প্ৰথম বছৰ,
ডিচেম্বৰ মাহৰ তৃতীয় সংখ্যা,
সম্পাদকৰ একাষাৰ
আজি মঙ্গল বাৰ, পুহ মাহৰ ৪ তাৰিখ । ইং ২০ ডিচেম্বৰ ২০২২ । বছৰটো শেষ হ'বলৈ মাত্ৰ ১১টা দিন বাকী । প্ৰিয় পাঠক সকল আগৰ সংখ্যা সমূহত আপোনাকে আমাক যথেষ্ট মৰম দিছে আশা কৰো এই সংখ্যাটোৱেও যাতে আগৰ দৰেই আপোনালোকৰ পৰা মৰম পাব । সেই আশাৰে ধেমাজি জিলাৰ পৰা প্ৰকাশিত অসমীয়া একমাত্ৰ সাপ্তাহিক ৱেব আলোচনীৰ প্ৰথম বৰ্ষৰ ডিচেম্বৰ মাহৰ তৃতীয় সংখ্যক সংখ্যাটি আপোনালোকৰ হাতত তুলি দিলোঁ । পঢ়ি কেনেকুৱা পাইছে আমাক নিশ্চয় জনাবলৈ নাপাহৰিব আৰু আলোচনীখন বিভিন্ন সামাজিক মাধ্যমত শ্বেয়াৰ কৰি দিব যাতে সকলোৱে আমাৰ আলোচনীখন পঢ়িবলৈ সুযোগ পায় ।
সূচীপত্ৰ
🔴সাধাৰণ জ্ঞান
🔴 যৌতুকৰ বিষয়ে একলম : ◆ছেলিমা বেগম
🔴স্তৱক:খাইৰুল ইছলাম
***********************
🔴সাধাৰণ জ্ঞান
১। ‘ৰায়চাহাব’ খিতাপেৰে বিভূষিত ব্যক্তিগৰাকীৰ নাম কি?
উত্তৰঃ ‘ৰায়চাহাব’ খিতাপেৰে বিভূষিত ব্যক্তিগৰাকীৰ নাম পদ্মনাথ গোহাঞিবৰুৱা ৷
২৷পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা উপন্যাস দুখনৰ নাম লিখা৷
উত্তৰঃ পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা উপন্যাস দুখনৰ নাম – ‘ভানুমতী’ আৰু ‘লাহৰি’
৩৷ মহাত্মা গান্ধীয়ে কেতিয়া প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ কৰিছিল?
উত্তৰঃ মহাত্মা গান্ধীয়ে ১৯২১ চনৰ ২১ আগষ্টত প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ কৰিছিল৷
৪। অসম সাহিত্য সভাৰ প্ৰথম সভাপতি গৰাকীৰ নাম কি?
উত্তৰঃ অসম সাহিত্য সভাৰ প্ৰথম সভাপতি গৰাকীৰ নাম পদ্মনাথ গোহাঞিবৰুৱা৷
৫। অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া আৰু ক’ত হৈছিল?
উত্তৰঃ অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ১৯১৭ চনত শিৱসাগৰত হৈছিল৷
প্ৰবন্ধ শিতান
■যৌতুকৰ বিষয়ে একলম : ◆ছেলিমা বেগম
■চিৰ চেনেহী মোৰ ভাষা জননী চমু বৰ্ণনা :
অসম সাহিত্য জগতৰ ভোতা তৰা মিত্ৰদেৱ মহন্ত অসম সাহিত্যৰ জগতত তেওঁ দি যোৱা অৱদানে আমাৰ ভাষাৰ সাহিত্য চিৰ যুগমীয়া হৈ আছে।
অসমৰ এজন বিখ্যাত কবি, সাহিত্যিক, নাট্যকাৰ, অভিনেতা তথা গীতিকাৰ। আমাৰ অসমীয়া সাহিত্য ভাষা চহকী কৰি তোলা মিত্ৰদেৱ মহন্তৰ জন্ম হৈছিল ১৮৯৪চনৰ ১৩জুনত যোৰহাট সৰ্বাইবন্ধাত । তেখেতৰ পিতৃ নাম আছিল নিৰঞ্জন দেৱগোস্বামী মাতৃৰ নাম আছিল বগীতৰা দেৱী ।
অসমীয়া সাহিত্যৰ ভাষা সাধিনী সভাৰ চিৰ যুগমীয়া এটি আমাৰ কালজয়ী গীত আমাৰ মাজত দি থৈ গ'ল।যাৰ বাবে আমি আজিও অসমীয়া ভাষাৰ সাহিত্যত গৌৰৱ কৰোঁ। অসমীয়া ভাষা সাহিত্যৰ প্ৰসাৰ আৰু উন্নতিৰ হকে গঢ়লৈ উঠা ,অসম সাহিত্য সভাৰ এটি চিৰসেউজ গীত ।তলত গীতৰ চমু বৰ্ণনা দিলোঁ ।
চিৰ চেনেহী মোৰ ভাষা জননী
আই ধন্যে পুন্যে হৃৎ পাৱনী
গীতিকাৰ কৈছে যে-আমাৰ অসমৰ অসমীয়া ভাষা সদায় মৰম , ভালপোৱাৰ এটি মিত্য ভাষা । সহজ-সৰল ভাষাৰে সৃষ্টি কৰি ,সজল অমৰ ভালপোৱা ভাষা । সেই বাবে কৈছে আই বুলি অসমক সম্বোধন কৰিছে।সচাঁকৈ আমি এই ভাষাৰ সগাৰ খনিত ,কত যে ভাষাৰ সংমিশ্ৰণৰ ফলত সৃষ্টি হোৱা আমাৰ এই ভাষা এটি ।পুন্যৰ এটি হৃৎৰ পাৱন যত বিভিন্ন জাতি জনজাতিৰ মিলনভূমি ,যাক আমি এটি বৃহৎ জাতিৰে পৰিচিত।
প্ৰকৃতি পৰশে ৰসে অমল কমল
চঞ্চল হৃদি জলে ঢালে পৰিমল
কোমল চপাৰ কৰি
ঢৌৱে ঢৌৱে ঢৌৱে তুলি
ৰিণিকি ৰিণিকি কোনে তোলে ৰাগিনী।।
অসমৰ প্ৰকৃতি সৌন্দৰ্যৰে ভৰা। যত পৰ্বত, পাহাৰ ভৈয়াম আৰু বিভিন্ন জাতি, জনগোষ্ঠী, বিভিন্ন ভাষা, ভাষিক, সংস্কৃতিৰে ভৰা আমাৰ এই অসম খন ।যত ভাষাৰ সাহিত্য । এই প্ৰকৃতিৰ কোমল পৰশত কত যে সৃষ্টিৰ ঢৌৱ তোলে।কত যে ভাষাৰ গৌৰৱ উজ্বলাইছে । সৃষ্টিৰে জিলিকিছে আমাৰ ভাষাৰ সাহিত্য জগত । বিখ্যাত নক্ষত্ৰ হৈ উজ্জ্বলি উঠে আমাৰ ভাষাৰ সাহিত্য। সাহিত্যৰ জগতত বহু সাহিত্যৰ মালা গাঁথে ,সেই মালাৰ কোহে,কোহে ৰিণিকি ৰিণিকি ৰাগিনী তোলে বুলি কৈছে । ভাষাৰে বহু সাহিত্য সৃষ্টি কৰে । সেই সাহিত্যই ৰাগিনী তোলে ।
