Showing posts with label প্ৰথম বছৰ. Show all posts
Showing posts with label প্ৰথম বছৰ. Show all posts

Tuesday, December 27, 2022

প্ৰথম বছৰ,ডিচেম্বৰ মাহ,চতুৰ্থ সংখ্যা

জোনাকী
অসমীয়া সাপ্তাহিক ই-আলোচনী
প্ৰথম বছৰ,ডিচেম্বৰ মাহ,চতুৰ্থ সংখ্যা

সম্পাদকীয়,

জোনাকী সাপ্তাহিক ই-আলোচনীয়ে প্ৰথম বৰ্ষৰ চাৰিটা মাহ সফলতাৰে অতিক্ৰম কৰি দ্বিতীয় বৰ্ষত ভৰি দিছে। সময়ৰ জোখত এটা বছৰ একোৱেই নহয় যদিও ছপা মাধ্যমক প্ৰত্যাহ্বান জনাই ডিজিটেল মাধ্যমৰ, তাকো অসমীয়া ইউনিকোডত লেখা আলোচনী এখন নিয়মিত ৰূপত প্ৰকাশ কৰি যোৱাটো যথেষ্ট কষ্টকৰ কাম। তথাপিও জোনাকী(অসমীয়া সাপ্তাহিক ৱেব আলোচনী) পৰিয়ালৰ প্ৰতিজন সদস্যৰ ঐকান্তিক প্ৰচেষ্টাৰ বাবে আমি পাৰ হৈ যোৱা বছৰটোত প্ৰতিটো সংখ্যা সঠিক সময়ত সম্পূৰ্ণ মানদণ্ড ৰক্ষা কৰি পঢ়ুৱৈৰ সম্মুখলৈ উলিয়াই দিবলৈ সক্ষম হৈছিলোঁ। ডিজিটেল মাধ্যমৰ ই-আলোচনী জোনাকীলৈ পঢ়ুৱৈৰ উপযুক্ত সহাৰিয়ে আমাক বাৰুকৈয়ে উৎসাহিত কৰিছে আৰু এই উৎসাহক সাৰথি কৰিয়েই আমি আমাৰ ভৱিষ্যত পথৰ দিশ নিৰ্ণয় কৰি লৈছোঁ। অসমীয়া ভাষাৰ প্ৰসাৰ আৰু উন্নতিৰ বাবে আমাৰ সম্পাদনা সমিতি সদায় আগত থাকিব, এয়া আমাৰ আন্তৰিক প্ৰতিশ্ৰুতি।
সাহিত্যৰ পথাৰৰ সকলো সৃষ্টিৰ সফলতা নিৰ্ভৰ কৰে পঢ়ুৱৈৰ সহাৰিৰ ওপৰত। জোনাকীক জনপ্ৰিয় কৰি তোলা প্ৰতিজন পঢ়ুৱৈক সেয়েহে জনাইছোঁ আন্তৰিক ধন্যবাদ।

সদৌশেষত, সদৌটিলৈ আগন্তুক নৱবৰ্ষ আৰু ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা তথা ওলগ জনাইছো আৰু অজানিতে হ’ব পৰা আমাৰ সকলো দোষ-ক্ৰুটিৰ মাৰ্জনা বিচাৰি সমূহ পঢ়ুৱৈৰ মাজলৈ জোনাকী প্ৰথম বৰ্ষৰ  ডিচেম্বৰ মাহৰ চতুৰ্থ সংখ্যাটি এই বৰ্ষৰ শেষ  সংখ্যা ৰূপে আগ্ৰহেৰে আগবঢ়াই দিলোঁ।

                      ✍️ৰাহুল চেতিয়া

     মুখ্য সম্পাদক, জোনাকী



জোনাকী

(অসমীয়া সাপ্তাহিক ই-আলোচনী)

প্ৰথম বছৰ,ডিচেম্বৰ মাহ,চতুৰ্থ সংখ্যা

সূচীপত্ৰ
🔴  সাম্প্রতিক পৰিস্থিতিৰ কিছু কথা:
বাহাৰুল ইছলাম
🔴শেষৰ মাহ ডিচেম্বৰ:
শ্ৰী সুমন কাকতি
🔴শাৰদীয় অনুভৱলৈ প্ৰিয় জনলৈ চিঠি:
ছেলিমা বেগম
🔵অণুগল্প শিতান
তই সুখী হ'বি:ৰাজ ৰাহুল
অভাৱ:পৰাগ জ্যোতি দাস

⚫️কবিতা শিতান সমূহ:
🔵অন্য এক অনুভূতি:ৰাজিদুল ইছলাম
🔴জীৱনৰ ৰং:ৰাহুল চেতিয়া
🔴ঘূণে খোৱা ধান:চন্দ্ৰ শেখৰ পৰাজুলী
🔴ছন্দ বিহীন:হীৰামনি লাহন
🔴ৰাজপথৰ কাষতেই মোৰ ঘৰ:
চন্দ্ৰ শেখৰ পৰাজুলী 
🔴এটা প্ৰশ্ন সুধিছিলো: হীৰামনি লাহন 
🔴মোৰ উৰুখা পঁজাত জোনাক নামিব:
নিজৰা বৰ্মন ডেকা
🔴মাটি _ আৰু _ মানুহ:ৰাজ ৰাহুল
🔴সময়ৰ আহ্বান: নিজৰা বৰ্মন ডেকা
🔴সুখে মোক ক'লে:সমুজ্জ্বল ডেকা
🔴হে মহান অধ্যাপক জীৱন নৰহ:
শিল্পী দাস
🔴মানৱতা:জাকিৰ হুছেইন
🔴প্ৰেম বীণাৰ আহ্বান:মাৰ্জিনা বেগম
🔴প্ৰেমিক চৰাই মই:
হাউচ উদ্দিন আহমেদ

🔴সপোনৰ বৰ অসমে আজিও কান্দে :
বনজিত দাস 
🔴ভাল নেপায় বুলিও জানিও:
ধনঞ্জয় ৰায়,ধুবুৰী
🔴অভাৱ:কুকী মহন্ত
🔴 আকাল:গৌতম মালাকাৰ
🔴সময়ৰ প্ৰাচীৰতা: প্ৰিয়া বৰা , যোৰহাট 
🔴আইলৈ সেৱা:প্ৰভাত ঠাকুৰ,যোৰহাট
🔴তুমি অবিহনে:ৰাশীমা চাংমাই ডিব্রুগড়
🔴 ধুমুহাৰ শেষত:কাকলি দত্ত,মাছখোৱা
🔴  চিনাকি - অচিনাকী:
শতাব্দী শৰ্মা,নগাঁও


➖➖➖➖➖➖➖➖➖➖➖




🔵প্ৰৱন্ধ-
সাম্প্রতিক পৰিস্থিতিৰ কিছু কথা
             বাহাৰুল ইছলাম (শিক্ষক)
                  বালিজান, মৰিগাঁও
                    ম'বাইল-9101130649

              অনেকে সমস্যা সমাধানৰ পৰিৱৰ্তে সমস্যা সৃষ্টিৰ বাবে অহৰহ প্ৰচেষ্টাত ব্ৰতী হৈ থাকে। অনেক আছে এনে গুণৰ অধিকাৰী যিয়ে বিচাৰে সৃষ্টি হওক শত্রু,ধ্বংস হওক সমাজ, আদায় হওঁক মুনাফা। যিকোনো ধৰণৰ সমস্যাৰ ক্ষেত্রত অভিনৱ আচৰণ কৰাটো যে বহুতৰে নিচা হৈ পৰিছে। তাতে যদি আপুনি, মই, আমি সৱে ইন্ধন যোগাও পৰিস্থিতি কি হ'ব পাৰে?
              এই যে আধুনিক যুগ, জ্ঞানৰ বিস্ফোৰণ হোৱা বুলি সকলোৱে একমুখে স্বীকাৰ কৰোঁ। আৰাম দায়ক জীৱন ব্যৱস্থাপনাৰ ছন্দে ছন্দে আধুনিকতাই গ্ৰাস কৰিছে, পেলাইছে প্ৰভাৱ বসুন্ধৰাৰ চুকে-কোণে। সমান্তৰাল ভাবে কিন্তু বিবেকৰ আদালতে যেন আন কিবা কিবিহে জুকিয়াই ফুৰে।
              আজি ব্যক্তিগত অথবা সামাজিক দিশত ভালদৰে ফহিয়াই চালে দেখা পাঁও এক উন্নত সমাজ জীৱনৰ ভয়ংকৰ ছৱি। কিয়নো প্ৰত্যেকৰে ব্যক্তিগত কিম্বা সমাজ জীৱনত চলিছে তুমুল প্ৰতিযোগিতাৰ ছত্ৰছায়া। হয়, প্ৰতিযোগিতাই আগুৱাই লৈ যায় মানৱ জাতীক। কিন্তু সেই প্ৰতিযোগিতাৰ পৰা যদি নিগৰে হিংসা-প্ৰতিহিংসা, শীতল যুদ্ধ কিম্বা প্ৰত্যেক্ষ যুদ্ধ। সেয়া জানো প্ৰতিযোগিতা? সেয়া জানো জীৱশ্রেষ্ঠৰ কৰণীয়?
আজি যেন সঁচাকৈয়ে সেয়াই হ'ব গৈ আছে অথবা হৈছে। ভাই-ককাই, ওচৰ-চুবুৰীয়া, গাঁৱে-গাঁৱে, জাতিয়ে জাতীৰ সৈতে, ৰাজ্যই ৰাজ্যৰ সৈতে আনকি দেশে দেশৰ সৈতে তুমুল প্ৰতিযোগিতাৰ এক চুড়ান্ত পৰ্যায় পাইছে। সেয়া জানো শ্ৰেষ্ঠ জীৱৰ কাম? বিনন্দীয়া জগতক যেন জ্বলাব বিচাৰিছে প্ৰতিহিংসাৰ ঢৌৱে।
                  বাহ্যিক দিশত  মানৱতাৰ মালা পিন্ধি কথাত চহকী কৰ্মত পিছ হোঁহকা লোকৰ নাই অভাৱ। আভ্যন্তৰীণ দিশত নিজকে প্ৰশ্ন কৰিলেই যেন উমান পোৱা যায় বহুত খিনি। মিথ্যা, অন্যায়, কু-কৰ্ম, হত্যা, লুণ্ঠন, ব্যাভিচাৰ, ধৰ্ষণ, ছলনা, ধৈর্য নধৰি তিলটোকে তাল কৰা, উগ্রবাদীতা ইত্যাদি নানা ধৰণৰ অপ্রীতিকৰ ঘটনাই শান্তি কাঢ়ি নিয়ে প্ৰতিনিত।
              
                আজি মন্দিৰ- মছজিদৰ নাই অভাৱ। এইবোৰ বৃদ্ধি হৈছে দিনক দিনে। ধৰ্মৰ কথা প্ৰায় সৱৰে মুখে মুখে কিন্তু ধৰ্মৰ নামত যেন চলিছে বেপাৰ। কোন ধৰ্মই শিকায় অন্যায়-অত্যাচাৰ, হিংসা-প্ৰতিহিংসা কিম্বা অমানৱীয় কৰ্ম? কোন ধৰ্মই বিচাৰে অশান্তি? কোন ধৰ্মই সমৰ্থন কৰে উগ্রবাদীতাক? হিন্দু-মুছলিম কৰি কৰি অনেক ক্ষতি হৈছে সমাজৰ, ক্ষতি হৈছে জাতিৰ, ক্ষতি হৈছে দেশৰ প্ৰগতিৰ। তেজ যিহেতু একে, জন্ম-মৃত্যু একে, জীৱন সংগ্রাম একে, তেন্তে প্ৰভেদ আনিলে কোনে? যি সময়ত দ্ৰুতগতিত আগুৱাই যাব লাগে, সেই সময়ত নিজৰ নিজৰ মাজতে অৰিয়া-অৰি কৰি আমি পাইছোনো কি? অস্থায়ী জীৱনত কৰ্মক দূৰৈত থৈ হিংসা- বিদ্বেষৰ তুমুল প্ৰতিদ্বন্দ্বিতাৰে আয়ুসক জুখিলে চাৰিঠেঙীয়াও হাঁহিব।
                  বিশিষ্ট লিখক ভৱেশ নাথ দেৱে সংস্কৃতি সন্দৰ্ভত তেওঁৰ বক্তব্য হৈছে, "বাৰেৰহণীয়া সমাজ আৰু সংস্কৃতিৰে অসম সাম্প্ৰদায়িক ঐক্যৰ এক মিলনভূমি। জাতি-ধৰ্ম বৰ্ণ নিৰ্বিশেষে জনগণৰ মাজত অতীজৰে পৰা চলি থকা মৰম আৰু ভাতৃত্ববোধৰ জৰীডাল ৰাজনৈতিক মেৰপেচত ছিগি টুকুৰা টুকুৰ কৰাৰ অভিষন্ধি যুগে যুগে চলিয়েই থাকে।" কথাটো যুক্তিসংগত।
                    অন্যদিকে সমগ্ৰ পৃথিৱীয়েই এক জটিল পৰিৱেশৰ মাজেৰে আগুৱাইছে। ক’ভিড ১৯ অতিমাৰী।ক’ভিডত আক্ৰান্ত হোৱা অথবা আক্রান্ত নোহোৱা সকলে ৰুগ্ন জীৱনৰ প্ৰতি আস্থাহীন আৰু নিৰাপত্তাহীন মনোভাৱেৰে জীৱন কটাইছে। সকলোৱে মনতে ভাবিছে সোনকালেই পাৰ হৈ যাওক এই দু:সময়।বহুদিন বহু ক্ষতিৰ অন্তত কিছু শাম কাটিছে অতিমাৰীৰ পৰা। এনে এক জটিল ক্ষণত আমাৰ কৰণীয় কি হ'ব লাগে আৰু আমি কৰিছোঁ কি! সঁচাকৈয়ে দুখ লাগে। সেইদৰে অন্যান্য প্ৰাকৃতিক কিম্বা মানৱসৃষ্ট দুৰ্যোগে কৰিছে নিতৌ বৃহৎ ক্ষতি।
                      সৰ্বদিশত যেন আমি জীৱশ্রেষ্ঠৰ নামত পৰাজয় বৰণ কৰিব লগা হৈছে। থৈছোঁ সামৰি জাতি কিম্বা দেশৰ মেৰুদণ্ড স্বৰূপ যুৱ সমাজৰ উশৃঙ্খলৰ কথা,মাদকদ্রব্যৰ কথা, পৰিৱেশ প্ৰদূষণৰ কথা,নিবনুৱা যুৱক-যুৱতিৰ কথা, ৰাজনৈতিক আৰু অৰ্থনৈতিক দিশৰ কথা। অন্যফালে জনপ্রিয় ফেচবুকৰ মাধ্যমত কিছুমান তথাকথিত অল্প শিক্ষিত মুছলমান অথবা হিন্দু সম্প্ৰদায়ৰ লোকে সাম্প্ৰদায়িক জনিত কিছু পোষ্ট আৰু মন্তব্য কৰে যিবোৰে বাৰুকৈয়ে সচেতন মহলক নিতৌ মনোকষ্ট দিয়ে। অনাহকতে সংঘর্ষৰ সৃষ্টি কৰি তেওঁলোকে হয়তো অনেক পুৰস্কাৰ পায় যেন ধাৰণা হয়।
            উপায়:
          """"""""""""  সাম্প্ৰতিক এশ-এবুৰি সমস্যাই চৌপাশ আগুৰি আছে। কেৱল মাথোঁ চৰকাৰে সকলো সমস্যা সমাধান কৰিব বুলি কৈ থলে হয়তো সমস্যাবোৰ সমস্যা হৈয়ে বাঢ়ি গৈ থাকিব। জীৱশ্রেষ্ঠ অথবা মানুহ নামৰ ঠাইত হয়তো দুই ঠেঙীয়া জন্তু নামাকৰণ পায় যাব লাগিব। যিকি নহওক কিয়, আমি আটায়ে ঐক্যবদ্ধ হৈ নোৱাৰোঁ নে গাবলৈ মানৱতাৰ গান? নোৱাৰিনে দুদিনীয়া জীৱনত ধৈর্য-সহ্য ধৰি শান্তিৰে জীয়াই থাকিবলৈ? মজবুত আৰু দৃঢ় কৰিব নোৱাৰিনে সম্প্ৰীতিৰ এনাজৰীডাল? ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় ক্ষেত্রতো প্ৰতিনিধিত্ব কৰা সকলে নোৱাৰেনে মানুহ হিচাপে অকণমান ত্যাগ স্বীকাৰৰ যোগেদি সহযোগিতা কৰি প্ৰকৃত মানুহৰ পৰিচয় দিবলৈ? ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় সংহতি মজবুত কৰিব নোৱাৰিনে? জলন্ত মমৰ আয়ুসৰ দৰে এদিন নহবনে অন্ত আমাৰ? যুদ্ধৰ আসনখনি শান্তিৰ আলোচনাক দিব নোৱাৰিনে?
            ইয়াৰ বাবে লাগিব হয়তো সুন্দৰ মানসিকতা, সুস্থিৰ আৰু স্বচ্ছ চিন্তাধাৰা, নিজৰ নিজৰ দায়িত্ব ও কৰ্তব্য সঠিক ৰূপে পালন কৰা আৰু অকণমান সহযোগিতা। লাগিব অস্থায়ী জীৱনৰ উপলব্ধি ও ভৱিষ্যত প্ৰজন্মৰ বাসপোযোগী কৰি ৰখাৰ পণ। ৰাজনৈতিক ফালৰ পৰাই হওঁক অথবা অৰ্থনৈতিক দিশৰ পৰাই হওঁক, শত বাধাকো নেওচি আমি সকলোৱে জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে ঐক্যবদ্ধ হৈয়ে আগুৱাই যাব লাগিব নহলে যে বৃহত্তৰ মানৱ জাতি ৰসাতলে যাব। সজাব লাগিব সুন্দৰ আৰু শান্তিৰ বাসপোযোগী বসুন্ধৰা। হয়, আমাৰ নিজৰ নিজৰ সাতামপুৰুষীয়া ঐতিহ্যক ধৰি ৰাখিব লাগিব অৱশ্যে এই ক্ষেত্ৰত সংস্কাৰ ও সংশোধনৰ প্ৰয়োজনীয়তাক খুবেই গুৰুত্ব আৰোপ কৰিব লাগিব। হজৰত মহম্মদ (ছ:) য়ে কৈছে, "  Removing painful things from the streets, guiding the blind, selflessly always engaged in human service. অৰ্থাৎ " ৰাস্তাৰ পৰা কষ্টদায়ক বস্তু আতৰ কৰা, অন্ধজনক পথ দেখুৱাই দিয়া, নিস্বাৰ্থভাৱে সৰ্বদা মানৱসেৱাত লাগি থকা।" তেখেতে কৈছে, " Whoever fulfills the needs of another person, then Allah will make him 100 requirements and if someone co-operates in the sufferings of the people, Allah gives him a compassionate eye. "অৰ্থাৎ " যিয়ে অন্য ব্যক্তিৰ প্ৰয়োজন পূৰণ কৰি দিব পৰকালত আল্লাহ তায়ালাই তেওঁক ১০০ প্ৰয়োজন পূৰণ কৰি দিব আৰু মানুহৰ দুখ-দুৰ্দশাত কোনোবাই সহযোগিতা কৰিলে আল্লাহ তায়ালাই তেওঁৰ প্রতি কৰুণাৰ দৃষ্টি দিয়ে।"

