Showing posts with label ৰাজ ৰাহুল. Show all posts
Showing posts with label ৰাজ ৰাহুল. Show all posts

Tuesday, February 07, 2023

জোনটো আকাশত জ্বলিয়ে থাকক

 জোনটো আকাশত জ্বলিয়ে থাকক: ৰাজ ৰাহুল 

                           

তুমি সপোন দেখিছিলা নিজকে লৈ

সেইবাবে সকলো পাহৰি গ'লা।

কোনো কথা নাই--

চেষ্টা কৰিম সহজ হ'বলৈ।


খহি পৰা আকাশখনক

ধৰি ৰাখিবতো নোৱাৰি,

শুকাই যোৱা নদীখনত

অনুভৱে জানো ঢৌ খেলিব পাৰে ?


জোনটো আকাশত জ্বলিয়ে থাকক

ডাৱৰে ঢাকি ৰাখিলেও

অভ্যাস হৈছে আন্ধাৰত থকাৰ--!

মনত পেলাম আমাৰ যাত্ৰা-পথৰ

মৌ-বৰষা কাহিনীবোৰ--!


অতীত হৈ যাব সকলো

তথাপি আক্ষেপ নকৰোঁ,

দিঠক বুলি ভবা

সপোনৰ ভগ্নাৱশেষবোৰক

বলেৰে জোৰা দিব নোৱাৰোঁ।


ডায়েৰীৰ পৃষ্ঠা এটি পূৰ্ণ হ'ল

আউলীয়া চিন্তাৰ সিক্ত অভিজ্ঞতাৰে--!

স্মৃতিবোৰ ৰাখিব পাৰিমনে মচ নোখোৱাকৈ নে

সাঁচি ৰাখিব পাৰিম আছুতীয়াকৈ ??


            

প্ৰতীক্ষা: ৰাজ ৰাহুল

 প্ৰতীক্ষা: ৰাজ ৰাহুল 

          

                   


       

জিও পূৰ্ণ হ'ল

ডায়েৰীৰ পৃষ্ঠাটি--

সেই একেটি শব্দেৰে--"প্ৰতীক্ষা"

কিন্তু কিয়--

কিয় মুক্ত হ'ব পৰা নাই

একেটি শব্দৰ পৰা ?

কিহৰ প্ৰতীক্ষাত 

হেঁপাহৰ আঁচল পাতি

পাৰ কৰোঁ মূল্যৱান সময় ?


উত্তৰ বিহীন প্ৰশ্ন--,

এইয়াই চাগে মোহ--

নিজক ভালপোৱাৰ,

এইয়াই চাগে মোহ--

জীয়াই থকাৰ,


ওখোৰা-মোখোৰা জীৱন বাটত

অনিচ্ছা সত্বেও অংশ গ্ৰহণ কৰোঁ

কুট-কৌশলৰ শকুনি পাখাখেলত।

তথাপি প্ৰত্যাহ্বানৰ কাল ধুমুহাতো

মেলি আছোঁ হেঁপাহৰ দুহাত,

আজিও ঠিকনা বিচাৰোঁ

আকাশৰ নীলিম সীমনাত--।


এইয়াও যেন অগ্নি-পৰীক্ষা--

ধৈৰ্য আৰু আত্ম-বিশ্বাসৰ 

প্ৰান্তত এটাই শব্দ--"প্ৰতীক্ষা"...।


        

এইয়া জানো অবিদিত কাৰোবাৰ ?

 ইয়া জানো অবিদিত কাৰোবাৰ ?

  

নাৰী তুমি,

লজ্জা আৰু আভৰণতে

লুকাই থাকে তোমাৰ

অপাৰ সৌন্দৰ্য আৰু ৰহস্য !

শালীনতাই তোমাৰ শ্ৰেষ্ঠ অলংকাৰ।

এইয়া জানো অবিদিত কাৰোবাৰ ?


অথচ তুমি উচ্ছৃংখল,

মাৰ্জিত সাজ-পোছাকবোৰ যেন

তোমাৰ বাবে এলাৰ্জি

অল্প বস্ত্ৰ পৰিধানেৰে

তুমি নিজকে সজাইছা

অত্যাধুনিকা  ৰূপেৰে--।

সত্য কথাত--

পুৰুষৰ দৃষ্টি আকৰ্ষণ কৰাটো

তোমাৰ উদগ্ৰ নিচা হ'ল এতিয়া।


কিন্তু এবাৰ ভাবি চাইছানে

কি দৃষ্টিভংগীৰে তোমাক

সকলোৱে উপভোগ কৰে ?

উচ্ছৃংখল সাজ-পোছাকৰ বাবে

তুমি কিমানজনৰ যে

সমালোচনাৰ পাত্ৰ হৈ পৰিছা

সেই খবৰ ৰাখানে ?


জানা,

তোমাৰ এনে সাজ-সজ্জাৰ বাবেই

তুমি চিকাৰ হোৱা মাংসলোভীৰ

পুৰুষৰ সুপ্ত সত্তাক জাগ্ৰত কৰি

তুমি সৃষ্টি কৰা অপ্ৰিয় পৰিৱেশৰ,

ভুল কৰিছা তুমি

নাৰীৰ নিজস্বতা আৰু

ভদ্ৰতাৰ পৰিভাষা পাহৰি,

লাজবোৰ পুৰি খাই

অৱনমিত কৰিছা নিজকে নিজেই,

হেৰুৱাইছা প্ৰকৃত সৌন্দৰ্য

সোলকাই পেলাইছা মূল্যৱান অলংকাৰ

এইয়া জানো অবিদিত কাৰোবাৰ ??


✍️ ৰাজ ৰাহুল 

            

Tuesday, January 17, 2023

শিল্পী দিৱস:ৰাজ ৰাহুল

 শিল্পী দিৱস

              ✍️ ৰাজ ৰাহুল 

                          




হে অসমীৰ সুযোগ্য সন্তান

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা,

কিদৰে যাচোঁ বাৰু তোমাক শ্ৰদ্ধাঞ্জলি ?

তোমাৰ অনন্য গুণেৰে

তুমিতো  আজিও আছা

জনমানসত ভোটা তৰাৰ দৰে জিলিকি--!


