সেন্দুৰ
সৌৰভ আৰু অৰুন্ধতী দুজনৰ মাজত এটি সুন্দৰ প্ৰেমৰ সম্পৰ্ক আছিল। তেওঁলোকৰ দুয়ো একে খন স্কুলত পঢ়ে, যাৰ বাবে সিহতঁ দুয়োয়ে দুয়োকে এদিন নেদেখিলে পাগলৰ দৰে হৈ থাকে ।ফোনত কথা নাপালেও থাকিব নোৱাৰে ।সৌৰভে নিজকে যে আকাশ চুলো যেন ভাবি পঢ়া-শুনা বাদ দিলে । নিজৰ জীৱনটোৰ কথা ভবাই নাই মাত্ৰৰ প্ৰেমৰ মুক্ত আকাশত মুকলি মনত উৰি ফুৰিছে । লগৰ-লগৰীয়াই কথাবোৰ বুজাই যে ,তই এইবোৰত এতিয়া নপৰিবি অ,। আমি বহুত পালো বুলি সৌৰভক বুজাই কিন্তু সৌৰভে বুজি নাপায় । সিহঁতক সৌৰভে কয় যে তহঁতক হে কৰিছে , মোক নকৰে মই জানো মোক তাই বহুত ভাল পাই অ,। লগৰ-লগৰীয়াৰ কথা নুশুনে আনকি ঘৰৰ বায়েকৰ কথা ও নুশুনে ,বায়েকে জানে যে ইয়াৰ কিবা এটা নিশ্চয় হৈছে ।
এদিন সৌৰভে ফোনত কথা পাতি আছিলোঁ ।সেইসময়ত বায়েকে শুনিলে সৌৰভক ক'লে যে - তই কাৰ লগত কথা পাতি আছ হে ।সৌৰভে ক'লে যে- লগৰ হয় বায়েকে ক'লে যে -মই কথা পাতিম বুলি ক'লে ,সৌৰভে ক'লে যে নালাগে ।একেকৈ ঘৰত ঠগি দিন বোৰ পাৰ কৰে । এনেকৈ দুয়োৰ প্ৰেম কাহিনী আগবাঢ়ি গ'ল। দুয়োৰ সম্পৰ্ক ইমানেই যে গম্ভীৰ হৈ উঠিলে যে কোনোৱে এৰাব নোৱাৰা হ'ল।সৌৰভৰ মনত এদিন এটা কথাই বৰকৈ উলপাৰ কৰি আছিলে।লগৰ বোৰক ক'লে সিহঁতে হাঁহি উৰাই দিয়ে বুলি ,কাকো একো নকয় মনে মনে কথাটো মনত ভাবি ৰাখিছে ।ঘৰত ক'লে সৌৰভক ঘৰৰ পৰা খেদিব তাৰবাবে কাকো নকয় কথাটো ।সৌৰভৰ মনত উলপাৰ লগোৱা কথাটো হ'ল যে- অৰুন্ধতীৰ উকা কপালত কোনোৱে গম নোপোৱাকৈ সেন্দুৰ আবিৰ সানিব মন ,এই কথা ঘৰৰ বায়েকৰ কাণত পৰিলে তাৰ কলিজা খাই দিব ।মনৰ কথা মনত লয় দিন বোৰ পাৰ কৰি গৈ আছে । এদিন হঠাৎ কোনোৱে গম নোপোৱাকৈ স্কুলৰ জিৰণীৰ সময়ত মনৰ কথাটো ওঁঠত সাৰিব নোৱাৰি হাতে কামে কৰি দিলে ।সৌৰভে অৰুন্ধতীৰ শিৰত সেন্দুৰৰ আবিৰ সানিলে ,কথাটো কোনোৱে গম নেপায় । এনেকৈয়ে দিনবোৰ বাগৰি গ'ল ,সময়ৰ সোঁতত দুয়োৰ প্ৰেম কাহিনী আৰু গম্ভীৰ হৈ উঠিল ।কথাই কথাত
এদিন কথাষাৰ ওলাই পৰিল ,যে আমুকৰ ছোৱালী জনী ক আমুকৰ লʼৰাটো সেন্দুৰ সানিলে বুলি মানুহে ক'ব ল'লে । ছোৱালী জনী ৰ মা, দেউতা সমাজত মুখ উলিয়াব নোৱাৰা হ'ল, কিন্তু লʼৰা ঘৰত একো নাজানে।
অৰুন্ধতীৰ মাকে আৰু দেউতাকে অৰুন্ধতী ক ভালকৈ ক'লে যে-মাজনী কিয় এনে কাম কৰিলি হে ,মই তক ইমান ভাল ছোৱালী বুলি ভাৱিছিলো ,কিন্তু তই
