Showing posts with label জোনাকী সাপ্তাহিক ই আলোচনী. Show all posts
Showing posts with label জোনাকী সাপ্তাহিক ই আলোচনী. Show all posts

Tuesday, August 22, 2023

জোনাকী সাপ্তাহিক ই আলোচনী,দ্বিতীয় বৰ্ষ আগষ্ট মাহ তৃতীয় সংখ্যা

 জোনাকী সাপ্তাহিক ই আলোচনী

দ্বিতীয় বৰ্ষ■আগষ্ট মাহ■তৃতীয় সংখ্যা



          অনুগল্প শিতান

সপ্তাহটোৰ অনুগল্প শিতানৰ নিয়মীয়া লেখক সকল:

মুখা-উৰিস্মা নাথ,
১৫ আগষ্ট -সবিতা বেগম
ভোকাতুৰ-মেঘালী বৰা
মানুহ-আয়নাল হক 
বানপানী-সবিতা বেগম
বেটি বচাওঁ ,বেটি পঢ়াওঁ-ৰাহুল চেতিয়া,
===========================

⬛️নিৰ্বাচিত কবিতা শিতানৰ কবি সকল:

ৰাতুল চেতিয়া ফুকন, আয়নাল হক, শিল্পী দাস,মাৰ্জিনা বেগম , আৰতি শৰ্মা,মিন্টু গোৱলা,ড০ ইকবাল হোচেইন খান,অনন্ত কুমাৰ ভূঞা,নিৰৱপ্ৰিয়া( দৃলীনা দাস),হাইছ উদ্দিন আহমেদ,শান্তা দাস,জেফলিন চুলতানা,দেইজী কাৰ্খ বৰদলৈ,বাহাৰুল ইছলাম,আমিৰ হুছেইন আহমেদ ,চিন্ময় নাথ,কুকি মহন্ত।



🟦  মুখা
উৰিস্মা নাথ, গৰুখুটি (দৰং)

    তুমি পাৰিলে সদায় এনেদৰেই হাঁহি থাকিবাচোন কৃতিকা। তোমাৰ হাঁহিটো যে দেখিবলৈ খুউব ধুনীয়া। তুমি হাঁহিলে যেন মুকুতা মণি সৰে। মুগ্ধতাৰে তাইৰ ফালে একেথৰে চাই ক'লে অনুৰাগে।

    হঠাৎ গহীন হৈ পৰিল কৃতিকা।পিছে অনুৰাগক তাই কয় কেনেকৈ তাইৰ সেই হাঁহি থকা মুখখনিৰ আঁৰত যে অন্য এখন নতুন মুখ লুকাই আছে, যাক তাই আনক কেতিয়াও দেখুৱাব নোখোজে। সেই পানীকেঁচুৱা অৱস্থাতে দেউতাকে দ্বিতীয় বিবাহ কৰাই আতঁৰি যোৱাৰ পাছত একমাত্ৰ মাকে তাইক কেনেকৈ ইমান কষ্টৰে ডাঙৰ-দীঘল কৰি আজিৰ অৱস্থাত উপনীত কৰাইছে তাইতকৈ ভালকৈ হয়তো আন কোনেও বুজিব নোৱাৰে।"


🟥১৫ আগষ্ট 
সবিতা বেগম
বৰপেটা ।
   
         কোনো কোনো সংসাৰত সুখ নিলিখেই নিয়তি, কেইদিনমান আগতে ৰিয়া ফেচবুক প্ৰেমিকৰ লগত লগ কৰিবলৈ যায় আৰু পাষণ্ড ভুৱা প্ৰেমিকে প্ৰেমৰ প্ৰমাণ বিচাৰি ধাবাত নি দুই বন্ধুৱে মিলি ধৰ্ষণ কৰে...  কথাটো লাজে ভয়ে লুকাই  যদিও শেষত গৰ্ভৱতী হোৱাত ... নিৰুপায় হৈ শেষত আত্মহত্যা কৰে।
          আজি ১৫ আগষ্ট ৰিয়াৰ মাক অংকণবাড়ী কৰ্মী, পুৱা ছয়টাত কেন্দ্ৰত উপস্থিত, ভালে ভালেই হ'ল পতাকা উত্তোলন...ডাঙৰ ল'ৰা টাউনৰ স্কুল এটাত কাম কৰে, মাকে শুনিবলৈ পালে তাত হেনো বোমা দিব। অভাগিনী ল'ৰাক বচাবলৈ দৈৰি গৈ পোৱাৰ লগে লগেই বোমা বিস্ফোৰণত বহুত মানুহৰ লগতে মাক-পুতেকৰ মৃত্যু হ'ল।
            স্বামী আৰু শাশুয়েক হেৰুৱাই বিধ্বস্ত মালতী , জন্মৰ আগতেই পিতৃ হীন আঠমহীয়া গৰ্ভৰ সন্তান। এক্সিডেণ্টত ভৰি হেৰুৱা আতুৰ শশুৰেকক লৈ এতিয়া কি কৰিব মালতী।



🟪ভোকাতুৰ
মেঘালী বৰা
গুৱাহাটী, হেঙেৰাবাৰী ।



       তিনিদিনীয়া লঘোণীয়া পেটত বতাহত উৰি অহা  আলুভাজিৰ গোন্ধটো পাই সেউতীৰ ভোকটো ওপৰলৈ উজাই  অহাত  মাকলৈ উদাস মনেৰে চালে  । এয়া খা । কি মা  ?... পানী ।

 
___________________________________________


মানুহ
আয়নাল হক , ধুবুৰী

       নিঃসন্তান দম্পতী শইকীয়া-শইকীয়ানীয়ে টকাৰ বাহিৰে কোনো দিনে এটা সন্তান তুলি লোৱাৰ কথা নাভাবিলে।
        শইকীয়ানীৰ শ্ৰাদ্ধ কালি হৈ যোৱাৰ পিছতে শইকীয়া একেবাৰেই অকলশৰীয়া হৈ পৰিল। তেওঁ এতিয়াহে অনুভৱ কৰিছে টকাতকৈ মানুহৰ প্ৰয়োজনীয়তা যে কিমান বেছি ---!


=============================

বানপানী
সবিতা বেগম
বৰপেটা।
  

        পানী কমিলেই Assam police  জিৎ আহি ঘৈনীয়েক আৰু পুতেক জয় দুয়োকে কোৱাটাৰত লৈ যাব। এইবাৰ জয়ক দিল্লী পাব্লিক স্কুলত নাম ভৰ্তি কৰাই দিব। আইতাকৰ অতি মৰমৰ জয় ডাঙৰ হ'ল, নবেম্বৰত নাতিয়েক জন্ম দিনৰ পাৰ্টি ঘৰত পাতিব বুলি এতিয়াই ছুটিৰ আবেদন কৰাৰ কথা কৈ আছে পুতেকক। ঘৰখনৰ সপোনৰ বাগিচা জয়। জিৎ বাৰে বাৰে ফোন কৰি বানপানীৰ খবৰ লয় কাৰণ পানী ভয়ংকৰ ৰূপত বাঢ়ি গৈ আছে। সেয়ে বাৰে বাৰে সতৰ্ক কৰে জয়ক দেখি ৰাখিবলৈ।
       চিৰদিনৰ বাবে আন্ধাৰ নামি আহিল ভাগ্যত । হঠাৎ হুৱাদুৱা লাগিল ঘৰখন জুৰি , বিচাৰি নাপায় আশাৰ চাকি জয়ক। দুই তিনি ঘণ্টা হৈ গ'ল কতো নাপায় ,  হঠাৎ বৰালি মাছ এটাৰ দৰে ভাঁহি থকা দেখিবলৈ পালে ককায়েকে লগে লগে দৌৰি গৈ দেখিবলৈ পালে ইতিহাসৰ অন্ত , জয় আৰু ইহজগতত নাই ...।


