জোনাকী সাপ্তাহিক ই আলোচনী
দ্বিতীয় বছৰ■জুন মাহ■দ্বিতীয় সংখ্যা
ধাৰাবাহিক উপন্যাস শিতান
⬛️ আগকথা:কিমান বিশ্বাস থাকিলে...কিমান বেছি ভালপোৱা থাকিলে....এজনী ছোৱালী এটা ল'ৰাৰ লগত এখন অচিনাকী চহৰলৈ গুচি আহিব বাৰু...
কিমান ধৈৰ্য্য থাকিলে এজনী ছোৱালীয়ে সহ্য কৰিব পাৰিব হাজাৰটা মিছা অপবাদ...???
আৰু কিমান ভালপোৱা থাকিলে...সমাজৰ চকুত বেয়া,কুলক্ষনী বুলি পৰিচিত এজনী ছোৱালীক বিশ্বাস কৰি লৈ নিজৰ পত্নীৰ মৰ্য্যাদা দিব পাৰিব...???
এই সকলো প্ৰশ্নৰ উত্তৰ পাব এই ময়ূৰপংখীত...! আশা কৰিছোঁ সকলোৱে পঢ়ি ভাল পাব...!
ময়ূৰপংখী
এটা শান্ত পৰিৱেশ... এখন নৈ বৈ গৈ আছে,শান্তভাৱে বলি আছে এজাক বতাহ... সন্ধিয়াৰ অস্ত যাবলৈ ধৰা সূৰুযৰ সোণোৱালী আভা বিয়পি পৰিছে বহু দূৰ-দিগন্তলৈ... সিহঁতৰ গাতো পৰিছেহি সেই আভা...অহ্...সিহঁত বুলি ক'লে আকৌ বুজি নাপাব নহয়... সিহঁত মানে ময়ূৰ আৰু পংখী...
নদীখনৰ এটা পাৰত থকা দলংখনত বহি আছে সিহঁত...কাষতে ফুলি থকা খৰিকাজাঁইজোপাৰ পৰা আহি থকা সেই সুগন্ধ...ময়ূৰৰ কান্ধত মূৰ থৈ চাই আছে পংখীয়ে সন্ধিয়াৰ অস্ত যাব ধৰা সূৰুজৰ সেই নান্দনিক দৃশ্য...
ময়ূৰ:- এনেকৈ আৰু কিমান দিন পংখী...
পংখী:- কি,কিমান দিন...?
:- কিমান দিন আৰু নিজৰ কষ্টবোৰ লুকুৱাই ৰাখিবি?
:- তই থাকোঁতে মোৰ আকৌ কিহৰ কষ্ট?
:- কিয়...? মই তোক বুজি নাপাওঁ নেকি হা ছোৱালী...! কিমান দিন সহ্য কৰি থাকিবি আৰু...?
:- অহ; একো নাই দে তই আছ নহয় বুজি পাবলৈ মোক... গোটেই সমাজে মোক বুজি নাপালেও... তইটো থাকিবি ন মোৰ লগত! নে তইও আঁতৰি...!
(তাইৰ কথা সম্পূৰ্ণ হবলৈ নিদি আঙুলিৰে তাইৰ ওঁঠ স্পৰ্শ কৰি কৈ উঠিল সি)
:- চুপ..! তোৰ পৰা আঁতৰি মই কাৰ লগত থাকিম হা? তোৰ বাহিৰে আছেনো কোন মোৰ... সদায় আছোঁ মই তোৰ লগত,তোৰ সাহস হৈ।
:- ব'ল যাওঁ কাম আছে ঘৰত... নহলে আকৌ সেই একেই...!
:- ওম,ব'ল যাওঁ।
বহাৰ পৰা উঠে দুয়োটা...যাব লওঁতেই ময়ূৰে পংখীক টানি বুকুৰ মাজত সোমোৱাই ললে... পংখীয়েও যেন এই মূহুৰ্তৰ বাবেই ৰৈ আছিল... তাইও জোৰেৰে সাৱটি ধৰিলে তাক... যেন কেতিয়াও এৰি নিদিব... উফ্... নিজৰ প্ৰিয় মানু্হজনৰ বুকুৰ মাজত সোমাই কিমান শান্তি অনুভৱ কৰা হয় সেয়া শব্দৰে প্ৰকাশ কৰা কঠিন... বাহুবন্ধনৰ পৰা ওলাই দুয়োটা যাব ধৰিলে...
এয়াই ময়ূৰপংখী... ময়ূৰৰ অবিহনে আজি চাগে পংখী আমাৰ মাজত নাথাকিলহেঁতেন... আৰু আপোনালোকেও চাগে এই কাহিনী পঢ়িবলৈ নাপালে হয়...!
আগলৈ...........!
