◼️দ্বিতীয় বছৰ◼️এপ্ৰিল মাহ◼️ দ্বিতীয় সংখ্যা
কবিতা শিতান
⭕️ দুই বন্ধু
(ঈছপৰ সাধুৰ আধাৰত ৰচিত)
(শিশু কবিতা)
নলে গলে লগা দুই বন্ধুয়ে
চহৰ লৈ বুলি খোজ ল'লে,
গভীৰ অৰণ্যৰ মাজ ভাগতে
ভালুক এটাই বাট ভেটিলে !
ভয়ত থৰহৰি কম্পমান হৈ
প্ৰথম বন্ধুয়ে গছত উঠিল,
দ্বিতীয় বন্ধুয়ে দোৰি গৈ গৈ
মাটিত দীঘল দি শুই পৰিল !
পঙ্গু ভালুকেও মৰা শ' নাখায়
পুথিত পাইছে ভালকৈ জানে,
দ্বিতীয় বন্ধুয়ে মৰাৰ ভাও লই
দম বন্ধ কৰি ৰ'ল মনে মনে !
ভালুকে আহি পৰীক্ষা কৰিলে
নাকে কাণে মুখে শুঙি চালে ,
দুখ মনেৰে সি মৰা বুলি এৰিলে
হাতত পায়ো বাটত হেৰুৱালে !
গছত উঠা বন্ধুয়ে ভেবা লাগি চাই
খৰখেদাকৈ তল লৈ নামিল,
"বন্ধু! কি ক'লে সেই ভালুক কাই ?
মনত বৰ কৌতুহল জাগিল !"
উত্তৰ দিলে তপৰাই-উপায় নাপাই
"বিপদত পাবা বন্ধুৰ পৰিচয়,
বিশ্বাসহীন ঠগ বন্ধুক নল'বা চপাই
প্ৰকৃত বন্ধু কাষত থাকি যায় !"
আমিৰ হুছেইন আহমেদ |
_________________________________________
⚪️ব্যস্ততা যেতিয়া অজুহাত হয়
হাঁহিলে হাঁহিব, মাতিলে আহিব
এইয়া জীৱন বাটৰ সুৰ।
সুৰৰ জালত আবদ্ধ
মানৱীয়তা আজি সত্য পথৰ অনুসন্ধানত নিৱদ্ধ।
সঁচা কোন,
মিছা কোনো?
প্ৰমাণ ল'বলৈ সকলো বস্তাত আবদ্ধ!
নাই কোনো সত্যতা
নাই কোনো সঠিক নিৰূপণ।
অৰ্থহীন কথাই জুৰুলা কৰা মানৱ আজি ব্যস্ততাত নিৱদ্ধ।
সঠিক পথৰ সন্ধানত
আত্মীয়তা আজি শত্ৰুৰ দিশে ধাৱবান।
আপোন জনৰ সন্ধানত
ব্যস্ততা যেতিয়া অজুহাত হয়
মৰম স্নেহ তেতিয়া কম হয়!
✍️কনমনি নাথ। বি'ব্লক (বাক্সা)
_________________________________________
🔴পিতৃপুৰুষ
✍️প্ৰগতি গগৈ চাংমাই , নাজিৰা
নাঙলুৰ সীৰলুত ধৰি
পথাৰ চহাই
সোণগুটিৰ ভৰত ধুনীয়া ধৰণী
পিতৃপুৰুষৰ বাবেই..
দুহাতেৰে কপি দাখন সাৱটি
দিন হাজিৰা কৰি
পোহপাল দিছিল পিতায়ে..
কঁপি কঁপি ঠাণ্ডাত
ফটা কেঠাখন মোৰ গালৈ উজাই দি
সুখী পিতাই...
অসুখে চুব নোৱাৰাকৈ সুখী তেওঁ
মোক মানুহ কৰাৰ স্বাৰ্থত..
এতিয়া পিতাই মোৰ বুঢ়া হ'ল
হাত ভৰিত বয়সৰ আঁচোৰ
তথাপি পিতাই আগৰণুৱা
মই কওঁ- 'শুনচোন পিতাই,
মই মানুহ হোৱাৰ পথত!
তোৰ কষ্ট অথলে যোৱা নাই ..
ভগৱানে কৃপা কৰিলে
চহৰত চাকৰিতো হ'ব
তোৰো-মোৰো দুখৰ দিন ওৰ পৰিব।
_________________________________________
🔴ঈদ মোবাৰক
সৌ চোৱা আকাশত
জোন উঠিছে;
উছৱৰ বতৰ ঈদৰ খবৰ
জোৱাৰ উঠিছে।
মিঠাই, স্বেমাই, পোলাও, নাস্তা
মায়ে বনাব;
নতুন কাপোৰ পিন্ধি অকণি হ'তে
উদৰ পূৰাই খাব।
ঈদ মানে আনন্দৰ উৎসৱ
মুক্ত হস্তে দান কৰা;
ঈদ মানে শত্ৰুতা পাহৰি
মিলা- প্ৰীতিৰে হাতে হাত ধৰা।
ঈদ মানে আত্মাৰ পৰিশুদ্ধি
সৌহার্দ্য ও সংহতি প্রকাশ কৰা;
ধনী-দুখীয়া, উচ্চ- নিম্ন
ভেদাভেদ পাহৰা।
বছৰ ঘুৰিল ঈদ আহিল
সকলোলৈ শুভেচ্ছা জনালোঁ;
সম্প্ৰীতিৰ এনাজৰীডাল অধিক
মজবুত হোৱাৰ কামনা কৰিলোঁ।।
✍️ এহিয়া আহমেদ।
বৰথল কছাৰী গাওঁ, মৈৰাবাৰী, মৰিগাঁও।
মোবাইল নং- ৮৮৭৬১২৩১২৪
_________________________________________
◼️অবুজ বেদনা
নিশাৰ গভীৰতাৰ লগে লগে
চাৰিওফালে মৰিশালীৰ নিস্তব্ধতা
ভাহি আহিছে কাৰখানাৰ শব্দ
নিদ্ৰা দেবী আজি যেন ৰূষ্ট
ঘড়ীৰ কাঁটা আৰু কেলেণ্ডাৰে
অতীতৰ পিনে ধাৱমান হৈছে
বুকুখন কোনোবা এঠাইত যেন
কিহবাই হেচাঁ মাৰি ধৰিছে,
কিহৰ বাবে নো আছিল যাত্ৰা
এক দীঘলীয়া সময়ৰ বাট...
