Showing posts with label স্তৱক. Show all posts
Showing posts with label স্তৱক. Show all posts

Tuesday, August 08, 2023

জোনাকী সাপ্তাহিক ই আলোচনী,দ্বিতীয় বছৰ■আগষ্ট মাহ■ দ্বিতীয় সংখ্যা

   জোনাকী সাপ্তাহিক ই আলোচনী

     দ্বিতীয় বছৰ■আগষ্ট মাহ■ দ্বিতীয় সংখ্যা






🔶  স্তৱক শিতানৰ লেখক সকল:
সৰ্বশ্ৰী মেঘালী বৰা, সবিতা বেগম।আৰতি শৰ্মা প্ৰিয়ম ৰাগিণী।আমিৰ হুছেইন আহমেদ ।ছেলিমা বেগম। বিজুলতা পায়েং
গকুল চৌধুৰী ,ৰুহী কোঁৱৰ ।ৰজনীগন্ধা।মিন্টু গোৱলা,ৰফিক উদ্দিন।সঙ্গীতা ডেকা।মিনতি ডেকা ।শেৱালী বৰ্মন ।
নৱযানী বৰুৱা শইকীয়া

===================================


■কবিতা শিতানৰ কবি সকল:

ৰাতুল চেতিয়া ফুকন,আয়নাল হক, ৰাহুল চেতিয়া।নাজবিন চুলতানা।দৃলীনা দাস। এছ, ইছলাম।শিল্পী দাস।,সান্নিধ্য শইকীয়া



🟥   মেঘালী বৰা।
        গুৱাহাটী,হেঙেৰাবাৰী ।



(১)
দেওলগা পুখুৰীৰ পাৰত শুনিলোঁ
কাৰোবাৰ কৰুণ বিননি
হাতত টিপচাকিটো লৈ ওলাই গ'লোঁ
দেখিলোঁ এজাক জোনাকী পৰুৱাৰ ধেমালি ।
সাৰপাই গম পালোঁ
এটা স্বপ্ন বিভোৰ ৰাতিৰ উচুপনি ।
(২)
সেই বাটে নেযাবি দুনাই
পাৰ যদি নাঙলটোকে ধৰ।
কানি বৰবিহৰ নাম
নল'বি অ' পুতাই
পাৰ যদি নাঙলটোকে ধৰ।
( ৩ )
নিৰ্মল আকাশৰ তলত বহি
তোমাৰ কথা ভাবোঁতেই
ছাঁ আৰু পোহৰে মিলি
তোমাৰ উপস্থিতিৰ উমান দিলে।
( ৪ )
তাইৰ উকা কপালখন
দেখিলে
বুকুখন মোৰ বৰকৈ
বিষাই অ'
বৰকৈ বিষাই।
(৫)
তুমি কুশলে আছা নে ?
কিবা অজানিত আশংকাত
বুকুখন ধপ ধপকৈ কঁপি উঠিল
ঘৰৰ মুধচত পৰি আজি
কাউৰী জনীয়েও বৰকৈ ৰমলিয়াইছে
এয়া হেনো ভালৰ লক্ষণ নহয়
সঁচাকৈ, তুমি বাৰু কুশলে আছানে ?

(৫)
অনুভৱৰ সাগৰত
হাবুদাবু খাওঁতেই
আৱেগৰ জোৱাৰে
হৃদয়ত কোবাই গ'ল
প্ৰচণ্ড আঘাট।




🟧স্তৱক
সবিতা বেগম
বৰপেটা




কাপোৰ যোৰ সলাবৰেই হ'ল!!!
ভাৱনাৰ সাকোঁয়েদি গৈ গৈ বহু দূৰ
তিমিক বিচাৰি দুখবোৰ পেটত ভৰাবলৈ।
সূৰুযটো বাৰুকৈ দুৰ্বল ....!!!
মহাবাহুৰ বুকুত ভৰি থৈ
প্ৰয়াস ক্ষন্তেক জিৰণি .....





🟨   আৰতি শৰ্মা। বাইহাটা চাৰিআলি  , কামৰূপ ( অসম)।


১। হাতত  যেতিয়া  একোজাঁকি ফুল  থাকে
পাতৰ  কথা  কোনেও নেভাবে,
হৃদয়ত  যেতিয়া  হুমুনিয়াহ  থাকে
কাৰ  মাতে  তাত  হহুৱাব  পাৰে  ;
হাঁহিলেও  জানোচা 
চকুলো  অজানিতে   সৰে  ।
২। সৌন্দৰ্য কি?
কি সুন্দৰ শৰীৰ ?
কি নীৰজ নয়ন?
কি জীৱন? কি যৌৱন?
নে শুৱনি দেহৰ উখহা বুকুৰ উশাহ।

৩। এজন অন্ধ মানুহৰ সৌন্দৰ্য্য
আপুনি মনৰ চকুৰে চাব লাগিব।
এখন উৰাজাহাজৰ সৌন্দৰ্য্য
বতাহক চুই চাব লাগিব
এখন বাগিচাৰ সৌন্দৰ্য্য
চকুৰ ভঙ্গীৰে লুকাই চাব লাগিব
এজন দৰিদ্ৰ মানুহৰ সৌন্দৰ্য্য
শ্ৰমৰ পৰা উপাৰ্জন পিঠিত লৈ চাব লাগিব  ।

