্বৰ মাহ,চতুৰ্থ সংখ্যা

জোনাকী
অসমীয়া সাপ্তাহিক ই-আলোচনী
প্ৰথম বছৰ,ডিচেম্বৰ মাহ,চতুৰ্থ সংখ্যা

সম্পাদকীয়,

জোনাকী সাপ্তাহিক ই-আলোচনীয়ে প্ৰথম বৰ্ষৰ চাৰিটা মাহ সফলতাৰে অতিক্ৰম কৰি দ্বিতীয় বৰ্ষত ভৰি দিছে। সময়ৰ জোখত এটা বছৰ একোৱেই নহয় যদিও ছপা মাধ্যমক প্ৰত্যাহ্বান জনাই ডিজিটেল মাধ্যমৰ, তাকো অসমীয়া ইউনিকোডত লেখা আলোচনী এখন নিয়মিত ৰূপত প্ৰকাশ কৰি যোৱাটো যথেষ্ট কষ্টকৰ কাম। তথাপিও জোনাকী(অসমীয়া সাপ্তাহিক ৱেব আলোচনী) পৰিয়ালৰ প্ৰতিজন সদস্যৰ ঐকান্তিক প্ৰচেষ্টাৰ বাবে আমি পাৰ হৈ যোৱা বছৰটোত প্ৰতিটো সংখ্যা সঠিক সময়ত সম্পূৰ্ণ মানদণ্ড ৰক্ষা কৰি পঢ়ুৱৈৰ সম্মুখলৈ উলিয়াই দিবলৈ সক্ষম হৈছিলোঁ। ডিজিটেল মাধ্যমৰ ই-আলোচনী জোনাকীলৈ পঢ়ুৱৈৰ উপযুক্ত সহাৰিয়ে আমাক বাৰুকৈয়ে উৎসাহিত কৰিছে আৰু এই উৎসাহক সাৰথি কৰিয়েই আমি আমাৰ ভৱিষ্যত পথৰ দিশ নিৰ্ণয় কৰি লৈছোঁ। অসমীয়া ভাষাৰ প্ৰসাৰ আৰু উন্নতিৰ বাবে আমাৰ সম্পাদনা সমিতি সদায় আগত থাকিব, এয়া আমাৰ আন্তৰিক প্ৰতিশ্ৰুতি।
সাহিত্যৰ পথাৰৰ সকলো সৃষ্টিৰ সফলতা নিৰ্ভৰ কৰে পঢ়ুৱৈৰ সহাৰিৰ ওপৰত। জোনাকীক জনপ্ৰিয় কৰি তোলা প্ৰতিজন পঢ়ুৱৈক সেয়েহে জনাইছোঁ আন্তৰিক ধন্যবাদ।

সদৌশেষত, সদৌটিলৈ আগন্তুক নৱবৰ্ষ আৰু ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা তথা ওলগ জনাইছো আৰু অজানিতে হ’ব পৰা আমাৰ সকলো দোষ-ক্ৰুটিৰ মাৰ্জনা বিচাৰি সমূহ পঢ়ুৱৈৰ মাজলৈ জোনাকী প্ৰথম বৰ্ষৰ  ডিচেম্বৰ মাহৰ চতুৰ্থ সংখ্যাটি এই বৰ্ষৰ শেষ  সংখ্যা ৰূপে আগ্ৰহেৰে আগবঢ়াই দিলোঁ।

                      ✍️ৰাহুল চেতিয়া

     মুখ্য সম্পাদক, জোনাকী



জোনাকী

(অসমীয়া সাপ্তাহিক ই-আলোচনী)

প্ৰথম বছৰ,ডিচেম্বৰ মাহ,চতুৰ্থ সংখ্যা

সূচীপত্ৰ
🔴  সাম্প্রতিক পৰিস্থিতিৰ কিছু কথা:
বাহাৰুল ইছলাম
🔴শেষৰ মাহ ডিচেম্বৰ:
শ্ৰী সুমন কাকতি
🔴শাৰদীয় অনুভৱলৈ প্ৰিয় জনলৈ চিঠি:
ছেলিমা বেগম
🔵অণুগল্প শিতান
তই সুখী হ'বি:ৰাজ ৰাহুল
অভাৱ:পৰাগ জ্যোতি দাস

⚫️কবিতা শিতান সমূহ:
🔵অন্য এক অনুভূতি:ৰাজিদুল ইছলাম
🔴জীৱনৰ ৰং:ৰাহুল চেতিয়া
🔴ঘূণে খোৱা ধান:চন্দ্ৰ শেখৰ পৰাজুলী
🔴ছন্দ বিহীন:হীৰামনি লাহন
🔴ৰাজপথৰ কাষতেই মোৰ ঘৰ:
চন্দ্ৰ শেখৰ পৰাজুলী 
🔴এটা প্ৰশ্ন সুধিছিলো: হীৰামনি লাহন 
🔴মোৰ উৰুখা পঁজাত জোনাক নামিব:
নিজৰা বৰ্মন ডেকা
🔴মাটি _ আৰু _ মানুহ:ৰাজ ৰাহুল
🔴সময়ৰ আহ্বান: নিজৰা বৰ্মন ডেকা
🔴সুখে মোক ক'লে:সমুজ্জ্বল ডেকা
🔴হে মহান অধ্যাপক জীৱন নৰহ:
শিল্পী দাস
🔴মানৱতা:জাকিৰ হুছেইন
🔴প্ৰেম বীণাৰ আহ্বান:মাৰ্জিনা বেগম
🔴প্ৰেমিক চৰাই মই:
হাউচ উদ্দিন আহমেদ

🔴সপোনৰ বৰ অসমে আজিও কান্দে :
বনজিত দাস 
🔴ভাল নেপায় বুলিও জানিও:
ধনঞ্জয় ৰায়,ধুবুৰী
🔴অভাৱ:কুকী মহন্ত
🔴 আকাল:গৌতম মালাকাৰ
🔴সময়ৰ প্ৰাচীৰতা: প্ৰিয়া বৰা , যোৰহাট 
🔴আইলৈ সেৱা:প্ৰভাত ঠাকুৰ,যোৰহাট
🔴তুমি অবিহনে:ৰাশীমা চাংমাই ডিব্রুগড়
🔴 ধুমুহাৰ শেষত:কাকলি দত্ত,মাছখোৱা
🔴  চিনাকি - অচিনাকী:
শতাব্দী শৰ্মা,নগাঁও


➖➖➖➖➖➖➖➖➖➖➖




🔵প্ৰৱন্ধ-
সাম্প্রতিক পৰিস্থিতিৰ কিছু কথা
             বাহাৰুল ইছলাম (শিক্ষক)
                  বালিজান, মৰিগাঁও
                    ম'বাইল-9101130649

              অনেকে সমস্যা সমাধানৰ পৰিৱৰ্তে সমস্যা সৃষ্টিৰ বাবে অহৰহ প্ৰচেষ্টাত ব্ৰতী হৈ থাকে। অনেক আছে এনে গুণৰ অধিকাৰী যিয়ে বিচাৰে সৃষ্টি হওক শত্রু,ধ্বংস হওক সমাজ, আদায় হওঁক মুনাফা। যিকোনো ধৰণৰ সমস্যাৰ ক্ষেত্রত অভিনৱ আচৰণ কৰাটো যে বহুতৰে নিচা হৈ পৰিছে। তাতে যদি আপুনি, মই, আমি সৱে ইন্ধন যোগাও পৰিস্থিতি কি হ'ব পাৰে?
              এই যে আধুনিক যুগ, জ্ঞানৰ বিস্ফোৰণ হোৱা বুলি সকলোৱে একমুখে স্বীকাৰ কৰোঁ। আৰাম দায়ক জীৱন ব্যৱস্থাপনাৰ ছন্দে ছন্দে আধুনিকতাই গ্ৰাস কৰিছে, পেলাইছে প্ৰভাৱ বসুন্ধৰাৰ চুকে-কোণে। সমান্তৰাল ভাবে কিন্তু বিবেকৰ আদালতে যেন আন কিবা কিবিহে জুকিয়াই ফুৰে।
              আজি ব্যক্তিগত অথবা সামাজিক দিশত ভালদৰে ফহিয়াই চালে দেখা পাঁও এক উন্নত সমাজ জীৱনৰ ভয়ংকৰ ছৱি। কিয়নো প্ৰত্যেকৰে ব্যক্তিগত কিম্বা সমাজ জীৱনত চলিছে তুমুল প্ৰতিযোগিতাৰ ছত্ৰছায়া। হয়, প্ৰতিযোগিতাই আগুৱাই লৈ যায় মানৱ জাতীক। কিন্তু সেই প্ৰতিযোগিতাৰ পৰা যদি নিগৰে হিংসা-প্ৰতিহিংসা, শীতল যুদ্ধ কিম্বা প্ৰত্যেক্ষ যুদ্ধ। সেয়া জানো প্ৰতিযোগিতা? সেয়া জানো জীৱশ্রেষ্ঠৰ কৰণীয়?
আজি যেন সঁচাকৈয়ে সেয়াই হ'ব গৈ আছে অথবা হৈছে। ভাই-ককাই, ওচৰ-চুবুৰীয়া, গাঁৱে-গাঁৱে, জাতিয়ে জাতীৰ সৈতে, ৰাজ্যই ৰাজ্যৰ সৈতে আনকি দেশে দেশৰ সৈতে তুমুল প্ৰতিযোগিতাৰ এক চুড়ান্ত পৰ্যায় পাইছে। সেয়া জানো শ্ৰেষ্ঠ জীৱৰ কাম? বিনন্দীয়া জগতক যেন জ্বলাব বিচাৰিছে প্ৰতিহিংসাৰ ঢৌৱে।
                  বাহ্যিক দিশত  মানৱতাৰ মালা পিন্ধি কথাত চহকী কৰ্মত পিছ হোঁহকা লোকৰ নাই অভাৱ। আভ্যন্তৰীণ দিশত নিজকে প্ৰশ্ন কৰিলেই যেন উমান পোৱা যায় বহুত খিনি। মিথ্যা, অন্যায়, কু-কৰ্ম, হত্যা, লুণ্ঠন, ব্যাভিচাৰ, ধৰ্ষণ, ছলনা, ধৈর্য নধৰি তিলটোকে তাল কৰা, উগ্রবাদীতা ইত্যাদি নানা ধৰণৰ অপ্রীতিকৰ ঘটনাই শান্তি কাঢ়ি নিয়ে প্ৰতিনিত।
              
