Showing posts with label প্ৰবন্ধ. Show all posts
Showing posts with label প্ৰবন্ধ. Show all posts

Saturday, March 28, 2026

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

 প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ



প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনুভূতিৰ সমষ্টি ভালপোৱা । জীৱনৰ সমস্ত সেউজীয়া,আশা-আকাংক্ষা,হেঁপাহ,অনুভৱ-অনুভূতি শ্ৰদ্ধা-সন্মান ইত্যাদিৰ যোগফলেই হৈছে প্ৰেম, ভালপোৱা । বসন্তৰ মনোমোহা পৰিবেশৰ দৰে শুভ্ৰ আকাশৰ তলত হালি থকা নীৰৱ শান্ত কহুঁৱা বনৰ দৰে, শৰতৰ জোনাকৰ আগচোতালৰ শেৱালীজোপাৰ দৰে নীৰৱ-শান্ত ভালপোৱাৰ অনুভূতি। মুঠৰ ওপৰত এক স্বৰ্গীয় পবিত্ৰতাৰ নাম ভালপোৱা বা ভালপোৱা।

এদিন মোৰ প্ৰেয়সীক ধেমালিতে সুধিছিলোঁ:যদি মই তোমাক এৰি বহু দূৰলৈ গুচি যাওঁ তেন্তে তুমি কি কৰিবা?

তাই কিছু পৰ নীৰৱে মোৰ মুখ খনলৈ চাই মুখত এটি মিচিকিয়া হাঁহি মাৰি উত্তৰ দিছিল যে  তাই জানে যে মই তাইক এৰি কেতিয়াও দূৰলৈ গুচি নাযাও।যেতিয়া তাই আমাৰ প্ৰেমৰ কথা ভাবো, তেতিয়া তাই বিভিন্ন দিশক সামৰি লোৱা এটা জটিল আৰু বহুমুখী আৱেগৰ কথা ভাবে য’ত অন্তৰ্ভুক্ত আছে পাৰস্পৰিক বুজাবুজি, বিশ্বাস আৰু সন্মানৰ সৈতে জড়িত এজনে আন জনৰ সৈতে গভীৰ আৰু গভীৰতা সংযোগ।

সচাকৈ প্ৰেমত  ইজনে সিজনৰ মংগল, সুখ আৰু বৃদ্ধিৰ বাবে এক প্ৰকৃত চিন্তা কৰে। প্ৰেমত ত্যাগ,যিকোনো পৰিস্থিতিত ভালপোৱা জনৰ ওচৰত ঢাল হৈ থিয় হোৱা, মুকলি, সৎ মন, আৰু ইজনে সিজনৰ লগত দুৰ্বল হোৱা, ভয়, আশা আৰু সপোন ভাগ কৰা ইত্যাদি নিহিত হৈ থাকে।  প্ৰেমত দুয়োৰে জীৱনৰ উত্থান-পতনৰ মাজেৰে ইজনে সিজনক সমৰ্থন আৰু উৎসাহিত কৰে সুন্দৰকৈ আগুৱাই নিবৰ বাবে।

প্ৰেমত ইজনে সিজনক মৰম কৰা,দুয়োৰে মাজত এক শক্তিশালী আৱেগিক বন্ধন, দুয়ো দুয়োৰে কেয়াৰ লোৱা,আজীৱন একেলগে থকাৰ প্ৰতিশ্ৰুতিৰে শাৰীৰিক আৰু আৱেগিক ঘনিষ্ঠতা, কাষত পোৱাৰ প্ৰবল শক্তিশালী ইচ্ছা, ইজনে সিজনৰ  প্ৰতি আকৰ্ষিত হয়।

প্ৰেমত দুয়ো দুয়োৰে চিন্তা, অনুভৱ, আৰু সময়ক মূল্য দিয়া লগতে শলাগ লয়।

প্ৰেমে মানুহক শিকায় ভালপাবলৈ, মানুহ হ’বলৈ। মানুহৰ অৰ্থাৎ জীৱনৰ অবিহনে প্ৰেম আৰু প্ৰেমৰ অবিহনে জীৱন দুয়োটাই অবাস্তৱ কল্পনা। প্ৰেম আৰু জীৱনৰ মাজতেই সৃষ্টি হয় এখন সেউজীয়া পৃথিৱী,য’ত বাস কৰে হাজাৰজনৰ বুকুৰ হেঁপাহবোৰ, য’ত থাকে ভালপোৱাজনৰ মনৰ অভিমানবোৰ, যাৰ প্ৰতিটো ঠিকনাতেই থাকে এখন ভালপোৱাৰ চোতাল,য’ৰ প্ৰতিজনৰ হৃদয়তে ভাহি থাকে এটি প্ৰেমৰ সুৰ…।।

Love means a silent smile from your heart…..

প্ৰেম হ’ল হৃদয়ৰ কোনো নিভৃত কোণৰ পৰা ওলাই অহা এটা নীৰৱ হাঁহি। জীৱনৰ এই বিশাল মঞ্চত পৰিস্থিতি অনুযায়ী মানুহ বহুবাৰ প্ৰেমত পৰিব পাৰে। কিন্ত নিৰ্দিষ্ট এজনৰ বাবে যেতিয়া হৃদয়ৰ আলফুলীয়া সপোনবোৰ সাৰ পাই উঠে, সেয়াই সঁচা ভালপোৱা। হৃদয়ে বিচাৰি পায় চিনাকি হৃদয়ৰ সান্নিধ্য, সৃষ্টি হয় প্ৰেমৰ অশান্ত প্লাৱন। আপোন হৈ পৰে আপোনজনৰ সুখবোৰ, দুখবোৰ। ভাললগা হৈ পৰে কৰ্তৃত্বভৰা আবদাৰবোৰ। অহৰহ কাণত বাজি উঠে প্ৰিয়জনৰ সুৰ আৰু অস্পষ্ট ফুচ্‌ফচ্‌নিবোৰ। প্ৰেয়সীৰ এটি মাত্ৰ মিচিকিয়া হাঁহিত ৰাতিবোৰে অনিদ্ৰাত ভোগে, প্ৰিয়জনৰ আপেক্ষাত হৃদয়ত জাগি উঠে মিঠা যন্ত্ৰণাৰ সুবাস।

আচলতে প্ৰেমৰ কোনো পৰিসীমা নাই। ইয়াক কোনো শব্দ আৰু বাক্যৰে সংজ্ঞাবদ্ধ কৰিবও নোৱাৰি। ই অনন্ত, ই অসীম। পৃথিৱীৰ প্ৰত্যেকৰে হৃদয়ত প্ৰেমৰ অনুভূতি থাকে। অৰ্থাৎ ই এক বিশ্বব্যাপী পবিত্ৰ স্বৰ্গীয় অনুভূতি, যাক মাথোঁ অনুভৱ কৰিব পাৰি।।


ৰাহুল চেতিয়া, চিলাপথাৰ,৬০০৩০৯৮২৩৩




Wednesday, April 05, 2023

নম্বৰ প্ৰতিযোগিতাত শিক্ষাৰ্থীৰ মানসিকতা: অস্মিতা লাহন

 প্ৰৱন্ধ


নম্বৰ প্ৰতিযোগিতাত শিক্ষাৰ্থীৰ মানসিকতা



বৰ্তমান যুগ প্ৰতিযোগিতাৰ যুগ। নম্বৰৰ পিছত দৌৰাত সকলো ব‍্যস্ত। নম্বৰৰ প্ৰতিযোগিতাত প্ৰকৃত জ্ঞান লাভ কৰাত গুৰুত্ব নিদি সকলো মাত্ৰ কেইটামান নম্বৰৰ পিছত দৌৰ মাৰিছে। জ্ঞানক আওকাণ কৰি বৰ্তমান বেছি ভাগ ছাত্র-ছাত্ৰীয়ে মাৰ্ক শ্বীটৰ ওপৰত গুৰুত্ব দিয়ে। কিয়নো এই মাৰ্ক শ্বীট খনৰ ওপৰতেই যেন তেওঁ লোকৰ জীৱনৰ কৃতকাৰ্যতা নিৰূপিত হৈ আছে। নম্বৰৰ দৌৰত ভাটৌ পঢ়ন পদ্ধতি অৱলম্বন কৰি ছাত্র-ছাত্ৰীয়ে কি শিকিলোঁ, কি বুজিলোঁ-জানিলো এইবোৰ বিবেচনা নকৰি কেৱল মাত্ৰ প্ৰতিযোগিতা খনিত হে গুৰুত্ব দিয়ে। জ্ঞানৰ তেওঁলোকৰ বিচাৰ্য বিষয় নহয়। নম্বৰৰ প্ৰতিযোগিতা খনিত কোনে কাক পৰাজিত কৰিব পাৰে এইটোক লৈহে ছাত্র-ছাত্ৰীৰ পৰা পিতৃ-মাতৃ লৈকে সকলো অভ‍্যস্ত। হয় এখন ভাল মাৰ্ক শ্বীটে আমাক জীৱনত বহুদূৰ সহায় কৰিব। জীৱন ধাৰণৰ এটা উপায় আমাক মাৰ্ক শ্বীট খনে আনি দিব পাৰে। নম্বৰৰ তাগিদাত আমি লাভান্বিত হ'ব পাৰোঁ। বৰ্তমান বিশ্ব যি দিশে ধাৱিত হৈছে, তাক চাই সেই বিশ্বত তিষ্ঠি থাকিবৰ বাবে সকলো নম্বৰমূখী হৈছে আৰু বহু সময়ত তাৰ প্ৰয়োজনীয়তা দেখা দিয়ে। কিন্তু এই মানসিকতাই ছাত্র-ছাত্ৰীৰ মনত জ্ঞানৰ কচৰৎ কৰোৱাত সফল হোৱা নাই। নম্বৰৰ বাবে জ্ঞান কেৱল পাঠ‍্যক্ৰমৰ মাজতেই সীমাবদ্ধ থাকে। সমাজ খনক বুজি উঠাৰ, বিশ্লেষণ কৰাৰ যি মানসিকতা ছাত্র-ছাত্ৰীৰ বিকাশ হ'ব লাগে সেয়া কেৱলমাত্ৰ নম্বৰমূখী চিন্তা-ধাৰাই আনি দিব নোৱাৰে।

    নম্বৰৰ বিশ্বত সকলো সকলো একো-একোজন স্বাৰ্থপৰ। নিজৰ জ্ঞান বা জনা কথা আনক শিকালে তেওঁ "মোতকৈ" বেছি পাৰিব, বেছি নম্বৰ পাব এনেধৰণৰ মানসিকতা দেখা যায়। কিন্তু জ্ঞান বা নিজে জনা কথা আনক শিকালে আচলতে শিকোৱা জনৰ হে প্ৰকৃত উন্নতি হ'ব। জ্ঞান যিমান পাৰি সিমান বিলাব লাগে। আলোচনা কৰিব লাগে। নজনা কথা আনক শিকাই দিলে দুয়ো উপকৃত হ'ব। কিন্তু ছাত্র-ছাত্ৰীৰ মনত সৰুৰ পৰা নম্বৰৰ প্ৰৱণতা সোমোৱাই দিয়া হয়। যিয়ে ছাত্র-ছাত্ৰীৰ মনত স্বাৰ্থ-ন্বেষী মনোভাৱৰ বীজ ৰূপণ কৰে। ইয়াৰ ফলত কম নম্বৰৰ তাগিদাত, আনতকৈ তুলনা মূলক ভাৱে কম পোৱা নম্বৰৰ বাবে বহু ছাত্র-ছাত্ৰীয়ে মানসিক হতাশাত ভুগে। নম্বৰৰ প্ৰতিযোগিতাত সকলোৱে আনক বিফল কৰোৱাত গুৰুত্ব দিয়ে। কিন্তু তেওঁ বুজি পোৱা উচিত যাতে প্ৰতিযোগিতা নিজৰ লগত হে কৰিব লাগে। ছাত্র-ছাত্ৰীয়ে জনা উচিত যে জ্ঞানৰ বিস্ফোৰণ হ'লে সমাজৰ উন্নতি হয়। অতি নম্বৰমূখী প্ৰৱণতাই জ্ঞানৰ বিস্ফোৰণত বাধা দিয়ে। লগতে ই মানসিক হতাশাৰ কাৰণ।গতিকে ছাত্র-ছাত্ৰীয়ে নম্বৰতকৈ জ্ঞানক অধিক গুৰুত্ব দিব লাগে।

     আজিৰ ছাত্র-ছাত্ৰী কাইলৈ দেশৰ নাগৰিক। তেওঁলোকেই একো-একোজন মানৱ সম্পদ ৰূপে কাইলৈ সমাজ খনক পৰিচালিত কৰিব। সেয়েহে তেওঁলোকে জ্ঞান আহৰণত অধিক গুৰুত্ব দি নিজৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ব লাগে। যিমান পাৰি জ্ঞান বুটলিব লাগে আৰু আনকো সেই জ্ঞান বিলাব লাগে।   নম্বৰমূখী বিশ্বত ছাত্র-ছাত্ৰীৰ মানসিকতা, দৃষ্টিভংগী তেতিয়া হে পৰিৱৰ্তন হ'ব।



নাম - অস্মিতা লাহন

ঠিকনা-গোলাঘাট

দূৰভাষ-৯৩৬৫৭০৪৫৭৬

Tuesday, March 28, 2023

ঋতুৰ পৰিৱৰ্তনে জলবায়ুৰ তাৰতম্য ঘটাই:কনমনি নাথ(বাক্সা)

 ঋতুৰ পৰিৱৰ্তনে জলবায়ুৰ তাৰতম্য ঘটাই



সম্প্ৰতি সময়ত ঠাণ্ডাৰ দিন। প্ৰকোপ ঠাণ্ডাত কঁপি কঁপি হলেও দৈনন্দিন কাৰ্য ক্ৰমনিকা সমূহ কৰি যোৱাটো নৈতিক দায়িত্ব থাকে। কোনোৱে জুইশালত বহি ঠাণ্ডা নিয়ন্ত্ৰণ কৰিছে, কোনোৱে গৰম কাপোৰ পৰিধান কৰি আৰু আন কোনোৱে ইলেকট্ৰনিক যন্ত্ৰ ব্যৱহাৰ কৰি হলেও ঠাণ্ডা নিয়ন্ত্ৰণ কৰো। মুঠতে আমি যেনেকৈ হলেও ঠাণ্ডা নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰোঁ। সকলো ফালে ঠাণ্ডা ঠাণ্ডা জলবায়ু যদিও এই সময়তে পুৰণক বিদায় দি নতুন বছৰক সম্ভাষণ জনাই আদৰণি জনোৱা হয়। এই সময়ছোৱা ভ্ৰমণৰ কাৰণে খুবেই উপযোগী বুলি ধৰা হয় আৰু সেইমতে দেশ- বিদেশ, ভিন্ন ঠাই ভ্ৰমন কৰি ভিন্ন অঞ্চলৰ মনোমোহা দৃশ্য পৰিদৰ্শন কৰি অভিজ্ঞতা আহৰণ কৰাৰ উপৰি বিবিধ স্বাদযুক্ত খাদ্য সম্ভাৰেৰে বনভোজ খোৱাৰ মাদকতা উপভোগ কৰা হয়। তাৰ পিছতেই আকৌ মাঘ বিহুৰ আগমনে সান্দহ, চিৰা, নানা ধৰণৰ পিঠা, লাডু, আখৈ, আদি মানুহৰ ঘৰে ঘৰে তৈয়াৰ কৰাত ব্যস্ত আৰু পৰিয়াল, আত্মীয়, ওচৰ-চুবুৰীয়া সকলোৱে একত্ৰিত হৈ মিলা প্ৰীতিৰে জুতি লোৱা হয়।