ঋষিতুল্য পৰমানন্দ আগৰৱালা আৰু

দেৱী কিৰণময়ীৰ কোলা শুৱনি কৰি

সৰ্বযুগৰ কীৰ্তিৰে জ্যোতিষ্মান হৈ

তুমি জন্ম লৈছিলা অসম ভূমিত।


নাট্যকাৰ,কবি,সঙ্গীতজ্ঞ,প্ৰৱন্ধকাৰ,

ঔপন্যাসিক, স্বাধীনতা সংগ্ৰামী তুমি

অসমীয়া ভাষা-সাহিত্য আৰু

সংস্কৃতিৰ বৰপেৰাত অমূল্য অৱদানেৰে

দি গ'লা অমল চানেকি।


মাত্ৰ চৈধ্য বছৰ বয়সতে

"শোণিত কুঁৱৰী"ক জন্ম দি

তুমি পাতনি মেলিছিলা সাহিত্যিক জীৱনৰ-!

কাৰেঙৰ লিগিৰী শেৱালিৰ উচুপনি

ৰূপালীমৰ সতীত্বৰ নিৰ্মল কাহিনীৰে

তুমি দি গ'লা সাহিত্য ৰস

চিৰ যুগমীয়া কৰি।


কিমান যে অমিয়া সুৰেৰে

সজালা তোমাৰ গীতৰ পৃথিৱী !

ল'ৰাৰ পৰা বুঢ়ালৈকে সেইবাবে

কণ্ঠত নিগৰে জ্যোতি সঙ্গীতৰ সুমধুৰ কলি ।


বৰেণ্য শিল্পী ৰূপকোঁৱৰ,

আজি তোমাৰ কায়িক প্ৰস্থানৰ দিনটো

শ্ৰদ্ধাৰে সুঁৱৰিলোঁ "শিল্পী দিৱস" বুলি...।


          

Tuesday, January 03, 2023

এটি প্ৰেমৰ অনুভৱেৰে:ৰাজ ৰাহুল

 ◾️এটি প্ৰেমৰ অনুভৱেৰে

               ✍️ ৰাজ ৰাহুল 

কোৱাচোন এবাৰ--

কেতিয়াবা সাৰে থাকেনে 

তোমাৰ সপোনবোৰ

মোক গোপনে জগাবলে ?

কিয় বাৰু মই ইমান উন্মনা

তোমাৰ মনৰ বতৰা পাবলে ?

পাৰৰ দুপাখিত গুজি দিম

মোৰ অনুভৱেৰে সজ্জিত চিঠিৰ টুকুৰা

আদৰি ল'বানে--

হেৰা মোৰ মৰমী প্ৰিয়া ?


কোৱাচোন এবাৰ--

মোৰ মন বননিত ফুলি ৰ'বানে তুমি

হেঁপাহৰ এপাহি ৰক্ত গোলাপ হৈ ?

তোমাৰ কোমল পাপৰিত

মলয়া হৈ আঁকি যাম চেনেহ চুম্বন--

হৃদয় উতলা

বৈ যাব প্ৰেমৰ সুবাসী নিজৰা।


দিবানে প্ৰতিশ্ৰুতি--

নদী উভতি বৈ গ'লেও

মোৰ হৃদয়-বেদীত জ্বলাই যাম বুলি

প্ৰেমৰ শলিতাৰে উদীপ্ত বিশ্বাসৰ চাকি গচি?

হাতীপটি দেশৰ অবুজ মায়াৰে

মই সাজি আছোঁ এখন নীলিম আকাশ

পাৰি দিছোঁ জোনাকৰ দলিচা

অনুভৱত মাথোঁ তুমি--মাথোঁ তুমি ...।


                     

স্বাগতম নৱবৰ্ষ:ৰাজ ৰাহুল

🔸স্বাগতম নৱবৰ্ষ


                                ✍️ ৰাজ ৰাহুল 

                   


পুৰণিক বিদায় দি

কিছু আশা--এবুকু শিহৰণ জগাই

আহি আছে এটি নতুন বছৰ

ভাবিলেই ভাল লাগে

১ জানুৱাৰী আহিল বুলি।

উলাহত ক'ম যেন--

স্বাগতম্ নৱবৰ্ষ !

মনত পৰে দীঘলী পুখুৰীৰ পাৰত

তোমাক লগ পোৱা প্ৰথম দিনটি--

আজলী হৰিণীৰ দৰে

থৰ লাগি চাই থকা

তোমাৰ গোলাপী ওঁঠত

সমৰ্পিত হৈছিল মোৰ যৌৱনৰ প্ৰথম স্পৰ্শ--!

লাজুকী বনৰ দৰে কোচ-মোচ খাইও

তুমি ক'বলৈ নাপাহৰিলা --

" শুভ নৱ বৰ্ষ"

প্ৰেমৰ মধুৰ গুঞ্জন শুনিলোঁ হৃদয় জুৰি

নতুনৰ পৰশত স্পন্দিত বুকুখনত

ফুলি উঠিল হাজাৰ স্বপ্নাকুল হাস্নাহানা--!

সিদিনা প্ৰেমৰ কথা কোৱা চৰাইজনীক বিচাৰি

উজাগৰী হৈছিল মোৰ উমাল ৰাতি,

জানা,

তোমাৰ হাতে লিখা শুভেচ্ছা পত্ৰখন

আজিও ৰাখিছোঁ আলফুলে সামৰি,

সেই যে ১জানুৱাৰীটো 

তোমাৰ বাৰু মনত আছে নে নন্দিনী ?

মনত পৰিলে

ৰোমাঞ্চিত হওঁ আজিও।

যদিও তুমি মোৰ কাষতে আছা

তথাপি বছৰৰ প্ৰথম দিনটো আহিলে

মোৰ বাবে তুমি হৈ পৰা অনন্যা।

বৰ্ষজোৰা সপোনৰ প্ৰাপ্তি

তুমি মোৰ পিয়াসী নন্দিনী,

আহাচোন,আজিও পালন কৰোঁ

সেই ১জানুৱাৰী দিনটো

উশাহত উশাহ লৈ

কওঁ আহা--"স্বাগতম নৱবৰ্ষ"..।


        

এটি প্ৰেমৰ অনুভৱেৰে:ৰাজ ৰাহুল

 এটি প্ৰেমৰ অনুভৱেৰে


                          ✍️ ৰাজ ৰাহুল 

                                    



কোৱাচোন এবাৰ--

কেতিয়াবা সাৰে থাকেনে তোমাৰ সপোনবোৰ

মোক গোপনে জগাবলে ?

কিয় বাৰু মই ইমান উন্মনা

তোমাৰ মনৰ বতৰা পাবলে ?