                          শেষত সাম্প্রতিক সময়ৰ বহু কথাই মনলৈ আহিছে যদিও লিখনিতে সকলো সমস্যা সমাধান নহয় বুলি ভাবো লগতে ভুলত্রুটিৰ ক্ষমা বিচাৰি গান্ধীজীৰ মহৎ বচনেৰে সামৰি ল'ব বিচাৰিছোঁ।
“Your beliefs become your thoughts,
Your thoughts become your words,
Your words become your actions,
Your actions become your habits,
Your habits become your values,
Your values become your destiny.”
অৰ্থাৎ "আপোনাৰ বিশ্বাস আপোনাৰ চিন্তা হৈ পৰে,
আপোনাৰ চিন্তাবোৰ আপোনাৰ কথা হৈ পৰে,
আপোনাৰ কথাবোৰ আপোনাৰ কাম হৈ পৰে,
আপোনাৰ কামবোৰ আপোনাৰ অভ্যাস হৈ পৰে,
আপোনাৰ অভ্যাসবোৰ আপোনাৰ মূল্যবোধ হৈ পৰে,
আপোনাৰ মূল্যবোধ আপোনাৰ ভাগ্য হৈ পৰে।


🔵শেষৰ মাহ ডিচেম্বৰ

                         -- শ্ৰী সুমন কাকতি
একাদশ শ্ৰেণীৰ ছাত্ৰ , লখিমপুৰ
      
সকলোৱে কয়- নদীৰ দৰে অবিৰত ভাৱে বৈ যায় সময় ! কাৰোঁ বাবে নৰয় কিন্তু সময়ে মানুহক শিকাই আৰু মানুহে শিকে ।।  আমিও হয়তো সময় ৰ অধীন কিন্তু সময়ৰ সোঁততে লগ পোৱা যায় কিছু ন-ন মানুহ , হয়তো সকলো মানুহ আপোনাৰ আপোন নহবও পাৰে কিন্তু তাৰ মাজৰ কিছু ব্যক্তি আপোনাৰ মনত জীয়াই থাকে চিৰদিন চিৰকাল ।। 
           ২০২২ চনটোও হয়তো সেই একেখন নদীৰে সোঁত য'ত আপুনিও লগ পাইছে বহু লোকক আৰু এতিয়া ২০২২ শেষ হোৱাৰ পৰত আৰু বেছিদিন নাই ।। সময় সলনি হ'ব পাৰে কিন্তু মানুহৰ সপোনবোৰ একেই থাকে ।। সময়ৰ টিকনিডালত ধৰিয়েই সকলো আগুৱাই গৈ আছে , সফলতা-বিফলতা থাকিবই কিন্তু সফলতাৰ পিছত দৌৰি ভাগৰিছে যদিও আপুনি কাহানিও থমকিব খোজা নাই বাবে আজিয়ো যুঁজি আছে নহয় জানো ?? আপোনাৰ জীবনৰ সকলো সময় ভাল নহবও পাৰে । আপুনি হয়তো কোনো কাৰণত মোক বেয়া পাব পাৰে আৰু মইও আপোনাক কোনো কাৰণত বেয়া পাব পাৰো কিন্তু দুদিনীয়া জীৱনত এজনে আনজনৰ বেয়া হৈ কি কৰিব নহয় জানো ?? 
         আহক ,২০২২ ত পোৱা অপ্ৰয়োজনীয় খিনি এৰি যাও বিদায় স্থলীত আৰু তাৰ ঠাইত স্থান দিওঁ ২০২৩ ৰ নতুনত্ব খিনিক ।। 
        আহক , বিদায় দিও ২০২২ ক আৰু ২০২৩ ক উদযাপন কৰোঁ ।। ২০২৩ সকলোৰে বাবে হৈ পৰক প্ৰাপ্তিৰ বছৰ ........
        
     





🟣শাৰদীয় অনুভৱলৈ প্ৰিয় জনলৈ চিঠি




শ্ৰদ্ধা ও মৰম জনালোঁ 
                   মৰমৰ প্ৰিয়তম
লিখনিৰ প্ৰথমতে মোৰ হিয়া বৰা মৰম ও শ্ৰদ্ধা লবা ৷
মোৰ হৃদয়ত সাঁচি ৰখা মৰমখিনি পঠালো সাদৰে গ্ৰহণকৰিবা ৷আশা কৰো আল্লাই তোমাক ভালেই ৰাখিছে,মোৰো ভালেই সন্তান দুটি নেদেখা জনৰ কৃপাত ভালেই আছে ৷ডাঙৰ জনীৰ পৰিক্ষা শেষ হৈছে পৰিক্ষা ভালই হৈছে ৷জানা তোমাৰ কাৰণে সদায় মনত পেলাই থাকে ৷
                  পূজাৰ বন্ধ পালে এইবাৰ পলম নকৰি ঘৰলৈ আহিবা ৷মোৰ আৰু সন্তান দুটিৰ বাবে নতুন কাপোৰ আনিবলৈ নাপাহৰিবা ৷মাইনা সদায় তোমাৰ কথা কৈ থাকে নতুন কাপোৰ আনিলে পূজাত পিন্ধিব ৷শৰতৰ বতৰ শেৱালি ফুলিছে তোমালৈ বৰকৈ মনত পৰিছে ৷জানা যোৱা বেলি তুমি আৰু মই শেৱালি ফুল বুটলিবলৈ যাওঁতে মিঠা মিঠা গোন্ধ পাই কিমান যেন আনন্দ লাগিছিল আজিও নাকত লাগি আছে ৷তাৰ পৰা অলপ শেৱালি ফুল বুটলি মোৰ নাকে মুখে দলিয়াই দিছিলা ৷এইবাৰ শৰৎ কালত আহিলে আমি দুয়ো নৈৰ পাৰত ফুৰিবলৈ যাম ৷শৰতৰ নৈসৰ্গিক দৃশ্য দেখিলে মন মোৰ মতলীয়া হয় ৷শৰতৰ ফৰকাল আকাশৰ তলত আমি দুয়ো বিলিন হৈ যাম ৷ শৰততে ফুলা ফুলবোৰ বকুল,খৰিকাজাঁই, শেৱালি বুটলি আনি মালা গাঠি সেই মালাৰে তোমাক ভক্তি কৰিম ৷নৈৰ পাৰত কঁহুৱা ফুলবোৰ হালি জালিকৈ নাচি থাকিব আমি দুয়ো তাৰ তালে তালে ঢৌ তুলি মনৰ আনন্দত নাচি থাকিম ৷ পানী মেটেকা ফুলবোৰ ফুলি খাল বিলৰ তলি উজ্জ্বলাই তুলিছে তাতে আকৌ বগলীয়ে মাছ ধৰিছে কিমান যেন প্ৰাকৃতিৰ দৃশ্যৰ সৌন্দৰ্য ৷এইবোৰ চাই হেঁপাহ নপলায় ৷দিপৰ বিলত খৰালি ,বিবিন্ন ধৰণৰ চৰাই আহি শৰতৰ সৌন্দৰ্য দুগুণে বৃদ্ধি কৰিলে ৷তুমি আহিলে শাৰদীয়  পূজাত মণ্ডপে মণ্ডপে ধূপ ধূনা জ্বলাই ভগৱানৰ ওচৰত প্রাৰ্থনা জনাম ৷আমৰ পৰিয়ালটো যাতে সুকলমে থাকে ৷তোমাৰ কাৰণে বাট চাই থাকিম চিঠিৰ উত্তৰ দিবা ৷
লিখিলেতো বহুত লিখিবলৈ মন যায় আজিলৈকে ইমানতে সামৰিলো ৷
                   ইতি 
               তোমাৰ মৰমৰ পত্নী
ঠিকনা 
নাম ----- ছেলিমা বেগম 
জিলা ______নগাঁও 
থানা ----জুৰীয়া 
ডাকঘৰ ----বলিকটীয়া 
পিন নম্বৰ 782122
ফোন নম্বৰ 8822515195

             ⚫️অণুগল্প শিতান:



🟣তই সুখী হ'বি
  অণগল্প 
                              ✍️ ৰাজ ৰাহুল 
                            

       হাতত শৰাইখন লৈ তাই লাহে লাহে ডেকা-গাভৰুৰ সমাজলৈ ওলাই আহিল সেৱা এটি ল'বলৈ। তাই আঁৰ চকুৰে দেখিলে--অনঙ্গই ৰভাৰ এচুকৰ পৰা তাইলৈকে চাই আছে।  সি আগবাঢ়ি আহিল---"মালা, বিয়াৰ উপহাৰটো আজিয়েই দিছোঁ,ল। কাইলৈ মই চেন্নাই যাম সেইবাবে।"

           সি বিয়াত নথকাৰ অজুহাতটো তাই জানিলে। মাক-দেউতাকৰ কৰ্তব্য আৰু দায়িত্ব পালনত বাধা দিব নোৱাৰে বাবেই তাই কাইলৈ বিয়াত বহিব। তেওঁলোকে বিচাৰে তাইৰ এখন স্বচ্ছল ঘৰ, নিবিচাৰে অনঙ্গৰ লগত জীৱনটো দৰিদ্ৰতাক প্ৰত্যাহ্বান জনোৱাটো। উঠলি উঠা হুকটো সামৰি শৰাইখন লৈ প্ৰথমে তাই ভৰি চুই অনঙ্গকে  সেৱা কৰিলে----!সি ক'লে--"তই সুখী হ'বি। কোনোদিনে যাতে তোৰ চকুত চকুপানী নেদেখোঁ---!" তাৰপিছত সি আন্ধাৰত হেৰাই গ'ল দৰিদ্ৰতাই কোঙা কৰা তাৰ হৃদয়ৰ যন্ত্ৰণাবোৰ ঢাকি ৰাখিবলৈ...।

                       


🟣অণুগল্পৰ শিৰোনাম

অভাৱ 


             ✍️শ্ৰী পৰাগ জ্যোতি দাস 

               একাদশ শ্ৰেণী 

               ঢকুৱাখনা,লখিমপুৰ 



 ঋতু সৰু হৈ থাকোঁতেই তাৰ দেউতাক পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাৱটি ল'লে। মাকে তাক কোনোমতে আনৰ ঘৰত কাম-বন কৰি দুবেলা-দুমঠি খাই পেটৰ গাঁঠি মাৰিছে। এতিয়া পূজাৰ বতৰ সকলোৱে বিচাৰে নিজৰ সন্তানক পূজাত এযোৰ ভাল কাপোৰ দিবলৈ কিন্তু ঋতুৰ মাকে তাক এযোৰ ভাল কাপোৰ দিয়াৰ মানসিকতাৰে কাণৰ থুৰীয়াযোৰ চাদৰৰ আঁচলত বান্ধি ওলাই গৈছে , মহাজনৰ ঘৰলৈ বুলি । মৰমৰ থুৰীয়াযোৰ দিয়াৰ দুখ আৰু পুত্ৰক এযোৰ নতুন কাপোৰ দিয়াৰ হেঁপাহ দুয়োটাই চকু হালি চলচলীয়া কৰি তুলিছে।

 




             🔵কবিতা শিতান


🔵অন্য এক অনুভূতি:

বহুদিনৰ মূৰত.......
তোমাক লগ পোৱাৰ আশাৰে,
বিছাৰি ফুৰিছো!
এষাৰ মাত মাতিবলৈ৷
জানা তোমাৰ ছবিটো চাই,
চকুলো নিগৰো সদায়৷
কিন্তু ভাগ্যৰ কি পৰিহাস,
কতো বিছাৰি নাপাও তোমাক!!
তোমাৰ কাৰনে ছাগে....
আজি......
মই হৈছো পছোৱাৰ নিছিনা বলিয়া৷
পাহাৰ-ভৈয়াম,নদ-নদী, আকাশত
বিছাৰি ফুৰিছো!!
এক ভূল ঠিকনা হাতত লৈ!!!

নাম:ৰাজিদুল ইছলাম
সাং: ডিমাপুৰ
থানা:কলগাছিয়া
জিলা:বৰপেটা (অসম)
ফোন নং:8472033734



🔴জীৱনৰ ৰং

                  ✍️ৰাহুল চেতিয়া

তই ইমান শীতল,
 ইমান মনোনিৱেশ কৰ, 
ইমান নিস্তব্ধ যেন লাগে, 
তথাপিও তোৰৰ চকু দুটা 
দিগন্তৰ ওপৰত স্থবিৰ হৈ থাকে।  
হয়তো তই ভাবিছ যে
 তাক লগ পোৱাৰ লগে লগে
 তাৰ বিষয়ে জানিবলগীয়া 
সকলো কথাই জানি লব, 
কিন্তু তই জানিব পাৰিব বুলি
 ভবা সকলো কথা ভুল। 
 তেজৰ নদীৰ দৰে 
তাৰ মাজেৰে আবেগ বৈ থাকে।
 তাৰ মাত্ৰ ক্ষন্তেক সময়ৰ 
বাবে আঁতৰি চালে,
 তাৰ সকলো কাইলৈৰ কাম 
ইয়াৰ পৰাই আৰম্ভ হল।



🔴ঘূণে খোৱা ধান

             ✍️চন্দ্ৰ শেখৰ পৰাজুলী,

বহু যত্নৰ অন্ততঃ 
নিমখিয়া পানীৰ সৈতে
বোকাবোৰক সিঁচি মেলি
লগালোঁ সোণোৱালী ধান ।
পৰ্যাপ্ত সময়ৰ অন্তত 
কষ্ট কৰি কাটিলো সকলো গুটি
লগতে মৰণা মাৰি আনি
ভৰালো সকলো ভঁৰালত ।
অৰ্থাৎ ভবিষ্যতৰ বাবে
পাপী পেটৰ ভৰনৰ অৰ্থে
কৰিলোঁ ভাবি-চিন্তি সংৰক্ষণ ।
ভৰালৰ থকা ধানৰ কথা ভাবি
মাৰিলো সন্তুষ্টিৰ টোপনি ।
এনেতে আনন্দত মাতাল হৈ 
কৰি পেলালো ডাঙৰ ভুল
বেছি দিন সংৰক্ষণ মানে
দেখিবলৈ পোৱা যায়
ব্যৰ্থ হোৱা বিদ্যা ।
মোৰ চৌদিশে এতিয়া 
ঘূণে খোৱা ধান......
ঘূণে খোৱা ধান .....