   ৪। এগৰাকী মহিলাৰ সৌন্দৰ্য্য
ই সহনশীলতাত আছে।
এজন মানুহৰ সৌন্দৰ্য্য
ই মানৱতাত আছে।
কেঁচুৱাএটাৰ সৌন্দৰ্য্য
ই হৃদয়ত আছে
জীৱনৰ সৌন্দৰ্য্য   ৰ্প্ৰেমত আছে
মৃত্যুৰ সৌন্দৰ্য্য জীৱনত আছে। 



 

🟩প্ৰিয়ম ৰাগিণী

অচিন চৰাইৰ সুহুৰিত
অৰণ্যখন সৰব হৈ পৰে
অৰণ্য আছে বাবেই মই গান গাব পাৰোঁ
নিজৰ লগতে চৰাইৰ কলৰবত
অৰণ্যখন ক্ৰমে মোৰ ভাললগা হৈ উঠে




🟦 সময়:
   
অপ্ৰতিৰোধ্য অবাধ্য কদাপি নহয় জব্দ
সৃষ্টিৰ ধাৰা অব্যাহত সময়ৰ দ্বাৰা
পল দণ্ড দিন মাহ বৰ্ষ শতিকা খৃষ্টাব্দ
সময়ৰ একক মহাকালৰ ক্ষুদ্ৰ সংস্কৰণ,
জন্ম বাঢ়ন জীৱনৰ অন্তিম পৰ্বত মৰণ
গছ লতা তৰু তৃণৰ একেই পৰম্পৰা
সময়ৰ দান দালান পঁজা জন ও পশুধন !!
__________________________
আমিৰ হুছেইন আহমেদ ।
বকো, বামুনবড়ী, কামৰূপ




🟪বিজুলতা পায়েং

জীৱনৰ যাতনাবোৰ
দগ্ধ হৃদয়ৰ মাজত  লৈ ফুৰিছোঁ
  মৌনতাৰ ভাষাৰে ,
  বুজিও নুবুজাৰ অভিনয় কৰি
মৰীচিকাৰ মাজত বিচাৰি ফুৰিছোঁ
আশাভৰা জীৱন ডায়েৰীৰ
ধূসৰ পৃষ্ঠাবোৰ ||



স্তৱক :ছেলিমা বেগম।

জীৱনৰ উকা কাগজত লিখা
নাথাকে নিজৰ নিজৰ ভাগ্য ,
জীৱনৰ প্ৰতিটো খোজতে
ঘাত প্ৰতিঘাত থাকে ,ঘাত প্ৰতিঘাত
নেওচি আমি আগুৱাই যোৱাটো
আমাৰ ভাগ্য।




স্তৱক:ৰুহী কোঁৱৰ

জীৱন কি নানা ৰঙী লহৰ
ৰামধেনু নাই অথচ অমাবস্যাৰ একা বেকা প্ৰহৰ
নৰক মুখি এসাগৰ প্ৰেমৰ ফটিকাত ডুবি আছে মোৰ কলিজা
আৰু এফালে ভোকাতুৰ যৌৱনে বিচাৰি ফুৰিছে বেআইনী মোহৰ ..



🟫স্তৱক   - গকুল চৌধুৰী
মোৰ পৰা তোমালৈ
তোমাৰ পৰা মোলৈ
এতিয়া বহু যোজন
দুৰৰ বাট
আজি যে আমাক
বৰ গধূৰ গধূৰ
অন্তহীন প্ৰতীক্ষাৰ
ক্ষণবোৰে কৰে
নিৰ্মম আঘাত ৷



🟩স্তৱক:মিন্টু গোৱলা

শেৱালী তুমি ফুলিছা
নিয়ৰৰ  কোমল দলিচাত 
শৰতৰ  ক্ষণত।
কঁহুৱা তুমি সজাইছা নৈৰ পাৰ
শাৰদী ৰাণী আহিব বুলি।
পদূলিৰ বকুল জোপাও সুগন্ধি
বিলাইছে শৰতৰ সন্ধিয়াৰ ক্ষণত ।



                        

🟨ৰজনীগন্ধা:
(১)
নিশাৰ তন্দ্ৰাত তোমাতেই অনুভৱ
আশাৰ কি যে অভিনৱ অভ্যুত্থান।

(২)
ম্লান সন্ধিয়াৰ তোমাৰ সান্নিধ্যত
জিলিকি উঠে অৰুণৰ শেষ কিৰণ।

(৩)
জাগ্ৰত হৈ উঠে মনৰ প্ৰত্যাশা।
তুমিয়েই মোৰ আদ্যোপান্তত
ফুলি থকা সূৰ্যমুখীৰ স্বন্দ।।




🟧স্তৱক :সঙ্গীতা ডেকা , ৰঙিয়া

কিমান দিনলৈ এই দৌৰাত্ম...?
ভাগ্যৰ পটভূমিত
ভাগৰৰ যুদ্ধত পৰাভূত হয়েই হৃদয়খন...
হাত সাৰিব পাৰি জানো অনুভূতিৰ পৰা
এক পৰীক্ষা ,
যেন নিজৰ লগতেই
আৰু জয়লাভ হ'বই লাগিব
নিজৰেই লগত ।




🟫স্তৱক:ৰফিক উদ্দিন।

বিদ্বেষ কিয়...?
সময় এক পঢ়াশালি
অভিজ্ঞতাৰ চাবি-কাঠি;
বৈষম্যৰ মুখামুখি কিয়
বাৰে বাৰে আমি...
এয়াইতো নহয় চতুৰালি
মূৰ্খামি...
চৰম মূৰ্খামি!
ফোন- ৯৮৬৪৭৯২৩৫৫