জীৱনৰ বাট নে বাটৰ নাট
ধৰিবই নোৱাৰা হলো দেখোন,
অতি অভিমানী মন গহনত
হৃদয়ৰ গভীৰতাত ঠেঁহ পাতে
শব্দবোৰ যেতিয়া বেছি হৈ যায়
অৰ্থ হীন হয় সকলো অনুভৱ,
শৰতৰ নিয়ঁৰ সনা সেমেকা ৰাতি
জীপাল হৈ উঠে কাৰনো প্ৰতিচ্ছবি
অনুভৱী হিয়াৰ ৰাজকাৰেংত
ৰিঙিয়াই মাতে তপ্ত আখলত।।
✍️ঈশা ৰহমান, উত্তৰ গুৱাহাটী।
মোবাইল নং- ৬০০৩৯২২৭৫২
_________________________________________
🔵উত্তৰ নিমিলা অংক
✍🏻ৰুম্পী দাস
ভালুকমাৰী
ৰাণীপুখুৰী , হোজাই
তুমি এটা উত্তৰ নিমিলা অংক ,
মই যি অংক ...
যোগ , বিয়োগ , হৰণ , পূৰণ কৰিও
উত্তৰ মিলাব পৰা নাই ।
গধূৰ কঠিন্যতাৰে ভৰা ,
অংকৰ ভাৱ ,
প্ৰাধান্যময় সকলোৰ কাষত
তুমি হ'ব নিবিচৰা ।
বহু হেঁপাহেৰে ,
অংক কৰাৰ চেষ্টাৰে
আজি মই নিৰুপায় ।
উতলা যৌৱনৰ আমনিত ,
বাৰে বাৰে তোমাকেই
দুচকুত হেৰাওঁ ।
শিহঁৰণ জাগে
শান্তিৰ দুৱাৰত ,
সাৰে আছোঁ
প্ৰতিক্ষণ তোমাক ...
হৃদয়েৰে অনুভৱ কৰিবলৈ ।
ভালপোৱাৰ ভৰাঁল
সজাই ৰাখিছোঁ ,
সহস্ৰ ব্যস্ততাৰ মাজতো ।।
_________________________________________
🔴দৰা - কইনা
✍🏻বিৰাজ বল্লভ নাথ
খগা, লখিমপুৰ
দুবাহুৰ কাষত, কইনাৰ সাজত
কেতিয়ানো দেখা পাম তোমাক ?
ৰভাতলি শুৱনি হʼব,
চৌদিশে উলহ - মালহ,
মাজে মাজে আয়তিৰ উৰুলি ।
বুকু ভৰি মৰম থকা
সপোন ৰাজ্যৰ ৰাণীজনী হʼবলৈ
তুমি আগুৱাই আহিবা কইনাৰ সাজত ।
আমি দুয়ো পিন্ধি লʼম,
লাজে লাজে এটি মিঠা হাঁহি ।
দুয়ো বহিম হুমৰ গুৰিত,
অগ্নিক সাক্ষী কৰি সাতপাক ঘূৰিম,
পুষ্প বৰ্ষা হʼব আমাৰ দেহা ।
নীৰৱে দুয়ো কথা পাতিম,
হৃদয়ে - হৃদয়ৰ সৈতে সুখ-দুখৰ ।
অতীতক পাহৰি সপোন ৰচিম
দুয়ো দুয়োৰে সৈতে ভৱিষ্যতৰ ।
ক্ষন্তেকতে দুয়ো মৌন হʼম,
তথাপি মৌনতাই কৈ যাব বহু কথা ।
বিষাদগ্ৰস্ত হৃদয়ে
পুনৰ হাঁহি উঠিব,
মই তোমাৰ দৰা আৰু
তুমি মোৰ কইনা হʼবা,
দুয়োৱে আৰম্ভ কৰিম
নতুন পথেৰে এক নতুন জীৱন ।
_________________________________________
🔴এটি পলৰ অনুভৱ
আকাশ ডাৱৰে ঢকা
নিৰৱ,
এজাকি সেমেকা শীতল বা
বলিব লাগিছে যেন
মোৰ কলিজাৰ শিঁৰে শিঁৰে...
বাগানৰ সেউজীয়া কুঁহি
বাওলী বতাহ ছাটিয়ে যাই চুমি ।
মই ক'ত আছো?
মই থাকো ক'ত?
নিজকে পাহৰি যাঁও
বহল বুকুৰ পৃথিৱীত হাত ফুৰাই
দিক্ শুন্য হওঁ...
"মই অকলশৰীয়া" ভাৱটো
অজানিতে মনলে আহিলে
তুমালৈ মনত পৰে.…
তথাপি উভতিব নোৱাৰি,
উশাহ.......!!!
