Showing posts with label ৰাহুল চেতিয়া. Show all posts
Showing posts with label ৰাহুল চেতিয়া. Show all posts

Saturday, March 28, 2026

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

 প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ



প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনুভূতিৰ সমষ্টি ভালপোৱা । জীৱনৰ সমস্ত সেউজীয়া,আশা-আকাংক্ষা,হেঁপাহ,অনুভৱ-অনুভূতি শ্ৰদ্ধা-সন্মান ইত্যাদিৰ যোগফলেই হৈছে প্ৰেম, ভালপোৱা । বসন্তৰ মনোমোহা পৰিবেশৰ দৰে শুভ্ৰ আকাশৰ তলত হালি থকা নীৰৱ শান্ত কহুঁৱা বনৰ দৰে, শৰতৰ জোনাকৰ আগচোতালৰ শেৱালীজোপাৰ দৰে নীৰৱ-শান্ত ভালপোৱাৰ অনুভূতি। মুঠৰ ওপৰত এক স্বৰ্গীয় পবিত্ৰতাৰ নাম ভালপোৱা বা ভালপোৱা।

এদিন মোৰ প্ৰেয়সীক ধেমালিতে সুধিছিলোঁ:যদি মই তোমাক এৰি বহু দূৰলৈ গুচি যাওঁ তেন্তে তুমি কি কৰিবা?

তাই কিছু পৰ নীৰৱে মোৰ মুখ খনলৈ চাই মুখত এটি মিচিকিয়া হাঁহি মাৰি উত্তৰ দিছিল যে  তাই জানে যে মই তাইক এৰি কেতিয়াও দূৰলৈ গুচি নাযাও।যেতিয়া তাই আমাৰ প্ৰেমৰ কথা ভাবো, তেতিয়া তাই বিভিন্ন দিশক সামৰি লোৱা এটা জটিল আৰু বহুমুখী আৱেগৰ কথা ভাবে য’ত অন্তৰ্ভুক্ত আছে পাৰস্পৰিক বুজাবুজি, বিশ্বাস আৰু সন্মানৰ সৈতে জড়িত এজনে আন জনৰ সৈতে গভীৰ আৰু গভীৰতা সংযোগ।

সচাকৈ প্ৰেমত  ইজনে সিজনৰ মংগল, সুখ আৰু বৃদ্ধিৰ বাবে এক প্ৰকৃত চিন্তা কৰে। প্ৰেমত ত্যাগ,যিকোনো পৰিস্থিতিত ভালপোৱা জনৰ ওচৰত ঢাল হৈ থিয় হোৱা, মুকলি, সৎ মন, আৰু ইজনে সিজনৰ লগত দুৰ্বল হোৱা, ভয়, আশা আৰু সপোন ভাগ কৰা ইত্যাদি নিহিত হৈ থাকে।  প্ৰেমত দুয়োৰে জীৱনৰ উত্থান-পতনৰ মাজেৰে ইজনে সিজনক সমৰ্থন আৰু উৎসাহিত কৰে সুন্দৰকৈ আগুৱাই নিবৰ বাবে।

প্ৰেমত ইজনে সিজনক মৰম কৰা,দুয়োৰে মাজত এক শক্তিশালী আৱেগিক বন্ধন, দুয়ো দুয়োৰে কেয়াৰ লোৱা,আজীৱন একেলগে থকাৰ প্ৰতিশ্ৰুতিৰে শাৰীৰিক আৰু আৱেগিক ঘনিষ্ঠতা, কাষত পোৱাৰ প্ৰবল শক্তিশালী ইচ্ছা, ইজনে সিজনৰ  প্ৰতি আকৰ্ষিত হয়।

প্ৰেমত দুয়ো দুয়োৰে চিন্তা, অনুভৱ, আৰু সময়ক মূল্য দিয়া লগতে শলাগ লয়।

প্ৰেমে মানুহক শিকায় ভালপাবলৈ, মানুহ হ’বলৈ। মানুহৰ অৰ্থাৎ জীৱনৰ অবিহনে প্ৰেম আৰু প্ৰেমৰ অবিহনে জীৱন দুয়োটাই অবাস্তৱ কল্পনা। প্ৰেম আৰু জীৱনৰ মাজতেই সৃষ্টি হয় এখন সেউজীয়া পৃথিৱী,য’ত বাস কৰে হাজাৰজনৰ বুকুৰ হেঁপাহবোৰ, য’ত থাকে ভালপোৱাজনৰ মনৰ অভিমানবোৰ, যাৰ প্ৰতিটো ঠিকনাতেই থাকে এখন ভালপোৱাৰ চোতাল,য’ৰ প্ৰতিজনৰ হৃদয়তে ভাহি থাকে এটি প্ৰেমৰ সুৰ…।।

Love means a silent smile from your heart…..

প্ৰেম হ’ল হৃদয়ৰ কোনো নিভৃত কোণৰ পৰা ওলাই অহা এটা নীৰৱ হাঁহি। জীৱনৰ এই বিশাল মঞ্চত পৰিস্থিতি অনুযায়ী মানুহ বহুবাৰ প্ৰেমত পৰিব পাৰে। কিন্ত নিৰ্দিষ্ট এজনৰ বাবে যেতিয়া হৃদয়ৰ আলফুলীয়া সপোনবোৰ সাৰ পাই উঠে, সেয়াই সঁচা ভালপোৱা। হৃদয়ে বিচাৰি পায় চিনাকি হৃদয়ৰ সান্নিধ্য, সৃষ্টি হয় প্ৰেমৰ অশান্ত প্লাৱন। আপোন হৈ পৰে আপোনজনৰ সুখবোৰ, দুখবোৰ। ভাললগা হৈ পৰে কৰ্তৃত্বভৰা আবদাৰবোৰ। অহৰহ কাণত বাজি উঠে প্ৰিয়জনৰ সুৰ আৰু অস্পষ্ট ফুচ্‌ফচ্‌নিবোৰ। প্ৰেয়সীৰ এটি মাত্ৰ মিচিকিয়া হাঁহিত ৰাতিবোৰে অনিদ্ৰাত ভোগে, প্ৰিয়জনৰ আপেক্ষাত হৃদয়ত জাগি উঠে মিঠা যন্ত্ৰণাৰ সুবাস।

আচলতে প্ৰেমৰ কোনো পৰিসীমা নাই। ইয়াক কোনো শব্দ আৰু বাক্যৰে সংজ্ঞাবদ্ধ কৰিবও নোৱাৰি। ই অনন্ত, ই অসীম। পৃথিৱীৰ প্ৰত্যেকৰে হৃদয়ত প্ৰেমৰ অনুভূতি থাকে। অৰ্থাৎ ই এক বিশ্বব্যাপী পবিত্ৰ স্বৰ্গীয় অনুভূতি, যাক মাথোঁ অনুভৱ কৰিব পাৰি।।


ৰাহুল চেতিয়া, চিলাপথাৰ,৬০০৩০৯৮২৩৩




Friday, February 13, 2026

প্ৰকাশ পালে কবি ৰাহুল চেতিয়া চিলাপথাৰ প্ৰথম খন কাব্য গ্ৰন্থ "মায়াবিনী আউসীৰ এটি জোনাকী"

 কবিৰ চমু পৰিচয়:


কবিৰ জন্ম ১৯৯৬ চনৰ ১৩ মাৰ্চত ফাগুনৰ ৬ তাৰিখে ধেমাজি জিলাৰ নিলখ পূৰ গাওঁত। কবিৰ পিতৃ স্বৰ্গীয় দিলীপ চেতিয়া আৰু মাতৃদ্বয়ৰ নাম মুহিলা চেতিয়া আৰু মণি চেতিয়া। ২০১২ চনত নিলখ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল প্রবেশিক্ষা পৰীক্ষাত অসমীয়া, সমাজ বিজ্ঞান বিষয়ত লেটাৰ সহ প্ৰথম বিভাগত উত্তীর্ণ হৈ মৰিঢল মহাবিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত দ্বিতীয় বিভাগত উত্তীর্ণ হয়। পাছত আর্থিক অৱস্থা শোচনীয় হোৱা বাবে ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ৰ পৰা DODL ৰ অধীনত সমাজতত্ত্ব বিভাগৰ পৰা প্ৰথম বিভাগত স্নাতক ডিগ্রী লাভ কৰে। কবিয়ে কলেজীয়া  দিনৰে পৰা সামাজিক মাধ্যম ফেচবুকৰ জনপ্রিয় বিভিন্ন সাহিত্য চৰ্চাৰ গোট, জনপ্ৰিয় আলোচনী ৰহস্য,মায়া,বিস্ময়,অসম বাণী,ৰামধেনু অসম, ৰণাংগণ,হৃদয়,বৰ্ণিল অসম, জাপি, জোনাকী পষেকীয়া ই আলোচনী, সাপ্তাহিক অনুৰাগিণী, দৈনিক-সপ্তাহিক যেনে-দৈনন্দিন বাৰ্তা, গণ অধিকাৰ,নিয়মীয়া বাৰ্তা,সাপ্তাহিক নামনি অসম, নতুন স্বদেশ,গণ বাৰ্তা, সাপ্তাহিক জানেলিষ্ট বাতৰি কাকত আৰু অন্যান্য  মাহেকীয়া বার্তালোচনীত নিয়মিতভাৱে কবিতা, গল্প, প্রবন্ধ, স্তৱক আৰু অণুগল্প লেখা মেলা কৰি আহিছে। বৰ্তমান কবিৰ সম্পাদনাত জোনাকী নামেৰে এখন সপ্তাহিক ই আলোচনী (পাছলৈ পষেকীয়া) ধেমাজিৰ পৰা নিয়মিত ভাৱে প্ৰকাশ পাই আহিছে। লেখকে গ্ৰন্থবৰ্ষ ২০২৫ বর্ষৰ অসম চৰকাৰ আৰু অসম প্ৰকাশন পৰিষদৰ তৰফৰ পৰা যুৱ লেখক সন্মান ২০২৫ বঁটা লাভ কৰিছে।লেখকৰ প্ৰথম খন কাব্য গ্ৰন্থ "মায়াবিনী আউসীৰ এটি জোনাকী" ২০২৫ চনত নগাঁও জিলাৰ আনন্দ প্ৰকাশৰ পৰা প্ৰকাশিত হৈছে। দ্বিতীয় খন  কাব্য সংকলন-দীঘলী পুখুৰীৰ কান্দোন (2026)প্ৰকাশৰ পথত।

Tuesday, April 30, 2024

কবিৰ কবিতা:ৰাহুল চেতিয়া

 কবিৰ কবিতা 
- ৰাহুল চেতিয়া



কবিতা কবিতা লগা কথাবোৰ 

আজি কালি  দেখোন ভাল নলগা হল।

কিয় জানো?

আজি কালি অনুভৱ এটি 

লিখোঁ বুলি ভাবিলেও

বাৰে বাৰে হাতৰ পৰা সৰি পৰে কলমটি!

আজি মই বৰ বিষণ্ণ কবি,

হৃদয়ৰ একোণত সঞ্চিত হৈ থকা

অপযশ, শেঁতাপৰা বেদনাবোৰ লৈ 

বৰ ক্লান্ত,অৱসাদগষ্ট !


আগতে কিবা এটি 

অনুভৱ লিখোঁ বুলি ভাবিলেই

শব্দবোৰ হৃদয়ৰ পৰা

এটি এটি কৈ ওলাই আহিছিল!

এতিয়া লিখোঁ বুলিয়েই লিখিব নোৱাৰোঁ,

হয়তো অন্তৰত 

সঞ্চিত হৈ থকা শব্দবোৰ

বৰ ভাগৰুৱা, ক্লান্ত হৈ পৰিছে!!

কবিতাৰ প্ৰেয়সীয়ে প্ৰাণ ভৰি ভালপোৱাৰ বিনিময়ত

দি থৈ যোৱা  এবোজা যন্ত্ৰণাৰ বাবেই

আজি মই নষ্ট কবি!!


কিমাননো আৰু 

প্ৰাপ্তি-অপ্ৰাপ্তিৰ 

হিচাপ-নিকাচ কৰি

 হিয়া খন নষ্ট কৰি,

এগালমান নষ্ট স্মৃতি লৈ 

কবিতা লিখিবলৈ চেষ্টা কৰিম

নষ্ট অনুভূতিৰে, নষ্ট কবিৰ ভাষাৰে !

চাল্লা, গায়কৰ দৰে কিয় নহয় জীৱনটো?

দুই এটা গান লিখি জনপ্রিয় হৈ যাম!

তাৰ পাছত টকাই টকা!

সভা অনুষ্ঠানে মান-সন্মান পোৱাৰ লগতে

টকাৰ বৰষুণ পৰিব!

ধেইট চাল্লা, আমি বোৰ  ননচেন্স কবি!

বেকাৰ বাহুৱলী দৰে দিনে নিশাই কবিতা লিখিম

দুই এখন বাতৰি-কাকত, আলোচনীত প্ৰকাশ পাব,

স্কিন শ্বট মাৰি ডিজিটেল মেডিয়াত ষ্টেটাছ লগাই

আকৌ চাল্লা ননচেন্স কবি হৈ যাম।।

আমি বোৰ সমাজৰ বাবে একো একোজন গুৰুত্বহীন কবি!!

সভা, সমিতিয়ে গ্ৰন্থ প্ৰকাশ কৰিব!

লেখা আহ্বান কৰিব, লেখা প্ৰকাশ পাব

বিনিময়ত আমাৰ কষ্টৰ মাননি এটা প্ৰকাণ্ড শূণ্য(০) পাব।।

সজাগ হোৱা কবি সকল, 

কিমান আৰু ফেচবুক গোট খুলি খুলি 

টকাৰ বিনিময়ত বঁটা প্ৰদান কৰিবা,

পাৰিলে নিজৰ ব্যক্তিগত স্বাৰ্থ পৰিহাৰ কৰি

সকলোৰে বাবে একগোট হৈ কাম কৰা!

নহলে এদিন শিল্পী বোৰে 

আমি লিখা কবিতা বোৰক গান বনাই

মুহূৰ্ততে জনপ্রিয় হৈ মান-সন্মানৰ গৰাকী হব,

আৰু আমি বোৰে ফেচবুকত টেঁটুফালি 

চিঞৰি থাকিলেও একো ডাল নহব।।

সজাগ হোৱা, একগোট হোৱা,

নিজৰ প্ৰাপ্য বিচাৰি 

সকলোৱে হাতে হাত ধৰি আগুৱাই যোৱাৰ পণ লওঁ,

গায়ক-শিল্পী সকলৰ দৰে আমিও সন্মানৰ গৰাকী হওঁ।।




Thursday, February 15, 2024

মায়াবিনী আউসীৰ এটি জোনাকী-ৰাহুল চেতিয়া

মায়াবিনী আউসীৰ এটি জোনাকী-ৰাহুল চেতিয়া


যোৱা দুটা  দশকত ৰচিত কবিতাবোৰে বিভিন্ন সময়ত বহুতো কাকত-আলোচনী, স্মৃতিগ্ৰন্থৰ পাতত প্ৰকাশৰ মুখ দেখিছিল ছেগা-চোৰোকাকৈ। তাৰে কিছু কবিতা আৰু শেহতীয়াকৈ ৰচিত কেই টামান কবিতাৰে এই সংকলনটি সজাই তোলা হৈছে।
পাঠকৰ আনন্দ আৰু তৃপ্তিতেই লেখকৰ সাধনা সার্থক হয়। সহৃদয় পাঠকবৃন্দই আগ্রহেৰে কাব্যগ্রন্থখনি আকুৱালি ল'ব বুলি আশা থাকিল।

পঢ়াৰ লিংক
👇https://drive.google.com/file/d/1C9tFW4XtyIFeMXchpURBDi0VVBKLPYoB/view?usp=drivesdk
👇
মায়াবিনী আউসীৰ এটি জোনাকী-ৰাহুল চেতিয়া
https://jonakimegazine.blogspot.com/2024/02/blog-post_15.html