🟦স্তৱক:মিনতি ডেকা   

তলসৰা ফুলৰো সুৱাস নেহেৰায়
যদি গছকত মৰহি নেযায়
আহিনৰ পদুলিতো শেৱালী নসৰে
সন্ধ্যাৰ নিয়ৰে আহি দুপৰ নিশা নজগায়
সুখৰ ৰাতিটোও সিমানেই দীঘল হয়
আৱঁসীৰ এন্ধাৰে আহি আমনি নকৰে
পোৱাৰ সুখতকৈ নোপোৱাৰ আনন্দ বাঢ়ে
দৰদী পক্ষী জনীয়ে যদি নিতৌ পুৱাতে হাঁহে।।
🟪মই যে বৰ দুখীয়া
তোমাৰ দৰে মোৰ অট্টালিকাও নাই
চাদৰ ওপৰত উঠি সৰগি সপোন দেখিবলৈ।
মোৰ প্ৰস্তুতি সৰগ ভাগি বৈছে নিজৰা
বখলা বখলে সিঙিছে বুকুৰ বহল পতা
বন্ধকী বুকুত লাগিল শিকলি নোৱাৰোঁ তোমাক দিবলৈ।।




⬛  স্তৱক:শেৱালী বৰ্মন নলবাৰী।
                         
দগ্ধ হৃদয়ত মোৰ  আশাৰ বীজৰ কৰুণ চিৎকাৰ!
ভালেদিন হ'ল
সোনাৰুই পাহিমেলি মৰা নাই হালধীয়া হাঁহি
হৃদয় ফুলনিত মোৰ।
আশাৰ নৈখনত মাথোঁ বালিচৰ
এজাক ফেঁউৰাৰ চিঞৰ ,
বৰষুণ জাকে তিওৱা নাই
হৃদয় নৈখনি মোৰ ভালেদিন
হৃদয় মৰুত সেউজীয়াৰ দহন,
মৰুদ্যান বিচাৰি হাঁহাকাৰ
প্ৰেম তৃষ্ণাত আতুৰ প্ৰাণৰ।




তিনিটা অনুভৱৰ স্তৱক
নৱযানী বৰুৱা শইকীয়া, ডিগবৈ


আইৰ আঁচলত
এহাত এমুঠন দুখ
চহৰীয়া পোনাটিৰ সুখৰ আগত
আইৰ দুখ নগণ্য।

হালৰ ভৰত টনটননি উঠা
কান্ধখন পিতাইৰে
নাঙলৰ শিৰলুত দেখা সপোন বোৰ
পোনাটিৰ বাবেই
সপোনে শুব নিদিয়ে
পোনাটি উঠিব নোখোজে ।।

ৰুমালৰ দাঁতিত লেছ লগোৱা
ভনীৰ হাতখনে,
আজিকালি উৰি অহা টকা বুটলি ফুৰে।




⬛️স্তৱক দিব্যজ্যোতি ৰাজখোৱা,

       দেৰগাঁও


         (১)

কোনোবাখিনিত ৰৈ যোৱা কথাবোৰত হাল কোৰ ধৰি চহাবলৈও মাটিবোৰ হালধীয়া নহয়...

সেউজীয়া নহয় মনপথাৰৰ কঠিয়াতলিবোৰো,

তথাপিও ৰৈ যোৱা কথাৰ মাজতেই কথাবোৰ জীয়াই থাকে ৷


         (২)

কথাবোৰ বৰ ধুনীয়া,

ইমান ধুনীয়া যে কথাবোৰে মোক হাঁহিবলৈ শিকায় আৰু...

লগতে কান্দিবলৈও,

তথাপিও কথাবোৰ ভাললগা,ধুনীয়া,নানা ৰঙী ফুলৰ যেন শৰ্য্যা ৷


            (৩)

শৰ্য্যাত পৰিও ভাগৰি পৰিব নোৱাৰা নৰিয়াবোৰো এসময়ত প্ৰিয়,

নৰিয়াৰ সময়তটো সেই ৰৈ যোৱা কথাবোৰেই জীৱনৰ সত্য ৷


           (৪)

সত্য,সুন্দৰৰ আৰাধানতে আজি জীৱনৰ শৰ্যাগত সময়,

তথাপিও আজিও আশা আছে,

আশা কৰোঁ মই,

ৰৈ যোৱা কথাবোৰ অহাজনমত আকৌ আৰম্ভ হওঁক,

কথাবোৰত ভাললগাই ভাল লাগি থাকক চিৰসময়,চিৰজীৱন৷


====================××××==========


              

             নিৰ্বাচিত কবি কবিতা শিতান

⬛️সাক্ষী


আমি আজিৰ প্ৰজন্ম
এক বিভাজিত সময়ৰ সাক্ষী ।
পৰস্পৰে বুকুত চুৰি বহোৱাই
মৈত্ৰীৰ কথা পাতো ।
ৰং হীন ৰামধেনু আকাশত ভাঁহে
তেজৰ বৰষুণত মানুহ বোৰ তিতে ।
মানৱতাৰ পোচাক দলিয়াই
আদিম হিংস্ৰ শৰীৰ বোৰ জিলিকি উঠে।
চাই থাকোতেই ভাগি পৰে সাতামপুৰুষীয়া সাঁকো ডাল
চলনাময়ী নদীৰ পানীত।
সাঁতুৰি সাঁতুৰি মানুহ বোৰ ঘুৰি যায়
নিজৰ পাৰলে ।
দেখিছোঁ নদীক নাঙঠ কৰি
ৰাজপথত কৰা শুভাযাত্ৰা
কোনে সিঁচি দিয়ে মানুহৰ মগজুত
আদিম বৰ্বৰতা ।
দুখ লগাকৈ আমি এতিয়া
এক বিভাজিত সময়ৰ সাক্ষী।
*****

