Showing posts with label মিন্টু গোৱলা. Show all posts
Showing posts with label মিন্টু গোৱলা. Show all posts

Tuesday, May 02, 2023

প্ৰেমৰ প্ৰতিশোধ হত্যা:মিন্টু গোৱলা

 প্ৰেমৰ প্ৰতিশোধ হত্যা


               


   

নন্দিতা আৰু কাশ্মীৰা বৰ ভাল বান্ধৱী আছিল।দুয়ো গাঁওৰ পৰিবেশত ডাঙৰ-দীঘল হোৱা ।তেনেই সহজ সৰল ছোৱালী আছিল ।দুয়ো উচ্চ শিক্ষাৰ বাবে গাওঁৰ অলপ দূৰত অৱস্থিত মহাবিদ্যালয়খনত নামভৰ্তি কৰিছিল। নন্দিতাৰ সপোন আছিল যে হিন্দী বিষয়ৰ এগৰাকী প্ৰবক্তা হোৱাৰ , সেইবাবেই গাওঁৰ পৰা অলপ দূৰত অৱস্থিত মহাবিদ্যালয়খনত নামভৰ্তি কৰিছিল। গাওঁৰ ওচৰৰ মহাবিদ্যালয় খনত হিন্দী বিষয়টো নথকাৰ বাবেই তেওঁ চহৰ ভাল মহাবিদ্যালয় খনত নামভৰ্তি কৰিলে। বুকুত সপোনবোৰ লৈ নন্দিতাই ভাল দৰেই পঢ়া-শুনা কৰি দিন বোৰ অতিবাহিত কৰিছিল।কাৰণ তাইক লৈ ঘৰৰ সকলো সপোন দেখিছিল মা দেউতাকে যাৰ বাবে  তাইক এখন ভাল মহাবিদ্যালয়ত নামভৰ্তি কৰি দিছিল । এনেদৰেই সপোনবোৰ লৈ মহাবিদ্যালয়ৰ সময়বোৰ পাৰ কৰিছিল ।

                সময়ৰ সোঁত কিছুমান মানুহ সলনি হয় কিন্তু নন্দিতাই একোৱেই সলনি হোৱা নাছিল। কাৰণ তাইৰ পাছত বহু সপোন আছিল।তাইক লৈ মহাবিদ্যালয়ৰ এজন কৰ্মচাৰীয়ে মনে মনে এটি প্ৰেমৰ সম্পৰ্ক বাবে ৰৈ আছিল । কিন্তু তাইক কেনেকৈ ক'ব কাৰণ তেওঁ একেখন মহাবিদ্যালয়ৰ তেওঁ হ'ল কৰ্মচাৰী আৰু হ'ল ছাত্ৰী । তেওঁ সদায় তাইক দেখি কিন্তু ক'বলৈ নোৱাৰে ।

তাই ও মহাবিদ্যালয়ৰ কৰ্মচাৰী বুলি সন্মান কৰে । সেইবাবেই তেওঁ কʼবলৈও বেয়া পাইছে । এনেদৰে দিনবোৰ পাৰ কৰিছিল । তেওঁ মনৰ কথাবোৰ মনতেই সাঁচি ৰাখিছে । সময় সুবিধা পালে ক'ব । তথাপিও তেওঁ তাইৰ লগত কথা পাতি থাকে । কিন্তু গম নাপায় । নন্দিতাৰ ঘৰখন অৰ্থনৈতিক দিশত অলপ দুৰ্বল আছিল।

মহাবিদ্যালয়ত তেতিয়া অনলাইন ক্লাছ আৰম্ভ হৈছিল ।কাৰণ মহামাৰী কʼৰোণাৰ মহাবিদ্যালয় বোৰ বন্ধ আছিল ,যাৰবাবে ক্লাছ বোৰ অনলাইন  কৰিছিল। যাৰবাবে মহাবিদ্যালয়ৰ কৰ্মচাৰী জনে নন্দিতাক মোবাইল ফোন এটা কিনি দিছিল । কিন্তু নন্দিতাই বুজি পোৱা নাছিল যে- কিয়? মোবাইল ফোন টো দিছে। নন্দিতাই ভাবিলে যে মৰমত দিছে বুলি গ্ৰহণ কৰিলে । এনেদৰেই অনলাইন ক্লাছ বোৰ কৰি গৈছিল।সময় সোঁতত আৰু পৰিস্থিতিৰ সপক্ষে লক্ষ্য ৰাখি মহাবিদ্যালয় বোৰ খুলিছিল ।এটা দিনতাকৈ ক্লাছ বোৰ আৰম্ভ হ'ল । লাহে লাহে আগৰ দৰে ক্লাছ বোৰ হ'ব ল'লে।এদিন ক্লাছ কৰি  নন্দিতা আৰু কাশ্মীৰা দুয়ো বহি কথা পাতি আছিল। হঠাৎ মহাবিদ্যালয়ৰ কৰ্মচাৰী ৰিন্টুয়ে তেওঁ লোকৰ ওচৰলৈ আহিল । দুয়োৰ কাষত বহি সিও আগভাগ ল'লে, তেওঁ লোকৰ কথাৰ। নন্দিতা আৰু কাশ্মীৰে বুজি নাপালে যে কোনো দিন এনেদৰে আহি নবহে কিন্তু আজি কিয় ? বহি আছে বুজি পোৱা নাছিল।

দুয়োজনীৰ কথা শুনি  শেষত ৰিন্টুয়ে কথা আৰম্ভ কৰিলে।ৰিন্টুয়ে ক'লে -নন্দিতা তোমাক মই কথা এটা ভাবি আছোঁ কিন্তু ক'ব পৰা নাই অʼ।আজি কম বুলি ভাবিছোঁ তুমি বেয়া নাপাবা । কিন্তু মই তোমাক অকলেহে কম । নন্দিতাৰ মনত কথাটো শুনিবলৈ বৰ মন গ'ল ।তাই কাশ্মীৰাৰ পৰা আঁতৰি আহিল । নন্দিতাই ক'লে- কওক চোন কি ? ক'ব ।ৰিন্টুয়ে  ক'লে- মই তোমাক দেখাৰ পৰা মই থাকিব নোৱাৰা হৈছোঁ অʼ। নন্দিতাই ক'লে-এই আপুনি কি? কৈছে ।

ৰিন্টুয়ে ক'লে-উম!সচাঁকৈ ।তুমি কি ?কোৱা ।

নন্দিতাই মনে মনে তাৰ পৰা আঁতৰি আহিল।তাই একো উত্তৰ নিদিলে । উত্তৰ নিদিলে ।ৰিন্টুয়ে উত্তৰ বিচাৰি সদায় তাইৰ পাছে পাছে ঘূৰি থাকে । নন্দিতাই কাশ্মীৰাক কথাবোৰ ক'লে । কাশ্মীৰাই ক'লে যে-ঐ নন্দিতা ৰিন্টু দাই কি ? ক'লে । নন্দিতাই কাশ্মীৰাক ক'লে- মোক ভাল পাওঁ বুলি কৈছে । তই কি? কʼলি।নাই মই একোৱা নাই ।কাশ্মীৰাই ক'লে-উম! উত্তৰ নিদিবি ভাল নহয় মানুহজন । নন্দিতাই কাশ্মীৰা ক'লে - ইমান ডাঙৰ মানুহ জন লগত মই ভাল পাওঁ ক'লে মোক ঘৰ মানুহে খেদিব।কাশ্মীৰা কথা শুনি নন্দিতাই উত্তৰ নিদিলে।ৰিন্টুয়ে সময় সুবিধা লৈ এদিন নন্দিতাৰ ঘৰলৈ ওলাল । এনেকৈ দিনবোৰ পাৰ হৈ গ'ল, তথাপিও উত্তৰ নিদিলে। এনেকৈয়ে ৰিন্টুৰ মনত এক প্ৰতিসোধৰ ভাব জাগি উঠিল । তেওঁ মনত পৰিকল্পনা কৰিলে যে তাই মোৰ জীৱনত যদি নাহে বা মই সুধা প্ৰশ্নটোৰ উত্তৰ নাপালে, মই তাইক সুধাই নেৰো ।তেওঁ এনেকৈ মনত জেদ ভাব বান্ধি থৈছিল । দিনবোৰ পাৰ হৈ গ'ল ।

