প্ৰেমৰ অনুভৱ
প্ৰেম........
সকলোৰে জীৱনতে প্ৰেম থাকে । প্ৰেমে জীৱনটো ৰঙীন কৰি তোলে । প্ৰেমে এখন হৃদয়ৰ পৰা আন এখন হৃদয়লৈ গতি কৰে ঠিক বোৱতী নদীখনৰ নিচিনাকৈ । প্ৰেমত দুখন হৃদয় এখন হয় । মৰম , ভালপোৱাবোৰ বৃদ্ধি হয় । প্ৰেম এক স্বৰ্গীয় অনুভূতি । যিয়ে নামানে ধৰ্মীয় ৰীতি - নীতি । সুবিধা পালেই থিতাপি লয় দুখত উকা হৃদয়ত আৰু গঢ়ি তোলে ভালপোৱাৰ এনাজৰী । সকলোৰে হৃদয়ত প্ৰেম বিস্তাৰিত হৈ থাকে । প্ৰেম মানেই প্ৰাপ্তি নহয় । প্ৰাপ্তিতো সফলতাৰ আঁৰত থাকে । প্ৰেম কেৱল এটা ল'ৰা বা এজনী ছোৱালীৰ লগত হ'ব নোৱাৰে । দৰাচলতে প্ৰেম সকলোৰে লগত হয় । এই যে আমি মা - দেউতা , ভণ্টি -ভাইটি , দাদা - বাইদেউ তেওঁলোককো ভালপাওঁ তাৰ মাজতেই জানো প্ৰেম নিহিত হৈ থকা নাই ? প্ৰেমে জীৱনটো অধিক সুখৰ কৰি তোলাৰ বিপৰীতে দুখৰো সৃষ্টি কৰিব পাৰে । প্ৰেম , ভালপোৱা , আপোন মানেই প্ৰাপ্তি নহয় । আপোন মানে প্ৰাপ্তি হোৱা হ'লে ৰাধাই শ্ৰীকৃষ্ণক পালে হেতেঁন । প্ৰেম কৰিলেই নহ'ব যদিহে প্ৰেমৰ ওপৰত বিশ্বাস নাথাকে । সকলোৰে সম্পৰ্কৰে বিচ্ছেদ নঘটে । আঁতৰত থকাৰ পাছতো প্ৰিয়জনৰ ভালৰ বাবেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰাতো জানো প্ৰেম নহয় ? আজীৱন লগত থাকিম বুলি কৈ আঁতৰি যোৱাৰ পাছত Domino's অপেক্ষা কৰাই জানো প্ৰেম নহয় ? প্ৰেমত সৰু - ডাঙৰ নাথাকে । প্ৰেমে মাথোঁ বৈ যাব জানে দূৰ সমুদ্ৰলৈ । হাজাৰ বাধা নেওঁচি উজ্বলি ৰ'ব বিচাৰে সকলোৰে হৃদয়ত । প্ৰেমৰ ৰাগীবিধো সুকীয়া । প্ৰেমত ভাললগাবোৰ ভালপোৱা হ'ব ধৰে । ভালপোৱাবোৰো আকৌ নানা কাৰণত হেৰাই যাব বিচাৰে আৰু প্ৰিয়জনে অলপো গুৰুত্ব নিদিয়ে বুলি জানিও হৃদয়ে কেৱল তেওঁলৈ অপেক্ষা কৰিব বিচাৰে । কি যে আচৰিত এই প্ৰেমৰ বাউলী বতাহচাটি ।প্ৰেমত পোৱা - নোপোৱাৰ হিচাপ নাই । কিন্তু যাক আপোন বুলি ভবা হয় তেওঁক/তাইক হেৰুৱাবলৈ ভয় হয় । হয়তো এইয়াই নিশ্চয় প্ৰেম । প্ৰেমৰ ৰাগী মহান । গোলাপ , মদাৰ , পলাশ ইত্যাদিয়েও দিয়ে প্ৰেমৰ সুকীয়া মাদকতা । প্ৰেমত পৰা সকলে ফৰকাল আকাশতো ডাৱৰৰ ৰহণ সানে । গোলাপৰ পাপৰিতো প্ৰেমৰ সপোন ৰচে । আবেলিৰ অস্তমিত সময়ত বৰলুইতৰ বালিচৰতো যেন ঘৰমুৱা টিপচীকেইজনীয়ে প্ৰেমৰ উমান দিয়ে । ক'ত যে কিমান কল্পনা । প্ৰেমৰ ৰাগীত মত্ত এই সমগ্ৰ সত্ত্বা । সকলো ব্যৰ্থ প্ৰেমৰ অবিহনে কিয়নো প্ৰেম কৰা নাযায় । সকলোৰে অলিখিতে অগোচৰে প্ৰেম হৈ যায় ।
কাকলি দত্ত ।
দশম শ্ৰেণী
ধেমাজি(মাছখোৱা)
No comments:
Post a Comment