Sunday, January 21, 2024

জীৱনৰ শুকান কুঁহিপাত:ৰাহুল চেতিয়া

 জীৱনৰ শুকান কুঁহিপাত




জীৱন জীৱন বৰ অনুপম।পোৱা-নোপোৱাৰ মাজেৰে পাৰ হৈ গৈ আছে সকলোৰে জীৱনটো।জীৱনত হয়তো কেতিয়াবা আপুনি বিপদত পৰিছে,  হয়তো কিছু সমস্যাৰ সন্মুখীন হব লগা হৈছে আৰু আপুনি সেই সমস্যাৰ সমাধান কৰিবলৈ চেষ্টা কৰিছে যদিও সমাধানসূত্ৰ উলিয়াব পৰা নাই।পৰিয়ালৰ মানুহ বোৰ,আত্মীয়-স্বজন আৰু বন্ধু-বান্ধৱীৰ পৰা সহায় বিচাৰিছে যদিও বিভিন্ন অজুহাত উলিয়াই লৈ আপোনাৰ কাষৰ পৰা আঁতৰি গৈছে, চিনাকি মানুহ বোৰৰ মুখ বোৰ যেন ক্ৰমান্বয়ে অচিনাকি হৈ পৰিছে।আপোনাৰ এইটো সময়ত হয়তো সাত জন্ম একে লগে থাকিম বুলি হোমৰ আগত শপত খাই বিবাহ-পাশত আৱদ্ধ হোৱা পত্নীও আপোনাৰ ওচৰত থিয় নিদিব পাৰে। হয়তো সেই মুহূৰ্তত আপোনাৰ মনলৈ হাজাৰ প্ৰশ্ন আৰু ভয় উদয় হব। আপোনাৰ বিশ্বাসী সকলোৱে যেতিয়া বিপদৰ সময়ত সংগ নিদিব তেতিয়া হয়তো আপুনি আপোনাৰ বিশ্বাসী মানুহ বোৰৰ বাবে আপুনি কিমান গুৰুত্বপূৰ্ণ বুজি উঠিব।কিন্তু সেইটো সময়ত আপোনাৰ হয়তো মনলৈ  এজন মানুহ আহিব যি জনে  আপোনাৰ এই সময়ত দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি আপোনাৰ জীৱনটোৰ সকলো মান-সন্মান,ধন-সম্পত্তি, সকলো নিমিষতে শেষ কৰিব পাৰে। কিন্তু আপোনাৰ এই অৱস্থা কথা জানিও তেওঁ আপোনাক একো নকৰিলে। বৰঞ্চ আপোনাৰ সমন্ধীয় আগত আপোনাৰ এই অৱস্থাৰ  কি কাৰণে হল কোৱা শুনিব।হয়তো আপুনি এইবোৰ শুনি আচৰিত হব, বিশ্বাস নকৰিব। কিন্তু জীবনে কেতিয়াবা এনে কিছুমান শিক্ষা দিয়ে যাৰ পৰা আপুনি উপলব্ধি কৰিব যে___" আজিৰ যুগত অবিশ্বাসী হাজাৰ বন্ধু-আত্মীয় থাকিলেও লাভ নাই যিয়ে নেকি বিপদৰ সময়ত অচিনাকি হৈ পৰে। এজন বিশ্বাসী শত্ৰু থকাটোৱেই ভাল যিয়ে নেকি আপুনি বিপদত পৰি নিসংগ হৈ থকা জানিও আপোনাক আক্ৰমণ কৰিবলৈ চেষ্টা নকৰে।।"

গতিকে সচাকৈ জীৱনটো বৰ বিচিত্ৰময়। জীৱনে কেতিয়াবা স্কুলৰ পাঠদানত নিশিকোঁৱা কিছু সংখ্যক শিক্ষা প্ৰদান কৰে কেনেকৈ জীৱনটো নিজৰ দ্বাৰা পৰিচালিত কৰিব পাৰি, কেনেকৈ জীৱনত আপোন মানুহ বোৰৰ আচল ছবিখন সকলোৰে মাজত উদঙাব পাৰিব।আহক সকলোৰে নিজৰ সাধ্য অনুসৰি জীৱনটো উপভোগ কৰোঁ।


ৰাহুল চেতিয়া,চিলাপথাৰ,৬০০৩০৯৮২৩৩


Sunday, July 02, 2023

এণ্টাকটিকা দীঘলীপুখুৰী

 অনুগল্প

এণ্টাকটিকা দীঘলীপুখুৰী




আন দিনাৰ দৰে ৰাজে ৰাতিপুৱা শুই উঠি হকাৰে দি থৈ যোৱা  বাতৰি কাকতবোৰৰ  শীৰ্ষ শিৰোনামা সমূহত চকু ফুৰাব লওঁতে নিয়মীয়া বাতৰি কাকত এখনৰ এটি শিৰোনামাত তাৰ চকু স্তব্ধ হৈ পৰিল।তাত ডাঙৰ ডাঙৰ আখৰে লিখা আছিল-" গুজৰাটী বণিয়াৰ হাতত ঐতিহাসিক দীঘলীপুখুৰী।পোন্ধৰ বছৰৰ বাবে লীজত দিলে পৰ্যটন বিভাগে।"

    খবৰটো অসমৰ চাৰিওকাষে জনাজাত হবলৈ বেছি সময় নালাগিল।দল-সংগঠন সমূহে দীঘলীপুখুৰী পাৰত শ্লোগান দি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ চেষ্টা কৰা দেখা গল।পৰ্যটন বিভাগৰ পৰা স্পষ্টীকৰণত জনোৱা হল যে দীঘলীপুখুৰীৰ চোৱাচিতা দায়িত্ব পৰ্যটন বিভাগে কৰিব।কিন্তু জনসাধাৰণৰ মনত এটি প্ৰশ্নই আমনি কৰি থাকিল-টিকটত দীঘলী পুখুৰীৰ ঠাইত কিয় এণ্টাকটিকা দীঘলীপুখুৰী কৰা লগতে মূল্য বৃদ্ধি কৰা হ'ল! নে ইয়াত কিবা চৰকাৰৰ অভিসন্ধি লুকাই আছে?



ৰাহুল চেতিয়া,চিলাপথাৰ,৬০০৩০৯৮২৩৩

Tuesday, March 28, 2023

জীৱনৰ পংক্তি:ৰাহুল চেতিয়া

 জীৱনৰ পংক্তি


সেই তাহানিতে মুক্ত আকাশৰ তলত 

নিঃসংকোচে এৰি দিয়া

 মৌনতাবোৰ,

আজি দেখোঁন 

হৃদয়ৰ সভাষদ হলহি!


মৌন ওঁঠেৰে হৃদয়ৰ গোপন কোঠাত

বোৱাই লৈ ফুৰা সেউজীয়া হাবিয়াসবোৰ,

আজি কাল:ধুমুহাত ক্ষত বিক্ষত হৈ

সন্মুখতে ধ্বংসাৱশেষত পৰিণত হল।


প্ৰাপ্তি-অপ্ৰাপ্তিৰ 

হাবিয়াসত

কৃটিম অকৃটিম মৰম স্নেহ,

মান-অভিমান অনুৰাগেৰে

প্ৰেমৰ  উতনুৱা ঢল।


পৰিসমাপ্তি হওঁক

প্ৰাপ্তি-অপ্ৰাপ্তিৰ,

ৰাগ-অনুৰাগৰ,

সেই দেওলগা অতীতবোৰৰ,

জীৱনৰ  বীজগাণিতিক সমস্যাৰ পৰিসংখ্যা বোৰ।



আজিও অদূৰত ভাঁহি আছে

ধেমাজিৰ সেই বোমা বিস্ফোৰণত

নিহত হোৱা কণ কণ শিশুবোৰৰ আস্ফালন বোৰ,

সন্মূখত স্মশাণৰ ছৱি 

গা শিয়ঁৰি উঠা দৃশ্য!