সংসাৰ গুৰুভাৰে অৱশ পৰাণ
হিয়াত বিলীন হয় হিয়াভৰা গান
কাৰ নিচুকনি শুনা
শুনি বানী ব্যথা পমা
চকুতে চকুৰ নীৰে লয় জিৰণি।।
নিশ্চয় ।সংসাৰত আমাৰ শিকনিৰ বাবে আমাক গুৰু প্ৰয়োজন হয় । সেই গুৰুই দি সকলো শিক্ষা ।
আমাৰ ভাষাই হ'ল আমাৰ গুৰু। ভাষাৰ অবিহনে আমি এক পংগু।যত পংগুৰ দৰে হৈ সমাজত পৰিচালিত হ'ব লগা হয় । সেই বাবে গীতিকাৰে ভাষাক গুৰুভাৰ বুলি কৈছে।ভাষা যে আমাৰ এক হিয়াৰ আপোন , যত হিয়াত বিলীন হৈ ।এই ভাষাই তেতিয়া গৌৰৱ শিখৰত উপনীত হৈ তেতিয়াই আমাৰ চকুৰ চকু পানী বোৰ চকুতেই জিৰণি লয় ।
জীৱনে মৰণে ৰণে লহৰী সুধাৰ
ৰসনা শিতানে বহি সিঁচা শতধাৰ
হেʼ মোৰ মধুৰননা
মাগিছোঁ মাধুৰী কণা
দিয়া দিয়া আই মধুভাষিণী ।।
আমি আমাৰ জীৱনত ভাষাৰ এটি মধুৰ ভাষা বুলি ভাবোঁ। সেইবাবে আমি আমাৰ ভাষাক উন্নতি কৰোঁ । বিভিন্ন সৃষ্টিৰ ৰস সানি সজাওঁ ভাষাৰ মান । জীৱনে মৰণে সুধা নোৱাৰোঁ এই আই অসমীৰ ভাষাৰ ঋণ । সেই বাবে গীতিকাৰে কৈছে যে- হেʼ মোৰ মধুৰননা মাগিছোঁ মাধুৰী কণা
দিয়া দিয়া আই মধুভাষিণী।।
ভাষাই আমাৰ জীৱন মূল আধাৰ ।ভাষাৰ অবিহনে এটি জাতি , সাহিত্য, সংস্কৃতি আধৰুৱা হৈ পৰে । ভাষাৰ মাধুৰী কণা বিচাৰিছে আই অসমীক ।শেষত কৈছে -দিয়া দিয়া আই মধুভাষিণী ।অসমী আইৰ কোলা যেন মধু ভাষাৰে উপচাই দিয়ক ।
সাহিত্যৰ ভাষাৰে সৃষ্টি কৰি ,ভাষাৰ মান দণ্ড বঢ়াই অসমীৰ গৰ্ব বঢ়াই দিয়া ।তাকে গীতিকাৰে গীতৰ সুৰত সাহিত্য আৰু সংস্কৃতি ভাষাৰ প্ৰসাৰ কৰি, নৱ প্ৰজন্মৰ মাজত সাহিত্যৰ চৰ্চাৰ আগ্ৰহ বঢ়ি অহাৰ এটি উৎসাহ মূলক গীত ।এই গীতেই অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি তুলি আহিছে । বৰ্তমানেও চহকী কৰি তুলিব বুলি আশা কৰোঁ।ই অসম সাহিত্য সভাৰ এটি চিৰযুগমীয়া গীত ।
মিন্টু গোৱলা, লখিমপুৰ,কদম
■অণুগল্প শিতান
সংকল্প
◆সতীত্ব
■তই সুখী হ'বি
কবিতা শিতান:
(১)
■ হৃদয়ৰ আৰ্তনাদ
✍️মিন্টু গোৱলা, লখিমপুৰ,কদম
জীৱনৰ উত্তাৱল প্ৰেমে
কেতিয়াবা কৈ
খং,অভিমান বোৰ কিয় বেছি কৰা ?
কেতিয়াবা মনেও সুধে
খং,অভিমানবোৰ সামৰি লʼবা নে?
তুমি মোক তোমাৰ কোমল হৃদয়খনত
মৰমৰ এনাজৰীৰে সাবটি ।
কিয় বাৰু এনে হয় ?
হৃদয়খন কিয় বাৰু বাৰে
বাৰে উচুপি উঠে ?
হৃদয়ৰ আৰ্তনাদ তুমি
জানো শুনি পোৱা?
মই সদায় শুনো ।
বুজাব নোৱাৰোঁ মোৰ হৃদয়খনক
তুমিয়ে বুজাবা মোৰ হৃদয়খনক
মৰমৰ ভাষাৰে।
লʼবা নে খং,অভিমানবোৰ সামৰি
তোমাৰ কোমল হৃদয়খনত ?
(২)
■প্ৰেমিক চৰাই মই ( ছিৰিজ ১৯৭)
✍️হাইছ উদ্দিন আহমেদ
নগাঁও
মই প্ৰেম কি কেনেকৈ হয়
কেতিয়াও জনা নাছিলোঁ
হঠাতে তোমাৰ প্ৰেমত পৰিলোঁ
ময়ো বৰষুণৰ পানীত গা ধুই
কুঁহিপাতৰ দৰে সেউজীয়া
হ'বলৈ বিচাৰিছোঁ
মোৰ দুহাতেৰে তোমাৰ হৃদয়ত
স্পৰ্শ কৰিব বিচাৰোঁ
মোৰ কলিজা আৰু তোমাৰ জীৱন
এইখন সেউজীয়া পথাৰত
দুয়ো বিচৰণ কৰিব বিচাৰোঁ।
(৩)
■আশ্ৰম
✍️প্ৰসন্ন কুমাৰ বৰা মৰিগাঁও
আশ্ৰম
হে'ৰা!
আমি কি দুখ কৰিছিলোঁ
আমি দেখোন মানৱতাৰ অৱদান
পিতৃ- মাতৃক সুচাৰুৰূপে পৰিচালনা কৰিছিলোঁ
ক'ত ভুল হ'ল আমাৰ
হে'ৰা!
এই দুখন হাতেৰে জানো গঢ়া নাছিলোঁ সপোনৰ ঘৰখন
তেতিয়া হাত দুখন সতেজ আছিল নহয়নে?
কিমান যে আশা!
এতিয়া বুঢ়া হলোঁ
গা ছাল সুতুৰা পৰিল
হে'ৰি!
হ'ব আৰু দিয়ক
মিছাকৈ সংসাৰখন কৰিলোঁ
ন মাহ দহ দিন গৰ্ভত ৰাখি বহু যান্ত্ৰনাৰে মাক হলোঁ
কেৱল মাকহে হ'ব পাৰিলোঁ কিন্তু মাতৃ হ'ব নোৱাৰিলোঁ
আৰু আপুনি?
