Monday, October 16, 2023

দ্বিতীয় বছৰ অক্টোবৰ মাহ ১-১৫ সংখ্যা, জোনাকী পষেকীয়া ই-আলোচনী

পষেকীয়া ই-আলোচনী

                       জোনাকী
          দ্বিতীয় বছৰঅক্টোবৰ মাহ ১-১৫ সংখ্যা


জোনাকী গোটৰ হৈ ৰাহুল চেতিয়াৰ সম্পাদনাত ধেমাজি নিলখপূৰৰ পৰা প্ৰকাশিত একমাত্ৰ সাপ্তাহিক ও পষেকীয়া ই-আলোচনী।


এই সংখ্যা সজাইছে কবিতা শিতানত:

ৰাতুল চেতিয়া ফুকন,নাছিৰ আহমেদ,মিন্টু গোৱলা,বিনীতা মেচ,নবীন চন্দ্ৰ মেধি,হীৰক কলিতা ,নিৰৱপ্ৰিয়া( দৃলীনা দাস),কিশোৰ কুমাৰ কলিতা,ৰশ্মি ৰেখা দুৱৰা,প্ৰগতি গগৈ চাংমাই,আৰতি শৰ্মা,অনন্ত কুমাৰ ভূঞা,বন্দনা দাস,ৰাহুল চেতিয়া,অজন্তা দত্ত বৰা,শান্তা দাস,ৰিছা বৰা,অংকিত প্ৰতীম  কাশ্যপ,ড০ ইকবাল হোচেইন খান,আয়নাল হক, সাদৰী শইকীয়া,হাইছ উদ্দিন আহমেদ,সবিতা বেগম,লখিমী শৰ্মা,সমুজ্জ্বল ডেকা,  জ্যোতিস্মিতা বৰা,ভূপেন্দ্ৰ চৌধুৰী,পুতুল ডেকা লহকৰ,দেইজী কাৰ্খ বৰদলৈ,শিল্পী দাস, আমিৰ হুছেইন আহমেদ,-আচমা বেগম,মণিকা গগৈ,আলমিনা খাতুন,ৰুম্পী দাস,জোনমণি ৰয়,অজয় লক্ষ্মী কৈৱৰ্ত,শ্ৰীমতী অশ্বিনী বৰুৱা,জেফলিন চুলতানা,অভিমানী ছোৱালী অনুস্কা,ৰাজদ্বীপ মৰাং,শুৱলা  দাস।

⬛️দুৰ্গাপূজা বা দুৰ্গোৎসৱ:কুকী মহন্ত।

📰খিড়ীকিৰ সিপাৰে এটি কলা ছায়া

:কানুপ্ৰিয়া ডেকা




⛔️মানচিত্ৰৰ কাজিয়া।

মানচিত্ৰ এখন লাগ বুলিলেই পাব পাৰি নে
আঁকিব পাৰিনে এখন মানচিত্ৰ
মনে বিচৰা মতে ।
কথাবোৰ ভৱাৰ দৰে ইমান সহজ নহয় ।
বুৰঞ্জী য়ে কলেও
বাস্তৱৰ ভূগোলে বহু কথা নকয় ।
এতিয়া দেশে দেশে
মানচিত্ৰৰ বাবেই কাজিয়া,
সহজে কাকো দমন কৰিব নোৱাৰি
সহজে কাকো হাৰ মনাব নোৱাৰি
কাৰণ সহজে কোনেও
সহজ ভাবে মানি নলয় ।
এখন মানচিত্ৰৰ বাবে সকলোতে
গুলি ফুটোৱাৰ আখৰা চলিছে
কঠোৰতকৈ কঠোৰ আখৰা ।
ক'ৰবাত আকৌ
গুলি ফুটোৱা বন্ধ কৰিবৰ বাবে
গুলি ফুটাইছে ।
মাজত নিৰিহ জনতা
মানচিত্ৰৰ ভূ নোপোৱা।
এখন উমৈহতীয়া মানচিত্ৰ
আঁকিব নোৱাৰি নে
যাৰ ভিতৰত সকলো থাকিব ।

ৰাতুল চেতিয়া ফুকন।
চৰাইদেউ
=================€×××××××===========



⬛️মা দুৰ্গাৰ পৰা দামিনী  সমীপেষু
নাছিৰ আহমেদ ,শিমলাবাৰী,গোৱালপাৰা।



ইতিহাসে ঢুকি নোপোৱাৰ পৰা
বিশ্বৰ বুকুত দেৱীপূজাৰ পয়োভৰ।
শঙ্খ, ঘন্টা, তাল,ভোৰতাল,ঢাক, ঢোলৰ চেও ধৰি
চিৰ কুমাৰী দেৱদাসীৰ নৃত্যৰ ছন্দে ছন্দে প্ৰদক্ষিণ!

মা দুৰ্গাৰ পৰা দামিনী  সমীপেষু
বহু দেৱতাৰ তেজৰ পৰা জন্ম মা দুৰ্গাই
অসুৰৰ তেজ পিবলৈ নামি আহিছে ধৰাৰ বুকত  ;
দশভূজাধাৰীয়ে দহখন অস্ত্ৰেৰে বধ কৰিছে অসুৰক

অথচ ,আমি শুভ শক্তিৰ প্ৰতীক মা দুৰ্গাক
অকাতৰে বিসৰ্জন দিওঁ বিজয়াৰ বিফল সন্ধ্যাত!

ক্ষীৰ সাগৰত অমৃত বিচাৰি মন্থন কৰি থাকোঁতে
উঠি আহিল লক্ষ্মী, উৰ্বশী,মেনকা আৰু চিত্ৰলেখা
তেতিয়া দেৱতা আৰু অসুৰে সিহঁতক ললে ভগাই ।

সমাজক আভুঁৱা ভাৰি পুৰহিতে মন্ত্ৰোচাৰণ কৰিলে
" যা দেৱী সৰ্বভূতেষু -মাতৃ ৰূপেণ সংস্থিতা ----

নমস্তসৈ নমস্তসৈ নমস্তসৈ  নম  নমঃ

যা দেৱী সৰ্বভূতেষু শক্তি ৰূপেণ সংস্থিতা
নমস্তসৈ নমস্তসৈ নমস্তসৈ নম নমঃ "

অথচ জুইত পুৰি  খাটি সোণ বুলি প্ৰমাণ দিয়ো
সীতা দেৱীয়ে অশৌচ বুলি দণ্ড -কাৰণ্যলৈ গ'ল!
ঋষিৰ শাপত অহল্যাও শিলৰ মূৰ্ত্তি হৈ থাকিল,
দুৰ্বাসা ঋষিৰ শাপত শকুন্তলাও প্ৰিয়তমক হেৰুৱায়।
যুগে যুগে পুৰুষ -প্ৰধান সমাজে নাৰীক দেৱীৰূপে কৰে পূজন-সেৱন ,
অথচ , সুযোগ -সন্ধানি পুৰুষে দেৱী তুল্যা নাৰীক
কৰে অন্যায়, অত্যাচাৰ, ব্যাভিচাৰ, শোষণ আৰু ধৰ্ষণ !
হে  আই বসুমতী,  মাটিৰ মা , জননী জন্মভূমি !
আৰু কিমান নিৰ্যাতিতা হবা ? 
কিমান নিৰ্যাতিতা হবা কৌৰৱৰ প্ৰকাশ্য ৰাজসভাত ?
পিতৃ আদেশ মানি  মুমূৰ্ষু  কাচেমক                                          

  পতি বৰণ কৰি বিধৱাৰ সাজ পিন্ধিবা ?
ৰোমৰ দেৱী ভেনাচ আৰু ডিয়েনাও সাৰি নগল ;
মা মনসা , সৰস্বতী আৰু মা দুৰ্গাও -------
দুয়ো কুল পাৰ ওপচাই পলস পেলাই মাটি উৰ্বৰ কৰা নাৰী আৰু নদীয়ো হ'ল বলাৎকাৰৰ  চিকাৰ ?

এতিয়া আকৌ পাল পৰিছে দামিনী  আৰু নিৰ্ভয়া ,
অসম তথা ভাৰতৰ জীয়ৰী আৰু বোৱাৰীৰ ?

এপিনে জাকজমক ভাবে চলিছে দেৱীৰ পূজা ,
আনপিনে নাৰীৰ ওপৰত জঁপিয়াই পৰিছে
মহিষাসুৰ, কালকুট আৰু ৰক্তবীজৰ দল !

এতিয়া মেকুৰীৰ ডিঙিত কোনে টিলিঙা আঁৰিব বাৰু ??
=============×××××××================


⛔️নিয়ৰকণা

শুভ্ৰ পোছাকেৰে ফটিক হৈ
মুকুতাৰ দৰে জিলিকি উঠা,

মণি সদৃশ এটোপাল বোৰ
এটি মাথোঁ ফটিক পানী ।

সেমেকা সেমেকা হাতৰ স্পৰ্শই
মনতো আমোল -মোল কৰি তুলে।

      মিন্টু গোৱলা, লখিমপুৰ কদম

===========××××===========××××======

⭕️যি কথা কোৱা হোৱা নাই

ইমান ব্যস্ত নে ?
এইবুলি সুধিবলৈ যাওঁতে
দুৱাৰ খন খুলি চাই দেখোঁ
ক'ত মোৰ ৰঙীন সপোন ?
মকৰাই দেখোন জাল বান্ধিছে,
সপোনৰ কোঠাটোৰ
বৰণ সলনি হৈছে, চূণ-তেল খহি গ'ল
শৰীৰটো বহুদিন আগতেই ভাগৰি পৰিছে
নিস্তব্ধতাৰ আৱৰণ ফালি ওলাই আহিব পৰা কৈ
সি সক্ষম হৈ থকা নাই
আগলৈ খোজ দিব পৰা নাই
মুঠতে সি ভালে থকা নাই

ইমান দিনে খবৰ লোৱা নাই
সি অভিমান কৰে।
সেই যে কোঠাতো,
সপোনৰ...
তাত এক আচৰিত গোন্ধ
বোধহয় কোনোৱে তাত আত্মহত্যা কৰিছে।

সি কোৱাত
কেৱল ঘাই শিপাডাল হে জীয়াই আছে
তাকো ৰ'দে চেপি মাৰিছে
মই একো অজুহাত দেখুৱাব নোৱাৰিলোঁ
আজুৰি আনি সাৱটি ধৰিলোঁ,
আকৌ প্ৰতিশ্ৰুতি দি পেলালোঁ
সপোন ৰঙীন কৰাৰ।।