                   সিদিনা পৰীক্ষালৈ বুলি নন্দিতা আৰু কাশ্মীৰাই ঘৰ পৰা ওলাই গ'ল ।দুয়ো পৰীক্ষাত বহে।প্ৰায় ১২:৩০বজাত পৰীক্ষা শেষ হ'ল ।কাশ্মীৰাই দেউতাক ফোন কৰি মাতিলে যে দেউতা মোৰ পৰীক্ষা শেষ হ'ল আহা লৈ যাবা।কাশ্মীৰাৰ দেউতাকে স্কুটি এখন লৈ মহাবিদ্যালয়ৰ পালে গৈ ।দুয়ো জনীয়ে দেউতাকলৈ বাট চাই আছিল ।ৰিন্টুয়ে দুয়োজনীক একে লগে দেখি সি তাৰপাৰ আহি মনত ভাবি ৰখা কথাটো আজি বাস্তৱ ৰূপ দিবৰ বাবে তেওঁ প্ৰস্তুতি কৰি আছিল। কাশ্মীৰা দেউতা আৰু নন্দিতাই ঘৰলৈ বুলি আহি আছিল । তেওঁলোক ধেমাজি চহৰৰ মাজ মজিয়া পাইছিল । হঠাৎ ৰিন্টুয়ে হাতত দা এখন লৈ প্ৰথমে কাশ্মীৰা দেউতাক আঘাত কৰে ,তাৰ পিছত কাশ্মীৰাক আঘাত কৰে।পিছত নন্দিতাক মূৰত দা ৰে ঘপিয়াই দিয়ে। নন্দিতাই ৰাজপথত ধউলি পৰিল। তাই মাক লৈ ফোন কৰিলে ।তাই মুখৰ পৰা অকল মা শব্দটো হে শুনিলে মাকে ।চহৰ সকলো মানুহৰ মাৰ ধৰ লাগিল ।আন ফালে ৰিন্টুয়ে হাতত দা এখন লৈ এখন হাবিত সোমাইছিল ।পিছে পিছে পুলিচে খেদি নিলে ।ৰিন্টুক পুলিচে গ্ৰেপ্তাৰ কৰে ।ৰাজপথত মানুহৰ ভিৰ কোনোবাই মূৰত কাপোৰ বান্ধিছে ,কিন্তু মূৰৰ তেজ বন্ধ নহয় । তেওঁলোক ততাতৰিয়াকৈ আঘাত প্ৰাপ্তক চিকিৎসা লৈ প্ৰেৰণ কৰে। নন্দিতাৰ মূৰৰ পৰা অধিক তেজ বৈ যোৱাৰ বাবে ধেমাজি চহৰ চিকিৎসকে নন্দিতাক উন্নতমানৰ চিকিৎসাৰ বাবে ডিব্ৰুগড় চিকিৎসা লৈ প্ৰেৰণ কৰে। নন্দিতাই পাচঁদিন পাচঁৰাতি মৃত্যুৰ লগত যুজঁ দি গ'ল । কিন্তু মূৰত বেচিকৈ আঘাত পোৱাৰ বাবে অৱশেষত চিকিৎসকে হাৰমানি দিয়ে । হঠাৎ ছয়দিনৰ দিনা প্ৰায় ৩:৩০বজাত  নিয়তিৰ বাণীয়ে নন্দিতাক মেৰিয়াই বান্ধি এই পৃথিৱীএৰি চিৰদিনৰ বাবে গুচি গ'ল। এই কথাটোৱে সমগ্ৰ ৰাজ্য লগত মহাবিদ্যালয়ত এক শোকৰ ছাঁ পৰিল । মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক সকলৰ সমিতিয়ে উত্তাল প্ৰতিবাদ কৰিছিল,

যে দুখীক উচিত শাস্তি দিবলৈ ।ৰিন্টুক উচিত শান্তিৰ বাবে জেললৈ লৈ যায় ।সাত বছৰলৈ  কাৰাবাস খাটিব লগা হ'ল, যদিও বহু জনতাৰ প্ৰতিবাদত ৰিন্টুক  অৱশেষত ফাঁচি কাঠত উলমাৰ কথা দিলে চৰকাৰে । 

              নন্দিতাই ভাবাই নাছিল ,যে প্ৰেমৰ বাবে নিজৰ জীৱনক হেৰোৱাব লগা হ'ল।ভাবাই নাছিল যে প্ৰেমৰ প্ৰতিশোধ এনে দৰে লৈ বুলি ।ফুল কোমলীয়া বয়সত প্ৰেমৰ অভিযোগত নিজৰ জীৱনটোক ধ্বংস কৰিলে।বহু সপোন বুকুত মৰহি গ'ল ,চিৰ দিনৰ বাবে । নন্দিতাৰ আত্মাক  ন্যায় দিবলৈ সক্ষম হ'ল চৰকাৰে। তেওঁৰ আত্মাই আজি শান্তি পালে , ঘাটক ৰিন্টুক ফাঁচি দিয়াৰ বাবে  লগতে নন্দিতাৰ ঘৰখনো তাইৰ ন্যায় বিচাৰি পালে।




®মিন্টু গোৱলা

                   লখিমপুৰ, কদম

Tuesday, April 25, 2023

সেন্দুৰ:মিন্টু গোৱলা

              সেন্দুৰ




সৌৰভ আৰু অৰুন্ধতী দুজনৰ মাজত এটি সুন্দৰ প্ৰেমৰ সম্পৰ্ক আছিল। তেওঁলোকৰ দুয়ো একে খন স্কুলত পঢ়ে, যাৰ বাবে সিহতঁ দুয়োয়ে দুয়োকে এদিন নেদেখিলে পাগলৰ দৰে হৈ থাকে ।ফোনত কথা নাপালেও থাকিব নোৱাৰে ।সৌৰভে নিজকে যে আকাশ চুলো যেন ভাবি পঢ়া-শুনা বাদ দিলে । নিজৰ জীৱনটোৰ কথা ভবাই নাই মাত্ৰৰ প্ৰেমৰ মুক্ত আকাশত মুকলি মনত উৰি ফুৰিছে । লগৰ-লগৰীয়াই কথাবোৰ বুজাই যে ,তই এইবোৰত এতিয়া নপৰিবি অ,। আমি বহুত পালো বুলি সৌৰভক বুজাই কিন্তু সৌৰভে বুজি নাপায় । সিহঁতক সৌৰভে কয় যে তহঁতক হে কৰিছে , মোক নকৰে মই জানো মোক তাই বহুত ভাল পাই অ,। লগৰ-লগৰীয়াৰ কথা নুশুনে আনকি ঘৰৰ বায়েকৰ কথা ও নুশুনে ,বায়েকে জানে যে ইয়াৰ কিবা এটা নিশ্চয় হৈছে ।

             এদিন সৌৰভে ফোনত কথা পাতি আছিলোঁ ।সেইসময়ত বায়েকে শুনিলে সৌৰভক ক'লে যে - তই কাৰ লগত কথা পাতি আছ হে ।সৌৰভে ক'লে যে- লগৰ হয় বায়েকে ক'লে যে -মই কথা পাতিম বুলি ক'লে ,সৌৰভে ক'লে যে নালাগে  ।একেকৈ ঘৰত ঠগি দিন বোৰ পাৰ কৰে । এনেকৈ দুয়োৰ প্ৰেম কাহিনী আগবাঢ়ি গ'ল। দুয়োৰ সম্পৰ্ক ইমানেই যে গম্ভীৰ হৈ উঠিলে যে কোনোৱে এৰাব নোৱাৰা হ'ল।সৌৰভৰ মনত এদিন এটা কথাই বৰকৈ উলপাৰ কৰি আছিলে।লগৰ বোৰক ক'লে সিহঁতে হাঁহি উৰাই দিয়ে বুলি ,কাকো একো নকয় মনে মনে কথাটো মনত ভাবি ৰাখিছে ।ঘৰত ক'লে সৌৰভক ঘৰৰ পৰা খেদিব তাৰবাবে কাকো নকয় কথাটো ।সৌৰভৰ মনত উলপাৰ লগোৱা কথাটো হ'ল যে- অৰুন্ধতীৰ উকা কপালত কোনোৱে গম নোপোৱাকৈ সেন্দুৰ আবিৰ সানিব মন ,এই কথা ঘৰৰ বায়েকৰ কাণত পৰিলে তাৰ কলিজা খাই দিব ।মনৰ কথা মনত লয় দিন বোৰ পাৰ কৰি গৈ আছে । এদিন হঠাৎ কোনোৱে গম নোপোৱাকৈ স্কুলৰ জিৰণীৰ সময়ত মনৰ কথাটো ওঁঠত সাৰিব নোৱাৰি হাতে কামে কৰি দিলে ।সৌৰভে অৰুন্ধতীৰ শিৰত সেন্দুৰৰ আবিৰ সানিলে ,কথাটো কোনোৱে গম নেপায় । এনেকৈয়ে দিনবোৰ বাগৰি গ'ল ,সময়ৰ সোঁতত দু‌য়োৰ প্ৰেম কাহিনী আৰু গম্ভীৰ হৈ উঠিল ।কথাই কথাত

এদিন কথাষাৰ ওলাই পৰিল ,যে আমুকৰ ছোৱালী জনী ক আমুকৰ লʼৰাটো সেন্দুৰ সানিলে বুলি মানুহে ক'ব ল'লে । ছোৱালী জনী ৰ মা, দেউতা সমাজত মুখ উলিয়াব নোৱাৰা হ'ল, কিন্তু লʼৰা ঘৰত একো নাজানে।

অৰুন্ধতীৰ মাকে আৰু দেউতাকে অৰুন্ধতী ক ভালকৈ ক'লে যে-মাজনী  কিয় এনে কাম কৰিলি হে ,মই তক ইমান ভাল ছোৱালী বুলি  ভাৱিছিলো ,কিন্তু তই

কি কৰিলি হে , আমি সমাজৰ আগত কেনেকৈ মুখ দেখাম হে এবাৰ চিন্তা নকৰিলি ন। হঠাৎ দেউতাকে খংত  অৰুন্ধতীক দুই চৰ মাৰিলে । অৰুন্ধতীয়ে কান্দি কান্দি ক'লে যে- মোৰ ভুল হ'ল দেউতা ক্ষমা কৰিবা । দেউতাকে ক'লে যে-ইমান ডাঙৰ ভুল কৰা পিছত তই ক্ষমা কৰি দে বুলি কৈছ, আমাৰ নাক,মুখ কাটিলি , ঘৰৰপৰা উলিয়াই যায় । অৰুন্ধতীয়ে ফোনত কান্দি কান্দি সৌৰভক কয় যে-মা,দেউতাই গম পালে মোক তুমি লৈ যোৱা নহ'ল মই মৰি থাকিম অ,।সৌৰভে থৰ লাগি মনে মনে কথাবোৰ শুনি শেষত , উওৰ দিলে যে-তুমি তেনেকুৱা নকৰিব মই লয় আনিম তোমাক চিন্তাই নকৰিবা । অৰুন্ধতীয়ে ক'লে যে- মই আৰু এপলো নাথাকো এঘৰত সোনকালে আহা।সৌৰভে নভবাকৈ কথা দিলে যে মই তোমাক লয় আনিম বুলি ।

আনিলে যেনিবা কি কৰি খোৱাব তাৰ কথাও নাভাবিলে ,

আনকি ঘৰৰ মানুহে নাজানে যে লʼৰাই কি কৰি ৰাখিছে।

সৌৰভ বিপাঙত পৰিল কি কৰিম কি নকৰোঁ যেন হ'ল ,ঘৰত কথাটো ক'ব নোৱাৰে ।সিফালে অৰুন্ধতী ক কথা দিছে কি কৰিব এঘন্টা মান নিজানত বহি ভাবিলে ।

মনত একমত হৈ থিৰাং কৰিলে যে ঘৰত সোমাব নিদিলে ও অৰুন্ধতীক মই আনিম ,তাক মৰিব দি নোৱাৰো ।যিহʼব হ'ব পাছত দেখা যাব বুলি ভাবি সৌৰভে অৰুন্ধতীক ঘৰলৈ লয় আনে । বায়েকে ঘৰত সোমাবলৈ নিদিলে, ঘৰৰ পৰা খেদি দিলে ।সৌৰভে ঘৰ এৰি গুচি আহিল, দুয়ো একেলগে বৰ সুখী ভাবি সুন্দৰকৈ ঘৰ সাজিলে ।

বিয়া খনটো পাতিলে কিন্তু এতিয়াহে কি কৰিব ?

