জোনাকীঅসমীয়া সাপ্তাহিক ই-আলোচনীপ্ৰথম বছৰ,ডিচেম্বৰ মাহ,চতুৰ্থ সংখ্যা
সম্পাদকীয়,
সদৌশেষত, সদৌটিলৈ আগন্তুক নৱবৰ্ষ আৰু ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা তথা ওলগ জনাইছো আৰু অজানিতে হ’ব পৰা আমাৰ সকলো দোষ-ক্ৰুটিৰ মাৰ্জনা বিচাৰি সমূহ পঢ়ুৱৈৰ মাজলৈ জোনাকী প্ৰথম বৰ্ষৰ ডিচেম্বৰ মাহৰ চতুৰ্থ সংখ্যাটি এই বৰ্ষৰ শেষ সংখ্যা ৰূপে আগ্ৰহেৰে আগবঢ়াই দিলোঁ।
✍️ৰাহুল চেতিয়া
মুখ্য সম্পাদক, জোনাকী
জোনাকী
(অসমীয়া সাপ্তাহিক ই-আলোচনী)
সূচীপত্ৰ
🔴 সাম্প্রতিক পৰিস্থিতিৰ কিছু কথা:
বাহাৰুল ইছলাম
🔴শেষৰ মাহ ডিচেম্বৰ:
শ্ৰী সুমন কাকতি
🔴শাৰদীয় অনুভৱলৈ প্ৰিয় জনলৈ চিঠি:
ছেলিমা বেগম
🔵অণুগল্প শিতান
তই সুখী হ'বি:ৰাজ ৰাহুল
অভাৱ:পৰাগ জ্যোতি দাস
⚫️কবিতা শিতান সমূহ:
🔵অন্য এক অনুভূতি:ৰাজিদুল ইছলাম
🔴জীৱনৰ ৰং:ৰাহুল চেতিয়া
🔴ঘূণে খোৱা ধান:চন্দ্ৰ শেখৰ পৰাজুলী
🔴ছন্দ বিহীন:হীৰামনি লাহন
🔴ৰাজপথৰ কাষতেই মোৰ ঘৰ:
চন্দ্ৰ শেখৰ পৰাজুলী
🔴এটা প্ৰশ্ন সুধিছিলো: হীৰামনি লাহন
🔴মোৰ উৰুখা পঁজাত জোনাক নামিব:
নিজৰা বৰ্মন ডেকা
🔴মাটি _ আৰু _ মানুহ:ৰাজ ৰাহুল
🔴সময়ৰ আহ্বান: নিজৰা বৰ্মন ডেকা
🔴সুখে মোক ক'লে:সমুজ্জ্বল ডেকা
🔴হে মহান অধ্যাপক জীৱন নৰহ:
শিল্পী দাস
🔴মানৱতা:জাকিৰ হুছেইন
🔴প্ৰেম বীণাৰ আহ্বান:মাৰ্জিনা বেগম
🔴প্ৰেমিক চৰাই মই:
হাউচ উদ্দিন আহমেদ
🔴সপোনৰ বৰ অসমে আজিও কান্দে :
বনজিত দাস
🔴ভাল নেপায় বুলিও জানিও:
ধনঞ্জয় ৰায়,ধুবুৰী
🔴অভাৱ:কুকী মহন্ত
🔴 আকাল:গৌতম মালাকাৰ
🔴সময়ৰ প্ৰাচীৰতা: প্ৰিয়া বৰা , যোৰহাট
🔴আইলৈ সেৱা:প্ৰভাত ঠাকুৰ,যোৰহাট
🔴তুমি অবিহনে:ৰাশীমা চাংমাই ডিব্রুগড়
🔴 ধুমুহাৰ শেষত:কাকলি দত্ত,মাছখোৱা
🔴 চিনাকি - অচিনাকী:
শতাব্দী শৰ্মা,নগাঁও
➖➖➖➖➖➖➖➖➖➖➖
🔵প্ৰৱন্ধ-সাম্প্রতিক পৰিস্থিতিৰ কিছু কথা বাহাৰুল ইছলাম (শিক্ষক) বালিজান, মৰিগাঁও
ম'বাইল-9101130649
অনেকে সমস্যা সমাধানৰ পৰিৱৰ্তে সমস্যা সৃষ্টিৰ বাবে অহৰহ প্ৰচেষ্টাত ব্ৰতী হৈ থাকে। অনেক আছে এনে গুণৰ অধিকাৰী যিয়ে বিচাৰে সৃষ্টি হওক শত্রু,ধ্বংস হওক সমাজ, আদায় হওঁক মুনাফা। যিকোনো ধৰণৰ সমস্যাৰ ক্ষেত্রত অভিনৱ আচৰণ কৰাটো যে বহুতৰে নিচা হৈ পৰিছে। তাতে যদি আপুনি, মই, আমি সৱে ইন্ধন যোগাও পৰিস্থিতি কি হ'ব পাৰে? এই যে আধুনিক যুগ, জ্ঞানৰ বিস্ফোৰণ হোৱা বুলি সকলোৱে একমুখে স্বীকাৰ কৰোঁ। আৰাম দায়ক জীৱন ব্যৱস্থাপনাৰ ছন্দে ছন্দে আধুনিকতাই গ্ৰাস কৰিছে, পেলাইছে প্ৰভাৱ বসুন্ধৰাৰ চুকে-কোণে। সমান্তৰাল ভাবে কিন্তু বিবেকৰ আদালতে