পাৰৰ দুপাখিত গুজি দিম

মোৰ অনুভৱেৰে সজ্জিত চিঠিৰ টুকুৰা

আদৰি ল'বানে--

হেৰা মোৰ মৰমী প্ৰিয়া ?


কোৱাচোন এবাৰ--

মোৰ মন বননিত ফুলি ৰ'বানে তুমি

হেঁপাহৰ এপাহি ৰক্ত গোলাপ হৈ ?

তোমাৰ কোমল পাপৰিত

মলয়া হৈ আঁকি যাম চেনেহ চুম্বন--

হৃদয় উতলা

বৈ যাব প্ৰেমৰ সুবাসী নিজৰা।


দিবানে প্ৰতিশ্ৰুতি--

নদী উভতি বৈ গ'লেও

মোৰ হৃদয়-বেদীত জ্বলাই যাম বুলি

প্ৰেমৰ শলিতাৰে উদীপ্ত বিশ্বাসৰ চাকি গছি ?

হাতীপটি দেশৰ অবুজ মায়াৰে

মই সাজি আছোঁ এখন নীলিম আকাশ

পাৰি দিছোঁ জোনাকৰ দলিচা

অনুভৱত মাথোঁ তুমি--মাথোঁ তুমি ...।


                     

Tuesday, December 27, 2022

ঢেঁকী:ৰাজ ৰাহুল

 ঢেঁকী

                ✍️ ৰাজ ৰাহুল 

                                



ঢেঁকী--

আপুৰুগীয়া সম্পদ অসমীয়াৰ

গ্ৰামীণ জীৱনৰ  অহংকাৰ--!

যাৰ  ঘৰত কাহিলীপুৱাতেই

মাত শুনা যায় ঢেঁকীৰ

সেই ঘৰতে থাকে হেনো লখিমী বোৱাৰী--!

বিহু  আহিলে  কথাই নাই

ঢেঁকীৰ মাতত গাঁওবোৰ ৰজন্ জনায়।

চিৰা, পিঠাৰ আয়োজনত

জীয়ৰী-বোৱাৰীহঁতৰ

তৰণি  নোহোৱা হয় গাত।

ঢেঁকীত উলিওৱা চাউলেৰে ৰন্ধা ভাতৰ তৃপ্তি

কোনে  বুজি পায় ?

মাথোঁ বুজি পায় চহা অসমীয়াই--!


আচৰিত লাগে--

কোনে বাৰু প্ৰথম সাজি উলিয়ালে

এনে প্ৰয়োজনীয় সৰল সঁজুলি ?

হয়তো কোনো কৃষকেই ইয়াৰ জন্মদাতা

যি উপলব্ধি কৰিছিল ইয়াৰ আৱশ্যকতা।


আৰম্ভ হ'ল নগৰীকৰণ

শাৰীৰিক পৰিশ্ৰম লঘু কৰাৰ চিন্তাই

ধুই পেলালে মানুহৰ মন-মগজু--!

মেচিনত খুন্দা হ'ল ধান,চিৰা পিঠা

গৃহিণীৰ শ্ৰম লঘু হ'ল

ঢেঁকীৰ প্ৰয়োজনীয়তা কমি গ'ল

ভুল হ'লেও নধৰিবা জগৰ

সঁচাকৈ কৈছোঁ--

গাঁৱৰ মহিলাৰ চৰ্বী বাঢ়ি গ'ল

পুৱা-গধূলি খোজ কাঢ়িও

ৰক্ষা নোপোৱা হ'ল--!


এৰা,

গাঁৱত  এতিয়া

ঢেঁকীৰ মাত আপুৰুগীয়া হ'ল

ছবি হৈ ৰ'ব  ঢেঁকী

উত্তৰ পুৰুষে সুধিব ঢেঁকী মানে কি...।


              

Tuesday, December 13, 2022

বিচাৰি ল'লা সঁচা ঠিকনা:ৰাজ ৰাহুল

 বিচাৰি ল'লা সঁচা ঠিকনা:

কলং পাৰত সাহিত্য-সংস্কৃতিৰ 

সমন্বয় গঢ়ি

বহুজনক সপোন দেখুৱাই

তুমি গুছি গ'লা

আধা অঁকা ছবিখন তাতেই পেলাই।

এতিয়া শূন্যতাই গ্ৰাস কৰে

কলঙৰ বৰ্ণিল পাৰ--!

মৃত্যুৰ শীতল কোলাত আশ্ৰয় লৈ

তুমি যেন কৈ গ'লা

জীৱন সঁচাকৈ মাথোঁ দুদিনীয়া।

তোমাৰ মিঠা  হাঁহি

অমায়িক  আচৰণ আৰু

সৃষ্টি কৰ্মৰ সুগন্ধি সুবাসে

তোমাক আমাৰ মাজত ৰাখিব জীয়াই।

এগৰাকী সুদক্ষ প্ৰশাসিকা আছিলা

তুমি সুমিত্ৰা--!

বহুজনৰ প্ৰতিভাৰে শুৱনি কৰা

তোমাৰ মৰমৰ মঞ্চখন

নিজম হৈ পৰি আছে

তোমাৰ বেজাৰতে--!

গুণ-মুগ্ধসকলৰ মনৰ কথা

তুমিতো আৰু নুশুনা !

জীৱন নাটৰ সামৰণি মাৰি

তুমি আজি বহুত দূৰত--।

সপোন দেখুৱাব পৰা তুমিজনীয়ে

অতি সোনকালেই বিচাৰি ল'লা

তোমাৰ সঁচা ঠিকনা--!

কুশলে থাকা সুমিত্ৰা,

তোমাৰ সদগতিৰ অৰ্থে

অদৃশ্যজনৰ ওচৰত কৰিলোঁ প্ৰাৰ্থনা...।


              ✍️ ৰাজ ৰাহুল 

               

হৃদয়ৰ ৰং:ৰাজ ৰাহুল

 হৃদয়ৰ ৰং

                                 ✍️ ৰাজ ৰাহুল 

                                              

ইমান সহজ যে নহয়

কাৰোবাৰ হৃদয়খন পঢ়িবলৈ,

হয়তো জটিল কামটোৱেই হ'ল

মনৰ ভাষা অধ্যয়ণ কৰা।

সকলোকে বুজিব পৰা হ'লে

গোপনীয়তা বুলি একোৱেই নাথাকিলেহেঁতেন --!