                আজি মন্দিৰ- মছজিদৰ নাই অভাৱ। এইবোৰ বৃদ্ধি হৈছে দিনক দিনে। ধৰ্মৰ কথা প্ৰায় সৱৰে মুখে মুখে কিন্তু ধৰ্মৰ নামত যেন চলিছে বেপাৰ। কোন ধৰ্মই শিকায় অন্যায়-অত্যাচাৰ, হিংসা-প্ৰতিহিংসা কিম্বা অমানৱীয় কৰ্ম? কোন ধৰ্মই বিচাৰে অশান্তি? কোন ধৰ্মই সমৰ্থন কৰে উগ্রবাদীতাক? হিন্দু-মুছলিম কৰি কৰি অনেক ক্ষতি হৈছে সমাজৰ, ক্ষতি হৈছে জাতিৰ, ক্ষতি হৈছে দেশৰ প্ৰগতিৰ। তেজ যিহেতু একে, জন্ম-মৃত্যু একে, জীৱন সংগ্রাম একে, তেন্তে প্ৰভেদ আনিলে কোনে? যি সময়ত দ্ৰুতগতিত আগুৱাই যাব লাগে, সেই সময়ত নিজৰ নিজৰ মাজতে অৰিয়া-অৰি কৰি আমি পাইছোনো কি? অস্থায়ী জীৱনত কৰ্মক দূৰৈত থৈ হিংসা- বিদ্বেষৰ তুমুল প্ৰতিদ্বন্দ্বিতাৰে আয়ুসক জুখিলে চাৰিঠেঙীয়াও হাঁহিব।
                  বিশিষ্ট লিখক ভৱেশ নাথ দেৱে সংস্কৃতি সন্দৰ্ভত তেওঁৰ বক্তব্য হৈছে, "বাৰেৰহণীয়া সমাজ আৰু সংস্কৃতিৰে অসম সাম্প্ৰদায়িক ঐক্যৰ এক মিলনভূমি। জাতি-ধৰ্ম বৰ্ণ নিৰ্বিশেষে জনগণৰ মাজত অতীজৰে পৰা চলি থকা মৰম আৰু ভাতৃত্ববোধৰ জৰীডাল ৰাজনৈতিক মেৰপেচত ছিগি টুকুৰা টুকুৰ কৰাৰ অভিষন্ধি যুগে যুগে চলিয়েই থাকে।" কথাটো যুক্তিসংগত।
                    অন্যদিকে সমগ্ৰ পৃথিৱীয়েই এক জটিল পৰিৱেশৰ মাজেৰে আগুৱাইছে। ক’ভিড ১৯ অতিমাৰী।ক’ভিডত আক্ৰান্ত হোৱা অথবা আক্রান্ত নোহোৱা সকলে ৰুগ্ন জীৱনৰ প্ৰতি আস্থাহীন আৰু নিৰাপত্তাহীন মনোভাৱেৰে জীৱন কটাইছে। সকলোৱে মনতে ভাবিছে সোনকালেই পাৰ হৈ যাওক এই দু:সময়।বহুদিন বহু ক্ষতিৰ অন্তত কিছু শাম কাটিছে অতিমাৰীৰ পৰা। এনে এক জটিল ক্ষণত আমাৰ কৰণীয় কি হ'ব লাগে আৰু আমি কৰিছোঁ কি! সঁচাকৈয়ে দুখ লাগে। সেইদৰে অন্যান্য প্ৰাকৃতিক কিম্বা মানৱসৃষ্ট দুৰ্যোগে কৰিছে নিতৌ বৃহৎ ক্ষতি।
                      সৰ্বদিশত যেন আমি জীৱশ্রেষ্ঠৰ নামত পৰাজয় বৰণ কৰিব লগা হৈছে। থৈছোঁ সামৰি জাতি কিম্বা দেশৰ মেৰুদণ্ড স্বৰূপ যুৱ সমাজৰ উশৃঙ্খলৰ কথা,মাদকদ্রব্যৰ কথা, পৰিৱেশ প্ৰদূষণৰ কথা,নিবনুৱা যুৱক-যুৱতিৰ কথা, ৰাজনৈতিক আৰু অৰ্থনৈতিক দিশৰ কথা। অন্যফালে জনপ্রিয় ফেচবুকৰ মাধ্যমত কিছুমান তথাকথিত অল্প শিক্ষিত মুছলমান অথবা হিন্দু সম্প্ৰদায়ৰ লোকে সাম্প্ৰদায়িক জনিত কিছু পোষ্ট আৰু মন্তব্য কৰে যিবোৰে বাৰুকৈয়ে সচেতন মহলক নিতৌ মনোকষ্ট দিয়ে। অনাহকতে সংঘর্ষৰ সৃষ্টি কৰি তেওঁলোকে হয়তো অনেক পুৰস্কাৰ পায় যেন ধাৰণা হয়।
            উপায়:
          """"""""""""  সাম্প্ৰতিক এশ-এবুৰি সমস্যাই চৌপাশ আগুৰি আছে। কেৱল মাথোঁ চৰকাৰে সকলো সমস্যা সমাধান কৰিব বুলি কৈ থলে হয়তো সমস্যাবোৰ সমস্যা হৈয়ে বাঢ়ি গৈ থাকিব। জীৱশ্রেষ্ঠ অথবা মানুহ নামৰ ঠাইত হয়তো দুই ঠেঙীয়া জন্তু নামাকৰণ পায় যাব লাগিব। যিকি নহওক কিয়, আমি আটায়ে ঐক্যবদ্ধ হৈ নোৱাৰোঁ নে গাবলৈ মানৱতাৰ গান? নোৱাৰিনে দুদিনীয়া জীৱনত ধৈর্য-সহ্য ধৰি শান্তিৰে জীয়াই থাকিবলৈ? মজবুত আৰু দৃঢ় কৰিব নোৱাৰিনে সম্প্ৰীতিৰ এনাজৰীডাল? ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় ক্ষেত্রতো প্ৰতিনিধিত্ব কৰা সকলে নোৱাৰেনে মানুহ হিচাপে অকণমান ত্যাগ স্বীকাৰৰ যোগেদি সহযোগিতা কৰি প্ৰকৃত মানুহৰ পৰিচয় দিবলৈ? ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় সংহতি মজবুত কৰিব নোৱাৰিনে? জলন্ত মমৰ আয়ুসৰ দৰে এদিন নহবনে অন্ত আমাৰ? যুদ্ধৰ আসনখনি শান্তিৰ আলোচনাক দিব নোৱাৰিনে?
            ইয়াৰ বাবে লাগিব হয়তো সুন্দৰ মানসিকতা, সুস্থিৰ আৰু স্বচ্ছ চিন্তাধাৰা, নিজৰ নিজৰ দায়িত্ব ও কৰ্তব্য সঠিক ৰূপে পালন কৰা আৰু অকণমান সহযোগিতা। লাগিব অস্থায়ী জীৱনৰ উপলব্ধি ও ভৱিষ্যত প্ৰজন্মৰ বাসপোযোগী কৰি ৰখাৰ পণ। ৰাজনৈতিক ফালৰ পৰাই হওঁক অথবা অৰ্থনৈতিক দিশৰ পৰাই হওঁক, শত বাধাকো নেওচি আমি সকলোৱে জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে ঐক্যবদ্ধ হৈয়ে আগুৱাই যাব লাগিব নহলে যে বৃহত্তৰ মানৱ জাতি ৰসাতলে যাব। সজাব লাগিব সুন্দৰ আৰু শান্তিৰ বাসপোযোগী বসুন্ধৰা। হয়, আমাৰ নিজৰ নিজৰ সাতামপুৰুষীয়া ঐতিহ্যক ধৰি ৰাখিব লাগিব অৱশ্যে এই ক্ষেত্ৰত সংস্কাৰ ও সংশোধনৰ প্ৰয়োজনীয়তাক খুবেই গুৰুত্ব আৰোপ কৰিব লাগিব। হজৰত মহম্মদ (ছ:) য়ে কৈছে, "  Removing painful things from the streets, guiding the blind, selflessly always engaged in human service. অৰ্থাৎ " ৰাস্তাৰ পৰা কষ্টদায়ক বস্তু আতৰ কৰা, অন্ধজনক পথ দেখুৱাই দিয়া, নিস্বাৰ্থভাৱে সৰ্বদা মানৱসেৱাত লাগি থকা।" তেখেতে কৈছে, " Whoever fulfills the needs of another person, then Allah will make him 100 requirements and if someone co-operates in the sufferings of the people, Allah gives him a compassionate eye. "অৰ্থাৎ " যিয়ে অন্য ব্যক্তিৰ প্ৰয়োজন পূৰণ কৰি দিব পৰকালত আল্লাহ তায়ালাই তেওঁক ১০০ প্ৰয়োজন পূৰণ কৰি দিব আৰু মানুহৰ দুখ-দুৰ্দশাত কোনোবাই সহযোগিতা কৰিলে আল্লাহ তায়ালাই তেওঁৰ প্রতি কৰুণাৰ দৃষ্টি দিয়ে।"