উপন্যাসিকাৰ ঠিকনা: অনামিকা দেৱী
উত্তৰ লখিমপুৰ
যোগাযোগ নম্বৰ: ৮৪৭১৮৬৫১৮৯
-----------------------------
কবিতা শিতান
■নতুন ঘৰ
এছ, ইছলাম, শিক্ষক
পঃ মইনবৰী,বৰপেটা
আছিলোঁ বৰ আৰামত
পুৰণি ঘৰত
সুখৰ অনাবিল আনন্দ
বিৰাজ কৰিছিল তাত
নাছিল চিন্তা নাছিল ভাৱনা
হাঁহি মাতি গান গাইছিলোঁ
নাচিছিলোঁ ফুৰিছিলোঁ স্ফুৰ্তিত
মতলীয়া হৈছিলোঁ।
নতুন ঘৰলৈ আহি
পৰিলোঁ বিভিন্ন সমস্যাত
কাম ক্ৰোধ লোভ মোহ
মদ মাৎসৰ্যই বেৰি ধৰিলে
সৎপথ বিচাৰি নাপালোঁ
কটাকটি মৰামৰি
পৰিলোঁ হুলস্থুলীয়া পৰিবেশত
মিছা, ঠক আৰু প্ৰৱঞ্চনাই
ল'লে থিতাপি নতুন ঘৰত
হে প্ৰভু নতুন ঘৰত
দিবানে সুখৰ স্থান
🛑তোমাৰ প্ৰতিচ্ছবি
ৰুম্পী দাস , ৰাণীপুখুৰী , হোজাই
মোৰ দুচকুত বন্দী
তোমাৰ প্ৰতিচ্ছবি ,
তুমি নুবুজা কিয়
মোৰ দুচকুৰ গোপন কথা ?
মোৰ বিশাল হৃদয়ৰ
সমস্ত ভালপোৱা
কেৱল তোমাৰ বাবে ।
সেয়া তুমি নেজানিলা ,
তোমাক আজীৱন
মোৰ মৰমৰ হৃদয় বাকৰিত
স্বযতনে ৰাখিব বিচাৰিছিলোঁ।
যিমানেই দুখ দিছা
সিমানেই সহিছোঁ মই ,
তথাপি একেবাৰে পাহৰি
দূৰলৈ গুচি নেযাবা ?
প্ৰেমাসক্ত এখন ভৰসাময়
হাতৰ তলুৱাৰ স্পৰ্শ বিচাৰোঁ ।
⬛️ৰাহুল চেতিয়া তিনিটা কবিতা:
নিষ্ঠুৰতা
সময়ৰ সৈতে খোজ মিলাই
মানুহবোৰ সলনি হব ধৰিল,
অতীতৰ সাত বাইভনী
এতিয়া এক লগ হৈ থকা নাই
ইমান নিষ্ঠুৰ হল।
য'তে-ত'তে সংঘটিত হৈছে নানা হত্যাকাণ্ড।
কলিৰ আধিপত্যত ধৰ্মৰ থাকিবলৈ ঠাই নাইকিয়া হ'ল,
হত্যা, অপহৰণ, ধৰ্ষণ আৰু ক'ত কি ঘটনা সংঘটিত হৈছে
পৰুৱাৰ দৰে মানুহক মাৰিব ধৰিল,
জীৱ শ্ৰেষ্ঠ মানৱ আজি
পাষাণ দানৱলৈ পৰিণত ঘটিল।।
২)উপহাৰ
প্ৰতিশ্ৰুতি দিলে কি হব?
কালিলৈ যদি ভংগ হব,
অশ্ৰু অনাৰ শেষ পৰিত্যক্ত হৈ,
হাজাৰ কষ্টৰ ফলত অনাদৰ নকৰি,
জীৱনৰ শেষ মুহূৰ্তত
যদি দিয়া অনাবিল সুখ,
যদিহে অনাদৰ নকৰি
আদৰি লোৱা এই প্ৰতিশ্ৰুতি।
ফুল ফুলিলে কি হব?
কালিলৈ যদি মৰহি যায়,
হৃদয়ত স্থান দিলেনো কি কৰিবা?
যদিহে স্পন্দন নাইকিয়া হয়।।
🔴এগৰাকী প্ৰেয়সীৰ প্ৰয়োজন আছে
মোক এগৰাকী প্ৰেয়সীৰ প্ৰয়োজন আছে
যাৰ থাকিব বিশালতা, স্বচ্ছতা
যাৰ থাকিব সকলো দায়িত্ব সামৰি লোৱা মহানুভৱতা
যাৰ থাকিব সাগৰৰ দৰে গভীৰতা,
পানীৰ দৰে নির্মল,পবিত্রতা।
মোক এগৰাকী প্ৰেয়সীৰ প্ৰয়োজন আছে
য'ত থাকিব গভীৰ প্ৰেম আৰু ক্ষমাৰে পৰিপূৰ্ণ
মনৰ অসীম ধৈৰ্য আৰু উদাৰতা।।
🟪দেউতা মহান
আমিৰ হুছেইন আহমেদ ।
বকো,বামুনবড়ী,কামৰূপ |
তিনিটা বৰ্ণৰ সমষ্টি
মহান দেউতা শব্দৰ সৃষ্টি
ত্যাগ আৰু কষ্টৰ আকৰ
প্ৰেৰণাৰ উৎস-- ভয় ভক্তিৰ সাগৰ
অতুলনীয় যাৰ দায়িত্ব জ্ঞান
আঙুলিত ধৰি শিকায় আদিপাঠ
অপত্য স্নেহ-বন্ধনৰ আকৰ্ষণ
বুকুখন যেন সাহসৰ ৰাজপাট,
তিল তিল কৈ কৰে প্ৰতিপালন
সাফল্যৰ আধাৰ--নাই কোনো ব্যৰ্থতা
সেইজনেই কষ্ট সহিষ্ণু মৰমৰ দেউতা।
হৃদয়ত অলেখ আশাৰ সপোন
নিয়ম শৃংখলাৰ আদৰৰ শাসন
মানুহ গঢ়াৰ নিৰলস প্ৰচেষ্টা
ভাগ্যবান দেউতাৰ সাৰ্থক পথ
ভাগ্যহীনৰ বিফল মনোৰথ
জীৱন পৰিক্ৰমাৰ শেষ পৃষ্ঠা।
যোৰা তাপলি দিওঁতে দিওঁতে
উটি ভাঁহি যায় জীৱন
বৃদ্ধকালে কৰে মহা আমন্ত্ৰণ
হাতৰ লাখুটিয়ে শেষ অৱলম্বন
সেই মহান দেউতাৰ স্থান নহওক
পদপথ বা চৰকাৰী বৃদ্ধাশ্ৰম - - -!!