যেন আন কিবা কিবিহে জুকিয়াই ফুৰে। আজি ব্যক্তিগত অথবা সামাজিক দিশত ভালদৰে ফহিয়াই চালে দেখা পাঁও এক উন্নত সমাজ জীৱনৰ ভয়ংকৰ ছৱি। কিয়নো প্ৰত্যেকৰে ব্যক্তিগত কিম্বা সমাজ জীৱনত চলিছে তুমুল প্ৰতিযোগিতাৰ ছত্ৰছায়া। হয়, প্ৰতিযোগিতাই আগুৱাই লৈ যায় মানৱ জাতীক। কিন্তু সেই প্ৰতিযোগিতাৰ পৰা যদি নিগৰে হিংসা-প্ৰতিহিংসা, শীতল যুদ্ধ কিম্বা প্ৰত্যেক্ষ যুদ্ধ। সেয়া জানো প্ৰতিযোগিতা? সেয়া জানো জীৱশ্রেষ্ঠৰ কৰণীয়?আজি যেন সঁচাকৈয়ে সেয়াই হ'ব গৈ আছে অথবা হৈছে। ভাই-ককাই, ওচৰ-চুবুৰীয়া, গাঁৱে-গাঁৱে, জাতিয়ে জাতীৰ সৈতে, ৰাজ্যই ৰাজ্যৰ সৈতে আনকি দেশে দেশৰ সৈতে তুমুল প্ৰতিযোগিতাৰ এক চুড়ান্ত পৰ্যায় পাইছে। সেয়া জানো শ্ৰেষ্ঠ জীৱৰ কাম? বিনন্দীয়া জগতক যেন জ্বলাব বিচাৰিছে প্ৰতিহিংসাৰ ঢৌৱে। বাহ্যিক দিশত মানৱতাৰ মালা পিন্ধি কথাত চহকী কৰ্মত পিছ হোঁহকা লোকৰ নাই অভাৱ। আভ্যন্তৰীণ দিশত নিজকে প্ৰশ্ন কৰিলেই যেন উমান পোৱা যায় বহুত খিনি। মিথ্যা, অন্যায়, কু-কৰ্ম, হত্যা, লুণ্ঠন, ব্যাভিচাৰ, ধৰ্ষণ, ছলনা, ধৈর্য নধৰি তিলটোকে তাল কৰা, উগ্রবাদীতা ইত্যাদি নানা ধৰণৰ অপ্রীতিকৰ ঘটনাই শান্তি কাঢ়ি নিয়ে প্ৰতিনিত। আজি মন্দিৰ- মছজিদৰ নাই অভাৱ। এইবোৰ বৃদ্ধি হৈছে দিনক দিনে। ধৰ্মৰ কথা প্ৰায় সৱৰে মুখে মুখে কিন্তু ধৰ্মৰ নামত যেন চলিছে বেপাৰ। কোন ধৰ্মই শিকায় অন্যায়-অত্যাচাৰ, হিংসা-প্ৰতিহিংসা কিম্বা অমানৱীয় কৰ্ম? কোন ধৰ্মই বিচাৰে অশান্তি? কোন ধৰ্মই সমৰ্থন কৰে উগ্রবাদীতাক? হিন্দু-মুছলিম কৰি কৰি অনেক ক্ষতি হৈছে সমাজৰ, ক্ষতি হৈছে জাতিৰ, ক্ষতি হৈছে দেশৰ প্ৰগতিৰ। তেজ যিহেতু একে, জন্ম-মৃত্যু একে, জীৱন সংগ্রাম একে, তেন্তে প্ৰভেদ আনিলে কোনে? যি সময়ত দ্ৰুতগতিত আগুৱাই যাব লাগে, সেই সময়ত নিজৰ নিজৰ মাজতে অৰিয়া-অৰি কৰি আমি পাইছোনো কি? অস্থায়ী জীৱনত কৰ্মক দূৰৈত থৈ হিংসা- বিদ্বেষৰ তুমুল প্ৰতিদ্বন্দ্বিতাৰে আয়ুসক জুখিলে চাৰিঠেঙীয়াও হাঁহিব। বিশিষ্ট লিখক ভৱেশ নাথ দেৱে সংস্কৃতি সন্দৰ্ভত তেওঁৰ বক্তব্য হৈছে, "বাৰেৰহণীয়া সমাজ আৰু সংস্কৃতিৰে অসম সাম্প্ৰদায়িক ঐক্যৰ এক মিলনভূমি। জাতি-ধৰ্ম বৰ্ণ নিৰ্বিশেষে জনগণৰ মাজত অতীজৰে পৰা চলি থকা মৰম আৰু ভাতৃত্ববোধৰ জৰীডাল ৰাজনৈতিক মেৰপেচত ছিগি টুকুৰা টুকুৰ কৰাৰ অভিষন্ধি যুগে যুগে চলিয়েই থাকে।" কথাটো যুক্তিসংগত। অন্যদিকে সমগ্ৰ পৃথিৱীয়েই এক জটিল পৰিৱেশৰ মাজেৰে আগুৱাইছে। ক’ভিড ১৯ অতিমাৰী।