ৰাতুল চেতিয়া ফুকন
চৰাইদেউ।



⬜️কবিতাৰ শিৰোনাম: মন যায়

মোৰ মন যায়
সাগৰ হ'বলৈ,
গহীন-গম্ভীৰ হৈ
নদীৰ সৈতে খেলি থাকিবলৈ।।
মোৰ মন যায়
বিপ্লৱী হ'বলৈ
দুৰ্নীতি, শোষণৰ বিৰুদ্ধে
জনসাধাৰণক একত্ৰিত কৰি
প্ৰতিবাদ সাব্যস্ত কৰিবলৈ।।
মোৰ মন যায়
ডাক্তৰ হ'বলৈ,
দুখীয়া ৰোগীক
বিনামূল্যই জীৱন দান দিবলৈ।।
মোৰ মন যায়
পখিলা হ'বলৈ
ৰঙা নীলা ফুলৰ মৌ চুহিবলৈ।।
মোৰ মন যায়
শিক্ষা গুৰু হ'বলৈ
শিষ্য সকলক জ্ঞান দিবলৈ।।
মোৰ মন যায়
কবি হ'বলৈ
কাব্যিক অনুভূতিৰে
জগত জিনিবলৈ।।

ৰাহুল চেতিয়া,চিলাপথাৰ,৬০০৩০৯৮২৩৩




⬛️স্বাধীনতা
 আয়নাল হক ,ধুবুৰী 




বহু প্ৰত্যাশিত
এটি মধুৰ শব্দ--"স্বাধীনতা"
য'ত মূৰ্তমান আৱেগ,আত্মাভিমান
আৰু স্বকীয়তাৰ বিজয় ধ্বজা !

সহস্ৰজনৰ ত্যাগ আৰু বলিদানেৰে
দেশে লাভ কৰা স্বাধীনতাক
আজি কিদৰে কৰোঁ পালন ?

বাপুজীৰ অহিংসা মন্ত্ৰই
ইংৰাজৰ বুকুত
যি শক্তিশেল প্ৰয়োগ কৰিছিল
সেইয়া জানো অবিদিত কাৰোবাৰ ?

হিংসাৰ পৰিৱৰ্তে অহিংসা
বৰ্বৰতাৰ পৰিৱৰ্তে সহনশীলতা
ৰজাৰ শাস্তি মূৰ পাতি পাতি
অহিংসা নীতিৰে আকাশ-বতাহ কঁপাই
দেশৰ স্বাধীনতাক আনিছিল ঘূৰাই --!

কত শ্বহীদৰ তেজেৰে ৰাঙলী
এই স্বাধীনতাৰ পটভূমি !
ফিৰিঙ্গিৰ শোষণ আৰু অত্যাচাৰে
কোঙা কৰা জননীক
আত্ম বলিদানেৰে কৰিছিল উদ্ধাৰ।

অসহযোগ--আইন অমান্য আৰু
ভাৰত ত্যাগ আন্দোলনেৰে
বাপুজীৰ নেতৃত্বত স্বাধীনতা সংগ্ৰামীয়ে 
দেশত উৰুৱাইছিল ত্ৰিৰঙ্গ পতাকা !

ইমান ত্যাগৰ বিনিময়ত অনা স্বাধীনতাক
আমি মাথোঁ উদযাপনহে কৰোঁ !
পাৰিছোঁনে মূল্য দিব মুক্ত কণ্ঠে চিঞৰি
" বন্দে মাতৰম" বুলি?
দেশীয় সংস্কৃতিৰ অমল সৌধক
ৰাখিব পাৰিছোঁনে বিদেশীৰ প্ৰভাৱ মুক্ত কৰি ?

অপ্ৰিয় হ'লেও সত্য
ক'ব নোৱাৰাকৈয়ে আজিও পৰাধীন
পাশ্চাত্য সংস্কৃতিৰ প্ৰভাৱত !
কিয় নোৱাৰোঁ
স্বকীয়তা ৰক্ষা কৰি
স্বাধীনতাক সঁচা অৰ্থত
বাস্তৱত প্ৰতিষ্ঠা কৰিবলৈ ?

এতিয়াও আছে সময় !
আহা সকলোৱে ত্ৰিৰঙ্গাৰ তলত একত্ৰিত হৈ
ৰাষ্ট্ৰীয় সংগীতৰ তালে তালে প্ৰতিজ্ঞাবদ্ধ হৈ
প্ৰকৃতাৰ্থত স্বাধীনতা পালন কৰোঁ আমি
তেতিয়াহে দেশৰ আকাশত
উজ্বলি উঠিব সাফল্যৰ ৰক্তিম বেলি...।

 