          পুহ মাহৰ শেষৰ ফালে পুৱাৰ ধাননি পথাৰত নিয়ৰ আৰু কুঁৱলীৰ পৰশত সোণালী নৰা জীপাল হৈ থাকে। পুহ মাহৰ সূৰ্য্যৰ তাপত শুকান হৈ পৰাত তাৰ সুযোগলৈ কণ-কণ লৰা-ছোৱালী, ডেকা-গাভৰু সকলোৱে মাঘৰ ভেলাঘৰ বা মেজি সজাৰ কাৰণে পথাৰত ৰং-ধেমালিৰ মাজেৰে নাৰ কটাত ব্যস্ত। নৰা কাটি মেজি সজা অসমীয়া সমাজৰ আপুৰুগীয়া পৰম্পৰাগত এক নিয়ম। মেজি জ্বালোৱাৰ আগৰ দিনা উৰুকা বুলি কোৱা হয় আৰু সেই দিনাই লগভাত খোৱাৰ পৰম্পৰা আছে।

              ঠাই বিশেষে মাঘৰ পথাৰত চৌপাশ হালধীয়া ৰঙেৰে উপচি সুন্দৰ মনোমহা পৰিবেশে আপ্লুত কৰি ৰাইজক আকৰ্ষিত কৰি তোলে। চাৰিও দিশে মাথোঁ হালধীয়া ৰঙেৰে সজ্জিতহৈ পৰে। হালধীয়া ফুলত মৌ মাখিৰ কলধ্বনিত ফুলৰ মৌ শুহি ৰঙৰ মেলাপাতি গুণ গুনাই প্ৰেমৰ গান গাই নাচি বাগি ৰঙৰ ৰং খেলে।

যি দৃশ্যই সকলোকে আপ্লুত কৰি আকৰ্ষিত কৰি তোলে।

             মাঘৰ উৰুকা দিনটোত যদি পৰিয়ালৰ কোনো সদস্য দুৰ দূৰণিত কৰ্মত নিয়োজিত হৈ থাকিলেও সেই বিশেষ দিনটোত সময় উলিয়াই ঘৰলৈ আহি পৰিয়ালৰ সৈতে একত্ৰিত হৈ লগভাত খোৱাৰ মাদকতাই সুকীয়া।

            মাঘ বিহু অন্ত পৰাৰ লগে লগে ফাগুনৰ পছোৱা বতাহতে দেহ-মন উৰুঙা উৰুঙা লগাই কাণে কাণে কৈ যায় যৌৱনৰ উন্মাদনাৰ কথা। দেহৰ শিৰে শিৰে ঢালি দিয়ে বলিয়া ফাগুনৰ পছোৱা বতাহৰ সোঁত। ফাগুন ফাগুন লগা দিনে গছ-গছনিৰ ডাল পাত নাঙঠ কৰি ঢালি দিয়ে বতৰৰ বতৰা। মাদাৰ ফুলৰ ফুলে পছোৱাৰ প্ৰেমত পৰি

চৌপাশ ৰঙীন কৰি তোলে। শিমলু ফুলে আকাশত সিচঁৰিত কৰি ফুলৰ মালা গাঁঠি উৰুঙা কৰি দৌল মহোৎসৱৰ আগমন ঘটাই মানুহৰ দেহ-মন ফৰকাল কৰি প্ৰেমৰ জোৱাৰ আনি

চ'তৰ আগমন ঘটে।

          চ'তৰ মুক্ত পথাৰ ইমুৰৰ পৰা সিমূৰলৈকে মাথোঁ শূণ্যতা। চৌপাশ সেউজীয়া ঘাঁ, বন, বৃক্ষৰে পৰিৱেশ জীপাল হৈ উঠে। গছ-গছনিৰ ডাল-পাত নতুন সাজেৰে পোখা মেলি যৌৱনত হালি-জালি ভৰ প্ৰেমত পৰে। নৈৰ বোৱতী সোঁতত নৈৰ দাঁতিত কহুৱাই হালি জালি নৈৰ সোঁতত বিলীন হৈ পৰে।

          চ'তৰ সংক্ৰান্তিত বহাগ বিহুৰ আগমনে ডেকা-গাভৰু, বুঢ়া-বুঢ়ী সকলোৰে মন-প্ৰাণ ফৰকাল কৰি বিহুৰ নামত মাতালহৈ মুখে মুখে বিহু গীত জুৰি নাচি-বাগি বহাগ বহাগ লগা ঋতুক আদৰণি জনায়। সমনীয়াৰ সৈতে মানুহৰ ঘৰে ঘৰে গৈ হুঁচৰি গাই গৃহস্থক আৰ্শীবাদ দিয়াৰ পৰম্পৰা অসমীয়া সমাজৰ আপুৰুগীয়া এক নিয়ম। 

           বহাগৰ বৰষুণৰ প্ৰভাৱে ঠাই বিশেষে নদ-নদীৰ পানী ওফণ্ডি ফেনে ফুতুকা পানীৰ সোঁতত মথাউৰিৰে পানী উপচি খেতি পথাৰ জল সমুদ্ৰৰ সৃষ্টি কৰি হাহাকাৰ লগাই দিয়ে। মাথোঁ চৌপাশে পানী সিঁচৰতি হৈ খেতিয়ক, সাধাৰণ জনসাধাৰণ, জীৱ-জন্তু সকলোৰে সমস্যাৰ সৃষ্টি কৰে যদিও বহাগ বহাগ লগা ঋতুৱে গছ-গছনিৰ ডাল-পাত পৰিবৰ্তন হোৱাৰ দৰেই মানুহৰ দেহ-মন পৰিৱৰ্তন ঘটাই ৰঙীন কৰি তোলে।

বহাগ অন্ত পৰাৰ লগে লগে জেঠ মাহত কৃষিজীৱি খেতিয়কৰ খেতিৰ নামত দেহে-কেহে নিজৰ খেতি দৰাত নিয়োজিত হৈ হাল বাই! মাটি সাৰুৱা কৰিবলৈ কেঁচু সাৰ, ভিন্ন ৰাসায়নিক সাৰ প্ৰয়োগেৰে মাটিৰ উৰ্ব্বৰতা বৃদ্ধি কৰি খেতিৰ ফচল বৃদ্ধি হোৱাৰ মানসেৰে নিজৰ নিজৰ কামত ব্যস্ত।

ভঁৰালত যতনেৰে সাঁচি থোৱা ধানৰ বীজ উলিয়াই দিনৰ দিনটো পথাৰতে ব্যস্ত থাকি অনেক কষ্ট কৰি যেনেকৈ হলেও কঠীয়াৰ কাৰণে ধানৰ বীজ সিচেঁ ।        

           আহাৰ, শাওঁনত ধানৰ বীজ গজালি মেলি লহপহ কৈ উঠে। কঠিয়া তুলি শাওন মহীয়া খেতি দৰাত বোকা খেদেলি লাহি পাহি আঙুলিৰে ধানৰ গোজা ৰুই থয়। ভাদ, আহিন মাহত খেতি পথাৰ সেউজী ধানেৰে উপচি কাতি মাহত খেতিদৰাত বন্তি জ্বলাই প্ৰাৰ্থনা জনাই। কাতি মাহত খেতিয়ক সকলক উদ্দেশ্যি কাতি বিহু পালন কৰা হয়। এই মাহত খেতিয়ক সকলৰ অভাৱ অনাতনে জুৰুলা কৰে কাৰণে কাতি বিহুক কঙলী বিহু বুলিও কোৱা হয়।  

              কঙালী বিহু অন্ত হোৱাৰ লগে লগে আঘোণক আদৰণি জনাই। আঘোণ মাহৰ খেতি দৰা সোণোলী বৰণেৰে আৱৰি ধৰে। লগে লগে খেতিয়কৰ মুখলৈ যেন হাঁহিৰ বিৰিঙনি স্বতঃস্ফুৰ্ত ভাৱে বৰ্হিপ্ৰকাশ পাই। আঘোণৰ পূৰ্ণিমাৰ দিনা ৰাস মহোৎসৱৰ আগমনে কৃষিজীৱি সকলে নতুন কাপোৰলৈ উৎসৱ পালন কৰে।

               মুঠতে ঋতু পৰিৱৰ্তনে আমাৰ দৈনন্দিন কাৰ্য ক্ৰমণিকা সমূহ সময়ৰ গতিত ভিন্ন ধৰণৰ সালসলনি হোৱা দেখা যায়।


  ✍️কনমনি নাথ(বাক্সা)

মৃত ব্যক্তিৰ আত্মা টকাৰে তুমি ঘূৰাই আনিব পাৰিবা নেকি❔

 (প্ৰবন্ধ) 

মৃত ব্যক্তিৰ আত্মা টকাৰে তুমি ঘূৰাই আনিব পাৰিবা নেকি❔


মানৱ জীৱনত অনেক সময়ত সহস্ৰজনে জীৱনটোক উপভোগ কৰিব বিচাৰে। কিন্তু জীৱন মানেই কেৱল উপভোগ নহয়। আনন্দ-নিৰানন্দ স্বাক্ষৰো সংযুক্ত হৈ থাকে। দিনবোৰ একেই নাথাকে আৰু দুখবোৰ প্ৰতিপল নাথাকে। সময়ৰ সোঁতত বহুতেই উটি যায় আৰু বহুতেই থাকি যায় জীৱনৰ বাটত। নিশাৰ পিছত প্ৰভাত দুখৰ পিছত সুখ নিশ্চিত। মানুহৰ মৃত্যুত মানুহে কান্দে। কিন্তু সেই মৃত্যুত কন্দা মানুহ জনৰো এদিন মৰণ হ'ব। অজস্ৰ মনুষ্য বা মানৱে টকা-পইচা, সম্পত্তি আদিক লৈ নানান অহংকাৰ কৰে। কিন্তু মৃত ব্যক্তিৰ আত্মা টকাৰে কোনেও ঘূৰাই আনিব নোৱাৰে। গতিকে এইবোৰ এক সময়ৰে খেলা। ক্ৰিকেট খেলৰ দ'ৰে কোনোবাই জীৱন যুদ্ধৰ খেলত ৬ কোবাব আৰু কোনোবাই আউট হ'ব। অলেখ মানুহে অলেখ মানুহক  ভাল পায়। কিন্তু কিছুমানৰ ভাল লাগে। অৰ্থাৎ ভাল লগা আৰু ভালপোৱা সম্পূৰ্ণ বেলেগ। কিন্তু এটা সময়ত সময়ে দি যায় বিশ্বাসৰ পাঠ। বিশ্বাস হেৰাই গ'লে দূৰত্ব বাঢ়ি যায় আৰু দূৰত্ব বাঢ়ি গ'লে গুৰুত্ব কমি যায়। গুৰুত্ব কমি গ'লে দায়িত্ব হেৰাই যায়। সেয়েহে আনক ভালপোৱাৰ আগতে মানুহে প্ৰথমতে নিজক ভাল পাই নিয়ন্ত্ৰণ কৰা উচিত চলন্ত জীৱনৰ ৰে'লখনৰ অনিৰুদ্ধ গতিৰ সুমতিৰ সঠিক দিশ। সময় অনুসৰি কামবোৰ কৰিলেহে ভাগ্যৰ দুৱাৰ খোলা যায়।


         লেখকঃ সমুজ্জ্বল ডেকা, ৰঙিয়া 

                              (নিজ বড়িগোগ)

এজন কৃষকৰ মৰ্ম বেদনা

 এজন কৃষকৰ মৰ্ম বেদনা


আলোকচিত্ৰ টো চাই আপোনাৰ মনত প্ৰশ্ন উদয় হ'ব, কাহিনীটো কি? এয়া কোনো নাটকত ভাগ লোৱা অভিনেতাৰ শ্বুটিঙৰ আলোকচিত্ৰ নহয়। এয়া এজন কৃষকৰ বেদনাদায়ক ক্ৰন্দন।তেখেত আমাৰ গাঁৱৰ এজন খেতিয়ক হয়। বিশ হাজাৰ টকা প্ৰতিবিঘাত খৰছ কৰি যেতিয়া দহ খাচী বিলাহী বজাৰত বিক্ৰী কৰি  পাচঁশ টকা ঘৰত আনিব নোৱাৰে তেতিয়া এজন কৃষকৰ মৰ্ম বেদনা কোনেও উপলব্ধি কৰিব নোৱাৰে, সেই মনোকষ্ট কিমান বিষাদৰ।


মৰিগাঁও জিলাৰ মৈৰাবাৰী মৌজাৰ অন্তৰ্গত তাতিকতা, বৰচাপৰি, বৰথল দলৈগাঁও, বৰথল কছাৰী গাওঁ, উলুবাৰী,চিতলমাৰী, ৰংৰাই চৰ, গৰিমাৰী চৰ, আদি গৰাখনহনীয়া ঠাই সমূহত  নব্বৈ শতাংশ মানুহে কৃষিৰ ওপৰত নিৰ্ভৰশীল। বছৰটোত ছয় মাহেই বৰ্ষাকালত হোৱা বৰষুণৰ  পানী  আৰু ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে তাণ্ডৱ চলাই যাৰ ফলত এই অঞ্চলৰ মানুহৰ জীৱন নিৰ্বাহ বহু কষ্টকৰ হৈ পৰে। কোনোবাই  ছাগলী পুহি, কোনোবাই গৰু পুহি গাখীৰ বিক্ৰী কৰি ছয়টা মাহ পাৰ কৰিব লগা হয়। 

     

শৰৎ কালৰ  আগমনৰ লগে লগে সকলোৱে দুঃখ কষ্ট পাহৰি বুকুত নানান সপোন লৈ কোনোবাই  নিজৰ মাটিত কোনোবাই মাটি চুক্তিত লৈ নানা ধৰণৰ শাক-পাচলিৰ খেতি কৰে। বিলাহী, বন্ধাকবি,ফুলকবি, উলকবি, গাজৰ, কেপচিকাম, মটৰ, বেঙেনা, আলু ইত্যাদি  খেতি  কৰিলে প্ৰতিবিঘাত  কিমান খৰছ হয়, কিমানখিনি কষ্ট, আৰু   সাধনাৰ  ফলত খেতিত পাচলি হয় সেয়া একমাত্ৰ এজন খেতিয়কেহে উপলব্ধি কৰিব পাৰে। 

ইমান  কষ্ট আৰু সাধনাৰ  পিছত যেতিয়া   বজাৰত শাক পাচলিৰ  উচিত মূল্য পোৱা নাযায় , মধ্যভোগীৰ  হাতত ২ টকা, ৩ টকা কেজিত বিক্ৰী কৰিব লগা হয়,  সেই মুহূৰ্তত ভুক্তভোগী  কৃষকজনেই বুজিব পাৰে উচিত মূল্য নোপোৱাৰ , হতাশা, বেদনা ।

  

