Thursday, September 22, 2022

সুখৰ চকুলো-পৰাগ জ্যোতি দাস

অণুগল্প:  " সুখৰ চকুলো 

ৰাজুৱে দিন-হাজিৰা কৰে । এইবাৰ ৰাজুৰ পুতেকে মেট্ৰিক পৰীক্ষা দিব । পৰীক্ষালৈ বেছিদিন নাই আৰু সেয়েহে পুতেকে ৰাজুক কৈছে-
দেউতা, পৰীক্ষা ওচৰ চাপিল । মোক ইংৰাজী সহায়িকা এখন প্ৰয়োজন হৈছে কেতিয়া আনি দিবা ?
ৰাজুৱে ক'লে;( চিন্তিত মনেৰে) 
   সোণ জানাইচোন  দিন-হাজিৰা কৰি পোৱা টকা কেইটাৰে চাউল-দালি আদিকে কিনিম নে সেই বৰুৱা দাদাৰ ধাৰ কেইটাকে মাৰিম । ধাৰ কেইটা নথকা হ'লে দিব পাৰিলোঁ হয় কিন্তু তেওঁ টকা কেইটা য'তে দেখে তাতে মানুহৰ আগত দিবলৈ কয় ।তেনেস্থলত ...
 ৰাজুৰ পুতেকে ক'লে, 
     হ'ব দেউতা তুমি চিন্তা কৰিব নালাগে ।মোৰ লগাখিনি কাৰোবাৰ পৰা খুজি লিখি লম । 
এনেকৈয়ে দিন বাগৰি গ'ল। ৰাজুৱে পৰীক্ষাও দিলে । আজি সেই পৰীক্ষাৰ ৰিজাল্ট দিছে । ৰাজুৱে দেউতাকক ক'লে,
  দেউতা মই ৫ টা বিষয়ত লেটাৰ নম্বৰ পাইছোঁ । 
পুত্ৰৰ কথাখিনি শুনাৰ পিছত ৰাজুৰ দুচুকুৰে বাগৰি পৰিল সুখৰ চকুলো ।

          -×-×-×-×-×-×-

পৰাগ জ্যোতি দাস 
একাদশ মান,ঢকুৱাখনা

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...