Showing posts with label কাকলি দত্ত. Show all posts
Showing posts with label কাকলি দত্ত. Show all posts

Tuesday, March 28, 2023

প্ৰেমৰ অনুভৱ

 প্ৰেমৰ অনুভৱ




প্ৰেম........

সকলোৰে জীৱনতে প্ৰেম থাকে । প্ৰেমে জীৱনটো ৰঙীন কৰি তোলে । প্ৰেমে এখন হৃদয়ৰ পৰা আন এখন হৃদয়লৈ গতি কৰে ঠিক বোৱতী নদীখনৰ নিচিনাকৈ । প্ৰেমত দুখন হৃদয় এখন হয় । মৰম , ভালপোৱাবোৰ বৃদ্ধি হয় । প্ৰেম এক স্বৰ্গীয় অনুভূতি । যিয়ে নামানে ধৰ্মীয় ৰীতি - নীতি । সুবিধা পালেই থিতাপি লয় দুখত উকা হৃদয়ত আৰু গঢ়ি তোলে ভালপোৱাৰ এনাজৰী ।  সকলোৰে হৃদয়ত প্ৰেম বিস্তাৰিত হৈ থাকে । প্ৰেম মানেই প্ৰাপ্তি নহয় । প্ৰাপ্তিতো সফলতাৰ আঁৰত থাকে । প্ৰেম কেৱল এটা ল'ৰা বা এজনী ছোৱালীৰ লগত হ'ব নোৱাৰে । দৰাচলতে প্ৰেম সকলোৰে লগত হয় । এই যে আমি মা - দেউতা , ভণ্টি -ভাইটি , দাদা - বাইদেউ তেওঁলোককো ভালপাওঁ তাৰ মাজতেই জানো প্ৰেম নিহিত হৈ থকা নাই ? প্ৰেমে জীৱনটো অধিক সুখৰ কৰি তোলাৰ বিপৰীতে দুখৰো সৃষ্টি কৰিব পাৰে । প্ৰেম , ভালপোৱা , আপোন মানেই প্ৰাপ্তি নহয় । আপোন মানে প্ৰাপ্তি হোৱা হ'লে ৰাধাই শ্ৰীকৃষ্ণক পালে হেতেঁন । প্ৰেম কৰিলেই নহ'ব যদিহে প্ৰেমৰ ওপৰত বিশ্বাস নাথাকে । সকলোৰে সম্পৰ্কৰে বিচ্ছেদ নঘটে । আঁতৰত থকাৰ পাছতো প্ৰিয়জনৰ ভালৰ বাবেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰাতো জানো প্ৰেম নহয় ?  আজীৱন লগত থাকিম বুলি কৈ আঁতৰি যোৱাৰ পাছত Domino's অপেক্ষা কৰাই জানো প্ৰেম নহয় ?  প্ৰেমত সৰু - ডাঙৰ নাথাকে । প্ৰেমে মাথোঁ বৈ যাব জানে দূৰ সমুদ্ৰলৈ । হাজাৰ বাধা নেওঁচি উজ্বলি ৰ'ব বিচাৰে সকলোৰে হৃদয়ত । প্ৰেমৰ ৰাগীবিধো সুকীয়া । প্ৰেমত ভাললগাবোৰ ভালপোৱা হ'ব ধৰে । ভালপোৱাবোৰো আকৌ নানা কাৰণত হেৰাই যাব বিচাৰে আৰু প্ৰিয়জনে অলপো গুৰুত্ব নিদিয়ে বুলি জানিও হৃদয়ে কেৱল তেওঁলৈ অপেক্ষা কৰিব বিচাৰে । কি যে আচৰিত এই প্ৰেমৰ বাউলী বতাহচাটি ।প্ৰেমত পোৱা - নোপোৱাৰ হিচাপ নাই । কিন্তু যাক আপোন বুলি ভবা হয় তেওঁক/তাইক হেৰুৱাবলৈ ভয় হয় । হয়তো এইয়াই নিশ্চয় প্ৰেম । প্ৰেমৰ ৰাগী মহান । গোলাপ , মদাৰ ,  পলাশ ইত্যাদিয়েও দিয়ে প্ৰেমৰ সুকীয়া মাদকতা । প্ৰেমত পৰা সকলে ফৰকাল আকাশতো ডাৱৰৰ ৰহণ সানে । গোলাপৰ পাপৰিতো প্ৰেমৰ সপোন ৰচে । আবেলিৰ অস্তমিত সময়ত বৰলুইতৰ বালিচৰতো যেন ঘৰমুৱা টিপচীকেইজনীয়ে প্ৰেমৰ উমান দিয়ে । ক'ত যে কিমান কল্পনা । প্ৰেমৰ ৰাগীত মত্ত এই সমগ্ৰ সত্ত্বা । সকলো ব্যৰ্থ প্ৰেমৰ অবিহনে কিয়নো প্ৰেম কৰা নাযায় । সকলোৰে অলিখিতে অগোচৰে প্ৰেম হৈ যায় ।




