Tuesday, February 07, 2023

শান্তি:শান্ত দাস

 শান্তি 

                 


 

নিত্য নতুন চাহিদাৰ ভিৰত,

        মানুহে নিৰন্তৰ শান্তি বিচাৰে। 

অতৃপ্তিৰ ধূসৰ কণিকাত, 

        মানুহে নিত্য নির্মলতাক বিচাৰে। 


হেপাহৰ মৰীচিকাত যাব ধৰিছে, 

        জীৱনৰ অলেখ প্ৰাণ খোলা হাঁহি। 

কোলাহল, প্ৰদূষণে চলাইছে, 

        শান্তিৰ গোলকত অশান্তিৰ বাঁহি।


এতিয়া কল্পনাতে মানুহ সুখী, 

        বাঢ়িছে জীৱনৰ নানাবিধ ৰঙ্গ। 

মোবাইল টাৱাৰ-নেটৱৰ্কৰ গোলকত,

        প্রতিটোৱে শব্দ ধ্বনি ৰূপী এক তৰঙ্গ। 


সেউজীৰ বননি ধ্বংস কৰি, 

        বৃদ্ধিত বাহন,বাঢ়িছে জনসংখ্যা।

সচৰাচৰ সৃষ্টিত হৈছে ৰোগ ব্যাধি,

        বাঢ়িছে অজানা মৃত্যুৰ আকাংক্ষা।


    ✍️শান্ত দাস

                     Lanka,Hojai, 

                       

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

Rahul Chetia Poet Biography

Rahul Chetia Poet Biography | ৰাহুল চেতিয়া - উৰুখা পঁজাৰ জোনাক, মায়াবিনী আঁউসীৰ এটি জোনাকী Rahul Chetia (ৰাহুল চেতিয়া) is a p...