Tuesday, December 06, 2022

আইনষ্টাইন:ৰাজ ৰাহুল

 #আইনষ্টাইন 

 #আপেক্ষিতাবাদ 

#বনাম 

#মানৱতাবাদ 

                           ✍️ ৰাজ ৰাহুল 


মহা মহা পুৰুষৰ 

           চানেকীৰে জীৱনৰ 

আমিও কৰিব পাৰো 

            জীৱন গঢ়িত ...... ৷ 


যি সকল মহামনিষীৰ অলৌকিক জ্ঞানৰ 

জ্যোতিমালাই জগতৰ সৃষ্টি , স্থিতি , প্ৰলয়ৰ অধিকাৰী 

ভগৱানৰ অৰূপৰ সুন্দৰ সত্যক জ্যোতিম্মান কৰি 

জগত জোনালীময় কৰি তুলিছিল , মানৱ সমাজৰ জাতিভেদৰ মহা দানৱক মষিমূৰ কৰি  ' সবাৰ উপৰি মানৱ সত্য ’ আৰু  ' মানুহ মানুহৰ বাবে ’ এই মহাবাণীৰে মানৱ সমাজক  উদ্ভাসিত কৰি  তুলিছিল  - সেই সকলৰ ভিতৰত আইনষ্টাইন অন্যতম ৷


ইতিহাসৰ পাত লুটিয়ালে দেখা যায় যে যুগে যুগে একোজন ক্ষণজন্মা মহাপুৰুষৰ আবিৰ্ভাৱ হৈছিল ,  যাৰ দ্বাৰা সেই জাতিৰ , দেশৰ তথা বহল অৰ্থত গোটেই বিশ্বত একো একোটা মহৎ কাৰ্য সাধিত হয় ৷ ১৮৭৮ চনত মাৰ্চ মাহৰ ১৪ তাৰিখে কোনো এক শুভক্ষণত পিতৃ হেৰম্যানৰ ঔৰসত আৰু মাতৃ পলিনৰ গৰ্ভত জাৰ্মানীৰ  দক্ষিণ অঞ্চল বাভাৰিয়াৰ উলম নামৰ সৰু ঠাইত এনে ক্ষণজন্মা মহান মনিষী তথা মহান বিজ্ঞানীৰ আবিৰ্ভাৱ হৈছিল যি এক সাধাৰণ পৰ্য্যায়ত জীৱন আৰম্ভ কৰিও পৰবৰ্তী কালত নিজৰ একাগ্ৰতা , অধ্যাৱসায় তথা বিশুদ্ধ চিন্তাৰে গোটেই বিশ্বৰ বিজ্ঞান জগতক অভিভূত  কৰি নিজৰ নাম অমৰ কৰি থৈ গৈছে সেই মহান মনিষী তথা মহান বিজ্ঞানীজনেই হল আপেক্ষিতাবাদৰ জনক আইনষ্টাইন ৷


আইনষ্টাইনৰ জন্ম হৈছিল এটা ইহুদী পৰিয়ালত আৰু উনৈশ শতিকাৰ জাৰ্মানীৰ নিচিনা এখন দেশত যত ইহুদী সকলক বিভিন্ন কাৰণত ঘৃণাৰ চকুৰে চোৱা হৈছিল ৷ গতিকে বিভিন্ন অদৃশ্য ৰাজনৈতিক কাৰণত আইনষ্টাইনৰ পৰিয়ালে সলাবলগীয়া হৈছিল বাসস্থান ৷ উলমৰ পৰা মিউনিখ আৰু পৰৱৰ্তী পৰ্যায়ত মিউনিখ পৰা মিলান আৰু মিলানৰ পৰা জুৰিখ ৷ এই জুৰিখত থকা কালতেই অৰ্থাৎ ১৯০৫ চনত তেওঁ আবিষ্কাৰ কৰে  তেওঁৰ বিশ্ববিখ্যাত আপেক্ষিতাবাদ  তত্ব ৷ এই আপেক্ষিকতাবাদে বিশ্ববিখ্যাত কৰি তুলিলে আইনষ্টাইন আৰু তেওঁ হৈ পৰিল বিশ্বৰ , বন্দিত পদাৰ্থবিজ্ঞানী ৷ গোটেই বিশ্বৰ বিজ্ঞান সমাজৰ বাবে তেওঁ হৈ পৰিল এক বিস্ময় ৷ ধুমুহাৰ 

