জোনাকী অসমীয়া সাপ্তাহিক ই আলোচনী
দ্বিতীয় বছৰ■ জুন মাহ ■প্ৰথম সংখ্যা
কবিতা শিতান
নিয়মীয়া কবি সকল:
তুলিকা খাটনিয়াৰ,
মৰমী আহমেদ,
মালিনী শইকীয়া,
ৰাহুল চেতিয়া,
এছ ইছলাম,
শিল্পী দাস,
ৰাতুল চেতিয়া ফুকন,
আয়নাল হক চৌধুৰী,
দৃলীনা দাস,
শ্ৰী পৰিস্মিতা দত্ত,
ইলা টায়ে,
চুমিয়া আকতাৰা ,
ড০ ইকবাল হোচেইন খান,
শান্তা দাস,
নিবাৰণ ৰাভা,
ৰুম্পী দাস,
সূৰজ বৰগোহাঁই,
মেঘালী বৰা,
নীহাৰিকা কৌশিক,
মিন্টু গোৱলা,
পুতুল ডেকা লহকৰ,
ছেলিমা বেগম,
নাছিৰ আহমেদ।
অনুগল্প শিতানত
১.মালিনী শইকীয়া
২.কিশোৰ কুমাৰ কলিতা
৩.ছেলিমা বেগম
৪.অসীম গগৈ
🔴ভ্ৰষ্টলগ্ন পথিক মই
তুলিকা খাটনীয়াৰ , সৰ্থেবাৰী
শিতানত জ্বলা নুমাই মাথোঁ চাকিটি
সাৰ পালোঁ শুনি পুৱতি কুলিৰ মাত
খিড়িকী কাষত বহিলো অলস মনে
পিন্ধিলো কেশত নতুন মালিকা ধাৰ।
এনে সময়তে সেন্দুৰী ধূলিৰ বাটে
তৰুণ পথিক দেখা দিলে ৰাজপথে।
সোণৰ মুকুটত উষাৰ পোহৰ পৰি
কণ্ঠ শুৱায় মুকুতাৰ মালাধাৰি।
সাঁজৰ বন্তি তেতিয়াও জ্বলা নাই
পিন্ধিছিলো মই কপালত সোণ ফোট
খিড়িকী মুখত সোণৰ দাপোন ধৰি
আপোন মনেৰে বান্ধিছিলো কবৰী মোৰ ।
এই লগনতে গধূলি ধূসৰ বাটে
কৰুণ দুচকু তৰুণ পথিক ৰথে
ভাগৰ ঘামত ভাগৰা ৰথৰ ঘোঁৰা
বাটৰ ধূলিৰে ধূসৰিত বাস- বেশ।
খিড়িকী তলত ধূলিত বহিলো নামি
ৰাজপথলৈ নীৰলে দুচকু থৈ
তিনি পৰ নিশা গলো বহি অকলেই
হতাশ পথিক ! হতাশ পথিক মই।
--------------------------------
◼️সেউজী ধৰণীৰ মইয়ে প্ৰাণ
নামত মই প্ৰকৃতিৰ অমূল্য ৰত্ন
ৰাখিছে জানো সকলোৱে মোৰ যত্ন
কাটি টুকুৰা টুকুৰ কৰি
ধ্বংস কৰি পেলাইছে মোৰ শৰীৰ
জীয়াৱলৈ টান হৈ পৰিছে
জীৱকুল প্ৰাণীকুল জগত
তথাপিও এবাৰলৈ ও
উপলব্ধি নকৰে মোৰ শিৰোগত
সকলোৱে বিচাৰে মাথো স্বার্থপূৰণ
সেয়ে মোক ধ্বংস কৰি
আদায় কৰে ক্ষতি পূৰণ
হে মানৱ সৃষ্টি মনৰ জোন
এবাৰ চকু মেলি চোৱা চোন
তোমালোকৰ আজিৰ এই
দুৰ্দশাৰ বাবে মূল দায়ী কোন ?
পৰিশ্ৰমী শৰীৰটোত ছা দিবলৈ
ঘামীয়া দেহটোত মৃদু বা বিলাবলৈ
আজি দেখোন মোক বিচাৰি এ নোপোৱা
পাবা নো কেনেকৈ ?
হেৰুওৱা বস্তু জানো আকৌ ঘূৰাই পাবা
নিজৰ প্ৰয়োজন পূৰণৰ সময়ত
মোক হেৰুৱাই দিয়া
আকৌ তোমাৰ প্ৰয়োজনতে মোকে বিচাৰি ফুৰা,
হে জীৱশ্ৰেষ্ঠ এয়াই নেকি ?
তোমালোকৰ বিবেক শূণ্য
সিদ্ধান্তৰ অপৰিহাৰ্য্ চিন্তা,
প্ৰথমে মাৰিবা হানি খুচি
আকৌ বিচাৰি ফুৰিবা
এজোপা জোপোহা বৃক্ষৰ
ছা বিচাৰি,য'ত শৰীৰে পাবলৈ
কিছু জিৰণি, গৰমৰ দিনত
পাম বুলি কিছু আৰামীয় প্ৰশান্তি।
মৰমী আহমেদ
নলবাৰী
-----------------------------------
🔴কোন কাৰ আপোন
মালিনী শইকীয়া।
মোক বাৰু কেতিয়াবা দেখিছানে
ভয়ত কম্পপান হোৱা!
দেখিছানে ভাৰ খন ব'ব
নোৱাৰো বুলি কোৱা?
নাইবা দেখিছানে কি খঙত
জ্বলি পকি উঠা।
মোক কোনোবাই সুধিছে জানো
মোৰ বুকুখন খান্দি কুৰুকি
ছিৰা চিৰ কৰোতে,
নাইবা মোৰ বুকৱে পাৰ হৈ
যোৱা গধুৰ যান বাহন বোৰে
এবাৰলৈ ছাইছেনে ঘূৰি?
তথাপিও মোৰ বুকুত জপিয়াই
থকাবোৰেই মোৰ আপোন!
ন'হলেনো ইমান ••••••••
পিচে তোমালোকটো গতিশীল
বিবেকশীল বাকপটুততা
একোখন বিশাল সাগৰৰ দৰে
বিশাল হৃদয়ৰ গৰাকী,
তথাপিও নেদেখো তোমালোকৰ
মাজত সহনশীলতা , স্নেহ মমতা!
সেয়ে তোমালোকৰ হৃদয় সাগৰত
আছে আকুলতা বৰ্বৰতা খেয়াল
আৰু ৰ্নিলজ নিম্মৰ্মতা।
দেখিছা মোৰ ধৈৰ্য আৰু স্নেহতা
কিমান গভীৰ নদ সাগৰ বৈ যায় হাঁহি
ক'ত বিৰিখ ৰৈ থাকে নিৰ্ভয় মনে
পশু পখীক আশ্ৰয় দি হালি জালি।
চোৱা তেনে হ'লে কোন বিবেক
কাৰ বাবে কিমান আপোন
মিছাতে তোমালোকে দেখি থাকা
নিতৌ ন ন সপোন।
-------------------------------
⭕️এগৰাকী প্ৰেয়সীৰ প্ৰয়োজন আছে:..
ৰাহুল চেতিয়া
মোক এগৰাকী প্ৰেয়সীৰ প্ৰয়োজন আছে
যাৰ থাকিব বিশালতা, স্বচ্ছতা
যাৰ থাকিব সকলো দায়িত্ব সামৰি লোৱা মহানুভৱতা
যাৰ থাকিব সাগৰৰ দৰে গভীৰতা,
পানীৰ দৰে নির্মল,পবিত্রতা।
মোক এগৰাকী প্ৰেয়সীৰ প্ৰয়োজন আছে
য'ত থাকিব গভীৰ প্ৰেম আৰু ক্ষমাৰে পৰিপূৰ্ণ
মনৰ অসীম ধৈৰ্য আৰু উদাৰতা।।
---------------------------
🔵ভাল লʼৰা কাব্য প্ৰেমী
এছ ইছলাম, শিক্ষক
পঃমইনবৰী ,বৰপেটা
ভাল ল'ৰা কাব্য প্ৰেমী
সৃজনীশীল আবেগ অনুভূতি
প্ৰেমানুভূতিৰ দিগন্তত
বিচৰণ কৰে।
অন্তঃকৰণেৰে কেতিয়াবা
কাৰোবাক ভাল পায়
ভালপোৱাবোৰ সস্তীয়া বুলি নাভাবে
কেতিয়াবা কোনোবা ভাল লগাজনক
'মই তোমাক ভাল পাওঁ' বুলি
এবাৰো নকয়।
চাবাচোন, মোৰ বেদনাসিক্ত
হৃদয়ৰ বাকৰিত
এখন সুখৰ নিজৰা বৈ যায়
সেয়েহে কৈছোঁ দেহা
মই কবিতা প্ৰেমী হওঁ
কবিতা ভাল পাওঁ।
যিদিনা তুমি মোক
একো নভবাকৈয়ে কৈ দিবা--
"মই তোমাক ভাল পাওঁ"
সেই দিনটোলৈ বাট চাই থাকিম
দেহা, বাট চাই থাকিম ।
-------------------------------
🔴মোৰ জন্মদিন.