  বিনীতা মেচ, ডিব্ৰুগড়
===========××××===========××××======

◼️ভাল পোৱা মানুহজনৰ বিলৈ
নবীন চন্দ্ৰ মেধি
গোলাঘাট ।

ভাল পোৱা মানুহজনৰ মৃত্যু কামনা কিয় কৰে জানেনে ?
ভাল পোৱা মানুহজনৰ বিলৈ
চাই থাকে কেনেকৈ ?
তোমাৰ মৰমতে জীৱন নিৰ্বাহ তোমাৰ মৰমতে মৃত্যু কিম্বা ।

জীৱনৰ জ্বালা যন্ত্ৰণা ভোগ কৰি কৰি অৱশেষত বৃদ্ধাৱস্থাত ভাগৰুৱা হৈ পৰে যেতিয়া ,
চোৱা চিতা কৰিবলৈ কাষত মানুহ নাথাকে তেতিয়া ।

বিচনাতেই খোৱা বোৱা 
মল মূত্ৰ ত্যাগ কৰা
গালি শপনি পাৰি পাৰি
বুঢ়ীয়ে ধোৱে কাপোৰ কানি ।
গ'ল গ'ল গ'ল
লগৰ মখা গ'ল ,
জহনিত যোৱা বুঢ়াটোহে  নমৰা হ'ল ।

সাতটাকৈ ল'ৰা ছোৱালী
ঘৰত মাত্ৰ সৰু বোৱাৰী ।
গাই খিৰোৱা , কাপোৰ ধোৱা ,  ল'ৰা ছোৱালী চোৱা ,
ৰন্ধা বঢ়া , কাঁহী বাচন ধোৱা আৰু আলহী সোধপোছ কৰা।
ইমানবোৰ কাম মূৰত লৈ শহুৰেকক চাই কেনেকৈ ?

মই মৰি গ'লে বুঢ়া
তোৰো হ'ব কষ্ট ,
গতিকে পৰি থকাতকৈ
মৰি থকাই শ্ৰেষ্ঠ ।

এয়াই হয়তো ভাল পোৱা
মই জীয়াই থাকোঁতে তুমি যোৱা ।
নহ'লে যে হ'ব তোমাৰ
আলৈ আথানি ,
সেয়া সহ্য কৰিব
নোৱাৰিম কিজানি ।
===========××××===========××××======

🏵️অকণমান মৰম দিয়া
-নি:ডিম্পল, সু সাহিত্যিক

মোক অকণমান মৰম দিয়া
মোক অকণমান ভালপোৱা দিয়া
মোক অকণমান বিশ্বাস দিয়া
মোক অকণমান হেঁপাহ পলুৱাই
কান্দিবলৈ দিয়া
তোমাৰ মৰমী দুবাহুৰ মাজত।।

=======××××======×××======

⬛️কল্পনা

শূণ্যৰ বুকুত ওলমি থকা এখন
সাগৰৰ বাসিন্দা মই যাৰ নাই
কেতিয়াও ইপাৰ - সিপাৰ ।
এখন আকাশৰ দৰে বিশাল মোৰ
কল্পনা আৰু এটি ধূলি কণাৰ
সমান খোজ মোৰ পংগু ভৰিৰ ।
ভবিষ্যতে টানি লৈ যোৱা কল্পনাৰ
বাটত এতিয়া অনিশ্চয়তাৰ শংকা
বিশৃংখল জীৱন বাটত এতিয়া মাথোঁ
ধুৱলি কুঁৱলী সপোনৰ ছায়া ‍মায়া ।

✍️ হীৰক কলিতা , নলবাৰী
===========××××===========××××======
⛔️ অমৃত কলহ
      নিৰৱপ্ৰিয়া( দৃলীনা দাস)

প্ৰিয়,
এইবেলি ভাবিছোঁ পূজাত
তুমি মোৰ বাবেই
অতি আটকধুনীয়া
অমৃত কলহ
উপহাৰ দিবা।
যত আমাৰ দুয়োৰে
মৰমবোৰ উপচাই
তুলিম আলফুলে ।
প্ৰিয়,
মৰমবোৰে লাহে লাহে
পলস পাব
আৰু
এদিন তুমি তাতেই সিঁচি
দিবা ভাল পোৱাৰ বীজ
যত উপচি পৰিব এখন
সেউজীয়া উপবন।
প্ৰিয়,
অমৃত কলহত আমাৰ
প্ৰেমবোৰে গজালি মেলিব
হব প্ৰেমৰ আস্থা
দিব দুয়োকে সান্তনা
সুখ দুখৰ হাঁহিৰ
জীয়াই থকাৰ সান্তনা ।

===========××××===========××××======

⭕️ সেউজীয়া আচলৰ ছাঁত
কিশোৰ কুমাৰ কলিতা

হেপাঁহৰ আহিনীয়া বৰষুণজাকত তিতিছে
ভৰদুপৰীয়াৰ সেউজীয়া আপোন পথাৰখন

পিৰালীত বহি পিতাই বেঙামেলি চাই
দুখ নাথাকিলে কিহৰ এই সুখী জীৱন !
আবেলিটো লুকাই পজাটোৰ জোলোঙাত
সহোদৰ বুলিবলৈ বাহজোপা হলেওটো আছে  !

চহা জীৱনৰো নানাৰঙী ছন্দ আছে
সাইলাখ ৰামধেনুখনৰ দৰেই।
জোন চোৱা কাহিনীৰ সাধু এটাৰ জোখাৰে
পথাৰখনে সুখী হবলৈ সকলো দিছে

আয়ে উদযাপন কৰে বিষাদৰ উজাগৰী ৰাতি
বোকোচাত কঢ়িয়াই হেৰুওৱাৰ এবোজা দুখ
তথাপিও নতুন প্ৰভাতৰ আশাত বন্দী এই জীৱন।
হৃদয় নাভাগিলে জীৱনৰ সাৰ্থকতাই বা কত !
খামি ডাঠ কৰি আগুৱাই জীৱনৰ বাট

এই যে পুৱা-দুপৰীয়া- আবেলি অথবা নিশাবোৰ !
আমিবোৰটো আজোককাৰ পথৰেই পথিক

এয়াইটো জীৱন
একাবেকা বাটৰ বিনন্দীয়া অজুহাত
সেউজীয়া আচলৰ ছাঁত ভাগৰ জিৰাই
দুখৰ বুকুত সুখী হোৱাৰ প্ৰয়াস ... !

কিশোৰ কুমাৰ কলিতা ( গিৰীন্দ্ৰ)
মাৰফৎ-  স্বৰ্গীয় ললিত চন্দ্ৰ কলিতা
গাওঁ- দখলা (বণিয়াপাৰা)
ডাক - বিজয়নগৰ (দখলা)
কামৰূপ (অসম)
পিন- ৭৮১১২২
ফোন - ৯৯৫৪০৩০৯৩১




◼️দুঃসাহসিক অভিযান
    ✍️ৰশ্মি ৰেখা দুৱৰা
      ডিব্ৰুগড়



পৰ্বতৰ মোহনাত খুপি খুপি খোজেৰে
নিৰলস দুঃসাহসিক অভিযান
দুভৰিৰ খোপনিতে জীৱনৰ ভৰসা
বিপদে ৰিঙিয়াই আমন্ত্ৰণ জনায়
প্ৰতি পদে পদে মৃত্যুৰ আকুল আহ্বান।

মেঘাচ্ছন্ন আকাশত শুকুলা আৱৰণ
প্ৰকৃতি ৰুষ্ট পৰিৱেশ গোমা…!
চৌদিশ নয়নাভিৰাম
শুভ্ৰ বৰফৰ টুকুৰাৰে মন সৰিছে
সপোন যেন পৰিৱেশে তুষাৰপাতৰ মজিয়াত বাস্তৱৰ বৰণ সলাইছে।

শুভ্ৰ বৰফৰ জিকমিকনিত
অলপপৰ আনন্দত বিভোৰ
পুনৰ দুঃসাহসিক অভিযান
বহু প্ৰত্যাশা,বহু কষ্টৰ অনুশীলন
অতিমাত্ৰা ঠাণ্ডাকো চেৰ পেলাই
শিখৰে বাৰে বাৰে আদৰণি জনাইছে
বিজয়ৰ ধ্বজা উৰুৱাবলৈ।

একাগ্ৰতাৰে দৃঢ় সংকল্প লৈ
সাৰি সাৰি সাহসেৰে পুনৰ অভিযান
পৰ্বতত প্ৰচণ্ড এভালেন্সৰ খুণ্ডাত
সপোনে ব্যৰ্থ হৈ পিছহুহুকিছে
আশাবোৰে বাট হেৰুৱাইছে
পুনৰ যাত্ৰা;সপোনৰ,দিঠকৰ
মনৰ প্ৰবল শক্তিৰ…!

======××××======××××=======×××===========

◼️শ্যামকানু
প্ৰগতি গগৈ চাংমাই

শ্যাম বৰণীয়া শ্যামকানু
বজায় মোহন বেণু
প্ৰাণৰ ৰাধিকাই চায়
নয়ন জুৰাই
হেঁপাহচোন নপলায়
চাই চাই।

শৰতৰ পূৰ্ণিমা ৰাতি
চৌপাশ মোহনীয়া অতি
ৰূপোৱালী জোনৰ স্নিগ্ধতাত
মন ভৰি পৰে ব্যাকুলতাত।

যত গোপী তত কৃষ্ণ
কৃষ্ণ বিনে নাই আন
থাউকতে হেৰাই কৃষ্ণ
ৰাধাৰ প্ৰাণৰ গোবিন্দ
গোপীসৱ বাউলী
কৃষ্ণক বিচাৰি।

======××××======××××=======×××===========

◼️' মিছাইল  মেন '
          ✍️ আৰতি শৰ্মা।
           বাইহাটা চাৰিআলি।
           

জ্ঞানৰ ক্ষেত্ৰত, এটা পথ প্ৰদৰ্শক পোহৰ,
প্ৰজ্ঞা থকা এজন শিক্ষক,
ইমান উজ্জ্বল উজ্জ্বল,
ড° এ পি জে আব্দুল কালাম,
এটি নাম পূজনীয়,
তেওঁৰ শিক্ষা আৰু মূল্যবোধ,
চিৰদিনৰ বাবে প্ৰিয়।

আৱেগ আৰু উদ্দেশ্যেৰে
তেওঁ মঞ্চ শোভা বঢ়াইছিল,
ডেউকাৰ দৰে তেওঁৰ কথা,
প্ৰেৰণাদায়ক উৰণ,
ডাঙৰ সপোন দেখিবলৈ,
নতুন উচ্চতাত উপনীত সপোন।

