■ স্তৱক
বীনা দেবী-মৰিগাওঁ
জীৱন বোধৰ কিছু স্তৱক
সৰাপাত বোৰে আমাক বহুত
কথাই সঁকিয়াই দিয়ে
যেতিয়া আন কাৰোবাৰ অনাহক বোজা হবা
আপোনজনেও থেলি পেলাই দিব।
এনেদৰে গছ ডালৰো মৰমৰ পাতখিলাএদিন
নিৰ্দয় ভাবে ভূলন্ঠিত হয়
এয়ে জীবন বোধৰ শিক্ষা
-------------------
স্মৃতি বোৰ এপদ এপদ গহনা
দুখৰ বা সুখৰ বা আতংকৰ
সকলোৱে জীৱন বোধৰ শিক্ষা দিয়ে
সাঁচি থব লাগে সজতনেৰে
খুলি চাব সাবধানেৰে
আজিৰ খোজটো কেনেকৈ দিবা
তাতেই কোৱা আছে।
****************
জীৱনত সেইজনেহে কৃতকাৰ্য্য হব পাৰে
যিজনে আজিৰ দিনটোৰ অভিজ্ঞতা খিনি
ধূলি বালি বুলি আঁতৰাই নিদি
ৰঙীন ফাকুগুৰি বুলি কঁপালত সানি লৈ
জীবন যুঁজত আগবাঢ়ে।
**************
বিপদত যেতিয়া পৰো
সহায় কৰিবলৈ আগবাঢ়ি নাহি
সকলোৱে দ পানীত গতিয়াই দিয়ে
কিন্তু লাভ এটাই হয়
সাধুজনে তাতে ভালদৰে সাতুৰিবলৈ শিকে।
****************
আচলতে জীবনত সদায়
আপোনজনেহে উন্নতিৰ জখলাডাল
আতৰাই পথৰুদ্ধ কৰে
ৰাস্তাত পাৰহোৱা মেকুৰী জনীক
এনেই বদনাম দিওঁ ।
***************
যি সকলো সময়তে আক্ষেপ কৰি
দুখৰ বিলাপ মাতি থাকে
তাৰ ঘৰৰ দূৱাৰ ডলিৰ পৰা
সৌভাগ্যও মূখ ঘূৰাই গুচি যায় ।
*********************
জীৱনত সকলো অভিলাষ শেষ হৈ গ'ল
এতিয়া অভিলাষৰ সৰু
তালিকা এখন আছে
যাৰ আৰম্ভণিতে তুমি আছিলা
শেষতো তোমাকে বিচাৰো।
****************
তুচ্ছ গ্লানিত ভূগাতকৈ
কেতিয়াবা নিজকে পাহাৰ বুলি ভাবি
থিয় হৈ চাবাচোন
কাকোৱেই বেয়া নালাগে
খং নুঠে চকুপানী নোলায়
জীৱনত হাজাৰ দুখ কষ্ট তোমাক লৰাব নোৱাৰে
*************
কাৰোবাৰ সৰলতাবোৰক দূবৰ্লতা বুলি
তুচ্ছ নকৰিবা।
পানীতকৈ সৰল পৃথিবীত একোৱে নাই
সেই পানী পচণ্ড সোঁতত
ডাঙৰ ডাঙৰ শিলাখণ্ডও ভাঙি
টুকুৰা টুকুৰ হৈ যায় ।
'''****************
ভালেই কৰিলা মুখখন ঘূৰাই ল'লা
নহ'লে কোনোবা সমূখত থাকিলে
নিৰ্ভীক ভাবে খোঁজ দিয়াত অসুবিধা হয়।
এনেকৈ জীৱন সহজ হয়
খোঁজবোৰ চিধা হয়।
**************
No comments:
Post a Comment