জীৱনৰ ৰং সানি সানি
বিশ বছৰ পাৰ কৰিলোঁ,
একৈশ বছৰৰ আৰম্ভণিক
নতুনকৈ স্বাগতম জনালোঁ।
মোৰ জন্মদিন বুলি
নকৰোঁ বিশেষ দিনৰ উদযাপন,
নতুন প্ৰস্ততিৰে যাত্ৰা কৰি
দৃঢ় প্ৰতিজ্ঞাৰে গঢ়িম জীৱন।
সপোনেৰে সজ্জিত আশাবোৰ
আজি চূৰ্ণ-বিচূৰ্ণ কাঁচৰ টুকুৰা,
শক্ত হাতেৰে উষ্ণ তেজেৰে
কৰ্ম মোৰ দেশৰ হকে কৰা।
জীৱন স্ৰোতত সময় সাপেক্ষে
বহুতক কৰিলোঁ আপোন,
বহুতেই হ'ল আকৌ পৰ
তাকেই লৈ ৰচিলোঁ সপোন।
সহায় কৰিলে একাংশই
আপোনত্বৰ পৰিচয়ত,
কোনোবাই আকৌ সুযোগ বিচাৰিলে
নিজ ব্যক্তিত্বৰ স্বাৰ্থত।
সত্যতাৰে মোৰ পৰিচয় হোক
জীৱনত নালাগে আৰু সুখ,
জীৱন বাটৰ প্ৰতিপলৰ লগৰী
অতি প্ৰিয় মোৰ এই দুখ।
যিমানখিনি শিকিলো দৃঢ়তাৰে
অভিজ্ঞতাৰে আগুৱাই গ'লো,
সৰুৰে পৰা কাঁন্দি কাঁন্দি
আজি অসহায় হৈ পৰিলোঁ।
মাতৃহাৰা ছোৱালী মই
সকলোতে ভয় কৰোঁ,
দেউতা, বাইদেউ,দাদা,ভাইটিক
হাঁহিত ৰাখিব বিচাৰোঁ।
বন্ধু-বান্ধৱী, প্ৰিয়জনৰ কাষতেই
মই ভাল ছোৱালী নহয়,
ভাল ৰাখিব নোৱাৰোঁ বুলি
কথাষাৰ আজিকালি কোনেনো নকয়।
পুৰানত্ব সময়ক বিদায় নজনাওঁ
স্মৃতিৰে হৃদয়ত বান্ধি ৰাখিছোঁ,
নতুন জীৱনৰ যুজিঁত পৃষ্ঠাৰ বাবে
নতুনকৈ সাজোঁ হৈছোঁ।
দুখৰ বাণীৰ মহিমা মই
কিনো ক'ম বাৰু,
বিপদত পাৰিলে সহায় হবা
সুখত সহায় নালাগে কাৰো।
বিশেষ দিনৰ শুভক্ষণে
ক্ষমা মাগিছোঁ আজি,
সকলোৰে মুখৰ হাঁহি ফুটোৱাত
মোৰ সুখ বলিদান দিয়াতো ৰাজি।
নিষ্পাপ হৃদয় মোৰ
নাই কোনো জঞ্জাল,
ওপৰত দেখাত বেয়া হ'লেও
ভিতৰৰ পৰিৱেশত আছে কংকাল।
উপহাৰ নালাগে কাৰোঁ পৰা
পাৰিলে আশীৰ্বাদ কৰা,
উদাহৰণস্বৰূপে বুলি মোক
সকলোৱে যাতে ক'ব পাৰা।
মোৰ জন্মদিনৰ আনন্দেৰে
সময় ব্যয় নকৰি অযথা,
মই কবিতাৰে প্ৰকাশ কৰিলোঁ
মোৰ ক্ষুদ্ৰ অবুজ হৃদয়ৰ কথা।
✍️ শিল্পী দাস
ভালুকমাৰী,নগাঁও
****************************
🔴বুকুৰ ঝাৰণি
মোৰ বুকুৰ ঝাৰণিত
উৱঁলি যোৱা প্ৰেমৰ শৰীৰ
পিঞ্জৰত বন্দী হ'ল
ইতি নপৰা সোনালী সময় ।
বিৰিণাৰ সুহুৰি শুনি
হিলদল ভাঙি নাচে
হৰিণা পোৱালি ।
চিনাকি অচিনাকী হ'ল
বনজুইৰ ছাইত
দলকুহাঁ চৰাইৰ বিননি
এতিয়া নিতাল মোৰ
বুকুৰ ঝাৰণি ।
(ৰাতুল চেতিয়া ফুকন)
***********************
⭕️কাৰাৰুদ্ধ
*তোমাৰ অজানিতেই*
*তোমাক আপোন কৰিলোঁ*,
*ৰাশি ৰাশি তৰাৰ ফুলনিত*
*তোমাক পৰী সজালোঁ*।
*হয়তো ভুল হৈছিল মোৰ*
*এই একপক্ষীয় প্ৰেমৰ বাবে*
*উপায়ো নাছিল*
*তোমাক সুধি ভাল পাবলৈ*।
*কাষত পাবৰ বাবে*
*তোমাক মনত ঠাই দিয়া নাই*,
*বাসনাৰ মাতাল ঘোঁৰাত উঠি*
*তোমাক ব্যতিব্যস্ত কৰাৰো*
*নাই অভিপ্ৰায়*।
*কাৰাৰুদ্ধ অনুভৱবোৰক*
*নিজৰ সপোনৰ দলিচাতে*
*ওমলিবলৈ দিওঁ* *আপোনমনে*।
*শৃংখল মুক্ত কৰি*
*তোমাৰ হৃদিকক্ষৰ দুৱাৰত*
*টোকৰ মাৰিবলৈ এৰি দিয়া নাই*।
*সেইবাবে প্ৰয়োজনবোধ কৰা নাই*
*তোমাৰ অনুমতিৰ*।
*মোৰ হৃদয় ফুলনিত*
*গোপনে ফুলাই ৰাখিম তোমাক*
*সুগন্ধি খৰিকাজাঁই কৰি*
*সুবাস ল'ম প্ৰাণ ভৰি*
*জী থাকিব পৰাকৈ*...।
✍️আয়নাল হক চৌধুৰী
*ধুবুৰী , আগমণি
*7002525020*
***********************
🔴 এপাহ হাঁহি
ৰ'দৰ পোহৰত পৰি নিয়ৰ কণাবোৰ জিলিকি উঠিছে
উজ্বল ৰত্ন কণিকাৰ দৰে হৈ পৰিছে
চকুত চাত মাৰি ধৰিছে
যেন এখন দাপোন হে আনি আগত ৰাখিছে
তাত যেন ৰ'দ জাকে অগাদেৱা কৰিছে
ক্ষন্তেকীয়া ৰত্নবোৰে নিমিষতে হেৰাই যোৱাৰ উপক্ৰম
এজাক পচুৱাই নিমিষতে হেৰাই যোৱাৰ হাবিয়াস কৰিছে
ধুঁৱলি কুঁৱলী মেঘৰ মাজত লুকাই থকা জুনবাই টোৰ চাৱনিত
আছে আশাৰ বতৰা
হেৰাই যাব বিচৰা জোনাকী পৰুৱা বোৰৰ আশা
বতাহ জাক নাহিবি
সকলো শেষ কৰি নিনিবি ।
✍️ দৃলীনা দাস।
***********************
🔵উপহাৰ:
ৰাহুল চেতিয়া
প্ৰতিশ্ৰুতি দিলে কি হব?
কালিলৈ যদি ভংগ হব,
অশ্ৰু অনাৰ শেষ পৰিত্যক্ত হৈ,
হাজাৰ কষ্টৰ ফলত অনাদৰ নকৰি,
জীৱনৰ শেষ মুহূৰ্তত
যদি দিয়া অনাবিল সুখ,
যদিহে অনাদৰ নকৰি
আদৰি লোৱা এই প্ৰতিশ্ৰুতি।
ফুল ফুলিলে কি হব?
কালিলৈ যদি মৰহি যায়,
হৃদয়ত স্থান দিলেনো কি কৰিবা?
