Tuesday, April 25, 2023

ঈদৰ নিমন্ত্রণ:ৰিছামনি আকতাৰা,

                     ঈদৰ নিমন্ত্রণ




ৰমজান মাহ, গাড়ীত যথেষ্ট ভিৰ নহয় যদিও দেখিলোঁ মানুহগৰাকীয়ে ইচ্ছাকৃতভাৱে মোৰ কাষতে ছিটখনত বহিল।অলপ সময় মনে মনে থকাৰ পিছত মানুহগৰাকীয়ে সুধিলে- "বাইদেউ ক'লৈ যাব ?" মই সৰুকৈ উত্তৰ দিলোঁ। তাৰ পিছত লাহে লাহে এটা দুটা কথা পাতিবলৈ আৰম্ভ কৰিলে। এক কৌতুহলেৰে ইপদ  সিপদ বস্তু ভৰোৱা ডাঙৰ  মোনাখন দেখুৱাই ক'লে-"জীয়েকৰ ঘৰলৈ গৈ আছোঁ ঈদৰ নিমন্ত্রণলৈ।" পাতল পলিথিনেৰে  মেৰিয়াই মোনাত ভৰোৱা পিঠাবোৰ স্পষ্টভাৱে দেখা গৈ আছিল ঘৰত হাতে বনোৱা নানান ধৰণৰ পিঠা , চাউল, নাৰিকল, কাপোৰ-কানি ইত্যাদি বস্তুবোৰ। মানুহ গৰাকীৰ মুখখন চাই এনেকুৱা লাগিল মোৰ লগত  পাতা কথাবোৰত যেন তেখেতৰ কিবা আন্তৰিকতা লাগিছে । মই সৰু সৰু কৈ সোধা প্ৰশ্নবোৰৰ উপৰি আৰু বহুত কথাই কৈ যাব ধৰিলে। কিছু সময় পিছত হঠাৎ দেখিলোঁ মানুহগৰাকীয়ে এক হুমুনিয়াহ কাঢ়ি কিছু কথা ক'বলৈ ধৰিলে। ইমান সময় জীয়েকৰ ঘৰলৈ বস্তুবোৰ লৈ যোৱাৰ যি আনন্দ আছিল ক্ষন্তেকতে কিবা বিষাদৰ ঢৌৱে যেন কথাৰ সুৰটো সলনি কৰি দিলে। "ছোৱালীজনী মোৰ শিক্ষিতা কিন্তু আমাৰ আৰ্থিক অৱস্থা সিমান ভাল নহয়। জোৱাঁৱেকৰ ঘৰ বহুত ধনী মানুহ। নিজৰ উপাৰ্জনেৰে যিমানখিনি পাৰিছোঁ চেষ্টা কৰি বহুত হেঁপাহেৰে বস্তুখিনি আনিছোঁ কিন্তু সিহঁতৰ ঘৰত আমাৰ দুখীয়াৰ বস্তুৰ কোনো সমাদৰ নাই। সন্মুখত ক'ব কি দৰকাৰ আছিল বিয়নি এইবোৰ খৰচা কৰাৰ ।আঁতৰি গ'লেই আকৌ পৰোক্ষ নিৰ্যাতন।(কাম কৰা বাই জনীক কাপোৰযোৰ দি দিবা বোৱাৰী,আমাৰ কোনে পিন্ধিব এইবোৰ) ছোৱালীজনীয়ে সিদিনা ফোনত আক্ষেপেৰে কয় আছে: মা, কাপোৰবোৰ অলপ ব্ৰেণ্ডেড  আনিবা নহ'লে ইয়াত কোনো সমাদৰ নাই,কিন্তু আমাৰ দুখীয়াৰ ঘৰত আন্তৰিকতাত যি সুখ পোৱা যায় ইয়াত ব্ৰেণ্ডেড কাপোৰত সেইখিনি সুখ নাপাওঁ! "

                    মানুহ গৰাকীৰ সহজ সৰল কথাবোৰে  ভাবুকি কৰি তুলিলে হঠাৎ আকৌ আৰু এটি কথাত হৃদয়ত ক'ৰবাত জোকাৰি গ'ল। মই পিন্ধি থকা চাদৰ মেখেলাযোৰ দেখুৱাই আকৌ ক'লে- "বাইদেউ কাপোৰযোৰৰ দাম কিমান পৰিব? মোৰ জীয়ৰীজনী দেখাত আপোনাৰ দৰেই, আমাৰ ইচ্ছা থাকিলেও কেতিয়াবা কিছু সপোন ,সপোন হৈয়েই থাকি যায়।"  

                মৈৰাবাৰী মৈৰাবাৰী বুলি বাছৰ কন্টাক্টৰ জনে চিঞৰাত ক'লোঁ, আন্টি আপোনাৰ নামিবৰ হ'ল। একহাতে গধুৰ বোজাৰ মোনাখন দাঙি লৈ আনহাতে মোৰ মূৰত হাত বুলাই  :আল্লাহ তালাই আপোনাক সুখী কৰক বুলি কয় মানুহগৰাকী বাছৰ পৰা নামি গ'ল। ইফালে মোৰ চলচলীয়া চকুযুৰিত হাজাৰটা বিষাদভৰা প্ৰশ্নৰ সৃষ্টি হৈয়েই ৰ'ল.....? 

       " ব্ৰেণ্ডেড কাপোৰতেই সুখবোৰ থাকে নেকি? "


✍️ৰিছামনি আকতাৰা, মৰিগাঁও।

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

Rahul Chetia Poet Biography

Rahul Chetia Poet Biography | ৰাহুল চেতিয়া - উৰুখা পঁজাৰ জোনাক, মায়াবিনী আঁউসীৰ এটি জোনাকী Rahul Chetia (ৰাহুল চেতিয়া) is a p...