          কাকলি দত্ত ।

                দশম শ্ৰেণী

                   ধেমাজি(মাছখোৱা)

Tuesday, February 28, 2023

আজিৰ শিক্ষা ব্যৱস্থা আৰু মই সন্মুখীন হোৱা কিছুমান ঘটনা:কাকলি দত্ত

 আজিৰ শিক্ষা ব্যৱস্থা আৰু মই সন্মুখীন হোৱা কিছুমান ঘটনা



পৰিৱৰ্তন প্ৰকৃতিৰ নিয়ম । সমাজ সদায় পৰিৱৰ্তনশীল হৈ থাকে । তাৰ লগতে উচ্চ হাৰত সলনি হ'বলৈ ধৰিছে মানুহৰ মনবোৰ । আজি বেলেগ কথা প্ৰকাশ কৰিব বিচৰা  নাই । নিজেই সন্মুখীন হোৱা কিছুমান ঘটনাৰ বিষয়ে লিখিবলৈ লৈছো । 

       বৰ্তমান বিজ্ঞানৰ যুগ , প্ৰতিযোগিতাৰ যুগ । সকলোবোৰ প্ৰতিযোগিতাৰ ভিতৰত জ্ঞান আহৰণো সাঙুৰ খাইছে । সকলোৱে জ্ঞাত যে কিবা এটা চাকৰিয়েই হওঁক বা অন্য কাম কৰিবলৈ হ'লেও নম্বৰ লাগে সঁচা । কিন্তু তাৰ মানে এইটো নহয় যে শিক্ষা অৰ্জনৰ বিপৰীতে অকল নম্বৰ সংগ্ৰহ কৰিব লাগে । মানুহবোৰে কিয় আজিকালি কেৱল নম্বৰৰ লগত লাগে । তেওঁলোকে ভৱা উচিত যে শিক্ষাৰ্থীয়ে নম্বৰ লাভ কৰাই নহয় তেওঁলোকৰ আন বহুতো প্ৰতিভা থাকে কিন্তু কিছুমান হেচাৰ বাবে তেওঁলোকে সেই আশাবোৰ বৰ্জন কৰিবলগীয়া হয় । তাৰ বাবে দায়ী কোন ? বৰ্তমানৰ সমাজখনেই নহয় জানো ? বৰ্তমান সকলোৱে নম্বৰৰ পাছত দৌৰিছে । নম্বৰ পোৱাক লৈও পাৰ্টি কৰে । আজিকালি শিক্ষাৰ মূল উদ্দেশ্যে কেৱল এটা চাকৰি লাভ কৰা । এইখিনিতে উল্লেখ কৰা ভাল যে আগৰ দিনত আজিৰ দৰে পকী বিদ্যালয় নাছিল । সেই সমাজখনৰ মূল উদ্দেশ্যে এটা চাকৰি নাছিল । উদ্দেশ্যে আছিল সৰ্বোৎপৰকাৰে জ্ঞান অৰ্জন কৰি দেশৰ উন্নতি কৰে । তেওঁলোকে জানিছিল যে দেশৰ উন্নতি হ'লেহে তেওঁলোকৰ উন্নতি হ'ব । পুৰণি শিক্ষা ব্যৱস্থাৰ লগত আজি কালি শিক্ষা ব্যৱস্থাৰ আকাশ- পাতাল পাৰ্থক্য আছে । সহজ অৰ্থত ক'বলৈ হ'লে আজিকালি সকলোকে নম্বৰ লাগে । কিন্তু মোৰ বোধেৰে সেইটো ভুল ধাৰণা । মই সন্মুখীন হোৱা দুটামান ঘটনাৰ উদাহৰণ দিওঁ । 

