জোনাকী সাপ্তাহিক ই আলোচনীৰ শাৰদীয় বিশেষ সংখ্যা অক্টোবৰ সংখ্যা
⬛️কবিতা
(১)
মই আকাশৰ দৰে হ'ম
সাগৰৰ গভীৰতাত জীয়াম
নিৰৱধি নদীৰ বুকুত উটি-ভাহি যাম
মাটিৰ পৰা মেঘলৈ বিয়পাম
প্ৰেম-শান্তি-সুখ।
(২)
মুক্ত আকাশৰ উন্মুক্ত পক্ষী হৈ
বিষাক্ত প্ৰেমৰ বিক্ষিপ্ত জীৱনী লৈ
হেৰাই যাম নিশীথ নিশাৰ অন্ধকাৰত।
(৩)
জীৱন সংগ্ৰামত হেৰাই নগৈ
অপ্ৰবাহিত নহৈ
নদীৰ দৰে হলোঁ বাবেই
বহুত সহিলো, বহুত শিকিলোঁ!
- প্ৰিয়ানুজ হাজৰিকা
একাদশ শ্ৰেণী, কলা শাখা ।
⛔️অভাগিনী মাতৃ
তই ভাগ্যহীন আই
বহুত ডাঙৰ মানুহ হ'ল আজি
তোৰ বুকুৰ উমত গজা লাফাঙ্গ কেইটা,
ব্যস্ততাৰ পাহাৰ বগাই উচ্চ শিখৰত উঠে
প্ৰতিনিতে প্ৰতিপলে
সিহঁতে কৰে কৰ্ম নাভূত-নাশ্ৰুত।
তোৰ স্নিগ্ধ হাতৰ পৰশ
এতিয়াও লাগি আছে সন্তানৰ দেহত
উপলব্ধি কৰে জানো অশলাগীয়ে
কৰিবই বা কিয়
সিহঁত এতিয়া উচ্চ বংশজাত নামধাৰী জীৱশ্ৰেষ্ঠ
পাহৰিছে গৰ্ভধাৰিণীৰ প্ৰসৱবেদনাৰ কথা।
তোৰ তেজেৰে গঠন হোৱা দেহাত
কৃত্রিম তেজে ফাকু খেলিছে
তোৰ খাটি স্নেহেৰে পালিত সিহঁত
আজি কৃত্রিম প্ৰেমত হাবুডুবু কৰিছে
স্তন পান কৰি কেঁচুৱাৰ দেনা পাৰ হোৱা
সিহঁতে হয়তো আহাৰ খায় তাৰকা হোটেলত
বিলাস-বাসনাত ডুবি পাহৰিছে স্নিগ্ধ অতীত।
আজি তই চকুৰ কুটা
মহাপ্ৰস্থানৰ মুহূর্ততো নিদিলে দেখা
পষেক পাৰ হ'ল মৃত দেহা
নশ্বৰদেহ পচি-গলি গ'ল
তৎস্বত্বেও ব্যস্তৰ বজাৰত কিনা-বেচা
আপোন সন্তানৰ!
স্বাৰ্থত ঘুৰিছে ধৰাধাম
জগতৰ দুখে কাটিলে শাম
পাৰিলে আওৰাবা বচনফাকি
'যেনে কৰ্ম তেনে ফল
পাপীজনে ভুগিবই কুফল'
এনে কৰ্ম জগতত নাহক দুনাই
সঁচাকৈয়ে তই ভাগ্যহীন আই।
"""""""""""""""""""""""""""""""""""""""""""""
বাহাৰুল ইছলাম (শিক্ষক)
◼️শিশু উপযোগী কবিতা
শিৰোনাম "বুঢ়া শিয়াল"
ছেলিমা বেগম
জিলা- নগাঁও।
এক আছিল বুঢ়া শিয়াল
ভাল নহয় তাৰ দিন-কাল ।
দুই দিন ধৰি চিকাৰ নাপায়;
নাই শিয়ালৰ কোনো উপায় ।
তিনি দিনৰ মূৰত কেঁকাই কেঁকাই
শিয়াল কোনো মতে যায় ওলাই।
চাৰি দিনৰ পাছত বুদ্ধি এটা ল'লে
গঁড়ৰ পিঠিত বহি ল'লে।
পাঁচ দিনৰ মূৰত হাবিত গৈ পালে,
পিঠিত বহি গান গাবলৈ ল'লে।
ছয় দিন ধৰি গান গায় থাকে এনে ধৰণে...