যদিহে স্পন্দন নাইকিয়া হয়।।
***********************
⛔️বৰষুণজাক
বৰষুণজাক অ বৰষুণজাক
ক'ত আছিলি ক ?
ইমান দিন চাগে
মোমায়েকৰ ঘৰত গলি ন।
আমি মৰিছো গৰমত
খোৱাৰ-বোৱাৰ এৰি,
তুমি দেখোন মজা মাৰি
আছা বহু ঠাই ফূৰি।
আমি ভাবিলোঁ কৰিলা চাগে
অভিমান আমাৰ লগত,
নাহিবা বুলি ধৰি ল'লো
কেতিয়াও আমাৰ মাজত।
হঠাতে আজি অবাক কৰি
দেখা দিলা আমাক ,
দুফুটা পানী পেলোৱাত
ধন্য জনাওঁ তোমাক।
তৃপ্তি হ'ল দেহ মোৰ
শান্ত হ'ল হৃদয়,
বৰষুণজাকে লৈ আনিলে
স্নিগ্ধ বতাহৰ প্ৰলয়।
✍️ শিল্পী দাস
ভালুকমাৰী,নগাঁও
***********************
🔴জীৱনৰ আলি - দুমুজাৰ বাট
ভিন্নমুখী হয় যদি জীৱনৰ লক্ষ্য
তেতিয়াই আলি - দুমুজাত পৰি মন হয় বিষন্ন
ঠিক উপনৈবোৰৰ দৰে....
সকলোৰে লক্ষ্য মাথোঁ এটাই,
কোন দিশেৰে গতি কৰিলে বিশাল জলসমুদ্ৰৰ
পানীৰ লগত একেলগ হʼব ।
সৰুৰ পৰাই এটা মাথোঁ বাটেৰে আগবাঢ়ি আহি
শিক্ষান্ত পৰীক্ষা দিয়াৰ পাছত সন্মুখীন হওঁ
ঠিক তিনিটা বাটৰ - কলা, বাণিজ্য আৰু বিজ্ঞান
কোনটো বাটত ভৰি দিলে
ভৱিষ্যতৰ বাটত আগুৱাই যাম... ।
উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা দিয়াৰ পাছত
সন্মুখত আহি পৰে হাজাৰটা বাট...
থমকি ৰয় দুই ভৰি
জানোচা লক্ষ্যত উপনীত নহʼম !
কেতিয়াও লগ নোহোৱা বাটেৰে খোজকাঢ়ি
কোনে কাক কʼব পাৰে
কোন আগবাঢ়ি যায় আৰু
কোন পিছপৰি ৰয় ?
আন্ধাৰ আৰু পোহৰৰ
একেটা বাটেৰেই যে আহ-যাহ,
নসলাই বাট মাথোঁ সলাই পোছাক
আন্ধাৰৰ খোজ দীঘল বুলিলেই জানো
পোহৰ পিছপৰি যায়?
অথবা পোহৰক ভাল পাওঁ বাবেই
আন্ধাৰ জানো থমকি ৰয়....?
দুটা ভিন্ন বাটত খোজ পেলাই
আমি জানো কʼব পাৰোঁ
তোমাৰ বাটত পোহৰ...
মোৰ বাটত আন্ধাৰ...
অথবা মোৰ বাটত পোহৰ...
তোমাৰ বাটত আন্ধাৰ...।
আন্ধাৰ আৰু পোহৰৰ যে একেটাই বাট
মাথোঁ প্ৰয়োজন হয়,
আত্মবিশ্বাস, ধৈৰ্য্য আৰু
সাহসৰ অফুৰন্ত ভাণ্ডাৰ...।।
শ্ৰী পৰিস্মিতা দত্ত, শিৱসাগৰ।
***********************
⛔️গছ
গছ,,, তোমাক ভিন্ন ৰূপে জনাজাত,
তৰু,বৃক্ষ,তৃণ, উদ্ভিদ
আৰু বহুতো,,,
তোমাৰ আশ্ৰয় ধৰা!
প্ৰকৃতিৰ ঋতু ৰ
সময়ে সময়ে
তুমি গৰ্ভৱতী হোৱা!
ধৰণী ৰ বুকুত
ন-কৈ জীৱন্ত ৰূপ পাই
চৌদিশে
ন-কুঁহিৰে,
আগমন বিলায়
ফল-মূল,
ৰং বিৰঙৰ ফুলেৰে
সমাহাৰ!
আনৰ শৰীৰত
আশ্ৰয় লৈ সঁজাল
ধৰি জীৱন্ত ৰূপ দিয়া
তুমি পৰজীৱী,,,
প্ৰচণ্ড ধুমুহা-বতাহে
গা-গছ,ডাল,পাত
ভাঙি মষিমূৰ কৰি
তোমাৰেই প্ৰমাণ!
সেউজীয়া গছ,বনৰ
সৌন্দৰ্য ই উষ্ম
প্ৰেমৰ জাগৰণ তোলে!
তুমি কৃষ্ণচূড়া,
তুমি ৰাধাচুড়া,
তুমি অনন্যা
তোমাৰ অবিহনে
প্ৰকৃতি অকলশৰীয়া!!
ইলা টায়ে
ডিব্ৰুগড়, বগীবিল।
***********************
⭕️গছ
✍️ চুমিয়া আকতাৰা
উদমাৰী, নগাঁও
গছ মোৰ নাম
ৰখি থাকাই মোৰ কাম।
মোৰ অবিহনে জীৱজগত ধংস,
চিঞৰি-চিঞৰি গাম।
চৰাইৰ বাবে ঘৰ মই
মানুহৰ বাবে ছাঁ,
মই নহ'লে মানুহ জাতিৰ
কোনো ভৰসা নাইকিয়া।
মোৰ পৰাই মানুহ জাতিয়ে
ফল-মূল পায়,
আকৌ মোকেই কাটি সিহঁতে মোক
য'তে ত'তে পেলাই।
মোৰ পৰাই পায় সিহঁতে
উশাহৰ অমূল্য পুৰস্কাৰ,
বিনিময়ত সিহঁতে কেৱল
কৰে মোক তিৰস্কাৰ।
যদি তোমালোকৰ দৰে ময়ো এদিন
যাওঁ স্বাৰ্থপৰ হৈ,
কোৱাচোন বাৰু ভাই-ভনী মোৰ
তোমালোক চলিবা কেনেকৈ..?
***********************
🔵গৰমত মৰ
অসহনীয়
জুই লাগিছে দেহাত
পাপবোৰ গলি আছে ,পাপৰ কৰ্মফল
ভোগবাদত মগন জগত ।
তাৰবাবেই যেন প্ৰকৃতিৰ খং
আগলৈ-পিছলৈ থিয় কৰাইছে
ধ্বংসৰ প্ৰাচীৰ ।
মৰ এতিয়া মৰ
য'তেই আছ তাতেই মৰ
পুৰি পুৰি মৰ
গৰমত মৰ
ইযে অবিবেচনাৰ ফল ।
ধ্বংস কৰিলি সকলো
গছ-লতা-তৰু
যি আছিল সকলো
এতিয়া মৰ
বহি বহি মৰ
শুই শুই মৰ
থিয় হৈ মৰ
প্ৰকৃতিৰ যে খং
গৰমত মৰ
পুৰি পুৰি মৰ
নুবুজিলি প্ৰকৃতিৰ ৰং
এতিয়া গৰমত মৰ ।
ড০ ইকবাল হোচেইন খান
খন্দকাৰ পাৰা ,বৰপেটা
9954184964 .
***********************
🔴তোমাক কেতিয়াও কোৱা নহল
প্রভাতৰ ওমলি উঠা মিঠা বতাহত
শিশিৰ সিক্ত ঘাঁহত দুজনাই
ক্লান্তিবিহীন কিমান যে পথ খোঁজ কাঢ়িছোঁ।
কিন্তু তোমাক কেতিয়াও কোৱা ন'হল !
কবিতা-গল্প কিমান যে লিখিছিলোঁ,
ছন্দে ছন্দে বহু গীত ৰচিছিলোঁ।
নিস্তব্ধতাত কিমান যে ভাহিছিলোঁ।
তথাপিও তোমাক কেতিয়াও কোৱা ন'হল!
গধূলিৰ বেলাত কিমান যে শপত খাইছিলোঁ,
দুয়োজনে একেলগত হাতে-হাত ৰাখিছিলোঁ।
কিন্তু সৰু কথাটোৱে কেতিয়াও কোৱা ন'হল !
তোমাৰ অপলক দৃষ্টিত দেখিছিলোঁ
কেৱল মোৰেই প্রতিচ্ছবি।
তথাপি কেতিয়াও কোৱা ন'হল!