সৌৰভৰ মনত কিছুমান চিন্তাই বাহ ল'লে। মই আনিলো হয় ।এতিয়া মই কি কৰি খোৱাম বাৰু ? মইতো কাম কৰিব নাজানো পিছে এতিয়া মই কি কৰিম বাৰু? সৌৰভে ভাবি ৰাতিটো 

উজাগৰে কটালে । ৰাতিপুৱা উঠি কাম বিচাৰি গ'ল । কিন্তু সৌৰভক কোনোৱে কামত নলগাই কি কৰিব এতিয়া শেষত এজোপা গছৰ তলত অলপ সময় বহি ভাবিলে আৰু মনৰ ভিতৰত কিছুমান কথা ভূৰ ভূৰাই বকি আছিল । মই কি ভুল কৰিলোঁ বাৰু ? বায়েৰ কথা শুনিলে মোৰ এনে নহ'ল হেতেন, মই বৰ ডাঙৰ ভুল কৰিলোঁ। কি হ'ব বাৰু?সৌৰভে তেনেকৈ সপ্তাহতো পাৰ কৰিলে ।সৌৰভে কৰা ভুল বোৰ নিজে নিজে মনত শুদ্ধ কৰিব বিচাৰিছে কিন্তু এতিয়া শুদ্ধ কৰিও লাভ নাই ।কাৰণ আগত নভবাৰ বাৰে আজি এনে গতি ।

তেওঁ ভাবি ভাবি পানীত হাঁহ নচৰা অৱস্থা হ'ল।

                   সৌৰভ এতিয়া দোমোজাত পৰিল ।ঘৰলৈও যাব নোৱাৰে ,আনকি অৰুন্ধতীকো এৰিব নোৱাৰে ।

সৌৰভে উপাই বিহীন হৈ বিদেশলৈ কাম কৰিবলৈ যোৱাৰ 

সিদ্ধান্ত ল'লে । কিন্তু অৰুন্ধতীয়ে ক'লে -তোমাক মই অকলে বিদেশত যাব নিদিওঁ । তুমি মোকো লগত লৈ যাব লাগিব ।

সৌৰভে ক'লে যে-তোমাক মই লয় তাত কত ৰাখিম । মই  লগৰ এজনৰ লগত থাকিম বাৰু ! পিছে তুমি কত থাকিবা ।

অৰুন্ধতীয়ে উচুপি উচুপি ক'লে - মই তোমাৰ অবিহনে থাকিব নোৱাৰিম অ,।

সৌৰভে ক'লে-অলপ চেষ্টা কৰিবা পাৰিবা নহয় অকলে থাকিব । মই এবছৰ বাবেহে যাম ।আমাৰ ঘৰতো সাজিব পাৰিলে আৰু একোয়ে নালাগে । তেতিয়া সদায় তোমাৰ কাষত থাকিম। তোমাক খুৰা -খুৰী হঁতৰ ঘৰত এৰি যাম ।

কাৰণ ঘৰতো সোমাব নিদিয়ে ।তুমি  কষ্টকে হ'লেও থাকিবা । অৰুন্ধতীয়ে কথাবোৰ ভাবি বৰ কষ্টৰে মুখৰ পৰা মাতষাৰ দিলে , হ'ব যোৱা আমাৰ সপোনবোৰ পুৰন হ'ব ।ভালকে থাকিবা ।সৌৰভে ক'লে- উম! মই ভালকে থাকিম । কিন্তু তুমি ভালকে থাকিবা ।মোক বেছি চিন্তা কৰি নাথাকিবা , মই তোমাক ফোন কৰি থাকিম নহয় ।

অৰুন্ধতীয়ে ক'লে-কেকুজেকু মাতেৰে ক'লে উম ! তুমি তোমাৰ যত্ন লবা দেই ।

সৌৰভে ক'লে- উম‌! চিন্তা নকৰিবা মই মোৰ যত্ন লʼম অ,।

সৌৰভে খুৰা-খুৰীৰ হাতত মৰম বোৱাৰী জনক গতাই থৈ বিদেশলৈ গুচি যায় ।

সৌৰভে এদিন দুদিনকৈ  দিনবোৰ পাৰ কৰিবলৈ ল'লে , কিন্তু অৰুন্ধতীক এৰি অহাৰ কথাটো পাহৰিব নোৱাৰে। কিন্তু সৌৰভে নিজৰ মনত গম্ভীৰ বিশ্বাস ৰাখি সপোনবোৰ পুৰন কৰিবলৈ ধৰিলে ।সৌৰভে প্ৰতিটো পলে অৰুন্ধতীৰ খৱৰ ৰাখিছিল। অৰুন্ধতীও সৌৰভৰ প্ৰতিটো কথাই আখৰে আখৰে পালন কৰিছিল।মনে ভবা কথাবোৰ লাহে লাহে পুৰন হ'বলৈ ধৰিলে।

যাৰ বাবে দুজনে ভবাৰ দৰে নিজৰ সুখৰ সংসাৰ গঢ়িবলৈ পাৰিলে।

                     সৌৰভে বিদেশত থাকি সপোনৰ ঘৰখন সাজি লʼলে ।দুয়োৰে সপোনবোৰ পুৰন হ'ল ।সপোন পুৰন কৰি এবছৰৰ পাছত ঘৰলৈ অহাৰ সিদ্ধান্ত ল'লে।

কথাষাৰ সৌৰভে  অৰুন্ধতীক ক'লে যে মই গৈছো অহা মাহত । অৰুন্ধতীয়ে ক'লে- মই এই দিনটো লৈ বাট চাই আছিলোঁ ।সৌৰভে ক'লে -উম! চিন্তা নকৰিবা মই এতিয়া তোমাৰ কাষত সদায় থাকিম ।

অৰুন্ধতী ক'লে -উম ! আহি লোৱাচোন ।

সৌৰভ -গৈছোঁ অ,!     সৌৰভে ঘৰলৈ আহিল ।

               দুয়ো ন কৈ সজা ঘৰ খনত সুখেৰে দিনবোৰ পাৰ কৰিব ল'লে ।

সৌৰভে কৰা ভুল বোৰক শুদ্ধ কৰি নিজে চলিব পৰা হোৱা দেখি ঘৰৰ মা-দেউতা , বায়েকেও লাহে লাহে ভাল পাব ল'লে ।কাৰণ সৌৰভ আজি নিজৰ ভৰিত নিজেই থিয় হ'ব পৰা বাবে সকলো সুখী ।সৌৰভক ঘৰৰ মা দেউতা বায়েকেও ঘৰখনলৈ আদৰি ল'লে । এনেদৰে সুখেৰে দিনবোৰ পাৰ কৰিলে ।


