Thursday, June 29, 2023

জোনাকী সাপ্তাহিক ই আলোচনী,দ্বিতীয় বছৰ জুন মাহ তৃতীয় সংখ্যা

  

  জোনাকী সাপ্তাহিক ই আলোচনী

দ্বিতীয় বছৰ■জুন মাহ■তৃতীয় সংখ্যা





     কবিতা শিতান


⬜️আধৰুৱা সপোনৰ ঠিকনা বিচাৰি
ৰিমাশ্ৰী কোঁছ একাদশ শ্ৰেণী লক্ষীমপুৰ
                                  
                                

আধৰুৱা সপোনবোৰ বুকুত বান্ধি
ভাগৰুৱা হৃদয়ে লৈছে জিৰণি,
আকলুৱা হৃদয়ে পৰিছে ভাগৰি
নকৰিবা তাক আমনি।

উজাগৰী নিশা সি বাৰিষাৰ ঢল তোলে
বেদনাৰ সাগৰত প্ৰতিনিশা পাল নাওঁ তৰে,
হতাশাৰ সাগৰত পুনৰ ডুব যায় বিনিদ্ৰ ৰাতিবোৰ
এজন পথভ্ৰষ্ট পথিকৰ দৰে।

তাৰ জীৱনৰ সেন্দুৰীয়া বাটবোৰ লাহে লাহে ধূলি বালিৰে পোট খালে
সপোনবোৰো লাহে লাহে লোপ পাব ধৰিলে,
আশাবোৰো জাহ গ'ল জীৱনৰ চাকনৈয়াত
বিফলতাৰ বৰপেৰা লৈ উভতিল বাস্তৱৰ মায়াত।

তথাপিও হৃদয়ে হাৰ নামানে
অমানিশাৰ পোহৰতো জোনাকৰ মালা গাঁঠে ,
কল্পনাৰ সাগৰত বুৰ গৈ সপোনৰ আবিৰ সিঁচে ,
আৰু পুনৰ উভতি আহে বাস্তৱৰ মায়াবী পৃথিৱীলৈ ।

প্ৰাপ্তি অপ্ৰাপ্তিবোৰ বুকুত বান্ধি
আশা ভৰা হৃদয়ে আগবাঢ়ে জীৱনৰ বাটত,
--আধৰুৱা সপোনৰ ঠিকনা বিচাৰি ।

                        


     

⬛️কোন তুমি
  মাৰ্জিনা বেগম, বৰপেটা

কোৱা কোন তুমি?
শব্দ নে নিঃশব্দ ?
নে অন্ধকাৰ?
উত্তৰ নাই....
কলমৰ সীৰলু  নিষ্কম্প
আকাশ স্তব্ধ
নৈখনো আজি নির্বাক ।

কোন তুমি?
ধৰ্ম শাস্ত্ৰৰ পৃষ্ঠাত
উত্তৰ বিচাৰি পোৱা নাই
নিৰোত্তৰ ছক্রেটিছৰ দৰে
বিশ্ব বিখ্যাত বিজ্ঞানীৰ দল,
ইন্টাৰনেটত  বিচাৰি আজি  ক্লান্ত ।

কোন তুমি?
কি তোমাৰ ঠিকনা?
জন্ম, মৃত্যু, পোহৰ নে ছাঁ ?
পৰ্বতৰ জীয়ৰী পাৰ্বতী
নে তুমি অভিশপ্তা উৰ্ব্বশী ,
কোৱা,বিৰহিনী ৰাধা
নে তুমি  বিয়েট্ৰিছ ?


🟦জীৱন
দেইজী কাৰ্খ বৰদলৈ

মানুহ হৈছে মৰণশীল।
জন্মৰ পৰা মৃত্যু পৰ্যন্ত জীয়াই
থকা সময়খিনিয়েই হৈছে জীৱন।
কিন্তু জীৱনৰ দুৱাৰডলিত উপস্থিত হোৱাৰ
পিছত পাৰ কৰি অহা
জীৱন সম্পৰ্কে ভাবিলে আমি কি পাও???
কিছুমান মিছা অনুভৱ আৰু জীয়া স্মৃতি।।
এই স্মৃতি বোৰেই হৈছে দুই এটা মূহুৰ্তৰ মাথো।।
জীৱনত দুখ সুখ সকলো খিনি পোৱা যায়।
আমি মাথো সেই খিনি
চিন্তা চেতনাক নাকচ কৰা উচিত।
যি চিন্তা চেতনাই মানৱ জাতিক
আধুনিক কৰি গঢ়ি তোলাৰ নামত
জীৱনটোক অশান্তিৰ মাজলৈ
ঠেলা নি আছে।।।
আচলতে জীৱনটোনো কি???
জীয়াই থকাৰ উদ্দেশ্যনো কি???
আমি কেনেকৈ আমাৰ জীৱনটো যাপন কৰা উচিত।।
শৈশৱতে আমি জীৱন ধ্বংস সম্পৰ্কীয়
কথাবোৰ জনা হ'লে
হয়তোবা জীৱনটো
ইমান জটিল নহ'ল হেঁতেন

