Thursday, September 22, 2022

আমি অসমীয়া-ৰাহুল চেতিয়া

 আমি অসমীয়া-ৰাহুল চেতিয়া

আমি অসমীয়া ! 

গৌৰবে কওঁ 

আমি অসমীয়া!

কাৰণ আমি নহয়

 কোঁচ-কলিতা,টাই-আহোম 

কিম্বা বড়ো-ডফলা?

আমি কৰি নাথাকো

বিভেদৰ গুনগাঁথা!

কিম্বা জাতিৰ সংজ্ঞা !


হে'ৰ অসমীয়া!

জাতি-মাটি-ভেটি যাবৰ হ’ল,

পিঠিত অবৈধ নাগৰিকৰ বোজা লৈ

মূৰত ঋণৰ বোজা থৈ

পেটত গামোছা বান্ধি, 

কিমান সহিবি আৰু 

ভোক, অপমান  প্ৰাপ্তি আৰু অপ্ৰাপ্তিৰ বেদনা  ? 

উৰুখা পজাৰ চালৰ ফুটাৰে সৰকি অহা, 

এহালিচা জোনাকেও

 পোহৰাই তোলে অন্ধকাৰ কোঠা!


আন্দোলন!

অতীজৰে পৰা চলি আহিছে

আৰু এতিয়াও চলি আছে,

পৰিৱৰ্তন জানো হল?

কত গল সেই জাতীয়তাবাদী নেতা?

সিও দেখোন আজি ৰজা হলগৈ!

শত সহস্ৰ জনৰ কেঁচা তেজৰ বলিদানেৰে...

আজিও একেই আছে, 

বিদেশীৰ আগমণ,

আন্দোলন আৰু বিধ্বংসৰ যাত্ৰা!

মুখে মুখে প্ৰচলিত হৈ আছে

তাহানিৰ সেই

অসম আন্দোলনৰ

 সেই নিদাৰুণ কথা ৷

কত হেৰাল সেই 

জাতীয় স্বাভিমানৰ গুণ গাঁথা!

ৰাহুল চেতিয়া, ধেমাজি

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

Rahul Chetia Poet Biography

Rahul Chetia Poet Biography | ৰাহুল চেতিয়া - উৰুখা পঁজাৰ জোনাক, মায়াবিনী আঁউসীৰ এটি জোনাকী Rahul Chetia (ৰাহুল চেতিয়া) is a p...