Monday, September 25, 2023

দ্বিতীয় বছৰ ছেপ্টেম্বৰ মাহ ২৬-৩ অক্টোবৰ গল্প সংখ্যা

 দ্বিতীয় বছৰ ছেপ্টেম্বৰ মাহ ২৬-৩ অক্টোবৰ গল্প সংখ্যা



অণুগল্প,

        বোৱাৰী



          ৰাতিপুৱা  সাৰ পাইয়ে বিছনা খন খেপিয়াই চালে মানসে‌। মিতালীক বিছনাত নাপাই বাহিৰলৈ ওলাই আহি দেখিলে তাই গোসাঁই ঘৰত চাকি জ্বলাইছে ।বাচন-বৰ্তনৰ শব্দত পাকঘৰলৈ চাই দেখে সেইজনীও তাৰ মিতালী  । বেমাৰী দেউতাৰ ৰুমৰ ফালে গৈ থমকি ৰ'ল, এয়া কেনেকৈ সম্ভৱ? সি চকুযুৰি মোহাৰি দিলে । তেনেতে কোনোবাই কান্ধত হাত থ'লে, দেখে মিতালী। হাঁহি  মাৰি  সুধিলে ---
:কেতিয়া উঠিলা মানস ?

✍️মাৰ্জিনা বেগম
        বৰপেটা

======×××=======×××=======




চুটি গল্প
                     হেপাঁহ
সাগৰিকা কছাৰী



খিৰিকী খন খুলি লৈ জুৰিয়ে জানো পঢ়া টেবুলত বহি কি ভাবি আছিল ! হঠাৎ পাছফালৰ পৰা তাইক মাত লগালে ৷ জুৰি,ইমান ৰাতিখন খিৰিকী খুলি লৈ কি চাই আছা বাহিৰলৈ ? কি যে কৰা নহয় তুমিও ৷ ইমান ৰাতিখনত খিৰিকী খুলি নলবা মাজনী ইয়াতে তোমাৰ মোৰ বাহিৰে আন কোনোবা আছে জানো ?এইবোৰ কাম মোক কৰি নেদেখুৱাবি মাজনী বুলি কৈ মাক জুৰিৰ কঠাটোৰ পৰা ওলাই আহিল ৷
জুৰিয়ে নিজৰে মাজতে ভোৰভোৰাই উঠিল ৷ মা,তুমি কি বুজিবা মোৰ মনৰ কথাবোৰ ৷তুমিটো কেৱল মোক কঠাটোৰ ভিতৰতে বন্দী কৰি ৰাখিব বিছৰা ৷ কেতিয়াবা মোৰো খুলাকৈ হাঁহি ধেমালি কৰিব মন যায় আৰু কেতিয়াবা মুকলি আকাশৰ তলত চিঞৰি চিঞৰি কব মন যায় ---!
মা,মোকো পাৰিলে সময়ে সময়ে বাহিৰত গৈ আকাশখন চাব দিবা চোন ৷ আৰু কেতিয়াবা সেউজীয়া,নীলা ৰঙবোৰ ভাল পাবলৈ দিবা চোন ৷ জুৰিয়ে ভাবি ভাবি উচুপি উঠিল ৷ মই সদায় কিয় কাকো নেদেখাকৈ থাকিব লগিয়া হ’ল !মায়ে মোক কিয় বাহিৰলৈ ওলাব নিদিয়ে ! মই কেৱল পঢ়িয়ে থাকিব লাগে পঢ়িয়ে থাকিব লাগে ৷ মোৰো আকাশ চুবৰ মন ৷ তাই যেন  কান্দি কান্দি কবলৈ ধৰিলে ৷
জুৰিৰ দেউতাক ঢুকোৱাৰ পৰাই মাকে তাইক বহু কষ্ট কৰি ডাঙৰ দীঘল কৰিলে,সেয়ে মাকে তাইক বাহিৰলৈ ওলাব দি আন ছোৱালীৰ দৰে কৰিব নিবিছাৰে ৷ তাইৰ মাকে সদায় নভবা লগীয়াটোহে ভাবিছিল ৷ তাইৰো যে এখন সুন্দৰ পৃথিৱী আছে সেয়া মাকে কেতিয়াও নেদেখে ৷
জুৰি,অ জুৰি ---
মা,কিয় মাতিছা কৈ তাই ৰুমৰ ভিতৰৰ পৰা ওলাই আহিল ৷ কোৱা মা --!
বলা,আজি মমাইৰে হঁতৰ ঘৰৰ পৰা এপাক ফুৰি আহোগৈ ৷ মমাইৰেৰ  ডাঙৰ ছোৱালী অদিতিৰ বোলে আজি চাবলৈ ল’ৰা আহিব ৷ কালি গধুলীয়ে যাবৰ বাবে ফোন কৰি মাতি পঠিয়াইছিল ৷ ওলা,মাতিছে যেতিয়া এপাক আহোগৈ  তুমি গলে অদিতিও ভাল পাব ৷ কিছু সময়ৰ পাছতে মাক জীয়েক দুয়ো ওলাই গ’ল ৷ জুৰিয়ে গাড়ীখনত বহি লৈ ভাবিবলৈ ধৰিলে ! জীৱনত সুখি হবলৈ হ’লে কি কৰিব লাগিব ? হঠাৎ তাই মাকৰ ফালে চাই হাঁহি মাৰি কলে ৷ মা,সময় সুবিধা হলে মোক কেতিয়াবা কেতিয়াবা এনেকৈ ফুৰাবলৈ নিবা চোন,ঘৰত থাকি থাকি বৰ আমনি লাগে জানা ! মা আজি যেন মোক কিবা এটা বৰ ভাল লাগিছে বাহিৰলৈ ওলাব পাই ৷ মই সদায় নাহো দিয়া বাহিৰত কেতিয়াবাহে কৈছোঁ মা ৷ চা চোন ঠাইবোৰ কিমান মনমোহা ৷ কিমান যে ভাল লাগিছে নহয় মা মই কি বুলি বুজাম তোমাক ৷
জুৰিৰ মাকে একো নকোৱাকৈ মনে মনে গৈ থাকিল ৷
======×××=======×××=======