⚪প্ৰেমিক চৰাই মই (ছিৰিজ ২১৩)
হাইছ উদ্দিন আহমেদ
পূব কুটায়নী,মধ্যশিয়ালমাৰী,নগাঁও
বৰষুণৰ মাজতে হঠাৎ জোনাকীটোক বিচাৰি পালোঁ
সেমেকা বুৰবুৰণি শব্দৰ পৰাই।
শ্ব শ্ব শব্দটি বিশ্লেষণ কৰিব নোৱাৰি
কেঁচা বনত গছকি দিলেই
চিনি পাওঁ জোনাকীটোক।
শব্দই বহু কথা কৈ গৈছিল বৰষুণৰ সময়ত
আৰু ৰ'বলৈ ধৈৰ্য নাছিল বৰষুণৰ বতৰত।
কোন ফালে ফালুকীমাৰি উৰা মাৰি গৈছিল?
সূৰ্য্যৰ ৰশ্মি বিচাৰি জোনাকীটোৱে
মুখখন বেকা কৰি কৈছিল ।
আজিৰ পৰা মোক সদায় লগ পাবা
বৰষুণ আৰু ৰ'দৰ সৈতে যেতিয়া স্পৰ্শ কৰিবা ।
--------------------------------------
🟥কমৰেড ককাইদেউ
মেঘালী বৰা
গুৱাহাটী, হেঙেৰাবাৰী।
কমৰেড
তুমি আছিলা জনতাৰ শিল্পী
অসমৰ নৈয়ে বনে গাঁৱে
চহৰে নগৰে ঘূৰি ফুৰা
অঘৰী যাযাবৰী জীৱন কটোৱা
সঁচা অসমীয়া ।
তুমিয়েই আছিলা জনতাৰ হৈ মাত মাতোটা
জনতাৰ হৈ কান্দোতা ।
নিপীড়িত জনতাৰ শিল্পী ।
তুমি আছিলা অফুৰন্ত কলা শিল্পৰ ভঁড়াল ।
তুমি আছিলা হালোৱা- হজুৱা
কৃষক শ্ৰমিক মজদুৰৰ বন্ধু ।
কমৰেড তুমি জানানে
অসমীয়া জাতিটো নিখোজ হ'বলৈ গৈ আছে ।
ভাষা মাটি ভেটি জাতি যায় যায় ।
এতিয়া আমাক তোমাৰ দৰে
অক্লান্ত বিপ্লৱী শিল্পী লাগে ।
তুমি আছিলা সুৰকাৰ, গায়ক অভিনেতা চিত্ৰশিল্পী ।
তুমিয়েই কলাগুৰু বিষ্ণু ৰাভা ।
তুমি আছিলা অসমীয়া সাংস্কৃতিক
সৌধৰ সৃষ্টিশীল খনিকৰ ।
সুন্দৰৰ পূজাৰী জনসেৱক প্ৰকৃত শিল্পী ।
তুমি আছিলা মানুহৰ শিল্পী ।
তুমি চাব খোজা বৰ অসমখন
বৰ অসম হৈ থকা নাই ককাইদেউ ।
তুমি গঢ়িব খোজা ন অসমৰ খুটা থৰক - বৰক হৈছে ।
বিদেশীয়ে আহি বৰঘৰত পীৰা পাৰি বহিছে ।
মাত মাতোটা কোনো নাই ককাইদেউ ।
জাতিৰ সংকট কালত সঠিক পথত
আগুৱাই নিবলৈ তোমাক লাগে
কমৰেড ককাইদেউ তোমাক লাগে ।
তুমি আকৌ আহাঁ ছদ্মবেশ ধৰি
আমাৰ মাজলৈ ।
পাহাৰে পৰ্বতে লুকাই ঢালি দিয়া বিপ্লৱী সত্তা ।
এটা কথা জানানে ?
