Tuesday, February 21, 2023

এখন চিঠি ঠিকনা বিহীন

 🟡খন চিঠি ঠিকনা বিহীন

                            

এখন চিঠি ঠিকনাবিহীন

শৰৎ পুৱাই আহিছিল

লিখা আছিল বহুতো অনুভূতি ।

নাজানো কোনে 

লিখিছিল!

ভাল লাগিছিল চিঠিখনি পঢ়ি

মৰম লাগিছিল চিঠিত থকা সৰল অনুভূতিখিনি।

সোমাই পৰিছিলো সহজ সৰল

শব্দবোৰৰ ভাঁজে ভাঁজে ।  

আচলতে মানুহৰ তেজৰ সম্পৰ্ক নাথাকিলেও

মনৰ সম্পৰ্ক থাকে । 

সেই চিঠিখনৰ অনুভূতিবোৰ পঢ়িয়ে

চিঠি খনৰ প্ৰতি মৰম বিশ্বাস বাঢ়ি গৈছিল ! 

সেইবাবে হয়তো চিঠিখন বহু অচিনাকি হৈও 

মোৰ বুকু আপোন হৈ পৰিছিল ।

বাস্তৱত লগ পোৱা সম্ভৱ নহয় 

তথাপিও ভাল পাওঁ 

চিঠি খনৰ ভাঁজে ভাঁজে থকা মৰমবোৰ

বহু বেছি ।

কবিতাৰ দৰে শব্দবোৰৰ মাজত মই প্ৰায় সোমাই পৰোঁ !

সঁচা  অন্তৰ পৰা লিখা 

একো একোটা জীয়া কাহিনী ! 

চিঠিখনত থকা আৱেগসনা আৰু বিষাদে ধোৱা শব্দ বোৰত  

মোৰ অজানিতে

চকুলো বাগৰে !

অনুভূতি মাজত প্ৰায়

নিজকে বিচাৰি পাওঁ ।

 হয়তো মোৰ চিঠিখন লগত মনৰ সম্পৰ্ক 

যদিও চিঠিখন ঠিকনাবিহীন ।।




জুলী মৰাণ গগৈ

তিনিচুকীয়া

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰকাশ পালে কবি ৰাহুল চেতিয়া চিলাপথাৰ প্ৰথম খন কাব্য গ্ৰন্থ "মায়াবিনী আউসীৰ এটি জোনাকী"

 কবিৰ চমু পৰিচয়: কবিৰ জন্ম ১৯৯৬ চনৰ ১৩ মাৰ্চত ফাগুনৰ ৬ তাৰিখে ধেমাজি জিলাৰ নিলখ পূৰ গাওঁত। কবিৰ পিতৃ স্বৰ্গীয় দিলীপ চেতিয়া আৰু মাতৃদ্বয়ৰ না...