                শ্ৰী মিন্টু গোৱলা লখিমপুৰ, কদম

Tuesday, February 21, 2023

উন্মনা ফাগুন

উন্মনা ফাগুন

                     মিন্টু গোৱলা, লখিমপুৰ, কদম



ফাগুন মাহৰ ফাগুনী পছোৱা বতাহ জাক বলিবলৈ আৰম্ভ হৈছে । ফাগুনৰ বতৰা পাই পলাশ, শিমলু ও ফুলিব আৰম্ভ হৈছে।প্ৰেমিক প্ৰেমিকাৰ মনবোৰো বৰ উন্মনা হৈ উঠিছে। ফাগুন মানেই এক যৌৱনৰ বতৰ মত আপোন জনৰ লগত নৈৰ পাৰত বহি কথা পতা আমেজ বৰ বেলেগ লাগে। উন্মনা ফাগুনে আনে বলিয়া প্ৰেমৰ বান ।
ফাগুনীৰ ঘৰ গাঁওৰ ইটো মুৰত ।ফাগুনীৰ প্ৰেমিক কৰ্মসূত্ৰে চেন্নাইত থাকে । তেওঁলোকৰ সম্পৰ্ক প্ৰায় এবছৰ হ'ব হ'ল ।যোৱা  বছৰ ফাগুনত শেষ বাৰ বাবে ফাগুনীক লগ কৰি প্ৰতিশ্ৰুতি দি চেন্নাইলৈ বুলি উৰা মাৰে।ফাগুনীয়ে সেই প্ৰতিশ্ৰুতি বুকুত বান্ধি পলাশ লৈ আশাৰে বাট চাই আছে।
                  সিদিনা আবেলি পৰত ফাগুনীয়ে বৰকৈ পদূলিত ৰৈ ঘনাই ঘনাই চকু আলি বাটত ।যেন ফাগুনীৰ চেনাই অহাৰ বতৰ বুলি পদূলি মুৰত অপেক্ষা কৰিছে ।কাৰণ পলাশে  ফাগুনীক প্ৰতিশ্ৰুতি দিছে।এই  ফাগুনত ফাগুনীৰ ওচৰত অহাৰ । সেইবাবেই ফাগুনীৰ মনতো ঘৰত নবহাই হ'ল । বাটত লৈ বাৰে বাৰে যায় ।চাই চাই ফাগুনীয়ে খংত জ্বলি পুৰি নৈৰ পাৰত বহিবলৈ গ'ল।নিদান নিস্তব্ধ পৰিবেশত বহি যোৱা বছৰ কথা  মনত পেলাই আছে। মনতো দুখ কৰি পলাশৰ প্ৰতিশ্ৰুতিবোৰ মনৰ ভিতৰত এক দৃশ্যমানেৰে বৰকৈ ভাৱি আছে ।
                  সিদিনা আছিল ফাগুনৰ বতৰ ,যʼত ফাগুনী আৰু পলাশে নৈৰ পাৰত বহি অলপ আলাপ কৰিছিল ।পলাশে সিদিনাই ফাগুনীক শেষ বাৰৰ বাবে  লগ কৰিছিল। সেই কথা বোৰকে ভাৱি আছে।
পলাশে যোৱাৰ আগত ফাগুনীক কৈছিল,যে  ফাগুনী মইতো তোমাৰ এবছৰৰ বাবে বাহিৰলৈ যাম অʼ।অহা ফাগুনত আহিলে মই তোমাক নিজৰ কৰিম ।
ফাগুনীয়ে দুচকু সেমেকাই পলাশক ক'লে- উম! হ'ব মই তোমালৈ সদায় বাট চাই থাকিম ।তুমি সোনকালেই আহিবা ।
ফাগুনীয়ে সেই কথাবোৰ ভাৱি ভাৱি বহি আছে ।ফাগুনীয়ে কথাবোৰ ভাৱি মগ্ন হৈ এখন সপোনৰ দেশত । হঠাৎ পলাশে ফাগুনীক গাঁওত বিচাৰি ফুৰিছিল , কিন্তু গাঁওত ফাগুনীক দেখা নাপালে । বিচাৰি বিচাৰি পলাশে নৈৰ পাৰত পালে গৈ।পলাশে আহি দেখে যে ফাগুনীয়ে দুচকু সেমেকাই নৈৰ পাৰত বহি মনে মনে বহি আছে ।ফাগুনীৰ পাছ ফালে পলাশে মনে মনে আহি হাতখনেৰে দুচকু বন্ধ কৰি দিলে ।ফাগুনীয়ে হঠাৎ চক খাই চিঞৰি উঠিল।পলাশে যেতিয়া হাতখন এৰি দিলে।
তেতিয়া ফাগুনীয়ে অভিমানেৰে ক'লে - কিয় আহিলা এতিয়া ?
নাহিলেও হয়চোন ।ইমান দিন মই কেনেকৈ আছোঁ , মই হে জানো ।
পলাশে হাঁহি এটি মাৰি ক'লে- ঐ পাগলী মই ঘৰত নাহিল ক'ত ৰাম অʼ।
বাহ! ইমান অভিমান নʼ।
মইতো তোমাক কোৱাৰ দৰেই কথাতো ৰাখিছোঁ নʼ।
খং,অভিমান বোৰ  সামৰি দুহাত মেলি তোমাৰ হিয়াৰ মাজত লোৱা না। মই আহি গʼলো, এতিয়া চিন্তা নকৰিবা ।
ফাগুনীয়ে এটি মিচিকিয়াই হাঁহি মাৰি ।দুহাত মেলি পলাশক সাৱটি ধৰিলে ।
ফাগুনীয়ে ক'লে - তুমি নহা দেখি মোৰ বহুত খং উঠিছিলে অʼ।
এই মোক লৈ যোৱা , নহ'লে মই তোমাৰ অবিহনে থাকিব নোৱাৰোঁ অʼ।
পলাশে ক'লে - মই আহিছোঁ , এতিয়া আৰু কিহৰ চিন্তা ।তোমাক দিয়া প্ৰতিশ্ৰুতি পুৰণ কৰিবলৈ আহিলোঁ।
          কেইদিনমানৰ পাছত ফাগুনীয়ে পলাশৰ লগত জীৱনৰ নতুন ফাকু সানিবলৈ লʼলে । উন্মনা ফাগুনৰ বলিয়া প্ৰেমে দুয়োকে চিৰদিনৰ বাবে একে  লগ কৰিলে । দুয়ো সুখত জীৱন কটাই আছে ।

Tuesday, February 07, 2023

প্ৰেমৰ দিৱস(ভেলেন্টাইন ডে, Valentine day)

 🔵প্ৰেমৰ দিৱস(ভেলেন্টাইন ডে, Valentine day)

প্ৰেমৰ হ'ল এক স্বৰ্গৰ অনুভূতি ।প্ৰেম এক পবিত্ৰ বান্ধোন ।যত মৰম , ভালপোৱা,অভিমান,আৱেগ, সহানুভূতি থাকে ।প্ৰেমৰ কেনেকৈ আৰু কেতিয়া হয় কোনোৱে গম নাপায়। যেতিয়া এখন হিয়া আন এখন হিয়াৰ দুখ ,মৰম ,যন্ত্ৰনা , অনুভৱ বোৰ বুজি পাবলৈ সক্ষম হয় , তেতিয়াই প্ৰেমৰ অনুভৱ বা অনুভূতি হিয়াত জাগি উঠে।

               বৰ্তমান সময়ত প্ৰেমৰ দিৱস হিচাবে পালন কৰি আহিছে ।যাক ইংৰাজীত Valentine day বুলি কোৱা হয়। অসমীয়াত প্ৰেমৰ দিন বা দিৱস বুলি কʼয় ।এই প্ৰেমৰ দিনটো বিশেষকৈ পালন কৰা হয় ,১৪ফেব্ৰুৱাৰী তাৰিখে ।এই দিনৰ এক বিশেষ তাৎপৰ্য আছে ।

                             প্ৰায় ডেৰ হেজাৰ বছৰ আগৰ কথা ।ভাৰতক বাদ দি প্ৰায়বোৰ দেশতে বিশেষকৈ ইউৰোপ মহাদেশ ভাৰতৰ নিচিনাকৈ বিবাহৰ প্ৰচলন নাছিল।আনকি স্হায়ী বস বাস বা পৰিয়াল পাতি বস বাস কৰা কোনো প্ৰক্ৰিয়া নাছিল ।

সেই সময়ত ইংৰাজ সকলে নাৰীক কেৱল ক্ষন্তেকীয়া ভোগৰ সামগ্ৰী হিচাবেহে ব্যৱহাৰ কৰিছিল।মন গ'লেই ইজনীক এৰি সিজনীক লোৱাটোত কোনো বাধা নিষেধ নাছিল।নাৰীয়ে পুৰুষক কেৱল যৌন সুখ দিয়াৰ বাহিৰে আন একোতেই অধিকাৰ নাছিল ।এটাই ধৰ্ম Live in Relationship এজনী দুজনী ১০/২০/৪০/৫০জনী যিমানেই Relation নহওঁক ।

সেয়ে বনৰ পশু পক্ষীৰ নিচিনাকৈ কাৰ ঔৰষত কোন সন্তান জন্মিল তাৰ কোনো স্বয়ং মাক দেউতাকেও নাজানে । তেওঁলোকে স্বামী, স্ত্ৰী মানে ক্ষন্তেকীয়া Boy Friend/Girl Friend হে হয় ।

সন্তান জন্ম হ'লে গিৰ্জা ঘৰত দিয়া হয় আৰু তাত থকা সকলেই Father,Mather,Brather,Sister,uncle,মহা,মাহী,দেখা,জেঠী,পেহা ,পেহী,মাম ,ভাগিন এইবোৰ একো নাই ।১৯৫০চনত যেতিয়া নাৰীৰ বাবে কিছু আইন সংশোধন কৰাৰ পিছত এতিয়াহে ৩০/৪০শতাংশ লোকে স্হায়ী পৰিয়াল পাতি বাস কৰিব লৈছেহি ।সেই সময়ছোৱাত কোনো প্ৰেমৰ বিশেষ দিন হিচাবে  পালন কৰা নাছিল ।

৪৭৮ চনৰ কথা সেইসময়ত ইউৰোপত ভেলেন্টাইন নামৰ এজন অতি বিদ্বান লোকৰ আৱিৰ্ভাৱ হয় । তেওঁ বিভিন্ন শাস্ত্ৰ অধ্যয়ন কৰি ভাৰতৰ লেখিয়া স্হায়ী পৰিয়ালৰ ব্যৱস্থাত খুবেই সন্তুষ্ট হৈছিল আৰু ইউৰোপতো সেই ব্যৱস্থাৰ প্ৰচলনৰ বাবে বহুতকে বুজাইছিল।শেষত তেওঁ গিৰ্জাৰ পাদ্ৰী নিযুক্ত হয় ।পাদ্ৰী হৈ বিবাহ‌ ব্যৱস্হা পৰিয়াল পাতি বস বাস কৰা আদি বিষয়ে বহুতকে বুজালে ।ডেকাচামত বুজাই বুজাই শ শ যুৱক যুৱতীক বিয়া পাতি  স্হায়ী পৰিয়াল পতালে।