শিক্ষণৰ কৰিড’ৰত, য’ত সপোনৰ জন্ম হয়,
ড° কালামৰ উপস্থিতি, ,
তেওঁ শিক্ষাৰ শক্তিৰ শক্তিত বিশ্বাস কৰিছিল,
জীৱনক ৰূপান্তৰিত কৰিবলৈ,
ৰাতিৰ আলোকচিত্ৰ আলোক কৰিবলৈ।

নম্ৰ আত্মা আৰু উজ্জ্বল হাঁহিৰে,
তেওঁ মনবোৰক লালন-পালন কৰিছিল,
সেই অতিৰিক্ত মাইলটো গৈ,
বিজ্ঞান আৰু শিল্পৰ ৰহস্য উন্মোচন কৰি,
তেওঁ আমাৰ মাজত কেতিয়াও আঁতৰি নাযাবলৈ পিয়াঁহ জগাই দিলে।

আকাশৰ মাজেৰে পিচুৱাই যোৱা
ধুমকেতুৰ দৰে তেওঁৰ কথা,
কৌতুহল জ্বলাই,
আমাক চেষ্টা কৰিবলৈ আহ্বান জনাই,
সত্যক প্ৰশ্ন কৰিবলৈ,
অন্বেষণ কৰিবলৈ আৰু বিচাৰিবলৈ  ।

পাঠ্যপুথি আৰু শৈক্ষিক পৰীক্ষাৰ বাহিৰেও,
শ্ৰেষ্ঠ হ’ব পাৰি কেনেকৈ
সকলো কামতে অধ্যৱসায়ী হ’বলৈ।
নিজৰ যাত্ৰা, সংগ্ৰাম, বিবাদ,
দৃঢ়তা আৰু জীৱনৰ মূল্য আমাক শিকাবলৈ,
আমাৰ হৃদয় চুঁই যোৱা উপাখ্যানৰ সৈতে,
তেওঁ গুৰু হৈ পৰিল, নিজৰ ভূমিকা পালন কৰিবলৈ।

এজন দূৰদৰ্শী নেতা, এজন কৃপাৰ মানুহ,
ডাঃ কালামে এৰি থৈ গ’ল অমলিন লেখ,
অগণন আত্মাৰ হৃদয় আৰু মনত,
যাৰ  জীৱন তেওঁ স্পৰ্শ কৰিছিল,
প্ৰেৰণা উন্মোচন হোৱাৰ লগে লগে।

যি শিক্ষা প্ৰদান কৰিছিল,
তেওঁ লালন-পালন কৰা মূল্যবোধ,
তেওঁ ৰচনা কৰা সপোন,
তেওঁৰ শিক্ষাত আমি চিৰদিনৰ বাবে বিচাৰি পাম,
এজন ভাল শিক্ষকৰ সাৰমৰ্ম, এক প্ৰকাৰৰ।
      ------------°°°°°----------

======××××======××××=======×××===========

◼️কবিতা নো কি----?
অনন্ত কুমাৰ ভূঞা।

(১)

কবিতানো কি --?
অনুভৱৰ এখনি বহল পথাৰ
পলসুৱা মাটিৰ সেউজীয়া শষ্য
নীলাভ আকাশৰ এচপৰা ডাৱৰ ।

(২)

কবিতা নো কি ---?
শেৱালি ফুলৰ সুগন্ধি সুবাস
ৰঙা গোলাপৰ
প্ৰণয়ভৰা আলসুৱা মৰম
সুৰৰ নিশাৰ এঢোক সুৰা
শব্দ বিহীন মাতাল নিশা
মধুৰ ক্ষণ জীৱন বাটৰ
ৰুগ্ন মনৰ মৃতসঞ্জিৱনী ।

(৩)

কবিতা নো কি ---?
উটি অহা বেজাৰৰ ঢৌ
আবেগৰ অভিমান
সপোনৰ মন্দাকিনী নৈ
অনিশ্চিত জীৱন যাত্ৰা
অনিৰুদ্ধ গতিৰে আকাশ চোৱাৰ হেঁপাহ
লালসাত লৈ ফুৰা মন ।

(৪)

কবিতানো কি ---?
সাঁতুৰি থকা দৰিকণাৰ পোৱালি
ভাহি ফুৰা মেটেকাৰ ফুল
বৈ থকা স্ফটিক ধাৰা
বসন্তৰ কুমলীয়া কুঁহিপাত
মৌন ওঠৰ অবুজ ভাষা ।
==================
======××××======××××=======×××===========

◼️বিতা - শিক্ষা নীতি

ম এখন জাকত- জিলিকা দেশ
ইয়াত থকা মানুহৰ আছে নানা বেশ ।
শিক্ষা নীতি হৈ আছে লাহে লাহে দুৰ্বল
মেট্ৰিক পৰীক্ষা ৰ ৰুটিন ওলায় নানা ৰকম ।
এবাৰ ১৬ এবাৰ ১৭ তাৰিখ থাকে বদলি
তাকে দেখি পৰীক্ষাৰ্থীৰ লাগে আমনি ।
নিউজ ত ওলায় বহিবোৰ গৈছে জুইত পুৰা
এটা নিউজ শেষ নহওঁতেই
আৰু আহে বেলেগ
এইবাৰ হেনো গৰুই বহি গিলা।
তাকে দেখি লাগে আমাৰ
হায় ; কি যে হব
শিক্ষা বিভাগত কৰ্মৰত থকা বোৰক
কেতিয়াবা ৰাইজে  ঔ কিল হে দিব।

বন্দনা দাস ।
======××××======××××=======×××===========

◼️কবি

======××××======××××=======×××===========

◼️তোমাৰ বাবে লিখিম কবিতা

আহিবা এদিন সন্ধিয়া পৰত
দীঘলীপুখুৰীৰ পাৰলৈ,
দুয়ো একেলগে বহি
তাতেই লিখিম
তোমাৰ মোৰ সুখ-দুখৰ কবিতা।
প্ৰাপ্তি অপ্ৰাপ্তিৰ
যোগ-বিয়োগ,পূৰণ-হৰণে
লেখ গনিম দুয়োৰে জীৱনৰ।।
বীজ গণিতীয় সূত্ৰৰ সহায়ত
জীৱনৰ ঘাট-প্ৰতিঘাটবোৰৰ
সমাধান উলিয়াবলৈ চেষ্টা কৰিম।।
আহিবা আক
সন্ধিয়া পৰত
দীঘলীপুখুৰীৰ পাৰলৈ,
উত্থান হব
যুগ্ম জীৱনৰ এক আধালেখা দস্তাবেজৰ।।

ৰাহুল চেতিয়া, চিলাপথাৰ,৬০০৩০৯৮২৩৩

======××××======××××=======×××===========

◼️প্ৰেম মাথোঁ এক অনুভৱ

নাজানো মই
সঁচাকৈ একুৰা প্ৰেমৰ পোহৰ নে মনৰ ভ্ৰম,,,,,
নে আন্ধাৰৰ মাজে মাজে
মোৰ প্ৰেমৰ লক্ষ।
জুইকুৱা জ্বলে নুমায়
আকৌ দপ -দপকৈ জ্বলে
হয়টো প্ৰেমৰ মায়াবী বতাহে
আকৌ কোবাই
হয়টো জিই তোমাৰ
ভালপোৱা পোহৰৰ আহৱান
নিৰলে তোমাৰ,
হয়টো জ্বলি আছে জুইকুৰা মোৰ হৃদয়ত ।
আৰু দুৰৈৰ তোমাৰ কলিজাত
সেইয়া তাৰেই প্ৰতিচ্ছবি ।
প্ৰেম এক স্বৰ্গীয় অনুভুতি
পোহৰাব লৈ জ্বলায়
দুখনি অন্তৰ।

অজন্তা দত্ত বৰা,নগাঁও ।
======××××======××××=======×××===========

◼️মনুষ্যত্ব নাই

সমাজত মানুহ আছে ঠিকই,
    কিন্তু মনুষ্যত্ব আমাৰ মাজত নাই।
       অনুভূতি আছে যদিও,
          অনুভৱৰ কোনো দাম নাই।

মানৱ সমাজ আজি বিষাক্ত,
    কলুষিত প্রায় মানসিকতা আৰু মন।
       তথাপিও জীয়াই থকাৰ চেষ্টা,
          মানুহে চলাই যায় আপ্রাণ।

অর্থ আৰু প্রাচুর্যৰ অহংকাৰত,
    হেৰাই গ'ল সহানুভূতি আৰু সহমৰ্মিতা।
        প্রাচুর্যৰ শিখৰত বহা জনে বুজিব কি দৰে,
           পীড়িত জনৰ যন্ত্ৰণাৰ কথা।

মানুহ আজি নহয় যে মানুহ,
   নাই অন্তৰৰ দয়া মায়া।
       যি দিশতে চাওঁ সেই দিশতে পাওঁ,
             কেৱল স্বাৰ্থৰ ছায়া।

ধৰফৰাই উঠিল প্রাণটোৱে আজি,
    মুক্তি বিচাৰিছে সঘনে।
       শত অ-মানুহৰ ভিৰৰ মাজত,
            জীয়াই থাকিব মনে নেমানে।☝

শান্তা দাস
লংকা, হোজাই, অসম।
======××××======××××=======×××===========

◼️ শৰৎৰ আগমণ

বিচনা খন এৰিয়েই দেখো
চোতালৰ দুবৰিত মুকুতা ৰ আভৰণ।
এয়া চাগৈ শৰতৰেই আগমন।

পদূলিৰ পৰাও শেৱালীৰ নাকত লগা গোন্ধ আহে
প্রকৃতিৰ বুকুত এতিয়া শৰতৰ
সুবাস ভাহে
নৈৰ পাৰৰ কহুৱা জোপাই
আনন্দতে কীৰিলি পাৰে।

খৰ ধৰ কৈ আয়ে আহি
কাণে  কাণে কৈ যায়
'পূজালৈ গলেও মূৰ্তি নাচাবি
আমি মূৰ্তি চাব নাপায়'
আইৰ কথাত আকৌ বুজিলো
শৰৎ আকৌ আহিল
নতুন সূৰুয হৈ
মা দুৰ্গাক লগত লৈ।

পিতাৰ দুটি ওঁঠত আজি
মিছিকিয়া হাঁহি
শৰৎ যে আকৌ আহিল
আহিনৰ বুকুচাত উঠি
পিতাইৰ খেতিদৰাত
এপিয়লা প্ৰাণ ধালিবলৈ বুলি।

গাঁৱৰ মূৰৰ সংঘটোৰ পৰা
ভাঁহি আহে বাঁহীৰ মাত
নামঘৰৰ মুখৰ বকুল জোপাৰ
ততেই নাই আজি গাত
ইয়াতো আছে হেনো
শৰৎৰ হাত।