■চুটি গল্পঃ এমুঠি ভাত
  ✍️ চিন্ময় নাথ ( অনুৰাগ )



    গোৱৰ্দ্ধনা  বজাৰৰ কাষত সদায় এগৰাকী বৃদ্ধ মানুহে এমুঠি ভাতৰ   বাবে কোনোবাই দান - দক্ষিণা দিয়াৰ আশাঁত এখন থাল লৈ প্ৰায় বহি থাকে । কিন্তু তেওঁক মানুহে দান দক্ষিণাৰে সহায় কৰাৰ পৰিবৰ্তে ধেমালী  আৰু মাৰ ধৰ হে কৰে । তথাপি তেওঁ সকলো সহ্য কৰি সদায় ৰৈ থাকে এমুঠি ভাত খাবলৈ পোৱাৰ আশাত  পোৱাৰ আশাঁত ।

======×××=======×××=======


অভিপ্ৰায়(অণুগল্প)
  ৰশ্মি ৰেখা দুৱৰা
     ডিব্ৰুগড়


        সাৱধান! কতো যোৱা বন্ধ।আলৈ যাওঁ তালৈ যাওঁ কৰি নাথাকিবি।ৰঙা চকু দেখুৱাই কোৱা বাক্যশাৰীত সুষমা খুড়ী হতভম্ব হৈ পৰিল।কিয়?এনেকৈ কৈছে,কিবা ভুল কৰিলোঁ নেকি।কামৰ মাজতে মনত পৰে পতি ভাবুক হৈ পৰে।বহুপৰ ভাবি ভাবি উৰহি গছৰ ওৰটো ওলাল।মালতী খুড়ীৰ লগত পূজালৈ যাম বুলি পতা কথাটোতে গোটেইখন ঘমঘণ্ট লাগিল।সুষমা খুড়ীৰ জীৱনটোত মূল্যহীন অভিপ্ৰায়।
======×××=======×××=======


মাজৰাতিৰ চিঞৰ
কানুপ্ৰিয়া ডেকা(স্নাতকোত্তৰ ডিগ্ৰী অসমীয়া বিভাগ)