শব্দৰে সজা এটি জীৱন
বাক্ হীন বহুপল..….?
---সুৰজ বৰগোহাঁই, ধেমাজি, মৰিঢল
_________________________________________
🔴ঈদ মোবাৰক
বাহাৰুল ইছলাম |
পৱিত্ৰ মাহৰ অন্তত আহিল
কি যে খুচিৰ ঈদ,
কাঁচিজোনটিয়ে ৰিঙিয়াই মাতে
সৱৰে হওঁক হিত।
ৰোজা মাহৰ প্ৰতিটো ক্ষণে
আনন্দ কঢ়িয়াই আনে,
চেহৰী,ইফতাৰৰ সময়বোৰ
সৱে ভালকৈ জানে |
দিৱসৰ উপৱাস কৰোঁতে আহ-যাহ
ইফতাৰৰ সময় হয়,
ৰোজাৰ বাৰেৰহণীয়া ক্ষণে কয়
মানৱতাৰ সৰ্বদা জয়।
বিশৰ অন্তত বিযোৰ নিশাৰ
আছে অনেক গুণ,
ঈদৰ সুবাসত সেউজী ধৰাই
কৰে ৰুণ-জুন।
জাকাত-ফিতৰাৰ অনেক পুণ্য
ঈদৰ অন্য সুবাস,
ইজনে সিজনক কৰে আলিংগন
যেন আনন্দৰ সভা।
নানান জন নানান জাতিৰ
অনন্য সমাহাৰ,
পৱিত্ৰ ঈদে কঢ়িয়াই আনক
শান্তিৰ বৃষ্টি ধাৰাষাৰ।
বাহাৰুল ইছলাম (শিক্ষক)
_________________________________________
🟣পৰিত্যক্ত প্ৰেমৰ বেদনা
✍️ দৃলীনা দাস ।
তুমি নহা হলেই ভাল আছিল
মোৰ সেউজী ধৰালৈ
মোৰ হৃদয়খন প্ৰেমহীন বিষাদেৰে ভৰাই পেলাবলৈ
তুমি নহা হলেই ভাল আছিল।
মোৰ হৃদয়ৰ নিষ্পাপ মণিকোঠালৈ
মোৰ সেউজীয়া খিনি কলা ডাৱৰে ঢাকি পেলাবলৈ। তুমি নহা হলেই ভাল আছিল।
মোৰ নিষ্কলুষ হৃদয়ত প্ৰেমৰ ধৰা বোৱাবলৈ
হিয়া উজাৰি দিয়া ভালপোৱাক প্ৰতাৰনা কৰিবলৈ
তুমি নহা হলেই ভাল আছিল।
মোৰ হৃদয়ত থিতাপি লবলৈ
প্ৰেমৰ কঠিয়া পৰা মোৰ হিয়াত বিষ ঢালিবলৈ
সঁচাই তুমি নহা হলেই ভাল আছিল ।।
_________________________________________
⚫স্মৃতি
তাহানিৰ নীলাঞ্জনা
তাহানিৰ চেনেহ বান্ধোন
স্কুলীয়া জীৱনৰ সেই স্মৃতি
বʼহাগৰ এটি মিঠা আবেলি
আৰু এডৰা সেমেকা বননি
বৰষুণ জাক চাগৈ এই মাত্ৰ গ'ল
লগত এজাক প্ৰাণোদ্বীপ্ত লগৰীয়া
হাঁহিৰ খলকনিত পৃথিৱী কঁপে
আকৌ সিদিনাৰ সৰগীয়া এটি গধূলি
হাঁহি আৰু গানৰ গুণগুণনি
সময়বোৰে একেলগে প্ৰাণ পাই উঠে
বেসুৰা গানৰ সুৰৰ হাঁহিয়ে তাল কাটে
সময়বোৰ ধৰি ৰাখিব মন আছিল
স্মৃতিবোৰ আহি মণিকোঠাত জিৰণি লয়
সময়বোৰ ৰেলৰ উকিৰ লগত উৰি যায়
জীৱনৰ শূণ্যতা খিনি লিখি আছোঁ মনৰ ডায়েৰীত।।
জ্যোৎস্না ৰানী বেগম
_______________________________________
⚪ অজুহাত:
তগৰ ফুলা বসন্তৰ প্ৰতিটো স্নিগ্ধ সন্ধিয়াত
তোমাৰ সংগ পাই জীপাল হোৱা
মনৰ আকাংক্ষাবোৰ আজি...
বিষাদৰ গ্ৰাসত মৌনতাৰ অজুহাত হৈ পৰিছে।
এটা অজুহাত দেখুৱাই তুমি
কোনোবা হাস্নাহানা ৰাতিত
জালিকটা জোনাকৰ মাজেৰে কাকো নজনোৱাকৈয়ে তুমি গুচি গʼলা ...
হাতত সাৰে ভৰিত সাৰে ..
সচাকৈয়ে যোৱাৰ যদি ইচ্ছা আছিলেই
অজুহাতৰনো কি দৰকাৰ আছিল ?
তুমি নথকাৰ বাবেই আজি
বছৰৰ বিহুটিত মোৰ মন
বিষাদৰ ডাৱৰে ঢাকি ৰাখিছে ।
বিহু বুলি কʼলেই গা সাতখন - আঠখন কৰা
মোৰ ৰাংধালী মন , শৰীৰ আজি
চাৰিবেৰৰ মাজতেই যেন আৱদ্ধ হৈ আছে।
তোমাক দিম বুলি ততাতৈয়াকৈ বোৱা
বিহুৱান খনো শালতে থকাতে আছে।
তুমি জানানে ...