ৰাজ্যিক কৃষি বিভাগ আৰু জিলা কৃষি বিভাগৰ ব্যৰ্থতা আৰু গাফিলতিৰ বাবেই অসাধু সাৰ দোকানীবোৰে মুকলিকৈ কাৰবেট জাতিয়  বৰ বিষ বিক্ৰী কৰিব পাৰিছে আৰু কেইজনমান অসাধু খেতিয়কে এই বৰ বিষ ব্যৱহাৰ কৰি বিলাহীৰ বজাৰ-মূল্য কমাইছে।   

আজি দৰিদ্ৰ কৃষকৰ এনে অৱস্থাৰ একমাত্ৰ কাৰণ হৈছে অসম চৰকাৰৰ কৃষি বিভাগ আৰু জিলা কৃষি বিভাগ।


লেখক: হাবিবুৰ ৰহমান

বৰথল দলৈগাওঁ

ফোন নং- ৯১০১০৩২৯১৫

Wednesday, March 22, 2023

জোখতকৈ বেছি ভাল হ'লেই বিপদ

 প্ৰবন্ধ

জোখতকৈ বেছি ভাল হ'লেই  বিপদ:-

                ‌‌  মানুহে যেতিয়া বাঁহৰ বাৰিত বাঁহ কাটিবলৈ সোমাই। তেতিয়া প্ৰায় সকলোবোৰ মানুহে চিধা বাঁহ গছ জোপাকে প্ৰথমে কাটিবলৈ লয়। চকুৰ সন্মুখত বহুতো টেৰা-বেকা বাঁহ থাকিলেও পোন প্ৰথমতে আহি চিধা চিধিকৈ লপলপাই বগাই যোবা বাহঁ গছ জোপাকে বিচাৰি বিচাৰি কাটিবলৈ আৰম্ভ কৰোঁ। অৰ্থাৎ আমি চিধাচিধি মানুহ হোৱাটো কোনো বেয়া কথা নহয় । কিন্তু ইমানেই চিধাচিধি মানুহো নহ'ব যাতে সকলোৰে প্ৰধান আৰু প্ৰথম লক্ষ্য আপোনাকে কৰি লয় । চাওঁক আজিকালি যুগ বহুতো সলনি হ'ল। এই সংসাৰত এতিয়া ভাল বস্তু, ভাল মানুহ,ভাল কামৰ স্থান দিনক দিনে নাইকীয়া হৈ পৰিছে। বৰ্তমান সময়ত জোখতকৈ বেছি ভাল হ'লেই  বিপদ। 

          অতীততে মানুহৰ বহুত সহজ-সৰল জীৱন প্ৰণালী আছিল। আৰু তেতিয়াৰ মানুহৰ স্বভাৱ চৰিত্ৰবোৰ বৰ ভদ্ৰ-নম্ৰ আছিল। অতীতত মানুহৰ মাজত প্ৰতিযোগিতাৰ মনোভাৱ নাছিল। নিজে কৰিছিল আৰু নিজে খাই,বৈ বৰ আনন্দতে জীৱন নিৰ্বাহ কৰিছিল। তেতিয়া আনৰ অনিষ্ট সাধন কৰা দূৰৰে কথা । আনৰ অনিষ্ট সাধনৰ কথা মনলৈ আহিলেও এক পাপৰ সমতুল্য বুলি বিবেচনা কৰিছিল । কিন্তু সময়ৰ সোঁতত লাহে লাহে আমাৰ সংসাৰ খন আধুনিকতাৰ ফালে ঢপলি মেলিলে। শিক্ষা, বিজ্ঞান, ঔদ্যোগিক ক্ষেত্ৰখনত এক নতুন ক্ৰান্তিৰ সূচনা হ'ল। 

  আৰু ইয়াৰ লগে লগে সলনি হবলৈ ধৰিল মানুহ সংস্কাৰ,স্বভাৱ-চৰিত্ৰ। আচলতে এতিয়া বেয়া কথাবোৰেই ভাল হৈ পৰিল আৰু ভাল কথাবোৰ যেন এতিয়া অশুৱনি লাগিবলৈ আৰম্ভ কৰিছে। মুঠতে এতিয়া আপুনি আহি মোক ঠগিছে, মই‌‌ গৈ বেলেগ কাৰোবাৰ ঠগিবলৈ বাধ্য হৈছোঁ । এনেকৈয়ে আমাৰ সংসাৰখন বিকশিত দিশলৈ ধাৱমান হৈছে নে ধ্বংসৰ দিশে গতি কৰিছে?।

             গতিকে সময়ৰ লগত নিজকে সলনি কৰিবলৈ হ'লে প্ৰথমতে নিজকে এবাৰ প্ৰশ্ন কৰক ?। মই জোখতকৈ বৰ বেছি ভাল নেকি বাৰু ?। জোখতকৈ বেছি ভাল, জোখতকৈ বেছি চিধা মানুহ এই সময়ছোৱাত জীৱন নিৰ্বাহ কৰিবলৈ বৰ কষ্টকৰ। আপুনি আনক অন্যায় নকৰে সেইটো বৰ ভাল কথা । কিন্তু ইমানো মূৰ্খ নহ'ব যাতে আপুনি সদায় আনৰ অন্যায় সহ্য কৰিব লগিয়া হয়। মানি ললো আপুনি সকলোবোৰ অন্যায় দুখ কষ্ট সহ্য কৰিবলৈ সক্ষম। কিন্তু ইয়াৰো একো একোটা সীমা থাকে। সেই সকলোবোৰ সীমা চেৰাই যোৱাৰ পাছতো যদি আপুনি এনেই হাতত হাত ধৰি বহি থাকে তেন্তে আপুনি সমাজ এখনত কেৱল এক নিন্দনীয়ৰ পাত্ৰ ৰূপে পৰিগণিত হ'ব। 

             ...........................................

             চন্দ্ৰ শেখৰ পৰাজুলী

             বিশ্বনাথ চাৰিআলি, অসম

             দূৰভাষ:-৮৬৩৮০৯৮৯২২

             ডাক ঘৰ:-বিশ্বনাথ চাৰিআলি

             ডাক নং:-৭৮৪১৭৬

কিতাপ মই কিয় পঢ়োঁ?

 প্ৰবন্ধ-


      কিতাপ মই কিয়‌ পঢ়ো ?


       জ্ঞান লভিবৰ বাবেই কিতাপ পঢ়ো।জ্ঞানে মানুহক জীয়াই ৰাখিছে।জীৱনৰ , সংসাৰৰ জটিলতাক বুজিবলৈ মানুহক জ্ঞানৰ প্ৰয়োজন। জ্ঞান কিতাপৰ পাতত সঞ্চিত হৈ থাকে। যুগ যুগ ধৰি মানুহে লাভ কৰা অভিজ্ঞতা, জ্ঞান, সত্যানুসন্ধান সকলো কিতাপৰ পাতত থুপ খাই আছে। সেইবাবেই কিতাপ সকলোৰে শ্ৰদ্ধেয়।

 ‌

           পৃথিৱীত যিমানবোৰ ধৰ্মগ্ৰন্থ, দৰ্শনৰ কিতাপ, আত্মজীৱনী বা অন্যান্য বিষয়ৰ কিতাপ লিখা হৈছে – সকলোতে আছে অভিজ্ঞতা আৰু জীৱনমুখী চিন্তা,যি মানুহক ভবাই তোলে আৰু জীৱন - যাপনৰ সহজ , শুদ্ধ আৰু পবিত্ৰ পথৰ নিৰ্দেশ দিয়ে ।অতীজৰে পৰা আজিলৈকে কিতাপেই মানুহৰ সহৃদয়, শ্ৰেষ্ঠতম বন্ধু।কিতাপ সত্যৰ পোহৰ বিলোৱা কাহানিও নুণুমুৱা এক বন্তি।তাৰ পোহৰত ভাস্বত হৈ উঠে মানুহ,ভাস্বত হৈ থাকে জীৱন।কিতাপে মানুহৰ অন্তৰাত্মা পবিত্ৰ কৰে।জ্ঞানৰ পৰিসৰ বঢ়ায়।জীৱন - যাপনৰ মান উন্নত কৰে।শাসন কাৰ্য নিয়াৰিকৈ আৰু সত্যৰ আলোকত চলি থকাৰ বাবে কিতাপেই পথৰ  সন্ধান দিয়ে।কিতাপ এখন নষ্ট কৰাটো মানুহ হত্যা কৰাতকৈ নিকৃষ্ট কাম।



              নাম: পংকজ দিহিঙীয়া

               শ্ৰেণী:একাদশ

               স্কুল: শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়

               যোগাযোগ নং:৯৩৬৫১২৫১৪৫

Wednesday, March 15, 2023

অসমীয়াৰ স্বাভিমান - ' তাতশাল আৰু গামোচা

 বিশেষ লেখা


অসমীয়াৰ স্বাভিমান - ' তাতশাল আৰু গামোচা '


          কিশোৰ কুমাৰ কলিতা


বিভিন্ন জাতি - জনজাতিৰ মহা মিলনৰ থলী অসমী আইৰ বুকুত বাৰেৰহণীয়া সমন্বয়েৰে অসমীয়াৰ কৃষ্টি - সংস্কৃতিৰ মেটমৰা ভৰাল চুকে কোণে আজিও উজ্জ্বিৱিত হৈ আছে। আমাৰ অসমীয়া সমাজ জীৱনৰ স্বাভিমানৰ অনন্য প্ৰতীক তাতশাল আৰু গামোচা অথবা বিহুৱান। কেৱল স্বাভিমানেই নহয়, অতীজৰে পৰাই তাতশালে প্ৰতিটো জাতি -জনগোষ্ঠীৰ জনজীৱনত এক বিশেষ ভূমিকাও গ্ৰহণ কৰি আহিছে। সমান্তৰালভাৱে হেপাঁহৰ গামোচাখনে আমাৰ দৈনন্দিন জীৱন প্ৰৱাহতো বিশেষ উপাদানৰ ভূমিকা গ্ৰহণ কৰি আহিছে। অতিজৰে পৰাই অসমীয়া জাতিৰ সৈতে যেন এই তাতশালৰ এক এৰাব নোৱাৰা সম্পৰ্ক ৰক্ষা হৈ আছে আৰু অনাগত দিনতো ইয়াৰ গুৰুত্ব থাকিব। ৰজাদিনীয়া শাসনৰ সময়ত নিশাটোৰ ভিতৰতেই শিপিনীয়ে তাতশালত বহি আপোনজনক কৱচ কাপোৰ বই দি পুৱাই দেশ ৰক্ষাৰ বাবে যুদ্ধলৈ পঠিয়াই দিয়াৰ কথা আজিও স্বাভিমানী অসমীয়াৰ মুখে মুখে শুনা যায়। সচা অৰ্থত অসমীয়া জিয়ৰী - বোৱাৰীৰ দুহাতত যাদু পৰশত প্ৰাণ পাই উঠে হেপাঁহৰ গামোচাখন।

             অসমীয়াৰ প্ৰাণ প্ৰাচুৰ্যৰ প্ৰতীক হেপাঁহৰ বিহুগীততো তাতশাল অথবা গামোচাখনৰ বৰ্ণনাই অন্যতম ৰূপে তাহানিৰ পৰাই ভূমিকা গ্ৰহণ কৰি অহা পৰিলক্ষিত হয়। উদাহৰণ স্বৰূপে- " আই নাই মাউৰা

  তিৰী নাই বৰলা

  গামোচা দিওতা নাই।"

আৰু-

 " লাং ফুলৰ গামোচা বলি ঐ ঘুনুচা

  কেচ ফুলৰ গামোচা বলি

  শুৱাই কি নুশুবাই ধনৰে ককালত

  লিৰিকি বিদাৰি চালি। "

          অসমীয়া সমাজ জীৱনৰ গুৰুত্বপূৰ্ণ অংগ হৈ পৰা তাতশালখনৰ কথা কবলৈ গলে আমি দুই ধৰণৰ তাতশাল দেখা পাও। হাতশাল আৰু টনাশাল বা তাতশাল। বিভিন্ন জাতি জনগোষ্ঠীৰ মহা মিলনৰ থলী অসমী আইৰ বুকুত জাতি জনগোষ্ঠী ভেদে বিভিন্ন ধৰণৰ তাতশাল পৃথক পৃথক ৰূপত ব্যৱহাৰ হোৱা দেখা যায়। হস্ততাত শিল্পৰ ভিতৰত তাতশাল অন্যতম হিচাপে আজিও বিবেচিত হৈ আহিছে। উজনিত তাত আৰু নামনিত কেৱল শাল শব্দটোৱো ব্যৱহাৰ কৰা দেখা যায় যদিও অৰ্থ একোটাই। হাতশালত মাকো মাৰিবলৈ দুয়োখন হাত ব্যৱহাৰ কৰা হয়। ইয়াৰ বিপৰীতে টনাশাল বা তাতশালত ৰচীত এক বিশেষ পদ্ধতিৰে কাঠৰ মুঠি লগাই এহাতেৰে সেই মুঠিৰে টানি মাকো মৰা হয়। মুঠতে অসমীয়া সমাজ জীৱনত দুই ধৰণৰ তাতশালৰ ব্যৱহাৰ হৈ আহিছে যদিও ঠাই ভেদে ইয়াৰ ব্যৱহাৰত সামান্য পৃথক পৃথক ৰূপ দেখা যায় আৰু সমান্তৰালভাৱে ইয়াৰ নামাকৰণো ঠাই ভেদে বেলেগ বেলেগ হোৱা পৰিলক্ষিত হয়। এই তাতশালৰ প্ৰসংগত বিশিষ্ট সাহিত্যিক ড: লীলা গগৈয়ে এইদৰে মন্তব্য কৰিছে- " ভৈয়ামত মাটিৰ শাল আৰু পৰ্বতত ককালত বান্ধি লোৱা শাল জনপ্ৰিয় আছিল। ককালত বান্ধি লৈ বোৱা কাপোৰৰ পুতল তেনেই ঠেক, আনপিনে মাটিৰ শালত তিনি চাৰিহাত পুতলৰ কাপোৰ বব পাৰিছিল। তাতশালৰ প্ৰায় আটাইবোৰ সজুলিয়ে বাহৰ, মাত্ৰ টোলোঠা আৰু দোপতিযোৰ কাঠৰ। "

             গা -মোচা, অৰ্থাৎ গামোচা শব্দটোৰ আমাৰ ব্যৱহাৰিক জীৱনত বিশেষ ভূমিকা আছে । ব্যৱহাৰ, আকৃতি- প্ৰকৃতি আৰু বয়ন শিল্পৰ প্ৰকাৰ ভেদে  ইয়াৰ নামাকৰণো ভিন ভিন হোৱা দেখা যায়। ঠাই ভেদে অথবা জনগোষ্ঠীয় লোকসকলৰ মাজত নামাকৰণ বেলেগ হোৱা দেখা যায়। কিন্তু কিছু কিছু ক্ষেত্ৰত গামোচাৰ নামাকৰণ বেছি ভাগতেই একে। যেনে- পানী গামোচা, তিয়নী গামোচা, গুঠা গামোচা, ফুলাম গামোচা, ককালবন্ধা গামোচা ইত্যাদি ইত্যাদি..... । বিহুগীততো গামোচাৰ বৰ্ণনা ভিন্ন ধৰণে কৰা দেখা যায়- 

  " নাচনীৰ মূৰতে গুটি ফুলৰ গামোচা

    যেন মৰা চৰাইৰ নেজ।"