🔴ছন্দ বিহীন

              ✍️হীৰামনি লাহন

মোৰ কবিতাত ছন্দ হেৰাই
 ছন্দালেখা,
ভীৰৰ নগৰীত, 
খবৰ জানো  ৰাখা, 
মোৰ হৃদয়ৰ  সুষম  কোনত 
তোমাৰ অৱস্থিতি
সেই খবৰ জানো  পোৱা ?
কিমান যুগৰ প্ৰনতিত 
তোমাৰ মুখামুখি হম নাজানো    ;
ভয় লাগে,
জানোছা খহি পৰে বিষাদৰ পৰ্ব  ।
জানোচা স্তব্ধ হয় 
মোৰ জীৱনৰ  বাট,
কেতিয়াবা ভাগৰত সৰি পৰো,
আকৌ পুনৰ আগুৱাই যাওঁ 
সাহসেৰে বগুৱা বাই  ।
হেৰুৱাই জীয়াই থকাৰ আসক্তি ।
তোমাৰ মৰমে মোক 
স্পৰ্শ নকৰা হলে, 
নিলিখিলো হেতেন ,
এই ছন্দ বিহীন কবিতা,
ছন্দালেখা

🔴ৰাজপথৰ কাষতেই মোৰ ঘৰ

                  চন্দ্ৰ শেখৰ পৰাজুলী 
               বিশ্বনাথ চাৰিআলি,অসম


এই আহিছে গাড়ী
এই গৈছে গাড়ী
কিমান যে উজাগৰে গতি
নাই দিন আৰু নাই কোনো ৰাতি ।
প্ৰতিদিনে দিনে নিশাই লিখি যায়
সেই একেটাই অজৱ,অবুজ কাহিনী
কাৰণ ৰাজপথৰ কাষতেই মোৰ ঘৰ ।
কৰিছে আমাৰ নিদ্ৰাৰ হৰণ
তথাপিও কিয় জানো
আমাক বহু ভাল লাগি যায় ।
কথা এটা কও আচৰিত নহ'ব
আমাৰ ঘৰৰ কাষৰ ৰাজপথেদি 
মোৰ জীৱনৰ গতি কোন দিশে সংযোগ
আজিলৈকে কিন্তু গম পোৱা নাই।
নিশ্চয় সকলো মানুহৰ দৰে 
এসময়ত মোৰ জীৱনৰো পথ হ'ব বিলীন।



🔴এটা প্ৰশ্ন সুধিছিলো


                     ✍️ হীৰামনি লাহন 

মোৰ জীৱনৰ 
আটাইতকৈ ভাল পোৱা 
মহান নাৰীগৰাকীক সুধিছিলো,
"মা" মোক তুমি ভাল পোৱা  ?
তেওঁ কলে ,পাওঁ  ।
বাটৰুৱা গাভৰু জনীক সুধিছিলো ,
ন'দীলৈ কেনি যায়  ?
তাই কলে ,সেই ফালেই যায়  ;
যি বাতেৰে আশা বোৰ ভটিয়াই
 নিৰাশা বোৰ বৈ যায়  ।
এজন ৰাজনৈতিক নেতাক সুধিছিলোঁ ,
লুইতৰ পাৰ বান্ধি 
মানবতাক বিসৰ্জন দি 
বছৰে বছৰে ঠগি অহাৰ কৌশল, 
দৰিদ্ৰ জনতাক 
শোষণ কৰাৰ কৌশল   ,
তাৰ উত্তৰ নাই   ,
মোৰ প্ৰশ্নৰ উত্তৰ  নিদিলে  ।
মোৰ দেশৰ নতুন যুগৰ
 পথিক, 
ফুল কুমলীয়া 
সংগ্ৰামী ল'ৰাটোক সুধিছিলো  ,
পালানে তোমাৰ সমিধানত ,
নতুনৰ সম্ভাৱনা  ?
কিংবদন্তিত সোণৰ স্বদেশ, 
স্বাধীনতা ,নতুবা 
পৰাধীনতাৰ অশ্ৰুৰ  ধাৰা ,
পালানে কিবা  ?
পাৰিলানে বাৰুদৰ তেজেৰে 
লুতুৰি পুতুৰি হৈ
লিখিব স্বাধীনতাৰ কবিতা  ?
অ ,মোৰ স্বদেশৰ সংগ্ৰামী  লৰা ,
মোক উত্তৰ দিয়া  ।



🔴মোৰ উৰুখা পঁজাত জোনাক নামিব


     ✒️ নিজৰা বৰ্মন ডেকা

যিদিনা নামিব জোনাক 
মোৰ উৰুখা পঁজাত
সেইদিনা প্ৰতিটো কোঠালিত
জোনাকী পৰুৱাবোৰ পৰিব উপচি ,
হেজাৰ দিনৰ অপেক্ষাৰত 
মোৰ শুকান মৰুৰ চোতালত
এজাক জোনাকৰ বৰষুণ
ৰিম্ জিম্ কৈ আহিব নামি।
সেই দিনা পাটগাভৰু জোনটিৱে
মেঘৰ সৈতে লুকা-ভাকু খেলিব
কাজল সনা দুচকুত 
আনন্দৰ চকুপানী জিলিকিব
মোৰ পদুলিত হয়তো
জোনাকৰ মেলা বহিব !
মোৰ চোতালত পৰা জোনাকৰ পোহৰে
দুচকু আবৰি ধৰিব
মোৰ সপোনবোৰেও আকাশৰ বুকুত
হেঁপাহৰ কাৰেংঘৰ সাজিব ,
শুভ্ৰআচল মেৰিয়াই অতীতবোৰ স্মৃতি হ'ব
বৰ্তমান সময় অতীত হ'ব
ভবিষ্যতবোৰ অনাকাংক্ষিত হ'ব ।
যিদিনা মোৰ চোতালত
এজাক জোনাক নামিব
নতশিৰে সকলোৱে সন্মান জনাব,
সেয়ে হবলা আজিও কৰো অপেক্ষা
এদিন আহিব আশাৰ বতৰা
জোনাকে ভৰাব মোৰ উৰুখা পঁজা 
বিগলিত সময়ে পাতিব মোৰ পদুলিত 
বাৰেৰহনীয়া আশাৰ মেলা ।


🔴মাটি _ আৰু _ মানুহ 

                   ✍️  ৰাজ ৰাহুল 
    

 কেঁচা মাটিৰ গোন্ধ --!
বৰষুণে ভিজাই থৈ যোৱা
সিক্ত মাটিৰ  আপোন গোন্ধে
মন-প্ৰাণ হৰি নিলে---!
জীৱন জীয়াৰ সপোন এটি
জাগি উঠে প্ৰতি পলে পলে ;
সৃষ্টিৰ উমাল অনুভৱত--
প্ৰতি টোপাল ঘামৰ ত্যাগে
সন্তুষ্টিৰ  চ'ৰা-ঘৰত
মাটি আৰু মানুহৰ
জয় গান জোৰে  ।
সমাপ্তিও  যে  মাটিতেই
জীৱন-কালত তাৰ অৰ্থ
আকাশত  উৰে ।
মাটি, পানী আৰু বায়ুৰ সমতুলতাৰে
মাটিৰ বুকুতেই আৰম্ভ হয় জীৱন
মাটিতেই কৰে শয়ন
অন্তিম ক্ষণত !
কি যে এক বন্ধন
মাটি আৰু মানুহৰ
যুগান্তৰৰ...

     ************************

             

🔴দুলৰী ছন্দৰ কবিতা

  সময়ৰ আহ্বান

                    ✒️ নিজৰা বৰ্মন ডেকা

 সম্মুখত দোখো      বহু উপপথ
    কোন দিশে কৰোঁ গতি
অন্তহীন যাত্ৰা       সুবিশাল পথ
     কোন পথে দিওঁ ভৰি ।

বুকুত বান্ধিলোঁ        দুৰ্বাৰ হেঁপাহ
        জীৱন জিনাৰ আশা
নাজানো যাত্ৰাৰ      শেষ পৰিসীমা
    পামনে কোনোবা দিনা ? 

উকা পথচোৱা      দেখি কেতিয়াবা
           মন হয় বিচলিত 
সেই পথ চোৱা    অস্তিত্বহীনতা
    সময়ো যে বিগলিত ।

দুদিনীয়া মাথো     মানৱী জীৱন
         যেন মাটিৰ পুতলা
ক্ষণস্থায়ী দেহা      জীৱনৰ খেলা
       নাই  যে স্থায়ী ঠিকনা ।

জীৱন নাটৰ    অন্তহীন যাত্ৰী
     গমি নাচাও কাহানী
নাটৰ অন্তত      যামগৈ এদিন
    অভিনয় সামৰি থৈ ।

       



🔴সুখে মোক ক'লে


                  কবিঃ সমুজ্জ্বল ডেকা, ৰঙিয়া 

তুমি সমুজ্জ্বল 
তুমি সুখৰ ঢল
কৰিলেও তোমাক চল
তোমাৰো আছে বল।

তুমি হেঁপাহ 
তুমি সুখৰ বতাহ 
চলন্ত জীৱনৰ 
জ্বলন্ত সময়ৰ।

তুমি সদায় শান্ত
নহয় ক্লান্ত 
তুমি ডেকা 
নহয় বেকা।


🔴হে মহান অধ্যাপক জীৱন নৰহ


শিল্পী দাস
ভালুকমাৰী ৰাণীপুখুৰী 
হোজাই (অসম) ছাত্রী, বাণিজ্য শাখা
চতুর্থ ষান্মাসিক লংকা মহাবিদ্যালয়

হে মহান অধ্যাপক জীৱন নৰহ
 আপোনাক আজি মই প্রথম দেখিলোঁ,
 আপোনাক আজি মই প্রথম জানিলোঁ, আজিও যে আছে মহান ব্যক্তি আজিয়েই বুজিলোঁ।
 আজি আপোনাৰ বক্তৃতাই মোক মুগ্ধ কৰিছে,
 আপুনি কোৱা প্ৰতিটো কথাই শিকাইছে মোক আজি জীৱনৰ গুৰুত্ব 
আপোনাৰ দৰে মই হ'ব খোজোঁ।
আপুনি মোক সহায় কৰিবনে?
 আপুনি মোক আগবঢ়াৰ বাট দেখুৱাবনে? গীত শুনি শুনি লিখিলোঁ এতিয়া
মোক অনুপ্ৰাণিত কৰিছে
 আপুনিও মোৰ শিক্ষাগুৰু
আপোনাক মই শ্রদ্ধা জনাওঁ
মোৰ মনৰ অনুভূতিৰ কথা ।



🔴মানৱতা


            ✍️জাকিৰ হুছেইন 
গাওঁ-মাহগুৰি ট্ৰাইবেল (জুৰীয়া)
জিলা-নগাওঁ(অসম)
যোগাযোগ-+918139862693



মানুহৰ আচলতে হৈছে কি? 
কিয় নিজৰ অস্তিত্বত কালিমা সানিছে? 
আজি চাৰিওফালে হৈ-চৈ পৰিৱেশ! 
নাইকিয়া হ'ব ধৰিছে মানৱতা,
কমি গৈছে আত্মীয়তা। 
দিনে-দিনে হেৰুৱাব ধৰিছে
মৰম ,বিশ্বাস আৰু সন্মান ৷
হেৰুৱাব ধৰিছে পূৰ্বৰ ৰীতি-নীতি
পাহৰিছে শ্ৰদ্ধা, ভক্তি! 
পৰিণতিত ভাতৃত্ববোধ হ্ৰাস পাইছে। 
নিজকে সৎ বুলি পৰিচয় দিয়ে
কিন্তু অন্তৰটো যে মলিনতাৰে পৰিপূৰ্ণ
এনে অন্তৰাত্মাত কেনেকৈ বিৰাজ কৰিব মানৱতা!

*************************


🔴প্ৰেম বীণাৰ আহ্বান 

                 -----মাৰ্জিনা বেগম, বৰপেটা 
ৰিনিকি ৰিনিকি বাজিছে 
দূৰণিত প্ৰেমৰ সুমধুৰ বাঁহী ,
লালসাময়ী দেহজ নহয় 
শুনিছো মই  কাণ পাতি ......
আত্মজ প্ৰেমৰ এয়া  সুমধুৰ ধ্বনি  ।

বুকুৰ মাজত প্ৰেমৰ ফল্লুধাৰা 
অবিৰত বৈ যোৱা  চিৰন্তৰ   প্ৰবাহ,
বিৰহত বিৰহী অশ্ৰুপ্ৰিয়াৰ 
তৃষ্ণাতুৰ হৃদয়ৰ অমৃতধাৰা....
নজহা নপমা অক্ষয় ভাণ্ডাৰ ।

মাজ নিশাৰ নিজম মনৰ  বনত
কাৰ শোক কোনে বিনাই   
সজাই কবিতা কবিতা লগা
 ছন্দময়ী শব্দৰ গোপন বেদী  ....
প্ৰেমবীণাৰ সুৰ বয় য'ত   ভুৱন বিয়পি  ।

ব্যাকুল সপোনত বৈৰাগী মন 
তৃপ্তিময় ভাৱনা সাগৰত হয়  মগন ,
চেতনা নাই  উন্মাদ হিয়াৰ 
প্ৰেমৰ সুমধুৰ আহ্বানত .....
আছুতীয়া আবেগৰ  নিৰলা পঁজাত ।
      

🔴প্ৰেমিক চৰাই মই (ছিৰিজ ১৯৮)

     হাউচ উদ্দিন আহমেদ
                       নগাঁও 
দূৰভাষ:৯৬৭৮১০৫৪৫১
বহুবাৰ শুনিছোঁ সুখ আৰু দুখৰ কথা 
এতিয়া জানিছোঁ সুখ আৰু দুখৰ কাহিনী।
জীৱনৰ গতিপথত সুখ কেতিয়াবা দুখ আহে বুলিয়েই
এই জীৱনৰ গতিপথত আশাও কেতিয়াবা হৈ পৰে প্ৰত্যাশা।
বহুত আশা কৰিও একো পোৱা নাযায় যেতিয়া
তেতিয়া পোৱাৰ আশাত 
সকলো পাহৰি যোৱাটো জীৱনৰ কোনো অৰ্থ নাথাকে।
জীৱনৰ কষ্ট পথত 
চিৰদিনলৈ বিলীন হৈ যায়
অন্তহীন যাত্ৰা জীৱনৰ গতিপথত
 সুখ কেতিয়া আহিব?
মৰুভূমিৰ বালিৰ দৰে শুকান হৃদয়ত পানী ছটিয়াই দিলেও নৰম হৈ নাযায়
হালধীয়া শুকান পাতৰ দৰে 
জীৱনৰ গতিপথত হেৰাই যোৱা স্মৃতি কেতিয়াও তাজা হৈ নাযায়।
প্ৰেমিক চৰাই মই খবৰটো তুমিও জানিছিলা
মই দিয়া চিঠি আৰু দেখা সমূহ পঢ়ি কেতিয়াও উত্তৰ নিদিলা।
তুমিনো কি বুজিবা মোৰ উমান বুকুৰ মাজত বিষাদ কিমান!
মোৰ বুকুত জ্বলে বিষাদৰ বিননি, বুজিবলৈ তুমি চেষ্টাও নকৰিলা।
প্ৰেম অবিহনে, সংগী অবিহনে, তুমি অবিহনে
মোৰ জীৱনৰ গতিপথত সুখ বিচাৰি আকৌ কৈছোঁ,শুনা!
মোৰ জীৱনৰ অৰ্থনো কি ?
জীয়াই থাকিবলৈ প্ৰেৰণা নোপোৱা প্ৰেমিক চৰাই মই।
তথাপিও আশাবাদী হৈ সপোনৰ ভেঁটিত আছোঁ ৰৈ
হয় যদি কেতিয়াবা পূৰণ।
বিশ্বাস শব্দটোক হেৰাই পেলাব নিবিচাৰিবা
বিশ্বাস শব্দটোক সাৱটি ধৰিম আৰু তোমাৰ কথাই ভাবিম।
দূৰত থাকিলেও তুমি কাষত থকা যেন লাগে 
দেখা নাপালেও তোমাক
হৃদয়ৰ চকুৰে চোৱা যেন লাগে।
তোমাৰ মোৰ অন্তহীন যাত্ৰা 
জীৱনৰ গতিপথত সুখ আৰু দুখৰ কাহিনীত ।
পাহৰিব নোৱাৰা স্মৃতি ধৰি ৰাখিবলৈ মোৰ শৰীৰটো উচৰ্গা কৰিম মই।
তোমাৰ হৃদয়ত জীয়াই থাকিবলৈ
তোমাৰ মগজুত জীয়াই থাকিবলৈ
আকৌ এবাৰ বিচাৰি যাম।
তোমাৰ হৃদয় জয় কৰিবলৈ
তোমাক বিশ্বাস দিবলৈ
তোমাক মনে-প্ৰাণে ভাল পাবলৈ।