                          শেষত সাম্প্রতিক সময়ৰ বহু কথাই মনলৈ আহিছে যদিও লিখনিতে সকলো সমস্যা সমাধান নহয় বুলি ভাবো লগতে ভুলত্রুটিৰ ক্ষমা বিচাৰি গান্ধীজীৰ মহৎ বচনেৰে সামৰি ল'ব বিচাৰিছোঁ।
“Your beliefs become your thoughts,
Your thoughts become your words,
Your words become your actions,
Your actions become your habits,
Your habits become your values,
Your values become your destiny.”
অৰ্থাৎ "আপোনাৰ বিশ্বাস আপোনাৰ চিন্তা হৈ পৰে,
আপোনাৰ চিন্তাবোৰ আপোনাৰ কথা হৈ পৰে,
আপোনাৰ কথাবোৰ আপোনাৰ কাম হৈ পৰে,
আপোনাৰ কামবোৰ আপোনাৰ অভ্যাস হৈ পৰে,
আপোনাৰ অভ্যাসবোৰ আপোনাৰ মূল্যবোধ হৈ পৰে,
আপোনাৰ মূল্যবোধ আপোনাৰ ভাগ্য হৈ পৰে।


🔵শেষৰ মাহ ডিচেম্বৰ

                         -- শ্ৰী সুমন কাকতি
একাদশ শ্ৰেণীৰ ছাত্ৰ , লখিমপুৰ
      
সকলোৱে কয়- নদীৰ দৰে অবিৰত ভাৱে বৈ যায় সময় ! কাৰোঁ বাবে নৰয় কিন্তু সময়ে মানুহক শিকাই আৰু মানুহে শিকে ।।  আমিও হয়তো সময় ৰ অধীন কিন্তু সময়ৰ সোঁততে লগ পোৱা যায় কিছু ন-ন মানুহ , হয়তো সকলো মানুহ আপোনাৰ আপোন নহবও পাৰে কিন্তু তাৰ মাজৰ কিছু ব্যক্তি আপোনাৰ মনত জীয়াই থাকে চিৰদিন চিৰকাল ।। 
           ২০২২ চনটোও হয়তো সেই একেখন নদীৰে সোঁত য'ত আপুনিও লগ পাইছে বহু লোকক আৰু এতিয়া ২০২২ শেষ হোৱাৰ পৰত আৰু বেছিদিন নাই ।। সময় সলনি হ'ব পাৰে কিন্তু মানুহৰ সপোনবোৰ একেই থাকে ।। সময়ৰ টিকনিডালত ধৰিয়েই সকলো আগুৱাই গৈ আছে , সফলতা-বিফলতা থাকিবই কিন্তু সফলতাৰ পিছত দৌৰি ভাগৰিছে যদিও আপুনি কাহানিও থমকিব খোজা নাই বাবে আজিয়ো যুঁজি আছে নহয় জানো ?? আপোনাৰ জীবনৰ সকলো সময় ভাল নহবও পাৰে । আপুনি হয়তো কোনো কাৰণত মোক বেয়া পাব পাৰে আৰু মইও আপোনাক কোনো কাৰণত বেয়া পাব পাৰো কিন্তু দুদিনীয়া জীৱনত এজনে আনজনৰ বেয়া হৈ কি কৰিব নহয় জানো ?? 
         আহক ,২০২২ ত পোৱা অপ্ৰয়োজনীয় খিনি এৰি যাও বিদায় স্থলীত আৰু তাৰ ঠাইত স্থান দিওঁ ২০২৩ ৰ নতুনত্ব খিনিক ।। 
        আহক , বিদায় দিও ২০২২ ক আৰু ২০২৩ ক উদযাপন কৰোঁ ।। ২০২৩ সকলোৰে বাবে হৈ পৰক প্ৰাপ্তিৰ বছৰ ........
        
     





🟣শাৰদীয় অনুভৱলৈ প্ৰিয় জনলৈ চিঠি




শ্ৰদ্ধা ও মৰম জনালোঁ 
                   মৰমৰ প্ৰিয়তম
লিখনিৰ প্ৰথমতে মোৰ হিয়া বৰা মৰম ও শ্ৰদ্ধা লবা ৷
মোৰ হৃদয়ত সাঁচি ৰখা মৰমখিনি পঠালো সাদৰে গ্ৰহণকৰিবা ৷আশা কৰো আল্লাই তোমাক ভালেই ৰাখিছে,মোৰো ভালেই সন্তান দুটি নেদেখা জনৰ কৃপাত ভালেই আছে ৷ডাঙৰ জনীৰ পৰিক্ষা শেষ হৈছে পৰিক্ষা ভালই হৈছে ৷জানা তোমাৰ কাৰণে সদায় মনত পেলাই থাকে ৷
                  পূজাৰ বন্ধ পালে এইবাৰ পলম নকৰি ঘৰলৈ আহিবা ৷মোৰ আৰু সন্তান দুটিৰ বাবে নতুন কাপোৰ আনিবলৈ নাপাহৰিবা ৷মাইনা সদায় তোমাৰ কথা কৈ থাকে নতুন কাপোৰ আনিলে পূজাত পিন্ধিব ৷শৰতৰ বতৰ শেৱালি ফুলিছে তোমালৈ বৰকৈ মনত পৰিছে ৷জানা যোৱা বেলি তুমি আৰু মই শেৱালি ফুল বুটলিবলৈ যাওঁতে মিঠা মিঠা গোন্ধ পাই কিমান যেন আনন্দ লাগিছিল আজিও নাকত লাগি আছে ৷তাৰ পৰা অলপ শেৱালি ফুল বুটলি মোৰ নাকে মুখে দলিয়াই দিছিলা ৷এইবাৰ শৰৎ কালত আহিলে আমি দুয়ো নৈৰ পাৰত ফুৰিবলৈ যাম ৷শৰতৰ নৈসৰ্গিক দৃশ্য দেখিলে মন মোৰ মতলীয়া হয় ৷শৰতৰ ফৰকাল আকাশৰ তলত আমি দুয়ো বিলিন হৈ যাম ৷ শৰততে ফুলা ফুলবোৰ বকুল,খৰিকাজাঁই, শেৱালি বুটলি আনি মালা গাঠি সেই মালাৰে তোমাক ভক্তি কৰিম ৷নৈৰ পাৰত কঁহুৱা ফুলবোৰ হালি জালিকৈ নাচি থাকিব আমি দুয়ো তাৰ তালে তালে ঢৌ তুলি মনৰ আনন্দত নাচি থাকিম ৷ পানী মেটেকা ফুলবোৰ ফুলি খাল বিলৰ তলি উজ্জ্বলাই তুলিছে তাতে আকৌ বগলীয়ে মাছ ধৰিছে কিমান যেন প্ৰাকৃতিৰ দৃশ্যৰ সৌন্দৰ্য ৷এইবোৰ চাই হেঁপাহ নপলায় ৷দিপৰ বিলত খৰালি ,বিবিন্ন ধৰণৰ চৰাই আহি শৰতৰ সৌন্দৰ্য দুগুণে বৃদ্ধি কৰিলে ৷তুমি আহিলে শাৰদীয়  পূজাত মণ্ডপে মণ্ডপে ধূপ ধূনা জ্বলাই ভগৱানৰ ওচৰত প্রাৰ্থনা জনাম ৷আমৰ পৰিয়ালটো যাতে সুকলমে থাকে ৷তোমাৰ কাৰণে বাট চাই থাকিম চিঠিৰ উত্তৰ দিবা ৷
লিখিলেতো বহুত লিখিবলৈ মন যায় আজিলৈকে ইমানতে সামৰিলো ৷
                   ইতি 
               তোমাৰ মৰমৰ পত্নী
ঠিকনা 
নাম ----- ছেলিমা বেগম 
জিলা ______নগাঁও 
থানা ----জুৰীয়া 
ডাকঘৰ ----বলিকটীয়া 
পিন নম্বৰ 782122
ফোন নম্বৰ 8822515195