সেই সময়ত ৰোমৰ একচত্ৰী ৰজা আছিল।ক্লডিয়াচ (Claudius) তেওঁ অতি পৰাক্ৰমী , দুৰ্দান্ত আৰু নিৰ্দয় ৰজা আছিল ।ৰজাৰ  বিনা অনুমতিত ভেলেন্টাইনে বিয়া পতা আইন বিৰুদ্ধ কাম কৰা শুনাৰ লগে লগে ৰজাই  ভেলেন্টাইনক বন্দি কৰি ফাঁচীৰ হুকুম জাৰি কৰিলে।আগৰ দিনত ফাঁচী দিয়া কাৰ্য্য ৰাজহুৱা স্থানত ৰাইজক দেখুৱাই কৰা হৈছিল ।ভেলেন্টাইনকো তেওঁৰ অনুগামী বিয়া পতা সমূহ দম্পত্তীৰ সন্মুখত ৪৯৮চনৰ ১৪ ফ্ৰেব্ৰুৱাৰী তাৰিখে নৃশংস ভাৱে ফাঁচী দিয়া হয় ।পৰৱৰ্তী কালত সেই দম্পত্তী সকলে তেওঁলোকৰ প্ৰিয় পাদ্ৰীজনৰ উক্ত তাৰিখটোক ভেলেন্টাইন দিৱস এটি শোকৰ দিৱস হিচাবে পালন কৰিবলৈ লয় ।

           অসমত ইয়াক প্ৰেমৰ দিন বুলি পালন কৰে। যত প্ৰেমিকে প্ৰেমিকাৰ মৰমৰত কিছুমান উপহাৰ দিয়ে ।এই দিনটোত প্ৰেমিক প্ৰেমিকা সকলে নিজৰ প্ৰিয়জনৰ ফুলেৰে মিঠাই বা মৰম বাৰ্তাৰে সম্ভাষণ জনায় ।


             ✍️মিন্টু গোৱলা, লখিমপুৰ কদম

Tuesday, January 03, 2023

সেউজী ধৰণী মোৰ:মিন্টু গোৱলা

 🔴সেউজী ধৰণী মোৰ:

সেউজীয়া বৰণ সনা

মোৰ এই ধৰণী

কত সেউজীয়া তৰু-তৃণই

ধৰণী খনক ধুনীয়া কৰি ৰাখিছে ।

কি ?

         সুন্দৰ শস্য শ্যামল 

সেউজী ধৰণী মোৰ বৰ ধুনীয়া

ইয়াতেই ৰচোঁ বহু সপোন ।

সেউজীয়া দলিচাত দেখু জীৱনৰ সপোন 

এনে সুন্দৰ পৰিৱেশক 

কিয়?

       মানুহে ধ্বংস কৰিছে 

অবুজ  হৈ মানুহে কিয় ?

সেউজ ধৰণী খনক ধ্বংস কৰিছে ।

                   ©শ্ৰী মিন্টু গোৱলা লখিমপুৰ কদম

স্তৱক:মিন্টু গোৱলা

🔸 স্তৱক



"সীমাহীন মৰমে হিয়া জোৰাই 

দুচকুৰ চাৱনি হিয়া কঁপাই

অযুত ভাবনাই হিয়া দহাই।"

                  © মিন্টু গোৱলা  লখিমপুৰ,কদম

ভোগৰ ভোগালী:মিন্টু গোৱলা

🔴 ভোগৰ ভোগালী 


নৱ বৰ্ষৰ আৰম্ভণিয়ে লৈ আনে বিহুৰ বতৰা ।

সোণোৱালী ধাননিৰ লক্ষ্মী আদৰা লৈ 

য'ত কষ্ট,দুখ সকলো পাহৰি 

আনন্দত বিলীন হঁও এদিন 

ভোগৰ ভোগালীত।

শস্যৰে নদন-বদন কৰি বছৰৰ 

প্ৰতিটো দিনেই শান্তিৰে এমুঠি 

খাওঁ ভোগালীত ।

বহো মেজিৰ কাষত লঁও গৰমৰ 

ওম !! ঠাণ্ডাত চেঁচা পৰা দেহটোক

 গৰম কৰোঁ আনন্দৰ মেলাৰে ।

পিঠা-পনা,লাড়ু,দৈ,তিলৰ লাড়ু ,চিৰা,

মূড়ী,গুৰৰ জুতি লঁও মেজিৰ তলত ।

উম! কি? সুমধুৰ ক্ষণ ...............

ৰাতি চুৰ কৰি অনা সেই বাৰীৰ 

বেঙেনা,কবি,আলু বোৰ পুৱাই 

ভাগাই এসাঁজ মৰমেৰে  ভোগৰ 

ভোগালী পাৰ কৰোঁ ।

হেঁপাহৰ ভোগালী তুমিয়ে 

অসমীয়াৰ হিয়াৰ আমঠু||


©মিন্টু গোৱলা লখিমপুৰ (কদম)

Tuesday, December 27, 2022

মানৱ জাতি সজাগ হ'ব হ'ল:মিন্টু গোৱলা

 মানৱ জাতি সজাগ হ'ব হ'ল 

             মিন্টু গোৱলা, লখিমপুৰ, কদম


বৰ্তমান পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি মনত বাৰে বাৰে প্ৰশ্ন উঠিছে । মানৱজাতি সচাঁকৈ জীৱ শ্ৰেষ্ঠ নে ?ইয়াৰ উওৰ সৈতো বহুতেই ক'ব নিশ্চয় জীৱ শ্ৰেষ্ঠ । কিন্তু জীৱ শ্ৰেষ্ঠ হৈ আমি কিয় ইমান প্ৰকৃতিৰ ওপৰত অত্যাচাৰ কৰিছোঁ।জীৱ শ্ৰেষ্ঠ হিচাবে আমি আমাৰ দায়িত্ব বোৰ কিয় পালন কৰিব পৰা নাই ? এই পৃথিৱীত যদি মানৱ জাতি বা জীৱ শ্ৰেষ্ঠ হিচাবে জীয়াই থাকিব বিচাৰিলে, আমি আমাৰ অকল নিজৰ কথাবোৰ ওপৰত গুৰুত্ব দিলে নহ'ব ।আমি আমাৰ পৰিবেশ আৰু প্ৰকৃতিৰ ওপৰতো অলপ নজৰ দিয়া আমাৰ কৰ্তব্য। কাৰণ প্ৰকৃতিৰ বাবে আমি জীয়াই আছোঁ। প্ৰকৃতিৰ নহ'লে আমি এই পৃথিৱীত জীয়াই থকা টনা । প্ৰকৃতিৰ ওপৰত অত্যাচাৰ কৰিলে আমাৰ ক্ষয়-ক্ষতি হয়, কিন্তু আমি বুজি নাপাওঁ কিয় ?তেনেদৰে আমি আমাৰ প্ৰকৃতিৰ ওপৰত অত্যাচাৰ কৰিলে  ,  এটা সময়ত পৃথিৱীত অক্সিজেন শেষ হ'ব, আৰু আমাৰ মানৱ সভ্যতা ধ্বংস হ'ব ।যিদৰে এই পৃথিৱীৰ পৰা ড্ৰাইনেশ্বৰ শেষ হয় গ'ল , ঠিক তেনেদৰে আমি ও শেষ হয় যাম। আমি প্ৰকৃতিৰ ওপৰত কৰা অত্যাচাৰৰ বাবে আমি আজিও বিভিন্ন ধৰণৰ প্ৰাকৃতিক দুৰ্যোগত সন্মুখীন হ'ব লগা হয় । বৰ্তমান অৱস্থাৰ কথা ক'বলৈ গ'লে ।গছ -গছনি কম হোৱাৰ বাবে গৰমত অধিক গৰম হোৱা দেখা যায় ।ঠাণ্ডাত অধিক ঠাণ্ডা হোৱা পৰিলক্ষিত হয়।কাৰণ প্ৰকৃতিৰ ওপৰত কৰা অত্যাচাৰৰ বলি হ'ব লগা হৈছে, আজিৰ মানৱ সভ্যতাই ।

বৰ্তমান প্ৰকৃতিৰ পৰিস্থিতিৰ ওপৰত ক'ব গ'লে ।

আৱতৰিয়া ভাৱে কিছুমান ঠাইত অধিক ঠাণ্ডা হোৱা দেখা গৈছে।পানী বৰফ হৈ পৃথিৱীত পৰিছে ।এই লক্ষণবোৰে কৈ যায় মানৱ সভ্যতা আৰু বেছি দিন নাই শেষ হ'বলৈ ।সকলো আমাৰ ভুলৰ বাবে আমিও এদিন এই পৃথিৱীৰ পৰা নাই কিয়া হʼম ।আমি সজাগ হ'বলৈ হ'ল আৰু প্ৰকৃতিক সংৰক্ষিত কৰি ৰখাৰ দায়িত্ব আমাৰ । বৰ্তমান প্ৰকৃতিৰ পৰিস্থিতি বৰ জটিল হৈ উঠিছে।

কোনো দিন নোহোৱা ঘটনা আজি শুনিব পাইছোঁ।বৰফ পৰাৰ কথা শুনিছোঁ আৰু দেখিছোঁ। কিন্তু গোটেই অঞ্চলত বৰফ পৰি শুভ্ৰ হোৱা শুনা বা দেখা  নাই ।যেন বৰ্তমান প্ৰকৃতিৰ পৰিস্থিতি ইমানেই বেয়ালৈ গৈছে,অসমখনো কাশ্মীৰত পৰিণত হৈছে ।এয়া আমাৰ ভুলৰ বাবে মৰাণত হঠাৎ কাশ্মীৰৰ দৰে পৰিস্থিতি হ'ব লগা হৈছে।এই পৰিস্থিতিয়ে মানৱজাতিৰ ওপৰত ভাবুকি আনিছে ।