🟫বেটি বচাওঁ ,বেটি পঢ়াওঁ
ৰাহুল চেতিয়া,চিলাপথাৰ


ৰাজে অন্য দিনা দৰে সন্ধিয়া হাত-মুখ ধুই  অলপ দেশৰ খবৰ পঢ়োঁ বুলি টেবুলৰ ওপৰত থকা দৈনন্দিন বাতৰি কাকত খন তুলি প্ৰথম পৃষ্ঠাৰ শিৰোনামাত  চকু ফুৰাব লওঁতে চুবুৰীয়া অৰুণৰ ঘৰত হুলস্থুলীয়া পৰিৱেশ শুনি বাতৰি কাকত খন  টেবুলতে এৰি  সিহঁতৰ ঘৰলৈ বুলি দৌৰ দিলে।
চুবুৰীয়া অৰুণৰ তিনিজনী কন্যা সন্তান আছে।তাৰে সৰু জনী যোৱা  কালি স্বাভাৱিক অৱস্থাত জন্ম হৈছে।ৰাজে অৰুণ ঘৰত গৈ দেখিলে যে অৰুণে সৰু ছোৱালী জনীক  গাখীৰে ভর্তি ষ্টীলৰ চচপেন এটাৰ আগত ৰাখি  আকাশলৈ চাই নেদেখা জনক উদ্দেশ্যি-"হে ভগৱান, তাইক উভতাই লোৱা, অহা বাৰ লৰা হৈ জন্ম দিবা বুলি কৈ ডুবাই মাৰিব ধৰিছে। ৰাজে কোনোমতে দৌৰি কণমানি জনীক থাপ মাৰি তাৰ হাতৰ পৰা কাঢ়ি নি অৰুণক উদ্দেশ্যি গালি পাৰি কলে-"ঐ পাগল, তই ছোৱালী জন্ম হল বুলি ডুবাই মাৰিব বিচাৰিছ যে ! সৰুতে যদি তোৰ মাৰক এনেকৈ বাপেকে মাৰি পেলোৱা হলে তই এই পৃথিৱীলৈ নাহিলি হয়।নাৰী নহলে সৃষ্টিৰ পাতনি নেমেলিব।একবিংশ শতিকাৰ মানুহ হৈ এনে নিকৃষ্ট মানসিকতা লৈ জীয়াই থাকিলে নহব।এজনী কন্যা সন্তান এখন ঘৰৰ লক্ষ্মী। ইহঁত এদিন  এখন ঘৰৰ মাতৃ হব। মাতৃ হল ঘৰ খনৰ শিক্ষাৰ মূল কঠীয়া তলী।কন্যা সন্তানৰ সফলতাৰ কথা সদায় চিন্তা কৰা উচিত যাতে সময়মতে সময়ৰ কাম কৰি যাব পাৰে ৷ৰাজে অৰুণ ঘৰত উপস্থিত থকা ওচৰ চুবুৰীয়াক উদ্দেশ্যি কলে- ''আহক আমি সকলোৱে মিলি কন্যা সন্তানক উচ্চ শিক্ষাৰে শিক্ষিত কৰি তোলো । সকলোয়ে মিলি বেটি বচাওঁ ,বেটি পঢ়াওঁ ।''




             নিৰ্বাচিত কবিৰ কবিতা শিতান




⬛️আন্ধাৰত নাঙঠ হ'ব পাৰি



আন্ধাৰত নাঙঠ হ'ব পাৰি
খুলি থব পাৰি সকলো আভৰণ অথবা মূখা
কাৰণ আন্ধাৰত ছাঁ টোও নাথাকে লগত ।
কাৰোবাৰ বাবে আন্ধাৰ পোছাক ও হ'ব পাৰে
আন্ধাৰৰ পোছাক পিন্ধা জন
পোহৰত ভদ্ৰ ।
এতিয়া একুৰা জুই লাগে
আন্ধাৰ পুৰিবলে
এজাক পোহৰ লাগে
আন্ধাৰত নাঙঠ হ'ব খোজা
মানুহ বোৰক পোচাক পিন্ধাবলে
কোনে দিব মোক
একুৰা জুই আৰু এজাক পোহৰ ।
******
ৰাতুল চেতিয়া ফুকন।
চৰাইদেউ।

---------------------------






⬜️কবি মনৰ কল্পনা



তুমি কবিতা পঢ়ি ভালপোৱা নে ?
কবিয়ে কবিতাৰ মাজত‌
 নিজস্ব ছবি আঁকে 
ঠিক দাপোন চোৱাৰ দৰে ,
কবিৰ কবিতাত দেখিবলৈ পাবা 
সিহঁতৰ চকু-মুখৰ  প্ৰতিবিম্ব,
 চকুৰ প্ৰতিটো পলক 
আৰু দেখিবলৈ পাবা
 মনত গোট মৰা অব্যক্ত  কথাৰ জাল 
যি কেতিয়াও কাকো কোৱা হোৱা নাই।

কিছু কবিতাই  বাস্তৱৰ ছবি আঁকি 
তুলি ধৰে যিদৰে চকুৰ সন্মুখত ,
ঠিক তেনেকুৱাই কিছু কবিতা 
 অদ্ভূত কাল্পনিক হয় 
যি ডায়েৰীত কলম বুলাই 
খিৰিকীৰে হাত মেলি মেঘ চুই চায় , 
দূৰ আকাশত উৰি  যোৱা পখীৰ দৰে
ডেউকা মেলি উৰে দূৰ দিগন্তলে' ।

বাহিৰত যেতিয়া গ্ৰীষ্মৰ  দাৱানল 
তেতিয়া তুমি দেখিবলৈ পাবা
প্ৰিয়জনৰ সৈতে  আহ্লাদত গলি যোৱা 
চাইবেৰিয়াৰ কোনো এক মৰু প্ৰান্তত,
অথবা শীতৰ কোনো এটি ৰাতিপুৱা 
 বাহিৰত জাক জাক বৰষুণ 
দুৱাৰ মুখত থিয় হৈ হেৰাই গৈছে
প্ৰকৃতিৰ কোনো অজান ঠিকনাত, 
আন এদিন হাতত ছাতি লৈ
অপেক্ষা কৰি থকা মনৰ মানুহজনৰ সৈতে 
হাত ধৰি আগুৱাই গৈছে বহু দূৰ ........

যেতিয়া কবিতাটো শেষ হ'ব
 সন্মুখত দেখিবলৈ পাবা
 এখন পুৰণি ডায়েৰী অথবা কিতাপ 
য'ত জিলিকি আছে কিছু লেখা
যাৰ মাজত তুমি ইমান সময় ডুবি আছিলা.......
ইফালে তোমাৰ মৰমৰ মাকজনী 
মাতি মাতি কেতিয়াবাই চুপ হৈ  গৈছে !!

--মাৰ্জিনা বেগম 
       বৰপেটা

==========================


⬛️মোৰ দেশ
                    আৰতি শৰ্মা
               (বাই হাটা চাৰিআলি) 



এয়া হৃদয় নহয়, ই এক শিল, য'ত দেশৰ প্ৰতি কোনো প্ৰেম নাই  । 
সেই জীৱনত এনে কোনো পদাৰ্থ নাই , 
যিয়ে জীৱিত উৎসাহ জাগ্ৰত কৰিব নোৱাৰিলে । 
যি জনে পৃথিৱীৰ সৈতে খোজ কাঢ়িব নোৱাৰিলে, 
তেওঁৰ এখন পৃথিৱী নাই। 
যিজনে সাহস ত্যাগ কৰে 
তেওঁ পাৰ হ'ব নোৱাৰিব। যিজনক সংৰক্ষণ কৰা হোৱা নাই তেওঁক ৰক্ষা কৰা নহ'ব। 
যি আৱেগেৰে ভৰি নাথাকে, য'ত ৰস নাথাকে।
 এয়া হৃদয় নহয়, ই এক শিল , 
 য'ত দেশৰ প্ৰতি কোনো প্ৰেম নাই। 
যাৰ মাটিত শস্য আৰু পানী পোৱা গৈছিল। 
আমি আমাৰ পিতৃ-মাতৃৰ ভাতৃ  
যাৰ ৰজা আৰু ৰাণী। 
যিজনে ধন খিনি খুলিছে, তেওঁ নৱৰত্ন লাচানী দিছে। যাৰ ওপৰত আনকি জ্ঞানীলোকৰ মৃত্যু হয়, 
যাৰ ওপৰত পৃথিৱীখন উন্মাদ হৈ পৰে। 
ইয়াত ঘাম নাই  , 
কি আছে  ?
 ই ভূমিৰ ওজন নহয়। 
এয়া হৃদয় নহয়, ই এক শিল   য'ত দেশৰ প্ৰতি কোনো প্ৰেম নাই। 
নিশ্চিতভাৱে, অৱশ্যে, 
এদিন আপুনি যাব। 
চাকিটো সদায় জ্বলি থাকে, দেৱতা'সকলক জ্বলাই দিব লাগিব। 
এয়া লাজৰ বিষয়  ! 
শত্ৰু - চকু দেখুৱাবলৈ আহক। মাৰ্ডুমীৰ বাবে লাজ, মানুহজনৰ বাবে লাজ। 
সকলোবোৰ আপোনাৰ হাতত আছে  । 
কামান নহয়, তৰোৱাল নহয় ; এয়া হৃদয় নহয়, ই এক শিল। য'ত দেশৰ প্ৰতি কোনো প্ৰেম নাই।
      ----------+--------



🟪নিশাৰ গভীৰ

মিন্টু গোৱলা, লখিমপুৰ কদম


নিশা বোৰ যিমান গভীৰ হয় 

সিমানেই বুকুৰ মৰম গভীৰ

 হৈ বুকুৰ মাজত খুন্দিয়াই যায় ।


বুকুৰ মৰম বিলোৱা জন 

যদি ওচৰত নাথাকে ।


মৰম বোৰ বিলাম বুলি ভাৱিলেও

জানো বিলাৱ পাৰি ?