🟦ভালপোৱাৰ নামত প্ৰতাৰণা কৰিলা


স্বচ্ছ কাঁচৰ দৰে মোৰ কোমলীয়া হৃদয়

আছিল জঞ্জালহীন মুক্ত জীৱন,

আজি মই তোমাৰ ভালপোৱাৰ মায়াজালত

তোমাক এৰিলে হ'ব মোৰ মৰণ।

কিছুমান কথাত ভুলৰ মাত্ৰা দীঘলীয়া কৰি

ভালপোৱাৰ নামত প্ৰতাৰণা কৰিলা,

মোৰ হৃদয়ৰ কোমল কথা নুশুনি

অতি সহজতে অচিনাকিৰ ৰূপ ধৰিলা।

সুপুৰুষৰ দৰে তোমাৰ হৃদয়ৰ ভাষ্য

আজি কাপুৰুষৰ দৰে পৰিচয় দিলা,

আঘাত সানিলা যি তি কৈ

মনৰ গভীৰ দুৰ্ভিক্ষ কৰি থৈ গ'লা।

বহু সপোন দেখুৱাই আহিছিলা জোন হৈ

মোৰ দুখৰ সমভাগী হোৱাৰ কথা কৈ,

বুজিছিলা মোক ভাল-বেয়া সকলোতে

প্ৰথম পৰিচয়েৰে প্ৰকৃত প্ৰেমীক হৈ।

বিচৰা নাই তোমাৰ আপোন হ'বলৈ

তুমি অতি আৱেগেৰে ভালপোৱাৰ ভিক্ষা মাগিছিলা,

মইও তোমাৰ দুচকুৰ নিস্বাৰ্থ মায়াত পৰিছিলোঁ

তুমি অতি আনন্দিত হৈ আকোঁৱালি লৈছিলা।

বহু মৰম সন্মানেৰে নিজৰ কৰি লৈছিলা

তোমাৰ হোৱাৰ সপোন দেখাইছিলা,

ভুলবোৰ আঁতৰাই মোৰ হ'ব বিচাৰিছিলা

তেন্তে আজি কিয় এনেকুৱা ৰূপ ধৰিলা।

নিজতকৈও বেছি ‌তোমাক নিজৰ কৰি লোৱাত

তুমি ভালপোৱাৰ নামত প্ৰতাৰণা কৰিলা,

তোমাৰ উপযুক্ত যদি নহয় মই

কিয় ভালপোৱাৰ নাম দি মোৰ জীৱনত আহিছিল?


     শিল্পী দাস

  ভালুকমাৰী,ৰাণীপুখুৰী(হোজাই)



🟩শৰৎ অহাৰ বাটত তুমি


              এছ, ইছলাম বৰপেটা

                           

শৰৎ অহাৰ বাটত তুমি

এমুঠি জোনাকৰ জ্যোতি হৈ

ক'লা ডাঁৱৰৰ আৱৰণ ভেদি

দেখা দিবানে তুমি

নিয়ৰৰ মুকুতাৰ মালা হৈ

দুৱৰিৰ সেউজীয়া দলিচাত। 


শৰৎ অহাৰ বাটত তুমি

সুগন্ধি শীতল বায়ুৰ পৰশহৈ

আহিবানে বসুন্ধৰালৈ? 

কৃষকৰ সপোনবোৰ ৰঙীন কৰিবলৈ

মৃদু মলয়াত কঁহুৱা ফুলবোৰ হালেজালে

তোমাক আদৰণি জনাবলৈ। 


শৰৎ অহাৰ বাটত তুমি

আহিবানে আকৌ

শেৱালি হাচনাহানা ফুলহৈ? 

ক'লা ডাঁৱৰৰ এজাক বৰষুণে 

সজীৱ কৰি তোলে সেউজী ধৰণীখন

বাট পথ ক্লেদমুক্ত কৰে। 


শৰৎ অহাৰ বাটত তুমি

ঘন কুঁৱলীয়ে আগুৰি ধৰা

গোটেই আকাশখন

মুক্ত কৰিবলৈ

তুমি আহিবানে মোৰ কাষলৈ?




🟨
জোনাক নিশাৰ সাধুকথা:দৃলীনা দাস


জোনাক নিশাৰ সাধুটিত সেইদিনা

বাৰুকৈয়ে বুৰ গৈছিলো

এজোলোকা জোনাক যেন মুঠিতেই সামৰিম 

জোনাকৰ সুধা পি যেন সকলো অৱসাদ পাহৰিম।


অন্ধকাৰ কুঠৰীটোত যেন সেইদিনা

জোনাকী পৰুৱা কেইজনীয়েই 

জোনাকৰ প্ৰতিধ্বনি হৈ বিয়পিছিল 

জোনাক সেইদিনা মোৰ নিচেই কাষতে বহিছিল।


জোনবাইৰ সৈতে  সেইদিনা কথা হওঁতে

তৰাৰ দেশৰ কাহিনী কৈছিল 

মই মোৰ হৃদয়তে সকলো  লৈছিলো সামৰি

জোনাকৰ সৈতে বহোতে পোনপটীয়াকৈ 

অহংকাৰত হৈ পৰিচিলো মই গদগদ্ 

কাৰণ 

 সেইদিনা মই নিচেই কাষৰৰ পৰা চুইছিলো 

 জোনাকক ।


হঠাৎ জোনাক ৰৌদ্ৰোজ্জ্বল হৈছিল

তন্দ্ৰা হেৰুৱাৰ সময়তে 

জোনাক সূৰুজৰ আঁৰত লুকাইছিল 

ৰ'দৰ তীব্ৰতাত জোনাক মোৰ হাতৰ পৰা সৰিছিল

এটি মিঠা সপোন হৈ জোনাক হঠাৎ সূৰুজ হৈ পৰিছিল 

সেইসময়ত জোনাক মোৰ মুঠিতেই হেৰাইছিল।




🟧প্ৰেম-বিবাহ:



প্ৰেম আধ্যাত্মিক,,

হৃদয়ৰ মিলন, আদৰ্শ,,

বিবাহ শাৰীৰিক,,

দুটা শৰীৰৰ একত্ৰীকৰণ,,,

এক কাকতলীয়া কথা,,

প্ৰেমে স্পৰ্শ কৰে আত্মাৰ উচ্চতা,,

গীতটোৱে হৃদয়ৰ বীণ বজাইছে,,

বিবাহ শৰীৰৰ লগত সংগতি ৰাখি,,

একেলগে খোজ কাঢ়িবলৈ কাহিনী এটা বনাইছে।।



নাম- সান্নিধ্য শইকীয়া।।

ঠিকনা - শিৱসাগৰ,আমগুৰি।।

পিন নং- ৭৮৫৬৮১,(অসম)।।

দূৰভাষ - ৮৬৩৮৭৮২৮৪৩।।




🟫হেৰুৱা ঠিকনা



ঢাকি ৰখা অলেখ পৃষ্ঠাৰ গোপন অধ্যায়েই

সৃষ্টিশীলতাৰ মূল ......

