Tuesday, December 27, 2022

নৱবৰ্ষৰ অনুভৱ:হাইছ উদ্দি আহমেদ

নৱবৰ্ষৰ অনুভৱ

                  হাইছ উদ্দি আহমেদ

                    নগাঁও



জীৱনত প্ৰেম নোহোৱাকৈ

জীৱনত ভালপোৱা নোহোৱাকৈ 

তোমাৰ জীৱনত কোন আছে কোৱাচোন,??


মই তোমাক প্ৰেম আৰু ভালপোৱাৰ কথা সুধিলেই চমক খাই উঠা কিয়??


হয়তো তুমি বহুত আঘাত পাইছিলা

নহ'লে তুমি প্ৰেমৰ আৰু ভালপোৱাৰ মহত্ব বুজিয়েই নোপোৱা


মই প্ৰেম অবিহনে জীয়াই থাকিবলৈ নোৱাৰোঁ

 হাঁহিমুখে স্বীকাৰ কৰিছোঁ বহুত বাৰ


তুমি ক'ত??কেতিয়া??

 হঠাতে নাইকীয়া হৈ যোৱা

মই বৰ চিন্তাত পৰি যাও


এতিয়া যোৱা তোমাৰ বাটেৰেই 

ময়ো যাত্ৰা কৰিম

যি বাটেৰে তুমি ভাল পোৱা

সেইটোৱেই মোৰ লক্ষ্য হ'ব বুলি ধৰি লম।


নতুনকৈ জীৱন জীয়াই থাকিবলৈ

আকৌ তোমাক মনে-প্ৰাণে ভাল পাবলৈ 

ক'ত বিচাৰি পাম??

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...