উদাহৰণ ১ - ২০২২ বৰ্ষৰ আগষ্ট মাহৰ ১৫ তাৰিখৰ কথা । তিনি নম্বৰৰ ক্লাছ । বিজ্ঞান আছিল । ছাৰ আহি নানা প্ৰশ্ন কৰিলে , তাৰ মাজতে তেওঁ প্ৰশ্ন কৰিলে 'পদ' মানে কি ? প্ৰশ্নটো শেষ কৰিয়েই লগে লগে শ্ৰেণীৰ চোকা ল'ৰাটোলৈ চালে । সি পৰা নাই উত্তৰ দিব । আমি উত্তৰ দিলো যে পদ মানে ভৰি । নাই নুশুনে । এইবাৰ ক্লাছৰ শেষৰ নম্বৰৰ ল'ৰাজনে উত্তৰ দিলে । ছাৰ পদ মানে ভৰি । নাই নুশুনে । কিয়নো তেওঁ চকু চোকা ল'ৰাটোৰ ওপৰত । প্ৰচণ্ড খং চোকা ল'ৰাটোৱে পৰা নাই । আমিও কথাষাৰ অলপ চিন্তা কৰিলো । মনলৈ ভাব আহিল চোকা বুলিয়ে সকলো পাৰিবই লাগিব বুলি কি কথা আছে বা পঢ়াত অলপ দুৰ্বল আন এজনে উত্তৰ দিলে কিয় আওকাণ কৰে ? ইয়াত কিহৰ ভিত্তিত শিক্ষা প্ৰদান কৰা হৈছে ? জ্ঞান অৰ্জন কৰিবলৈ নে কেৱল নম্বৰ পাবলৈ ? এটা ডাঙৰ প্ৰশ্ন । 

উদাহৰণ ২ - সেইদিনা মোৰ ক্লাছ বাৰ বজাত শেষ হৈছিল । মুকুল শ্ৰেণীৰ সৰু কণমানি ল'ৰা এজন মোৰ গাড়ীতে বহি আছিল । ইমানেই শান্ত মৰম লাগে ল'ৰাজনলৈ কিন্তু কথা নকয় বুলিয়েই ক'ব পাৰি । অচিনাকি ভাইটিটোৰ নাম সুধি লৈ বহী এখন খুজিলো চাওঁ বুলি । সি বিনা সংকোচে অসমীয়া বহীখন উলিয়াই দিলে । চালো ভালকৈ । বয়সৰ অনুপাতে আখৰবোৰো ভাল । হঠাতে চকু পৰিল অসমীয়া ব্যঞ্জনবৰ্ণৰ ( ড় ) আখৰটোত । সাধাৰণতে সৰু ল'ৰা - ছোৱালীক কোৱা হয় যে প্ৰথমতে ড টো লিখা তাৰ পাছত তাৰ তলতে ( • ) ফুটটো দিবা । ভাইটিটোৱে লিখিছে (ড•) এনেকৈ । কিন্তু প্ৰকৃততে হ'ব লাগে ড় । মই আচৰিত হ'লো । দুখন পৃষ্ঠা তেনেকৈয়ে লিখিছে আৰু আচৰিত কথা যে তাৰ কাষতে আছে শিক্ষকৰ চহী । তেনে ক্ষেত্ৰত কিহক প্ৰাধান্য দিছে । নম্বৰ নে জ্ঞান অৰ্জনক । ভাইটিটোক পেঞ্চিলডাল উলিয়াবলৈ দি ভালকৈ লিখি দিলো আৰু ক'লো যে - এইটো এনেকৈ লিখিবা । (ড•) এনেকৈ লিখিলে ভুল হ'ব আৰু লগতে ক'লো যে মা - দেউতাক বহীখন দেখাই ক'বা যে বা এজনীয়ে লিখি দিছে বুলি । এই কথাষাৰ এই কাৰণেই ক'লো যে বৰ্তমান আমাৰ অভিভাৱকসকলেও নম্বৰক বেছি গুৰুত্ব দিয়ে । কিমান জ্ঞান লাভ কৰিছে তেওঁলোকৰ সুধিবলৈ আহৰি নাই । লাগে মাথোঁ নম্বৰ । তেনে ক্ষেত্ৰত ল'ৰা - ছোৱালীৰ মগজু বিকাশ হ'বনে ? কিয় নামি পৰিছে সকলো নম্বৰৰ প্ৰতিযোগিতাত । দেশৰ লগতে দহৰ উন্নতি হ'বনে এনেকৈ ? প্ৰতিভা বিকাশৰ সুবিধা পাবনে সকলোৱে নে নম্বৰেই সকলো প্ৰতিভা বিকাশ কৰিব । এটা ডাঙৰ প্ৰশ্ন আজিৰ শিক্ষা ব্যৱস্থা কোন দিশে ?  কিয় প্ৰাধান্য দিছে নম্বৰক । সকলোৰে কিছুমান নিজস্ব প্ৰতিভা আছে সেইবোৰ বিকাশ কৰিবলৈ সুবিধা দিয়ক । নহ'লে ভবিষ্যত এন্ধকাৰৰ দিশে গতি কৰিব । মই জ্ঞান অৰ্জনক হে প্ৰাধান্য দিওঁ কাৰণ জ্ঞান থাকিলেহে দহৰ উন্নতি কৰিব পাৰিম আৰু দহৰ উন্নতি হ'লেই মোৰ উন্নতি হ'ব । নম্বৰক লৈ মই কোনোদিনেই প্ৰতিযোগিতাত নমা নাই । সকলোৱে অলপ হ'লেও আনৰ উন্নতি কথা চিন্তা কৰক , নম্বৰক নহয় জ্ঞান অৰ্জনক প্ৰাধান্য দিয়ক । এগৰাকী শিক্ষাৰ্থী হৈ মই সকলোকে অনুৰোধ কৰিছো সকলোকে প্ৰতিভা বিকাশৰ সুবিধা দিয়ক , নম্বৰক নক্ষয় জ্ঞান অৰ্থাৎ শিক্ষা অৰ্জনক প্ৰাধান্য দিয়ক । আমি সকলো সমান সেয়েহে পঢ়াত দুৰ্বল বুলি কাকো নিৰুৎসাহ নকৰি ভবিষ্যতে আগুৱাই যাবলৈ অনুপ্ৰেৰণা যোগাওঁক । 