বুকুৰ গভীৰ মৰম সাঁচিছো

মোৰ বুকুৰ মাজত 

আপোন জন লৈ ,

নিশাৰ গভীৰত ।


                                


🟪স্বাধীনতাৰ আত্মকথা



স্বাধীনতা মানে নিষ্পাপ শিশুৰ হাঁহি

জীৱনবোধৰ আত্মকথা,

সোনালী সুদিনৰ বিশ্বাসৰ গান 

জীৱনৰ মান  ।


প্ৰগতিৰ পতাকাত 

আলোড়িত হয় স্বপ্নৰ  কথা ।


স্বাধীনতা মানেই কষ্টৰ ফচল

জীৱনবোধৰ আত্ম উপলব্ধি,

ত্যাগৰ বৰ্ণিল ইতিহাস  ।

শিৰাই শিৰাই বয় দেশ-প্ৰেমৰ 

আকুণ্ঠ আৱেগ 

য'ত প্ৰাণৱন্ত হয় একত্ৰিত সত্তা

য'ত এটা এটা প্ৰতিশ্ৰুতিয়ে 

কঢ়িয়াই আনে অখণ্ডিত হৃদয়ৰ কথা

আমি ভাৰতীয়

ত্যাগেৰে ,প্ৰেমেৰে 

আমি অনন্য ।


এয়াই স্বাধীনতা

জগাই দিয়ে মানৱতা

সহৃদয়ৰ ভাষা

অহিংসাৰ নীতি কথা

প্ৰতিজন ভাৰতীয়ৰ আত্মকথা

স্বাধীনতা মানেই বিশালতাৰ মহোৎসৱ

উৎযাপিত হৈ থাকে হৃদয়ে হৃদয়ে

আমি ভাৰতীয়  ।

স্বাধীনতা মানে নিজকে অৰ্পণ কৰা

এটি দৰ্শন 

ত্যাগক মুখৰিত কৰি 

বিশ্বত আমি অনন্য ।


ড০ ইকবাল হোচেইন খান

খন্দকাৰ পাৰা ,বৰপেটা

9101809942




🟪নাৰী

অনন্ত কুমাৰ ভূঞা


তুমি নাৰী নগৰবধু আম্ৰপালী 

শান্ত সৌম্য গজগামীনি গৃহ নন্দিনী

তুমি স্ৰোতস্বীনি প্ৰবাহিত এখনি নদী

আবেগ মিশ্ৰিত বন্দনাৰ তেজশ্ৰী ৰাগিণী

তুমি ৰাজতিলক পিন্ধা বীৰাংগনা

সৃষ্টিৰ কামনা বিভুষীতাৰে অলংকিতা

আলসুৱা মৰম আকলুৱা স্নিগ্ধতা

বিমৰ্ষ হৰ্ষ বিষাদিনী মোহময়ী হাস্যময়ী

কুকিল কণ্ঠি প্ৰজ্ঞা সুন্দৰী সন্মোহিতা নাৰী 

চন্দ্ৰমুখী যোগমায়া অশ্ৰু নয়না ৰূপাংকিতা।

=============================


🟪এটি অসংলগ্ন কবিতা....

     নিৰৱপ্ৰিয়া( দৃলীনা দাস),তিনিচুকীয়া (ছৈখোৱা)

                            

 সিদিনা বৰষুণ হৈ নামিছিল মোৰ প্রেমবোৰ

ভাৱৰ হৈ উৰি গ'ল তোমাৰ অভিমানবোৰ .........

শেষত তুমিও গুচি গ'লা

মোৰ প্ৰেমৰ বৰষুণ জাকে. 

তোমাৰ শুষ্ক হৃদয় জীপাল কৰিব নোৱাৰিলে

যুগান্তৰৰ তেজাল পুৱাত তোমাৰ স্মৃতিয়ে মোক কন্দুৱাই

কুঁৱলীৰ মায়াজাল ফালি ওলাই অহা তোমাৰ মুখনিত

নিজকে মই হেৰুৱাই দিব বিচাৰোঁ।

মই বিচাৰোঁ তোমাৰ দুচকুৰ গভীৰতাত বুৰ যাওক

মোৰ ভালপোৱাৰ সাতোৰঙী ৰামধেনুখন

মোৰ বুকুতো গঢ় লওক শাওন মাহৰ এখন সেউজীয়া পথাৰ

নয়ন জুৰোৱা.... তুলনাবিহীন ......৷ .



🟪যুদ্ধ নিবিচাৰোঁ

হাইছ উদ্দিন আহমেদ

পূব কুটায়নী, মধ্যশিয়ালমাৰী, নগাঁও

দূৰভাষ: ৯৬৭৮১০৫৪৫১



আজিও দেশে দেশে ভোগী আছে শত্ৰুতাত

ক্ৰন্দনৰ চিঞৰ উৰে শূন্যতাত।


হৃদয়ত ওপঙা মানৱতাৰ দুখ,

চৌদিশে লাওখোলাৰ ভীৰ শ্ৰমিকৰ অসুখ।


জাতি অজাতি সকলোৰেই দোষ,

নিৰপেক্ষ অসহায় বন্ধ মুখ।


ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰত সক্ষম মানৱতাৰ বলি,

বোমা, বাৰুদৰ ধোঁৱাৰ গোন্ধ পুৱা গধূলি।


যুদ্ধ নিবিচাৰোঁ বুলি ক'লেই জানো

যুদ্ধ নহয়,

ভোকাতুৰ চাৰিওফালে বিয়পি এতিয়া খাবলৈ নোপোৱা হয়।


এটা দেশে আন দেশক মাৰি শান্তি লৈছে,

জয়ৰ শ্লোগানেৰে বিজয়ৰ ঢোল বজাইছে।


মজলীয়া মানৱৰ কান্দোন কোনে শুনিছে!

আত্মীয়ক হেৰুৱাই আত্মাত্যাগ কৰিছে।


এতিয়া যুদ্ধ নিবিচাৰোঁ আৰু কেতিয়াও,

হাঁহি মিলাপ্ৰীতিৰে পুৱাৰ সূৰুয দেখা পাওঁ।


সেই সেউজীয়া পৃথিৱী ক'ত দেখা পাওঁ,

য'ত শান্তি আৰু সুৰক্ষাৰ ব্যৱস্থা দেখা নাপাওঁ।


যুদ্ধই নোৱাৰে আনিব কোনো সমস্যাৰ সমাধান,

যুদ্ধ হ'বই য'ত থাকে হিংসাৰ প্ৰলেপ সানিব,

নাই কোনো উপায়,নাই কোনো প্ৰমাণ।


মানৱতাৰ মাজত ষড়যন্ত্ৰৰ চক্ৰ হয়

বুজা বুজি নথকাৰ বাবেই যুদ্ধ হয়।


যুদ্ধত মৃত্যু হোৱা মাতৃহাৰা শিশুৰ কান্দোন কোনে শুনিছে,

ঘৰ-বাৰী নোহোৱা শিশুৰ দুখ কোনে অনুভৱ কৰিছে।


মানুহেই মানুহক মাৰি শেষ কৰিছে,

মানুহ মানুহৰ বাবে হৈ থকা নাই

বাট পথত তেজৰ টোপাল টোপ-টোপাইছে।


দেশৰ ভৱিষ্যৎ অসহায় শিশু অনাই-বনাই ঘূৰিছে,

কাৰোবাৰ সপোন আকাশ চুইছে,

কাৰোবাৰ সপোন মাটিত পোট খাইছে।



🟪বীৰ জোৱান

শান্তা দাস 

লংকা, হোজাই, অসম।




হে বীৰ জোৱান,

তুমি অদম্য সাহসৰ এক নাম। 

শত্ৰুৰ হৃদয়ত জ্বলি উঠা, 

তুমি এক জ্বলন্ত লাভা। 


তোমাৰ বীৰত্বৰ গাঁথা, 

আমি দেশবাসীয়ে শুনিছোঁ শহস্রবাৰ।

যদি হয় এবাৰ সৌভাগ্য, 

জনাম প্রনাম তোমালৈ বাৰবাৰ।


তুমি +50 ডিগ্ৰী চেলচিয়াচত, 

ৰাজস্থানৰ মৰুত দিয়া নিজ উপস্থিতৰ প্রমান। 

চিয়াচিনৰ গ্লেচিয়াৰত তুমি হোৱা, 

শত্রু নাশক একো একোজন ৰণ বাকুৰ।


হে বীৰ জোৱান তোমাৰ বীৰত্বৰ গাঁথা, 

কৈ কেতিয়াওঁ শেষ কৰিব নোৱাৰোঁ।

পিতৃ-মাতৃ,পত্নী-সন্তান ,ভাই- বন্ধু,

তেওঁলোকৰ পৰা দূৰত থাকিও তুমি দেখোৱা, 

বীৰ-পৰাক্রমৰ এক কাহিনী বিশেষ।


ভাৰতৰ মাতাৰ ৰক্ষাৰ্থে তুমি,

তেজৰ প্ৰতিটো কণিকা উৎসৰ্গা কৰি দিয়া। 

মৃত্যুও যাক দেখিলে ভয় কৰে,

তুমি সেই মহান দেশৰ বীৰ জোৱান।


তোমাৰ অদম্য সাহসৰ আগত, 

আমি নিচেই সৰু। 

তোমাৰ পৰাক্রমৰ সমকক্ষ হোৱাৰ ক্ষমতা, 

হয়তো আমাৰ কাহানিও নজন্মে।


হে পুণ্য আত্মা, 

নব্য দেশৰ বীৰ জোৱান। 

তোমাৰ বীৰত্বক জনাওঁ মই, 

শত-শত নমনঃ

______________________



🟪জোনাক

জেফলিন চুলতানা (নগাঁও )