মইয়ো ৰাখিছিলো বহুতো বেঠা

 সংগোপনে এটা কোণত ।

নৈ পৰীয়া এই সন্ধিয়াটোত

কোনো নাই কাষত ...

আছে সেই

মনৰ গোপন কথাবোৰ ..।

  প্ৰচুৰ উত্তেজনাৰ

এটা চিঞৰ

কোনোৱে নুশুনা,কোনোৱে নেদেখা

মোৰ মনৰ ঘূৰ্ণন খলকনিত আজি

বালিচন্দাৰ নিশ্চুপ উচুপনি ..

অস্থিৰতাৰ প্ৰকোপত 

হেৰুৱালো পাৰ

হেৰাই আহিলো নিজৰ ঠিকনা ...

সৌৱা ..

বহুদূৰ উৰিম বুলি ভাবি

ডেউকাত আঘাত লাগি বাগৰি পৰিল,

ধৰফৰাব ধৰা এই জীৱইও প্ৰাণ পাইছে

দায়িত্ব আছে কাৰোবাৰ ওপৰত ...

যাওঁ ...মইয়ো

আকাশ আৰু নদীখনৰ দৰে

এটা গভীৰ সম্পৰ্ক বিচাৰি 

নতুন পৰিচয়ৰে ,

নদীয়ে যিদৰে আকাশৰ নীলাখিনিক

 বুকুত আকোৱালি লয়

সেইদৰে আকাশৰ হেমেকা আন্ধাৰখিনিকো

আকোৱালি লয় ...

পাওঁ যদি তোমাৰ ঠিকনা

এই নদীৰ দৰে বৈ ৰ'ব খোজো

 তোমাৰ হৃদয়ত আজীৱন...।।


নামঃনাজবিন চুলতানা

গাওঁঃ পাটসাকোঁ সন্দিকৈ গাওঁ

জিলাঃ শিৱসাগৰ

ফোন নংঃ৯৩৮৭৩৪৮২৭১

Tuesday, January 03, 2023

স্তৱক:মিন্টু গোৱলা

🔸 স্তৱক



"সীমাহীন মৰমে হিয়া জোৰাই 

দুচকুৰ চাৱনি হিয়া কঁপাই

অযুত ভাবনাই হিয়া দহাই।"

                  © মিন্টু গোৱলা  লখিমপুৰ,কদম

স্তৱক:প্ৰগতি গগৈ চাংমাই

🔸স্তৱক

 ©প্ৰগতি গগৈ চাংমাই

নীলা বেদনাবোৰে এতিয়া খোপনি পুতিব নোৱাৰে

ছাঁই হৈ উৰে প্ৰতাৰণাৰ পৃষ্ঠা,

বিশ্বাস আৰু সাহচৰ্যৰে জীৱন জীয়াৰ সাধনা

পূৰণ হয় মোৰ অযুত বাসনা।

বুকুৰ ভিতৰখন জ্বলা-পোৰা নকৰে দুখত

মৰমৰ কঙালত নবয় লোতকৰ নদী

পৰম উছাহেৰে চাওঁ হেঙুলীয়া বেলি

সজাওঁ বুলি জীৱনক নতুন হেঁপাহত।

Tuesday, December 20, 2022

স্তৱক:বীনা দেবী

■ স্তৱক

বীনা দেবী-মৰিগাওঁ 


জীৱন বোধৰ কিছু  স্তৱক

         