****************************

🔴সপোনৰ বৰ অসমে আজিও কান্দে  

                        ✍️বনজিত দাস 
                         ৰিহাবাৰী বজালী 
                                     
সপোনৰ বৰ অসমে আজিও কান্দে
তুমি আহিবাগৈ বাৰু কোন বাটে
আহিবাগৈ নেকি পৰ্বতৰ পাৰে ৰূপ বটুলি
পূৰ্ব দিশৰ ৰানী সূৰুয উঠা দেশলৈ
মোৰ ওপোজা মাটিলৈ চাই মিচিকি হাঁহে 
আছে তাতে নেফা, নিচিৰ গান চিয়াঙৰ পাৰে ।
তুমি আহিবাগৈ গৈ বাৰু কোন বাটে
পাহাৰৰ মাজে নাগালেণ্ড ৱাংচি হৈ
জীয়াই আছে নেকি স্মৃতি নেপি ৱাংচা কন্যা
গদাপানিৰ কাষত শুই ঐতিহাসিক লাহদৈগড়ত
সোঁৱৰণীৰ টোপোলাত বান্ধি লৈ ।
তুমি আহিবাগৈ বাৰু কোন বাটে
যত ডাৱৰে আহি মাটিক চুমা যাচে
অকা-পকা বাটে পাহাৰৰ শিখৰৰ মাজেৰে
মেঘালয় নামে ৰূপহী খাচী জয়ন্তীয়া গাৰো
ইতিহাস পৰ্য্যাটন ভূমিৰ ৰস বুটলি
কুঁৱলীৰ আঁৰে অভূত ৰূপৰ মেলা সানে ।
তুমি আহিবাগৈ বাৰু কোন বাটে
যত আছে মনিপুৰৰ সপোনপুৰীৰ ৰং বিচাৰি
লোগটক পক্ষীৰ সৰগ বিচাৰি, লোক-নৃত্যৰ
তালে তালে সেউজ ভূমিৰ আৰে আৰে
মন্দিৰৰ ঘন্টাত অৱসাদ লৈ মনে মনে ।
তুমি আহিবাগৈ বাৰু কোন বাটে
আহিবাগৈ মিজোৰামৰ কলা-কৃষ্টি সৰ্গভূমিলৈ
চেৰাও নৃত্য,ছেইহ লামত লাওঁ পানী খাই              
 মিচিং গাভৰুৰ খামুচি ককাঁলৰ নাচোনত
শস্যস্যামলা মাটিৰ সপোন ৰচি ।
তুমি আহিবাগৈ কোন বাটে
পাহৰি নাযাবা ত্ৰিপুৰা সীমান্ত সৌন্দৰ্য্য ৰানী
গোমতী নদীৰ ৰঙা মাটিৰ পাৰে পাৰে
সপোনপুৰী কলা-কৃষ্টি বুকুত সাৱটি লৈ ।
তুমি আহিবাগৈ বাৰু কোন বাটে
এইখনেই মোৰ অসম ভূমি স্বৰ্গতকৈ গৰীয়সী
ৰৈ আছে বৰলুইতে সম্বন্ধয়ৰ সেতু বান্ধি
চকুঁলো বোৱাই আই অসমী কলিজা ফালি
মোৰ আই মোৰ মাটি বুলি টনা আযোৰ কৰি
শ্যামলী আইৰ ৰূপৰ ক'তো তুলনা যে নাই ।


🔴ভাল নেপায় বুলিও জানিও

                     ✍️ধনঞ্জয় ৰায়,ধুবুৰী

তাইক ভালপাওঁ
তাইৰ কাজলসনা দুচকু চাই
কবিতা লিখোঁ
তাইৰ প্ৰতিটো শব্দই মোৰ ডায়েৰিত তুলি ৰাখোঁ
আৰু নিজানত বহি বহি নিসংগতাক পাহৰিব খোজোঁ
ভাল নেপায় বুলিও জানিও…
তাইৰ কথায় ভাবোঁ
কবিতাৰ শিৰোনামত তাইক ৰাখোঁ
তাইৰ সপোনবোৰো নিজৰ বুলি ভাবোঁ৷
ভাল নেপায় বুলিও জানিও…
বাৰে বাৰে প্ৰেমত পৰোঁ
বালিৰ বুকুত খোজৰ ছাপ থাকিব বুলি 
মৰুভূমিলৈ আগবাঢ়ো…৷
ভাল নেপায় বুলিও জানিও…
তাইক সন্দেহ কৰোঁ
ফৰিং ফুটা জোনাকত শেৱালি বুটলোঁ
ৰৈ থাকোঁ ক’ত বা
তাই মোলৈ ইনবক্স কৰিব 
এদিন,নহলে কোনোবাদিন
মই সিদিনা শুভকামনা জনাম
তুমি সুখী হোৱা 
শুভকামনাৰ প্ৰীতি৷
ভাল নেপায় বুলি জানিও 
ভালপাওঁ তাইক 
প্ৰেমত পৰোঁ তাইৰ৷


🔴অভাৱ

✍️কুকী মহন্ত

              (১)
বেৰৰ জুলুঙাৰে জোনাক চোৱা 
ল'ৰাটোক আৰু বেলেগকৈ নিশিকাব
অভাৱ কি.......
               (২)
চিলাইৰ ওপৰত চিলাই মাৰি ফিচিকি যোৱা চাদৰখন পিন্ধা
ছোৱালীজনীয়ে হয়তো আপোনাতকৈ ভালকৈ বুজে
অভাৱ কি........
                 (৩)
এপোৱা চাউলে দহোটা মানুহক 
ভাত বনাই খাবলৈ দিয়া মানুহজনীয়ে
চৰুটোৰ ওচৰত গৈ চকুপানী নোটোকে
কাৰণে তেওঁ আজি কালি বুজে
অভাৱ কি.........
                  
             (৪)
"আমাৰ ল'ৰা আৰু পঢ়িবলৈ নাযায়
সি মহাজনৰ ঘৰত গৰু ৰাখিব"--
এইবুলি আনৰ আগত 
হুমুনিয়াহ পেলাই কোৱা দেউতাকৰ কথাত 
সৰু ল'ৰাটোৱে নিজেই বুজি পায়
অভাৱ কি.......।।

    

      

🔴 আকাল          

         ✍️ গৌতম মালাকাৰ
             কৰিমগঞ্জ
আকাল!
কেউফালে মাথোঁ আকাল
ভাতৃত্বৰ আকাল
বন্ধুত্বৰ আকাল
সুমিষ্ট মাতৰ আকাল
স্খলনৰ সংস্কৃতিৰে দশোদিশ উত্তাল।
বিজ্ঞাপন!
চৌদিশে মাথোঁ বিজ্ঞাপন
মানৱতাৰ বিজ্ঞাপন
সেৱাৰ বিজ্ঞাপন
স্বীকৃতিৰ বিজ্ঞাপন।
অনাটন!
সকলোতে মাথোঁ অনাটন
কোনো প্ৰাপ্তিয়েই প্ৰাপ্তি নহয়
অপ্ৰাপ্তিত ভাৰাক্ৰান্ত তন-মন।
কেউফালে ম্লেচ্ছাচাৰ
শ্লীলতা আদিম যুগলৈ উভতি গ'ল
বিনম্ৰতা পৌৰাণিক কাহিনীত বন্দী হ'ল!
সৰ্বত্ৰ দ্ৰুত গতিৰ বতাহ
ডিজিটেল বতাহ 
পশ্চিমা বতাহ 
তথাকথিত সৃষ্টিৰ বতাহ!
প্ৰলেপ,
মাথোঁ প্ৰলেপ!
প্ৰলেপ সানি সৌন্দৰ্য সম্পূৰ্ণ হয়
প্ৰলেপেৰে শূন্য‌ও সোণ হয়
প্ৰলেপ এই শতিকাৰ প্ৰিয় সংস্কৃতি!


🔴সময়ৰ প্ৰাচীৰতা   

                     প্ৰিয়া বৰা , যোৰহাট 

                     একাদশ শ্ৰেণী

শৈশৱৰ সেই দিনবোৰলৈ  বৰকৈ 
মনত পৰে এতিয়া
সময়ৰ ডেউকাত এতিয়া বিচাৰোঁ
ধৰাৰ বুকৰ শান্তিৰ  মধূৰ মুহূৰ্তবোৰ
যিবোৰ দিনত খেলিছিলো উলাহতে
বিলাই দিছিলো মৰমৰ ৰংবোৰ ,
এতিয়া সময়ৰ  কোৱাল গতিত
পাৰ হৈ গুচিগ'ল  সেই দিনবোৰ।
এতিয়া ৰিণি ৰিণি বাজি উঠে 
মোৰ বুকুৰ অলিন্দত
সেই শৈশৱৰ সোণালী দিনবোৰ,
আইতাৰ মুখৰ ৰসাল সাধু শুনা
তামোলৰ ঢকুৱাৰে খেলা 
ধূলি বালি লৈ খেলা দৰা কইনাৰ খেলবোৰ,
সমনীয়াৰ লগত কৰা ধেমালিবোৰ
সৰু সৰু কাজীয়াবোৰ ,
খেলিবলৈ নাপালে মুখ ওফন্দাই বহি থকা
ইটোৱে সিটোক সৰু সৰু কথাতেই 
অভিমান কৰি নমতাকৈ থকা ,
এতিয়া বাৰু কত গল সেই............
সৰু সৰু ধেমালিবোৰ , কাজীয়াবোৰ
কত গল সেই সৰু সৰু মান অভিমানবোৰ ।
আকৌ এবাৰ হাবিয়াস জাগিছে
লৰালি নামৰ স্মৃতিৰ বৰষুণ জাকত তিতিবলৈ
হাহাকাৰ কৰিছোঁ জীৱনৰ আধাবাটত
শৈশৱৰ দিনবোৰ বিচাৰি,
নিঃশেষ হল সেই দিন
লোৰ সজাত পৰি ৰল
সময়ৰ লগত বিলীন হৈ গুচি গল 
সেই ভাললগা দিনবোৰ।
নাই আৰু আজি সেই দিন, সেই মুহূৰ্তবোৰ
ৰৈ গল মাথো সেই সোণালী দিনবোৰ
অতীতৰ স্মৃতি হৈ ..........,
পাহৰো বুলিয়ো আজি পৰা নাই পাহৰিব 
সেই সোণসেৰীয়া শৈশৱৰ দিনবোৰ,
এতিয়া সেই শৈশৱ বিচাৰি 
মনে হাবাথুৰি খাইছে জীৱনৰ আধাবাটত,
পাৰ হৈ গুচি গল সেই  ধূলিয়ৰি শৈশৱৰ দিনবোৰ
সময়ৰ প্ৰাচীৰতাত হৃদয় ঠেকেচি ।

   

🔴আইলৈ সেৱা 

                 প্ৰভাত ঠাকুৰ,যোৰহাট
কত জনমৰ সাধনাৰ ফলত,
তোমাৰ কোলাতে আই ,
শুইছিলো জীৱনৰ সেই ,
আদিম কালত  ।।
শুইছিলো তোমাৰ কোলাতে ,
ঠেহ পাতি কান্দি কান্দি ,
তোমাৰ কোলাতে আই ,
তুমিও যে শুৱাইছিলা ,
কিমান যে নাম গুণ গাই।
টোপনিত লাল কাল গ'লে,
মোৰ মুখলৈ চাই মিচিকিয়াই,
হাহি এটি মাৰি মোৰে কপালত
হেঁপাহৰ চুমা এটি খাই।।
লাগিছিলা গৈ তোমাৰ কামত ,
কেনেবাকৈ সাৰ পাই উঠিলে ,
ততালিকে দৌৰি আহি ,
তুলিছিলা তোমাৰ কোলাত।।
ধুলি মাকতি লাগে বুলি ,
ৰাখিছিলা যে আলফুল কৈ,
আজি বাৰে বাৰে মনত পৰে,
তোমাৰ আদৰৰ কোলা লৈ।।
নহ'ব নুপজিব তোমাৰ দৰে,
এই পৃথিৱীত আৰু নাই নাই,
নাপাওঁ কদাপি তেনে কোলা,
‌মোৰটো এই জনমত ।।
আই, তুমি মোক এৰি যোৱা,
বহু দিন বহু বছৰ হ'ল,
তথাপিও কিয় বাৰে বাৰে,
মনতটো উৰা মাৰে ,
তোমাৰ কাষলৈ ।।
আই ! পামনে ঘুৰাই বাৰু,
পিছৰটো জীৱনত তোমাকেই,
ল'বানে আগৰ দৰে আদৰি,
তোমাৰ কোলাতে শুৱাই লৈ,
দিবানে আকি চেনেহৰ চুমাটি,
মোৰ সেই কপালত।।
হ'ব নে বাৰু তেনে ভাগ্য,
পামনে বাৰু তেনে সুযোগ ,
তোমাৰ কোলাতে শুই, শুই,
ঠেহ পাতি নাখালে ,
খুৱাবানে তোমাৰ কোলাত লৈ,
 টোপনিত লালকাল গ'লে,
থাকিবা নে মোৰ কাষতে শুই।
আই অ', আই ! 
তোমালৈ আজি মনত পৰে,
ঘনাই ঘনাই মন যে উৰা মাৰে,
তোমাৰ সেই কোলা খনি লৈ।।



🔴তুমি অবিহনে

                          ৰাশীমা চাংমাই
                     ডিব্রুগড়,চাংমাই গাওঁ
                   স্নাতকোত্তৰ প্ৰথম                             ষান্মাসিক,ডিব্রুগড়              বিশ্ববিদ্যালয়,অসমীয়া বিভাগ

তুমি অবিহনে মই যেন এক আধৰুৱা জীৱ
তুমি অবিহনে মই যেন সচাঁই শূন্য এটি প্রাণী!
নিসংগ সময়ৰ তুমিয়ে মোৰ সাৰথি
আধৰুৱা জীৱনৰ তুমিয়ে পূৰ্ণতাৰ উৎস!
মন যায় এবাৰ হেঁপাহ পলোৱাই তোমাক চাবলৈ
মন যায় তোমাৰ সতে নিজানক কথা হ'বলৈ!!
তুমি অবিহনে মই নিথৰুৱা
অন্ধকাৰ জীৱনৰ তুমিয়ে পোহৰৰ শলিতা
ভগ্ন হৃদয়ৰ তুমিয়ে আশাৰ দলিচা!
বিচাৰো মাথো তোমাক নিচেই কাষৰত
আলিংগন কৰিব বিচাৰো মোৰ হৃদয়ৰ অনুভুতিবোৰ
তোমাৰ আগত!!

 🔴 ধুমুহাৰ শেষত

                                    কাকলি দত্ত

                                   দশম শ্ৰেণী

                          ধেমাজি (মাছখোৱা)

উজাগৰি ৰাতিৰ যন্ত্ৰণাবোৰৰ গভীৰতা কিমান নাজানো

জীৱনত প্ৰয়োজন হয় বিশেষজনৰ

যাক নিঃশব্দতাৰেও বুজাব পাৰি

কি দৰে ক'ত আৰম্ভ কৰো

শুনিবলৈ বা আছেই কোন ?