ক’ভিডত আক্ৰান্ত হোৱা অথবা আক্রান্ত নোহোৱা সকলে ৰুগ্ন জীৱনৰ প্ৰতি আস্থাহীন আৰু নিৰাপত্তাহীন মনোভাৱেৰে জীৱন কটাইছে। সকলোৱে মনতে ভাবিছে সোনকালেই পাৰ হৈ যাওক এই দু:সময়।বহুদিন বহু ক্ষতিৰ অন্তত কিছু শাম কাটিছে অতিমাৰীৰ পৰা। এনে এক জটিল ক্ষণত আমাৰ কৰণীয় কি হ'ব লাগে আৰু আমি কৰিছোঁ কি! সঁচাকৈয়ে দুখ লাগে। সেইদৰে অন্যান্য প্ৰাকৃতিক কিম্বা মানৱসৃষ্ট দুৰ্যোগে কৰিছে নিতৌ বৃহৎ ক্ষতি। সৰ্বদিশত যেন আমি জীৱশ্রেষ্ঠৰ নামত পৰাজয় বৰণ কৰিব লগা হৈছে। থৈছোঁ সামৰি জাতি কিম্বা দেশৰ মেৰুদণ্ড স্বৰূপ যুৱ সমাজৰ উশৃঙ্খলৰ কথা,মাদকদ্রব্যৰ কথা, পৰিৱেশ প্ৰদূষণৰ কথা,নিবনুৱা যুৱক-যুৱতিৰ কথা, ৰাজনৈতিক আৰু অৰ্থনৈতিক দিশৰ কথা। অন্যফালে জনপ্রিয় ফেচবুকৰ মাধ্যমত কিছুমান তথাকথিত অল্প শিক্ষিত মুছলমান অথবা হিন্দু সম্প্ৰদায়ৰ লোকে সাম্প্ৰদায়িক জনিত কিছু পোষ্ট আৰু মন্তব্য কৰে যিবোৰে বাৰুকৈয়ে সচেতন মহলক নিতৌ মনোকষ্ট দিয়ে। অনাহকতে সংঘর্ষৰ সৃষ্টি কৰি তেওঁলোকে হয়তো অনেক পুৰস্কাৰ পায় যেন ধাৰণা হয়। উপায়: """""""""""" সাম্প্ৰতিক এশ-এবুৰি সমস্যাই চৌপাশ আগুৰি আছে। কেৱল মাথোঁ চৰকাৰে সকলো সমস্যা সমাধান কৰিব বুলি কৈ থলে হয়তো সমস্যাবোৰ সমস্যা হৈয়ে বাঢ়ি গৈ থাকিব। জীৱশ্রেষ্ঠ অথবা মানুহ নামৰ ঠাইত হয়তো দুই ঠেঙীয়া জন্তু নামাকৰণ পায় যাব লাগিব। যিকি নহওক কিয়, আমি আটায়ে ঐক্যবদ্ধ হৈ নোৱাৰোঁ নে গাবলৈ মানৱতাৰ গান? নোৱাৰিনে দুদিনীয়া জীৱনত ধৈর্য-সহ্য ধৰি শান্তিৰে জীয়াই থাকিবলৈ? মজবুত আৰু দৃঢ় কৰিব নোৱাৰিনে সম্প্ৰীতিৰ এনাজৰীডাল? ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় ক্ষেত্রতো প্ৰতিনিধিত্ব কৰা সকলে নোৱাৰেনে মানুহ হিচাপে অকণমান ত্যাগ স্বীকাৰৰ যোগেদি সহযোগিতা কৰি প্ৰকৃত মানুহৰ পৰিচয় দিবলৈ? ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় সংহতি মজবুত কৰিব নোৱাৰিনে? জলন্ত মমৰ আয়ুসৰ দৰে এদিন নহবনে অন্ত আমাৰ? যুদ্ধৰ আসনখনি শান্তিৰ আলোচনাক দিব নোৱাৰিনে? ইয়াৰ বাবে লাগিব হয়তো সুন্দৰ মানসিকতা, সুস্থিৰ আৰু স্বচ্ছ চিন্তাধাৰা, নিজৰ নিজৰ দায়িত্ব ও কৰ্তব্য সঠিক ৰূপে পালন কৰা আৰু অকণমান সহযোগিতা। লাগিব অস্থায়ী জীৱনৰ উপলব্ধি ও ভৱিষ্যত প্ৰজন্মৰ বাসপোযোগী কৰি ৰখাৰ পণ। ৰাজনৈতিক ফালৰ পৰাই হওঁক অথবা অৰ্থনৈতিক দিশৰ পৰাই হওঁক, শত বাধাকো নেওচি আমি সকলোৱে জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে ঐক্যবদ্ধ হৈয়ে আগুৱাই যাব লাগিব নহলে যে বৃহত্তৰ মানৱ জাতি ৰসাতলে যাব। সজাব লাগিব সুন্দৰ আৰু শান্তিৰ বাসপোযোগী বসুন্ধৰা। হয়, আমাৰ নিজৰ নিজৰ সাতামপুৰুষীয়া ঐতিহ্যক ধৰি ৰাখিব লাগিব অৱশ্যে এই ক্ষেত্ৰত সংস্কাৰ ও সংশোধনৰ প্ৰয়োজনীয়তাক খুবেই গুৰুত্ব আৰোপ কৰিব লাগিব। হজৰত মহম্মদ (ছ:) য়ে কৈছে, " Removing painful things from the streets, guiding the blind, selflessly always engaged in human service. অৰ্থাৎ " ৰাস্তাৰ পৰা কষ্টদায়ক বস্তু আতৰ কৰা, অন্ধজনক পথ দেখুৱাই দিয়া, নিস্বাৰ্থভাৱে সৰ্বদা মানৱসেৱাত লাগি থকা।" তেখেতে কৈছে, " Whoever fulfills the needs of another person, then Allah will make him 100 requirements and if someone co-operates in the sufferings of the people, Allah gives him a compassionate eye. "অৰ্থাৎ " যিয়ে অন্য ব্যক্তিৰ প্ৰয়োজন পূৰণ কৰি দিব পৰকালত আল্লাহ তায়ালাই তেওঁক ১০০ প্ৰয়োজন পূৰণ কৰি দিব আৰু মানুহৰ দুখ-দুৰ্দশাত কোনোবাই সহযোগিতা কৰিলে আল্লাহ তায়ালাই তেওঁৰ প্রতি কৰুণাৰ দৃষ্টি দিয়ে।"
শেষত সাম্প্রতিক সময়ৰ বহু কথাই মনলৈ আহিছে যদিও লিখনিতে সকলো সমস্যা সমাধান নহয় বুলি ভাবো লগতে ভুলত্রুটিৰ ক্ষমা বিচাৰি গান্ধীজীৰ মহৎ বচনেৰে সামৰি ল'ব বিচাৰিছোঁ।“Your beliefs become your thoughts,Your thoughts become your words,Your words become your actions,Your actions become your habits,Your habits become your values,Your values become your destiny.”অৰ্থাৎ "আপোনাৰ বিশ্বাস আপোনাৰ চিন্তা হৈ পৰে,আপোনাৰ চিন্তাবোৰ আপোনাৰ কথা হৈ পৰে,আপোনাৰ কথাবোৰ আপোনাৰ কাম হৈ পৰে,আপোনাৰ কামবোৰ আপোনাৰ অভ্যাস হৈ পৰে,আপোনাৰ অভ্যাসবোৰ আপোনাৰ মূল্যবোধ হৈ পৰে,আপোনাৰ মূল্যবোধ আপোনাৰ ভাগ্য হৈ পৰে।
সূচীপত্ৰ
🔴 সাম্প্রতিক পৰিস্থিতিৰ কিছু কথা:
বাহাৰুল ইছলাম
🔴শেষৰ মাহ ডিচেম্বৰ:
শ্ৰী সুমন কাকতি
🔴শাৰদীয় অনুভৱলৈ প্ৰিয় জনলৈ চিঠি:
ছেলিমা বেগম
🔵অণুগল্প শিতান
তই সুখী হ'বি:ৰাজ ৰাহুল
অভাৱ:পৰাগ জ্যোতি দাস
⚫️কবিতা শিতান সমূহ:
🔵অন্য এক অনুভূতি:ৰাজিদুল ইছলাম
🔴জীৱনৰ ৰং:ৰাহুল চেতিয়া
🔴ঘূণে খোৱা ধান:চন্দ্ৰ শেখৰ পৰাজুলী
🔴ছন্দ বিহীন:হীৰামনি লাহন
🔴ৰাজপথৰ কাষতেই মোৰ ঘৰ:
চন্দ্ৰ শেখৰ পৰাজুলী
🔴এটা প্ৰশ্ন সুধিছিলো: হীৰামনি লাহন
🔴মোৰ উৰুখা পঁজাত জোনাক নামিব:
নিজৰা বৰ্মন ডেকা
🔴মাটি _ আৰু _ মানুহ:ৰাজ ৰাহুল
🔴সময়ৰ আহ্বান: নিজৰা বৰ্মন ডেকা
🔴সুখে মোক ক'লে:সমুজ্জ্বল ডেকা
🔴হে মহান অধ্যাপক জীৱন নৰহ:
শিল্পী দাস
🔴মানৱতা:জাকিৰ হুছেইন
🔴প্ৰেম বীণাৰ আহ্বান:মাৰ্জিনা বেগম
🔴প্ৰেমিক চৰাই মই:
হাউচ উদ্দিন আহমেদ
🔴সপোনৰ বৰ অসমে আজিও কান্দে :
বনজিত দাস
🔴ভাল নেপায় বুলিও জানিও:
ধনঞ্জয় ৰায়,ধুবুৰী
🔴অভাৱ:কুকী মহন্ত
🔴 আকাল:গৌতম মালাকাৰ
🔴সময়ৰ প্ৰাচীৰতা: প্ৰিয়া বৰা , যোৰহাট
🔴আইলৈ সেৱা:প্ৰভাত ঠাকুৰ,যোৰহাট
🔴তুমি অবিহনে:ৰাশীমা চাংমাই ডিব্রুগড়
🔴 ধুমুহাৰ শেষত:কাকলি দত্ত,মাছখোৱা
🔴 চিনাকি - অচিনাকী:
শতাব্দী শৰ্মা,নগাঁও
➖➖➖➖➖➖➖➖➖➖➖
🔵শেষৰ মাহ ডিচেম্বৰ
🟣শাৰদীয় অনুভৱলৈ প্ৰিয় জনলৈ চিঠি
⚫️অণুগল্প শিতান:
🟣অণুগল্পৰ শিৰোনাম
অভাৱ
✍️শ্ৰী পৰাগ জ্যোতি দাস
একাদশ শ্ৰেণী
ঢকুৱাখনা,লখিমপুৰ
ঋতু সৰু হৈ থাকোঁতেই তাৰ দেউতাক পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাৱটি ল'লে। মাকে তাক কোনোমতে আনৰ ঘৰত কাম-বন কৰি দুবেলা-দুমঠি খাই পেটৰ গাঁঠি মাৰিছে। এতিয়া পূজাৰ বতৰ সকলোৱে বিচাৰে নিজৰ সন্তানক পূজাত এযোৰ ভাল কাপোৰ দিবলৈ কিন্তু ঋতুৰ মাকে তাক এযোৰ ভাল কাপোৰ দিয়াৰ মানসিকতাৰে কাণৰ থুৰীয়াযোৰ চাদৰৰ আঁচলত বান্ধি ওলাই গৈছে , মহাজনৰ ঘৰলৈ বুলি । মৰমৰ থুৰীয়াযোৰ দিয়াৰ দুখ আৰু পুত্ৰক এযোৰ নতুন কাপোৰ দিয়াৰ হেঁপাহ দুয়োটাই চকু হালি চলচলীয়া কৰি তুলিছে।
🔵কবিতা শিতান
🔴জীৱনৰ ৰং
🔴ঘূণে খোৱা ধান
🔴ছন্দ বিহীন
🔴ৰাজপথৰ কাষতেই মোৰ ঘৰ
🔴এটা প্ৰশ্ন সুধিছিলো
🔴মোৰ উৰুখা পঁজাত জোনাক নামিব
🔴মাটি _ আৰু _ মানুহ
🔴দুলৰী ছন্দৰ কবিতা
সময়ৰ আহ্বান
🔴সুখে মোক ক'লে
🔴হে মহান অধ্যাপক জীৱন নৰহ
🔴মানৱতা
🔴প্ৰেম বীণাৰ আহ্বান
🔴প্ৰেমিক চৰাই মই (ছিৰিজ ১৯৮)
নগাঁও
দূৰভাষ:৯৬৭৮১০৫৪৫১
বহুবাৰ শুনিছোঁ সুখ আৰু দুখৰ কথা
এতিয়া জানিছোঁ সুখ আৰু দুখৰ কাহিনী।
জীৱনৰ গতিপথত সুখ কেতিয়াবা দুখ আহে বুলিয়েই
এই জীৱনৰ গতিপথত আশাও কেতিয়াবা হৈ পৰে প্ৰত্যাশা।
বহুত আশা কৰিও একো পোৱা নাযায় যেতিয়া
তেতিয়া পোৱাৰ আশাত
সকলো পাহৰি যোৱাটো জীৱনৰ কোনো অৰ্থ নাথাকে।
জীৱনৰ কষ্ট পথত
চিৰদিনলৈ বিলীন হৈ যায়
অন্তহীন যাত্ৰা জীৱনৰ গতিপথত
সুখ কেতিয়া আহিব?
মৰুভূমিৰ বালিৰ দৰে শুকান হৃদয়ত পানী ছটিয়াই দিলেও নৰম হৈ নাযায়
হালধীয়া শুকান পাতৰ দৰে
জীৱনৰ গতিপথত হেৰাই যোৱা স্মৃতি কেতিয়াও তাজা হৈ নাযায়।
প্ৰেমিক চৰাই মই খবৰটো তুমিও জানিছিলা
মই দিয়া চিঠি আৰু দেখা সমূহ পঢ়ি কেতিয়াও উত্তৰ নিদিলা।
তুমিনো কি বুজিবা মোৰ উমান বুকুৰ মাজত বিষাদ কিমান!
মোৰ বুকুত জ্বলে বিষাদৰ বিননি, বুজিবলৈ তুমি চেষ্টাও নকৰিলা।
প্ৰেম অবিহনে, সংগী অবিহনে, তুমি অবিহনে
মোৰ জীৱনৰ গতিপথত সুখ বিচাৰি আকৌ কৈছোঁ,শুনা!
মোৰ জীৱনৰ অৰ্থনো কি ?