আজি মোৰ প্ৰথমটো দিন ভাড়াঘৰত। প্ৰায় ১২মান বাজিছে দুৱাৰত কোনোবাই জোৰ জোৰকৈ কোবাইছে শব্দটোত সাৰ পালোঁ ভয় ভয় কৰি দুৱাৰখন নোখোলাকৈ সুধিলো কোন হয়, ইমান ৰাতি কিন্তু কাৰো মাত নাপালোঁ দুবাৰ মান সুধিলো কাৰো মাত নাই। দুৱাৰত কোবাৱা শব্দ নোহোৱা হৈ গৈছিল আকৌ আহি বিচনাত পৰি গলো। লাহে লাহে টোপনি আহিব ধৰিছিলহে আকৌ একে শব্দ ওচৰতে থকা ফুলদানিটো এইবাৰ হাতত লৈ সুধিলো কোন কিন্তু কোনেও একো উত্তৰ নিদিলে আকৌ শব্দ বন্ধ হ'ল room ক গলো যায় দেখিলোঁ যে roomটোত একো বস্তু নিৰ্দিষ্ট ঠাইত নাই বস্তু বাহিনী মাটিত পৰি আছে, বহুত ভয় লাগিছিল এইবাৰ ৰুমৰ পৰাই চিঞৰিলো কোন নিশ্চয় কোনোবাই মোক ভয় খুৱাবলৈ চেষ্টা কৰি আছা, কিন্তু একো উত্তৰ নাপালোঁ,অলপ পিছত যেন কোনোবাই চিঞৰি আছে কিন্তু কি কৰিম আজি নিৰূপায,ভয় ভয় কৰি ৰাতিটো কটালো।
পুৱাই উঠি গা ধুই মন্দিৰত চাকি জ্বলাই সেৱা কৰি কলেজ যাব ওলালো।
প্ৰথম ক্লাছটো গ'লো আজি একো শিকোৱাৰ মন নাছিল ৰাতিৰ ঘটনাবোৰ মনত পৰি আছিল। সেয়েহে সিহতক প্ৰশ্ন এটা দি উত্তৰ লিখিব দিলোঁ।
এক ঘন্টামান হ'ল আমি ষ্টাফ ৰুমত বহি চাহ খাই আছিলো মোৰ লগত একেলগে কাম কৰা অঞ্জলি  আছিল অঞ্জলিক মই মোৰ লগত ঘটা সকলো ঘটনা কৈ থাকোঁতে চাহ দি থকা মানুহজনে আমাৰ সকলো‌ কথা শুনি আমাৰ ওচৰলৈ আহি মোক কলে, নিশ্চয় তাত অদৃশ্য শক্তি আছে আপুনি আজি ৰাতি চাওঁক যদি কালি ৰাতিৰ নিচিনা হয় তেতিয়া হ'লে মই আপোনাক বাবা এজনৰ ওচৰলৈ লৈ যাম,তেওঁ সকলো কৈ দিব মোৰ মানুহজনৰ কথা শুনি বৰ ভয় লাগিল।ঘৰতোত অকলে যোৱা সাহস নহ'ল সেইবাবে অঞ্জলিকো মোৰ লগত ৰাতি থাকিবলৈ কলো তাইও পিছে মানা নকৰিলে। ৰাতি ভাত খাই শুবলৈ গলো ১২মান বাজিছে যোৱা ৰাতিৰ নিচিনা দুৱাৰত কোনোবাৰ কোবোৱা শব্দ আৰু কিবাহৰ ছায়া, ভয়তে আৰু আমি টোপনি মাৰিব নোৱাৰিলোঁ, এটা ৰাতি যেন দহটা ৰাতিৰ সমান হ'ল    । পিছদিনা ৰাতিপুৱা সোনকালে কলেজলৈ গৈ মানুহজনক কৈ সেই বাবা জনৰ ওচৰলৈ গলো সেইদিনা আৰু আমাৰ ক্লাছ কৰা নহ'ল বাবা জনক লগ কৰিব হ'লে এখন ডাঙৰ অৰণ্যৰ মাজেৰে যাব লাগিব। আমি তিনিওটাই লগত কিছুমান বস্তু লৈ বাবজনক বিচাৰি গলো গৈ গৈ দেখিলোঁ নদীৰ পাৰত এটা সৰু জুপুৰি ঘৰ চাৰিওফালে প্ৰকাণ্ড প্ৰকাণ্ড গছ আৰু পাহাৰ এডাল ডাঙৰ গছৰ তলত বাবাজনে ধ্যানত বহি আছে।আমি বাবাজনৰ ধ্যানৰ পৰা উঠাৰ সময়লৈকে ৰাখিলোঁ কিছু সময়ৰ পিছত বাবাজনে চকু মেলি কি হৈছে বুলি সুধিলে, মই যোৱা দুটা ৰাতি ঘৰটোত কি কি ঘটিছিল সকলো কলো।
পিছত বাবাজনে চকু মুদি ধ্যানত গ'ল প্ৰায় ২০মিনিট চকু মেলি কলে, কেইবছৰমান আগতে এজনী ছোৱালী সেই ঘৰটোত আছিল এদিন হঠাতে তাই আত্মহত্যা কৰিছিল। তাৰ কেইমাহমানৰ পাছতেই ঘৰটোত যিমান মানুহ আহিছে দুদিনৰ ওপৰত তাই থাকিব দিয়া নাই। এতিয়া তুমি আহিছা।