পাই হেৰুৱা বেদনাই কোঙা কৰা হৃদয়ৰ জীয়া কাহিনীবোৰ ।

মাথো অশ্ৰুসিক্ত দুচকুত জিলিকি উঠে

আধৰুৱা প্ৰেমৰ উমাল স্মৃতিবোৰ ।

হোৱাহ'লে তাহানিৰ সেই সৰুঘৰৰ

মানুহবোৰৰ দৰে মনটো বিশাল ।

কিন্তু আজি সুবিশাল ঘৰৰ মানুহৰ সৰু

মনটোও হ'ল ভেজাল ।

সমস্ত পৃথিৱীৰ সকলোবোৰ 

বিচাৰি পোৱাৰ দৰে

বিচাৰি পোৱা হ'লে মানুহে নিজৰ ভূল । 

নহ'লহেতেন চাগে ইমান গণ্ডগোল ।

তথাপিও আমি সদায় আশাবাদী

পশ্চিমৰ সৌ পাহাৰৰ সিপাৰত লুকাব ধৰা

ৰান্ধনি বেলিটিয়ে আহি

পূব আকাশত সেন্দূৰীয়া হৈ

মাৰিব ভূমুকি ।


🔴  চিনাকি - অচিনাকী 

                            শতাব্দী শৰ্মা

                                 নগাঁও


যাত্ৰাপথত ভিন্নতাৰ সুবাদ ,

মৰীচিকা খেদাৰ উৎফুল্লিত জুম!

কিছুমান চিনাকি মুখ ,

কিছুমান অচিনাকী মুখ!

কিছুমান চিনা - অচিনাৰ মাজত ।

কিছুমান চিনাকি মুখে চকু মুদা কুলিৰ ভাও ধৰে,

কিছুমান অচিনাকী মুখে চকুজুৰি ইফালে-সিফালে পোনায়।

চিনাকি মুখবোৰে অচিনাকী মুখৰ ওচৰত হাৰ মানি যায়।

চিনাকি মুখবোৰো দূৰলৈ গুচি যায়,

অচিনাকী মুখবোৰো আন্ধাৰত লুকাই যায়!

চিনাকি - অচিনাকীৰ মধ্যস্থতাত 

নিয়ন লাইটৰ পোহৰত 

নিজস্বতাবোৰ ক’ৰবাত তৰা হৈ জিলিকে।

                    

Tuesday, December 20, 2022

প্ৰথম বছৰ,ডিচেম্বৰ মাহৰ তৃতীয় সংখ্যা,

প্ৰথম বছৰ,

ডিচেম্বৰ মাহৰ তৃতীয় সংখ্যা,


সম্পাদকৰ একাষাৰ


আজি মঙ্গল বাৰ, পুহ মাহৰ  ৪ তাৰিখ । ইং ২০ ডিচেম্বৰ ২০২২ । বছৰটো শেষ হ'বলৈ মাত্ৰ ১১টা দিন বাকী । প্ৰিয় পাঠক সকল আগৰ সংখ্যা সমূহত আপোনাকে আমাক যথেষ্ট মৰম দিছে আশা কৰো এই সংখ্যাটোৱেও যাতে আগৰ দৰেই আপোনালোকৰ পৰা মৰম পাব । সেই আশাৰে ধেমাজি জিলাৰ পৰা প্ৰকাশিত অসমীয়া একমাত্ৰ সাপ্তাহিক ৱেব আলোচনীৰ প্ৰথম বৰ্ষৰ ডিচেম্বৰ মাহৰ তৃতীয় সংখ্যক সংখ্যাটি আপোনালোকৰ হাতত তুলি দিলোঁ । পঢ়ি কেনেকুৱা পাইছে আমাক নিশ্চয় জনাবলৈ নাপাহৰিব আৰু আলোচনীখন বিভিন্ন সামাজিক মাধ্যমত শ্বেয়াৰ কৰি দিব যাতে সকলোৱে আমাৰ আলোচনীখন পঢ়িবলৈ সুযোগ পায় । 


সূচীপত্ৰ

🔴সাধাৰণ জ্ঞান

🔴  যৌতুকৰ বিষয়ে একলম :  ◆ছেলিমা বেগম   

🔴চিৰ চেনেহী মোৰ ভাষা জননী চমু বৰ্ণনা :
মিন্টু গোৱলা

🔴অনুগল্প
ৰাজ ৰাহুল

🔴কবিতা শিতান:
মিন্টু গোৱলা,হাইছ উদ্দিন আহমেদ,প্ৰসন্ন কুমাৰ বৰা,জাকিৰ হুছেইন,ৰাজ ৰাহুল,
চন্দ্ৰ শেখৰ পৰাজুলী,শ্ৰী পৰাগ জ্যোতি দাস,বাহাৰুল ইছলাম,আমিৰ হুইছেন আহমেদ,সনাতন তালুকদাৰ,গীতাশ্রী বড়া,নিজৰা বৰ্মন ডেকা,আতিক আহমেদ, সীমান্ত শালৈ,হীৰামনি লাহন,জ্যোতিষ মান চমুৱা।

🔴স্তৱক:খাইৰুল  ইছলাম

***********************



🔴সাধাৰণ জ্ঞান


১। ‘ৰায়চাহাব’ খিতাপেৰে বিভূষিত ব্যক্তিগৰাকীৰ নাম কি?
উত্তৰঃ ‘ৰায়চাহাব’ খিতাপেৰে বিভূষিত ব্যক্তিগৰাকীৰ নাম পদ্মনাথ গোহাঞিবৰুৱা ৷
২৷পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা উপন্যাস দুখনৰ নাম লিখা৷
উত্তৰঃ পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা উপন্যাস দুখনৰ নাম – ‘ভানুমতী’ আৰু ‘লাহৰি’
৩৷ মহাত্মা গান্ধীয়ে কেতিয়া প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ কৰিছিল?
উত্তৰঃ মহাত্মা গান্ধীয়ে ১৯২১ চনৰ ২১ আগষ্টত প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ কৰিছিল৷
৪। অসম সাহিত্য সভাৰ প্ৰথম সভাপতি গৰাকীৰ নাম কি?
উত্তৰঃ অসম সাহিত্য সভাৰ প্ৰথম সভাপতি গৰাকীৰ নাম পদ্মনাথ গোহাঞিবৰুৱা৷

৫। অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া আৰু ক’ত হৈছিল?
উত্তৰঃ অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ১৯১৭ চনত শিৱসাগৰত হৈছিল৷

             প্ৰবন্ধ শিতান



 ■যৌতুকৰ বিষয়ে একলম :  ◆ছেলিমা বেগম        

          

মই যৌতুকৰ বিষয়ে ইয়াকে কব বিচাৰিছোঁ যে যৌতুক প্ৰথা আজিও আমাৰ সমাজত এনেকুৱা হৈছে যে এটা সংসাৰ পাতি যৌতুকৰ কাৰনে ধ্বংস কৰি দিয়ে। এনে ধৰণৰ ঘটনা বহুত আছে বিয়া কৰাই বোৱাৰী এজনী আনি যৌতুকৰ বাবে অত্যাচাৰ কৰি আনকি জীৱন্তে জ্বলাই দিয়া ঘটনা বহুত আছে। মোৰ মতে যৌতুক শব্দটো ভুল এই ভুলৰ কাৰণে নিজৰ সোণৰ সংসাৰ ধ্বংস কৰি দিয়ে। চৰকাৰে আইন প্ৰণয়ন কৰি এই প্ৰথা উঠাই দিব লাগে যেনেকৈ সতীদা প্ৰথা বন্ধ কৰি দিছিল। নিজৰ জীয়েকক বিয়া দি যাৰ যিমান খিনি ক্ষমতা থাকে সেই খিনি ইচ্ছা অনুসৰি দি দিয়ে। যোৰ যোবস্তি কৰি যৌতুক হিচাপে নিব নালাগে। যৌতুক প্ৰথা নিৰ্মূলকৰণ কৰিব নোৱাৰিলে আমাৰ সমাজত উন্নতি সাধন কৰিব নোৱাৰিম। আমি সকলোৱে এই খিনি বুজা বুজিৰ মাধ্যমে কৰিব পাৰিলে যৌতুক প্ৰথা আমাৰ মাজৰ পৰা নাইকীয়া হৈ যাব ।

■চিৰ চেনেহী মোৰ ভাষা জননী চমু বৰ্ণনা :


অসম সাহিত্য জগতৰ ভোতা তৰা মিত্ৰদেৱ মহন্ত অসম সাহিত্যৰ জগতত তেওঁ দি যোৱা অৱদানে আমাৰ ভাষাৰ সাহিত্য চিৰ যুগমীয়া হৈ আছে।
অসমৰ এজন বিখ্যাত কবি, সাহিত্যিক, নাট্যকাৰ, অভিনেতা তথা গীতিকাৰ। আমাৰ অসমীয়া সাহিত্য ভাষা চহকী কৰি তোলা মিত্ৰদেৱ মহন্তৰ জন্ম হৈছিল ১৮৯৪চনৰ ১৩জুনত যোৰহাট সৰ্বাইবন্ধাত । তেখেতৰ পিতৃ নাম আছিল নিৰঞ্জন দেৱগোস্বামী মাতৃৰ নাম আছিল বগীতৰা দেৱী ।
                     অসমীয়া সাহিত্যৰ ভাষা সাধিনী সভাৰ চিৰ যুগমীয়া এটি আমাৰ কালজয়ী গীত আমাৰ মাজত দি থৈ গ'ল।যাৰ বাবে আমি আজিও অসমীয়া ভাষাৰ সাহিত্যত গৌৰৱ কৰোঁ। অসমীয়া ভাষা সাহিত্যৰ প্ৰসাৰ আৰু উন্নতিৰ হকে গঢ়লৈ উঠা ,অসম সাহিত্য সভাৰ এটি চিৰসেউজ গীত ।তলত গীতৰ চমু বৰ্ণনা ‌দিলোঁ ।
      চিৰ চেনেহী মোৰ ভাষা জননী
      আই ধন্যে পুন্যে হৃৎ পাৱনী
                  গীতিকাৰ কৈছে যে-আমাৰ অসমৰ অসমীয়া ভাষা সদায় মৰম , ভালপোৱাৰ এটি মিত্য ভাষা । সহজ-সৰল ভাষাৰে সৃষ্টি কৰি ,সজল  অমৰ ভালপোৱা ভাষা । সেই বাবে কৈছে আই বুলি অসমক সম্বোধন কৰিছে।সচাঁকৈ আমি এই ভাষাৰ সগাৰ খনিত ,কত যে ভাষাৰ সংমিশ্ৰণৰ ফলত সৃষ্টি হোৱা আমাৰ এই ভাষা এটি ।পুন্যৰ এটি হৃৎৰ পাৱন যত বিভিন্ন জাতি জনজাতিৰ মিলনভূমি ,যাক আমি এটি বৃহৎ জাতিৰে পৰিচিত। 
       প্ৰকৃতি পৰশে ৰসে অমল কমল
     চঞ্চল হৃদি জলে ঢালে পৰিমল
     কোমল চপাৰ কৰি
     ঢৌৱে ঢৌৱে ঢৌৱে তুলি
ৰিণিকি ৰিণিকি কোনে তোলে ৰাগিনী।।
             অসমৰ প‌্ৰকৃতি সৌন্দৰ্যৰে ভৰা। যত পৰ্বত, পাহাৰ ভৈয়াম আৰু বিভিন্ন জাতি, জনগোষ্ঠী, বিভিন্ন ভাষা, ভাষিক, সংস্কৃতিৰে ভৰা আমাৰ এই  অসম খন ।যত ভাষাৰ সাহিত্য । এই প্ৰকৃতিৰ কোমল পৰশত কত যে সৃষ্টিৰ ঢৌৱ তোলে।কত যে ভাষাৰ গৌৰৱ উজ্বলাইছে । সৃষ্টিৰে জিলিকিছে আমাৰ ভাষাৰ সাহিত্য জগত । বিখ্যাত নক্ষত্ৰ হৈ উজ্জ্বলি উঠে আমাৰ ভাষাৰ সাহিত্য। সাহিত্যৰ জগতত বহু সাহিত্যৰ মালা গাঁথে ,সেই মালাৰ কোহে,কোহে ৰিণিকি ৰিণিকি ৰাগিনী তোলে বুলি কৈছে । ভাষাৰে বহু সাহিত্য সৃষ্টি কৰে । সেই সাহিত্যই ৰাগিনী তোলে ।
            সংসাৰ গুৰুভাৰে অৱশ পৰাণ
           হিয়াত বিলীন হয় হিয়াভৰা গান
         কাৰ নিচুকনি শুনা
         শুনি বানী ব্যথা পমা
      চকুতে চকুৰ নীৰে লয় জিৰণি।।
নিশ্চয় ।সংসাৰত আমাৰ শিকনিৰ বাবে আমাক গুৰু প্ৰয়োজন হয় । সেই গুৰুই দি সকলো শিক্ষা ।
আমাৰ ভাষাই হ'ল আমাৰ গুৰু। ভাষাৰ অবিহনে আমি এক পংগু।যত পংগুৰ দৰে হৈ সমাজত পৰিচালিত হ'ব লগা হয় । সেই বাবে গীতিকাৰে ভাষাক গুৰুভাৰ বুলি কৈছে।ভাষা যে আমাৰ এক হিয়াৰ আপোন , যত হিয়াত বিলীন হৈ ।এই ভাষাই তেতিয়া গৌৰৱ শিখৰত উপনীত হৈ তেতিয়াই আমাৰ চকুৰ চকু পানী বোৰ চকুতেই জিৰণি লয় ।
         জীৱনে মৰণে ৰণে লহৰী সুধাৰ
          ৰসনা শিতানে বহি সিঁচা শতধাৰ
                   হেʼ মোৰ মধুৰননা
                  মাগিছোঁ মাধুৰী কণা
               দিয়া দিয়া আই মধুভাষিণী ।।
আমি আমাৰ জীৱনত ভাষাৰ এটি  মধুৰ  ভাষা বুলি ভাবোঁ। সেইবাবে আমি আমাৰ ভাষাক উন্নতি কৰোঁ । বিভিন্ন সৃষ্টিৰ ৰস সানি  সজাওঁ ভাষাৰ মান ।  জীৱনে মৰণে সুধা নোৱাৰোঁ এই আই অসমীৰ ভাষাৰ ঋণ । সেই বাবে গীতিকাৰে কৈছে যে- হেʼ মোৰ মধুৰননা মাগিছোঁ মাধুৰী কণা 
দিয়া দিয়া আই মধুভাষিণী।।
ভাষাই আমাৰ জীৱন মূল আধাৰ ।ভাষাৰ অবিহনে  এটি জাতি  , সাহিত্য, সংস্কৃতি আধৰুৱা হৈ পৰে । ভাষাৰ মাধুৰী কণা বিচাৰিছে আই অসমীক ।শেষত কৈছে -দিয়া দিয়া আই মধুভাষিণী ।অসমী আইৰ কোলা  যেন মধু ভাষাৰে উপচাই দিয়ক  ।


সাহিত্যৰ ভাষাৰে সৃষ্টি কৰি ,ভাষাৰ মান দণ্ড বঢ়াই অসমীৰ গৰ্ব বঢ়াই দিয়া ।তাকে গীতিকাৰে গীতৰ সুৰত সাহিত্য আৰু সংস্কৃতি ভাষাৰ প্ৰসাৰ কৰি, নৱ প্ৰজন্মৰ  মাজত সাহিত্যৰ চৰ্চাৰ  আগ্ৰহ বঢ়ি অহাৰ এটি উৎসাহ মূলক গীত ।এই গীতেই অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি তুলি আহিছে । বৰ্তমানেও চহকী কৰি তুলিব বুলি আশা কৰোঁ।ই অসম সাহিত্য সভাৰ এটি চিৰযুগমীয়া গীত ।


              মিন্টু গোৱলা, লখিমপুৰ,কদম



অণুগল্প শিতান

                    (১)

              সংকল্প

 
                               ✍️ ৰাজ ৰাহুল 

      ৰেলৰ চিৰিৰ কাষত ৰৈ থকা সুমনৰ মনলৈ হঠাতে এটা চিন্তা আহিল---সি কিয় আত্মহত্যা কৰিব! লগে লগে সি সংকল্প ল'লে --সিও দেখুৱাই দিব পাহিৰ অবিহনে কেনেদৰে সুখী হ'ব পাৰে।

         নামনিমুৱা ৰেলখন অহা দেখি সি আঁতৰি আহিল চিৰিৰ কাষৰ পৰা---।

             *****************

             (২)

