Showing posts with label গল্প. Show all posts
Showing posts with label গল্প. Show all posts

Tuesday, May 02, 2023

প্ৰেমৰ প্ৰতিশোধ হত্যা:মিন্টু গোৱলা

 প্ৰেমৰ প্ৰতিশোধ হত্যা


               


   

নন্দিতা আৰু কাশ্মীৰা বৰ ভাল বান্ধৱী আছিল।দুয়ো গাঁওৰ পৰিবেশত ডাঙৰ-দীঘল হোৱা ।তেনেই সহজ সৰল ছোৱালী আছিল ।দুয়ো উচ্চ শিক্ষাৰ বাবে গাওঁৰ অলপ দূৰত অৱস্থিত মহাবিদ্যালয়খনত নামভৰ্তি কৰিছিল। নন্দিতাৰ সপোন আছিল যে হিন্দী বিষয়ৰ এগৰাকী প্ৰবক্তা হোৱাৰ , সেইবাবেই গাওঁৰ পৰা অলপ দূৰত অৱস্থিত মহাবিদ্যালয়খনত নামভৰ্তি কৰিছিল। গাওঁৰ ওচৰৰ মহাবিদ্যালয় খনত হিন্দী বিষয়টো নথকাৰ বাবেই তেওঁ চহৰ ভাল মহাবিদ্যালয় খনত নামভৰ্তি কৰিলে। বুকুত সপোনবোৰ লৈ নন্দিতাই ভাল দৰেই পঢ়া-শুনা কৰি দিন বোৰ অতিবাহিত কৰিছিল।কাৰণ তাইক লৈ ঘৰৰ সকলো সপোন দেখিছিল মা দেউতাকে যাৰ বাবে  তাইক এখন ভাল মহাবিদ্যালয়ত নামভৰ্তি কৰি দিছিল । এনেদৰেই সপোনবোৰ লৈ মহাবিদ্যালয়ৰ সময়বোৰ পাৰ কৰিছিল ।

                সময়ৰ সোঁত কিছুমান মানুহ সলনি হয় কিন্তু নন্দিতাই একোৱেই সলনি হোৱা নাছিল। কাৰণ তাইৰ পাছত বহু সপোন আছিল।তাইক লৈ মহাবিদ্যালয়ৰ এজন কৰ্মচাৰীয়ে মনে মনে এটি প্ৰেমৰ সম্পৰ্ক বাবে ৰৈ আছিল । কিন্তু তাইক কেনেকৈ ক'ব কাৰণ তেওঁ একেখন মহাবিদ্যালয়ৰ তেওঁ হ'ল কৰ্মচাৰী আৰু হ'ল ছাত্ৰী । তেওঁ সদায় তাইক দেখি কিন্তু ক'বলৈ নোৱাৰে ।

তাই ও মহাবিদ্যালয়ৰ কৰ্মচাৰী বুলি সন্মান কৰে । সেইবাবেই তেওঁ কʼবলৈও বেয়া পাইছে । এনেদৰে দিনবোৰ পাৰ কৰিছিল । তেওঁ মনৰ কথাবোৰ মনতেই সাঁচি ৰাখিছে । সময় সুবিধা পালে ক'ব । তথাপিও তেওঁ তাইৰ লগত কথা পাতি থাকে । কিন্তু গম নাপায় । নন্দিতাৰ ঘৰখন অৰ্থনৈতিক দিশত অলপ দুৰ্বল আছিল।

মহাবিদ্যালয়ত তেতিয়া অনলাইন ক্লাছ আৰম্ভ হৈছিল ।কাৰণ মহামাৰী কʼৰোণাৰ মহাবিদ্যালয় বোৰ বন্ধ আছিল ,যাৰবাবে ক্লাছ বোৰ অনলাইন  কৰিছিল। যাৰবাবে মহাবিদ্যালয়ৰ কৰ্মচাৰী জনে নন্দিতাক মোবাইল ফোন এটা কিনি দিছিল । কিন্তু নন্দিতাই বুজি পোৱা নাছিল যে- কিয়? মোবাইল ফোন টো দিছে। নন্দিতাই ভাবিলে যে মৰমত দিছে বুলি গ্ৰহণ কৰিলে । এনেদৰেই অনলাইন ক্লাছ বোৰ কৰি গৈছিল।সময় সোঁতত আৰু পৰিস্থিতিৰ সপক্ষে লক্ষ্য ৰাখি মহাবিদ্যালয় বোৰ খুলিছিল ।এটা দিনতাকৈ ক্লাছ বোৰ আৰম্ভ হ'ল । লাহে লাহে আগৰ দৰে ক্লাছ বোৰ হ'ব ল'লে।এদিন ক্লাছ কৰি  নন্দিতা আৰু কাশ্মীৰা দুয়ো বহি কথা পাতি আছিল। হঠাৎ মহাবিদ্যালয়ৰ কৰ্মচাৰী ৰিন্টুয়ে তেওঁ লোকৰ ওচৰলৈ আহিল । দুয়োৰ কাষত বহি সিও আগভাগ ল'লে, তেওঁ লোকৰ কথাৰ। নন্দিতা আৰু কাশ্মীৰে বুজি নাপালে যে কোনো দিন এনেদৰে আহি নবহে কিন্তু আজি কিয় ? বহি আছে বুজি পোৱা নাছিল।

দুয়োজনীৰ কথা শুনি  শেষত ৰিন্টুয়ে কথা আৰম্ভ কৰিলে।ৰিন্টুয়ে ক'লে -নন্দিতা তোমাক মই কথা এটা ভাবি আছোঁ কিন্তু ক'ব পৰা নাই অʼ।আজি কম বুলি ভাবিছোঁ তুমি বেয়া নাপাবা । কিন্তু মই তোমাক অকলেহে কম । নন্দিতাৰ মনত কথাটো শুনিবলৈ বৰ মন গ'ল ।তাই কাশ্মীৰাৰ পৰা আঁতৰি আহিল । নন্দিতাই ক'লে- কওক চোন কি ? ক'ব ।ৰিন্টুয়ে  ক'লে- মই তোমাক দেখাৰ পৰা মই থাকিব নোৱাৰা হৈছোঁ অʼ। নন্দিতাই ক'লে-এই আপুনি কি? কৈছে ।

ৰিন্টুয়ে ক'লে-উম!সচাঁকৈ ।তুমি কি ?কোৱা ।

নন্দিতাই মনে মনে তাৰ পৰা আঁতৰি আহিল।তাই একো উত্তৰ নিদিলে । উত্তৰ নিদিলে ।ৰিন্টুয়ে উত্তৰ বিচাৰি সদায় তাইৰ পাছে পাছে ঘূৰি থাকে । নন্দিতাই কাশ্মীৰাক কথাবোৰ ক'লে । কাশ্মীৰাই ক'লে যে-ঐ নন্দিতা ৰিন্টু দাই কি ? ক'লে । নন্দিতাই কাশ্মীৰাক ক'লে- মোক ভাল পাওঁ বুলি কৈছে । তই কি? কʼলি।নাই মই একোৱা নাই ।কাশ্মীৰাই ক'লে-উম! উত্তৰ নিদিবি ভাল নহয় মানুহজন । নন্দিতাই কাশ্মীৰা ক'লে - ইমান ডাঙৰ মানুহ জন লগত মই ভাল পাওঁ ক'লে মোক ঘৰ মানুহে খেদিব।কাশ্মীৰা কথা শুনি নন্দিতাই উত্তৰ নিদিলে।ৰিন্টুয়ে সময় সুবিধা লৈ এদিন নন্দিতাৰ ঘৰলৈ ওলাল । এনেকৈ দিনবোৰ পাৰ হৈ গ'ল, তথাপিও উত্তৰ নিদিলে। এনেকৈয়ে ৰিন্টুৰ মনত এক প্ৰতিসোধৰ ভাব জাগি উঠিল । তেওঁ মনত পৰিকল্পনা কৰিলে যে তাই মোৰ জীৱনত যদি নাহে বা মই সুধা প্ৰশ্নটোৰ উত্তৰ নাপালে, মই তাইক সুধাই নেৰো ।তেওঁ এনেকৈ মনত জেদ ভাব বান্ধি থৈছিল । দিনবোৰ পাৰ হৈ গ'ল ।

                   সিদিনা পৰীক্ষালৈ বুলি নন্দিতা আৰু কাশ্মীৰাই ঘৰ পৰা ওলাই গ'ল ।দুয়ো পৰীক্ষাত বহে।প্ৰায় ১২:৩০বজাত পৰীক্ষা শেষ হ'ল ।কাশ্মীৰাই দেউতাক ফোন কৰি মাতিলে যে দেউতা মোৰ পৰীক্ষা শেষ হ'ল আহা লৈ যাবা।কাশ্মীৰাৰ দেউতাকে স্কুটি এখন লৈ মহাবিদ্যালয়ৰ পালে গৈ ।দুয়ো জনীয়ে দেউতাকলৈ বাট চাই আছিল ।ৰিন্টুয়ে দুয়োজনীক একে লগে দেখি সি তাৰপাৰ আহি মনত ভাবি ৰখা কথাটো আজি বাস্তৱ ৰূপ দিবৰ বাবে তেওঁ প্ৰস্তুতি কৰি আছিল। কাশ্মীৰা দেউতা আৰু নন্দিতাই ঘৰলৈ বুলি আহি আছিল । তেওঁলোক ধেমাজি চহৰৰ মাজ মজিয়া পাইছিল । হঠাৎ ৰিন্টুয়ে হাতত দা এখন লৈ প্ৰথমে কাশ্মীৰা দেউতাক আঘাত কৰে ,তাৰ পিছত কাশ্মীৰাক আঘাত কৰে।পিছত নন্দিতাক মূৰত দা ৰে ঘপিয়াই দিয়ে। নন্দিতাই ৰাজপথত ধউলি পৰিল। তাই মাক লৈ ফোন কৰিলে ।তাই মুখৰ পৰা অকল মা শব্দটো হে শুনিলে মাকে ।চহৰ সকলো মানুহৰ মাৰ ধৰ লাগিল ।আন ফালে ৰিন্টুয়ে হাতত দা এখন লৈ এখন হাবিত সোমাইছিল ।পিছে পিছে পুলিচে খেদি নিলে ।ৰিন্টুক পুলিচে গ্ৰেপ্তাৰ কৰে ।ৰাজপথত মানুহৰ ভিৰ কোনোবাই মূৰত কাপোৰ বান্ধিছে ,কিন্তু মূৰৰ তেজ বন্ধ নহয় । তেওঁলোক ততাতৰিয়াকৈ আঘাত প্ৰাপ্তক চিকিৎসা লৈ প্ৰেৰণ কৰে। নন্দিতাৰ মূৰৰ পৰা অধিক তেজ বৈ যোৱাৰ বাবে ধেমাজি চহৰ চিকিৎসকে নন্দিতাক উন্নতমানৰ চিকিৎসাৰ বাবে ডিব্ৰুগড় চিকিৎসা লৈ প্ৰেৰণ কৰে। নন্দিতাই পাচঁদিন পাচঁৰাতি মৃত্যুৰ লগত যুজঁ দি গ'ল । কিন্তু মূৰত বেচিকৈ আঘাত পোৱাৰ বাবে অৱশেষত চিকিৎসকে হাৰমানি দিয়ে । হঠাৎ ছয়দিনৰ দিনা প্ৰায় ৩:৩০বজাত  নিয়তিৰ বাণীয়ে নন্দিতাক মেৰিয়াই বান্ধি এই পৃথিৱীএৰি চিৰদিনৰ বাবে গুচি গ'ল। এই কথাটোৱে সমগ্ৰ ৰাজ্য লগত মহাবিদ্যালয়ত এক শোকৰ ছাঁ পৰিল । মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক সকলৰ সমিতিয়ে উত্তাল প্ৰতিবাদ কৰিছিল,