🟥নিৰ্মল পৃথিৱীৰ সমাধান বিচাৰি
  মোস্তাকিন শ্বেখ
    নৱম মান শ্ৰেণী ।
   নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয় ।

ৰাতিৰ আকাশত
মৌনতাই কৰিছে বিৰাজ,
কিছুমান প্ৰশ্নৰ সমাধান বিচাৰি
ময়ো নিৰুওৰ ।
বঠা নাইকীয়া নাওৰ দৰে
কেৱল স্বাৰ্থৰ পিছে পিছে,
মমতা নাই,দয়া নাই
বিবেক শক্তিও হেৰুৱায় ।
কিছুমান ব্যক্তিয়ে
সঘনে ৰূপ সলাই ,
নিজৰ বাবে আনৰ
অধিকাৰকো কাঢ়ি লৈ যায় ।
শুদ্ধ পথেৰে
পোহৰৰ বাটেৰে,
লৈ যাব লাগিব
ধৰাক আগুৱাই,
যিয়ে আনৰ দুখত
দুখ কৰিলে
সুখ বিচাৰি পায়,
তেওঁৰ বাবে স্বৰ্গতকৈও অধিক
সংসাৰ সুখৰ ঠাই ।
উওৰণৰ বাবে থৈ যাবানে
এখনি নিৰ্মল পৃথিৱী,
যাতে তেওঁলোকে ক'ব পাৰে
এয়া আমাৰ শ্যামল ধৰণী ।

     

কোন মই ??
শান্তা দাস।

মই এজনী নাৰী~~
মই কল্পকাহিনী ৰচয়িতা
মই উদাসীন মই বৰ অভিমানী,,

মই ৰৈদ্রানী,,,মই কল্যাণী
ময়ে অশ্রুশিক্ত চকু দুটাৰ ভাষা পঢ়া পৰম জ্ঞানী,,।।
মই স্নিগ্ধ পোহৰত সৰলতা অনুভৱকাৰিনী,,, হ্যাঁ ময়ে দৃষ্টি বিলাসিনী,,।।

~~~ মই নাৰী~~
হৰিণা নয়নৰ অধিকাৰিনী,,, ময়ে মায়াবিনী ,,ময়ে সুৱাসনি।
মই গর্ভধাৰনী ময়ে তোমাৰ জননী,,,

হয় ময়েই সেই মায়াবিনী প্রয়োজনত হিংস্র বাঘিনী,,,
হয় ময়ে আত্মৰক্ষাক, ময়ে শত্রুৰ বিপদ সংকুলক,,,

~~ মই নাৰী~
কেতিয়াবা ছলনাময়ী,,,তোমাৰ পথ ভ্রষ্ট কৰা আৰু তোমাক কৰ্তব্যৰ পৰা বিমোহিত কৰাৰ বাবে ময়ে দায়ী,

~~~মই নাৰী~~~
মই ৰক্ষক,ময়ে সৰ্বনাশী,
ময়ে আকৌ মূল্যবান ।।
মোক লৈ অহৈতুক দোষাৰোপ কৰা নিষেধ,,,
সঠিক সঙ্গী নির্বাচনত হ'ব পাৰো তোমাৰ পৰামর্শদাতাৰ কাৰণ।।

মই নাৰী আকাশ ভৰা মেঘক পৃথক কৰি মিচিকি হাঁহিৰে কথা ক'ব পাৰো,,, আমি বিহীন অসম্পূর্ণ প্রতিটো সংসাৰ ,,,
যদি সঙ্গ দিয়াৰ কথা কও,,,
সুখে দুখে তোমাৰ হাতত হাত ৰাখি নিজৰ যোগ্যতাৰ প্রমান বঢ়াও,,,

মই এক সুতাৰে সকলোকে বান্ধিব জানো,,,হয় মই তোমাৰ সহধর্মিণী,,।।

মোৰ পদে পদে ভুল,,, স্বৰ্গতে সৃষ্টি মোৰ অস্তিত্ব,,,,, মই অতিৰিক্ত বিচৰাতেই মচগুল`~~
মই বৰ ব্যকুল,,ভালপোৱাৰ প্রতীক মই ,,,, মই অনুৰাগী ফুল।।

