Showing posts with label অনুভৱ. Show all posts
Showing posts with label অনুভৱ. Show all posts

Thursday, June 29, 2023

অনুভৱ:দেইজী কাৰ্খ বৰদলৈ

 অনুভৱ



অকলশৰীয়া মূহুৰ্তত তোমাক সোৱৰিবলৈ চিঠি এখনৰ বৰ প্ৰয়োজন অনুভৱ কৰোঁ। প্ৰেমৰ বৰষুণে তিয়াই পেলোৱা চিঠি এখনৰ মাদকতাই সুকীয়া। কিন্তু, বৰ যান্ত্ৰিক হৈ পৰিছো আমিবোৰ।হোৱাটচ্এপত হাই ,হেল্লো, আদি নিদ্দিষ্ট সময়ত কৰিব লাগে বাবেই এটা ফোন কৰি দিনটোৰ খতিয়ান লও ইজনে সিজনক। গতানুগতিক হৈ পৰিছে সকলো। কোনো যেন এক নতুনত্ব নাই। ১৫ মিনিটৰ বেছি কথা পাতিলেটো হয়তো আমাৰ মাজত কিবা প্ৰসংগ লৈ তৰ্ক হয় গৈ। ইমানেই অনুভূতি হীন হৈ পৰিছো নে আমি বোৰ। প্ৰেমৰ আলাপ নকৰি কিছুমান ভিত্তিহীন যুক্তিক লৈ মিছা তৰ্ক কৰোঁ। কিন্তু চিঠিতটো হয়তো তৰ্কৰ লৈ কোনো কথাই নাহে। যাৰ এটা এটা শব্দ লৈ আহিব মোৰ বাবে অযুত সপোনৰ টুকুৰা। হৃদয় উজাৰি লিখা তোমাৰ চিঠি বোৰ সযতনে লুকুৱাই ৰাখিম,মন গ'লেই উলিয়াই পঢ়িম আৰু তুমি তুমি অনুভৱত বুৰ গৈ নিজকে পাহৰি যাম। আমনি লগা নাইনে তোমাৰো??? অনুভৱৰ বিনিময় কৰি? সেয়ে কৈছোঁ ফোন নকৰিবা চোন,, চিঠি লিখিবা।।।।।।


দেইজী কাৰ্খ বৰদলৈ

Tuesday, March 28, 2023

প্ৰেমৰ অনুভৱ

 প্ৰেমৰ অনুভৱ




প্ৰেম........