                 ◆সতীত্ব       

                                ✍️ ৰাজ ৰাহুল

        হাতখন আগবঢ়াই দিব খুজিও অভাৱী নিৰলাই জোৰেৰে সামৰি ৰাখিলে, কাৰণ তাই জানে---মহাজনৰ পৰা লোৱা টকাকেইটাৰ বিনিময়ত তাই ডাঙৰ সম্পদ এটা হেৰুৱাব লাগিব। এৰা, সতীত্ব নাৰীৰ অলংকাৰ, অহংকাৰ--স্বাভিমান। কোনো কাৰণতে তাই সেই অমূল্য সম্পদ হেৰুৱাব নোখোজে, লাগিলে দৰিদ্ৰতাৰ লগত যুঁজি যুঁজিয়েই জীৱনৰ বাকীছোৱা সময় পাৰ কৰিব।

          স্বামীৰ ফটোখনত চাকিগছি জ্বলাই তাই সাজু হ'ল অন্য এটি দিনৰ বাবে সংগ্ৰাম কৰিবলৈ, নহ'লে দহবছৰীয়া নিকুক কেনেকৈ মানুহ কৰিব --! ---দুৱাৰমুখত ৰৈ থকা নিকুক এবাৰ ঘূৰি চাই তাই কোবাকুবিকৈ মহৰীৰ পথাৰত ধান কাটিবলৈ বুলি খোজ ল'লে...।

        _____________________

                (৩)

             ■তই সুখী হ'বি

                               ✍️ ৰাজ ৰাহুল 
                                         

       হাতত শৰাইখন লৈ তাই লাহে লাহে ডেকা-গাভৰুৰ সমাজলৈ ওলাই আহিল সেৱা এটি ল'বলৈ। তাই আঁৰ চকুৰে দেখিলে--অনঙ্গই ৰভাৰ এচুকৰ পৰা তাইলৈকে চাই আছে।  সি আগবাঢ়ি আহিল---"মালা, বিয়াৰ উপহাৰটো আজিয়েই দিছোঁ,ল। কাইলৈ মই চেন্নাই যাম সেইবাবে।"

           সি বিয়াত নথকাৰ অজুহাতটো তাই জানিলে। মাক-দেউতাকৰ কৰ্তব্য আৰু দায়িত্ব পালনত বাধা দিব নোৱাৰে বাবেই তাই কাইলৈ বিয়াত বহিব। তেওঁলোকে বিচাৰে তাইৰ এখন স্বচ্ছল ঘৰ, নিবিচাৰে অনঙ্গৰ লগত জীৱনটো দৰিদ্ৰতাক প্ৰত্যাহ্বান জনোৱাটো। উঠলি উঠা হুকটো সামৰি শৰাইখন লৈ প্ৰথমে তাই ভৰি চুই অনঙ্গকে  সেৱা কৰিলে----!সি ক'লে--"তই সুখী হ'বি। কোনোদিনে যাতে তোৰ চকুত চকুপানী নেদেখোঁ---!" তাৰপিছত সি আন্ধাৰত হেৰাই গ'ল দৰিদ্ৰতাই কোঙা কৰা তাৰ হৃদয়ৰ যন্ত্ৰণাবোৰ ঢাকি ৰাখিবলৈ...।

           __________________


            কবিতা শিতান:

               (১)

            ■ হৃদয়ৰ আৰ্তনাদ

      ✍️মিন্টু গোৱলা, লখিমপুৰ,কদম


জীৱনৰ উত্তাৱল প্ৰেমে

 কেতিয়াবা কৈ 

খং,অভিমান বোৰ কিয় বেছি কৰা ?

কেতিয়াবা মনেও সুধে

খং,অভিমানবোৰ সামৰি লʼবা নে?

 তুমি মোক তোমাৰ  কোমল হৃদয়খনত 

মৰমৰ এনাজৰীৰে সাবটি ।

কিয় বাৰু এনে হয় ?

হৃদয়খন কিয় বাৰু বাৰে 

বাৰে উচুপি উঠে ?


হৃদয়ৰ আৰ্তনাদ তুমি

 জানো শুনি পোৱা?

মই সদায় শুনো ।

বুজাব নোৱাৰোঁ মোৰ হৃদয়খনক

তুমিয়ে বুজাবা মোৰ হৃদয়খনক

মৰমৰ ভাষাৰে।

লʼবা নে খং,অভিমানবোৰ সামৰি 

তোমাৰ কোমল হৃদয়খনত ?


                  (২)

■প্ৰেমিক চৰাই মই ( ছিৰিজ ১৯৭)

    ✍️হাইছ উদ্দিন আহমেদ

           নগাঁও 


মই প্ৰেম কি কেনেকৈ হয়

কেতিয়াও জনা নাছিলোঁ

হঠাতে তোমাৰ প্ৰেমত পৰিলোঁ

 ময়ো বৰষুণৰ পানীত গা ধুই

কুঁহিপাতৰ দৰে সেউজীয়া

হ'বলৈ বিচাৰিছোঁ

মোৰ দুহাতেৰে তোমাৰ হৃদয়ত 

স্পৰ্শ কৰিব বিচাৰোঁ

মোৰ কলিজা আৰু তোমাৰ জীৱন 

 এইখন সেউজীয়া পথাৰত 

দুয়ো বিচৰণ কৰিব বিচাৰোঁ।


               (৩)


             ■আশ্ৰম

            ✍️প্ৰসন্ন কুমাৰ বৰা মৰিগাঁও




 আশ্ৰম

হে'ৰা!

আমি কি দুখ কৰিছিলোঁ

আমি দেখোন মানৱতাৰ অৱদান

পিতৃ- মাতৃক সুচাৰুৰূপে পৰিচালনা কৰিছিলোঁ

ক'ত ভুল হ'ল আমাৰ

হে'ৰা!

এই দুখন হাতেৰে জানো গঢ়া নাছিলোঁ সপোনৰ ঘৰখন

তেতিয়া হাত দুখন সতেজ আছিল নহয়নে?

কিমান যে আশা!

এতিয়া বুঢ়া হলোঁ

গা ছাল সুতুৰা পৰিল

হে'ৰি!

হ'ব আৰু দিয়ক

মিছাকৈ সংসাৰখন কৰিলোঁ

ন মাহ দহ দিন গৰ্ভত ৰাখি বহু যান্ত্ৰনাৰে মাক হলোঁ

কেৱল মাকহে হ'ব পাৰিলোঁ কিন্তু মাতৃ হ'ব নোৱাৰিলোঁ

আৰু আপুনি?

বাপেক হ'ব পাৰিলে কিন্তু দেউতাক হ'ব নোৱাৰিলে

মাতৃ দেউতাক হোৱা যোগ্যতাৰ বহু কষ্টকৰ

সেইহে চাগৈ আমাৰ এনে

  দখা

নিজে গঢ়া ঘৰখন এৰি

বাসস্থান এতিয়া আশ্ৰমত

এৰা!

হয় দিয়া

এতিয়া আমি বুঢ়া হলোঁ

উচ্চস্তৰীয় শিক্ষাৰে শিক্ষিত হ'ল আজিৰ সমাজ

সমাজৰ দৃষ্টিত আমাৰ দৰে বহু মাক- বাপেকৰ স্থান আশ্ৰমত

নতুবা চহৰৰ ফুটপাথত

হে'ৰি!

হ'ব দিয়ক

সিহঁতেও এদিন মাক-বাপেক হ'ব নহয়

সিহঁতেও এদিন বুজি পাব 

মাক-বাপেকৰ মূল্যৰ

আমাৰনো আৰু কেইটা দিন

মিছাতে সিহঁতক আৰু নধৰিব

এৰা!

তুমিযে মাতৃ!

মমতাময়ী!


            ( ৪)

মিছা প্ৰতিশ্ৰুতি 

ঐ,তোমাক বৰকৈ মনত পৰে 

আমি কটোৱা সেই দিনবোৰ,

সাগৰৰ পাৰত তুমি দিয়া উপহাৰবোৰ, 

আৰু সেই মুহূর্তবোৰ তুমি যে কৈছিলা! সাগৰেই আমাৰ সাক্ষী

তুমি যে মোক সাৱটি ধৰি সাগৰৰ কাষত থকা

আঁহত জোপাৰ তলত মোক কথা দিছিলা, 

জীৱনে মৰণে তুমিয়েই মোৰ। 

সেই দিনাৰ  কথা মনত পৰে নে ? 

দৌৰি দৌৰি আতৰত গৈ 

মোক যে কি নামেৰে ঠাট্টা কৰিছিলা, সাগৰৰ পাৰত বহি 

ধেমেলীয়া কথা পাতিছিলা, 

তেতিয়া কিন্ কিনিয়া বৰষুণৰ লগতে ডেৰকনী দিয়াত

তুমি মোক সাৱটি ধৰি কাণে কাণে ফুচ্-ফুচাই 

কোৱা কথাবোৰে তোমাক আমনি কৰে নে? তুমি যে কৈছিলা ?

আমি সাগৰৰ পাৰতে জীৱনৰ মধুৰ সময়

এনেদৰেই অতিবাহিত কৰিম। 

আজি দেখোন তুমি সেই 

সকলো প্ৰতিশ্ৰুতি পাহৰি গ'লা! 

  ✍️জাকিৰ হুছেইন 

গাওঁ -মাহগুৰি ট্ৰাইবেল(জুৰীয়া)

পি: নং-782124

জিলা -নগাঁও (অসম)

যোগাযোগ-+918139862693

*******◆************

                ()

অহেতুক অতিথি

                                             ✍️ৰাজ ৰাহুল 

স্নিগ্ধ প্ৰেমৰ মন পৰশা ভাষাৰে

নহয়  মই  তোমাৰ  সফল প্ৰেমিক,

নাভাবিবা আজিও  মই

তোমাৰ  স'তে প্ৰেম  কৰোঁ বুলি,

তোমাৰ  গোলাপী ওঁঠৰ  

মৃদু কম্পনত নাই

 মোৰ হৃদয়ৰ দুলনি

তোমাৰ  ঘাট এৰা 

বহদিনেই হ'ল,

তুমি  এতিয়া  এৰাসুঁতি মোৰ বাবে,

কি দিব পাৰিলা তুমি  মোক?

মোৰ সোণালী  যৌৱনৰ মিঠা ভাষা

চোৰ কৰা চলাহী  প্ৰেমিকা তুমি ,

তোমাক আঁতৰাই দুৱাৰ  ৰুদ্ধ কৰা

বহুত  দিনেই হ'ল।

মোৰ চকুত  তোমাৰ  প্ৰতিচ্ছবি  নাই,

  মোৰ বাবে হাঁহি হাঁহি লজ্জিত নহ'বা,

মোৰ নিজান  সপোনৰ  অতিথি  তুমি নহয়৷

মই  মোৰ বাবে সজাওঁ জীৱন

মোৰ বাবে হাঁহো

মোৰ বাবেই কান্দোঁ।

হে মোৰ চলাহী সখী 

আঁতৰি দিয়া  মোৰ সপোনৰ  চোতালৰ পৰা',

নহ'বা মোৰ সুখৰ দিনৰ

অহেতুক  অতিথি।

---------------------

               (৬)


■চাওঁ বুলি জুমি চোৱা নাছিলোঁ

                           ✍️ৰাজ ৰাহুল

জোনাক সোমাইছিল খোলা খিৰিকীৰে-

তোমাৰ অপেক্ষাত চট্ ফটাই থকা সময়বোৰ

কেতিয়ানো অভিমানী হ'ল গমকে নাপালোঁ।

সিদিনা  ক'ব নোৱাৰা কথাবোৰে

বৰফ হৈ বুকুত হেঁচা মাৰি ধৰে।


জানা,

তুমি আপত্তি কৰিব পৰাকৈ

চাওঁ বুলি

জুমি চোৱা নাছিলোঁ তোমাৰ হৃদয়খন!

সেইয়া যে অপৰাধ--

মই ভালদৰে জানো।


গছে পাত সলালেই বসন্ত আহিব

তেতিয়া

কৃষ্ণচূড়া ৰঙী আৱেগবোৰ সামৰিবলৈ

তুমিওতো হেঁপাহৰ দলিচা পাৰিবা --!

আৰু বাউলী বৰদৈচিলা হৈ

সোমাই আহিবা মোৰ খোলা খিৰিকীৰে-

তুমি আহিলেই

ভঙ্গ হ'ব মোৰ কপট নিদ্ৰা।


জুমি চাব নালাগে

সহজেই পঢ়িব পাৰিবা

মোৰ হৃদয়ৰ ভাষা--!

লাহে লাহে গলিব বৰফবোৰ

মোৰ বুকুত হেঁচা দি থকা...।

 ●●●●●●●◆●●●●●●●●●

             

               (৭)


■নিৰপেক্ষ উক্তি---কঠিন বাস্তৱৰ

                    ✍️ৰাজ ৰাহুল


উখলমাখল  সুখৰ চুবুৰীটো 

নিমাওমাও  হ'ল 

কাহ পৰি জীন গ'ল

মৌনতাৰ সুগন্ধি বিলাই

সকলো সমদলেই আগুৱাই গ'ল 

এতিয়া  ৰ'দ বতাহ ধুমুহা  মূৰৰ ওপৰেদি লৈ

এক নিৰপেক্ষ  পৰিচয় হৈ

সকলো সহ্য কৰি 

এক স্থিৰ প্ৰতীক মই 

হৃদয় খনত  এতিয়া নীৰৱ উক্তি

বুকুত বহুত  আঁক বাকৰ দাঁগ

কোনেও  নপঢ়ে কোনেও নুসুধে।

গছ হৈ পিন্ধি যাওঁ মৌনতাৰ সাজ

আৰু  গছৰ  সেউজীয়া  চকুযোৰত

ধূলিয়ৰি পথৰ গান

আনোঁ বুলি ক'লেই চপাই আনিব নোৱাৰি

বোঁৱতী নদীখন।

সময় বোৰ সদায়  এহাল ঘৰচিৰিকা হৈ

চকুৰ মনিত ওমলিবলৈ নাহে।

তোমাৰ ফটোবোৰত নুফুলে  নিশিগন্ধা ।

জীৱনটো ব্যতিক্ৰমী  হৈ পৰে 

হৃদয়ে একোৱে নকয়।

নিলিপ্ত নিৰ্বাক হৈ 

নিৰ্বাসন দিয়ে সকলো অনুভৱ ।

এতিয়া  বাস্তৱৰ সঁচা বোৰে

জীৱন ধাৰণৰ সোপান গঢ়ে

সচাঁ  সময়  বহুত  ব্যতিক্ৰমী

************************

                 (৮)

◆মাহেকীয়া ঋতুস্ৰাৱ

        ✍️ চন্দ্ৰ শেখৰ পৰাজুলী


 বছৰ মোৰ এঘাৰ..

গতিকে আজি মই ঘৃণনীয় ।

মোক আৰু স্পৰ্শ নকৰিব

কাৰণ আজিৰে পৰা

প্ৰতিগৰাকী নাৰীৰ দৰে

মোৰ আৰু আৰম্ভ হৈছে

মাহেকীয়া ঋতুস্ৰাৱ ।

সচৰাচৰ সাত দিনৰ অন্ততঃ

সকলো নাৰীয়ে হয় পবিত্ৰ

তথাপিও মোক হ'লে ঘৃণায়ে কৰিব

কাৰণ মই দেখিছোঁ বহু দস্যু মানৱ

বলপূৰ্বকভাৱে  কিছুমানে কৰে..

আমাৰ দেহৰ শোষণ ।

গতিকে মাহেকীয়া ঋতুস্ৰাৱৰ সময়ত 

মোক যিদৰে স্পৰ্শ কৰাৰ পৰা বঞ্চিত

ঠিকে সেইদৰে মোৰ কাষত নাহিব ।

এইটো মোৰ এক মনৰ কল্পনা

কাৰণ বছৰ মোৰ মাত্ৰ এঘাৰ

শুনিবলৈ পাইছোঁ দস্যু মানুহৰ

থাকে হেনো বহু বহল মস্তিষ্ক।

গতিকে মই কণমানি কন্যা সন্তানে

দস্যু হ'লেও বিদগ্ধ পণ্ডিত সকলোলৈ

হাতজোৰ
কৰি এয়ায়ে অনুৰোধ

মোক যাতে কেতিয়াও স্পৰ্শ নকৰে

মনতে যাতে ভাবিব সদায়

নাৰী মানেই বহু ঘৃণনীয়।

      **************

            (৯)

■মনস্বিনী তাই

                               ✍️ ৰাজ ৰাহুল


অলপো  বিচলিত নোহোৱাকৈ

তাইৰ অটল  স্থিতিত

প্ৰস্তৰ মূৰ্তিৰ দৰে ৰৈ গ'ল তাই!