তুমি সময় থাকোঁতেই মোৰ ওচৰলৈ আহি বহুত ভাল কাম কৰিছা।অলপ সময় ৰবা বুলি কয় তেওঁ অৰণ্যৰ পৰা ৩ঘন্টা মান মুৰত আহি এডাল গছৰ পুলি,অলপ পানী, এটা বৰালী মাছ, অলপ ছাই,কেইপাহ মান ফুল দি ক'লে এতিয়া মোৰ কথা শুনা চাৰি দিন পিছত পূৰ্ণিমা। সেইদিনা বেলি ডুবাৰ ঠিক পিছত ঘৰটোৰ ঠিক সন্মুখত গছপুলি ৰুই দিবা তাৰ পিছত ইয়াৰে অলপ পানী ঢালি দিবা আৰু অলপ ৰাখি থৈ দিবা, যেতিয়া আন্ধাৰ হ'ব তেতিয়া ঘৰটোৰ ভিতৰত এই ছাইখিনিৰে বৃত্ত এটা বনাই চাৰিওফালে মম জ্বলাই দিবা।এটা কথা মনত ৰাখিব মম পুৰি শেষ নহওঁতেই কামখিনি সম্পূৰ্ণ কৰিব লাগিব।সেই বৃত্তটোৰ পৰা কিন্তু বাহিৰ নহবা নহ'লে মাৰি পেলাব। মই এটা মন্ত্ৰ শিকাই দিম সেই মন্ত্ৰটোৰ দ্বাৰা তুমি আত্মাটোক মাতি আনি মুক্তি দিব পাৰিবা। আৰু পূৰ্ণিমা নহালৈকে তুমি ঘৰটোত খোজ নিদিবা।
বাবা‌জনৰ কথা মতে কাম কৰিলোঁ। এইকেইদিন মই অঞ্জলিৰ ঘৰতে থাকিলো। পূৰ্ণিমা ৰ পুৱা আমি কলেজৰ পৰা ক্লাছ কৰি সোনকালে আহি ঘৰটোৰ সন্মুখত বেলি ডুবাৰ অপেক্ষা কৰিলোঁ। লাহে লাহে বেলি ডুবিল বাবাই কোৱা মতে গছপুলিতো ৰুই অলপ পানী ঢালি দিলোঁ।খন্তেক পাছত আন্ধাৰ হ'ল তেতিয়া বাবাজনে কোৱা মতে ছাইখিনিৰে এটা বৃত্ত বনাই মম জ্বলাই মন্ত্ৰটো বাৰে বাৰে উচ্চাৰণ কৰিলোঁ, পিছত ঘৰটোৰ লাইট জ্বলা নুমুৱা কৰিলে বতাহ আহি গ্লাছ ভাঙিল,গছৰ শুকান পাত বোৰ ঘৰৰ ভিতৰত সোমালে। ইফালে সিফালে পায়েলৰ শব্দ, বতাহত মম নুমাই গ'ল আৰু জ্বলাই দিলোঁ। কান্দোনৰ শব্দ,ওখ মানুহৰ ছায়াৰ নিচিনা দেখা গ'ল।কিছু সময় এনেকৈয়ে থাকিল।তাৰ পিছত এজনী কম বয়সীয়া ছোৱালী বৃত্তটোৰ ওচৰত আহি থকা দেখিলোঁ। দীঘল কলা চুলি,বগা কাপোৰ কিন্তু লেতেৰা। যেতিয়া ওচৰ চাপি আহিল তেতিয়া দেখিলোঁ গলত ৰচীৰ চিন‌ অলপ তেজ ওলোৱা, চকুৰ মণিটো নাই। দেখি ভয় লাগিছিল যদিও সুধিলো কোন তুমি একো উত্তৰ দিয়া নাই আৰু সুধিলো নাই তাৰ পিছত বাবাই কোৱাৰ নিচিনাকৈ মাছটোৰ তেজ তাইৰ ওপৰত দলিয়াই দিলোঁ। আত্মাটোৰ খং উঠিল চিঞৰিব ধৰিলে, মোক মাতি কি কৰিছা।ভয় ভয়কে কলো খং নকৰিবা আমি নাজানো তুমি কিয় আত্মহত্যা কৰিছিলা জানো কিবা নিশ্চয় কাৰন আছে যাৰ বাবে তুমি তোমাৰ নিজৰ জীৱনটো ধংস কৰি দিছা আৰু সুধি তোমাক আৰু কষ্ট নিদিওঁ। তোমাক আমি মুক্ট দিয়াৰ কাৰনে এইবোৰ কৰিছোঁ মোৰ কথা শুনি আচৰিত ভাবে তাই শান্ত হ'ল অলপ তাইৰ গাত পানী ছটিয়াই দিলোঁ লগে লগে আত্মাটো নোহোৱা হৈ গ'ল লাইট আহিল বতাহ কমিল তাই আহি যত আছিল সেই ঠাইখিনিত বাবাই দিয়া ফুল কেইপাহ ছটিয়াই দিলোঁ সকলো normal হ'ল কিন্তু মই আৰু সেই ঘৰটোত নাথাকিলো।
======×××=======×××===================