সকলোৰে জীৱনতে প্ৰেম থাকে । প্ৰেমে জীৱনটো ৰঙীন কৰি তোলে । প্ৰেমে এখন হৃদয়ৰ পৰা আন এখন হৃদয়লৈ গতি কৰে ঠিক বোৱতী নদীখনৰ নিচিনাকৈ । প্ৰেমত দুখন হৃদয় এখন হয় । মৰম , ভালপোৱাবোৰ বৃদ্ধি হয় । প্ৰেম এক স্বৰ্গীয় অনুভূতি । যিয়ে নামানে ধৰ্মীয় ৰীতি - নীতি । সুবিধা পালেই থিতাপি লয় দুখত উকা হৃদয়ত আৰু গঢ়ি তোলে ভালপোৱাৰ এনাজৰী ।  সকলোৰে হৃদয়ত প্ৰেম বিস্তাৰিত হৈ থাকে । প্ৰেম মানেই প্ৰাপ্তি নহয় । প্ৰাপ্তিতো সফলতাৰ আঁৰত থাকে । প্ৰেম কেৱল এটা ল'ৰা বা এজনী ছোৱালীৰ লগত হ'ব নোৱাৰে । দৰাচলতে প্ৰেম সকলোৰে লগত হয় । এই যে আমি মা - দেউতা , ভণ্টি -ভাইটি , দাদা - বাইদেউ তেওঁলোককো ভালপাওঁ তাৰ মাজতেই জানো প্ৰেম নিহিত হৈ থকা নাই ? প্ৰেমে জীৱনটো অধিক সুখৰ কৰি তোলাৰ বিপৰীতে দুখৰো সৃষ্টি কৰিব পাৰে । প্ৰেম , ভালপোৱা , আপোন মানেই প্ৰাপ্তি নহয় । আপোন মানে প্ৰাপ্তি হোৱা হ'লে ৰাধাই শ্ৰীকৃষ্ণক পালে হেতেঁন । প্ৰেম কৰিলেই নহ'ব যদিহে প্ৰেমৰ ওপৰত বিশ্বাস নাথাকে । সকলোৰে সম্পৰ্কৰে বিচ্ছেদ নঘটে । আঁতৰত থকাৰ পাছতো প্ৰিয়জনৰ ভালৰ বাবেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰাতো জানো প্ৰেম নহয় ?  আজীৱন লগত থাকিম বুলি কৈ আঁতৰি যোৱাৰ পাছত Domino's অপেক্ষা কৰাই জানো প্ৰেম নহয় ?  প্ৰেমত সৰু - ডাঙৰ নাথাকে । প্ৰেমে মাথোঁ বৈ যাব জানে দূৰ সমুদ্ৰলৈ । হাজাৰ বাধা নেওঁচি উজ্বলি ৰ'ব বিচাৰে সকলোৰে হৃদয়ত । প্ৰেমৰ ৰাগীবিধো সুকীয়া । প্ৰেমত ভাললগাবোৰ ভালপোৱা হ'ব ধৰে । ভালপোৱাবোৰো আকৌ নানা কাৰণত হেৰাই যাব বিচাৰে আৰু প্ৰিয়জনে অলপো গুৰুত্ব নিদিয়ে বুলি জানিও হৃদয়ে কেৱল তেওঁলৈ অপেক্ষা কৰিব বিচাৰে । কি যে আচৰিত এই প্ৰেমৰ বাউলী বতাহচাটি ।প্ৰেমত পোৱা - নোপোৱাৰ হিচাপ নাই । কিন্তু যাক আপোন বুলি ভবা হয় তেওঁক/তাইক হেৰুৱাবলৈ ভয় হয় । হয়তো এইয়াই নিশ্চয় প্ৰেম । প্ৰেমৰ ৰাগী মহান । গোলাপ , মদাৰ ,  পলাশ ইত্যাদিয়েও দিয়ে প্ৰেমৰ সুকীয়া মাদকতা । প্ৰেমত পৰা সকলে ফৰকাল আকাশতো ডাৱৰৰ ৰহণ সানে । গোলাপৰ পাপৰিতো প্ৰেমৰ সপোন ৰচে । আবেলিৰ অস্তমিত সময়ত বৰলুইতৰ বালিচৰতো যেন ঘৰমুৱা টিপচীকেইজনীয়ে প্ৰেমৰ উমান দিয়ে । ক'ত যে কিমান কল্পনা । প্ৰেমৰ ৰাগীত মত্ত এই সমগ্ৰ সত্ত্বা । সকলো ব্যৰ্থ প্ৰেমৰ অবিহনে কিয়নো প্ৰেম কৰা নাযায় । সকলোৰে অলিখিতে অগোচৰে প্ৰেম হৈ যায় ।




          কাকলি দত্ত ।

                দশম শ্ৰেণী

                   ধেমাজি(মাছখোৱা)

Tuesday, February 07, 2023

বৰষা:কাকলি দত্ত

 ৰষা



ৰষুণত তিতি ভালপোৱা ন ? মই সমীৰক সুধিছিলো ।বৰষুণৰ বতৰত খোজ কাঢ়ি ভাল লাগে । অৱশ্যে কথাটো মোৰ ক্ষেত্ৰতে হয় । ৰাতি অহা বৰষুণজাক বৰ ভাল লাগে কাৰণ সেই বৰষুণজাকত তিতি কান্দি থাকিলেও মোক কোনেও চিনিব নোৱাৰে । বৰষুণৰ টোপালবোৰে যেন ধুই নিয়ে আমাৰ সকলো দুখ - বেদনা , যন্ত্ৰণা ,  অৱসাদ সকলো । চাৰ্লি চেপলিনে কোৱা কথাষাৰৰ লগত মই কিন্তু সন্মত । আবতৰীয়া বৰষুণ হ'লেতো আৰু ভাল লাগে । আবতৰীয়া বৰষুণজাকে কৈ যায় পৃথিৱীখন সজীৱ হৈ থকাৰ কথা । প্ৰকৃতিৰ কথা , মুক্ত মনে উৰি ফুৰা চৰাইবোৰৰ কথা । সমীৰে সদায় কোৱাৰ দৰে আজিও কথাবোৰ এজন সাহিত্যিকৰ দৰে কৈ গ'ল ।

       সমীৰে কথা ক'লে মই মন দি অকল শুনি থাকো । মই নিজৰ মনৰ কথাও পাহৰি যাওঁ ।  সমীৰে বৰষুণৰ প্ৰেমত  ইমান গভীৰকৈ কেতিয়ানো পৰিলে একেলগে ডাঙৰ হৈয়ো গম নাপালো । এদিন সমীৰক সুধিছিলো - তুমি কবিতাও লিখা নেকি ? তোমাৰ কথাবোৰ আজি - কালি কবিতা কবিতা লগা হৈছে ।

: মই কবিতা পঢ়িহে ভালপাওঁ । তোমাৰ কবিতাবোৰ পঢ়ি ভাল লাগে ।

: মোৰ প্ৰকাশ নোহোৱা কবিতাবোৰ ?