জীয়াই থাকিবলৈ প্ৰেৰণা নোপোৱা প্ৰেমিক চৰাই মই।
তথাপিও আশাবাদী হৈ সপোনৰ ভেঁটিত আছোঁ ৰৈ
হয় যদি কেতিয়াবা পূৰণ।
বিশ্বাস শব্দটোক হেৰাই পেলাব নিবিচাৰিবা
বিশ্বাস শব্দটোক সাৱটি ধৰিম আৰু তোমাৰ কথাই ভাবিম।
দূৰত থাকিলেও তুমি কাষত থকা যেন লাগে
দেখা নাপালেও তোমাক
হৃদয়ৰ চকুৰে চোৱা যেন লাগে।
তোমাৰ মোৰ অন্তহীন যাত্ৰা
জীৱনৰ গতিপথত সুখ আৰু দুখৰ কাহিনীত ।
পাহৰিব নোৱাৰা স্মৃতি ধৰি ৰাখিবলৈ মোৰ শৰীৰটো উচৰ্গা কৰিম মই।
তোমাৰ হৃদয়ত জীয়াই থাকিবলৈ
তোমাৰ মগজুত জীয়াই থাকিবলৈ
আকৌ এবাৰ বিচাৰি যাম।
তোমাৰ হৃদয় জয় কৰিবলৈ
তোমাক বিশ্বাস দিবলৈ
তোমাক মনে-প্ৰাণে ভাল পাবলৈ।
🔴সপোনৰ বৰ অসমে আজিও কান্দে
✍️বনজিত দাসৰিহাবাৰী বজালী
সপোনৰ বৰ অসমে আজিও কান্দে
তুমি আহিবাগৈ বাৰু কোন বাটে
আহিবাগৈ নেকি পৰ্বতৰ পাৰে ৰূপ বটুলি
পূৰ্ব দিশৰ ৰানী সূৰুয উঠা দেশলৈ
মোৰ ওপোজা মাটিলৈ চাই মিচিকি হাঁহে
আছে তাতে নেফা, নিচিৰ গান চিয়াঙৰ পাৰে ।
তুমি আহিবাগৈ গৈ বাৰু কোন বাটে
পাহাৰৰ মাজে নাগালেণ্ড ৱাংচি হৈ
জীয়াই আছে নেকি স্মৃতি নেপি ৱাংচা কন্যা
গদাপানিৰ কাষত শুই ঐতিহাসিক লাহদৈগড়ত
সোঁৱৰণীৰ টোপোলাত বান্ধি লৈ ।
তুমি আহিবাগৈ বাৰু কোন বাটে
যত ডাৱৰে আহি মাটিক চুমা যাচে
অকা-পকা বাটে পাহাৰৰ শিখৰৰ মাজেৰে
মেঘালয় নামে ৰূপহী খাচী জয়ন্তীয়া গাৰো
ইতিহাস পৰ্য্যাটন ভূমিৰ ৰস বুটলি
কুঁৱলীৰ আঁৰে অভূত ৰূপৰ মেলা সানে ।
তুমি আহিবাগৈ বাৰু কোন বাটে
যত আছে মনিপুৰৰ সপোনপুৰীৰ ৰং বিচাৰি
লোগটক পক্ষীৰ সৰগ বিচাৰি, লোক-নৃত্যৰ
তালে তালে সেউজ ভূমিৰ আৰে আৰে
মন্দিৰৰ ঘন্টাত অৱসাদ লৈ মনে মনে ।
তুমি আহিবাগৈ বাৰু কোন বাটে
আহিবাগৈ মিজোৰামৰ কলা-কৃষ্টি সৰ্গভূমিলৈ
চেৰাও নৃত্য,ছেইহ লামত লাওঁ পানী খাই
মিচিং গাভৰুৰ খামুচি ককাঁলৰ নাচোনত
শস্যস্যামলা মাটিৰ সপোন ৰচি ।
তুমি আহিবাগৈ কোন বাটে
পাহৰি নাযাবা ত্ৰিপুৰা সীমান্ত সৌন্দৰ্য্য ৰানী
গোমতী নদীৰ ৰঙা মাটিৰ পাৰে পাৰে
সপোনপুৰী কলা-কৃষ্টি বুকুত সাৱটি লৈ ।
তুমি আহিবাগৈ বাৰু কোন বাটে
এইখনেই মোৰ অসম ভূমি স্বৰ্গতকৈ গৰীয়সী
ৰৈ আছে বৰলুইতে সম্বন্ধয়ৰ সেতু বান্ধি
চকুঁলো বোৱাই আই অসমী কলিজা ফালি
মোৰ আই মোৰ মাটি বুলি টনা আযোৰ কৰি
🔴ভাল নেপায় বুলিও জানিও
🔴অভাৱ
বেৰৰ জুলুঙাৰে জোনাক চোৱা
ল'ৰাটোক আৰু বেলেগকৈ নিশিকাব
অভাৱ কি.......
(২)
চিলাইৰ ওপৰত চিলাই মাৰি ফিচিকি যোৱা চাদৰখন পিন্ধা
ছোৱালীজনীয়ে হয়তো আপোনাতকৈ ভালকৈ বুজে
অভাৱ কি........
(৩)
এপোৱা চাউলে দহোটা মানুহক
ভাত বনাই খাবলৈ দিয়া মানুহজনীয়ে
চৰুটোৰ ওচৰত গৈ চকুপানী নোটোকে
কাৰণে তেওঁ আজি কালি বুজে
অভাৱ কি.........
(৪)
"আমাৰ ল'ৰা আৰু পঢ়িবলৈ নাযায়
সি মহাজনৰ ঘৰত গৰু ৰাখিব"--
এইবুলি আনৰ আগত
হুমুনিয়াহ পেলাই কোৱা দেউতাকৰ কথাত
সৰু ল'ৰাটোৱে নিজেই বুজি পায়
অভাৱ কি.......।।
🔴 আকাল
কৰিমগঞ্জ
কেউফালে মাথোঁ আকাল
ভাতৃত্বৰ আকাল
বন্ধুত্বৰ আকাল
সুমিষ্ট মাতৰ আকাল
স্খলনৰ সংস্কৃতিৰে দশোদিশ উত্তাল।
বিজ্ঞাপন!