আজি  অসংখ্য শিখাই সোঁৱৰে

জাক জমকতাৰে ।


হৃদয়ৰ অনুকম্পাত 

জোকাৰণি তুলি ওলাই আহে

দুখেৰে পৰিপূৰ্ণ

মৌনতাৰ ওঁঠত,

হৃদয়ে বোৱাই অনা 

চিৰ প্রসস্তি হাঁহি।।


✍️ৰাহুল চেতিয়া,চিলাপথাৰ,

Wednesday, March 22, 2023

প্ৰেমৰ নীলা কবিতা,

 🔵প্ৰেমৰ নীলা কবিতা:


আজি তোমাক 

প্ৰেমৰ সূত্র অনুযায়ী

প্ৰস্তাৱ দিম,

দলিয়াই নিদিবা তুমি!

ঠিক ৰাতি বাৰ বজাত,

তোমাৰ হৃদয়ৰ

দুৱাৰ খন খুলি থবা তুমি!

হাতত সাৰে কৰি হৃদয়ৰ

দেৱালৰ পাইপেৰে বগাই যাম

তোমাৰ অন্তৰৰ খিৰিকীৰ সন্মুখ ভাগৰলৈ....

তোমাৰ  ওঁঠত ওঁঠ গুজি,

চকুত চকু থৈ,

 জুখিব খোজো কিমান গভীৰ বুকুৰ উশাহ,

চকুত চকু থৈ জুখিব পাৰিম

  আকুল প্ৰেমৰ ভাষা,

তোমাৰ তপত গালত চুমা আঁকি,

অবুজ তৃপ্তিৰে আনিব বিচাৰোঁ

অনাবিল শান্তি হিয়াত।

খোদিত কৰিব বিচাৰো

তোমাৰ উঠাম বুকুত

মোৰ প্ৰেমৰ বাসনা,

আজি তোমাক প্ৰেমৰ প্ৰস্তাৱ দিম,

দলিয়াই নেপেলাবা তুমি!

তোমাৰ গুলপীয়া ওঁঠত আঙুলি বুলাই,

ওখ-চাপৰ বুকুৰ পৃষ্ঠ ভূমিত

ৰুব বিচাৰো মোৰ মৰমৰ বীজ।

প্ৰবল শীতৰ জাৰে

আঁচোৰ পেলোৱা দেহক,

উত্তপ্ত কৰিব বিচাৰো

তোমাৰ উমাল মৰমেৰে।

লিখিব বিচাৰো 

তোমাৰ মোৰ প্ৰেমক লৈ

এক নীলা কাব্যৰ

আধা লেখা দস্তাবেজ।।


✍️ৰাহুল চেতিয়া,নিলখপূৰ,চিলাপথাৰ

Wednesday, February 22, 2023

জীয়াই থকাৰ যুদ্ধ:ৰাহুল চেতিয়া,

   🔴 জীয়াই থকাৰ যুদ্ধ

দুনয়নত অলেখ অযুত স্বপ্ন লৈ

প্ৰাপ্তি-অপ্ৰাপ্তিৰ দোমোজাত

ভাগৰুৱা প্রেমিক হৃদয়ৰ

শব্দবোৰ মৌন হৈ

জীয়াই থকাৰ কামনাত আবদ্ধ হৈ

অপূৰ্ণ আশাৰ

পৰিকল্পিত প্ৰতিশ্ৰুতি

আয়-ব্যয়ৰ হিচাপ গণি

মুক্ত হস্তে 

প্ৰেমৰ নাও খনি মেলি

হাঁহি হাঁহি বুৰাই পেলাওঁ

মাজ সাগৰত

জীৱন যুঁজৰ পালতৰা নাওখনি।


✍️ৰাহুল চেতিয়া,নিলখপূৰ,চিলাপথাৰ

দুৰভাষ:৬০০৩০৯৮২৩৩

Tuesday, February 21, 2023

আধা লেখা দস্তাবেজ ২:ৰাহুল চেতিয়া

                   🔴আধা লেখা দস্তাবেজ ২:



জীৱনটো উত্থান-পতনেৰে ভৰি আছে।  কেতিয়াবা আপোনাৰ নিয়ন্ত্ৰণৰ বাহিৰৰ পৰিস্থিতি আহি আপোনাক ভৰিৰ পৰা খুন্দা মাৰিবলৈ চেষ্টা কৰে আৰু যিকোনো বস্তুতে ৰূপালী আৱৰণ বিচাৰি পোৱাটো কঠিন হ’ব পাৰে।  আমাৰ চৌপাশৰ জগতখনলৈ চাই যিকোনো বস্তুৱেই সলনি হ’ব বা আমাৰ প্ৰভাৱ পেলোৱাৰ ক্ষমতা আছে বুলি কুৎসিত হোৱাটো সহজ হ’ব পাৰে।  জীৱনটো পোহৰতকৈ অধিক আন্ধাৰ অনুভৱ হ’লে কাঁচৰ আধা খালী মানসিকতাৰ বিৰুদ্ধে যুঁজ দিয়াটো কঠিন, কিন্তু তলত আমাৰ প্ৰিয় কিছুমান মানুহৰ পৰা সংগ্ৰহ কৰা উক্তিবোৰৰ পৰা আমি শিকিছো যে প্ৰতিটো দিন পাৰ কৰিবলৈ ইতিবাচক মনোভাৱ বিচাৰি উলিওৱা আৰু বজাই ৰখাটো গুৰুত্বপূৰ্ণ  আৰু আনকি আমাক ফুলি উঠা জীৱনলৈও লৈ যাব পাৰে।
আপোনাৰ জীৱনলৈ অধিক ইতিবাচকতা অনাৰ এটা উপায় হ’ল মানুহৰ সৈতে বন্ধুত্ব আৰু সংযোগৰ বাবে ঠাই দিয়া যিটো ইতিবাচকও।  এই সম্পৰ্কবোৰে আমাৰ জীৱনৰ সেই বস্তু আৰু মানুহবোৰক উজ্জ্বল কৰি তুলিবলৈ আচৰিত কাম কৰিব পাৰে, যাৰ বাবে আমি কৃতজ্ঞ।  দৈনিক কৃতজ্ঞতাই আপোনাৰ জীৱনৰ সৰু সৰু আৰু লগতে গভীৰ কথাবোৰৰ প্ৰতি সজাগতা আনিব পাৰে যিবোৰ দৈনন্দিন উপহাৰ।  জীৱনলৈ অধিক ইতিবাচকতা অনাৰ আন এটা উপায় হ’ল নিজৰ মাজতে ঘৰত থকাৰ কঠোৰ পৰিশ্ৰম কৰা আৰু আত্মপ্ৰেমৰ অভিজ্ঞতা লাভ কৰা।  নিয়মীয়া আত্ম-যত্নৰ জৰিয়তে হওক, জাৰ্নেলিং, থেৰাপী, ব্যায়াম বা ওপৰৰ সকলোবোৰৰ সংমিশ্ৰণৰ জৰিয়তে হওক, আমি যিদৰে আছো তেনেদৰেই নিজকে ভাল পাবলৈ শিকাটোৱে কেৱল আভ্যন্তৰীণ শান্তিৰ গভীৰ অনুভৱত অৰিহণা যোগোৱাই নহয়, অন্যান্য কঠিন কামৰ প্ৰতি আমাৰ মানসিকতাও সলনি কৰে  আমাৰ জীৱন।  আপুনি এজন অবিশ্বাস্য ব্যক্তি যিয়ে কঠিন কাম কৰিব পাৰে, আৰু যদিও এতিয়া ইয়াৰ দৰে অনুভৱ নহ'বও পাৰে, কিছু উক্তিৰ মাজেৰে গৈ আপোনাৰ খোজত অলপ উত্তেজনা দিব আৰু আপোনাৰ মুখত হাঁহিব।

Life is very unique. Life is passing through Achievements and unachievers. Don't know where this end?