বৰমুৰীয়া সকলে
আইৰ মুখৰ মাত কাঢ়িনি
পঢ়াশালীবোৰত হিন্দী ভাষা
বাধ্যতামূলক কৰিবলৈ
গভীৰ ষড়যন্ত্ৰ চলাইছে ।
ভৰিৰ তলৰ মাটিখিনিটো শেনচকু পৰিছে ।
অসমীয়াৰ অস্তিত্ব বুলিবলৈ একোৱেই নাথাকিব । আটাইতকৈ লাজৰ কথাটো কি জানা
আইৰ মুখৰ মাতটো নাইকিয়া হ'বলৈ গৈ আছে
অসমীয়া জাতীয় সত্বা শেষ হ'বলৈ
বেছি দিন নাই অ' ককাইদেউ ।
তুমি আকৌ আহাঁ গীতেৰে সুৰেৰে
মুৰ্মূষু অসমীয়াক জগাই তোলিবলৈ
তুমি আকৌ আহাঁ
হাতত তুলি লোৱা চিফুং বাঁহী ।
🟥দেউতা
অভিমানী ছোৱালী অনুস্কা
চামতা (নলবাৰী)
বুকুত অযুত দুখ সামৰি
মগজুত হেজাৰটা চিন্তা লৈ,
সন্তানৰ মুখত হাঁহি দেখিলে
সকলো পাহৰি যোৱা জনেই দেউতা।
আমাৰ হাঁহিৰ বাবে নিজৰ
দুখবোৰ লুকুৱাই ৰাখে,
আমাৰ সফলতাত যাৰ চকুত
সুখৰ চকুলো বিৰিঙে তেৱেঁই দেউতা।
সন্তানৰ প্ৰতিটো সমস্যাত
বাধা হৈ আগত থিয় দিয়ে,
চিনেমাত দেখুওৱা নায়কৰ দৰেই
বাস্তৱ জীৱনৰ নায়ক তেওঁ দেউতা।
তেওঁ কেতিয়াও মৰমবোৰ
প্ৰকাশ নকৰে কিন্তু,
প্ৰতিটো গালি, ধমকিত যাৰ
মৰম প্ৰকাশ পায় সেইজনেই দেউতা।
সন্তানৰ প্ৰতিটো সপোন পূৰণৰ বাবে
নিজৰ সকলোখিনি ত্যাগ কৰা
সেই মহান ব্যক্তি জনেই দেউতা।
দেউতা বুলিলেই এডাল বটবৃক্ষ
যাৰ ছাঁ সন্তানৰ ওপৰত থাকে,
আৰু যাৰ ওপৰত নাই তেওঁ বুজে
ৰদৰ তাপ কিমান প্ৰখৰ হয়।
পৃথিৱীৰ প্ৰতিজন দেউতালৈ
শত - সহস্ৰ প্ৰণাম
ভালে থাকক সকলো দেউতা।
🟦ৰিমঝিম বৰ্ষা
শান্তা দাস।
বর্ষা শিক্ত পুষ্য বাটিকাত,
থোপা থোপা বাৰ-ৰঙি ফুল।
মুগ্ধ চাৱনিতে তৃপ্ত নয়ন,
অবাক দৃষ্টিৰ শ'ত-ৰঙিন ফুল।
উৎদণ্ড গতিত বর্ষিছে অবিৰাম,
গুৰগুৰ কঁপিছে আকাশ পাতাল।
দিগন্ত নেওচি বিজুলীৰ ধমকত,
ৰিমঝিম বর্ষণে প্রকৃতি মাতাল।
নাই হুৰ-হুৰ, চিক-চিক পক্ষীৰ গুঞ্জন,
নীৰব-নিশ্চুপ শান্ত শব্দ দূষণ।
কেৱল ৰিমঝিম বৰষুণৰ ধাৰা,
টোপ-টোপ নিৰাধাৰ ভাৰী বাৰিষণ।
বাৰিষাত অসমী আইৰ অপৰূপ সৌন্দৰ্য্য,
চাই যোৱা তোমালোকে নয়ন মেলি।
ময়ূৰ ঝংকাৰে টুংটাং ধ্বনিয়ে,
কৰে শান্ত চিত্ত,আঁখি, মন আৰু হৃদয় বেলি।
আহিছে আষাঢ় আহিব শাওন,
সাজিছে প্রকৃতি অপৰূপ ভৰপুৰ।
সুদূৰ দৃষ্টিত ৰূপালীম অথিৰ,
নদী খাল-বিল পানীৰে টইটুম্বুৰ।
⬛পাৰিলে ক্ষমা কৰি দিবা
✍️ শিল্পী দাস
ভালুকমাৰী, নগাঁও
জান,শুনা না ...
পাৰিলে ক্ষমা কৰি দিবা।
তুমি মোৰ বৰ প্ৰিয়,
প্ৰাণৰ জান বুলি ভবা।
গোটেই পৃথিৱীৰ
সমস্ত ভালপোৱা তোমাকলৈ,
স্বযতনে সাঁজি ৰাখিছোঁ
মোৰ হৃদয়ৰ সংগোপনে।
তুমি চাগে ঠিকেই কৈছা ...
তোমাক ভাল নাপাওঁ
তোমাক বিশ্বাস নকৰোঁ
তোমাক নুবুজোঁ,
ঠিকেই কৈছা।
তেনে শুনা ও জান,
পাৰিলে ক্ষমা কৰি দিবা।
এটা কথা কওঁনে?
তুমি যদি অনুমতি দিয়া...
হ'ম, দিলোঁ।
জানানে জান...
মই মাথোঁ তোমাৰ হ'ব বিচাৰোঁ
তোমাৰ কাষত শান্তি খোজোঁ,
তোমাৰ কথাৰ ধ্বনিত
মই জীয়াই থকাৰ প্ৰাণ পাই উঠো
সঁচাকৈ কৈছোঁ।
ঐ তুমি, মিছাকৈ ক'লোঁ
ভাবিলা ন ?
হ'ব একো নাই।
তেনে শুনা...
পাৰিলে ক্ষমা কৰি দিবা।
মোৰ অতি প্ৰিয়, জান...
প্ৰতিপল ভালে থাকিবা দে।
পাৰিলে ক্ষমা কৰি দিবা।।
🟪হৃদয়ৰ লাইব্ৰেৰী
অসীম গগৈ
ফুটাহোলা ন গাওঁ ডিব্ৰুগড়
হৃদয়ৰ লাইব্ৰেৰী পৰা অাজি
তোমাৰ স্মৃতিবোৰ ওলিয়াই
অলপ সময় অতিবাহিত কৰিলোঁ।
নিৰবে থাকিলো বহু সময়,
হাঁহিলো অলপ,
নদী পাৰত শীতল বতাহৰ
পৰশ ললোঁ।
চেচা লাগি গ'ল বুজিছা,
পৃষ্ঠাবোৰ লুতিয়াই গলোঁ………।
দুখনমান পৃষ্ঠা এৰি দিলো,
তাত দুখ অাছিল সপোন ভঙাৰ…………।
তুমি খঙত অভিমান কৰা অাৰু
কাল অান্ধাৰে অাবৰি ধৰা
দুঃসময়ৰ কিছুমান টোকা !