ৰিছা বৰা,লখিমপুৰ
======××××======××××=======×××===========

◼️নিজান প্রেমিক

পূব কামৰূপ মহাবিদ্যালয়ৰ তুমি,  
মৰম লগা ছোৱালীজনী।
এবাৰ ঘূৰি চাবা নেকি?
আমিও একো একোজন
প্ৰেমৰ ৰাগিত  মাতাল
     প্ৰেমিকৰ দৰে।
সেইদিনা, প্ৰথমবাৰৰ বাবে  
   তোমাক দেখিছিলো ।
তোমাৰ গালৰ  সেই 
ক'লা তিলটিয়ে মোক,
বাৰে বাৰে লাজুকীয়া কৰি পেলাইছিল আৰু.........
গাবলৈ মন গৈছিল
সেই গীতটি..............
  " তোমাক দেখা পালে
     সপোন জাগি উঠে,
    বুকুখনি হয় তাজমহল। "
পাৰ্কিঙত.......................,
   লগৰবোৰৰ সৈতে আড্ডাত
   বাৰে বাৰে মনত পৰিছিল
     তোমাৰ হাঁহিটি।
পাৰ্কিঙৰ আগেৰে পাৰ হৈ                
       যাওঁতে তুমি,
  যেতিয়া মোলৈ চাইছিলা
  চিঞৰি চিঞৰি গাবলৈ
   মন গৈছিল জুবিনদাৰ সেই 
    বিখ্যাত গীতটি.............
   " তুমি চোৱা যেতিয়া
      দুচকু তুলি
     মোৰ আকাশ
     ভাঙি নামে বিজুলী।

অংকিত প্ৰতীম  কাশ্যপ
বাইহাটা চাৰিআলি।
======××××======××××=======×××===========



◼️শাৰদীয় ৰাণী

শাৰদীয় ৰাণী আহিলেই
ভাৱৰ- বুৰবুৰণিত প্ৰকৃতি নাচে
উথলি উঠে মন
শুকুলা ডাৱৰে আকাশৰ স'তে কথা পাতে
প্ৰেম-অনুভূতিৰ শিহৰণ  ।

শাৰদীয় ৰাণী আহিলেই
ষোড়শীৰ হাতত শেৱালি হাঁহে
প্ৰেম বিশ্বাসত জগত ঘূৰে  ।

কঁহুৱাৰ নাচোনত
কবি হৈ পৰে ভাবুক 
সুন্দৰক পূজিবলৈ
শাৰদীয় ৰাণীক কৰে  বৰ্ণনা
মিঠা মিঠা অনুভৱত হৃদয় নাচে
মহিমা যে অচিনাকি শক্তিৰ
শৰৎ যেন কবিৰ সৃষ্টি
কোমল কোমল শব্দৰে জগত জিনে
শাৰদীয় ৰাণী আহিলেই
ভাৱৰ-বুৰবুৰণিত প্ৰকৃতি নাচে  ।

ড০ ইকবাল হোচেইন খান
খন্দকাৰ পাৰা ,বৰপেটা
9101809942
======××××======××××=======×××===========

◼️মিতিৰালি
আয়নাল হক, ধুবুৰী

সময়বোৰ জানো একেদৰে যায় ?
কেতিয়াবা প্ৰাপ্তি
কেতিয়াবা অপ্ৰাপ্তি
এইবোৰ লৈয়ে দেখোন
জীৱনৰ গাঢ় মিতিৰালি।
কোনেও নাজানে
সময়ে কাৰ বাবে
কি ৰাখিছে গোপনে ।
অথচ অকণমান হাঁহিবলৈকে
জীৱনৰ অন্তহীন প্ৰস্তুতি।
হেৰুৱাইছোঁ ---বুটলিছোঁ--
খলা-বমা পথত উজুটি খাইয়ো
চোৱা নাই উভতি।

অন্তহীন গতিৰে
মাথোঁ আগুৱাইছোঁ আগলৈ--!
পৰা নাই ভাগৰি
সপোনৰ পিছে পিছে দৌৰি।
নিবিড় মুহূৰ্তত
উকা কাগজ আৰু
কলম লওঁ বুটলি।
তেতিয়া
ভিন্ন অনুভৱে মেলে গজালি
হয়তো মূৰ্ত হয় অমানিশাৰ ছবি
নতু শৰতৰ স্বপ্নীল ৰাতি--!
এইবোৰ লৈয়ে দেখোন
জীৱনৰ গাঢ় মিতিৰালি...।
======××××======××××=======×××===========

◼️শৰৎ শেৱালি
সাদৰী শইকীয়া, আমগুৰি,

শৰৎৰ শেৱালি থোপা থুপি
দুৱৰি বনত আছে পৰি ।
শৰৎ মানেই নিয়ৰ সনা 
শেৱালি সুবাস, গ্ৰ্যীস্মৰ প্ৰৱল
উত্তাপ  সহিব নোৱাৰি ।
পুৱাৰ সূয্যৰ কিৰনে দুৱৰি বনত,নিয়ৰ মুকুতা ৰচে ।
শেৱালি সুবাস সনা মলয়া
শীতৰ সেমেকা সিৰসিৰণি,
প্ৰতিটো পুৱাৰে এনে মিঠা
সুবাস এনে স্মিগ্ধ কপনি ।
প্ৰকৃতিৰ অতি শস্য নেওচি
শৰৎ আহিল,।
আহিল দুৰ্গতি নাশিনী দেৱী দুৰ্গা মা ।
মন ভৰিল ভক্তি ভাৱত পূজাৰ মাদকতা,।
ধূপ, ধূনা,শৰাই, বন্তি,পুষ্প,
সজ্জিত আৰাধনা,।
মাথোঁ সেমেকা দুৱৰিৰ শিহৰণ, ।
তুলসী তলৰ চাকি, আকাশ বন্তি ৰ শস্য পথাৰ,
সকলোতে উদ্ভাসিত হয়
আলোকেৰে ।
শৰতৰ পুণিমা ৰাতিত কানাইৰ মোহন বাহীৰ
সুৰত হয় প্ৰকৃতি হয় মতলীয়া । সিঁচি দিয়া,শীতৰ সেমেকা,
মলয়া জাকে বোৱাই নিয়ম
সকলোৰে হৃদয়ত শান্তি ৰ
অমৃত নিজৰা ।
শৰৎ তোমাক জনালোঁ
স্বাগতম, ।
জনালোঁ স্বাগতম,  ।
======××××======××××=======×××===========

◼️নদী আৰু নাৰী
  হাইছ উদ্দিন আহমেদ

নদীৰ প্ৰেমত পৰিছিলোঁ
নদীয়ে প্ৰেমত নপৰে
নাৰীৰ প্ৰেমত জীৱন সফল
এক বিশাল মন পোৱা যায় নাৰীত
নদীৰ মন নাই, নদীত মাথোঁ গতি
বালিৰ লগত কথা পাতি বাস কৰে নদীয়ে
নাৰীয়ে বাস কৰে আনৰ হৃদয়ত
বৈ যোৱা নদীৰ দৰে নাৰীও গতি কৰে
ছোৱালী কালৰ পৰা বোৱাৰী কাললৈকে
বোৱাৰী কালৰ পৰা মাতৃৰ কাললৈকে
নাৰীৰ কান্দোন আৰু নদীৰ কান্দোন
দেখা নাযায়,
শুনা যায় শ শ শব্দ
নাৰী যেতিয়া অসহায় হৈ বেশ্যা হয়
নদী যেতিয়া অসহায় হয় বান্ধ ভাঙি লয়
নদীৰ পাৰত ঘৰ,
এজনী নাৰীৰ
নাৰীৰ ঘৰৰ কাষতে নদীখন
দুয়ো  কথা পাতে ,
কোনোৱেই নুশুনে
দুয়োৰে মনৰ ভাৱ,
নদী শুকাই জল অবিহনে
নাৰী শুকাই প্ৰেম অবিহনে
নদীৰ শব্দ দুখ প্ৰকাশ কোন পথে গতি
নাৰীক দুখ দি ,কষ্ট দি, অত্যাচাৰ কৰি,
সকলোৱে জুইত সেকি সেক লয়
পাপ কৰি নাৰীৰ শৰীৰ নষ্ট কৰি
নদীত গা-ধুই পাপ মোচন লয় কৰি
নাৰী আগতেও নিমাত বৈ যোৱা নদীৰ দৰে
নদীও নিমাত বিধৱা নাৰীৰ দৰে।
======××××======××××=======×××===========

◼️নিবিচাৰোঁ আৰু কষ্ট দিবলৈ তোমাক
সবিতা বেগম
বৰপেটা।

নিবিচাৰোঁ আৰু
কষ্ট দিবলৈ তোমাক...
প্ৰতিজ্ঞা কৰিছোঁ
মুক্তি পনে
নকৰিম কাজল ধৌত
তোমাক বিধ্বস্ত কৰি।
সৰ্বস্বয় নাপায় পূৰ্ণতা
পুৰা মাটিৰ দৰে
নকৰোঁ মিলনৰ আকাংক্ষা।
ভুলতো মোৰেই
প্ৰায়শ্চিত্ত কোনে কৰিব
বিধংস শীঘ্ৰেই
বৃদ্ধ সিংহৰ দৰে।
চৌপাশে ক'লা মেঘ
ঘোৰ অন্ধকাৰ! অমাৱস্যা
ভূমিহীন ভৰি দুখন নমাবলৈ
নালাগে! নালাগে আৰু....
আঁতৰি যাম নীৰৱে চিৰন্তে
দূৰ কোনোৱা দেশত
উভতি আৰু নাহিম দুনাই
জালানত কৰিবলৈ
নালাগে আৰু
বাক্ জাল বুনিবলৈ
বিতৰ্কৰ জখলা ববলৈ...
কাৰণ
প্ৰতিটো আদালতে মইয়েই
আচামী....
তুলিব নালাগে অসংখ্য আঙুলি
ফুল চন্দন ছটিয়াই
পাহৰি যাবা ঘৃণাৰে আৰু
সিহঁতকো পাহৰিবলৈ কোৱা....।
======××××======××××=======×××===========

◼️আহিনৰ সান্নিধ্যত শৰৎৰ আগমন

পুৱাৰ দুবৰিত নিয়ৰৰ টোপাল
আহিনৰ আঁচলত ,
শাৰদী ৰাণী অহাৰ সংকেত
চৌদিশে আমোলমোল শেৱালিৰ সুগন্ধত
হালিছে জালিছে কহুৱা বিৰিণা ,

