কবিতা
“মই তোমাৰ মুখ,
তোমাৰ মাত,
তোমাৰ চুলিৰ বাবে হাহাকাৰ কৰি আছো।
নিস্তব্ধ আৰু অনাহাৰে ৰাস্তাবোৰত
ঘূৰি ফুৰো।
ৰুটিয়ে মোক পুষ্টি নিদিয়ে,
ভোৰভোৰাই মোক বিঘ্নিত কৰে,
গোটেই দিনটো
তোমাৰ খোজৰ তৰল পৰিমাপটো
চিকাৰ কৰোঁ।
তোমাৰ চিকচিকিয়া হাঁহিটোৰ বাবে
মোৰ ভোক,
তোমাৰ হাতবোৰ বনৰীয়া শস্যৰ ৰং,
নখৰ শেঁতা শিলৰ বাবে ভোক,
তোমাৰ ছালখন গোটা আলমণ্ডৰ দৰে খাবলৈ মন যায়।
তোমাৰ মৰমলগা শৰীৰত
জ্বলি থকা সূৰ্য্যৰ ৰশ্মি খাবলৈ মন যায়,
তোমাৰ অহংকাৰী মুখৰ সাৰ্বভৌম নাক,
তোমাৰ লেশ্বৰ ক্ষন্তেকীয়া ছাঁ খাবলৈ মন যায়,
আৰু মই ভোকত খোজ কাঢ়ি ঘূৰি ফুৰো, গোধূলিৰ হুমুনিয়াহ কাঢ়ি,
তোমাৰ বাবে, তোমাৰ গৰম হৃদয়ৰ বাবে চিকাৰ কৰা,
কুইট্ৰাটুৰ বন্যাৰ্তত থকা পুমাৰ দৰে
No comments:
Post a Comment