জীৱন জীৱন বৰ অনুপম. পোৱা আৰু নোপোৱাৰ মাজেৰে পাৰ হৈ গৈ আছে জীৱনটো।জীৱনত সপোন বহুত দেখা যায়। সপোন সপোন হৈয়ে ৰয়। জীৱনত নোপোৱাৰ দুখতকৈ পাই হেৰুৱাৰ দোষ বৰ বিষাদময়। সেয়েহে চাগে আমি নোপোৱাৰ দুখ বোৰ আনৰ ওপৰত জাপি দি সুখ অনুভৱ কৰোঁ।জীৱনটো এখন বোৱতী নৈ দৰে। কুলু কুলু কৈ নিজৰা পানী পাহাৰৰ পৰা বৈ আহোঁতে যেনেকৈ শিলৰ সৈতে ঠেকা খাই আহি বিশাল সাগৰত পৰেহি তেনেকৈ আমাৰ জীৱনটো প্ৰাপ্তি-অপ্ৰাপ্তিৰ প্ৰতিযোগিতাৰ মাজেৰে পাৰহৈ আহি থাকে এক নতুনত্বৰ দিশে প্ৰতিদিনে। গতানুগতিক ভাবে গৈ থাকে জীৱনটো অন্য এক সপোনৰ সৃষ্টিৰ দিশে।জীৱনটো এখন বঠা হীন নাওৰ দৰে। যেতিয়া বিশাল সাগৰৰ ঢৌত বঠাহীন নাও খনি টুলুং ভুটুং কৈ উটি ভাঁহি থাকে, বঠাৰ অবিহনে নাও খনৰ কোনো গুৰুত্ব নাইকিয়া হয় সেই দৰে আমাৰ জীৱনটো সুখ-দুখ, হাঁহি-ধেমালি অবিহনে যেন জীৱনটো আধৰুৱা হৈ পৰে।

কোনোবাই কৈছিল- "keep smiling, because life is beautiful things and there's so much  to smile about."

আজি কালি আমি নিজকে জীৱ শ্ৰেষ্ঠ মানুহ বুলি পৰিচয় দি ভাল পাওঁ।সেয়েহে চাগে নিজৰ দুখ সমূহ আনৰ ওপৰত জাপি দি পৰম সুখ অনুভৱ কৰোঁ। অবৈধ সম্পৰ্ক কৰি যেতিয়া তাৰ ফলাফল হিচাপে নিষ্পাপ দেৱশিশুৰ জন্ম হয় টোপোলা পাতি ডাছবিন নতুবা নলাত পেলাই নিজৰ পাপ লুকুৱাব বিচাৰি দানৱৰ ৰূপ লওঁ।এয়াই জীৱ শ্রেষ্ট মানৱ আমি।

ধৰ্ম,ভাষা,সাম্প্ৰদায় নামত ৰাজনীতি কৰা এয়াই আমাৰ জীৱ শ্রেষ্ট মানৱৰ উদাৰতা। আজি কালি নিজকে অসমীয়া বুলি পৰিচয় দিবলৈ ভয় লাগে। চাৰিও ফালে দেখোন মাথোঁ কোচ-কলিতা, টাই-আহোম, মটক,মৰাণ চুতীয়া আদি সাম্প্ৰদায় মানোভাব থকা মানুহেৰে পৰিপূৰ্ণ। ইয়াৰ উপৰি ধৰ্ম আৰু ভাষা বাদ নপৰিল। এক শৰণ নামধৰ্ম আৰু বৈদিক সনাতনৰ বিভেদগামী মনোভাব পোষণ কৰা এচাম মানুহে নিজৰ সন্তানক ধৰ্মৰ নামত শিক্ষা দিবলৈ ধৰিলে। অসমীয়াৰ সংজ্ঞা দিবলৈ হলে বিদ্ধান পণ্ডিতৰ আৱশ্যক হব লগা হল।


✍️ৰাহুল চেতিয়া,নিলখ পূৰ,চিলাপথাৰ,

Tuesday, February 14, 2023

শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ

 কৃষ্ণ,পৰম ভক্তি ভাজন ভকত বৈষ্ণৱ আই বাপ সমস্ত,

আপোনাৰসৱৰ শ্ৰীচৰণত প্ৰাণিপাত জনাই জোনাই জিলাৰ আতিথ্যত চিমেন চাপৰি পৰমানন্দ আতাৰ সমন্বয় ক্ষেত্ৰৰ পৰা ৯২ সংখ্যক বাৰ্ষিক শ্ৰীমন্তশংকৰদেৱ সঙ্ঘৰ বাৰ্ষিক অধিবেশনলৈ স্বাগতম জনাই নিবেদন  কৰিছোঁ এটি কবিতা।


কথা:ৰাহুল চেতিয়া


শ্ৰীমন্ত শংকৰদেৱ সঙ্ঘ

৯২ সংখ্যক বাৰ্ষিক অধিবেশন

 পৰমানন্দ আতাৰ সমন্বয় ক্ষেত্ৰ আজি

বৈকুণ্ঠপুৰী হ'ল,

ভকত-বৈষ্ণৱৰ

কৃষ্ণ নামে মুখৰিত হ'ল।

অগণন ভকত বৈষ্ণৱৰ

হৰিনাম ধ্বনিৰে 

জোনাই জিলাত ইতিহাস ৰচিলে,

 ২০২৩ চনৰ ফেব্ৰুৱাৰী  মাহৰ

১০,১১,১২ তাৰিখত অধিবেশনে

জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে

গুৰুজনাৰ আৰ্দশ প্ৰতিষ্ঠা কৰিলে।

ভকত বৈষ্ণৱক আদৰি 

পবিত্ৰ কৰিলে,

মিলনৰ সাঁকো খনিত

গাইনদী, চিমেনে

বিস্তাৰ কৰিলে,

পবা অভয়াৰণ্যই

সমন্বয়ৰ তীৰ্থ সেতু বান্ধিলে।

শ্ৰীমন্ত শংকৰদেৱ সঙ্ঘ

এক শৰণ হৰিনাম ধৰ্ম,

ভক্তিৰ সাগৰ খনি

জোনাই মাজেৰে

আছে প্ৰবাহিত হৈ,

ভকত বান্ধৱ সৱে

স্নান কৰে

 ভকত ভগৱন্তৰ আশীষ লৈ।

এক দেৱ,এক সেৱ

এয়েই মূলমন্ত্ৰ,

হৰিনামৰ ধ্বনিৰে 

মুখৰিত আজি

পৰমানন্দ সমন্বয় ক্ষেত্ৰ।

এক দেৱ, এক সেৱ

সজাই ন সাজে,

কৃষ্ণৰ গুণগান 

ভকত-বৈষ্ণৱৰ হৃদয়তে বাজে।

নানা ফুলৰ নানা ৰঙে 

গাঁঠি মালাধাৰি,

জাতি ধর্ম ভিন ভাৱ আঁতৰাই

পিন্ধালা ধৰ্মৰ মালা সকলোকে আদৰি।

চেৰেং পথাৰত বাজিছে 

কৃষ্ণৰ আশীষ বাণী,

সকলোকে বিলাই দিয়া 

অল্প কালত লভিবলৈ 

হৰি নামৰ শান্তি পানী।

ভকতৰ সব অভয়

চৰণতে পৰোঁ,

ভক্তিৰ আজ‍লি দি

সাদৰৰে প্ৰাণিপাত কৰোঁ।।


✍️ৰাহুল চেতিয়া, নিলখপুৰ,চিলাপথাৰ,

যোগাযোগ:৬০০৩০৯৮২৩৩

Tuesday, February 07, 2023

পুতলা নাচ:ৰাহুল চেতিয়া

 পুতলা নাচ:





 পুতলা নাচক ভাৰতীয় নাট্য সাহিত্যৰ আদি বুলি কোৱা হয়৷ পাচালী সাহিত্য নামৰ পাচালিকাৰ পৰা উদ্ভৱ হোৱা সাহিত্যৰ মূলো হৈছে এই পুতলা৷ পুতলা নাচত নৃত্য-গীত আৰু নাটকীয় মুদ্ৰাৰ সংযোগ ঘটে৷ এই পুতলা নাচক আন্তঃৰাষ্ট্ৰীয় সাংস্কৃতি অসমৰ অন্যতম প্ৰাচীন কলা-সংস্কৃতি হ’ল পুতলা নাচ৷ পুতলা শব্দৰ আভিধানিক অৰ্থ হ’ল আনৰ দাৰা পৰিচালিত হোৱা৷ একাদশ শতিকাৰ আগৰ পৰাই অসমত পুতলা নাচৰ প্ৰচলন আছিল৷ শংকৰদেৱৰ লেখনিতো পুতলা নাচৰ বিষয়ে প্ৰকাশ পাইছিল ‘গোপীক নচান্ত যেন চায়া পুতলাক’৷ আনকি সত্ৰতো পুতলা নাচৰ অভিনয় প্ৰদৰ্শন কৰাৰ বিষয়ে জানিব পৰা যায়৷ একাদশ শতিকাৰ পূৰ্বৰ পৰা কেইটিমান দশকৰ পূৰ্বলৈকে পুতলা নাচে এক অভূতপূৰ্ব জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল৷ অসমীয়া জাতীয় জীৱনৰ সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ পুতলা নাচ৷ এই পুতলা নাচৰ পৰিসৰ বৃদ্ধি কৰি একাংশ সংস্কৃতিৱান ব্যক্তিয়ে এই সংস্কৃতিক পুতলা থিয়েটাৰৰ ৰূপ দিলে আৰু ভ্ৰাম্যমাণ ৰূপত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ এই সংস্কৃতি প্ৰদৰ্শন কৰি গৈছিল৷ সমাজৰ বিভিন্ন অনুষ্ঠানৰ লগতে বিভিন্ন উপলক্ষত পুতলা নাচ প্ৰদৰ্শন কৰা দেখা গৈছিল৷ কিন্তু সময় গতিশীল৷ সময়ৰ পৰিবৰ্তনৰ লগে-লগে সলনি হয় সভ্যতা-সংস্কৃতি৷ পাৰ হৈ যোৱা সময় অতীত হোৱাৰ দৰেই ক্ৰমাৎ অতীত হোৱাৰ উপক্ৰম হৈছে পুতলা নাচ৷ যান্ত্ৰিকতাৰ ধামখুমিয়াত ক্ৰমাৎ হেৰাই যোৱাৰ উপক্ৰম হোৱা পুতলা নাচক কিন্তু জীয়াই ৰখাৰ আপ্ৰাণ চেষ্টাত ব্ৰতী হৈছে ধেমাজি নিলখপুৰৰ এজন ব্যক্তি৷ যাদৱ ভৰালীৰ একান্ত অপ্ৰাণ চেষ্টাত ত্ৰিনয়ন পুতলা নাচ থিয়েটাৰ পুনৰ মূৰ দাঙি ২০২৩-২৪ বর্ষত নতুন উদমেৰে, ন-পুৰণি কলা-কুশলী লৈ আটক-ধুনীয়া তিনিখন নৃত্য নাতিকা, তিনিখন নাট ক্ৰমে:- সীতা হৰণ বালি বধ, বাসুদেৱ দৈৱকীৰ বাহি বিবাহ,সাবিতী সত্যবান পৰিবেশন কৰিবলৈ প্ৰস্তুতি চলাইছে।বিগত দুটা বছৰৰ কোৰোনাসৃষ্ট পৰিৱেশত হঠাতেই স্থৱিৰ হৈ পৰিল এই পুতলা থিয়েটাৰ সমূহত গৰিষ্ঠসংখ্যক পুতলা থিয়েটাৰ বন্ধ হৈ পৰিল৷ যিকেইখন চলি আছে যিকোনো মুহূৰ্ততে চিৰদিনৰ বাবে বন্ধ হৈ যোৱাৰ উপক্ৰম হৈছে৷  অতি শোচনীয় আৰ্থিক অৱস্থাৰে চলি থকা পুতলা নাচৰ এই সংস্কৃতিক যদি চৰকাৰে সহযোগিতা আগনবঢ়াই যিকোনো মুহূৰ্ততেই চিৰদিনৰ বাবে হেৰাই যাব এই সংস্কৃতি৷


✍️ৰাহুল চেতিয়া

Tuesday, January 03, 2023

স্বাগতম:ৰাহুল চেতিয়া

 ◾️স্বাগতম 

হে নৱ পুৰুষ

আদৰণি জনাইছোঁ তোমাক

কঢ়িয়াই লৈ আহা যেন

সুখ,শান্তি সমৃদ্ধিৰ

এক নতুন যুগৰ পাতনি

সুখ বোৰ বুটলি 

হাঁহিময় কৰি তোলক

সকলোৰে জীৱন।


বিদায় হে প্ৰস্থানগামী পুৰুষ

অনুগ্ৰহ কৰি আকৌ 

 নাহিবা উলটি তুমি.  

নিলিখিবাহি মহামাৰী

হত্যা,লুণ্ঠন,ধৰ্ষণ,অপহৰণ, ধনদাবী

ক'ত কি মুখা পিন্ধা

দানৱৰ ধ্বংসী কাহিনী।

জীপাল হবলৈ দিয়া

শত জনৰ আশা-ভৰক্ষা,

সতেজ হবলৈ দিয়া

 হৃদয়ৰ শুকান পাতখিলা

 নিয়ৰত আজি তিতিবলৈ দিয়া…

গোপনে, নিৰৱে তাক 

টোপ টোপ কৈ

নিয়ৰৰ টুপালত

জীপাল হবলৈ দিয়া

ভালপোৱা বোৰেও 

জিৰণি লৈ

প্ৰতিজন ব্যক্তিক হৃদয়বান কৰক

নিয়ৰ সনা পুৱাৰ

নৱ স্বপ্ন,নৱ আশা প্ৰেৰণাই

সকলোৰে জীৱন আলোকিত কৰক।।


🔴ৰাহুল চেতিয়া,

মুখ্য সম্পাদক, জোনাকী

Tuesday, December 20, 2022

কবিতা:ৰাহুল চেতিয়া

 কবিতা



মই তোমাৰ মুখ,

 তোমাৰ মাত, 

তোমাৰ চুলিৰ বাবে হাহাকাৰ কৰি আছো।

 নিস্তব্ধ আৰু অনাহাৰে ৰাস্তাবোৰত

 ঘূৰি ফুৰো।

 ৰুটিয়ে মোক পুষ্টি নিদিয়ে,

ভোৰভোৰাই মোক বিঘ্নিত কৰে, 

গোটেই দিনটো

 তোমাৰ খোজৰ তৰল পৰিমাপটো

 চিকাৰ কৰোঁ।


 তোমাৰ চিকচিকিয়া হাঁহিটোৰ বাবে 

মোৰ ভোক,

 তোমাৰ হাতবোৰ বনৰীয়া শস্যৰ ৰং,

 নখৰ শেঁতা শিলৰ বাবে ভোক,

 তোমাৰ ছালখন গোটা আলমণ্ডৰ দৰে খাবলৈ মন যায়।


 তোমাৰ মৰমলগা শৰীৰত

 জ্বলি থকা সূৰ্য্যৰ ৰশ্মি খাবলৈ মন যায়,

 তোমাৰ অহংকাৰী মুখৰ সাৰ্বভৌম নাক,

 তোমাৰ লেশ্বৰ ক্ষন্তেকীয়া ছাঁ খাবলৈ মন যায়,


 আৰু মই ভোকত খোজ কাঢ়ি ঘূৰি ফুৰো, গোধূলিৰ হুমুনিয়াহ কাঢ়ি,

 তোমাৰ বাবে, তোমাৰ গৰম হৃদয়ৰ বাবে চিকাৰ কৰা,

 কুইট্ৰাটুৰ বন্যাৰ্তত থকা পুমাৰ দৰে

Tuesday, December 13, 2022

মই যোৱাৰ পাছত:ৰাহুল চেতিয়া

 মই যোৱাৰ পাছত:



মই যোৱাৰ পাছত


 উপলব্ধি কৰিবা তুমি


 বাৰে বাৰে মোৰ নীসংগতা !


 যেতিয়া লৈকে কাষত আছিলো


 এদিনো মৰমৰ মাত এষাৰ নিদিলা.....


 অকল গালিয়েই দি থাকিলা


 এতিয়া মই নাই কাষত ,


 বুজি পাবা মোৰ মূল্য কিমান?