বৰ্তমান মানৱজাতিৰ অন্তিম সময় আহি পৰিছে ।আমি যদি সজাগ নহওঁ , তেন্তে এই পৃথিৱীৰ পৰা আমিও লুপ্ত হৈ যাম।

    আমাৰ ওপৰত ভাবুকি আহি পৰিছে ।আমি সজাগ হওঁ আহক । প্ৰকৃতিক সংৰক্ষিত কৰোঁ, গছ- গছনি ৰোপন কৰোঁ, প্ৰকৃতিক সেউজীয়া কৰি তুলো। তেতিয়া হে আমাৰ সপোন বোৰ সেউজীয়া হৈ থাকিব ।


Tuesday, December 13, 2022

ভোগৰ ভোগালী:মিন্টু গোৱলা

ভোগৰ ভোগালী 



নৱ বৰ্ষৰ আৰম্ভণিয়ে লৈ আনে বিহুৰ বতৰা ।

সোণোৱালী ধাননিৰ লক্ষ্মী আদৰা লৈ 

য'ত কষ্ট,দুখ সকলো পাহৰি 

আনন্দত বিলীন হঁও এদিন 

ভোগৰ ভোগালীত।

শস্যৰে নদন-বদন কৰি বছৰৰ 

প্ৰতিটো দিনেই শান্তিৰে এমুঠি 

খাওঁ ভোগালীত ।

বহো মেজিৰ কাষত লঁও গৰমৰ 

ওম !! ঠাণ্ডাত চেঁচা পৰা দেহটোক

 গৰম কৰোঁ আনন্দৰ মেলাৰে ।

পিঠা-পনা,লাড়ু,দৈ,তিলৰ লাড়ু ,চিৰা,

মূড়ী,গুৰৰ জুতি লঁও মেজিৰ তলত ।

উম! কি? সুমধুৰ ক্ষণ ...............

ৰাতি চুৰ কৰি অনা সেই বাৰীৰ 

বেঙেনা,কবি,আলু বোৰ পুৱাই 

ভাগাই এসাঁজ মৰমেৰে  ভোগৰ 

ভোগালী পাৰ কৰোঁ ।

হেঁপাহৰ ভোগালী তুমিয়ে 

অসমীয়াৰ হিয়াৰ আমঠু||


মিন্টু গোৱলা লখিমপুৰ (কদম)

খেতি আৰু স্বাবলম্বী ৰাইজ:মিন্টু গোৱলা

 খেতি আৰু স্বাবলম্বী ৰাইজ

খেতি বুলি কʼলে আমাৰ প্ৰধান কৈ কৰ্ম বুলি ক'ব পাৰি। বিশেষকৈ আমাৰ সমাজত খেতিৰ অবিহনে আমি সকলো আধৰুৱা কাৰণ প্ৰধান খাদ্য হ'ল আমাৰ ভাত যাৰ বাবে আমি খেতি কৰিব লাগে আৰু কৰি আহিছো। আমাৰ গাওঁৱলীয়া সমাজৰ ক্ষেত্ৰত খেতি বা কৃষিৰ অধিক গুৰুত্ব আৰোপ কৰে।কাৰণ গাওঁৱলীয়া সমাজ কৃষিৰ ওপৰত নিৰ্ভৰ কৰে।গাওঁৰ প্ৰায় ভাগ মানুহ কৃষি জীৱি আৰু কৃষিয়ে মুল অৰ্থনৈতিক দিশ বুলি কʼব পাৰি।

কৃষিক ভিত্তি কৰি গাওঁৱলীয়া সমাজৰ মানুহ বোৰ স্বাৱলম্বী হয় আছে।কৃষি আকৌ বহু ধৰণৰ আছে ।মাহ লৈ আছে যেনে -ধানৰ খেতি আমি এপ্ৰিল মাহৰ পাৰ আৰম্ভ কৰি জুলাই বা আগষ্ট মাহত শেষ কৰো। অক্টোবৰ মাহৰ পৰা ফ্ৰেব্ৰুৱাৰী মাহত যেন বাম মাটিত কিছুমান বাম খেতি কৰে উদাহৰণ স্বৰূপে - শাক-পাচলিৰ খেতি 

বিভিন্ন ধৰণৰ শুকান দিন হোৱা খেতি বুলি গাওঁৱলীয়া সমাজৰ মুখত শুনিবলৈ পোৱা যায়।আহু ধান,বড়োধানৰ খেতি বুলি ক'ব পাৰি ।আহুধানৰ খেতি জানুৱাৰী মাহৰ পৰা আৰম্ভ কৰে ঠাই ভেদে বেলেগ বেলেগ মাহত আৰম্ভ কৰে  এপ্ৰিল মাহত বা মাৰ্চত ধান চপাই ।বড়োৰ ধান মাৰ্চৰ পৰা আৰম্ভ কৰে হয় , মে'মাহত ধান চপাই।বছৰ প্ৰতি মাহত গাওঁলীয়া সমাজ ব্যস্ত থাকে এক প্ৰকাৰৰ কৃষি কৰ্মত ।কাৰণ কৃষিক কেন্দ্ৰ কৰি গাওঁৰ সমাজখন চলি আছে ।কৃষি হৈছে গাওঁৱলীয়া সমাজৰ মেৰুদণ্ড ।আমি যদি নগৰীয়া সমাজৰ কথা ক'ব যাওঁ তেনে হ'লে গাওঁৱলীয়া সমাজৰ পৰা অলপ হ'লেও পৃথক । কাৰণ নগৰীয়া সমাজখন চাকৰিয়াল তেওঁ লোকৰ মুল বৃত্তি চাকৰি, কিন্তু গাওঁৱলীয়া সমাজ হ'ল কৃষি জীৱি আৰু গাঁওৰ অৰ্থনৈতিক দিশতো ইমান সুচল নহয়।যাৰ বাবে নগৰীয়া সমাজৰ ব্যক্তিয়ে গাওঁৰ ব্যক্তি অলপ বেয়া চকুত দেখা যেন দেখে ।

                   গাওঁৱলীয়া সমাজৰ কৃষিয়ে স্বাৱলম্বী হোৱা ৰ পথ দেখুৱাই । যদিও কৃষিত স্বাৱলম্বী হৈছিল কিন্তু বৰ্তমান সময়ছোৱাত জনসংখ্যাৰ বৃদ্ধিত মাটিৰ পৰিমাণ টো কমি আহি  বৰংঞ্ছ জন�

     

    ✍️মিন্টু গোৱলা

অশ্বত্থামা:মিন্টু গোৱলা

 অশ্বত্থামা
           মিন্টু গোৱলা লখিমপুৰ কদম



অশ্ব শব্দৰে জন্ম মোৰ 

অলৌকিক মণিধাৰী মই

‌কোন শক্তিয়ে কৰিব নোৱাৰে 

মোক ক্ষতি


অলৌকিক মণিৰে  ধ্বংস কৰিলোঁ

 পাণ্ডৱৰ কুল সেই মহা পাপে 

আজিও দহিচে মোক

শান্তি নাপাওঁ কতো ।


গোবিনৰ অভিশাপে 

 আজি বিনায়ছে মোৰ কাণত।


আজিও অমৰ হৈ ফুৰিছো 

জগতৰ বুকুত 

মৃত্যুৰ বিচাৰি হৈছো হাবাথুৰি 

দেখা পোৱা নাই মৃত্যুৰ মুখ 

ফুৰিছো অনাই - বনাই এই জগতত।


মহা পাপী অশ্বত্থামাই 

নাপাই কতো শান্তি 

গোবিনৰ অভিশাপেই 

অমৰ কৰি ৰাখিব,

এই অশ্বত্থামাক ।

Tuesday, December 06, 2022

কৃষ্ণ:মিন্টু গোৱলা

 কৃষ্ণ


জগতৰ পিতৃ স্বৰূপে জন্ম লভিলো এই পৃথিৱীত।

দুষ্টক দমন সেতুকে ললো দশ অৱতাৰ।।

ধৰ্মৰ স্হাপন কৰিবেক হুয়া মোৰ জন্ম ।

জানয় মোৰ অৱতাৰ কথা ।।

প্ৰথম অৱতাৰ মোৰ মৎস্য ,

মৎস্য স্বৰূপ ধৰি বেদক উদ্ধাৰ কৰিলো,

অজ্ঞান ,পাপ, অত্যাচাৰ কৰিলোঁ দুৰ ।।

দ্বিতীয় অৱতাৰ মোৰ কূৰ্ম বা কাচ ,

কাছ স্বৰূপ ধৰি ক্ষীৰ সাগৰ সমুদ্ৰ মন্ত্ৰন কাৰ্য্য সাধিলো।

মোহিনী স্বৰূপ ধৰি অমৃত খোৱাই  দেৱতাৰ  

সাধিলো কাম।।

তৃতীয় অৱতাৰ মোৰ বৰাহ ,বৰাহ স্বৰূপ

 ধৰি হিৰণ্যাক্ষক পৰাস্ত কৰিলো ।

পৃথিৱীক সাগৰৰ তলৰ পৰা আনিয়া 

সাগৰৰ পৃষ্ঠত স্হাপিত কৰিলোঁ।।

চতুৰ্থ অৱতাৰ মোৰ নৰসিংহ ,নৰসিংহ স্বৰূপ ধৰি হিৰণ্যকশিপু কৰিলোঁ বধ ভক্তিৰ ভকতি বচাঁলো ।।