মোৰ মাজতে আছে ভাল আকৌ মোৰ মাজতেই বেয়াই বিৰাজ কৰে। ,,,

স্বয়ং বিধাতাৰ পৰাই প্রাপ্ত মোৰ এই সম্মান,,
শেষত,,,,
ময়ে ধংস, ময়ে সৃষ্টি অনুগামী,,,
কিয়নো মই এজন নাৰী,,,,,।


🟪প্ৰেম এক প্ৰাৰ্থনাৰ নিৰ্মালি
সুৰজ বৰগোহাঁই ,ধেমাজি


প্ৰেম এক প্ৰাৰ্থনাৰ নিৰ্মালি
মই প্ৰাৰ্থনা কৰোঁ তোমাৰ প্ৰতিছায়াক
হৃদয়ৰ সমস্ত শৈয্য শক্তি যাচি
প্ৰাৰ্থনা কৰোঁ তোমাৰ ব্যক্তিত্ত্বৰ সৌন্দৰ্য্যক
আৰু দুগুণ সুন্দৰ কৈ দৰ্শন পাবলৈ ....

মোৰ শত সহস্ৰ শকতি ভকতি
তোমাৰ উজ্বল কৰুণাময়ী মুখখনিলৈ
হৃদয়ৰ ৰক্তিম পুষ্প সুগন্ধি হিচাপে কৰযোৰে যাচোঁ
তাৰ পোহৰত তোমাৰ বৰ্ণিল জ্যোতি
মোৰ দুচকুত আহি হাঁহে
ময়ো হাঁহো
পৰম তৃপ্তিৰে .... ক্লেশ পাঁহৰি  প্ৰেম ভাবেৰে

মই তোমাৰ পৰা একো নিবিচাৰোঁ
মই তোমাৰ প্ৰেমিক
প্ৰাৰ্থনাৰ নিশ্চল নিৰৱতাৰেই
মই যি বিচাৰি পাওঁ সেয়া অন্য এক অনুভূতি
কিন্তু সদায়ে তোমাক হাঁহি মুখেৰে
দেখিব বিচাৰোঁ
সেয়ে তোমাক মোৰ সমস্ত ভাল পোৱা যাচিলোঁ
প্ৰেম এক প্ৰাৰ্থনাৰ নিৰ্মালি...

                    
                                          
সুন্দৰৰ পূজাৰী আমি 
এছ,ইছলাম বৰপেটা


সুন্দৰৰ পূজাৰী আমি
কৰোঁ পূজা বিভিন্ন ভংগিমাৰ
বিভিন্ন স্থানে বিভিন্ন ধৰমৰ।

প্ৰাৰ্থনা স্তুতি নাম গুণ কীৰ্তন
আকাৰ নিৰাকাৰ নৈশ ধ্যানে
গুপুত ৰহস্য থাকে মনে মনে।

মন্দিৰ মচজিদ গীৰ্জা নামঘৰ
আল্লাহ-ভগৱান গড ও ঈশ্বৰ
সৃষ্টিকৰ্তা এজন মূলতঃ সৃষ্টিৰ।

সৃষ্টিকৰ্তাৰ সৃষ্টি আমি শ্ৰেষ্ঠ জীৱ
কাকো নকৰিবা হীনমন্যতা
হিংসা-বিদ্বেষ পৰিহাৰ কৰিবা।

ঈশ্বৰৰ প্ৰভুত্ব সৰ্বজনবিদিত
তেঁৱে স্ৰজিলে সমস্ত জগত
চোৱা,বেদ-পুৰাণ কোৰাণ-ভাগৱত।



🔴চুমিয়া আকতাৰাৰ দুটি কবিতা

(১)আমি হ'ম তুমি আৰু মই

তুমি যদি সূৰ্য হোৱা
পোহৰ হ'ম মই।
তুমি যদি তৰা হোৱা
চমক হ'ম মই।
তুমি যদি ফুল হোৱা
সুগন্ধি হ'ম মই।
তুমি যদি পানী হোৱা
পিয়াহ হ'ম মই।
তুমি যদি সাগৰ হোৱা
ঢৌ হ'ম মই।
তুমি যদি সন্মতি দিয়া
আমি হ'ম তুমি আৰু মই।

(২)
🟥মায়া মায়া দুচকুৱে যেন বহু কথাই কৈ যায়

মায়া মায়া দুচকুৱে যেন
বহু কথাই কৈ যায়।
চাদৰৰে আঁচলখন
বতাহতে উৰি যায়।
মায়া মায়া দুচকুৱে যেন
বহু কথাই কৈ যায়।

মিচিক-মাচাক হাঁহিটিয়ে
মোৰ হৃদয় চুই যায়।
দুটি ওঁঠৰ কঁপনিয়ে
ভালপাওঁ বুলি কৈ যায়।
মায়া মায়া দুচকুৱে যেন
বহু কথাই কৈ যায়।