যে দুখীক উচিত শাস্তি দিবলৈ ।ৰিন্টুক উচিত শান্তিৰ বাবে জেললৈ লৈ যায় ।সাত বছৰলৈ  কাৰাবাস খাটিব লগা হ'ল, যদিও বহু জনতাৰ প্ৰতিবাদত ৰিন্টুক  অৱশেষত ফাঁচি কাঠত উলমাৰ কথা দিলে চৰকাৰে । 

              নন্দিতাই ভাবাই নাছিল ,যে প্ৰেমৰ বাবে নিজৰ জীৱনক হেৰোৱাব লগা হ'ল।ভাবাই নাছিল যে প্ৰেমৰ প্ৰতিশোধ এনে দৰে লৈ বুলি ।ফুল কোমলীয়া বয়সত প্ৰেমৰ অভিযোগত নিজৰ জীৱনটোক ধ্বংস কৰিলে।বহু সপোন বুকুত মৰহি গ'ল ,চিৰ দিনৰ বাবে । নন্দিতাৰ আত্মাক  ন্যায় দিবলৈ সক্ষম হ'ল চৰকাৰে। তেওঁৰ আত্মাই আজি শান্তি পালে , ঘাটক ৰিন্টুক ফাঁচি দিয়াৰ বাবে  লগতে নন্দিতাৰ ঘৰখনো তাইৰ ন্যায় বিচাৰি পালে।




®মিন্টু গোৱলা

                   লখিমপুৰ, কদম

Tuesday, April 25, 2023

সেন্দুৰ:মিন্টু গোৱলা

              সেন্দুৰ




সৌৰভ আৰু অৰুন্ধতী দুজনৰ মাজত এটি সুন্দৰ প্ৰেমৰ সম্পৰ্ক আছিল। তেওঁলোকৰ দুয়ো একে খন স্কুলত পঢ়ে, যাৰ বাবে সিহতঁ দুয়োয়ে দুয়োকে এদিন নেদেখিলে পাগলৰ দৰে হৈ থাকে ।ফোনত কথা নাপালেও থাকিব নোৱাৰে ।সৌৰভে নিজকে যে আকাশ চুলো যেন ভাবি পঢ়া-শুনা বাদ দিলে । নিজৰ জীৱনটোৰ কথা ভবাই নাই মাত্ৰৰ প্ৰেমৰ মুক্ত আকাশত মুকলি মনত উৰি ফুৰিছে । লগৰ-লগৰীয়াই কথাবোৰ বুজাই যে ,তই এইবোৰত এতিয়া নপৰিবি অ,। আমি বহুত পালো বুলি সৌৰভক বুজাই কিন্তু সৌৰভে বুজি নাপায় । সিহঁতক সৌৰভে কয় যে তহঁতক হে কৰিছে , মোক নকৰে মই জানো মোক তাই বহুত ভাল পাই অ,। লগৰ-লগৰীয়াৰ কথা নুশুনে আনকি ঘৰৰ বায়েকৰ কথা ও নুশুনে ,বায়েকে জানে যে ইয়াৰ কিবা এটা নিশ্চয় হৈছে ।

             এদিন সৌৰভে ফোনত কথা পাতি আছিলোঁ ।সেইসময়ত বায়েকে শুনিলে সৌৰভক ক'লে যে - তই কাৰ লগত কথা পাতি আছ হে ।সৌৰভে ক'লে যে- লগৰ হয় বায়েকে ক'লে যে -মই কথা পাতিম বুলি ক'লে ,সৌৰভে ক'লে যে নালাগে  ।একেকৈ ঘৰত ঠগি দিন বোৰ পাৰ কৰে । এনেকৈ দুয়োৰ প্ৰেম কাহিনী আগবাঢ়ি গ'ল। দুয়োৰ সম্পৰ্ক ইমানেই যে গম্ভীৰ হৈ উঠিলে যে কোনোৱে এৰাব নোৱাৰা হ'ল।সৌৰভৰ মনত এদিন এটা কথাই বৰকৈ উলপাৰ কৰি আছিলে।লগৰ বোৰক ক'লে সিহঁতে হাঁহি উৰাই দিয়ে বুলি ,কাকো একো নকয় মনে মনে কথাটো মনত ভাবি ৰাখিছে ।ঘৰত ক'লে সৌৰভক ঘৰৰ পৰা খেদিব তাৰবাবে কাকো নকয় কথাটো ।সৌৰভৰ মনত উলপাৰ লগোৱা কথাটো হ'ল যে- অৰুন্ধতীৰ উকা কপালত কোনোৱে গম নোপোৱাকৈ সেন্দুৰ আবিৰ সানিব মন ,এই কথা ঘৰৰ বায়েকৰ কাণত পৰিলে তাৰ কলিজা খাই দিব ।মনৰ কথা মনত লয় দিন বোৰ পাৰ কৰি গৈ আছে । এদিন হঠাৎ কোনোৱে গম নোপোৱাকৈ স্কুলৰ জিৰণীৰ সময়ত মনৰ কথাটো ওঁঠত সাৰিব নোৱাৰি হাতে কামে কৰি দিলে ।সৌৰভে অৰুন্ধতীৰ শিৰত সেন্দুৰৰ আবিৰ সানিলে ,কথাটো কোনোৱে গম নেপায় । এনেকৈয়ে দিনবোৰ বাগৰি গ'ল ,সময়ৰ সোঁতত দু‌য়োৰ প্ৰেম কাহিনী আৰু গম্ভীৰ হৈ উঠিল ।কথাই কথাত

এদিন কথাষাৰ ওলাই পৰিল ,যে আমুকৰ ছোৱালী জনী ক আমুকৰ লʼৰাটো সেন্দুৰ সানিলে বুলি মানুহে ক'ব ল'লে । ছোৱালী জনী ৰ মা, দেউতা সমাজত মুখ উলিয়াব নোৱাৰা হ'ল, কিন্তু লʼৰা ঘৰত একো নাজানে।

অৰুন্ধতীৰ মাকে আৰু দেউতাকে অৰুন্ধতী ক ভালকৈ ক'লে যে-মাজনী  কিয় এনে কাম কৰিলি হে ,মই তক ইমান ভাল ছোৱালী বুলি  ভাৱিছিলো ,কিন্তু তই

কি কৰিলি হে , আমি সমাজৰ আগত কেনেকৈ মুখ দেখাম হে এবাৰ চিন্তা নকৰিলি ন। হঠাৎ দেউতাকে খংত  অৰুন্ধতীক দুই চৰ মাৰিলে । অৰুন্ধতীয়ে কান্দি কান্দি ক'লে যে- মোৰ ভুল হ'ল দেউতা ক্ষমা কৰিবা । দেউতাকে ক'লে যে-ইমান ডাঙৰ ভুল কৰা পিছত তই ক্ষমা কৰি দে বুলি কৈছ, আমাৰ নাক,মুখ কাটিলি , ঘৰৰপৰা উলিয়াই যায় । অৰুন্ধতীয়ে ফোনত কান্দি কান্দি সৌৰভক কয় যে-মা,দেউতাই গম পালে মোক তুমি লৈ যোৱা নহ'ল মই মৰি থাকিম অ,।সৌৰভে থৰ লাগি মনে মনে কথাবোৰ শুনি শেষত , উওৰ দিলে যে-তুমি তেনেকুৱা নকৰিব মই লয় আনিম তোমাক চিন্তাই নকৰিবা । অৰুন্ধতীয়ে ক'লে যে- মই আৰু এপলো নাথাকো এঘৰত সোনকালে আহা।সৌৰভে নভবাকৈ কথা দিলে যে মই তোমাক লয় আনিম বুলি ।

আনিলে যেনিবা কি কৰি খোৱাব তাৰ কথাও নাভাবিলে ,

আনকি ঘৰৰ মানুহে নাজানে যে লʼৰাই কি কৰি ৰাখিছে।

সৌৰভ বিপাঙত পৰিল কি কৰিম কি নকৰোঁ যেন হ'ল ,ঘৰত কথাটো ক'ব নোৱাৰে ।সিফালে অৰুন্ধতী ক কথা দিছে কি কৰিব এঘন্টা মান নিজানত বহি ভাবিলে ।

মনত একমত হৈ থিৰাং কৰিলে যে ঘৰত সোমাব নিদিলে ও অৰুন্ধতীক মই আনিম ,তাক মৰিব দি নোৱাৰো ।যিহʼব হ'ব পাছত দেখা যাব বুলি ভাবি সৌৰভে অৰুন্ধতীক ঘৰলৈ লয় আনে । বায়েকে ঘৰত সোমাবলৈ নিদিলে, ঘৰৰ পৰা খেদি দিলে ।সৌৰভে ঘৰ এৰি গুচি আহিল, দুয়ো একেলগে বৰ সুখী ভাবি সুন্দৰকৈ ঘৰ সাজিলে ।

বিয়া খনটো পাতিলে কিন্তু এতিয়াহে কি কৰিব ?