আৰু অসমীয়া সমাজ জীৱনত ডেকা গাভৰুৱে প্ৰেমৰ অনন্য প্ৰতীক বুলি ভবা বিহুৱানখনো বিহু গীতত সুন্দৰ ৰূপত উপস্থাপন কৰা দেখা যায়-

" ৰাতি দুপৰলৈকে কাটি সূতালাহি 

  ধনলৈ বিহুৱান বলো

  ৰঙাকৈ আচুৰে বাছি পানেকটা

  টিপতে লুকুৱাই থলো "

            মুঠতে এটা কথা স্পষ্ট যে অতীজৰে পৰাই অসমীয়া সমাজ জীৱনত তাতশাল আৰু গামোচাই যি ভূমিকা গ্ৰহণ কৰি আহিছে সেই ভূমিকা আজিও আছে যদিও সময়ৰ সোঁতত সকলো পৰিয়ালৰেই চোতালত পূৰ্বৰ দৰেই আজিকালি তাতশালখন আপুনি দেখিবলৈ নাপায়। চতমাহীয়া দিনবোৰত গ্ৰামাঞ্চলৰ চুকে কোণে তাতশালৰ শব্দই ৰজনজনাই আছিল। গাৱলীয়া পৰিয়াল সমূহত এতিয়াও আছে যদিও লাহে লাহে নোহোৱা হবলৈ ধৰিছে। আনহাতে, আমাৰ স্বভিমানৰ প্ৰতীক বিহুৱান অথবা গামোচাখনো বহু ঠাইত জিয়ৰী বোৱাৰীয়ে অতি সাম্প্ৰতিক সময়ত ববলৈ এৰিলে। এতিয়া বহিৰাজ্যৰ মেচিনত তৈয়াৰ কৰা গামোচাই বজাৰ দখল কৰিছে। এই ক্ষেত্ৰত ৰজাঘৰীয়াৰ কৰণীয় যথেষ্ট আছে। বহিৰাজ্যৰ মেচিনত তৈয়াৰী গামোচাৰ মূল্য কম আৰু সহজতে উপলব্ধ। তাৰ বিপৰীতে অসমীয়া জিয়ৰী বোৱাৰীৰ দুহাতৰ যাদু পৰশত প্ৰাণ পাই উঠা গামোচাৰ উভৈনদী নোহোৱা হবলৈ ধৰিছে। মূল্যৱো বেছি, বোৱাৰ ক্ষেত্ৰত কষ্টৱো হয়। ৰজাঘৰীয়াই এক সুদূৰ প্ৰসাৰি সিদ্ধান্ত লোৱাৰ প্ৰয়োজন আহি পৰিছে।

            অসমীয়া সমাজ জীৱনৰ বাবে বিহুৰ গুৰুত্ব সৰ্বদা অপৰীসম হিচাপেই থাকিব । সময় সলনি হলেও হেপাঁহৰ গামোচাখন আথবা বিহুৱান আৰু তাতশালৰ আদৰ শেষ হোৱা নাই। তাহানিতে এই বিহুৱান অথবা গামোচা আমাৰ ঐতিহ্যৰ প্ৰতীক আছিল, আজিও আছে আৰু ভৱিষ্যতেও থাকিব। অসমীয়া জাতি জীয়াই থকালৈকে ইয়াৰ আদৰ থাকিব। অৱশ্যে মহা মিলনৰ ভূমি এই অসমী আইৰ বুকুত স্বমহিমাৰে উজ্বলি থকা বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত  তাতশাল অথবা গামোচা ভিন্ন ভিন্ন ৰূপ, ভিন্ন ভিন্ন নামাকৰণ আৰু ভিন্ন ভিন্ন ব্যৱহাৰ দেখা যায়। সময় থাকোতেই সেইবোৰৰ বহুলভাৱে আলোচনাৰ প্ৰয়োজন অতিকৈ প্ৰয়োজনীয়। অন্যথা সময়ৰ সোতত আমাৰ সমাজ জীৱনৰ পৰা কিছু কিছু বিষয় নোহোৱা হৈ যায়।

       


( বি: দ্ৰ:- বিভিন্ন উৎসৰ সহায় লোৱা হৈছে।)


  কিশোৰ কুমাৰ কলিতা (গিৰীন্দ্ৰ)

  দখলা- বিজয়নগৰ

  দক্ষিণ কামৰূপ

  ৯৯৫৪০৩০৯৩১

Tuesday, March 07, 2023

ৰুগীয়াল পৃথিৱী:পংকজ দিহিঙীয়া

 প্ৰবন্ধ– ৰুগীয়াল পৃথিৱী



মই বেমাৰী হৈ পৰিছো।কোনেও গম নাইপোৱা নেকি?আপোন জনৰ বেমাৰ হ'লে যিদৰে সকলোৱে খবৰ লয়গৈ, ঠিক সেইদৰে মোৰ খবৰ মানুহে নলব নেকি?

               খবৰ লয়নো কি কৰিবা,বেমাৰী মোক তোমালোকে হে কৰিছা।এতিয়া মোক তোমালোকে সোনকালে সুস্থ কৰি তোলা,নহলে মোৰ বেমাৰ তোমালোকলৈও বিয়পিব ।তোমালোকে নিজৰ ভুল সোনকালে স্বীকাৰ কৰা। বিভিন্ন পদুষণ নীয়ন্ত্ৰণ কৰি মোক এই যন্ত্ৰণাৰ পৰা উদ্ধাৰ কৰা। মই বহুত দিন গা ধুব পৰা নাই , কাপোৰ বোৰ(কাপোৰৰ অৰ্থ - প্ৰদূষিত বায়ু) মলিয়ন অাৰু ধুলিময় হৈ পৰিছে।আৰু লাহে লাহে চকুৰ পানী বোৰো শুকাই গৈছে(শুকাই যোৱাৰ অৰ্থ - খৰাং)।মোৰ ৰক্ষাৰ কৱচ খনো(কৱচ ৰ অৰ্থ - অজন স্তৰ ) ফাতিব ধৰিছে। সূৰ্য ৰ বেয়া তাপবোৰে মোৰ চালবোৰক খহটা কৰি দিছে। মোক তোমালোকে বছোৱা.....

                মই তোমালোকক  ঘৰ বনাবলৈ ঠাই দিছো,খাবলৈ আহাৰ দিছো,পানী দিছো আৰু এইবোৰৰ প্ৰতিদানত মোক কেৱল প্ৰদূষণ হে দিলা। মোক ৰক্ষা কৰা মই জটিল ৰোগত ভুগিছো ।মোক ৰক্ষা কৰা.....




                নাম : পংকজ দিহিঙীয়া

                শ্ৰেণী:একাদশ

                 স্কুল: শিৱসাগৰ চৰকাৰী       উচ্চতৰ মাধ্যমিক বহুমুখী

 বিদ্যালয়

Tuesday, February 28, 2023

কন্যাৰ ঘৰত যৌতুকত কি দাবী কৰিব

 কন্যাৰ ঘৰত যৌতুকত কি দাবী কৰিব



         কন্যা এগৰাকীক বিয়া কৰি আনিবলৈ যাওঁতে যেতিয়া দৰা পক্ষৰ ঘৰৰ পৰা বা দৰা হ'বলৈ যোৱা লৰাজনে বিয়া কৰিব লগীয়া কন্যা নাইবা কন্যা পক্ষৰ ঘৰৰ মানুহক বিয়াৰ বিনিময়ত ধন, সম্পত্তি বা কিবা সামগ্ৰীৰ দাবী জনোৱা নিয়ম বা পৰম্পৰাকে যৌতুক প্ৰথা বুলি আমি সাধাৰণতে জানো। আচলতে হিন্দু সমাজত নাৰীসকল পুৰুষসকলোৰ নিচিনা সমানভাৱে সম্পত্তিৰ উত্তাৰিধকাৰী হোৱা নাছিল। সেই বাবে অনেক আগৰ পৰাই হিন্দু সমাজত নাৰীসকলোক বিবাহৰ সময়ত যৌতুক দিয়াৰ প্ৰচলন আছিল । কিন্তু এতিয়া গৈ গৈ যৌতুক প্ৰথা এক কন্যা পক্ষৰ ঘৰৰ বাবে কষ্টকৰ প্ৰথা বা পৰম্পৰাত পৰিগণিত হৈছে। কিন্তু ২০০০ চনত নাৰী তথা শিশু নিৰ্যাতন দমন আইন অনুসৰি        

যৌতুক দিয়া বা লোৱা উভয় পক্ষকে শাস্তি মূলক অপৰাধ হিচাপে বিবেচনা কৰা হৈছে। অপৰাধ যদি প্ৰমাণিত হয় তেন্তে উভয়ে ১ ৰ পৰা ৫ বছৰ লৈকে কাৰাদণ্ড বা জৰিমনা দিব লগিয়া হব পাৰে। ইয়াৰ আগতেও ভাৰতবৰ্ষত পোন প্ৰথমবাৰৰ বাবে ১৯৬১ চনতে যৌতুক লোৱা বা দিয়া বা দাবি কৰাৰ শাস্তি সৰ্বোচ্চ ছয় মাহৰ কাৰাদণ্ড বা পাঁচ হাজাৰ ৰূপী জৰিমানা ভৰিব লাগিব বুলি উল্লেখ কৰা হৈছিল।

                 গতিকে উপৰোক্ত আলোচনাতে উল্লেখ কৰিছোঁ যে, আমাৰ দেশত অৰ্থাৎ পুনপ্ৰথমে হিন্দু সমাজত নাৰী সকলক পুৰুষসকলোৰ নিচিনা সমানভাৱে সম্পত্তিৰ উত্তাৰিধকাৰী হোৱা নাছিল। সেই বিষয়ে চিন্তা চৰ্চা কৰি কন্যা সন্তানক বিয়া দিয়াৰ লগে লগে তাৰ বিনিময়ত কন্যা পক্ষৰ মানুহে নিজৰ ইচ্ছা অনুসৰি কিবা নহয় কিবা দানত দিয়া প্ৰচলনক এসময়ত গৈ গৈ যৌতুক প্ৰথাৰ ৰূপ ল'লে। তথাপিও চাওঁক আজিৰ সময়তো কন্যা সন্তানক পিতৃ পক্ষৰ সম্পত্তিৰ পৰা বঞ্চিত ৰখা হয়। এইটো উচিত নে অনুচিত এবাৰ এবাৰ সকলোৱে বহু চিন্তনীয় বিষয়। যৌতুক প্ৰথাৰ সূত্ৰপাত হোৱা মূল শিপাবোৰ আজিও কিন্তু জীবিত অৱস্থাত আছে। 

                 এতিয়া অন্তিম মই কওঁ প্ৰতিজন দৰাই কন্যা পক্ষৰ মানুহক লগতে কন্যাক যৌতুকৰ দাবী কৰিব। কিন্তু ইয়াতে কথা হ'ল কি কি দাবী কৰিব ?। চাওঁক কন্যা এজনীয়ে বিয়াৰ সময়ত খালি হাতেৰে বিয়া হৈ আহিলেও সেই কন্যা গৰাকীৰ আচাৰ, ব্যৱহাৰ,সংস্কাৰ, চৰিত্ৰ আদি সকলোবোৰ পুন প্ৰথমে নিজ পৰিয়াল আৰু   ডাঙৰ হৈ আহি বিবাহ হোৱাৰ সময়লৈকে নিজৰ ওপৰতে নিৰ্ভৰ কৰে। গতিকে যৌতুকত আপুনি দৰা হিচাপে বা দৰা পক্ষৰ মানুহ হিচাপে এগৰাকী কন্যা বা কন্যা পক্ষৰ মানুহবোৰক উচ্চ গুণসম্পন্ন ছোৱালী এজনীয়ে যৌতুক বিচাৰি আগবাঢ়ি যাব। কাৰণ ধন, সম্পত্তি নাইবা কিবা সামগ্ৰীবোৰে কেৱল আপোনাক সন্তেকিয়া সুখ প্ৰদান কৰিব কিন্তু গোটেই জীৱন স্ত্ৰী আৰু স্বামীয়ে একেলগে মিলি কটাবলগীয়া হয়। জীৱন সংগী বিচাৰি গৈ সন্তেকিয়া সুখৰ মায়াজালৰ সোমাই নপৰিব।


চন্দ্ৰ শেখৰ পৰাজুলী

বিশ্বনাথ চাৰিআলি, অসম

দূৰভাষ:-৮৬৩৮০৯৮৯২২

ডাক ঘৰ:-বিশ্বনাথ চাৰিআলি

ডাক নং:-৭৮৪১৭৬

ধাৰ্মিক কাৰ্যকলাপৰ প্ৰতি কিমান সচেতন আজিৰ সমাজ ?

 ধাৰ্মিক কাৰ্যকলাপৰ প্ৰতি কিমান সচেতন আজিৰ সমাজ ?



              চাওঁক ধাৰ্মিক কাৰ্যকলাপ প্ৰতি পৃথিৱীৰ সৃষ্টিৰ অনাদি কালৰ আৰম্ভণিৰে পৰা  আমি মানব জাতিটো জড়িত হৈ আছোঁ বুলিয়ে ক'ব লাগিব। ইয়াত জাতি, সম্প্ৰদায়, প্ৰতিটো ধৰ্মীয় মতামতত কিছু অন্তৰ থাকিলেও লোক বিশ্বাস অনুসৰি আমি প্ৰায় প্ৰতিজন মানুহে কিবা নহয় কিবা অদৃশ্য শক্তিৰ প্ৰতি বিশ্বাস বা স্মৰণ কৰি আহিছোঁ। হয়তো তাৰে মাজতে কিছুমান নাস্তিক মানুহৰো অভাৱ নাই আমাৰ সমাজত। নাস্তিক অৰ্থাৎ আধ্যাত্মিক বা অদৃশ্য শক্তিৰ প্ৰতি বিশ্বাস নথকা মানুহবোৰ। এতিয়া কথা হ'ল, ধৰ্ম আমাৰ মানুহৰ মনৰ কেৱল এটি বিশ্বাস নে আমাৰ অন্ধবিশ্বাস ? । ইয়াক লৈয়ো বহুতো মানুহৰে মতামতত অন্তৰ থকা দেখা যায় । আৰু এনেবোৰ বিষয় ওপৰত আলোচনা কৰা মানে আকাশৰ তৰাবোৰ গণনা কৰি শেষ কৰা । অৰ্থাৎ আজিলৈকে এনেবোৰ বিষয় বস্তুবোৰক লৈ কোনো সঠিক মন্তব্য প্ৰকাশ কৰা সম্ভৱপৰ হোৱাগৈ নাই । 