আবেগবোৰ ঢালি দিব পৰাকৈ 

দুচকুৰ ভাষা বুজিব পৰাকৈ 

জোনাকী পৰুৱাৰ তিৰবিৰ পোহৰত 

আপোনাৰ হাতত হাত দুখন থৈ 

পাতিব খোজোঁ মনৰ বহুতো কথা 


কিন্তু আপুনি জানোঁ বুজি পাব ......!!

মোৰ আবেগবোৰ ..........!!


আপুনি জানোঁ হ'ব পাৰিব .......!!

জোনাক নিশাৰ এটি সভা.......!!

য'ত মোৰ যিমান মন বক্তৃতা দিম 

আৰু সভাপতিত্ব কৰিব আপুনি ।


নিশাৰ মনোৰম এই দৃশ্যবোৰ দেখি 

জোনাক নামি আহিব আমাৰ জীৱনলৈ 

আকাশৰ তৰা বিলাকেও 

আমাৰ সভাক সম্ভাষণ জনাব 

কিমান যে ভাল লগা হ'ব সেই সময়খিনি ....!!


হিয়া উজাৰি মৰমবোৰ বৈ আহিব আপোনালৈ 

হৃদয়েও দাবী জনাব 

এটি সুখৰ অট্টালিকা সজাবলৈ 

আপোনাৰ সতে চিৰদিন থাকিবলৈ

সেই জোনাক নিশাক সাক্ষী কৰি 

হ'ব জানো আপুনি মোৰ সংগী ????


              


🟪তুমি আৰু মই

শিল্পী দাস
  ভালুকমাৰী,ৰাণীপুখুৰী(হোজাই)



সপোনতো তুমি আৰু মই 
ভালপোৱাৰ সাগৰত উৰি আছোঁ,
ইয়াৰ অবিহনে একো নেদেখো।

বৰ ভালপাওঁ বুলি ক'লেও
আজি হ'ব চাগে মোৰ ভুল,
তুমিয়েই মোৰ মনেপ্ৰাণে হৃদয়ৰ সপোন।

এৰিব নোৱাৰিম কেতিয়াও তোমাক,
মৰি যাম তোমাক এৰিলে
এই মায়াৱী পৃথিৱীৰ বুকুত।

বৰ ভালপাওঁ তোমাক
তুমি মাথোঁ মোৰ,
মোৰ অবিহনে কাৰো নহ‌য়।

ভালপোৱা আছে বুলি
খং,অভিমানবোৰ তোমাৰ বাবে
হৃদয়খনত সাঁচি আছে।

তোমাৰ আৰু মোৰ এখন হৃদয়
সেয়ে নাযাবা তুমি কেতিয়াও,
নাযাওঁ মইও তোমাক এৰি এই জীৱনৰ বাবে।

ভালপোৱাক সাক্ষী কৰি,
এদিন দুয়ো মিলি যাম
সম্পৰ্কৰে সুখৰ সাগৰত।    
****************************


🟦অভ্যুত্থান হ'ব নতুন সভ্যতা

আয়নাল হক,ধুবুৰী 




সাম্প্ৰদায়িকতা--
ধৰ্মীয় অসহিষ্ণুতা
জীৱিকাৰ বাটত অন্তৰায় হোৱাটো
সমীচিন জানো কোৱা ?
এনে বিভেদকামী চিন্তাৰ পৰিণতিতে 
চাৰিওদিশত কেৱল
হিংসা আৰু প্ৰতিহিংসাৰ জুই।
তেজৰ সোঁত বৈছে ঘনে ঘনে।
মানুহবোৰ যন্ত্ৰ হ'ল
অনুকম্পা আৰু আন্তৰিকতাবিহীন অনুভৱে
গ্ৰাস কৰিছে মানৱ সমাজ
কেৱল ভেদাভেদ---!
মৰম,দয়া,ক্ষমাৰ অভাৱত
য'তে ত'তে মাথোঁ সংঘাত
নৃশংস আচৰণৰ বলি হৈছে দুৰ্বলীজন ,
কিয় পাহৰি গৈছে মানুহে
তেজৰ ৰং যে সকলোৰে ৰঙা।
হয়তো এনেদৰেই শেষ হ'ব
এই সভ্যতা !
অভ্যুত্থান হ'ব নতুন সভ্যতা
অভ্যুত্থান হ'ব নতুন সভ্যতা...।

✴️✴️✴️✴️✴️✴️✴️✴️


🟩অহংকাৰ

দেইজী কাৰ্খ বৰদলৈ


অহংকাৰ বেছি।
বহুত অহংকাৰ।
কিন্তু,,
কিয় ইমান অহংকাৰ??
কিহৰ কাৰণে অহংকাৰ??
টকা পইছাৰ কাৰণে অহংকাৰ।।
সা সম্পত্তিৰ কাৰণে অহংকাৰ।।
সেইটো আচলতে ভুল ধাৰণা।।।
টকা পইচা সা সম্পত্তি কোনেও 
মৰাৰ সময়ত লগত লৈ যাব নোৱাৰে।।।
কেইটামান দিনৰ কাৰণে
ইমান অহংকাৰ কৰি লাভ নাই।
মানুহৰ জীৱনটো ক্ষন্তেকীয়া।।।
আজি আছে।।
হয়তো কাইলে নাই।।
গতিকে দুদিনমানৰ কাৰণে
 ইমান অহংকাৰ কৰাৰ দৰকাৰ নাই।।


🟨মা-

বাহাৰুল ইছলাম (শিক্ষক) 
বালিজান, মৰিগাঁও
ম'বাইল- 9101130649



মা-
সৰগৰ এটি শব্দ
য'ত আছে জীৱনৰ মাদকতা
সৃষ্টিৰ কাৰেংত ৰঙীন আবিৰ সানি
সৃষ্টিৰ শ্ৰেষ্ঠ উপহাৰ
নদন-বদন পুষ্প কাননত শীতল এচাটি মাত
যি মাতে কঢ়িয়াই 
আশা আৰু সপোন
জীৱনৰ অমৃত আৰু শান্তি। 

হৃদয়ক দগ্ধ কৰি চিৰকাল কৰিলে পক্ষপাতী
আপোন চাহিদাক বন্দকীত থৈ
প'লে প'লে কৰিলা ত্যাগ
হৰ্ষময় কৰাৰ আপ্রাণ প্ৰয়াস
বিষাদৰ সহস্র নৈ বৈ গৈছে
হৃদয়ৰ মণিকোঠাত
তৎস্বত্বেও পক্ষপাতিত্ব কেৱল মাথোঁ
সন্তানৰ হকে। 

হক-বিহক নুবুজিল
নুবুজিলে শ্ৰম-পৰিশ্ৰম
কষ্টৰ সাগৰকো নেওচি বাৰে বাৰে ৰ'ল চাই
সন্তানৰ মুখখনি।

এগাল মিছা কথা কৈ গৈছে বাৰে বাৰে
নাখায়ো খোৱাৰ অভিনয়
নিপিন্ধিও পিন্ধাৰ ভাও লোৱা
কেতিয়াবা যদি ধাত্রী
আন কেতিয়াবা চিকিৎসক
শিকাইছে অনেক কিছু
গুৰুৰ ভূমিকা পালন কৰি। 

মা- 
এটি অবাধ চিনাকি নাম
যি সঁচাকৈয়ে কোমল আৰু নিকা
হৃদয়ত গভীৰ ঝংকাৰৰ সৃষ্টি কৰে
নিৰ্মল হয় কপটতা
স্বচ্ছ হয় কলুষিত আত্মা। 

মা-
ককবকাই থকা বিষাদৰ সাগৰত  নিগৰা এটি শব্দ
যাৰ হৃদয়ত আছে সাগৰ সম মৰম
গগণ সম দয়া
ওৰেটো জীৱন উচৰ্গা কৰিব খোজে
কেৱল সন্তানৰ পক্ষে। 