তোমাৰ অপেক্ষাত মোৰ
নিদ্ৰাহীন চকুযুৰী ,
এতিয়া, ৰক্তাভ হৈ পৰিছে আৰু সৰি পৰা
প্ৰতি টোপাল চকুপানীত ...
অপেক্ষাৰ এটি এটি পল কমি গৈছে।
সেয়েহে, অভিমানৰ অজুহাত লৈ
মোৰো গুচি যাবৰ মন...
এদিন সন্তপৰ্ণে কাকো নজনোৱাকৈয়ে
কোনো বৰ্ষণমুখৰ ৰাতি অথবা
নিমাও মাও দুপৰীয়া এটিত।
তোমাৰ অবিহনে কেনেবাকৈ যদি
ভিজি উঠে দুচকুৰ পতা
ব্যস্ততাৰে দেখুৱাব পৰিম
বৰষুণত তিতাৰ অজুহাত... !!
: শ্ৰী পৰিস্মৃতা দত্ত
জিলা: শিৱসাগৰ
_________________________________________
🟢মনত স্বাৰ্থ ত্যাগৰ সমাধি
✍🏻ৰুম্পী দাস
ভালুকমাৰী
ৰাণীপুখুৰী , হোজাই
মোৰ ৰঙীন মুখখন ,
চিন্তাত মগ্ন হৈ
গভীৰ স্তম্ভিত ।
মোৰ সুপ্ত দেহৰ
অনুভূতি প্ৰৱল ;
সাউৎকৰে মনৰ কথা
সংৰক্ষণৰ সমাপিলে
সাময়িক শান্তি
অতি সহজলভ্য ।
স্বাৰ্থ ত্যাগৰ সমাধি ,
সৱলীকৰণত সমিধান ।
মোৰ প্ৰেম প্ৰতি
আসক্তি নোহোৱা ,
তথাপি মঞি ভালপাওঁ
আজিও বিৰল ।
ৰূপান্তৰিত হ'ল
বিস্মিত ভাৱমূৰ্তি ,
আৰু মই তাতেই মগ্ন ;
মতানৈক্যৰ বলিদান
নৃশংসভাবে হৈ পৰিল ।
মেঘমল্লাৰ সপোনত ,
আজিও যৌৱনা উন্মাদ ।
_________________________________________
🟡 আই তয়ে আহিবিচোন
মেঘালী বৰা
গুৱাহাটী, হেঙেৰাবাৰী
এইবাৰ মই বিহু পাতিব নোৱাৰিলোঁ
আচলতে বিহু পাতিবলে সময়ে নাপালোঁ
বিহুৰ তিনদিন আগতে প্ৰাতঃ ভ্ৰমণত
ৰাস্তাতে অষ্টাংগে উজুটি খাই কৰিলোঁ প্ৰণাম
মোৰ আগে পাছে থকা সকলো দৌৰি আহিলে
কোনোৱে ক'লে আপুনি উজুটি খাইছে
এজনে ক'লে আপোনাৰ কপালখন ফুলিছে
অকণমানি এটাই ক'লে আণ্টি
তোমাৰ নাকৰ তলত তেজ ওলাইছে
লাহে লাহে উভতিলো ঘৰলে
আইনাখন চাই দেখিলোঁ
কাম চৰাই ৰঙা ঠোঁট তাতে দিলে সেন্দুৰ ফোট
কপালত আকি দিলে ৰঙাকৈ তিলক
আঠু দুটা কিনো চাবা তপত তেলত ভজা দুটা ঘিলা পিঠা ।
ভয়ে ভয়ে গৃহস্থক জগালো উঠকচোন উঠক
সিহঁতৰ ঘৰলৈ চাওঁতে
চিট ভলঙা দি পৰিলোঁ বাটত ।
গৃহস্থৰ গালি বৰ্ষণ নাজানা নেকি
মাছৰ চিকুণ মোৱা টোপনিৰ চিকুণ পুৱা ।
উস্ আস্ কৰি গৃহস্থই লগালে মলম সানি
তেতিয়াহে ধোকে ধোকে খালোঁ পানী ।
গাড়ীত উঠি হস্পিতেললৈ বুলি দিলোঁ লৰ
ইমাৰ্জেঞ্চিৰ ডাক্তৰ নাৰ্চে লগালে ধৰফৰ ।
ব্লাড নিলে চুগাৰ চালে পেচাৰো চালে
দ্ৰেচিং কৰিলে বেজী দিলে কপালত লগালে বৰফ ।
প্ৰেছকিপছনত লেখি দিলে স্কেনিং কৰাই ভাল।
স্কেনিং কৰিলোঁ ৰিপৰ্ট দিলে
দিনে দুবাৰকৈ চাৰিটা পিল মুঠতে আঠোটা
মলম লগাওঁ বৰফ লগাওঁ দিনে তিনিবাৰ
দিনৰ দিনটো বিহুৰ বতৰত এয়াই মোৰ কাম ।
এইবোৰত লাগি থাকোঁতে আই
আচলতে বিহু যোগাৰৰ সময়ে নাপালোঁ
সেয়ে কৈছোঁ আই তয়ে আহিবিচোন
ফোনতে দিলোঁ নিমন্ত্ৰণ ।
_________________________________________
🟠বসন্তৰ আগমনত মোৰ উৰণীয়া মন:
শীতৰ নিষ্ঠুৰ পৰশত
নীৰৱ নিস্তদ্ধ হোৱা প্ৰকৃতিৰ সৌন্দৰ্য
