Tuesday, March 28, 2023

এটি নীৰৱ কাহিনী

এটি নীৰৱ কাহিনী 


 ঃ  শুনিচা

ঃ  কোৱা 

ঃ আজি তুমি আৰু মই বোলে সকলোৰে মোবাইলে মোবাইলে 

ঃ কি কোৱা ! 

ঃ অ টো তোমাৰ মোৰ ছবিয়ে আজি বহুতৰ হাতৰ পৰশত প্ৰাণ পাই উঠিলে অ প্ৰিয়ে

ঃ আচৰিত। অন্ধকাৰৰ পিছত প্ৰথম দিনা তোমাক ন সাজেৰে চাবলৈ আহিলোঁ। কিন্তু তোমাৰ ৰূপত ভুল গৈ ৰৈ গলোঁ অ প্ৰিয়তম ।

ঃ অ প্ৰিয়ে । সঁচাই তুমি আছা কাৰণেহে মই আছোঁ । তুমি মই জানো কেতিয়াও আমি হবলৈ পাৰিম । তথাপিও দেখোন আমি লগত থাকোঁ অনন্ত কাললৈ ।

ঃ সঁচা অ প্রিয়তম। তুমি মই আমি নহলোঁ কিন্তু তুমি মই সদাই সকলোৰে হৃদয়ত আমি হৈ থাকিম । তোমাৰ একলা দুকলাকৈ বাহি অহা ৰূপে মোক আকৰ্ষণ কৰে অ। তুমি মোৰ জীয়াই থকাৰ প্ৰেৰণা । তুমি মোক জীয়াই থাকিবলৈ সাহস দিয়া । কিয়নো তুমি এদিন এদিন কৈ একলা একলা বাঢ়ি আকৌ এদিন শেষ হৈ আকৌ নতুন আশাৰে আকৌ ওলাই সকলোলৈ জীয়াই থকাৰ প্ৰেৰণা দিয়া । সেইবাবে  তুমি প্ৰিয় ও।

ঃ প্রিয়ে। তুমি মোৰ অসম্পূৰ্ণ তাক পূৰ্ণ কৰিলা আজি তোমাৰ সংগই। কিছু সময়ৰ বাবেই আহি মোক একাকাৰ কৰি তুলিলা । ধন্যবাদ প্ৰিয়া।

✍️ দৃলীনা দাস ( তিনিচুকীয়া )

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...