             ⚫️অণুগল্প শিতান:



🟣তই সুখী হ'বি
  অণগল্প 
                              ✍️ ৰাজ ৰাহুল 
                            

       হাতত শৰাইখন লৈ তাই লাহে লাহে ডেকা-গাভৰুৰ সমাজলৈ ওলাই আহিল সেৱা এটি ল'বলৈ। তাই আঁৰ চকুৰে দেখিলে--অনঙ্গই ৰভাৰ এচুকৰ পৰা তাইলৈকে চাই আছে।  সি আগবাঢ়ি আহিল---"মালা, বিয়াৰ উপহাৰটো আজিয়েই দিছোঁ,ল। কাইলৈ মই চেন্নাই যাম সেইবাবে।"

           সি বিয়াত নথকাৰ অজুহাতটো তাই জানিলে। মাক-দেউতাকৰ কৰ্তব্য আৰু দায়িত্ব পালনত বাধা দিব নোৱাৰে বাবেই তাই কাইলৈ বিয়াত বহিব। তেওঁলোকে বিচাৰে তাইৰ এখন স্বচ্ছল ঘৰ, নিবিচাৰে অনঙ্গৰ লগত জীৱনটো দৰিদ্ৰতাক প্ৰত্যাহ্বান জনোৱাটো। উঠলি উঠা হুকটো সামৰি শৰাইখন লৈ প্ৰথমে তাই ভৰি চুই অনঙ্গকে  সেৱা কৰিলে----!সি ক'লে--"তই সুখী হ'বি। কোনোদিনে যাতে তোৰ চকুত চকুপানী নেদেখোঁ---!" তাৰপিছত সি আন্ধাৰত হেৰাই গ'ল দৰিদ্ৰতাই কোঙা কৰা তাৰ হৃদয়ৰ যন্ত্ৰণাবোৰ ঢাকি ৰাখিবলৈ...।

                       


🟣অণুগল্পৰ শিৰোনাম

অভাৱ 


             ✍️শ্ৰী পৰাগ জ্যোতি দাস 

               একাদশ শ্ৰেণী 

               ঢকুৱাখনা,লখিমপুৰ 



 ঋতু সৰু হৈ থাকোঁতেই তাৰ দেউতাক পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাৱটি ল'লে। মাকে তাক কোনোমতে আনৰ ঘৰত কাম-বন কৰি দুবেলা-দুমঠি খাই পেটৰ গাঁঠি মাৰিছে। এতিয়া পূজাৰ বতৰ সকলোৱে বিচাৰে নিজৰ সন্তানক পূজাত এযোৰ ভাল কাপোৰ দিবলৈ কিন্তু ঋতুৰ মাকে তাক এযোৰ ভাল কাপোৰ দিয়াৰ মানসিকতাৰে কাণৰ থুৰীয়াযোৰ চাদৰৰ আঁচলত বান্ধি ওলাই গৈছে , মহাজনৰ ঘৰলৈ বুলি । মৰমৰ থুৰীয়াযোৰ দিয়াৰ দুখ আৰু পুত্ৰক এযোৰ নতুন কাপোৰ দিয়াৰ হেঁপাহ দুয়োটাই চকু হালি চলচলীয়া কৰি তুলিছে।

 




             🔵কবিতা শিতান


🔵অন্য এক অনুভূতি:

বহুদিনৰ মূৰত.......
তোমাক লগ পোৱাৰ আশাৰে,
বিছাৰি ফুৰিছো!
এষাৰ মাত মাতিবলৈ৷
জানা তোমাৰ ছবিটো চাই,
চকুলো নিগৰো সদায়৷
কিন্তু ভাগ্যৰ কি পৰিহাস,
কতো বিছাৰি নাপাও তোমাক!!
তোমাৰ কাৰনে ছাগে....
আজি......
মই হৈছো পছোৱাৰ নিছিনা বলিয়া৷
পাহাৰ-ভৈয়াম,নদ-নদী, আকাশত
বিছাৰি ফুৰিছো!!
এক ভূল ঠিকনা হাতত লৈ!!!

নাম:ৰাজিদুল ইছলাম
সাং: ডিমাপুৰ
থানা:কলগাছিয়া
জিলা:বৰপেটা (অসম)
ফোন নং:8472033734



🔴জীৱনৰ ৰং

                  ✍️ৰাহুল চেতিয়া

তই ইমান শীতল,
 ইমান মনোনিৱেশ কৰ, 
ইমান নিস্তব্ধ যেন লাগে, 
তথাপিও তোৰৰ চকু দুটা 
দিগন্তৰ ওপৰত স্থবিৰ হৈ থাকে।  
হয়তো তই ভাবিছ যে
 তাক লগ পোৱাৰ লগে লগে
 তাৰ বিষয়ে জানিবলগীয়া 
সকলো কথাই জানি লব, 
কিন্তু তই জানিব পাৰিব বুলি
 ভবা সকলো কথা ভুল। 
 তেজৰ নদীৰ দৰে 
তাৰ মাজেৰে আবেগ বৈ থাকে।
 তাৰ মাত্ৰ ক্ষন্তেক সময়ৰ 
বাবে আঁতৰি চালে,
 তাৰ সকলো কাইলৈৰ কাম 
ইয়াৰ পৰাই আৰম্ভ হল।



🔴ঘূণে খোৱা ধান

             ✍️চন্দ্ৰ শেখৰ পৰাজুলী,

বহু যত্নৰ অন্ততঃ 
নিমখিয়া পানীৰ সৈতে
বোকাবোৰক সিঁচি মেলি
লগালোঁ সোণোৱালী ধান ।
পৰ্যাপ্ত সময়ৰ অন্তত 
কষ্ট কৰি কাটিলো সকলো গুটি
লগতে মৰণা মাৰি আনি
ভৰালো সকলো ভঁৰালত ।
অৰ্থাৎ ভবিষ্যতৰ বাবে
পাপী পেটৰ ভৰনৰ অৰ্থে
কৰিলোঁ ভাবি-চিন্তি সংৰক্ষণ ।
ভৰালৰ থকা ধানৰ কথা ভাবি
মাৰিলো সন্তুষ্টিৰ টোপনি ।
এনেতে আনন্দত মাতাল হৈ 
কৰি পেলালো ডাঙৰ ভুল
বেছি দিন সংৰক্ষণ মানে
দেখিবলৈ পোৱা যায়
ব্যৰ্থ হোৱা বিদ্যা ।
মোৰ চৌদিশে এতিয়া 
ঘূণে খোৱা ধান......
ঘূণে খোৱা ধান .....