হৃদয়ৰ লাইব্ৰেৰীত মোৰ ভাল লগা পৃষ্ঠা
শান্তি অাৰু মৰম।
তাত অাছে সৰুতে অায়ে
পিটিকি পিটিকি খুৱাই দিয়া
ভাত কেইগৰাহ অাৰু
দুষ্টামি কৰোঁতে চেৰেকনি
এচাৰিয়ে মৰা কোবকেইটা।।
🟪তোমাৰ প্ৰতিচ্ছবি
✍🏻 ৰুম্পী দাস
ভালুকমাৰী
ৰাণীপুখুৰী , হোজাই
মোৰ দুচকুত বন্দী
তোমাৰ প্ৰতিচ্ছবি ,
তুমি নুবুজা কিয়
মোৰ দুচকুৰ গোপন কথা ?
মোৰ বিশাল হৃদয়ৰ
সমস্ত ভালপোৱা
কেৱল তোমাৰ বাবে ।
সেয়া তুমি নেজানিলা ,
তোমাক আজীৱন
মোৰ মৰমৰ হৃদয় বাকৰিত
স্বযতনে ৰাখিব বিচাৰিছিলোঁ।
যিমানেই দুখ দিছা
সিমানেই সহিছোঁ মই ,
তথাপি একেবাৰে পাহৰি
দূৰলৈ গুচি নেযাবা ?
প্ৰেমাসক্ত এখন ভৰসাময়
হাতৰ তলুৱাৰ স্পৰ্শ বিচাৰোঁ ।
🟥তুমি শিল্পী অনন্য
বিৰাজ বল্লভ নাথ
খগা, লখিমপুৰ
বিপ্লৱী মনৰ গৰাকী,
সুন্দৰৰ পূজাৰী তুমি
অসমৰ, ভাৰতৰ, বিশ্ববিশ্ৰুত
স্বনামধন্য শিল্পী তুমি জগতৰ ।
ইন্দ্ৰধনুৰে লিখা বৰ্ণময়ী, আলোকময়ী
এটি এটি কবিতা তুমি নৱ প্ৰভাতৰ ।
সুৰৰ স্ৰষ্টা তুমি,
গীতৰ নৱৰূপ গঢ়োতা তুমি
তুমি *ৰূপকোঁৱৰ* আমাৰ প্ৰাণৰ ।
অতীতৰ তুমি, বৰ্তমানৰো তুমি
আলোক পথৰ যাত্ৰী
*জ্যোতিপ্ৰসাদ* তুমি ভৱিষ্যতৰ ।
সেউজীয়া পথাৰত ৰৈ প্ৰকৃতিৰ গীত গোৱা,
লাজুকী কুঁৱৰীৰ প্ৰেমৰ পৰশত
শ্যামকাণুৰ বেণুৰ তালে তালে,
লুইতৰ দুখ বুজি ডেকালʼৰাক জাগ্ৰত কৰা
তুমি অনন্য শিল্পী এই জগতৰ ।।
🟪জ্যোতিৰ বন্দনা
দৃলীনা দাস।
হে মহান কবি
কৰিবো তোমাক প্ৰণাম
ৰচিলা দেশৰ জাতীয় স্বাভিমান ।
অসমৰ নবীন জোৱানৰ সংকল্পৰে
ৰচিলা আজিৰ গানৰ সুৰ
ফুলি ৰল আগবাৰীত সোনে
মোৰ চম্পা ।
অসমীয়া ভাষাৰ কাৰনে
কৰিব প্ৰাৰ্থনা,
গছে গছে পাতি দিলে
চৰাইৰ বনৰীয়া থাপনা ।
কম্পুৰ সপোনে
লুইতৰ পাৰৰ ডেকা লৰাক
কৰি দিলে সাৱধান , সাৱধান ।
কোন কত আছ
কোন কোন আহিছ আইক পুজিবলৈ?
গাঁৱৰ জীয়ৰী, পগলা খেতিয়ক লগত
মতোয়াল বনুৱাই লিখি দিলে
বুৰঞ্জী কাঞ্চনজংঘাৰ।
আমাৰ সখিয়ে আকুলে বিয়াকুলে
সেউজীক কৰি
ললে চিৰ বিদ্ৰোহী।
মহা মানৱ, এতোৱাৰীৰে
চিত্ৰলেখা ই কৰি তুলিলে
তোৰে মোৰে যাত্ৰা আলোকৰ।
⬛কৰ্মই আমাৰ ধৰ্ম
আয়নাল হক চৌধুৰী
ধুবুৰী , আগমণি
পাম পাম বুলি
হাত সাৱটি বহি থাকিলে
প্ৰাপ্তি জানো আহিব নিজে নিজে ?
এবাৰ দুবাৰ ব্যৰ্থ হ'লোঁ বুলি
ভাগ্যক ধিয়াই থাকিলে
ভাগ্য পৰিৱৰ্তন নহয় কোনোদিনে।
সফলতা আহিব কৰ্মৰ দ্বাৰা
সপোন পূৰ্ণ হ'ব চেষ্টাৰ দ্বাৰা
তেনে হতাশ কিয় হ'ব লাগে ?