কে-কে-কে হুৱা হুৱা, গান শুনা শুনা
মনে-প্ৰাণে।
সাত দিনে সকলো পহু পক্ষী
কাষত আহি পালেহি দৌৰি।
আঠ টাৰ লগত পাতিলে বন্ধুত্ব,
এটা এটাকৈ লৈ সোমাই গাঁতত ।
ন দিনৰ মূৰত গাত শক্তি পালে
পহু পক্ষীৰ লগত নাচে তালে তালে।
দহ দিনৰ মূৰত বনৰ ৰজাক লগ পালে,
বাপৰে বাপ এক দৌৰ মাৰি পলাই সাৰে ।
⬛️এপিয়লা ফিকা চাহ
টোপনিটো শতেলিত থৈ
পৰৱৰ্তী নিশাৰ বাবে
শয্যা ত্যাগ কৰিলোঁ ।
অৱসাদ আতৰোৱাৰ তাড়নাত
নিত্য নৈমিত্যিক
পানীয়বিধ গলাৰ্ধ কৰণৰ তাগিদাত বহিলো ।
কি নিচাত ডুবি থাকো
প্ৰতি পুৱা
এলাহ অৱসাদ আতৰিব
দিনটো তজবজীয়া হ'ব
লাগে মাথো
পানীয়বিধ ।
পুৱাৰ খোৱা টেবুলত
ৰঙচুৱা পানীয়বিধ
সেৰেকা একাপ ফিকা চাহ ।
কাব্যশ্ৰী হেমেন হাজৰিকা
ৰাণী
কামৰূপ ( ম ) অসম
⬛️ইতি বৰ্ষত মই
নতুন যাত্ৰাৰ সূচনাৰে
ইতি বৰ্ষত মই
অৱসৰ গ্ৰহণ কৰিম
সংগ্ৰামী জীৱনৰ পৰা ,
সামৰি থ'ম সকলো কৰ্মৰ ভাৰ
মুক্তিৰ উৰণীয়া ঘোঁৰা হৈ ঘূৰিম
হাঁহি হাঁহি ভ্ৰমিম মোৰ দেশ ।
নাই ক্লান্তি নাই কোনো শ্ৰম
নাথাকিব কোনো কোলাহল
নাথাকিব কোনো অশান্তি
বিদায়ী হৈ মই হ'ম পুৰণি ,
নতুনে পূৰাবহি মোৰ ঠাইখিনি
ন ন শিতানেৰে শুৱনি কৰিব
আগুৱাই যাব নতুন ধাৰাত।
লাহে লাহে গুছি যাব সময়
পাখি লগা কাঁড়ৰ দৰে
দিনৰ পোহৰ দীঘলীয়া হৈ
সূৰ্যাস্ত নহ'ব যেন মোৰ বাবেই!
নিশাবোৰে বিস্তাৰ লভিব
স্নিগ্ধ পোহৰৰ জোনাক ছটিয়াই
ওৰে নিশা সাৰে থাকিব
জোনবাইজনী যেন মোক ধিয়াই ।
এলাহে বান্ধিব ঘৰ
আলৌলৌৱা মোৰ দেহত
সক্ষমতা টুটি হ'ব গৈ অক্ষম
নাথাকিব দুবাহুত বল..........
এই কৃত্য ভীতি পথৰ সখী
সংগ যেন নেৰিব মোৰ কাহানিও.
✍️মাৰ্জিনা বেগম।
বৰপেটা
আধুনিক
_________
আমাৰ সকলোৱেই
আধুনিক হ'ব
মন যায়।।
আমি সকলোবোৰ
মানুহেই হৈছে
আধুনিকতাৰ যাত্ৰী !!
কিন্তু এটা সচাঁ কথা
হʼল যে,,,
যিমানেই আমি আধুনিক
হওঁ কথা নাই।
কিন্তু মৰমক কেতিয়াও
আধুনিক নবনাব !!!
কাৰণ বৰ্তমান সময়ত
আধুনিক মৰমত
কৃপনালী স্বাৰ্থপৰ,
আৰু বহুতো নীচ
কথাৰে ভৰি আছে।
দেইজী কাৰ্খ বৰদলৈ.
⬛️এটুকুৰা বগা কাগজ
ৰচনা- আয়নাল হক, ধুবুৰী
এটুকুৰা বগা কাগজ মই
মোৰ বুকুতে উঠে
তোমাৰ হাঁহি-কান্দোন
হতাশ-হুমুনিয়াহৰ অনন্ত ঢৌ।
এটুকুৰা বগা কাগজ মই
ইতিহাসে বগুৱা বায়
মোৰ বুকুৰ ভাঁজে ভাঁজে--!
ৰৈ যায় ৰণুৱা ঘোঁৰাৰ খোজ
মোৰ কোমল বুকুতেই।
এটুকুৰা বগা কাগজ মই
অ,আ,ক,খ-ৰে মোৰ বুকু ভৰাই
দেশৰ নাগৰিক বুলি
সকলোৱে থাকে বুকু ফিন্দাই।
এটুকুৰা বগা কাগজ মই
মই নহ'লে
অফিচ-কাছাৰীৰ একো কাম নাই।
সকলোৱে থাকিব
ইজনে সিজনৰ মুখলৈ চাই।
এটুকুৰা বগা কাগজ মই
তোমাৰ হৃদয়ৰ অনুভৱবোৰ ধৰি ৰাখিবলৈ
মই দিব পাৰোঁ বিশাল ঠাই।
কিন্তু দুখ মোৰ সেইখিনিতে--
মোৰ বুকুত দিয়া তোমাৰ হস্তাক্ষৰতেই
শেষ হৈ যাব পাৰে
তোমাৰ সোণৰ সংসাৰ।
কটাক্ষ বানেৰে লিখা তোমাৰ কথাই
ভাঙিব পাৰে কাৰোবাৰ কোমল অন্তৰ।
আৰু কি জানা--
ভাঙি পৰোঁ মই তেতিয়াই
তোমাৰ প্ৰয়োজন শেষ হ'লেই
যেতিয়া মোক ডাষ্টবিনত দিয়া দলিয়াই---!
তোমাৰ প্ৰয়োজন শেষ হ'লেই
মোৰ দেহে যেতিয়া জুইত ঠাই পায় ...।
✴️✴️✴️✴️✴️✴️✴️✴️
==============××××××××============
No comments:
Post a Comment