            ✍️কাকলি(কাকু) দত্ত ।

                দশম শ্ৰেণী

                ধেমাজি(মাছখোৱা)

Tuesday, February 21, 2023

অনুভব

 নুভৱ

         

বৰষুণ হৈ আহিবা তুমি

মোৰ মৰহা মনটোক জীপাল কৰিবলৈ

ধুই লৈ যাবা

মোৰ জীৱনৰ বেদনাৰ টোপোলাটি

নুমুৱাই দিবাহি

তোমাৰ অনুপস্থিতি বুকুত জ্বলি থকা বিৰহৰ অগনি

খলা-বমাবোৰ আঁতৰাই মসৃণ কৰি দিবাহি

মোৰ জীৱনৰ গতিপথ

যাতে মই আনৰ সহায় নোলোৱাকৈ

জীৱন জখলাত বগাই গৈ

পৰ্বতৰ শীখৰত আৰোহণ কৰিব পাৰো ।



       ✍️কাকলি (কাকু) দত্ত ।

          দশম শ্ৰেণী

       ধেমাজি(মাছখোৱা) ।

Tuesday, February 07, 2023

বৰষা:কাকলি দত্ত

 ৰষা



ৰষুণত তিতি ভালপোৱা ন ? মই সমীৰক সুধিছিলো ।বৰষুণৰ বতৰত খোজ কাঢ়ি ভাল লাগে । অৱশ্যে কথাটো মোৰ ক্ষেত্ৰতে হয় । ৰাতি অহা বৰষুণজাক বৰ ভাল লাগে কাৰণ সেই বৰষুণজাকত তিতি কান্দি থাকিলেও মোক কোনেও চিনিব নোৱাৰে । বৰষুণৰ টোপালবোৰে যেন ধুই নিয়ে আমাৰ সকলো দুখ - বেদনা , যন্ত্ৰণা ,  অৱসাদ সকলো । চাৰ্লি চেপলিনে কোৱা কথাষাৰৰ লগত মই কিন্তু সন্মত । আবতৰীয়া বৰষুণ হ'লেতো আৰু ভাল লাগে । আবতৰীয়া বৰষুণজাকে কৈ যায় পৃথিৱীখন সজীৱ হৈ থকাৰ কথা । প্ৰকৃতিৰ কথা , মুক্ত মনে উৰি ফুৰা চৰাইবোৰৰ কথা । সমীৰে সদায় কোৱাৰ দৰে আজিও কথাবোৰ এজন সাহিত্যিকৰ দৰে কৈ গ'ল ।