পঞ্চম অৱতাৰ মোৰ বামুণ , বামুণ স্বৰূপ

ধৰি সাধিলো ঋষি গণৰ মহা যজ্ঞ ।।

ষষ্ঠ অৱতাৰ মোৰ ৰাম,ৰাম স্বৰূপ ধৰি

 দুৰাচাৰ ৰাৱণক কৰিলোঁ বধ ।।

সপ্তম অৱতাৰ মোৰ শ্ৰী কৃষ্ণ, কৃষ্ণৰ স্বৰূপ

 ধৰি জগতত ধৰ্মৰ স্হাপন কৰিলোঁ ।

পাপৰ পৰা মুক্ত কৰালো।।

নৱম অৱতাৰ মোৰ বৌদ্ধ, বৌদ্ধ স্বৰূপ ধৰি

 বেদৰ প্ৰচাৰ কৰিলোঁ।

দশম অৱতাৰ মোৰ কল্কি ,কল্কি 

স্বৰূপ ধৰি সৃষ্টিক বিনষ্ট কৰিবেকে

 দৃশ্য মান হʼলো ।

কলিযুগ ধ্বংস সেতু হʼম কল্কিৰ স্বৰূপ ।।


মিন্টু গোৱলা লখিমপুৰ কদম

নৱবৰ্ষ আৰু বনভোজৰস্হলী:মিন্টু গোৱলা

 নৱবৰ্ষ আৰু বনভোজৰস্হলী

                মিন্টু গোৱলা, লখিমপুৰ কদম


এদিন দুদিনকৈ দিনবোৰ বাগৰি যায় ।ঠিক তেনেকৈ বছৰ বোৰ বাগৰি গৈ নৱবৰ্ষত ভৰি দিয়ে। নৱবৰ্ষ বুলি ক'লে- নতুনক আদৰা । পুৰণিক বিদায় দি নতুনক আদৰা । গোটেই বছৰটো দুখ সুখেৰে পাৰ কৰা সময়খিনিক আমি নৱবৰ্ষত নতুন সপোন আৰু আশা বুকুত বান্ধি সকলোৱে নৱবৰ্ষ লৈ বাট চাই । নৱবৰ্ষ মানেই সকলোৰ মনত বহু আশা সপোন থাকে । নৱবৰ্ষত যাতে আশা আৰু সপোন হ'ব বুলি । আমি বিভিন্ন মঠ-মন্দৰি , তীৰ্থস্থান আদিত যাওঁ । নতুন বছৰটো যাতে আমাৰ বাবে ভালকৈ যাব বুলি । নৱবৰ্ষত সকলোৱে উদয়পুৰাই মিলা প্ৰীতিৰে এসাঁজ প্ৰকৃতিৰ মাজত কটায় এসাঁজ খোৱাৰ আমেজেই বেলেগ হয়। সেইবাবে আমি বিভিন্ন বনভোজস্হলীলৈ যাওঁ।শীতকাল আৰম্ভ হোৱাৰ লগে লগে  বনভোজৰ বতৰ আৰম্ভ হয়৷পৰিয়াল, বন্ধুৰ সৈতে বনভোজ খাবলৈ যোৱাটো বৰ আমেজ লাগে।  বিভিন্ন বনভোজস্থলীলৈ বনভোজপ্ৰেমীকৰ দলৰ আগমন ঘটে নৱবৰ্ষত।  ইংৰাজী নৱবৰ্ষৰ দিনবোৰ চমু চাপি অহাৰ লগে লগে ৰাইজৰ মাজত বনভোজ খোৱাৰ উছাহ বাঢ়ি যায় ।

বনভোজস্হলীবোৰো যেন প্রকৃতিয়ে মানুহৰ বাবেই অকৃপণ হাতেৰে সজাই-পৰাই তুলিছে৷ যিফালেই চোৱা যায় নয়নাভিৰাম দৃশ্য৷ বনভোজৰ পাতল অৱগুণ্ঠন, শিলৰ ওপৰেদি কুলু কুলু সুৰেৰে বৈ যোৱা এখন শীর্ণ নদী বা জুৰি৷ ৰৌদ্রোজ্জ্বল বলুকা, আলফুলে পৃথিৱীক বুকুত সাবটি ৰখা নীলিম আকাশ৷ আকাশেদি উৰি যোৱা সুশৃংখল চৰাইৰ জাক, নল, খাগৰি, বিৰিণা বন,নদীৰ বুকুৰ প্রকাণ্ড একোটা শিল, গগনচুম্বী একোজোপা গছ, নাতি দূৰৈৰ শ্যামলিমা পাহাৰ, গান গোৱা পখীজাকৰ সুললিত কণ্ঠই এক স্বর্গীয় অনুভূতি প্রদান কৰে৷ ঘূৰি অহাৰ পৰত দিগন্তত সূর্যাস্তৰ দৃশ্যই মন পুলকিত কৰে৷ 

                       নৱবৰ্ষত বনভোজস্হলীবোৰ বৰ মনোমোহা হৈ উঠে ।য'ত প্ৰকৃতিৰ মৃদু বতাহ বʼয় আৰু সুন্দৰ প্ৰাকৃতিক পৰিবেশৰ মাজত থাকি বৰ ভাল লাগে। মানুহৰ প্ৰিয় প্ৰকৃতিপ্ৰেমী হোৱা বাবে প্ৰকৃতিৰ পৰিবেশত অলপ সময় কটায় এসাঁজ খোৱাৰ বৰ আনন্দ লাগে।

অসমৰ এনে পাঁচ খন‌বনভোজস্হলীৰ চমুকৈ উল্লেখ কৰিলোঁ।


১)বগীবিল– বগীবিল ব্ৰহ্মপুত্ৰ নদীৰ পাৰত ডিব্ৰুগড়ৰ ওচৰত অৱস্থিত আৰু উজনি অসমৰ আটাইতকৈ বেছি ভ্ৰমণ কৰা বনভোজস্থলীসমূহৰ ভিতৰত অন্যতম ঠাই। প্ৰায় ৫ কিলোমিটাৰ দীঘল ব্ৰহ্মপুত্ৰৰ ওপৰত থকা বগীবিল দলং খন অৱস্থিত। ধেমাজি, চিলাপাথাৰ, তিনিচুকীয়া আৰু ডিব্ৰুগড়ৰ দৰে কেইবাটাও গন্তব্যস্থানৰ পৰা মানুহৰ ইয়াত ভিৰ হয়।


২)চৰাইদেউ – চৰাইদেউ হৈছে এক ঐতিহাসিক বুৰঞ্জীপ্ৰসিদ্ধ স্থান। যি প্ৰতি বছৰে শ শ বনভোজৰ লোকক আকৰ্ষিত কৰে। ই আছিল আহোম ৰাজবংশৰ ৰাজধানী যি শিৱসাগৰৰ পৰা প্ৰায় ২৮ কিলোমিটাৰ দূৰত অৱস্থিত। বন্ধু বৰ্গ আৰু পৰিয়ালৰ সৈতে আনন্দৰ সময় অতিবাহিত কৰাৰ উপৰিও, ভ্ৰমণ কৰাৰ সময়ত আহোম ৰাজবংশৰ বিশাল ইতিহাসৰ বিষয়ৰ লগতে শিৱসাগৰৰ ভিন্ন বুৰঞ্জীপ্ৰসিদ্ধ কীৰ্তিচিহ্ন সমূহ প্ৰত্যক্ষ কৰিব পাৰি।

৩)মৌ চাপৰী – যিসকলে ব্ৰহ্মপুত্ৰ নদীৰ পাৰত তেওঁলোকৰ অৱসৰ উপভোগ কৰিব বিচাৰে তেওঁলোকৰ বাবে এই বনভোজস্থলী অতি সুবিধাজনক। ইয়াত আপুনি কম মূল্যত নাও যাত্ৰা কৰাৰ সুবিধা লাভ কৰিব পাৰিব আৰু ধুনীয়া নদীখনৰ সৌন্দৰ্য উপভোগ কৰিব পাৰিব। ই যোৰহাটৰ পৰা মাত্ৰ ১৩ কিলোমিটাৰ দূৰত আৰু আপুনি আপোনাৰ বন্ধুবৰ্গ আৰু পৰিয়ালৰ সৈতে এক সুন্দৰ সময় অতিবাহিত কৰিব পাৰে।


৪)বৰ শিল – বনভোজৰ বাবে ই অসমৰ অন্য এক সুন্দৰ স্থান। ই শিৱসাগৰ জিলাত অৱস্থিত আৰু পৰ্বতৰ সুন্দৰ মনোৰম দৃশ্য আৰু নদীৰ উখল-মাখল শব্দৰ সৈতে এক সুন্দৰ ঠাই। এই ঠাই খন আহোম ৰজা গদাধৰ সিংহৰ বাবে বিখ্যাত।

 ৫)জেইপুৰ বৰ্ষাৰণ্য – জেইপুৰ বৰ্ষাৰণ্য অসমৰ ডিব্ৰুগড় জিলাত অৱস্থিত। ইয়াত বহুতো সুন্দৰ বিদেশী প্ৰজাতিৰ প্ৰাণী আৰু উদ্ভিদ আছে। লোকসকলে তেওঁলোকৰ চাৰিওফালৰ সেউজীয়াৰ মনোৰম দৃশ্য উপভোগ কৰিবলৈ প্ৰতি বছৰে ঠাইখন ভিৰ কৰেহি। শীতকালত পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে এই বনভোজস্থলীলৈ এটা নিখুঁত ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে।

           অসমত এনে বনভোজস্হলী বহু আছে । কিন্তু তাৰেই দুটামান বৰ্ণনা কৰিলোঁ । নৱবৰ্ষৰ সেই সময়ৰ বোৰ বৰ ভাল লাগে।আমি যিবোৰ বনভোজ স্হলীলৈ যাওঁ।সেই ঠাই খন আমাৰ বুলি ভাবি প্ৰকৃতিক নিকা বা চাফ  কৰি  ৰখাটো আমাৰ দায়িত্ব ।যাতে  প্ৰকৃতিৰ বিনষ্ট নহয় । প্ৰকৃতি অবিহনে মানুহ বৰ আধৰুৱা হয় ।