 মোৰ ঠাই কোনেও লব নোৱাৰে


 অকল মই  পাৰিছিলো।


 আজি তুমি অনুতপ্ত!


 যেতিয়ালৈ জীয়াই থাকিবা


 মৰমত আৰু প্ৰেমেৰে জীয়াই থাকিব শিকিবা


 নাজানো কত কেতিয়া তুমি মৰিবা..


 মই মৰা পাছত


 মোৰ গুণ-গান গাই লাভ নাই


 জীয়াই থাকোতে যদি নেগাই,


 মৰাৰ পাছত কান্দিলে কি হব ?


 জীয়াই থাকোতে শান্তি আৰু মৰম নিদিলে ,


 যদিহে দিব বিচৰা


 জীয়াই থাকোঁতেই


 মৰম আৰু শান্তি দিয়া..


  মই যোৱাৰ পাছত


 কন্দাৰ নাটক কৰি


 কিবা জানো সাৰ্থক হব?


 ভগবানে টো জানে মই কেনেকুৱা!


 মানুহ বোৰক মূৰ্খ বনাইছাঁ কিয়?


 নে তুমি  মূৰ্খ তেনেকুৱা..


 মৰাৰ পাছত নোসোধে


 কিমান কাজিয়া কৰিলে!


 সুধিব মাথোঁ


 জীয়াই থাকোতে কিমান সহযোগ কৰিলে?


 সম্পৰ্ক বোৰ সঁচা প্ৰেম আৰু মৰমত কৰিবা ।


 সম্পৰ্কৰ গম্ভীৰতাক বুজাবা


 কাজিয়া কৰিও লাভ নাই ,


 জীৱনৰ মূল মন্ত্ৰ হ'ল প্ৰসন্নতা


 ইয়াৰ কাৰণেই


 তুমি , মই জীয়াই আছিলোঁ


 এতিয়া মই যোৱাৰ পাছত


 সদায় সুখত থাকিবলৈ শিকিবা


 জীৱনটো মৰম আৰু প্ৰেমেৰে পাৰ কৰিবা।


◾ৰাহুল চেতিয়া


নিলখ পূৰ 


চিলাপথাৰ ,

জীৱন: ই এক অনুভৱ:ৰাহুল চেতিয়া

 জীৱন: ই এক অনুভৱ

জীৱন জীৱন বৰ অনুপম,

প্ৰাপ্তি আৰু অপ্ৰাপ্তিৰ মাজেৰে 

পাৰ হৈ গৈ আছে এই জীৱনটো...

জীৱন এক শব্দ!

হৃদয় ভৰা আবেগ!

ইয়াৰ ঢৌঁত আছে অলেখ লহৰ

জীৱনত স্বপ্ন স্বপ্ন হৈয়ে ৰয়

জীৱন এক প্ৰেম ভৰা ক্ষন্তেক

যাৰ স্পন্দনত আছে অলেখ আবেগ,

আবেগৰ চকুলোত 

নি:শেষঃ হৈ যায় 

শত জনৰ অলেখ সপোন....

জীৱনটো যেন এক অবুজ সাঁথৰ

জীৱন জীৱন যেন বৰ অনুপম...

জীৱনটো যেন এক মতলীয়া বতাহ

যান্ত্ৰিকতাৰ বাবে সলনি হৈ গতিশীলতা!

জীৱনটো যেন এক জিৰণি ঠাই

শেষ হয় আইৰ কোলাত।।।।


ৰাহুল চেতিয়া

নিলখপুৰ চিলাপথাৰ

Tuesday, December 06, 2022

উভতি নাহা তুমি:ৰাহুল চেতিয়া

 কবিতা

উভতি নাহা তুমি



মই জানো তুমি নাহা,

নাহা তুমি মোৰ কাষৰলৈ,

এবাৰেই আহিছিলা যি

জীৱন সংগী হৈ

অকলশৰীয়া কৰি 

গুচি গলা দূৰ দিগন্তলৈ।

মই জানো কোনোদিনেই নাহা

মাথোঁ তুমি মোক জীয়াই থাকিবলৈ শিকাই

গুচি গলা স্বৰ্গগামী হৈ,

দি থৈ গলা মোক জীৱন যন্ত্ৰণাত

তোমাৰ স্মৃতিৰ সৈতে জীয়াই থাকিবলৈ।।

মই জানো তুমি নাহা

এবাৰেই যি আহিলা

 গুচি গলা এবাৰতে,

যতে আছা

থাকা যেন সদায় সুখতে।।।


✍️ৰাহুল চেতিয়া

নিলখ পূৰ চিলাপথাৰ

Tuesday, November 29, 2022

লাচিতৰ দেশৰ লৰা মই:ৰাহুল চেতিয়া

 "লাচিতৰ দেশৰ লৰা মই"



মোৰ হৃদয়ৰ আৱেষ্টনীত 

গঢ় লৈ উঠিছে কিছু মহানুভৱতা,

ইকাণ-সিকাণ কৰি

দশোদিশ উভৈনদী,

বিয়পি পৰিব ধৰিত্ৰীৰ

চুকে কোণে ।

উদং হৃদয়ৰ

প্ৰতিটো কোঠালিত

 অবিচ্ছিন্ন ভাৱে 

 পৰিত্যক্ত হৈ

পৰি আছে

 দেশ ভক্তিৰ টুকুৰাবোৰ

অজ্ঞানিতে....

প্ৰতিটো প্ৰভাতকেই

নতুনত্ব ৰূপ দি

সম্ভাষণ জনাম

নিৰ্জীৱতাৰ ঐশ্বৰিক শকতিক,

শান্তি দানৰ প্ৰতিশ্ৰুতিৰে

মোৰ দেশ ভক্তিক

কালধুমুহাই

 নি:ছিন্ন কৰিব নোৱাৰে।

প্ৰাপ্তি অপ্ৰাপ্তিৰ চেষ্টাত

বিয়োগাত্মক চিন্তাৰে

স্তব্ধ কৰিব খোজে মোৰ হৃদয়,

বিষাক্ত বা-মাৰলীয়ে ভাঙিব নোৱাৰি

আঘাত কৰে মোৰ চিন্তাধাৰাক

 প্ৰতেক দিনে,

শত্ৰুয়ে পথ কণ্টকময় কৰি

আঁচোৰি ফালিব বিচাৰে

মোৰ কোমল কলিজাটো।

 নিঃস্বাৰ্থ! নিৰ্বলী অবলা নহয় মই

শত্ৰুৰ জয় জয়কাৰে

স্তব্ধ কৰিব নোৱাৰে

মোৰ এই অবিৰত যাত্ৰা।

মৃত্যু এতিয়া সহজ

হুতাশন আন্ধাৰতো

খেদি ফুৰিছোঁ

এজাক পথভ্ৰষ্ট,লক্ষবিহীন

উতনুৱা চেঙেলীয়া যুৱকক,

লাচিতৰ দেশৰ ডেকা লৰা মই

মোৰ স্বপ্ন স্বাধীনতাৰ ভোগজৰা

অপৰাজেয় দূৰন্ত যোদ্ধা মই। 



ৰাহুল চেতিয়া

নিলখপুৰ, চিলাপথাৰ

Tuesday, November 22, 2022

আছে হেংদাং লোৱা নাই, ললে হেংদাং ৰক্ষা নাই:ৰাহুল চেতিয়া

 "আছে হেংদাং লোৱা নাই,
ললে হেংদাং ৰক্ষা নাই।।"

মই ৰাহুলে কৈছোঁ,

লাচিতৰ দেশৰ যুৱক মই,

দেহত আহোমৰ  ৰক্ত,

সত্যবাদী মই, নিৰপেক্ষবাদী মোৰ পৰিচয়,

মানৱৰূপী দানৱৰ চালনাক,

দেশপ্রেমিকৰ দেশদ্ৰোহ,

ক্ষমতালোভীৰ ষড়যন্ত্ৰত,

দেশ খাণ্ডৱদাহ হবলৈ নিদিওঁ,

অপহৰণ,ভ্ৰষ্টাচাৰ, কুলা্ঙ্গাৰ,দুৰ্নীতি,

বিৰুদ্ধে যুঁজি যাম সদায়।

মুক্ত চিন্তাধাৰা, মুক্ত যুজঁ অন্যায় বিৰুদ্ধে,

সত্যৰ বাবে অসত্যৰ সৈতে 

ঐক্যবদ্ধ হৈ  শত্ৰুৰ নিধন যজ্ঞ পাতি

কৰিম সমাপ্ত,

এজন সমাজ সচেতন ব্যক্তিৰ দায়িত্ব।

কেচু খান্দুতে সাপ ওলালেও নকৰোঁ ভয়!