মৃদু মৃদুকৈ অহা বতাহজাকলৈ
উদয় হ'ল মোৰ এক প্ৰশ্ন,
শৰৎৰ আগমনে
কাঢ়ি নিছে মোৰ মন - প্ৰাণ ,
বতাহজাকত দশোদিশ বিয়পি পৰিছে
শেৱালিৰ সুবাসত ,

এইয়া যেন আগজাননী
ধৰাৰ বুকুলৈ শাৰদী ৰাণী অহাৰ ,
শাৰদীয় দুৰ্গোৎসৱ অহাৰ
আহিনে কাণে কাণে আহি কৈ গৈছে
শৰৎৰ আগমণিৰ কথা ,

চৌপাশে মাথোঁ
শৰৎৰ উন্মাদনা ,
মন পৰশা এক অনুভৱৰ জোৱাৰ উঠিছে
সকলোৰে দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে ,
শৰৎৰ আগমনত আত্মবিভোৰ হৈ

ব্যস্ত হৈ পৰিছে সকলো
শৰৎক আমন্ত্ৰণ জনোৱাৰ দিশে
উপচি পৰিছে তলসৰা ,
শেৱালিজোপাৰ চাৰিওকাষ
ডাল ভৰি ভৰি শেৱালিজোপাৰ
সৌন্দৰ্য্যতালৈ চাই চাই ,
আপোন পাহৰা হৈ ৰোৱা
এইয়াই আহিনৰ শৰৎ অহাৰ সমিধান  ।।।।

নাম :--- লখিমী শৰ্মা
ঠিকনা :--- যোৰহাট
ম'বাইল নং :--- ৮৮১১৯৩০০৪২
======××××======××××=======×××===========

◼️"তোমাৰ বাবে"
কবিঃ সমুজ্জ্বল ডেকা, ৰঙিয়া

দুহাত মেলি ৰৈ আছোঁ
তোমাৰ সান্নিধ্যত
বৰষুণৰ টোপালত
জীপাল হʼবলৈ।
শব্দ বৰষে হৃদয়তে
সংগোপনে সঘনে সঘনে।
মেঘৰ গৰ্জনিত আকাশে কান্দে,
ৰʼদে আকৌ মিচিকিয়াই হাঁহে।
জোনাকৰে এটি ৰাতি
কবিতা লিখিছোঁ তোমালৈ।
ভালপোৱাৰ ষ্টেচনলৈ
গৈ আহিবা তুমি
মৰমৰ ডবাত উঠিবলৈ।
======××××======××××=======×××===========

◼️নিসংগতা

চহৰৰ অলিয়ে-গলিয়ে তাই ঘূৰি ফুৰে
আন্ধাৰৰ মাজে-মাজে পোহৰ বিচাৰে,
তাইৰ বাবে খুবেই প্ৰয়োজন
এটি আশ্ৰয়স্থল,
কিন্তু নাই,
তাইৰ বাবে সকলো আজি ভয়ংকৰ।
ষ্ট্ৰীট লাইটৰ পোহৰলৈ তাই ভয় কৰে
ভয় কৰে মানৱৰ কুটিল চকুলৈ,
যদিও তাই নিৰাপদ নহয়
সেই পাষণ্ডৰ পৰা তাই নিজকে লুকুৱাব বিচাৰে।

তাই আন্ধাৰ ভালপায়,
কাৰণ চকুলোবোৰ যাযাবৰী হৈ বয়।
তাইক আজি সময়েও কয়,
তোমাক এটি আশ্ৰয়ৰ প্ৰয়োজন।

তাই দেখে সেই শিশুবোৰ,
মাকৰ সৈতে পাৰ কৰা সময়বোৰ,
তাই মাথোঁ চাই থাকে দূৰৈৰ পৰা,
সুঁৱৰি তাইৰ স্মৃতিৰ গাঁথা।
তাইকো চকুপানী মোহাৰি দিছিল মাকে,
আজিৰ পৰা দুবছৰ আগতে।
সেই হাত খন নাই আজি সেই দিন ধৰি,
যিদিনা তাই দেখিছিল
তেজেৰে ৰাঙলী হৈ পৰি থকা মাকৰ শৰীৰ।
তাই আশ্ৰয় বিচাৰিছিল
দেউতাকৰ বুকুত,
কিন্তু......
সেয়া তাইৰ দেউতাক নাছিল,
মাত্ৰ এটা নৰখাদক অসুৰ।
প্ৰত্যুত্তৰত পাইছিল মাথোঁ দেউতাকৰ পৰা
এটি উদ্দাত্ত কথা,
"মাৰ মৰিল তয়ো এতিয়া ওলাই যা,
তহঁতি মোৰ ঘৰৰ এটা এটা আৱৰ্জনা"...।

সেই শব্দটো আজিও তাইৰ কাণত বাজে
তাই আৱৰ্জনা.....
ডাষ্টবিনৰ আৱৰ্জনা...!
সৰুতেই যদি তাইক অপ্ৰয়োজনীয় বুলি ভাৱি;
ডাষ্টবিনত পেলালেহেঁতেন,
আজি তাই আশ্ৰয় পালেহেঁতেন,
কোনোবা দুৰ্ভগীয়া মাতৃৰ কোলাত,
হয় এগৰাকী মাতৃৰ কোলাত
কোনোবা অভাগৰ কোলাত,
কটাব পাৰিলেহেঁতেন অনাহাৰে,
কাৰণ তাই মাথোঁ অলপ আশ্ৰয় বিচাৰে,
পিতৃ বুলি, মাতৃ বুলি কাৰোবাক বিচাৰে...।

    জ্যোতিস্মিতা বৰা
     যোৰহাট, অসম
    একাদশ শ্ৰেণী
(এনকেম ছিনিয়ৰ চেকেণ্ডেৰী স্কুল, বিজ্ঞান শাখা)।
======××××======××××=======×××===========

◼️অতীত মন্থন
  👉ভূপেন্দ্ৰ চৌধুৰী


তেলৰ চাকিটিয়ে দিছিলে
ঢিমিক্ ঢামাক্ পোহৰ এন্ধাৰতে,
তাতেই জাগি উঠিছিল উৎসাহ
মৰমৰ মুখবোৰৰ মিঠা মাততে। 

উৰালত বনোৱা চাউলৰে
সতেজ সুবাসৰ এসাজ ভাত,
মাটিৰ কলহৰ শীতল পানীয়ে
দেহমন কৰিছিলে শাত।

ঘৰৰ ছাঁয়াত সময়ৰ উমান 
তাৰেই কৰিছিলোঁ কৰ্ম সমাপন,
গধূলিৰ মহ খেদা ধোঁৱাই
দুচকু অশ্ৰুৰে বিৰক্তি মাথোন।

দূৰৈৰ ভাহি অহা ৰিণি সুৰ
ৰেডিঅ অথবা অজান বাঁহীৰ,
গহীন নিস্তব্ধতাৰ মাদকতা মধুৰ
মনত পৰে সেইবোৰ কথা ল'ৰালিৰ।

আনৰ বতৰাৰ বাবে ডাকৰ অপেক্ষা
এখিলা পাততে জিলিকা শব্দৰ সজ্জা,
খোজত ক্ষয় যোৱা চেণ্ডেলৰ বুকু
মামৰসিক্ত চাইকেলখনত উঠাই মজা।

স্কুলৰ ভিতৰতে জাগি উঠা প্ৰেম মুকুল
বাটত আহোঁতে কৰা তালৈ ধেমালিৰ চল, 
আজিও ভাহি উঠে তেনেবোৰ ছবি
নাজানোঁ কোন ক'ত হেৰাই গ'ল।

বুজি পালোঁ সেয়া পৰিৱৰ্তনগামী ক্ষণ
আজিৰবোৰো এদিনত হ'ব লুপ্ত নিশ্চয়,
আজিৰ চামেও তেতিয়া ভাবিবলৈ বাধ্য
অতীত মন্থনত মধুৰ স্মৃতিবোৰে কিনো কয়।
======××××======××××=======×××===========


◼️খোপনি
পুতুল ডেকা লহকৰ হেঙেৰাবাৰী।


উকা কলিজাত ওলমি থকা
দুখ যন্ত্ৰণাবোৰ নিলগাই থৈ
খোপনি পুতিলো এবুকু বেদনা লৈ
মনত পথাৰখনত বীজ সিঁচিলো
খৰালিৰ মাটিডৰা শুকান
আনহাতে বাৰিষাত বোকাপানীৰ সাগৰ
সময়ৰ বা-মাৰলিত নিজকে
হেৰুৱাই পেলোৱাৰ ভয়ত মন মগজু
সজাগ হৈ পৰিল বিকল্প বিচাৰি
অদৃশ্য মুখাবোৰ ভীষণ ভয়ংকৰ  হৈ উঠিল
লাহে লাহে অমাৱস্যাৰ তমসা আঁতৰি
হৃদয়ৰ চোতালখন পোহৰ হৈআহিল
সৃষ্টিকৰ্তা স্মৰণ কৰি মূৰ দোখাই গ'ল
সপোন ৰাজ্যত সংৰক্ষিত এ সাগৰ শান্ত লহৰে
জীৱনৰ সেন্দুৰীয়া বাট সুগম কৰি তুলিলে
মই  লাহে লাহে আগবাঢ়িলো পৰমাত্মাৰ সৈতে
একাত্ম হ'ব লৈ  শান্তিৰ সৰগ ৰচিবলৈ।
======××××======××××=======×××===========

◼️ফুল বোৰ
দেইজী কাৰ্খ বৰদলৈ

ফুল হয়তো সকলোৰে প্ৰিয়।
সেউজ প্ৰকৃতি এতিয়া
ফুলেৰে জাতিষ্কাৰ।
চাৰিওফালে বিয়পি পৰিছে নানা ৰঙীন ফুলৰ মেলা।
ৰং বিৰঙৰ ফুলেৰে সজাই থোৱা বাগিছা খন।
পৰিবেশে সৃষ্টি কৰা উদ্বেগ,
সংশয় সন্দেহৰ মাজতে যেন
প্ৰকৃতিয়ে মানুহৰ মনলৈ আনিছে আশাৰঞ্জক বতৰা।
ফুল বোৰৰ লগত থাকিব মন যায় , ফুল বোৰৰ পৰা আতৰি
আহিব মন নাযায়।
কাৰণ??
নানা ধৰণৰ ৰঙীন ফুল বোৰ দেখিবলৈ পোৱা যায়।
ফুল বোৰলৈ চালে
চাই থাকিব মন যায়।
হেজাৰ হেজাৰ মানুহক ৰঙীন
কৰি তুলিছে ফুল বোৰে।
======××××======××××=======×××===========

◼️বন্ধুলৈ জন্মদিনৰ উপহাৰ
শিল্পী দাস,  ভালুকমাৰী,ৰাণীপুখুৰী(হোজাই)