পুনৰ বদ্ধন কৰিবলৈয়ে যে
ঋতুৰাজ বসন্তৰ আগমন ,
গছ-বনৰ কোমল কুঁহি পাতৰ
সেউজীয়া মন।
মধু বসন্তৰ শুভাগমনৰ
অগ্ৰদূত কুলি, কেতেকীৰ মধুৰ কাকলিত
মধুলিহৰ মধুৰ গুঞ্জনে মন মতলীয়া
প্ৰাণ মতলীয়া কৰি তোলে।
ডালে - ডালে কপৌ, তগৰ ফুল
চিৰ কুসুমিত হৈ প্ৰকৃতিৰ বুকু ফুলেৰে উপচাই
জাতিষ্কাৰ কৰি তোলে ,
চম্পাৰ সৌৰভে মোৰ মনকুঞ্জত
যৌৱনৰ লালিমা সানি দিয়ে।
অস্ফুট সংগীতৰ সুৱদি সুৰৰ লালিমাই
প্ৰকৃতিৰ বুকুত তোলে মৃদুল হিল্লোল ,
ঢোল, পেঁপা গগনাৰ
হিয়া উতলা কৰা ঐকতানে
হিয়াত জগাই তোলে উলাহৰ কল্লোল।
বিহু গীতৰ সুৰে-সুৰে, ছন্দে-ছন্দ
মন উৰো - উৰো
নতুন সুৰ, নতুন গানত
জেতুকা পাতৰ ৰঙৰ দৰে
মন ৰঙীন হওঁক
তাৰেই কামনা কৰোঁ।
নাম: শ্ৰী পৰিস্মৃতা দত্ত
জিলা: শিৱসাগৰ
উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ পৰীক্ষাৰ্থী
_________________________________________
🔵কুলি তুমি আকৌ বিনাবা
কুলি তুমি আকৌ বিনাবা
গছৰ ডালে পাতে ৰৈ ৰৈ
কুউ কুউকৈ
এটি অমিয়া সুৰ দিবলৈ |
প্ৰকৃতিৰ সেউজী পৰশত
যৌৱনময়ী গাভৰুজনী হৈ
বসন্তক দিবাহি তুমি
ৰঙালীৰ বতৰা,
ৰঙিলী পখিলী হৈ
প্ৰকৃতিয়ে নাচিব
কপৌ,তগৰৰ সুগন্ধিত
গৃহস্তৰ পদুলিত আমোলমোল কৰি |
বিহুৱা নাচনীৰ
ব্যথিত মনত জগাবা আকৌ
বিহুৰ কমোৱা তুলাৰ খবৰ লৈ
ঢোল,পেপা-গগণাৰ
গুম গুমনিৰে কৰিবা
আনন্দৰ পাৰাপাৰ |
সকলো দুখ-সুখ পাহৰি
ক্ষন্তেকৰ বাবে দি যাবা
সকলোকে আনন্দৰ সুৰৰ লহৰ |
কুলি তুমি আকৌ বিনাবা
এটি মিঠা মিঠা সুৰ লৈ
ব'হাগৰ বতৰা দিবলৈ
বসন্তৰ এই মনোমোহা ক্ষণক লৈ
কুলি তুমি আকৌ বিনাবা..... ||
✍🏻বিজুলতা পায়েং
গোগামুখ
_________________________________________
⚪আমি স্বাধীন ভাৰতৰ ভবিষ্যতৰ সম্পদ
আমি স্বাধীন ভাৰতৰ ভবিষ্যতৰ সম্পদ কণমানি,
দেশৰ উন্নয়ন আমাৰ মনত
আগুৱাই যোৱাটো আমাৰ কৰ্তব্য আইন মানি ।
প্ৰতিশ্ৰুতি দিছোঁ দেশবাসীৰ ওচৰত
মই হ'ম নেতাজী সুভাষ চন্দ্ৰ বসুৰ দেশ ভক্ত,
মনত বান্ধি আদৰ্শ মানি
দেশৰ কাৰণে তেজ দিম দেশ কৰিম সক্ত ।
আইন শৃংখলা মানি
মই হ'ম কনকলতা মূলাগাভৰুৰ দৰে দেশভক্ত ,
বন্দুকৰ গুলীত ভয় নকৰি
দেশৰ কাৰণে প্ৰাণ দিম অসমত শান্তি আনিম ।
বিদেশীক আশ্ৰয় নিদিম সাহসকৰি
মই হ'ম বীৰচিলাৰায়ৰ দৰে প্রতিশ্রুতি দিম ,
আপোনজনক শিৰচ্ছেদ কৰি
মই হ'ম বাপুজীৰ দৰে অহিংসা পৰধর্ম জানিম ।
হিংসা, লুন্ঠন, মুক্ত কৰি
মই হ'ম খুড়া নেহেৰুৰ দৰে কণ কণ শিশুসকলক,
ভবিষ্যতৰ সপোন মনত ৰাখি
আমি কণমানি দেশৰ ভবিষ্যতৰ উজ্জ্বল নক্ষত্ৰ ।
জিলিকি উঠিম দেশৰ ভিতৰতে
আমাৰ দেশ আমাৰ স্বাভিমান ভাৰত আমাৰ ,
স্বাধীনতা আমাৰ জন্মসত্ব অধিকাৰ
ত্রিৰঙ্গা পতাকাৰ তলত আমি মানৰক্ষা কৰি ।
গায় যাম জণ গণ মন ।
⭕️ ছেলিমা বেগম
জিলা নগাঁও।