গতিত আপেক্ষিকতাবাদে তেওঁক লৈ গ’ল সফলতাৰ উচ্চতম শৃংগালৈ ৷ কিন্ত আইনষ্টাইন নিজে এই বিষয়ত সম্পূৰ্ণ উদাসীন ৷  আইনষ্টাইনৰ মন আছিল সাধাৰণে বুজি পোৱাৰ উৰ্ধ্বত ৷  এক সীমাহীন গভীৰতাই যেন সদায় তেওঁৰ মন আচ্ছন্ন কৰি ৰাখে আৰু এইটো কাৰণৰ বাবেই তেওঁ এপিনেদি যিদৰে আছিল অন্যমনস্ক আৰু নিৰ্বিষয়ী আনপিনে এক শিশুসুলভ সৰলতা আলাপপ্ৰিয়া আৰু বন্ধুবৎসল ৷ এপিনেদি নিসংগতা আনপিনে বন্ধুপ্ৰিয়তা ৷ এপিনেদি অতুলনীয় বুদ্ধি , আনপিনে  শিশুমন ৷ এপিনেদি গভীৰতা , আনপিনেদি তৰল পৰিহাসপ্ৰিয়তা ৷ একাধাৰে ই আশ্চৰ্য বৈপৰীত্য ৷ যিকোনো স্থান বা কাল বা পাত্ৰত আপেক্ষিকতাবাদৰ জনক গৰাকী সেইবাবে দিশহাৰা নহৈছিল ৷ 


ইহুদী বিদ্বেষৰ পৰা আৰম্ভ কৰি দুখন - দুখনকৈ হোৱা বিশ্বযুদ্ধৰ তিক্ত অভিজ্ঞতাৰ সাক্ষী আছিল এই আইনষ্টাইন  ৷  ১৯১৪ চনত পৰা ১৯৪৫ চনলৈ দ্বিতীয় বিশ্বযুদ্ধ ৷  ১০২১ চনৰ যুদ্ধোত্তৰ জাৰ্মানীত যেতিয়া প্ৰচণ্ড ইহুদী বিদ্বেষেৰে ভৰি পৰিছে তেতিয়া আইনষ্টাইনে নিজে নিজে ভিতৰি ভিতৰি এক তীব্ৰ  অৰ্ন্তদাহত ছটফটাইছে ৷ লাঞ্ছিত , শোষিত নিস্পেষিত ইহুদী সকলৰ বাবে কিবা কৰাৰ বাবে অদম্য ইচ্ছাশক্তি ক্ৰমে তীব্ৰৰ পৰা তীব্ৰতৰ হব ধৰিলে ৷ সংকল্প ললে কিবা এটা কৰাৰ আৰু কঠিন হৈছে আপোন কৰ্ত্তব্যত ইহুদীওতো মানুহ , সিহতৰো তেজ ৰঙা , সিহতেওঁ কথ কয় মানুহৰ ভাষাতেই সিহঁতৰো বুদ্ধি আছে , বিবেক আছে , বোধশক্তি , মানুহ হিচাপে মানুহৰ মৰ্যাদা ইহুদীয়ে নাপায়  কিয় ? ইহুদী বুলিলেই নহয় , নিৰ্যায়িত মানুহ বুলিয়েই ইহুদীহতৰ বাবে আইনষ্টাইন উঠি পৰি লাগিল ৷ ইহুদীহতৰ পূৰ্ণবাসনৰ  কাৰণে যি সকলে কাম কৰি গৈছে আইনষ্টান সেই সকলৰ ওচৰলৈ গল ইস্পাতৰ ফাল হৈ ৷ অকল বাৰ্লিন বা জাৰ্মানীৰে নহয় গোটেই পৃথিৱীৰ ইহুদীৰ বাবে আৰম্ভ হ’ল এক বলিষ্ঠা আন্দোলন ৷ জাৰ্মানী তথা গোটেই বিশ্বজুৰি আৰম্ভ হোৱা এই আন্দোলনত আপেক্ষিকতাবাদৰ জনক আইনষ্টাইন যোগদান এক বিৰল ঐতিহাসিক ঘটনা ৷ ইয়ে আইনষ্টাইন মহান বিজ্ঞানীৰ শাৰীৰ পৰা মহান মানৱলৈ উত্তৰণ ঘটালে ৷ সৰ্বসাধাৰণৰ দৃষ্টিত তেওঁ হৈ পৰিল এজন মানৱতাবাদী ৷ এফালে আপেক্ষিকতাবাদ , আনফালে মানৱতাবাদ ৷ আইনষ্টাইন ধ্যান ধাৰণাত আপেক্ষিকতাবাদৰ ঠাই গ্ৰহন কৰিলে মানৱতাবাদে ৷ তেওঁৰ গানিতিক যুক্তিক তল পেলাইছে মানৱিক যুক্তিয়ে ৷ তেওঁৰ মন মগজুত , ধ্যান ধাৰণাত মানৱতাবাদে আপেক্ষিকতাবাদৰ ওপৰত স্থান দখল কৰি ললে ৷ আপেক্ষিকতাবাদ নহয় , মানৱতাবাদ মানুহেই সৰ্বশেষ সত্য ৷ মানুহেই পূজাৰ থালৰ প্ৰথম নৈবদ্য ৷ নিৰ্যাতিত  , নিপেড়িত , লাঞ্ছিত ইহুদী সকলৰ বাবে আইনষ্টাইন নিজেই চান্দা উঠাইছিল ৷ 