কৰ্তব্য
(জ্যোতিস্মিতা বৰা)
(একাদশ শ্ৰেণী)



:- oh God,চকুৰে নেদেখ নেকি?ভালকৈ কাম এটাও কৰিব নোৱাৰ!ৰাস্তাত পৰি নাথাকি যে হোটেলখনত চাকৰ কৰিছ সেইয়াই বহুত। তহঁতৰ নিচিনা বোৰে শূণ্য ভিক্ষা পাত্ৰ লৈ ৰাস্তাত পৰি থাকিলেহে ভাল লাগে দেখিবলৈ।
:- বাইদেউ ক্ষমা কৰিব। মই জানি বুজি নাই পেলোৱা।
:- চুপ থাক এই অন্নন্যা কাকতিক চিনি পোৱা নাই।
   এইয়া হ'ল অন্নন্যা। এটা প্ৰাইভেট কোম্পানীত চাকৰি কৰে। অফিচত বহুত কাম । তাতে আজি সোমবাৰ , কাম কৰোঁতে কৰোঁতে সাত বাজিল । আহোঁতে চাহ একাপ খাবৰ মনৰে হোটেল এখনত সোমাল। হোটেলত কাম কৰা ল'ৰা এটাই চাহ কাপ দিবলৈ অানোতেই সামান্য পিছলি কাকতিৰ গাত পৰিল।কোন পলকত ১৮ বছৰীয়া ৰমেনৰ গালত কাকতিৰ হাত উঠিল কোনেও ধৰিবই নোৱাৰিলে। তাক চৰ শুধাই দুটামান বকনি মাৰি গাড়ীত উঠিল গৈ।
-   -   -    -   -
:- অ'ই সেউতী ভাত দে। মোৰ বৰ ভোক লাগিছে, আজি লাঞ্চ কৰা ন'হলেই ইমান কাম। হোটেল এখনত সোমালো ভিক্ষাৰী এটাই মূৰ গৰম কৰি পঠাইছে।
:- বাইদেউ চাহ দিছোঁ চাহ খাই লওক ভাত বনাওগৈ হে।
:- অথনিৰ পৰা কি কৰি আছিলি। ভাত বনাব নোৱাৰিলি! তহঁতৰ জাতটোৱে তেনেকুৱা।
:- মা তুমি সেউতী মাহীক কিয় এনেকৈ কৈছা? আনদিনা ইমান সময়ত ভাত নোখোৱাই চোন।
:- তই মাৰ নোখোৱাৰ আগতে ৰূমলৈ যা।
     কাপোৰ কানি সলাই অন্নন্যাই বেগটো বিচাৰিলে নাই। দুটামান অফিচৰ ফাইল আছিল। ক'তো নাই চোন!!। কি হ'ব এতিয়া তেওঁৰ মূৰত সৰগ ভাগি পৰিল।কি ক'ব অফিচত কাইলৈ!!!?।
-------------
:- ছাৰ কালি ফাইল কেইটা ঘৰত থাকি আহিল
:- নিজে থাকি নাহিলা, দ্বায়িত্ব বোলা বস্তুটো নাই নেকি...?
    এদিন দুদিন কৈ আজি চাৰিদিন পাৰ হল।
:- কি হ'ল ফাইল কেইটা সদাই পাহৰা যে ওলাই যোৱা কামৰ পৰা।
:- কিন্তু ছাৰ.....।
:- কোনো কিন্তু নাই এতিয়াই যোৱা ইয়াৰ পৰা। Get out....