চৌদিশে মাথোঁ বিজ্ঞাপন
মানৱতাৰ বিজ্ঞাপন
সেৱাৰ বিজ্ঞাপন
স্বীকৃতিৰ বিজ্ঞাপন।
অনাটন!
সকলোতে মাথোঁ অনাটন
কোনো প্ৰাপ্তিয়েই প্ৰাপ্তি নহয়
অপ্ৰাপ্তিত ভাৰাক্ৰান্ত তন-মন।
কেউফালে ম্লেচ্ছাচাৰ
শ্লীলতা আদিম যুগলৈ উভতি গ'ল
বিনম্ৰতা পৌৰাণিক কাহিনীত বন্দী হ'ল!
সৰ্বত্ৰ দ্ৰুত গতিৰ বতাহ
ডিজিটেল বতাহ
পশ্চিমা বতাহ
তথাকথিত সৃষ্টিৰ বতাহ!
প্ৰলেপ,
মাথোঁ প্ৰলেপ!
প্ৰলেপ সানি সৌন্দৰ্য সম্পূৰ্ণ হয়
প্ৰলেপেৰে শূন্যও সোণ হয়
প্ৰলেপ এই শতিকাৰ প্ৰিয় সংস্কৃতি!
🔴সময়ৰ প্ৰাচীৰতা
প্ৰিয়া বৰা , যোৰহাট
একাদশ শ্ৰেণী
মনত পৰে এতিয়া
সময়ৰ ডেউকাত এতিয়া বিচাৰোঁ
ধৰাৰ বুকৰ শান্তিৰ মধূৰ মুহূৰ্তবোৰ
যিবোৰ দিনত খেলিছিলো উলাহতে
বিলাই দিছিলো মৰমৰ ৰংবোৰ ,
এতিয়া সময়ৰ কোৱাল গতিত
পাৰ হৈ গুচিগ'ল সেই দিনবোৰ।
এতিয়া ৰিণি ৰিণি বাজি উঠে
মোৰ বুকুৰ অলিন্দত
সেই শৈশৱৰ সোণালী দিনবোৰ,
আইতাৰ মুখৰ ৰসাল সাধু শুনা
তামোলৰ ঢকুৱাৰে খেলা
ধূলি বালি লৈ খেলা দৰা কইনাৰ খেলবোৰ,
সমনীয়াৰ লগত কৰা ধেমালিবোৰ
সৰু সৰু কাজীয়াবোৰ ,
খেলিবলৈ নাপালে মুখ ওফন্দাই বহি থকা
ইটোৱে সিটোক সৰু সৰু কথাতেই
অভিমান কৰি নমতাকৈ থকা ,
এতিয়া বাৰু কত গল সেই............
সৰু সৰু ধেমালিবোৰ , কাজীয়াবোৰ
কত গল সেই সৰু সৰু মান অভিমানবোৰ ।
আকৌ এবাৰ হাবিয়াস জাগিছে
লৰালি নামৰ স্মৃতিৰ বৰষুণ জাকত তিতিবলৈ
হাহাকাৰ কৰিছোঁ জীৱনৰ আধাবাটত
শৈশৱৰ দিনবোৰ বিচাৰি,
নিঃশেষ হল সেই দিন
লোৰ সজাত পৰি ৰল
সময়ৰ লগত বিলীন হৈ গুচি গল
সেই ভাললগা দিনবোৰ।
নাই আৰু আজি সেই দিন, সেই মুহূৰ্তবোৰ
ৰৈ গল মাথো সেই সোণালী দিনবোৰ
অতীতৰ স্মৃতি হৈ ..........,
পাহৰো বুলিয়ো আজি পৰা নাই পাহৰিব
সেই সোণসেৰীয়া শৈশৱৰ দিনবোৰ,
এতিয়া সেই শৈশৱ বিচাৰি
মনে হাবাথুৰি খাইছে জীৱনৰ আধাবাটত,
পাৰ হৈ গুচি গল সেই ধূলিয়ৰি শৈশৱৰ দিনবোৰ
সময়ৰ প্ৰাচীৰতাত হৃদয় ঠেকেচি ।
🔴আইলৈ সেৱা
তোমাৰ কোলাতে আই ,
শুইছিলো জীৱনৰ সেই ,
আদিম কালত ।।
শুইছিলো তোমাৰ কোলাতে ,
ঠেহ পাতি কান্দি কান্দি ,
তোমাৰ কোলাতে আই ,
তুমিও যে শুৱাইছিলা ,
কিমান যে নাম গুণ গাই।
টোপনিত লাল কাল গ'লে,
মোৰ মুখলৈ চাই মিচিকিয়াই,
হাহি এটি মাৰি মোৰে কপালত
হেঁপাহৰ চুমা এটি খাই।।
লাগিছিলা গৈ তোমাৰ কামত ,
কেনেবাকৈ সাৰ পাই উঠিলে ,
ততালিকে দৌৰি আহি ,
তুলিছিলা তোমাৰ কোলাত।।
ধুলি মাকতি লাগে বুলি ,
ৰাখিছিলা যে আলফুল কৈ,
আজি বাৰে বাৰে মনত পৰে,
তোমাৰ আদৰৰ কোলা লৈ।।
নহ'ব নুপজিব তোমাৰ দৰে,
এই পৃথিৱীত আৰু নাই নাই,
নাপাওঁ কদাপি তেনে কোলা,
মোৰটো এই জনমত ।।
আই, তুমি মোক এৰি যোৱা,
বহু দিন বহু বছৰ হ'ল,
তথাপিও কিয় বাৰে বাৰে,
মনতটো উৰা মাৰে ,
তোমাৰ কাষলৈ ।।
আই ! পামনে ঘুৰাই বাৰু,
পিছৰটো জীৱনত তোমাকেই,
ল'বানে আগৰ দৰে আদৰি,
তোমাৰ কোলাতে শুৱাই লৈ,
দিবানে আকি চেনেহৰ চুমাটি,
মোৰ সেই কপালত।।
হ'ব নে বাৰু তেনে ভাগ্য,
পামনে বাৰু তেনে সুযোগ ,
তোমাৰ কোলাতে শুই, শুই,
ঠেহ পাতি নাখালে ,
খুৱাবানে তোমাৰ কোলাত লৈ,
টোপনিত লালকাল গ'লে,
থাকিবা নে মোৰ কাষতে শুই।
আই অ', আই !