       সমীৰে কথা ক'লে মই মন দি অকল শুনি থাকো । মই নিজৰ মনৰ কথাও পাহৰি যাওঁ ।  সমীৰে বৰষুণৰ প্ৰেমত  ইমান গভীৰকৈ কেতিয়ানো পৰিলে একেলগে ডাঙৰ হৈয়ো গম নাপালো । এদিন সমীৰক সুধিছিলো - তুমি কবিতাও লিখা নেকি ? তোমাৰ কথাবোৰ আজি - কালি কবিতা কবিতা লগা হৈছে ।

: মই কবিতা পঢ়িহে ভালপাওঁ । তোমাৰ কবিতাবোৰ পঢ়ি ভাল লাগে ।

: মোৰ প্ৰকাশ নোহোৱা কবিতাবোৰ ?

: ওঁ ।

: মোৰ কবিতাৰ একো অৰ্থ নাই । মোৰ কবিতাৰ এটাই বিষয় মোক ভাল নোপোৱা এজন ল'ৰা আৰু মই । 

বৰষুণপ্ৰেমী ল'ৰাজনৰ দৰেই প্ৰাকৃতিক দৃশ্য মনোৰম হৈ উঠিছিল । সমীৰ নামটো কিন্তু ল'ৰাজনৰ লগত খাপ খায় যায় । কেতিয়াবা সুধিবলৈ মন যায় সেই সমীৰ নামটো বা কোনে দিলে ? যিয়ে দিছিল তেওঁক কিন্তু মানিব লাগিব ।

বৰষুণত তিতি মইও ভালপোৱা হ'লো । বৰষুণৰ দৰে মই এদিন সমীৰকো ভাল পাই পেলালো । এজাক বৰষুণ আৰু গছ - গছনিৰ প্ৰেমৰ দৰেই কিন্তু মনৰ কথাটো অব্যক্ত হৈয়ে ৰ'ল 

: আজি এটা গল্প পঢ়িলো । ভাল লাগিল । ৰাজেন চক্ৰৱতীৰ 

"চকুলোৰ মিনতি" পুৰণা বিস্ময় এখনত । গল্পটোত এজনী ছোৱালী আৰু এজন ল'ৰাৰ অব্যক্ত প্ৰেম কিদৰে গোটেই জীৱনৰ বাবে অব্যক্ত হৈ ৰ'ল সেইয়া ভালদৰে প্ৰকাশিত হৈছে । এদিন মোক সমীৰে ক'লে ।

মই অলপ চিন্তিত হ'লো । মোৰ এনেকুৱা ভাব হ'ল যেন মোৰ বুকুৰ গোপন কথাবোৰ ৰাজেন চক্ৰৱতীৰ চকুলোৰ মিনতিৰ দৰেই এক ট্ৰেজিক পৰিণতি পাব ।

মই ক'লো : অকল পঢ়া আৰু পঢ়া । পঢ়াৰ কথা বাদ দি বৰষুণৰ কথা কোৱানো । মই জানো বৰষুণৰ কথা ক'লে সমীৰক বৰ ধুনীয়া দেখি । চকু দুটা তৰাৰ দৰে তিৰবিৰাই উঠে , অজান উন্মাদনাত মোৰ বুকুখনি যেন উৰি ফুৰে.........