কি কৰিলি হে , আমি সমাজৰ আগত কেনেকৈ মুখ দেখাম হে এবাৰ চিন্তা নকৰিলি ন। হঠাৎ দেউতাকে খংত অৰুন্ধতীক দুই চৰ মাৰিলে । অৰুন্ধতীয়ে কান্দি কান্দি ক'লে যে- মোৰ ভুল হ'ল দেউতা ক্ষমা কৰিবা । দেউতাকে ক'লে যে-ইমান ডাঙৰ ভুল কৰা পিছত তই ক্ষমা কৰি দে বুলি কৈছ, আমাৰ নাক,মুখ কাটিলি , ঘৰৰপৰা উলিয়াই যায় । অৰুন্ধতীয়ে ফোনত কান্দি কান্দি সৌৰভক কয় যে-মা,দেউতাই গম পালে মোক তুমি লৈ যোৱা নহ'ল মই মৰি থাকিম অ,।সৌৰভে থৰ লাগি মনে মনে কথাবোৰ শুনি শেষত , উওৰ দিলে যে-তুমি তেনেকুৱা নকৰিব মই লয় আনিম তোমাক চিন্তাই নকৰিবা । অৰুন্ধতীয়ে ক'লে যে- মই আৰু এপলো নাথাকো এঘৰত সোনকালে আহা।সৌৰভে নভবাকৈ কথা দিলে যে মই তোমাক লয় আনিম বুলি ।
আনিলে যেনিবা কি কৰি খোৱাব তাৰ কথাও নাভাবিলে ,
আনকি ঘৰৰ মানুহে নাজানে যে লʼৰাই কি কৰি ৰাখিছে।
সৌৰভ বিপাঙত পৰিল কি কৰিম কি নকৰোঁ যেন হ'ল ,ঘৰত কথাটো ক'ব নোৱাৰে ।সিফালে অৰুন্ধতী ক কথা দিছে কি কৰিব এঘন্টা মান নিজানত বহি ভাবিলে ।
মনত একমত হৈ থিৰাং কৰিলে যে ঘৰত সোমাব নিদিলে ও অৰুন্ধতীক মই আনিম ,তাক মৰিব দি নোৱাৰো ।যিহʼব হ'ব পাছত দেখা যাব বুলি ভাবি সৌৰভে অৰুন্ধতীক ঘৰলৈ লয় আনে । বায়েকে ঘৰত সোমাবলৈ নিদিলে, ঘৰৰ পৰা খেদি দিলে ।সৌৰভে ঘৰ এৰি গুচি আহিল, দুয়ো একেলগে বৰ সুখী ভাবি সুন্দৰকৈ ঘৰ সাজিলে ।
বিয়া খনটো পাতিলে কিন্তু এতিয়াহে কি কৰিব ?
সৌৰভৰ মনত কিছুমান চিন্তাই বাহ ল'লে। মই আনিলো হয় ।এতিয়া মই কি কৰি খোৱাম বাৰু ? মইতো কাম কৰিব নাজানো পিছে এতিয়া মই কি কৰিম বাৰু? সৌৰভে ভাবি ৰাতিটো
উজাগৰে কটালে । ৰাতিপুৱা উঠি কাম বিচাৰি গ'ল । কিন্তু সৌৰভক কোনোৱে কামত নলগাই কি কৰিব এতিয়া শেষত এজোপা গছৰ তলত অলপ সময় বহি ভাবিলে আৰু মনৰ ভিতৰত কিছুমান কথা ভূৰ ভূৰাই বকি আছিল । মই কি ভুল কৰিলোঁ বাৰু ? বায়েৰ কথা শুনিলে মোৰ এনে নহ'ল হেতেন, মই বৰ ডাঙৰ ভুল কৰিলোঁ। কি হ'ব বাৰু?সৌৰভে তেনেকৈ সপ্তাহতো পাৰ কৰিলে ।সৌৰভে কৰা ভুল বোৰ নিজে নিজে মনত শুদ্ধ কৰিব বিচাৰিছে কিন্তু এতিয়া শুদ্ধ কৰিও লাভ নাই ।কাৰণ আগত নভবাৰ বাৰে আজি এনে গতি ।
তেওঁ ভাবি ভাবি পানীত হাঁহ নচৰা অৱস্থা হ'ল।
সৌৰভ এতিয়া দোমোজাত পৰিল ।ঘৰলৈও যাব নোৱাৰে ,আনকি অৰুন্ধতীকো এৰিব নোৱাৰে ।
সৌৰভে উপাই বিহীন হৈ বিদেশলৈ কাম কৰিবলৈ যোৱাৰ