হেঁপাহতে থাকে কৰ্মৰ প্ৰেৰণা।
সাহস আৰু উদ্যমেই আনে কৰ্ম-দক্ষতা।
বিফলতাক প্ৰশ্ৰয় দি
কৰ্ম বিমুখ হ'লে
ভাগ্য নিজে নিজে নগঢ়ে।
কৰ্মই আমাৰ প্ৰকৃত মূলধন।
কৰ্মই হ'ল সফলতাৰ চাবিকাঠী।
মনৰ দৃঢ়তাৰে আগবাঢ়ি
জীৱনৰ লক্ষ্যত উপনীত হ'বলৈ
মানি ল'বই লাগিব
কৰ্মই আমাৰ ধৰ্ম বুলি।
তেতিয়াহে উদয় হ'ব
ভাগ্যৰ ৰক্তিম বেলি
আৰু বুকু ফিন্দাই ক'ব পাৰিম
কৰ্মতে উজ্বলে
জীৱনৰ সেন্দূৰীয়া আলি।
🟦এথোপা ফুল
কবি:- নাছিৰ আহমেদ,
শিমলাবাৰী গোৱালপাৰা
তুমি মোক এথোপা ফুল উপহাৰ দিয়া,
মোৰ নয়ন দুটি তোমাৰ হাতত তুলি দিম।
মোৰ হৃদয়-কাননৰ এচুকত
ফুলৰ পুলিটি সযত্নে ৰুই দিম
চকুৰ নিমখীয়া পানীৰে
ফুলৰ পুলিটিৰ গুৰিত সাৰ আৰু পানী দিম,
বুকুৰ কেঁচা তেজেৰে ফুলৰ কোঁহে কোঁহে
ঢালি দিম তাপ আৰু শক্তি।
ফুলৰ সৌন্দৰ্য্যৰ সুৰাৰ ৰাগীত মই উটি ভাঁহি ফুৰি
দুখৰ কাঁইটবোৰ দুহাতেৰে উভালি পেলাও,
ফুলৰ ৰস-সাগৰত ডুব দি সাঙ্গীতিক লহৰ তোলো ,
ফুলৰ সুঘ্ৰাণ টানি সপ্ত স্বৰ্গৰ দ্বাৰ উন্মুক্ত কৰো ।
হে মোৰ প্ৰাণ প্ৰিয়া !
মোক এথোপা ফুল উপহাৰ দিয়া,
মোৰ নয়ন দুটি তোমাৰ হাতত তুলি দিম !
🟥দুলড়ী কবিতা
🌺ৰাধা কৃষ্ণৰ প্রেম 🌺
ছেলিমা বেগম
মেলেকাধিং,নগাঁও
ৰাধা যায় যেন যমুনাৰ ঘাটে
কৃষ্ণ যায় পিছে পিছে
ৰাধাৰ বিনেই কৃষ্ণ অসহায়
ৰাধা যে তোমাৰ আছে।।
বাঁহী হাতত লৈ বজায় শ্ৰীকৃষ্ণ
ৰাধা সুৰত মুহীত
ৰাধাই কৃষ্ণৰ বাহুত মূৰ থৈ
আনন্দ পায় মনত।।
ৰাধা যায় যেন যমুনা ঘাটত
কাষতেই কলচী লৈ
পিছে পিছে যেন শ্ৰী কৃষ্ণই যায়
হাততে বাঁহীখন লৈ।।
কৃষ্ণৰ বুকুত ৰাধাৰ গোন্ধটো
বিয়পি থাকে সদায়।
ষোল হাজাৰ গোপীৰ লগত
নৃত্য কৰেই সদায়।।
প্ৰেম লীলা হয় কৃষ্ণৰ লগত
ক'ত ৰাধা ক'ত ৰাধা
কানাই বিনায় গোপীৰ লগত
আঁৰ চকু চাই ৰাধা।।
⬛বন্ধুত্ব
দেইজী কাৰ্খ বৰদলৈ
বন্ধুত্ব মানে হৈছে আটাইতকৈ ভাল সম্পৰ্ক।
যিটো বন্ধুত্ব একমাত্ৰ মৰম আৰু গভীৰ।
বন্ধুত্ব হৈছে সকলোৰে জীৱনলৈ সুখ দুখ
প্ৰতিটো সময়ত আমাক অতি প্ৰয়োজনীয়।
জীৱনত আমি বহুতো বন্ধু লগ পাও
কিন্তু সকলোৱে আমাৰ আটাইতকৈ ভাল
বন্ধু বা প্ৰকৃত বন্ধু নহ'বও পাৰে।
ভাল বন্ধু সেইজন যিজনে আমাৰ সুখ দুখত লগত থাকে।
আৰু আমাৰ ভাল বেয়া আঙুলিয়াই দিয়ে
প্ৰকৃত বন্ধু সেই জন যিয়ে আমাক বিপদত সাহস দিয়ে।
ভাল বন্ধু এজনে সদায় আমাক আনতকৈও ভালদৰে বুজি পায়।
প্ৰকৃত বন্ধুত্বৰ কোনো নিৰ্দিষ্ট বয়সৰ সীমা নাথাকে।
যিকোনো ধৰণৰ ব্যক্তি
আমাৰ বন্ধু হ'ব পাৰে।
ভাল বন্ধু বাচনি কৰোঁতে সদায় সাৱধান হ'ব লাগে ।
কাৰণ প্ৰকৃত বন্ধুই আমাৰ জীৱনত সুখময় কৰা তোলাৰ বিপৰীতে বেয়া বন্ধুই আমাৰ জীৱন ধ্বংস কৰি পেলাব পাৰে।