_________________________________________
🟣কপৌ ফুলাৰ প্ৰত্যুষত
🖋️নিজৰা বৰ্মন ডেকা
নকৈ সজাল ধৰা কোমল কুঁহিপাতত
কপৌফুলে হাঁহি মাৰে বসন্ত কালত ,
উন্মনা ফাগুনে লঠঙা কৰা গছৰ ডালত
বিৰহীনি ভাৱে চিঞৰা কুলিৰ মাতত,
কপৌ ফুলে ছবি আকে নাহৰৰ কোমল পাতত ৷
কপৌ ফুলাৰ প্ৰত্যুষত
পাখিলাহি গাভৰুৰ মনত
ফুলিছে হাচানাহানা বকুলবনত ৷
পদুলীৰ মূৰত ৰৈ থকা ব'হাগৰ নাচনী জনী
চেনাই দিয়া কপৌফুল পাহি
নেঘেৰি খোপাত লৈ গুজি
বিহু নাচিব এইবেলি টাকুৰি ঘূৰাদি ঘূৰি।
নীৰৱ নিশাৰ এন্ধাৰ ঠেলি
সূৰুযেও চায় ভুমুকি মাৰি
কেতিয়ানো ফুলিব কপৌ পাহি গছৰ ডাল শুৱনি কৰি ৷
_________________________________________
🟡কলংকীনী ৰাধে
অনিন্দ সুন্দৰী গোৱালৰ জী
ভাৰ তুলি যমুনা ঘাটত ,
দধি দুগ্ধ লৈ যায় মথুৰা হাটলৈ
সোণ বিকি ভগা নাওঁত ।
যমুনাৰ পাৰত নাৱৰীয়া কানাই
যৌৱন চঞ্চলা চাৱনিৰে ,
হৃদয় শাৰীত থিয় হৈ হৰি নিলে
মন বোলোৱা পিৰিতিৰ কথাৰে ।
মোহন বাঁহীৰ সপ্ত সুৰৰ বিন্ধাত
কৃষ্ণময়ী বৰষে অধাৰামৃত ,
বেণুগীত শুনি বাউলি হৈ ৰাধে
ঢাপলি মেলে কদম্ব তলত ।
গোপন প্ৰেমৰ কৃষ্ণ-লীলা জানি
গকুলত হাঁহিছে গোপীনী,
উতনুৱা মনৰ প্ৰণয়ৰ তাৰণাত
নাযাওঁ কৈও থাকিব নোৱাৰি ।
ললিত লয়ত অন্তৰত সঞ্চিত
প্ৰগাঢ় প্ৰেমৰ বোৱতী ধাৰাত,
গোপন অভিসাৰ জগতে জানিলে
নাম পালে "কলংকীনী ৰাধে" ।
@মাৰ্জিনা বেগম, বৰপেটা ।
_________________________________________
🟢প্ৰকৃতিৰ ক্ৰোধ
দিনকদিনে বাঢ়িছে
প্ৰকৃতিৰ তাণ্ডৱ ,,
চৌদিশে বতাহ - ধুমুহাই
কৰিছে সকলো অনিষ্ট ,,
প্ৰলয়ংকাৰী বানপানীয়ে
নিলে সকলো উটুৱাই ,,
মানৱজাতিয়ে আজি কয়
হাই হাই হাই । ।
বিভিন্ন ধৰণৰ মহামাৰীয়ে
নিলে সকলোকে কাঢ়ি ,,
চৌদিশে কেৱল
হাঁহাকাৰ লাগিল
প্ৰকৃতিৰ ক্ৰোধ দেখি ,,
চিৰসেউজীয়া পৃথিৱীৰ কথা
নিচিনো আমি মানৱজাতিয়ে ,,
সেয়েহে আজি
আমি সকলো
বিপাঙত পৰিছোঁ চাগে ।।
নাম :--- লখিমী শৰ্মা
ঠিকনা :--- যোৰহাট
_________________________________________
🟤তুমি থাকিবা কাষতে
আয়নাল হক চৌধুৰী
আগমণি , ধুবুৰী
জীৱনৰ প্ৰতি পদক্ষেপতে
প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ বাবে
সাহসী হৈ উঠিছোঁ ক্ৰমান্বয়ে,
এতিয়া নাই শংকা
নাইবা জটিলতা--!
জীয়াই থাকিবলৈ
লাগে মাথোঁ মনোবল আৰু প্ৰেৰণা।
সাহস তোমাৰ বিশ্বাস
জানো--
তুমি থাকিবা কাষতে
মোৰ বটবৃক্ষ হৈ--
যাৰ ছায়াত জিৰণি লৈ
আগবাঢ়ি আছোঁ আগলৈ...।
________________________________________
⭕অনুভৱ যদি গীত হয়
সাগৰ খন কিয় বাৰু
ইমান গভীৰ
ইমান বিশাল
ক'বানে
তুমি বাৰু এদিন হ'লেও
সাগৰৰ দৰে
বিশাল গভীৰ হ'বানে ।
মইও যদি নদী হৈ
চঞ্চল গতি লৈ
মিলি যাম সাগৰতে গৈ,
নিজৰ বুলি আদৰিবা
বুকুতে সাবতি ল'বা
জান মোৰে ঐ ।
সাগৰ খন কিয় বাৰু?
