Tuesday, February 21, 2023

অনুভব

 অনুভৱ

         

বৰষুণ হৈ আহিবা তুমি

মোৰ মৰহা মনটোক জীপাল কৰিবলৈ

ধুই লৈ যাবা

মোৰ জীৱনৰ বেদনাৰ টোপোলাটি

নুমুৱাই দিবাহি

তোমাৰ অনুপস্থিতি বুকুত জ্বলি থকা বিৰহৰ অগনি

খলা-বমাবোৰ আঁতৰাই মসৃণ কৰি দিবাহি

মোৰ জীৱনৰ গতিপথ

যাতে মই আনৰ সহায় নোলোৱাকৈ

জীৱন জখলাত বগাই গৈ

পৰ্বতৰ শীখৰত আৰোহণ কৰিব পাৰো ।



       ✍️কাকলি (কাকু) দত্ত ।

          দশম শ্ৰেণী

       ধেমাজি(মাছখোৱা) ।

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

Rahul Chetia Poet Biography

Rahul Chetia Poet Biography | ৰাহুল চেতিয়া - উৰুখা পঁজাৰ জোনাক, মায়াবিনী আঁউসীৰ এটি জোনাকী Rahul Chetia (ৰাহুল চেতিয়া) is a p...