কৈছিল ইহুদী সকলৰ চৰম লাঞ্ছনাৰ কথা , তেওঁলোকৰ প্ৰতি চৰম অবিচাৰৰ কথা নাৎসী বাহিনীৰ জাৰ্মানীত ইহুদী সকলৰ নিৰ্য্যাতনৰ কথা  ৷

 কথাবোৰ শুনি মানুহে শিয়ৰি উঠে , মানুহে কান্দে  মানুহে সহায়ৰ হাত আগবঢ়াই দিয়ে ৷ বিজ্ঞানী এজন কিমান মহান হলে বিজ্ঞানৰ স্বৰ্গসুখ এৰি আন্দোলনৰ বাবে ৰাস্তাত  নামিব পাৰে তাক বুজাই দিছে  

আইনষ্টাইন ৷ আইনষ্টাইনৰ মতে মানুহৰ বাবেই বিজ্ঞান , মানুহ বিজ্ঞানৰ বাবে নহয় ৷ 

আপেক্ষিকতাবাদে বিখ্যাত কৰি তোলা আইনষ্টাইনৰ 

বক্তৃতা আৰম্ভ হয় আপেক্ষিকতাবাদেৰে আৰু বক্তৃতা সামৰণি মাৰে মানৱতাবাদেৰে ৷ তেওঁৰ বক্তৃতাৰ প্ৰথমে হাতচাপৰি মাৰে বিজ্ঞানীয়ে , মাজত হাত চাপৰি মাৰে জ্ঞানীয়ে আৰু সৰ্বশেষত হাত চাপৰিৰ পিছত হাত চাপৰি মাৰে সৰ্বসাধাৰণে মানৱতাৰ এক উৎকৃষ্ট উদাহৰণ হৈ পৰিল আইনষ্টাইন ৷ 