সকলো অভিনেতা-অভিনেত্ৰী---

জীৱন নাটৰ।

কোনোবাই তোমাক হঁহুৱাবলৈকে হাঁহিব পাৰে,

আন কোনোবাই তোমাক কন্দোৱাবলৈকে

কান্দি দেখুৱাব পাৰে।

পৰিস্থিতিসাপেক্ষ আচৰণেৰেই

সকলোৱে সময় পাৰ কৰে।

তেনেহ'লে কেনেকৈ চিনিবা

হৃদয়ৰ ৰং ---

য'ত থাকে মাথোঁ গোপনীয়তা ...।


      

Tuesday, December 06, 2022

আইনষ্টাইন:ৰাজ ৰাহুল

 #আইনষ্টাইন 

 #আপেক্ষিতাবাদ 

#বনাম 

#মানৱতাবাদ 

                           ✍️ ৰাজ ৰাহুল 


মহা মহা পুৰুষৰ 

           চানেকীৰে জীৱনৰ 

আমিও কৰিব পাৰো 

            জীৱন গঢ়িত ...... ৷ 


যি সকল মহামনিষীৰ অলৌকিক জ্ঞানৰ 

জ্যোতিমালাই জগতৰ সৃষ্টি , স্থিতি , প্ৰলয়ৰ অধিকাৰী 

ভগৱানৰ অৰূপৰ সুন্দৰ সত্যক জ্যোতিম্মান কৰি 

জগত জোনালীময় কৰি তুলিছিল , মানৱ সমাজৰ জাতিভেদৰ মহা দানৱক মষিমূৰ কৰি  ' সবাৰ উপৰি মানৱ সত্য ’ আৰু  ' মানুহ মানুহৰ বাবে ’ এই মহাবাণীৰে মানৱ সমাজক  উদ্ভাসিত কৰি  তুলিছিল  - সেই সকলৰ ভিতৰত আইনষ্টাইন অন্যতম ৷


ইতিহাসৰ পাত লুটিয়ালে দেখা যায় যে যুগে যুগে একোজন ক্ষণজন্মা মহাপুৰুষৰ আবিৰ্ভাৱ হৈছিল ,  যাৰ দ্বাৰা সেই জাতিৰ , দেশৰ তথা বহল অৰ্থত গোটেই বিশ্বত একো একোটা মহৎ কাৰ্য সাধিত হয় ৷ ১৮৭৮ চনত মাৰ্চ মাহৰ ১৪ তাৰিখে কোনো এক শুভক্ষণত পিতৃ হেৰম্যানৰ ঔৰসত আৰু মাতৃ পলিনৰ গৰ্ভত জাৰ্মানীৰ  দক্ষিণ অঞ্চল বাভাৰিয়াৰ উলম নামৰ সৰু ঠাইত এনে ক্ষণজন্মা মহান মনিষী তথা মহান বিজ্ঞানীৰ আবিৰ্ভাৱ হৈছিল যি এক সাধাৰণ পৰ্য্যায়ত জীৱন আৰম্ভ কৰিও পৰবৰ্তী কালত নিজৰ একাগ্ৰতা , অধ্যাৱসায় তথা বিশুদ্ধ চিন্তাৰে গোটেই বিশ্বৰ বিজ্ঞান জগতক অভিভূত  কৰি নিজৰ নাম অমৰ কৰি থৈ গৈছে সেই মহান মনিষী তথা মহান বিজ্ঞানীজনেই হল আপেক্ষিতাবাদৰ জনক আইনষ্টাইন ৷


আইনষ্টাইনৰ জন্ম হৈছিল এটা ইহুদী পৰিয়ালত আৰু উনৈশ শতিকাৰ জাৰ্মানীৰ নিচিনা এখন দেশত যত ইহুদী সকলক বিভিন্ন কাৰণত ঘৃণাৰ চকুৰে চোৱা হৈছিল ৷ গতিকে বিভিন্ন অদৃশ্য ৰাজনৈতিক কাৰণত আইনষ্টাইনৰ পৰিয়ালে সলাবলগীয়া হৈছিল বাসস্থান ৷ উলমৰ পৰা মিউনিখ আৰু পৰৱৰ্তী পৰ্যায়ত মিউনিখ পৰা মিলান আৰু মিলানৰ পৰা জুৰিখ ৷ এই জুৰিখত থকা কালতেই অৰ্থাৎ ১৯০৫ চনত তেওঁ আবিষ্কাৰ কৰে  তেওঁৰ বিশ্ববিখ্যাত আপেক্ষিতাবাদ  তত্ব ৷ এই আপেক্ষিকতাবাদে বিশ্ববিখ্যাত কৰি তুলিলে আইনষ্টাইন আৰু তেওঁ হৈ পৰিল বিশ্বৰ , বন্দিত পদাৰ্থবিজ্ঞানী ৷ গোটেই বিশ্বৰ বিজ্ঞান সমাজৰ বাবে তেওঁ হৈ পৰিল এক বিস্ময় ৷ ধুমুহাৰ 

গতিত আপেক্ষিকতাবাদে তেওঁক লৈ গ’ল সফলতাৰ উচ্চতম শৃংগালৈ ৷ কিন্ত আইনষ্টাইন নিজে এই বিষয়ত সম্পূৰ্ণ উদাসীন ৷  আইনষ্টাইনৰ মন আছিল সাধাৰণে বুজি পোৱাৰ উৰ্ধ্বত ৷  এক সীমাহীন গভীৰতাই যেন সদায় তেওঁৰ মন আচ্ছন্ন কৰি ৰাখে আৰু এইটো কাৰণৰ বাবেই তেওঁ এপিনেদি যিদৰে আছিল অন্যমনস্ক আৰু নিৰ্বিষয়ী আনপিনে এক শিশুসুলভ সৰলতা আলাপপ্ৰিয়া আৰু বন্ধুবৎসল ৷ এপিনেদি নিসংগতা আনপিনে বন্ধুপ্ৰিয়তা ৷ এপিনেদি অতুলনীয় বুদ্ধি , আনপিনে  শিশুমন ৷ এপিনেদি গভীৰতা , আনপিনেদি তৰল পৰিহাসপ্ৰিয়তা ৷ একাধাৰে ই আশ্চৰ্য বৈপৰীত্য ৷ যিকোনো স্থান বা কাল বা পাত্ৰত আপেক্ষিকতাবাদৰ জনক গৰাকী সেইবাবে দিশহাৰা নহৈছিল ৷ 