হাজাৰ শিয়ালৰ হোৱাত যুদ্ধক্ষেত্ৰৰ

 পৰা পলায়ন কৰা কাপুৰুষ নহয় মই!

অপেক্ষা অলপ সময় মৃত্যুলৈ

 কেতিয়াও ভয় নকৰোঁ,

কৰোঁ মিছা বদনামলৈ হে..

ভাল কামক সদায় হ'লাগ আৰু বেয়াক বিৰোধিতা কৰাই মোৰ লক্ষ্য উদ্দেশ্য।

মই মুক্ত, দেহত অযুত বল,

অন্যায়ৰ বিৰুদ্ধে যুঁজ দিবলৈ

আছে দেহত ভাবৰ উষ্মা প্ৰবল

জীৱন মৰণৰ যুদ্ধত হৈছো প্ৰবৃত্ত।


✍️ৰাহুল চেতিয়া

Friday, November 18, 2022

লাচিত বৰফুকন

আৰম্ভণি : অসমৰ ইতিহাসত যিসকল বীৰ যোদ্ধাৰ নাম জিলিকি আছে সেইসকলৰ ভিতৰত লাচিত বৰফুকন অন্যতম।ইংৰাজী  ২৪ নৱেম্বৰৰ দিনটো অসমত লাচিত ফুকনৰ বীৰত্ব আৰু শৰাইঘাটৰ যুদ্ধত অসমীয়া সেনাৰ বিজয়ৰ স্মৃতিত লাচিত-দিৱস হিচাপে পালন কৰা হয়।

জন্ম :  বীৰ লাচিত বৰফুকনৰ জন্ম বিষয়ে  তথ্য সঠিককৈ পোৱা নাযায় যদিও ১৬২২ চনৰ ২৪ নৱেম্বৰ তাৰিখে আহোম ৰাজধানী গড়গাঁৱৰ ওচৰে-পাজৰে তেওঁৰ জন্ম  হৈছিল বুলি কোৱা হয়।  মোমাই তামুলী বৰবৰুৱা আছিল তেওৰ পিতৃৰ নাম আৰু মাতৃৰ নাম আছিল নাগেশ্বৰী। তেওঁৰ দেউতাক আছিল ম'-ছাই চেং কালুক যি আহোমৰ লান-ফিমা বংশৰ আছিল। লাচিত আছিল ম'-ছাইৰ সপ্তম পুত্ৰ  তেখেতৰ ভাতৃৰ নাম মবাও-লাও আৰু লাপেট-লাও, ভগ্নীৰ নাম লাইছেং। জন্মসূত্ৰে তেওঁৰ নাম আছিল লা-চিত৷


শিক্ষা- ৰাজ পৰিয়ালত জন্মগ্ৰহণ কৰা লাচিতে সামৰিক আৰু অসামৰিক দুয়োটা শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছিল। ৰাজকীয় পৰিয়ালত জন্মগ্ৰহণ কৰা লাচিত পৰিয়ালৰ পৰা দায়িত্ব, আনুগত্য আৰু সততাৰ গুণ উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিছিল। আহোমসকলৰ অন্যতম বিখ্যাত  ফৈদ হৈছে বিখ্যাত লন ফিমা বংশ। লাচিত আছিল এই ফৈদৰ। এই বংশৰ প্ৰথম পুৰুষ চুকাফাৰ সৈতে অসমলৈ আহিছিল।


তেওঁক প্ৰথমে ঘোঁৰা বৰুৱাৰ পদত নিয়োজিত কৰা হৈছিল। এই অৱস্থাত থকা সময়ত তেওঁ অতি শক্তিশালী ঘোঁৰা নিয়ন্ত্ৰণ কৰিছিল। ঘোঁৰা বৰুৱা, দুলীয়া বৰবৰুৱা, শিমুলগুৰীয়া ফুকন, দোলাকাষৰীয়া বৰুৱা (দোলা কঢ়িওৱা আৰু পালি পহৰীয়া সকলক চলোৱা) হোৱাৰ পিছত চাওফা চুপুংমু ফুকনলুং হৈ পৰিল।


দোলাকাষৰীয়া বৰুৱাৰ কাৰ্যকালত চাওফাই লক্ষ্য কৰিছিল লাচিতৰ মাজত নিহিত হৈ থকা দক্ষতা। এদিন দোলনাত বহি থকা চাওফাই লাচিতক ক'লে, "বংগৰ শত্ৰু চৈয়দ ফিৰোজ আৰু চৈয়দ চালাহক আমি কেনেকৈ ধৰিব পাৰোঁ?" লাচিতে উত্তৰ দিলে, “চাওফাৰ ৰাজ্যত মানুহ নাই নেকি? বঙালনো কি? মানুহহে! আমাৰ ৰাজ্যত নোলাব নেকি তেনে মানুহ। চাওফা আদেশ দিবহে লাগে"


তাৰ পিছত লাচিতক ফুকনলুঙৰ দায়িত্ব দিয়া হয়। ফুকলুঙৰ পদ গ্ৰহণ কৰাৰ পূৰ্বে আন এক পৰীক্ষাৰ সন্মুখীন হ’বলগীয়া হৈছিল লাচিত। লাচিতক চাওফাৰ সন্মুখলৈ মাতি অনা হয়। চাওফাৰ আগত আঁঠু লৈ থাকোঁতে ক’ৰ পৰা এজন লগুৱা আহি লাচিতৰ মূৰৰ বস্ত্ৰ লৈ গল। চাওফাই এয়া ইচ্ছাকৃতভাৱে কৰিছিল । লাচিতে স্বাভাৱিকতে খাপৰ পৰা  পৰা হেংদাঙখন লৈ লগুৱাজনক খেদি গল।পিছত যেনিবা লগুৱা বাচিল। লাচিত আছিল নিৰ্ভীক আৰু অতি সাহসী।


শৰাইঘাটৰ যুদ্ধ 

শৰাইঘাট যুদ্ধৰ শেষৰ ফালে বৃহৎ মোগল সৈন্যৰ সন্মুখত আহোম বাহিনীয়ে পিছুৱাই যাবলৈ ধৰিলে। সেই সময়ত লাচিতৰ প্ৰচণ্ড জ্বৰ হৈছিল। ৰোগীয়া মানুহজনে মোগলৰ বিৰুদ্ধে যুঁজিবলৈ নাও এখনত উঠি সৈনিকসকলক সম্বোধন কৰি ক’লে, “অসমীয়া ৰণুৱা সকল মই যুঁজিহে মৰিম। নাইবা মোক বঙালে ধৰি লৈ যাওক তোমালোক সুখেৰে ঘৰলৈ যোৱা।”এই কথাবোৰে সৈনিকসকলক নতুনকৈ  উৎসাহিত কৰিছিল আৰু তেওঁলোকে দুগুণ সাহসেৰে যুদ্ধ কৰি মোগলক পৰাস্ত কৰিছিল।

মৃত্যু: শৰাইঘাটৰ যুদ্ধত জয়ী হোৱাৰ পিছতেই লাচিতৰ মৃত্যু হয়। যুদ্ধৰ সময়ত তেওঁৰ তীৰকঁপে জ্বৰ হৈছিল আৰু সেই জ্বৰৰ শৰীৰৰ সৈতে যুঁজিছিল। পিছলৈ চাওফা উদয়াদিত্য সিঙে যোৰহাটৰ পৰা ১৬ কিলোমিটাৰ নিলগত ১৬৭২ চনত "লাচিত মৈদাম" নিৰ্মাণ কৰে।

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...