তোমাৰ হৃদয়ৰ স্পন্দনত
কাণ পাতি শুনিছিলোঁ,
প্রতিধ্বনিত হৈছিল কেৱল মোৰেই নাম।
কিন্তু কেতিয়াও কোৱা ন'হল !
তোমাৰ সৈতে এক সুৰত,
বান্ধিছিলোঁ কিমান যে গান।
তাতে জুৰাইছিলোঁ মন প্রাণ।
তথাপি কেতিয়াও কোৱা নহল!
ভালপাওঁ! ভালপাওঁ যে তোমাক।।
✍️Santa Das
***********************
⚫️পানী সপোন
মেঘ পানীফুলৰ মালা পিন্ধি
সাৰপাই উঠা সূৰ্যমুখী শস্য ৷
পানী ঢোলৰ শব্দ শুনি
বুকু সাতখন আঠখন
লয়লাস ভঙ্গী দেখি
সুহুৰি মাৰি জোকাই সমীৰণ ৷
তুমি পিন্ধা পানী মেখেলা
ঢৌ তৰঙ্গৰ নাচোন
আৰু নেদেখা মুখ ঢাকি
খুলি যায় শালীন বসন ৷
মুৰ দাঙি উঠা সূৰ্যমুখী জীৱ
পানীৰ শব্দ বিচাৰি
আকাশলৈ সোপান বগাই
সোণালী সপোন ৰঁচো ধৰাৰ বুকুত ৷
🔸নিবাৰণ ৰাভা,
বটাবাৰী, ওদালগুৰি
_______=====________
🔴মোক নুসুধিবা
তুমি সুধিছা---
কেনে আছা ?
কি উত্তৰ দিওঁ কোৱা!
ধূলিয়ৰি বাটেৰে অহা ফাগুন দেখোন
কেতিয়াবাই উভতি গ'ল অহা বাটেৰে।
কেনেকৈ কওঁ তোমাক
পলাশ-ৰঙী সপোনবোৰ শেষ হোৱা
অমানিশাবোৰৰ কথা ?
বসন্ত আহিছিল
কৃষ্ণচূড়াৰ ৰং সানি
কপৌফুলৰ সুবাস সিঁচি।
ধৰি ৰাখিব পাৰিলোঁ জানো
বৰপীৰা পাৰি ?
অহা আৰু যোৱাৰ বাট
মুক্ত থাকে সকলোৰে বাবে।
সন্ধিয়া আহিলেই
অস্তাচলত ৰক্তিম বেলিৰ উচুপনি !
সেমেকা চকুৰে
তোমাক কিদৰে কওঁ
মই ভালে আছোঁ বুলি ?
নালাগে--নুসুধিবা
জোনাকৰ মৃত্যুৰ খবৰ।
লাগিলে শেঁতা পৰা কলিজাকে সোধা
কি হেৰাই যোৱাৰ বেদনাত
জৰাজীৰ্ণ এই হেঁপেহুৱা হৃদয়...।
আয়নাল হক চৌধুৰী
ধুবুৰী , আগমণি
____________________________
⬛️হিয়াতে তুমি
✍🏻ৰুম্পী দাস
ভালুকমাৰী
ৰাণীপুখুৰী , হোজাই
জীৱনৰ জোঁৰ লৈ
এষাৰী কথা ,
ৰৈ গ'ল ...
হিয়াতে গঁথা ।
তোমাৰ প্ৰতি আছে
উগ্ৰ ভালপোৱাৰ হেঁপাহ ,
মন-প্ৰাণ উজাৰী
মোৰ হৃদয়ত আছে ...
অবিৰাম বাণী !
কেৱল তোমাৰেই নামত ।
(২)
বাক্যহীন যন্ত্রণা
✍🏻ৰুম্পী দাস
ভালুকমাৰী
ৰাণীপুখুৰী , হোজাই
তোমাৰ প্ৰতি থকা ,
মোৰ ভালপোৱাৰ প্ৰকাশ
এক বাক্যহীন যন্ত্রণা ।
বুজাব নোৱাৰা আবেগে
বিবেকৰ কাষত ,
হাৰ মানি লয় ।
কান্দি কান্দি চকুলোৰ নৈ
বৈ যায় স্ৰোতাস্বিনীৰ দৰে ,
এদিন ৰক্তাক্ত সাগৰৰ
ৰূপ ল'ব ।
-----------------------------------------
🔵লিখিব খোজোঁ কবিতা
:সূৰজ বৰগোহাঁই, ধেমাজি
লিখিব খোজোঁ
এটি কবিতা
যাৰ সূৰ তেজৰ উষ্ম অনুভৱ
যাৰ গতি নিৰিবিলি নদীৰ সুঁতি
ধীৰে ধীৰে হেৰাই যোৱা
কোনোবা অজান অনুভূতিত...
নিবিড়ে আহি নিশিগন্ধা তুমি
মোৰ বুকুৰ মাজত শুই পৰিবা
জোন জ্বলা ৰাতিৰ ধৰণীত
হয়তো তোমাৰ-মোৰ কবিতাই
গীত হৈ বাজিব....
কাহানিও শেষ নোহোৱা অনুৰণন ....
লিখিব খোজোঁ
এটি কবিতা
যত মোৰ হৃদয়ৰ সমস্ত আবেগ অনুভূতি নিবিড়
যত বিদ্বেষ মনোভাৱ বিন্দুমাত্ৰাও নাই
প্ৰেম তাৰ বাবে প্ৰেৰণা
শূণ্যতাক খেদি অনুভূতি জগাই তোলা তাৰ ৰুচি...
সচায় লিখিব খোজোঁ কবিতা
যত মানুহে নিজক বিচাৰি পায়
মানুহে মানুহৰ অনুভূতি বুজি পায়....
আজিও তথাপি মই বিফলতাৰে
আৰম্ভ কৰিছোঁ...
হৃদয় যেতিয়া মৌন হৈ ৰয়
মই একো কৰিব নোৱাৰা হওঁ...
শৱদ.... হেৰাই নিৰৱতাত
তোমাৰ অসহাঁৰিত ......
-----------------------------------------
⭕️শংকৰদেৱ
■পৰীস্মিতা দত্ত
আপুনি আহি পোহৰ দিলা এই বসুন্ধৰাত
আন্ধাৰৰ আভৰণ ফালি
জ্যোতি দিলা নৰ সমাজত ।
শাৰদীয় চন্দ্ৰমাৰে মধুস্মিত
স্নিগ্ধ জ্যোতিৰে জ্যোতিষ্ময়
শুভ লগ্নৰ মহেন্দ্ৰক্ষণত
জন্ম লভিলা কুসুম্বৰ ঔৰষত, সত্যসন্ধা গৰ্ভত।
অকালতে হʼলা তুমি ঘাত-মাউৰা ৰূপে
খেৰসূতীয়ে লগাই দিলে নাম মহেন্দ্ৰ টোলতে ।
কম দিনতে পুৰাণ শাস্ত্ৰ শিকি
স্বৰচিহ্ন নোহোৱাকৈ কবিতা লিখি
মাধৱদেৱক প্ৰিয় শিষ্য মানি
থৈ গʼলা অসমীয়াক একতাৰ দোলেৰে বান্ধি।
নামঘৰ,মণিকূট ,সত্ৰ আদি প্ৰতিষ্ঠা কৰি
নামৰ ৰসেৰে বোৱাই দিলা অসমীয়া জাতিক।
হে শংকৰদেৱ ...
গুৰু বুলি দোৱালো মূৰ
পঢ়িলো কীৰ্ত্তন,ঘোষা, শুনিলো বৰগীত
ভাওঁনাৰ আঁৰত শিকিলোঁ কৃষ্ণৰ মায়াময় জ্ঞান
নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি
মানৱক কৰোৱালা ভক্তিৰ অমৃত পান।
শংকৰদেৱ...
বৰ অসম গঢ়িলা
কেতিয়াবা উজনিৰ পৰা নামনিলৈ...
কাশীৰ পৰা গয়ালৈ...
জীৱনৰ সেউজীয়া পাতবোৰ এটা এটাকৈ ছিঙি
তুমি গৈ থাকিলা আন্ধাৰ বিনাশী ... ।
এনেদৰে....
সামৰণিৰ শেষ অধ্যায়ত
সৃষ্টি কৰিলা বৃন্দাৱনী বস্ত্ৰ
এৰাতিত হাতী মাৰি ভুৰুকাত ভৰাই
লিখি উলিয়ালা পবিত্ৰ গুণমালা শাস্ত্ৰ।
বুজাই দিলা...