: ওঁ ।

: মোৰ কবিতাৰ একো অৰ্থ নাই । মোৰ কবিতাৰ এটাই বিষয় মোক ভাল নোপোৱা এজন ল'ৰা আৰু মই । 

বৰষুণপ্ৰেমী ল'ৰাজনৰ দৰেই প্ৰাকৃতিক দৃশ্য মনোৰম হৈ উঠিছিল । সমীৰ নামটো কিন্তু ল'ৰাজনৰ লগত খাপ খায় যায় । কেতিয়াবা সুধিবলৈ মন যায় সেই সমীৰ নামটো বা কোনে দিলে ? যিয়ে দিছিল তেওঁক কিন্তু মানিব লাগিব ।

বৰষুণত তিতি মইও ভালপোৱা হ'লো । বৰষুণৰ দৰে মই এদিন সমীৰকো ভাল পাই পেলালো । এজাক বৰষুণ আৰু গছ - গছনিৰ প্ৰেমৰ দৰেই কিন্তু মনৰ কথাটো অব্যক্ত হৈয়ে ৰ'ল 

: আজি এটা গল্প পঢ়িলো । ভাল লাগিল । ৰাজেন চক্ৰৱতীৰ 

"চকুলোৰ মিনতি" পুৰণা বিস্ময় এখনত । গল্পটোত এজনী ছোৱালী আৰু এজন ল'ৰাৰ অব্যক্ত প্ৰেম কিদৰে গোটেই জীৱনৰ বাবে অব্যক্ত হৈ ৰ'ল সেইয়া ভালদৰে প্ৰকাশিত হৈছে । এদিন মোক সমীৰে ক'লে ।

মই অলপ চিন্তিত হ'লো । মোৰ এনেকুৱা ভাব হ'ল যেন মোৰ বুকুৰ গোপন কথাবোৰ ৰাজেন চক্ৰৱতীৰ চকুলোৰ মিনতিৰ দৰেই এক ট্ৰেজিক পৰিণতি পাব ।

মই ক'লো : অকল পঢ়া আৰু পঢ়া । পঢ়াৰ কথা বাদ দি বৰষুণৰ কথা কোৱানো । মই জানো বৰষুণৰ কথা ক'লে সমীৰক বৰ ধুনীয়া দেখি । চকু দুটা তৰাৰ দৰে তিৰবিৰাই উঠে , অজান উন্মাদনাত মোৰ বুকুখনি যেন উৰি ফুৰে.........

: নাই , বৰষুণ মই সদায় ভালপাওঁ ।বৰষুণৰ গোন্ধই আমাক মানুহ ভালপাবলৈ কয় , প্ৰকৃতিপ্ৰেমী হ'বলৈ কয় । সমীৰৰ মিঠা মিঠা কথাবোৰৰ মই  এগৰাকী শ্ৰোতা । গোটেই জীৱন যেন শুনিয়েই থাকিম , শুনিয়েই থাকিম । সময় সচাঁকৈয়ে বৰ নিষ্ঠুৰ , এতিয়াহে বুজিছো । দিনবোৰ ইমান সোনকালে পাৰ হৈ গুচি গ'ল । মই সমীৰৰ কথাবোৰ শুনিয়েই থাকিলো কোনো দিন মনৰ কথাবোৰ ক'ব নোৱাৰিলো । সমীৰ এতিয়া ব্যস্ত নগৰীৰ বাসিন্দা । গাঁৱতে ডাঙৰ হোৱা সমীৰে মুকলি মূৰীয়া হোৱাত মহানগৰৰ পকী দেৱালবোৰে হয়তো বাধা দিছে । সি জানো বৰষুণত তিতিব পাৰিছে । সি জানো কাৰোবাক পাইছে বৰষুণ আৰু প্ৰেমৰ কথাবোৰ ক'বলৈ । বৰষুণৰ গোন্ধই জানো তাত শিকায় মানুহক ভাল পাবলৈ , পৃথিৱীক আপোন বুলি ভাবিবলৈ । মোৰ মনত বেদনাৰ ধুমুহা বলিছে । সমীৰৰ বাবে । আমাৰ শৈশৱ , কৈশোৰ বহু দূৰলৈ আতঁৰি গ'ল । কিন্তু সমীৰ নামটো আজিও মোৰ বুকুত খোদিত হৈ আছে । মই ভাবো কিছুমান কথা নকলেও বুজা যায় । মনতো এটা সংযোগ থাকে । মুখেৰে ক'লেহে জানো কথাবোৰ বুজি পায় মানুহে ? মোৰ সুখ দুখৰ সংগ দিয়া সমীৰেও নিশ্চয় বুজি পাইছিল মোৰ মনৰ অব্যক্ত ভাষা । আমাৰ মনেওটো কথা কয় । আজি বুকুখনে বৰকৈ কান্দিছে ।