              গতিকে যিয়ে নহয়ওক মই আজি উল্লেখ কৰিব বিচৰা প্ৰকৃত বিষয়টো হৈ, ধাৰ্মিক কাৰ্যকলাপ প্ৰতি কিমান সচেতন আজিৰ সমাজ ? । মোৰ এই প্ৰশ্নটো কেৱল কোনো এটা ধৰ্মী লগত জড়িত লোকসকল লৈ উত্থাপন কৰিছোঁ এনে নহয় । মই ইয়াতে প্ৰতিটো ধৰ্মাৱলম্বী লোকলৈ প্ৰশ্ন কৰিছোঁ। চাওঁক প্ৰতিটো ধৰ্মৰে সাধাৰণ কিছুমান নীতি,নিয়ম থাকে। তাক আজি আমি কিমানে সূচাৰুৰূপে পালন কৰি গৈছো ?। আচলতে প্ৰতিটো ধৰ্মতে মানব জাতিৰ কল্যাণ সাধনৰ নিমিত্তে প্ৰায় একেধৰণৰে সামান্য কিছুমান নীতিগত শিক্ষা প্ৰদান কৰা থাকে। তাৰে ভিতৰত কিমানে আজি ধৰ্মীয় নীতিগত শিক্ষাৰ মাজেৰে ৫০ শতাংশ মান হ'লেও হুবহু পালন কৰি যাবলৈ সক্ষম হৈছোঁ ?। আজি আমি আমাৰ আচল স্বৰূপটো পাহৰি কেৱল লোক প্ৰদৰ্শনৰ বাবেহে বেছিভাগ মানুহে ধাৰ্মিক কাৰ্যকলাপৰ লগত জড়িত হৈ আছোঁ নেকি বাৰু?। এই কথাটো নিজেই নিজকে এবাৰ হ'লেও প্ৰশ্ন কৰি চাব আপুনি। ইয়াৰ উওৰ প্ৰতিজন মানুহে নিজৰ মনৰ মাজতে বিচাৰি পাব। মানুহে যদি সচাকৈ আন্তৰিকতাৰে ধৰ্মৰ প্ৰতি আকৃষ্ট হোৱা হ'লে তেন্তে আজি এই বিশ্বত বসবাস কৰা লোকসকলক এই গতি নহ'ল হেতেন । 

              গতিকে ধৰ্মক লৈ ৰাজনীতি, বেপাৰ কৰিবলৈ বন্ধ কৰক আপুনি যদি প্ৰকৃত মানুহ হয়। আপুনি ধৰ্মক লৈ প্ৰদৰ্শন কৰি যাব নালাগে।কাৰন ধৰ্ম মানে হ'ল,নিজে নিজৰ আত্ম উত্থান সাধন কৰা লগতে বিশ্ব কল্যাণৰ  উদ্দেশ্য আগত ৰাখি অনাদি কালৰ পৰা চলি অহা এক ৰীতি নীতি,এক পৰম্পৰা বা লোকবিশ্বাস। নাইবা ধৰ্ম মানে ই হ'ল এক প্ৰকাৰৰ মানুহৰ মনৰ পৰিবৰ্তন। অৰ্থাৎ অসত্য পথ এৰি সত্যতাৰ পথলৈ বুলি এক দিঘলীয়া যাত্ৰা। আপুনি কিমান ধাৰ্মিক মানুহ তাক লৈ প্ৰদৰ্শন কৰাত ব্যস্ত নাথাকিব। কাৰণ আপোনাৰ ব্যৱহাৰে ক'বই নহয় আপুনি কেনেকুৱা মানুহ।

              

              চন্দ্ৰ শেখৰ পৰাজুলী

              বিশ্বনাথ চাৰিআলি,অসম

              দূৰভাষ:-৮৬৩৮০৯৮৯২২

              ডাক ঘৰ:-বিশ্বনাথ চাৰিআলি

              ডাক নং:-৭৮৪১৭৬

তোলনীয়া:প্ৰগতি গগৈ চাংমাই

 তোলনীয়া




   ছোৱালীজনীৰ নৃত্যত সভাঘৰত থকা সকলোৱে একেমুখে তাইক প্ৰশংসা কৰা দেখি বিমলাৰ মনটো অলপ মৰহি গ'ল। কাৰণ তাইৰ জীয়েক দীক্ষাই নাচিবও নাজানে, পঢ়া-শুনাটো বৰ ভাল নহয়। সেয়ে তাইৰ এটা স্বভাৱ আছে - আনৰ ল'ৰা-ছোৱালীৰ ভাল হোৱাটোও দেখিব নোৱাৰে। টুটকীয়া স্বভাৱটোৰ বাবে গাঁৱৰ আন মানুহেও বিমলাক বেয়া পায়। তথাপি গাঁৱৰ জ্ঞাতি বুলিয়েই একো নোকোৱাকৈ থাকে। ইঘৰৰপৰা গৈ সিঘৰত কথাৰ মহলা মাৰি, চাহৰ জুতি লৈ সময় পাৰ কৰা মানুহ বিমলা। মুখলৈ যি আহে তাকে বলকি দিয়ে। এইবোৰ দেখি-শুনি ৰূপালীৰ টিঙিচকৈ খং এটা নুঠা নহয়। বহুত ধৈৰ্যৰে বহি থাকে। কিমান আৰু আনৰ গুণানুকীৰ্তন শুনিব। আনৰ চৰ্চা কৰাটোও বেয়া কথা। এনেয়ে অ' বুলি শলাগি থৈ দিয়ে।

          "সেইজনীৰ বিয়া হোৱা আজি বাৰ বছৰ হ'ল। ল'ৰা-ছোৱালীৰ মুখ দেখাই নাই। বাঁজী তিৰোতা"

          ৰূপালীয়ে মুখ পাতি কৈয়েই দিয়ে- " অ' পেহী তেনেকৈ কিয় কৱ? তয়ো জানো তিৰোতা মানুহ নহৱ?"

            "থ থ । তোৰ সেই জ্ঞানবোৰ। হেৰৌ তাইৰ কথা ক'লত তোৰ গা পুৰিবলৈ কি হ'ল?"

              "পেহী , এইবোৰ কথা পাতিবলৈ আমাৰ ঘৰলৈ নাহিবি। মই কিন্তু বেয়া পাওঁ।"

              " হ'ব দে , নাহো। সঁচা কথা ক'লে অমুকী বেয়াই।"

              এই সকলোবোৰ কথা প্ৰণীতাৰ কাণত পৰেগৈ। উপায়তো নাই। সহিবই লাগিব। মিছাতো কোৱা নাই। তথাপি মনটোত দুখ লাগে তাইৰ । বুকুখন গধুৰ হৈ পৰে। সঁচাকৈয়ে তাইৰো যদি সন্তান এটি থাকিল হয় ! কিমান ভাল লাগিলহেঁতেন। ভগৱানেও জানো কিহৰ শাস্তি দিছে? সন্তান এটি থকাহ'লে কিমান মৰমত ৰাখিলহেঁতেন--এইবোৰ ভাবি দিন পাৰ কৰে। 

              অৱশেষত এদিন তাইৰ ভাগ্য উদয় হ'ল। 

          ৰাতিপুৱাই কেঁচুৱাৰ মাতত সিহঁতৰ চুবুৰীটো সৰৱ হৈ উঠিল। কেঁচুৱাৰ কান্দোন শুনি তায়ো উধাতু খাই লৰি গ'ল। ওচৰ পোৱাত দেখিলে সিহঁতৰ বাৰীৰ ভলুকাজোপাৰ গুৰিত (ৰাস্তাৰ কাষত) কোনোবাই কেঁচুৱা এটি পেলাই থৈ গৈছে। কোনেও কোঁচত তুলি লোৱা নাই। ''ক'ৰ কেঁচুৱা, কোনে লয়। জাত বা কিহৰ?'' 

           মানুহবোৰ যে আৰু! কেঁচুৱাৰো জাত-পাত বিচাৰি আছে। মুখৰ ভিতৰতে ভোৰভোৰাই তাই কেঁচুৱাকণ তুলি ধৰি বুকুৰ মাজত সোমোৱাই ল'লে। কণমানি ছোৱালীটিয়েও প্ৰণীতাৰ কোঁচত সোমায়েই মনে মনে থাকিল যেন নিজৰ মাককহে বিচাৰি পালে। গাঁৱৰ সকলোৰে সন্মুখত তাই কৈয়েই দিলে

           --  "আজিৰ পৰা ময়েই তাইৰ মাক। মই তুলিম তাইক। ডাঙৰ কৰিম। "

---তাইৰ পাছে পাছে অহা পুতুলে ভালেই পালে। সিও কথাটোত হয়ভৰ দি কেঁচুৱাকণক মৰমৰে হাত বোলাই দিলে। 

        দুয়ো কণমানি কেঁচুৱাকণৰ নাম প্ৰয়াসী ৰাখিলে আৰু আজি সেই প্ৰয়াসীয়েই নৃত্যৰে সকলোৰে মন মুহিলে। জাওৰিয়ে  জাওৰিয়ে অহা হাত চাপৰিত তাই নিজক পাহৰি যোৱা নাই। তাইৰ হাতত বিচাৰকে যেতিয়া নগদ ধন আৰু বঁটা তুলি দিলে , বিচাৰকৰ অনুমতি লৈ তাই মাক-দেউতাকক নিজৰ ওচৰলৈ মাতিলে আৰু বঁটা আৰু টকাখিনি মাক-দেউতাকৰ হাতত গতাই দিলে। দুয়োৰে চৰণ চুই তাই আৱেগিক হৈ পৰিল। 

        বক্তব্যৰ মাজতে তাই কৈ উঠিল-

        " মোৰ মা-দেউতাই মোৰ বাবে বহুত কষ্ট তথা ত্যাগ স্বীকাৰ কৰিছে। তেওঁলোকৰ তুলনা নাই। মোক বহুতে মোৰ নিজৰ মা-দেউতা নহয় বুলি কয়। কিন্তু মই আজিলৈকে এওঁলোকৰ মাজত এনেকুৱা একো অভাৱ দেখা নাই যে মই নিজৰ মা-দেউতা বুলি মানি নলম। নিজৰ সন্তান হিচাপে মোক ডাঙৰ-দীঘল কৰিছে, মৰম দিছে। ইয়াতকৈ মোক আৰু কি লাগে?"

         প্ৰণীতা আৰু পুতুলে দুচকুৰ ভাষাৰে পলকতে বুজি উঠিল কেঁচুৱাকণ তুলি সিহঁতে একো ভুল কৰা নাছিল। এয়া কোনোবা জনমৰ পুণ্যৰ ফল।

        এইবোৰ দেখি বিমলাই সভাঘৰৰ পৰা পলাব বিচাৰিছিল। যিজনী প্ৰণীতাৰ কথা আনৰ আগত গাই ফুৰে,, ….. যিজনী ছোৱালীক নিজৰ মাক-দেউতাক নহয় বুলি কৈছিল , তোলনীয়া ল'ৰা -ছোৱালী ভাল নহয় -এইবোৰ। সেইজনী ছোৱালী আজি ইমান ভাল হ'ল। এইবোৰ ভাবি ভাবি যাওঁতে উজুটিত পৰিব খুজিছিল । প্ৰয়াসীয়ে থাপ মাৰি ধৰি পৰাৰপৰা বচালে।

        "আই অ' ! মোক ক্ষমা কৰিবি। আগতে যিবোৰ কৈছিলোঁ পাহৰি যাবি।"

        "পেহী আইতা! মই আপোনাক অকণো বেয়া পোৱা নাই। সময়ে মানুহক ক'ৰপৰা ক'লৈ লৈ যায় কোনেও ক'ব নোৱাৰে। আজিৰ ভাতসাঁজ আমাৰ ঘৰতে একেলগে খাম ব'লক।"

         বিমলাই সোলা হাঁহি এটা মাৰিলে।





গল্পকাৰৰ ঠিকনা-

প্ৰগতি গগৈ চাংমাই


সহ: শিক্ষয়িত্ৰী

৪৯৮ নং হালোৱা গাঁও প্ৰাথমিক বিদ্যালয়

ডাকঘৰ-চকীমুখ, (নাজিৰা)

পিন-৭৮৫৬৮৫

ফোন-৭০৮৬১৩৭৯০২

জিলা-শিৱসাগৰ।

আজিৰ শিক্ষা ব্যৱস্থা আৰু মই সন্মুখীন হোৱা কিছুমান ঘটনা:কাকলি দত্ত

 আজিৰ শিক্ষা ব্যৱস্থা আৰু মই সন্মুখীন হোৱা কিছুমান ঘটনা



পৰিৱৰ্তন প্ৰকৃতিৰ নিয়ম । সমাজ সদায় পৰিৱৰ্তনশীল হৈ থাকে । তাৰ লগতে উচ্চ হাৰত সলনি হ'বলৈ ধৰিছে মানুহৰ মনবোৰ । আজি বেলেগ কথা প্ৰকাশ কৰিব বিচৰা  নাই । নিজেই সন্মুখীন হোৱা কিছুমান ঘটনাৰ বিষয়ে লিখিবলৈ লৈছো । 

       বৰ্তমান বিজ্ঞানৰ যুগ , প্ৰতিযোগিতাৰ যুগ । সকলোবোৰ প্ৰতিযোগিতাৰ ভিতৰত জ্ঞান আহৰণো সাঙুৰ খাইছে । সকলোৱে জ্ঞাত যে কিবা এটা চাকৰিয়েই হওঁক বা অন্য কাম কৰিবলৈ হ'লেও নম্বৰ লাগে সঁচা । কিন্তু তাৰ মানে এইটো নহয় যে শিক্ষা অৰ্জনৰ বিপৰীতে অকল নম্বৰ সংগ্ৰহ কৰিব লাগে । মানুহবোৰে কিয় আজিকালি কেৱল নম্বৰৰ লগত লাগে । তেওঁলোকে ভৱা উচিত যে শিক্ষাৰ্থীয়ে নম্বৰ লাভ কৰাই নহয় তেওঁলোকৰ আন বহুতো প্ৰতিভা থাকে কিন্তু কিছুমান হেচাৰ বাবে তেওঁলোকে সেই আশাবোৰ বৰ্জন কৰিবলগীয়া হয় । তাৰ বাবে দায়ী কোন ? বৰ্তমানৰ সমাজখনেই নহয় জানো ? বৰ্তমান সকলোৱে নম্বৰৰ পাছত দৌৰিছে । নম্বৰ পোৱাক লৈও পাৰ্টি কৰে । আজিকালি শিক্ষাৰ মূল উদ্দেশ্যে কেৱল এটা চাকৰি লাভ কৰা । এইখিনিতে উল্লেখ কৰা ভাল যে আগৰ দিনত আজিৰ দৰে পকী বিদ্যালয় নাছিল । সেই সমাজখনৰ মূল উদ্দেশ্যে এটা চাকৰি নাছিল । উদ্দেশ্যে আছিল সৰ্বোৎপৰকাৰে জ্ঞান অৰ্জন কৰি দেশৰ উন্নতি কৰে । তেওঁলোকে জানিছিল যে দেশৰ উন্নতি হ'লেহে তেওঁলোকৰ উন্নতি হ'ব । পুৰণি শিক্ষা ব্যৱস্থাৰ লগত আজি কালি শিক্ষা ব্যৱস্থাৰ আকাশ- পাতাল পাৰ্থক্য আছে । সহজ অৰ্থত ক'বলৈ হ'লে আজিকালি সকলোকে নম্বৰ লাগে । কিন্তু মোৰ বোধেৰে সেইটো ভুল ধাৰণা । মই সন্মুখীন হোৱা দুটামান ঘটনাৰ উদাহৰণ দিওঁ । 

