Showing posts with label সমুজ্জ্বল ডেকা. Show all posts
Showing posts with label সমুজ্জ্বল ডেকা. Show all posts

Tuesday, March 28, 2023

মৃত ব্যক্তিৰ আত্মা টকাৰে তুমি ঘূৰাই আনিব পাৰিবা নেকি❔

 (প্ৰবন্ধ) 

মৃত ব্যক্তিৰ আত্মা টকাৰে তুমি ঘূৰাই আনিব পাৰিবা নেকি❔


মানৱ জীৱনত অনেক সময়ত সহস্ৰজনে জীৱনটোক উপভোগ কৰিব বিচাৰে। কিন্তু জীৱন মানেই কেৱল উপভোগ নহয়। আনন্দ-নিৰানন্দ স্বাক্ষৰো সংযুক্ত হৈ থাকে। দিনবোৰ একেই নাথাকে আৰু দুখবোৰ প্ৰতিপল নাথাকে। সময়ৰ সোঁতত বহুতেই উটি যায় আৰু বহুতেই থাকি যায় জীৱনৰ বাটত। নিশাৰ পিছত প্ৰভাত দুখৰ পিছত সুখ নিশ্চিত। মানুহৰ মৃত্যুত মানুহে কান্দে। কিন্তু সেই মৃত্যুত কন্দা মানুহ জনৰো এদিন মৰণ হ'ব। অজস্ৰ মনুষ্য বা মানৱে টকা-পইচা, সম্পত্তি আদিক লৈ নানান অহংকাৰ কৰে। কিন্তু মৃত ব্যক্তিৰ আত্মা টকাৰে কোনেও ঘূৰাই আনিব নোৱাৰে। গতিকে এইবোৰ এক সময়ৰে খেলা। ক্ৰিকেট খেলৰ দ'ৰে কোনোবাই জীৱন যুদ্ধৰ খেলত ৬ কোবাব আৰু কোনোবাই আউট হ'ব। অলেখ মানুহে অলেখ মানুহক  ভাল পায়। কিন্তু কিছুমানৰ ভাল লাগে। অৰ্থাৎ ভাল লগা আৰু ভালপোৱা সম্পূৰ্ণ বেলেগ। কিন্তু এটা সময়ত সময়ে দি যায় বিশ্বাসৰ পাঠ। বিশ্বাস হেৰাই গ'লে দূৰত্ব বাঢ়ি যায় আৰু দূৰত্ব বাঢ়ি গ'লে গুৰুত্ব কমি যায়। গুৰুত্ব কমি গ'লে দায়িত্ব হেৰাই যায়। সেয়েহে আনক ভালপোৱাৰ আগতে মানুহে প্ৰথমতে নিজক ভাল পাই নিয়ন্ত্ৰণ কৰা উচিত চলন্ত জীৱনৰ ৰে'লখনৰ অনিৰুদ্ধ গতিৰ সুমতিৰ সঠিক দিশ। সময় অনুসৰি কামবোৰ কৰিলেহে ভাগ্যৰ দুৱাৰ খোলা যায়।


         লেখকঃ সমুজ্জ্বল ডেকা, ৰঙিয়া 

                              (নিজ বড়িগোগ)

Tuesday, January 03, 2023

নৱবৰ্ষ এটি নতুন অধ্যায়:অণুগল্প

🔸অণুগল্প

🔴নৱবৰ্ষ এটি নতুন অধ্যায়


    🖋️লেখকঃ সমুজ্জ্বল ডেকা, ৰঙিয়া


উচ্চশিক্ষা লাভৰ বাবে প্ৰকাশ নামৰ ল'ৰাজনে হোষ্টেলত থাকে। প্ৰকাশে এদিন লগৰ বন্ধু এজনক ফোন কৰি ক'লে  - "হেল্ল' বন্ধু, তোমাৰ ঘৰলৈ অহাবছৰ যাই আছোঁ।" তেতিয়া লগৰ বন্ধুজনে ক'লে-  "বন্ধু, তুমি কাইলৈ আহি যোৱা। অহাবছৰলৈ আৰু কিয় পলম কৰি আহিব লাগে?"

          প্ৰকাশে তেতিয়া হাঁহি হাঁহি উওৰ দিলে- "বন্ধু, মই কালিলৈ যোৱাৰ কথাটোকে তোমাক কৈছোঁ। কাৰণ আজি ৩১ ডিচেম্বৰ আৰু কাইলৈ ১ জানুৱাৰী। যিহেতু ১২বজাৰ লগে লগে একে ৰাতিৰ ভিতৰতে অন্য এক নতুন বছৰ পাম।" বন্ধুজনে প্ৰকাশৰ কথাত আচৰিত হৈ ভাবি থাকোঁতে ৰাতিপুৱাল আৰু জীৱন নামৰ কিতাপখনৰ এটি নতুন অধ্যায় মেল খালে।

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...