সিদিনা আক্ষেপেৰে কৈছিল--

" তুমি চাগে  ভাবিছা

পৰিৱৰ্তনশীল সময়ৰ লগে লগে

সকলো সলনি হৈ গ'ল,

কিন্তু মই যে ৰৈ গ'লোঁ

নোৱাৰিলোঁ সলনি কৰিব নিজকে।"


অনুতপ্ত  হৈছিলোঁ--

হেৰাই গৈছিল ওঁঠৰ ভাষা

মুখ ফালি একো ক'ব নোৱাৰিলোঁ।

হয়, পৰিস্থিতিৰ দাস হৈ

মই বহুদূৰ আগুৱালোঁ

উভতি অহাৰ পথ

নিজেই বন্ধ কৰিলোঁ,

এইবোৰ কথা কৈ

তাইৰ ওচৰত লঘূ হ'ব নোৱাৰোঁ।


অনুভৱ হ'ল---

বুকুত সাঁচ বহুৱাই যোৱা ক্ষণবোৰে 

সকলোকে পৰিৱৰ্তন হ'বলৈ নিদিয়ে

যিদৰে নিদিলে তাইক--!

শাশ্বত অনুভৱবোৰ বুকুত সামৰি

তাই ৰৈ গ'ল মনস্বিনী হৈ...।

     ******************

                (১০)

■এনেদৰেই অভিনয় কৰিম জীৱন-নাটৰ 

                            ✍️ৰাজ ৰাহুল

পাহৰিব নোৱাৰোঁ বাবেই

বাৰে বাৰে তোমাৰ স্মৃতিকে ৰোমন্থন কৰোঁ-

মঙ্গলতিৰ ওচৰত জানিব খোজোঁ--

মই পাহৰিব নোৱাৰাৰ দৰে

তুমিও মোক মনত ৰাখিছা নে নাই।

ভাবোঁ--আছেনে বাৰু সেইখন 

য'ত নন্দন-কাননৰ সুবাস বুটলি

আমি পাৰ কৰিছিলোঁ প্ৰীতিময় সময়,

চিৰদিন নাপাহৰাৰ প্ৰতিশ্ৰুতি দিয়েই দেখোন

আমি কৃষ্ণচূড়াৰ তলত অস্তবেলিৰ

 আবিৰ সানিছিলোঁ,

আবেলি ছাঁ পৰা দীঘলী পুখুৰীৰ পাৰত

আমাৰ সপোনৰ ঢৌ লেখিছিলোঁ।

তেতিয়া মদাৰে আকাশত জুই জ্বলাইছিল--

আমাৰ বিশ্বাস আৰু প্ৰেমৰ !


কথা দি কথা ৰাখিব নোৱাৰিয়েই চাগে

তুমি আজি নীৰৱ হ'লা,

দুঃস্বপ্ন বুলি সকলো পাহৰিব পৰা হ'লে

আজি তোমাক এনেদৰে নকলোঁহেঁতেন

মনত নেপেলালোঁহেঁতেন সেই আবেলিৰ

নিৰিবিলি স্পৰ্শকাতৰ ক্ষণবোৰ  !

শীতৰ পুৱাবোৰত কুণ্ডলীপকোৱা

 নিশ্বাসবোৰ এৰি

ছাত্ৰী-নিবাসৰ গেইটৰ বাহিৰত অপেক্ষা নকৰিলোঁহেঁতেন--

যদি জানিলোঁহেঁতেন তুমি মোক

 এদিন এৰি যাবা বুলি।


জানো,

তুমি আজি আনৰ লখিমী বোৱাৰী

সকলো দায়িত্ব কান্ধ পাতি লৈ

তুমি হৈ পৰিছা স্বামীৰ অৰ্ধাঙ্গিনী,

কিন্তু মনে কিয় মানি নলয়

তুমি বহুত সুখী বুলি !

পলে পলে স্মৃতিৰ পম খেদি

আজিও জীৱনৰ আটাইতকৈ

 ডাঙৰ সিদ্ধান্তটো

ল'ব পৰা নাই জানা।

কিজানিবা তোমাৰ স্থান দিব নোৱাৰি

মই পিছ হুহুকি আহোঁ--!


মঙ্গলতিৰ ওচৰত কালিলৈ আকৌ যাম

মনৰ সন্তুষ্টিৰ বাবে জানিব বিচাৰিম

আমাৰ সোঁৱৰণীৰ উমাল পৃষ্ঠা বোৰ

তুমি এতিয়াও ৰাখিছানে যতনাই !

যদি তুমি সুখী হৈ আছা

আশীৰ্বাদ দিম দূৰৈৰ পৰাই--!


আৰু কথা এটা,

তুমি যদি কোৱা

আই-পিতাইৰ মনৰ আশা পূৰ্ণ কৰি

অহা ফাগুনতে ঘৰখনি পাতিম,

আখৰা কৰিম কৰ্তব্য আৰু দায়িত্বৰ--

এনেদৰেই অভিনয় কৰিম জীৱন-নাটৰ

এনেদৰেই অভিনয় কৰিম জীৱন-নাটৰ...।

         ****************


            (১১)

■উলঙ্গ প্ৰকৃতি

                  ✍️চন্দ্ৰ শেখৰ পৰাজুলী


পিন্ধাবলৈ এৰিছে নেকি বাৰু ??

আজি পাহৰ-ভৈয়ামে

সেউজ পোছাকৰ আৱৰণ ।

জীৱ শ্ৰেষ্ঠবোৰে কৰিছে বস্ত্ৰৰ হৰণ

চৌদিশে দেখা গৈছে কেৱল

খনন, খনন আৰু খনন ।

মানুহবোৰ যেনেকৈ লজ্জিত হয়

বস্ত্ৰৰ পৰিধান নকৰাকৈ ।

ঠিক সেই একে কথাবোৰ

কিয় বাৰু বুজি নাপায়

উলঙ্গ প্ৰকৃতিক আকোঁৱালি ল'বলৈ ।

প্ৰকৃতিৰ আন্তৰিক ভাষা

আমি যদি অনুভৱ কৰাত সক্ষম ।

তেন্তে উদং প্ৰকৃতিৰ হৃদয়ত

শুনিবলৈ পালোঁ হয় 

ঠিক মহাভাৰতৰ সময়ৰ

নিজ শাৰীৰিক নগ্নতা ঢাকিবলৈ

কৌৰৱৰ আগত দ্ৰুপদীয়ে বাবে বাৰে কৰা 

এক দুখদায়ী কাতৰ আহ্বান।      

             ●●●●◆●●●●


              (১২)

■ঠাণ্ডাৰ দিনৰ কবিতা

                     ✍️চন্দ্ৰ শেখৰ পৰাজুলী


ঠাণ্ডাৰ দিনত

লেপৰ তলত সোমাই 

কোমল গাৰুৰ ওপৰত

মোৰ গোলকীয় মস্তিষ্কক

একদম সযতনে থৈ

বহু মগ্ন ভাবে 

লিখিবলৈ আৰম্ভ কৰা

এক ঠাণ্ডাৰ দিনৰ কবিতা ।

একো নাই মোৰ এই সৃষ্টিত

কাব্যিকতাৰ সোৱাদ,ৰস

 আছে মাথোঁ ইয়াত

 ঠাণ্ডাৰ দিনবোৰত মোৰ দৰে

 একেবাৰে এলেহুৱা মানুহৰ

 এলাহু লগা কামৰ বিৱৰণ 

 এনেকৈ লেপৰ গৰম

 আৰু মিঠা  মিঠা টোপনি

 লগত লগ লাগি আহে

 নিজস্ব সপোন এমুঠি।

 মোৰ লগত নথকা

 বহুত কাল্পনিক কাহিনী

  যদি মোৰ এনে হ'ল হতেন..??

  ********************


               (১৩)

■সকলোৱে বুটলিম ৰ'দৰ খবৰ

                     ✍️ৰাজ ৰাহুল 


খেলখন কুট-কৌশলেৰে খেলিলা

জিকিলাও তুমি

পিছে আছেনে আত্ম-সন্তুষ্টি ?

কু-চক্ৰান্তেৰে আনক হৰুৱাই

নিজকে জিকাৰু সজাই

কিমানজনে শেষত পৰাজয়

 স্বীকাৰ কৰে

তাৰ ৰাখিছানে খবৰ ?

মহাভাৰতৰ শকুনিক পাহৰিলা নেকি?

পাহৰিলা নেকি দুৰ্যোধনৰ অহংকাৰ ?

অন্যায় কৰি আনৰ পৰা কাঢ়ি আনিলে

উপভোগ কৰিব পাৰে জানো অকলে ?

অধৰ্মৰ পৰাজয় ধৰ্মৰ জয়

ইতিহাসে তাকে কয়।


সাহস যদি আছে

দক্ষতাৰে খেলিবা--কুট-কৌশলেৰে নহয়।

জীৱন-যুদ্ধত হৰা-জিকা থাকেই

মানি ল'ব সকলোৱে--

অনিচ্ছা সত্বেও!


কিন্তু অন্যায়, প্ৰৱঞ্চনা সহিব নোৱাৰাৰ বাবেই

বাৰে বাৰে সৃষ্টি হয় সংঘাত

উচ্ছৃংখল হয় সমাজ--সময়--!

তেজৰ চকুলো বয়

নিৰ্বাপিত হয় সুখ-শান্তি,

হিংসাৰ দাবানলে বিনষ্ট কৰে

জন-জীৱনৰ শান্তি-প্ৰিয় স্থিতি।


গতিকে আত্ম-সন্তুষ্টি নথকা

শান্তিৰ বাতাবৰণ ধ্বংস কৰা

কুট-কৌশলগত পাশা খেল নাপাতি

প্ৰেমৰ পৃথিৱী এখন গঢ়োঁ আহা--

হাতে হাত ধৰি সকলোৱে বুটলিম

ৰ'দৰ খবৰ

বিলাই যাম একাঁজলি বিশ্বাস--

সুবাসী মনৰ...।

________________________________


                    (১৪)


■মনৰ দাপোনত ফাগুন 

            শ্ৰী পৰাগ জ্যোতি দাস 

            একাদশ শ্ৰেণী 

           ঢকুৱাখনা,লখিমপুৰ 


তই আকৌ আহিলি ফাগুন 

ডেকা-গাভৰুৰ মন উতলাই মৰমৰ বান্ধোনে বান্ধিবলৈ ।

আলি-পদূলি ধূলিময় কৰি 

ৰঙিলী কৰিলি বিৰিখৰ ডাল।

ফাগুন তোৰ আগমণৰ 

শীতল পছোৱা বতাহে 

ফুলালে শিমলু-মদাৰ-পলাশ।

শিমলু-মদাৰ-পলাশৰ ৰঙে 

ৰঙিলী-পমিলী কৰিলে ফাগুনৰ আকাশ ।

ফাগুন তোৰ উন্মুক্ত পছোৱা বতাহে যেন 

লৈ গ'ল অন্তৰৰ বিৰহ-বেদনা ।

ফাগুন তোৰ বিদায়ী পৰত

আহিব  বলিয়া বৰদৈচিলা,

আউল-বাউল চুলিৰে 

গছ-গছনি নিব উৰুৱাই ।

ফাগুন তোৰ বিদায়ী পৰত 

বসন্ত আহিব আৰু 

গছৰ ডালে-পাতে কুলিয়ে বিনাব 

 সুৰীয়া সুৰেৰে কুউ কুউ কৰি।

গছেও পাত সলাব 

মেলিব কুঁহিপাত 

কপৌ ও ফুলিব ডালত 

আমাৰে মন বোৰ ৰঙীন কৰি

যাবগৈ ৰঙীন বহাগ ।

ফাগুন তই সঁচাই

 মৰমৰ বান্ধোন

জীয়া সপোন 

তইয়েই  এটি যেন 

ৰঙীন সপোন ।

***************

                 (১৫)


    ■ নাৰী

       বাহাৰুল ইছলাম (শিক্ষক


সৃষ্টিৰ আধাৰ তুমি নাৰী বীৰাংগনা

সহনশীলা তুমিয়েই বসুন্ধৰা 

নাৰী তুমি গৰীয়সী তুমিয়েই মমতাময়ী

আনিব পাৰা

শান্তিৰ নিলয়, সফলতাৰ বন্যা

আছে শকতি তোমাৰ

বিশ্ব বিজয়ৰ। 


তোমাৰ মাজত মা জননী

আকাশ সম উদাৰতা

জীৱন সঙ্গিনী প্ৰতিপলৰ লগৰী পুৰুষৰ, 

ভগ্নী হৈ তুমিয়েই গঢ়ি তোলা

এনাজৰী মৰমৰ। 


হ'বই নোৱাৰা তুমি অবলা

ত্যাগৰ প্ৰতিমা তুমি অপৰূপা

তোমাৰ হাততেই আছে পুৰুষৰ

জয় পৰাজয়ৰ বন্তি, 

সৌন্দর্যৰ শীর্ষত উঠি জ্যোতি সানিছা

তমোময় জগতক। 


কত অভিনয়েৰে কৰা মোহিত জগতক

কত ক্ষয় হয় পৰ্বত তোমাৰ

কোমল পৰশত, 

ৰূপান্তৰ হয় মৃদু হাঁহিত 

কত শিলাময় হিয়া । 


সৰ্বদিশত নৰৰূপী আছে অৱদান

তৎস্বত্বেও হৈছা ধৰ্ষিতা,লাঞ্ছিতা,পীড়িত

ৰচিছে অপযশ জীৱশ্রেষ্ঠৰ

দানৱৰ বেশ ধৰি নৰৰ কলংক সানি

অপৰাধ কৰিছে অনেকে । 


কিয় হ'বা তুমি ছলনাময়! 

হ'বা কিয় তুমি অশান্তিৰ কাৰণ

তুমি যে বোৱঁতী নৈ! 

কেতিয়াবা প্লাৱনৰ ৰূপত নাশ কৰিবা

দানৱৰূপী কুলাংগাৰক।


হে নাৰী! তুমিয়েই বজ্ৰকণ্ঠৰ গৰাকী

আগুৱাই যোৱা বৰদৈচিলা হৈ

ন্যায় আৰু অধিকাৰৰ হকে, 

মজবুত কৰা স্বাভিমান

ঐক্য আৰু শান্তিৰ সম সাজেৰে

বোৱাই দিয়া জগত। 

        ____________________


          (১৬)

শীত

শীতৰ সেমেকা ৰাতি

দিনবোৰ চুটি চুটি

নিয়ৰ সৰা গধূলি

প্ৰতিটো সময়ৰ নিশাৰ অন্তত হয় পুৱতি,

শেৱালি ফুল ফুলে তোমাৰ

দুহাতৰ পৰশ পাই হেঙুলী

কিৰণো ভাঁহি আহে মলয়াৰ আহে আহে

তৰা পাতে সৰা শৰতৰ

আকাশত মন জোনাকী পখিলা হৈ উৰে

ফুলিছে ফুল ৰজনীগন্ধা,,কুলি কেতেকীৰ

অমিয়া মাত, বসন্তই মেলিলে কুঁহিপাত।

ডাৱৰৰ শেঁতা ফালি আহে 

বালিমাহী চৰাইয়েও তাতে আহি উমলে,

সাগৰৰ তিৰে তিৰে নিয়ৰ মুকুতা মণি সৰে

জিৰ জিৰকৈ ঘনচিৰিকা আহি আঘোণৰ পথাৰত চৰে......।।    

                                                                              ✍️শ্ৰী সনাতন তালুকদাৰ

                           নলবাৰী।                                        ভ্ৰাম্যভাষ:-৬০০০৮২৯৫০১

****************************

                      (১৭)


             ◆উকিয়াম বনভোজ থলিত

                     

            ✍️আমিৰ হুছেইন আহমেদ 


চৌদিশে পাহাৰৰ বেষ্টনি

জুৰিটিৰ কুলু কুলু ধ্বনি 

প্ৰকৃতিৰ দুচকুৰ মণি 

নৈসৰ্গিক দৃশ্যৰ ৰাণী 

চালে চকু ৰোৱা-কি মনোৰম! 