দেৱ- দেৱী পূজা মাত্ৰ বৃক্ষৰ ডালপাত
মূল বৃক্ষ কৃষ্ণক কৰা প্ৰণিপাত
মানিলো নামৰ বিনে সকলো যে ভুৱা
নামেৰেই পূজিম হৰিক গধূলি - পুৱা।
সেয়ে আহা দিও জয়ধ্বনি সৱে
জয় সত্য - শিৱ- সুন্দৰ
জয় দুষ্কৃতি নাশক
জয় সম্প্ৰীতি প্ৰকাশক
জয় জয় শ্ৰীমন্ত শংকৰ ।।
-----------------------------------------
🔵সৰাপাত
জীৱনৰ বিয়লি বেলাত
তেওঁলোক যেন
একো একোখিলা সৰাপাত।
অসহায় আশ্ৰয় বিহীন,
নাই এষাৰি মৰমৰ মাত
নাই এমুঠি ভোকৰ ভাত।
সকলো থাকিও
আপোন জনৰ পৰা বহু নিলগত।
তেওঁলোক যেন
একো একোখিলা সৰাপাত।
এতিয়া তেওঁলোকৰ
জীৱনৰ শেষ ঠিকনা বৃদ্ধাশ্ৰম।
মেঘালী বৰা
গুৱাহাটী,হেঙেৰাবাৰী।
-----------------------------------------
🔴কিয় তুমি হৃদয়ৰ আঁৰে আঁৰে ছবি আঁকি দিলা ?
কিয় তুমি হৃদয়ৰ আঁৰতে ছবি আঁকি দিলা ?
তুমিতো মোৰেই চিৰ লগৰীয়া
তুমি যে মোৰ মই যে তোমাৰেই
চিৰযুগমীয়া মই তোমাৰেই ।
চিৰ সুখী হৈ থাকিম তোমাৰ মৰমেই
কিয় তুমি হৃদয়ৰ আঁৰত ছবি আঁকি দিলা ?
হৃদয়ৰ আঁৰতে আছে কেঁছা মৰমোৰ তোমালৈ
তুমি মোৰ মৰমী মই তোমাৰেই জান ,
কানে কানে হৈছিলোঁ I Love you
কিয় তুমি হৃদয়ৰ আঁৰত ছবি আঁকি দিলা ?
চকু মুদি দিলোঁ হৃদয়ৰ আঁৰত তোমাকেই পালোঁ
বুকুৰ মাজত তোমাকেই পাইথাকিম মোৰ জান
মৰম যাঁচি থাকিম চিৰ দিন তো- -মা - -লৈ
তুমি মোৰ মৰমৰ টোপোলা
আঁচলত বান্ধি ৰাখিম তোমাৰ মৰমবোৰ ।
-ছেলিমা বেগম ।
জিলা নগাঁও
-----------------------------------------
⭕️বৃদ্ধাশ্ৰমৰ বিলুপ্তি কামনাৰে:
পুতুল ডেকা লহকৰ
বৃদ্ধাশ্ৰম শব্দটো শুনিলেই
গাটো জিকাৰখাই উঠে
মনটো উদ্বাউল হৈ পৰে
কাৰ বাবে এই মহান অনুষ্ঠানটো
নিশ্চয় কোনোবা দুৰ্ভগীয়া পিতৃ-মাতৃৰ
সুখৰ সংসাৰ ৰচি মনৰ হেপাহেৰে
জীৱনৰ শেষ সময়ত আলহী
হ'ব লগা হ'ল বৃদ্ধাশ্ৰমৰ
ভাবিলে বুকুখন চিৰাচিৰ হৈ যায়
কোনসতে এৰি নিজে পতা ঘৰখন
টালি-টোপোলা লৈ খোজ পেলায়
অচিনাকী হৈ পৰে গৰ্ভস্থ সন্তান
অচিনাকী আৱাসীয়ে দিয়ে অন্তৰৰ মৰম
হে ভগৱান সন্তান সকলক দিয়া সুমতি
পিতৃ-মাতৃৰ প্ৰতি এনে অন্যায় বিচাৰ
নকৰে যেন কদাপি,
বৃদ্ধাশ্ৰম কৰি অৱলুপ্তি শান্তিৰে মিলি জুলি
ঘৰ একোখনি আনন্দমুখৰ কৰিবলৈ
পাওঁক সাহস,শক্তি আৰু অন্তৰ এখনি
অকল মাতৃ দিৱস,পিতৃ দিৱস পাতিলেই
নহয় কৰ্তব্য পালন,অনুভৱৰ আছে প্ৰয়োজন
জীৱিকাৰ তাগিদাত পিতৃ-মাতৃৰ পৰা থাকিব লগীয়া হয় নিলগত
সন্তানৰ মনোভাৱ বুজি আঁতৰি আহে বহুতৰ
ঈশ্বৰৰ চৰণত ধৰণ মাগি জীয়াই থাকে
জীৱন জাঁজি নৈত টুলুঙা নাওঁখনি বায় ।
সন্তানৰ মংগল কামনা কৰি সদায় ।
-----------------------------------------
⛔️এনেকৈয়ে হেৰাল মোৰ সপোন!
নাছিৰ আহমেদ, গোৱালপাৰা
এনেকৈয়ে হেৰাল মোৰ সপোন !
এতিয়া মই ক'ত যাওঁ,কি কৰোঁ
নীলাভ, তুমিয়েই কোৱা প্ৰিয়তম ?
সৌ সিদিনা তুমি যে ৰুইছিলা গোলাপজুপি ---- এতিয়া এপাহ দুপাহকৈ ৰঙচুৱা ফুল ফুলিছে ।
বাৰীৰ ঢাপত গছৰ ডালত
নানা ৰঙৰ সুমিষ্ট ফল
দো খাই ভৰি ভৰি পৰিছে ।
তাৰ ফাঁকেদি সৰকি আহিছে মৃদু মলয়া বতাহ।
সৰু বৰ চৰাইবোৰে আমালৈ ভূমুকি চাইছে ;
ইনাই বিনাই কান্দিছে !
তুমি নাই নহয়, সেই কাৰণে !
কোঠাত সিঁচৰতি হৈ পৰি আছে
তোমাৰ অযত্ন পালিত বিভিন্ন সাজ।
কবি গুৰুৰ ভাষাত -----
চিহ্ন সেথা পড়ে আছে, হেথা তুমি নাই !
মোৰ কলিজাৰ কেঁচা তেজ টোপ টোপকৈ সৰিছে।
এনেকৈয়ে হেৰাল মোৰ সপোন!
এতিয়া মই ক'ত যাওঁ, কি কৰোঁ
নীলাভ , তুমিয়েই কোৱা মোৰ সোণ ?
তুমি কৈছিলা , সেউজ বননিৰে ভৰা আমাৰ বাৰী ;
কোনোবাই বিচাৰিলে বিলাই দিব পাৰিম
পাচিয়ে পাচিয়ে অম্লজান ।
অথচ! সামান্যতম অম্লজানৰ বাবেই -------
বিষাক্ত বিষাণু ক'ৰোনাই আজি ,কি কম !
তুমি প্ৰায়েই মোক বুকুত আওজাই লৈ কৈছিলা :
আমাৰ প্ৰেম চিৰ যুগমীয়া
মোৰ কপালত ফুলি থকা দগমগীয়া ৰঙা বেলিটো
পোহৰাই ৰাখিব আমাৰ ঘৰ চিৰদিন চিৰকাল।
কিন্তু এচকুৱা ঢোৰা কাউৰীৰূপী ঈশ্বৰ!
জাপানী পুতলাৰ বেইমান ঈশ্বৰ !
একে থাপে নুমাই দিলে কপালৰ ৰঙা সূৰুযকণ !!
এনেকৈয়ে হেৰাল মোৰ সপোন !
এতিয়া মই ক'ত যাওঁ,কি কৰোঁ
নীলাভ , তুমিয়েই কোৱা মোৰ প্ৰাণ ?
মোৰ চকুৰ পানী গোট মাৰি বৰফ হ'ল
বুকুৰ ভিতৰত স্তূপীকৃত হ'ল প্ৰকাণ্ড শিলাখণ্ড !
এতিয়া কাৰ ওচৰলৈ যাওঁ
কোনে বুজিব মোৰ হৃদয়ৰ ব্যথা!
কোনোবা আছেনে এনে সুহৃদ ,
মোৰ সতীৰ্থ প্ৰিয় কবি বন্ধু ?
মোৰ বুকুত উপৰ্যুপৰি প্ৰহাৰ কৰি কৰি
দুচকুৱেদি বোঁৱাই দিয়া এসাগৰ ফেনিল জলোস্বাস!