ৰাতুল চেতিয়া ফুকন
চৰাইদেউ।
_________________________________________
🔴বহাগ
✍️ ভাস্কৰ প্ৰিয়ম হাজৰীকা।
হেপাঁহবোৰে যেতিয়া বুকুত খামুচি ধৰে
মোৰ হৃদয়ত বহাগ নামে।
ফাগুনৰ দুখবোৰ বুকুত সামৰি
সৰাপাতৰ উচুপনিক শান্ত কৰা
এইয়া এক সফল পৰিসমাপ্তি।
বহাগ মানে পিতাই হাতত জী উঠা
তৰাবুলীয়া হেপাঁহ।
আইৰ শালত বৈ উঠা
পিতাই ভালপোৱাৰ এফাল।
বহাগ মানে নতুন জীৱনৰ
উদ্ভাসিত এক আলোকৰ যাত্ৰা।
_________________________________________
⚪এটি প্ৰেমৰ কবিতা
ভালে আছানে ?
আছোঁ, যেনে তেনে।
মোলৈ মনত নাই পৰা ?
কিয় সুধিলা ?
এনেই।
পৰিছে, আজি মানুহ বিহু নহয়
যোৱা বেলি তোমাৰ সৈতে বিহু নচা মনত পৰিছে
কিন্তু কি কৰিবা কোৱা ?
ওঁ, নালাগে কৰিব।
কিন্তু তুমি জানো বুজি পাইছা
বিচ্ছেদৰ বেদনা,
শিতানৰ গাৰু তিয়াই উজাগৰে কেতিয়াবা কটাইছা ?
নিশাবোৰ আজি মোৰ নাযায় নুপুৱাই, জানা ?
নক'বা আৰু নক'বা
মই কান্দি পেলাম।
নাকান্দিবা, নাকান্দিবা
তোমাৰ এটোপাল তপত চকুপানীয়ে মোৰ হৃদয়খন
আকৌ গলাবলৈ চেষ্টা কৰিব
কমাৰ শালত লো গলাৰ নিচিনা,
প্লিজ, প্লিজ প্ৰিয়ম্বদা !
তেনেহ'লে কি কৰিবা ?
নাজানো, নুসুধিবা
হয়তোবা এনেকৈয়ে জী থাকিম শেষ পৰ্যন্ত !
কিয় কৈছা তেনেকৈ ?
ময়ো জানোঁ পাৰিম
তোমাৰ অবৰ্তমানত জী থাকিবলৈ !
✍ উৎপল দাস
পাঠশালা, বজালী
_________________________________________
🟣মলয়া মাধুৰী ব'হাগ
ব'হাগ
শব্দহীন বাসনা নহয়
ছন্দবিহীন চেতনা নহয়
গীতেৰে সজোৱা সময়
কৃষ্টিৰ সৃষ্টি সুমধুৰ
ৰাংঢালী গাভৰু প্ৰভাতৰ
মলয়া মাধুৰী জীৱনৰ
এইয়াই বসন্তৰ ব'হাগ
সাত বিহুৰ ৰঙালী উৎসৱ ।
ঋতুৰাজ বসন্ত আহিছে
কপৌফুল ওলমি ফুলিছে
বতাহ বলিছে উৎসৱৰ
হিয়া শাঁত পৰিছে
কুলি কেতেকীৰ সুৰীয়া মাতত ।
অতীতৰ ৰঙালী বিহু হেৰাল
গছে সলাই কুঁহিপাত
বিহুৱে দেখুৱাই সমন্বয়ৰ বাট ।
ম'হৰ শিঙৰ পেঁপা নাবাজে
দ'লনি পথাৰত
ৰঙালী আহিল নতুন ৰূপত
মঞ্চত বিহু ৰজনজনাই
ঢোলৰ ওজা আছিল মঘাই
জ্যেষ্ঠ জনক প্ৰণাম জনাম
কনিষ্ঠক মৰম বিলাম
ৰঙালী বিহুৰ প্ৰথম পুৱাই ।
কপৌফুল গুজি লৈ
ৰাংঢালী গাভৰুৱে
প্ৰাণঢালি বিহু নাচে
কিনকিন বৰষুণত
প্ৰণয় জাগে এই উৎসৱত
কঁকালত টঙালি বান্ধি
খমখমীয়া মুগাৰ সাজ পিন্ধি
ঢোল পেঁপা গগণা বজায়
এইয়াই মলয়া মাধুৰী ব'হাগ ।
✍️অনন্ত কুমাৰ ভূঞা
_________________________________________
🟡নষ্টালজিয়া
জোনাক ৰাতি চোতালত বহি
মায়ে কোৱা সাধুকথাবোৰ
অযান্ত্ৰিকতাৰ অকৃত্ৰিম মৰমবোৰ
আজি নষ্টালজিয়া,
কহুঁৱা বনত জিঞাৰ পিঠিত উঠি
চন্দ্ৰযাত্ৰাৰ সপোন ৰচা
মানসপটত সজীৱ হৈ থকা
টুকুৰা টুকুৰ স্মৃতিবোৰ
আজি নষ্টালজিয়া,
শেৱালীৰ মনোমোহা সুবাস
শীতৰ কোমল ৰদালি
শৈশৱৰ স্বপ্ন আৰু কল্পনা বিলাসী
মনটোৰ অনুভৱ বোৰ
আজি নষ্টালজিয়া,
কাহিলি পুৱাতে দুৱৰি বনৰ
মুকুতা গছকি মন-প্ৰাণ সজীৱ কৰা
শৈশৱৰ পবিত্ৰ সময়বোৰ