সিদ্ধান্ত ল'লে । কিন্তু অৰুন্ধতীয়ে ক'লে -তোমাক মই অকলে বিদেশত যাব নিদিওঁ । তুমি মোকো লগত লৈ যাব লাগিব ।
সৌৰভে ক'লে যে-তোমাক মই লয় তাত কত ৰাখিম । মই লগৰ এজনৰ লগত থাকিম বাৰু ! পিছে তুমি কত থাকিবা ।
অৰুন্ধতীয়ে উচুপি উচুপি ক'লে - মই তোমাৰ অবিহনে থাকিব নোৱাৰিম অ,।
সৌৰভে ক'লে-অলপ চেষ্টা কৰিবা পাৰিবা নহয় অকলে থাকিব । মই এবছৰ বাবেহে যাম ।আমাৰ ঘৰতো সাজিব পাৰিলে আৰু একোয়ে নালাগে । তেতিয়া সদায় তোমাৰ কাষত থাকিম। তোমাক খুৰা -খুৰী হঁতৰ ঘৰত এৰি যাম ।
কাৰণ ঘৰতো সোমাব নিদিয়ে ।তুমি কষ্টকে হ'লেও থাকিবা । অৰুন্ধতীয়ে কথাবোৰ ভাবি বৰ কষ্টৰে মুখৰ পৰা মাতষাৰ দিলে , হ'ব যোৱা আমাৰ সপোনবোৰ পুৰন হ'ব ।ভালকে থাকিবা ।সৌৰভে ক'লে- উম! মই ভালকে থাকিম । কিন্তু তুমি ভালকে থাকিবা ।মোক বেছি চিন্তা কৰি নাথাকিবা , মই তোমাক ফোন কৰি থাকিম নহয় ।
অৰুন্ধতীয়ে ক'লে-কেকুজেকু মাতেৰে ক'লে উম ! তুমি তোমাৰ যত্ন লবা দেই ।
সৌৰভে ক'লে- উম! চিন্তা নকৰিবা মই মোৰ যত্ন লʼম অ,।
সৌৰভে খুৰা-খুৰীৰ হাতত মৰম বোৱাৰী জনক গতাই থৈ বিদেশলৈ গুচি যায় ।
সৌৰভে এদিন দুদিনকৈ দিনবোৰ পাৰ কৰিবলৈ ল'লে , কিন্তু অৰুন্ধতীক এৰি অহাৰ কথাটো পাহৰিব নোৱাৰে। কিন্তু সৌৰভে নিজৰ মনত গম্ভীৰ বিশ্বাস ৰাখি সপোনবোৰ পুৰন কৰিবলৈ ধৰিলে ।সৌৰভে প্ৰতিটো পলে অৰুন্ধতীৰ খৱৰ ৰাখিছিল। অৰুন্ধতীও সৌৰভৰ প্ৰতিটো কথাই আখৰে আখৰে পালন কৰিছিল।মনে ভবা কথাবোৰ লাহে লাহে পুৰন হ'বলৈ ধৰিলে।
যাৰ বাবে দুজনে ভবাৰ দৰে নিজৰ সুখৰ সংসাৰ গঢ়িবলৈ পাৰিলে।
সৌৰভে বিদেশত থাকি সপোনৰ ঘৰখন সাজি লʼলে ।দুয়োৰে সপোনবোৰ পুৰন হ'ল ।সপোন পুৰন কৰি এবছৰৰ পাছত ঘৰলৈ অহাৰ সিদ্ধান্ত ল'লে।
কথাষাৰ সৌৰভে অৰুন্ধতীক ক'লে যে মই গৈছো অহা মাহত । অৰুন্ধতীয়ে ক'লে- মই এই দিনটো লৈ বাট চাই আছিলোঁ ।সৌৰভে ক'লে -উম! চিন্তা নকৰিবা মই এতিয়া তোমাৰ কাষত সদায় থাকিম ।
অৰুন্ধতী ক'লে -উম ! আহি লোৱাচোন ।
সৌৰভ -গৈছোঁ অ,! সৌৰভে ঘৰলৈ আহিল ।
দুয়ো ন কৈ সজা ঘৰ খনত সুখেৰে দিনবোৰ পাৰ কৰিব ল'লে ।
সৌৰভে কৰা ভুল বোৰক শুদ্ধ কৰি নিজে চলিব পৰা হোৱা দেখি ঘৰৰ মা-দেউতা , বায়েকেও লাহে লাহে ভাল পাব ল'লে ।কাৰণ সৌৰভ আজি নিজৰ ভৰিত নিজেই থিয় হ'ব পৰা বাবে সকলো সুখী ।সৌৰভক ঘৰৰ মা দেউতা বায়েকেও ঘৰখনলৈ আদৰি ল'লে । এনেদৰে সুখেৰে দিনবোৰ পাৰ কৰিলে ।
শ্ৰী মিন্টু গোৱলা লখিমপুৰ, কদম
No comments:
Post a Comment