: নাই , বৰষুণ মই সদায় ভালপাওঁ ।বৰষুণৰ গোন্ধই আমাক মানুহ ভালপাবলৈ কয় , প্ৰকৃতিপ্ৰেমী হ'বলৈ কয় । সমীৰৰ মিঠা মিঠা কথাবোৰৰ মই  এগৰাকী শ্ৰোতা । গোটেই জীৱন যেন শুনিয়েই থাকিম , শুনিয়েই থাকিম । সময় সচাঁকৈয়ে বৰ নিষ্ঠুৰ , এতিয়াহে বুজিছো । দিনবোৰ ইমান সোনকালে পাৰ হৈ গুচি গ'ল । মই সমীৰৰ কথাবোৰ শুনিয়েই থাকিলো কোনো দিন মনৰ কথাবোৰ ক'ব নোৱাৰিলো । সমীৰ এতিয়া ব্যস্ত নগৰীৰ বাসিন্দা । গাঁৱতে ডাঙৰ হোৱা সমীৰে মুকলি মূৰীয়া হোৱাত মহানগৰৰ পকী দেৱালবোৰে হয়তো বাধা দিছে । সি জানো বৰষুণত তিতিব পাৰিছে । সি জানো কাৰোবাক পাইছে বৰষুণ আৰু প্ৰেমৰ কথাবোৰ ক'বলৈ । বৰষুণৰ গোন্ধই জানো তাত শিকায় মানুহক ভাল পাবলৈ , পৃথিৱীক আপোন বুলি ভাবিবলৈ । মোৰ মনত বেদনাৰ ধুমুহা বলিছে । সমীৰৰ বাবে । আমাৰ শৈশৱ , কৈশোৰ বহু দূৰলৈ আতঁৰি গ'ল । কিন্তু সমীৰ নামটো আজিও মোৰ বুকুত খোদিত হৈ আছে । মই ভাবো কিছুমান কথা নকলেও বুজা যায় । মনতো এটা সংযোগ থাকে । মুখেৰে ক'লেহে জানো কথাবোৰ বুজি পায় মানুহে ? মোৰ সুখ দুখৰ সংগ দিয়া সমীৰেও নিশ্চয় বুজি পাইছিল মোৰ মনৰ অব্যক্ত ভাষা । আমাৰ মনেওটো কথা কয় । আজি বুকুখনে বৰকৈ কান্দিছে ।

     বাহিৰত এজাক আবতৰীয়া বৰষুণ । মই ওলাই গ'লো । বৰষুণৰ টোপালবোৰৰ বাবে মই নিজে ধৰিব পৰা নাই মোৰ চকু পানী ওলাইছে নাই । সমীৰে কোৱা কথাষাৰ মনলৈ আহিছে 'ৰাতি অহা  বৰষুণজাক মই বৰ ভালপাওঁ কাৰণ মই বৰষুণজাকত তিতি কান্দি থাকিলেও মোক কোনেও চিনিব নোৱাৰে' ।



         ✍️কাকলি দত্ত ।

         দশম শ্ৰেণী

    ধেমাজি (মাছখোৱা ) ।

একপক্ষীয় ভালপোৱা:কাকলি দত্ত ।

🔴কপক্ষীয় ভালপোৱা 



মোৰ একপক্ষীয় প্ৰেমিকজন এতিয়া মোৰ হোৱাটছএপৰ বন্ধুৰ তালিকাত আছে । তেওঁ এই মূহুৰ্তত অনলাইন আছে । প্ৰথম চিনাকি হোৱাৰ দিনবোৰ ..........

তেওঁৰ এটি এটি মেছেজত পালো ৰাতিৰ ৰাতিটো.......... সপোন ৰচা ক্ষণবোৰ.......... মনত আছে আজিও...... । এতিয়াও মাজে - সময়ে তেওঁ মোক হাই হেল্ল কয়.......তেওঁৰ মেছেজবোৰ দেখিলেই অভিমানে  ডিঙিৰ গুৰিত আহি খোপনি লয় । হিয়া উজাৰি ভালপাইছিলো , মোৰ উকা হৃদয়ত তেওঁৰ নাম লিখিছিলো । তেওঁৰ এটা মেছেজৰ বাবে ৰৈ ৰৈ প্ৰাতঃৰ পৰা অপৰাহ্ন কৰিলোঁ । কিন্তু তেওঁৰ পৰা এটি সহাঁৰিও নাপালো.......। মাত এষাৰ নোপোৱাকৈ মই তেওঁক লৈ ঘৰ সজাৰ সপোন দেখিলো....কিন্তু তেওঁ মোৰ প্ৰত্যাশাক মোহাৰি হেৰাই গ'ল.........নাই নাই .........বহু দিন নাই । আৰু আজি তেওঁ প্ৰেয়সীৰ সৈতে মোৰ পদূলীত ভুমুকি মাৰিছে । মোৰ একপক্ষীয় প্ৰেমিকজন মোৰ হোৱাটছএপৰ বন্ধুৰ তালিকাত আছে কিন্তু তেওঁ যদি দুনাই মেছেজ কৰে মই কাহানিও আৰু উত্তৰ নিদিওঁ । তেওঁৰ মেছেজ আহিলে মোৰ ম'বাইলটোৱে নহয় হৃদয়খনো কম্পমান হয় , অভিমানে বুকুত থিতাপি লয় ।  যাৰ এটা মেছেজৰ বাবে মই এটি এটি দিন শেষ কৰিলো................ তেওঁ এতিয়া প্ৰেয়সীক লৈ মোক কিয় বাৰে বাৰে মাতিব আহে ?

