Tuesday, December 06, 2022

শৈশৱ:প্ৰিয়ংকা চমুৱা

 শৈশৱ


লৰালি অ,


আকৌ আহিবিচোন তই


এজাক কিৰিলি হৈ 


বৰণীয়া পখিলাৰ পম খেদি


সোণগুটি ধাননিৰ 


কাচিয়লী ৰ'দজাকৰ আচল ধৰি


আদৰুৱা মইনাৰ সংগী হৈ ।



শৈশৱৰ সামৰণিত


সময়েও ফেঁকুৰি উঠে,


জীৱনে ৰং সলায়


কৈশোৰ আহে


ন সাজে


হেপাঁহৰ  আজলি ভৰাই


জীৱনে ন কৈ হাঁহে।


পিছে লৰালি জানো 


উভতি আহে!



অ লৰালি,


তোৰ যে আহৰি নাই ।


সময়তকৈও অভিমানী নে তই ?


তই আহিলে


পখিলাবোৰ ছাঁই হৈ যায় যদি ?


তই জানইচোন  মোৰ দুহাত ৰ'দেৰে পোৰা ।


তই আহচোন উভতি 


আকৌ এবাৰ চুই চাওঁ তোক ।


মোৰ দৰে তই


ৰ'দৰ জুইত জাহ নাযাবি ।


আহ অ লৰালি


বাকি দে মোক সপোন একাজলি


বৰণীয়া হওক


জীৱন আকৌ


তোৰ দুহাত ধৰি।



✍️প্ৰিয়ংকা চমুৱা, 


ঢকুৱাখনা, লখিমপুৰ, 


ডাক:যোগীসূতি, পিন:৭৮৭০৫৫,

ভ্ৰাম্যভাষ:৬০০১৪৮১৪০৮




No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...