আজি হাইস্কুলীয়া জগতৰ
ভাল বন্ধু জনৰ জন্মদিন,
সুভম তোমাৰ হৃদয়খন
পবিত্ৰ মন্দিৰৰ দৰে স্বাধীন।

তোমাৰ হেজাৰ দুখৰ মাজতো
ওঁঠৰ আগত আছে মিচিকিয়া হাঁহি,
গোটেই জীৱন এনেকুৱাই থাকা
পখিলাৰ দৰে দুডানা মেলি।

সেই যে হাইস্কুল জীৱনৰ জন্মতে
তোমাৰ লগত হ'ল প্ৰথম দেখা,
আজিও বন্ধুত্বৰ সম্পৰ্কৰে
আমাৰ মাজত আছে গভীৰ ৰেখা।

যদিও আজি ইমান নহয় কথা-বতৰা
শ্ৰেণীৰ বিভাজনৰ কাৰণেৰে,
তথাপিও কেতিয়াবা দেখা হ'লে
কথা পাতোঁ মিচিকিয়া হাঁহিৰে ।

বহু বন্ধু-বান্ধৱী আছিল যদিও
দেখিলেও কথা নহয় ইমান,
তাৰ মাজতেই তোমাক দেখিলোঁ
তোমাৰ অহংকাৰ নাই ইমান।

জীৱন বাটৰ প্ৰতিপল এনেকুৱা
হাঁহি মুখখন লৈ জীয়াই থাকিবা,
মা-দেউতা আপোনজনক
সদায় ভাল দৰে ৰাখিবা।

ভালেই থাকিবা বন্ধু সুভম
এজনী  সামান্য বান্ধৱী হিচাপে প্ৰাৰ্থনা কৰিলোঁ,
জন্মদিনৰ উপহাৰ স্বৰূপ
তোমাক লৈ এটা কবিতা লিখি দিলোঁ।
======××××======××××=======×××===========

◼️আকাশী লতা
আমিৰ হুছেইন আহমেদ ।
বকো,বামুনবড়ী, কামৰূপ |

ডাল পাত শিপা নাই-অদ্ভূত অপতৃণ
পৰত আশ বৃক্ষত বাস-জন্মগত পণ,
কাণ্ডহীন পৰজীৱী বৰ্গৰ বগোৱা লতা
পত্ৰহৰিৎ শূন্য- বন্ধ খাদ্য ভঁৰালৰ খাতা,
স্বৰ্ণলতা অন্য নাম-পূৰ্ণ পীত বৰণ
পাতে পাতে বিচৰণ স্বেচ্ছাচাৰী শাসন
আশ্ৰিত স্থানৰ আনে আওমৰণ,
ঘাতক আক্ৰমণ ইয়াৰ মূল কাৰণ
দ্ৰুত সম্প্ৰসাৰিত হৈ বেৰি ধৰে পাত
বৃক্ষত সৃষ্টি কৰে সৌৰ বলয়ৰ জাত  !!
======××××======××××=======×××===========

◼️ভাৰত পিতা

ব্ৰীটিছৰ শাসনত জৰ্জৰিত  দেশত
জন্ম লৈছিল তেঁও সত্যাগ্ৰহী।
চিৰজীৱন অহিংস পথত চলি
মৃত্যু হ'ল গুলীধাৰণ কৰি।

জাতিৰ পিতা, কৃষকৰ নেতা
শ্ৰমিক বন্ধু, ঔপনিৱেশ  বিৰোধী
তেঁও নেতাজীৰ বাপুজী
আৰু ৰবিন্দ্ৰনাথৰ- মহাত্মা।

সত্যৰ পথত চলি
ব্ৰীটিছক কৰিলে দুৰ্বল
ভোক অনশনত বহি
ভাৰতৰ দেখুৱালে বল।

বন্ধুকৰ  গুলিৰ বিপৰীতে
দেখুৱালে অহিংস বুকু
শোষণকাৰী ব্ৰীটিছক
পঢ়োৱালে গীতাৰ শ্লোকো।

প্ৰেমেৰে  জিনিলে ঘৃণাক
আত্মবল জগাই তুলিলে
শত-সহস্ৰ লোকৰ।
কৰিলে স্বৰাজ গঠন
ওফৰাই বিদেশী শাসন।  

-আচমা বেগম
যোৰহাট, অসম
======××××======××××=======×××===========

◼️আকৌ আহিল শৰৎ

আকৌ আহিল শৰৎ
আহিনৰ প্ৰথম চিপচিপীয়া বৰষুণজাকে
কঢ়িয়াই আনিলে ঋতুৰাণী শৰৎৰ সুবাস
পদূলিমুখৰ শেৱালিজোপাই
আমোল-মোল সুগন্ধি বিয়পাই
চোতালত শুভ্ৰ দলিচা পাৰি
শৰৎক আদৰণি জনাইছে।

আকৌ আহিল শৰৎ
স্নিগ্ধ জোনাক নিশা আহিবা তুমি
দুয়ো কথা পাতিম হৃদয়ৰ বাগিচাত বহি
ৰিক্ত হৃদয় সিদ্ধ কৰি
নীলিম আকাশৰ তলত
এছাটি শীতল মৃদু মলয়াৰ স্পৰ্শই
মধুৰ শিহৰণ জগাব।

আকৌ আহিল শৰৎ
নৈৰ চাপৰিৰ শুকুলা কঁহুৱাই
ৰিব ৰিব মলয়াত হালি-জালি নাচিছে,
প্ৰভাতী সূৰুযৰ সোণোৱালী কিৰণত
নিয়ৰসিক্ত দুবৰিৰ দলিচাত
মণি-মুকুতাৰ তিৰবিৰণি
বালিমাহী চৰাইয়েও আনন্দতে
ডেওপাৰি নাচি ফুৰিছে।

আকৌ আহিল শৰৎ
অসুৰৰ দপদপনিত অতিষ্ঠ হৈ
মহিষমৰ্দিনী মা দুৰ্গা মৰ্ত্যলৈ আহে
চৌপাশে বিৰাজ কৰা
অশান্তিৰ অৱসান ঘটাই
প্ৰশান্তি বোৱাই সকলোৰে মাজত
আনন্দৰ জোৱাৰ তুলিবলৈ।

  মণিকা গগৈ
  তিনিচুকীয়া,বৰগুৰি
======××××======××××=======×××===========

◼️বিৰহৰ বেদনা

তোমাকে বিচাৰি উৰি ফুৰো দিনে ৰাতি,
কিন্তু নাপাওঁ ক'তো তোমাক অ' সোনতি।
তোমাকে ভাৱি পাৰি দিওঁ উজাগৰে ৰাতি,
কিয়নো টোপনি নাহে যদি নধৰো সাৱতি।
প্ৰতিটো পলতে বিচাৰো কাষতে তোমাক,
কিন্তু তুমি  মোৰ পিনে ঘুৰি নেদেখা এপাক।
নিৰ্জনতাই সাৱতি ধৰি এন্ধাৰে মাতে,
বুকুৰ ধপধপনিয়ে যুঁজি আছে মৰণৰ সতে।
পিছত নাকান্দিবা তুমি মোৰ চোতালত পৰি থকা দেহাখন দেখি,
সহানুভুতি জগাবলৈ নাহিবা তুমি মোৰ দেহাখন দেখি।

আলমিনা খাতুন
৮০১১৭২০৫৩৩
======××××======××××=======×××===========

◼️মনত পৰে
ৰুম্পী দাস
ভালুকমাৰী ৰাণীপুখুৰী , হোজাই

অন্তৰখনত কেৱল জুইৰ টুকুৰা
বৰষুণৰ সখী বতাহে
এই অন্তৰখনক চুই যাই ,
শান্তিৰ পৰশ দিয়ে
অতি মৰমেৰে ।
সেইদিনৰ কথা মনত পৰে নে ...?
মোৰ মগজুত প্ৰতিপল ঘুৰি ফুৰে ,
নুবুজিলেও হিয়াৰ কান্দোন
মায়া কথাষাৰ বুজি পোৱা ।
চিৰকালৰ বাবে যি বন্দী মায়াত ,
সেই মানুহৰ জীয়াই আছেনে
উশাহ ভৰা আত্মা ...?
  জীৱন বুলি কেৱল সংজ্ঞা বিচাৰিলেও
সকলো যে পোৱা নাযায়
এয়া কেৱল মনত ভাহে ।
======××××======××××=======×××===========

◼️তুমি


তুমিটো জানাই ন
তোমাৰ উনমনা মনৰ
হৃদয়ৰ বতাহজাকে কেনেকৈ
আহি মোৰ হৃদয়খনক
খলকনি কৰি তুলেহি।
কেনেকৈনো জানিবা !
তুমি জানো মোৰ সেই
হৃদয়ত ঢালি দিয়া ,
বতাহজাকৰ বতৰা লবলৈ আহা ?
আহিবাচোন তুমি এদিন ,
তাৰ উমান লবলৈ।
তেতিয়াহে জানিবা তুমি,
সেই ঢালি দিয়া মোৰ
সেই হৃদয়ৰ বতাহজাকৰ কথা।।

নাম-জোনমণি ৰয়
গাঁও -তিত্কা তাজে।

======××××======××××=======×××==========

◼️সভ্য সমাজৰ ভদ্ৰ মানৱ


আমি কোন প্ৰশ্নৰ উত্তৰত
সভ্য সমাজৰ ভদ্ৰ মানুহ।
আমি...
একো একো জন সভ্য সমাজৰ
বৰ্বৰ মানুহ।

বিলাসীতা বোৰ প্ৰিয়
আৰু প্ৰিয়...
  মিছা প্ৰতিশ্ৰুতি বোৰ।
 
ভাল লাগে নিজকে ভাল সজাই
দহৰ আগত দম্ভালি মাৰি ক'বলৈ
যে ...
"চোৱা আমি হৈছোঁ তথা কথিত
হাই প্ৰফাইলৰ লোক"

আমাৰ ভিতৰখন তেনেই অসহজ
মলিয়ণ, অস্বাভাৱিক ও হিংসাত্মক প্ৰকৃতিৰ।

ভয়- ভুত, পাপ- পূণ্য ৰ পৰা সম্পূৰ্ণ আঁতৰত।
য'ত আমাৰ এখন সুকীয়া পৃথিৱী আছে।
নিজকে নিজৰ ৰজা সজাৰ হেঁপাহত।
সহজ সৰল মানুহক কষ্ট দিয়াৰ হেঁপাহত।

লোভ আছে, পিয়াহ আছে
কেঁচা ঘামৰ ,কেঁচা তেজৰ
কেঁচা মঙহৰ।।।
সেয়ে নিজকে কওঁ মই

"সভ্য সমাজৰ ভদ্ৰ মানৱ"।

অজয় লক্ষ্মী কৈৱৰ্ত
  নগাঁও


⭕️মা মোকো অলপ দূৰ্বল হ'বলৈ দে


হেই ......কান্দিছ কিয় ?
তইতো বহুত শক্তিশালী ছোৱালী
শোভা নাপায় তোৰ কন্দা ।

প্ৰতিশ্ৰুতি আছিল নিলাজ হৃদয়ৰ
উদং হৈ থকা আশাবোৰ লুকোৱাই ৰাখিবলৈ
নোৱাৰিলোঁ , আশাবোৰ মৰহিলে অ "মা" .....