মা-
এটি বচন 
য'ত আছে আৰ্শীবাদৰ খনি, ৰোগৰ দৰৱ
যাৰ পৰশত প্ৰাণ পাই উঠে জগত
শীতল কোলাত আছে পৰম মায়া,গভীৰ স্নেহ। 

মা-
জগতৰ এটি বিস্ময়কৰ মাত
যি শব্দ আৰু অৰ্থৰ সাৰ্থক বচন
বিনন্দীয়া জগতৰ সৰ্বশ্ৰেষ্ঠ সম্পদ
যাৰ মৌসনা মিঠা মাতে 
হ্ৰাস কৰে যন্ত্রণা, লাঘৱ কৰে চকুলো। 

মা-
এটি অসাধাৰণ নাম
যি উচ্চাৰিত হয় আপোনা-আপুনি
স্বাধীন আৰু মুক্ত
প্ৰভাৱিত কৰে
জীৱনৰ পাতনি কিম্বা অন্তিম বেলালৈ। 

মা-
এটি বন্ধন
যি নহয় অন্ত কদাপি
সৰ্বদা কামনা কৰে বিকাশ
আৰ্শীবাদ কৰে জী থকালৈ
আনকি বৃদ্ধাশ্রমত থাকিও। 
"""""""""""""""""""""""""""""""""""""""""""""""


🟧ভাৱত বিভোৰ মোৰ কবি মন



ভাৱত বিভোৰ মোৰ মন
যেতিয়া হয় অনুভূতি প্ৰবণ ?
তেতিয়াই হাতত তুলি লওঁ কলম
কি লিখিম অনুভববোৰ হয় পলাতক
যিফালে ঘূৰাওঁ চকু দেখোঁ-ফুটুকাৰ ফেন
ভাবনা চিন্তা হতাহত সঙ্কটজনক 
বিস্মৃতিৰ প্ৰহাৰত স্মৃতিৰ জখম
সৃষ্টিৰ বৃষ্টি স্তব্ধ-ছন্দ হয়গৈ আবৰ্জনা
কবিৰ ঠিকনা হ'ব নে সৃষ্টিশীল ৰচনা ?
কীটানুযুক্ত সাহিত্যৰ বীজাণুনাশক মলম !

বুভূক্ষাত মই শব্দ সিজাই খাওঁ
শব্দৰ চলাথ অৰ্থত থতমত অবিদিত
বাক্য অলঙ্কাৰৰ কঙাল থমকি নৰওঁ
তথাপি হাৰ নামানি কলম চলাই যাওঁ
শব্দ মালাৰে কৰোঁ শুকুলা পৃষ্ঠা সজ্জিত !
কবিতা হয় যদি হওক,নহয় যদি নাই          
ৰসপান গৰল নে অমৃত পাঠকে দিব ৰায়  
কবিতাই সংস্কাৰ কৰে নে সমাজ ?
বৌদ্ধিক বিকাশৰ ৰেঙনি কিছু দস্তাবেজ
মানৱৰ কল্যাণত ব্ৰতি হওক বা নহওক
কবিতাই ভেদাভেদৰ বেহু ভঙা ফলক !!
_______________________________
আমিৰ হুছেইন আহমেদ |

🟥 এয়াই নেকি মানৱতা ? 

  চিন্ময় নাথ , চকিহালী , মানিকপুৰ , ( বঙাইগাঁও ) ।


হেৰৌ বাটৰুৱা ককাইদেউ  ,
চাওকছোঁন  সৌ বৃদ্ধ মানুহজনক 
কেনেকৈ পথৰ কাষত ফটা  কাপোৰ পিন্ধি শুই আছে ।
কাৰোঁ আজি সুধিৱলৈ সময় নাই , 
কিয় আছে এনেকৈ , কি হৈছে ?
কেৱল  আমি টকাৰ পিছত দৈৰি আছোঁ ।
এয়াই নেকি আমাৰ মানৱতা  ?

আকৌ চাওকছোঁন সৌ বৃদ্ধা মানুহগৰাকীয়ে   
কেনেকৈ ভিক্ষা মাগি আছে ।
কোনে দিছে তেওঁক  , তথাপি পেটৰ ভোগত মাগি আছে ।
 আমি ইমানেই  নিষ্ঠুৰ নে আজি ,
এয়াই নেকি আমাৰ মানৱতা  ?


ভাল লাগে কেতিয়াবা

কুকী মহন্ত


শান্ত প্ৰকৃতি,মৃদু বতাহ আৰু
কুল কুল শব্দৰে বৈ থকা
নদীখনৰ কাষত ৰৈ
কেতিয়াবা ভাল লাগে।

বৈ যোৱা নদীখনৰ বুকুত ভৰি থৈ
নদীৰ পাৰলৈ চাই থাকিও 
ভাল লাগে কেতিয়াবা 

শান্ত নদীখনত ব্যস্তভাৱে চলি থকা নাওখন 
আৰু নাৱৰীয়া কেইজনক
চাইও ভাল লাগে কেতিয়াবা।

এনেকৈ যান্ত্ৰিকতাৰ পৰা আঁতৰি 
প্ৰকৃতিৰ বুকুত নিজক বিচাৰি
ভাল লাগে কেতিয়াবা।।

          

Tuesday, August 08, 2023

জোনাকী সাপ্তাহিক ই আলোচনী,দ্বিতীয় বছৰ■আগষ্ট মাহ■ দ্বিতীয় সংখ্যা

   জোনাকী সাপ্তাহিক ই আলোচনী

     দ্বিতীয় বছৰ■আগষ্ট মাহ■ দ্বিতীয় সংখ্যা






🔶  স্তৱক শিতানৰ লেখক সকল:
সৰ্বশ্ৰী মেঘালী বৰা, সবিতা বেগম।আৰতি শৰ্মা প্ৰিয়ম ৰাগিণী।আমিৰ হুছেইন আহমেদ ।ছেলিমা বেগম। বিজুলতা পায়েং
গকুল চৌধুৰী ,ৰুহী কোঁৱৰ ।ৰজনীগন্ধা।মিন্টু গোৱলা,ৰফিক উদ্দিন।সঙ্গীতা ডেকা।মিনতি ডেকা ।শেৱালী বৰ্মন ।
নৱযানী বৰুৱা শইকীয়া

===================================


■কবিতা শিতানৰ কবি সকল:

ৰাতুল চেতিয়া ফুকন,আয়নাল হক, ৰাহুল চেতিয়া।নাজবিন চুলতানা।দৃলীনা দাস। এছ, ইছলাম।শিল্পী দাস।,সান্নিধ্য শইকীয়া



🟥   মেঘালী বৰা।
        গুৱাহাটী,হেঙেৰাবাৰী ।



(১)
দেওলগা পুখুৰীৰ পাৰত শুনিলোঁ
কাৰোবাৰ কৰুণ বিননি
হাতত টিপচাকিটো লৈ ওলাই গ'লোঁ
দেখিলোঁ এজাক জোনাকী পৰুৱাৰ ধেমালি ।
সাৰপাই গম পালোঁ
এটা স্বপ্ন বিভোৰ ৰাতিৰ উচুপনি ।
(২)
সেই বাটে নেযাবি দুনাই
পাৰ যদি নাঙলটোকে ধৰ।
কানি বৰবিহৰ নাম
নল'বি অ' পুতাই
পাৰ যদি নাঙলটোকে ধৰ।
( ৩ )
নিৰ্মল আকাশৰ তলত বহি
তোমাৰ কথা ভাবোঁতেই
ছাঁ আৰু পোহৰে মিলি
তোমাৰ উপস্থিতিৰ উমান দিলে।
( ৪ )
তাইৰ উকা কপালখন
দেখিলে
বুকুখন মোৰ বৰকৈ
বিষাই অ'
বৰকৈ বিষাই।
(৫)
তুমি কুশলে আছা নে ?
কিবা অজানিত আশংকাত
বুকুখন ধপ ধপকৈ কঁপি উঠিল
ঘৰৰ মুধচত পৰি আজি
কাউৰী জনীয়েও বৰকৈ ৰমলিয়াইছে
এয়া হেনো ভালৰ লক্ষণ নহয়
সঁচাকৈ, তুমি বাৰু কুশলে আছানে ?

(৫)
অনুভৱৰ সাগৰত
হাবুদাবু খাওঁতেই
আৱেগৰ জোৱাৰে
হৃদয়ত কোবাই গ'ল
প্ৰচণ্ড আঘাট।




🟧স্তৱক
সবিতা বেগম
বৰপেটা




কাপোৰ যোৰ সলাবৰেই হ'ল!!!
ভাৱনাৰ সাকোঁয়েদি গৈ গৈ বহু দূৰ
তিমিক বিচাৰি দুখবোৰ পেটত ভৰাবলৈ।
সূৰুযটো বাৰুকৈ দুৰ্বল ....!!!
মহাবাহুৰ বুকুত ভৰি থৈ
প্ৰয়াস ক্ষন্তেক জিৰণি .....