সৌৰভৰ মনত কিছুমান চিন্তাই বাহ ল'লে। মই আনিলো হয় ।এতিয়া মই কি কৰি খোৱাম বাৰু ? মইতো কাম কৰিব নাজানো পিছে এতিয়া মই কি কৰিম বাৰু? সৌৰভে ভাবি ৰাতিটো 

উজাগৰে কটালে । ৰাতিপুৱা উঠি কাম বিচাৰি গ'ল । কিন্তু সৌৰভক কোনোৱে কামত নলগাই কি কৰিব এতিয়া শেষত এজোপা গছৰ তলত অলপ সময় বহি ভাবিলে আৰু মনৰ ভিতৰত কিছুমান কথা ভূৰ ভূৰাই বকি আছিল । মই কি ভুল কৰিলোঁ বাৰু ? বায়েৰ কথা শুনিলে মোৰ এনে নহ'ল হেতেন, মই বৰ ডাঙৰ ভুল কৰিলোঁ। কি হ'ব বাৰু?সৌৰভে তেনেকৈ সপ্তাহতো পাৰ কৰিলে ।সৌৰভে কৰা ভুল বোৰ নিজে নিজে মনত শুদ্ধ কৰিব বিচাৰিছে কিন্তু এতিয়া শুদ্ধ কৰিও লাভ নাই ।কাৰণ আগত নভবাৰ বাৰে আজি এনে গতি ।

তেওঁ ভাবি ভাবি পানীত হাঁহ নচৰা অৱস্থা হ'ল।

                   সৌৰভ এতিয়া দোমোজাত পৰিল ।ঘৰলৈও যাব নোৱাৰে ,আনকি অৰুন্ধতীকো এৰিব নোৱাৰে ।

সৌৰভে উপাই বিহীন হৈ বিদেশলৈ কাম কৰিবলৈ যোৱাৰ 

সিদ্ধান্ত ল'লে । কিন্তু অৰুন্ধতীয়ে ক'লে -তোমাক মই অকলে বিদেশত যাব নিদিওঁ । তুমি মোকো লগত লৈ যাব লাগিব ।

সৌৰভে ক'লে যে-তোমাক মই লয় তাত কত ৰাখিম । মই  লগৰ এজনৰ লগত থাকিম বাৰু ! পিছে তুমি কত থাকিবা ।

অৰুন্ধতীয়ে উচুপি উচুপি ক'লে - মই তোমাৰ অবিহনে থাকিব নোৱাৰিম অ,।

সৌৰভে ক'লে-অলপ চেষ্টা কৰিবা পাৰিবা নহয় অকলে থাকিব । মই এবছৰ বাবেহে যাম ।আমাৰ ঘৰতো সাজিব পাৰিলে আৰু একোয়ে নালাগে । তেতিয়া সদায় তোমাৰ কাষত থাকিম। তোমাক খুৰা -খুৰী হঁতৰ ঘৰত এৰি যাম ।

কাৰণ ঘৰতো সোমাব নিদিয়ে ।তুমি  কষ্টকে হ'লেও থাকিবা । অৰুন্ধতীয়ে কথাবোৰ ভাবি বৰ কষ্টৰে মুখৰ পৰা মাতষাৰ দিলে , হ'ব যোৱা আমাৰ সপোনবোৰ পুৰন হ'ব ।ভালকে থাকিবা ।সৌৰভে ক'লে- উম! মই ভালকে থাকিম । কিন্তু তুমি ভালকে থাকিবা ।মোক বেছি চিন্তা কৰি নাথাকিবা , মই তোমাক ফোন কৰি থাকিম নহয় ।

অৰুন্ধতীয়ে ক'লে-কেকুজেকু মাতেৰে ক'লে উম ! তুমি তোমাৰ যত্ন লবা দেই ।

সৌৰভে ক'লে- উম‌! চিন্তা নকৰিবা মই মোৰ যত্ন লʼম অ,।

সৌৰভে খুৰা-খুৰীৰ হাতত মৰম বোৱাৰী জনক গতাই থৈ বিদেশলৈ গুচি যায় ।

সৌৰভে এদিন দুদিনকৈ  দিনবোৰ পাৰ কৰিবলৈ ল'লে , কিন্তু অৰুন্ধতীক এৰি অহাৰ কথাটো পাহৰিব নোৱাৰে। কিন্তু সৌৰভে নিজৰ মনত গম্ভীৰ বিশ্বাস ৰাখি সপোনবোৰ পুৰন কৰিবলৈ ধৰিলে ।সৌৰভে প্ৰতিটো পলে অৰুন্ধতীৰ খৱৰ ৰাখিছিল। অৰুন্ধতীও সৌৰভৰ প্ৰতিটো কথাই আখৰে আখৰে পালন কৰিছিল।মনে ভবা কথাবোৰ লাহে লাহে পুৰন হ'বলৈ ধৰিলে।

যাৰ বাবে দুজনে ভবাৰ দৰে নিজৰ সুখৰ সংসাৰ গঢ়িবলৈ পাৰিলে।

                     সৌৰভে বিদেশত থাকি সপোনৰ ঘৰখন সাজি লʼলে ।দুয়োৰে সপোনবোৰ পুৰন হ'ল ।সপোন পুৰন কৰি এবছৰৰ পাছত ঘৰলৈ অহাৰ সিদ্ধান্ত ল'লে।

কথাষাৰ সৌৰভে  অৰুন্ধতীক ক'লে যে মই গৈছো অহা মাহত । অৰুন্ধতীয়ে ক'লে- মই এই দিনটো লৈ বাট চাই আছিলোঁ ।সৌৰভে ক'লে -উম! চিন্তা নকৰিবা মই এতিয়া তোমাৰ কাষত সদায় থাকিম ।

অৰুন্ধতী ক'লে -উম ! আহি লোৱাচোন ।

সৌৰভ -গৈছোঁ অ,!     সৌৰভে ঘৰলৈ আহিল ।

               দুয়ো ন কৈ সজা ঘৰ খনত সুখেৰে দিনবোৰ পাৰ কৰিব ল'লে ।

সৌৰভে কৰা ভুল বোৰক শুদ্ধ কৰি নিজে চলিব পৰা হোৱা দেখি ঘৰৰ মা-দেউতা , বায়েকেও লাহে লাহে ভাল পাব ল'লে ।কাৰণ সৌৰভ আজি নিজৰ ভৰিত নিজেই থিয় হ'ব পৰা বাবে সকলো সুখী ।সৌৰভক ঘৰৰ মা দেউতা বায়েকেও ঘৰখনলৈ আদৰি ল'লে । এনেদৰে সুখেৰে দিনবোৰ পাৰ কৰিলে ।


                শ্ৰী মিন্টু গোৱলা লখিমপুৰ, কদম

ঈদৰ নিমন্ত্রণ:ৰিছামনি আকতাৰা,

                     ঈদৰ নিমন্ত্রণ




ৰমজান মাহ, গাড়ীত যথেষ্ট ভিৰ নহয় যদিও দেখিলোঁ মানুহগৰাকীয়ে ইচ্ছাকৃতভাৱে মোৰ কাষতে ছিটখনত বহিল।অলপ সময় মনে মনে থকাৰ পিছত মানুহগৰাকীয়ে সুধিলে- "বাইদেউ ক'লৈ যাব ?" মই সৰুকৈ উত্তৰ দিলোঁ। তাৰ পিছত লাহে লাহে এটা দুটা কথা পাতিবলৈ আৰম্ভ কৰিলে। এক কৌতুহলেৰে ইপদ  সিপদ বস্তু ভৰোৱা ডাঙৰ  মোনাখন দেখুৱাই ক'লে-"জীয়েকৰ ঘৰলৈ গৈ আছোঁ ঈদৰ নিমন্ত্রণলৈ।" পাতল পলিথিনেৰে  মেৰিয়াই মোনাত ভৰোৱা পিঠাবোৰ স্পষ্টভাৱে দেখা গৈ আছিল ঘৰত হাতে বনোৱা নানান ধৰণৰ পিঠা , চাউল, নাৰিকল, কাপোৰ-কানি ইত্যাদি বস্তুবোৰ। মানুহ গৰাকীৰ মুখখন চাই এনেকুৱা লাগিল মোৰ লগত  পাতা কথাবোৰত যেন তেখেতৰ কিবা আন্তৰিকতা লাগিছে । মই সৰু সৰু কৈ সোধা প্ৰশ্নবোৰৰ উপৰি আৰু বহুত কথাই কৈ যাব ধৰিলে। কিছু সময় পিছত হঠাৎ দেখিলোঁ মানুহগৰাকীয়ে এক হুমুনিয়াহ কাঢ়ি কিছু কথা ক'বলৈ ধৰিলে। ইমান সময় জীয়েকৰ ঘৰলৈ বস্তুবোৰ লৈ যোৱাৰ যি আনন্দ আছিল ক্ষন্তেকতে কিবা বিষাদৰ ঢৌৱে যেন কথাৰ সুৰটো সলনি কৰি দিলে। "ছোৱালীজনী মোৰ শিক্ষিতা কিন্তু আমাৰ আৰ্থিক অৱস্থা সিমান ভাল নহয়। জোৱাঁৱেকৰ ঘৰ বহুত ধনী মানুহ। নিজৰ উপাৰ্জনেৰে যিমানখিনি পাৰিছোঁ চেষ্টা কৰি বহুত হেঁপাহেৰে বস্তুখিনি আনিছোঁ কিন্তু সিহঁতৰ ঘৰত আমাৰ দুখীয়াৰ বস্তুৰ কোনো সমাদৰ নাই। সন্মুখত ক'ব কি দৰকাৰ আছিল বিয়নি এইবোৰ খৰচা কৰাৰ ।আঁতৰি গ'লেই আকৌ পৰোক্ষ নিৰ্যাতন।(কাম কৰা বাই জনীক কাপোৰযোৰ দি দিবা বোৱাৰী,আমাৰ কোনে পিন্ধিব এইবোৰ) ছোৱালীজনীয়ে সিদিনা ফোনত আক্ষেপেৰে কয় আছে: মা, কাপোৰবোৰ অলপ ব্ৰেণ্ডেড  আনিবা নহ'লে ইয়াত কোনো সমাদৰ নাই,কিন্তু আমাৰ দুখীয়াৰ ঘৰত আন্তৰিকতাত যি সুখ পোৱা যায় ইয়াত ব্ৰেণ্ডেড কাপোৰত সেইখিনি সুখ নাপাওঁ! "

