Tuesday, February 07, 2023

এইয়া জানো অবিদিত কাৰোবাৰ ?

 এইয়া জানো অবিদিত কাৰোবাৰ ?

  

নাৰী তুমি,

লজ্জা আৰু আভৰণতে

লুকাই থাকে তোমাৰ

অপাৰ সৌন্দৰ্য আৰু ৰহস্য !

শালীনতাই তোমাৰ শ্ৰেষ্ঠ অলংকাৰ।

এইয়া জানো অবিদিত কাৰোবাৰ ?


অথচ তুমি উচ্ছৃংখল,

মাৰ্জিত সাজ-পোছাকবোৰ যেন

তোমাৰ বাবে এলাৰ্জি

অল্প বস্ত্ৰ পৰিধানেৰে

তুমি নিজকে সজাইছা

অত্যাধুনিকা  ৰূপেৰে--।

সত্য কথাত--

পুৰুষৰ দৃষ্টি আকৰ্ষণ কৰাটো

তোমাৰ উদগ্ৰ নিচা হ'ল এতিয়া।


কিন্তু এবাৰ ভাবি চাইছানে

কি দৃষ্টিভংগীৰে তোমাক

সকলোৱে উপভোগ কৰে ?

উচ্ছৃংখল সাজ-পোছাকৰ বাবে

তুমি কিমানজনৰ যে

সমালোচনাৰ পাত্ৰ হৈ পৰিছা

সেই খবৰ ৰাখানে ?


জানা,

তোমাৰ এনে সাজ-সজ্জাৰ বাবেই

তুমি চিকাৰ হোৱা মাংসলোভীৰ

পুৰুষৰ সুপ্ত সত্তাক জাগ্ৰত কৰি

তুমি সৃষ্টি কৰা অপ্ৰিয় পৰিৱেশৰ,

ভুল কৰিছা তুমি

নাৰীৰ নিজস্বতা আৰু

ভদ্ৰতাৰ পৰিভাষা পাহৰি,

লাজবোৰ পুৰি খাই

অৱনমিত কৰিছা নিজকে নিজেই,

হেৰুৱাইছা প্ৰকৃত সৌন্দৰ্য

সোলকাই পেলাইছা মূল্যৱান অলংকাৰ

এইয়া জানো অবিদিত কাৰোবাৰ ??


✍️ ৰাজ ৰাহুল 

            

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

Rahul Chetia Poet Biography

Rahul Chetia Poet Biography | ৰাহুল চেতিয়া - উৰুখা পঁজাৰ জোনাক, মায়াবিনী আঁউসীৰ এটি জোনাকী Rahul Chetia (ৰাহুল চেতিয়া) is a p...