তোমালৈ আজি মনত পৰে,
ঘনাই ঘনাই মন যে উৰা মাৰে,
তোমাৰ সেই কোলা খনি লৈ।।
🔴তুমি অবিহনে
ডিব্রুগড়,চাংমাই গাওঁ
স্নাতকোত্তৰ প্ৰথম ষান্মাসিক,ডিব্রুগড় বিশ্ববিদ্যালয়,অসমীয়া বিভাগ
তুমি অবিহনে মই যেন সচাঁই শূন্য এটি প্রাণী!
নিসংগ সময়ৰ তুমিয়ে মোৰ সাৰথি
আধৰুৱা জীৱনৰ তুমিয়ে পূৰ্ণতাৰ উৎস!
মন যায় এবাৰ হেঁপাহ পলোৱাই তোমাক চাবলৈ
মন যায় তোমাৰ সতে নিজানক কথা হ'বলৈ!!
তুমি অবিহনে মই নিথৰুৱা
অন্ধকাৰ জীৱনৰ তুমিয়ে পোহৰৰ শলিতা
ভগ্ন হৃদয়ৰ তুমিয়ে আশাৰ দলিচা!
বিচাৰো মাথো তোমাক নিচেই কাষৰত
আলিংগন কৰিব বিচাৰো মোৰ হৃদয়ৰ অনুভুতিবোৰ
তোমাৰ আগত!!
🔴 ধুমুহাৰ শেষত
কাকলি দত্ত
দশম শ্ৰেণী
ধেমাজি (মাছখোৱা)
উজাগৰি ৰাতিৰ যন্ত্ৰণাবোৰৰ গভীৰতা কিমান নাজানো
জীৱনত প্ৰয়োজন হয় বিশেষজনৰ
যাক নিঃশব্দতাৰেও বুজাব পাৰি
কি দৰে ক'ত আৰম্ভ কৰো
শুনিবলৈ বা আছেই কোন ?
পাই হেৰুৱা বেদনাই কোঙা কৰা হৃদয়ৰ জীয়া কাহিনীবোৰ ।
মাথো অশ্ৰুসিক্ত দুচকুত জিলিকি উঠে
আধৰুৱা প্ৰেমৰ উমাল স্মৃতিবোৰ ।
হোৱাহ'লে তাহানিৰ সেই সৰুঘৰৰ
মানুহবোৰৰ দৰে মনটো বিশাল ।
কিন্তু আজি সুবিশাল ঘৰৰ মানুহৰ সৰু
মনটোও হ'ল ভেজাল ।
সমস্ত পৃথিৱীৰ সকলোবোৰ
বিচাৰি পোৱাৰ দৰে
বিচাৰি পোৱা হ'লে মানুহে নিজৰ ভূল ।
নহ'লহেতেন চাগে ইমান গণ্ডগোল ।
তথাপিও আমি সদায় আশাবাদী
পশ্চিমৰ সৌ পাহাৰৰ সিপাৰত লুকাব ধৰা
ৰান্ধনি বেলিটিয়ে আহি
পূব আকাশত সেন্দূৰীয়া হৈ
মাৰিব ভূমুকি ।
🔴 চিনাকি - অচিনাকী
শতাব্দী শৰ্মা
নগাঁও
যাত্ৰাপথত ভিন্নতাৰ সুবাদ ,
মৰীচিকা খেদাৰ উৎফুল্লিত জুম!
কিছুমান চিনাকি মুখ ,
কিছুমান অচিনাকী মুখ!
কিছুমান চিনা - অচিনাৰ মাজত ।
কিছুমান চিনাকি মুখে চকু মুদা কুলিৰ ভাও ধৰে,
কিছুমান অচিনাকী মুখে চকুজুৰি ইফালে-সিফালে পোনায়।
চিনাকি মুখবোৰে অচিনাকী মুখৰ ওচৰত হাৰ মানি যায়।
চিনাকি মুখবোৰো দূৰলৈ গুচি যায়,
অচিনাকী মুখবোৰো আন্ধাৰত লুকাই যায়!
চিনাকি - অচিনাকীৰ মধ্যস্থতাত
নিয়ন লাইটৰ পোহৰত
নিজস্বতাবোৰ ক’ৰবাত তৰা হৈ জিলিকে।
No comments:
Post a Comment