                    মানুহ গৰাকীৰ সহজ সৰল কথাবোৰে  ভাবুকি কৰি তুলিলে হঠাৎ আকৌ আৰু এটি কথাত হৃদয়ত ক'ৰবাত জোকাৰি গ'ল। মই পিন্ধি থকা চাদৰ মেখেলাযোৰ দেখুৱাই আকৌ ক'লে- "বাইদেউ কাপোৰযোৰৰ দাম কিমান পৰিব? মোৰ জীয়ৰীজনী দেখাত আপোনাৰ দৰেই, আমাৰ ইচ্ছা থাকিলেও কেতিয়াবা কিছু সপোন ,সপোন হৈয়েই থাকি যায়।"  

                মৈৰাবাৰী মৈৰাবাৰী বুলি বাছৰ কন্টাক্টৰ জনে চিঞৰাত ক'লোঁ, আন্টি আপোনাৰ নামিবৰ হ'ল। একহাতে গধুৰ বোজাৰ মোনাখন দাঙি লৈ আনহাতে মোৰ মূৰত হাত বুলাই  :আল্লাহ তালাই আপোনাক সুখী কৰক বুলি কয় মানুহগৰাকী বাছৰ পৰা নামি গ'ল। ইফালে মোৰ চলচলীয়া চকুযুৰিত হাজাৰটা বিষাদভৰা প্ৰশ্নৰ সৃষ্টি হৈয়েই ৰ'ল.....? 

       " ব্ৰেণ্ডেড কাপোৰতেই সুখবোৰ থাকে নেকি? "


✍️ৰিছামনি আকতাৰা, মৰিগাঁও।

Wednesday, March 22, 2023

দুখৰ বোজা:উৎপল দাস,

 দুখৰ বোজা 


     গিৰেয়েকজন ঢুকুৱাৰ পিছত সৰু ছোৱালীজনীৰ মুখলৈ চায়েই তাই বহুত সুখী অনুভৱ কৰিছিল আৰু সেই সুখতেই তাই সদায় হাঁহি, আনন্দেৰে দিনবোৰ পাৰ কৰিছিল। ছোৱালীজনীৰ মাজতেই তাই বিচাৰি পাইছিল এক জীৱন জীয়াৰ মাদকতা। যি মাদকতাই তাইক এক প্ৰকাৰ গিৰিয়েকৰ অবৰ্তমানৰ দুখ-বেদনাৰ পৰাও সদায় মুক্ত কৰি ৰাখিছিল। ছোৱালীজনীৰ মুকুতা সৰা হাঁহিয়ে তাইক প্ৰতিটো খোজত আগবাঢ়ি যোৱাত প্ৰেৰণা হৈ ঠিয় দিছিল।

     সৰু চাকৰিটো তাইৰ হাতত আছিল বাবেই ছোৱালীজনীৰ লগত তাইৰ চলিবলৈ বহুত অসুবিধা হোৱা নাছিল। খুব সুন্দৰ ভাবেই তাইৰ সৰু পৰিয়ালটো চলিবলৈ সহজ হৈ পৰিছিল। তাই বৰ খোলা মনৰ, চৌখিন আৰু ব্যয়বহুল স্বভাৱৰ তিৰোতা আছিল বাবেই কাৰ্পণ্যতা তাইৰ পৰা সদায় দুৰত ৰৈছিল।

      " কিমান দিননো জীয়াই থাকিম ! জীয়াই থকা দিন কেইটাতে যদি অকণ এনজয় নকৰো কেতিয়ানো কৰিম ! মৰি গ'লেতো সকলো শেষ ! দুদিনৰহে জীৱন ! কথাতে আছে, জীৱন কচুপাতৰ পানী ! জীৱনৰ কোনো গেৰেন্টী নাই ! এই আছে এই নাই ! "

       জীৱন বিষয়ত তাইৰ ধাৰণা হ'ল এনেকুৱা। সেয়ে তাই কোনো কথাতে আপোচ নকৰে। সদায় নিজৰ খুচি মতে চলে। আগ-পিছ কেতিয়াও নাভাবে। জমা-জৰী, বেঙ্ক-বেলেঞ্চ এইবোৰৰ কথা তাই কেতিয়াও নাভাবে। এইবোৰৰ প্ৰয়োজন বোধো নকৰে। পাইছে খাইছে নাপাইছে নাই। সময়ৰ চিন্তা সময়ত কৰিব তাই। এইবোৰ বহুত কিছু ডাঙৰ কথা নহয়। তাতে আকৌ চাকৰিটো আছে যেতিয়া কিহৰ চিন্তা তাইৰ।

      এনেকৈয়ে সময়বোৰ গৈ থাকিল। দিনবোৰো বাগৰি থাকিল। প্ৰতি মাহৰ দৰমহাৰ টকা কেইটা কোনো হিচাপ নোহোৱাকৈ ব্যয় হৈ থাকিল। মাজে সময়ে ঋণ - ধাৰলৈয়ো তাইৰ সৰু পৰিয়ালটো খুব সুন্দৰভাৱেই হাঁহি-ধেমালিৰ মাজেৰেই চলি থাকিল।

     কিন্তু দিনবোৰ জানো সদায় একেদৰেই যায় মানুহৰ। বতৰৰ যেনেকৈ পৰিবৰ্তন হয় মানুহৰ জীৱন পৰিক্ৰমাত দিনবোৰো তেনেকৈ পৰিবৰ্তন হয়। ৰ'দ, বতাহ, বৰষুণ আৰু কেতিয়াবা ধুমুহা। অহাৰ আগত মানুহৰ বিপদে জানো কেতিয়াবা মানুহৰ অনুমতি লয় ? ধুমুহাজাক যেনেকৈ হঠাতে আহি যায় ঠিক তেনেকৈয়ে মানুহৰ জীৱনলৈও বিপদবোৰ কোনো আগজাননী নিদিয়াকৈয়ে আহি যায়। এদিন তাইৰ জীৱনলৈও হঠাতে অহা ধুমুহাজাকৰ দৰেই তাই কাহানিও নভবাকৈয়ে ডাঙৰ বিপদটো তাইৰ ঠিক মূৰৰ ওপৰতেই আহি পৰিলহি। বিপদটোৰ সন্মুখত কিং কৰ্তব্য বিমূঢ় হৈ পৰিল তাই। তাইৰ সপোন, তাইৰ জীৱনৰ অবিচ্ছেদ্য অংগ অতি মৰমৰ ছোৱালীজনী হঠাতে হোৱা এক দুৰ্ঘটনা বশতঃ নাৰ্চিংহোমৰ আই চি ইউত মৃত্যুৰ স'তে যুঁজ-বাগৰ কৰি থাকিল। চিকিৎসাৰ বাবদ কেবালাখো টকাৰ প্ৰয়োজন হ'ল তাইৰ দিনটোৰ ভিতৰত। অথচ যিটো তাই কল্পনাও কৰিব নোৱাৰে। যিটো তাইৰ বাবে অসাধ্যকৰ। যিটো তাই তাইৰ ঘৰ-মাটি বিক্ৰী কৰিও পাবলৈ সক্ষম নহয়। যিটো আছিল তাইৰ বাবে অতি দুঃসাধ্যকৰ......।

     খেলি থকা পৰত এটা মুহূৰ্তৰ ভিতৰতে তাইৰ মৰমৰ ছোৱালীজনী ওখ চাদৰ পৰা তললৈ সৰি পৰিছিল। মূৰ আৰু মুখেৰে প্ৰচুৰ পৰিমাণৰ ৰক্তক্ষৰণৰ ফলত ঠাই টুকুৰা তেজেৰে ৰাঙলী হৈ পৰিছিল। দৃশ্যটো দেখি প্ৰতিবেশি সকলেও ঠাই টুকুৰাত হুৱাদুৱা লগাইছিল। আনফালে ছোৱালীজনীৰ সেইটো অসহায়ী অৱস্থা দেখি তাইৰ মুখৰ মাত হেৰাই গৈছিল। ৰঙবোৰ ম্লান হৈ পৰিছিল। আৰু এটা নিৰ্দিষ্ট সময়ত যেতিয়া নাৰ্চিংহোম কতৃপক্ষই ছোৱালীজনীৰ উন্নত চিকিৎসাৰ বাবদ কেবালাখ টকাৰ এটা মোটামুটি হিচাপ তাইৰ ওচৰত দাখিল কৰিছিল তেতিয়া তাইৰ মূৰত সৰগখন ভাগি পৰিছিল। কিয়নো যিটো হিচাপৰ কথা তাই কল্পনা কৰাৰো যোগ্য নাছিল। সপোনৰো অগোছৰ আছিল যিটো হিচাপ। যিটো অংক তাইৰ বাবে......।

     সময় যোৱাৰ লগে লগে হঠাতে অহা বিধ্বংসী ধুমুহাজাকৰ দৰে, হঠাতে অহা বিপদটোৱেও এটা সময়ত অতি নিৰ্দয়তাৰে ভয়াবহ ৰূপ লৈ তাইৰ মূৰৰ ওপৰতেই বহি লৈছিল। পৰ্যাপ্ত পৰিমাণৰ টকাৰ অভাৱত উপযুক্ত, উন্নত চিকিৎসাৰ পৰা বঞ্চিত হৈ তাইৰ মৰমৰ ছোৱালীজনীও তাইৰ পৰা চিৰ বিদায় ল'বলৈ বাধ্য হৈছিল। যিটো ঘটনাই তাইৰ জীৱনৰ সকলো আশা-আকাংক্ষা, হাঁহি-ধেমালি, ৰং-ৰূপ নিমিষতে তাইৰ পৰা বলপূৰ্বক কাঢ়ি লৈছিল। মাত্র বুকু ভৰাই দি গৈছিলহি তাইক এটি গধূৰ অসহনীয় দুখৰ বোজা।


✍ উৎপল দাস

      পাঠশালা, বজালী

Tuesday, February 07, 2023

এজনী পংগু ছোৱালী:আচাৰ্য দীপু শৰ্মা

 গল্প

এজনী পংগু ছোৱালী :