সেইবুলি মই অকাল মৃত্যুকো আকোঁৱালি নলওঁ
নীলাভ ,তুমিয়েই জানো কোৱা নাছিলা :
" Our love is Divine
Our love is Eternal,
No body in the world including God
May be separated our temporary body
But not able to depart our United Soul !
এনেকৈয়ে হেৰাল মোৰ সপোন !
এতিয়া ক'ত যাওঁ , কি কৰোঁ
নীলাভ ! নীলাভ! তুমিয়েই কোৱা প্ৰিয়তম ?
আঃ-- উঃ-- হায় ! আঃ-- উঃ-- হায়!
এনেকৈয়ে হেৰাল মোৰ সপোন !!
----------------------------------
⭕️শাশুণৰ পথাৰ
ৰ'দৰ প্ৰখৰত জিলিকি থকা সেই মোৰ শাশুণৰ পথাৰ বোৰ!!
পথাৰত ৰোৱনিৰ এপল ও মূৰ দাঙি চাবলৈ সময় নাই
মাথোঁ আছে ভূঁই ৰোৱা।
গছি গছি কঠিয়াৰ বোলোৱাহে সময়,
নাই কোনো দুখ-সুখৰ কথা পাতিব সময়!!
হালোৱাৰ কপালৰ ঘাম মাটিত পেলাই সোনৰ পুলি ৰোৱে,
ৰোৱনিয়ে বছৰজোৰাই খাম বুলি।
কি সুমধুৰ এই শাশুণৰ পথাৰ খনিত
ব্যস্ত মাথোঁ চৌদিশে ভূঁই ৰোৱাই,
ভূঁই ৰোৱা
কঠিয়া তুলাই,
কঠিয়া তুলিব
মাথোঁ কাম আৰু কাম কাকো চাবলৈ সময় নাই!!!
শাশুণৰ সুবাস কৃষকৰ শুৱনি
কেঁচা মাটিৰ গোন্ধে ,সোনৰ গোন্ধ দিয়ে
কৃষকৰ ভৰে সুখেৰে
এয়ে মোৰ শাশুণৰ সুবাস
এয়ে মোৰ সোনালি ধাননিৰ মন।।
শ্ৰী মিন্টু গোৱলা, লখিমপুৰ, কদম
******************************
⬛️স্মৃতি
স্মৃতিৰ দূৱৰিত কেতিয়াবা
দু-খোজ দিবাচোন
কোনোবা ক্ষণত হয়টো
হাঁহিৰ খোৰাক পাবা
আৰু কোনোবা এটা ক্ষণত হয়টো
চকুলোৰে সাক্ষাৎ হʼব
"স্মৃতি" নামৰ অতীতবোৰৰ।
কিন্তু এয়াই যে জীৱন
সময়ৰ লগত খোজ দিবই লাগিব
পুৰণি পৃষ্ঠাবোৰ সযতনে সামৰি
নতুন পৃষ্ঠাক বৰ্তমানৰ ৰঙেৰে
ৰাঙলী কৰিবই লাগিব ,
এখন ভৰিৰ ওপৰত ভৰ দি
আনখন ভৰি আগুৱাই দিবই লাগিব !!
নীহাৰিকা কৌশিক
৭০৯৯৫৬৭৬১৮
ৰঙিয়া
=======================
অনুগল্প শিতান
◼️অণুগল্প
মালিনী শইকীয়া লখিমপুৰ।
আহ্বান
হে প্ৰভু নাজানো তোমাক মোৰ ভক্তিৰে সন্তুষ্ট কৰিব। তথাপিও কৰযোৰে প্ৰাৰ্থনা কৰিছো, মানৱ কৰি সৃষ্টি কৰিলা যেতিয়া, মানৱৰ থাকিব লগা অলংকাৰ খিনি দিয়াত কৃপনালি নকৰিবা।
যিহেতু মানৱ সমাজত বৰ্তমান জোঁৱাৰ ভাটা সৃষ্টি হৈ চুনামিলৈ ৰূপান্তৰ হোৱা যেন লাগিছে। নিস্পাপ প্ৰকৃতিয়েনো আৰু কিমান ব'ব ভাৰ, বিবেক প্ৰধান লোকৰ মহৎ কাৰ্যৰ ফলবোৰ। সেয়ে কৰযোৰে আহ্বান জনাও এই সন্ধিক্ষণত তোমাৰ কৃপাৰে সৰল ৰেখাৰে বাট বুলিবলৈ দিব্য চকু মুকলি কৰি দিয়া যেন।
◼️পাৰবীন এদিন গৰ্ভবতি হ'ল
আব্দুলে বিয়া কৰায় পাৰবীনক ঘৰত থৈ নিজৰ কৰ্মচাৰী কামলৈ উৰা মাৰে । পাৰবীন এদিন ভাত খাই থাকোঁতে বমি কৰিবলৈ ধৰিলে , পাৰবীনে কথাটো আব্দুলক জনালে । আব্দুলে আনন্দত ঘৰত আহিবলৈ থানাৰ পৰা ছুটী বিচাৰি লে ,সেই সময়ত যুদ্ধ আৰম্ভ হয় । পাৰবীনে পূৱা উঠি চাহ কাপ হাতত লওতে কলিংবেল টো বাজি উঠে পাৰবীনে দুৱাৰ খুলি দিয়াত এজন চিপাহী আগুৱাই আহি পাৰবীন হাতত সেনাবাহিনীৰ পোচাক যোৰ হাতত অৰ্পন কৰে । পাৰবীনৰ চিঞৰ শুনি ঘৰত হোৱা দুৱা লাগিল।
✍️ছেলিমা বেগম
-------------------------------------------
◾️সেন্দূৰ
কল্পনাই পিয়ালিতে বহি নবজীৱনৰ পাতনি মেলাৰ দিনাৰ পৰা কথাবোৰ ভাবিছে। বিজুলি বেগেৰে পাৰ হৈ গৈছে মিনিট, ঘণ্টা, দিন, মাহ, বছৰ। ভাৱবোৰ থমকি ৰৈছেগৈ ধাৰাসাৰে বৈ অহা চকুপানীৰ দুধাৰিত।
তাই ভাবিছে বিয়া হোৱা পিছৰ পৰা অাজিলৈকে মানুহটোৱে তাইক অকল সন্দেহ কৰিয়ে থাকিলে। ঘৰৰ মতা মানুহ কেইজনৰ বাহিৰে বেলেগ কোনো মতা মানুহৰ লগত কথা পাতিব নোৱাৰে তাই। ঘৰৰ পৰা কৰবালে ওলাই গলেও মানুজনে কল্পনাক ঘৰৰ ভিতৰত ৰাখি বাহিৰৰ পৰা দূৱাৰ বন্ধ কৰি গৈছিল।
অাজি কল্পনা মানুহজন পূৱাতে blood pressure হৈ মৃত্যু হয়। চিকিৎসালয়লৈ নিছিল যদিও বহু পলম হৈ গ'ল। মেডিকেলৰ পৰা শটো অহা পিছত মৃত মানুহজনক সাবতি তাই চিঞৰি চিঞৰি কান্দি কৈছে ""দুজনী ছোৱালী অাৰু দুটা ল'ৰাক লৈ মই কেনেকৈ জীৱনটো পাৰ কৰিম। ল'ৰা ছোৱালীকেইটা পঢ়াবলৈ অাছে, ডাঙৰ হ'লে দুজনীকৈ ছোৱালী বিয়া দিব অাছে মই কি কৰিম এতিয়া।মোক একো এটা কাম কৰিব নিদিলি, অকল সন্দেহ কৰি কৰিয়ে থাকিলি। ক'ৰবালে গলেও তই দূৱাৰখন তলা মাৰি মোক ভিতৰত ভৰাই থৈ যাৱ, এতিয়া কি কৰিবি ?""।
কল্পনাই মানুহজনৰ ভৰি দুটাত সেৱা এটি কৰি কান্দি কান্দি কলে ! "মোক অাৰু সন্দেহ কৰি নাথাকিবি, তই ভালকৈ থাকিবি যা, তই মৰমৰ হাতেৰে দিয়া "সেন্দূৰ"কন এতিয়া ভৰিৰে মোহাৰি থৈ যা, মোৰ সেন্দূৰীয়া কপালখন উকা কৰি থৈ যা।"