     বাহিৰত এজাক আবতৰীয়া বৰষুণ । মই ওলাই গ'লো । বৰষুণৰ টোপালবোৰৰ বাবে মই নিজে ধৰিব পৰা নাই মোৰ চকু পানী ওলাইছে নাই । সমীৰে কোৱা কথাষাৰ মনলৈ আহিছে 'ৰাতি অহা  বৰষুণজাক মই বৰ ভালপাওঁ কাৰণ মই বৰষুণজাকত তিতি কান্দি থাকিলেও মোক কোনেও চিনিব নোৱাৰে' ।



         ✍️কাকলি দত্ত ।

         দশম শ্ৰেণী

    ধেমাজি (মাছখোৱা ) ।

একপক্ষীয় ভালপোৱা:কাকলি দত্ত ।

🔴কপক্ষীয় ভালপোৱা 



মোৰ একপক্ষীয় প্ৰেমিকজন এতিয়া মোৰ হোৱাটছএপৰ বন্ধুৰ তালিকাত আছে । তেওঁ এই মূহুৰ্তত অনলাইন আছে । প্ৰথম চিনাকি হোৱাৰ দিনবোৰ ..........

তেওঁৰ এটি এটি মেছেজত পালো ৰাতিৰ ৰাতিটো.......... সপোন ৰচা ক্ষণবোৰ.......... মনত আছে আজিও...... । এতিয়াও মাজে - সময়ে তেওঁ মোক হাই হেল্ল কয়.......তেওঁৰ মেছেজবোৰ দেখিলেই অভিমানে  ডিঙিৰ গুৰিত আহি খোপনি লয় । হিয়া উজাৰি ভালপাইছিলো , মোৰ উকা হৃদয়ত তেওঁৰ নাম লিখিছিলো । তেওঁৰ এটা মেছেজৰ বাবে ৰৈ ৰৈ প্ৰাতঃৰ পৰা অপৰাহ্ন কৰিলোঁ । কিন্তু তেওঁৰ পৰা এটি সহাঁৰিও নাপালো.......। মাত এষাৰ নোপোৱাকৈ মই তেওঁক লৈ ঘৰ সজাৰ সপোন দেখিলো....কিন্তু তেওঁ মোৰ প্ৰত্যাশাক মোহাৰি হেৰাই গ'ল.........নাই নাই .........বহু দিন নাই । আৰু আজি তেওঁ প্ৰেয়সীৰ সৈতে মোৰ পদূলীত ভুমুকি মাৰিছে । মোৰ একপক্ষীয় প্ৰেমিকজন মোৰ হোৱাটছএপৰ বন্ধুৰ তালিকাত আছে কিন্তু তেওঁ যদি দুনাই মেছেজ কৰে মই কাহানিও আৰু উত্তৰ নিদিওঁ । তেওঁৰ মেছেজ আহিলে মোৰ ম'বাইলটোৱে নহয় হৃদয়খনো কম্পমান হয় , অভিমানে বুকুত থিতাপি লয় ।  যাৰ এটা মেছেজৰ বাবে মই এটি এটি দিন শেষ কৰিলো................ তেওঁ এতিয়া প্ৰেয়সীক লৈ মোক কিয় বাৰে বাৰে মাতিব আহে ?

তেওঁ মোৰ একপক্ষীয় প্ৰেমিক........