🔴ছন্দ বিহীন

              ✍️হীৰামনি লাহন

মোৰ কবিতাত ছন্দ হেৰাই
 ছন্দালেখা,
ভীৰৰ নগৰীত, 
খবৰ জানো  ৰাখা, 
মোৰ হৃদয়ৰ  সুষম  কোনত 
তোমাৰ অৱস্থিতি
সেই খবৰ জানো  পোৱা ?
কিমান যুগৰ প্ৰনতিত 
তোমাৰ মুখামুখি হম নাজানো    ;
ভয় লাগে,
জানোছা খহি পৰে বিষাদৰ পৰ্ব  ।
জানোচা স্তব্ধ হয় 
মোৰ জীৱনৰ  বাট,
কেতিয়াবা ভাগৰত সৰি পৰো,
আকৌ পুনৰ আগুৱাই যাওঁ 
সাহসেৰে বগুৱা বাই  ।
হেৰুৱাই জীয়াই থকাৰ আসক্তি ।
তোমাৰ মৰমে মোক 
স্পৰ্শ নকৰা হলে, 
নিলিখিলো হেতেন ,
এই ছন্দ বিহীন কবিতা,
ছন্দালেখা।

🔴ৰাজপথৰ কাষতেই মোৰ ঘৰ

                  চন্দ্ৰ শেখৰ পৰাজুলী 
               বিশ্বনাথ চাৰিআলি,অসম


এই আহিছে গাড়ী
এই গৈছে গাড়ী
কিমান যে উজাগৰে গতি
নাই দিন আৰু নাই কোনো ৰাতি ।
প্ৰতিদিনে দিনে নিশাই লিখি যায়
সেই একেটাই অজৱ,অবুজ কাহিনী
কাৰণ ৰাজপথৰ কাষতেই মোৰ ঘৰ ।
কৰিছে আমাৰ নিদ্ৰাৰ হৰণ
তথাপিও কিয় জানো
আমাক বহু ভাল লাগি যায় ।
কথা এটা কও আচৰিত নহ'ব
আমাৰ ঘৰৰ কাষৰ ৰাজপথেদি 
মোৰ জীৱনৰ গতি কোন দিশে সংযোগ
আজিলৈকে কিন্তু গম পোৱা নাই।
নিশ্চয় সকলো মানুহৰ দৰে 
এসময়ত মোৰ জীৱনৰো পথ হ'ব বিলীন।



🔴এটা প্ৰশ্ন সুধিছিলো


                     ✍️ হীৰামনি লাহন 

মোৰ জীৱনৰ 
আটাইতকৈ ভাল পোৱা 
মহান নাৰীগৰাকীক সুধিছিলো,
"মা" মোক তুমি ভাল পোৱা  ?
তেওঁ কলে ,পাওঁ  ।
বাটৰুৱা গাভৰু জনীক সুধিছিলো ,
ন'দীলৈ কেনি যায়  ?
তাই কলে ,সেই ফালেই যায়  ;
যি বাতেৰে আশা বোৰ ভটিয়াই
 নিৰাশা বোৰ বৈ যায়  ।
এজন ৰাজনৈতিক নেতাক সুধিছিলোঁ ,
লুইতৰ পাৰ বান্ধি 
মানবতাক বিসৰ্জন দি 
বছৰে বছৰে ঠগি অহাৰ কৌশল, 
দৰিদ্ৰ জনতাক 
শোষণ কৰাৰ কৌশল   ,
তাৰ উত্তৰ নাই   ,
মোৰ প্ৰশ্নৰ উত্তৰ  নিদিলে  ।
মোৰ দেশৰ নতুন যুগৰ
 পথিক, 
ফুল কুমলীয়া 
সংগ্ৰামী ল'ৰাটোক সুধিছিলো  ,
পালানে তোমাৰ সমিধানত ,
নতুনৰ সম্ভাৱনা  ?
কিংবদন্তিত সোণৰ স্বদেশ, 
স্বাধীনতা ,নতুবা 
পৰাধীনতাৰ অশ্ৰুৰ  ধাৰা ,
পালানে কিবা  ?
পাৰিলানে বাৰুদৰ তেজেৰে 
লুতুৰি পুতুৰি হৈ
লিখিব স্বাধীনতাৰ কবিতা  ?
অ ,মোৰ স্বদেশৰ সংগ্ৰামী  লৰা ,
মোক উত্তৰ দিয়া  ।



🔴মোৰ উৰুখা পঁজাত জোনাক নামিব


     ✒️ নিজৰা বৰ্মন ডেকা

যিদিনা নামিব জোনাক 
মোৰ উৰুখা পঁজাত
সেইদিনা প্ৰতিটো কোঠালিত
জোনাকী পৰুৱাবোৰ পৰিব উপচি ,
হেজাৰ দিনৰ অপেক্ষাৰত 
মোৰ শুকান মৰুৰ চোতালত
এজাক জোনাকৰ বৰষুণ
ৰিম্ জিম্ কৈ আহিব নামি।
সেই দিনা পাটগাভৰু জোনটিৱে
মেঘৰ সৈতে লুকা-ভাকু খেলিব
কাজল সনা দুচকুত 
আনন্দৰ চকুপানী জিলিকিব
মোৰ পদুলিত হয়তো
জোনাকৰ মেলা বহিব !
মোৰ চোতালত পৰা জোনাকৰ পোহৰে
দুচকু আবৰি ধৰিব
মোৰ সপোনবোৰেও আকাশৰ বুকুত
হেঁপাহৰ কাৰেংঘৰ সাজিব ,
শুভ্ৰআচল মেৰিয়াই অতীতবোৰ স্মৃতি হ'ব
বৰ্তমান সময় অতীত হ'ব
ভবিষ্যতবোৰ অনাকাংক্ষিত হ'ব ।
যিদিনা মোৰ চোতালত
এজাক জোনাক নামিব
নতশিৰে সকলোৱে সন্মান জনাব,
সেয়ে হবলা আজিও কৰো অপেক্ষা
এদিন আহিব আশাৰ বতৰা
জোনাকে ভৰাব মোৰ উৰুখা পঁজা 
বিগলিত সময়ে পাতিব মোৰ পদুলিত 
বাৰেৰহনীয়া আশাৰ মেলা ।


🔴মাটি _ আৰু _ মানুহ 

                   ✍️  ৰাজ ৰাহুল 
    

 কেঁচা মাটিৰ গোন্ধ --!
বৰষুণে ভিজাই থৈ যোৱা
সিক্ত মাটিৰ  আপোন গোন্ধে
মন-প্ৰাণ হৰি নিলে---!
জীৱন জীয়াৰ সপোন এটি
জাগি উঠে প্ৰতি পলে পলে ;
সৃষ্টিৰ উমাল অনুভৱত--
প্ৰতি টোপাল ঘামৰ ত্যাগে
সন্তুষ্টিৰ  চ'ৰা-ঘৰত
মাটি আৰু মানুহৰ
জয় গান জোৰে  ।
সমাপ্তিও  যে  মাটিতেই
জীৱন-কালত তাৰ অৰ্থ
আকাশত  উৰে ।
মাটি, পানী আৰু বায়ুৰ সমতুলতাৰে
মাটিৰ বুকুতেই আৰম্ভ হয় জীৱন
মাটিতেই কৰে শয়ন
অন্তিম ক্ষণত !
কি যে এক বন্ধন
মাটি আৰু মানুহৰ
যুগান্তৰৰ...

     ************************

             

🔴দুলৰী ছন্দৰ কবিতা

  সময়ৰ আহ্বান

                    ✒️ নিজৰা বৰ্মন ডেকা

 সম্মুখত দোখো      বহু উপপথ
    কোন দিশে কৰোঁ গতি
অন্তহীন যাত্ৰা       সুবিশাল পথ
     কোন পথে দিওঁ ভৰি ।

বুকুত বান্ধিলোঁ        দুৰ্বাৰ হেঁপাহ
        জীৱন জিনাৰ আশা
নাজানো যাত্ৰাৰ      শেষ পৰিসীমা
    পামনে কোনোবা দিনা ? 