কল্পনাই দুহাতেৰে মানুহ জনৰ ভৰিতো ডাঙিলে অাৰু তলুকাখনত কপালখন লগাই চিঞৰি চিঞৰি কান্দি কান্দি অাউলি বাউলি হৈ সেন্দূৰখিনি মোহাৰি পেলালে। সেই দৃশ্য চাই থকা প্ৰতিজন মানুহৰ চকুলো বাগৰি অাহিল।
অসীম গগৈ
ফুটাহোলা ন গাওঁ
জিলা: ডিব্ৰুগড় অসম
◾️গল্প
বৃদ্ধাশ্ৰমৰ হুমুনিয়াহ
কিশোৰ কুমাৰ কলিতা
বয়সৰ জোখাৰে তিনি কুৰিৰ দেওনা পাৰ হলেও সদানন্দৰ দেহ- মন - মগজু সকলো ঠিকেই আছে। নিজকে এতিয়াও চফল ডেকা বুলিয়েই অনুভৱ কৰে। জীৱনে অস্তাচলত খোজ থলেও তেওঁ শেষ পৰিণতিৰ কথাবোৰ খুব কমকৈয়ে ভাৱে, হা- হুমুনিয়াহবোৰেও যেন তেওঁৰ ওচৰ চাপিবলৈ সাহস নকৰে । শিক্ষা দিক্ষাৰে আগবাঢ়িও পিতৃৰ পাদংক অনুসৰণ কৰি নিজকে গৌৱৰ অনুভৱ কৰা সদানন্দই নৈপৰীয়া চহা জীৱনটোক লৈও যথেষ্ঠ সম্বৃদ্ধিশালী বুলিয়েই কব খোজে। মহাবাহু ব্ৰহ্মপুত্ৰই জুৰুলা কৰাৰ পিছত অথবা উচ্চ শিক্ষা গ্ৰহণ কৰি চাকৰিৰ তাগিদাত হলেও তেওঁ নিজৰ ওপজা গাওঁখন এৰি আন ঠাইলৈ গুচি নহল। এৰা, এনেকৈয়ে তেওঁ সুখী জীৱনৰ মাপকাঠি বিচাৰি পাইছে। এনেকৈয়ে তেওঁ জীৱনৰ ছন্দ বিচাৰিবলৈ প্ৰয়াস কৰিছে। স্পষ্টকৈ কবলৈ গলে আজি তেওঁ নিজকে সুখী মানুহ বুলিয়েই অনুভৱ কৰে।
চাৰি ভাই - ককাই আৰু দুজনী বাই - ভনীৰে সিহঁতৰ ঘৰখন এদিন সৰ্বাংগ সুন্দৰ আছিল। মাটি বাৰীও যথেষ্ট আছিল যদিও মহাবাহু ব্ৰহ্মপুত্ৰৰ প্ৰৱল খহনীয়াত কিছু জাহ গৈছে। তথাপিও চহকী পৰিয়াল বুলিবলৈ প্ৰয়োজনীয়খিনি এতিয়াও আছে। অৱশ্যে চৰকাৰে খহনীয়া প্ৰতিৰোধী আচনি ৰূপায়ণ কৰাত গাঁৱবোৰৰ এতিয়া ৰক্ষা পৰিছে। সময়ৰ বোকোচাত উঠি শিক্ষা দিক্ষাৰে আগবাঢ়ি এদিন এদিনকৈ সকলোৱে নিজৰ নিজৰ লক্ষ্য উদ্দেশ্যৰে বুঢ়া মাক বাপেকক এৰি দূৰণিত ঘৰ সংসাৰো পাতিলে। নিজকে ডাঙৰ ডাঙৰ মানুহ হিচাপে প্ৰতিষ্ঠা কৰাৰ যান্ত্ৰিক জীৱনৰ দৌৰত ভাগ ললে। উচ্চ শিক্ষা গ্ৰহণ কৰি চাকৰিৰ তাগিদাত বাহিৰলৈ গৈ আৰু উভতি নাহিল। এক প্ৰকাৰ যেন নিজৰ বাটত বাট বুলি এদিন পাহৰিবলৈ আৰম্ভ কৰিছিল বুঢ়া মাক বাপেকক, পাহৰিছিল শিপাৰ সংযোগ আৰু আপোন গাওঁখন। সদানন্দই কিন্তু গাৱৰেই পাঠশালা এখনত শিক্ষকৰ চাকৰি কৰি সাধাৰণভাৱেই জীৱনটোক উদযাপন কৰাৰ প্ৰয়াসেৰে দিনবোৰ পাৰ কৰিলে। নৈপৰীয়া চহা জীৱনটোক সাৱটি লৈয়ে বুঢ়া মাক বাপেকৰ লাখুটি হবলৈ প্ৰয়াস কৰিছিল ; নিজৰ লৰা ছোৱালীহালকো মানুহ হিচাপে গঢ়াৰ চেষ্টা কৰিছিল। আজি তেওঁৰ লৰা ওচৰৰে কলেজ এখনৰ শিক্ষক ; ছোৱালীজনীও চিকিৎসক। দুয়ো ঘৰৰ পৰাই অহা যোৱা কৰি নিজৰ দায়িত্ব কৰ্তব্য পালন কৰি আহিছে। তেওঁ সুখী, অথচ সুখী হৈয়ো কেইদিনমান ধৰি দুখানুভুতিৰে জৰ্জৰিত হৈ আছে। সেয়েহে আজিকালি প্ৰায়েই নৈপাৰলৈ আহে : উদাস মনেৰে নৈখনৰ সতে মৌনতাৰে কথা পাতে। আৰু এন্ধাৰ হোৱাৰ আগে আগে ঘৰলৈ বাট পোনাই।
এৰা, প্ৰায় ছয় বিঘা ভূমিৰে আৱৰি থকা ঘৰখনৰ চাৰিওফালে এতিয়া সদানন্দই খেতি কৰিবলৈ লৈছে। বহু মাটি এনেয়ে পৰি আছিল। চাকৰিৰ পৰা অৱসৰ পোৱাৰ পিছত পূৰ্ণোদ্যোমে খেতি কৰিবলৈ লৈছে। আন কেবাঠাইতো খেতি মাটি আছে। আনৰ হতুৱাই আধি চহাইছিল যদিও এতিয়া নিজেই খেতি কৰে। মাজে সময়ে ভায়েকহতে উৎসৱ পাৰ্ৱনত আপোন ঘৰখনলৈ আলহীৰ দৰেই আহিছিল। এৰা, এতিয়া সময় সলনি হল। চাকৰিৰ পৰা অৱসৰ পালে যেতিয়া এতিয়া হেনো তিনিওজনেই একেবাৰে আহিব। পৈতৃক সম্পত্তিৰ উত্তৰাধিকাৰী হিচাপে নিজৰ মাটিত ঘৰ সাজিব ; আৰু জীৱনৰ শেষ সময়খিনি হেনো গাৱতেই কটাব। লগত হলে এগৰাকীৰো লৰা - ছোৱালীবোৰ নাহে। মানে উত্তৰসুৰী সকলে আৰু শিপাৰ সন্ধান নকৰে। সিহঁতে নিজৰ নিজৰ জীৱনক লৈ ব্যস্ত হৈ পৰিছে। এৰা, সিহঁতৰো আৰু একোখন ঘৰ হব। সদানন্দই প্ৰথমে ভায়েকহত উভতি অহাৰ খৱৰবোৰ পাই বৰ ভাল পাইছিল। ইমান দিনৰ পিছত হলেও যে শিপাৰ সম্পৰ্ক সিহঁতে বুজিব পাৰিলে। কিন্তু পিছতহে তেওঁ কথাবোৰ উপলব্ধি কৰিলে। লৰা ছোৱালীহালে কেইদিনমান আগতে কোৱা কথাবোৰে সচাই সদানন্দৰ মন - মগজুত ক্ৰিয়া কৰিছে। জীৱন সম্পৰ্কীয় ধ্যান ধাৰণাই যেন সলনি হৈছে। যাৰ বাবে আজিকালি আবেলি সময়ত প্ৰায়েই নৈখনৰ পাৰলৈ আহে। কথাবোৰ ভাবি থাকে। সিদিনা ৰাতি ভাত খোৱাৰ সময়ত তেওঁ ভায়েকহত উভতি অহাৰ প্ৰসংগ উলিওৱাৰ লগে লগেই চিকিৎসক ছোৱালীজনীয়ে উত্তৰ দিছিল : "দেউতা, তেওঁলোক উভতি অহাত আমাৰ একো আপত্তি যিদৰে নাই ; তেনেদৰে ঘৰৰ মানুহ ঘৰলৈ উভতি অহাৰ বাবে উৎসৱৰ আনন্দৱো থাকিব নালাগে। এইবাবেই যে এদিন তেওঁলোকে ডেকা হৈ ককা