ধূলি উৰুৱাই বাছখন ৰ'ল। পলাশৰ দেউতাকে কান্ধত গামোছা খন লৈ ৰৈ আছিল বাছষ্টপেজত। আজি উৰুকা।পলাশ অহা কথা।যোৱা চাৰিটা বছৰে পলাশ অবিহনে তেওঁলোকে নিশাৰ দলভাত খাইছে।ঘৰখনৰ একমাত্ৰ ল'ৰা সি।বিহুৰ সময়ত যদি ঘৰত নাথাকে মাতৃ হৃদয়ে সহিব নোৱাৰে এই বেদনা। ইঞ্জিনীয়াৰিং পাছ কৰি মুম্বাই তে চাকৰি এটা পাইছে পলাশে। চাকৰীটো চৰকাৰী নে  বেচৰকাৰী তাকে লৈ গাওঁ বাসী বা ঘৰৰ মানুহে মুৰ ঘমোৱা নাই।মুৰ ঘমাইছে এইটো কথাক লৈ যাতে সি কোনোবা বিদেশী ছোৱালী এজনীক বিয়া পাতি নলয়। গাঁৱৰে ছোৱালী এজনীক বিয়া পতাই দিয়ে মাক দেউতাকে, তাকে আজিও বাছষ্টপেজত সেই কথাটো কে কলে এজনে।"ৰূপাশ্ৰী ৰ কথা আমি ভাবিছিলো।বৰ ভাল ছোৱালী আছিল তাই।পলাশতকৈ দুবছৰ সৰু পলাশৰ সমানে পঢ়িব পাৰিছিল তাই। হায়াৰ চেকেণ্ডেৰী ত বিৰানব্বৈ শতাংশ নম্বৰ লাভ কৰা গাওঁ খনৰ প্ৰথম জনী ছোৱালী আছিল। এনেদৰে পলাশৰ  দেউতাকে এজন গাওঁ বাসী ৰ আগত কৈ থাকোতে বাছখন আকৌ ধূলি উৰুৱাই গুছি গ'ল কিন্তু পলাশ ক দেখা নাপালে ।"ৰূপাশ্ৰী ৰ কথা আৰু ভাবিবলৈ বাদ দে তহতে।তাই বৰ্তমান পংগু ছোৱালী।"ৰসেশ্বৰে আকৌ ৰূপাৰ  আধৰুৱা কথাখিনিৰ ভালদৰে মোখনি মাৰিব খুজিলে।"তাইৰ গাত আছলতে দোষ নাই"।দেউতাকে ৰসেশ্বৰৰ কথাত সহযোগ কৰি বিষিন্ন মন এটাৰে বাছ ষ্টপেজৰ পৰা উভতিবলৈ দুখোজমান দিওঁতে ধুলি উৰুৱাই এখন বাইক আহি ৰল তেওঁলোকৰ পিছৰ ফালে জোৰকৈ ব্ৰেক মাৰি। "এইফালে আহ মাৰিব মাৰিব।আজি কালি ৰ দুই এজন উদণ্ড ডেকাই যি বাইক চলাই নহয়....."ৰসেশ্বৰে হাতত ধৰি পলাশৰ দেউতাকক টানি মাৰি আনিলে।"পিতাই আৰু ৰসাল দাইটী"হেলমেট টো আঁতৰাই পলাশে আনন্দৰে কলে।"অ পলাশ বোপা তই আহিছ?উস ভগৱান !তোমাক শতকৌটি প্ৰণাম।আজি উৰুকাৰ দিনা লৰাটোক ঘৰলৈ পঠিয়াই  দিলা যে .." দেউতাকে আৰু দুটামান শব্দ উল্লাসেৰে  বিৰবিৰালে।এইবাৰ ৰসেশ্বৰে আদৰণি জনালে"যোৱা চাৰিটা বছৰে দেউতাৰাই এই বাছ ষ্টপেজটোত আহি তোলৈ বাটচায় থাকে। কিজানি সময় উলিয়াই আহ এ..।"ঘৰলৈ ব'লা।ঘৰত সকলো বুজাই কম মই ইমান দিন তোমালোকৰ কাষলৈ কিয় আহিব পৰা নাছিলোঁ।আজি এইখন কিনি আনিলো পিতাই মোৰ চাকৰি ৰ দৰমহাৰ পইছা ৰে ফাইনেনছ নকৰাকৈ।"ভালে কৰিছ দে বোপাই।বাইক খন নহ'লে বৰ কষ্ট হয় আমাৰ ইয়াত। দেউতাকে কলে।"তোমালোক দুয়ো এ উঠা। খোজকাঢ়ি যাব নালাগে।""নালাগে দে আমাৰ অভ্যাস নাই, তই গৈ থাক।"


পলাশে অকলে নতুন বাইক খন চলাই আহিল।দুটা কেচা পথ পালে।দুয়োটাৰে গ'লে সিহতৰ ঘৰ পায়। কিন্তু তাৰ পুৰণি অভ্যাস ৰূপাশ্ৰী হতৰ নঙলা মুখেৰে অহা যোৱা কৰি ভালপায়।ৰূপাশ্ৰীক নঙলা মুখত পালে কিবা এটা কৈ সি জোকাই খং তুলি ভালপায়।তাৰ বাইক ৰূপাশ্ৰীৰ নঙলা মুখেৰে যাব পৰা পথটোৰে ঘুৰিল।তাৰ মনলৈ এখন ছুটি ছবিৰ দৰে দৃশ্যপটবোৰ  আহিল কেনেকৈ হায়াৰ চেকেণ্ডেৰী ত ৯২শতাংশ নম্বৰ লাভ কৰি স্কুটি খন পাইছিল।মানুহ ভৰি পৰিছিল তাইৰ ঘৰত।পলাশে চাইকেল ত উঠি ফুৰা বাবে কেনেকৈ ৰূপাই জোকাইছিল"কাম নাই তোৰ চাইকেল খনলৈ ঘুৰি ফুৰোঁতে যাব" । কিন্তু তাইক স্কুটি খন পলাশে শিকাব লগা হৈছিল,ৰূপাই ঠেলিয়াই ঠেলিয়াই স্কুটি খন  তাক বিচাৰি ঘৰলৈ অহা দৃশ্য টো  ..কথাবোৰ ভাবি থাকোতে কেতিয়া আহি ৰূপাহতৰ নঙলা মুখ পালে সি ক'ব নোৱাৰিলে।এইটো যেন তাৰ নিজৰ হে ঘৰ তেনেকৈ নিজে নিজে হাত ভৰি কেইখনে নিজৰ নিজৰ দায়িত্ব পালন কৰি বাইকখন ৰখাই দিলে।ৰূপা আনদিনাৰ দৰে নঙলা মুখত ৰৈ থকা নাই আৰু তাইৰ ফোন নম্বৰো লগত নাই।যি হয় হ'ব। এনেকুৱা ভাব লৈ সি বাহৰ গেটখন খুলি ভিতৰলৈ সোমাই গ'ল। দেউতাক ক মাতিলে। দেউতাক বেছি পলম নকৰাকৈয়ে বাহিৰলৈ ওলাই আহিল।"বহু দিন তোক দেখা নাছিলোঁ শুনিছোঁ মুম্বাই ত চাকৰি কৰ আৰু তাতে থাক বোলে। ""হয় বৰটা।ৰূপা ই কিবা কৰি আছে নে পঢ়ি আছে এতিয়া ও?""তই খবৰ পোৱা নাই নেকি?"

"কি খবৰ বৰটা?নে তাইক বিয়া দি দিলে?"পলাশৰ উৎকন্ঠা ভৰা মুখ।"এজনী পংগু ছোৱালী ক কোনে বিয়া কৰাবলৈ আহিব।আহচোন আহ ভিতৰলৈ।ৰূপা তাইৰ কোঠাতে আছে।"

"পংগু ছোৱালী ৰূপা? কেনেকৈ?সেই নৃত্য শিল্পী ভাল অভিনেত্ৰী ভাল ছাত্ৰী ৰূপা কেনেকৈ পংগু হ'ল অ বৰটা?""এতিয়া মই এটা চৰিত্ৰ তে অভিনয় কৰিব লাগিব পলাশ দা।এজনী পংগু ছোৱালী ৰ চৰিত্ৰ ত গোটেই জীৱন হুইল চেয়াৰত বহি"কথা খিনি কৈ হুইল চেয়াৰতে উচুপি উঠিল ৰূপাশ্ৰী দেৱী।সেই এক্সিডেন্ট টো আৰু চৰকাৰে দিয়া স্কুটি খনে ৰূপাৰ জীৱন টো ৱে সলনি কৰি দিলে।তাই এতিয়া এটা মৰা নদী লৈ ৰূপান্তৰিত হৈ পৰিল। চকা থকা হুইল চকী খন ঠেলিয়াই মাকে ক'লে চকুলো মচি।২লাখ টকা অসমৰ ডক্তৰ কে দিলোঁ ঔষধ ৰ হিচাপটো কৰিলে আৰু মুৰটো ঘুৰাই। ৰূপাৰ দেউতাকে কলে। চৰকাৰে মেধা ছাত্ৰ ছাত্ৰী সকলক স্কুটি দিয়াতকৈ যদি পইছা ও দিলে হৈ তেন্তে এনেদৰে অন্ধকাৰ জীৱন কটাব নালাগিল হৈ ৰূপাই।মাহীদেউ পেহীদেউ আচনি বোৰ দি দেশখন দুখীয়া কৰাতকৈ ইন্দাষ্ট্ৰীও যদি খুলিলে হৈ তেন্তে অসমৰ বহু বেকাৰ লৰা ছোৱালী এ চাকৰি পালে হৈ।ৰূপাৰ মাকে হুমুনিয়াহ কাঢ়িলে।" এইবাৰ মই ৰূপাক চিকিৎসা কৰিম। মুম্বাই লৈ নিম।যদিহে আপোনালোকে তাইক মোৰ লগত যাবলৈ অনুমতি দিয়ে"এনেদৰে পলাশে পংগু ছোৱালী বুলি মানুহে উপহাস কৰা ৰূপাশ্ৰী দেৱীক সাহস প্ৰেৰণা দিলে।তাইৰ মাক-দেউতাকে চকুমুদি অদৃষ্ট জনক এটা সেৱা জনালে।ৰূপাই যেন আগৰ ৰূপা জনী হৈ মুম্বাইৰ পৰা উভতি আহিব পাৰে।।