বাপেক হ'ব পাৰিলে কিন্তু দেউতাক হ'ব নোৱাৰিলে
মাতৃ দেউতাক হোৱা যোগ্যতাৰ বহু কষ্টকৰ
সেইহে চাগৈ আমাৰ এনে
দখা
নিজে গঢ়া ঘৰখন এৰি
বাসস্থান এতিয়া আশ্ৰমত
এৰা!
হয় দিয়া
এতিয়া আমি বুঢ়া হলোঁ
উচ্চস্তৰীয় শিক্ষাৰে শিক্ষিত হ'ল আজিৰ সমাজ
সমাজৰ দৃষ্টিত আমাৰ দৰে বহু মাক- বাপেকৰ স্থান আশ্ৰমত
নতুবা চহৰৰ ফুটপাথত
হে'ৰি!
হ'ব দিয়ক
সিহঁতেও এদিন মাক-বাপেক হ'ব নহয়
সিহঁতেও এদিন বুজি পাব
মাক-বাপেকৰ মূল্যৰ
আমাৰনো আৰু কেইটা দিন
মিছাতে সিহঁতক আৰু নধৰিব
এৰা!
তুমিযে মাতৃ!
মমতাময়ী!
( ৪)
■মিছা প্ৰতিশ্ৰুতি
ঐ,তোমাক বৰকৈ মনত পৰে
আমি কটোৱা সেই দিনবোৰ,
সাগৰৰ পাৰত তুমি দিয়া উপহাৰবোৰ,
আৰু সেই মুহূর্তবোৰ তুমি যে কৈছিলা! সাগৰেই আমাৰ সাক্ষী
তুমি যে মোক সাৱটি ধৰি সাগৰৰ কাষত থকা
আঁহত জোপাৰ তলত মোক কথা দিছিলা,
জীৱনে মৰণে তুমিয়েই মোৰ।
সেই দিনাৰ কথা মনত পৰে নে ?
দৌৰি দৌৰি আতৰত গৈ
মোক যে কি নামেৰে ঠাট্টা কৰিছিলা, সাগৰৰ পাৰত বহি
ধেমেলীয়া কথা পাতিছিলা,
তেতিয়া কিন্ কিনিয়া বৰষুণৰ লগতে ডেৰকনী দিয়াত
তুমি মোক সাৱটি ধৰি কাণে কাণে ফুচ্-ফুচাই
কোৱা কথাবোৰে তোমাক আমনি কৰে নে? তুমি যে কৈছিলা ?
আমি সাগৰৰ পাৰতে জীৱনৰ মধুৰ সময়
এনেদৰেই অতিবাহিত কৰিম।
আজি দেখোন তুমি সেই
সকলো প্ৰতিশ্ৰুতি পাহৰি গ'লা!
✍️জাকিৰ হুছেইন
গাওঁ -মাহগুৰি ট্ৰাইবেল(জুৰীয়া)
পি: নং-782124
জিলা -নগাঁও (অসম)
যোগাযোগ-+918139862693
*******◆************
(৫)
■অহেতুক অতিথি
✍️ৰাজ ৰাহুল
স্নিগ্ধ প্ৰেমৰ মন পৰশা ভাষাৰে
নহয় মই তোমাৰ সফল প্ৰেমিক,
নাভাবিবা আজিও মই
তোমাৰ স'তে প্ৰেম কৰোঁ বুলি,
তোমাৰ গোলাপী ওঁঠৰ
মৃদু কম্পনত নাই
মোৰ হৃদয়ৰ দুলনি
তোমাৰ ঘাট এৰা
বহদিনেই হ'ল,
তুমি এতিয়া এৰাসুঁতি মোৰ বাবে,
কি দিব পাৰিলা তুমি মোক?
মোৰ সোণালী যৌৱনৰ মিঠা ভাষা
চোৰ কৰা চলাহী প্ৰেমিকা তুমি ,
তোমাক আঁতৰাই দুৱাৰ ৰুদ্ধ কৰা
বহুত দিনেই হ'ল।
মোৰ চকুত তোমাৰ প্ৰতিচ্ছবি নাই,
মোৰ বাবে হাঁহি হাঁহি লজ্জিত নহ'বা,
মোৰ নিজান সপোনৰ অতিথি তুমি নহয়৷
মই মোৰ বাবে সজাওঁ জীৱন
মোৰ বাবে হাঁহো
মোৰ বাবেই কান্দোঁ।
হে মোৰ চলাহী সখী
আঁতৰি দিয়া মোৰ সপোনৰ চোতালৰ পৰা',
নহ'বা মোৰ সুখৰ দিনৰ
অহেতুক অতিথি।
---------------------
(৬)
■চাওঁ বুলি জুমি চোৱা নাছিলোঁ
✍️ৰাজ ৰাহুল
জোনাক সোমাইছিল খোলা খিৰিকীৰে-
তোমাৰ অপেক্ষাত চট্ ফটাই থকা সময়বোৰ
কেতিয়ানো অভিমানী হ'ল গমকে নাপালোঁ।
সিদিনা ক'ব নোৱাৰা কথাবোৰে
বৰফ হৈ বুকুত হেঁচা মাৰি ধৰে।
জানা,
তুমি আপত্তি কৰিব পৰাকৈ
চাওঁ বুলি
জুমি চোৱা নাছিলোঁ তোমাৰ হৃদয়খন!
সেইয়া যে অপৰাধ--
মই ভালদৰে জানো।
গছে পাত সলালেই বসন্ত আহিব
তেতিয়া
কৃষ্ণচূড়া ৰঙী আৱেগবোৰ সামৰিবলৈ
তুমিওতো হেঁপাহৰ দলিচা পাৰিবা --!
আৰু বাউলী বৰদৈচিলা হৈ
সোমাই আহিবা মোৰ খোলা খিৰিকীৰে-
তুমি আহিলেই
ভঙ্গ হ'ব মোৰ কপট নিদ্ৰা।
জুমি চাব নালাগে
সহজেই পঢ়িব পাৰিবা
মোৰ হৃদয়ৰ ভাষা--!