🟪সপোন সপোন যেন লগা এজাক বৰষুণ
বিজুলতা পায়েং,গোগামুখ
সপোন সপোন যেন লগা এজাক বৰষুণ
নামি আহিল মোৰ মৌন হৃদয়ত ,
তিয়াই থৈ গ'ল দুচকুৰ পতাত
অশ্ৰুৰধাৰাৰ এবুকু প্ৰেমৰ বোৱতী নৈ |
সপোনৰ বৰষুণজাকত হাবাথুৰি খাইছো
এটি ঠিকনাবিহীন পৰিচয়ৰ
য'ত নাই
কোনো জীৱনৰ অস্তিত্ব
নাই কোনো জীয়াই থকাৰ প্ৰেৰণা
কেৱল মাথোঁ
ব্যথিত প্ৰেমৰ এক জীৱন গাঁথা |
সপোন সপোন যেন লগা এজাক বৰষুণ
হয়তো এদিন এনেকৈয়ে হেৰাই যাব
নুবুজা সাঁথৰ হৈ
কোনেও নজনাকৈ ,নুবুজাকৈ
শব্দৰ সীমনাত নিঃশেষ হ'ব
তোমাৰ প্ৰেমৰ ঠিকনা ||
🟦তোমাৰ প্ৰেমৰ সুবাস
চুমিয়া আকতাৰা
উদমাৰী, নগাঁও
তুমি ক'ৰ বাৰু ৰূপহী
প্ৰকৃতিৰ সাজ পিন্ধি
মোৰ ইচ্ছা হৈ জাগিলা
তুমি ফুল নে সুগন্ধি?
তোমাৰ সোণালী হাঁহিয়ে
মোৰ ঘুমটি ভাঙিলে,
কিযে লগালা প্ৰীত
তুমি কবিতা নে গীত?
তৰা হৈ জিলিকি
জোন হৈ পোহৰ দি
পূৰ্ণ কৰিলা মোৰ আধৰুৱা গীতক
তুমি স্বপ্ন নে দিঠক?
বুকুৰ ফুলৰ প্ৰলেপ,
পখিলাৰ নাচোন,
কেতেকীয়েও বিনাই
তোমাৰেই গুণ গাই।
তৰু-তৃণ লতিকাৰো ভাঙিল চমক
তোমাৰ সৌন্দৰ্য্য ৰূপত।
বিচাৰি ফুৰিছো তোমাক
প্ৰকৃতিৰ ৰূপহী বনত।
কেতিয়াবা মন যায়
বৰ লুইতৰ বুকুৰ পৰা
তোমাক ৰিঙিয়াই মাতিম
একেলগে ফুলৰ মালা গাঁঠিম।
তোমাৰ প্ৰেমৰ সুবাসে
মোৰ হৃদয়ত ছবি আঁকিলে,
অস্থিৰ মোৰ মনে
শান্তি লভিলে।
⬛পাহাৰে কান্দিছে
মেঘালী বৰা,গুৱাহাটী।
আজি পাহাৰে কান্দিছে
হেৰৌ জীৱ শ্ৰেষ্ঠ মানৱ
মোৰ বুকু কুৰুকি কুৰুকি
নিঃশেষ নকৰিবি।
তহঁতৰ বুলডেজাৰ,হাতুৰী ,বতালিৰে
মোৰ বুকুত আঘাত কৰি
মোৰ কুয়েৰী ধ্বংস কৰিলি ।
থিয় কৰাইছ' বৰ বৰ অট্টালিকা
নেথাকিব তহঁতৰ ফোপোলা আভিজাত্য ।
মনত ৰাখিবি সহ্যৰো এটা সীমা আছে ।
ময়ো আইৰ কোলাত শান্তিৰে শুব বিচাৰোঁ।
যিদিনা মোৰ খং উঠিব
তহঁত কোনো সাৰিব নোৱাৰিবি।
ভূমিস্থলনৰ
প্ৰলয়ংকাৰী ৰূপ ধৰি গিলি পেলাম
মোৰেই গৰ্ভত
🟥লাচিত বৰফুকন
আহচান মাৰীফ
ছয়শ বছৰীয়া ইতিহাসৰ,
বিজাৰিত পৰাক্ৰমী জাতি আহোমৰ।
লুখুৰা-খন ফৈদৰ লান ফিমা বংশৰ,
অপৰাজেয়, সাহসীয়, পৰক্ৰমী, অসমীয়া জাতিৰ স্বাভিমান, আৱেগ, সূপুত্ৰ লাচিত বৰফুকন।
১৬২২ চনৰ ২৪ নৱেম্বৰ তাৰিখে গড়গাৱৰ নিছেই কাষত,
মোমাই তামুলীৰ ঔৰসত জন্ম হয় লাচিতৰ।
ৰাজনৈতিক জীৱন আৰম্ভ কৰে,
"হাচতিধৰা তামুলীৰ" পদত অধিষ্ঠিত হৈ।
পৰৱৰ্তী কালত চক্ৰধ্বজ সিংহই তেওঁৰ বীৰত্বক উমান পায়,
সেনাপতিৰ পদত অধিষ্ঠিত কৰাই।
সেনাপতি পদত অধিষ্ঠিত হৈ,
গুৱাহাটীক উদ্ধাৰৰ কামত ন্যস্ত হৈ,
মীৰজুমলাক বন্দী কৰে, গুৱাহাটী নিজৰ অধিকাৰত আনে,