ইহুদী বিদ্বেষৰ পৰা আৰম্ভ কৰি দুখন - দুখনকৈ হোৱা বিশ্বযুদ্ধৰ তিক্ত অভিজ্ঞতাৰ সাক্ষী আছিল এই আইনষ্টাইন  ৷  ১৯১৪ চনত পৰা ১৯৪৫ চনলৈ দ্বিতীয় বিশ্বযুদ্ধ ৷  ১০২১ চনৰ যুদ্ধোত্তৰ জাৰ্মানীত যেতিয়া প্ৰচণ্ড ইহুদী বিদ্বেষেৰে ভৰি পৰিছে তেতিয়া আইনষ্টাইনে নিজে নিজে ভিতৰি ভিতৰি এক তীব্ৰ  অৰ্ন্তদাহত ছটফটাইছে ৷ লাঞ্ছিত , শোষিত নিস্পেষিত ইহুদী সকলৰ বাবে কিবা কৰাৰ বাবে অদম্য ইচ্ছাশক্তি ক্ৰমে তীব্ৰৰ পৰা তীব্ৰতৰ হব ধৰিলে ৷ সংকল্প ললে কিবা এটা কৰাৰ আৰু কঠিন হৈছে আপোন কৰ্ত্তব্যত ইহুদীওতো মানুহ , সিহতৰো তেজ ৰঙা , সিহতেওঁ কথ কয় মানুহৰ ভাষাতেই সিহঁতৰো বুদ্ধি আছে , বিবেক আছে , বোধশক্তি , মানুহ হিচাপে মানুহৰ মৰ্যাদা ইহুদীয়ে নাপায়  কিয় ? ইহুদী বুলিলেই নহয় , নিৰ্যায়িত মানুহ বুলিয়েই ইহুদীহতৰ বাবে আইনষ্টাইন উঠি পৰি লাগিল ৷ ইহুদীহতৰ পূৰ্ণবাসনৰ  কাৰণে যি সকলে কাম কৰি গৈছে আইনষ্টান সেই সকলৰ ওচৰলৈ গল ইস্পাতৰ ফাল হৈ ৷ অকল বাৰ্লিন বা জাৰ্মানীৰে নহয় গোটেই পৃথিৱীৰ ইহুদীৰ বাবে আৰম্ভ হ’ল এক বলিষ্ঠা আন্দোলন ৷ জাৰ্মানী তথা গোটেই বিশ্বজুৰি আৰম্ভ হোৱা এই আন্দোলনত আপেক্ষিকতাবাদৰ জনক আইনষ্টাইন যোগদান এক বিৰল ঐতিহাসিক ঘটনা ৷ ইয়ে আইনষ্টাইন মহান বিজ্ঞানীৰ শাৰীৰ পৰা মহান মানৱলৈ উত্তৰণ ঘটালে ৷ সৰ্বসাধাৰণৰ দৃষ্টিত তেওঁ হৈ পৰিল এজন মানৱতাবাদী ৷ এফালে আপেক্ষিকতাবাদ , আনফালে মানৱতাবাদ ৷ আইনষ্টাইন ধ্যান ধাৰণাত আপেক্ষিকতাবাদৰ ঠাই গ্ৰহন কৰিলে মানৱতাবাদে ৷ তেওঁৰ গানিতিক যুক্তিক তল পেলাইছে মানৱিক যুক্তিয়ে ৷ তেওঁৰ মন মগজুত , ধ্যান ধাৰণাত মানৱতাবাদে আপেক্ষিকতাবাদৰ ওপৰত স্থান দখল কৰি ললে ৷ আপেক্ষিকতাবাদ নহয় , মানৱতাবাদ মানুহেই সৰ্বশেষ সত্য ৷ মানুহেই পূজাৰ থালৰ প্ৰথম নৈবদ্য ৷ নিৰ্যাতিত  , নিপেড়িত , লাঞ্ছিত ইহুদী সকলৰ বাবে আইনষ্টাইন নিজেই চান্দা উঠাইছিল ৷ 

কৈছিল ইহুদী সকলৰ চৰম লাঞ্ছনাৰ কথা , তেওঁলোকৰ প্ৰতি চৰম অবিচাৰৰ কথা নাৎসী বাহিনীৰ জাৰ্মানীত ইহুদী সকলৰ নিৰ্য্যাতনৰ কথা  ৷

 কথাবোৰ শুনি মানুহে শিয়ৰি উঠে , মানুহে কান্দে  মানুহে সহায়ৰ হাত আগবঢ়াই দিয়ে ৷ বিজ্ঞানী এজন কিমান মহান হলে বিজ্ঞানৰ স্বৰ্গসুখ এৰি আন্দোলনৰ বাবে ৰাস্তাত  নামিব পাৰে তাক বুজাই দিছে  

আইনষ্টাইন ৷ আইনষ্টাইনৰ মতে মানুহৰ বাবেই বিজ্ঞান , মানুহ বিজ্ঞানৰ বাবে নহয় ৷ 

আপেক্ষিকতাবাদে বিখ্যাত কৰি তোলা আইনষ্টাইনৰ 

বক্তৃতা আৰম্ভ হয় আপেক্ষিকতাবাদেৰে আৰু বক্তৃতা সামৰণি মাৰে মানৱতাবাদেৰে ৷ তেওঁৰ বক্তৃতাৰ প্ৰথমে হাতচাপৰি মাৰে বিজ্ঞানীয়ে , মাজত হাত চাপৰি মাৰে জ্ঞানীয়ে আৰু সৰ্বশেষত হাত চাপৰিৰ পিছত হাত চাপৰি মাৰে সৰ্বসাধাৰণে মানৱতাৰ এক উৎকৃষ্ট উদাহৰণ হৈ পৰিল আইনষ্টাইন ৷ 