লাহে লাহে গলিব বৰফবোৰ
মোৰ বুকুত হেঁচা দি থকা...।
●●●●●●●◆●●●●●●●●●
(৭)
■নিৰপেক্ষ উক্তি---কঠিন বাস্তৱৰ
✍️ৰাজ ৰাহুল
উখলমাখল সুখৰ চুবুৰীটো
নিমাওমাও হ'ল
কাহ পৰি জীন গ'ল
মৌনতাৰ সুগন্ধি বিলাই
সকলো সমদলেই আগুৱাই গ'ল
এতিয়া ৰ'দ বতাহ ধুমুহা মূৰৰ ওপৰেদি লৈ
এক নিৰপেক্ষ পৰিচয় হৈ
সকলো সহ্য কৰি
এক স্থিৰ প্ৰতীক মই
হৃদয় খনত এতিয়া নীৰৱ উক্তি
বুকুত বহুত আঁক বাকৰ দাঁগ
কোনেও নপঢ়ে কোনেও নুসুধে।
গছ হৈ পিন্ধি যাওঁ মৌনতাৰ সাজ
আৰু গছৰ সেউজীয়া চকুযোৰত
ধূলিয়ৰি পথৰ গান
আনোঁ বুলি ক'লেই চপাই আনিব নোৱাৰি
বোঁৱতী নদীখন।
সময় বোৰ সদায় এহাল ঘৰচিৰিকা হৈ
চকুৰ মনিত ওমলিবলৈ নাহে।
তোমাৰ ফটোবোৰত নুফুলে নিশিগন্ধা ।
জীৱনটো ব্যতিক্ৰমী হৈ পৰে
হৃদয়ে একোৱে নকয়।
নিলিপ্ত নিৰ্বাক হৈ
নিৰ্বাসন দিয়ে সকলো অনুভৱ ।
এতিয়া বাস্তৱৰ সঁচা বোৰে
জীৱন ধাৰণৰ সোপান গঢ়ে
সচাঁ সময় বহুত ব্যতিক্ৰমী ।
************************
(৮)
◆মাহেকীয়া ঋতুস্ৰাৱ
✍️ চন্দ্ৰ শেখৰ পৰাজুলী
বছৰ মোৰ এঘাৰ..
গতিকে আজি মই ঘৃণনীয় ।
মোক আৰু স্পৰ্শ নকৰিব
কাৰণ আজিৰে পৰা
প্ৰতিগৰাকী নাৰীৰ দৰে
মোৰ আৰু আৰম্ভ হৈছে
মাহেকীয়া ঋতুস্ৰাৱ ।
সচৰাচৰ সাত দিনৰ অন্ততঃ
সকলো নাৰীয়ে হয় পবিত্ৰ
তথাপিও মোক হ'লে ঘৃণায়ে কৰিব
কাৰণ মই দেখিছোঁ বহু দস্যু মানৱ
বলপূৰ্বকভাৱে কিছুমানে কৰে..
আমাৰ দেহৰ শোষণ ।
গতিকে মাহেকীয়া ঋতুস্ৰাৱৰ সময়ত
মোক যিদৰে স্পৰ্শ কৰাৰ পৰা বঞ্চিত
ঠিকে সেইদৰে মোৰ কাষত নাহিব ।
এইটো মোৰ এক মনৰ কল্পনা
কাৰণ বছৰ মোৰ মাত্ৰ এঘাৰ
শুনিবলৈ পাইছোঁ দস্যু মানুহৰ
থাকে হেনো বহু বহল মস্তিষ্ক।
গতিকে মই কণমানি কন্যা সন্তানে
দস্যু হ'লেও বিদগ্ধ পণ্ডিত সকলোলৈ
হাতজোৰ
কৰি এয়ায়ে অনুৰোধ
মোক যাতে কেতিয়াও স্পৰ্শ নকৰে
মনতে যাতে ভাবিব সদায়
নাৰী মানেই বহু ঘৃণনীয়।
**************
(৯)
■মনস্বিনী তাই
✍️ ৰাজ ৰাহুল
অলপো বিচলিত নোহোৱাকৈ
তাইৰ অটল স্থিতিত
প্ৰস্তৰ মূৰ্তিৰ দৰে ৰৈ গ'ল তাই!
সিদিনা আক্ষেপেৰে কৈছিল--
" তুমি চাগে ভাবিছা
পৰিৱৰ্তনশীল সময়ৰ লগে লগে
সকলো সলনি হৈ গ'ল,
কিন্তু মই যে ৰৈ গ'লোঁ
নোৱাৰিলোঁ সলনি কৰিব নিজকে।"
অনুতপ্ত হৈছিলোঁ--
হেৰাই গৈছিল ওঁঠৰ ভাষা
মুখ ফালি একো ক'ব নোৱাৰিলোঁ।
হয়, পৰিস্থিতিৰ দাস হৈ
মই বহুদূৰ আগুৱালোঁ
উভতি অহাৰ পথ
নিজেই বন্ধ কৰিলোঁ,
এইবোৰ কথা কৈ
তাইৰ ওচৰত লঘূ হ'ব নোৱাৰোঁ।
অনুভৱ হ'ল---
বুকুত সাঁচ বহুৱাই যোৱা ক্ষণবোৰে
সকলোকে পৰিৱৰ্তন হ'বলৈ নিদিয়ে
যিদৰে নিদিলে তাইক--!
শাশ্বত অনুভৱবোৰ বুকুত সামৰি
তাই ৰৈ গ'ল মনস্বিনী হৈ...।
******************
(১০)
■এনেদৰেই অভিনয় কৰিম জীৱন-নাটৰ
✍️ৰাজ ৰাহুল
পাহৰিব নোৱাৰোঁ বাবেই
বাৰে বাৰে তোমাৰ স্মৃতিকে ৰোমন্থন কৰোঁ-
মঙ্গলতিৰ ওচৰত জানিব খোজোঁ--
মই পাহৰিব নোৱাৰাৰ দৰে
তুমিও মোক মনত ৰাখিছা নে নাই।
ভাবোঁ--আছেনে বাৰু সেইখন
য'ত নন্দন-কাননৰ সুবাস বুটলি
আমি পাৰ কৰিছিলোঁ প্ৰীতিময় সময়,
চিৰদিন নাপাহৰাৰ প্ৰতিশ্ৰুতি দিয়েই দেখোন
আমি কৃষ্ণচূড়াৰ তলত অস্তবেলিৰ
আবিৰ সানিছিলোঁ,
আবেলি ছাঁ পৰা দীঘলী পুখুৰীৰ পাৰত
আমাৰ সপোনৰ ঢৌ লেখিছিলোঁ।
তেতিয়া মদাৰে আকাশত জুই জ্বলাইছিল--
আমাৰ বিশ্বাস আৰু প্ৰেমৰ !
কথা দি কথা ৰাখিব নোৱাৰিয়েই চাগে
তুমি আজি নীৰৱ হ'লা,
দুঃস্বপ্ন বুলি সকলো পাহৰিব পৰা হ'লে
আজি তোমাক এনেদৰে নকলোঁহেঁতেন
মনত নেপেলালোঁহেঁতেন সেই আবেলিৰ
নিৰিবিলি স্পৰ্শকাতৰ ক্ষণবোৰ !
শীতৰ পুৱাবোৰত কুণ্ডলীপকোৱা
নিশ্বাসবোৰ এৰি
ছাত্ৰী-নিবাসৰ গেইটৰ বাহিৰত অপেক্ষা নকৰিলোঁহেঁতেন--
যদি জানিলোঁহেঁতেন তুমি মোক
এদিন এৰি যাবা বুলি।
জানো,
তুমি আজি আনৰ লখিমী বোৱাৰী
সকলো দায়িত্ব কান্ধ পাতি লৈ
তুমি হৈ পৰিছা স্বামীৰ অৰ্ধাঙ্গিনী,
কিন্তু মনে কিয় মানি নলয়
তুমি বহুত সুখী বুলি !