সৰাপাত বোৰে আমাক  বহুত 

কথাই সঁকিয়াই  দিয়ে

যেতিয়া আন কাৰোবাৰ অনাহক বোজা হবা

আপোনজনেও থেলি পেলাই  দিব।

এনেদৰে গছ ডালৰো মৰমৰ পাতখিলাএদিন 

নিৰ্দয় ভাবে ভূলন্ঠিত হয়

এয়ে জীবন বোধৰ শিক্ষা 

-------------------

স্মৃতি বোৰ এপদ এপদ গহনা

দুখৰ বা সুখৰ বা আতংকৰ

সকলোৱে জীৱন বোধৰ শিক্ষা  দিয়ে

সাঁচি থব লাগে সজতনেৰে

খুলি চাব সাবধানেৰে

আজিৰ খোজটো কেনেকৈ দিবা

তাতেই কোৱা  আছে।

****************

জীৱনত সেইজনেহে কৃতকাৰ্য্য  হব পাৰে

যিজনে আজিৰ দিনটোৰ অভিজ্ঞতা খিনি

ধূলি বালি বুলি আঁতৰাই  নিদি

ৰঙীন ফাকুগুৰি বুলি কঁপালত সানি লৈ

জীবন যুঁজত আগবাঢ়ে।

**************

বিপদত যেতিয়া  পৰো

 সহায়  কৰিবলৈ আগবাঢ়ি  নাহি

সকলোৱে  দ পানীত  গতিয়াই দিয়ে

কিন্তু লাভ এটাই হয় 

সাধুজনে তাতে ভালদৰে সাতুৰিবলৈ শিকে।

****************

আচলতে জীবনত সদায়  

আপোনজনেহে উন্নতিৰ জখলাডাল

আতৰাই পথৰুদ্ধ কৰে

ৰাস্তাত পাৰহোৱা  মেকুৰী জনীক

এনেই বদনাম দিওঁ ।

***************

যি সকলো সময়তে আক্ষেপ কৰি

দুখৰ বিলাপ মাতি থাকে

তাৰ ঘৰৰ দূৱাৰ ডলিৰ পৰা

সৌভাগ্যও মূখ ঘূৰাই  গুচি যায় ।

*********************

জীৱনত সকলো অভিলাষ শেষ হৈ গ'ল

এতিয়া  অভিলাষৰ সৰু  

তালিকা এখন আছে

যাৰ আৰম্ভণিতে তুমি  আছিলা

শেষতো তোমাকে বিচাৰো।

****************

তুচ্ছ গ্লানিত ভূগাতকৈ

কেতিয়াবা  নিজকে পাহাৰ বুলি ভাবি

থিয় হৈ চাবাচোন 

কাকোৱেই বেয়া  নালাগে 

খং নুঠে চকুপানী  নোলায়

জীৱনত হাজাৰ  দুখ কষ্ট  তোমাক  লৰাব নোৱাৰে 

*************

কাৰোবাৰ  সৰলতাবোৰক দূবৰ্লতা বুলি

তুচ্ছ  নকৰিবা।

পানীতকৈ সৰল পৃথিবীত একোৱে নাই

সেই পানী পচণ্ড সোঁতত

ডাঙৰ ডাঙৰ শিলাখণ্ডও  ভাঙি

টুকুৰা টুকুৰ হৈ যায় ।

'''****************

ভালেই কৰিলা মুখখন  ঘূৰাই  ল'লা

নহ'লে  কোনোবা সমূখত থাকিলে

নিৰ্ভীক ভাবে খোঁজ দিয়াত অসুবিধা হয়।

এনেকৈ জীৱন সহজ হয়

খোঁজবোৰ চিধা হয়।

**************

Tuesday, December 13, 2022

জীৱনৰ এক স্তৱক : খাইৰুল ইছলাম

  জীৱনৰ এক স্তৱক :

খাইৰুল ইছলাম

মানুহৰ জীৱন কাল

সদায় নাথাকে ভাল।

জীৱনত থাকে সুখ-দুখৰ সমাহাৰ

সংগ্ৰাম কৰিয়েই জীৱন হয় পাৰ।

Tuesday, December 06, 2022

স্তৱক:সমুজ্জ্বল ডেকা

স্তৱক:


"উকা কাগজত কাব্যিক শব্দৰে ভৰপূৰ হিয়াৰ বাকৰিত আগমন এজাক শান্তিৰ ৰুদ্ৰ বতাহ..."


                🖋️সমুজ্জ্বল ডেকা, ৰঙিয়া

Tuesday, November 22, 2022

স্তৱক:ৰাজ ৰাহুল

 স্তৱক 

                         ✍️ ৰাজ ৰাহুল 

পাত-গাভৰু জনীৰ আঁচলেৰে

মোৰ শৰীৰটো  চুই গল 

গমেই নাপালোঁ কেতিয়ানো উপত্যকা এৰি

নৈখনৰ  মাজ পালোঁ

এতিয়া  ডিঙিলৈকে মোৰ পানীয়ে পানী

তেওঁ  ঘাটত বহি খিলখিলাই  হাঁহিলে

মই হেনো ডুবাৰ আখৰাহে কৰিলোঁ

Tuesday, November 08, 2022

স্তৱক

 স্তৱক


পুৱাৰ ৰ'দালিয়ে,নিশাৰ দুখ ভাগৰ আঁতৰাই

মনলৈ সজীৱতা আনে

সেউজীয়া গছৰ পাতে

মিঁচিকি হাঁহে,এখোজ দুখোজকৈ

জীৱনৰ বাটত,জীৱনে আগ বাঢ়ে।।


  মিনতি ডেকা

উত্তৰ লখিমপুৰ

Tuesday, November 01, 2022

স্তৱক:মিনতি ডেকা

 স্তৱক

পুৱাৰ ৰ'দালিয়ে,নিশাৰ দুখ ভাগৰ আঁতৰাই

মনলৈ সজীৱতা আনে

সেউজীয়া গছৰ পাতে

মিঁচিকি হাঁহে,এখোজ দুখোজকৈ

জীৱনৰ বাটত,জীৱনে আগ বাঢ়ে।।


  মিনতি ডেকা

উত্তৰ লখিমপুৰ

Tuesday, October 18, 2022

স্তৱক:ৰাহুল চেতিয়া

 #স্তৱক


__সময় গতিশীল__

ধৰিত্ৰী যেন উদ্বিগ্ন __

যেন উদ্বেগৰহিত নহয় __

গ্ৰাসত বন্দীত্ব জীৱন _

সেউজী পশ্চাদভূমি __ !!

কল্পনাসিত আশা____

ৰূহহীন শৰীৰতত্ত্ব___

সংগ্রামী জীৱন__

সংগ্রাম জীৱনৰ মূল মন্ত্ৰ__!!