দূৰণিৰ পৰা কেতেকীয়ে
প্ৰেমৰেই গান গাই।
তোমাক দেখি জোনটিয়েও
লাজতে লুকাই যায়।
মায়া মায়া দুচকুৱে যেন
বহু কথাই কৈ যায়।

তৰাবোৰে আকাশত
তোমাৰ দৰেই জিকমিকাই।
ফুলবোৰেও পাহি মেলি
তোমালৈয়ে চাই।
মায়া মায়া দুচকুৱে যেন
বহু কথাই কৈ যায়।
চাদৰৰে আঁচলখন
বতাহতে উৰি যায়।
মায়া মায়া দুচকুৱে যেন
বহু কথাই কৈ যায়।


🟦জান, তোমাৰ বাবে


জান,
শিতানৰ গাৰুটো দুহাতেৰে সাৱটি
আৰু কিমান পাৰ কৰিম উজাগৰী ৰাতি ?
নিশাৰ প্ৰতিটো প্ৰহৰত যেন
তোমাৰ উশাহৰ ঢৌৱে কোবায়
মোৰ আলসুৱা কলিজাটি--!

খিৰিকীৰ ফাঁকেৰে সোমাই অহা জোনাকবোৰত
মই ব্যতিব্যস্ত হওঁ
তোমাৰ উমাল সান্নিধ্য বিচাৰি।
চেঁচা বতাহজাকক সোধোঁ
তোমাৰ হিয়াৰ বাতৰি।

দুভাগ ৰাতিৰ বুকু কঁপাই
ভাহি অহা বাঁহীৰ সুৰত
মই হৈ পৰোঁ
মৰুৰ অক্লান্ত পথিক
যাৰ গতিৰ নাই কোনো সমাপ্তি।

তোমাক কাষত পোৱাৰ অনুৰাগবোৰতেই
কেতেকীজনীয়ে বিনায়
মাজৰাতিৰ নীৰৱতা ভেদি !
তপ্ত হৃদয়খন শান্ত কৰিবলৈকে
হাতত তুলি লওঁ মোবাইলটি---
" হেল্ল' জান,আহিছেনে টোপনি ?
বৰ কষ্ট হৈছে জানা
তুমি বাৰু কৰিছানে উপলব্ধি ?"

" শুই যোৱা সোণ,
ৰাতি গভীৰ হ'ল
নিজক কষ্ট দি
আৰু কিমান পাৰ কৰিবা উজাগৰী ৰাতি ?
বুকুৰ অনুভৱবোৰেৰে
মইও আছোঁ শিতানৰ গাৰুটিকে সাৱটি
য'ত আছা তুমি--মাথোঁ তুমি
এতিয়া যোৱা টোপনি--!"

         
                    আয়নাল হক চৌধুৰী
                      ধুবুৰী , আগমণি ।


                         
🟥পোহৰ বিহীন দেশ
  ৰুম্পী দাস  ভালুকমাৰী ৰাণীপুখুৰী , হোজাই

                 
অতি দূৰলৈ
যাম গৈ এদিন আঁতৰি ,
তুমি বিচৰাৰ দৰে ।
হেৰাই যাম
অচিনাকি দেশত ,
যিদেশত পোহৰৰ
লেশ মাথোঁ নাই ।
এন্ধাৰে মোক ,
প্ৰিয় প্ৰেমিক বুলি
আকোঁৱালি ল'ব ।
তথাপি তোমাৰ পৰা
আঁতৰি আহিলোঁ বুলি ...
তোমাৰ দেশত সম্মানসূচক ,
তোমাৰ নামত   
এটা তৰা আঁকি দিম ।




ক'লা পোছাক যোৰে বেছ শুৱাইছে  তোমাক
               ( বন্ধু লক্ষ্য ৰ বাবেই  )
                দৃলীনা দাস।

       তোমাৰ গাঢ় ৰঙৰ স'তে
      ক'লা পোছাক যোৰে বেচ শুৱাইছে তোমাক
      কিয় বাৰু পছন্দ কৰিলা ক'লা পোছাকযোৰ
      তাৰ সলনি পাৰিলাহেতেন পলাশৰঙী
      কিম্বা জিকাফুলিয়া সাঁজ এযোৰ ।

      এনে কি আকৰ্ষন আছে ক'লা ৰঙৰ
      যাৰ বাবেই তুমি আকৰ্ষিত হৈচা  ক'লা ৰঙৰ ।

     ক'লা পোছাক যোৰ ব্যৱহাৰ কৰাৰ
     আছে নেকি নিদিষ্ট সময় কিম্বা
     বিশেষ উপলক্ষ

      তুমি কেতিয়া ব্যৱহাৰ কৰা এইযোৰ পোছাক
      জাৰ- জহ
      ৰ'দ- বৰষুণ
      নে কোনো বিশেষ দিনত ।