আজি নষ্টালজিয়া।।
✍️ এহিয়া আহমেদ, মৈৰাবাৰী, মৰিগাঁও
ফোন নং- ৮৮৭৬১২৩১২৪
_________________________________________
🟣অপেক্ষা
এছ ইছলাম, শিক্ষক
পঃ মইনবৰী,বৰপেটা
শীতৰ অন্তত
বসন্তৰ আগমন
গছে গছে মেলিছে
নতুন নতুন কুঁহিপাত
আমে মলিয়ালে
কঁঠালে পেলালে মুচি
আই বসুমতী হৈছে শুচি।
শেৱালি ফুলৰ সুবাসত
উতলা যৌৱন জোৱাৰত
কিমান দিনৰ পৰাই
অপেক্ষা মাথোঁ তোমাৰ বাবে
তুমি আহিলে সজীৱ হ'ব মোৰ বুকু।
তোমাক পোৱাৰ আশাত
উথলি উঠিছে প্ৰেম যমুনাত
উক্ মুকনি মোৰ অন্তৰত
জ্বলিছে অগনি হৃদয় কোঠাত।
উঠিছে ধপ্ ধপনি বুকুৰ মাজত
আশাম্বিত আজি মই
তোমাৰ আশা বুকুত লৈ
অপেক্ষাৰত
তুমি অবিহনে মোৰ
নুফুলে ফুল বৃক্ষৰ।
অপেক্ষা মাথোঁ তোমাৰ বাবে
কত যে অপেক্ষা কৰিলোঁ
তুমি অহাৰ প্ৰতিশ্ৰুতিৰে
ৰৈ আছোঁ দিনে ৰাতিয়ে।
ফোন নং ৮৮৩৮৭৫০৭৫২
_________________________________________
🔵বহাগ
ৰাজ দ্বীপ মৰাং
লখিমপুৰ, নাৰায়ণপুৰ।
প্ৰকৃতিৰ উলহ-মালহ
উদুলি-মুদুলি অসম
প্ৰাণভৰা ৰং বসন্ত
আনন্দৰ বাপুতি সাশুন।
গছে-বনে সলালে পাত
নাহৰ, তগৰ, কপৌ ফুলিল
কুলি-কেটেকিয়েও লগালে মাত।
ঢুলীয়াই নাচনীক জগালে
পেপাটিয়ে ৰিঙিয়াই মাতিলে
বিহু বিহু লাগিল গাত।
কৈ থাকো মানে ওৰকে নপৰে
আমাৰ বহাগীৰ কথা
অতি চেনেহৰ ৰঙালী বিহুতি
নাপাতি কেনেকৈ থাকো।।
_________________________________________
⚪কৃষ্ণচূড়াৰ ৰঙত ৰাঙলী ৰাধালৈ,
-শিৱাণী শৰ্মা বশিষ্ঠ
প্ৰিয়ে,
এয়া কেৱল জানো শিহৰণ
এয়াতো প্ৰেমৰ গুণ-গুণ শব্দ
হৃদয়ৰ পৰা হৃদয়লৈ বোৱা।
কৃষ্ণচূড়াৰ নগৰীত তোমাৰ হাতত হাত থৈ
হেঁপাহ বোৰ গাঁঠিব খুজিছিলো তোমাৰ চকুত,
নিশাৰ নিৰ্জনতা ভাল লাগে কানাইৰ
বিৰহী ৰাধাৰ তুলবুলীয়া অধৰত
বাঁহীৰ সুৰৰ মূৰ্ছনা
ক্ষণিক উদ্বাউল কৰিব খোজো
জেতুকা ৰঙী ৰাধাৰ হিয়া।
চতুৰ্দশীৰ জোনৰ আভাত বুকুত
স্পন্দন বাঢ়িছে নহয়নে ৰাধা
প্লিজ,তেনেকৈ নাচাবাচোন
মম হৈ গলি যাব পাৰো
সমাহিত হ'ব পাৰো তোমাৰ
চুলিটাৰীৰ মখমলী সুবাসত।
লিখিছো জানানে,
তোমাৰ বাবে কবিতা
ভালপোৱাৰ সুগন্ধিৰে হাচনাহানাৰ
কাহিনী অঁকা কবিতা
ৰাধা তুমি চাগে ভাল পাবা।
প্ৰিয়ে ৰাধা,
তোমাৰ প্ৰেমৰ কবিতাৰ
প্ৰতিটো শব্দত ময়ো বিচাৰিছো
প্ৰেমৰ অশৰীৰি স্পৰ্শ
যাযাবৰী অনুভৱৰ বৰষুনত
তিতি ফুটাই তুলিব খুজিছো
অধৰৰ উষ্ম সহচৰ্য।
প্ৰিয়ে ,
মৌনতাৰ নি:শব্দ পলত
কৃষ্ণচূড়াৰ ৰং দুহাতেৰে সামৰিছো
মায়াময় নিশাৰ নিৰ্জনতাত
পোহ দিছো আখৰহীন প্ৰেমৰ শব্দ..!
ৰাধে,
উদং হ'ব নিদিবা কৃষ্ণচূড়াৰ নগৰ
অপেক্ষা মাথো কিছু মাতাল ক্ষণৰ
তোমাৰ ওঠঁৰ ভাঁজত ফুটাই তুলিব পাৰিম
উমাল স্পৰ্শৰ উশাহৰ শব্দ..
জীয়া সপোনৰ অলেখ ঢৌত
বৈ যাব দিবানে যমুনাৰ বেদনা,
ৰাধা!
তোমাৰ বিৰহত আজিও মুমূৰ্ষ
হৃদয় বৃন্দাবনৰ কৃষ্ণ..!
ইতি
দেৱদাৰুৰ দেশৰ তোমাৰ কানাই।
________________________________________
No comments:
Post a Comment