🟨   আৰতি শৰ্মা। বাইহাটা চাৰিআলি  , কামৰূপ ( অসম)।


১। হাতত  যেতিয়া  একোজাঁকি ফুল  থাকে
পাতৰ  কথা  কোনেও নেভাবে,
হৃদয়ত  যেতিয়া  হুমুনিয়াহ  থাকে
কাৰ  মাতে  তাত  হহুৱাব  পাৰে  ;
হাঁহিলেও  জানোচা 
চকুলো  অজানিতে   সৰে  ।
২। সৌন্দৰ্য কি?
কি সুন্দৰ শৰীৰ ?
কি নীৰজ নয়ন?
কি জীৱন? কি যৌৱন?
নে শুৱনি দেহৰ উখহা বুকুৰ উশাহ।

৩। এজন অন্ধ মানুহৰ সৌন্দৰ্য্য
আপুনি মনৰ চকুৰে চাব লাগিব।
এখন উৰাজাহাজৰ সৌন্দৰ্য্য
বতাহক চুই চাব লাগিব
এখন বাগিচাৰ সৌন্দৰ্য্য
চকুৰ ভঙ্গীৰে লুকাই চাব লাগিব
এজন দৰিদ্ৰ মানুহৰ সৌন্দৰ্য্য
শ্ৰমৰ পৰা উপাৰ্জন পিঠিত লৈ চাব লাগিব  ।

   ৪। এগৰাকী মহিলাৰ সৌন্দৰ্য্য
ই সহনশীলতাত আছে।
এজন মানুহৰ সৌন্দৰ্য্য
ই মানৱতাত আছে।
কেঁচুৱাএটাৰ সৌন্দৰ্য্য
ই হৃদয়ত আছে
জীৱনৰ সৌন্দৰ্য্য   ৰ্প্ৰেমত আছে
মৃত্যুৰ সৌন্দৰ্য্য জীৱনত আছে। 



 

🟩প্ৰিয়ম ৰাগিণী

অচিন চৰাইৰ সুহুৰিত
অৰণ্যখন সৰব হৈ পৰে
অৰণ্য আছে বাবেই মই গান গাব পাৰোঁ
নিজৰ লগতে চৰাইৰ কলৰবত
অৰণ্যখন ক্ৰমে মোৰ ভাললগা হৈ উঠে




🟦 সময়:
   
অপ্ৰতিৰোধ্য অবাধ্য কদাপি নহয় জব্দ
সৃষ্টিৰ ধাৰা অব্যাহত সময়ৰ দ্বাৰা
পল দণ্ড দিন মাহ বৰ্ষ শতিকা খৃষ্টাব্দ
সময়ৰ একক মহাকালৰ ক্ষুদ্ৰ সংস্কৰণ,
জন্ম বাঢ়ন জীৱনৰ অন্তিম পৰ্বত মৰণ
গছ লতা তৰু তৃণৰ একেই পৰম্পৰা
সময়ৰ দান দালান পঁজা জন ও পশুধন !!
__________________________
আমিৰ হুছেইন আহমেদ ।
বকো, বামুনবড়ী, কামৰূপ




🟪বিজুলতা পায়েং

জীৱনৰ যাতনাবোৰ
দগ্ধ হৃদয়ৰ মাজত  লৈ ফুৰিছোঁ
  মৌনতাৰ ভাষাৰে ,
  বুজিও নুবুজাৰ অভিনয় কৰি
মৰীচিকাৰ মাজত বিচাৰি ফুৰিছোঁ
আশাভৰা জীৱন ডায়েৰীৰ
ধূসৰ পৃষ্ঠাবোৰ ||



স্তৱক :ছেলিমা বেগম।

জীৱনৰ উকা কাগজত লিখা
নাথাকে নিজৰ নিজৰ ভাগ্য ,
জীৱনৰ প্ৰতিটো খোজতে
ঘাত প্ৰতিঘাত থাকে ,ঘাত প্ৰতিঘাত
নেওচি আমি আগুৱাই যোৱাটো
আমাৰ ভাগ্য।




স্তৱক:ৰুহী কোঁৱৰ

জীৱন কি নানা ৰঙী লহৰ
ৰামধেনু নাই অথচ অমাবস্যাৰ একা বেকা প্ৰহৰ
নৰক মুখি এসাগৰ প্ৰেমৰ ফটিকাত ডুবি আছে মোৰ কলিজা
আৰু এফালে ভোকাতুৰ যৌৱনে বিচাৰি ফুৰিছে বেআইনী মোহৰ ..



🟫স্তৱক   - গকুল চৌধুৰী
মোৰ পৰা তোমালৈ
তোমাৰ পৰা মোলৈ
এতিয়া বহু যোজন
দুৰৰ বাট
আজি যে আমাক
বৰ গধূৰ গধূৰ
অন্তহীন প্ৰতীক্ষাৰ
ক্ষণবোৰে কৰে
নিৰ্মম আঘাত ৷



🟩স্তৱক:মিন্টু গোৱলা

শেৱালী তুমি ফুলিছা
নিয়ৰৰ  কোমল দলিচাত 
শৰতৰ  ক্ষণত।
কঁহুৱা তুমি সজাইছা নৈৰ পাৰ
শাৰদী ৰাণী আহিব বুলি।
পদূলিৰ বকুল জোপাও সুগন্ধি
বিলাইছে শৰতৰ সন্ধিয়াৰ ক্ষণত ।



                        

🟨ৰজনীগন্ধা:
(১)
নিশাৰ তন্দ্ৰাত তোমাতেই অনুভৱ
আশাৰ কি যে অভিনৱ অভ্যুত্থান।

(২)
ম্লান সন্ধিয়াৰ তোমাৰ সান্নিধ্যত
জিলিকি উঠে অৰুণৰ শেষ কিৰণ।

(৩)
জাগ্ৰত হৈ উঠে মনৰ প্ৰত্যাশা।
তুমিয়েই মোৰ আদ্যোপান্তত
ফুলি থকা সূৰ্যমুখীৰ স্বন্দ।।




🟧স্তৱক :সঙ্গীতা ডেকা , ৰঙিয়া

কিমান দিনলৈ এই দৌৰাত্ম...?
ভাগ্যৰ পটভূমিত
ভাগৰৰ যুদ্ধত পৰাভূত হয়েই হৃদয়খন...
হাত সাৰিব পাৰি জানো অনুভূতিৰ পৰা
এক পৰীক্ষা ,
যেন নিজৰ লগতেই
আৰু জয়লাভ হ'বই লাগিব
নিজৰেই লগত ।




🟫স্তৱক:ৰফিক উদ্দিন।

বিদ্বেষ কিয়...?
সময় এক পঢ়াশালি
অভিজ্ঞতাৰ চাবি-কাঠি;
বৈষম্যৰ মুখামুখি কিয়
বাৰে বাৰে আমি...
এয়াইতো নহয় চতুৰালি
মূৰ্খামি...
চৰম মূৰ্খামি!
ফোন- ৯৮৬৪৭৯২৩৫৫



🟦স্তৱক:মিনতি ডেকা   

তলসৰা ফুলৰো সুৱাস নেহেৰায়
যদি গছকত মৰহি নেযায়
আহিনৰ পদুলিতো শেৱালী নসৰে
সন্ধ্যাৰ নিয়ৰে আহি দুপৰ নিশা নজগায়
সুখৰ ৰাতিটোও সিমানেই দীঘল হয়
আৱঁসীৰ এন্ধাৰে আহি আমনি নকৰে
পোৱাৰ সুখতকৈ নোপোৱাৰ আনন্দ বাঢ়ে
দৰদী পক্ষী জনীয়ে যদি নিতৌ পুৱাতে হাঁহে।।
🟪মই যে বৰ দুখীয়া
তোমাৰ দৰে মোৰ অট্টালিকাও নাই
চাদৰ ওপৰত উঠি সৰগি সপোন দেখিবলৈ।
মোৰ প্ৰস্তুতি সৰগ ভাগি বৈছে নিজৰা
বখলা বখলে সিঙিছে বুকুৰ বহল পতা
বন্ধকী বুকুত লাগিল শিকলি নোৱাৰোঁ তোমাক দিবলৈ।।