পলে পলে স্মৃতিৰ পম খেদি
আজিও জীৱনৰ আটাইতকৈ
ডাঙৰ সিদ্ধান্তটো
ল'ব পৰা নাই জানা।
কিজানিবা তোমাৰ স্থান দিব নোৱাৰি
মই পিছ হুহুকি আহোঁ--!
মঙ্গলতিৰ ওচৰত কালিলৈ আকৌ যাম
মনৰ সন্তুষ্টিৰ বাবে জানিব বিচাৰিম
আমাৰ সোঁৱৰণীৰ উমাল পৃষ্ঠা বোৰ
তুমি এতিয়াও ৰাখিছানে যতনাই !
যদি তুমি সুখী হৈ আছা
আশীৰ্বাদ দিম দূৰৈৰ পৰাই--!
আৰু কথা এটা,
তুমি যদি কোৱা
আই-পিতাইৰ মনৰ আশা পূৰ্ণ কৰি
অহা ফাগুনতে ঘৰখনি পাতিম,
আখৰা কৰিম কৰ্তব্য আৰু দায়িত্বৰ--
এনেদৰেই অভিনয় কৰিম জীৱন-নাটৰ
এনেদৰেই অভিনয় কৰিম জীৱন-নাটৰ...।
****************
(১১)
■উলঙ্গ প্ৰকৃতি
পিন্ধাবলৈ এৰিছে নেকি বাৰু ??
আজি পাহৰ-ভৈয়ামে
সেউজ পোছাকৰ আৱৰণ ।
জীৱ শ্ৰেষ্ঠবোৰে কৰিছে বস্ত্ৰৰ হৰণ
চৌদিশে দেখা গৈছে কেৱল
খনন, খনন আৰু খনন ।
মানুহবোৰ যেনেকৈ লজ্জিত হয়
বস্ত্ৰৰ পৰিধান নকৰাকৈ ।
ঠিক সেই একে কথাবোৰ
কিয় বাৰু বুজি নাপায়
উলঙ্গ প্ৰকৃতিক আকোঁৱালি ল'বলৈ ।
প্ৰকৃতিৰ আন্তৰিক ভাষা
আমি যদি অনুভৱ কৰাত সক্ষম ।
তেন্তে উদং প্ৰকৃতিৰ হৃদয়ত
শুনিবলৈ পালোঁ হয়
ঠিক মহাভাৰতৰ সময়ৰ
নিজ শাৰীৰিক নগ্নতা ঢাকিবলৈ
কৌৰৱৰ আগত দ্ৰুপদীয়ে বাবে বাৰে কৰা
এক দুখদায়ী কাতৰ আহ্বান।
●●●●◆●●●●
(১২)
■ঠাণ্ডাৰ দিনৰ কবিতা
✍️চন্দ্ৰ শেখৰ পৰাজুলী
ঠাণ্ডাৰ দিনত
লেপৰ তলত সোমাই
কোমল গাৰুৰ ওপৰত
মোৰ গোলকীয় মস্তিষ্কক
একদম সযতনে থৈ
বহু মগ্ন ভাবে
লিখিবলৈ আৰম্ভ কৰা
এক ঠাণ্ডাৰ দিনৰ কবিতা ।
একো নাই মোৰ এই সৃষ্টিত
কাব্যিকতাৰ সোৱাদ,ৰস
আছে মাথোঁ ইয়াত
ঠাণ্ডাৰ দিনবোৰত মোৰ দৰে
একেবাৰে এলেহুৱা মানুহৰ
এলাহু লগা কামৰ বিৱৰণ
এনেকৈ লেপৰ গৰম
আৰু মিঠা মিঠা টোপনি
লগত লগ লাগি আহে
নিজস্ব সপোন এমুঠি।
মোৰ লগত নথকা
বহুত কাল্পনিক কাহিনী
যদি মোৰ এনে হ'ল হতেন..??
********************
(১৩)
■সকলোৱে বুটলিম ৰ'দৰ খবৰ
✍️ৰাজ ৰাহুল
খেলখন কুট-কৌশলেৰে খেলিলা
জিকিলাও তুমি
পিছে আছেনে আত্ম-সন্তুষ্টি ?
কু-চক্ৰান্তেৰে আনক হৰুৱাই
নিজকে জিকাৰু সজাই
কিমানজনে শেষত পৰাজয়
স্বীকাৰ কৰে
তাৰ ৰাখিছানে খবৰ ?
মহাভাৰতৰ শকুনিক পাহৰিলা নেকি?
পাহৰিলা নেকি দুৰ্যোধনৰ অহংকাৰ ?
অন্যায় কৰি আনৰ পৰা কাঢ়ি আনিলে
উপভোগ কৰিব পাৰে জানো অকলে ?
অধৰ্মৰ পৰাজয় ধৰ্মৰ জয়
ইতিহাসে তাকে কয়।
সাহস যদি আছে
দক্ষতাৰে খেলিবা--কুট-কৌশলেৰে নহয়।
জীৱন-যুদ্ধত হৰা-জিকা থাকেই
মানি ল'ব সকলোৱে--
অনিচ্ছা সত্বেও!
কিন্তু অন্যায়, প্ৰৱঞ্চনা সহিব নোৱাৰাৰ বাবেই
বাৰে বাৰে সৃষ্টি হয় সংঘাত
উচ্ছৃংখল হয় সমাজ--সময়--!
