এটি নীৰৱ কাহিনী
ঃ শুনিচা
ঃ কোৱা
ঃ আজি তুমি আৰু মই বোলে সকলোৰে মোবাইলে মোবাইলে
ঃ কি কোৱা !
ঃ অ টো তোমাৰ মোৰ ছবিয়ে আজি বহুতৰ হাতৰ পৰশত প্ৰাণ পাই উঠিলে অ প্ৰিয়ে
ঃ আচৰিত। অন্ধকাৰৰ পিছত প্ৰথম দিনা তোমাক ন সাজেৰে চাবলৈ আহিলোঁ। কিন্তু তোমাৰ ৰূপত ভুল গৈ ৰৈ গলোঁ অ প্ৰিয়তম ।
ঃ অ প্ৰিয়ে । সঁচাই তুমি আছা কাৰণেহে মই আছোঁ । তুমি মই জানো কেতিয়াও আমি হবলৈ পাৰিম । তথাপিও দেখোন আমি লগত থাকোঁ অনন্ত কাললৈ ।
ঃ সঁচা অ প্রিয়তম। তুমি মই আমি নহলোঁ কিন্তু তুমি মই সদাই সকলোৰে হৃদয়ত আমি হৈ থাকিম । তোমাৰ একলা দুকলাকৈ বাহি অহা ৰূপে মোক আকৰ্ষণ কৰে অ। তুমি মোৰ জীয়াই থকাৰ প্ৰেৰণা । তুমি মোক জীয়াই থাকিবলৈ সাহস দিয়া । কিয়নো তুমি এদিন এদিন কৈ একলা একলা বাঢ়ি আকৌ এদিন শেষ হৈ আকৌ নতুন আশাৰে আকৌ ওলাই সকলোলৈ জীয়াই থকাৰ প্ৰেৰণা দিয়া । সেইবাবে তুমি প্ৰিয় ও।
ঃ প্রিয়ে। তুমি মোৰ অসম্পূৰ্ণ তাক পূৰ্ণ কৰিলা আজি তোমাৰ সংগই। কিছু সময়ৰ বাবেই আহি মোক একাকাৰ কৰি তুলিলা । ধন্যবাদ প্ৰিয়া।
✍️ দৃলীনা দাস ( তিনিচুকীয়া )
No comments:
Post a Comment