শৈশৱ যদি ঘূৰাই পালোঁহেতেন......!!
আইতাৰ লগত গধূলি গধূলি শুনা আমোদজনক
সাধুবোৰ যদি শুনিব পাৰিলোঁহেতেন ....!!
বাদ দিলোঁহেতেন মোৰ এই ফুটপাথৰ জীৱন
উভতি গ'লোহেতেন সেই দিনবোৰলৈ ।

মোৰ ডায়েৰীখনো নিৰুপায়
কলমৰ কামোৰত খঙত অগ্নিশৰ্মা
শব্দবোৰেও অভিমান কৰিছে
আনফালে ডায়েৰীৰ পৃষ্ঠাবোৰ লুটিয়ালে
ক'ত ৰাতিৰ নিসংগতাৰ চকুলোৰ চিহ্ন ।

অ...... "মা" ........জাননে ?
নালাগে মোৰ ডায়েৰী
মোৰ ডায়েৰীয়ে মোক বহুত শাস্তি দিয়ে
পোহৰত হেৰুৱা মানুহ , সম্পৰ্কবোৰক আন্ধাৰত বিচাৰে
কিবা লাভ আছে জানোঁ ...........!!

"মা" ........নকবিনা তেনেকে
মোকো অলপ দুৰ্বল হ'বলৈ দে অ "মা"
এবাৰ চিঞৰি কান্দিব দে , মাথোঁ এবাৰ ।

                জেফলিন চুলতানা,
                  ধিং বৰী পথাৰ (নগাঁও)
===============================€€

⭕️অৱহেলা

ইমান অৱহেলা নকৰিবচোন আপুনি
বুকুখন বৰকৈ বিষায়,
মোৰপৰা যদি আমনি পায় কৈ দিব
মাথোঁ অৱহেলা নকৰিব।
অৱহেলাবোৰ খুব কষ্টকৰ জানে নে
আশাবোৰ ভাঙি পেলায়,
অযুত হে‍ঁপাহেৰে বাট চাই ৰওঁ আপোনাক
কিন্তু হেঁপাহবোৰ সামৰি থওঁ।
এই যে বুকুত বিষ এটাই হেচি ধৰে
চকুপানী বোৰ ওলাই আহিব নোখোজে,
উশাহবোৰ ৰৈ যাব খোজে
তেতিয়াই শেষ কৰি দিব মন যায় নিজক।
প্ৰিয়জনে কৰা অৱহেলাবোৰ
কাঁইটৰ দৰে বিন্ধে বুকুত,
মুখ ফুটাই ক'ব নোৱাৰি এই যন্ত্ৰণা
কিন্তু অনুভৱ কৰিব পাৰি ।
                   ✍️ অভিমানী ছোৱালী অনুস্কা,
                               একাদশ শ্ৰেণী
                     চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়
                               চামতা (নলবাৰী)

============××××××==========
⬛️প্ৰেমৰ কবিতা
        ৰাজদ্বীপ মৰাং,
        লখিমপুৰ, নাৰায়ণপুৰ।



তুমি মোৰ মনক
কৰিলা অস্থিৰ
হৃদয়ত মুমধুৰ মাতে

মই দিয়া
নিবিড় মৰমৰ কিৰণে
তোমাক কৰিব জানো আকৃষ্ট

সেউজীয়া মন মোৰ
তোমাতেই যে মগ্ন

দিয়াচোন সানি
প্ৰেম আলসুৱা
তোমাৰ হিয়াৰ গভীৰ মৰম

হেঁপাহভৰা
এই লগন
তোমাতেই আজি মই মগন।

মোৰ বুকুৰ উমেৰে
তোমাক সাবটি ল'ম

দিয়া যদি সহাৰি তোমাৰ
হ'বানে তুমি মোৰ
জীৱন লগৰী......।

===========×××××==========+
🏵️সুদৰ্শনা

হে মোৰ সুদৰ্শিনী আহিনী জনী
চকুৰে চাই চাই শেষ কৰিব নোৱাৰা
সমস্ত ভালপোৱাৰে অনুভৱ
কৰি কৰি
কৰিও শেষ কৰিব নোৱাৰা
অপৰিসীম,অন্তহীন,সুন্দৰৰ ৰাণী
হে মোৰ  পথৰুৱা আহিনী জনী !
প্ৰস্ফূটিত,উদ্ভাসিত,উন্মুক্ত বুকু!
অথচ মাৰ্জিত!

সৃষ্টিৰ  আদিৰ পৰা
উন্মাদ সহশ্ৰ প্ৰেমিক
আসক্ত,নিমগ্ন
সেউজীয়া প্ৰেমত
দিগন্ত ব্যাপি বিস্তৃত
হে সুদৰ্শনা   কদাপি নুহোৱা তুমি  স্তিমিত।

তোমাৰ মদিৰা পাণ কৰি কৰি
বহুজন হৈ পৰে ক্লান্ত
আাৰু অতৃপ্ত!

নিৰৱে আহি তুমি
অনেকক আতুৰ কৰি
ধীৰে ধীৰে পুনৰ গতি কৰা
নিজ  ধামলৈ।

ক'ৰ পৰা আহি তুমি
পৃথিৱীত প্ৰেম ধালি
পথাৰ খন কৰি তুলা সৌন্দৰ্যৰ মহাৰাণী!

সৌন্দৰ্যৰ ৰাণী,শাৰদীয় কুঁৱৰী
গা -ভৰা  যৌৱনেৰে
অপৰূপ গাভৰু ,
প্ৰস্তুতি তুমি পৰজন্মৰ সৃষ্টিৰ।

দুদিনৰ পিছতে সগৰ্ভা ,
প্ৰস্ফূটিত গাভাৰী পথাৰ তুমি
পিতাইৰ ওখল মাখল
আইৰ ওঁঠত সেন্দূৰীয়া হাঁহি।

কি ভাৱে প্ৰকাশো ?
হে মোৰ  সুদৰ্সনা
অসীমলৈ বিস্তৃত
তোমাৰ সউজীয়া বেষভূষা??

            শুৱলা  দাস
             যোৰহাট।

====÷÷÷÷÷÷÷=========××××××××

🔶সময়-দুসময়

এই চহৰত
সপোনৰ বা বলে,
উজাগৰত ফুল ফুটে ;
গলা বেলিৰ ছায়াৰ অন্ধকাৰত...
পুনশ্চ মৰাশ হয়,
আন এটি তন্দ্ৰা কাৰ্পণ্যৰ ।

সপোনৰ পদাঘাতত...
নবীন
সিবোৰৰ সিৰলু;
নব্য নবীনত সময়ে কয়
শীতৰ সমাধিত যাহ যোৱা
একুকি গল্পৰ অপলাপৰ সতে
তাত থকা বতৰা মানুহৰ

তাত মানুহ ৰয়
সেই ,
সেই জীৱনৰ বেদীৰ
বা মাৰলিত।

বা - মাৰলিত!!

বা- মাৰলিত সমাধিৰ মন্দিৰ থাকে
   স্থিৰ হৈ
        ধৰাৰ ধূলিত
তেন্তে স্মৰণ
স্মৰণৰ আৱৰণে
মৰণক জানো ঢাকি ৰাখে.
  সযতনে.!!
জীৱনক যদি নাৰাখে  কোনোৱে..।

শ্ৰীমতী অশ্বিনী বৰুৱা
গোলাঘাট, অসম



             📰প্ৰবন্ধ শিতান

⬛️দুৰ্গাপূজা বা দুৰ্গোৎসৱ




        আহিন মাহৰ শুক্ল পক্ষত দুৰ্গা পূজা পালন কৰা হয়। আহিন অৰ্থাৎ শৰৎ কালত পালন কৰা বাবে এই পূজাক শাৰদীয় দুৰ্গা পূজা বুলিও কোৱা হয়।
               দুৰ্গা পূজা চাৰিদিনীয়াকৈ পালন কৰা হয়। ভয় শত্ৰুৰ পৰা যিয়ে ৰক্ষা কৰে সিয়ে হ'ল দুৰ্গা। দুৰ্গা মূলতঃ পৰ্বতীয়া জীয়াৰী। সেয়ে তেওঁৰ অন্য এটা নাম পাৰ্বতী। এই পূজা প্ৰধানকৈ কৃষিভিত্তিক উৎসৱ। আহিন মাহৰ ধান পকিবলৈ আৰম্ভ হোৱাৰ আগে আগে এই পূজা উদযাপন কৰা হয়।দুৰ্গা পূজা কৃষি ভিত্তিক মাতৃ পূজাৰ নিদৰ্শন।দুৰ্গা পূজাৰ ঘাই বলি হ'ল ম'হ আৰু সেইবাবে দুৰ্গা দেৱীৰ আন এটা নাম মহিষমর্দিনী।
                চাহ জনগোষ্ঠীৰ লোকসকলৰ মাজত দুৰ্গা পূজাৰ যথেষ্ট প্ৰভাৱ দেখা যায়। শ্ৰমিক সকলৰ জীৱনলৈ দূৰ্গা পূজাৰী  ৰং আৰু আনন্দৰ বতৰা কঢ়িয়াই আনে। দূর্গা পূজাত চাহ জনগোষ্ঠীয় সমাজে দশই পৰব বুলি কয়।দুৰ্গা দেৱীক সন্তুষ্ট কৰিবলৈ চাহ জনগোষ্ঠীয় লোক সকলে ম'হ,পাঠা ছাগলী আদি বলি দিয়ে।
              শক্তিশালী মা দেৱীৰ উত্থানে যেনেকৈ অসুৰক বধ কৰিবলৈ সক্ষম হৈছিল ঠিক তেনেকৈ এই শাৰদীয় দুৰ্গোৎসৱৰ বতৰে মানুহৰ মনত শুভ বুদ্ধিৰ উন্মেষ ঘটাই।দিনে ৰাতিয়ে চলি থকা শোষণ,নিৰ্যাতন,ধৰ্ষণ আদি অপ শক্তিক সমাজৰ পৰা সমূলি নাইকিয়া কৰি শক্তি সাম্প্ৰতিক বাতাবৰণেৰে অসমক এখন সুস্থ সমাজ গঢ়ি উঠাত সহায় কৰিব।।