উকা পথচোৱা      দেখি কেতিয়াবা
           মন হয় বিচলিত 
সেই পথ চোৱা    অস্তিত্বহীনতা
    সময়ো যে বিগলিত ।

দুদিনীয়া মাথো     মানৱী জীৱন
         যেন মাটিৰ পুতলা
ক্ষণস্থায়ী দেহা      জীৱনৰ খেলা
       নাই  যে স্থায়ী ঠিকনা ।

জীৱন নাটৰ    অন্তহীন যাত্ৰী
     গমি নাচাও কাহানী
নাটৰ অন্তত      যামগৈ এদিন
    অভিনয় সামৰি থৈ ।

       



🔴সুখে মোক ক'লে


                  কবিঃ সমুজ্জ্বল ডেকা, ৰঙিয়া 

তুমি সমুজ্জ্বল 
তুমি সুখৰ ঢল
কৰিলেও তোমাক চল
তোমাৰো আছে বল।

তুমি হেঁপাহ 
তুমি সুখৰ বতাহ 
চলন্ত জীৱনৰ 
জ্বলন্ত সময়ৰ।

তুমি সদায় শান্ত
নহয় ক্লান্ত 
তুমি ডেকা 
নহয় বেকা।


🔴হে মহান অধ্যাপক জীৱন নৰহ


শিল্পী দাস
ভালুকমাৰী ৰাণীপুখুৰী 
হোজাই (অসম) ছাত্রী, বাণিজ্য শাখা
চতুর্থ ষান্মাসিক লংকা মহাবিদ্যালয়

হে মহান অধ্যাপক জীৱন নৰহ
 আপোনাক আজি মই প্রথম দেখিলোঁ,
 আপোনাক আজি মই প্রথম জানিলোঁ, আজিও যে আছে মহান ব্যক্তি আজিয়েই বুজিলোঁ।
 আজি আপোনাৰ বক্তৃতাই মোক মুগ্ধ কৰিছে,
 আপুনি কোৱা প্ৰতিটো কথাই শিকাইছে মোক আজি জীৱনৰ গুৰুত্ব 
আপোনাৰ দৰে মই হ'ব খোজোঁ।
আপুনি মোক সহায় কৰিবনে?
 আপুনি মোক আগবঢ়াৰ বাট দেখুৱাবনে? গীত শুনি শুনি লিখিলোঁ এতিয়া
মোক অনুপ্ৰাণিত কৰিছে
 আপুনিও মোৰ শিক্ষাগুৰু
আপোনাক মই শ্রদ্ধা জনাওঁ
মোৰ মনৰ অনুভূতিৰ কথা ।



🔴মানৱতা


            ✍️জাকিৰ হুছেইন 
গাওঁ-মাহগুৰি ট্ৰাইবেল (জুৰীয়া)
জিলা-নগাওঁ(অসম)
যোগাযোগ-+918139862693



মানুহৰ আচলতে হৈছে কি? 
কিয় নিজৰ অস্তিত্বত কালিমা সানিছে? 
আজি চাৰিওফালে হৈ-চৈ পৰিৱেশ! 
নাইকিয়া হ'ব ধৰিছে মানৱতা,
কমি গৈছে আত্মীয়তা। 
দিনে-দিনে হেৰুৱাব ধৰিছে
মৰম ,বিশ্বাস আৰু সন্মান ৷
হেৰুৱাব ধৰিছে পূৰ্বৰ ৰীতি-নীতি
পাহৰিছে শ্ৰদ্ধা, ভক্তি! 
পৰিণতিত ভাতৃত্ববোধ হ্ৰাস পাইছে। 
নিজকে সৎ বুলি পৰিচয় দিয়ে
কিন্তু অন্তৰটো যে মলিনতাৰে পৰিপূৰ্ণ
এনে অন্তৰাত্মাত কেনেকৈ বিৰাজ কৰিব মানৱতা!

*************************


🔴প্ৰেম বীণাৰ আহ্বান 

                 -----মাৰ্জিনা বেগম, বৰপেটা 
ৰিনিকি ৰিনিকি বাজিছে 
দূৰণিত প্ৰেমৰ সুমধুৰ বাঁহী ,
লালসাময়ী দেহজ নহয় 
শুনিছো মই  কাণ পাতি ......
আত্মজ প্ৰেমৰ এয়া  সুমধুৰ ধ্বনি  ।

বুকুৰ মাজত প্ৰেমৰ ফল্লুধাৰা 
অবিৰত বৈ যোৱা  চিৰন্তৰ   প্ৰবাহ,
বিৰহত বিৰহী অশ্ৰুপ্ৰিয়াৰ 
তৃষ্ণাতুৰ হৃদয়ৰ অমৃতধাৰা....
নজহা নপমা অক্ষয় ভাণ্ডাৰ ।

মাজ নিশাৰ নিজম মনৰ  বনত
কাৰ শোক কোনে বিনাই   
সজাই কবিতা কবিতা লগা
 ছন্দময়ী শব্দৰ গোপন বেদী  ....
প্ৰেমবীণাৰ সুৰ বয় য'ত   ভুৱন বিয়পি  ।

ব্যাকুল সপোনত বৈৰাগী মন 
তৃপ্তিময় ভাৱনা সাগৰত হয়  মগন ,
চেতনা নাই  উন্মাদ হিয়াৰ 
প্ৰেমৰ সুমধুৰ আহ্বানত .....
আছুতীয়া আবেগৰ  নিৰলা পঁজাত ।
      

🔴প্ৰেমিক চৰাই মই (ছিৰিজ ১৯৮)

     হাউচ উদ্দিন আহমেদ
                       নগাঁও 
দূৰভাষ:৯৬৭৮১০৫৪৫১
বহুবাৰ শুনিছোঁ সুখ আৰু দুখৰ কথা 
এতিয়া জানিছোঁ সুখ আৰু দুখৰ কাহিনী।
জীৱনৰ গতিপথত সুখ কেতিয়াবা দুখ আহে বুলিয়েই
এই জীৱনৰ গতিপথত আশাও কেতিয়াবা হৈ পৰে প্ৰত্যাশা।
বহুত আশা কৰিও একো পোৱা নাযায় যেতিয়া
তেতিয়া পোৱাৰ আশাত 
সকলো পাহৰি যোৱাটো জীৱনৰ কোনো অৰ্থ নাথাকে।
জীৱনৰ কষ্ট পথত 
চিৰদিনলৈ বিলীন হৈ যায়
অন্তহীন যাত্ৰা জীৱনৰ গতিপথত
 সুখ কেতিয়া আহিব?
মৰুভূমিৰ বালিৰ দৰে শুকান হৃদয়ত পানী ছটিয়াই দিলেও নৰম হৈ নাযায়
হালধীয়া শুকান পাতৰ দৰে 
জীৱনৰ গতিপথত হেৰাই যোৱা স্মৃতি কেতিয়াও তাজা হৈ নাযায়।
প্ৰেমিক চৰাই মই খবৰটো তুমিও জানিছিলা
মই দিয়া চিঠি আৰু দেখা সমূহ পঢ়ি কেতিয়াও উত্তৰ নিদিলা।
তুমিনো কি বুজিবা মোৰ উমান বুকুৰ মাজত বিষাদ কিমান!
মোৰ বুকুত জ্বলে বিষাদৰ বিননি, বুজিবলৈ তুমি চেষ্টাও নকৰিলা।
প্ৰেম অবিহনে, সংগী অবিহনে, তুমি অবিহনে
মোৰ জীৱনৰ গতিপথত সুখ বিচাৰি আকৌ কৈছোঁ,শুনা!
মোৰ জীৱনৰ অৰ্থনো কি ?
জীয়াই থাকিবলৈ প্ৰেৰণা নোপোৱা প্ৰেমিক চৰাই মই।
তথাপিও আশাবাদী হৈ সপোনৰ ভেঁটিত আছোঁ ৰৈ
হয় যদি কেতিয়াবা পূৰণ।
বিশ্বাস শব্দটোক হেৰাই পেলাব নিবিচাৰিবা
বিশ্বাস শব্দটোক সাৱটি ধৰিম আৰু তোমাৰ কথাই ভাবিম।
দূৰত থাকিলেও তুমি কাষত থকা যেন লাগে 
দেখা নাপালেও তোমাক
হৃদয়ৰ চকুৰে চোৱা যেন লাগে।
তোমাৰ মোৰ অন্তহীন যাত্ৰা 
জীৱনৰ গতিপথত সুখ আৰু দুখৰ কাহিনীত ।
পাহৰিব নোৱাৰা স্মৃতি ধৰি ৰাখিবলৈ মোৰ শৰীৰটো উচৰ্গা কৰিম মই।
তোমাৰ হৃদয়ত জীয়াই থাকিবলৈ
তোমাৰ মগজুত জীয়াই থাকিবলৈ
আকৌ এবাৰ বিচাৰি যাম।
তোমাৰ হৃদয় জয় কৰিবলৈ
তোমাক বিশ্বাস দিবলৈ
তোমাক মনে-প্ৰাণে ভাল পাবলৈ।