সময়ৰ গতিত আইনষ্টাইন হৈ পৰিল মাৰ্কিন নাগৰিক ৷ কিন্ত  মানৱতাৰ এই পূজাৰীজনে আমেৰিকাত থকা কালছোৱাত অৰ্থাৎ ১৯৩৯ চনত  ২ আগষ্ট তাৰিখে দুজন ডেকা বিজ্ঞানী এনৰিকো ফাৰ্মি আৰু জিলাৰ্ডৰ প্ৰৰোচনাত পৰি চিঠি লিখিছিল তেতিয়াৰ আমেৰিকাৰ প্ৰেছিডেণ্ট ৰুছ ভল্টলৈ য’ত তেওঁ পাৰমানৱিক শক্তিৰ উপযোগিতাৰ বিষয়ে বৰ্ণনা কৰিছিল ৷ কিন্ত বিবেকৰ ওচৰত তেওঁ জীৱনৰ বাকী কালছোৱা জবাবদিহি হৈ ৰ’ল ৷  অসহ্য মানসিক যন্ত্ৰণাত ভুগিলে ৷ যুদ্ধবাজৰ চৰিত্ৰ কোনোদিনে সলনি নহয় বুলি জানিছিল ৷ ইতিহাসত ইয়াৰ বিপৰীত উদাহৰণ নাই ৷ আদিকালৰ পৰা একেই চৰিত্ৰ ৷ ইয়াত কেৱল নীতিৰ কথা হৃদয়ৰ কথা  ইয়াত অপ্ৰাসংগিক ৷ পৰমানু শক্তি মাৰ্কিন সেনাৰ হাতত পৰিলে কি হব পাৰে তাক তেওঁ ভালদৰে বুজি পাইছিল ৷ সেয়ে ১৯৪০ চনত তেওঁ পুনৰবাৰ লগ কৰিলে প্ৰেছিডেণ্ট ৰুছভল্টক আৰু ৰুছভল্টৰ পৰা প্ৰতিশ্ৰুতি আদায় কৰিলে পাৰমানৱিক শক্তি নিৰীহ মানুহৰ ওপৰত নকৰাৰ ৷ কিন্ত এই প্ৰতিশ্ৰুতি অকল প্ৰতিশ্ৰুতি হৈয়েই থাকিল ৷ 


আইনষ্টাইন এই চিঠিৰ ফলেই হৈছে বিখ্যাত মানহাটান প্ৰজেক্ট যত অতি গোপনীয়তাৰে নিৰ্মাণ কৰা  হৈছিল পৃথিৱী ধ্বংসকাৰী পাৰমানৱিক বোম ৷ যাৰ সাক্ষী হৈ ৰল হিৰোছিমা আৰু নাগাচাকি ৷ তীব্ৰ অনুশোচনাত আইনষ্টাইনৰ মন দগ্ধ ৷ অনুশোচনাৰ জুইত নিজে নিজে জ্বলি ছাই হৈ গৈছে আপেক্ষিকতাবাদৰে জনক আৰু মানৱতাৰ পূজাৰীজন ৷ তেওঁ নিজে নিজক ক্ষমা কৰিব পৰা নাছিল ৷ শৰীৰ আৰু মন দুয়োটাই ভাগি পৰিছিল তীব্ৰ মানসিক যন্ত্ৰণাত ছটফটাই অতি আক্ষেপেৰে ভগৱানক প্ৰাৰ্থনা কৰিছিল  ' হে ভগৱান অহা জনমত মোক বিজ্ঞানী কৰি জন্ম নিদিবা , মোক জন্ম দিবা মুচীৰ ঘৰত ’ ৷ হিৰোছিমা আৰু নাগাচাকিৰ পাৰমানৱিক বোমাৰ বিস্ফোৰণ তেওঁৰ জীৱনৰ অন্যতম্‌ দুখৰ কাৰণ হিচাপে থাকি গৈছিল ৷ সেয়ে জীৱনৰ অন্তিম কালত তেওঁ কৈছিল ' হে হিৰোছিমা, হে নাগাচিকা পাৰিলে মোক ক্ষমা কৰি দিবা , চিঠিখন সেইদিনা মই জানিশুনি লিখা নাছিলোঁ ৷ 


১৯৫৫ চনত ১৮ এপ্ৰিল তাৰিখে পৃথিৱীত হোৱা নাছিল বিশ্বযুদ্ধ , হোৱা নাছিল কোনো মহাপ্ৰলয় , কিন্ত পৃথিৱী তথা সমগ্ৰ মানৱজাতিয়েই হেৰুৱাইছিল এজন  বিশ্ববন্দিত  মানৱতাৰ পুজাৰী যাৰ নাম আছিল এলৱাৰ্ট আইনষ্টাইন ৷ 


               

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

সহযাত্ৰী তৃতীয় খণ্ড ঋতুপর্ণা ইংতিপি

 সহযাত্ৰী  (তৃতীয় খণ্ড)  ✍️ ঋতুপর্ণা ইংতিপি/মৰিগাঁও      গা-পা ধুই আজৰি হোৱা মানে তিনি বাজিলে।তাইৰ ভাগৰো  বহুত লাগিছে। গোটেই দেহটো অৱশ হৈ প...