তেজৰ চকুলো বয়
নিৰ্বাপিত হয় সুখ-শান্তি,
হিংসাৰ দাবানলে বিনষ্ট কৰে
জন-জীৱনৰ শান্তি-প্ৰিয় স্থিতি।
গতিকে আত্ম-সন্তুষ্টি নথকা
শান্তিৰ বাতাবৰণ ধ্বংস কৰা
কুট-কৌশলগত পাশা খেল নাপাতি
প্ৰেমৰ পৃথিৱী এখন গঢ়োঁ আহা--
হাতে হাত ধৰি সকলোৱে বুটলিম
ৰ'দৰ খবৰ
বিলাই যাম একাঁজলি বিশ্বাস--
সুবাসী মনৰ...।
________________________________
(১৪)
■মনৰ দাপোনত ফাগুন
শ্ৰী পৰাগ জ্যোতি দাস
একাদশ শ্ৰেণী
ঢকুৱাখনা,লখিমপুৰ
তই আকৌ আহিলি ফাগুন
ডেকা-গাভৰুৰ মন উতলাই মৰমৰ বান্ধোনে বান্ধিবলৈ ।
আলি-পদূলি ধূলিময় কৰি
ৰঙিলী কৰিলি বিৰিখৰ ডাল।
ফাগুন তোৰ আগমণৰ
শীতল পছোৱা বতাহে
ফুলালে শিমলু-মদাৰ-পলাশ।
শিমলু-মদাৰ-পলাশৰ ৰঙে
ৰঙিলী-পমিলী কৰিলে ফাগুনৰ আকাশ ।
ফাগুন তোৰ উন্মুক্ত পছোৱা বতাহে যেন
লৈ গ'ল অন্তৰৰ বিৰহ-বেদনা ।
ফাগুন তোৰ বিদায়ী পৰত
আহিব বলিয়া বৰদৈচিলা,
আউল-বাউল চুলিৰে
গছ-গছনি নিব উৰুৱাই ।
ফাগুন তোৰ বিদায়ী পৰত
বসন্ত আহিব আৰু
গছৰ ডালে-পাতে কুলিয়ে বিনাব
সুৰীয়া সুৰেৰে কুউ কুউ কৰি।
গছেও পাত সলাব
মেলিব কুঁহিপাত
কপৌ ও ফুলিব ডালত
আমাৰে মন বোৰ ৰঙীন কৰি
যাবগৈ ৰঙীন বহাগ ।
ফাগুন তই সঁচাই
মৰমৰ বান্ধোন
জীয়া সপোন
তইয়েই এটি যেন
ৰঙীন সপোন ।
***************
(১৫)
■ নাৰী
বাহাৰুল ইছলাম (শিক্ষক
সৃষ্টিৰ আধাৰ তুমি নাৰী বীৰাংগনা
সহনশীলা তুমিয়েই বসুন্ধৰা
নাৰী তুমি গৰীয়সী তুমিয়েই মমতাময়ী
আনিব পাৰা
শান্তিৰ নিলয়, সফলতাৰ বন্যা
আছে শকতি তোমাৰ
বিশ্ব বিজয়ৰ।
তোমাৰ মাজত মা জননী
আকাশ সম উদাৰতা
জীৱন সঙ্গিনী প্ৰতিপলৰ লগৰী পুৰুষৰ,
ভগ্নী হৈ তুমিয়েই গঢ়ি তোলা
এনাজৰী মৰমৰ।
হ'বই নোৱাৰা তুমি অবলা
ত্যাগৰ প্ৰতিমা তুমি অপৰূপা
তোমাৰ হাততেই আছে পুৰুষৰ
জয় পৰাজয়ৰ বন্তি,
সৌন্দর্যৰ শীর্ষত উঠি জ্যোতি সানিছা
তমোময় জগতক।
কত অভিনয়েৰে কৰা মোহিত জগতক
কত ক্ষয় হয় পৰ্বত তোমাৰ
কোমল পৰশত,
ৰূপান্তৰ হয় মৃদু হাঁহিত
কত শিলাময় হিয়া ।
সৰ্বদিশত নৰৰূপী আছে অৱদান
তৎস্বত্বেও হৈছা ধৰ্ষিতা,লাঞ্ছিতা,পীড়িত
ৰচিছে অপযশ জীৱশ্রেষ্ঠৰ
দানৱৰ বেশ ধৰি নৰৰ কলংক সানি
অপৰাধ কৰিছে অনেকে ।
কিয় হ'বা তুমি ছলনাময়!
হ'বা কিয় তুমি অশান্তিৰ কাৰণ
তুমি যে বোৱঁতী নৈ!
কেতিয়াবা প্লাৱনৰ ৰূপত নাশ কৰিবা
দানৱৰূপী কুলাংগাৰক।
হে নাৰী! তুমিয়েই বজ্ৰকণ্ঠৰ গৰাকী
আগুৱাই যোৱা বৰদৈচিলা হৈ
ন্যায় আৰু অধিকাৰৰ হকে,
মজবুত কৰা স্বাভিমান
ঐক্য আৰু শান্তিৰ সম সাজেৰে
বোৱাই দিয়া জগত।
____________________
(১৬)
■শীত
শীতৰ সেমেকা ৰাতি
দিনবোৰ চুটি চুটি
নিয়ৰ সৰা গধূলি
প্ৰতিটো সময়ৰ নিশাৰ অন্তত হয় পুৱতি,
শেৱালি ফুল ফুলে তোমাৰ
দুহাতৰ পৰশ পাই হেঙুলী
কিৰণো ভাঁহি আহে মলয়াৰ আহে আহে
তৰা পাতে সৰা শৰতৰ
আকাশত মন জোনাকী পখিলা হৈ উৰে
ফুলিছে ফুল ৰজনীগন্ধা,,কুলি কেতেকীৰ
অমিয়া মাত, বসন্তই মেলিলে কুঁহিপাত।
ডাৱৰৰ শেঁতা ফালি আহে
বালিমাহী চৰাইয়েও তাতে আহি উমলে,
সাগৰৰ তিৰে তিৰে নিয়ৰ মুকুতা মণি সৰে
জিৰ জিৰকৈ ঘনচিৰিকা আহি আঘোণৰ পথাৰত চৰে......।।
✍️শ্ৰী সনাতন তালুকদাৰ
নলবাৰী। ভ্ৰাম্যভাষ:-৬০০০৮২৯৫০১
****************************
(১৭)
◆উকিয়াম বনভোজ থলিত
✍️আমিৰ হুছেইন আহমেদ
চৌদিশে পাহাৰৰ বেষ্টনি
জুৰিটিৰ কুলু কুলু ধ্বনি
প্ৰকৃতিৰ দুচকুৰ মণি
নৈসৰ্গিক দৃশ্যৰ ৰাণী
চালে চকু ৰোৱা-কি মনোৰম!
ৰিব ৰিব বয় মৃদু সমীৰণ
নিমজ বুকুত ৰ'দালিৰ কিৰণ
দুয়োৰে গুপুত চুমা চুমি
সমন্বয়ৰ মিলন ভূমি
দুই ৰাজ্যৰ সীমান্তৰ প্ৰহৰী
দৰ্শনাৰ্থীক আনি আদৰি
হাত বাউলি জনায় প্ৰণাম
মেঘমল্লাৰ সৰু জীয়ৰী
বনভোজ থলি-প্ৰিয় 'উকিয়াম'-
সেউজী পাতৰ আঁৰে আঁৰে
ভিন্ন প্ৰজাতিৰ চৰাইবোৰে
বজায় কাকলিৰ ঐক্যতান
পাহাৰী কন্যাৰ উষ্ণ অভিনন্দন
দৰ্শনকাৰী মনত অকুণ্ঠ সমৰ্থন,
বলুকাত বালিচন্দাৰ চিকমিকনি
টলমল পানীত মাটিৰ বুৰবুৰণি
শামুকে বোকাত ছবি আঁকে
মাছৰ নাচোনত ঢৌৰ খলকনি
নিমজ শিলগুটিৰ ফাঁকে ফাঁকে ।
স্ৰোতস্বিনী নদী বয় নিৰৱধি
ত্ৰিধাৰৰ পুণ্য ত্ৰিবেণী সঙ্গম
অপৰূপ সৃষ্টি- জালিকটা দৃষ্টি
আকৰ্ষণৰ কেন্দ্ৰস্থল-প্ৰিয় 'উকিয়াম'-!
_____________________________
(১৮)
■অনুভৱ :
✍️ গীতাশ্ৰী বড়া
অ মা
তুমি ইমান মৰম কৰা মোক
যি বিচাৰো তাকেই দিয়া ,
ছাৰ - বাইদেউ সকলে ও
অজশ্ৰ মৰম কৰে মা...
