অণুগল্প
নিসংগতা -----
এদিন তহঁতক আঙুলিত ধৰি ধৰি ৰ'দ বৰষুণকো নেওচি ৰাস্তা পাৰ কৰাই এমাইল দূৰৰ স্কুলত থৈ আহিছিলোঁ যাতে তহঁতৰ একো অপায় - অমংগল নহওক । স্কুল ছুটিৰ পিছত সেই একেই কাম মাৰাই কৰিছিল । কিন্তু আজি .... পঢ়ি - শুনি শিক্ষিত হৈ চাকৰি বাকৰি কৰাৰ পিছত ঘৰ সংসাৰ কৰি দিলোঁ । এতিয়া তহঁতে নতুন গাড়ী লৈ সপৰিয়ালে ওলাই গৈছ । ওলাই যোৱাৰ পৰত তহঁতে এবাৰো নেভাবিলি আমাক মাত এষাৰ দি যোৱাৰ কথা । আমি মাথোঁ বেলকনিতে বহি নীৰৱে চাই থাকিলোঁ , যা ৰাতি দুপৰলৈকে নাথাকিবি দিনকাল বৰ বেয়া হৈছে ।
মেঘালী বৰা
হেঙেৰাবাৰী ,গুৱাহাটী ।
No comments:
Post a Comment