    অফিচৰ পৰা ওলাই তেঁও বিষন্ন মনেৰে গাড়ীত উঠিল গৈ। আৰু বা কাম কত পাই....!!!
     বাটতে দেখিলে ৰমেনে তেওঁৰ গাড়ীখন ৰখাইছে।
:- কি হ'ল, তই যে মোক বাটত সদাই ৰখাবলৈ ৰৈ থাক। মোক কি অনুসৰণ কৰিছ নেকি?
:- নহয় বাইদেউ আপুনি যে সেইদিনা হোটেল ৰ পৰা খৰ খেদা কৈ ওলাই গৈছিল...
:- তাতে কি হ'ল আকৌ মূৰ গৰম কৰিবলৈ আহিলি।
:- নহয় বাইদেউ আপুনি বেগটো এৰি থৈ গ'ল হোটেলতে , এইটো লওক।
    তেওঁ দেখিলে হয় সেইটো বেগেই য'ত ফাইল কেইটা ৰখা হৈছিল। তেওঁ বেগটো তাৰ হাতৰ পৰা লওঁতে সৰ্ব শৰীৰ কঁপি উঠিল।
:- তই মোক ক্ষমা কৰিবি মই তোক বহুত বেয়া কৈ ক'লো। ল এই টকা দুহেজাৰ ৰাখ কিবা কিনি লবি।
:- নাই বাইদেউ নালাগে। আমি কাম কৰা মানুহ কাম কৰি খাম। আৰ্থিক অনাটনত পৰি হে পঢ়া আধাতে সামৰি হোটেলত কাম কৰিব লগা হৈছে।আপোনাৰ এই দুহেজাৰ টকাৰে মোৰ জীৱন সলনি নকৰে। পাপৰ ধন ক'ত হেৰাব গমেই নাপাম। এইয়া মোৰ মাথোঁ কৰ্তব্য আছিল, ইয়াক টকাৰে জুখিবলৈ চেষ্টা নকৰিব। আহিলোঁ এতিয়া , কাম আছে। আপোনাৰ উদ্দাত্ত কথাবোৰ মনত থাকিব.....!!
      কব নোৱাৰাকৈ অন্নন্যাৰ চকুৰে চকুলো নিগৰিছে। সঁচাকৈ পাপৰ ধন নেকি সেয়া...?? চকুপানী বোৰে আজি যাযাবৰী হৈ পাৰ ভাঙিছে....। বাৰিষাৰ বান আজি চকুলো হৈ নিগৰিছে। সময় সাক্ষী হৈ ৰৈছে। আনফালে ৰমেনৰ মুখত হাঁহি বিৰিঙিছে। অচিনাকি হাঁহি, অতদিনে যে লুকাই থকা এটি হাঁহি, আজি পোহৰৰ বাট বিচাৰি পালে। অন্নন্যাই বিচাৰিছে প্ৰশ্নোত্তৰ, হাজাৰ বুজা নুবুজা প্ৰশ্ন দুচকুত আজি দোলা দিছে। নাই তাই বাধা নিদিয়ে আজি এই বানক। কিমান চকুলো আছে কেঁচা মাটিৰ সুগন্ধত মিলি যাওক, ৰৈ যাওক সময়, এটা অচিন চিনাকি অভিজ্ঞতা । এইয়া চকুলো কিহৰ,....?? আনন্দৰ নে বিষাদৰ.......???!!!!
======×××=======×××=======