অৱশেষত অসংখ্য শক্তিৰ অধিকাৰী, মোগল সেনাই,
ক্ষোপ্ত হৈ আহোমৰ প্ৰতি,
লিপ্ত হৈ আলাবৈ যুদ্ধত,
একে ৰাতিত প্ৰাণ হেৰাই বহু হাজাৰ সৈন্যই।
মোগলে গায় বিজয়ৰ গান।
শৰাইঘাট ৰণৰ ঘোষনা হয়,
নৰিয়াত আক্ৰান্ত লাচিতে,
গড় বান্ধিবলৈ মোমায়েকক দায়িত্ব দিলে।
গড় বন্ধা কামত অৱহেলা কৰে,
"দেশত কৈ মোমাই ডাঙৰ নহয় "
শ্লগানেৰে মোমায়েকক দুইখণ্ড কৰে।
একে ৰাতি গড় বান্ধি মোগলৰ বিৰুদ্ধে যুঁজদি অৱশেষত,
বিজয়ৰ ছাতি মূৰত বান্ধে।
শৰাইঘাটৰ ৰণৰ অন্তত
পানী লগা জ্বৰত আক্ৰান্ত হৈ
ইহলিলা সম্বলিত কৰে।
"জয় আই অসম"
🟦বন্ধ খিৰিকী
ৰাতুল চেতিয়া ফুকন
চৰাইদেউ।
খিৰিকী খন কোনেও নোখোলে
খুলিবলৈ ভয় কৰে।
খিৰিকীৰ সিপাৰে কি আছে
দেখা নাই কোনেও
তথাপি
খিৰিকী খন খোলাৰ কথা কলেই
বিতত হয় সকলো ।
অথচ
এইখন খিৰিকীৰে এদিন
চিনাকি চৰাইজনী উৰি যাৱ
সযতনে পোহা চৰাইজনী ।
কোনেও ৰাখিব নোৱাৰে ধৰি
কাৰো সাধ্য নাই ।
খিৰিকীৰ সিপাৰে অনেক কাহিনী আছে
সঁচা মিছা নাজানো
সকলোৱে কয় ।
মানুহে ভাৱে
খিৰিকী খন সদায় বন্ধ হৈ থাকক
কিন্তু নাথাকে
এদিন আপোনা আপোনি
খোল খাই ।
খিৰিকীৰ সিপাৰৰ কাহিনীৰ এটা চৰিত্ৰ হ'বলৈ
সকলো উলাই যায়
খিৰিকীৰে ।
এখন বন্ধ খিৰিকী।
🟦ভৱা নাই তোমাক
- মাৰ্জিনা বেগম, বৰপেটা
তোমাক ভৱা নাই
এনেকৈ ভাৱিলে যে মোৰ
নিলিখা উপন্যাসৰ পাতত
নাথাকিব কোনো নাৰী ;
তেনেকৈ কথা নহ'লেও
যিখিনি আছে মনৰ গভীৰত
নিয়ৰ সিক্ত সেয়া অন্য পুৱতি ;
বন্ধ কোঠা , খোলা খিৰিকী
কেতিয়াবা এপিয়লা মদিৰা
শেষ নোহোৱা এটি কবিতা
সকলো অবান্তৰ ....
তথাপি জানানে
তোমাক ভাল নাপালে
প্ৰাণ ধাৰণ নকৰে দেহে ;
নিৰ্ধাৰিত দিনত কুঁৱলীত তিতা
আধা অন্ধ তিমিৰ ঊষা
পৰাজিত সময়........
হয়তো এয়াই জীয়াই থকা ;
শিৰোনাম নোহোৱাকৈয়ে
বক্রতা নাসানি কওঁ ---ভালে আছোঁ
তথাপি জানা বাট বুলোতে
বহুতকে কিয় জানো
তুমি যেন লাগে ।।
🟥সত্যৰ প্ৰতিনিধি মানুহ
লখিমী শৰ্মা
যোৰহাট
লানি নিছিগাকৈ
সূৰ্যৰ পৰা পোহৰ
নিগৰাৰ দৰে ,
পৃথিৱীলৈ মানুহ
আহিছে আৰু গৈছে
এই অহা যোৱাৰ
কাৰণ কি ,
নাজানে মানুহে
হাতৰ মুঠি খোল খালেই
হাতৰ আঙুলিৰ ফাঁকেদি ,
পাৰ হৈ যায় এটা যুগ
পৃথিৱীৰ সৌন্দৰ্য বিচাৰি
হাবু - ডুবু খোৱা মানুহ ,
যদিওবা সমাজপ্ৰিয়
তথাপি মায়াত আৱদ্ধ
দুখবোৰে হাঁহি - হাঁহি
বুকুত সুমুৱাই ল'ব পাৰে মানুহক
আকৌ দলিয়াই দিব পাৰে
আগ্নেয়গিৰিৰ লাভা ,
পাহাৰখনৰ সিপাৰলে'
অস্থিৰ উত্তাল জোৱাৰে
উটাব নোৱাৰে মানুহৰ প্ৰজ্ঞা
সেউজীয়া ঋতুৰ প্ৰেমত ,
এন্ধাৰতো উজলি মানুহ থাকে
চিৰন্তন সত্যৰ প্ৰতিনিধি হৈ ..... ।
No comments:
Post a Comment