      তোমাৰ বাৰু প্ৰিয় ৰঙ ক'লা নেকি ?
       যদি ক'লা হয়
       ৰ'দৰ দিনত নিপিন্ধিবা  এইযোৰ পোছাক
       ৰ'দে পুৰিব তোমাৰ নিমজ ছাল
       কাঢ়ি লৈ যাব দেহৰ শীতলতা

      সঁচাকৈ যদি তোমাৰ প্ৰিয় ৰঙ ক'লা হয় ,
      তেন্তে আহিবা নদীৰ চাপৰিলৈ
      নদীৰ চাপৰিত পাৰি থোৱা আছে জোনাক
      জোনাকৰ বুকুত বহি অকণমান
      পাতো কথা জীৱনৰ ।


🟪ভৱা নাই তোমাক
মাৰ্জিনা বেগম, বৰপেটা

তোমাক ভৱা নাই
এনেকৈ ভাৱিলে যে মোৰ নিলিখা
উপন্যাসৰ পাতত নাথাকিব কোনো  নাৰী ।
তেনেকৈ কথা  নহ'লেও
যিখিনি আছে মনৰ গভীৰত
নিয়ৰ সিক্ত সেয়া অন্য  পুৱতি ;
বন্ধ কোঠা , খোলা খিৰিকী
কেতিয়াবা এপিয়লা মদিৰা
শেষ নোহোৱা এটি  কবিতা 
সকলো অবান্তৰ ,
তথাপি জানানে
তোমাক ভাল নাপালে
প্ৰাণ ধাৰণ নকৰে দেহে ;
নিৰ্ধাৰিত দিনত  কুঁৱলীত তিতা
আধা অন্ধ  তিমিৰ  ঊষা
পৰাজিত সময়........ 
হয়তো এয়াই জীয়াই  থকা ;
শিৰোনাম নোহোৱাকৈয়ে
বক্রতা নাসানি  কওঁ ---"ভালে আছোঁ"
তথাপি জানা বাট বুলোতে
বহুতকে কিয় জানো
তুমি যেন লাগে ।।


সময়ৰ কঠোৰতা
চেমিম চুলতানা হ'ক  (শিৱসাগৰ)

শব্দবোৰে যেতিয়া ভাৰসাম্যতা হেৰুৱাই
নাজানো তাক জুকিয়াবৰ বাবে
সময় বা আছে নে নাই
হয়টো তেনেই নগণ্য সময়...

চকুজুৰীয়ে ভাষাৰ বাহ্যিকতা কঢ়িয়াই
যদিও আজি নীৰৱ
কৰবাত যে আধৰুৱা কিবা এটা
অন্তৰৰ ভিতৰত যেন
কাঁইটীয়া বিষ এটাই এতিয়াও খুচ মাৰি থাকে...

নীৰৱতাৰ সাজযোৰৰ আঁৰতো
নিজক সমৰ্পন কৰিব নোৱাৰি
অথচ সমাজৰ মাজত থাকিও
অভাৱৰ পাত্ৰত নিজক বিচাৰি পাওঁ
স্বাৰ্থৰ পিয়লাটো বিলীন কৰিব নোৱাৰো
আৰু বিনা স্বাৰ্থত
কোনোবা আপোন বুলিও বিবেচিত নহয়...

মাথোঁ চেহেৰাৰ পাৰ্থক্যৰ বাবে
পৃথিৱীখন বাৰেৰঙিন
নহলে বা পাৰ্থক্যতাৰ মাজতো
বহু চেহেৰাৰ মিল এনেও পোৱা যাই
অফিচ-কাচাৰীত...

ব্যক্তিগত স্বাৰ্থৰ অবিহনেওটো
মানৱ সেৱা সম্ভৱ
তথাপিটো কিয় জানো বাৰে বাৰে
আঘাত সানে আত্ম স্বাভিমানত।।

                 

🟥ৰাজকুমাৰী সৰগলৈ যাওঁবলা
   হৃদয় বৈশ্য
   বাইহাটা চাৰিআলি ।


সৰগত খেলিম বলা
আমাৰ প্ৰেমৰ লুকা-ভাকু ।
মোৰ স্বপ্নশীল ৰাজ্যৰ
তুমি যেন ৰাজকুমাৰী
আৰু মই ৰাজকোঁৱৰ।
বলা না যাও সৰগত
দুয়ো মিলি প্ৰেমৰ
আবাসস্থল সাজো।
সৰা পাতত লিখিম
কবিতা ।
মেঘৰঞ্জনীৰ মাজে মাজে
দুয়ো মিলি প্ৰেমৰ লুকা-ভাকু
খেলি ।
ৰাজকুমাৰী ভূপালী সন্ধা
তুমি ৰাজঅট্টালিকাৰ খিৰিকীৰে চালে
মোৰ ৰাজ্যলৈ প্ৰেমৰ বৰষা নামে ।
যাবানে সৰগলৈ
হবানে তুমি মোৰ মেনকা।



