Tuesday, November 01, 2022

গ্ৰন্থ:মিন্টু গোৱলা

 গ্ৰন্থ

বিশ্বত লিখি যাম মই গ্ৰন্থ,

জিলিকিম আখৰৰ আৰঁত গ্ৰন্থৰ মাজত!!

বিশ্বৰ ঘৰে ঘৰে থাকিম জিলিকি আখৰৰ হয়!

ন-পুৰণি কথাৰে ভৰা মোৰে এই গ্ৰন্থ হ'ব বহুতৰ প্ৰিয়,

 আকোঁৱালি ল'ব মোক সিহঁতৰ হৃদয়ৰ মাজত আখৰৰ সুবাসত।

কোনোৱে বিচাৰি পাব মোক, কোনোৱে বিচাৰি পাব নিজকে সেই সোনোৱালী আখৰ বোৰত।

মোৰ গ্ৰন্থ হ'ব বহু মধুৰ,

প্ৰতি দিনে পঢ়িলে পাব তাৰ ন ন সুবাস

এই গ্ৰন্থৰ আখৰ বোৰত।

কোনোৱে বিচাৰি পাব জীৱন গঢ়া মন্ত 

এই গ্ৰন্থৰ আখৰ বোৰত।

কোনোৱে বিচাৰি পাব জীৱন ধ্বংসৰহে মন্ত

এই গ্ৰন্থৰ আখৰ বোৰত।

মই লিখি যাম গ্ৰন্থ মৃত্যুৰ আগমুহূত লয়!!

বিশ্বৰ ঘৰে ঘৰে জিলিকিম গ্ৰন্থৰ আখৰে আখৰে

মানৱ হৃদয় জিনিম গ্ৰন্থৰ কথাৰে ।

মই লিখি যাম গ্ৰন্থ মৃত্যুৰ আগমুহূত লয়!!!

           ‌‌         শ্ৰী মিন্টু গোৱলা, লখিমপুৰ

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰকাশ পালে কবি ৰাহুল চেতিয়া চিলাপথাৰ প্ৰথম খন কাব্য গ্ৰন্থ "মায়াবিনী আউসীৰ এটি জোনাকী"

 কবিৰ চমু পৰিচয়: কবিৰ জন্ম ১৯৯৬ চনৰ ১৩ মাৰ্চত ফাগুনৰ ৬ তাৰিখে ধেমাজি জিলাৰ নিলখ পূৰ গাওঁত। কবিৰ পিতৃ স্বৰ্গীয় দিলীপ চেতিয়া আৰু মাতৃদ্বয়ৰ না...