অন্তিম ফোন।




অ' আজিয়েই ঘৰত আলোচনা কৰিম এতিয়া ফোনটো ৰাখি দিয়া মই ঘৰ আহি পালোহি।দুৱাৰত ভৰি দিওঁতেই ভাইটিয়ে এগাল হাঁহিৰে মোৰ হাতত কিবা এটা দি থৈ দৌৰিলে।মইও আচৰিত হৈ বস্তুটো মেজতে ৰাখি সতেজ হ'বলৈ স্নানাগাৰলৈ গলো।উভতালৈ মনতে কিবা এটা খুচৰি আছিল কি হ'ব পাৰে নো??ঘৰখনো ইমান আলহীৰে ভৰা!বস্তুটো মেলি চালো *চিঠি এখন* ,পঢ়াৰ লগে লগে কলিজাৰ ধপ্‌ধপনি বাঢ়ি উঠিল।কিয়বা হ'ল এনেকুৱা আৰম্ভ নহওতেই শেষ হৈ গ'ল।

আলমিনা খাতুন
সাপটগ্ৰাম
৮০১১৭২০৫৩৩

======×××=======×××=======



■*এই সম্পৰ্কক কি নাম দিম*          






        ৰাঙলী সূৰুযে খক-মক কৈ সাৰ পাই মোৰ মন দুৱাৰত আহি কʼলে :- ঐ উঠ! বেলি দুপৰ হʼবৰে হʼল।বেলিটি লৈ চাই দেখিলোঁ :- সি কিবা ভাৱি আছে।
  :- ঐ বন্ধু!কি ভাৱি আছা।
  :- (মিচিকিয়া হাঁহি মাৰি মোৰ লৈ চাই কʼলে) Happy four year one side love anniversary.
    কিবা এটা যেন মনত পৰি গʼল। দৌৰি ভিতৰত গৈ বেৰত আঁৰি থোৱা কেলেণ্ডাৰ খন চালোঁ।হাতৰ আঙুলি কেলেণ্ডাৰখনৰ ১৮ ছেপ্টেম্বৰ২০২৩ চনৰ সোমবাৰ (ভাদ সংক্ৰান্তি) শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা।
  :- (হাঁহি মাৰি দুহাতে চুমা যাচি সূৰুয বন্ধুক কʼলো) অশেষ ধন্যবাদ।
  :- একো নাই বন্ধু।