Tuesday, November 29, 2022

বীৰ লাচিত:মিন্টু গোৱলা

 বীৰ লাচিত

শৰাইঘাটৰ সেনানি তুমি

অসম ৰখিয়াৰ সোনা তুমি

 শৰাইঘাটৰ ৰণুৱা তুমি ।


অসমক বঁচোৱাৰ হেতুকে কৰিলা 

শৰাইঘাটৰ যুদ্ধ ।


গঢ়িলা বিৰাট গড় 

ৰোধিলা মোগলক 

দেশৰহকে নৰীয়া দেহাত 

 যুঁজিলা ।


'দেশত কৈ  মোমাই ডাঙৰ নহয় ।'

বুলি কৈ দেখুৱালা আহোমৰ বীৰত্ব

বঁচালা  অসম ভূমিক । 

 

বৰ লুইতৰ পাৰত জিলিকালা 

বীৰত্বৰ সেনানি ৰূপ ।


লাচিতৰ নামৰে জিনিলা দেশৰ‌ মান

গঢ়িলা বৃহৎ অসমীয়া জাতি ।


              ✍️মিন্টু গোৱলা, লখিমপুৰ 


জীৱন তৃষ্ণা:মিন্টু গোৱলা

জীৱন তৃষ্ণা

অস্ত আকাশৰ হাহাকাৰ

গুজৰি নামিছে অন্ধকাৰ

জীৱন তৃষ্ণাই আগুচি 

ধৰিছে প্ৰতিটো পলত !

ৰিক্ত হৃদয়ৰ মাজত 

বিনাই জীৱন গাথাঁ 

অস্ত ৰাগে  শুকুৱাই দিয়া

জীৱন গাথাঁই আজি বিচাৰি ফুৰে

জীৱনৰ সুষম নীৰ ।

ইমানেই তৃষ্ণা

নীৰৰেও নোৱাৰি গুচাব ,

  জীৱনৰ তৃষ্ণাক ।


     শ্ৰী মিন্টু গোৱলা লখিমপুৰ কদম

তুমি আহিবা বুলি:মিন্টু গোৱলা

 তুমি আহিবা বুলি



নিশা বহুত হ'ল দুচকুত

 টোপনিও নহা হʼল ,


তুমি আহিবা বুলি আশাৰে 

অপেক্ষা কৰি ।


তুমি আহিবা মোৰ  শেৱালী 

জোপাৰ তলেৰে স্নিগ্ধ জোনাক নিশা।


 তুমি আহিবা  বুলি বাট চাই 

মই খিৰিকী খন খুলি লʼলো।


কিন্তু তুমি নাহিলা (!)

 মই বাট চাই চাই ভাগৰি পৰিলোঁ,

শেষত খিৰিকী খন জপাই দিলোঁ।


খিৰিকী জপোৱাৰ পাছত

মোৰ দুচকুত টোপনিয়ে 

হেতা -উপৰা লগালে,

মোৰ দুচকু আপোনা আপুনি 

জাপ খাই পৰিল।


মই টোপনিৰ কোলাত পৰি ৰʼলো,

তুমি অহাৰ খৰব মই  গমেই নাপোলোঁ।


তথাপিও সপোনত আহিবা বুলি 

আশাৰে বাট চাই আছিলোঁ ।

   ~~••~~                               মিন্টু গোৱলা

                           লখিমপুৰ  কদম

নিঃসংগতা:মিন্টু গোৱলা

 নিঃসংগতা

    

নিজানৰ নীৰৱ কথা বোৰৰে 

আজি কথাৰ নৈ হৈ বৈ গৈছে ,

হৃদয়ৰ গোপ কোণত ।

নিঃসংগতা চহৰত মোৰ হৃদয় 

খন কোঙা হৈ পৰিছে।

অচিনাকী চহৰ, অচিনাকী মানুহ 

আপোন বুলি ক'বলৈ গ'লে  

মাথোঁ চহৰ খন ।

নিজান নিস্তব্ধ মন মোৰ উৰে কেনিবা 

নিঃসংগৰ দলিচাত পৰি  ।


🔴 মিন্টু গোৱলা, লখিমপুৰ 

আঘোণ:মিন্টু গোৱলা

 আঘোণ:মিন্টু গোৱলা



সোণোৱালী বৰণ সানি কৃষৰ 

মূখত হাঁহি বিৰিঙি উঠে আঘোণৰ পথাৰখন চাই।

বাৰিষাৰ ঘাম মাটিত পৰি উৎপন্ন 

হোৱা সোণ গুটি বোৰে কৃষৰ মন 

 ভৰাই আনন্দ উল্লাহ 

দিয়ে আঘোণৰ মাহত।

লক্ষ্মীৰ ৰূপে আদৰো সোণ গুটি বোৰ 

বাৰিষাৰ ৰʼদ বৰষুণত তিতি বুৰি 

মাটি চহাই সোণ গুটি ৰোৱে কৃষকে সেই 

সোণ গুটি বোৰে কৃষৰ

 মনত আনন্দ দিয়ে সোণ গুটি ৰূপে

 আঘোণৰ পথাৰত।

 দাৱনীৰ মন ও আনন্দে নধৰা হয়  

সোণোৱালী ধাননি ডৰা চাই ।

হেঁপাহৰে এসাঁজ বছৰ যোৰাই খাম বুলি 

আদৰে সোণ গুটি বোৰ 

থুকা - থুকে তলতলৈ মূৰ কৰা সোণ বৰণীয়া

ধানৰ থুকবোৰ দেখিলেই কৃষৰ মন ভাল লাগে।

লক্ষ্মীৰ ৰূপে আদৰো সোণ গুটি বোৰ 

সাঁচি থওঁ ভঁৰালত বছৰ দিনলৈ খাম বুলি ।।


শ্ৰী মিন্টু গোৱলা লখিমপুৰ কদম

ফোন নম্বৰ ৬০০১৬০১২৮০

Tuesday, November 22, 2022

চিতা:মিন্টু গোৱলা

 চিতা


কʼলা ধোৱাই আৱৰিব চৌদিশে 

মৌনতাই বিৰাজমান হ'ব পৰিবেশ

মাথোঁ ধোৱাৰে আৱৰিব মোৰ চৌদিশ।


আপোন ঘৰখনে মৌনতাৰ জ্বলাব চাকি 

হৃদয়ত সৰ্ব শোক লয় কুটুম জন দিব বুজনি

জীৱনৰ শেষ সময়ত চিতাই আমাৰ আপোন।


নিজান দেশৰ অজান ঠাইত লʼম বাস কোনেও

নেদেখা কৈ অচিন ধূলিৰ লগত মিলি যাম 

চিতাৰ কʼলা ধোৱাই উৰোৱাই লয় যাব আকাশলৈ

বহু দূৰ বহু নিলগত আকাশৰ শুকুলা ডাৱৰত ।


চিতাৰ জুইত ভস্মীভূত হ'ম এটি মাথোঁ জুইমুঠিত

পুত্ৰ ভাজ্যই সাক্ষী হ'ব চিতাৰ জুইত

কʼলা ধোৱাই আৱৰি ল'ব মৌনতাৰ পৰিৱেশ 

কন্দোৱাব পুত্ৰ ভাজ্যৰ মনত,শেষ হ'ব জীৱন, চিতা হ'ব শেষ থিতাপি  খন্তেকৰ বাবে ..........!


চিতাৰ কʼলা ভস্মীৰে হৃদয় খন কৰিব চাপ 

জীৱ শ্ৰেষ্ঠ মানৱৰ কি যে বিলয় এই মৰত 

দুচলি খৰিৰে দেহ থয় যাব  লাগিব অজান দেশত।



   জুয়ে পুৰিব এই দেহক কʼলা ছাইৰে

 ভস্মীত হৈ মিলি যাব মাটিৰ মানুহ মাটিতেই ।



দম্ভ অহংকাৰ যাব চিতাৰ জুইত 

ধন ৰব পৰি দেহ যাব অজান দেশত 

পৰি ৰব শশ্মান, আত্মাই উৰিব অজান ঠাইত 

মায়াৰো নাথাকে কোনো চিন ।



শ্ৰী মিন্টু গোৱলা লখিমপুৰ কদম

তেজীমলা:মিন্টু গোৱলা

 তেজীমলা

মই তেজীমলা কৈছোঁ মাহী আই মোৰ 

কোনো দুঃখ নাছিল অ,

 তই দি পঠিওৱা কাপোৰ 

যোৰত নিগনি আৰু 

এঙাৰ আছিল অ,!

তোক মই ক'ব বিচাৰাছিলো 

কিন্তু মই ক'ব নোৱাৰিলো 

তোৰ যি খঙাল মাতে মোক 

কথাবোৰ ক'ব নোৱাৰিলো ভয়ত অ ,আই!

তই মোৰ মৰম বোৰ বুজি নাপালি অ,

আই মই যে তোৰ পেটৰ সন্তান নাছিলোঁ

 যে সেইবাবে তই মোক মৰম কৰা 

 নাছিল অ,আই !

মোক তই নিজৰ বুলি ভাৱা নাছিল 

অ আই কিন্তু মই তোক নিজৰ 

আইৰ দৰে ভাৱিছিলো অ,আই !

ঈশ্বৰ লীলা কি কৰিবা মোৰ যে 

ফুটা কপাল তোৰ হাতে 

মোৰ মৃত্যুৰ আছিল অ,আই!

পিতাই থকা হ'ল মোৰ 

এই দৰ্শা নহ'ল হেতেন অ,আই,!

সামান্য পাট কাপোৰ যোৰ বাবে

 তই মোক খুন্দি মাৰিলি অ,।।


          শ্ৰী মিন্টু গোৱলা লখিমপুৰ কদম

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...