হোৱাটছএপত আজিও আছে তেওঁ । কিয় সহাঁৰি দিম মই সেই "হাই" , "হেল্ল"বোৰৰ । মই বাৰু "মই" হয়েই থাকিলো..... কিন্তু তেওঁ "তেওঁ" হৈ থকা নাই । বহুত সলনি হ'ল ।




       ✍️কাকলি দত্ত ।

           দশম শ্ৰেণী

        ধেমাজি(মাছখোৱা) 

সংলাপ

 সংলাপ-৩ 

                                               ✍️লক্ষীন্দ্ৰ জুমন গগৈ

                                                     ঢকুৱাখনা


:-অ প্ৰিয়তমা তোমাক দেখোন আজি-কালি অলপ বেছি ধুনীয়া লগা হৈছে ।


:-হয় নেকি ? হা: হা:...


:-ভাল লাগে তোমাক ।


:-অহ্.....। হয়তো ভাল লগাৰ বাবেই ধুনীয়া লাগিছে ।


:-প্ৰিয়তমা কথাবোৰ ঠিক তেনেকুৱা নহয় !


:-তেন্তে কেনেকুৱা নিবিড় ?


:-মোৰ চাগৈ এইবোৰ ভাল লগা নহয় ।


:-ভাল লগা নহয় মানে ? তুমি কি কব বিচাৰিছা ?


:-মই ভাবো এয়া ভালপোৱাহে ।


:-নিবিড় কি কৈছা এইবোৰ । এয়া কেতিয়াও সম্ভৱ হ'ব নোৱাৰে......


:-শুনা প্ৰিয়তমা.......  এইবোৰ কেতিয়া কেনেকৈ হৈ গ'ল মই একো ধৰিবই নোৱাৰিলোঁ । আজি কিছুদিনৰ পৰা কম বুলি ভাবি থকা কথাটো আজি কৈ দিলোঁ । পিছে তুমি বেয়া নাপাবা দেই প্ৰিয়তমা ।


:-মোৰো তোমাক ভাল লাগে নিবিড় । কিন্তু নিবিড় ভাল লগা আৰু ভালপোৱাৰ মাজত বহুত পাৰ্থক্য আছে ।


:-পাৰ্থক্য....! কি পাৰ্থক্যৰ কথা কৈছা প্ৰিয়তমা ?


:-নিবিড়...... ভাল পোৱাত বিচ্ছেদৰ সুবিধা থাকে । কিন্তু ভাল লগাবোৰ এজনে আনজনৰ সঁহাৰি নোলোৱাকৈও আজীৱন ভাল লগা কৰি ৰাখিব পাৰি ।


:-বুজিছোঁ প্ৰিয়তমা । কিন্তু...........


:-কোনো কিন্তু নাই নিবিড় । ভাল লগা আৰু বন্ধুত্ব ঠিক একেই । গতিকে নিবিড় তুমি যদি বিচাৰা


______________________________________________


সংলাপ―৪

                ✍️লক্ষীন্দ্ৰ জুমন গগৈ


:-আপোন পৰীজনীৰ ওপজা দিনত হৃদয়ৰ মৰম যাচিলোঁ ।


:-ধন্যবাদ মৰম ।


:-এইয়া লোৱা...।


:-কিনো মৰম ? অহ্ উপহাৰ দেখোন । এইবোৰনো কিয় দিব লাগে ?এইবোৰ লৈ যাবলৈ মোৰ লাজ হে লাগে দেখোন ।


:-তথাপি বিশেষ দিনত বিশেষ মানুহজনীক কিবা এটা দিব নাপালে মোৰ জানো ভাল লাগিব !


:-ইছ..... হ'ব দিয়া । তোমাৰ মৰমবোৰ দেখোন মোৰেই । বেলেগকৈ আকৌ উপহাৰনো কিয় লাগে ।


:-হ'ব দিয়া । পিছে আজিৰ পৰিকল্পনা কি ?


:-বিশেষ একো নাই । আপোন মানুহজনৰ লগত দিনটো কটাব পালেই হ'ল আৰু !


:-হয় নেকি ; বলা নহ'লে আজি অলপ ফুৰি আহোঁ ।


:-ঠিক আছে । মন্দিৰলৈয়ে যাম নহ'লে ।


:-পিছে মৰম আজি তোমাক তোমাৰ মেখেলা-চাদৰ যোৰ সৈতে অপেশ্বৰী যেন লাগিছে ।


:- উস হ'ব হ'ব আৰু লাজ দিব নালাগে..........