✍️আচাৰ্য দীপু শৰ্মা

Tuesday, January 10, 2023

এদিন মইয়ো সফল হ'ম:পাৰবীন বেগম

 🔸গল্প

🔸এদিন মইয়ো সফল হ'ম

                  🔹পাৰবীন বেগম (দ্বাদশ শ্ৰেণী)



লী যোৱা ঘৰটোৰ চালখনেৰে বৰষুণৰ ক্ষুদ্ৰ টোপালবোৰ এটুপ - দুটুপকৈ আহি পৰিছেহি ছায়াৰ কোলাত । চেঁচা বতাহৰ বা লাগি ছায়াৰ পদুমৰ পাহি যেন চকু দুটিত এটি মিঠা টোপনিয়ে স্থান লৈছেহি । চিয়াঁহীৰে লিখি থকা বহিখনৰ  পৃষ্ঠাটোত আখৰবোৰ কম্পিত আৰু হেলনীয়া হ'ব ধৰিছে । চাৰিওদিশে আবেলিৰ হেঙুলীয়া পোহৰৰ আলোড়ণ ,  গাঁৱৰ সকলোৰে ঘৰৰ পৰা অহা ধূপ - ধুনাৰ সুগন্ধি সুবাস , জোনাকী পৰুৱাৰ উজ্বল জিক্‌মিক্‌নিয়ে মুখৰিত কৰিছে বসুন্ধৰাক ।

            ঘৰটোৰ এটা চুকৰ বিন্ধাটোৰে ঢেৰেকণিৰ ৰূপোৱালী কিৰণ ছায়াৰ আউল লগা চুলি , শুকান আৰু ফাটি যোৱা ওঁঠ , নিপুণ স্তনযুগল আৰু চেতনাহীন দেহাত পৰাৰ লগে লগেই তাই হৈ পৰিছে যৌৱনসুলভ এজনি  অপৰূপা । ____" ছায়া , মোৰ ছায়া ! উঠা , উঠি শুনাচোন মোৰ বুকুৰ স্পন্দন ; যি কেৱল তোমাৰ বাবেই কম্পিত হৈ থাকে ।" কাৰোবাৰ মাতত ছায়া সাৰ পালে আৰু এবাৰ পাছলৈ চাই পঠিয়াই দেখিলে যে এজন সুঠাম ডেকা তাইৰ সমুখত থিয় হৈ আছে । প্ৰায় তাইতকৈ তিনি - চাৰি ফুট ওখ , সবল - শক্তিশালী দুই বাহু , জোনৰ দৰে সুশোভিত মুখাবয়ব আৰু সুললিত কণ্ঠেৰে কোৱা কথাবোৰে ছায়াৰ উদং বুকুখনিত এটি মিঠা ৰহণ ভৰাই তুলিছে । "কোন তুমি ?" "মই !" "মানে ?" হঠাৎ ছায়াৰ বুকুখনি ভয়ত কঁপিবলৈ ধৰিলে । ছায়াই আন্ধাৰত স্পষ্টকৈ দেখা নোপোৱা যুৱকজনে দেখুন তাইৰ ফালে চোঁচা লৈছে । মৌ - সনা মাতেৰে ছায়াক সম্বোধন কৰা যুৱকজনে এতিয়া____"তই মোক চিনি নাপাৱ ?" বুলি তাইৰ চুলি কোছাত ধৰি  ৰাওছি জুৰিছে। ছায়াই চিঞৰি চক্‌ খাই উঠিল।নেদেখা বস্তু এটা  ঘপ্‌ককৈ দেখাৰ দৰে তাই চকুটো মুহাৰি     দেউতাকৰ ফালে চালে।দেউতাকে আচৰিত হৈ ক'লে____"কি? তই মোক চিনি  নাপাৱ? কিমান সময়ৰ পৰা তোক মই চিঞৰি আছো। তাই আ'ক সপোন দেখাতহে ব্যস্ত।"ছায়াই বুজনিৰ সুৰত ক'লে" ____নহয়  অ দেউতা, লিখি থাঁকোতেই কেতিয়া নো  টোপনিটো আহি গ'ল গ'মকে  নাপালো।কিন্তু তুমি কোৱা চোন মোক কিয়  মাতিছিলা?" ছায়াৰ দেউতাক দন্দিয়ে ওচৰতে থকা চকীখনত হেলনীয়া হৈ বহি ল'লে  আৰু ক'লে____"এ,  তোৰ মা জনীলে বেয়াই লাগে  বুজিছনে ? আজি কেইবা দিনো হ'ল  মালিকে মোক কাম কৰাৰ হাজিৰা  দিয়া নাইৰ ।ঘৰৰ খোৱা বস্তুবোৰ লাহে লাহে শেষ হ'ব ধৰিছে ।তোৰ  পঢ়া খৰচ,কপোৰ- কানি আদিও মই দিব পৰা নাই । আজি বাৰি ঢাপৰ ঢেঁকীয়া দুডালমান তুলি থাাকোতে মালাক (ছায়াৰ মাক) উচুপি-উচুপি কান্দি  থকা দেখিছিলো । মই  ওচৰলৈ গৈ সুধিছিলো । কিন্তু একো নক'লে । 'একো  নাই হোৱা ' বুলি কৈ কথাটো  পেলাই থৈ দিলে । নাৰীক এনেই মহিন বুলি নকয়, দুখ-কষ্টবোৰ চকুপানীৰে উলিয়াই দিয়ে অথচ কাকো নামমাত্ৰ জানিবলৈ নিদিয়ে।"  এনেতে দেউতাকৰ থুকা-থুকি মাত শুনি  ছায়াই সুধিলে____"দেউতা, তুমি কান্দিছা ? কিয় ? "  ছায়াৰ মুৰত হাত বুলাই ____" নাই অ' মাজনি, মই কন্দা নাই নহয়! " ছায়াই অভিমানৰ সুৰত ক'লে____" মই জানো নহয় দেউতা, তুমি কিয় দুখ কৰিছা! আজি যদি মই খোজ কাঢ়িব পাৰিলো হয়, তেন্তে  তোমালোকক মই কামত সহায় কৰি দিব পাৰিলো  হয় ! কিন্তু ইশ্বৰে মোক  সেইকণ সুবিধাৰ  পৰাও  বঞ্চিত কৰিলে । জানা দেউতা ,  কলেজত মোক সকলোৱে কয় ____" তোৰ দৰে খোজ কাঢ়িব নোৱাৰা পংগু এজনিৰ লগত কোনে প্ৰেম কৰিব , কোনে বিবাহ কৰিব ? আৰু যিয়ে কৰিব   সি অৰ্ধঃপতনে যাব ।"  দেউতা, মই বাৰু সঁচাকৈ দুৰ্ভগীয়া নেকি ?  মই তোমালোকক বৰ কষ্ট দি আছো ন ? " তাই উচুপিবলৈ ধৰিলে । এনেবোৰ কথা শুনি দন্দিয়ে একো ক'ব নোৱাৰি তলমূৰ  কৈ ৰ'ল । এনেতে পাকঘৰৰ পৰা মালাই আহি  ক'লে____" ধ্যৈৎ  আঁকৰি জনী!  তই আমাক একো কষ্ট দিয়া নাই । বৰঞ্চ তই আমাৰ লক্ষিমী। কত যে প্ৰাথনা কৰি  মূৰ দোৱাইছো আমি তোক পাবলৈ । তই খোজ কাঢ়িব নোৱাৰিলি বুলিয়েই

দুৰ্ভগীয়া  নহয় । তই ভাল দৰে পঢ় চোন, এতিয়া যিবোৰে তোক দেখি ইতিকিং কৰিছে, সেইবোৰে এটা সময়ত  তোক  দেখি মূৰ দোৱাব লাগিব । আৰু  সদায় মনত ৰাখিবি প্ৰেম শাৰীৰিক আৱৰণ  বা  চেহেৰা চাই কৰা নাযায়,  যিয়ে সঁচা প্ৰেম কৰিব    সি চাব মনৰ মাজত লুকাই থকা আন্তৰিকতা,  মমতা, সহানুভূতি  তথা  বিশ্বাসী এজন জীৱন সংগী । তই এটা সময়ত আমাতকৈ  বেছি মৰম কৰা  আৰু সঁচা অন্তেৰৰে  ভালপোৱা এজন জীৱন সংগী   পাবি  ।  এইষাৰ তোৰ মায়ে কৈছে। বুজিলি ? "

সময়ৰ প্ৰবাল  সোঁতত ছায়া,  দন্দি  আৰু মালা উটি ভাঁহি গৈ থাকে দূৰ দিগন্তলৈ । কোনেও নাজানে,  সেই  যাত্ৰাৰ অন্তিমটো বাট ক'ত  কেতিয়া আৰু কেনেদৰে শেষ হ'ব । দিনৰ পিছত  দিন গৈ  ছায়াই উচ্চতৰ মাধ্যমিক প্ৰথম  আৰু দ্ধিতীয় বৰ্ষৰ পৰীক্ষাত উৰ্ওীণ   হ'ল । এফালে পৰীক্ষাত উৰ্ওীণ  হোৱাৰ আনন্দ আৰু আন ফালে ডিগ্ৰীত  নামভৰ্ওী  হোৱা খৰচ যে জলন্ত । মাক  আৰু দেউতাকে কোনোমতে দুবেলা দুসাজ অন্নমুঠিৰ যোগান  ধৰিবলৈ সক্ষম হয় ।   ডিগ্ৰীত নামভৰ্ওীৰ  খৰচ শুনি দুয়োৰে মূৰত আকাশ সৰি পৰা যেন অনুভৱ হ'ল । কিন্তু ছায়াই পঢ়িব বিচাৰে ,  পঢ়ি- শুনি সফলতাৰ উচ্চ শিখৰত খোজ দিব বিচাৰে ।  সমাজৰ আগত   মাক দেউতাকৰ  শীৰ গৰ্বেৰে উঠি অহাটো বিচাৰে তাই । সপোনবোৰ সঁচাই বহুত সুন্দৰ, কিন্তু বাস্তৱবোৰ হে জানো কিয় ইমান ভয়ানক ।....