⬛  স্তৱক:শেৱালী বৰ্মন নলবাৰী।
                         
দগ্ধ হৃদয়ত মোৰ  আশাৰ বীজৰ কৰুণ চিৎকাৰ!
ভালেদিন হ'ল
সোনাৰুই পাহিমেলি মৰা নাই হালধীয়া হাঁহি
হৃদয় ফুলনিত মোৰ।
আশাৰ নৈখনত মাথোঁ বালিচৰ
এজাক ফেঁউৰাৰ চিঞৰ ,
বৰষুণ জাকে তিওৱা নাই
হৃদয় নৈখনি মোৰ ভালেদিন
হৃদয় মৰুত সেউজীয়াৰ দহন,
মৰুদ্যান বিচাৰি হাঁহাকাৰ
প্ৰেম তৃষ্ণাত আতুৰ প্ৰাণৰ।




তিনিটা অনুভৱৰ স্তৱক
নৱযানী বৰুৱা শইকীয়া, ডিগবৈ


আইৰ আঁচলত
এহাত এমুঠন দুখ
চহৰীয়া পোনাটিৰ সুখৰ আগত
আইৰ দুখ নগণ্য।

হালৰ ভৰত টনটননি উঠা
কান্ধখন পিতাইৰে
নাঙলৰ শিৰলুত দেখা সপোন বোৰ
পোনাটিৰ বাবেই
সপোনে শুব নিদিয়ে
পোনাটি উঠিব নোখোজে ।।

ৰুমালৰ দাঁতিত লেছ লগোৱা
ভনীৰ হাতখনে,
আজিকালি উৰি অহা টকা বুটলি ফুৰে।




⬛️স্তৱক দিব্যজ্যোতি ৰাজখোৱা,

       দেৰগাঁও


         (১)

কোনোবাখিনিত ৰৈ যোৱা কথাবোৰত হাল কোৰ ধৰি চহাবলৈও মাটিবোৰ হালধীয়া নহয়...

সেউজীয়া নহয় মনপথাৰৰ কঠিয়াতলিবোৰো,

তথাপিও ৰৈ যোৱা কথাৰ মাজতেই কথাবোৰ জীয়াই থাকে ৷


         (২)

কথাবোৰ বৰ ধুনীয়া,

ইমান ধুনীয়া যে কথাবোৰে মোক হাঁহিবলৈ শিকায় আৰু...

লগতে কান্দিবলৈও,

তথাপিও কথাবোৰ ভাললগা,ধুনীয়া,নানা ৰঙী ফুলৰ যেন শৰ্য্যা ৷


            (৩)

শৰ্য্যাত পৰিও ভাগৰি পৰিব নোৱাৰা নৰিয়াবোৰো এসময়ত প্ৰিয়,

নৰিয়াৰ সময়তটো সেই ৰৈ যোৱা কথাবোৰেই জীৱনৰ সত্য ৷


           (৪)

সত্য,সুন্দৰৰ আৰাধানতে আজি জীৱনৰ শৰ্যাগত সময়,

তথাপিও আজিও আশা আছে,

আশা কৰোঁ মই,

ৰৈ যোৱা কথাবোৰ অহাজনমত আকৌ আৰম্ভ হওঁক,

কথাবোৰত ভাললগাই ভাল লাগি থাকক চিৰসময়,চিৰজীৱন৷


====================××××==========


              

             নিৰ্বাচিত কবি কবিতা শিতান

⬛️সাক্ষী


আমি আজিৰ প্ৰজন্ম
এক বিভাজিত সময়ৰ সাক্ষী ।
পৰস্পৰে বুকুত চুৰি বহোৱাই
মৈত্ৰীৰ কথা পাতো ।
ৰং হীন ৰামধেনু আকাশত ভাঁহে
তেজৰ বৰষুণত মানুহ বোৰ তিতে ।
মানৱতাৰ পোচাক দলিয়াই
আদিম হিংস্ৰ শৰীৰ বোৰ জিলিকি উঠে।
চাই থাকোতেই ভাগি পৰে সাতামপুৰুষীয়া সাঁকো ডাল
চলনাময়ী নদীৰ পানীত।
সাঁতুৰি সাঁতুৰি মানুহ বোৰ ঘুৰি যায়
নিজৰ পাৰলে ।
দেখিছোঁ নদীক নাঙঠ কৰি
ৰাজপথত কৰা শুভাযাত্ৰা
কোনে সিঁচি দিয়ে মানুহৰ মগজুত
আদিম বৰ্বৰতা ।
দুখ লগাকৈ আমি এতিয়া
এক বিভাজিত সময়ৰ সাক্ষী।
*****

ৰাতুল চেতিয়া ফুকন
চৰাইদেউ।



⬜️কবিতাৰ শিৰোনাম: মন যায়

মোৰ মন যায়
সাগৰ হ'বলৈ,
গহীন-গম্ভীৰ হৈ
নদীৰ সৈতে খেলি থাকিবলৈ।।
মোৰ মন যায়
বিপ্লৱী হ'বলৈ
দুৰ্নীতি, শোষণৰ বিৰুদ্ধে
জনসাধাৰণক একত্ৰিত কৰি
প্ৰতিবাদ সাব্যস্ত কৰিবলৈ।।
মোৰ মন যায়
ডাক্তৰ হ'বলৈ,
দুখীয়া ৰোগীক
বিনামূল্যই জীৱন দান দিবলৈ।।
মোৰ মন যায়
পখিলা হ'বলৈ
ৰঙা নীলা ফুলৰ মৌ চুহিবলৈ।।
মোৰ মন যায়
শিক্ষা গুৰু হ'বলৈ
শিষ্য সকলক জ্ঞান দিবলৈ।।
মোৰ মন যায়
কবি হ'বলৈ
কাব্যিক অনুভূতিৰে
জগত জিনিবলৈ।।

ৰাহুল চেতিয়া,চিলাপথাৰ,৬০০৩০৯৮২৩৩




⬛️স্বাধীনতা
 আয়নাল হক ,ধুবুৰী 




বহু প্ৰত্যাশিত
এটি মধুৰ শব্দ--"স্বাধীনতা"
য'ত মূৰ্তমান আৱেগ,আত্মাভিমান
আৰু স্বকীয়তাৰ বিজয় ধ্বজা !

সহস্ৰজনৰ ত্যাগ আৰু বলিদানেৰে
দেশে লাভ কৰা স্বাধীনতাক
আজি কিদৰে কৰোঁ পালন ?

বাপুজীৰ অহিংসা মন্ত্ৰই
ইংৰাজৰ বুকুত
যি শক্তিশেল প্ৰয়োগ কৰিছিল
সেইয়া জানো অবিদিত কাৰোবাৰ ?

হিংসাৰ পৰিৱৰ্তে অহিংসা
বৰ্বৰতাৰ পৰিৱৰ্তে সহনশীলতা
ৰজাৰ শাস্তি মূৰ পাতি পাতি
অহিংসা নীতিৰে আকাশ-বতাহ কঁপাই
দেশৰ স্বাধীনতাক আনিছিল ঘূৰাই --!

কত শ্বহীদৰ তেজেৰে ৰাঙলী
এই স্বাধীনতাৰ পটভূমি !
ফিৰিঙ্গিৰ শোষণ আৰু অত্যাচাৰে
কোঙা কৰা জননীক
আত্ম বলিদানেৰে কৰিছিল উদ্ধাৰ।

অসহযোগ--আইন অমান্য আৰু
ভাৰত ত্যাগ আন্দোলনেৰে
বাপুজীৰ নেতৃত্বত স্বাধীনতা সংগ্ৰামীয়ে 
দেশত উৰুৱাইছিল ত্ৰিৰঙ্গ পতাকা !

ইমান ত্যাগৰ বিনিময়ত অনা স্বাধীনতাক
আমি মাথোঁ উদযাপনহে কৰোঁ !
পাৰিছোঁনে মূল্য দিব মুক্ত কণ্ঠে চিঞৰি
" বন্দে মাতৰম" বুলি?
দেশীয় সংস্কৃতিৰ অমল সৌধক
ৰাখিব পাৰিছোঁনে বিদেশীৰ প্ৰভাৱ মুক্ত কৰি ?

অপ্ৰিয় হ'লেও সত্য
ক'ব নোৱাৰাকৈয়ে আজিও পৰাধীন
পাশ্চাত্য সংস্কৃতিৰ প্ৰভাৱত !
কিয় নোৱাৰোঁ
স্বকীয়তা ৰক্ষা কৰি
স্বাধীনতাক সঁচা অৰ্থত
বাস্তৱত প্ৰতিষ্ঠা কৰিবলৈ ?