🟦ৰাভা আকৌ আহা
ড০ ইকবাল হোচেইন খান
খন্দকাৰ পাৰা ,বৰপেটা
9101809942

ৰাভা আকৌ আহা
ভাঙিবলৈ সংকীৰ্ণতা
গঢ়িবলৈ আই অসমীৰ বিশাল সত্তা  ।

ৰাভা তুমি নাই
নাই জাগ্ৰত জনতা
নাই বিশালতা
নাই মানৱতা
মগন ভোগবাদত
একাকাৰ ব্যক্তি স্বাৰ্থত
সস্তীয়া শ্লোগানত   ।

এনে হতাশা ৰুধিবলৈ ৰাভা আকৌ আহা
ৰাভা তোমাৰ কথাতেই আভা
আই অসমীৰ স্বাৰ্থতেই আহা
জাগ্ৰত হ'ব জনতা
বিশালতাৰ হংসধ্বনি বাজিব
আইৰ চোতালতে
তাৰবাবেই তুমি আকৌ আহা
শিকলি ভাঙি আহা
" ভাং ভাং ভাং ভাং
ছিং ছিং ছিং ছিং ' তোমাৰে ভাষা  ।

ৰাভা আকৌ আহা
জগাবলৈ জনতা
বধিবলৈ " কালো পাঠা ,সাদা পাঠা "
আই অসমীৰ স্বাৰ্থতেই  তুমি আকৌ আহা ।


🟪কলাগুৰু
  অপৰ্ণা শৰ্মা
   শিৱসাগৰ
   

পূণ্য ভূমি ভাৰতৰ
সৃষ্টিশীল প্ৰতিভাসম্পন্ন
কৃষ্টি সংস্কৃতিৰ কাণ্ডাৰী
সৰ্বহাৰাৰ মুক্তিকাৰী
অগ্নি যুগৰ ফিৰিঙতি
অসমী আইৰ স্বভীমান
ছদ্মবেশী অৱতাৰ ,জ্যোতিৰ আভা
তুমি বিষ্ণু প্ৰসাদ ৰাভা ।

বিশ্বৰ চন্দত মহানন্দত সুৰৰ ঝংকাৰ
ভঙ্গীমা নটৰাজ ,বিমুগ্ধ ৰাধাকৃষ্ণণ
উপাধি কলাগুৰু কৰিলে প্ৰদান ।

গোপালচন্দ্ৰ ৰাভা আৰু গেঠিবাইৰ
সুযোগ্য সন্তান জ্ঞানৰ আধাৰ
কবি ,সাহিত্যিক, অভিনেতা, নাট্যকাৰ
সংগীতজ্ঞ ,নৃত্যবিদ ,চিত্ৰকৰ
উদিত সুৰুজৰ আভা
সৰ্বহাৰাৰ মুক্তিকাৰী
দাসত্বৰ শৃংখল চিঙা
সুৰৰ দেউলৰ পূজাৰী অমৃত সন্তান
তুমি কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা।

হে মহান মনীষী আজি এই পূন্য তিথিত 
একাজলি  ভক্তিৰ অঞ্জলিৰে
তোমালৈ যাচিছো
শতকোটি প্ৰণাম ।

     

বিপ্লৱী শিল্পী বিষ্ণু ৰাভা
বিশ্বজিৎ সূত  বালিজান, চতিয়া, বিশ্বনাথ
         

হে যুগনায়ক !
   হে বিপ্লৱী শিল্পী !
      কলাগুৰু বিষ্ণুৰাভা ।
তুমি অসমী আইৰ সুযোগ্য সন্তান
অসমীয়া কলা-সংস্কৃতিৰ ভেটি গঢ়োতা ।
তুমি খাটি খোৱা দুখিয়া-নিচলা
মানুহৰ মনৰ কথাবোৰ হৃদয়ংগম কৰি
বুজিছিলা কৃষকৰ অযুত বেদনা,
তুমি কৃষকৰ শক্তিদাতা ।

হে জনতাৰ শিল্পী !
চিফুং বাঁহীৰ সুৰেৰে সকলোতে একাকাৰ কৰি
গীত-মাতেৰে মন জয় কৰিছিলা,
তোমাৰ বাকৰুদ্ধ অভিনয়েৰে মোহিছিলা
কৃষ্টি-সংস্কৃতিৰ বহল পথাৰ ।