ছায়াৰ  পঢ়াৰ  সপোনটো পূৰ কৰিবলৈ মাক মালা আৰু দেউতাক দন্দিয়ে নিজৰ সকলো লাজ, সংকোচ আঁতৰাই কাৰ কাৰ আগত সেই শুকান হাতদুখনেৰে ভিক্ষাৰ হাত মাগিছে,সেয়া কোনে জানে ! তাইক পঢ়ুৱাবলৈ ঘৰৰ একমাত্ৰ মূল ভেটিটো বন্ধকত  ৰাখিছে । জীৱন নৌকাখনিত টুলুং- ভুটুং কৈ উজাই গৈ আছে দুখ  -সুখৰ বোজাবোৰ  কঢ়িয়াই দন্দি, মালা, আৰু ছায়াই । দিন যিমানেই  বাগৰি গ'ল  সিমানেই খৰচো বাঢ়ি গ'ল ।  মালা আৰু দন্দিৰো বয়স  হৈ আহিছিল,  যোৱাৰ আগতে ছায়াক কাৰোবাৰ হাতত  গতাই থৈ যাব পাৰিলে দুয়োৱে   সুখী হ'ব বুলি আলচ কৰিছিল  । কিন্তু ছায়াক কোনেও গ্ৰহণ কৰা নাছিল । এদিন মালা আৰু দন্দিয়ে চহৰলৈ বুলি  ছায়াৰ কিতাপ আনিবলৈ গৈছিল । নিজে একো নোলোৱাকৈ,  দিনটোত আহাৰ খায়েই কটাই দিছিল তেওঁলোকে ।  জীয়েকক পঢ়ুৱাবলৈ দুয়োৰে যে কিমান   অদম্য হেপাঁহ ! কিন্তু দুৰ্কপাল !  সেইদিনা ঘৰলৈ বুলি আহি থাঁকোতে  এক প্ৰকাণ্ড ট্ৰাক দুৰ্ঘটনাৰ বলি হৈ দুয়োৱে নিজৰ  নশ্বৰ দেহাটো  নেদেখা জনৰ হাতত অৰ্পণ কৰিছিল । সংসাৰৰ সমস্ত দায়িত্ত্ব-কৰ্তব্য, হাঁহি -কান্দোন, সকলো আত্মীয় স্বজন আদিক শেষ বাৰলৈ বিদায় দি গুছি গৈছিল নিজ ঘৰলৈ বুলি  । নাহে!  আৰু  কেতিয়াও উভতি নাহে !.........

কিন্তু  এয়া কি !  চহৰৰ আটাইতকৈ ধনী  ব্যওি নিৰ্মল শইকীয়াৰ   একমাত্ৰ অৰ্ধাংগিনী  ছায়াই দেখুন অতিতত ঘটি অহা ঘটনাবোৰৰ বিৱৰণ দি হুকহুকাই কান্দিব ধৰিছে । বাহিৰত আনৰ আগত হাঁহি থকা ছায়াৰ মুখাবয়ৰখন নিজৰ পৰমেশ্বৰৰ আগত  যে তেনেই  বিগলিত হৈ যায় ।  তাই মনটোক দমন কৰিব নোৱাৰা হৈ পৰে । নিৰ্মল শইকীয়াৰ সবল দুই বাহুৰ মাজত   সমস্ত দুখ- কষ্ট,  লাজ সংকোচ পাহৰি, চকু পানীৰে তিতি থকা  গাল দুখনি  সোমাই ছায়াই  প্ৰশান্তি  লাভ  কৰে  । ছায়াই কৈ গ'ল____ " মোক মায়ে কৈছিল ,' তই এটা সময়ত আমাতকৈও বেছি মৰম কৰা আৰু সঁচা অন্তৰেৰে ভাল পোৱা এজন জীৱন সংগী পাবি '।  আৰু আজি মাৰ সেই  কথা সাৰ্থক হৈছে ।  আজি মই তোমাক মোৰ জীৱন সংগী হিচাপে বহুত সুখী । তুমি যদি সেইদিনা আমাৰ  ঘৰত পানী বিচাৰি নগ'লা হেঁতেন , মোৰ নিথৰ - নিসংগ অৱস্থাটো দেখি ইয়ালৈ লৈ নানিলা হেঁতেন তেতিয়া হয়তো মই......!"হ'ব আৰু আগলৈ একো নক'বা ।" নিৰ্মল শইকিয়াই ছায়াৰ চকুলো মুহাৰি মুহাৰি কৈ গ'ল____"তোমাৰ দুখৰ কথা শুনি মইয়ো বৰ দুখ পাইছো । মই কলেজত পঢ়ি থকা সময়ৰ পৰাই তোমাক চিনি পাইছিলোঁ । মই সকলো দেখিছিলো আৰু শুনিছিলো যে কেনেদৰে তোমাক সকলোৱে পংগু বুলি জুকাইছিল । আৰু তোমাক মতাৰ মোৰ এদিনো সাহসেই হোৱা নাছিল । কিন্তু মই তোমাক সেই দৃষ্টিৰে কেতিয়াও চোৱা নাছিলো । মই হয়তো তোমাৰ কোমল হৃদয়ৰ মশ্ৰিণতাখিনিক অনুভৱ কৰিব পাৰিছিলো । হয়তো সেয়াই আছিল মোৰ জীৱনৰ শুদ্ধ পথ । যি পথত খোজ পেলাই আজি মই সুখী ।" ছায়াই অকন গম্ভীৰ হৈ ক'লে -"মোৰ এটা সপোন আছে জানানে ?"কোৱা !" ছায়াই আকৌ ক'লে -"ওম, মই মোৰ মা - দেউতাৰ স্মৃতিত তেওঁলোকৰ নামত এখন নাৰ্চাৰী খুলিব বিচাৰো য'ত থাকিব হাজাৰ হাজাৰ নানা ৰঙী ফুলৰ আৱেস ! দূৰণিৰ পৰা চৰাই আৰু পখিলাবোৰ আহি মোৰ নাৰ্চাৰীখন শুৱনি কৰিবহি ।যেতিয়া মানুহবোৰে ভাগৰে - বিৰক্তিৰে ,দুখে - সংকটে ৰাস্তাৰে পাৰ হৈ যাওঁতে মোৰ নাৰ্চাৰীখন দেখিব তেতিয়া তেওঁলোকে সমস্ত বেদনা - ভাগৰ পাহৰি মনত অকন শান্তি লভিব পাৰিব ।"ছায়াই নিৰ্মলৰ চকুলৈ চাই আকৌ ক'লে____"তুমি মোক সহায় কৰিবানে ?" নিৰ্মল শইকিয়াই ছায়ালৈ চাই অতি নম্ৰ ভাৱে ক'লে____"মই এই অভাজনে তোমাক যিমান পাৰোঁ সহায় কৰি যাম । তোমাৰ যাতে এই সপোনটো সফল হয় তাৰে কামনা কৰিছোঁ । কিন্তু এতিয়া তুমি তোমাৰ শৰীৰটো যত্ন লোৱা । ডাক্টৰে তোমাক পুষ্টিকৰ খাদ্য খাব দিছে । তাৰ পাছত তোমাৰ মনে বিচৰা সকলো কাম কৰি যাবা । আৰু তোমাৰ সাহসিকতাৰ বলত তুমি সফল হ'বাই ।"

             লাহে লাহে বেলি লহিয়াবলৈ আৰম্ভ কৰিছে । পূবৰ বেলিটিয়ে পশ্চিমৰ দিশে ঘৰমুৱা হৈছে । নীলিম আকাশৰ চৌপাশত সিচঁৰতি হৈ পৰিছে গধুৰ সন্ধিয়াবোৰ । স্মৃতিৰ পাপৰি বুটলি দিগভ্ৰান্ত   পক্ষীৰ দৰে ছায়াই ম্লান যোৱা হেঙুলীয়া পোহৰখিনিক কৈ গ'ল -

"এদিন মইয়ো সফল হ'ম"।।

Tuesday, January 03, 2023

সংযমিত নকৰাৰ পৰিণাম:সীমা দাস

◾️ সংযমিত নকৰাৰ পৰিণাম


প্ৰেম হ'ল এক সৰগীয় অনুভূতি , প্ৰেম অভিন্ন , প্ৰেমৰ ভিন্নতা নাই ,  প্ৰেমৰ বিষাদতাত ডুব গৈও তাৰ গভীৰতা ধুকি পোৱা নাযায়। ৰুমুৱে কথাবোৰ ভাবি থাকোতেই কাৰোবাৰ স্পৰ্শত যেন তাই সম্বিৎ ঘূৰাই পালে । ঘূৰি চাই দেখে মুনুৱে তাইলৈ কৌতূহল ভৰা চাৱনিৰে চাই ৰৈ আছে । মুনু হৈছে ৰুমুৰ ভনীয়েক । মুনুৱে তাইক সন্দেহৰ চাৱনিৰে সুধিলে --- কি হৈছে বা? এই সন্ধিয়াখন  থাকিব লাগে পঢ়াৰ টেবুলত আৰু তুমি আছা ভাৱনাৰ সাগৰত । কথাটো কি হা ---- মোক ক'ব পাৰা মই কাকোৱেই নকওঁ । ৰুমুৱে খং কৰি ক'লে চা মুনু মোৰ একো হোৱা নাই আৰু তই এতিয়া পঢ়িব লাগে , পঢ়গৈ যা । মুনুৱে গ'ম পালে যে ৰুমুৰ খং উঠিছে , তাই ৰোমৰ পৰা ওলাই গ'ল।

মুনুৰ দেউতাকজন এজন ভাল ব্যৱসায়ী আৰু মাক এগৰাকী শিক্ষয়িত্ৰী ।তেওঁলোকে মুনুহঁতক বৰ মৰম কৰিছিল আৰু সৰুৰে পৰা সিঁহতক কোনো বস্তুৰে  অভাৱ হ'বলৈ দিয়া নাছিল । সিঁহতেও মাক -দেউতাকৰ নিভাঁজ মৰম পাই ইমানেই জেদি হৈ পৰিছিল যে লাগ বুলি ক'লেই যিকোনো বস্তু আনি দিব লগা হৈছিল। তেওঁলোকে যেনেদৰে সিঁহত দুজনীক মৰমো কৰিছিল , ঠিক তেনেদৰে শাসনো কৰিছিল । অৱশ্যে সিঁহত দুজনীয়েও ভয় নকৰা নহয় ।