উদাহৰণ ১ - ২০২২ বৰ্ষৰ আগষ্ট মাহৰ ১৫ তাৰিখৰ কথা । তিনি নম্বৰৰ ক্লাছ । বিজ্ঞান আছিল । ছাৰ আহি নানা প্ৰশ্ন কৰিলে , তাৰ মাজতে তেওঁ প্ৰশ্ন কৰিলে 'পদ' মানে কি ? প্ৰশ্নটো শেষ কৰিয়েই লগে লগে শ্ৰেণীৰ চোকা ল'ৰাটোলৈ চালে । সি পৰা নাই উত্তৰ দিব । আমি উত্তৰ দিলো যে পদ মানে ভৰি । নাই নুশুনে । এইবাৰ ক্লাছৰ শেষৰ নম্বৰৰ ল'ৰাজনে উত্তৰ দিলে । ছাৰ পদ মানে ভৰি । নাই নুশুনে । কিয়নো তেওঁ চকু চোকা ল'ৰাটোৰ ওপৰত । প্ৰচণ্ড খং চোকা ল'ৰাটোৱে পৰা নাই । আমিও কথাষাৰ অলপ চিন্তা কৰিলো । মনলৈ ভাব আহিল চোকা বুলিয়ে সকলো পাৰিবই লাগিব বুলি কি কথা আছে বা পঢ়াত অলপ দুৰ্বল আন এজনে উত্তৰ দিলে কিয় আওকাণ কৰে ? ইয়াত কিহৰ ভিত্তিত শিক্ষা প্ৰদান কৰা হৈছে ? জ্ঞান অৰ্জন কৰিবলৈ নে কেৱল নম্বৰ পাবলৈ ? এটা ডাঙৰ প্ৰশ্ন । 

উদাহৰণ ২ - সেইদিনা মোৰ ক্লাছ বাৰ বজাত শেষ হৈছিল । মুকুল শ্ৰেণীৰ সৰু কণমানি ল'ৰা এজন মোৰ গাড়ীতে বহি আছিল । ইমানেই শান্ত মৰম লাগে ল'ৰাজনলৈ কিন্তু কথা নকয় বুলিয়েই ক'ব পাৰি । অচিনাকি ভাইটিটোৰ নাম সুধি লৈ বহী এখন খুজিলো চাওঁ বুলি । সি বিনা সংকোচে অসমীয়া বহীখন উলিয়াই দিলে । চালো ভালকৈ । বয়সৰ অনুপাতে আখৰবোৰো ভাল । হঠাতে চকু পৰিল অসমীয়া ব্যঞ্জনবৰ্ণৰ ( ড় ) আখৰটোত । সাধাৰণতে সৰু ল'ৰা - ছোৱালীক কোৱা হয় যে প্ৰথমতে ড টো লিখা তাৰ পাছত তাৰ তলতে ( • ) ফুটটো দিবা । ভাইটিটোৱে লিখিছে (ড•) এনেকৈ । কিন্তু প্ৰকৃততে হ'ব লাগে ড় । মই আচৰিত হ'লো । দুখন পৃষ্ঠা তেনেকৈয়ে লিখিছে আৰু আচৰিত কথা যে তাৰ কাষতে আছে শিক্ষকৰ চহী । তেনে ক্ষেত্ৰত কিহক প্ৰাধান্য দিছে । নম্বৰ নে জ্ঞান অৰ্জনক । ভাইটিটোক পেঞ্চিলডাল উলিয়াবলৈ দি ভালকৈ লিখি দিলো আৰু ক'লো যে - এইটো এনেকৈ লিখিবা । (ড•) এনেকৈ লিখিলে ভুল হ'ব আৰু লগতে ক'লো যে মা - দেউতাক বহীখন দেখাই ক'বা যে বা এজনীয়ে লিখি দিছে বুলি । এই কথাষাৰ এই কাৰণেই ক'লো যে বৰ্তমান আমাৰ অভিভাৱকসকলেও নম্বৰক বেছি গুৰুত্ব দিয়ে । কিমান জ্ঞান লাভ কৰিছে তেওঁলোকৰ সুধিবলৈ আহৰি নাই । লাগে মাথোঁ নম্বৰ । তেনে ক্ষেত্ৰত ল'ৰা - ছোৱালীৰ মগজু বিকাশ হ'বনে ? কিয় নামি পৰিছে সকলো নম্বৰৰ প্ৰতিযোগিতাত । দেশৰ লগতে দহৰ উন্নতি হ'বনে এনেকৈ ? প্ৰতিভা বিকাশৰ সুবিধা পাবনে সকলোৱে নে নম্বৰেই সকলো প্ৰতিভা বিকাশ কৰিব । এটা ডাঙৰ প্ৰশ্ন আজিৰ শিক্ষা ব্যৱস্থা কোন দিশে ?  কিয় প্ৰাধান্য দিছে নম্বৰক । সকলোৰে কিছুমান নিজস্ব প্ৰতিভা আছে সেইবোৰ বিকাশ কৰিবলৈ সুবিধা দিয়ক । নহ'লে ভবিষ্যত এন্ধকাৰৰ দিশে গতি কৰিব । মই জ্ঞান অৰ্জনক হে প্ৰাধান্য দিওঁ কাৰণ জ্ঞান থাকিলেহে দহৰ উন্নতি কৰিব পাৰিম আৰু দহৰ উন্নতি হ'লেই মোৰ উন্নতি হ'ব । নম্বৰক লৈ মই কোনোদিনেই প্ৰতিযোগিতাত নমা নাই । সকলোৱে অলপ হ'লেও আনৰ উন্নতি কথা চিন্তা কৰক , নম্বৰক নহয় জ্ঞান অৰ্জনক প্ৰাধান্য দিয়ক । এগৰাকী শিক্ষাৰ্থী হৈ মই সকলোকে অনুৰোধ কৰিছো সকলোকে প্ৰতিভা বিকাশৰ সুবিধা দিয়ক , নম্বৰক নক্ষয় জ্ঞান অৰ্থাৎ শিক্ষা অৰ্জনক প্ৰাধান্য দিয়ক । আমি সকলো সমান সেয়েহে পঢ়াত দুৰ্বল বুলি কাকো নিৰুৎসাহ নকৰি ভবিষ্যতে আগুৱাই যাবলৈ অনুপ্ৰেৰণা যোগাওঁক । 




            ✍️কাকলি(কাকু) দত্ত ।

                দশম শ্ৰেণী

                ধেমাজি(মাছখোৱা)

Tuesday, February 21, 2023

আধা লেখা দস্তাবেজ ২:ৰাহুল চেতিয়া

                   🔴আধা লেখা দস্তাবেজ ২:



জীৱনটো উত্থান-পতনেৰে ভৰি আছে।  কেতিয়াবা আপোনাৰ নিয়ন্ত্ৰণৰ বাহিৰৰ পৰিস্থিতি আহি আপোনাক ভৰিৰ পৰা খুন্দা মাৰিবলৈ চেষ্টা কৰে আৰু যিকোনো বস্তুতে ৰূপালী আৱৰণ বিচাৰি পোৱাটো কঠিন হ’ব পাৰে।  আমাৰ চৌপাশৰ জগতখনলৈ চাই যিকোনো বস্তুৱেই সলনি হ’ব বা আমাৰ প্ৰভাৱ পেলোৱাৰ ক্ষমতা আছে বুলি কুৎসিত হোৱাটো সহজ হ’ব পাৰে।  জীৱনটো পোহৰতকৈ অধিক আন্ধাৰ অনুভৱ হ’লে কাঁচৰ আধা খালী মানসিকতাৰ বিৰুদ্ধে যুঁজ দিয়াটো কঠিন, কিন্তু তলত আমাৰ প্ৰিয় কিছুমান মানুহৰ পৰা সংগ্ৰহ কৰা উক্তিবোৰৰ পৰা আমি শিকিছো যে প্ৰতিটো দিন পাৰ কৰিবলৈ ইতিবাচক মনোভাৱ বিচাৰি উলিওৱা আৰু বজাই ৰখাটো গুৰুত্বপূৰ্ণ  আৰু আনকি আমাক ফুলি উঠা জীৱনলৈও লৈ যাব পাৰে।
আপোনাৰ জীৱনলৈ অধিক ইতিবাচকতা অনাৰ এটা উপায় হ’ল মানুহৰ সৈতে বন্ধুত্ব আৰু সংযোগৰ বাবে ঠাই দিয়া যিটো ইতিবাচকও।  এই সম্পৰ্কবোৰে আমাৰ জীৱনৰ সেই বস্তু আৰু মানুহবোৰক উজ্জ্বল কৰি তুলিবলৈ আচৰিত কাম কৰিব পাৰে, যাৰ বাবে আমি কৃতজ্ঞ।  দৈনিক কৃতজ্ঞতাই আপোনাৰ জীৱনৰ সৰু সৰু আৰু লগতে গভীৰ কথাবোৰৰ প্ৰতি সজাগতা আনিব পাৰে যিবোৰ দৈনন্দিন উপহাৰ।  জীৱনলৈ অধিক ইতিবাচকতা অনাৰ আন এটা উপায় হ’ল নিজৰ মাজতে ঘৰত থকাৰ কঠোৰ পৰিশ্ৰম কৰা আৰু আত্মপ্ৰেমৰ অভিজ্ঞতা লাভ কৰা।  নিয়মীয়া আত্ম-যত্নৰ জৰিয়তে হওক, জাৰ্নেলিং, থেৰাপী, ব্যায়াম বা ওপৰৰ সকলোবোৰৰ সংমিশ্ৰণৰ জৰিয়তে হওক, আমি যিদৰে আছো তেনেদৰেই নিজকে ভাল পাবলৈ শিকাটোৱে কেৱল আভ্যন্তৰীণ শান্তিৰ গভীৰ অনুভৱত অৰিহণা যোগোৱাই নহয়, অন্যান্য কঠিন কামৰ প্ৰতি আমাৰ মানসিকতাও সলনি কৰে  আমাৰ জীৱন।  আপুনি এজন অবিশ্বাস্য ব্যক্তি যিয়ে কঠিন কাম কৰিব পাৰে, আৰু যদিও এতিয়া ইয়াৰ দৰে অনুভৱ নহ'বও পাৰে, কিছু উক্তিৰ মাজেৰে গৈ আপোনাৰ খোজত অলপ উত্তেজনা দিব আৰু আপোনাৰ মুখত হাঁহিব।

Life is very unique. Life is passing through Achievements and unachievers. Don't know where this end?

জীৱন জীৱন বৰ অনুপম. পোৱা আৰু নোপোৱাৰ মাজেৰে পাৰ হৈ গৈ আছে জীৱনটো।জীৱনত সপোন বহুত দেখা যায়। সপোন সপোন হৈয়ে ৰয়। জীৱনত নোপোৱাৰ দুখতকৈ পাই হেৰুৱাৰ দোষ বৰ বিষাদময়। সেয়েহে চাগে আমি নোপোৱাৰ দুখ বোৰ আনৰ ওপৰত জাপি দি সুখ অনুভৱ কৰোঁ।জীৱনটো এখন বোৱতী নৈ দৰে। কুলু কুলু কৈ নিজৰা পানী পাহাৰৰ পৰা বৈ আহোঁতে যেনেকৈ শিলৰ সৈতে ঠেকা খাই আহি বিশাল সাগৰত পৰেহি তেনেকৈ আমাৰ জীৱনটো প্ৰাপ্তি-অপ্ৰাপ্তিৰ প্ৰতিযোগিতাৰ মাজেৰে পাৰহৈ আহি থাকে এক নতুনত্বৰ দিশে প্ৰতিদিনে। গতানুগতিক ভাবে গৈ থাকে জীৱনটো অন্য এক সপোনৰ সৃষ্টিৰ দিশে।জীৱনটো এখন বঠা হীন নাওৰ দৰে। যেতিয়া বিশাল সাগৰৰ ঢৌত বঠাহীন নাও খনি টুলুং ভুটুং কৈ উটি ভাঁহি থাকে, বঠাৰ অবিহনে নাও খনৰ কোনো গুৰুত্ব নাইকিয়া হয় সেই দৰে আমাৰ জীৱনটো সুখ-দুখ, হাঁহি-ধেমালি অবিহনে যেন জীৱনটো আধৰুৱা হৈ পৰে।

কোনোবাই কৈছিল- "keep smiling, because life is beautiful things and there's so much  to smile about."

আজি কালি আমি নিজকে জীৱ শ্ৰেষ্ঠ মানুহ বুলি পৰিচয় দি ভাল পাওঁ।সেয়েহে চাগে নিজৰ দুখ সমূহ আনৰ ওপৰত জাপি দি পৰম সুখ অনুভৱ কৰোঁ। অবৈধ সম্পৰ্ক কৰি যেতিয়া তাৰ ফলাফল হিচাপে নিষ্পাপ দেৱশিশুৰ জন্ম হয় টোপোলা পাতি ডাছবিন নতুবা নলাত পেলাই নিজৰ পাপ লুকুৱাব বিচাৰি দানৱৰ ৰূপ লওঁ।এয়াই জীৱ শ্রেষ্ট মানৱ আমি।

ধৰ্ম,ভাষা,সাম্প্ৰদায় নামত ৰাজনীতি কৰা এয়াই আমাৰ জীৱ শ্রেষ্ট মানৱৰ উদাৰতা। আজি কালি নিজকে অসমীয়া বুলি পৰিচয় দিবলৈ ভয় লাগে। চাৰিও ফালে দেখোন মাথোঁ কোচ-কলিতা, টাই-আহোম, মটক,মৰাণ চুতীয়া আদি সাম্প্ৰদায় মানোভাব থকা মানুহেৰে পৰিপূৰ্ণ। ইয়াৰ উপৰি ধৰ্ম আৰু ভাষা বাদ নপৰিল। এক শৰণ নামধৰ্ম আৰু বৈদিক সনাতনৰ বিভেদগামী মনোভাব পোষণ কৰা এচাম মানুহে নিজৰ সন্তানক ধৰ্মৰ নামত শিক্ষা দিবলৈ ধৰিলে। অসমীয়াৰ সংজ্ঞা দিবলৈ হলে বিদ্ধান পণ্ডিতৰ আৱশ্যক হব লগা হল।


✍️ৰাহুল চেতিয়া,নিলখ পূৰ,চিলাপথাৰ,

কিতাপ পঢ়াৰ বাবে লজ্জিত মই:মোস্তাকিন শ্বেখ

 প্ৰবন্ধ:

    কিতাপ পঢ়াৰ বাবে লজ্জিত মই




কিতাপ জীৱনৰ অবিচ্ছেদ্য অংগ। কিতাপৰ পৰিসৰ সাগৰতকৈও বিশাল। মই কিতাপ পঢ়ি ভাল পোৱা ছাত্ৰ। নিয়মিতভাৱে জিলা পুথিভঁৰালৰ পৰা বিভিন্ন কিতাপ সংগ্ৰহ কৰি পঢ়ো। মই বিভিন্ন ঠাইত ভ্ৰমণ কৰিবলৈ গ'লে সেই সময়ত মোৰ বন্ধু হৈ পৰে কিতাপ। বহু লোকে মোক কিতাপ পঢ়া দেখিলে ঠাট্টা কৰে। বিশেষকৈ আমাৰ নতুন প্ৰজন্মই।ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰা ৭৫ বৰ্ষতকৈও অধিক হ'ল। শিক্ষা ইমান দ্ৰুত গতিত গৈ থকাৰ পিছতো কিয় কিতাপ পঢ়াৰ বাবে লজ্জিত হও মই। আমি যদি কেৱল পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ বাবে কিতাপ পঢ়ো তেন্তে সেয়া ভুল ধাৰণা। কাৰণ শিক্ষা আমি লোৱাৰ পাছত সেই শিক্ষা যদি বাস্তৱত ৰূপায়িত কৰিবলৈ নোৱাৰোঁ তেন্তে সেই শিক্ষা গ্ৰহণ কৰাৰ মূল্য কি থাকিল? কিতাপে নতুন জীৱনৰ সন্ধান কৰি বিশ্বক আগবঢ়ায় লৈ গৈছে। কিতাপ হৈছে মানুহৰ সকলোতকৈ ভাল বন্ধু। সেইবাবে আমি সকলোৱে কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তোলা উচিত। বিজ্ঞানে যিমানেই উন্নতি সাধন নকৰক কিয় কিতাপ অবিহনে যেন মানৱ জীৱনৰ শিক্ষা আধৰুৱা।কিতাপৰ অধিকতকৈ অধিক প্ৰচাৰ হ'ব লাগে। আহক ৰাইজ কিতাপেৰে ভৰপূৰ এখন মুক্ত সমাজ গঢ়ো।