তোমাৰ গানৰ প্ৰতিটো ছন্দত জিলিকে
নৱ জীৱনৰ ন প্ৰভাতৰ নৱ নৱ সৃষ্টি । 

একতাৰ এনাজৰীৰে
   তোমাৰ কৰ্মদক্ষতাৰে
      শোষিত-নিপীড়িতজনক মুক্তি কৰি
         সুৰৰ দেউল গঢ়ি ৰূপৰ শিকলি ছিঙি
            তুমি সপোন ৰছিলা বৰ অসম গঢ়াৰ ।

হে মহান শিল্পী !
   তুমি গনশিল্পী, গীতিকাৰ, চিত্ৰশিল্পী,
      নৃত্যকাৰ, সংস্কৃতিৰ পূজাৰী ,
         হাতত কলম তুলি
            তুমি আলোকৰ সন্ধানত
               হৃদয়ৰ সুৰে সুৰে দিপ্তমান হৈ
                  ৰছিগ'লা জনতাৰ গান ।

হে বিপ্লৱী বীৰ অধিনায়ক !
   শত শত জনতাৰ হাঁহাকাৰ দেখি
      তুমি বিপ্লৱী পথৰ যাত্ৰী হৈ
         লাঞ্চিত-বঞ্চিত-শোষিতসকলৰ
            অৱসান ঘটাবলৈ তোমাৰ অন্তৰত
               সৃষ্টি হ'ল বিপ্লৱী প্ৰাণ ।

সুন্দৰৰ পূজাৰী হৈ
   যুগ যুগান্তৰলৈ জ্ঞানৰ বন্তি জ্বলাই
      তেজৰ বোলেৰে ইতিহাস লিখি
         তুমি শেষত লিখিলা
            "এয়ে মোৰ শেষ গান
          মোৰ জীৱন নাটৰ শেষ ৰাগিনী
               কল্যাণ খৰমান ।"

                 
🟥এজাক বৰষুণ
    এছ ইছলাম,শিক্ষক
   পশ্চিম মইনবৰী,বৰপেটা


এজাক বৰষুণ
কঢ়িয়াই আনিলে
বিজুলী বজ্ৰপাত।

এমুঠি প্ৰৱল ধুমুহাই
উৰুৱাই লৈ গ'ল মোৰ
আশা আকাংক্ষাবোৰ।

এমুঠি কʼলা ডাঁৱৰে
আৱৰি পেলালে মোৰ
হৃদয়ৰ উন্মুক্ত কুঠাৰি বোৰ।

এমুঠি ক'লা মেঘ
কৰিলে অভিলেষ
শীতল কৰিলে দেশ।

এটি নিশাৰ জোনাক
জিলিকি উঠিল আকাশ
চাই চাই হ'লো অবাক।

এমুঠি প্ৰৱল পছোৱা
আমাৰ ভগা চিগা
ঘৰবোৰ বচোৱা।

হে প্ৰভু পৰমেশ্বৰ
ৰক্ষা কৰা তুমি
আমাৰ পঁজা ঘৰ।


🟦দস্তাবেজ ।
ৰাতুল চেতিয়া ফুকন।
চৰাইদেউ


দস্তাবেজ মেলি চাই
দাৰি কমা যতি চিন বিহীন
জীৱন বিন্যাস,
কষটি শিলত ঘঁহি
উজ্বল সমূজ্বল কৰা
গড়া খহা নদী ময় জীৱন ।
যাৰ
ঘাটে ঘাটে নাৱৰীয়া
বালিচৰত এৰি যোৱা জনৰ
স্থাৱৰ পদচিহ্ন অনুসৰণ ।
শিলালিপিত পাঠোদ্ধাৰ কৰি
অতীত স্মৰণ ।
এৰা
মইয়েতু প্ৰাচীন জীৱাশ্ম
হাড়ত লিখি থোৱা
গৌৰৱময় ইতিহাস।
তোমালোকে মোক পোৱানে চিনি ।


🟥সঁচা মানৱতা
প্ৰৱীণ ৰাজবংশী
জাজৰি(মৰিগাঁও)

মই লিখিব
নাজানিলেও
শিকিবলৈ চেষ্টা কৰো,
তোমাকে কৈছোঁ ৷

উপলুঙা কৰাতকৈ
ভুলবোৰ আঙুলিয়াই
দিলে ভাল লাগে,
তোমাকে কৈছোঁ ৷

মই কোনো কবি
সাহিত্যক নহয়,
হোৱাৰ হাবিয়াহো নাই,
তোমাকে কৈছোঁ ৷

এমুঠি অনুভৱ কবিতাৰ
দৰে লিখিবলৈ যত্ন কৰোঁ
কোনোবা জনে আকৌ
উপলুঙা কৰে শব্দক
কিয় তেনেকোৱা বাৰু
তোমাকে কৈছোঁ (ৰাজ)৷৷

