Tuesday, March 28, 2023

খঙাল ছোৱালী জনী:কাজি শ্বাহাদত ইছলাম

 খঙাল ছোৱালী জনী

          (ছিৰিজ-১)



তাইৰ অতিৰিক্ত অভিমানবোৰ কাঁইট হৈ

তাইৰ নিজৰেই ডিঙিত বিন্ধিছে...

তাই তপত হৃদয়ৰ যান্ত্ৰণাত আজি নিমাত....!!

এতিয়া তাই বুজিবলৈ সক্ষম হৈছে যে

তাইৰ দৌৰৰ সীমা ইয়াতেই সমাপ্ত...।।


তাইৰ ভালপোৱাবোৰ সজীৱ আছিল..…

কিন্তু তাইৰ অনুভৱৰ বাগিছাত

হঠাৎ সন্দেহৰ পোক সোমাই

তচনচ কৰিলে প্ৰেমপুষ্পৰ পাহিবোৰ....!!


মই তাইৰ অন্তৰত মৃত্যু হৈছোঁ....!!

তাইৰ আচৰণবোৰে

তৰংগৰ সতে উৰি উৰি

মৃত্যু সংবাদ ঘোষণা কৰি আছে....!!


বিষাদৰ ৰস আৰু কিমান নো সেৱন কৰিম,

নিৰ্লজ্জ্ব হৃদয়ক এয়া কোনে নো বুজায়...!!


মই বহুত আগতে দেখা পাইছিলোঁ

তাইৰ দুচকুৰ ভংগীমাত

মোৰ দুৰ্বলতাবোৰৰ অনশন....!!


হয়তো তাই মেঘৰ মৌন গৰ্জন শুনা নাই....!!

অচিৰেই বৰষুণ ধাৰাষাৰ বৰষিব--

মই নিশ্চিত,, যে ধৰিত্ৰীখন ডুব যাব  ...!!


✍️কাজি_শ্বাহাদত_ইছলাম

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...