                নাম: মোস্তাকিন শ্বেখ 

                শ্ৰেণী: অষ্টম 'খ'শাখা 

নগাঁও চৰকাৰী উ:মা: বালক বিদ্যালয়

   দূৰভাষ: ৮৬৩৮৮৬৪২২০

উন্মনা ফাগুন

উন্মনা ফাগুন

                     মিন্টু গোৱলা, লখিমপুৰ, কদম



ফাগুন মাহৰ ফাগুনী পছোৱা বতাহ জাক বলিবলৈ আৰম্ভ হৈছে । ফাগুনৰ বতৰা পাই পলাশ, শিমলু ও ফুলিব আৰম্ভ হৈছে।প্ৰেমিক প্ৰেমিকাৰ মনবোৰো বৰ উন্মনা হৈ উঠিছে। ফাগুন মানেই এক যৌৱনৰ বতৰ মত আপোন জনৰ লগত নৈৰ পাৰত বহি কথা পতা আমেজ বৰ বেলেগ লাগে। উন্মনা ফাগুনে আনে বলিয়া প্ৰেমৰ বান ।
ফাগুনীৰ ঘৰ গাঁওৰ ইটো মুৰত ।ফাগুনীৰ প্ৰেমিক কৰ্মসূত্ৰে চেন্নাইত থাকে । তেওঁলোকৰ সম্পৰ্ক প্ৰায় এবছৰ হ'ব হ'ল ।যোৱা  বছৰ ফাগুনত শেষ বাৰ বাবে ফাগুনীক লগ কৰি প্ৰতিশ্ৰুতি দি চেন্নাইলৈ বুলি উৰা মাৰে।ফাগুনীয়ে সেই প্ৰতিশ্ৰুতি বুকুত বান্ধি পলাশ লৈ আশাৰে বাট চাই আছে।
                  সিদিনা আবেলি পৰত ফাগুনীয়ে বৰকৈ পদূলিত ৰৈ ঘনাই ঘনাই চকু আলি বাটত ।যেন ফাগুনীৰ চেনাই অহাৰ বতৰ বুলি পদূলি মুৰত অপেক্ষা কৰিছে ।কাৰণ পলাশে  ফাগুনীক প্ৰতিশ্ৰুতি দিছে।এই  ফাগুনত ফাগুনীৰ ওচৰত অহাৰ । সেইবাবেই ফাগুনীৰ মনতো ঘৰত নবহাই হ'ল । বাটত লৈ বাৰে বাৰে যায় ।চাই চাই ফাগুনীয়ে খংত জ্বলি পুৰি নৈৰ পাৰত বহিবলৈ গ'ল।নিদান নিস্তব্ধ পৰিবেশত বহি যোৱা বছৰ কথা  মনত পেলাই আছে। মনতো দুখ কৰি পলাশৰ প্ৰতিশ্ৰুতিবোৰ মনৰ ভিতৰত এক দৃশ্যমানেৰে বৰকৈ ভাৱি আছে ।
                  সিদিনা আছিল ফাগুনৰ বতৰ ,যʼত ফাগুনী আৰু পলাশে নৈৰ পাৰত বহি অলপ আলাপ কৰিছিল ।পলাশে সিদিনাই ফাগুনীক শেষ বাৰৰ বাবে  লগ কৰিছিল। সেই কথা বোৰকে ভাৱি আছে।
পলাশে যোৱাৰ আগত ফাগুনীক কৈছিল,যে  ফাগুনী মইতো তোমাৰ এবছৰৰ বাবে বাহিৰলৈ যাম অʼ।অহা ফাগুনত আহিলে মই তোমাক নিজৰ কৰিম ।
ফাগুনীয়ে দুচকু সেমেকাই পলাশক ক'লে- উম! হ'ব মই তোমালৈ সদায় বাট চাই থাকিম ।তুমি সোনকালেই আহিবা ।
ফাগুনীয়ে সেই কথাবোৰ ভাৱি ভাৱি বহি আছে ।ফাগুনীয়ে কথাবোৰ ভাৱি মগ্ন হৈ এখন সপোনৰ দেশত । হঠাৎ পলাশে ফাগুনীক গাঁওত বিচাৰি ফুৰিছিল , কিন্তু গাঁওত ফাগুনীক দেখা নাপালে । বিচাৰি বিচাৰি পলাশে নৈৰ পাৰত পালে গৈ।পলাশে আহি দেখে যে ফাগুনীয়ে দুচকু সেমেকাই নৈৰ পাৰত বহি মনে মনে বহি আছে ।ফাগুনীৰ পাছ ফালে পলাশে মনে মনে আহি হাতখনেৰে দুচকু বন্ধ কৰি দিলে ।ফাগুনীয়ে হঠাৎ চক খাই চিঞৰি উঠিল।পলাশে যেতিয়া হাতখন এৰি দিলে।
তেতিয়া ফাগুনীয়ে অভিমানেৰে ক'লে - কিয় আহিলা এতিয়া ?
নাহিলেও হয়চোন ।ইমান দিন মই কেনেকৈ আছোঁ , মই হে জানো ।
পলাশে হাঁহি এটি মাৰি ক'লে- ঐ পাগলী মই ঘৰত নাহিল ক'ত ৰাম অʼ।
বাহ! ইমান অভিমান নʼ।
মইতো তোমাক কোৱাৰ দৰেই কথাতো ৰাখিছোঁ নʼ।
খং,অভিমান বোৰ  সামৰি দুহাত মেলি তোমাৰ হিয়াৰ মাজত লোৱা না। মই আহি গʼলো, এতিয়া চিন্তা নকৰিবা ।
ফাগুনীয়ে এটি মিচিকিয়াই হাঁহি মাৰি ।দুহাত মেলি পলাশক সাৱটি ধৰিলে ।
ফাগুনীয়ে ক'লে - তুমি নহা দেখি মোৰ বহুত খং উঠিছিলে অʼ।
এই মোক লৈ যোৱা , নহ'লে মই তোমাৰ অবিহনে থাকিব নোৱাৰোঁ অʼ।
পলাশে ক'লে - মই আহিছোঁ , এতিয়া আৰু কিহৰ চিন্তা ।তোমাক দিয়া প্ৰতিশ্ৰুতি পুৰণ কৰিবলৈ আহিলোঁ।
          কেইদিনমানৰ পাছত ফাগুনীয়ে পলাশৰ লগত জীৱনৰ নতুন ফাকু সানিবলৈ লʼলে । উন্মনা ফাগুনৰ বলিয়া প্ৰেমে দুয়োকে চিৰদিনৰ বাবে একে  লগ কৰিলে । দুয়ো সুখত জীৱন কটাই আছে ।

প্ৰজ্ঞাৰ সাধক- সমাজপ্ৰাণ মহেশ কলিতা

 এখন অভিনন্দন গ্ৰন্থ আৰু অনুভৱৰ একলম

                           প্ৰজ্ঞাৰ সাধক- সমাজপ্ৰাণ মহেশ কলিতা 


এগৰাকী শিক্ষক -সমাজ সেৱক হিচাপে পৰিচিত জীৱনৰ চাৰি কুৰিৰ দেওনা পাৰ কৰা এগৰাকী অনন্য ব্যক্তিত্বৰ অধিকাৰী-- মহেশ কলিতা। দক্ষিণ কামৰূপৰ ছয়গাও নিবাসী মহেশ কলিতাই জীৱনৰ বিয়লি বেলাত খোজ থোৱাৰ সময়ত সুধি সমাজে তেওঁলৈ উপহাৰ হিচাপে তুলি দিছে- ' প্ৰজ্ঞাৰ সাধক- সমাজপ্ৰাণ মহেশ কলিতা ' নামৰ অভিনন্দন গ্ৰন্থখনি। যোৱা ১২ ডিচেম্বৰত উন্মোচন হোৱা তথা বিশেষ বিশেষ তথ্য সন্নিবিষ্ট কৰাৰ লগতে বিভিন্নজনৰ লেখাৰে সম্বৃদ্ধ  ২৬০ পৃষ্ঠাৰ অভিনন্দন গ্ৰন্থখনি  সম্পাদনা কৰিছে লেখক পংকজ কলিতাই।

                 সমাজ জীৱনত জীৱন জোৰা সাধনাৰে মহীয়ান হোৱা ব্যক্তিসকলক আমি পৰলোকগামী হোৱাৰ পিছত আদৰ কৰো। কিন্তু ব্যক্তিগৰাকীক জীৱিত অৱস্থাত আমি যথোপযুক্ত সন্মান দিবলৈ আগ্ৰহী নহও। তাৰ ব্যতিক্ৰমী পদক্ষেপ এই অভিনন্দন গ্ৰন্থখন। গ্ৰন্থখনৰ সম্পাদকীয়ত লেখক পংকজ কলিতাই ব্যক্তিগৰাকী সন্দৰ্ভত এইদৰে উল্লেখ কৰিছে- " এক কথাত এগৰাকী নিষ্ণাত লোক। শিপাৰ পৰা বিচ্ছিন্ন হব নোখোজা মনে- সাজে চিকুণ সমাজহিতৈষী ব্যক্তি। পুৰাণপ্ৰসিদ্ধ চম্পকনগৰৰ বেউলা- লখিন্দৰৰ স্মৃতি বিজড়িত ঐতিহ্যমণ্ডিত ছয়গাৱৰ সমাজ জীৱনত সুদীৰ্ঘ কাল শ্ৰমলব্ধ সাধনা আৰু সংগ্ৰামী ভাৱনাৰে প্ৰজ্ঞাৰ সন্ধানত সাৰ্বিক ৰূপত দক্ষিণ কামৰূপৰ লগতে, বিশেষকৈ দক্ষিণ ছয়গাৱৰ জনজাতীয় অঞ্চলটোৰ দিহিঙে- দিপাঙে জাগ্ৰত প্ৰহৰী হৈ মানৱীয় প্ৰমূল্যৰ স্বকীয়তা ৰক্ষা কৰি জ্ঞানৰ বন্তি জ্বলাই মানুহ আৰু মমতাৰ স্পৰ্শতাৰ অনুভূতি ধৰ্ম-কৰ্ম, চিন্তা-চেতনাৰ মাজেৰে প্ৰকাশ কৰি গৰিমা লভিবলৈ যে তেওঁ সক্ষম হৈছে তাত সন্দেহৰ অৱকাশ নাই। "  সম্পাদক তথা লেখক পংকজ কলিতাৰ এনে মন্তব্যৰ পৰাই ব্যক্তিগৰাকীৰ জীৱন আৰু সাধনা সম্পৰ্কে অনুমান কৰিব পাৰি।

        ডা: কমলাকান্ত কলিতা, ড:নগেন কলিতা, সুকুমাৰ মেধী, ৰমাকান্ত ৰাভা, জেউতীময়ী কলিতা, প্ৰণীতা কলিতা, উপেন ডেকা, ড: ৰাজু বৰদলৈ, ড: প্ৰাণেশ্বৰ নাথ, উজ্বল মেধি, দুলাল শৰ্মা, ৰত্ন মহন্ত, নাৰ্জী চৌধুৰী, জুনমণি দাস, চিন্ময় কলিতা, সোণেশ্বৰ ৰাভা, হাবিৰাম ৰাভা আদিকে ধৰি ভালেসংখ্যক লোকৰ অনুভৱৰ কলমেৰে সজোৱা অভিনন্দন গ্ৰন্থখনত মহেশ কলিতাই নিজেই লিখিছে-" সৃষ্টি আৰু জ্ঞানৰ আনন্দৰ উন্মেষ কৰিব পৰাটোৱেই শিক্ষকৰ সৰ্বশ্ৰেষ্ঠ অৰিহণা। এই কথাখিনিয়ে মোৰ মনত বাৰুকৈয়ে শিপাইছিল। জ্ঞান- বিজ্ঞানেৰে মানুহ গঢ়াৰ সপোন দেখিছিলো। মনত উপজিল শিক্ষক হোৱাৰ আকাংক্ষা।সময়ত তাকেই ব্ৰত হিচাপে গ্ৰহণ কৰিলো।" জীৱনৰ সুদীৰ্ঘ সময় পাণ্টান হাইস্কুলত শিক্ষক হিচাপে কাম কৰা কলিতাদেৱে অভিনয়ো কৰিছিল। বিভিন্ন দল -সংগঠন, অনুষ্ঠান- প্ৰতিষ্ঠানক সমুখৰ পৰা নেতৃত্বত দি আহিছে। যাৰ বাবে আজি জীৱনৰ বিয়লি বেলাত সুধি সমাজে দিলে সুন্দৰ উপহাৰ। 

        কামৰূপীয়া পৰম্পৰাগত লোককৃষ্টিৰ সাধক শিল্পী সুকুমাৰ মেধীয়ে লিখিছে-" ছাৰ সভা শুৱনি পুৰুষ। উপস্থিতিত পৰিৱেশ শান্ত আৰু শুভ্ৰ হৈ যায়।.... ... ..... ...   শুধ বগা পোছাকযোৰত ছাৰক আমি দেখা দিনাৰে পৰা আকৰ্ষণ আছিল শ্ৰদ্ধাৱান ৰূপত। " সচা অৰ্থত মহেশ কলিতাদেৱৰ বিশাল ব্যক্তিত্ব আৰু জীৱনজোৰা সাধনা পৰিণতি এইখন অভিনন্দন গ্ৰন্থ। যিখন গ্ৰন্থ প্ৰকাশে আন দহজনক প্ৰেৰণা যোগাব।


✍️ কিশোৰ কুমাৰ কলিতা

চিন্তা চৰ্চাৰ স্বাধীনতা প্ৰদান কৰক সন্তানক:চন্দ্ৰ শেখৰ পৰাজুলী,

চিন্তা চৰ্চাৰ স্বাধীনতা প্ৰদান কৰক সন্তানক



                              