যন্ত্ৰণাদায়ক অপৰাহ্ন
অনন্ত কুমাৰ ভূঞা

মেলি দিলোঁ সুকোমল দুখনি হাত
খুলি দিলোঁ হিয়াভৰা উশাহৰ বাট
যাঁচি দিলোঁ স্নেহৰ আশীৰ্বাদ শিৰত
বিলাই দিলোঁ দুখৰ অনুভৱ নিজম ৰাতি 
জুকিয়াব নোৱাৰিলোঁ অনুপম জীৱন ।

অপৰাহ্ন বেলাৰ  জীৱন ভীষণ জটিল
এতিয়া জানিলোঁ অন্যায় কিমান গৰ্হিত
যাত্ৰাৰ শেষ প্ৰান্তত অকলশৰীয়া মই
অনুভৱে খুঁটিয়াই  দুঃচিন্তা মনৰ
অনুতপ্ত ক্ষয়িষ্ণু আভিজাত্য ভাৱৰ ।

ডেউকা কোবাই উৰিব নোৱাৰোঁ
সীমাহীন দূৰত্বত  জিৰাম কেনেকৈ
ধ্ৰুব তৰাৰ দৰে স্থিতপ্ৰজ্ঞ নহয়
জাগতিক ভেমৰ ওজনে হেঁচি ধৰিছিল
মেটমৰা অহংকাৰৰ প্ৰলেপ গাত আছিল।

মহানুভৱতাত নিঃসংগ মই
চিন্তাৰ বেমেজালিত ধাৰণা সলনি নহ'ল
দুৰ্বিসহ যন্ত্ৰণাত নিশকতীয়া জীৱন
বয়স বাঢ়িল বাবে উভতি যাব নোৱাৰোঁ
অতীত সময়ে ভেঙুচালি কৰে ।

থৰকাছুটি হেৰুৱাই নিঠৰুৱা পথিক
পুতৌৰ পাত্ৰ নিকটবৰ্তি  জনৰ
অতীত খুঁচৰি সকলোৱে উপহাস কৰে
অন্তিম ক্ষণত ৰজা প্ৰজাৰ
মৌন যাত্ৰা হয় জিৰণিৰ শ্মশান খনিলৈ ।




           🟪অনুগল্প শিতান

    অণুগল্প 
     মালিনী শইকীয়া     লখিমপুৰ।




            আশাত চেঁচা পানী।


         মনিকাই অলপ আজৰি পাই আকাশ পাতাল ভাৱি উচুপি আছে। তেনেতে অৰুণিমা তাইৰ ওচৰলৈ আহিছিল আৰু তাইক তেনে অৱস্থাত দেখি সুধিছিল ---- উচুপি থকাৰ কাৰণ!
        মনিকায়ো মনৰ মাজত গুজৰী থকা দুখবোৰ পাতল   হোৱাৰ আশাৰে ক'লে " বাপেকৰ আশাত চেঁচা পানী ঢালি তেওঁৰ ল'ৰাটো কাপোৰত লাগি ধৰা কো শলা বন গুটি সদৃশ হ'ল। বাৰ কেইখনে মুঠেই তাক এৰি নিদিয়ে। ঘৰত থকা সময় কণো , কাপোৰৰ পৰা কেনেবাকৈ বন গুটিটো গাত লাগিলে, যেনেকৈ বেজীয়ে বিন্ধাৰ দৰে বিন্ধে সিও তদ্ৰুপ।
          সেয়ে ভাৱি, ভাৱি দুখ লাগিছে দেউতাকৰ মনত, দাঁতৰ হুল স্বৰূপ ছোৱালী দুজনীয়ে, যদিও আনৰ ঘৰ শুৱনি কৰি আছে, তথাপি সিহঁতৰ সাহস আৰু মৰমে হে মোক জীয়াই থাকিবলৈ প্ৰেৰণা দিছে।

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

সহযাত্ৰী তৃতীয় খণ্ড ঋতুপর্ণা ইংতিপি

 সহযাত্ৰী  (তৃতীয় খণ্ড)  ✍️ ঋতুপর্ণা ইংতিপি/মৰিগাঁও      গা-পা ধুই আজৰি হোৱা মানে তিনি বাজিলে।তাইৰ ভাগৰো  বহুত লাগিছে। গোটেই দেহটো অৱশ হৈ প...