****************************

🔴সপোনৰ বৰ অসমে আজিও কান্দে  

                        ✍️বনজিত দাস 
                         ৰিহাবাৰী বজালী 
                                     
সপোনৰ বৰ অসমে আজিও কান্দে
তুমি আহিবাগৈ বাৰু কোন বাটে
আহিবাগৈ নেকি পৰ্বতৰ পাৰে ৰূপ বটুলি
পূৰ্ব দিশৰ ৰানী সূৰুয উঠা দেশলৈ
মোৰ ওপোজা মাটিলৈ চাই মিচিকি হাঁহে 
আছে তাতে নেফা, নিচিৰ গান চিয়াঙৰ পাৰে ।
তুমি আহিবাগৈ গৈ বাৰু কোন বাটে
পাহাৰৰ মাজে নাগালেণ্ড ৱাংচি হৈ
জীয়াই আছে নেকি স্মৃতি নেপি ৱাংচা কন্যা
গদাপানিৰ কাষত শুই ঐতিহাসিক লাহদৈগড়ত
সোঁৱৰণীৰ টোপোলাত বান্ধি লৈ ।
তুমি আহিবাগৈ বাৰু কোন বাটে
যত ডাৱৰে আহি মাটিক চুমা যাচে
অকা-পকা বাটে পাহাৰৰ শিখৰৰ মাজেৰে
মেঘালয় নামে ৰূপহী খাচী জয়ন্তীয়া গাৰো
ইতিহাস পৰ্য্যাটন ভূমিৰ ৰস বুটলি
কুঁৱলীৰ আঁৰে অভূত ৰূপৰ মেলা সানে ।
তুমি আহিবাগৈ বাৰু কোন বাটে
যত আছে মনিপুৰৰ সপোনপুৰীৰ ৰং বিচাৰি
লোগটক পক্ষীৰ সৰগ বিচাৰি, লোক-নৃত্যৰ
তালে তালে সেউজ ভূমিৰ আৰে আৰে
মন্দিৰৰ ঘন্টাত অৱসাদ লৈ মনে মনে ।
তুমি আহিবাগৈ বাৰু কোন বাটে
আহিবাগৈ মিজোৰামৰ কলা-কৃষ্টি সৰ্গভূমিলৈ
চেৰাও নৃত্য,ছেইহ লামত লাওঁ পানী খাই              
 মিচিং গাভৰুৰ খামুচি ককাঁলৰ নাচোনত
শস্যস্যামলা মাটিৰ সপোন ৰচি ।
তুমি আহিবাগৈ কোন বাটে
পাহৰি নাযাবা ত্ৰিপুৰা সীমান্ত সৌন্দৰ্য্য ৰানী
গোমতী নদীৰ ৰঙা মাটিৰ পাৰে পাৰে
সপোনপুৰী কলা-কৃষ্টি বুকুত সাৱটি লৈ ।
তুমি আহিবাগৈ বাৰু কোন বাটে
এইখনেই মোৰ অসম ভূমি স্বৰ্গতকৈ গৰীয়সী
ৰৈ আছে বৰলুইতে সম্বন্ধয়ৰ সেতু বান্ধি
চকুঁলো বোৱাই আই অসমী কলিজা ফালি
মোৰ আই মোৰ মাটি বুলি টনা আযোৰ কৰি
শ্যামলী আইৰ ৰূপৰ ক'তো তুলনা যে নাই ।


🔴ভাল নেপায় বুলিও জানিও

                     ✍️ধনঞ্জয় ৰায়,ধুবুৰী

তাইক ভালপাওঁ
তাইৰ কাজলসনা দুচকু চাই
কবিতা লিখোঁ
তাইৰ প্ৰতিটো শব্দই মোৰ ডায়েৰিত তুলি ৰাখোঁ
আৰু নিজানত বহি বহি নিসংগতাক পাহৰিব খোজোঁ
ভাল নেপায় বুলিও জানিও…
তাইৰ কথায় ভাবোঁ
কবিতাৰ শিৰোনামত তাইক ৰাখোঁ
তাইৰ সপোনবোৰো নিজৰ বুলি ভাবোঁ৷
ভাল নেপায় বুলিও জানিও…
বাৰে বাৰে প্ৰেমত পৰোঁ
বালিৰ বুকুত খোজৰ ছাপ থাকিব বুলি 
মৰুভূমিলৈ আগবাঢ়ো…৷
ভাল নেপায় বুলিও জানিও…
তাইক সন্দেহ কৰোঁ
ফৰিং ফুটা জোনাকত শেৱালি বুটলোঁ
ৰৈ থাকোঁ ক’ত বা
তাই মোলৈ ইনবক্স কৰিব 
এদিন,নহলে কোনোবাদিন
মই সিদিনা শুভকামনা জনাম
তুমি সুখী হোৱা 
শুভকামনাৰ প্ৰীতি৷
ভাল নেপায় বুলি জানিও 
ভালপাওঁ তাইক 
প্ৰেমত পৰোঁ তাইৰ৷


🔴অভাৱ

✍️কুকী মহন্ত

              (১)
বেৰৰ জুলুঙাৰে জোনাক চোৱা 
ল'ৰাটোক আৰু বেলেগকৈ নিশিকাব
অভাৱ কি.......
               (২)
চিলাইৰ ওপৰত চিলাই মাৰি ফিচিকি যোৱা চাদৰখন পিন্ধা
ছোৱালীজনীয়ে হয়তো আপোনাতকৈ ভালকৈ বুজে
অভাৱ কি........
                 (৩)
এপোৱা চাউলে দহোটা মানুহক 
ভাত বনাই খাবলৈ দিয়া মানুহজনীয়ে
চৰুটোৰ ওচৰত গৈ চকুপানী নোটোকে
কাৰণে তেওঁ আজি কালি বুজে
অভাৱ কি.........
                  
             (৪)
"আমাৰ ল'ৰা আৰু পঢ়িবলৈ নাযায়
সি মহাজনৰ ঘৰত গৰু ৰাখিব"--
এইবুলি আনৰ আগত 
হুমুনিয়াহ পেলাই কোৱা দেউতাকৰ কথাত 
সৰু ল'ৰাটোৱে নিজেই বুজি পায়
অভাৱ কি.......।।

    

      

🔴 আকাল          

         ✍️ গৌতম মালাকাৰ
             কৰিমগঞ্জ
আকাল!
কেউফালে মাথোঁ আকাল
ভাতৃত্বৰ আকাল
বন্ধুত্বৰ আকাল
সুমিষ্ট মাতৰ আকাল
স্খলনৰ সংস্কৃতিৰে দশোদিশ উত্তাল।
বিজ্ঞাপন!
চৌদিশে মাথোঁ বিজ্ঞাপন
মানৱতাৰ বিজ্ঞাপন
সেৱাৰ বিজ্ঞাপন
স্বীকৃতিৰ বিজ্ঞাপন।
অনাটন!
সকলোতে মাথোঁ অনাটন
কোনো প্ৰাপ্তিয়েই প্ৰাপ্তি নহয়
অপ্ৰাপ্তিত ভাৰাক্ৰান্ত তন-মন।
কেউফালে ম্লেচ্ছাচাৰ
শ্লীলতা আদিম যুগলৈ উভতি গ'ল
বিনম্ৰতা পৌৰাণিক কাহিনীত বন্দী হ'ল!
সৰ্বত্ৰ দ্ৰুত গতিৰ বতাহ
ডিজিটেল বতাহ 
পশ্চিমা বতাহ 
তথাকথিত সৃষ্টিৰ বতাহ!
প্ৰলেপ,
মাথোঁ প্ৰলেপ!
প্ৰলেপ সানি সৌন্দৰ্য সম্পূৰ্ণ হয়
প্ৰলেপেৰে শূন্য‌ও সোণ হয়
প্ৰলেপ এই শতিকাৰ প্ৰিয় সংস্কৃতি!