        প্ৰকৃততে মগনিয়া পিতৃ-মাতৃৰ পৰা আৰম্ভ কৰি সফলতাৰ শিৰ্ষত থকা দুয়ো পিতৃ-মাতৃৰ জৰিয়তেও নিজৰ সন্তানৰ সদায় সুন্দৰ,সফল ভবিষ্যতৰ কল্পনা কৰে নহয়নে ? । আচলতে বেছিভাগ ক্ষেত্ৰতে এজন সফল ব্যক্তিৰ আঁৰত প্ৰথম ভেটিটো হেনো নিজ নিজ পিতৃ-মাতৃৰ জৰিয়তে নিৰ্মাণ হয় । গতিকে প্ৰায়বোৰ মানুহৰ ক্ষেত্ৰতে দেখা যায় যে, এজন মানুহে নিজ নিজ জীৱনত কৰি অহা সংগ্ৰাম, সংঘৰ্ষবোৰৰ পৰা নিজৰ সন্তানক আতৰ কৰি ৰাখিবলৈ সদায় যন্ত কৰে। কিন্তু তাৰে মাজতে কিছুমান অভিভাৱক নিজ সন্তানকো এজন শত্ৰুততৈ বেয়া ব্যৱহাৰ কৰি অহা ঠায়ে ঠায়ে দেখা যায়।এনেবোৰ বিষয় সমাজ এখনৰ অসামান্যৰ তালিকাত পৰে । কিন্তু এতিয়া কথা হ'ল মই ইয়াত উল্লেখ কৰিবলৈ বিচাৰিছোঁ নিজ সন্তানক প্ৰদান কৰা চিন্তা,চৰ্চাৰ স্বাধীনতাৰ কথা ।

              আচলতে এজন মগনিয়াৰ সন্তান ভবিষ্যতে গৈ এজন মগনিয়ায়ে হওক বুলি কোনো এজন অভিভাৱকে কেতিয়াও কল্পনা নকৰে। কিন্তু এজন মধ্যবিত্ত বা এজন ধনী,ডাঙৰ ডাঙৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত অভিভাৱক সকলে হয়তো তেওঁৰ জীৱনত ঢুকি নোপোৱা কেতবোৰ আধৰোৱা সপোনবোৰ নিজ নিজ সন্তানৰ জৰিয়তে পূৰ্ণ কৰাৰ বহুতৰে মনত হাবিয়াস থাকে নহয়নে ?। চাওঁক আজিকালিৰ সময়ছোৱা প্ৰতিটো ক্ষেত্ৰতে পৰিবৰ্তনশীল । সেয়েহে হয়তো আপোনাৰ সময়ত আপুনি যত,যত সফলতা পোৱাৰ পৰা বঞ্চিত আছিল ভবিষ্যতে গৈ আপোনাৰ সন্তানে সেইবোৰ ক্ষেত্ৰতে গৈ সফলতা অৰ্জন কৰিব বুলি কিমান  যুক্তিপূৰ্ণ কথা। আমাৰ লাগিলে তেজৰে সম্পৰ্ক নহওক কিয় আমি প্ৰতিটো মানুহৰ এজন,আনজনতকৈ বহুত পৃথক। কিছু কিছু ক্ষেত্ৰত হয়তো অভিভাৱকৰ লগত মিল থাকিলেও স্বাভাবিকতে ঢিন্তাধাৰাবোৰ পৃথক হোৱাটো একেবাৰে সামান্য। গতিকে নিজ সন্তানক আপোনাৰ আধৰোৱা সপোনবোৰ জাপি দিয়াতকৈ সদায় এজন ভাল মানুহ আৰু দেশৰ এজন সৎ নাগৰিক হোৱাৰ শিক্ষা প্ৰদান কৰক। স্বাধীনতাৰে চিন্তা, চৰ্চা কৰা আমি জন্মসূত্ৰে লাভ কৰা মৌলিক অধিকাৰ। গতিকে প্ৰতিজন অভিভাৱকে নিজ নিজ সন্তানক সদায় চিন্তা,চৰ্চা কৰাৰ স্বাধীনতা প্ৰদান কৰক । আপোনাৰ সন্তানক যদি মুক্ত মনৰ জৰিয়তে চিন্তা ,চৰ্চাৰ কৰি আগুৱাই যাবলৈ সুবিধা প্ৰদান কৰে তেন্তে তেওঁলোকৰ সুপ্ত প্ৰতিভাবোৰ বিকাশত সহায়ক হয়।

           


চন্দ্ৰ শেখৰ পৰাজুলী

বিশ্বনাথ চাৰিআলি, অসম

দূৰভাষ:-৮৬৩৮০৯৮৯২২

ডাক ঘৰ:-বিশ্বনাথ চাৰিআলি

ডাক নং:-৭৮৪১৭৬

Tuesday, February 14, 2023

বাল্য বিবাহ আৰু মোৰ মনৰ অনুভৱ:ছেলিমা বেগম

🔴 বাল্য বিবাহ আৰু মোৰ মনৰ অনুভৱ

বাল্য বিবাহ কি?

ভাৰতীয় আইন অনুসৰি বাল্য বিবাহ হৈছে ১৮ বছৰতকৈ তলৰ ছোৱালী আৰু ২১বছৰতকৈ তলৰ ল'ৰাৰ বিবাহ। 


বাল্য বিবাহৰ ক্ষেত্ৰত দেখা যায় যে অসমৰ চুকে কোনে আজিও চলি আছে। বাল্য বিবাহ এক প্ৰকাৰ সমাজৰ ব্যাধি বুলি কলেও ভুল নহব। আমাৰ সমাজত এনেকুৱা হৈছে যে চৰকাৰে আইন প্ৰণয়ন নামানি বহুতে এই বিবাহ চলাই থাকে। যাৰ ফলত আমাৰ সমাজত এনেকুৱা  হয় চৰকাৰে প্ৰশাসনৰ পৰা মানুহ আহি দৰা কন্যাক বিয়া ঘৰৰ পৰা উঠাই লৈ যাব লগা হয়। 

বাল্য বিবাহ প্ৰতিকাৰ উপায়:

এই বিবাহ প্ৰতিকাৰ বা নিৰাময়ৰ কাৰণে আমি সকলোৱে মিলি তলত উল্লেখ কৰা খিনি মানিব লাগিব-

১/অৰ্থনৈতিক খেত্রত আগুৱাই যাব লাগিব। 

২/উপযুক্ত শিক্ষা গ্ৰহণ কৰিব লাগিব। 

৩/মা দেউতা সু চিন্তা কৰিব লাগিব। 

৪/অধিক সন্তান জন্ম দিব নালাগিব। 

৫/সমাজত দায়িত্ব লব লাগিব। 

৬/অন্ধবিশ্বাস দুৰ কাৰিব লাগিব৷ 

এই খিনি পালন কৰি আমি বাল্য বিবাহ ৰূধকৰিব পাৰিম। বাল্য বিবাহ দিয়া মানে নিজৰ সন্তানক বিপদ মাতি আনা ।এজনী ফুল কুমলীয়া জীয়ৰীক বিয়া দিয়া মানে কেঁচা কলহত পানী থোৱা একেই কথা।

           ১৯৫১ চনত জৱাহৰলাল নেহৰু বাল্য বিবাহৰ ওপৰত ভিত্তি কৰি পৰিয়াল পৰিকল্পনাৰ জৰিয়তে বাল্য বিবাহ নিষিদ্ধ ঘোষণা কৰে। পৰিয়াল পৰিকল্পনাৰ জৰিয়তে জন্ম নিয়ন্ত্ৰণ ৰোধ কৰিবলৈ কিছুমান কাম হাতত নয়। গাঁও, চহৰৰ মানুহৰ মাজত বিভিন্ন অনুষ্ঠানৰ জৰিয়তে বুজাই দিবলৈ চেষ্টা কৰা হৈছিল। জন্ম নিয়ন্ত্ৰণ কৰিবৰ বাবে গাঁওত চিকিৎসালয়ৰ ব্যবস্থা কৰি দিয়া হয়। অশিক্ষিত লোকসকলৰ মাজত আলোচনাৰ মাধ্যমেৰে বুজাই দিছিল। ধর্মনিৰুপক্ষে জাতি ভেদ নাৰাখি সকলো ধৰ্মৰ প্ৰতি সন্মান জনাই বুজাই দিয়া উচিত বুলি জানিছিল। কোনো ধৰণৰ বেমেজালি দেখা দিয়া নাছিল।  


                 বাল্য বিবাহ আমাৰ আইতাহঁতৰ মাজত আছিল। আইতাৰ মূখত শুনিছিলো তেখেত সকলৰ বিয়া সৰু থাকোতে হৈছিল। স্বামীৰ ঘৰত আহি শাহুৰিৰ লগত থাকি শিশুকাল পাৰ কৰিছিল। যেতিয়া যৌৱন প্ৰাপ্তি হৈছিল তেতিয়া সংসাৰ পাতিবলৈ দিছিল। এটা দীঘলীয়া সময় পাইছিল আৰু বহু সন্তান জন্ম দিব পাৰিছিল। যাৰ ফলত আমাৰ সমাজত এনেকুৱা কিছুমান আইন সমাজৰ বহুত ক্ষতি সাধন কৰিছিল। লাগে লগে মানুহৰ মাজত আধুনিক যুগৰ পদ্ধতিয়ে এই সমস্যা সমাধান কৰিব পাৰিছে। বৰ্তমান সময়ত অতি উন্নত মানৰ শিক্ষা প্ৰদান কৰা হয় আৰু ইয়াৰ সমস্যা সমাধান কৰা হৈ আছে। এতিয়া শিক্ষিত সমাজত বাল্য বিবাহ নহয়। অশিক্ষিত যুৱক যুৱতী সকলৰ মাজত বাল্য বিবাহ হোৱা দেখা যায়। সিহঁতে বুজি নাপায় উপযুক্ত সময়ত বিয়া দিবলৈ বাপেকক সকলক বুজাই দিয়া উচিত। সন্তানক কি ভাবে শিক্ষিত কৰি তোলা যাব সকলো ধৰণৰ ব্যৱস্থা চৰকাৰে ব্যবস্থা হাতত লোৱা উচিত। আজি কালি বহুত সুবিধা প্ৰদান কৰা হৈছে যদিও কিছুমান ক্ষেত্ৰত গাঁৱৰ ৰাইজে বুজি পোৱা নাই। সিহঁতে ভাবিলে যি কোনো কাম কৰি পেলায় ।বাল্য বিবাহ শিক্ষিত সমাজত নহয় সিহতৰ সন্তানক ডাক্টৰ বা ইঞ্জিনিয়াৰ, শিক্ষক আদি কৰি বিভিন্ন চৰকাৰী কৰ্মকৰ্তা জীৱন ওপৰত ভিত্তি কৰি বিবাহিত জীৱনত আগবাঢ়ি যাব। বিয়াৰ বয়স ২৫৷৩০ বছৰৰ পিছত বিয়া পতা হয়। বাল্য বিবাহ নিষিদ্ধ কৰাটো মযো বিচাৰো , গ্ৰেপ্তাৰ কৰি নহয় উচিত শিক্ষা দি ভালদৰে মৰম কৰি বুজাই দিয়ক।


ছেলিমা বেগম 

জিলা- নগাঁও 

গাঁও -মেলেকা ধিং (জুৰীয়া)

Tuesday, February 07, 2023

পুতলা নাচ:ৰাহুল চেতিয়া

 পুতলা নাচ:





 পুতলা নাচক ভাৰতীয় নাট্য সাহিত্যৰ আদি বুলি কোৱা হয়৷ পাচালী সাহিত্য নামৰ পাচালিকাৰ পৰা উদ্ভৱ হোৱা সাহিত্যৰ মূলো হৈছে এই পুতলা৷ পুতলা নাচত নৃত্য-গীত আৰু নাটকীয় মুদ্ৰাৰ সংযোগ ঘটে৷ এই পুতলা নাচক আন্তঃৰাষ্ট্ৰীয় সাংস্কৃতি অসমৰ অন্যতম প্ৰাচীন কলা-সংস্কৃতি হ’ল পুতলা নাচ৷ পুতলা শব্দৰ আভিধানিক অৰ্থ হ’ল আনৰ দাৰা পৰিচালিত হোৱা৷ একাদশ শতিকাৰ আগৰ পৰাই অসমত পুতলা নাচৰ প্ৰচলন আছিল৷ শংকৰদেৱৰ লেখনিতো পুতলা নাচৰ বিষয়ে প্ৰকাশ পাইছিল ‘গোপীক নচান্ত যেন চায়া পুতলাক’৷ আনকি সত্ৰতো পুতলা নাচৰ অভিনয় প্ৰদৰ্শন কৰাৰ বিষয়ে জানিব পৰা যায়৷ একাদশ শতিকাৰ পূৰ্বৰ পৰা কেইটিমান দশকৰ পূৰ্বলৈকে পুতলা নাচে এক অভূতপূৰ্ব জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল৷ অসমীয়া জাতীয় জীৱনৰ সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ পুতলা নাচ৷ এই পুতলা নাচৰ পৰিসৰ বৃদ্ধি কৰি একাংশ সংস্কৃতিৱান ব্যক্তিয়ে এই সংস্কৃতিক পুতলা থিয়েটাৰৰ ৰূপ দিলে আৰু ভ্ৰাম্যমাণ ৰূপত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ এই সংস্কৃতি প্ৰদৰ্শন কৰি গৈছিল৷ সমাজৰ বিভিন্ন অনুষ্ঠানৰ লগতে বিভিন্ন উপলক্ষত পুতলা নাচ প্ৰদৰ্শন কৰা দেখা গৈছিল৷ কিন্তু সময় গতিশীল৷ সময়ৰ পৰিবৰ্তনৰ লগে-লগে সলনি হয় সভ্যতা-সংস্কৃতি৷ পাৰ হৈ যোৱা সময় অতীত হোৱাৰ দৰেই ক্ৰমাৎ অতীত হোৱাৰ উপক্ৰম হৈছে পুতলা নাচ৷ যান্ত্ৰিকতাৰ ধামখুমিয়াত ক্ৰমাৎ হেৰাই যোৱাৰ উপক্ৰম হোৱা পুতলা নাচক কিন্তু জীয়াই ৰখাৰ আপ্ৰাণ চেষ্টাত ব্ৰতী হৈছে ধেমাজি নিলখপুৰৰ এজন ব্যক্তি৷ যাদৱ ভৰালীৰ একান্ত অপ্ৰাণ চেষ্টাত ত্ৰিনয়ন পুতলা নাচ থিয়েটাৰ পুনৰ মূৰ দাঙি ২০২৩-২৪ বর্ষত নতুন উদমেৰে, ন-পুৰণি কলা-কুশলী লৈ আটক-ধুনীয়া তিনিখন নৃত্য নাতিকা, তিনিখন নাট ক্ৰমে:- সীতা হৰণ বালি বধ, বাসুদেৱ দৈৱকীৰ বাহি বিবাহ,সাবিতী সত্যবান পৰিবেশন কৰিবলৈ প্ৰস্তুতি চলাইছে।বিগত দুটা বছৰৰ কোৰোনাসৃষ্ট পৰিৱেশত হঠাতেই স্থৱিৰ হৈ পৰিল এই পুতলা থিয়েটাৰ সমূহত গৰিষ্ঠসংখ্যক পুতলা থিয়েটাৰ বন্ধ হৈ পৰিল৷ যিকেইখন চলি আছে যিকোনো মুহূৰ্ততে চিৰদিনৰ বাবে বন্ধ হৈ যোৱাৰ উপক্ৰম হৈছে৷  অতি শোচনীয় আৰ্থিক অৱস্থাৰে চলি থকা পুতলা নাচৰ এই সংস্কৃতিক যদি চৰকাৰে সহযোগিতা আগনবঢ়াই যিকোনো মুহূৰ্ততেই চিৰদিনৰ বাবে হেৰাই যাব এই সংস্কৃতি৷


✍️ৰাহুল চেতিয়া

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...