তেওঁ মোৰ একপক্ষীয় প্ৰেমিক........

হোৱাটছএপত আজিও আছে তেওঁ । কিয় সহাঁৰি দিম মই সেই "হাই" , "হেল্ল"বোৰৰ । মই বাৰু "মই" হয়েই থাকিলো..... কিন্তু তেওঁ "তেওঁ" হৈ থকা নাই । বহুত সলনি হ'ল ।




       ✍️কাকলি দত্ত ।

           দশম শ্ৰেণী

        ধেমাজি(মাছখোৱা) 

Friday, January 27, 2023

একপক্ষীয় ভালপোৱা,

🔴একপক্ষীয় ভালপোৱা 

মোৰ একপক্ষীয় প্ৰেমিকজন এতিয়া মোৰ হোৱাটছএপৰ বন্ধুৰ তালিকাত আছে । তেওঁ এই মূহুৰ্তত অনলাইন আছে । প্ৰথম চিনাকি হোৱাৰ দিনবোৰ ..........

তেওঁৰ এটি এটি মেছেজত পালো ৰাতিৰ ৰাতিটো..........

 সপোন ৰচা ক্ষণবোৰ..........

 মনত আছে আজিও...... । 

এতিয়াও মাজে - সময়ে তেওঁ মোক হাই হেল্ল কয়.......

তেওঁৰ মেছেজবোৰ দেখিলেই অভিমানে  ডিঙিৰ গুৰিত আহি খোপনি লয় । 

হিয়া উজাৰি ভালপাইছিলো , 

মোৰ উকা হৃদয়ত তেওঁৰ নাম লিখিছিলো । 

তেওঁৰ এটা মেছেজৰ বাবে ৰৈ ৰৈ প্ৰাতঃৰ পৰা অপৰাহ্ন কৰিলোঁ । কিন্তু তেওঁৰ পৰা এটি সহাঁৰিও নাপালো.......।

 মাত এষাৰ নোপোৱাকৈ মই তেওঁক লৈ ঘৰ সজাৰ সপোন দেখিলো....কিন্তু তেওঁ মোৰ প্ৰত্যাশাক মোহাৰি হেৰাই গ'ল.........নাই নাই .........বহু দিন নাই । 

আৰু আজি তেওঁ প্ৰেয়সীৰ সৈতে মোৰ পদূলীত ভুমুকি মাৰিছে । মোৰ একপক্ষীয় প্ৰেমিকজন মোৰ হোৱাটছএপৰ বন্ধুৰ তালিকাত আছে কিন্তু তেওঁ যদি দুনাই মেছেজ কৰে মই কাহানিও আৰু উত্তৰ নিদিওঁ ।

 তেওঁৰ মেছেজ আহিলে মোৰ ম'বাইলটোৱে নহয় হৃদয়খনো কম্পমান হয় , অভিমানে বুকুত থিতাপি লয় ।

  যাৰ এটা মেছেজৰ বাবে মই এটি এটি দিন শেষ কৰিলো................ তেওঁ এতিয়া প্ৰেয়সীক লৈ মোক কিয় বাৰে বাৰে মাতিব আহে ?

তেওঁ মোৰ একপক্ষীয় প্ৰেমিক........

হোৱাটছএপত আজিও আছে তেওঁ । কিয় সহাঁৰি দিম মই সেই "হাই" , "হেল্ল"বোৰৰ । মই বাৰু "মই" হয়েই থাকিলো..... কিন্তু তেওঁ "তেওঁ" হৈ থকা নাই । বহুত সলনি হ'ল ।


       ✍️কাকলি দত্ত ।

           দশম শ্ৰেণী

        ধেমাজি(মাছখোৱা) 

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰকাশ পালে কবি ৰাহুল চেতিয়া চিলাপথাৰ প্ৰথম খন কাব্য গ্ৰন্থ "মায়াবিনী আউসীৰ এটি জোনাকী"

 কবিৰ চমু পৰিচয়: কবিৰ জন্ম ১৯৯৬ চনৰ ১৩ মাৰ্চত ফাগুনৰ ৬ তাৰিখে ধেমাজি জিলাৰ নিলখ পূৰ গাওঁত। কবিৰ পিতৃ স্বৰ্গীয় দিলীপ চেতিয়া আৰু মাতৃদ্বয়ৰ না...