ৰিব ৰিব বয় মৃদু সমীৰণ

নিমজ বুকুত ৰ'দালিৰ কিৰণ 

দুয়োৰে গুপুত চুমা চুমি 

সমন্বয়ৰ মিলন ভূমি 

দুই ৰাজ্যৰ সীমান্তৰ প্ৰহৰী

দৰ্শনাৰ্থীক আনি আদৰি

হাত বাউলি জনায় প্ৰণাম 

মেঘমল্লাৰ সৰু জীয়ৰী

বনভোজ থলি-প্ৰিয় 'উকিয়াম'-


সেউজী পাতৰ আঁৰে আঁৰে 

ভিন্ন প্ৰজাতিৰ চৰাইবোৰে 

বজায় কাকলিৰ ঐক্যতান

পাহাৰী কন্যাৰ উষ্ণ অভিনন্দন 

দৰ্শনকাৰী মনত অকুণ্ঠ সমৰ্থন, 


বলুকাত বালিচন্দাৰ চিকমিকনি 

টলমল পানীত মাটিৰ বুৰবুৰণি 

শামুকে বোকাত ছবি আঁকে 

মাছৰ নাচোনত ঢৌৰ খলকনি

নিমজ শিলগুটিৰ ফাঁকে ফাঁকে ।


স্ৰোতস্বিনী নদী বয় নিৰৱধি 

ত্ৰিধাৰৰ পুণ্য ত্ৰিবেণী সঙ্গম

অপৰূপ সৃষ্টি- জালিকটা দৃষ্টি 

আকৰ্ষণৰ কেন্দ্ৰস্থল-প্ৰিয় 'উকিয়াম'-! 

_____________________________

  

              (১৮)

■অনুভৱ : 

                   ✍️ গীতাশ্ৰী বড়া 

অ মা 

        তুমি ইমান মৰম কৰা মোক 

        যি বিচাৰো তাকেই দিয়া , 

        ছাৰ - বাইদেউ সকলে ও 

        অজশ্ৰ মৰম কৰে মা... 

       ভাল মানুহ হবলৈ সদায়ে কয় , 

       তুমি আৰু দেউতাই ও কোৱা 

                   ভাল মানুহ হবলৈ ,

 ভাল ফল অৰ্জন কৰি 

             দেশৰ নাম উজ্জ্বল হবলৈ ,

 

নুবুজো মা 

          কি ভাল 

                কি বেয়া 


মাথোঁ বুজোঁ 

      বেয়া কথা কাকো ক'ব নেলাগে  

 কাৰো অহিতটো ভাবিব নেলাগে , 

নিজক মাথোঁ আগুৱাই নিবলৈ 

                        চেষ্টা কৰিব লাগে , 

নিজৰ চেষ্টাই হে 

 সফলতা আনে অ মা... 

অ... 

  মা, 

    আমাৰ কলেজৰ যে গোলাপ কেইজোপা 

মই সদায় যে চাওঁ আৰু 

                            লক্ষ্য কৰোঁ 


কি জানা মা... 

            ফুলবোৰ ইমান সুন্দৰ 

            কাকো আমনি নকৰে 

           মাথোঁ সকলোৰে মনত 

             সুগন্ধ হে বিলায় যায়

  তাতেই দেখোন 

        গোলাপ কেই জুপিৰ সফলতা  

         সকলোৱে ভাল পায় ।।

************************

         (১৯)


■ব্যৰ্থ প্রেমৰ উচুপনি                      
         ✍️আতিক আহমেদ     
                                                      
হুৰহুৰ বতাহজাক আজি
আকৌ বুকুৱেদি বৈ গৈছিল,
মনৰ সেউজীয়া পথাৰখন কপি উঠিছিল
ঠিক তোমাৰ কাণফুলিযোৰ কপাৰ দৰে।
     কিমান দিন হ'ল আজি পাহৰি পেলোৱা
    সেই মিঠা গোন্ধবোৰৰ কথা,
তুমি যে মিচিকিয়াই হাঁহি দিছিলা
       গুলপীয়া ওঁঠযুৰি লৰাই!
সকলো যেন আজি পাহৰণিৰ গৰ্ভত
গোপনে হেৰাই গ'ল জানা!
তুমি বাৰু উচুপি উঠা নে কেতিয়াবা
হেৰুৱা প্রেমৰ স্মৃতি লৈ?
          নাই তুমি আকৌ কিয় উচুপিবা!
      তুমিটো প্রেম কৰা নাছিলা মোৰ দৰে,
   মাথোঁ ভাঙিছিলা মোৰ ঠুনুকা হৃদয়খন
          মিছা প্রেমৰ মিছা অভিনয়েৰে।
আজিকালি ময়ো অভিনয় কৰো জানা!
মদৰ নিচা আৰু চিগাৰেটৰ ধোৱাৰে
  সজাব খোজো জীৱনৰ পথ
    মাথোঁ তোমাক পাহৰিবলৈ!
সেইবুলি মোক অশ্লীল বুলি
নেহাঁহিবা আকৌ!
        মই এইবোৰ খাওঁ, ই মোৰ নিচা,
    হয়তো ই মোৰ উচুপনিও হ'ব পাৰে
           "ব্যৰ্থ প্রেমৰ উচুপনি" !
-----------------------***--------------------

                 (২০)

■প্ৰথম প্ৰেমৰ অনুভৱ

✍️সীমান্ত শালৈ

     ৰঙিয়া

নতুন কলেজ

নতুন আৰম্ভণি

নতুন চিনাকী

তাৰ মাজত বিশেষ হৈ ৰোৱা তুমি

তোমাৰ হাঁহিটি

প্ৰথম দিনাই ভাল লাগিল তোমাক দেখি

one sided love হৈয়েই গ'ল

মানে প্ৰেম প্ৰেম অনুভৱ

কলেজত সিমানকৈ মতা নহয় যদিও

দেখা পালে চিনাকী হাঁহিটো মুখত জিলিকি উঠে

তাতেই মোৰ মনত কিবা কিবি লাগি যায়

যেনে তেনে WhatsApp number তো পালো বাৰু

এতিয়া message দিম কি বুলি

hi , hello নে জানিও নজনাৰ ভাও লৈ কিতাপৰ প্ৰশ্ন এটাকে সুধি আৰম্ভণি কৰো

এইবোৰ ভাবোতেই মোৰ সময় পাৰ হয়

কেতিয়াবা আকৌ তোমাক message কৰিম বুলি ভাবোতে

keyboard ৰ smiley emoji টোকে তোমাৰ হাঁহি যেন পাও

কলেজত যেতিয়া তুমি বহুতৰ মাজত থাকা

মোৰ চকুৱে যেন বাকীবোৰক blur কৰি

তোমাক focus কৰে

class ত কিবা লিখিলেও তোমাক চোৱাৰ হেঁপাহত

বহীখন কিবা ডাক্তৰৰ prescription যেনহে হয়

কি লিখিছো গমেই নাপাও

নাজানো কেতিয়াকে কম তোমাক

কৈ হেৰুৱাতকৈ নোকোৱাকৈ ভাল লগা হৈ থাকক চোন।

********?*************

              (২১)

                             

■মোৰ উৰুখা পঁজাত জোনাক নামিব


     ✒️ নিজৰা বৰ্মন ডেকা


যিদিনা নামিব জোনাক 

মোৰ উৰুখা পঁজাত

সেইদিনা প্ৰতিটো কোঠালিত

জোনাকী পৰুৱাবোৰ পৰিব উপচি ,

হেজাৰ দিনৰ অপেক্ষাৰত 

মোৰ শুকান মৰুৰ চোতালত

এজাক জোনাকৰ বৰষুণ

ৰিম্ জিম্ কৈ আহিব নামি।

সেই দিনা পাটগাভৰু জোনটিৱে

মেঘৰ সৈতে লুকা-ভাকু খেলিব

কাজল সনা দুচকুত 

আনন্দৰ চকুপানী জিলিকিব

মোৰ পদুলিত হয়তো

জোনাকৰ মেলা বহিব !

মোৰ চোতালত পৰা জোনাকৰ পোহৰে

দুচকু আবৰি ধৰিব

মোৰ সপোনবোৰেও আকাশৰ বুকুত

হেঁপাহৰ কাৰেংঘৰ সাজিব ,

শুভ্ৰআচল মেৰিয়াই অতীতবোৰ স্মৃতি হ'ব

বৰ্তমান সময় অতীত হ'ব

ভবিষ্যতবোৰ অনাকাংক্ষিত হ'ব ।

যিদিনা মোৰ চোতালত

এজাক জোনাক নামিব

নতশিৰে সকলোৱে সন্মান জনাব,

সেয়ে হবলা আজিও কৰো অপেক্ষা

এদিন আহিব আশাৰ বতৰা

জোনাকে ভৰাব মোৰ উৰুখা পঁজা 

বিগলিত সময়ে পাতিব মোৰ পদুলিত 

বাৰেৰহনীয়া আশাৰ মেলা ।     

_______________________  

               (২২)

■প্ৰেমৰ আধাৰ শিলা 

                    হীৰামনি লাহন,গোলাঘাট


আজি চোন পাহৰিয়েই থাকিলো ,

কোন সময়ত বা অনুভুত হৈছিল 

মোৰ বুকুৰ শিপাত

প্ৰেম নামৰ স্বৰ্গীয়

 অনুভুতিৰ আধাৰশিলা   ?

হয়তো এদিন বিস্তাৰিত হৈ 

হৃদয় নামৰ 

যন্ত্ৰ টোৰ পৰা মনৰ আবেগ খিনি 

বৈ গৈছিল   ।

ৰহস্যময় পৃথিৱীৰ 

মহাকাব্যৰ পাত লুটিয়াই 

মোৰো আজি কবৰ মন যায় ,

হে ,পৃথিৱী ,

মোক মই হৈ থাকিব দিয়া ,

মোৰ আবেগবোৰ 

কবৰস্থ নকৰিবা    ;;

মোক সেই সকলৰ 

প্ৰেমৰ বৰষুণত তিতিব দিয়া ,

যাৰ ,

 অনিশ্চিত 

ভবিষ্যতৰ দিশে গৈ থকা দেখিও, 

বাকৰুদ্ধ হৈ পৰো ,


ফুটপাথৰ ওপৰত শুই থকা 

সেই মানুহবোৰ  ;

শীতৰ  ঠেৰেঙা লগা জাৰত  

সিহঁতৰ  শৰীৰ বিলাক  যেতিয়া 

অবশ হৈ পৰে ,

একামোৰ ৰুটিৰ বাবে যেতিয়াই 

হাহাকাৰ  কৰে ,

সেই যে পাগলী ছোৱালীজনী ,

ৰাতিৰ আন্ধাৰত 

নৰপিশাচ বোৰে খেদি ফুৰে  ?

সিহঁতে  ধূমুহা ,শিল বৰষুণলৈ 

অলপো ভয় নকৰে 

কিয়  জানা  ?

সিহঁতি বুকুৰ ভিতৰত অহৰ্নিশে  লৈ ফুৰে 

বাৰিষাৰ ভৰপক ধুমুহা  শিলৰ 

বৰষুণ  এজাক  ।

বৰষুণ জাক আহিলেই  

সিহঁতি খিলখিলাই  হাঁহে ,

আৰু , 

ওখ ওখ  ঘৰবোৰলৈ চাই চাই 

 ভাগৰৰ 

টোপনি মাৰে  ।

গ্ৰীষ্মৰ প্ৰচণ্ড ৰদৰ তাপ 

সিহঁতৰ গাত  নালাগে ,

লাগে চোন  মোৰ কলিজাত   ।

শ্ৰম জীবি কৃষকৰ 

নাঙলৰ পৰা বৈ  অহা কেচাঁ  ঘামত 

ন'দীখন ভাগৰুৱা হৈ  যায় ,

প্ৰেমৰ আধাৰ শিলা মোৰ তাতেই বয়  ।


          (২৩)

অসমৰ সংস্কৃতি


                     ✍️জ্যোতিষ মান চমুৱা

মই অসমীয়া, অসমৰ নৃপতি

চৌদিশে সেউজীয়া যৌৱন নাটিকাৰ  প্ৰভাতি।

সূৰুজমুখী সপোন পাহাৰতি 

অসমৰ ভূমিত জিলিকি উঠিছে 

জাতিৰ সংস্কৃতি। 

একতাৰ এনাজৰিৰে বন্ধা 

মিছিং, ৰাভা, বড়ো, কছাৰীৰে ভৰা 

এইখন আমাৰ অসম,বাৰে বৰনীয়া 

সংস্কৃতিৰ কালজয়ী অস্তিত্বৰে ভৰা। 

উৎসৱ, পূজা আৰু আপুৰুগীয়া ক্রীড়া

ঐশ্বৰ্যৰ উৰ্ম্মািমালাৰে গুঞ্জৰিত কৰা 

দৌল, দেৱালয় , মঠ, মন্দিৰে

ইতিহাস ৰচা তুমিয়ে নৃপতি 

সভ্যতা সংস্কৃতিৰ দুৱাৰদলি । 

আহোম ৰজা চুকাফাকে  আদি কৰি 

ঊনচল্লিশ ৰজা মহা পৰাক্রমি।। 

ত্যাগৰ প্ৰতিমূৰ্তি সতী জয়মতী

মূলাগাভৰু, কনকলতা , গোমধৰ, পিয়লি 

অসমৰ ইতিহাস স্বদেশৰ গৌৰৱ। 

তুমি লাচিত! বীৰ অসমৰ

মোগল ৰোধা সৌৰভ,ৰণচণ্ডী মূৰ্তি ধাৰি। 

অস্তিত্ব আমাৰ কালজয়ী 

সংস্কৃতি আমাৰ , আদৰ্শ আমাৰ 

এইখন আমাৰ অসম

 ইতিহাসৰে সমৃদ্ধ সংস্কৃতিৰ অসম।

*****************************

          (২৪)

মোক এটা ছাতিৰ প্রয়োজন

        ✍️আতিক আহমেদ


আজি কিছুদিনৰ পৰা অনুভৱ কৰিছো

মোক এটা ছাতিৰ খুবেই প্ৰয়োজন 

শৈশৱ যৌৱন নতুবা বাৰ্ধক্য বুলি কোনো কথা নাই 

প্রতিটো মুহূৰ্ততে মোক ছাতিৰ প্রয়োজন

ৰ'দৰ ছাতি, বৰষুণৰ ছাতি... 

ছাতিৰ সৈতে জড়িত বহু স্বপ্ন বহু প্ৰশ্ন

অতীত বৰ্তমান নতুবা ভৱিষ্যতৰ.... 


ল'ৰালিতে ছাতি লোৱা নাছিলো 

ৰ'দে-বৰষুণে লৰিছিলো পঢ়াশালিলৈ 

লৰিছিলো পথাৰলৈ.....

তেতিয়া সমগ্ৰ আকাশখনেই আছিল 

মোৰ বাবে এটা নিখুঁত ছাতি.... 

ৰ'দত নুপুৰিছিল কণমানি দেহা 

বৰষুণত তিতা নাছিল অকণমানি মন, 

এতিয়া যিকোনো ক্ষণতে 

আমাক এটা ছাতিৰ বৰ প্রয়োজন 

ৰঙা, নীলা, হালধীয়া যিয়েই নহওঁক তাৰ বৰণ, 

অৱশ্যে সকলোৱে কয়

ক'লা হ'লে বেছি ভাল হেনো ছাতিৰ বৰণ

তাতেই লুকুৱাই থ'ব পাৰি আলফুলকৈ 

         হৃদয়ৰ আৱৰণ 

 তোমাৰ, মোৰ আৰু সমগ্ৰ ধৰিত্ৰীৰ,

এৰা আমাক এটা ছাতিৰ খুবেই প্ৰয়োজন 

ছাতিবোৰে সাৱটি ল'ব জীৱনৰ বেথা সিক্ত চকুলো। 

   জীৱন যন্ত্ৰণাৰ হালধীয়া ধোঁৱা 

আৰু এদিন প্ৰতিডাল দাণ্ডিয়ে কঢ়িয়াই আনিব

সত্য সুন্দৰৰ সেউজ বতৰা......

মোক এটা ছাতিৰ খুবেই প্ৰয়োজনীয়তা।।

_________________________


            স্তৱক

                (১)

হৃদয়ৰ স্তৱক -- ১৬      

            ✍খাইৰুল ইছলাম

তুমি কাব্য বাগিছাৰ 
এপাহি ধুনীয়া ফুল; 
কাব্য জগত সুগন্ধিত যাৰ
হৈ পৰে আমোলমোল।

 ****************
             (২)

মোক হ'ব দিয়া তোমাৰ প্ৰেমিক কবি 

               ✍খাইৰুল ইছলাম

হ'ব দিয়া মোক তোমাৰ প্ৰেমিক কবি,
আঁকিব দিয়া হৃদয়ত তোমাৰ ছবি।
      এবুকু মৰম দিম,
      সদা বুকুতে ৰাখিম।
কথাটো এবাৰ তুমি চোৱাচোন ভাবি।
        -----------------------

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...