🔴সময়ৰ প্ৰাচীৰতা   

                     প্ৰিয়া বৰা , যোৰহাট 

                     একাদশ শ্ৰেণী

শৈশৱৰ সেই দিনবোৰলৈ  বৰকৈ 
মনত পৰে এতিয়া
সময়ৰ ডেউকাত এতিয়া বিচাৰোঁ
ধৰাৰ বুকৰ শান্তিৰ  মধূৰ মুহূৰ্তবোৰ
যিবোৰ দিনত খেলিছিলো উলাহতে
বিলাই দিছিলো মৰমৰ ৰংবোৰ ,
এতিয়া সময়ৰ  কোৱাল গতিত
পাৰ হৈ গুচিগ'ল  সেই দিনবোৰ।
এতিয়া ৰিণি ৰিণি বাজি উঠে 
মোৰ বুকুৰ অলিন্দত
সেই শৈশৱৰ সোণালী দিনবোৰ,
আইতাৰ মুখৰ ৰসাল সাধু শুনা
তামোলৰ ঢকুৱাৰে খেলা 
ধূলি বালি লৈ খেলা দৰা কইনাৰ খেলবোৰ,
সমনীয়াৰ লগত কৰা ধেমালিবোৰ
সৰু সৰু কাজীয়াবোৰ ,
খেলিবলৈ নাপালে মুখ ওফন্দাই বহি থকা
ইটোৱে সিটোক সৰু সৰু কথাতেই 
অভিমান কৰি নমতাকৈ থকা ,
এতিয়া বাৰু কত গল সেই............
সৰু সৰু ধেমালিবোৰ , কাজীয়াবোৰ
কত গল সেই সৰু সৰু মান অভিমানবোৰ ।
আকৌ এবাৰ হাবিয়াস জাগিছে
লৰালি নামৰ স্মৃতিৰ বৰষুণ জাকত তিতিবলৈ
হাহাকাৰ কৰিছোঁ জীৱনৰ আধাবাটত
শৈশৱৰ দিনবোৰ বিচাৰি,
নিঃশেষ হল সেই দিন
লোৰ সজাত পৰি ৰল
সময়ৰ লগত বিলীন হৈ গুচি গল 
সেই ভাললগা দিনবোৰ।
নাই আৰু আজি সেই দিন, সেই মুহূৰ্তবোৰ
ৰৈ গল মাথো সেই সোণালী দিনবোৰ
অতীতৰ স্মৃতি হৈ ..........,
পাহৰো বুলিয়ো আজি পৰা নাই পাহৰিব 
সেই সোণসেৰীয়া শৈশৱৰ দিনবোৰ,
এতিয়া সেই শৈশৱ বিচাৰি 
মনে হাবাথুৰি খাইছে জীৱনৰ আধাবাটত,
পাৰ হৈ গুচি গল সেই  ধূলিয়ৰি শৈশৱৰ দিনবোৰ
সময়ৰ প্ৰাচীৰতাত হৃদয় ঠেকেচি ।

   

🔴আইলৈ সেৱা 

                 প্ৰভাত ঠাকুৰ,যোৰহাট
কত জনমৰ সাধনাৰ ফলত,
তোমাৰ কোলাতে আই ,
শুইছিলো জীৱনৰ সেই ,
আদিম কালত  ।।
শুইছিলো তোমাৰ কোলাতে ,
ঠেহ পাতি কান্দি কান্দি ,
তোমাৰ কোলাতে আই ,
তুমিও যে শুৱাইছিলা ,
কিমান যে নাম গুণ গাই।
টোপনিত লাল কাল গ'লে,
মোৰ মুখলৈ চাই মিচিকিয়াই,
হাহি এটি মাৰি মোৰে কপালত
হেঁপাহৰ চুমা এটি খাই।।
লাগিছিলা গৈ তোমাৰ কামত ,
কেনেবাকৈ সাৰ পাই উঠিলে ,
ততালিকে দৌৰি আহি ,
তুলিছিলা তোমাৰ কোলাত।।
ধুলি মাকতি লাগে বুলি ,
ৰাখিছিলা যে আলফুল কৈ,
আজি বাৰে বাৰে মনত পৰে,
তোমাৰ আদৰৰ কোলা লৈ।।
নহ'ব নুপজিব তোমাৰ দৰে,
এই পৃথিৱীত আৰু নাই নাই,
নাপাওঁ কদাপি তেনে কোলা,
‌মোৰটো এই জনমত ।।
আই, তুমি মোক এৰি যোৱা,
বহু দিন বহু বছৰ হ'ল,
তথাপিও কিয় বাৰে বাৰে,
মনতটো উৰা মাৰে ,
তোমাৰ কাষলৈ ।।
আই ! পামনে ঘুৰাই বাৰু,
পিছৰটো জীৱনত তোমাকেই,
ল'বানে আগৰ দৰে আদৰি,
তোমাৰ কোলাতে শুৱাই লৈ,
দিবানে আকি চেনেহৰ চুমাটি,
মোৰ সেই কপালত।।
হ'ব নে বাৰু তেনে ভাগ্য,
পামনে বাৰু তেনে সুযোগ ,
তোমাৰ কোলাতে শুই, শুই,
ঠেহ পাতি নাখালে ,
খুৱাবানে তোমাৰ কোলাত লৈ,
 টোপনিত লালকাল গ'লে,
থাকিবা নে মোৰ কাষতে শুই।
আই অ', আই ! 
তোমালৈ আজি মনত পৰে,
ঘনাই ঘনাই মন যে উৰা মাৰে,
তোমাৰ সেই কোলা খনি লৈ।।



🔴তুমি অবিহনে

                          ৰাশীমা চাংমাই
                     ডিব্রুগড়,চাংমাই গাওঁ
                   স্নাতকোত্তৰ প্ৰথম                             ষান্মাসিক,ডিব্রুগড়              বিশ্ববিদ্যালয়,অসমীয়া বিভাগ

তুমি অবিহনে মই যেন এক আধৰুৱা জীৱ
তুমি অবিহনে মই যেন সচাঁই শূন্য এটি প্রাণী!
নিসংগ সময়ৰ তুমিয়ে মোৰ সাৰথি
আধৰুৱা জীৱনৰ তুমিয়ে পূৰ্ণতাৰ উৎস!
মন যায় এবাৰ হেঁপাহ পলোৱাই তোমাক চাবলৈ
মন যায় তোমাৰ সতে নিজানক কথা হ'বলৈ!!
তুমি অবিহনে মই নিথৰুৱা
অন্ধকাৰ জীৱনৰ তুমিয়ে পোহৰৰ শলিতা
ভগ্ন হৃদয়ৰ তুমিয়ে আশাৰ দলিচা!
বিচাৰো মাথো তোমাক নিচেই কাষৰত
আলিংগন কৰিব বিচাৰো মোৰ হৃদয়ৰ অনুভুতিবোৰ
তোমাৰ আগত!!

 🔴 ধুমুহাৰ শেষত

                                    কাকলি দত্ত

                                   দশম শ্ৰেণী

                          ধেমাজি (মাছখোৱা)

উজাগৰি ৰাতিৰ যন্ত্ৰণাবোৰৰ গভীৰতা কিমান নাজানো

জীৱনত প্ৰয়োজন হয় বিশেষজনৰ

যাক নিঃশব্দতাৰেও বুজাব পাৰি

কি দৰে ক'ত আৰম্ভ কৰো

শুনিবলৈ বা আছেই কোন ?

পাই হেৰুৱা বেদনাই কোঙা কৰা হৃদয়ৰ জীয়া কাহিনীবোৰ ।

মাথো অশ্ৰুসিক্ত দুচকুত জিলিকি উঠে

আধৰুৱা প্ৰেমৰ উমাল স্মৃতিবোৰ ।

হোৱাহ'লে তাহানিৰ সেই সৰুঘৰৰ

মানুহবোৰৰ দৰে মনটো বিশাল ।

কিন্তু আজি সুবিশাল ঘৰৰ মানুহৰ সৰু

মনটোও হ'ল ভেজাল ।

সমস্ত পৃথিৱীৰ সকলোবোৰ 

বিচাৰি পোৱাৰ দৰে

বিচাৰি পোৱা হ'লে মানুহে নিজৰ ভূল । 

নহ'লহেতেন চাগে ইমান গণ্ডগোল ।

তথাপিও আমি সদায় আশাবাদী

পশ্চিমৰ সৌ পাহাৰৰ সিপাৰত লুকাব ধৰা

ৰান্ধনি বেলিটিয়ে আহি

পূব আকাশত সেন্দূৰীয়া হৈ

মাৰিব ভূমুকি ।


🔴  চিনাকি - অচিনাকী 

                            শতাব্দী শৰ্মা

                                 নগাঁও


যাত্ৰাপথত ভিন্নতাৰ সুবাদ ,

মৰীচিকা খেদাৰ উৎফুল্লিত জুম!

কিছুমান চিনাকি মুখ ,

কিছুমান অচিনাকী মুখ!

কিছুমান চিনা - অচিনাৰ মাজত ।

কিছুমান চিনাকি মুখে চকু মুদা কুলিৰ ভাও ধৰে,

কিছুমান অচিনাকী মুখে চকুজুৰি ইফালে-সিফালে পোনায়।

চিনাকি মুখবোৰে অচিনাকী মুখৰ ওচৰত হাৰ মানি যায়।

চিনাকি মুখবোৰো দূৰলৈ গুচি যায়,

অচিনাকী মুখবোৰো আন্ধাৰত লুকাই যায়!

চিনাকি - অচিনাকীৰ মধ্যস্থতাত 

নিয়ন লাইটৰ পোহৰত 

নিজস্বতাবোৰ ক’ৰবাত তৰা হৈ জিলিকে।

                    

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

Rahul Chetia Poet Biography

Rahul Chetia Poet Biography | ৰাহুল চেতিয়া - উৰুখা পঁজাৰ জোনাক, মায়াবিনী আঁউসীৰ এটি জোনাকী Rahul Chetia (ৰাহুল চেতিয়া) is a p...