সময়ৰ গতিত আইনষ্টাইন হৈ পৰিল মাৰ্কিন নাগৰিক ৷ কিন্ত  মানৱতাৰ এই পূজাৰীজনে আমেৰিকাত থকা কালছোৱাত অৰ্থাৎ ১৯৩৯ চনত  ২ আগষ্ট তাৰিখে দুজন ডেকা বিজ্ঞানী এনৰিকো ফাৰ্মি আৰু জিলাৰ্ডৰ প্ৰৰোচনাত পৰি চিঠি লিখিছিল তেতিয়াৰ আমেৰিকাৰ প্ৰেছিডেণ্ট ৰুছ ভল্টলৈ য’ত তেওঁ পাৰমানৱিক শক্তিৰ উপযোগিতাৰ বিষয়ে বৰ্ণনা কৰিছিল ৷ কিন্ত বিবেকৰ ওচৰত তেওঁ জীৱনৰ বাকী কালছোৱা জবাবদিহি হৈ ৰ’ল ৷  অসহ্য মানসিক যন্ত্ৰণাত ভুগিলে ৷ যুদ্ধবাজৰ চৰিত্ৰ কোনোদিনে সলনি নহয় বুলি জানিছিল ৷ ইতিহাসত ইয়াৰ বিপৰীত উদাহৰণ নাই ৷ আদিকালৰ পৰা একেই চৰিত্ৰ ৷ ইয়াত কেৱল নীতিৰ কথা হৃদয়ৰ কথা  ইয়াত অপ্ৰাসংগিক ৷ পৰমানু শক্তি মাৰ্কিন সেনাৰ হাতত পৰিলে কি হব পাৰে তাক তেওঁ ভালদৰে বুজি পাইছিল ৷ সেয়ে ১৯৪০ চনত তেওঁ পুনৰবাৰ লগ কৰিলে প্ৰেছিডেণ্ট ৰুছভল্টক আৰু ৰুছভল্টৰ পৰা প্ৰতিশ্ৰুতি আদায় কৰিলে পাৰমানৱিক শক্তি নিৰীহ মানুহৰ ওপৰত নকৰাৰ ৷ কিন্ত এই প্ৰতিশ্ৰুতি অকল প্ৰতিশ্ৰুতি হৈয়েই থাকিল ৷ 


আইনষ্টাইন এই চিঠিৰ ফলেই হৈছে বিখ্যাত মানহাটান প্ৰজেক্ট যত অতি গোপনীয়তাৰে নিৰ্মাণ কৰা  হৈছিল পৃথিৱী ধ্বংসকাৰী পাৰমানৱিক বোম ৷ যাৰ সাক্ষী হৈ ৰল হিৰোছিমা আৰু নাগাচাকি ৷ তীব্ৰ অনুশোচনাত আইনষ্টাইনৰ মন দগ্ধ ৷ অনুশোচনাৰ জুইত নিজে নিজে জ্বলি ছাই হৈ গৈছে আপেক্ষিকতাবাদৰে জনক আৰু মানৱতাৰ পূজাৰীজন ৷ তেওঁ নিজে নিজক ক্ষমা কৰিব পৰা নাছিল ৷ শৰীৰ আৰু মন দুয়োটাই ভাগি পৰিছিল তীব্ৰ মানসিক যন্ত্ৰণাত ছটফটাই অতি আক্ষেপেৰে ভগৱানক প্ৰাৰ্থনা কৰিছিল  ' হে ভগৱান অহা জনমত মোক বিজ্ঞানী কৰি জন্ম নিদিবা , মোক জন্ম দিবা মুচীৰ ঘৰত ’ ৷ হিৰোছিমা আৰু নাগাচাকিৰ পাৰমানৱিক বোমাৰ বিস্ফোৰণ তেওঁৰ জীৱনৰ অন্যতম্‌ দুখৰ কাৰণ হিচাপে থাকি গৈছিল ৷ সেয়ে জীৱনৰ অন্তিম কালত তেওঁ কৈছিল ' হে হিৰোছিমা, হে নাগাচিকা পাৰিলে মোক ক্ষমা কৰি দিবা , চিঠিখন সেইদিনা মই জানিশুনি লিখা নাছিলোঁ ৷ 


১৯৫৫ চনত ১৮ এপ্ৰিল তাৰিখে পৃথিৱীত হোৱা নাছিল বিশ্বযুদ্ধ , হোৱা নাছিল কোনো মহাপ্ৰলয় , কিন্ত পৃথিৱী তথা সমগ্ৰ মানৱজাতিয়েই হেৰুৱাইছিল এজন  বিশ্ববন্দিত  মানৱতাৰ পুজাৰী যাৰ নাম আছিল এলৱাৰ্ট আইনষ্টাইন ৷ 


               

তুমি কেনে আছা:ৰাজ ৰাহুল

 তুমি  কেনে আছা

                                 ✍️ ৰাজ ৰাহুল 

                                                 

পুৱাৰ বেলিটো যেতিয়া 

ডাৱৰৰ আৱৰণ ফালি

 পূব আকাশত উদয় হয়,

সুধিবলৈ মন যায় 

তুমি কেনে আছা?

তোমাৰ  প্ৰতি থকা মোৰ  প্ৰতি শুভাশিসে

তোমাৰ  জীবনৰ প্ৰতি পল অনুপল 

লিখি যাওঁক সুখৰ সংজ্ঞা।

জীবনৰ বাটচৰাত  ফুলি ৰওঁক--

পাহি পাহি বেলিফুল 

জাতিষ্কাৰ হওঁক  জীৱনৰ 

প্ৰতিটো প্ৰভাত সুখ ফুলেৰে

তুমিযে মোৰ  অতিকে আপোন,

নিৰ্ভেজাল তোমাৰ  জীৱন গৰিমাৰ

লিখা হওঁক সুখৰ আলিংগনত 

সুন্দৰ  কবিতা ।

মইতো এতিয়া  বহুত  দূৰত

ঢুকি নোপোৱা  দুৰত্বৰে---

পাহিকটা জলঙাৰে চাম তোমাক ---

তোমাৰ  সুখৰ প্ৰতি  সন্ধ্যা

মোৰ ওঁঠত  বিৰিঙিব সন্তুষ্টিৰ মৃদু হাঁহি ।

আকৌ কওঁ--তুমি কেনে আছা?

সঠিক  নে তোমাৰ  মায়াময় 

ছায়ামায়া জীৱন যাত্ৰা ?


---------------------------------

Tuesday, November 29, 2022

বিজ্ঞাপন:ৰাজ ৰাহুল

   বিজ্ঞাপন



নিবনুৱাৰ  বুকুত আশাৰ সঞ্চাৰ কৰি

আহি গ'ল আকাংক্ষিত বিজ্ঞাপন---

"ত্ৰিশ হাজাৰ পদ খালী--

আৱেদনৰ শেষ তাৰিখ দুই জুলাই--"

লাখ লাখ শিক্ষিত যুৱক-যুৱতীয়ে

ভিৰ লগালে কম্পিউটাৰ দোকানত,

এটা চাকৰি কাকনো নালাগে !