          দেউতাকে ৰুমুক লৈ বহুত আশা কৰিছে , কিয়নো তাই এইবাৰ একাদশ শ্ৰেণীত নাম ভৰ্তি কৰিছে । মেট্ৰিক পৰীক্ষাত তাইৰ ফলাফল খুব ভাল আছিল সেইবাবে এইবাৰ আৰু আশা কৰিছে । তাইও মনে প্ৰাণে উঠি-পৰি লাগিছে দেউতাকৰ আশা পূৰণ কৰিবলৈ । কিন্তু সময় একেদৰেই নাথাকে। তাই যিহেতু নতুন কলেজত অন্তভূক্ত হৈছিল আৰু কলেজৰ পৰিৱেশটো নতুনকৈ পাইছিল -------- কলেজৰ মানুহ , পৰিস্থিতি আৰু বিভিন্ন পৰিৱেশ । তাই প্ৰথমতে নিজকে খাপ খোৱাব পৰা নাছিল , কিন্তু লাহে লাহে তাই পৰিস্থিতিৰ লগত নিজকে খাপ - খোৱাই ল'ব পৰা হ'ল । 

         সকলো মানুহই কয় নৱম-দশম , একাদশ-দ্বাদশ এই সময়ছোৱাত সাধাৰণতে ল'ৰা - ছোৱালীবোৰৰ মনবোৰ চঞ্চল হৈ থাকে । তেওঁলোকে যিকোনো কাম কৰিব পাৰে , কিন্তু ভাবি নাচায় । তেওঁলোকে পঢ়াৰ ফালে গুৰুত্ব কম দিয়ে । এই কথাবোৰ ৰুমুৰ লগতো ঘটিবলৈ ধৰিলে । তাই নতুন কলেজত নতুন নতুন মানুহবোৰক লগ পাই দেউতাকৰ সেই আশা পাহৰি যাবলৈ ধৰিলে । তাইও চঞ্চল হৈ পৰিল। নীল আকাশৰ তলত মুক্ত পখীৰ দৰে বিচৰণ কৰিবলৈ ধৰিলে । লগৰবোৰৰ লগত পাৰ্টি কৰা , চিনেমা চাবলৈ যোৱা , ৰাতি বহু দেৰিলৈকে ম'বাইল চোৱা আৰু বিভিন্ন ধৰণৰ বেয়া কামত লিপ্ত হৈছিল, যাৰ ফলস্বৰূপে তাইৰ পঢ়াৰ প্ৰতি ধাউতি একেবাৰে নোহোৱা হৈছিল । 

     অৱশেষত উচ্চতৰ মাধ্যমিকৰ চুৰান্ত পৰীক্ষাৰ সময় চমু চাপিল , কিন্তু তাইৰ গাতেই লগা নাই অথচ তাই কৰা দৈনন্দিন কামবোৰ বেছি হৈ গৈ থাকিল । শেষত তাই অলপো কিতাপ নপঢ়াকৈ পৰীক্ষা দিলে। অলপ দিনৰ পাছত পৰীক্ষাৰ ফলাফল দিলে, কিন্তু তাই ফলাফল বেয়া হ'ল । দেউতাকে মুঠেও আশা কৰা নাছিল এনেকুৱা এটা ফলাফল পাব বুলি। তাই ও ভবা নাছিল এনেকুৱা ফলাফল পাব বুলি । তাই চিঞৰি চিঞৰি কান্দিব মন গৈছিল কিন্তু তাই কান্দিব পৰা নাছিল । তাই অনুভৱ কৰিলে যে এই দুবছৰে কি কৰি আছিল । তাই কি কৰিব কি নকৰিব ভাবি ভাবি একো উপায় নাপাই আত্মহত্যাৰ পথ বাছি ল'লে ।

       যিখিনি সময়ত তাই নিজকে সংযম কৰিব লাগিছিল , সেইখিনি সময়ত তাই নিজকে সংযম কৰা হ'লে  আত্মহত্যাৰ দৰে ভয়াবহ পথটো বাছি লব লগা ন'হলহেঁতেন । 


                              ©সীমা দাস

Tuesday, December 27, 2022

সিদ্ধান্ত:প্ৰগতি গগৈ চাংমাই

 সিদ্ধান্ত

 ණ প্ৰগতি গগৈ চাংমাই


এচিড লাগি ঘাঁ হোৱা ঠাইকেইটুকুৰা জ্বলা পোৰা কৰি উঠিল৷ বহুত কষ্টৰে তাই বিছনাতে পৰি আছে৷ কি আশা কৰিছিল , কি যে হৈ গ'ল! জীৱনটো খেলিমেলিৰে ভৰি ৰ'ল৷ সপোন দেখিছিল কমল-পদুমীয়ে৷ সিহঁতৰ এখন ঘৰ হ'ব সুখৰ! দুয়োটাই দুয়োটাকে মৰমেৰে উপচাই তুলিব! কিন্তু ভবাবোৰচোন হৈ নুঠিল৷ ভবাতেই থাকি গ'ল৷ ধনৰ দুখীয়া যদিও কমলে তাইক মৰমৰ অনুভৱ কৰিবলৈ দিয়া নাছিল৷ দুয়োটা সৰুৰে পৰা একেলগে ওমলি ডাঙৰ হৈছিল৷ আৰু সেই শৈশৱৰ সময়বোৰে প্ৰেমৰ ৰূপ দিছিল৷ দুয়োটাই ঘৰৰ মত লৈয়ে বিয়াত বহিল৷ সুখী হৈছিল দু়য়োটা মনে বিচৰা ধৰণে৷ কিন্তু সিহঁতৰ সুখকণ নিয়তিৰ সহ্য নহ'ল!

        দিনতে আৰ-তাৰ মুখত শুনিছিলে তাই চাৰিআলিটোত  হোৱা বোমা বিস্ফোৰণৰ কথা৷ কথাটোত তাই সিমান গুৰুত্ব দিয়া নাছিল৷ ৰাতি দেৰি হৈ অহাৰ লগে লগেহে তাই চিন্তাত পৰিল৷ ৰিক্সা চলাবলৈ গৈ কমল ইমানদেৰি কিয় অহা নাই? আনদিনাখন ইমানপৰ নকৰে৷ 

    বাহিৰত হৈ-হাল্লা শুনি তাই দুৱাৰ খুলি চালে৷ কোনোবা এটাক দাংকোলাকৈ মানুহ দুটামানে লৈ আনিছে৷ তাইৰ বুকুখন চিৰিংকৈ গ'ল৷ কোনোবা এটাই চাৰি বেটেৰীয়া টৰ্চ এটা জ্বলাই পোহৰ দেখুৱাই আনিছে৷ তাই উধাতু খাই লৰমাৰি গ'ল৷

      নাই-- তাই চিঞৰি উঠিল৷ এয়াটো কমলেই৷ ৰক্তাক্ত হৈ পৰা তাৰ গাটো দেখি তাই ঠাইতে জথৰ হৈ ৰ'ল৷


বিয়াৰ চাৰিমাহৰ পাছতে তাই বিধৱা হ'বলগা হ'ল৷ তাই দিশহাৰা হৈ পৰিল৷ গাঁৱৰ মানুহবোৰে  লাগি ভাগি কমলৰ কাজ-কৰ্ম কৰি দিলে৷

       খেৰী জুপুৰীটোত তাই তেনেই অকলশৰীয়া হৈ পৰিল৷ তাই তাঁত সুত সুন্দৰকৈ বব জানিছিল৷ তাকেই নিজৰ সম্বল কৰি ল'লে৷ কাপোৰ বিক্ৰী কৰিয়েই তাই চলিব ধৰিলে৷ দুই এটা মানুহে তাইৰ গাটোলৈ বৰ বেয়াকৈ চাই থাকে৷ সিহঁতৰ লোলুপ চাৱনি তাইৰ সহ্য নহয়৷ নিজকে চিৰিয়াখানাৰ কিবা এটা যেন লাগি যায়৷ 

    বিধৱা হ'লেও তাইৰ ৰূপ -যৌৱন কোনোপধ্যেই ম্লান পৰা নাছিল৷  তোলবুলীয়া দুগালেৰে তাইৰ সুন্দৰ মুখাৱয়ব,বৈ পৰা চুলি, দেহাৱয়ব…৷

এবাৰ চালে চকু ঘূৰাবলৈ টান হয়৷ মানুহবোৰে নানান কথা ৰচিবলৈ ধৰিলে তাইক লৈ৷ দিনত যিবোৰ মানুহে আনৰ আগত তাইৰ দোষৰ বৰ্ণনা কৰে ,সেইবোৰেই ৰাতি আহি তাইৰ দুৱাৰত ঠেলা মাৰে৷    বাঁহৰ দুৱাৰখন কেৰ্ মেৰাই উঠিলে তাইৰ বুকুখন শুকাই যায়৷ ভয়ত ঘামি উঠে৷ 

তথাপি তাই মনে মনে অসহায় হৈ বিছনাখনৰ এচুকত বহি ভগৱানকে ধিয়াই৷   


তাই বুজি পাইছিল তাইৰ ৰূপ যৌৱনৰ বাবেই মানুহবোৰে এনেকৈ কুট কথা ৰটনা কৰিছে৷ আৰু মানুহবোৰে কমলৰ মৃত্যুৰ সুবিধা লৈ তাইক ভোগ কৰিব বিচাৰিছে৷ 

        আজি তাই নিজকে শেষ কৰি দিবলৈ সিদ্ধান্ত লৈ পেলাইছিল 

৷ সেয়ে তাই এচিডৰ বটলটো কিনি আনিছিল৷ অলপমান গাত ছিটিকি পৰোঁতেই তাইৰ অন্তৰাত্মাই কৈ উঠিল যেন তাইক জীয়াই থাকিবলৈ সাহসেৰে৷ তাই তৎক্ষণাত বটলটো দলিয়াই পঠিয়ালে আৰু সিদ্ধান্ত ল'লে -তাই জীয়াই থাকিব? সংগ্ৰামেৰে৷

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰকাশ পালে কবি ৰাহুল চেতিয়া চিলাপথাৰ প্ৰথম খন কাব্য গ্ৰন্থ "মায়াবিনী আউসীৰ এটি জোনাকী"

 কবিৰ চমু পৰিচয়: কবিৰ জন্ম ১৯৯৬ চনৰ ১৩ মাৰ্চত ফাগুনৰ ৬ তাৰিখে ধেমাজি জিলাৰ নিলখ পূৰ গাওঁত। কবিৰ পিতৃ স্বৰ্গীয় দিলীপ চেতিয়া আৰু মাতৃদ্বয়ৰ না...