ৰাহুল চেতিয়া

Thursday, October 13, 2022

স্তৱক:ৰাহুল চেতিয়া

 স্তৱক:

হয়তো তুমি ভাবিবলৈ বাধ্য হৈছা

জীৱন যুদ্ধত পৰাজয় হৈ

স্বপ্ন বোৰ সামৰি

বিলীন হৈ পৰিছোঁ....!

মুক্ত আকাশত....!

সময়ৰ খেলত......!

বিলীন হলেও বিলাই যাম

মিঠা সুবাস...

দুষ্মন্ত-শকুন্তলাৰ 

পুনঃ মিলনৰ প্ৰতিশ্ৰুতিৰে।


ৰাহুল চেতিয়া

স্তৱক:ছেলিমা বেগম

 স্তৱক:


অভিমানী প্ৰেয়সী তুমি 
পবিত্ৰ প্ৰেমক হত্যা নকৰিবা 
মোৰ প্ৰেম গংগাতকৈ পবিত্ৰ !
তোমাৰ বাবে বাট চাই ৰ’ম 
তোমাৰ নামতেই পাৰ কৰিম 
উজাগৰী নিশা , তোমাৰ নামত 
গাই যাম বিষাদৰ গান !

ছেলিমা বেগম ৷

Tuesday, October 04, 2022

স্তৱক:ৰাহুল চেতিয়া

 স্তৱক:ৰাহুল চেতিয়া

কবিতা বোৰো চোন আজি কালি 

 পঢ়ি ভাল নালাগে,

অর্থহীনতাৰ অনুভৱে 

মগজুৰ ছৌপাশে মাথোঁ 

শব্দ হীনতাই আৱৰি ধৰি

কবিতাৰ সমাধি পাতে।

*********************

স্তৱক:ৰাহুল চেতিয়া

স্তৱক:

হয়তো তুমি ভাবিবলৈ বাধ্য হৈছা
জীৱন যুদ্ধত পৰাজয় হৈ
স্বপ্ন বোৰ সামৰি
বিলীন হৈ পৰিছোঁ....!
মুক্ত আকাশত....!
সময়ৰ খেলত......!
বিলীন হলেও বিলাই যাম
মিঠা সুবাস...
দুষ্মন্ত-শকুন্তলাৰ
পুনঃ মিলনৰ প্ৰতিশ্ৰুতিৰে।

ৰাহুল চেতিয়া

Sunday, October 02, 2022

স্তৱক:ৰাহুল চেতিয়া

 স্তৱক:


হয়তো তুমি ভাবিবলৈ বাধ্য হৈছা
জীৱন যুদ্ধত পৰাজয় হৈ
স্বপ্ন বোৰ সামৰি
বিলীন হৈ পৰিছোঁ....!
মুক্ত আকাশত....!
সময়ৰ খেলত......!
বিলীন হলেও বিলাই যাম
মিঠা সুবাস...
দুষ্মন্ত-শকুন্তলাৰ 
পুনঃ মিলনৰ প্ৰতিশ্ৰুতিৰে।

ৰাহুল চেতিয়া
মুখ্য সম্পাদক
জোনাকী ৱেব আলোচনী


Thursday, September 29, 2022

স্তৱক:সমূজ্বল ডেকা

স্তৱক:সমূজ্বল ডেকা
"স্মৃতি হৈ ৰোৱা 
প্ৰতিটো ক্ষণত
ভালপোৱাৰ মালা
গাঠি সজালা প্ৰেমৰ দলিচা..."

     🖋️সমুজ্জ্বল ডেকা, ৰঙিয়া

Tuesday, September 27, 2022

স্তৱক - ৰাহুল চেতিয়া

 স্তৱক - ৰাহুল চেতিয়া


(১)


কবিতাৰ প্রেমিক মই


কবিতাৰ আলসুৱা মৰম বিচাৰি


শব্দৰ কাব্য কাননত 


অনবৰতে ঘূৰি ফুৰোঁ


হিয়াখনিত


নিজৰ প্ৰেয়সী কবিতাক বিচাৰি।


(2)


কবিতা এটি লিখিবলৈ লৈছোঁ


শব্দ বোৰ দেখোন


বাগৰি গৈ


অনুভৱী হিয়াখনত


ভুমুকি মাৰি


অংকিত কৰিছে


মোৰ প্রিয় কবিতা প্ৰেয়সীক ।


✍️ৰাহুল চেতিয়া


নিলখপুৰ চিলাপথাৰ ধেমাজি


Monday, September 26, 2022

স্তৱক-সমূজ্জ্বল ডেকা

স্তৱক
"নিশাৰ জোনটিয়ে মৌনতাৰে বিলাই
 পোহৰৰ অনুভূতি;
সেই অনুভূতিৰে তৰায়ে লিখে সপোনৰ কবিতা। সপোনৰ কবিতা পঢ়ি আকাশে দিলে পুৱাৰ বাতৰি।"

          ✍️ সমূজ্জ্বল ডেকা, ৰঙিয়া

Sunday, September 25, 2022

স্তৱক-ৰাহুল চেতিয়া

 স্তৱক:

জীৱন বৰ বিচিত্রময়
নিঃস্বাৰ্থ হৃদয়...
নিৰাশ কৰ্ম...
আশাহত সপোনবোৰ..
প্ৰাপ্তি অপ্ৰাপ্তিৰ প্ৰতিযোগিতা..
স্বপ্নয় বিশৃংখল!
কল্পনাত্মক ধাৰণা!
অপ্ৰতিৰুদ্ধ মৃত্যুৰ যন্ত্ৰণা।


ৰাহুল চেতিয়া,

মুখ্য সম্পাদক

জোনাকী সাপ্তাহিক আলোচনী

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...