সংস্থাপনহীন জীৱনৰ যেন

কোনো  অৰ্থই  নাথাকে--!

পুতৌমূলক কথাৰে জানো পেট ভৰে?

শিক্ষিত নিবনুৱাৰ  হুমুনিয়াহত

পিতৃ-মাতৃৰ চকুৰ টোপনি সৰে।

দুখজনক ভাৱে

বহু অপেক্ষাৰ অন্তত

অনামিকাই অন্য পথ গ্ৰহণ কৰে।

দুচকুৰ সপোন শেষ হোৱাৰ তাড়নাত

কোনোজনে হেৰুৱায় জীৱনৰ মোহ,

কাৰোবাৰ ওপৰত বোজা হৈ থকাটোত

আত্ম-সন্মান হানি হয় প্ৰতি পদে পদে।

সেইবাবে,

সকলোকে লাগে এটা চাকৰি

প্ৰচাৰ মাধ্যমত বিচাৰে বিজ্ঞাপনৰ বাতৰি--!

আজি আহি গ'ল নতুন বিজ্ঞাপন--

নিবনুৱাই আশাৰ চাকি জ্বলাবলৈ

নতুন নতুন সপোন দেখিবলৈ...।

    ************


✍️ ৰাজ ৰাহুল

হৃদয়ৰ নীলিম উপত্যকাত এভুমুকি:ৰাজ ৰাহুল

 হৃদয়ৰ নীলিম উপত্যকাত এভুমুকি

                                ✍️ ৰাজ ৰাহুল 

                                                  



জানানে--

প্ৰেৰণাৰ  বৰষুণেৰে

তোমাৰ হৃদয়খন জীপাল কৰিবলৈ

মই তোমাক কাষত বিচাৰোঁ।

তোমাৰ শুকান ওঁঠত

হাঁহি বিৰিঙাবলৈ

কৰা আপ্ৰাণ চেষ্টাত

কেতিয়া যে মই কবি হৈ পৰোঁ

নিজেই  নাজানো।


তোমাৰ বেদনাক্লিষ্ট মৌনতাৰ ভাষাবোৰ

সহিব পৰা হ'লে

জোনাকৰ সপোন নেদেখুৱালোঁহেঁতেন তোমাক--!


তোমাৰ ৰুদ্ধ হৃদয়-দ্বাৰ খুলি

এছাটি বতাহৰ স্পন্দন দিবলৈ

তোমাক উপহাৰ দিওঁ

মোৰ মূল্যৱান সময়বোৰ---!


যদি এই অনুকম্পাৰ নামেই হয় ভালপোৱা

তেনে তোমাৰ মনৰ পথাৰখন সেউজীয়া কৰিবলৈ

প্ৰেৰণা হৈ থাকিম প্ৰতিদিনে--

যাতে তুমি হাঁহিব পাৰা মুক্ত মনেৰে--

কথা কোৱা ভালপোৱাৰ ভাষাৰে...।

      

Tuesday, November 22, 2022

শৰাইঘাট:ৰাজ ৰাহুল

 শৰাইঘাট

                                 ✍️ ৰাজ ৰাহুল

অসমৰ ইতিহাসৰ সোণালী স্বাক্ষৰ---

"শৰাইঘাট"

স্বদেশ প্ৰেমৰ বলিষ্ঠ নমুনা

"শৰাইঘাটৰ যুদ্ধ"

সময়ে সদায় ৰিঙিয়াই--

"দেশতকৈ মোমাই ডাঙৰ নহয়!"


শৰাইঘাটেই ক'ব--

বীৰ প্ৰসৱিনী অসমী আইৰ

স্বাভিমানক জীয়াই ৰাখিবলৈ

লাচিতৰ তেজ আজিও আছে বৈ--

লুইতৰ দুয়ো পাৰ শুৱায়--!

দেশৰ আহ্বানত জিৰণিৰ ধূলিস্যাত

"মোমাই কটা গড়" তাৰেই নিচান।

প্ৰয়োজনত হেংদাং লৈ

যুদ্ধ দিয়াৰ সামৰ্থ

আজিও আছে অসমীয়াৰ।


শৰাইঘাটেই ক'ব--

অসমীয়াৰ পৰাক্ৰম

আৰু ৰণ-কৌশলৰ কথা,


শৰাইঘাটেই ক'ব--

জননীৰ সুযোগ্য সন্তানে

সদায় উৰুৱাব বিজয় ধ্বজা--

নৰিয়া গাৰেই হওক...।


বীৰ লাচিত বৰফুকন:ৰাজ ৰাহুল

 বীৰ লাচিত বৰফুকন

                             ৰাজ ৰাহুল 

বীৰ লাচিত বৰফুকন,

দেশপ্ৰেমিক তুমি--!

অদম্য সাহস--স্পষ্টবাদিতা 

আৰু অতুলনীয় কৰ্ম-প্ৰেৰণাৰে

মহীয়ান হৈ

স্বদেশ ৰক্ষাৰ অঙ্গীকাৰেৰে

জপিয়াই পৰিছিলা ৰণাংগনত।

তোমাৰ উদাত্ত চিত্তই

সৈনিক প্ৰাণত সঞ্চাৰ কৰিছিল

যুদ্ধ জয়ৰ প্ৰৱনতা ।

স্বদেশ প্ৰেমৰ প্ৰৱল জিজ্ঞাসাই

তোমাক সজাইছিল ৰণুৱা ঘোঁৰা--

যাৰ নাছিল জিৰণি,

আনকি ৰুগীয়া দেহতো !

তোমাৰ বাবে দেশতকৈ

কোনো নাছিল আপোন,

'মোমাই কটা গড়' তাৰেই নিদৰ্শন।

হে অমৰ পুত্ৰ জননীৰ,

তোমাৰ দক্ষতা আৰু পৰাক্ৰমেই উৰুৱাইছিল

শৰাইঘাটৰ যুদ্ধত

দেশৰ বিজয় পতাকা।

শতৰু ঘূৰি গৈছিল স্বদেশলৈ--

তোমাৰ ৰণ-কৌশলক অকপটে স্বীকাৰ কৰি।

শ্ৰদ্ধাৰে সুঁৱৰিলোঁ আজি তোমাক

বীৰ পুত্ৰৰ জন্মদিন বুলি--!