ভাল মানুহ হবলৈ সদায়ে কয় ,
তুমি আৰু দেউতাই ও কোৱা
ভাল মানুহ হবলৈ ,
ভাল ফল অৰ্জন কৰি
দেশৰ নাম উজ্জ্বল হবলৈ ,
নুবুজো মা
কি ভাল
কি বেয়া
মাথোঁ বুজোঁ
বেয়া কথা কাকো ক'ব নেলাগে
কাৰো অহিতটো ভাবিব নেলাগে ,
নিজক মাথোঁ আগুৱাই নিবলৈ
চেষ্টা কৰিব লাগে ,
নিজৰ চেষ্টাই হে
সফলতা আনে অ মা...
অ...
মা,
আমাৰ কলেজৰ যে গোলাপ কেইজোপা
মই সদায় যে চাওঁ আৰু
লক্ষ্য কৰোঁ
কি জানা মা...
ফুলবোৰ ইমান সুন্দৰ
কাকো আমনি নকৰে
মাথোঁ সকলোৰে মনত
সুগন্ধ হে বিলায় যায়
তাতেই দেখোন
গোলাপ কেই জুপিৰ সফলতা
সকলোৱে ভাল পায় ।।
************************
(১৯)
■ব্যৰ্থ প্রেমৰ উচুপনি
✍️আতিক আহমেদ
হুৰহুৰ বতাহজাক আজি
আকৌ বুকুৱেদি বৈ গৈছিল,
মনৰ সেউজীয়া পথাৰখন কপি উঠিছিল
ঠিক তোমাৰ কাণফুলিযোৰ কপাৰ দৰে।
কিমান দিন হ'ল আজি পাহৰি পেলোৱা
সেই মিঠা গোন্ধবোৰৰ কথা,
তুমি যে মিচিকিয়াই হাঁহি দিছিলা
গুলপীয়া ওঁঠযুৰি লৰাই!
সকলো যেন আজি পাহৰণিৰ গৰ্ভত
গোপনে হেৰাই গ'ল জানা!
তুমি বাৰু উচুপি উঠা নে কেতিয়াবা
হেৰুৱা প্রেমৰ স্মৃতি লৈ?
নাই তুমি আকৌ কিয় উচুপিবা!
তুমিটো প্রেম কৰা নাছিলা মোৰ দৰে,
মাথোঁ ভাঙিছিলা মোৰ ঠুনুকা হৃদয়খন
মিছা প্রেমৰ মিছা অভিনয়েৰে।
আজিকালি ময়ো অভিনয় কৰো জানা!
মদৰ নিচা আৰু চিগাৰেটৰ ধোৱাৰে
সজাব খোজো জীৱনৰ পথ
মাথোঁ তোমাক পাহৰিবলৈ!
সেইবুলি মোক অশ্লীল বুলি
নেহাঁহিবা আকৌ!
মই এইবোৰ খাওঁ, ই মোৰ নিচা,
হয়তো ই মোৰ উচুপনিও হ'ব পাৰে
"ব্যৰ্থ প্রেমৰ উচুপনি" !
-----------------------***--------------------
(২০)
■প্ৰথম প্ৰেমৰ অনুভৱ
✍️সীমান্ত শালৈ
ৰঙিয়া
নতুন কলেজ
নতুন আৰম্ভণি
নতুন চিনাকী
তাৰ মাজত বিশেষ হৈ ৰোৱা তুমি
তোমাৰ হাঁহিটি
প্ৰথম দিনাই ভাল লাগিল তোমাক দেখি
one sided love হৈয়েই গ'ল
মানে প্ৰেম প্ৰেম অনুভৱ
কলেজত সিমানকৈ মতা নহয় যদিও
দেখা পালে চিনাকী হাঁহিটো মুখত জিলিকি উঠে
তাতেই মোৰ মনত কিবা কিবি লাগি যায়
যেনে তেনে WhatsApp number তো পালো বাৰু
এতিয়া message দিম কি বুলি
hi , hello নে জানিও নজনাৰ ভাও লৈ কিতাপৰ প্ৰশ্ন এটাকে সুধি আৰম্ভণি কৰো
এইবোৰ ভাবোতেই মোৰ সময় পাৰ হয়
কেতিয়াবা আকৌ তোমাক message কৰিম বুলি ভাবোতে
keyboard ৰ smiley emoji টোকে তোমাৰ হাঁহি যেন পাও
কলেজত যেতিয়া তুমি বহুতৰ মাজত থাকা
মোৰ চকুৱে যেন বাকীবোৰক blur কৰি
তোমাক focus কৰে
class ত কিবা লিখিলেও তোমাক চোৱাৰ হেঁপাহত
বহীখন কিবা ডাক্তৰৰ prescription যেনহে হয়
কি লিখিছো গমেই নাপাও
নাজানো কেতিয়াকে কম তোমাক
কৈ হেৰুৱাতকৈ নোকোৱাকৈ ভাল লগা হৈ থাকক চোন।
********?*************
(২১)
■মোৰ উৰুখা পঁজাত জোনাক নামিব
✒️ নিজৰা বৰ্মন ডেকা
যিদিনা নামিব জোনাক
মোৰ উৰুখা পঁজাত
সেইদিনা প্ৰতিটো কোঠালিত
জোনাকী পৰুৱাবোৰ পৰিব উপচি ,
হেজাৰ দিনৰ অপেক্ষাৰত
মোৰ শুকান মৰুৰ চোতালত
এজাক জোনাকৰ বৰষুণ
ৰিম্ জিম্ কৈ আহিব নামি।
সেই দিনা পাটগাভৰু জোনটিৱে
মেঘৰ সৈতে লুকা-ভাকু খেলিব
কাজল সনা দুচকুত
আনন্দৰ চকুপানী জিলিকিব
মোৰ পদুলিত হয়তো
জোনাকৰ মেলা বহিব !
মোৰ চোতালত পৰা জোনাকৰ পোহৰে
দুচকু আবৰি ধৰিব
মোৰ সপোনবোৰেও আকাশৰ বুকুত
হেঁপাহৰ কাৰেংঘৰ সাজিব ,
শুভ্ৰআচল মেৰিয়াই অতীতবোৰ স্মৃতি হ'ব
বৰ্তমান সময় অতীত হ'ব
ভবিষ্যতবোৰ অনাকাংক্ষিত হ'ব ।
যিদিনা মোৰ চোতালত
এজাক জোনাক নামিব
নতশিৰে সকলোৱে সন্মান জনাব,
সেয়ে হবলা আজিও কৰো অপেক্ষা
এদিন আহিব আশাৰ বতৰা
জোনাকে ভৰাব মোৰ উৰুখা পঁজা
বিগলিত সময়ে পাতিব মোৰ পদুলিত
বাৰেৰহনীয়া আশাৰ মেলা ।
_______________________
(২২)
■প্ৰেমৰ আধাৰ শিলা
হীৰামনি লাহন,গোলাঘাট
আজি চোন পাহৰিয়েই থাকিলো ,
কোন সময়ত বা অনুভুত হৈছিল
মোৰ বুকুৰ শিপাত
প্ৰেম নামৰ স্বৰ্গীয়
অনুভুতিৰ আধাৰশিলা ?