:-সঁচাকৈ কৈছোঁ মৰম । তুমি যদি কেতিয়াবা মোক এৰি যোৱা তেতিয়া হয়তো মই আৰু এই পৃথিৱীত নাথাকিম ।


:-মৰম..... , কিয়নো তুমি বজৰুৱা কথা কৈ মোৰ বিশেষ দিনটোত দুখ দিব বিচাৰিছা ।


:-দুখ দিবলৈ মোৰ মন নাই । কিন্তু মৰম কেতিয়াবা মোৰ বৰ ভয় লাগে ।


:-এটা কথা কওঁ শুনা মৰম– মোৰ দেহৰ তপত ৰক্তত কেৱল তোমাৰ নাম জড়িত আছে আৰু তুমিতো জানাই ৰক্তৰ অবিহনে শৰীৰ অচল । গতিকে যিদিনা লৈকে মোৰ প্ৰাণ বায়ু থাকিব, সেইদিনাৰ লৈকে মোৰ দেহত কেৱল তুমি নামৰ ৰক্ত প্ৰবাহিত হ'ব ।


:-মৰম তুমি সঁচাই বহুত ভাল । ময়ো আজি তোমাক কথা দিছোঁ মৰম– অনামিকা আঙুলি যিদিনা মোৰ ৰঙচুৱা হ'ব,সেইদিনা তোমাৰ শিৰতেই সেন্দুৰ আঁকিব ।।

Friday, January 27, 2023

একপক্ষীয় ভালপোৱা,

🔴একপক্ষীয় ভালপোৱা 

মোৰ একপক্ষীয় প্ৰেমিকজন এতিয়া মোৰ হোৱাটছএপৰ বন্ধুৰ তালিকাত আছে । তেওঁ এই মূহুৰ্তত অনলাইন আছে । প্ৰথম চিনাকি হোৱাৰ দিনবোৰ ..........

তেওঁৰ এটি এটি মেছেজত পালো ৰাতিৰ ৰাতিটো..........

 সপোন ৰচা ক্ষণবোৰ..........

 মনত আছে আজিও...... । 

এতিয়াও মাজে - সময়ে তেওঁ মোক হাই হেল্ল কয়.......

তেওঁৰ মেছেজবোৰ দেখিলেই অভিমানে  ডিঙিৰ গুৰিত আহি খোপনি লয় । 

হিয়া উজাৰি ভালপাইছিলো , 

মোৰ উকা হৃদয়ত তেওঁৰ নাম লিখিছিলো । 

তেওঁৰ এটা মেছেজৰ বাবে ৰৈ ৰৈ প্ৰাতঃৰ পৰা অপৰাহ্ন কৰিলোঁ । কিন্তু তেওঁৰ পৰা এটি সহাঁৰিও নাপালো.......।

 মাত এষাৰ নোপোৱাকৈ মই তেওঁক লৈ ঘৰ সজাৰ সপোন দেখিলো....কিন্তু তেওঁ মোৰ প্ৰত্যাশাক মোহাৰি হেৰাই গ'ল.........নাই নাই .........বহু দিন নাই । 

আৰু আজি তেওঁ প্ৰেয়সীৰ সৈতে মোৰ পদূলীত ভুমুকি মাৰিছে । মোৰ একপক্ষীয় প্ৰেমিকজন মোৰ হোৱাটছএপৰ বন্ধুৰ তালিকাত আছে কিন্তু তেওঁ যদি দুনাই মেছেজ কৰে মই কাহানিও আৰু উত্তৰ নিদিওঁ ।

 তেওঁৰ মেছেজ আহিলে মোৰ ম'বাইলটোৱে নহয় হৃদয়খনো কম্পমান হয় , অভিমানে বুকুত থিতাপি লয় ।

  যাৰ এটা মেছেজৰ বাবে মই এটি এটি দিন শেষ কৰিলো................ তেওঁ এতিয়া প্ৰেয়সীক লৈ মোক কিয় বাৰে বাৰে মাতিব আহে ?

তেওঁ মোৰ একপক্ষীয় প্ৰেমিক........

হোৱাটছএপত আজিও আছে তেওঁ । কিয় সহাঁৰি দিম মই সেই "হাই" , "হেল্ল"বোৰৰ । মই বাৰু "মই" হয়েই থাকিলো..... কিন্তু তেওঁ "তেওঁ" হৈ থকা নাই । বহুত সলনি হ'ল ।


       ✍️কাকলি দত্ত ।

           দশম শ্ৰেণী

        ধেমাজি(মাছখোৱা) 

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...