                      লিখকৰ নাম:কুকী মহন্ত।


 📰খিড়ীকিৰ সিপাৰে এটি কলা ছায়া





চাৰিওফালে ডাঙৰ ডাঙৰ গছ গছনি দুৰত পাহৰ মেঘৰ মেঘৰ লগত মিলি আছে লগতে নিজৰা বৈ আছে ওচৰতে ৰমেনহতৰ ঘৰ।
ৰমেনহতৰ ঘৰত ৰমেনৰ ভগ্নী ৰুমি আৰু পত্নী ৰাধিকা।
দেখিবলৈ ঘৰখন বহুত ধুনীয়া সিহতে একো কিনি খাব নালাগে প্ৰায় সকলো বস্তুৱেই আছে যিবিলাক নাই সেইবিলাকৰ ৰমেনে খেতি কৰে খেতিৰ বস্তু চহৰত বিক্ৰী কৰি সুখেৰে অতিবাহিত কৰি আছিল।
ৰুমিৰ ৰুমটোৰ বিছনাৰ ওচৰৰ খিড়ীকি খন খুলিলে প্ৰকৃতিৰ মনোমোহা ৰূপ চকুত পৰে দুৰত পাহাৰ পাহৰৰ পৰা পৰা বৈ অহা নিজৰা সেউজীয়া গছ গছনি।

কিন্তু ৰাতি হ'লে সেই মনোমহা দৃশ্য ভয়ানক হৈ পৰে।
এদিন ৰাধিকাৰ ভন্তি অনিকা সিহতৰ ঘৰলৈ প্ৰথমবাৰৰ বাবে আহিল। আহি তাইৰ আনন্দত সীমা নাই কাৰণ তাই সৰুৰ পৰাই প্ৰকৃতক পৰিবেশত থাকি খুব ভাল পাই। কিন্তু কৰ্ম সুত্ৰে তাই বাহিৰত আছিল আহিব পৰা নাছিল।
ৰুমিয়ে আৰু অনিকাক ওচৰ পাজৰে ফুৰাবলৈ লৈ গ'ল চাৰিওফালে বিভিন্ন ধৰনৰ বিভিন্ন ৰঙৰ ফুল ফুলি আছে, সৰু লৰা ছোৱালীয়ে ফুল চিঙি আনি ওচৰতে খেলি আছে কোনোবাই আকৌ হাতীৰ পিঠিত উঠি ফুৰি আছে এইবোৰ দেখি অনিকাৰ বহুত ভাল লাগিল তাই ৰুমিক কলে ৰুমি তুমি বহুত ভাগ্যৱান তুমি প্ৰকৃতিৰ লগত একেলগে আছা আৰু মই আছোঁ চহৰত এটা ৰুমত আবদ্ধ হৈ কেৱলমাত্ৰ কাম ৰুমিয়ে কলে গাওঁৰ কথাই বেলেগ, এতিয়া বলা ঘৰলৈ যাও ভাত হ'লে চাগে।
ৰাধিকাই ৰুমা আৰু অনিকাক একেলগে ভাত দিলে আহু ধানৰ চাউলৰ ভাত, বুটৰ দাইল, কলা কচু ভজা,সৰু আলু ভজা, বেঙেনাৰ চবজী আৰু দাইল বটা ইয়াৰে এবিধো কিনা নহয় সকলো ঘৰৰে আৰু কিছুমান ওচৰতে থকা জংগলৰ। তাই বহুত দিন মুৰত গাঁৱলীয়া এসাজ খাইছিল, তাই পৰম তৃপ্তিৰে খালে। ৰমনে আগতে খাই পথাৰলৈ গৈছিল।
অনুক্ৰমে ৰাতি হৈ আহিছিল।
অনিকা ৰুমিৰ লগত একেলগে এটা ৰুমত অনিকাই খিড়ীকিৰে ৰাতিৰ সৌন্দৰ্য উপভোগ কৰি আছিল জোনাকৰ পোহৰ দুৰৰ পাহৰখন এনেকুৱা দেখি যেন পাহৰতো তৰা আছে আচলতে পাহৰাত মানুহৰ ঘৰ আছে সেই ঘৰৰ পৰা পোহৰ আহিছে একেবাৰে তৰাৰ নিচিনা দেখি।
এনেতে ৰুমি আহি তাইক খিড়ীকিৰ ওচৰৰ পৰা কানি আনি কলে ইয়াতে কিয় আছা ৰাতি হ'ল খিড়ীকি খন বন্ধ কৰি দিওঁ গুচা চোন, অনিকাই ক'লে কিয় ইমান ধুনীয়া বতৰ আহি আছে ফুলৰ সুগন্ধ আহিছে নালাগে বন্ধ কৰিব আজি এনেকৈ থাকক।
ৰুমি বুজিবলৈ চেষ্টা কৰা চোন গুচা বন্ধ কৰোঁ।
এনেকৈ কৈ তাই বন্ধ কৰি দিলে
পিছত দুয়োজনে শুই থাকিল  অলপ সময় পিছত ৰুমিৰ টোপনি আহিল অনিকাই সাৰে আছিল খিড়ীকিৰে কোনোবাৰ ছায়া দেখিলে তাই ভাবিলে কোনোবা হয়তো খিড়ীকিৰ কাষেৰে পাৰ হৈছে যিহেতু জংগল ওচৰত সৰু ৰাস্তা‌ও আছে, ৰাতি সেইফালেৰে অহা যোৱা কৰিব পাৰে তাই তেনেকৈ ভাবি থলে তাই টোপনি আহিব চেষ্টা কৰিছিল কিন্তু অহা নাছিল তাইৰ কানত পায়েলৰ শব্দ পৰিল তাই খিড়ীকি খনৰ কাষত গ'লে লগে লগে বাহিৰৰ পৰা ভয়নাক ভয়নাক শব্দ আহিব ধৰিলে কাহৰ কাহি বজোৱা শব্দ কোনোবাই চিঞৰা শব্দ তাই খিড়ীকিৰে চাম বুলি ভাবিলে কিন্তু ৰুমিৰ কাৰনে নাচালে কাৰন তাই ভয় কৰিব।
সেইবাবে তাই বাহিৰে ওলাই গ'ল যায় দেখিলে চাৰিজন মানুহ থিয় দি আছে এজন মতা মানুহে শাৰী পিন্ধি আছে আন এজনে হাতত পায়েল লৈ আছে এজনে হাতত ব্লুটুথ স্পিকাৰ লৈ কিবা কিবি কথা কৈ আছে ভালদৰে শুনা নাযায় কিন্তু তাই সকলো কথা ভালদৰে গম পালে ভিতৰলৈ আহি শুই থাকিল।
ৰাতিপুৱাল ৰাতিপুৱা চাহ খাই থাকোতে অনিকাই ৰাতি মই পায়েলৰ শব্দ পাইছোঁ আৰু খিড়ীকিত কোনোবাৰ ছা দেখিছোঁ কথাটো মই ধৰিব পৰা নাই কোন আছিল। তাইৰ কথা শুনি ৰুমিয়ে তাইক ক'লে সেইকাৰণে তোমাক মই খিড়ীকি খুলি থাকিব নিদিলো ইয়াতে ৰাতি হলে আত্মা ঘুৰে বহুতে দেখিছে আৰু শব্দ পোৱা যায় সেইকাৰণে কোনেও ৰাতি বাহিৰে নোলোয়।
ৰুমিৰ কথা শুনি অনিকাই জোৰজোৰকৈ হাহিব ধৰিলে অনিকাক দেখি সকলো আচৰিত হ'ল অনাকাই ক'লে আচৰিত হ'ব লগা একো নাই তোমালোকে ভুল ভাবি আছা কোনো আত্মা নাই সকলো মানুহে কৰি আছে। ৰাধাকাই ক'লে ভন্তি কি কৈ আছা এইবোৰ।
অনিকাই কলে বা মই কম তোমালোকে মনোযোগ দি শুনিবা। অনিকাই ৰাতিৰ সকলো  কথা ক'লে তাইৰ কথা শুনি আচৰিত হ'ল ৰমেনে ক'লে ঠিক আছে তেতিয়া হ'লে আজি ৰাতি শুদায় নেৰো গাঁওৰ মানুহক এতিয়া একো ক'ব নোৱাৰো কাৰন আমি নাজানো সেই চাৰিজন কোন যদি গাঁওৰ মানুহ আছে তেতিয়া হ'লে সাবধান হ'ব আৰু আমি ধৰিব নোৱাৰিম।
ৰাতি হ'ল এদাল দীঘল ৰছী লাথি জলকীয়াৰ পাউদাৰ লৈ বাহিৰে সিহতে ৰৈ থাকিল।অনিকাই কোৱা মতে হ'ল চাৰিওজন আহিল এজন শাৰী পিন্ধি আছিল এজনে ব্লুটুথ স্পিকাৰত ভয়ানক শব্দ লগাই দিছিল।
ৰমেনহতে সুযোগ পাই জলকীয়াৰ পাউদাৰ চকুত চটিয়াই দিল টোকনেৰে মাৰিব ধৰিলে অনিকা আৰু তুমিয়েই ৰছীৰে বান্ধি চিঞৰি চিঞৰি গাঁওৰ মানুহক জগালে গাওঁৰ মানুহ উঠা আহি কথাবোৰ জানি পুলিছক মাতিলে পুলিছে সুধাত ক'লে ৰাতি গাঁওৰ মানুহক ভয় খুৱাই শাক পাচলি ফল মুল চুৰি কৰি বজাৰত বিক্ৰী কৰে।
খন্তেক পিছতে পুলিছে লৈ গ'ল।
গাঁওৰ মানুহে অনিকা‌ আৰু ৰমেনৰ পৰিয়ালক ধন্যবাদ দিলে।


কানুপ্ৰিয়া ডেকা (স্নাতকোত্তৰ ডিগ্ৰী অসমীয়া বিভাগ)।



No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

সহযাত্ৰী তৃতীয় খণ্ড ঋতুপর্ণা ইংতিপি

 সহযাত্ৰী  (তৃতীয় খণ্ড)  ✍️ ঋতুপর্ণা ইংতিপি/মৰিগাঁও      গা-পা ধুই আজৰি হোৱা মানে তিনি বাজিলে।তাইৰ ভাগৰো  বহুত লাগিছে। গোটেই দেহটো অৱশ হৈ প...