হয়তো এদিন বিস্তাৰিত হৈ
হৃদয় নামৰ
যন্ত্ৰ টোৰ পৰা মনৰ আবেগ খিনি
বৈ গৈছিল ।
ৰহস্যময় পৃথিৱীৰ
মহাকাব্যৰ পাত লুটিয়াই
মোৰো আজি কবৰ মন যায় ,
হে ,পৃথিৱী ,
মোক মই হৈ থাকিব দিয়া ,
মোৰ আবেগবোৰ
কবৰস্থ নকৰিবা ;;
মোক সেই সকলৰ
প্ৰেমৰ বৰষুণত তিতিব দিয়া ,
যাৰ ,
অনিশ্চিত
ভবিষ্যতৰ দিশে গৈ থকা দেখিও,
বাকৰুদ্ধ হৈ পৰো ,
ফুটপাথৰ ওপৰত শুই থকা
সেই মানুহবোৰ ;
শীতৰ ঠেৰেঙা লগা জাৰত
সিহঁতৰ শৰীৰ বিলাক যেতিয়া
অবশ হৈ পৰে ,
একামোৰ ৰুটিৰ বাবে যেতিয়াই
হাহাকাৰ কৰে ,
সেই যে পাগলী ছোৱালীজনী ,
ৰাতিৰ আন্ধাৰত
নৰপিশাচ বোৰে খেদি ফুৰে ?
সিহঁতে ধূমুহা ,শিল বৰষুণলৈ
অলপো ভয় নকৰে
কিয় জানা ?
সিহঁতি বুকুৰ ভিতৰত অহৰ্নিশে লৈ ফুৰে
বাৰিষাৰ ভৰপক ধুমুহা শিলৰ
বৰষুণ এজাক ।
বৰষুণ জাক আহিলেই
সিহঁতি খিলখিলাই হাঁহে ,
আৰু ,
ওখ ওখ ঘৰবোৰলৈ চাই চাই
ভাগৰৰ
টোপনি মাৰে ।
গ্ৰীষ্মৰ প্ৰচণ্ড ৰদৰ তাপ
সিহঁতৰ গাত নালাগে ,
লাগে চোন মোৰ কলিজাত ।
শ্ৰম জীবি কৃষকৰ
নাঙলৰ পৰা বৈ অহা কেচাঁ ঘামত
ন'দীখন ভাগৰুৱা হৈ যায় ,
প্ৰেমৰ আধাৰ শিলা মোৰ তাতেই বয় ।
(২৩)
অসমৰ সংস্কৃতি
✍️জ্যোতিষ মান চমুৱা
মই অসমীয়া, অসমৰ নৃপতি
চৌদিশে সেউজীয়া যৌৱন নাটিকাৰ প্ৰভাতি।
সূৰুজমুখী সপোন পাহাৰতি
অসমৰ ভূমিত জিলিকি উঠিছে
জাতিৰ সংস্কৃতি।
একতাৰ এনাজৰিৰে বন্ধা
মিছিং, ৰাভা, বড়ো, কছাৰীৰে ভৰা
এইখন আমাৰ অসম,বাৰে বৰনীয়া
সংস্কৃতিৰ কালজয়ী অস্তিত্বৰে ভৰা।
উৎসৱ, পূজা আৰু আপুৰুগীয়া ক্রীড়া
ঐশ্বৰ্যৰ উৰ্ম্মািমালাৰে গুঞ্জৰিত কৰা
দৌল, দেৱালয় , মঠ, মন্দিৰে
ইতিহাস ৰচা তুমিয়ে নৃপতি
সভ্যতা সংস্কৃতিৰ দুৱাৰদলি ।
আহোম ৰজা চুকাফাকে আদি কৰি
ঊনচল্লিশ ৰজা মহা পৰাক্রমি।।
ত্যাগৰ প্ৰতিমূৰ্তি সতী জয়মতী
মূলাগাভৰু, কনকলতা , গোমধৰ, পিয়লি
অসমৰ ইতিহাস স্বদেশৰ গৌৰৱ।
তুমি লাচিত! বীৰ অসমৰ
মোগল ৰোধা সৌৰভ,ৰণচণ্ডী মূৰ্তি ধাৰি।
অস্তিত্ব আমাৰ কালজয়ী
সংস্কৃতি আমাৰ , আদৰ্শ আমাৰ
এইখন আমাৰ অসম
ইতিহাসৰে সমৃদ্ধ সংস্কৃতিৰ অসম।
*****************************
(২৪)
মোক এটা ছাতিৰ প্রয়োজন
✍️আতিক আহমেদ
আজি কিছুদিনৰ পৰা অনুভৱ কৰিছো
মোক এটা ছাতিৰ খুবেই প্ৰয়োজন
শৈশৱ যৌৱন নতুবা বাৰ্ধক্য বুলি কোনো কথা নাই
প্রতিটো মুহূৰ্ততে মোক ছাতিৰ প্রয়োজন
ৰ'দৰ ছাতি, বৰষুণৰ ছাতি...
ছাতিৰ সৈতে জড়িত বহু স্বপ্ন বহু প্ৰশ্ন
অতীত বৰ্তমান নতুবা ভৱিষ্যতৰ....
ল'ৰালিতে ছাতি লোৱা নাছিলো
ৰ'দে-বৰষুণে লৰিছিলো পঢ়াশালিলৈ
লৰিছিলো পথাৰলৈ.....
তেতিয়া সমগ্ৰ আকাশখনেই আছিল
মোৰ বাবে এটা নিখুঁত ছাতি....
ৰ'দত নুপুৰিছিল কণমানি দেহা
বৰষুণত তিতা নাছিল অকণমানি মন,
এতিয়া যিকোনো ক্ষণতে
আমাক এটা ছাতিৰ বৰ প্রয়োজন
ৰঙা, নীলা, হালধীয়া যিয়েই নহওঁক তাৰ বৰণ,
অৱশ্যে সকলোৱে কয়
ক'লা হ'লে বেছি ভাল হেনো ছাতিৰ বৰণ
তাতেই লুকুৱাই থ'ব পাৰি আলফুলকৈ
হৃদয়ৰ আৱৰণ
তোমাৰ, মোৰ আৰু সমগ্ৰ ধৰিত্ৰীৰ,
এৰা আমাক এটা ছাতিৰ খুবেই প্ৰয়োজন
ছাতিবোৰে সাৱটি ল'ব জীৱনৰ বেথা সিক্ত চকুলো।
জীৱন যন্ত্ৰণাৰ হালধীয়া ধোঁৱা
আৰু এদিন প্ৰতিডাল দাণ্ডিয়ে কঢ়িয়াই আনিব
সত্য সুন্দৰৰ সেউজ বতৰা......
মোক এটা ছাতিৰ খুবেই প্ৰয়োজনীয়তা।।
_________________________
No comments:
Post a Comment