Showing posts with label বিনা দেৱী. Show all posts
Showing posts with label বিনা দেৱী. Show all posts

Tuesday, February 14, 2023

সৰাপাতৰ শিকনি

ৰাপাতৰ শিকনি

       


সৰাপাতবোৰক সুধিলো

পুৱাৰ বেলিটো কেনি হেৰাই?

জৰজৰাই মৰমৰাই উঠিল

হৃদয় খনক সুধি চোৱা 

যি বাটেৰে স্মৃতি বোৰ এৰি আহিলা

যি বাটেৰে হৃদয় খন

এৰি আহিলা

বেলিটো তাতেই লুকাল 

এতিয়া  ঘনঘোৰ এন্ধাৰত

সেপিয়াই চোৱা জীৱনৰ  খহটাবোৰতেই

কলিজাখন বেলিহৈ লাগি ধৰা পাবা

আৰু টোপা টোপে পৰি থকা 

কলিজাৰ তেজৰ চেকুৰাবোৰ  চকুলো হৈ

নিগৰি সিক্ত কৰিব

তেওঁ ঘূৰি যোৱা   সেই বাটটো

যি বাটেৰে বেলিটোই

আবেলিৰ হেঙুল হাইতাল বিলাইছিল

তেওঁ  সুবনশিৰি কেঁচাসোনহৈ

জিলিকিব মৰণৰ আঁচলত

তথাপি জীৱন জীয়াৰ নামত

অলপ ৰঙৰ সঁফুৰা  

পৰজনমৰ শুভাকাংক্ষী  হেঁপাহ 

বোলাই ৰাখিবলৈ

তেওঁ  আহক এইবাটেৰে

যত মেঁটমৰা হেঁপাহৰ বোজা বৈ যায় 

জীয়াই  থকা মানুহ বোৰে।

এনেকৈ সৰাপাতবোৰে উচিত লিখনি য়ে দিয়ে।



✍️বীনা দেবী-মৰিগাওঁ 

Tuesday, January 03, 2023

অভিমান

 🔸অনুগল্প

            অভিমান 

             ©বীণা দেবী মৰিগাওঁ 

মৰণৰ অন্তিম ক্ষনটোত বুঢ়াৰ অভিমানত বুকুখন ভাঙি পৰিল।দুচকুৱে দুধাৰ চকুলো  বৈ আহিল।আজিৰ দিনটোত বুঢ়াৰ আৰু তাৰ বাবে কোনো অপেক্ষা নাছিল।আবেগে বুকুখন  হেঁচা মাৰি ধৰিলে।আজি দহ বছৰে পুত্ৰ  শোকত ধৰফৰাই মৰা বুঢ়াৰ আৰু বৰপুতেকৰ মুখখন চাবলৈ মন নগ'ল।বহুত  কাকুতি  কৰিছিল  এবাৰ চাবলৈ এষাৰ মৰমৰ মাত পাবলৈ।পদুলিত গাড়ীখন আহি ৰখিছিল।বুঢ়াই চিৰদিনৰ কাৰনেই হেপাহৰ  পূত্ৰৰ মুখ নোচোৱাকৈয়ে চকু মুদিছিল।

Tuesday, December 20, 2022

স্তৱক:বীনা দেবী

■ স্তৱক

বীনা দেবী-মৰিগাওঁ 


জীৱন বোধৰ কিছু  স্তৱক

         

সৰাপাত বোৰে আমাক  বহুত 

কথাই সঁকিয়াই  দিয়ে

যেতিয়া আন কাৰোবাৰ অনাহক বোজা হবা

আপোনজনেও থেলি পেলাই  দিব।

এনেদৰে গছ ডালৰো মৰমৰ পাতখিলাএদিন 

নিৰ্দয় ভাবে ভূলন্ঠিত হয়

এয়ে জীবন বোধৰ শিক্ষা 

-------------------

স্মৃতি বোৰ এপদ এপদ গহনা

দুখৰ বা সুখৰ বা আতংকৰ

সকলোৱে জীৱন বোধৰ শিক্ষা  দিয়ে

সাঁচি থব লাগে সজতনেৰে

খুলি চাব সাবধানেৰে

আজিৰ খোজটো কেনেকৈ দিবা

তাতেই কোৱা  আছে।

****************

জীৱনত সেইজনেহে কৃতকাৰ্য্য  হব পাৰে

যিজনে আজিৰ দিনটোৰ অভিজ্ঞতা খিনি

ধূলি বালি বুলি আঁতৰাই  নিদি

ৰঙীন ফাকুগুৰি বুলি কঁপালত সানি লৈ

জীবন যুঁজত আগবাঢ়ে।

**************

বিপদত যেতিয়া  পৰো

 সহায়  কৰিবলৈ আগবাঢ়ি  নাহি

সকলোৱে  দ পানীত  গতিয়াই দিয়ে

কিন্তু লাভ এটাই হয় 

সাধুজনে তাতে ভালদৰে সাতুৰিবলৈ শিকে।

****************

আচলতে জীবনত সদায়  

আপোনজনেহে উন্নতিৰ জখলাডাল

আতৰাই পথৰুদ্ধ কৰে

ৰাস্তাত পাৰহোৱা  মেকুৰী জনীক

এনেই বদনাম দিওঁ ।

***************

যি সকলো সময়তে আক্ষেপ কৰি

দুখৰ বিলাপ মাতি থাকে

তাৰ ঘৰৰ দূৱাৰ ডলিৰ পৰা

সৌভাগ্যও মূখ ঘূৰাই  গুচি যায় ।

*********************

জীৱনত সকলো অভিলাষ শেষ হৈ গ'ল

এতিয়া  অভিলাষৰ সৰু  

তালিকা এখন আছে

যাৰ আৰম্ভণিতে তুমি  আছিলা

শেষতো তোমাকে বিচাৰো।

****************

তুচ্ছ গ্লানিত ভূগাতকৈ

কেতিয়াবা  নিজকে পাহাৰ বুলি ভাবি

থিয় হৈ চাবাচোন 

কাকোৱেই বেয়া  নালাগে 

খং নুঠে চকুপানী  নোলায়

জীৱনত হাজাৰ  দুখ কষ্ট  তোমাক  লৰাব নোৱাৰে 

*************

কাৰোবাৰ  সৰলতাবোৰক দূবৰ্লতা বুলি

তুচ্ছ  নকৰিবা।

পানীতকৈ সৰল পৃথিবীত একোৱে নাই

সেই পানী পচণ্ড সোঁতত

ডাঙৰ ডাঙৰ শিলাখণ্ডও  ভাঙি

টুকুৰা টুকুৰ হৈ যায় ।

'''****************

ভালেই কৰিলা মুখখন  ঘূৰাই  ল'লা

নহ'লে  কোনোবা সমূখত থাকিলে

নিৰ্ভীক ভাবে খোঁজ দিয়াত অসুবিধা হয়।

এনেকৈ জীৱন সহজ হয়

খোঁজবোৰ চিধা হয়।

**************

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...