এতিয়াও আছে সময় !
আহা সকলোৱে ত্ৰিৰঙ্গাৰ তলত একত্ৰিত হৈ
ৰাষ্ট্ৰীয় সংগীতৰ তালে তালে প্ৰতিজ্ঞাবদ্ধ হৈ
প্ৰকৃতাৰ্থত স্বাধীনতা পালন কৰোঁ আমি
তেতিয়াহে দেশৰ আকাশত
উজ্বলি উঠিব সাফল্যৰ ৰক্তিম বেলি...।

 

🟦ভালপোৱাৰ নামত প্ৰতাৰণা কৰিলা


স্বচ্ছ কাঁচৰ দৰে মোৰ কোমলীয়া হৃদয়

আছিল জঞ্জালহীন মুক্ত জীৱন,

আজি মই তোমাৰ ভালপোৱাৰ মায়াজালত

তোমাক এৰিলে হ'ব মোৰ মৰণ।

কিছুমান কথাত ভুলৰ মাত্ৰা দীঘলীয়া কৰি

ভালপোৱাৰ নামত প্ৰতাৰণা কৰিলা,

মোৰ হৃদয়ৰ কোমল কথা নুশুনি

অতি সহজতে অচিনাকিৰ ৰূপ ধৰিলা।

সুপুৰুষৰ দৰে তোমাৰ হৃদয়ৰ ভাষ্য

আজি কাপুৰুষৰ দৰে পৰিচয় দিলা,

আঘাত সানিলা যি তি কৈ

মনৰ গভীৰ দুৰ্ভিক্ষ কৰি থৈ গ'লা।

বহু সপোন দেখুৱাই আহিছিলা জোন হৈ

মোৰ দুখৰ সমভাগী হোৱাৰ কথা কৈ,

বুজিছিলা মোক ভাল-বেয়া সকলোতে

প্ৰথম পৰিচয়েৰে প্ৰকৃত প্ৰেমীক হৈ।

বিচৰা নাই তোমাৰ আপোন হ'বলৈ

তুমি অতি আৱেগেৰে ভালপোৱাৰ ভিক্ষা মাগিছিলা,

মইও তোমাৰ দুচকুৰ নিস্বাৰ্থ মায়াত পৰিছিলোঁ

তুমি অতি আনন্দিত হৈ আকোঁৱালি লৈছিলা।

বহু মৰম সন্মানেৰে নিজৰ কৰি লৈছিলা

তোমাৰ হোৱাৰ সপোন দেখাইছিলা,

ভুলবোৰ আঁতৰাই মোৰ হ'ব বিচাৰিছিলা

তেন্তে আজি কিয় এনেকুৱা ৰূপ ধৰিলা।

নিজতকৈও বেছি ‌তোমাক নিজৰ কৰি লোৱাত

তুমি ভালপোৱাৰ নামত প্ৰতাৰণা কৰিলা,

তোমাৰ উপযুক্ত যদি নহয় মই

কিয় ভালপোৱাৰ নাম দি মোৰ জীৱনত আহিছিল?


     শিল্পী দাস

  ভালুকমাৰী,ৰাণীপুখুৰী(হোজাই)



🟩শৰৎ অহাৰ বাটত তুমি


              এছ, ইছলাম বৰপেটা

                           

শৰৎ অহাৰ বাটত তুমি

এমুঠি জোনাকৰ জ্যোতি হৈ

ক'লা ডাঁৱৰৰ আৱৰণ ভেদি

দেখা দিবানে তুমি

নিয়ৰৰ মুকুতাৰ মালা হৈ

দুৱৰিৰ সেউজীয়া দলিচাত। 


শৰৎ অহাৰ বাটত তুমি

সুগন্ধি শীতল বায়ুৰ পৰশহৈ

আহিবানে বসুন্ধৰালৈ? 

কৃষকৰ সপোনবোৰ ৰঙীন কৰিবলৈ

মৃদু মলয়াত কঁহুৱা ফুলবোৰ হালেজালে

তোমাক আদৰণি জনাবলৈ। 


শৰৎ অহাৰ বাটত তুমি

আহিবানে আকৌ

শেৱালি হাচনাহানা ফুলহৈ? 

ক'লা ডাঁৱৰৰ এজাক বৰষুণে 

সজীৱ কৰি তোলে সেউজী ধৰণীখন

বাট পথ ক্লেদমুক্ত কৰে। 


শৰৎ অহাৰ বাটত তুমি

ঘন কুঁৱলীয়ে আগুৰি ধৰা

গোটেই আকাশখন

মুক্ত কৰিবলৈ

তুমি আহিবানে মোৰ কাষলৈ?




🟨
জোনাক নিশাৰ সাধুকথা:দৃলীনা দাস


জোনাক নিশাৰ সাধুটিত সেইদিনা

বাৰুকৈয়ে বুৰ গৈছিলো

এজোলোকা জোনাক যেন মুঠিতেই সামৰিম 

জোনাকৰ সুধা পি যেন সকলো অৱসাদ পাহৰিম।


অন্ধকাৰ কুঠৰীটোত যেন সেইদিনা

জোনাকী পৰুৱা কেইজনীয়েই 

জোনাকৰ প্ৰতিধ্বনি হৈ বিয়পিছিল 

জোনাক সেইদিনা মোৰ নিচেই কাষতে বহিছিল।


জোনবাইৰ সৈতে  সেইদিনা কথা হওঁতে

তৰাৰ দেশৰ কাহিনী কৈছিল 

মই মোৰ হৃদয়তে সকলো  লৈছিলো সামৰি

জোনাকৰ সৈতে বহোতে পোনপটীয়াকৈ 

অহংকাৰত হৈ পৰিচিলো মই গদগদ্ 

কাৰণ 

 সেইদিনা মই নিচেই কাষৰৰ পৰা চুইছিলো 

 জোনাকক ।


হঠাৎ জোনাক ৰৌদ্ৰোজ্জ্বল হৈছিল

তন্দ্ৰা হেৰুৱাৰ সময়তে 

জোনাক সূৰুজৰ আঁৰত লুকাইছিল 

ৰ'দৰ তীব্ৰতাত জোনাক মোৰ হাতৰ পৰা সৰিছিল

এটি মিঠা সপোন হৈ জোনাক হঠাৎ সূৰুজ হৈ পৰিছিল 

সেইসময়ত জোনাক মোৰ মুঠিতেই হেৰাইছিল।




🟧প্ৰেম-বিবাহ:



প্ৰেম আধ্যাত্মিক,,

হৃদয়ৰ মিলন, আদৰ্শ,,

বিবাহ শাৰীৰিক,,

দুটা শৰীৰৰ একত্ৰীকৰণ,,,

এক কাকতলীয়া কথা,,

প্ৰেমে স্পৰ্শ কৰে আত্মাৰ উচ্চতা,,

গীতটোৱে হৃদয়ৰ বীণ বজাইছে,,

বিবাহ শৰীৰৰ লগত সংগতি ৰাখি,,

একেলগে খোজ কাঢ়িবলৈ কাহিনী এটা বনাইছে।।



নাম- সান্নিধ্য শইকীয়া।।

ঠিকনা - শিৱসাগৰ,আমগুৰি।।

পিন নং- ৭৮৫৬৮১,(অসম)।।

দূৰভাষ - ৮৬৩৮৭৮২৮৪৩।।




🟫হেৰুৱা ঠিকনা



ঢাকি ৰখা অলেখ পৃষ্ঠাৰ গোপন অধ্যায়েই

সৃষ্টিশীলতাৰ মূল ......

মইয়ো ৰাখিছিলো বহুতো বেঠা

 সংগোপনে এটা কোণত ।

নৈ পৰীয়া এই সন্ধিয়াটোত

কোনো নাই কাষত ...

আছে সেই

মনৰ গোপন কথাবোৰ ..।

  প্ৰচুৰ উত্তেজনাৰ

এটা চিঞৰ

কোনোৱে নুশুনা,কোনোৱে নেদেখা

মোৰ মনৰ ঘূৰ্ণন খলকনিত আজি

বালিচন্দাৰ নিশ্চুপ উচুপনি ..

অস্থিৰতাৰ প্ৰকোপত 

হেৰুৱালো পাৰ

হেৰাই আহিলো নিজৰ ঠিকনা ...

সৌৱা ..

বহুদূৰ উৰিম বুলি ভাবি

ডেউকাত আঘাত লাগি বাগৰি পৰিল,

ধৰফৰাব ধৰা এই জীৱইও প্ৰাণ পাইছে

দায়িত্ব আছে কাৰোবাৰ ওপৰত ...

যাওঁ ...মইয়ো

আকাশ আৰু নদীখনৰ দৰে

এটা গভীৰ সম্পৰ্ক বিচাৰি 

নতুন পৰিচয়ৰে ,

নদীয়ে যিদৰে আকাশৰ নীলাখিনিক

 বুকুত আকোৱালি লয়

সেইদৰে আকাশৰ হেমেকা আন্ধাৰখিনিকো

আকোৱালি লয় ...

পাওঁ যদি তোমাৰ ঠিকনা

এই নদীৰ দৰে বৈ ৰ'ব খোজো

 তোমাৰ হৃদয়ত আজীৱন...।।


নামঃনাজবিন চুলতানা

গাওঁঃ পাটসাকোঁ সন্দিকৈ গাওঁ

জিলাঃ শিৱসাগৰ

ফোন নংঃ৯৩৮৭৩৪৮২৭১

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...