লোৱাচোন পুনৰ আমাৰ শ্ৰদ্ধাঞ্জলি।

   

          --------------

স্তৱক:ৰাজ ৰাহুল

 স্তৱক 

                         ✍️ ৰাজ ৰাহুল 

পাত-গাভৰু জনীৰ আঁচলেৰে

মোৰ শৰীৰটো  চুই গল 

গমেই নাপালোঁ কেতিয়ানো উপত্যকা এৰি

নৈখনৰ  মাজ পালোঁ

এতিয়া  ডিঙিলৈকে মোৰ পানীয়ে পানী

তেওঁ  ঘাটত বহি খিলখিলাই  হাঁহিলে

মই হেনো ডুবাৰ আখৰাহে কৰিলোঁ

আখল:ৰাজ ৰাহুল

 আখল

                                ✍️ ৰাজ ৰাহুল 



কোনে  খবৰ ৰাখে

সিহঁতৰ আখলৰ জুই

জ্বলে  নে  নজ্বলে --!

দিনটো অনাই-বনাই ঘূৰি

গধূলি ঠাণ্ডাত কঁপি কঁপি

ঠাণ্ডা গুচাব নোৱাৰা

কাপোৰ জাপ লৈ

সিহঁত  ঢলি  পৰে।

পেটৰ কল্ মলনিত

অপেক্ষা  কৰে  পুৱালৈ --!

আকৌ একেই কৰ্মসূচী

এটাই  অন্বেষণ--

পেটৰ ভোক নিবাৰণ কৰাৰ--!

কেতিয়াবা তিনিদিনৰ অন্তত

জ্বলি উঠা আখলৰ জুইয়ে

সিহঁতক জীয়াই থাকিবলৈ

শক্তি  দিয়ে।

শীত-তাপে বাধা দিব নোৱাৰে

সিহঁতৰ খাদ্যৰ সন্ধানত--,

লাজ পুৰি খায় ভোকৰ জুইত।

উৰুখা পঁজাতেই

শান্তিৰে টোপনি যায়--

যেতিয়া আখলৰ জুই জ্বলে।

কিন্তু

আমাৰ ব্যস্ততাত

সিহঁতৰ পেটৰ ভোকবোৰ

পুতৌমূলক শব্দ হৈ সৰে--!

এইদৰে জীৱন জীয়াৰ সংগ্ৰামত

সিহঁতৰ দুখবোৰে

গোপন  কুঠৰিত

নীৰৱে  উচুপে--!

তথাপিও কোনেও খবৰ নাৰাখে

সিহঁতৰ আখলৰ জুই জ্বলে নে নজ্বলে...।


ৰৌদ্ৰকামনা:ৰাজ ৰাহুল

 ৰৌদ্ৰকামনা

                              ✍️ ৰাজ ৰাহুল 

                                                   

কবিতা  এটাৰ বাবেও লাগে 

কিছু সুখ দুখৰ অনুভৱ  ।

সুখৰ সঁজাটোত  সুখবোৰ  সজাই থাকোঁতেই

তোমাক লগ পোৱাৰ এক 

বিনন্দীয়া  হেঁপাহে মোক লৈ যায় 

সাগৰৰ সিপাৰে অচিন  দেশখনলৈ।

ভাবোঁ তাতে তোমাৰ  বাবে 

সাজিম এক যাউতিযুগীয়া  প্ৰেমৰ সেতু।

য'ত উলমি ৰ'ব আমাৰ আপুৰুগীয়া স্বৰ্নিল সপোন ।

 বুকুৱে বুজিব পৰা এক নিৰিবিলি বাাটত

আমি লগ হম।

সুগন্ধি  গধূলি গোপালৰ স্মিত  এন্ধাৰ  পোহৰৰ ভাসমান  বিন্দুত লগ হম জোনাকী পৰুৱা হৈ।

কিন্ত  কি কৰিবা

তোমাৰ  ভাল নালাগিল মোৰ স্বপ্নৰ বাটচৰাত ,

মৰুভূমি  খন মোৰ চকুলৈ মাতিলা  

চকুৰ পৰা ভাব সাগৰলৈ

কেবল  উদাসীনতা মায়াজাল আঁকিলা।

এতিয়া  হৃদয়  পথাৰখন ৰুৰুৱাই  জ্বলিছে

মৰুদ্যান বিচাৰি ।

মোৰ হাতত তোমাৰ  দুখৰ হাতখন  থ'বলৈ 

মই যে নিজেই এক হৈ জ্বলি  যোৱা  স্বপ্ন  ভষ্ম ।

ৰুক্ষ দুহাতত মোৰ নিৰ্জীৱ বাসনা

এক মৰণশীল ৰৌদ্ৰককামনা।


স্মৃতিয়ে তোমাকো আমনি কৰে

 স্মৃতিয়ে তোমাকো আমনি কৰে

                          ✍️ ৰাজ ৰাহল



ন দি ক'ম

যিমানে অস্বীকাৰ কৰিলেও

এইটো কিন্তু ঠিক

তোমাকো আমনি কৰে স্মৃতিয়ে ।

আৰু তুমি---

সকলো পাহৰাৰ অভিনয় কৰি

পাৰ কৰা নিদ্ৰাহীন ৰাতি।

ফাঁকি আনক দিব পাৰি,

কিন্তু নিজক---?

আইনাত দেখা নিজৰ প্ৰতিবিম্বই ক'ব

স্মৃতি পাহৰোঁ বুলি পাহৰিব নোৱাৰি।


যিদৰে নোৱাৰোঁ মই--

হৃদয়ত সাঁচ বহুৱাই যোৱা কথাবোৰ

মনলৈ আহি থাকে প্ৰতি মুহূৰ্ততে--!

মনৰ দাপোনখন মোহাৰিবতো নোৱাৰোঁ---!

হয়তো অতি জটিল পৰীক্ষাটোৱেই হ'ল

মানুহ চিনি পোৱাটো!

আৰু আটাইতকৈ টান কামটো হ'ল

নিজক বুজি পোৱাটো।

বুজা-নুবুজাৰ দোমোজাতে

অনুভৱবোৰ চাকনৈয়াত পৰে।


হ'লেও  মই জানো,

স্মৃতিয়ে তোমাকো আমনি কৰে,

যিদৰে মোৰ কজলা কলিজাটো

কুটি কুটি খায় স্মৃতিয়ে ...।


পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...