          *ৰোমত থকা দিনৰ কথা* :-  

   ৰোমত থকা দিনবোৰ বহুত ভাল লগা আছিল। ভাল লগা দিনবোৰত কাৰোবাক ভাল লাগিছিল। মোৰ ভাল লগা বোৰ সদায় ভাল লগা হৈয়ে থাকিল। কাহিনীও প্ৰকাশ কৰিব পৰা নাছিলোঁ। তথাপিও কোনো আক্ষেপ নাই। আমাৰ মাজৰ চিনাকি বোৰে এটা বছৰ পাৰ কৰিলে।কৰোণা মহামাৰীত ঘৰমুখী উভতনি যাত্ৰা আৰম্ভ কৰিলোঁ। শেষ বাৰৰ বাবে তাইক হেঁপাহ পলুৱাই চাইছিলো। ঘৰলৈ আহিও তাই লৈ বহুত মনত পৰিছিল। যোগাযোগৰ মাধ্যম নথকা বাবে যোগাযোগ কৰিব পৰা নাছিলোঁ। কোনোবা খিনিত কান্দি উঠিছিলোঁ সংগোপনে। লাহে লাহে আৰম্ভ হʼল মহাবিদ্যালয় সমূহৰ নামভৰ্তি প্ৰক্ৰিয়া।তাইক হেৰুৱা ভয়ত ঘৰৰ মানুহৰ অজ্ঞানতে অনলাইন কৰিছিলোঁ তাই পঢ়িব লোৱা মহাবিদ্যালয়খনত।বাদ দিছিলোঁ নগাঁও অথবা গুৱাহাটীত পঢ়া সৰু কালৰ সপোনবোৰ। প্ৰথম তালিকাৰ শীৰ্ষ দহ নম্বৰত মোৰ নাম আহিছিল যদিও তাইৰ নাম অহা নাছিল। সম্ভাৱনা তালিকাৰ বাছনিত নাম আহিছিল। কিছু চিন্তাই আগুৰি ধৰিছিল। মহাবিদ্যালয়ৰ তালিকা ওলোৱা দিনাই তাইৰ ফোন নম্বৰ সংগ্ৰহ কৰিছিলোঁ। সদায়ে ভাৱো মেচেজ কৰিম। কিন্তু নোৱাৰোঁ।ভয়টোৱে দহি মাৰে।নানা চিন্তাই আগুৰি ধৰে।তাই বা কি বুলি ভাৱে,জানোছা বেয়াই পাই। এনেদৰে দিনবোৰ পাৰ হʼব ধৰিলে। এদিন বুকুত সাহস গোটাই ভয়ে ভয়ে মেচেজ দিলোঁ।
     Hii......     (কিছু সময় পাছত ৰিপ্লাই আহিল।)
  :- কোননো চিনি পোৱা নাই।
  :- পাহৰি গʼলা ন?
  :- অʼ পাইছোঁ। কুঞ্জ ন? মোৰ নম্বৰটো কʼত পালা।
  :- (সচাঁ কথা কৈ দিলোঁ) মহাবিদ্যালয়ৰ নামভৰ্তি তালিকা পৰা লৈছোঁ। পিছে বেয়া পালা নেকি?
  :- নাই।
  :- তোমাক চিনি পাওঁ বাবে নম্বৰটি লʼলো বেয়া নাপাবা।
    এনেদৰে কিছু সময় কথা পাতিলো।
  সেই দিনটো আজিও মনত আছে। আজিৰ দৰে বিশ্বকৰ্মা পূজাৰে দিন আছিল।
   লাহে লাহে কথা পতা আৰম্ভ হʼল। চিনাকি ঘাটৰ অচিনাকী পৰীক লগ পোৱা আজি চাৰি বছৰে হʼল। এনেদৰে যেন অনাগত দিনবোৰ পাৰ হয় আমাৰ ভাল লগা বোৰ। কোনো কালেই যেন আমাৰ মাজত চিনাকি বোৰ অচিনাকী হৈ নাযায়।ভালে থাকক একছত্ৰীয় ভালপোৱা। ভগৱানক এটাই বিচাৰোঁ ভালে থাকক মৰমৰ পৰী্, ভালে থাকক পানীপুৰী খাই ভালপোৱা ছোৱালীজনী, আগবাঢ়ি যাওঁক জীৱন বাটত। আমাৰ বন্ধুত্ব বোৰ আৰু বেছি সুদৃঢ় হওঁক তাৰে কামনা কৰিলোঁ

                         নাম :- শ্ৰী কুঞ্জ মোহন কাকতি।
                       দূৰভাষ :- ৮০১১৭৯৭৮৪৪
                       জিলা :- মৰিগাঁও (অসম)

======×××=======×××=======

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

সহযাত্ৰী তৃতীয় খণ্ড ঋতুপর্ণা ইংতিপি

 সহযাত্ৰী  (তৃতীয় খণ্ড)  ✍️ ঋতুপর্ণা ইংতিপি/মৰিগাঁও      গা-পা ধুই আজৰি হোৱা মানে তিনি বাজিলে।তাইৰ ভাগৰো  বহুত লাগিছে। গোটেই দেহটো অৱশ হৈ প...