বৰষা
বৰষুণত তিতি ভালপোৱা ন ? মই সমীৰক সুধিছিলো ।বৰষুণৰ বতৰত খোজ কাঢ়ি ভাল লাগে । অৱশ্যে কথাটো মোৰ ক্ষেত্ৰতে হয় । ৰাতি অহা বৰষুণজাক বৰ ভাল লাগে কাৰণ সেই বৰষুণজাকত তিতি কান্দি থাকিলেও মোক কোনেও চিনিব নোৱাৰে । বৰষুণৰ টোপালবোৰে যেন ধুই নিয়ে আমাৰ সকলো দুখ - বেদনা , যন্ত্ৰণা , অৱসাদ সকলো । চাৰ্লি চেপলিনে কোৱা কথাষাৰৰ লগত মই কিন্তু সন্মত । আবতৰীয়া বৰষুণ হ'লেতো আৰু ভাল লাগে । আবতৰীয়া বৰষুণজাকে কৈ যায় পৃথিৱীখন সজীৱ হৈ থকাৰ কথা । প্ৰকৃতিৰ কথা , মুক্ত মনে উৰি ফুৰা চৰাইবোৰৰ কথা । সমীৰে সদায় কোৱাৰ দৰে আজিও কথাবোৰ এজন সাহিত্যিকৰ দৰে কৈ গ'ল ।
সমীৰে কথা ক'লে মই মন দি অকল শুনি থাকো । মই নিজৰ মনৰ কথাও পাহৰি যাওঁ । সমীৰে বৰষুণৰ প্ৰেমত ইমান গভীৰকৈ কেতিয়ানো পৰিলে একেলগে ডাঙৰ হৈয়ো গম নাপালো । এদিন সমীৰক সুধিছিলো - তুমি কবিতাও লিখা নেকি ? তোমাৰ কথাবোৰ আজি - কালি কবিতা কবিতা লগা হৈছে ।
: মই কবিতা পঢ়িহে ভালপাওঁ । তোমাৰ কবিতাবোৰ পঢ়ি ভাল লাগে ।
: মোৰ প্ৰকাশ নোহোৱা কবিতাবোৰ ?
: ওঁ ।
: মোৰ কবিতাৰ একো অৰ্থ নাই । মোৰ কবিতাৰ এটাই বিষয় মোক ভাল নোপোৱা এজন ল'ৰা আৰু মই ।
বৰষুণপ্ৰেমী ল'ৰাজনৰ দৰেই প্ৰাকৃতিক দৃশ্য মনোৰম হৈ উঠিছিল । সমীৰ নামটো কিন্তু ল'ৰাজনৰ লগত খাপ খায় যায় । কেতিয়াবা সুধিবলৈ মন যায় সেই সমীৰ নামটো বা কোনে দিলে ? যিয়ে দিছিল তেওঁক কিন্তু মানিব লাগিব ।
বৰষুণত তিতি মইও ভালপোৱা হ'লো । বৰষুণৰ দৰে মই এদিন সমীৰকো ভাল পাই পেলালো । এজাক বৰষুণ আৰু গছ - গছনিৰ প্ৰেমৰ দৰেই কিন্তু মনৰ কথাটো অব্যক্ত হৈয়ে ৰ'ল
: আজি এটা গল্প পঢ়িলো । ভাল লাগিল । ৰাজেন চক্ৰৱতীৰ
"চকুলোৰ মিনতি" পুৰণা বিস্ময় এখনত । গল্পটোত এজনী ছোৱালী আৰু এজন ল'ৰাৰ অব্যক্ত প্ৰেম কিদৰে গোটেই জীৱনৰ বাবে অব্যক্ত হৈ ৰ'ল সেইয়া ভালদৰে প্ৰকাশিত হৈছে । এদিন মোক সমীৰে ক'লে ।
মই অলপ চিন্তিত হ'লো । মোৰ এনেকুৱা ভাব হ'ল যেন মোৰ বুকুৰ গোপন কথাবোৰ ৰাজেন চক্ৰৱতীৰ চকুলোৰ মিনতিৰ দৰেই এক ট্ৰেজিক পৰিণতি পাব ।
মই ক'লো : অকল পঢ়া আৰু পঢ়া । পঢ়াৰ কথা বাদ দি বৰষুণৰ কথা কোৱানো । মই জানো বৰষুণৰ কথা ক'লে সমীৰক বৰ ধুনীয়া দেখি । চকু দুটা তৰাৰ দৰে তিৰবিৰাই উঠে , অজান উন্মাদনাত মোৰ বুকুখনি যেন উৰি ফুৰে.........
: নাই , বৰষুণ মই সদায় ভালপাওঁ ।বৰষুণৰ গোন্ধই আমাক মানুহ ভালপাবলৈ কয় , প্ৰকৃতিপ্ৰেমী হ'বলৈ কয় । সমীৰৰ মিঠা মিঠা কথাবোৰৰ মই এগৰাকী শ্ৰোতা । গোটেই জীৱন যেন শুনিয়েই থাকিম , শুনিয়েই থাকিম । সময় সচাঁকৈয়ে বৰ নিষ্ঠুৰ , এতিয়াহে বুজিছো । দিনবোৰ ইমান সোনকালে পাৰ হৈ গুচি গ'ল । মই সমীৰৰ কথাবোৰ শুনিয়েই থাকিলো কোনো দিন মনৰ কথাবোৰ ক'ব নোৱাৰিলো । সমীৰ এতিয়া ব্যস্ত নগৰীৰ বাসিন্দা । গাঁৱতে ডাঙৰ হোৱা সমীৰে মুকলি মূৰীয়া হোৱাত মহানগৰৰ পকী দেৱালবোৰে হয়তো বাধা দিছে । সি জানো বৰষুণত তিতিব পাৰিছে । সি জানো কাৰোবাক পাইছে বৰষুণ আৰু প্ৰেমৰ কথাবোৰ ক'বলৈ । বৰষুণৰ গোন্ধই জানো তাত শিকায় মানুহক ভাল পাবলৈ , পৃথিৱীক আপোন বুলি ভাবিবলৈ । মোৰ মনত বেদনাৰ ধুমুহা বলিছে । সমীৰৰ বাবে । আমাৰ শৈশৱ , কৈশোৰ বহু দূৰলৈ আতঁৰি গ'ল । কিন্তু সমীৰ নামটো আজিও মোৰ বুকুত খোদিত হৈ আছে । মই ভাবো কিছুমান কথা নকলেও বুজা যায় । মনতো এটা সংযোগ থাকে । মুখেৰে ক'লেহে জানো কথাবোৰ বুজি পায় মানুহে ? মোৰ সুখ দুখৰ সংগ দিয়া সমীৰেও নিশ্চয় বুজি পাইছিল মোৰ মনৰ অব্যক্ত ভাষা । আমাৰ মনেওটো কথা কয় । আজি বুকুখনে বৰকৈ কান্দিছে ।
বাহিৰত এজাক আবতৰীয়া বৰষুণ । মই ওলাই গ'লো । বৰষুণৰ টোপালবোৰৰ বাবে মই নিজে ধৰিব পৰা নাই মোৰ চকু পানী ওলাইছে নাই । সমীৰে কোৱা কথাষাৰ মনলৈ আহিছে 'ৰাতি অহা বৰষুণজাক মই বৰ ভালপাওঁ কাৰণ মই বৰষুণজাকত তিতি কান্দি থাকিলেও মোক কোনেও চিনিব নোৱাৰে' ।
✍️কাকলি দত্ত ।
দশম শ্ৰেণী
ধেমাজি (মাছখোৱা ) ।
No comments:
Post a Comment