আইতাৰ পৰিশ্ৰম, মূল্যবোধ, মৰম ভালপোৱা সকলো মোহাৰি আবেগৰ লগত খেলা কৰি গুচি গৈছিল। আনকি নিজৰ পিতৃ - মাতৃৰ খৱৰ লবলৈও আহৰি পোৱা নাছিল। এতিয়া নিজৰ সন্তানৰ পৰা একেই অৱহেলাৰ মুখামুখি হৈ শিপাৰ মনত পেলাইছে। তেওঁলোক আহিব, আহক। আপুনি তেওঁলোকৰ দৰে নহল, সেয়া আমাৰ বাবে সৌভাগ্য। আমাকো তেনে হোৱাৰ শিক্ষা নিদিলে। আৰু ককা - আইতাই জীৱনৰ শেষ সময়খিনিত তেওঁলোকক মনত পেলাই কিমান যে হুমুনিয়াহ কাঢ়িছিল , আমি উপলব্ধি কৰিছিলো। অসুখ হলে আপুনি খৱৰ দিয়াৰ পিছতো তেওঁলোকৰ আহিবলৈ সময়ৰ অভাৱ আছিল। এতিয়া পুতেক জীয়েকহতে বিলাসী ঘৰত কুকুৰ ৰখাৰ বাবে আচুতীয়া কোঠা নিৰ্মাণ কৰে, অথচ সেইখন ঘৰত মাক - দেউতাকক আৱৰ্জনা বুলি ভাবে। এতিয়া নৈপৰীয়া এইখন ঘৰ তেওঁলোকৰ বাবে বৃদ্ধাশ্ৰম সদৃশ হোৱা নাইনে ! ককা আইতাক কষ্ট দিয়া মানুহক মই কেতিয়াও ভাল দৃষ্টিৰে চাব নোৱাৰিম দেউতা, তাৰ বাবে মোক ক্ষমা কৰিব। আৰু দাদা অথবা মোকো তেওঁলোকৰ সান্নিধ্যত থাকি তেনে যান্ত্ৰিক হবলৈ নিদিব । যত মৰম নাথাকে, যত ভালপোৱা নাথাকে , যত আবেগ নাথাকে, থাকে মাথো স্বাৰ্থ ; তেনে জীৱন মই কেতিয়াও নিবিচাৰোঁ। আপোন মানুহবোৰ স্বাৰ্থপৰ হলে বৰ দুখ লাগে অ দেউতা। তেওঁলোকৰ বাবে ককা আইতাই বৰ কষ্ট অনুভৱ কৰিছিল। " কথাবোৰ কৈ থাকোতে শেষৰ ফালে তাই মাতটো কৰুণ হৈ আহিছিল।জীয়েকৰ কথাবোৰ শুনি সদানন্দ নিৰ্বাক হৈ পৰিছিল।ছোৱালীজনীয়ে কোৱা কথাবোৰ সচা। মূহুৰ্তৰ ভিতৰতে তেওঁৰ জীৱনকেন্দ্ৰীক ধাৰণাই তাই সলনি কৰি পেলাইছিল ।
তাৰ মাজতে মাথোঁ মাকে কৈছিল:- " তেনেকৈ কব নাপাই অ আইজনী। হাজাৰ হলেও তেওঁলোক আমাৰ নিজৰ। "
মাকৰ কথাত এইবাৰ লৰাটোৱেও উত্তৰ দিছিল:- " মা, ভণ্টিয়ে ঠিক কথাই কৈছে। দেউতাৱোটো ককা আইতাৰেই সন্তান আছিল। দেউতাই কিন্তু কষ্ট দিয়া নাছিল। তেওঁলোক আহিলে আমাৰ কবলগা একো নাই। আমাৰহে তেওঁলোকৰ সান্নিধ্যত থাকিবৰ ইচ্ছা নাই। ডেকা হৈ গাও এৰি যাব আৰু বুঢ়া হৈ উভতি আহিব। তেওঁলোকে আমাৰ এই ককা আইতাৰ হেপাঁহৰ সাতামপুৰুষীয়া ঐতিহ্যৰে গৰকা নৈপৰীয়া ঘৰখনক কি বৃদ্ধাশ্ৰম বুলি ভাবিছে নেকি ! " লৰাৰ কথাৰ উত্তৰ মাকে দিব পৰা নাছিল। দিব পৰা নাছিল সদানন্দয়ো।
বহু কথাৰেই সেইদিনা আলোচনা হৈছিল। অথচ সদানন্দ নিৰুদ্দেগ হৈ আছিল। লৰা ছোৱালী হালে কোৱা কথাবোৰ সচা। দুয়ো ককা - আইতাকক বৰ মৰম কৰিছিল। আমাকো কোনোদিনেই অৱহেলা কৰা নাই। গাৱখনৰ পৰা ডেকা হৈ মানুহবোৰ ওলাই যায় । তেওঁলোক বঢ়া হৈ পুনৰ উভতি আহে। শিক্ষা অথবা চাকৰিৰ অযুহাতত তেওঁলোকে পাহৰি যায় শিপাৰ সংযোগ। আৰু গাওঁখনত ৰৈ থকা অশিক্ষিত অকামিলাবোৰেই ৰক্ষা কৰে চহা জীৱনৰ চানেকি। ধৰি ৰাখে কৃষ্টি সংস্কৃতি, আপোনাজনৰ দুখত সমভাগী হবলৈও তেওঁলোকৰ সময় থাকে। অৱশ্যে তাৰ মাজত এই সদানন্দ নামৰ মানুহজনে ব্যতিক্ৰম বুলি অনুভৱ কৰে ।
লৰা - ছোৱালীহালে কথাবোৰ কোৱাৰে পৰা তেওঁৰ মনটো গধুৰ হৈ আছে। আন দিনৰ দৰেই নৈপাৰত বহি কথাবোৰ ভাবি আছে। এৰা, এইসকল লোকে সচাই নৈপৰীয়া এই হেপাঁহৰ গাওখনক বৃদ্ধাশ্ৰম বুলি ভাবিছে নেকি ! এনেবোৰ মানুহে মৰম ভালপোৱাবোৰ কেৱল স্বাৰ্থতহে ব্যৱহাৰ কৰে নেকি ! বহু কথাই আজি মনলৈ আহিছে। জীৱনকেন্দ্ৰীক ধাৰণাই সলনি কৰি পেলাইছে।
অস্ত আকাশত সুৰুযৰ হেঙুলী আভাই নৈখনৰ বুকু চিকমিকাই তুলিছে। কিছুসময় পিছত এন্ধাৰ নামি আহিব। নিশাৰ পিছত পুনৰ নতুন প্ৰভাত হব। এৰা, লৰা ছোৱালীহালক তেওঁ বুজাব। আপোন মানুহবোৰে হেপাঁহৰ এই ঘৰখনলৈ আহি আপোন আপোন অনুভৱ কৰিবই লাগিব। জীৱনৰ প্ৰকৃত সত্য তেওঁলোকে উপলব্ধি কৰিব লাগিব ; আৰু এইখন ঘৰ কেতিয়াও বৃদ্ধাশ্ৰম হব নোৱাৰে। অ, তেওঁৰ এই নৈপাৰীয়া হেপাঁহৰ ঘৰখন কেতিয়াও বৃদ্ধাশ্ৰম হবলৈ নিদিয়ে। মানুহ আহিব আৰু যাব ; কিন্তু তেওঁৰ ঘৰখন ঘৰ হৈয়ে থাকিব লাগিব। সদানন্দই নিজকে নিজে সান্তনা লবলৈ প্ৰয়াস কৰিলে। লাহে লাহে ধৰাৰ বুকুলৈ এন্ধাৰ নামি আহিল। এৰা, কাইলৈ পুনৰ নতুন প্ৰভাত হব। দীঘলকৈ হুমুনিয়াহ এটা কাঢ়ি তেওঁ বহাৰ পৰা উঠি আপোন ঘৰখনলৈ বুলি উভতনি খোজ ললে। ওপৰৰ আকাশত ক্ৰমশঃ জোনাকৰ ৰূপোৱালী ৰঙে আৱিৰ সানিবলৈ প্ৰয়াস কৰিছে। তেওঁ আপোন ঘৰখনলৈ বুলি আগবাঢ়িছে।
ঠিকনা-
কিশোৰ কুমাৰ কলিতা (গিৰীন্দ্ৰ )
মাৰফৎ- স্বৰ্গীয় ললিত চন্দ্ৰ কলিতা
গাওঁ- দাখলা ( বণিয়াপাৰা)
ডাক- বিজয়নগৰ (দখলা)
পিন -৭৮১১২২
ফোন- ৯৯৫৪০৩০৯৩১
কামৰূপ (অসম )
No comments:
Post a Comment